Class 9 Science Chapter 6 কলা

Class 9 Science Chapter 6 কলা, নৱম শ্ৰেণীৰ বিজ্ঞান প্ৰশ্নৰ উত্তৰ, Class 9 Science Question Answer to each chapter is provided in the list of SEBA বিজ্ঞান Class 9 Question Answer so that you can easily browse through different chapters and select needs one. Class 9 Science Chapter 6 কলা Question Answer can be of great value to excel in the examination.

Class 9 Science Chapter 6 কলা

Join Telegram channel

SEBA Class 9 General Science Chapter 6 কলা Notes cover all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 9 Science Chapter 6 কলা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

কলা

Chapter – 6

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

1. কলা কি?

উত্তৰঃ নির্দিষ্ট একোটা কাম কৰা একে উৎপত্তি, গঠন আৰু আকৃতিযুক্ত কোষৰ সমষ্টিকে কলা বোলা হয়।

2. বহুকোষী জীৱৰ ক্ষেত্ৰত কলাবিলাকৰ কাম কি?

উত্তৰঃ বহুকোষী জীৱৰ ক্ষেত্ৰত ভিন ভিন কলাই ভিন ভিন কাম কৰে। একোটা নিৰ্দিষ্ট কাম কৰিবলৈ কলাসমূহে নির্দিষ্ট বৈশিষ্ট্য লাভ কৰে। সাধাৰণতে একোবিধ কলাই একোটা সুকীয়া কাম সম্পন্ন কৰে যদিও একোটা উমৈহতীয়া কামৰ বা কেইবা প্ৰকাৰৰো কলাৰ সমন্বয় ঘটে আৰু সেয়ে জীৱদেহত একোটা অংগৰ গঠনত একাধিক কলা জড়িত থাকে।

প্ৰশ্নাৱলী

1. বিভিন্ন প্ৰকাৰৰ সৰল কলাসমূহৰ নাম লিখা।

উত্তৰঃ সৰল কলা তিনি প্ৰকাৰৰ –

(ক) পেৰেণকাইমা।

(খ) কলেণ কাইমা।

(গ) স্কেৰেণকাইমা।

2. অগ্রন্থ ভাজক কলা ক’ত পোৱা যায় ?

উত্তৰঃ অগ্ৰস্থ ভাজক কলা উদ্ভিদৰ কাণ্ড আৰু শিপাৰ একেবাৰে আগ অংশত পোৱা যায় ৷

3. কেনেবিধ কলাই নাৰিকলৰ বাকলিখন গঠন কৰে?

উত্তৰঃ স্কেৰেণকাইমা কলাই।

4. ফ্লোৱেম কলা কিহেৰে গঠিত?

উত্তৰঃ ফ্লোৱেম কলা চাৰিবিধ কোষেৰে গঠিত।

(ক) চালনি নলীকা।

(খ) সংগী কোষ।

(গ) ফ্লোৱেম তন্ত্র।

(ঘ) ফ্লোৱেম পেৰেণকাইমা।

প্রশ্নাৱলী

1. আমাৰ দেহৰ চলনত ব্যাৱহাৰ হোৱা কলাবিধৰ নাম কি?

উত্তৰঃ পেশীকলা।

2. স্নায়ুকোষ দেখিবলৈ কেনেকুৱা? 

উত্তৰঃ স্নায়ুকোষ প্রাণীদেহৰ আটাইতকৈ দীঘল কোষ। এই দুটা প্রধান ভাগত বিভক্ত— দেহকোষ আৰু স্নায়ু প্ৰবৰ্ধ। 

3. হৃদপেশীৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ হৃদপেশীৰ বৈশিষ্ট্যঃ

(i) ইয়াৰ তন্ত্ৰবোৰ শাখাবিশিষ্ট, চুঙাকৃতিৰ আৰু এক কোষকেন্দ্ৰৰ।

(ii) এইবোৰ অনৈচ্ছিক পেশী।

(iii)  এই পেশীবোৰৰ অনবৰতে সংকোচন আৰু প্ৰসাৰণ হৈ থাকে। 

4. এৰিওলাৰ কলাৰ কাৰ্য্যসমূহ কি কি?

উত্তৰঃ ই দেহৰ অভ্যস্তৰৰ অংগবোৰক ঘৰ্ষণ, আঘাত আদিৰ পৰা ৰক্ষা কৰে। এই কলাত জমা হোৱা চৰীয়ে প্ৰাণীৰ সঞ্চিত শক্তিৰ ভৰাল আৰু শৰীৰৰ তাপৰোধী কলা হিচাপে কাম কৰে।

অনুশীলনী

1. ‘কলা’ৰ সংজ্ঞা দিয়া।

উত্তৰঃ যিবোৰ কোষৰ আকৃতি, আকাৰ, উৎপত্তিৰ স্থান আৰু কাৰ্য্যৰ ফালৰ পৰা একে গুণবিশিষ্ট, তেনে কোষবিলাকৰ সমষ্টিক একেলগে কলা বোলে।

2. কি কি উপাদানেৰে জাইলেম কলাবিলাক গঠিত? নাম লিখা।

উত্তৰঃ চাৰি প্ৰকাৰ কোষেৰে জাইলেম কলা গঠিত। সেইবোৰ হৈছে—

(ক) ট্ৰেকাইড।

(খ) নলিকা বা ট্রেকিয়া।

(গ) কাষ্ঠ তন্ত্র বা জাইলেম তন্ত্র। 

(ঘ) জাইলেম পেৰেণকাইমা।

3. উদ্ভিদৰ সৰল কলা জটিল কলাতকৈ কেনেদৰে পৃথক? 

উত্তৰঃ সৰল কলা আৰু জটিল কলাৰ পার্থক্যঃ

সৰল কলাজটিল কলা
1. একে ধৰণৰ গঠন, আকৃতি আৰু কাম সমাধা কৰা স্থায়ী কোষৰ সমষ্টি।1. গঠন আৰু আকৃতিত ভিন্নতা থকা আৰু একে বা ভিন ভিন কাৰ্য্য সম্পাদন কৰা কোষৰ সমষ্টি।
2. সৰল কলা তিনি প্ৰকাৰৰ—
(ক) পেৰেনকাইমা
(খ) কলেনকাইমা
(গ) ক্লেৰেণকাইমা
2. এই কলা দুই প্ৰকাৰৰ – 
(ক) জাইলেম
(খ) ফ্লোৱেম

4. কোষবেৰৰ ওপৰত ভিত্তি কৰি পেৰেণকাইমা, কলেনকাইমা আৰু স্কেলৰেণকাইমা মাজত থকা পাৰ্থক্য দাঙি ধৰা।

উত্তৰঃ

বৈশিষ্ট্যপেৰেনকাইমাকলেনকাইমাস্কেলৰেণকাইমা
কোষবেৰ1. কোষবেৰ পাতল1. কোষবেৰ ডাঠ1. কোষেৰে ডাঠ
2. ছেলুলজেৰে গঠিত2. সঞ্চিত পদার্থ থাকে।3. কোষবেৰত লিগনিন থাকে।
3. মিহি3. খহটা3. কঠিন

5. পত্ৰৰন্ধ্ৰৰ কাৰ্যবিলাক কি কি? 

উত্তৰঃ পত্ৰৰন্ধ্ৰৰ কাম :

(i) ইয়া মাজেৰে বায়ুমণ্ডলীয় গেছৰ আদান প্রদান হয়।

(ii) ইয়াৰ মাজেৰে বাষ্পমোচন প্রক্রিয়া সংঘটিত হয়।

6. প্ৰাণীদেহৰ চলনৰ লগত জড়িত কলাসমূহ কি কি ?

উত্তৰঃ পেশীকলা।

7. নিউৰণ দেখাত কেনেকুৱা হয়?

উত্তৰঃ

8. হৃদপেশীৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ  (i) কাৰ্যৰ ফালৰ পৰা হৃদপেশী ঐচ্ছিক পেশীৰ দৰে। 

(ii) গঠনৰ ফালৰ পৰা অনৈচ্ছিক পেশীৰ দৰে।

(iii) হৃদ্‌পেশী কেতিয়াও ভাগৰি নাযায়। 

9. এৰিওলাৰ কলাৰ কাৰ্যসমূহ কি কি?

উত্তৰঃ এই কলা আভ্যন্তৰীণ অংগবোৰক সুৰক্ষা প্ৰদান কৰি আৰু কলাৰ ক্ষত মেৰামত কৰে। 

10. চিত্ৰৰ সহায়ত বিভিন্ন প্ৰকাৰৰ পেশীতন্ত্ৰসমূহৰ মাজত পাৰ্থক্য দেখুওৱা।

11. হৃদপেশীসমূহৰ বিশেষ কাম কি?

