Class 12 Biology Chapter 3 মানৱ প্ৰজনন

Class 12 Biology Chapter 3 মানৱ প্ৰজনন The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 12 Biology Chapter 3 মানৱ প্ৰজনন and select needs one.

Class 12 Biology Chapter 3 মানৱ প্ৰজনন

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Biology Chapter 3 মানৱ প্ৰজনন Solutions for All Subject, You can practice these here…

ৰচনাধৰ্মী প্ৰশ্নোওৰ

প্ৰশ্ন ১। শুক্ৰাশয়ৰ গঠন চিহ্নিত চিত্ৰ আঁকি বৰ্ণনা কৰা ।

উত্তৰঃ শুক্ৰাশয় হৈছে পুংজননতন্ত্ৰৰ মুখ্য অংশ । পুৰুষৰ দেহত এযোৰ শুক্ৰাশয় পোৱা যায় , যি উদৰ গহবৰৰ বাহিৰত থকা বৃষণ কোষ বা স্কৰ’টাম নামৰ চৰ্মখোটালী এটাৰ ভিতৰত থাকে আৰু যিয়ে শুক্ৰাণুজননৰ বাবে আৱশ‍্যকীয় নিম্ন উষ্ণতা ৰক্ষা কৰাত সহায় কৰে । প্ৰাপ্তবয়স্ক পুৰুষৰ দেহত প্ৰতিটো শুক্ৰাশয় ডিম্বাকৃতিৰ , দৈৰ্ঘ্য ৪ -৫ ছে.মি. আৰু প্ৰস্থ ২ -৩ এৰ একোখন ডাঠ আৱৰণীৰে আবৃত । প্ৰত‍্যেকতে প্ৰায় ২৫০ টা খোটালী থাকে ‌।এই প্ৰত‍্যেকটো খোটালীৰ ভিতৰত ১ – ৩ টালৈ অধিক কুণ্ডলীযুক্ত শুক্ৰজনি নলীকা থাকে যাৰ ভিতৰত শুক্ৰাণুৰ সৃষ্টি হয় । এই নলীকাবোৰৰ ভিতৰফালে এটা দুই প্ৰকাৰৰ কোষ ― চাৰ্টলী আৰু পুংজনন কোষেৰে গঠিত এটা তৰপ থাকে।পুংজনন কোষবোৰৰ মিঅ’ছিছ বিভাজন হৈ শুক্ৰাণুৰ সৃষ্টি হয় যাক চাৰ্টলী কোষে পৰিপুষ্টি যোগায় । শুক্ৰজনি নলীকাবোৰৰ অন্তবৰ্তী স্থানবোৰত ক্ষুদ্ৰ ৰক্তনলী আৰু অন্তৱৰ্তী কোষ বা লেইদিগ কোষৰ সমষ্টি থাকে । 

তলত শুক্ৰশয়ৰ গঠনৰ চিত্ৰ চিহ্নিত কৰি দেখুওৱা হ’ল ―

প্ৰশ্ন ২। মানুহৰ স্ৰীজননতন্ত্ৰৰ বৰ্ণনা দিয়া ।

উত্তৰঃ স্ত্ৰীজননতন্ত্ৰ নাৰীদেহৰ শ্ৰেণী অঞ্চলত থাকে ; যি এযোৰ ডিম্বাশয়, জৰায়ু , জৰায়ু গ্ৰীৱা , যোনি আৰু বাহ‍্যিক স্ত্ৰীজননেন্দ্ৰিয়ৰে গঠিত ।

