Class 3 Environment Chapter 14 মিনুৰ চিঠি

Class 3 Environment Chapter 14 মিনুৰ চিঠি, SEBA Chapter 14 মিনুৰ চিঠি Class 3 Environment Study Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 3 পৰিৱেশ অধ্যয়ন Question Answer can be of great value to excel in the examination.

Join Telegram channel

মিনুৰ চিঠি

Chapter – 14

পৰিৱেশ অধ্যয়ন

অনুশীলনীৰ প্রশ্নোত্তৰ

প্রশ্ন ১। উত্তৰ লিখা :

(ক) মেৰীয়ে কি বাহনত উঠি গুৱাহাটীলৈ আহিছিল ?

উত্তৰ : মেৰীয়ে ৰে’লত উঠি গুৱাহাটীলৈ আহিছিল।

(খ) মিনুৰ দেউতাকে টকাখিনি পাই কিহৰ সহায়ত ধন্যবাদ জনালে।

উত্তৰ : মিনুৰ দেউতাকে টকাখিনি পাই টেলিফোনৰ দ্বাৰা ধন্যবাদ জনালে।

(গ) তোমাৰ ঘৰৰ ওচৰৰ ডাকঘৰটোৰ নাম কি ?

উত্তৰ : মোৰ ঘৰৰ ওচৰৰ ডাকঘৰটোৰ নাম তিনিচুকীয়া। 

(ঘ) চিঠি পত্র কঢ়িয়াই অনা মানুহজনক কি বুলি কোৱা হয় ? 

উত্তৰ : চিঠিপত্র কঢ়িয়াই অনা মানুহজনক ডাকোৱাল বুলি কোৱা হয়।

(ঙ) দূৰত থকা তোমাৰ আত্মীয়লৈ অতি সোনকালে কিহৰ সহায়ত খবৰ পঠিয়াবা ? 

উত্তৰ : এতিয়া দূৰত থকা মোৰ আত্মীয়লৈ অতি সোনকালে টেলিফোনৰ সহায়ত খবৰ পঠিয়াম। 

(চ) কাৰ জৰিয়তে মণি অৰ্ডাৰ কৰিব পাৰি ? 

উত্তৰ : ডাকৰ জৰিয়তে মণি অৰ্ডাৰ কৰিব পাৰি।

প্রশ্ন ২। শুদ্ধ উত্তৰটোত ‘✓’ চিন দিয়া :

(ক) চিঠি, টেলিফোন আদিৰ যোগেদি আমি মনৰ ভাব আদান-প্রদান কৰিব পাৰোঁ। 

উত্তৰ : ✓

(খ) সকলো ডাকঘৰৰ পৰা টেলিগ্রাম কৰাৰ সুবিধা আছে।

উত্তৰ : X

(গ) সকলো ডাকঘৰৰ যোগেদি টকা-পইচা পঠিয়াব পৰা যায়।

উত্তৰ : ✓

প্রশ্ন ৩। চিঠি লিখা আৰু টেলিফোনত কথা পতা এই দুটা কামৰ মাজত কি কি মিল আৰু অমিল আছে ?

উত্তৰ : মিলবোৰ–চিঠি, আৰু টেলিফোনৰ যোগেদি এঠাইৰ পৰা আন ঠাইলৈ খবৰ পঠাব পাৰি, আনৰ সৈতে নিজৰ মনৰ ভাব আদান প্রদান কৰিব পাৰি।

অমিলবোৰ–চিঠিৰ যোগেদি খবৰ পঠালে সময় বেছি লয়। টেলিফোনত লগে লগে খবৰ দিব বা নিব পাৰি। চিঠিত মনৰ ভাব লিখি পঠাব লাগে, টেলিফোনত মুখেৰে মনৰ ভাৱ প্ৰকাশ কৰিব পাৰি।

প্রশ্ন ৪। মেৰীয়ে গুৱাহাটীত ফুৰি কি কি ঠাই দেখা পালে লিখা। 

উত্তৰ : মেৰীয়ে গুৱাহাটীত কামাখ্যা মন্দিৰ, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, তাৰকা গৃহ, শৰাইঘাট দলং আৰু উমানন্দ মন্দিৰ দেখা পালে। 

প্রশ্ন ৫। তিনিবিধ যোগাযোগৰ মাধ্যমৰ নাম লিখা।

উত্তৰ : চিঠি, টেলিগ্রাম আৰু টেলিফোন। 

প্রশ্ন ৬। ডাকঘৰৰ কাম কি কি ?

উত্তৰ : ডাকঘৰে চিঠিপত্র পঠায়, ডাকঘৰে টকা পইচা পঠোৱাৰ ব্যৱস্থা কৰে, ডাকঘৰত টকা-পইচা সঞ্চয় কৰিব পাৰি, টেলিগ্রাম পঠোৱা আদি কামও ডাকঘৰে কৰে।

প্রশ্ন ৭। তোমাৰ বন্ধু-বান্ধবীলৈ তোমাৰ পৰীক্ষাৰ খবৰ জনাই চিঠি এখন লিখা।

উত্তৰ : শ্রীহৰি

মৰমৰ তৰুণ,

তাং――

স্থান――

মৰম লৰা। মোৰ ভাল। আশা কৰো তুমিও ভালে আছা। তোমার পৰীক্ষা কেনে হ’ল জনাবা। মোৰ পৰীক্ষা ভাল হৈছে। এতিয়া আমি গুৱাহাটীলৈ ফুৰিবলৈ যাম। পাৰা যদি তুমিও আমাৰ লগত ওলাবা। আজিলৈ সামৰিছো।

ইতি 

তোমাৰ বন্ধু

পার্থজ্যোতি কলিতা

সমীপেষু

তৰুণ কলিতা

মাৰফৎ : শ্রীযুত টিলক কলিতা 

ডাকঘৰ – হাৰিভাঙ্গা

গাওঁ – হাৰিভাঙ্গা

জিলা – নলবাৰী

পিন – ৭৮১৩৭৮

অতিৰুক্ত প্রশ্নোত্তৰ

প্রশ্ন ১। দুবিধ খৰতকীয়া যোগাযোগ মাধ্যমৰ নাম লিখা। 

উত্তৰ : টেলিফোন আৰু ফেক্স।

প্রশ্ন ২। মণি অৰ্ডাৰ কৰা মানে কি ?