উত্তৰঃ হৃৎপিণ্ডৰ ছন্দময় প্ৰসাৰণ আৰু সংকোচন ঘটোৱা হৃদপেশীৰ প্ৰধান কাম।

12. গঠন আৰু অৱস্থানৰ ওপৰত ভিত্তি কৰি ৰেখিত পেশী, অৰেখিত পেশী আৰু হৃদপেশীৰ মাজত পাৰ্থক্য নির্ণয় কৰা।

উত্তৰঃ

ৰেখিত পেশীঅৰেখিত পেশীহৃদপেশী
1. এইবিধ পেশীৰ কোষবোৰ দীঘল আৰু চুঙাকৃতিৰ।1. এই বিধ পেশীৰ কোষবোৰ দীঘল আৰু মহুৰাকৃতিৰ। 1. কোষবোৰ দীঘল আৰু চুঙাকৃতিৰ।
2. কোষবোৰত অনুপ্রস্থীয় ভাৱে কিছুমান ৰেখা থাকে। 2. ইহঁতৰ গাত কোনো অনুপ্রস্থীয় ৰেখা নাথাকে।2. ইয়াৰ গাত অনুপ্ৰস্থীয় ৰেখা নাথাকে।
3. কোষপ্ৰৰসত একাধিক কোষকেন্দ্র পোৱা যায়। 3. তন্ত্রকোষত এটাহে কোষকেন্দ্র থাকে।3. তন্ত্রকোষত এটা কোষকেন্দ্র থাকে।
4. এই পেশীদেহৰ বিভিন্ন অংগ যেনে— হাত, ভৰি, জিভা, ডিঙি ইত্যাদিত থাকে।4. এই পেশী পাকস্থলী অস্ত্র, যকৃত, বৃক্ক, ৰক্তনলী আদিত পোৱা যায় ৷4. হৃদপিণ্ডৰ বেৰত এই পেশী পোৱা যায় ৷

13. এটা আদর্শ স্নায়ুকোষৰ চিহ্নিত চিত্ৰ আঁকা।

উত্তৰঃ

14. তলত দিয়া সমূহৰ কলাৰ নাম লিখাঃ

(a) আমাৰ মুখৰ ভিতৰৰ বেৰখন কি কলাৰে গঠিত ? 

উত্তৰঃ আচ্ছাদক কলা।

(b) পেশী আৰু অস্থিক কি কলাৰে সংযোজন কৰিছে?

উত্তৰঃ টেণ্ডন।

(c) উদ্ভিদত কি কলাৰে খাদ্য পৰিবহন কৰে? 

উত্তৰঃ ফ্লোৱেম।

(d) আমাৰ দেহৰ চৰী থকা সংযোজক কলাবিধৰ নাম কি?

উত্তৰঃ মেদকলা।

(e) জুলীয়া মেট্রিক্স থকা সংযোজক কলাবিধৰ নাম 

কি?

উত্তৰঃ তেজ।

(f) মগজুত কি কলা থাকে?

উত্তৰঃ স্নায়ু কলা।

15. আমাৰ মুখৰ ভিতৰৰ বেৰখন কি কলাৰে গঠিত?

উত্তৰঃ সৰল ছটীয়া আচ্ছাদক কলা।

16. তলত দিয়া প্ৰাণী অংগসমূহত থকা কলাবোৰৰ নাম লিখাঃ ছাল, অস্থি, বন্ধৰ আৱৰণ।

উত্তৰঃ

অংগকলা
ছালআচ্ছাদক আৰু সংযোজক।
অস্থিসংযোজক কলা।
বঞ্চৰ আৱৰণঘনাকাৰ আচ্ছাদক।

15. তলৰ তালিকাখন পূৰ্ণ কৰা।

উত্তৰঃ (1) পেৰেণকাইমা।

(2) লেৰেণকাইমা।

(3) ফ্লোৱেম।

অতিৰিক্ত প্রশ্নোত্তৰঃ

1. কলা কাক বোলে?

উত্তৰঃ যিবোৰ কোষৰ আকৃতি, আকাৰ, উৎপত্তিৰ স্থান আৰু কাৰ্য্যৰ ফালৰ পৰা একে গুণবিশিষ্ট, তেনে কোষবিলাকৰ সমষ্টিক একেলগে কলা বোলে।

2. উদ্ভিদ কলা আৰু প্ৰাণীকলা কি? 

উত্তৰঃ উদ্ভিজ্জ কলাঃ উদ্ভিদদেহত বিৰাজ কৰা কলাক উদ্ভিদ কলা বোলে।

প্রাণী কলাঃ প্রাণীদেহত বিৰাজ কলা কলাক প্রাণী কলা বোলে।

3. ভাজক কলা কি? ইয়াৰ স্থান কত?

উত্তৰঃ বিভাজনক্ষম কোষৰ সমষ্টিয়েই হ’ল ভাজক কলা। ই উদ্ভিদৰ অংগৰ অগ্র অংশত থাকে।

4. কোনবিধ প্রাথমিক ভাজক কলাই উদ্ভিদৰ কাণ্ড বা গা-গছশকত হোৱাত অৰহণা যোগায়?

উত্তৰঃ ভ্রূণ অৱস্থাৰ পৰা থকা প্ৰাথমিক ভাজক কলাই উদ্ভিদৰ কাও বা গা-গছ হোৱাত অৰিহণা যোগায়।

5. কোনবিধ গৌণ ভাজক কলাই উদ্ভিধৰ কাণ্ড বা গা-গছ শকত হোৱাত অৰিহণা যোগায়?

উত্তৰঃ পার্শ্বস্থ ভাজক কলাই।

6. লিগনিন কি? ই উদ্ভিদৰ কোনবিধ কলাত বেছি পৰিমাণে থাকে? 

উত্তৰঃ উদ্ভিদৰ কোষবোৰত জমা হোৱা বিবিধ বাসায়নিক পদাৰ্থৰ বাবে কোষবেৰ ডাঠ হয়, তাক লিগনিন বোলে।

7. উদ্ভিদৰ স্কেলৰেণকাইমা কলাত লিগনিন বেছি পৰিমাণে থাকে। কোনবিধ ভাজক কলাই উদ্ভিদৰ কাণ্ড আৰু মূলৰ দৈৰ্ঘত অংশ লয় ? 

উত্তৰঃ অগ্ৰস্থ ভাজক কলাই।

8. উদ্ভিদৰ দেহত কোনবিধ সংবহণ কলাই পাতত প্রস্তুত হোৱা খাদ্যবস্তু দেহৰ অন্যান্য স্থানলৈ পৰিবহণ কৰে?

উত্তৰঃ ফ্লৱেম্।

9. কোনবিধ কলাত আটাইতকৈ বেছি পৰিমাণে লিগনিন জমা হয়?

উত্তৰঃ স্কেলৰেণকাইমা কলাত। 

10. সংবহণ কলা কি? ইয়াৰ কাৰ্য কি?

উত্তৰঃ চালনী নলিকা, সংগী কোষ, ফ্লোৱেম পেৰেণকাইমা আৰু বাষ্ট তন্ত্ৰৰে উদ্ভিদদেহত গঠিত কলাক সংবহণ কলা বোলে।

পানী, দ্রবীভূত খনিজ লবণ আৰু পৌষ্টিকদ্ৰব্য আৰু পাতক উৎপন্ন হোৱা খাদ্য পৰিবহণ কৰাই সংবহণ কলাৰ কাম।

11. বায়ুকলা পোৱা এবিধ উদ্ভিদৰ নাম লিখা।

উত্তৰঃ পানী মেটেকা।

12. কোনবিধ কলাৰ পৰা তন্ত্ৰকলাৰ উৎপত্তি হয়?

উত্তৰঃ স্কেলৰেণকাইমা কলা।

13. অৱস্থান অনুসৰি ভাজক কলাক কেইভাগত ভাগ কৰিব পাৰি? কি কি?

উত্তৰঃ অৱস্থান অনুসৰি ভাজক কলাক তিনি ভাগত ভগাব পাৰি

(a) অগ্রস্থ ভাজক কলা। 

(b) নিবেশিত ভাজক কলা।

(c) পার্শ্বস্থ ভাজক কলা।

14. উৎপত্তি অনুসৰি ভাজক কলাক কেইভাগত বিভক্ত কৰিছে? 

উত্তৰঃ উৎপত্তি অনুসৰি ভাজক কলাক দুভাগত ভগোৱা হৈছে —

(i) প্রাথমিক ভাজক কলা।আৰু

(ii) গৌণ ভাজক কলা।

15. উদ্ভিদৰ কাণ্ডৰ গাঁঠিৰ তলে ওপৰে পোৱা ভাজক কলাবিলাকক কি বুলি কয়?

উত্তৰঃ নিবেশিত ভাজক কলা। 

(i) গ্ৰন্থি কলা বিলাকৰ নাম লিখা?

উত্তৰঃ (i) বহিঃগ্ৰন্থি।

(ii) অন্তঃগ্রন্থি।

17. পতংগভোজী উদ্ভিদৰ দেহত থকা গ্ৰন্থিৰোমবিলাকত কি পদার্থ থাকে? 

উত্তৰঃ উৎসেচক বা পাচক ৰস।

18. জাইলেম কলা পুনৰ বিভাজিত হ’ব পাৰেনে?

