⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

Class 6 Social Science MCQ Chapter 12 সিন্ধু উপত্যকাৰ সভ্যতা

Class 6 Social Science MCQ Chapter 12 সিন্ধু উপত্যকাৰ সভ্যতা Solutions, Class 6 Social Science Objective Type Question Answer, Class 6 Social Science MCQ Chapter 12 সিন্ধু উপত্যকাৰ সভ্যতা Notes to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 6 Social Science MCQ Notes and select needs one.

Class 6 Social Science MCQ Chapter 12 সিন্ধু উপত্যকাৰ সভ্যতা

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 6 Social Science Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA Class 6 Social Science MCQ Notes for All Subject, You can practice these here.

Chapter – 12

SOCIAL SCIENCE

MULTIPLE CHOICE QUESTION ANSWER

(১) কোনো জাতি, দেশ বা যুগৰ উন্নত বা বিকাশপ্ৰাপ্ত জীৱন – যাপনৰ পদ্ধতিক কি বোলে?

(ক) উপত্যাকা

(খ) সভ্যতা

(গ) বৈশিষ্ট

(ঘ) বিশিষ্ট 

উত্তৰ:- (খ) সভ্যতা।

(২) সিন্ধু সভ্যতা কোনখন নদীৰ পাৰত গড় লৈ উঠিছিল?

(ক) সিন্ধু নদী

(খ) নীল নদী

(গ) টাইগ্ৰীচ নদী

(ঘ) গংগা নদী 

উত্তৰ:- (ক) সিন্ধু নদী।

(৩) মিছৰীয় সভ্যতা কোনখন নদীৰ পাৰত গড় লৈ উঠিছিল?

(ক) টাইগ্ৰীচ নদী

(খ) ইয়াং চিকিয়া নদী

(গ) নীল নদী

(ঘ) সিন্ধু নদী 

উত্তৰ:- (গ) নীল নদী।

(৪) পৃথিৱীৰ আদিম সভ্যতাসমূহ ঘাইকৈ ক’ত গড় লৈ উঠিছিল?

(ক) গাঁও অঞ্চলত

(খ) নদীৰ পাৰত

(গ) মন্দিৰ ওচৰত

(ঘ) পাহাৰ অঞ্চলত 

উত্তৰ:- (খ) নদীৰ পাৰত।

(৫) সিন্ধু উপত্যকাৰ সভ্যতাৰ দুখন প্ৰাচীন চহৰ হ’ল –

(ক) গুজৰাট আৰু ৰাজস্থান

(খ) জম্মু আৰু কাশ্মীৰ

(গ) মহেঞ্জোদাৰো আৰু হৰপ্পা

(ঘ) সিন্ধু আৰু হৰপ্পা 

উত্তৰ:- মহেঞ্জোদাৰো আৰু হৰপ্পা।

(৬) সিন্ধু উপত্যকাৰ সভ্যতাক কি বুলি জনা যায়?

(ক) মহেঞ্জোদাৰো সভ্যতা

(খ) হৰপ্পা সভ্যতা

(গ) চীনা সভ্যতা

(ঘ) সিন্ধু সভ্যতা 

উত্তৰ:- (খ) হৰপ্পা সভ্যতা।

(৭) কোনটো সভ্যতাৰ বিস্তৃতি আন সমসাময়িক সভ্যতাতকৈ বেছি আছিল?

(ক) সিন্ধু সভ্যতা

(খ) চীনা সভ্যতা

(গ) মিছৰীয় সভ্যতা

(ঘ) এটাও নহয় 

উত্তৰ:- (ক) সিন্ধু সভ্যতা।

(৮) সিন্ধু উপত্যকাৰ সভ্যতাত তলৰ কোনটো ধাতুৰ ব্যাৱহাৰ হোৱা নাছিল?

(ক) লো

(খ) সোণ

(গ) ৰূপ

(ঘ) খ আৰু গ দুটা 

উত্তৰ:- (ক) লো

(৯) সিন্ধু উপত্যকাৰ সভ্যতাৰ মানুহে ভঁৰালবোৰ ব্যাৱহাৰ কৰিছিল —

(ক) খাদ্য ৰাখিবলৈ

(খ) শস্য ৰাখিবলৈ

(গ) কাপোৰ ৰাখিবলৈ

(ঘ) মাটি ৰাখিবলৈ

উত্তৰ:- (খ) শস্য ৰাখিবলৈ।

(১০) হৰপ্পা আৰু মহেঞ্জোদাৰো নামৰ ঠাইত খনন কাৰ্যত ওলোৱা বিভিন্ন সামগ্ৰী, নানা ভগ্নাৱশেষ আদি প্ৰায় কিমান বছৰ আগৰ বুলি পৰীক্ষা কৰা হৈছে?

(ক) ৪৫০০ বছৰ

(খ) ৫৫০০ বছৰ

(গ) ৩৬০০ বছৰ

(ঘ) ৩৭০০ বছৰ

উত্তৰ:- (ক) ৪৫০০ বছৰ।

(১১) মহেঞ্জোদাৰো নগৰৰ আলিবাটবোৰ কেনেকুৱা আছিল?

(ক) একা – বেকা

(খ) পোন আৰু সুপৰিকল্পিত

(গ) ঠেক

(ঘ) টান 

উত্তৰ:- (খ) পোন আৰু সুপৰিকল্পিত।

(১২) মহেঞ্জোদাৰোৰ ৰাস্তাৰ চুকবোৰ কেনেকুৱা আছিল?

(ক) ঠেক

(খ) বহল

(গ) ধেনুভেৰীয়া

(ঘ) পোন 

উত্তৰ:- (গ) ধেনুভেৰীয়া।

(১৩) হৰপ্পা আৰু মহেঞ্জোদাৰো সময়ত ঘৰবোৰ কিহেৰ নিৰ্মাণ কৰা হৈছিল?

(ক) ইটা আৰু বোকা মাটিৰে

(খ) বালি আৰু বোকা মাটিৰে

(গ) শিল আৰু বালিৰে

(ঘ) অকল  মাটিৰে

উত্তৰ:- (ক) ইটা আৰু বোকা মাটিৰে।

(১৪) ভগ্নাৱবেষবোৰালৈ চাই সিন্ধু উপত্যকাৰ ঘৰবোৰক কেইটা ভাগত ভাগ কৰা হৈছে?

(ক) তিনিটা

(খ) চাৰিটা

(গ) পাঁচটা

(ঘ) ছটা

উত্তৰ:- (ক) তিনিটা।

(১৫) মহেঞ্জোদাৰোত আৱিষ্কৃত হোৱা ভগ্নাৱেষ বোৰৰ ভিতৰত আটাইতকৈ উল্লখযোগ্য নিদৰ্শন কোনটো আছিল?

(ক) গা ধুৱা পুখুৰী

(খ) ৰাজহুৱা স্নানাগাৰ

(গ) নলা

(ঘ) নদী

উত্তৰ:- (খ) ৰাজহুৱা স্নানাগাৰ।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top