Class 12 History Chapter 16 ভাৰতীয় সংবিধান সংকলন

Class 12 History Chapter 16 ভাৰতীয় সংবিধান সংকলন The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 History Chapter 16 ভাৰতীয় সংবিধান সংকলন and select needs one.

Class 12 History Chapter 16 ভাৰতীয় সংবিধান সংকলন

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 History Chapter 16 ভাৰতীয় সংবিধান সংকলন Solutions for All Subject, You can practice these here…

ৰচনাধর্মী প্রশ্নোত্তৰ 

প্রশ্ন ১। প্রস্তাৱনাৰ সাংবিধানিক তাৎপর্য সম্পর্কে আলােচনা কৰা । 

উত্তৰঃ প্ৰস্তাৱনাৰ সাংবিধানিক তাৎপর্যবােৰ হ’ল— 

( ক ) প্রস্তাৱনাৰ জৰিয়তে সংবিধানখনে অনুসৰণ কৰা আদর্শবােৰৰ বিষয়ে জানিব পাৰি । 

( খ ) ভাৰতীয় সংবিধানখনৰ প্ৰস্তাৱনাৰ আদৰ্শৰ দ্বাৰা প্ৰভাৱান্বিত হৈ বিখ্যাত দার্শনিক পণ্ডিত আর্নেষ্ট বার্কাৰে তেওঁৰ সামাজিক আৰু ৰাজনৈতিক তত্ত্বৰ ওপৰত প্রকাশিত গ্রন্থখনিৰ আৰম্ভণিত এই প্রস্তাৱনাৰ উল্লেখ কৰিছে আৰু ইয়াক তেওঁৰ গ্ৰন্থৰ মূল সূত্র বুলি স্বীকৃতি প্রদান কৰিছে । 

( গ ) সংবিধানখনৰ কোনাে আদৰ্শৰ শব্দ , বাক্য আদিৰ অৰ্থ স্পষ্ট নহলে প্রকৃত অর্থ উলিয়াবলৈ প্রস্তাৱনাৰ ব্যাখ্যাৰ প্রয়ােজন । প্রস্তাৱনাৰ শুদ্ধ ব্যাখ্যাৰ জৰিয়তে সেই অংশৰ অৰ্থ উলিয়াবলৈ প্রস্তাৱনাৰ ব্যাখ্যাৰ প্রয়ােজন । 

( ঘ ) প্ৰস্তাৱনাৰ “ আমি ভাৰতীয় জনসাধাৰণ ” বােলা কথাষাৰ অতি গুৰুত্বপূর্ণ । কিয়নাে সার্বভৌম ক্ষমতাৰ অধিকাৰী হৈ আমি আমাৰ আশা – আকাংক্ষাবােৰ বাস্তৱত ৰূপ দিবলৈ নিজে সংবিধান সভাৰ জৰিয়তে এখন সংবিধান ৰচনা কৰি নিজকে প্রদান কৰিছাে । প্রস্তাৱনাত উল্লেখ থকা সাম্য , মৈত্রী আৰু ভাতৃত্বৰ জৰিয়তে দেশৰ ঐক্য আৰু অখণ্ডতাৰ কথা কোৱা হৈছে । 

( ঙ ) প্ৰস্তাৱনাত চৰকাৰ এখনে নির্দিষ্টভাৱে মানিব লগীয়া কিছুমান নীতি – নির্দেশনা জাৰি কৰিছে । ইয়াৰ জৰিয়তে চৰকাৰ এখনে শুদ্ধ পথেৰে নিজৰ কামকাজ চলাই নিয়াত সহায় কৰিছে । 

প্রশ্ন ২। ভাৰতবর্ষ এখন গণতান্ত্রিক ৰাষ্ট্র এই উক্তিৰ সত্যতা প্রমাণ কৰা ।

উত্তৰঃ ভাৰতবর্য এখন গণতান্ত্রিক ৰাষ্ট্ৰ বুলি কোৱা হয় । কাৰণ— 

( ক ) গণতন্ত্র শব্দটো ইংৰাজী “ Democracy ” শব্দৰ অনুদিত অসমীয়া ৰূপ ৷ আনহাতে Democracy শব্দটো গ্রীক ভাষাৰ “ ডেমচ আৰু “ ক্রেটচ ” শব্দৰ পৰা আহিছে । ডেমচ মানে হ’ল জনসাধাৰণ , আনহাতে ক্রেটচ ” মানে হ’ল ক্ষমতা । গতিকে গণতন্ত্র মানে হ’ল জনসাধাৰণৰ ক্ষমতা । যিটো বর্তমান ভাৰতবৰ্ষত প্রযােজ্য হৈ আহিছে । 

