Class 4 Environment Chapter 13 শস্যৰ উৎপাদন আৰু সংৰক্ষণ

Class 4 Environment Chapter 13 শস্যৰ উৎপাদন আৰু সংৰক্ষণ, SEBA Chapter 13 শস্যৰ উৎপাদন আৰু সংৰক্ষণ Class 4 Environment Study Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 4 পৰিৱেশ অধ্যয়ন Question Answer can be of great value to excel in the examination.

Join Telegram channel

শস্যৰ উৎপাদন আৰু সংৰক্ষণ

Chapter – 13

পৰিৱেশ অধ্যয়ন


১। তলৰ বাক্যকেইটা পূৰ কৰা – 

( ক ) বালিচঁহীয়া মাটিৰ মাজেদি বোকা আৰু পলসুৱা মাটিতকৈ __পানী পাৰ যায় । 

উত্তৰঃ বেছি।

( খ ) বোকা মাটিৰ মাজেদি আটাইতকৈ ___পানী পাৰ হৈ গৈছে।

উত্তৰঃ কম।

( গ ) পলসুৱা মাটিৰ মাজেদি বালিচঁহীয়া মাটিতকৈ ___ আৰু বোকা মাটিতকৈ ___বেছি পানী পাৰ হৈ গৈছে ।

উত্তৰঃ কম, বেছি।

অনুশীলনী 

১। উত্তৰ লিখা –

( ক ) মাটি কেই প্ৰকাৰৰ আৰু কি কি ? 

উত্তৰঃ মাটি তিনি প্ৰকাৰৰ – বালিচঁহীয়া মাটি , বোকা মাটি বা আলতীয়া মাটি আৰু পলসুৱা মাটি। 

( খ ) কোনবিধ মাটিত গছপুলিৰ বৃদ্ধি ভাল হয় ? 

উত্তৰঃ পলসুৱা মাটিত গছপুলিৰ বৃদ্ধি ভাল হয় ।

( গ ) খৰালি কালত কিহৰ সহায়ত খেতিপথাৰত পানী যোগান ধৰা হয় ? 

উত্তৰঃ খৰালি কালত কৃত্রিমভাৱে খেতিপথাৰত পানী যোগান ধৰা হয় ৷ যেনেঃ বিজুলী বা ডিজেল চালিত পাম্পৰ সহায়ত নৈ , পুখুৰী আৰু নলী নাদৰ পৰা পানী যোগান ধৰি খেতি পথাৰত দিয়া হয় । 

( ঘ ) দুবিধ জৈৱিক সাৰৰ নাম লিখা । 

উত্তৰঃ গোবৰ আৰু প্ৰাণীৰ মলমূত্ৰ । 

( ঙ ) বোকা মাটিৰ গঠন কেনেকুৱা ? 

উত্তৰঃ বোকা বা আলতীয়া মাটিৰ দানাবোৰ অতি ক্ষুদ্ৰ আৰু বোকাৰ পৰিমাণ বেছি । এই মাটিয়ে বহু সময় ধৰি পানী ধৰি ৰাখিব পাৰে আৰু ই বৰ আঠাযুক্ত । 

( চ ) অধিক শস্য উৎপাদনৰ বাবে কি কি ব্যৱহাৰ কৰিব লাগে ? 

উত্তৰঃ অধিক শস্য উৎপাদনৰ বাবে উন্নতজাতৰ বীজ , জৈৱিক সাৰ আৰু কীটনাশক দ্রব্য ব্যৱহাৰ কৰিব লাগে । 

( ছ ) শস্যবোৰ ক’ত ক’ত সংৰক্ষণ কৰি থোৱা হয় ? 

উত্তৰঃ ভঁৰাল , ডুলি , টোম , শীতল ভঁৰাল আদি । 

২। খালী ঠাই পূৰ কৰা –

( ক ) বালিচঁহীয়া মাটি ___আৰু ই পানী ধৰি ৰাখিব নোৱাৰে । 

উত্তৰঃ বিন্ধাযুক্ত ।

( খ ) ___মাটিৰ কণিকা বা দানাবোৰ অতি ক্ষুদ্ৰ আৰু বোকাৰ পৰিমাণ বেছি ।

উত্তৰঃ বোকা ।

( গ ) ___মাটিত বালি আৰু বোকাৰ পৰিমাণ সমান । 

উত্তৰঃ পলসুৱা ।

( ঘ ) পলসুৱা মাটিত ___ থাকে ।

উত্তৰঃ জৈৱিক ।

৩। শুদ্ধ উত্তৰটোত ‘✔’ চিন দিয়া –

( ক ) কেঁচুসাৰ এবিধ জৈৱিক সাৰ । 

উত্তৰঃ ✔

( খ ) পলসুৱা মাটিত জৈৱিক সাৰ নাথাকে । 

উত্তৰঃ x

( গ ) অসমৰ বেছিভাগ খেতিয়কে বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি খেতি কৰে । 

উত্তৰঃ ✔

( ঘ ) উদ্ভিদৰ বৃদ্ধিৰ বাবে মাটিৰ গুণাগুণৰ উপৰি সূৰ্যৰ তাপ , পোহৰ আৰু পানীৰ আৱশ্যক । 

উত্তৰঃ ✔

৪। ‘ ক ’ অংশৰ লগত ‘ খ ’ অংশ মিলোৱা –

‘ ক ‘‘ খ ‘
পাম্পমাটি চহ কৰা হয়।
টেক্টৰ খেতি পথাৰত পানী দিয়া হয়।
টোমশাক – পাচলি , ফল – মূল আদি বহুত দিনলৈ সতেজ কৰি ৰাখে৷
শীতল ভঁৰালবীজ সংৰক্ষণ কৰা পাত্র।

উত্তৰঃ

‘ ক ‘‘ খ ‘
পাম্পখেতি পথাৰত পানী দিয়া হয়। 
টেক্টৰ মাটি চহ কৰা হয়।
টোমবীজ সংৰক্ষণ কৰা পাত্র। 
শীতল ভঁৰালশাক – পাচলি , ফল – মূল আদি বহুত দিনলৈ সতেজ কৰি ৰাখে৷

৫। শীতল ভঁৰাল , পণ্যগাৰ আৰু টোমৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা ।

উত্তৰঃ শীতল ভঁৰাল :- শাক – পাচলি , ফল – মূল আদি সোনকালে নষ্ট হৈ যোৱা সামগ্ৰী । সেইবাবে এইবোৰক নির্দ্দিষ্ট উষ্ণতাত শীতল কৰি ৰখা হয় ৷ ইয়াৰ ফলত এইবোৰ বহুদিনলৈ সতেজ হয় থাকে। এনেদৰে শীতল কৰি ৰাখিব পৰা ভঁৰালেই হৈছে শীতল ভঁৰাল । 

পণ্যাগাৰ :- কৃষিজাত শস্য যেনে- ধান , মাহ , চাহপাত আদি বিশেষভাৱে নিৰ্মাণ কৰা পণ্যাগাৰত ৰখা হয় । 

টোম :- বীজ সংৰক্ষণ কৰা বাবে বাঁহেৰে এটা পাত্ৰ তৈয়াৰ কৰা হয় । পাত্ৰটোৰ ভিতৰত খেৰৰ এটা পাতল তৰপ দিয়া হয় । আৰু সেই বীজ সংৰক্ষণ কৰা পাত্ৰটোৱে হৈছে টোম ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top