Class 9 Science MCQ Chapter 9 বল আৰু গতি বিষয়ক সূত্ৰসমূহ

Class 9 Science MCQ Chapter 9 বল আৰু গতি বিষয়ক সূত্ৰসমূহ, নৱম শ্ৰেণীৰ বিজ্ঞান প্ৰশ্নৰ উত্তৰ, Class 9 Science Multiple Choice Question Answer to each chapter is provided in the list of SEBA বিজ্ঞান Class 9 Objective Types Question Answer so that you can easily browse through different chapters and select needs one. Class 9 Science MCQ Chapter 9 বল আৰু গতি বিষয়ক সূত্ৰসমূহ Question Answer can be of great value to excel in the examination.

SEBA Class 9 Science MCQ Chapter 9 বল আৰু গতি বিষয়ক সূত্ৰসমূহ

Join Telegram channel

Table of Contents

SEBA Class 9 Science MCQ Chapter 9 বল আৰু গতি বিষয়ক সূত্ৰসমূহ Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 9 Science MCQ Chapter 9 বল আৰু গতি বিষয়ক সূত্ৰসমূহ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

বল আৰু গতি বিষয়ক সূত্ৰসমূহ

Chapter – 9

Multiple Choice Questions & Answers

বহুবিকল্প বাছনি প্রশ্নোত্তৰ:

1. তলৰ কোনটোৱে বস্তু এটাৰ আকাৰ আৰু আয়তন সলন কৰিব পাৰে?