উত্তৰঃ নোৱাৰে।

19. চমুটোকা লিখাঃ

(ক) ভাজক কলা।

(গ) দৃঢ়কোষ।

(ঙ) তৰক্ষীৰ।

(ছ) বাষ্ট।

(ঝ) জটিল কলা।

(খ) শ্লেৰেণকাইমা।

(ঘ) বায়ুকলা।

(চ) সংগীকোষ।

(জ) জারী কলা।

(ঞ) সংবহণ কলা।

(ট) জাইলেম।

(ঠ) ফ্লোৱেম।

(ড) গ্রন্থিকলা।

(ঢ) তৈল গ্রন্থি।

(ণ) ৰজন নলী।

(থ) জলৱীকা।

(ত) কেমবিয়াম।

উত্তৰঃ (ক) ভাজক কলা : উদ্ভিদদেহৰ যিবোৰ কোষ বিভাজনক্ষম বা ভাজনশীল সেইবোৰ কোষৰ সমষ্টিৰে গঠিত কলাক ভাজক কলা বোলে। সাধাৰণতে ভাজক কলাৰ কোষবোৰ অপৈণত অবস্থাত থাকে। কোষবোৰ গোলাকৃতি, ডিম্বাকৃতি বা বহুভূজাকৃতিৰ হয়। কোষবিলাকৰ মাজত কোষ মধ্যৱৰ্ত্তী স্থান নাথাকে। কোষবিলাকত কোষপ্ৰৰসৰ পৰিমাণ বেছি থকাৰ লগতে কোষকেন্দ্ৰটোৰ আকাৰ কিছু ডাঙৰ হয় । কোষৰ ৰসধানীবিলাক নিচেই সৰু সৰু হয় বা কিছুমান কোষত নাথাকেই।

উৎপত্তি অনুসৰি ভাজক কলাক দুই ভাগত ভাগ কৰা হৈছে—প্ৰাথমিক ভাজক কলা আৰু গৌণ ভাজক কলা। অৱস্থান অনুসৰি ভাজক কলাক তিনিটা ভাগত ভগোৱা হৈছে— অগ্রস্থ ভাজক কলা, নিবেশিত ভাজক কলা আৰু পাৰ্শ্বস্থ ভাজক কলা।

(খ) স্কেলৰেণকাইমা : এই কলাৰ কোষ দীৰ্ঘচ্ছেদত দীঘলীয়া আৰু দুই মুৰ জোঙা হয়। প্রস্থচ্ছেদ ষড়ভূজাকৃতিৰ হয়। কোষবেৰবোৰত যথেষ্ট পৰিমাণে লিগনিন নামৰ পদাৰ্থ জমা হৈ কোষবেৰ ডাঠ হৈ পৰে। সেয়েহে কোষবেৰ যথেষ্ট কঠিন হয়। ইয়াৰ উপৰিও কোষৰ সজীৱ পদাৰ্থবোৰৰ মৃত্যু ঘটে। আনকি কোষৰ ভিতৰৰ অৱকাশিকাটোও লিগনিনেৰে ভৰি পৰে। এই কোষবোৰ লাহী, দীঘলীয়া, আঁহৰ দৰে হোৱাৰ বাবে স্কেলৰেণকাইমা কোষক তন্ত্ৰ আৰু কলাক তন্ত্রকলা বোলে।

উদ্ভিদক শাৰীৰিক শক্তি প্ৰদান কৰাটোৱেই এই কলাৰ প্ৰধান কাম। এই কলাই উদ্ভিদক বিস্তাৰণ শক্তি প্ৰদান কৰে। দৃঢ়কোষবোৰে বীজত্বক আৰু ফলত্বকক ৰক্ষণাবেক্ষণ দিয়ে।

(গ) দৃঢ়কোষ : কিছুমান উদ্ভিদ বিশেষ অংগত স্কেলৰেণকাইমা জাতীয় এবিধ বিশেষধৰণৰ কোষৰ উদ্ভৱ হয়। এনে কোষবিলাকক দৃঢ়কোষ বোলে। এইবিলাক দেখাত বিভিন্ন আকৃতি হয়। সাধাৰণতে এইবিলাক কোষ পাতৰ কর্টেক্স, ফলত্বক, বীজত্বক আদিত থাকে।

(ঘ) বায়ুকলা : অৱস্থান অনুসৰি পেৰেণকাইমা জাতীয় কোষবোৰ নানাভাৱে ৰূপান্তৰিত হয়। উদাহৰণস্বৰূপে জলজ উদ্ভিদৰ পেৰেণকাইমা কোষবোৰত কেতবোৰ বায়ুকোষ্ঠ বা বায়ু গত্বৰ থাকে। এনেবোৰ পেৰেণকাইমীয় কোষক বায়ুকলা বোলে। এই বায়ুকলাৰ বায়ুকোষ্ঠবিলাক বায়ুৰে পৰিপূৰ্ণ হৈ থাকি জলজ উদ্ভিদক পানীত ওপঙি থকাত সহায় কৰে।

(ঙ) তৰক্ষীৰ : তৰক্ষীৰ কলা হৈছে বিশেষ কলা গঠনকাৰী এক প্ৰকাৰৰ কলা। তৰুক্ষীৰ কলাবোৰত গাখীৰৰ দৰে বগা, নানাবিধ জৈৱ পদাৰ্থৰে গঠিত এবিধ মিশ্রণ থাকে। এই মিশ্ৰণক তৰুক্ষীৰ বোলা হয়। বৰগছ, আকণ, কৰবী, মদাৰ আদি গছত যথেষ্ট পৰিমাণে তৰুক্ষীৰ থাকে। কাণি, সিজু, অমিতা, সাগৰফেনা আদি উদ্ভিদৰ তৰক্ষীৰ নলিকাবোৰত প্ৰচুৰ পৰিমাণে তৰক্ষীৰ থাকে।

(চ) সংগীকোষ : প্রত্যেকটো চালনী নলিকা কোষৰ লগত গাতে লাগি থকা পেৰেণকাইমা জাতীয় কোষটোক সংগীকোষ বোলে। এই কোষৰ প্ৰৰসখিনি ঘন আৰু কোষকেন্দ্ৰ থাকে। চালনী নলীকা কোষ আৰু এই সংগীকোষ দুয়োটা একেটা মাতৃকোষৰ পৰাই উৎপত্তি হয়। চালনী নলিকাত কোষকেন্দ্ৰ নথকা হেতুকে সংগীকোষৰ কোষকেন্দ্ৰটোৱেই চালনী নলীকা কোষটোকো নিয়ন্ত্ৰণ কৰি থাকে। মন কৰিবলগীয়া যে চালনী নলিকা কোষটো যেতিয়ালৈকে কার্যক্ষম হৈ থাকে, তেতিয়ালৈকেহে সংগীকোষটোৱে কাৰ্য্য সম্পাদন কৰিনলিকা কোষৰ পৰিবহণত সহায় কৰি থাকে। সংগীকোষ গুপ্তবীজী উদ্ভিদৰ কলাতহে থাকে। ঢেঁকীয়াবৰ্গ, নগ্নবীজী উদ্ভিদত নাথাকে।

(ছ) বাষ্ট বা ফ্লৱেম : ফ্লোৱেম এবিধ সংবহণ কলা। এই কলাবিলাকৰ মাজেদি উদ্ভিদৰ পাতত সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰে প্ৰস্তুত হোৱা খাদ্যবস্তু উদ্ভিদ দেহৰ বিভিন্ন অংশলৈ পৰিবাহিত হয়। এইবিধ কলা চাৰিবিধ কোষেৰে গঠিত।

(i) চালনী জাতীয় কোষ।

(ii) সংগীকোষ।

(iii) ফ্লোৱেম পেৰেণকাইমা।

(iv) বাষ্ট তন্ত্র।

(জ) স্নাবী কলাঃ কিছুমান বিশেষ কাৰ্য্য সমাধানৰ বাবে উদ্ভিদৰ দেহত এইবিধ কলাৰ সৃষ্টি হয়। সাধাৰণ কলাসমূহৰ লগত এইবিধ কলাৰ অনেক প্রভেদ দেখা যায়। এইবোৰ কলাৰ আকাৰ আৰু গঠন বিশেষধৰণৰ। সেয়েহে এই ভাবী কলাবোৰক বিশেষ কলা বুলিও কোৱা হয়।

এইবিধ কলা দুই প্ৰকাৰৰ-

1. গ্রন্থি কলা।

2. তৰুক্ষীৰ কলা।

(ঝ) জটিল কলা : গঠন আৰু আকৃতিত ভিন্নতা থকা আৰু একে বা ভিন ভিন কাৰ্য্য সম্পাদনা কৰা কোষৰ সমষ্টিক জটিল কলা বোলে। এই কলা দুই প্ৰকাৰৰ – জাইলেম বা কাষ্ঠ আৰু ফ্লোৱেম বা বাষ্ট। জাইলেম কলাৰ মাজেৰে, উদ্ভিদৰ শিপাই মাটিৰ পৰা শোষণ কৰা পানী আৰু বিভিন্ন খনিজ লবণ পৰিবাহীত হয়। আনহাতে ফ্লৱেমৰ মাধ্যমত পাতত উৎপন্ন হোৱা খাদ্য পদার্থ উদ্ভিদদেহৰ সকলো স্থানলৈ বিস্তৃত হয়।

(ঞ) সংবহণ কলা : সংবহণ কলাৰ মাধ্যমত উদ্ভিদ দেহত পৰিবহণ কাৰ্য্য সম্পন্ন হয়। সংবহণ কলা দুই প্ৰকাৰৰ – জাইলেম আৰু ফ্লৱেম। জাইলেম কলাৰ মাধ্যমত, শিপাই মাটিৰ পৰা শোষণ কৰা পানী আৰু বিভিন্ন খনিজ লৱণ উদ্ভিদৰ ওপৰ অংশলৈ পৰিবাহীত হয়। আনহাতে সংবহণ কলা ফ্লৱেমৰ মাধ্যমত পাতত প্ৰস্তুত হোৱা খাদ্য পদার্থ উদ্ভিদ দেহৰ অংশলৈ পৰিবাহীত হয়।