ডিম্বাশয় হৈছে প্ৰধান স্ৰীজননাংগ । ই স্ৰীজননকোষৰ সৃষ্টি কৰাৰ লগতে কেইবাবিধো ষ্টেৰইড হ’ৰ্মনৰ উৎপাদন আৰু ক্ষৰণ কৰে । স্ৰীদেহৰ নিম্ন উদৰভাগৰ দুয়োফালে এযোৰ ডিম্বাশয় থাকে , প্ৰতিটো প্ৰায় ২ – ৪ ছেঃ মিঃ দীঘল আৰু লিগামেন্টৰ সহায়ত শ্ৰেণীবেৰ আৰু জৰায়ুৰ লগত সংলগ্ন।ডিম্বাশয়ৰ সাংগঠনিক দ্ৰব্য ডিম্বাশয়ী পিঠিকাক আগুৰি এখন পাতল অধিচ্ছদীয় আৱৰণ থাকে । এই পিঠিকা প্ৰান্তীয় কটেক্স আৰু ভিতৰফালে মেডুলা নামৰ দুটা ভাগত বিভক্ত ।ডিম্বাশয়ৰ ওচৰতে থকা ফেল’পিয়ান নলীৰ চুপী আকৃতিৰ আগভাগটো ইনফাণ্ডিবুলাম বোলে ; যাৰ পিছতো থকা ডিম্ববাহী নলীৰ বহল অংশটোক এম্পুলা আৰু শেষৰ অংশটোক যোজক বোলে । ইয়াৰ ঠেক অৱকাশিকা অংশৰ দ্বাৰা নলীডাল জৰায়ুৰ লগত সংলগ্ন হৈছে । 

জৰায়ুটোক গৰ্ভাশয়ও বোলে আৰু ইয়াৰ আকৃতি ওলোটা নাচপতিৰ দৰে,যাক শ্ৰেণী অঞ্চলৰ বেৰত থকা লিগামেন্টেৰে ধৰি ৰখা হয় । এই এটা ঠেক জৰায়ুৰ গ্ৰীৱাৰ মাজেৰে যোনিত মুকলি হয় ।বাহ‍্যিক স্ত্ৰী জননেন্দ্ৰিয় গঠিত হোৱা বিভিন্ন অংশবোৰ হৈছে মনচ পিউবিচ , গুৰু অধৰোষ্ঠ , লঘু অধৰোষ্ঠ , হাইমেন আৰু ভগশেফ । 

তলত স্ত্ৰীজননতন্ত্ৰৰ চিত্ৰ আঁকি দেখুওৱা হ’ল ―

প্ৰশ্ন ৩। স্তনগ্ৰন্থিৰ গঠন পৰিস্কাৰ চিত্ৰৰে সৈতে বৰ্ণনা কৰা ।

উত্তৰঃ স্তন‍্যপায়ী প্ৰাণী সকলো স্ত্ৰৰ দেহতেই কাৰ্য্যক্ষম স্তনগ্ৰন্থি থাকে । স্তনগ্ৰন্থি হ’ল যুৰীয়া গঠন য’ত গ্ৰন্থীয় কলা আৰু কম – বেছি পৰিমাণে চৰ্বী পোৱা যায় । প্ৰতিটো স্তনৰ গ্ৰন্থীয় কলাবোৰ ১৫ -২০ টা খণ্ডত বিভক্ত , যি কিছুমান কোষ সমষ্টি কুপিকা বা এলভিওলিৰে গঠিত হয় আৰু এই এলভিওলিৰ কোষবোৰে দুগ্ধ ক্ষৰণ কৰে । এই দুগ্ধ এলভিওলি গহবৰত সঞ্চিত হৈ থাকে । এলভিওলিবোৰ স্তন নলীকাত মুকলি হয় আৰু প্ৰতিটো খণ্ডৰ নলীকাবোৰ স্তননলীত লগ লাগে । অসংখ্য স্তননলী একত্ৰিত হৈ বহল স্তন কলশিকা গঠন কৰে যি আকৌ দুগ্ধবাহী নলীৰ লগ লাগে ; যাৰ মাজেৰে গাখীৰ স্তনগ্ৰন্থীৰ পৰা বাহিৰ ওলায় ।