(a) ভৰে।

(b) বেগে।

(c) বলে।

(d) চাপে।

উত্তৰঃ (d) চাপে।

2. বস্তুৰ গতি ত্বৰিত কৰিবলৈ প্ৰয়োজন—

(a) সন্তুলিত বলৰ।

(b) অসন্তুলিত বলৰ।

(c) বেগৰ।

(d) ভৰ বেগৰ।

উত্তৰঃ (b) অসন্তুলিত বলৰ।

3. ভৰ বেগৰ এচ আই একক হ’ল—

(a) kgᵐˢ⁻¹

(b) kgᵐˢ⁻²

(c) kgˢ⁻¹

(d) kgˢ⁻¹

উত্তৰঃ (a) kgᵐˢ⁻¹ ।

4. নিউটনৰ গতি বিষয়ৰ কোনটো সুত্ৰক জড়তাৰ সূত্ৰ বুলি কোৱা হয়—

(a) প্রথম।

(b) দ্বিতীয়।

(c) তৃতীয়।

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (a) প্রথম।

5. 5kg ভৰবিশিষ্ট বন্ধ এটা 4mˢ⁻¹ ত্বৰণ উৎপন্ন কৰিবলৈ লগা বল—

(a) 2.0 N

(b) 20 N

(c) 0.2 N

(d) 4 N

উত্তৰঃ (b) 20 N

6. 100 ভৰৰ বস্তু এটা 10mˢ⁻¹ বেগেৰে গতি কৰি ইয়াৰে ভৰবেগ হ’ব—

(a) 100kgmˢ⁻¹

(b) 1kgmˢ⁻¹

(c) 10kgmˢ⁻¹

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (b) 1kgmˢ⁻¹

7. 15kg ভৰৰ বস্তু এটাৰ বেগ 15ms⁻¹ ৰ পৰা 20mˢ⁻¹ বৃদ্ধি হ’লে‚ভৰ বেগৰ বৃদ্ধি হ’ব—

(a) 75kgmˢ⁻¹ 

(b) শূন্য

(c) 7.5kgmˢ⁻¹

(d) 150kgmˢ⁻¹ 

উত্তৰঃ (c) 7.5kgmˢ⁻¹

8. 20N বলে 4kg ভৰৰ বস্তু এটাত ক্ৰিয়া কৰি সৃষ্টি কৰা ত্বৰণৰ মান হ’ব—

(a) 80mˢ⁻²

(b) 5mˢ⁻²

(c) 0.5mˢ⁻²

(d) 0.8m²

উত্তৰঃ (b) 5mˢ⁻²

9. ভৰ হৈছে_____ মাপ।

(a) গতিৰ।

(c) গতি বেগৰ।

(b) বেগৰ। 

(d) জড়তাৰ।

উত্তৰঃ (d) জড়তাৰ।

10. বস্তু এটাৰ ত্বৰিত হ’লে ইয়াৰ_____

(a) বেগ বাঢ়ে।

(b) দ্রুতি বাঢ়ে।

(c) ওপৰত এটা বলে সদায় ক্ৰিয়া কৰে ।

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (c) ওপৰত এটা বলে সদায় ক্ৰিয়া কৰে।

11. গৈ থকা বাছ এখন হঠাৎ ৰৈ গ’লে থিয় হৈ থকা মানুহ এজন আগফালে হালি যায়। এয়া নিউটনৰ_____ ৰ উদাহৰণ

(a) গতি বিষয়ক প্রথম সূত্র।

(b) গতি বিষয়ক দ্বিতীয় সূত্র।

(c) গতি বিষয়ক তৃতীয় সুত্র।

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (a) গতি বিষয়ক প্রথম সূত্র।

12. বলৰ SI একক হৈছে_____

(a) Kgms⁻¹

(b) N

(c) Kgm 

(d) Kgms⁻³

উত্তৰঃ (b) N

13. IN বল তলৰ কোনটোৰ সমান_____

(a) 1kg × 1ms⁻¹

(b) 1kg × 1ms⁻²

(c) 1kg × 1m 

(d) 1kg × 1m⁻¹

উত্তৰঃ (b) 1kg × 1ms⁻²

14. ৰকেটৰ গতি‚নিউটনৰ গতি বিষয়ক কোনটো সূত্ৰৰ উদাহৰণ_____

(a) গতি বিষয়ক প্রথম সূত্র।

(b) গতি বিষয়ক দ্বিতীয় সুত্র।

(c) গতি বিষয়ক তৃতীয় সূত্র।

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (c) গতি বিষয়ক তৃতীয় সূত্র।

15. বল এটা সম্পূৰ্ণ ৰূপে প্ৰকাশ কৰিব পাৰি______

(a) ইয়াৰ মান আৰু দিশৰ দ্বাৰা।

(b) ইয়াৰ দিশৰ দ্বাৰা।

(c) ইয়াৰ মানৰদ্বাৰা।

(d) (a) আৰু (c)।

উত্তৰঃ (a) ইয়াৰ মান আৰু দিশৰ দ্বাৰা।

16. নিউটনৰ গতিবিষয়ক দ্বিতীয় সূত্ৰই তলৰ কোনটোৰ জোখ নির্ধাৰণ কৰে—

(a) ভৰ।

(b) বেগৰ।

(c) বলৰ।

(d) ভৰ বেগৰ।

উত্তৰঃ (c) ভৰ বেগৰ।

17. 5kg ভৰৰ বস্তু এটাত 10N বল প্রয়োগ কৰিলে উৎপন্ন হোৱা ত্বৰণৰ মান হ’ব—

(a) 1ms⁻² 

(b) 10ms⁻²

(c) 50ms⁻²

(d) 10ms⁻²

উত্তৰঃ (b) 10ms⁻²

18. আমি খোজ কঢ়াত তলৰ কোনটো বল ব্যৱহাৰ হয়?