(ট) জাইলেম বা কান্ঠ : এইবিধ জটিল কলা সাধৰণতে উদ্ভিদ সংবহণ গুচ্ছত থাকে। অন্য অর্থত জাইলেম এবিধ সংবহণ কলা। সচৰাচৰতে এইবিধ কলা কঠিন আৰু কিছু অংশক সাৰ কাঠ বুলি কোৱা হয়। এইবিধ কলাৰ মাজেৰেই উদ্ভিদৰ শিপাই মাটিৰ পৰা শোষণ কৰা পানী আৰু অন্যান্ন খনিজ লবণসমূহ পৰিবাহিত হয়।

জাইলেম হ’ল বিভিন্ন প্ৰকাৰৰ কোষৰ সমষ্টি। সেই অনুসৰি জাইলেমত চাৰি প্ৰকাৰৰ কোষ থাকে।

(i) ট্রেকাইড।

(ii) নলিকা বা ট্রেকিয়া।

(iii) কাষ্ঠ তন্ত্র বা জাইলেম তন্ত্র।আৰু 

(iv) কাষ্ঠ পেৰেণকাইমা বা জাইলেম পেৰেণকাইমা।

(ঠ) ফ্লোৱেম বা বাষ্ট : উদ্ভিদৰ সংবহণ কলাত থকা আন এবিধ কলা হ’ল ফ্লোরেম বা বাষ্ট। অন্য অৰ্থত ফ্লোৱেম এবিধ সংবহণ কলা। এই কলাবিলাকৰ মাজেদি উদ্ভিদৰ পাতত সালোকসংশ্লেষণ প্রক্ৰিয়াৰে প্ৰস্তুত হোৱা খাদ্যবস্তু উদ্ভিদ দেহৰ বিভিন্ন অংশলৈ পৰিবাহিত হয়। এইবিধ কলাও চাৰিবিধ কোষেৰে গঠিত।

1. চালনী জাতীয় কোষ।

2. সংগী কোষ।

3. ফ্লোৱেম ফ্পেৰেণকাইমা।

4. বাষ্ট তন্ত্র।

(ড) গ্রন্থি কলাঃ এইবিধ কলা কিছুমান গ্ৰন্থিৰ দ্বাৰা গঠিত। এইবিলাকত উদ্ভিদৰ নিঃসৰণীয় বা বৰ্জিত পদার্থ সঞ্চিত হৈ থাকে। এই পদার্থবিলাক উদ্ভিদৰ দেহত দুই ধৰণৰ গ্ৰন্থিত পোৱা যায় ৷

(i) বহিঃগ্ৰন্থি বা বাহ্যিক গ্রন্থি।

(ii) অন্তঃগ্ৰন্থি বা আভ্যন্তৰীণ গ্ৰন্থি।

বহিঃ গ্ৰন্থিবিলাকৰ প্ৰকৃতি আৰু আচৰণৰ ওপৰত ভিত্তি কৰি গ্ৰন্থিৰোম, দংশনৰোম, মধুগ্ৰন্থি, উৎসেচক গ্ৰন্থি আদিত বিভক্ত কৰিব পাৰি। উদাহৰণ হিচাপে ধঁপাত, আকণ আদি উদ্ভিদৰ গ্ৰন্থিৰোম, চোৰাতৰ পাত, বান্দৰ কেকোৱাৰ ফলৰ ত্বকত থকা উত্তেজক আৰু বিষাক্ত পদার্থ নিঃসৰণ কৰা দংশনৰোম; বিভিন্ন উদ্ভিদৰ ফুলত থকা মধুগ্রন্থি ইত্যাদি বিলাক বহিঃগ্ৰন্থিয় কলা।

সেইদৰে অন্তঃগ্ৰন্থিবিলাককো প্ৰকৃতি আৰু সিহঁতৰ নিৰীয় পদার্থ ওপৰত ভিত্তি কৰি ৰঞ্জনগ্রন্থি, তৈলগ্রন্থি, মিউঙ্গিলজ গ্রন্থি, জলকাধীকা আদিত বিভক্ত কৰা হৈছে।

(ঢ) তৈলগ্রন্থি : এইবোৰ হ’ল উদ্ভিদৰ দেহত থকা এক প্ৰকাৰ হাবী কলা। এইবোৰ আভ্যন্তৰীণ গ্রন্থি কলা। এইবোৰ এক প্ৰকাৰ তৈল জাতীয় পদার্থ নিঃসৰণ কৰে। নেমু, ইউকেলিপটাছ, পানমছলা, চিত্রনেলা, পাচাউলি আদি উদ্ভিদৰ পাতত তৈলগ্রন্থি থাকে।

(ণ) ৰজন নলী : এইবোৰ উদ্ভিদৰ স্রাবী কলাৰ লগত যুক্ত। ধুণা, পাইন আদি উদ্ভিদৰ দেহৰ পৰা নিঃসৰণ হোৱা ৰেজিন জাতীয় পদার্থবিলাক ৰজন গ্ৰন্থিয়ে নিঃসৰণ কৰে আৰু এইবোৰ ৰেজন নলীৰ মাধ্যমত বাহিত হয়।

(ত) কেমবিয়াম : এইবিধ গৌণ ভাজক কলা। প্রাথমিক ভাজক কলাৰ পৰাই উৎপন্ন হোৱা কিছুমান কোষে বিভাজন ক্ষমতা হেৰুৱাই স্থায়ী কলাত পৰিণত হয়। এনে কিছুমান স্থায়ী কলাই প্রয়োজন সাপেক্ষে পুণৰ বিভাজন ক্ষমতা ঘূৰাই পায় আৰু এইবোৰকে গৌণ ভাজক কলা বোলা হয়। এনেধৰণৰ কলা সাধাৰণতে কাণ্ডত পোৱা অন্তৰা সংবাহণ কলা কেমবিয়াম কিছুমান উদ্ভিদৰ কাণ্ডৰ পাৰ্শ্বস্থ স্থানত থকা কর্ক কেমবিয়াম শিপাত পোৱা কেমবিয়াম ইত্যাদি। উদ্ভিদৰ কাণ্ড বা মূলৰ পাৰ্শ্বস্থ অঞ্চলত উৎপত্তি হোৱা বিভিন্ন গৌণ ভাজক কলাৰ বাবেই সিহঁতৰ কলেবৰ বৃদ্ধি হয়।

20. উদ্ভিজ্জ কলা কি? কেইপ্ৰকাৰৰ ? ৰৈখিক চিত্ৰৰে উদ্ভিদৰ বিভিন্ন কলাসমূহক শ্রেণীবিভাজন কৰি দেখুওৱা ।

উত্তৰঃ বহুকোষী উদ্ভিদৰ আকৃতি, আকাৰ, গঠন, উৎপত্তিৰ স্থান আৰু কাৰ্যৰ ফালৰ পৰা একে গুণবিশিষ্ট কোষৰ সমষ্টিক উদ্ভিদ কলা বোলে।

উদ্ভিদকলা প্ৰদানত দুই প্ৰকাৰৰ-

(ক) ভাজক কলা।আৰু 

(খ) স্থায়ী কলা।

উদ্ভিদকলাৰ শ্ৰেণী বিভাজনৰ ৰৈখিক চিত্রঃ

21. ভাজক কলা কাক বোলে? উৎপত্তি আৰু অবস্থান অনুসাৰে ভাজক কলাক কিদৰে শ্ৰেণী বিভাজন কৰা হয়?

উত্তৰঃ উদ্ভিদদেহৰ যিবোৰ কোষ বিভাজনক্ষম বা ভাজনশীল সেইবোৰ কোষৰ সমষ্টিৰে গঠিত কলাক ভাজক কলা বোলে। উৎপত্তি অনুসৰি ভাজক কলাক দুই ভাগত ভাগ কৰা হয়। প্রাথমিক ভাজক কলা আৰু গৌণভাজক কলা। অৱস্থান অনুসৰি ভাজক কলাক তিনিটা ভাগত ভাগ কৰা হয়।

(ক) অগ্রস্থ।

(খ) নিবেশিত।আৰু

(গ) পার্শ্বস্থ ভাজক কলা।

22. স্থায়ী কলা কাক বোলে? বিভিন্ন প্ৰকাৰৰ স্থায়ী কলসমূহৰ নাম লিখা।

উত্তৰঃ  উদ্ভিদৰ ভাজক কলাৰ পৰা উৎপত্তি হোৱা কোষসমূহৰ বিভাজন ক্ষমতা সময় অতিক্ৰম কৰাৰ লগে লগে ক্ৰমে লোপ পাই আহে। এনে কোষবোৰে একোটা নিৰ্দিষ্ট আকাৰ ধাৰণ কৰি স্থায়ী কোষত পৰিণত হয়। এনেধৰণৰ স্থায়ী কোষেৰে গঠিত হোৱা কলাকে স্থায়ী কলা বোলে।