প্ৰশ্ন ৪। শুক্ৰাণুজনন প্ৰক্ৰিয়াটোৰ বৰ্ণনা কৰা ।

উত্তৰঃ যি প্ৰক্ৰিয়াৰে শুক্ৰাশয়ত শুক্ৰাণুৰ উৎপাদন হয় তাকে শুক্ৰাণুজনন বোলে ।শুক্ৰাশয়ৰ শুক্ৰজনি নলীকাবোৰৰ ভিতৰফালৰ বেৰত থকা শুক্ৰাণুজনন কোষবোৰে প্ৰথমে মাইট’চিছ প্ৰক্ৰিয়াৰে বিভাজিত হৈ ইহঁতৰ সংখ্যা সঠিক কৰে , য’ত প্ৰতি ডালতেই দ্বিগুন ক্ৰম’জ’ম থাকে । পিছত এই কোষবোৰৰ আকাৰ বৃদ্ধি হৈ প্ৰাথমিক শুক্ৰকোষলৈ পৰিৱৰ্তন হয় য’ত সময়ে সময়ে মিঅ’চিছ বিভাজিত সম্পূৰ্ণ হয় । ফলত ইয়াত এগুণাত্মক দ্বিতীয়ক শুক্ৰকোষৰ সৃষ্টি হয় , য’ত ২৩ ডাল ক্ৰম’জ’ম থাকে । এতিয়া এই দ্বিতীয়ক শুক্ৰকোষৰ প্ৰতিটোৱে দ্বিতীয় মিঅ’ছিছ বিভাজনৰ দ্বাৰা চাৰিটা সমান এগুণাত্মক প্ৰাকশুক্ৰাণু গঠন কৰে , যি স্পাৰমিওজেনেচিছ প্ৰক্ৰিয়াৰে শুক্ৰাণুত পৰিণত হয় । 

প্ৰশ্ন ৫।যৌৱনপ্ৰাপ্তিৰ বয়সত শুক্ৰাণুজনন প্ৰক্ৰিয়াত হ’ৰ্মনৰ ভূমিকা উল্লেখ কৰা । 

উত্তৰঃ যৌৱনপ্ৰাপ্তিৰ বয়সত শুক্ৰাণুজনন প্ৰক্ৰিয়াত হ’ৰ্মণ – বিমোচনকাৰী হ’ৰ্মণ ক্ষৰণৰ মাত্ৰা যথেষ্ট বৃদ্ধি পায় আৰু ই হাইপ’থেলামাছ অংশৰ পৰা ক্ষৰণ হয় । GnRH ৰ মাত্ৰাধিক পৰিমাণে পিটুইটাৰী গ্ৰন্থিৰ অগ্ৰপিণ্ডক উদ্দীপনা যোগায় ; ফলত ইয়াৰ পৰা লিউটেনাইজিং হ’ৰ্মণ  (LM) আৰু ফলিকূল উদ্দীপক হ’ৰ্মণ (FSH) নামৰ দুবিধ জননকোষৰ উদ্দীপক হ’ৰ্মণ ক্ষৰণ হয় । LH হ’ৰ্মণে শুক্ৰাশয়ৰ লেইদিগ কোষবোৰক উদ্দীপক যোগাই কোষত এণ্ড’জেন।নামৰ হ’ৰ্মণৰ সংশ্লেষণ আৰু ক্ষৰণ ঘটায় যিয়ে শুক্ৰজনি নলীত শুক্ৰাণুজনন হোৱাৰ উদ্দীপনা যোগায় । আনহাতে FSH হ’ৰ্মণে চাটলীকোষবোৰৰ ওপৰত ক্ৰিয়া কৰি স্পাৰমিঅ’জেনেছিছ প্ৰক্ৰিয়াত সহায় কৰা কিছুমান কাৰকৰ ক্ষৰণ ঘটায় । 

প্ৰশ্ন ৬। গৰ্ভধাৰণৰ সময়ত এক মাহৰ পৰা ভ্ৰূণটোৰ বিকাশ হোৱা প্ৰক্ৰিয়াটো বৰ্ণনা কৰা ।

