Class 12 Geography Unit 15 অসমৰ কৃষিখণ্ড আৰু উদ্যোগ

Class 12 Geography Unit 15 অসমৰ কৃষিখণ্ড আৰু উদ্যোগ The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board SCERT Class 12 Geography Unit 15 অসমৰ কৃষিখণ্ড আৰু উদ্যোগ and select needs one.

Class 12 Geography Unit 15 অসমৰ কৃষিখণ্ড আৰু উদ্যোগ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA SCERT Class 12 Geography Unit 15 অসমৰ কৃষিখণ্ড আৰু উদ্যোগ Solutions for All Subject, You can practice these here…

দীঘল প্ৰশ্নৰ উত্তৰ লিখা

৩৯। অসমত এতিয়ালৈ কিমানখন ৰেচম গাওঁ গঢ়ি তােলা হৈছে ? 

উত্তৰঃ অসমত এতিয়ালৈ ৯ হাজাৰৰাে অধিক ৰেচম গাওঁ গঢ়ি তােলা হৈছে । 

৪০।অসমত ব্যবহৃত মাছমৰা সঁজুলিবােৰৰ বিষয়ে এটা চমুটোকা লিখা ।

উত্তৰঃ অসমত ব্যৱহৃত মাছ মৰা সঁজুলিবােৰ হ’ল— জাটক , জালুকী , পল , চেপা , খােকা , খালৈ , লাহনি , খৰা , বান ইত্যাদি । এইবােৰ বাঁহ আৰু বেতেৰে তৈয়াৰ কৰা হয় । 

৪১৷ অসমৰ কৃষিখণ্ডৰ অনগ্রসতাৰ যিকোনাে এটা কাৰণ সম্বন্ধে বহলাই আলােচনা কৰা । 

উত্তৰঃ অসমৰ জনসাধাৰণৰ পৰিয়ালকেন্দ্রিক অর্থনীতি ঘাইকৈ ৰাজ্যখনৰ পৰম্পৰাগত কৃষিকাৰ্যৰ ওপৰত নিৰ্ভৰশীল । অসমৰ ঔদ্যোগিক ক্ষেত্ৰখনাে প্রধানভাৱে কৃষিকাৰ্যৰ দ্বাৰা উৎপাদিত কেঁচামালৰ ওপৰতে চলি আছে । ঘাইকৈ কৃষিকেন্দ্রিক অর্থনীতিৰ ৰাজ্য হােৱা স্বত্বেও অসমৰ কৃষি ব্যৱস্থাৰ সামগ্রিক দৃশ্যপট ভাৰতৰ প্ৰায়বােৰ সমভূমি ৰাজ্যৰ তুলনাত পশ্চাৎগামী । প্রাকৃতিক পৰিৱেশ অনুকূল হােৱাৰ পিছতো অসমৰ অনুন্নত কৃষি ব্যৱস্থাটোৱে ঘাইকৈ কৃষক আৰু ৰাজ্য চৰকাৰৰ অমনোযােগীৰ কাৰণেই আগবাঢ়িব পৰা নাই । 

ধানৰ বাহিৰে আন কোনােবিধ খাদ্য শস্যৰ উৎপাদনতে অসম স্বাৱলম্বী নহয় । আকৌ চাহ খেতিৰ বাহিৰে অসমৰ কৃষিখণ্ডটোত বাকী সকলাে শস্যকে অসংগঠিত কৃষকৰ নিজা পৰিচালিত কৃষি বুলিব পাৰি । ভাৰতৰ প্ৰায় প্ৰতিখন কৃষি অর্থনীতিৰ ৰাজ্যৰ তুলনাত অসমৰ কৃষক পৰিচালিত কৃষিখণ্ডটো জলসিঞ্চনৰ অব্যৱস্থা , কৃষিঋণ দানৰ সীমাবদ্ধতা তথা প্রাপ্ত ঋণৰ অপপ্রয়ােগ , কৃষি বিপণন ব্যৱস্থাৰ অভাৱ , উন্নত যন্ত্রপাতি , বীজ আৰু সাৰ প্ৰয়ােগৰ ব্যর্থতা ইত্যাদি বিভিন্ন মানৱসৃষ্ট সমস্যাৰে শােচনীয়ভাৱে ভাৰাক্ৰান্ত । প্রাকৃতিক অৱস্থাজনিত কাৰক যেনেঃ ভূমিক্ষয় , পার্বত্য এলেকাত ক্ষুদ্রাকৃতিৰ পথাৰ , বানপানী আদিৰ কুপ্রভাৱৰ কথাও উল্লেখনীয় । 