স্থায়ী কলাসমূহক প্ৰধানকৈ তিনিটা ভাগত ভাগ কৰা হৈছে।

(ক) সৰল কলা।

(খ) জটিল কলা।

(গ) স্রাবী কলা।

23. স্ৰাবী কলা কাক বোলে? বিভিন্ন প্ৰকাৰৰ স্ৰাবী কলাৰ নাম লিখা।

উত্তৰঃ কিছুমান বিশেষ কাৰ্য্য সমাধানৰ বাবে উদ্ভিদৰ দেহত এইবিধ কলাৰ সৃষ্টি হয়। সাধাৰণ কলাসমূহৰ লগত এইবিধ কলাৰ অনেক প্রভেদ দেখা যায়। এইবোৰ কলাৰ আকাৰ আৰু গঠন বিশেষধৰণৰ। সেয়েহে এই স্ৰাবী কলাবোৰক বিশেষ কলা বুলিও কোৱা হয়।

এইবিধ কলা দুই প্রকাৰৰ-

1. গ্রন্থি কলা।

2. তৰক্ষীৰ কলা।

24. পার্থক্য লিখা।

(i) প্রাথমিক ভাজক কলা আৰু গৌণ ভাজক কলা।

উত্তৰঃ (ক) প্রাথমিক ভাজক কলাই প্রাথমিক স্থায়ী কলাৰ সৃষ্টি কৰে। আনহাতে গৌণ ভাজক কলাই গৌণ স্থায়ী কলাৰ সৃষ্টি কৰে।

(খ) প্রাথমিক ভাজক কলা তিনি প্ৰকাৰৰ। যেনে – অগ্রস্থ, নিবেশিত আৰু পাৰ্শ্বস্থ ভাজক কলা। আনহাতে সকলো গৌণ ভাজক কলাই পার্শ্বস্থ ।

(ii) ভাজক কলা আৰু স্থায়ী কলা। 

উত্তৰঃ (ক) ভাজক কলাৰ কোষবোৰ ভাজনশীল আৰু বিভাজনক্ষম। কিন্তু স্থায়ীকলাৰ কোষবোৰ বিভাজনক্ষম নহয়।

(খ) ভাজক কলাৰ আকাৰ সাধাৰণতে গোলাকৃতি, ডিম্বাকৃতি বা বহুভুজাকৃতিৰ হয়। আনহাতে স্থায়ী কলাৰ আকাৰ বিভিন্ন হোৱা দেখা যায়। 

(iii) সৰল কলা আৰু জটিল কলা। 

উত্তৰঃ (a) সৰল কলাৰ কোষবোৰৰ গঠনৰ ধাৰণ একে। কিন্তু জটিল কলাৰ কোষবোৰৰ গঠন আৰু আকৃতি ভিন্ন ভিন্ন।

(b) সৰল কলাৰ কোষবোবে একে কাৰ্য্য সম্পাদন কৰে। আনহাতে জটিল কলাৰ কোষবোৰে একে বা ভিন ভিন কাৰ্য্য সম্পাদন কৰে।

(iv) ট্ৰেকীয়া আৰু চালনী নলিকা।

উত্তৰঃ (a) ট্ৰেকীয়া বা নলিকা কেৱল গুপ্তবীজী উদ্ভিদতহে পোৱা যায়। কিন্তু চালনী নলিকা সংবহন গুচ্ছিকাৰে এক অতি প্রয়োজনীয় অংশ। সকলো উন্নত উদ্ভিদৰ ক্ষেত্ৰত চালনী নলিকা পোৱা যায়।

(b) ট্ৰেকীয়াৰ মাধ্যমত, উদ্ভিদৰ শিপাই শোষণ কৰা পানী আৰু খনিজ লবণ সংবাহিত হয়। কিন্তু চালনী নলিকাৰ মাজেৰে পাতত প্রস্তুত হোৱা খাদ্য উদ্ভিদদেহৰ বিভিন্ন অংশ লৈ পৰিবাহীত হয়।

(v) জাইলেম পেৰেণকাইমা আৰু ফ্লোৱেম পেৰেণকাইমা।

উত্তৰঃ (a) জাইলেম পেৰেণকাইমা জাইলেমৰ ওচৰত থাকে। কিন্তু ফ্লোরেম পেৰেণকাইমা সংগী কোষবিলাকৰ ওচৰত থাকে। 

(b) জাইলেম পেৰেণকাইমাৰ কোষবোৰ জীৱিত আৰু পাতল কোষবোৰ যুক্ত। আনহাতে ফ্লোৱেম পেৰেনকাইমাৰ কোষবোৰ জীৱিত আৰু কোষবোৰ কূপ আৰু ছেলুল’জ পদাৰ্থৰে গঠিত।

(c) জাইলেম পেৰেণকাইমাৰ প্ৰধান কাৰ্য্য হ’ল খাদ্য সঞ্চয় আৰু পানী সংবহন। কিন্তু ফ্লোৱেম পেৰেণকাইমাৰ কাৰ্য্য হ’ল খাদ্য পৰিবহণ।

25. আবৰণী কলাৰ বৈশিষ্ট্যবোৰ উল্লেখ কৰা।

উত্তৰঃ (i) আৱৰণী কলাৰ কোষবোৰ পৰস্পৰ লগালগিকৈ থাকে। 

(ii) ইহঁতৰ কোষ মধ্যবর্তী স্থান নাথাকে।

(iii) কোষবোৰ এককোষকেন্দ্ৰীয় আৰু ডাঠ কোষগুৰসেৰে পৰিপূৰ্ণ।

(iv) আবৰণী কলাত ৰক্তকেলিকা নাথাকে।

26. সৰল আবৰণী কলা কাক বোলে? দুবিধ সৰল আবৰণী কলাৰ নাম লিখা।

উত্তৰঃ এটা মাত্ৰ কোষীয় স্তৰেৰে গঠি আবৰণী কলাক সৰল আবৰণী কলা বোলে।

দুবিধ সৰল আবৰণী কলা হল—

(ক) চটীয়া আবৰণী কলা। 

(খ) স্তম্ভাকাৰ আবৰণী কলা।

27.তলত দিয়াবোৰৰ গঠন আৰু কাৰ্য্য উল্লেখ কৰা

(ক) চটীয়া আবৰণী কলা।

(খ) ঘনকাকাৰ আবৰণী কলা।

(গ) চিলিয়াযুক্ত আবৰণী কলা।

(ঘ) গ্রন্থিময় আবৰণী কলা।

উত্তৰঃ (ক) চটীয়া আবৰণী ক’লাঃ প্ৰাণীদেহৰ মুখগহ্বৰৰ প্ৰাচীৰ, হাওঁফাওঁৰ ভিতৰৰ বায়ুকোষৰে আৰু ৰক্তকেলিকাৰ আভ্যন্তৰীণ বেৰত এই কলা পোৱা যায়।

চটীয়া আবৰণী কলাৰ কোষবোৰ অত্যন্ত চেপেটা, বহল আৰু ষড়ভুজাকৃতিৰ। কোষবোৰ এটা আনটোৰ গাত এনেদৰে লাগি থাকে যে দেশাত টালিৰে নিৰ্মিত মজিয়া এখনৰ দৰে দেকা যায়।

(ঘ) ঘনাকাৰ আবৰণী কলাঃ কিছুমান সৰল আবৰণী কলা ঘনক আকাৰৰ কোষেৰে গঠিত। এইবিধ আবৰণী কলা থাইৰয়েড গ্রন্থি, ধর্মগ্রন্থি, লালটিগ্রন্থি, যকৃত ইত্যাদি অন্তঃআবৰণত পোৱা যায়। এই কলাৰ কোষবোৰ দেখাত ঘনকৰ দৰে। প্ৰত্যেক কোষতে এটা গোলাকাৰ কোষকেন্দ্র থাকে।

সংশ্লিষ্ট অংগৰ সুৰক্ষা, সক্ষৰণ আৰু শোষণ এই কলাৰ মুখ্য কাম।

(গ) চিলিয়াযুক্ত আবৰণী কলাঃ কিছুমান ভম্ভাকাৰ আবৰণী কলাৰ কোষবোৰৰ মুক্ত প্ৰান্তৰ চিলিয়া থাকে। এনেবোৰ কলাক চিলিয়াযুক্ত আবৰণী কলা বোলে। গতিকে ই ৰূপান্তৰিত স্তম্ভাকাৰ আৱৰণী কলা। শ্বাসনলী, ডিম্বনলী, মূত্ৰবাহী নলী, আদিৰ আভ্যন্তৰীণ আবৰণত ইয়াক পোৱা যায়।

চিলিয়াযুক্ত আবৰণীৰ কোষবোৰত থকা চিলিয়াই শ্লেস্মাজাতীয় পদার্থক নিৰ্দিষ্ট দিশেৰে আঁতৰাই দিয়াৰ উপৰিও বায়ুৰ লগত অহা মলিৰ ক্ষুদ্ৰ কণা শ্বাসনলীৰ পৰা উলিয়াই দিয়াত সহায় কৰে।

(ঘ) গ্রন্থিময় আবৰণী কলাঃ এই কলাৰ কোষবোৰ ঘনকাকাৰ বা স্তম্ভাকাৰ। কোষবোৰ সাধাৰণতে একস্তৰীয়। প্রয়োজনীয় বিভিন্ন ৰাসায়নিক দ্রব্যৰ ক্ষৰণৰ বাবে এই কলাৰ কোষবোৰ বিশেষভাবে গঠিত আৰু কলা স্তৰটো ঢৌ খেলোৱা আৰু কিছুমান খাঁজ গঠন কৰে।