(a) সুষম বল।

(b) বিষম বল।

(c) ঘর্ষণ বল।

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (c) ঘর্ষণ।

19. বলৰ কোনটো উক্তি সত্য______

(a) বলৰ মান আৰু দিশ দুয়োটা আছে।

(b) বলৰ প্ৰভাৱত ভৰবেগৰ পৰিবৰ্তন নহয়।

(c) দুটা বস্তুৰ ক্ৰিয়া প্রতিক্রিয়া বলক সদায় কায়িক স্পৰ্শ কৰে।

(d) কোনো বলে ক্রিয়া নকৰিলে বস্তু এটা স্থিৰ অৱস্থাক থাকে।

উত্তৰঃ (a) বলৰ মান আৰু দিশ দুয়োটা আছে।

20. নিউটনৰ গতি বিষয়ক দ্বিতীয় সূত্ৰটোৰ প্ৰকাশ ৰাশিটো হ’ল_____

(a) F = mv²

(b) F = m (v – u)

(c) F = ma

(d) F = v – u / t 

উত্তৰঃ (c) F = ma 

অতি চমু প্রশ্ন উত্তৰ:

1. সন্তুলিত বল বুলিলে কি বুজা?

উত্তৰঃ এটা বস্তুক বান্ধি, যদি দুয়োফালে টানা যায় আৰু বস্তুয়ে গতি লাভ নকৰে। তেন্তে তেনে বলক সন্তুলিত বল বুলি কোৱা হয় ।

2. অসন্তুলিত বল বুলিলে কি বুজা? 

উত্তৰঃ এটা বস্তুক বান্ধি যদি দুয়োফালে টানা যায়। আৰু বস্তুয়ে গতি লাভ কৰে তেন্তে তেনে বলক অসন্তুলিত বল বুলি কোৱা হয়।

3. বস্তু এটাই কেতিয়া গতি লাভ কৰে? 

উত্তৰঃ যেতিয়া বস্তুটোৰ ওপৰত অসন্তুলিত বলে ক্রিয়া কৰে।

4. গতি বিষয়ক প্রথম সূত্ৰটো লিখা। 

উত্তৰঃ প্ৰযুক্ত বলে অৱস্থাৰ পৰিবৰ্তন কৰিবলৈ বাধ্য নকৰা পৰ্য্যন্ত বস্তু এটা স্থিতিশীল অথবা সৰল ৰেখাইদি সুষম গতিৰে গতিশীল হৈ থাকিব৷ ইয়াক জড়তাৰ সূত্ৰ বুলিও কোৱা হয় ।

5. জড়তা কাক বোলে?

উত্তৰঃ স্থিতিশীল বস্তু স্তিতি অৱস্থাত আৰু গতিশীল বস্তু গতিশীল অৱস্থাত থাকিব বিচাৰে। ইয়াক জড়তা বোলে।

6. স্থিতি জড়তাৰ এটি উদাহৰণ দিয়া। 

উত্তৰঃ ৰৈ থকা গাড়ী এখনত যাত্ৰীয়ে বহি থকা অৱস্থাত হঠাৎ গাড়ীয়ে গতি লাভ কৰিলে যাত্রীবিলাক পিছফালে হালি যায়। ই স্থিতি জড়তাৰ উদাহৰণ।

7. গতি জড়তাৰ এটি উদাহৰণ দিয়া। 

উত্তৰঃ গতি কৰি থকা অৱস্থাত গাড়ীখন হঠাৎ ব্রেক মাৰি দ্ৰুতি কমাই দিলে যাত্রীবিলাক আগফালে হালি যায়। ই গতি জড়তাৰ উদাহৰণ।

8. দোলন ঘড়ী কোনে আৱিষ্কাৰ কৰিছিল? 

উত্তৰঃ গেলিলিও।

9. জড়তাৰ মাপ কি?

উত্তৰঃ সংখ্যাগতভাৱে বস্তু এটাৰ ভৰেই হৈছে ইয়াৰ জড়তাৰ মাপ।

10. ৰেলগাড়ী আৰু ঠেলাগাড়ীৰ ক্ষেত্ৰত কোনটোৰ জড়তা বেছি? সপক্ষে যুক্তি দিয়া।

উত্তৰঃ ৰেলগাড়ী জড়তা বেছি। কাৰণ ৰেলগাড়ীৰ ভৰ বেছি।

11. ভৰবেগ কাক বোলে?