৪২। অসমৰ কৃষি ব্যৱস্থাত ধান খেতিৰ একাধিপত্য সম্পকে চমুকৈ লিখা । 

উত্তৰঃ অসমৰ মুঠ কৃষিক্ষেত্ৰৰ ৬৬.১৩ শতাংশ এলেকাত ধান খেতি কৰা হয় । অসমত পৰম্পৰাগতভাৱে বিভিন্ন প্রজাতিৰ ধানৰ খেতি কৰা হৈছিল যদিও আজিকালি অধিক উৎপাদনক্ষম জয়া , পুসা , আই , আৰ -৮ , পাইজং ইত্যাদি সংকৰ প্ৰজাতিৰ ধানহে ৰাজ্যখনৰ পথাৰত অধিক পৰিমাণে দেখা যায় । অৱশ্যে বৰা , চকোৱা , কণজহা ইত্যাদি উচ্চমানবিশিষ্ট পৰম্পৰাগত প্ৰজাতিৰ ধানৰ উৎপাদন অসমত এতিয়াও নােহােৱা নহয় । শস্য চপােৱাৰ ঋতুভিত্তিক অসমত তিনি প্রকাৰৰ ধানৰ খেতি কৰা দেখা যায় । ( ক ) শৰৎকালীন ( খ ) শীতকালীন আৰু গ্রীষ্মকালীন । অসমৰ ক্ষেত্ৰত কৃষি ব্যৱস্থাৰ উন্নতিৰ সলনি কৃষিক্ষেত্ৰৰ সম্প্ৰসাৰণৰ দ্বাৰাহে ধান উৎপাদন বৃদ্ধি পাইছে । 

অসমত তিনিটা ঋতুত তিনিবিধ ধান চপােৱা হয় যদিও শীতকালীন ধানৰ খেতিৰেই জনপ্রিয়তা বেছি । গ্রীষ্মকালীন ধানৰ হেক্টৰে প্রতি উৎপাদন বেছি যদিও উৎপাদিত শস্যৰ গুণগত মান উন্নত নহয় । শাৰদীয় ধানসমূহৰ হেক্টৰে প্রতি উৎপাদন কম । ( তালিকাঃ ২৭.২ দ্রষ্ট – পৃষ্ঠা ৩৭৭ ) ২০০২-০৩ চনৰ পৰিসংখ্যা অনুসৰি অসমৰ সৰ্বমুঠ ২৫.৪ লাখ হেক্টৰ ধাননি পথাৰৰ ভিতৰত ১৪,৩৬ লাখ হেক্টৰত আইজং , ৰঞ্জিত , সােণালিকা , পুখা , চীনা -৬৩ , জয়া , আহু আৰ – ৮ , পংকজ প্রভৃতি অধিক উৎপাদনক্ষম সঁচৰ বীজ প্রয়ােগ কৰা হৈছিল । সেউজ বিপ্লৱৰ স্থায়ী সুফলৰূপে গণ্য কৰা উন্নত জাতৰ বীজ ব্যৱহাৰৰ পিছতাে হাজাৰ বছৰীয়া ধান খেতিৰ পৰম্পৰাবাহী ৰাজ্য অসমৰ স্থিতি মুঠেই সন্তোষজনক নহয় । 