( খ ) ভাৰতবর্ষ এখন গণতান্ত্রিক দেশ । সেয়ে যােগ্যতাৰ ভিত্তিত সকলােলােকে নির্বাচনত অংশ গ্রহণ কৰিব পাৰে । 

( গ ) ভাৰতীয় সংবিধানে প্ৰদান কৰা মৌলিক অধিকাৰবােৰ জনসাধাৰণে ভােগ কৰি আহিছে । 

( ঘ ) আইনৰ শাসন হ’ল ভাৰতবৰ্ষৰ গণতন্ত্রৰ এক প্ৰধান দিশ । 

( ঙ ) ভাৰতবর্য এখন গণতান্ত্রিক দেশ হিচাপে জনসাধাৰণে প্রত্যক্ষ আৰু পৰােক্ষ ভাবে নির্বাচনত অংশগ্ৰহণৰ সুবিধা লাভ কৰিছে । 

( চ ) গণতান্ত্রিক চৰকাৰৰ ক্ষমতা জনসাধাৰণৰ হাতত থাকে । এই চৰকাৰত জনসাধাৰণে নিজেই নিজক শাসন কৰে । 

( ছ ) জনসাধাৰণৰ মতা চৰকাৰৰ দ্বাৰাহে কার্যকৰী কৰা হয় । গতিকে গণতন্ত্রই জনসাধাৰণৰ চৰকাৰকহে বুজায় । 

প্রশ্ন ৩। সংসদীয় পদ্ধতিৰ চৰকাৰ বুলিলে কি বুজা ? 

উত্তৰঃ স্বাধীন ভাৰতবৰ্ষই সংসদীয় পদ্ধতিৰ শাসন ব্যৱস্থা গ্ৰহণ কৰি আহিছে । এই অনুসৰি লােকসভা আৰু ৰাজ্যসভাক লৈ সংসদ গঠন হৈছে, লােকসভা হ’ল নিম্ন সদন ।

আনহাতে ৰাজ্যসভা হ’ল উচ্চ সদন । লােকসভালৈ জনসাধাৰণ প্রত্যক্ষ ভােটৰ জৰিয়তে প্রতিনিধি প্ৰেৰণ কৰে । পিছত সংখ্যাগৰিষ্ঠ দলে চৰকাৰ গঠন কৰে । ৰাষ্ট্রপতি হ’ল দেশৰ মুৰব্বী প্রধান । আনহাতে প্রধান মন্ত্রীজন হ’ল চৰকাৰৰ মুৰব্বী । প্রধানমন্ত্রী আৰু তেওঁৰ মন্ত্রী সকলে ৰাষ্ট্ৰপতিৰ হৈ কার্যনির্বাহ কৰে । সংখ্যাগৰিষ্ঠ দলটোৰ ওপৰত চৰকাৰ বা প্রধানমন্ত্রী কার্যকাল নিৰ্ভৰ কৰে । 

প্রশ্ন ৪। ধর্ম নিৰপেক্ষ বুলিলে কি বুজা ? ভাৰতবর্ষ এখন ধর্ম নিৰপেক্ষ ৰাষ্ট্ৰ বুলি ভাবানে ? 

উত্তৰঃ ভাৰতীয় সংবিধানে ভাৰতবৰ্ষক এখন ধর্ম নিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে স্বীকৃতি প্রদান কৰিছে । ধর্ম নিৰপেক্ষতাবাদৰ ভেটি সুদৃঢ় কৰাৰ কাৰণেই ভাৰতীয় সংবিধানে কোনাে ধর্মকে ৰাষ্ট্রীয় মর্যাদা প্রদান কৰাৰ পৰা বিৰত আছে । ইয়াৰ ফলত ভাৰতৰ সামাজিক জীৱনৰ প্ৰগতিৰ ধাৰাত ধর্মই , কোনাে বাধাৰ সৃষ্টি কৰিব পৰা নাই । সকলাে ধৰ্মৰ লোকে নিজ ধর্ম পালনত কোনাে বাধা নাই । আনহাতে পৰম্পৰে পৰম্পৰৰ ধৰ্মৰ ওপৰত হাত দিয়াৰাে কোনাে অধিকাৰ নাই । এই ফালৰ পৰা ভাৰতবৰ্ষক এখন ধর্ম নিৰপেক্ষ ৰাষ্ট্ৰ বুলি কোৱা হয় । 

