Class 3 Environment Chapter 16 মৌজাদাৰ ককা

Class 3 Environment Chapter 16 মৌজাদাৰ ককা, SEBA Chapter 16 মৌজাদাৰ ককা Class 3 Environment Study Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 3 পৰিৱেশ অধ্যয়ন Question Answer can be of great value to excel in the examination.

Join Telegram channel

মৌজাদাৰ ককা

Chapter – 16

পৰিৱেশ অধ্যয়ন

অনুশীলনীৰ প্রশ্নোত্তৰ

প্রশ্ন ১। খালি ঠাই পূৰ কৰা : 

(ক) গাঁৱৰ মুখিয়ালগৰাকীক ––––বোলে।

উত্তৰ : গাঁৱৰ মুখিয়ালগৰাকীক গাওঁবুঢ়া বোলে। 

(খ) এক বা ততোধিক ––––লগ লাগি এখন গাওঁ হয়।

উত্তৰ : এক বা ততোধিক মৌজা লগ লাগি এখন গাওঁ হয়। 

(গ) ––––খাজনা সংগ্রহ কৰে।

উত্তৰ : মৌজাদাৰে খাজনা সংগ্রহ কৰে। 

(ঘ) ––––মুৰব্বীগৰাকীক জিলাধিপতি বোলে।

উত্তৰ : জিলাৰ মুৰব্বীগৰাকীক জিলাধিপতি বোলে।

(ঙ) বহুতো জনসংখ্যা থকা নগৰক ––––বোলে।

উত্তৰ : বহুতো জনসংখ্যা থকা নগৰক মহানগৰ বোলে। 

(চ) মহানগৰৰ মুখিয়ালগৰাকীক ––––বোলে।

উত্তৰ : মহানগৰৰ মুখিয়ালগৰাকীক মেয়ৰ বোলে।

প্রশ্ন ২। শুদ্ধ উত্তৰটো বাছি উলিয়াই ‘✓’ চিন দিয়া। 

(ক) কেইঘৰমান মানুহ এঠাইত বাস কৰি প্রথমে মৌজা/চুবুৰী/মহকুমা গঠন কৰে।

উত্তৰ : কেইঘৰমান মানুহ এঠাইত বাস কৰি প্ৰথমে মৌজা/চুবুৰী/ মহকুমা গঠন কৰে।

(খ) কেইখনমান মৌজা লগ লগাই গাওঁ/চুবুৰী/ৰাজহচক্ৰ গঠন কৰা হয়।

উত্তৰ : কেইখনমান মৌজা লগ লগাই বাজহচক্র গঠন করা হয়। 

(গ) এটা বা এটাতকৈ বেছি মহকুমা লগ লগাই জিলা/ ৰাজহচক্র/ৰাজ্য গঠন কৰা হয়।

উত্তৰ : এটা বা এটাতকৈ বেছি মহকুমা লগ লগাই জিলা গঠন কৰা হয়।

(ঘ) কেবাখনো গাওঁ লগ লগাই প্রথমে চুবুৰী/ মৌজা/মহকুমা গঠন কৰা হয়।

উত্তৰ : কেবাখনো গাওঁ লগ লগাই প্রথমে মৌজা গঠন কৰা হয়।

প্রশ্ন ৩। কোন গৰাকী মুৰব্বী ক’ত থাকে আঁচ টানি মিলোৱা :

‘ক’‘খ’
গাঁৱতচক্রবিষয়া
মৌজাতগাওঁবুঢ়া
ৰাজহচক্ৰতমহকুমাধিপতি
মহকুমাতজিলাধিপতি
জিলাতমৌজাদাৰ
নগৰতমেয়ৰ
মহানগৰতপৌৰপতি

উত্তৰ :

‘ক’‘খ’
গাঁৱতগাওঁবুঢ়া 
মৌজাতমৌজাদাৰ
ৰাজহচক্ৰতচক্রবিষয়া 
মহকুমাতমহকুমাধিপতি 
জিলাতজিলাধিপতি
নগৰতপৌৰপতি 
মহানগৰতমেয়ৰ

প্রশ্ন ৪। মৌজাদাৰৰ কাম কি ? 

উত্তৰ : মৌজাদাৰে মাটি থকা খেতিয়কৰ পৰা আৰু যিকোনো মাটির গৰাকীৰ পৰা খাজনা সংগ্রহ কৰি চৰকাৰক জমা দিয়ে। 

প্রশ্ন ৫। সাধাৰণতে নগৰৰ ঘৰবোৰ কেনেকুৱা হয় ? 