অসমৰ প্ৰায় সকলাে পৰিৱেশতে ধান খেতি কৰিব পাৰি। ৰাজ্যখনৰ দুয়ােটা নদী উপত্যকাৰ অত্যন্ত গভীৰ জলাশয়সমূহক বাদ দি বাকী সকলাে অৱস্থানতে লাভজনকভাৱে ধান খেতি কৰিব পাৰি । ধেমাজি , কৰিমগঞ্জ , মৰিগাওঁ , নলবাৰী , লখিমপুৰ , কাছাৰ জিলাত ধান খেতিৰ বাবে ব্যৱহৃত কৃষিভূমি আৰু মুঠ কৃষি ভূমিৰ অনুপাত ৰাজ্যিক অনুপাতৰ ওপৰত । মুঠতে ধান উৎপাদনৰ ক্ষেত্ৰত অসম ৰাজ্য বহুখিনি স্বাৱলম্বী । 

৪৩। কোনবিলাক ভৌগলিক কাৰণৰ বাবে অসমখন চাহ খেতিৰ প্ৰধান অঞ্চল হৈ পৰিছে ? 

উত্তৰঃ চাহ উৎপাদনত অসম বিশ্বৰ এক শীর্ষ স্থানীয় অঞ্চল । চাহ অসমৰ এক সংগঠিত খণ্ডৰ বাণিজ্যিক কৃষি । অসমৰ মুঠ কৃষি ভূমিৰ ৭.০ শতাংশ চাহ খেতিত বিনিয়ােগ কৰা হয় । চাহ খেতিৰ সাফল্য ঘাইকৈ জলবায়ু তথা মাটিৰ গুণাগুণৰ ওপৰত নিৰ্ভৰশীল । সমগ্ৰ ভাৰতৰ ভিতৰত অসমত সর্বাধিক চাহ উৎপন্ন হয় । ভাৰতে পৃথিৱীৰ ৪০ শতাংশ চাহ উৎপাদন কৰে আৰু অসমত ভাৰতৰ মুঠ উৎপাদনৰ ৫৫ % চাহ উৎপন্ন হয় । ইয়াৰ বাবে অসমৰ ভৌগলিক পৰিবেশৰ অনুকূল অৱস্থিতিয়ে মূল কাৰণ । 

চাহ গছৰ ক্ষীপ্র বৃদ্ধি আৰু পত্ৰণৰ উদ্দেশ্যে আদর্শ পৰিৱেশ ২০-৩৫° চে . উত্তাপ আৰু এৰা – ধৰাকৈ প্রায় প্রতিদিনে হােৱা কিনকিনীয়া বৰষুণৰ বতৰ । ১০° – ৩৫° চে . পৰিসৰৰ বাহিৰৰ তাপমান চাহ গছৰ বাবে অত্যন্ত ক্ষতিকৰ । ৰঙা আলতীয়া অথবা লেটেৰাইট মাটিৰ হেলনীয়া পৃষ্ঠ চাহ খেতিৰ উপযােগী । সম্পূর্ণ সমতলপৃষ্ঠৰ সলনি তৰংগাকৃতিক পৃষ্ঠতহে চাহ বাগিছা দেখা যায় । অসমৰ ভৌগলিক পৰিবেশত বার্ষিক ন্যূনতম ১৫০ চেঃমিঃবৰষুণ হােৱাৰ লগতে কিছু পৰিমাণে হলেও শীতকালীন বৃষ্টিপাত হােৱা পাহাৰৰ নামনি অঞ্চলৰ প্রত্ন পলসুৱা মাটি ক্ৰমে ৰঙা আলতীয়া অথবা লেটেৰাইত মাটিলৈ ৰূপান্তৰিত হৈ থকা এলেকাসমূহকেই চাহ খেতিৰ উদ্দেশ্যে সর্বোত্তম বুলি ধৰা হয় । 