প্রশ্ন ৫ কল্যাণকামী ৰাষ্ট্রৰ ওপৰত চমুকৈ লিখা । 

উত্তৰঃ কল্যাণকামী ৰাষ্ট্ৰৰ ধাৰণাতাে বিংশ শতিকাৰ এটা অতি জনপ্রিয় ৰাজনৈতিক ধাৰণা । “ কল্যাণকামী ” শব্দটোৱে এনে ধাৰণা দিয়ে যে সমাজৰ দুর্বল শ্রেণীটোৱে জীৱন ধাৰণৰ বাবে সামগ্ৰী আৰু আন আহিলাবােৰ পােৱাৰ ব্যৱস্থা ৰাষ্ট্ৰই নিজেই কৰিব লাগে । চিন্তাবিদ কোলৰ মতে কল্যাণকামী ৰাষ্ট্র এনে এখন সমাজ য’ত প্রত্যেক নাগৰিকে জীৱন – নির্বাহৰ নিম্নতম এটা মান উপভােগ কৰাৰ বাবে আৱশ্যকীয় সুযােগ – সুবিধা খিনি প্ৰদান কৰা হয় । 

ভাৰতবৰ্ষ এখন কল্যাণকামী ৰাষ্ট্র হিচাপে প্রত্যেক ব্যক্তিৰ নূনতম সা – সুবিধাখিনি প্রদান কৰিব বিচাৰে । বর্তমান বিশ্বৰ প্ৰায়বােৰ ৰাষ্ট্রতে কল্যাণকামী ৰাষ্ট্ৰৰ কার্যাৱলীৰ গুৰুত্ব আৰু প্রাধান্য বৃদ্ধি পাই আহিছে । 

প্রশ্ন ৬। যুক্তৰাজ্যবাদ বুলিলে কি বুজা ? অথবা , ভাৰতবর্ষ এখন ৰাজ্যসমুহৰ সংঘ ” — বহলাই আলােচনা কৰা । 

উত্তৰঃ ভাৰতীয় সংবিধানৰ ১ নং অনুচ্ছেদত ভাৰতক এখন ৰাজ্যসমূহৰ সংঘ ’ বুলি আখ্যা দিয়া হৈছে । সংবিধানৰ কোনাে ঠাইতে ভাৰত এখন যুক্তৰাষ্ট্ৰ ‘ বুলি উল্লেখ কৰা নাই । তথাপিও গাঁথনিৰ ফালৰ পৰা ভাৰতবর্ষ এখন যুক্তৰাষ্ট্র ।ইয়াৰ বিধি – ব্যৱস্থাসমূহত যুক্ত ৰাজ্যৰ লক্ষণ সমূহ দেখা বাবেই যুক্তৰাজ্যৰ সমপর্যায়ৰ বুলি কব পাৰি । যুক্তৰাষ্ট্ৰীয় শাসনৰ বেছিভাগ বৈশিষ্ট্য যেনে এখন লিখিত সংবিধান , কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতাৰ বিভাজন , স্বাধীন ন্যায়পলিকা আদি ইয়াত বিৰাজমান , বর্তমান ভাৰতবর্য ২৮ খন ৰাজ্য আৰু সাতখন কেন্দ্রীয় শাসিত অঞ্চলক লৈ গঠিত । 

প্রশ্ন ৮। সার্বভৌম গণতান্ত্রিক গণৰাজ্য বুলিলে কি । 

উত্তৰঃ ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত ভাৰতবৰ্ষক এখন সার্বভৌম গণতান্ত্রিক গণৰাজ্য হিচাপে ঘােষণা কৰিছে । এই তিনিটা শব্দৰ সুকীয়া অর্থ পােৱা যায় । সেই অনুসৰি –

সার্বভৌম :- সংবিধানৰ প্ৰস্তাৱনাত ভাৰতবৰ্ষক এখন সার্বভৌম ৰাষ্ট্ৰ বুলি ঘােষণা কৰা হৈছে । সার্বভৌম হ’ল অন্য কোনাে বিদেশী শক্তিৰ আজ্ঞা বা আদেশ পালন নকৰাকৈ ভাৰতবৰ্ষই নিজৰ আভ্যন্তৰীণ আৰু বৈদিশীক নীতি অনুসৰণ কৰিব পাৰিব । যিকোনাে আন্তঃৰাষ্ট্রীয় সংস্থাৰ সদস্য পদে ভাৰতৰ সার্বভৌমত্বক ম্লান কৰিব নােৱাৰে । গণতান্ত্রিক প্রস্তাৱনাত ভাৰতবৰ্ষক এখন গণতান্ত্রিক ৰাষ্ট্ৰ বুলি কোৱা হৈছে । ইয়াৰ দ্বাৰা জনসাধাৰণে ৰাজনৈতিক আৰু সামাজিক অধিকাৰ লাভ কৰিছে । চৰকাৰ নিৰ্বাচনৰ ক্ষেত্ৰত জনসাধাৰণে যােগ্যতাৰ ভিত্তিত প্রত্যক্ষভাৱে অংশগ্রহণৰ সুবিধা লাভ কৰিছে । প্রাপ্তবয়স্ক ভােটাৰ সকলে ভােট প্রদানৰ সুবিধা লাভ কৰিছে । গণতন্ত্রৰ দ্বাৰা ভাৰতবৰ্ষক এখন কল্যাণকামী ৰাষ্ট্ৰ হিচাপে স্বীকৃতি প্রদান কৰিছে । 