উত্তৰ : নগৰৰ ঘৰবোৰ ওখ, ডাঙৰ আৰু সাধাৰণতে পকী ঘৰ হয়। নগৰত মুকলি ঠাইৰ পৰিমাণ কম। ঘৰবোৰ লগলাগি থাকে।

প্রশ্ন ৬। উত্তৰ লিখা (শিক্ষক-শিক্ষয়িত্ৰীৰ সহায়ত) 

উত্তৰ : নিজৰ গাওঁ বা চহৰখনৰ নাম – হাৰিভাঙ্গা গাওঁ। 

গাঁৱৰ গাওঁবুঢ়াগৰাকীৰ নাম— শ্ৰীসুৰেন্দ্ৰ নাথ কলিতা।

মৌজাখনৰ নাম – নাম্বৰভাগ। 

মৌজাদাৰগৰাকীৰ নাম – শ্রী মথুৰ বৰ্মন।

মহকুমাটোর নাম – নলবাৰী।

জিলাখনৰ নাম – নলবাৰী।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১। মৌজা কাক বোলে ?

উত্তৰ : মাটির খাজনা সংগ্ৰহৰ সুবিধাৰ কাৰণে কেইখনমান গাওঁ সামৰি লৈ ৰাজ্যখনক একো একোটা সৰু সৰু ভাগত বিভক্ত করা হয়। এই ভাগবোৰক মৌজা বোলে।

প্রশ্ন ২। মৌজাদাৰ কাক বোলে ?

উত্তৰ : প্ৰতিখন মৌজাত একোজন উপযুক্ত ব্যক্তিক মৌজাখন চলাবলৈ চৰকাৰে নিযুক্তি দিয়ে। এই ব্যক্তিজনকে মৌজাদাৰ বোলে।

প্রশ্ন ৩। চক্রবিষয়া কাক বোলে ?

উত্তৰ : কেইখনমান মৌজা লগ লগাই এটা ৰাজহ চক্ৰ গঠন কৰা হয়। ৰাজহ চক্ৰৰ মুৰব্বীগৰাকীক চক্ৰ বিষয়া বোলে।

প্রশ্ন ৪। মহকুমা কেনেদৰে গঠন কৰা হয় ? 

উত্তৰ : এটা বা তাতকৈ বেছি ৰাজহ চক্র লগ লগাই একোটা মহকুমা গঠন কৰা হয়।

প্রশ্ন ৫। মহকুমাধিপতি কাক বোলে ? 

উত্তৰ : মহকুমাৰ মুৰব্বীগৰাকীক মহকুমাধিপতি বোলে।

প্রশ্ন ৬। জিলা কেনেদৰে গঠন কৰা হয় ?

উত্তৰ : এটা বা তাতকৈ বেছি মহকুমা লগ লগাই একোখন জিলা গঠন কৰা হয়।

প্রশ্ন ৭। জিলাৰ মুৰব্বীগৰাকীক কি বোলে ?

উত্তৰ : জিলাৰ মুৰব্বীগৰাকীক জিলাধিপতি বোলা হয়।

প্রশ্ন ৮। নগৰ আৰু চহৰত কি কি সুবিধা থাকে ?

উত্তৰ : নগৰ আৰু চহৰত যানবাহনৰ সুবিধা, বাটপথৰ সুবিধা, শিক্ষা, বেপার বাণিজ্য, উদ্যোগ, চিকিৎসা আদিৰ বহুত সুবিধা থাকে।

প্রশ্ন ৯। নগৰৰ মুৰব্বীজনক কি বোলে ?

উত্তৰ : নগৰৰ মুৰব্বীজনক গৌৰপতি বোলে। 

প্রশ্ন ১০। মহানগৰৰ মুৰব্বীজনক কি বোলে ?

উত্তৰ : মহানগৰৰ মুৰব্বীজনক মেয়ৰ বোলে।

প্রশ্ন ১১। জিলাধিপতিৰ কার্য কি ?

উত্তৰ : জিলাধিপতিক জিলাখনৰ মাটি-বাৰী, শাসন, উন্নয়ন আদি সকলো বিষয়ত চকু ৰাখিব লাগে।

প্রশ্ন ১২। শুদ্ধ উত্তৰটো বাচি উলিওৱা :