৪৪। অসমত উৎপাদিত বিভিন্ন ফলমূল সম্পর্কে এটি টোকা লিখা । 

উত্তৰঃ অসমৰ মাটি , জলবায়ু বিভিন্ন ফল – মূলৰ গছ গজাৰ অনুকূল যদিও বাণিজ্যিক ভিত্তিত ফলৰ উৎপাদন ৰাজ্যখনত এতিয়াও অসংগঠিত আৰু চালুকীয়া অৱস্থাত আছে । অসমত ৭ পৰম্পৰাগতভাৱে উৎপন্ন হােৱা ফলসমূহৰ ভিতৰত কল , নাৰিকল , অমিতা , আম , সুমথিৰা , ৰ মাটিকঠাল , কঠাল , মধুৰী , লিচু আদি উল্লেখযােগ্য । এইবােৰৰ লগতে ৰাজ্যৰ প্রায় সকলাে ঠাইতে বিভিন্ন প্রজাতিৰ নেমু জাতীয় ফল , জামু , বগৰী , নৰা বগৰী , আহােম বগৰী ইত্যাদি ফল অবাণিজ্যিক পৰিসৰত উৎপন্ন হয় । কৃষি ভূমিৰ আয়তনৰ ফালৰ পৰা অসমত যথাক্রমে কল , কঠাল , মাটিকঠাল আৰু অমিতা আৰু উৎপাদনৰ লেখেৰে কল , মাটিকঠাল , কঠাল আৰু অমিতাই বিভিন্ন ফলৰ ভিতৰত প্রথম চাৰিটা স্থান অধিকাৰ কৰি আছে । 

কল অসমৰ সকলাে ঠাইতে উৎপাদন কৰা হয় যদিও বাণিজ্যিক পৰিসৰত এই খেতি নামনি অসমত ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে মেঘালয়ৰ সীমান্ত এলেকাতে অধিক । আনহাতে নগাওঁ , মৰিগাওঁ , কামৰূপ , নলবাৰী আৰুবৰপেটা জিলাতনাৰিকল খেতি সুফলদায়ক । কঠাল , অমিতা , মাটিকঁঠাল আৰু সুমথিৰা বন্যামুক্ত অঞ্চলৰ খেতি তিনিচুকীয়া, ডিব্ৰুগড় , যােৰহাট , গােলাঘাট , কামৰূপ আদি জিলাত সুমথিৰা , কাৰ্বি আংলং , উত্তৰ কাছাৰ আৰু কাছৰ জিলাত মাটিকঠাল অধিক পৰিমাণত উৎপন্ন হয় । 

আম আৰু মধুৰী ৰাজ্যৰ সকলাে অঞ্চলতে উৎপন্ন হয় । নগাওঁ , দৰং , শােণিতপুৰ , যােৰহাট জিলাত লিচু উৎপাদন সুফলদায়ক । এই সকলােবােৰ ফলৰ ভিতৰত কল , মাটিকঠাল আৰু সুমথিৰা উৎপাদনত অসমৰ একোটা স্বকীয় বৈশিষ্ট্য পােৱা যায় । অসমত কল , নাৰিকল , সুমথিৰা আৰু মাটি কঠাল প্রভৃতি সর্বত্র আদৰ পােৱা ফল উৎপাদন ক্রমে বৃদ্ধি পাইছে আৰু ৰাজ্যত এনেবােৰ ফলৰ উৎপাদন বৃদ্ধিয়ে আন্তঃৰাজ্যিক বজাৰ দখলৰ লগতে ফলভিত্তিক কুঠীৰ শিল্পৰ সম্ভাৱনাও ক্রমে উজ্জ্বল কৰি আনিছে । 

