Class 4 Environment Chapter 8 ভিন্ ভিন্ পৰিৱেশৰ উদ্ভিদ

Class 4 Environment Chapter 8 ভিন্ ভিন্ পৰিৱেশৰ উদ্ভিদ, SEBA Chapter 8 ভিন্ ভিন্ পৰিৱেশৰ উদ্ভিদ Class 4 Environment Study Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 4 পৰিৱেশ অধ্যয়ন Question Answer can be of great value to excel in the examination.

Join Telegram channel

ভিন্ ভিন্ পৰিৱেশৰ উদ্ভিদ

Chapter – 8

পৰিৱেশ অধ্যয়ন


অনুশীলনী 

১। উত্তৰ লিখা –

( ক ) পৰিৱেশৰ তাৰতম্য হোৱাৰ তিনিটা কাৰণ লিখা । 

উত্তৰঃ পৰিৱেশৰ তাৰতম্য হোৱাৰ কাৰণ তিনিটা হ’ল –

( ক ) বৰষুণ :- বৰষুণ হোৱা ঠাই শীতল আৰু বৰষুণ নোহোৱা ঠাই আটাইতকৈ উষ্ণ হয় । 

( খ ) উষ্ণতা :- অতিশয় শীতল আৰু বৰফেৰে ঢকা পৰিৱেশ অতিশয় গৰম আৰু শিল – বালিৰে আৱৰা ঠাইতকৈ বেলেগ হয় । 

( গ ) উচ্চতা :- উচ্চতা ভেদেও বিভিন্ন ঠাইৰ মাজত পৰিৱেশৰ ভিন্নতা দেখা যায় । 

( খ ) সৰল গছ কোন অঞ্চলত পোৱা যায় ? 

উত্তৰঃ হিমালয় পর্বত সদৃশ ওখ অঞ্চলসমূহত সৰল গছ পোৱা যায় ৷ 

( গ ) মৰুভূমি অঞ্চলত হোৱা এবিধ উদ্ভিদৰ নাম লিখা । 

উত্তৰঃ কেটাছ মৰুভূমি অঞ্চলত হোৱা উদ্ভিদ । 

( ঘ ) কেটাছ জাতীয় উদ্ভিদৰ গঠন কেনেকুৱা ? 

উত্তৰঃ কেক্‌টাছ জাতীয় উদ্ভিদৰ গঠন হ’ল কাইটীয়া । ইহঁতৰ পাত নাথাকে । 

( ঙ ) অতি শীতল অঞ্চলত হোৱা দুবিধ উদ্ভিদৰ নাম লিখা । 

উত্তৰঃ অতি শীতল অঞ্চলত হোৱা উদ্ভিদ দুবিধ হ’ল – ওক আৰু দেৱদাক । 

( চ ) অৰণ্যত কেনে ধৰণৰ উদ্ভিদ পোৱা যায় ? 

উত্তৰঃ অৰণ্যত ওখ , গা – গছ শকত আৰু টান , অধিক ঠাল – ঠেঙুলিযুক্ত বৃক্ষজাতীয় উদ্ভিদ পোৱা যায় । 

( ছ ) পার্বত্য অঞ্চলত হোৱা উদ্ভিদবোৰৰ গঠন কেনেকুৱা ? 

উত্তৰঃ পার্বত্য অঞ্চলত হোৱা উদ্ভিদৰ গঠন এনেধৰণৰ : – ইহঁতৰ গা গছ কোমল আৰু অধিক ঠাল – ঠেঙুলিযুক্ত আৰু পাতৰ সংখ্যাও বেছি হয় ৷ পাতবোৰ বেজীৰ দৰে জোঙা হয় ৷ 

( জ ) তৃণভূমি অঞ্চলৰ উদ্ভিদবোৰ কেনেকুৱা ? 

উত্তৰঃ তৃণভূমি অঞ্চলৰ উদ্ভিদবোৰ দীঘল দীঘল ঘাঁহেৰে আৱৰা ৷ মাজে মাজে ওখ গছো থাকে । 

( ঝ ) পার্বত্য অঞ্চলৰ কোন অংশত উদ্ভিদৰ সংখ্যা বেছি ? 

উত্তৰঃ পার্বত্য অঞ্চলৰ নামনি অংশত উদ্ভিদৰ সংখ্যা বেছি ? 

( ঞ ) কেটাছে অতিৰিক্ত পানী ক’ত সঞ্চয় কৰি ৰাখে ? 