গণৰাজ্য :- প্রস্তাৱনাত গণৰাজ্য শব্দটিৰ দ্বাৰা ভাৰতবৰ্ষত গণতান্ত্রিক পদ্ধতিক আৰু অধিক শক্তিশালী কৰিব বিচৰা হৈছে । ভাৰতীয় সংবিধানৰ অধীনস্থ সকলাে ক্ষমতাৰ উৎস হৈছে  ভাৰতীয় জনসাধাৰণ । শাসন ব্যৱস্থাত বংশানুক্রমিক অধিকাৰ ৰদ কৰা হৈছে । কাৰণ প্রত্যক্ষভাবে চৰকাৰ গঠন কৰা আৰু পৰােক্ষভাৱে ৰাষ্ট্ৰৰ মুৰব্বী ৰাষ্ট্রপতি নির্বাচন কৰাৰ অধিকাৰ জনসাধাৰণে লাভ কৰিছে । চমুকৈ ক’বলৈ হ’লে গণৰাজ্য মানে হ’ল জনগণৰ দেশ । কোনাে ব্যক্তি বিশেষ দেশ বা চৰকাৰ নহয় । 

প্রশ্ন ৯। ভাৰতীয় সংবিধান গঠন হােৱাৰ ঐতিহাসিক পটভূমিৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ ১৯৪৬ চনৰ ১৫ মে তাৰিখে প্রস্তাবিত কেবিনেট মিছনৰ আঁচনিৰ ভিত্তিত ভাৰতৰ সংবিধানখন ৰচনাৰ কাম হাতত লােৱা হয় । সেই অনুসৰি ১৯৪৬ চনৰ ৯ ডিচেম্বৰ তাৰিখে সংবিধান সভাৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয় । পাকিস্তান গঠনৰ দাবীত লাগি থকাৰ কাৰণে মুছলিম লীগৰ সদস্য সকলে এই কামত জড়িত হােৱাৰ পৰা আঁতৰত থাকে । তথাপিও ড° ৰাজেন্দ্র প্রসাদৰ সভাপতিত্বত সংবিধান সভাই ভাৰতৰ কাৰণে এখন সংবিধান ৰচনাৰ কামত অগ্ৰসৰ হয় । 

সংবিধানখন চালি জাৰি চোৱাৰ কাৰণে তেৰখন সমিতি গঠন কৰা হয় । সেই কমিটি সমূহৰ প্রতিবেদনৰ ভিত্তিত ড° বেনীগেল নৰসিংহৰাও নামে এজন সাংবিধানিক উপদেষ্টাই এখন প্রাথমিক খচৰা তৈয়াৰ কৰে । তাক চূড়ান্তৰূপ দিয়াৰ কাৰণে ড° ভীমৰাও আম্বেদকাৰৰ নেতৃত্বত ১৯৪৭ চনৰ ২৯ আগষ্টত এখন বিশেষজ্ঞ সমিতি গঠন কৰা হয় । সেই সমিতিয়ে প্রস্তুত কৰা চূড়ান্ত খচৰাখন পুংখানুপুংখভাৱে বিবেচনা কৰি ১৯৪৯ চনৰ ২৬ নৱেম্বৰ তাৰিখে সংবিধান সভাই ইয়াক গ্ৰহণ কৰে । 

খচৰা সংবিধানৰ চূড়ান্তৰূপ দিয়াৰ কাৰণে ড° আম্বেদকাৰক ভাৰতীয় সংবিধান প্রণেতা বুলি কোৱা হয় । এই সংবিধানখন ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা বলবৎ কৰি ভাৰতবৰ্ষক এখন “ সার্বভৌম গণতান্ত্রিক প্রজাতন্ত্র ” হিচাপে ঘােষণা কৰা হয় । তেতিয়াৰে পৰা ২৬ জানুৱাৰী দিনটো গণতন্ত্র বা প্রজাতন্ত্র দিৱস হিচাপে পালন কৰি অহা হৈছে । এনেদৰে ভাৰতীয় সংবিধানখনৰ জন্ম হৈছিল । 