৪৫। অসমৰ বাঁহ বেত শিল্পৰ গুণগত মান আৰু ইয়াৰ সম্ভাৱনীয়তাৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ অসমৰ বৈচিত্র্যপূর্ণ প্রাকৃতিক আৰু আর্থ – সাংস্কৃতিক পটভূমি বাঁহ- বেতৰ সৰঞ্জাম প্রস্তুতৰ দৰে কুটীৰ শিল্পসমূহে সমৃদ্ধিশালী অৱস্থা লাভ কৰাৰ পক্ষে অতি অনুকূল বুলিব পাৰি । অসমৰ অৰণ্য আৰু গ্রামাঞ্চলসমূহত বিভিন্ন প্রজাতিৰ বাঁহ পােৱা যায় আৰু ইয়াৰ পৰা অধিবাসীসকলে নানাবিধ প্রয়ােজনীয় সামগ্রী প্রস্তুত কৰি আহিছে । বাঁহৰ সমানেই জনপ্রিয় বিভিন্ন জাতৰ বেতৰ পৰাও অধিবাসীসকলে বিভিন্ন নিত্যব্যবহার্য সামগ্রী প্রস্তুত কৰে । বেত এবিধ সচৰাচৰ সেমেকা পৰিবেশত পাহাৰৰ নামনিত জন্ম কাইটীয়া উদ্ভিদ।ইয়াৰ কাণ্ড লেক আৰু মসৃণ । সেয়েহে বিভিন্ন আকাৰৰ ভাঁজ দিয়াৰ সুবিধাজনক । বাহ বেতৰ পৰা অতি মিহি কাঠী অথবা সূত প্রস্তুত কৰিব পাৰি । এইবােৰৰ কাণ্ড দীঘল আঁহেৰে গঠিত হােৱা বাবে বাঁহৰ কাঠি আৰু বেতৰ সূত লেকা হ’লেও সহজে ছিগি নাযায় । মুঠতে অসমৰ ভৌগোলিক পৰিবেশ উন্নত মানৰ বাঁহ আৰু বেতৰ উৎপাদনত সহায় কৰে আৰু এই বাহ – বেতৰ পৰ প্রস্তুত কৰা সামগ্ৰীসমূহো যথেষ্ট উন্নত মানৰ হােৱা দেখা যায় । 

অসমৰ কৃষিজীৱী লােকলৰ অৱসৰকালীন উপজীৱিকাৰূপে অতীজৰে পৰা বাঁহ – বেতৰ সামগ্ৰীসমূহ জনপ্রিয় হৈ আহিছে । ভৌগােলিক পৰিবেশৰ বৈচিত্র্যৰ লগতে বিভিন্ন গােষ্ঠীৰ লােকসকলৰ স্বকীয় সাংস্কৃতিক উপাদানে অসমত প্রস্তুত হােৱা বাঁহ – বেতৰ সামগ্ৰীসমূহক অধিক বৈচিত্র্যপূর্ণ কৰি তুলিছে । এনেকৈ , ভৌগােলিক পৰিবেশ , কৃষি অর্থনীতি আৰু ভিন্নসুৰী সাংস্কৃতিক উপাদানৰ পটভূমিত অসমত বাঁহ – বেত উদ্যোগৰ এক সমৃদ্ধ পৰম্পৰা বর্তমানেও অব্যাহত আছে । 