উত্তৰ : ডাকযোগে টকা পঠিওৱাক মণি অর্ডাৰ কৰা বোলে। 

প্রশ্ন ৩। মেৰীৰ দেউতাকে কিহেৰে গুৱাহাটীলৈ আহিছিল ?

উত্তৰ : মেৰীৰ দেউতাকে উৰাজাহাজেৰে গুৱাহাটীলৈ আহিছিল।

প্রশ্ন ৪। ডিব্ৰুগড় জিলাৰ কোন ঠাইৰ পৰা উৰাজাহাজ চলে ? 

উত্তৰ : ডিব্ৰুগড় জিলাৰ মোহনবাৰীৰ পৰা উৰাজাহাজ চলে। 

প্রশ্ন ৫। মেৰীৰ দেউতাকে কাৰ পৰা টকা ধাৰে লৈছিল ? 

উত্তৰ : মেৰীৰ দেউতাকে মিনুৰ দেউতাকৰ পৰা টকা ধাৰে লৈছিল। 

প্রশ্ন ৬। ডাকঘৰৰ সকলো কাম চোৱাচিতা কৰা মানুহজনক কি বোলে ?

উত্তৰ : পোষ্টমাষ্ট’ৰ বোলে।

প্রশ্ন ৭। এবিধ আধুনিক যোগাযোগ ব্যৱস্থাৰ নাম লিখা। 

উত্তৰ : এবিধ আধুনিক যোগাযোগ ব্যবস্থা হ’ল ফেক্স।

প্রশ্ন ৮। খালী ঠাই পূৰ কৰা :

(ক) মিনুৰ দেউতাকে টকাখিনি পাই –––––দ্বাৰা ধন্যবাদ জনালে।

উত্তৰ : মিনুৰ দেউতাকে টকাখিনি পাই টেলিফোনৰ দ্বাৰা ধন্যবাদ জনালে।

(খ) টেলিফোনত কথা পতাৰ আগতে শুদ্ধ ফোনৰ নম্বৰ –––––কৰা প্ৰয়োজন।

উত্তৰ : টেলিফোনত কথা পতাৰ আগতে শুদ্ধ ফোনৰ নম্বৰ ডায়েল কৰা প্রয়োজন।

(গ) চিঠিখন পাই মেৰীয়ে মনত বৰ –––––পালে।

উত্তৰ : চিঠিখন পাই মেৰীয়ে মনত বৰ ৰং পালে।

(ঘ) ডাকযোগে টকা পঠিওৱাক –––––বোলে।

উত্তৰ : ডাকযোগে টকা পঠিওৱাক মণি অর্ডাৰ বোলে।

(ঙ) শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্র –––––অৱস্থিত। 

উত্তৰ : শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্র গুৱাহাটীত অৱস্থিত। 

(চ) –––––চিঠিবোৰ মানুহৰ ঘৰে ঘৰে দিয়ে।

উত্তৰ : ডাকোৱালে চিঠিবোৰ মানুহৰ ঘৰে ঘৰে দিয়ে।

(ছ) সকলো ডাকঘৰৰ পৰা টেলিগ্রাম কৰা সুবিধা –––––৷

উত্তৰ : সকলো ডাকঘৰৰ পৰা টেলিগ্রাম কৰা সুবিধা নাথাকে। 

(জ) টেলিফোন পায়েই মেৰীৰ দেউতাক –––––আহিবলৈ ওলাল। 

উত্তৰ : টেলিফোন পায়েই মেৰীৰ দেউতাক গুৱাহাটীলৈ আহিবলৈ ওলাল।

প্রশ্ন ৯। শুদ্ধ উত্তৰটো বাচি উলিওৱা :

(ক) টেলিফোনৰ যোগেদি পৃথিৱীৰ বিভিন্ন খবৰ –– তৎক্ষণাত পাব পাৰি/নোৱাৰি।

উত্তৰ : টেলিফোনৰ যোগেদি পৃথিৱীৰ বিভিন্ন খবৰ – তৎক্ষণাত পাব পাৰি।

(খ) চিঠিপত্র কঢ়িয়াই অনা মানুহজনক পোষ্টমাষ্টৰ/ডাকোৱাল বোলে।

উত্তৰ : চিঠিপত্ৰ কঢ়িয়াই অনা মানুহজনক ডাকোৱাল বোলে। 

(গ) পূজাৰ বন্ধত মেৰী বাছেৰে/ৰে’লেৰে গুৱাহাটীলৈ আহিল। 

উত্তৰ : পূজাৰ বন্ধত মেৰী ৰেলেৰে গুৱাহাটীলৈ আহিল। 

(ঘ) ব্রহ্মপুত্র দলং ব্রহ্মপুত্র নদী/বৰাক নদীৰ ওপৰত। 

উত্তৰ : ব্ৰহ্মপুত্ৰ দলং ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত।

(ঙ) ডাকঘৰত টকা পইচা জমা কৰি থব পাৰি / নোৱাৰি। 

উত্তৰ : ডাকঘৰত টকা পইচা জমা কৰি থব পাৰি।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top