প্রশ্ন ১০। ভাৰতীয় যুক্তৰাজ্যবাদৰ বৈশিষ্ট্যবােৰ আলােচনা কৰা । 

উত্তৰঃ ভাৰতীয় যুক্তৰাজ্যবাদৰ প্রধান বৈশিষ্ট্যবােৰ তলত উল্লেখ কৰা ধৰণে আলােচনা কৰিব পাৰি । যেনে—

( ক ) লিখিত সংবিধান :- ভাৰতবৰ্ষৰ সংবিধানখন হ’ল এখন লিখিত দীঘলীয়া সংবিধান । আইনগতভাৱে সংগঠিত এক সংবিধান সভাই ইয়াক ৰচনা কৰিছে আৰু ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা ইয়াক বলবৎ কৰা হৈছে । 

( খ ) দুই ধৰণৰ চৰকাৰ :- ভাৰতবৰ্ষত দুই ধৰণৰ চৰকাৰ দেখা যায় । কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰ । উভয় চৰকাৰে সাংবিধানিকভাৱে ক্ষমতা লাভ কৰিছে । 

( গ ) ক্ষমতাৰ বিভাজন :- যুক্তৰাষ্ট্ৰত আন এটা বৈশিষ্ট্য হ’ল ক্ষমতাৰ বিভাজন । অর্থাৎ সকলাে ক্ষমতা কেন্দ্রীয় চৰকাৰতে আবদ্ধ হৈ থকা নাই । ওপৰৰ পৰা নিম্ন পর্যায়লৈ ক্ষমতাৰ বিকেন্দ্রীকৰণ কৰা হৈছে । 

( ঘ ) স্বাধীন ন্যায় পালিকা :- ভাৰত যুক্তৰাষ্ট্ৰত এখন স্বাধীন ন্যায়পালিকা প্রতিষ্ঠা কৰা হৈছে । এই ন্যায়ালয়ে চৰকাৰ সমূহৰ মাজত হােৱা বিবাদ মীমাংসা কৰিব পাৰে । এই ন্যায়ালয়ে জনসাধাৰণৰ মৌলিক অধিকাৰ ৰক্ষণাবেক্ষণ দিয়ে আৰু সংবিধানৰ অভিভাৱক হিচাপে কার্যনির্বাহ কৰে । 

( ঙ ) দ্বি-সদনযুক্ত বিধানমণ্ডল :- যুক্তৰাষ্ট্রৰ আন এটা বৈশিষ্ট্য হ’ল দ্বি – সদনযুক্ত বিধানমণ্ডল । এই বিধানমণ্ডল দুটা হ’ল ৰাজ্যসভা আৰু লােক সভা । লােকসভা হ’ল নিম্ন সদন । আনহাতে উচ্চ সদন হ’ল ৰাজ্যসভা । 

( চ ) সংবিধানৰ সর্বোচ্চতা :- যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাত সংবিধানৰ প্রাধান্যতা প্রতিষ্ঠিত হয় । ই যুক্তৰাষ্ট্রৰ এক অন্যতম বৈশিষ্ট্য । 

প্রশ্ন ১১। ভাৰতীয় সংবিধানখনৰ প্রধান বৈশিষ্ট্যবোৰ আলােচনা কৰা ।

উত্তৰঃ ভাৰতৰ সংবিধানৰ বৈশিষ্ট্যবােৰ তলত উল্লেখ কৰা ধৰণে আলােচনা কৰিব পাৰো । যেনে— 

( ক ) লিখিত সংবিধান :- ভাৰতীয় সংবিধানখনৰ প্রধান বৈশিষ্ট্য হ’ল এয়ে যে – ই এখন লিখিত সংবিধান । প্রায় তিনি বছৰ কঠোৰ পৰিশ্ৰম কৰি সংবিধান প্রণেতাসকলে ইয়াক লিখিতৰূপত প্রকাশ কৰে । 

( খ ) সংবিধানৰ বিশালতা :- পৃথিৱীৰ ভিতৰতে ভাৰতবৰ্ষ হ’ল এখন বৃহত্তম গণতান্ত্রিক দেশ । সেই হিচাপে ইয়াৰ সংবিধানখনাে এখন বৃহৎ আকাৰৰ । সংবিধানখন ২২ টা অধ্যায়ত বিভক্ত , ইয়াত ৩৯৫ টা অনুচ্ছেদ আৰু ১০ খন অনুসূচী আছে । 