উত্তৰঃ গৰ্ভাৱস্থাৰ ন – মাহ কালৰ বিভিন্ন মাহত ভ্ৰূণটোৰ বিভিন্ন ধৰণে বিকাশ হোৱা দেখা যায় । মানুহৰ গৰ্ভাৱস্থাৰ প্ৰথম মাহৰ অন্তত ভ্ৰূণটোৰ হৃদযন্ত্ৰ গঠিত হয় । দ্বিতীয় মাহৰ অন্তত হাত , ভৰি আৰু আঙুলিৰ বিকাশ হয় । বাৰ সপ্তাহৰ অন্তত প্ৰায়বোৰ প্ৰধান অংগৰ গঠন হয় । উদাহৰণস্বৰূপে , এই সময়ছোৱাত হাত , ভৰি আৰু বাহ‍্যিক জননাংগ সম্পূৰ্ণৰূপে বিকশিত হয় । ভ্ৰূণৰ প্ৰথম চলন আৰু মূৰত চুলিৰ প্ৰথম প্ৰকাশ ঘটে পাঁচমাহৰ ভিতৰত । চাবি বছ সপ্তাহৰ শেষত সমস্ত ভ্ৰূণদেহ মিহি নোমেৰে অবৰা হয় , চকুৰ পতা মেখ খায় আৰু চকুৰ পতাৰ নোম গজি উঠে । গৰ্ভাৱস্থাৰ নমাহৰ অন্তত গৰ্ভস্থ ভ্ৰূণটোৰ বিকাশ সম্পূৰ্ণ হয় আৰু প্ৰসৱৰ কাৰণে উপযুক্ত হয় ।

প্ৰশ্ন ৭। ঋতুচক্ৰত হৰ্ম’নৰ ভূমিকা আলোচনা কৰা ।

উত্তৰঃ ঋতুচক্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা হৰম’ন সমূহ হ’ল ― 

(ক) হাইপ’থেলামাছৰ পৰা নিঃসৰিত FSH – RF হৰম’নে অগ্ৰ পিটুইটাৰীৰ পৰা FSH নিঃসৰণত সহায় কৰে ।

(খ) FSH য়ে প্ৰাথমিক থলীবিলাকক ডিম্বাশয়ত গ্ৰাফিয়ান থলীলৈ ৰূপান্তৰ কৰে ।

(গ) FSH ৰ নিঃসৰণ কমাই LH ৰ নিঃসৰণ বঢ়াই দিয়ে ।

(ঘ) তেজত LH ৰ যাত্ৰা বাঢ়ি গৈ ডিম্বক্ষৰণ প্ৰক্ৰিয়াটো নিয়ন্ত্ৰন কৰে ।

(ঙ) অগ্ৰপিটুইটাৰীৰ পৰা FSH আৰু LH ৰ নিঃসৰণ হ্ৰাস পালে থলীৰ পৈণতা হ্ৰাস পায় আৰু ডিম্বক্ষৰণ প্ৰক্ৰিয়া মন্থৰ হয় ।

(চ) তেজত প্ৰ’জেষ্টেৰণ আৰু ইষ্ট্ৰ’জেনৰ মাত্ৰা হ্ৰাস পালে হাইপ’থেলামাছ আৰু অগ্ৰপিটুইটাৰীক যথাক্ৰমে FSH – RF আৰু  FSH নিঃসৰণত সহায় কৰে । FSH য়ে পুনৰ ফলিকুলাৰ অৱস্থাক নিয়ন্ত্ৰণ কৰে । 