৪৬। অসমত খাৰুৱা তেল উদ্যোগ গঢ়ি উঠাত কেনে ধৰণৰ অৱস্থাই সহায় কৰিলে বহলাই লিখা । 

উত্তৰঃ ১৮৯০-১৯০০ চনৰ দশকত ডিগবৈত তৈলক্ষেত্র আৱিস্কাৰ হােৱাৰ সময়ত তৈল ক্ষেত্ৰখনৰ পৰা নিষ্কাশন কৰা খাৰুৱা তেল শােধনৰ উদ্দেশ্যে তেতিয়া অসম তথা ভাৰতবৰ্ষত কোনাে তেল শােধনাগাৰ নাছিল । তেতিয়া পৃথিৱীৰ একমাত্র তেল শােধনাগাৰটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাম অঞ্চলতহে আছিল । সেয়েহে , ডিগবৈ অঞ্চলত উৎপাদিত খাৰুৱা তেল শােধন কৰাৰ উদ্দেশ্য অসম তেল কোম্পানীতে ১৯০১ চনত পৃথিৱীৰ দ্বিতীয়টো আৰু ভাৰতবৰ্ষৰ প্ৰথমটো তেল শােধনাগাৰ ডিগবৈত প্রতিষ্ঠা কৰে । ১৯৫১ চনৰ পাছত মৰাণ , নাহৰকটীয়া আৰু গ্ৰীজান প্রভৃতি এলেকাত অধিক পৰিমাণৰ খাৰুৱা তেলৰ নিষ্কাশন আৰম্ভ হােৱাত কেন্দ্ৰীয় চৰকাৰে নুনমাটি শােধনাগাৰ স্থাপনৰ উদ্যোগ হাতত লয় । ষাঠিৰ দশকৰ পৰা উজনি অসমৰ ৰুদ্ৰসাগৰ , লাকুৱা , গেলেকী বৰহােলা প্রভৃতি ঠাইসমূহত নতুনকৈ তেলৰ পুং আৱিস্কাৰ হােৱাত অসমত তৃতীয় এটা শোধনাগাৰৰ দাবীও সজোৰে উত্থাপিত হৈছিল । ইয়াৰ ফলস্বৰূপে বঙাইগাওঁ শােধনাগাৰ আৰু পেট্র’ৰাসায়নিক প্রকল্প স্থাপন কৰা হয় । দেখা যায় যে , অসমত খাৰুৱা তেলৰ নিষ্কাশনৰ পৰিমাণ বৃদ্ধি পাই অহাৰ লগে লগে শোধনাগাৰসমূহ স্থাপন কৰা হৈছে । অর্থাৎ অসমৰ বিভিন্ন ঠাইত খাৰুৱা তেলৰ উদঘাটনৰ ফলস্বৰূপে তৈল উদ্যোগটোৱে গঢ় লৈ উঠে । 

৪৭। অসমৰ তেল শােধনাগাৰ সমূহৰ বিষয়ে এটি টোকা লিখা । 

উত্তৰঃ অসমত নিষ্কাশিত হােৱা তেল শােধনৰ উদ্দেশ্যে বৰ্তমানলৈ চাৰিটা তেল শােধানাগাৰ প্রতিষ্ঠা কৰা হৈছে । সেইবােৰৰ বিষয়ে তলত আলােচনা কৰা হ’ল । 

( ক ) ডিগবৈ তেল শােধানাগাৰ :- অসমৰ ডিগবৈ অঞ্চলত উৎপাদিত খাৰুৱা তেল শােধনৰ উদ্দেশ্যে অসম তেল কোম্পানীয়ে ১৯০১ চনত পৃথিৱীৰ দ্বিতীয়টো তেল শােধনাগাৰ ডিগবৈত প্রতিষ্ঠা কৰে । প্ৰথম অৱস্থাত দিনে ৫০০ বৈলে অর্থাৎ প্রায় ৪০ টন উৎপাদন ক্ষমতাযুক্ত এইটো শােধনাগাৰত কেৱল কেৰাচিন , পেট্ৰ’ল আৰু ম’ম প্রভৃতি সীমিত পৰিসৰৰ দ্ৰব্যহে উৎপাদন কৰা হৈছিল । পৰৱৰ্তী সময়ত শশাধন ক্ষমতা বৃদ্ধিৰ লগতে বিভিন্ন ধৰণৰ পেট্র’লজাত সামগ্রী উৎপাদনৰ উদ্দেশ্যে ১৯৩২ আৰু ১৯৪০ চনত ইয়াৰ ব্যাপক সংস্কাৰ সাধন কৰা হয় । বর্তমান এই শোধনাগাৰৰ বার্ষিক শোধন ক্ষমতা ৭.৫ লাখ টন । 