28. ঔৰীভূত আবৰণী কলাৰ গঠন আৰু কাৰ্য্যৰ বিষয়ে লিখা।

উত্তৰঃ এইবিধ আবৰণী কলা একাধিক কোষীয় স্তৰেৰে গঠিত। স্তৰীভূত আবাণী কলা স্থলচৰ প্ৰাণীৰ শৰীৰৰ বৰ্হিভাগত আবৰণ স্বৰূপে থাকে। বৰ্হিভাগত হোৱা নানা প্ৰকাৰৰ আঘাত, ঘৰ্ষণ আদিৰ পৰা এই কলাই শৰীৰক সুৰক্ষা দিয়ে। এইবিধ কলাৰ কোষবোৰ কেইবাটাও স্তৰত সজ্জিত। একেবাৰে তলৰ স্তৰটোৰ কোষবোৰে বিভাজিত হৈ ইয়াৰ ওপৰত অপত্য কোষৰ একাধিক স্তৰৰ সৃষ্টি কৰে। ওপৰৰ ৰবিলাকৰ কোষবোৰ পুষ্টিৰ অভাবত মৰি যায় আৰু একেবাৰে বাহিৰলৈ আহি শুকান আৰু কঠিন হৈ পৰে। এনে হোৱাকে ক্ৰেটিভবন বোলে। 

29. সংযোজক কলা কাক বোলে? ইয়াৰ গঠন বর্ণনা কৰা।

উত্তৰঃ সকলো প্রাণীদেহ বিভিন্ন অংগ-প্রত্যংগৰে গঠিত। যিবোৰ কলাই শৰীৰত বিভিন্ন অংগ, অংগতন্ত্ৰ আৰু কলাসমূহক পৰস্পৰ বান্ধ খুৱাই ৰাখে তেনে কলাক সংযোজক কলা বোলে।

সংযোজক কলাৰ কোষবোৰে এবিধ আঠাযুক্ত সংযোগকাৰী দ্রব্য নিঃসৰণ কৰে আৰু ইয়াক ভৌম দ্ৰব্য বা আধাৰ দ্ৰব্য বোলে। কোষবোৰ এটা বা বহুতো কোষৰ থুপ হিচাপ আধাৰ দ্ৰব্যত সিঁচৰিত হৈ থাকে। কিছুমান সংযোজক কালৰ আধাৰ দ্ৰব্যত প্ৰটিনেৰে গঠিত অহীয়া তন্ত্ৰ পোৱা যায়। গঠন আৰু কাৰ্য্য অনুযায়ী সংযোজক কলাত বহুতো প্ৰকাৰৰ কোষ পোৱা যায়।

30. মুখ্য প্রাণীকলা চাৰিবিধৰ নাম লিখা।

উত্তৰঃ (ক) আৱৰণী কলা।

(খ) সংযোজক কলা।

(গ) পেশী কলা।

(ঘ) স্নায়ু কলা।

30. আবৰণী কলাৰ চাৰিটা মূখ্য চৰিত্ৰ উল্লেখ কৰা। 

উত্তৰঃ (i) কোষবোৰৰ আকাৰ কাৰ্য্যৰ ওপৰত নিৰ্ভৰ কৰে; কোষবোৰৰ মাজত কোষমধ্যবর্তী স্থান নাথাকে।

(ii) কোষবোৰ এক কোষকেন্দ্রীয়।

(iii) আবৰণী কলাত ৰক্তকেশিকা নাথাকে। 

(iv) কোষবোৰ ভৌমচ্ছদাৰ ওপৰত ভিন্ন স্তৰত থাকে।

32.সংযোজক কলাৰ সাধাৰণ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

উত্তৰঃ (i) কোষবোৰ এবিধ আঠাযুক্ত সংযোগকাৰী দ্রব্য নিঃসৰণ কৰে। ইয়াক ভৌমদ্রব্য বোলে। 

(ii) সংযোজক কলাৰ কোষবোৰ আধাৰ দ্ৰব্যত কিছুমান কোষ থুপ হিচাপে সিচৰিত হৈ থাকে।

(iii) কাৰ্য্য আৰু গঠন অনুসৰি এই কলাত বহু প্ৰকাৰৰ কোষ পোৱা যায়।

33. প্ৰাণীদেহৰ যিকোনো অংগৰ বাহিৰে ভিতৰে থকা বেৰ কি কলাৰে গঠিত?

উত্তৰঃ আবৰণী কলা।

34. চটীয়া আবৰণী কলা মানুহৰ দেহৰ কোনবোৰ অংগত পোৱা যায় ?

উত্তৰঃ মানুহৰ দেহৰ মুখগগ্ধৰৰ প্ৰাচীৰ, হাওঁফাওঁৰ ভিতৰৰ বায়ুকোষবেৰ আৰু ৰক্তকেশিকাৰ আভ্যন্তৰীণ বেৰত চটীয়া আবৰণী কলা পোৱা যায়।

35. মেৰুদণ্ডী প্ৰাণীৰ অন্তঃকংকাল কি কালৰে গঠিত ?

উত্তৰঃ কংকাল তন্ত্ৰৰে গঠিত। 

36. টেণ্ডন আৰু লিগামেন্ট কি?

উত্তৰঃ টেণ্ডন আৰু লিগামেন্ট হৈছে প্ৰকৃত সংযোজক কলা।

37. তেজ চেকুৰা মৰা প্ৰক্ৰিয়াত ভাগ লোৱা প্লাজমাৰ প্ৰটিন দুবিধৰ নাম লিখা।

উত্তৰঃ কাইব্ৰিণ’জেন আৰু থ্ৰম্বিণ। 

38. প্লাজমাত থকা কোনবিধ প্রটিনে দেহত সুৰক্ষা দিয়ে।

উত্তৰঃ গ্লবিওলিন।

39. এন্টিবডি গঠনকাৰী শ্বেত ৰক্তকণিকাবিধৰ নাম কি?

উত্তৰঃ লিম্ফ ছাইট।

40. কোনবিধ ৰক্তকণিকাই তেজ চেকুৰা মৰাত সহায় কৰে?