প্ৰশ্ন ৮। মানুহৰ দেহ নিষেচন প্ৰক্ৰিয়া আলোচনা কৰা ।

উত্তৰঃ পুৰুষৰ পুংজনন কোষ বা শুক্ৰাণু আৰু স্ত্ৰীৰ ডিম্বৰ মিলন ঘটি যোজন কোষ গঠন কৰা প্ৰক্ৰিয়াটোকে নিষেচন বোলে । মানৱদেহত নিষেচন প্ৰক্ৰিয়া স্ত্ৰীৰ দেহৰ ভিতৰত হয় কাৰণে ইয়াক অন্তঃনিষেচন বোলে । স্ত্ৰীৰ ডিম্বাশয়ত হোৱা নিষেচন প্ৰক্ৰিয়া কেইবাটাও জটিল অৱস্থাৰ মাজেৰে সম্পন্ন হয় ―

(ক) শুক্ৰাণু আৰু ডিম্বাণু পৰস্পৰ কাষ চপা :- নিষেচনৰ কাৰণে শুক্ৰাণু আৰু ডিম্বাণু পৰস্পৰে ওচৰ চপা নিত‍্যান্ত প্ৰয়োজন । অন্তঃনিষেচনৰ কাৰণে শুক্ৰাণু স্ত্ৰীৰ প্ৰজনন নলীৰ ভিতৰত নিক্ষেপ কৰা হয় । শুক্ৰাণুৰ লগত শুক্ৰধাৰ ৰসে মাধ‍্যমৰ কাৰ্য্য কৰে । মানুহৰ ক্ষেত্ৰত প্ৰতিবাৰ সংগমত প্ৰায় ২০০ – ৩০০ মিলিয়ন (নিযুত) শুক্ৰাণু স্ত্ৰীৰ জনন নলীত নিক্ষিপ্ত হয় । ইয়াৰে সৰহ সংখ্যক শুক্ৰাণু স্ত্ৰী জনন নলীকাৰ অম্লতাৰ কাৰণে বাচি থাকিব নোৱাৰে । প্ৰায় ১০০ টা মান শুক্ৰাণুৰে ডিম্বৰ কাৰ্য্য চাপে । প্ৰজনন নলীকাত শুক্ৰাণুবোৰে প্ৰতি মিনিটত একৰ পৰা চাৰি মি. মি. দ্ৰুতিৰে সাঁতোৰে । স্ত্ৰীৰ প্ৰজনন নলীকাত শুক্ৰাণুবোৰে প্ৰায় পাঁচৰ পৰা ছয় ঘন্টা থকাৰ পিছত পৈনতা লাভ কৰে । ইয়াকে কেপচিটেছন বোলে । দেখা যায় যে স্ত্ৰীৰ প্ৰজনন নলীকাত শুক্ৰাণুবোৰ প্ৰায় ১২ – ২৪ ঘন্টালৈকে জীয়াই থাকিব পাৰে আৰু খুব বেছি তিনি দিনলৈ বাছি থাকে । কিন্তু ডিম্বকৰ নিষেচন গুণ মাত্ৰ ২৪ ঘন্টাৰ পৰা ৭২ ঘন্টালৈহে । ২৪ ঘন্টাৰ ভিতৰত ডিম্বাণুৰ নিষেচন নহ’লে ই কাৰ্য্যহীন হৈ পৰে । 

(খ) জননকোষৰ সংযোগ :- জননকোষ দুটাৰ অৰ্থাৎ শুক্ৰাণুৰ আৰু ডিম্বাণুৰ সংযোগ বিশেষধৰণৰ ৰাসায়নিক পদাৰ্থৰ ওপৰত নিৰ্ভৰ কৰে। শুক্ৰাণুত থকা এন্টিফাৰটিলিজিন আৰু ডিম্বাণুত থকা ফাটিলিজিনৰ মাজত ৰাসায়নিক বিক্ৰিয়া ঘটি ৰাসায়নিক বন্ধনৰ সৃষ্টি কৰে যাৰ কাৰণে শুক্ৰাণুবোৰে অনিষিদ্ধ ডিম্বাণুৰ চাৰিওফালে সংলগ্ন হয় । ডিম্বাণুৰ চাৰিওফালে শুক্ৰাণুবোৰে এনেদৰে গোট খোৱা প্ৰক্ৰিয়াটোক এগ্লুটিনেশ্চন বোলে ।