( গ ) সংবিধানৰ প্ৰস্তাৱনা :- ভাৰতীয় সংবিধানৰ আন এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল ইয়াৰ প্ৰস্তাৱনা । প্রস্তাৱনাত সংবিধানৰ মূলক উদ্দেশ্য আৰু আদৰ্শৰ কথা কোৱা হৈছে । সংবিধান উদ্দেশ্য হিচাপে সকলাে নাগৰিককে সামাজিক , অর্থনৈতিক আৰু ৰাজনৈতিক ন্যায় প্রদান , চিন্তা, মত প্রকাশ , ধর্ম বিশ্বাস আদিৰ স্বাধীনতা , সকলাে ক্ষেত্রতে সমতা আৰু ভাতৃত্ববােধৰ জৰিয়তে দেশৰ ঐক্য আৰু অখণ্ডতা ৰক্ষা কৰাৰ কথা কোৱা হৈছে । 

( ঘ ) সংসদীয় গণতন্ত্র :- ভাৰতীয় প্রশাসনীয় ব্যৱস্থা গণতন্ত্রৰ ওপৰত প্রতিষ্ঠিত । প্রত্যক্ষ আৰু পৰােক্ষ নির্বাচনৰ জৰিয়তে চৰকাৰ আৰু দেশৰ মুৰব্বী তথা দেশ শাসনৰ মুৰব্বী হলেও প্রকৃতপক্ষে প্রধানমন্ত্রী আৰু তেওঁৰ মন্ত্রী পৰিষদেহে দেশৰ সকলাে কার্য সম্পাদন কৰে । প্রত্যেক পাঁচ বছৰ মূৰে মূৰে লােকসভা আৰু ৰাজ্যিক বিধানসভা গঠনৰ ব্যৱস্থা কৰে ।

( ঙ ) যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা :- সংবিধানে ভাৰতক এখন ৰাজ্যসংঘ বুলি অভিহিত কৰিছে । অর্থাৎ কিছুমান ৰাজ্যক লৈ ভাৰতবর্ষ এখন যুক্তৰাষ্ট্ৰত পৰিণত হৈছে । শাসন ব্যৱস্থাৰ দিশসমূহ কেন্দ্র আৰু ৰাজ্যসমূহৰ দ্বাৰা পৰিচালিত হয় । কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰসমূহৰ মাজত সম্পর্ক থাকে । সেয়ে শাসন ব্যৱস্থাৰ ক্ষেত্ৰত সমতাৰ বিভাজন লক্ষ্য কৰা যায় । কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰসমূহৰ মাজত মতানৈক্য ঘটিলে তাৰ মীমাংসাৰ কাৰণে উচ্চতম ন্যায়ালয় প্রতিষ্ঠা কৰা হৈছে । 

( চ ) মৌলিক অধিকাৰ :- ভাৰতীয় সংবিধানে ভাৰতীয় জনসাধাৰণক ছয় বিধ মৌলিক অধিকাৰ প্ৰধান কৰিছে । সেইবােৰ হ’ল— 

( ক ) সমতাৰ অধিকাৰ ।

( খ ) স্বাধীনতাৰ অধিকাৰ ।

( গ ) শােষণৰ বিৰুদ্ধে অধিকাৰ ।

( ঘ ) ধর্মীয় অধিকাৰ ।

( ঙ ) সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ । আৰু 

( চ ) সাংবিধানিক প্রতিকাৰৰ অধিকাৰ । 

( ছ ) মৌলিক কর্তব্য :- মৌলিক অধিকাৰৰ লগতে ভাৰতীয় সংবিধানে ভাৰতীয় লােকসকলক কিছুমান মৌলিক কর্তব্যৰ কথা সন্নিৱিষ্ট কৰা হৈছে । ইয়াত প্রায় দহ বিধ মৌলিক কর্তব্যৰ কথা কোৱা হৈছে । অৱশ্যে এনে মৌলিক কর্তব্যবােৰ মৌলিক অধিকাৰৰ নিচিনা ন্যায় বিচাৰযােগ্য নহয় । দেশ আৰু জনসাধাৰণৰ স্বাৰ্থৰ কাৰণে সেইবােৰ পালন কৰাৰ কাৰণে আহ্বান জনােৱা হৈছে । 

( জ ) সার্বজনীন প্রাপ্তবয়স্ক ভােটাধিকাৰ :- ১৮ বছৰৰ ওপৰৰ সকলাে লােককে ভাৰতীয় সংবিধানে ভােটাধিকাৰ প্ৰদান কৰিছে । এনে ব্যক্তিসকলে নিজৰ বিবেক অনুসৰি দেশ শাসনৰ কাৰণে নেতা নির্বাচন কৰিব পাৰে । এনে ব্যৱস্থাৰ জৰিয়তে গণতন্ত্রৰ ভেটি অধিক সুদৃঢ় কৰাত সহায় কৰিছে । 