( খ ) নুনমাটি শোধনাগাৰঃ ১৯৫১ চনৰ পাছত মৰাণ , নাহৰকটীয়া , আৰু হুগ্ৰীজানত অধিক পৰিমাণৰ খাৰুৱা তেলৰ নিষ্কাষণ আৰম্ভ হয় । লগে লগেই গুৱাহাটীৰ ওচৰৰ নুনমাটিত শােধনাগাৰত স্থাপনৰ যাে – জা কৰা হয় । আৰম্ভণিতে এই শােধনাগাৰৰ শােধন ক্ষমতা ৭.৫ লাখ টন আছিল যদিও বর্তমান এই ক্ষমতা ১.৫ নিযুত টনলৈ বৃদ্ধি পাইছে । উজনি অসমৰ নাহৰ কটীয়াৰ পৰা ইয়ালৈ পাইপেৰে খাৰুৱা তেল সৰবৰাহ কৰা হয় । এই শােধনাগাৰটোৱে পেট্রল , ডিজেল , ম’ম , কেৰাচিন , সীহযুক্ত পেট্রল , ক’ক আদি উৎপাদন কৰে । 

( গ ) বঙাইগাওঁ শোধনাগাৰ আৰু পেট্র’ৰাসায়নিক প্রকল্পঃ ৰাজৱা খণ্ডত প্রতিষ্ঠিত এই শোধনাগাৰটো ১৯৭৯ চনত প্রতিষ্ঠা কৰা হয় । উজনি অসমৰ তৈলক্ষেত্ৰসমূহৰ পৰা ৬০০ কিঃমিঃআঁতৰৰ এই শোধনাগাৰলৈ পাইপেৰে খাৰুৱা তেল সৰবৰাহ কৰা হয় । এই শােধনাগাৰৰ বর্তমান শােধন ক্ষমতা ২.৫ নিযুত টন । এই শোধনাগাৰৰ প্ৰধান উৎপাদিত দ্রব্যসমূহ হ’ল পেট্রল , নেপথা , এভিয়ন , কেৰাচিন , কেলচিয়াম যুক্ত পেট্রল , ক’ক , ডিজেল , বিটুমেন প্রভৃতি ভিন্নধর্মী সামগ্রী । 

( ঘ ) নুমলীগড় শোধনাগাৰ :- অসমৰ চতুৰ্থ আৰু সর্ববৃহৎ তেল শােধনাগাৰটো গােলাঘাট জিলাত ধনশিৰী নদীৰ পাৰৰ নুমলীগড় নামে ঠাইত অৱস্থিত । ১৯৯৩ চনত নির্মাণ কার্য আৰম্ভ কৰি ১৯৯৭ চনৰ পৰা ইয়াত তেল শােধন আৰম্ভ হয় । ই দেশৰ ভিতৰতে অন্যতম অত্যাধুনিক মানৰ তেল শােধনাগাৰ । এই শােধনাগাৰৰ বার্ষিক শােধন ক্ষমতা তিনি নিযুত টন যদিও এতিয়ালৈকে বছৰি দুই নিযুত টনৰ পৰিসৰতে শােধন কার্য সম্পাদন কৰি আছে । ইয়াত বন্ধন গেছ , এভিয়ন , নেপথা , ক’ক উচ্চ ক্ষমতাৰ ডিজেল , কেৰাচিন , ছালফাৰ , প্রভৃতি কিছুমান বিশেষ ধৰণৰ দ্ৰব্যও সর্বসাধাৰণতে শোধনাগাৰত প্রস্তুত হােৱা দ্রব্যসমূহৰ অতিৰিক্তভাৱে উৎপাদন কৰা হয় ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top