(গ) এক্ৰ’ছ’ম বিক্ৰিয়া আৰু অনুপ্ৰৱেশ :- শুক্ৰাণু এটা ডিম্বাণুৰ গাত লাগি থকা কালত ইয়াৰ চলন ক্ষমতা হ্ৰাস পায় । শুক্ৰাণুত থকা এক্ৰ’ছ’মৰ ভৌত ৰাসায়নিক বিক্ৰিয়াৰ দ্বাৰা শুক্ৰাণু ডিম্বাণুৰ ভিতৰত প্ৰৱেশ কৰে । শুক্ৰাণুৰ এক্ৰ’ম’জমে হায়ালুৰ ‘ নিডেজ নামৰ এক বিশেষ উৎসেচক নিঃসৰণ কৰে , যিয়ে ডিম্বাণুৰ ক’ৰ’না ৰেডিয়াটা আৱৰণীক ভেদ কৰি শুক্ৰাণুক ডিম্বাণুৰ ভিতৰত প্ৰৱেশ কৰাত সহায় কৰে । ইয়াৰ পিছত এক্ৰ’জ’মৰ অন্তঃ আৱৰণৰ পৰা নিঃসৃত এক্ৰঃ’ছিন উৎসেচকৰ প্ৰভাৱত থ’লা পেলুচিতা আৱৰণ দ্ৰৱীভূত হয় ।

(ঘ) ডিম্বাণুৰ সক্ৰিয়তা অৰ্জন :- শুক্ৰাণুৰ কোষকেন্দ্ৰ ডিম্বাণুৰ ভিতৰত প্ৰৱেশ কৰাৰ লগে লগে ডিম্বৰ চাইট’প্লাজমৰ নানা পৰিৱৰ্তন পৰিলক্ষিত হয় । এই সকলোবোৰ পৰিৱৰ্তনক ডিম্বাণুৰ সক্ৰিয়তা বোলে । 

শুক্ৰাণু ডিম্বাণুৰ যিটো অংশত লাগি থাকে তাত ডিম্ববেৰখন উখহি উঠে আৰু এটা নিষেচন শংকু গঠন কৰে । ইয়াৰ মাজেদি শুক্ৰাণুৰ কোষকেন্দ্ৰ আৰু মাধ‍্যাংশ ডিম্বৰ ভিতৰত প্ৰৱেশ কৰে । নিষেচন শংকু সৃষ্টিৰ পিছতেই ডিম্বাণু চাইট’প্লাজমৰ কটেক্স অংশত কিছুমান ৰাসায়নিক বিক্ৰিয়া ঘটে । এই বিক্ৰিয়াবোৰক কাটিকেল বিক্ৰিয়া বোলে । ডিম্বৰ ভিতৰত শুক্ৰাণুৰ কোষকেন্দ্ৰৰ প্ৰৱেশ ঘটাৰ পিছত নিষেচন আৱৰণ গঠন হয় আৰু এই আৱৰণখনে অতিৰিক্ত শুক্ৰাণুৰ প্ৰৱেশত বাধা দিয়ে ।

(ঙ) কোষকেন্দ্ৰৰ সঞ্চালন আৰু এম্ফিমিক্সিছ : শুক্ৰাণু ডিম্বাণুৰ কোষ প্ৰৰসৰ ভিতৰলৈ প্ৰৱেশ কৰাৰ পিছত ইয়াৰ কোষকেন্দ্ৰটো স্ফীত হৈ পৰে আৰু ১৮০ ত আৱৰ্তিত হয় । এই সময়ত কোষকেন্দ্ৰক পুৰুষ প্ৰকোষকেন্দ্ৰ বোলে । যি নিৰ্দিষ্ট পথেৰে শুক্ৰাণু প্ৰকোষকেন্দ্ৰ ডিম্বাণু প্ৰকোষকেন্দ্ৰৰ ওচৰ চাপে তাকে কপুলেছন পথ বোলে । শুক্ৰাণু আৰু ডিম্বাণুৰ প্ৰকোষকেন্দ্ৰৰ মিলনক এম্ফিমিক্সিছ বোলে । পিছত এইদৰে যোজন কোষৰ গঠন হয় ।