উত্তৰঃ কেটাছে অতিৰিক্ত পানী গা – গছত সঞ্চয় কৰি ৰাখে । 

২। ‘ ক ’ অংশৰ লগত ‘ খ ’ অংশ মিলোৱা –

‘ ক ’‘ খ ‘
মৰুভূমি অঞ্চলৰ উদ্ভিদবোৰৰবহু এলকা জুৰি দীঘল দীঘল ঘাঁহ থাকে
পার্বত্য অঞ্চলৰ উদ্ভিদবোৰৰ গা – গছ মঙহাল আৰু কাঁইটেৰে ভৰা
তৃণভূমি অঞ্চলতডাঠ গছ – গছনিৰে পূৰ্ণ
অৰণ্য অঞ্চলমচ , তৃণজাতীয় উদ্ভিদ আদি গজে
মেৰু অঞ্চলত পাতবোৰ বেজীৰ দৰে জোঙা 

উত্তৰঃ 

‘ ক ’‘ খ ‘
মৰুভূমি অঞ্চলৰ উদ্ভিদবোৰৰগা – গছ মঙহাল আৰু কাঁইটেৰে ভৰা 
পার্বত্য অঞ্চলৰ উদ্ভিদবোৰৰ পাতবোৰ বেজীৰ দৰে জোঙা 
তৃণভূমি অঞ্চলতবহু এলকা জুৰি দীঘল দীঘল ঘাঁহ থাকে 
অৰণ্য অঞ্চলডাঠ গছ – গছনিৰে পূৰ্ণ 
মেৰু অঞ্চলত মচ , তৃণজাতীয় উদ্ভিদ আদি গজে

৩। খালী ঠাই পূৰ্ণ কৰা –

( ক ) পানীৰ অভাৱৰ বাবে মৰুভূমিত গছ – গছনি অতি ___।

উত্তৰঃ পানীৰ অভাৱৰ বাবে মৰুভূমিত গছ – গছনি অতি কম । 

( খ ) কেকটাছ গা – গছ ___হোৱা প্ৰাণীয়ে সহজে খাব নোৱাৰে। 

উত্তৰঃ কেকটাছ গা – গছ কাঁইটীয়া হোৱা প্ৰাণীয়ে সহজে খাব নোৱাৰে ।

( গ ) পার্বত্য অঞ্চলৰ উদ্ভিদবোৰৰ ___কোমল ।

উত্তৰঃ পার্বত্য অঞ্চলৰ উদ্ভিদবোৰৰ গা – গছ কোমল ৷

( ঘ ) বৰষুণ , উষ্ণতা , উচ্চতা আদিয়ে ___তাৰতম্য ঘটায় । 

উত্তৰঃ বৰষুণ , উষ্ণতা , উচ্চতা আদিয়ে পৰিৱেশৰ তাৰতম্য ঘটায় । 

( ঙ ) পর্বতবোৰ ওপৰলৈ ক্ৰমে ___ সংখ্যা কমি আহে ।

উত্তৰঃ পৰ্বতবোৰ ওপৰলৈ ক্ৰমে গছ – গছনিৰ সংখ্যা কমি আহে । 

( চ ) মেৰু অঞ্চলত ___কালত ৰং – বিৰঙৰ ফুল ফুলে । 

উত্তৰঃ মেৰু অঞ্চলত গৰম কালত ৰং – বিৰঙৰ ফুল ফুলে । 

৪। শুদ্ধ উত্তৰটোত ‘✔’ চিন দিয়া – 

( ক ) সৰল গছৰ গা – গছ টান । 

উত্তৰঃ x

( খ ) দেৱদাৰু মৰুভূমি অঞ্চলৰ উদ্ভিদ । 

উত্তৰঃ x

( গ ) অতি শীতল অঞ্চলত বৰফ গলিলে তৃণজাতীয় উদ্ভিদ গজে। 

উত্তৰঃ  

( ঘ ) তৃণভূমি অঞ্চলৰ উদ্ভিদবোৰ অধিক ঠাল – ঠেঙুলিযুক্ত । 

উত্তৰঃ x

( ঙ ) পৃথিৱীৰ সকলো ঠাইত একেধৰণৰ উদ্ভিদ পোৱা যায় । 

উত্তৰঃ x

৫। পৰ্বতৰ একেবাৰে ওপৰৰ অংশত গছ – গছনিৰ সংখ্যা কম কিয় ? 

উত্তৰঃ কাৰণ নামনি অংশকতৈ ওখ অংশ তুলনামূলকভাৱে শীতল আৰু বৰফেৰে ঢাক খাই থাকে ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top