(ক) জিলাৰ মুৰব্বীজনক পৌৰপতি/মেয়ৰ/জিলাধিপতি বোলে।

উত্তৰ : জিলাৰ মুৰব্বীজনক জিলাধিপতি বোলে। 

(খ) মহানগৰৰ মুৰব্বীগৰাকীক মেয়ৰ / পৌৰপতি বোলে।

উত্তৰ : মহানগৰৰ মুৰব্বীগৰাকীক মেয়ৰ বোলে। 

(গ) ৰাজহ চক্ৰৰ মুৰব্বীগৰাকীক মহকুমাধিপতি/চক্ৰ বিষয়া বোলে।

উত্তৰ : ৰাজহ চক্ৰৰ মুৰব্বীগৰাকীক চক্ৰ বিষয়া বোলে। 

(ঘ) এটা বা তাতকৈ বেছি মহকুমা লগ হৈ একোখন নগৰ/ জিলা গঠিত হয়।

উত্তৰ : এটা বা তাতকৈ বেছি মহকুমা লগ হৈ একোখন জিলা গঠিত হয়।

(ঙ) কেইবাখনো গাওঁ লগ লগাই একোখন ৰাজহচক্র / মৌজা গঠন হয়।

উত্তৰ : কেইবাখনো গাওঁ লগ লগাই একোখন মৌজা গঠন হয়। 

(চ) এখন গাঁওঁত কেইবাটাও চুবুৰী থাকিব নোৱাৰে/পাৰে। 

উত্তৰ : এখন গাওঁত কেইবাটাও চুবুৰী থাকিব পাৰে। 

(ছ) ওচৰা-ওচৰিকৈ বাস কৰা কেইটামান পৰিয়ালৰ সমষ্টিয়েই হ’ল—গাওঁ/চুবুৰী। 

উত্তৰ : ওচৰা-ওচৰিকৈ বাস কৰা কেইটামান পৰিয়ালৰ সমষ্টিয়েই হ’ল চুবুৰী।

(জ) গাওঁত কেইবাটাও চুবুৰী থাকিব পাৰে/ নোৱাৰে। 

উত্তৰ : গাওঁত কেইবাটাও চুবুৰী থাকিব পাৰে।

(ঝ) মাটি থকা সকলো মানুহে খাজনা দিব নালাগে/লাগে। 

উত্তৰ : মাটি থকা সকলো মানুহে খাজনা দিব লাগে।

(ঞ) মৌজাত একোজন গাওঁবুঢ়া/ মৌজাদাৰ থাকে।

উত্তৰ : মৌজাত একোজন মৌজাদাৰ থাকে।

প্রশ্ন ১৩। খালী ঠাই পূৰ কৰা :

(ক) ওচৰা ওচৰিকৈ বাস কৰা কেইটামান পৰিয়ালৰ সমষ্টিয়েই হ’ল–––––৷

উত্তৰ : ওচৰা ওচৰিকৈ বাস কৰা কেইটামান পৰিয়ালৰ সমষ্টিয়েই হ’ল চুবুৰী।

(খ) মৌজাদাৰে মাটিৰ খাজনা সংগ্রহ কৰি –––––জমা দিয়ে।

উত্তৰ : মৌজাদাৰে মাটিৰ খাজনা সংগ্ৰহ কৰি চৰকাৰক জমা দিয়ে।

(গ) গাওঁত কেইবাটাও –––––থাকে।

উত্তৰ : গাওঁত কেইবাটাও চুবুৰী থাকে।

(ঘ) মহকুমাৰ মুৰব্বীজনক –––––বোলে। 

উত্তৰ : মহকুমাৰ মুৰব্বীজনক মহকুমাধিপতি বোলে। 

(ঙ) –––––জিলাখনৰ সকলো কথাতে চকু ৰাখিব লাগে।।

উত্তৰ : জিলাধিপতিক জিলাখনৰ সকলো কথাতে চকু ৰাখিব লাগে। 

(চ) প্রতিখন মৌজাত এজন –––––থাকে।

উত্তৰ : প্ৰতিখন মৌজাত এজন মৌজাদাৰ থাকে।

(ছ) –––––মুৰব্বীগৰাকীক মহকুমাধিপতি বোলে। 

উত্তৰ : মহকুমাৰ মুৰব্বীগৰাকীক মহকুমাধিপতি বোলে।

(জ) আমাৰ ৰাজ্যখন আগতে –––––শাসন কৰিছিল। 

উত্তৰ : আমাৰ ৰাজ্যখন আগতে ব্ৰিটিছ সকলে শাসন কৰিছিল।

(ঝ) কেইখনমান মৌজা লগ লগাই –––––গঠন কৰা হয়৷

উত্তৰ : কেইখনমান মৌজা লগ লগাই ৰাজহ চক্ৰ গঠন কৰা হয়।

(ঞ) –––––মাটিৰ খাজনা সংগ্রহ কৰে।

উত্তৰ : মৌজাদাৰে মাটিৰ খাজনা সংগ্রহ কৰে। 

প্রশ্ন ১৪। নলবাৰী জিলাৰ নামটো কেনেকৈ নলবাৰী হ’ল লিখা।

উত্তৰ : বিভিন্ন জনৰ মতে এসময়ত ঠাইখনত নল, বিৰিনা, খাগৰি আদিৰে ভৰপুৰ আহিল। সেই কাৰণে ঠাইখনৰ নাম নলবাৰী হোৱা বুলি কয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top