উত্তৰঃ ভৰ আৰু বেগৰ পূৰ্ণফলক ভৰবেগ বোলে। 

12. ভৰবেগৰ গাণিতিক প্রকাশ ৰাশি লেখা। 

উত্তৰঃ ভৰবেগ P. বস্তুৰ ভৰ m আৰু বেগ v হ’লে

p = mv 

13. ভৰবেগৰ S.I. একক কি?

উত্তৰঃ কিলোগ্রাম মিটাৰ প্ৰতি ছেকেণ্ড (kg ms⁻¹) 

14. গতি বিষয়ক দ্বিতীয় সূত্ৰটো লিখা।

উত্তৰঃ বস্তুৰ ভৰবেগৰ পৰিবৰ্তনৰ হাৰ প্ৰয়োগ কৰা অসন্তুলিত বলৰ সমানুপাতিক আৰু পৰিবৰ্তনৰ দিশ বলৰ দিশত হয়।

15. গতিবিষয়ক দ্বিতীয় সূত্ৰটোৰ গাণিতিক ৰূপটো লিখা। 

উত্তৰঃ বল F, ভৰ m আৰু ত্বৰণ a হ’লে

F = ma 

16. বলৰ S.I. একক কি?

উত্তৰঃ নিউটন বা kg ms⁻¹ 

17. নিউটনৰ চিহ্ন কি?

উত্তৰঃ N 

18. প্ৰাৰম্ভিক বেগ আৰু অন্তিম বেগ v কেতিয়া সমান হয়?

উত্তৰঃ যেতিয়া বল F = 0 হয়।

19. 2 kg ভৰ এটাক 5 ms⁻² লৈ ত্বৰিত কৰিবলৈ কিমান বলৰ প্ৰয়োজন হ’ব?

উত্তৰঃ  F = ma

= 2kg × 5ms⁻² 

= 10 kg ms⁻²

= 10 নিউটন

20. 4 kg ভৰ এটাক 2ms⁻² লৈ ভৰিত কৰিবলৈ কিমান বলৰ প্ৰয়োজন হ’ব?

উত্তৰঃ F = ma

= 4 kg × 2 ms⁻²

= 8 kg ms⁻²

= 8 নিউটন 

21. গতি বিষয়ক তৃতীয় সূত্ৰটো লিখা। 

উত্তৰঃ প্ৰতিটো ক্ৰিয়াৰে এটা সমান আৰু বিপৰীত প্রতিক্রিয়া থাকে।

22. গতি বিষয়ক তৃতীয় সূত্ৰটোৰ এটি উদাহৰণ দিয়া ৷ 

উত্তৰঃ নাওৰ পৰা জপিয়াই দিলে নাওখন পিছফালে যাব। ইয়াত জপিয়াই দিয়াটো হ’ল ক্ৰিয়া আৰু নাওখন পিছফালে যোৱাটো হ’ল প্ৰতিক্ৰিয়া। 

23. ভৰবেগৰ সংৰক্ষণ সূত্ৰটো লিখা।

উত্তৰঃ বাহ্যিক অসন্তুলিত বলে ক্রিয়া নকৰা পৰ্য্যন্ত দুটা বস্তুৰ সংঘাতৰ আগৰ মুঠ ভৰবেগ আৰু সংঘাতৰ পিছৰ মুঠ ভৰবেগৰ সমান হ’ব। ইয়াকে ভৰবেগৰ সংৰক্ষণ সূত্র বোলে।

নাইবা

সংঘাতত দুটা বস্তুৰ মুঠ ভৰবেগ অপৰিবৰ্তিত থাকে বা সংৰক্ষিত হয়। ইয়াকে ভৰবেগৰ সংৰক্ষণ সূত্র বোলে।

24. m ভৰৰ বস্তু এটা v বেগেৰে গতি কৰিলে তাৰ ভৰবেগ কি হ’ব?

উত্তৰঃ mv 

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top