উত্তৰঃ অনুচক্রিকা।

41. খালী ঠাই পূৰ কৰাঃ

(i) অংগৰ বাহিৰে ভিতৰে থকা পাতল বেৰ 

—— আবৰণী কালাৰে গঠিত। 

উত্তৰঃ সৰল।

(ii) অবৰণী কলাৰ কোষবোৰে —- ৰ পৰা পুষ্টি আহৰণ কৰে।

উত্তৰঃ ভৌমচ্ছদা।

(iii) —-   সৰল আবৰণী কলা মুখগহ্বৰৰ প্ৰাচীৰ আৰু হাওঁফাওঁৰ বায়ুকোষত পোৱা যায়।

উত্তৰঃ চটীয়া।

(iv) পেশী আৰু হাড়ৰ মাজত থকা সংযোগী কলাক —— বোলে। 

উত্তৰঃ টেণ্ডন।

(v) দুডাল হাড়ৰ মাজত থকা সংযোগী কলাক —– বোলে।

উত্তৰঃ লিগামেন্ট

(vi) মেৰুদণ্ডী প্রাণীৰ অন্তকংকাল গণিকৰা সংযোজক কলাক —– কলা বোলে।

উত্তৰঃ কংকাল।

(vii) —– আৰু কলাৰে মেৰুদণ্ডী প্ৰাণীৰ অন্তঃকংকাল গঠিত হয়।

উত্তৰঃ উপস্থি, অস্থি।

(viii) অস্থিৰ মুখ্য কোষবিধক —–  বোলে।

উত্তৰঃ অস্থি কোষ।

(ix) অস্থিকলাৰ আবৰণীখনক —– বোলে।

উত্তৰঃ পৰিঅস্থি।

(x) উপাস্থিৰ আবৰণক —– বোলে।

উত্তৰঃ পৰিউপাস্থি।

(xi) তেজ গোটমৰাত সহায়ক কৰা প্লাজমাৰ মুখ্য 

প্রটিন দুবিধ —–  আৰু —- ।

উত্তৰঃ ফ্ৰাইব্রিন’জেন,প্র’থ্রম্ববিন

(xii) তেজৰ —- শতাংশ প্লাজমা।

উত্তৰঃ 55

(xiii) ভেজত ৰক্তকণিকাৰ পৰিমাণ —-  শতাংশ।

উত্তৰঃ 45

(xiv) তেজ চেকুৰা বন্ধ প্ৰক্ৰিয়াত বিশেষভাবে সহায় কৰা ৰক্তকণিকাৰ নাম —– ।

উত্তৰঃ থ্রম্বছাইট।

(xv) চৰ্বীযুক্ত এৰিওলাৰ কলাক —- বোলে।

উত্তৰঃ মেদকলা।

(xvi) প্লাজমাত থকা —- প্রটিনে দেহক বীজাণুৰ পৰা সুৰক্ষা দিয়ে।

উত্তৰঃ গ্লবিওলিন।

(xvii) নিউৰণৰ আটাইতকৈ দীঘল স্নায়ু প্রবৰ্দ্ধ ডালক —– বোলে।

উত্তৰঃ এক্সন।

(xviii) নিউৰণৰ চুটি অথচ অধিক শাখাযুক্ত স্নায়ু প্রবর্ধক —– বোলে।

উত্তৰঃ ডেনড্রাইট।

(xix) নিউৰণৰ কোষকেন্দ্র যুক্ত অংশক —– বোলে।

উত্তৰঃ দেহকোষ। 

42. ‘হয়’ বা ‘নহয়’ লিখা।

(i) অবৰণী কলাৰ কোষবোৰৰ কোষমধ্যবর্তী স্থান নাথাকে। 

উত্তৰঃ হয় ।

(ii) আবৰণী কলা ৰক্ত কেশীকাৰে বেষ্টিত।

উত্তৰঃ নহয় ।

(iii) মুখগহ্বৰৰ প্ৰাচীৰত চটীয়া আবৰণী কলা পোৱা যায়।

উত্তৰঃ হয় ।

(iv) হাওঁফাওঁৰ স্নায়ুকোষৰ আভ্যন্তৰীণ আবৰণত গ্ৰন্থিময় আবৰণী কলা থাকে। 

উত্তৰঃ নহয় ।

(v) পাকস্থলীৰ অন্তঃআবৰণত স্তম্ভাকাৰ আবৰণী কলা থাকে।

উত্তৰঃ হয় ।

(vi) স্তৰীভূত আবৰণী কলাৰ পৰা মাখিছাল সৃষ্টি হয়।

উত্তৰঃ হয় ।

(vii) মেদকলা এবিধ এৰিওলাৰ কলাৰ ৰূপান্তৰ। 

উত্তৰঃ হয় ।

(viii) অস্থিকলাৰ আধাৰ দ্ৰব্যত জৈব যৌগৰ পৰিমাণ বেছি।

উত্তৰঃ নহয় ।

(ix) তেজৰ 55 শতাংশই ৰক্তকণিকা।

উত্তৰঃ‌ নহয় ।

(x) স্তন্যপায়ীৰ লোহিত ৰক্ত কণিকাবোৰ উভউত্তল। 

উত্তৰঃ হয় ।

(xi) লসিকা সহজে চেকুৰা নবন্ধাৰ কাৰণ হ’ল ইয়াত প্ৰথ্ৰম্বিণ প্রটিন নাথাকে।

উত্তৰঃ হয় ।

(xii) লসিকাত মনছাইট নামৰ ৰক্তকণিকাবিধে আটাইতকৈ বেছিকৈ পোৱা যায়।

উত্তৰঃ নহয় ।

(xiii) হৃহৃদপেশী প্রাণীয়ে ইচ্ছামতে সঞ্চালন কৰিব পাৰে।

উত্তৰঃ‌‌ নহয় ।

(xiv) হৃদপেশীত অনুপ্রস্থীয় ৰেখা নাথাকে।

উত্তৰঃ‌ হয় ।

(xv) অনৈচ্ছিক পেশীতন্ত্রত একাধিক কোষকেন্দ্ৰ পোৱা যায়।

উত্তৰঃ‌‌‌ ন‌হয় ।

(xvi) ডেনড্রাইটত মায়েলিন আবৰ্ণ নাথাকে।

উত্তৰঃ হয় ।

(xvii) এক্সনৰ পৰা স্নায়ুপ্ৰেৰণা অন্য স্নায়ুকোষলৈ ওলাই যায়।

উত্তৰঃ হয়‌।

43. শুদ্ধ উত্তৰ বাছি উলিওৱাঃ

(i) চিলিয়াযুক্ত আবৰণী কলাঃ 

(ক) তন্ত্ৰত পোৱা যায়।

(খ) ছালত পোৱা যায়।

(গ) শ্বাসনলীত পোৱা যায়।

(ঘ) ৰেটিনাত পোৱা যায়।

উত্তৰঃ (গ) শ্বাসনলীত পোৱা যায়।

(ii) তলৰ কোনবিধ কলাত কেৰ’টিনভবন হয় ?

(ক) সংযোজক কলা।

(খ) গ্রন্থি কলা।

(গ) চিলিয়াযুক্ত আবৰণী কলা।

(ঘ) স্তৰীভূত আবৰণী কলা।

উত্তৰঃ (ঘ) স্তৰীভূত আবৰণী কলা। 

(iii) হাড়ৰ গঠনকাৰী কোষক কি বুলি জনা যায়?

(ক) অষ্টিঅ’চাইট।

(খ) ধ্বজা কোষ।

(গ) কণ্ডু’চাইট।

(ঘ) প্লাজমা কোষ।

উত্তৰঃ (ক) অষ্টিঅচাইট।

(iv) উপাস্থিৰ আবৰণখনৰ নাম

(খ) পৰীউপস্থি।

(ঘ) ভৌমচ্ছদা।

(ক) পৰিঅস্থি।

(গ) মেলপিজীয়া আৱৰণ।

উত্তৰঃ (খ) পৰীউপস্থি।

(v) টেণ্ডন তলত দিয়া কোন যোৰৰ মাজত সংযোগী ক’লা হিচাপে থাকে?

(ক) পেশী আৰু পেশী।

(খ) পেশী আৰু হাড়।

(গ) হাড় আৰু হাড়।

(ঘ) অস্থি আৰু উপস্থি।

উত্তৰঃ (খ) পেশী আৰু হাড়। 

(vi) লিগামেন্টে সংযোগ কৰে –

(ক) পেশীক হাড়ৰ লগত।

(খ) পেশীক পেশীৰ লগত।

(গ) হাড়ক হাড়ৰ লগত।

(ঘ) ইয়াৰ এটাও নহয়।

উত্তৰঃ (গ) হাড়ক হাড়ৰ লগত।

(ii) অন্ধ্ৰৰ অন্তঃবেৰত থকা আবৰণী কলাবিধ হ’ল –

(ক) স্তম্ভাকাৰ আবৰণী কলা।

(খ) চিলিয়াযুক্ত আৱৰণী কলা।

(গ) স্তৰীভূত আবৰণী কলা।

(ঘ) অংকুৰণ আৰবণী কলা।

উত্তৰঃ (ক) ভদ্ভাকাৰ আবৰণী কলা। 

(viii) তেজ এবিধ –

(ক) সংযোজক কলা।

(খ) স্নায়ু কলা।

(গ) আবৰণী কলা।

(ঘ) পেশী কলা।

উত্তৰঃ (ক) সংযোজক কলা।

(ix) হৃদপেশীৰ বিশেষ বৈশিষ্ট হৈছে ই

(ক) অনিচ্ছিক পেশীৰ দৰে।

(খ) ঐচ্ছিক পেশীৰ দৰে।

(গ) অনিচ্ছিক আৰু ঐচ্ছিক দুয়োটাৰ দৰে।

(ঘ) অনিচ্ছিক আৰু ঐচ্ছিক এটাৰো লগত নিমিলে।

উত্তৰঃ (গ) অনিচ্ছিক আৰু ঐচ্ছিক দুয়োটাৰ দৰে।

44.পার্থক্য লিখাঃ

(i) আবৰণী কলা আৰু সংযোজক কলা।

উত্তৰঃ আবৰণী কলা আৰু সংযোজক কলাৰ মূল প্রভেদ হৈছে – আরবর্ণী কলাই প্ৰাণীৰ দেহৰ অংগবোৰৰ ভিতৰৰ কলা বা কোষসূহক বীজাণু নাইবা আঘাতৰ পৰা ৰক্ষা কৰিবৰ বাবে আবৰি ৰাখে। আনহাতে সংযোজক কলাই দেহৰ বিভিন্ন অংগ, অংগতত্ত্ব আৰু কলাবোৰক পৰস্পৰ বান্ধ খুৱাই ৰাখে।

(ii) অস্থি আৰু উপাস্থি।

উত্তৰঃ (ক) অস্থি কঠিন আধাৰদ্ৰব্যৰে গঠিত কংকাল কলা; আনহাতে উপাস্থি স্থিতিস্থাপক কংকাল কলাৰে গঠিত।

(খ) অস্থিয়ে মেৰুদণ্ডী প্রাণীৰ শৰীৰৰ ভাৰ বহন কৰে; কিন্তু উপাস্থিয়ে হাড়ৰ মূৰত পৰিব পৰা হেঁচাক প্ৰতিৰোধ কৰে।

(গ) অস্থিৰ চাৰিওফালে থকা আবৰাখনক পৰিঅস্থি আনহাতে উপাস্থিৰআবৰণখনক পৰিউপাস্থি বোলে। 

(iii) টেণ্ডন আৰু লিগামেন্ট।

উত্তৰঃ টেণ্ডনবোৰে পেশীক হাড়ৰ লগত সংযুক্ত কৰে। টেণ্ডন, শ্বেততন্ত্রময় কলাৰে গঠিত। আনহাতে লিগামেন্ট হৈছে দুডাল হাড়ৰ মাজত থকা সংযোজক কলা। ই হালধীয়া প্ৰসাৰণশীল কলাৰে গঠিত।

(iv) তেজ আৰু লসীকাঃ

উত্তৰঃ তেজ এক প্ৰকাৰ অস্বচ্ছ, লুণীয়া আৰু ক্ষাৰুৱা ৰঙা ৰঙৰ তৰল সংযোজক কলা। ই প্লাজমা আৰু ৰক্ত কণিকাৰে গঠিত। আনহাতে লসিকা এক প্ৰকাৰৰ ঈষৎ হালধীয়া, স্বচ্ছ তৰল সংযোজক কলা। তেজৰ পৰা কোষমধ্যবর্তী স্থানলৈ বৈ অহা তৰল পদাৰ্থই হৈছে লসিকা।