( ঝ ) ৰাষ্ট্ৰপতিৰ জৰুৰীকালীন ক্ষমতা :- ভাৰতীয় সংবিধানে ৰাষ্ট্রপতিক দেশৰ মুৰব্বী হিচাপে ক্ষমতা প্রদান কৰিছে । সেই ফালৰ পৰা তেওঁক কিছুমান বিশেষ জৰুৰীকালীন ক্ষমতা প্রদান কৰা হৈছে । দেশখনৰ অস্থিৰ অৱস্থা , বৈদেশিক আক্রমণ , দেশৰ বিকল অর্থনৈতিক অৱস্থা আদিৰ ক্ষেত্ৰতে ৰাষ্ট্রপতিয়ে দেশত জৰুৰীকালীন ক্ষমতা প্রয়ােগ কৰিব পাৰে ৷ 

( ঞ ) স্বাধীন ন্যায়পালিকা :- স্বাধীন ন্যায়পালিকা ভাৰতীয় সংবিধানৰ আন এক উল্লেখযােগ্য বিশেষত্ব । ন্যায়পালিকা হৈছে সংবিধানৰ ৰক্ষক আৰু ই কাৰ্যপালিকা আৰু বিধান মণ্ডলৰ প্রভাৱৰ পৰা মুক্ত সংবিধানে সমগ্ৰ ভাৰতৰ কাৰণে এখন উচ্চতম ন্যায়ালয় আৰু প্রত্যেক ৰাজ্যতে একোখনকৈ উচ্চ ন্যায়ালয় স্থাপন কৰাৰ ব্যৱস্থা কৰিছে । 

প্রশ্ন ১২। পৃথক নির্বাচন ব্যৱস্থাৰ বিপক্ষে সংবিধান সভাৰ বিতৰ্কত কিছুমান আদর্শই কি কি যুক্তি দাঙি ধৰিছিল আলােচনা কৰা ।

উত্তৰঃ পৃথক নির্বাচন ব্যৱস্থাৰ বিপক্ষে সংবিধান সভাৰ বিৰ্কত অংশগ্রহণ বা ব্যক্তিসকলৰ ভিতৰত গােৱিন্দ বল্লভ পন্ট আছিল এজন অতি উল্লেখযােগ্য ব্যক্তি । তেওঁ পৃথক নির্বাচন ব্যৱস্থা সংখ্যালঘু সকলৰ কাৰণে আত্মঘাতী কার্য হ’ব বুলি মত পােষণ কৰিছিল । তেওঁৰ মতে এনে ব্যৱস্থাই সংখ্যালঘু সকলক সাংঘাতিক অনিষ্ট কৰিব । কাৰণ তেওঁলােক যদি চিৰকালৰ বাবে অকলশৰীয়া হৈ পৰে , তেতিয়াহ’লে তেওঁলােক কেতিয়াও সংখ্যাগৰিষ্ঠ হ’ব নােৱাৰিব । আনকি হতাশাৰ অনুভৱে তেওঁলােকক আৰম্ভণিৰ পৰা পঙ্গু কৰিব বুলি তেওঁ অনুভৱ কৰিছিল । তেওঁ সংখ্যালঘুসকল সদায় সংখ্যালঘু হৈ থকাৰ কথা চিন্তা কৰা নাছিল ।

ঠিক তেনেকৈয়ে চৰ্দাৰ বল্লভ ভাই পেটেলেও পৃথক নির্বাচন ব্যৱস্থাক সমর্থন কৰা নাছিল । তেওঁ মত পােষণ কৰি কৈছিল যে তােমালোকে মােক এনে এখন স্বাধীন দেশ দেখুৱাব পাৰিবানে য’ত পৃথক নির্বাচন আছে ? যদি আছে মই মানিবলৈ সাজু আছোঁ । কিন্তু যদি এইখন দুৰ্ভগীয়া দেশত পৃথক নির্বাচনী ব্যৱস্থা তিষ্ঠি থাকিবই লগা হয় , তেতিয়াহ’লে ইয়াত বাস কৰাৰ অনুপযােগী হৈ পৰিব । ব্রিটিছসকল গ’ল, কিন্তু তেওঁলােকে আমাক ক্ষতি সাধন কৰি থৈ গ’ল । 

প্রশ্ন ১৩। সংবিধান সভাৰ সদস্যসকলে এখন শক্তিশালী কেন্দ্রীয় চৰকাৰৰ সপক্ষে কি কি যুক্তি দাঙি ধৰিছিল ? 