(v) ঐচ্ছিক আৰু অনৈচ্ছিক পেশী :

উত্তৰঃ ঐচ্ছিক পেশীবোৰ প্ৰাণীয়ে ইচ্ছামতে লৰচৰ কৰিব পাৰে। আনহাতে অনৈচ্ছিক পেশীবোৰ প্ৰাণীয়ে নিজৰ ইচ্ছামতে লৰচৰ কৰিব নোৱাৰে।

(vi) ঐচ্ছিক আৰু হৃদ পেশী :

উত্তৰঃ ঐচ্ছিক পেশীবোৰ প্ৰাণীয়ে নিজ ইচ্ছামতে লৰচৰ কৰিব পাৰে। ই শৰীৰৰ বিভিন্ন অংগ হাত, ভৰি, জিভা, ডিঙি আদিত থাকে। আনহাতে হৃদপেশীৰ পেশীবোৰ অনৈচ্ছিক পেশী। ই শৰীৰৰ হৃদপিণ্ডৰ বেৰ গঠন কৰে। ঐচ্ছিক পেশীৰ প্ৰধান কাম হৈছে ঐচ্ছিক অংগবোৰ সঞ্চালন কৰা; আনহাতে হৃদপেশীৰ কাম হৈছে হৃদপিণ্ডৰ ছন্দময় প্ৰসাৰম আৰু সংকোচন ঘটোৱা

45. খালী ঠাই পূৰ কৰাঃ

(i) কেমবিয়াম এবিধ —— কলা।

উত্তৰঃ গৌণ  ।

(ii) ——  ভাজক কলাই উদ্ভিদৰ কক্ষ মুকুল আৰু ডালৰ সৃষ্টি কৰে।

উত্তৰঃ পার্শ্বস্থ ।

(iii) বায়ু গহ্বৰ থকা পেৰেণকাইমা জাতীয় কলাক —–কলা বোলে।

উত্তৰঃ বায়ু ।

(iv) ——  চালনী নলিকা কোষক নিয়ন্ত্ৰণ কৰে।

উত্তৰঃ সংগীকোষ ।

(v) প্ৰধানকৈ উদ্ভিজ্জৰ কলাক —- ভাগত ভাগ কৰা হৈছে।

উত্তৰঃ কলা ।

(vi) আকৃতি, আকাৰ, উৎপত্তিৰ স্থান আৰু কাৰ্য্যৰ ফালৰ পৰা একে গুণ বিশিষ্ট কোষৰ সমষ্টিক —- বোলে।

উত্তৰঃ কোষবিভাজন ।

(vii) কোষৰ সংখ্যা বৃদ্ধি হ’বলৈ —- অপৰিহাৰ্য্য।

উত্তৰঃ দুই ।

(viii) হৰিকণা থকা পেৰেণকাইমীয় কোষক ——তন্ত্র বোলে।

উত্তৰঃ  ক্লেৰেণকাইমা ।

(ix) মৰাপাটৰ আঁহ উৎপাদনকাৰী কোষক —- বোলে।

উত্তৰঃ বাষ্ট  ।

(x) ট্ৰেকাইডবিলাকৰ —– লিগনিন যুক্ত।

উত্তৰঃ কোষ । 

46. শুদ্ধ / অশুদ্ধ নিৰ্ণয় কৰা।

(i) অগ্রস্থ ভাজক কলাই উদ্ভিদৰ দেহৰ কলেবৰ শকত কৰে। 

উত্তৰঃ অশুদ্ধ।

(ii)উদ্ভিদৰ বীজত ভ্রূণ অৱস্থাত থকা ভাজক কলাক গৌণ ভাজক কলা বোলে।

উত্তৰঃ অশুদ্ধ।

(iii) ভাজক কলাৰ কোষৰ মাজত কোষ মধ্যবর্তী স্থান নাথাকে। 

উত্তৰঃ শুদ্ধ।

(iv) দৃঢ় কোষ বিলাক স্রাবী কলাৰ অন্তৰ্গত। 

উত্তৰঃ  অশুদ্ধ।

(iv) চালনী নলীকা কোষক সংগী কোষে নিয়ন্ত্রণ কৰে।

উত্তৰঃ শুদ্ধ।

(vi) জলজ উদ্ভিদত বায়ুকলা থাকে।

উত্তৰঃ শুদ্ধ। 

47. লোহিত ৰক্তকণিকাত পোৱা অক্সিজেন পৰিবহণ কৰা দ্ৰব্যবিধৰ নাম কি?

উত্তৰঃ হিম’গ্ল বিন।

48. শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ—

(i) উদ্ভিদৰ মূল আৰু কাগুৰ অগ্ৰ অংশত থকা ভাজক কলাক পার্শ্বস্থ/অগ্রন্থ/নিবেশিত ভাজক কলা বোলে।

উত্তৰঃ অগ্ৰস্থ।

(ii) ভাজক কলাৰ কোষবিলাক বিভাজনক্ষম / অবিভাজনক্ষম।

উত্তৰঃ বিভাজনক্ষম। 

(iii) কেমবিয়াম বিলাক প্রাথমিক ভাজক কলা / গৌণ ভাজক কলা।

উত্তৰঃ সৰল কলা।

(iv) বায়ুকলা এবিধ সৰল কলা / জটিল কলা।

উত্তৰঃ ক্লৰেণকাইমা।

(v) হৰিকণা থকা পেৰেণকাইমীয় কোষবিলাকক কলেনকাইমা / ক্লেৰেণকাইমা / স্কেলৰেণকাইমা বোলে।

উত্তৰঃ জটিল কলা।

(vi) ট্ৰেকীয় বা নলীকা বিলাক সৰল / জটিল কলা।

উত্তৰঃ চালনী নলিকা।

(vii) সংগী কোষটো ট্ৰেকাইড / চালনী নলিকাৰ গাতে লাগি থাকে।

উত্তৰঃ নাথাকে। 

(viii) চালনী নলিকাবিলাকত কোষকেন্দ্র থাকে / নাথাকে।

উত্তৰঃ বিশুদ্ধ পানী।

(ix) গ্রন্থিৰোমবিলাক সৰল কলা / স্রাবীকলা / জটিল কলাৰ অন্তর্গত। 

উত্তৰঃ গৌণ ভাজক কলা।

(x) জলস্রাধীকাই নিঃসৰণ কৰা প্ৰাণীবিলাক বিশুদ্ধ পানী / খনিজ লৱণৰ

উত্তৰঃ স্বাবীকলা।

(xi) উদ্ভিদৰ বিস্তাৰণ শক্তি পেৰেণকাইমা / কলেনকাইমা কলাই যোগান ধৰে। 

উত্তৰঃ কলেনকাইমা।

(xii) ঘৃণা অন্তঃগ্ৰন্থিাৰী কলা / বহিঃগ্ৰন্তিস্রাবী কলাৰ পৰা নিঃসৰিত ৰেজিন জাতীয় পদার্থ।

উত্তৰঃ অন্তঃগ্ৰন্থি।

(xiii) ৰবৰ তৰক্ষীৰ / ৰেজিন জাতীয় পদার্থ।

উত্তৰঃ তৰক্ষীৰ।

(xiv) ভাজক কলাৰ কোষবোৰ পৈণত / অপৈণত। 

উত্তৰঃ অপৈণত।

(xv) মদুগ্রন্থি ফুলত / পাতত / মূলত পোৱা হয়।

উত্তৰঃ ফুলত।

49. সৰল কলাৰ চাৰিটা কাম উল্লেখ কৰা।

উত্তৰঃ (i) সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰে শ্বেতসাৰ জাতীয় আহাৰ প্ৰস্তুত কৰা। 

(ii) খাদ্যবস্তু সঞ্চয় কৰাত পেৰেণকাইমা কোষে আগভাগ লয়।

(iii) জাইলেম আৰু ফ্লৱেম কলাৰ মাজত অবস্থান কৰা পেনেণকাইমা কোষে পানী আৰু দ্রবীভূত খাদ্য পৰিবহণ কৰাত অংশগ্ৰহণ কৰে।

(iv) উদ্ভিদক কিছু পৰিমাণে শাৰিৰিক শক্তি প্ৰদান কৰে।

50. তলত দিয়াবোৰৰ সূত্ৰ লিখা।

(ক) ডাৰমেট জৈন।

(খ) পেৰিব্লেম।

(গ) প্লিৰ’ম।

উত্তৰঃ (ক) ডাৰমেট’জেন : উদ্ভিদৰ কাণ্ড আৰু মূলৰ অগ্ৰ অংশত থকা যিখিনি ভাজক কলাৰ পৰা বহিস্তকৰ সৃষ্টি হয় তাক ডাৰমেট’জেন বোলে। 

(খ) পেৰিব্লেম : উদ্ভিদৰ কাণ্ড আৰু মূলৰ অগ্ৰভাগত থকা যিখিনি ভাজক কলাৰ পৰা আদি কলাতন্ত্ৰৰ সৃষ্টি হয় তাক পেৰিব্লেম বোলে।

(গ) প্লিৰ’ম : উদ্ভিদৰ কাণ্ড আৰু মূলৰ অগ্ৰভাগত থকা যিখিনি ভাজক কলাৰ পৰা সংবহণ তন্ত্ৰ বা স্তম্ভৰ সৃষ্টি হয় তাক প্লিৰ’ম বোলে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top