উত্তৰঃ সংবিধান সভাত কেন্দ্রীয় চৰকাৰ শক্তিশালী কৰাৰ বাবেও কিছুমান নেতাই মত পােষণ কৰিছিল । 

জৱাহৰলাল নেহৰুৱে দেশৰ অখণ্ডতা আৰু নিৰাপত্তা নিশ্চিত কৰিবৰ কাৰণে কেন্দ্রীয় চৰকাৰৰ হাতত অধিক সমতাৰ পােষকতা কৰিছিল । তেওঁৰ মতে দুর্বল কেন্দ্রীয় চৰকাৰ এখনে ৰাষ্ট্ৰৰ শান্তি নিশ্চিত কৰিব নােৱাৰে । বিভিন্ন প্রান্তৰ উমৈহতীয়া বিষয়বােৰৰ সমন্বয় ৰক্ষা কৰাটো কঠিন হ’ব ৷ ইয়াৰ উপৰি আন্তর্জাতিক ক্ষেত্ৰতাে সমগ্র দেশখনৰ স্বার্থ সুৰক্ষিত কৰাতাে অসুবিধা আহি পৰিব । 

ড° ভীমৰাও আম্বেদকাৰেও কেন্দ্রীয় চৰকাৰ শক্তিশালী হােৱাৰ ওপৰত গুৰুত্ব আৰােপ কৰিছিল । তেওঁৰ মতে দেশৰ চুকে – কোণে সঘনাই ঘটি থকা বিদ্রোহ , আন্দোলন অথবা হিংসাত্মক ঘটনাবােৰৰ কথা মনত ৰখা উচিত । এনেবােৰ ঘটনাই দেশখনক ইতিমধ্যে বহুদূৰ পিছুৱাই নিছে । সাম্প্রদায়িক শক্তিক বাধা দিয়াৰ ক্ষেত্ৰতাে কেন্দ্রীয় চৰকাৰ শক্তিশালী হােৱাৰ ওপৰত তেওঁ জোৰ দিছিল । 

গােপালস্বামী আয়েঙ্গাৰেও কেন্দ্রীয় চৰকাৰ শক্তিশালী হােৱাৰ ওপৰত গুৰুত্ব আৰােপ কৰিছিল । তেওঁ নিজৰ মত পােষণ কৰি কৈছিল যে যিমান সম্ভৱ সিমান ক্ষমতা কেন্দ্রীয় চৰকাৰক দিব লাগে । ইউনাইটেড প্রভিন্সৰ বালকৃষ্ণ শর্মাই কৈছিল যে এক শক্তিশালী কেন্দ্রইহে দেশখনৰ সামূহিক স্বার্থ ৰক্ষা কৰিব পাৰে । আসন আৰু সম্পদ সঠিকভাৱে পৰিচালনা কৰিব পাৰে । 

প্রশ্ন ১৪। ৰাষ্ট্ৰীয় ভাষা সম্পর্কে মহাত্মা গান্ধীৰ দৃষ্টিভংগী কেনে ধৰণৰ আছিল ? 

উত্তৰঃ গান্ধীজীয়ে হিন্দুস্তানী ভাষাক ৰাষ্ট্ৰীয় ভাষা হােৱাটো কামনা কৰিছিল । কাৰণ সকলােৰে গ্রহণযােগ্য ভাষা হিচাপে কংগ্ৰেছে ১৯৩০ ৰ দশকৰ পৰাই হিন্দুস্তানী ভাষাক ৰাষ্ট্ৰীয় ভাষা হিচাপে গ্ৰহণ কৰি আহিছিল । আনহাতে হিন্দুস্তানী হিন্দী আৰু উর্দুৰ সংমিশ্ৰিত এটি ভাষা । ভাৰতৰ অধিকাংশ লােকে এই ভাষাটো ব্যৱহাৰ কৰিছিল । গান্ধীজীৰ মতে হিন্দুস্তানী ভাষা বহু সাংস্কৃতিক ভাষা হিচাপে আৰু ভাব প্রকাশৰ মাধ্যম হিচাপে ভাৰতীয়সকলৰ গ্রহণযােগ্য ভাষা হ’ব পাৰে । 

ইউনাইটেড প্রদেশৰ কংগ্ৰেছী সদস্য আৰ ভি , ধূলাকাৰে সংবিধান সভাত হিন্দী ব্যৱহাৰ হােৱাটো বিচাৰিছিল । আন আন কিছুমান সদস্যইও হিন্দী ভাষাক ৰাষ্ট্ৰীয় ভাষা কৰাৰ কাৰণে বা ইয়াৰ সপক্ষে মত প্রকাশ কৰিছিল । অৱশ্যে আন কিছুমানে ইয়াৰ বিৰােধিতাও কৰিছিল ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top