প্ৰশ্ন ৯। মানুহৰ ক্ষেত্ৰত গৰ্ভধাৰণ কালত আৰু ভ্ৰূণীয় বিকাশ সমূহ আলোচনা কৰা ।

উত্তৰঃ গৰ্ভধাৰণ কালত ভ্ৰূণৰ ক্ষেত্ৰত দেখা দিয়া বিকাশৰ পৰিৱৰ্তনসমূহ হ’ল ―

(ক) প্ৰথম মাহৰ শেষত :- ভ্ৰূণত হৃদযন্ত্ৰটোৰ স্পন্দৰ আৰম্ভ হয় আৰু হৃদস্পন্দন শুনা যায় । হাত আৰু ভৰিৰ গঠনৰ কাৰণে মুকুলোদগম ঘটে।যকৃত আৰু অগ্ন‍্যাশয়ৰ মুকুলোদগম ঘটে ।

(খ) দ্বিতীয় মাহৰ শেষত :- পেডেলৰ নিচিনা ভৰি গঠন হয় । আঠু আৰু কিলাকুটিৰ গঠন স্পষ্ট হয় । বহিস্তকখন একতৰপীয়া । পাকস্থলীলৈ মূলাকৃত যদিও খাদ‍্যনলীত পাক খায় । বৃক্ক স্পষ্ট হয় ।

(গ) তৃতীয় মাহৰ শেষত :- বহিঃস্তক কেইবা তৰপীয়া হয় । খাদ‍্যনলী পাক লগা হয় । অগ্ন‍্যাশয়ত লেংগাৰহেন্সৰ দ্বীপপুঞ্জ দেখা যায় , থাইমাছ , থাইৰয়দ আৰু পেৰাথাইৰয়েড গ্ৰন্থি বিকাশ প্ৰাপ্ত হয় । যৌনাংগৰ গঠন স্পষ্ট হৈ পৰে । চেৰিবেলাম সম্পূৰ্ণ হৈ পৰে ‌।

(ঘ) চতুৰ্থ মাহৰ শেষত :- মেডুলেটেড স্নায়ু প্ৰৱদ্ধসমূহ গঠন সম্পূৰ্ণ হয় ।

এটা ব‍্যৱহাৰিক শব্দত উওৰ দিয়া বিশেষ এক নম্বৰৰ প্ৰশ্ন : 

(১) প্ৰাক শুক্ৰাণুবোৰ শুক্ৰাণুলৈ পৰিৱৰ্তিত হোৱা প্ৰক্ৰিয়া ।

উত্তৰঃ স্পাৰমিওজেনেছিছ ।

(২) ডিম্বাশয়ৰ ফলিকূলৰ ভিতৰত থকা তৰল পদাৰ্থৰ গহবৰ ।

উত্তৰঃ কোটৰ ।

(৩) দ্বিতীয়ক অণ্ডকোষটোৱে ইয়াৰ চাৰিওফালে সৃষ্টি কৰা আৱৰণ ।

উত্তৰঃ স্বচ্ছ অণ্ডাৱৰণ ।

(৪) যৌৱনপ্ৰাপ্তিৰ সময়ত আৰম্ভ হোৱা প্ৰথম ঋতুস্ৰাৱ ।

উত্তৰঃ ৰজঃ আগমন ।

(৫) বিদলন দ্বাৰা সৃষ্টি হোৱা অপত কোষবোৰ ।

উত্তৰঃ কোৰক খণ্ড বা ব্লাষ্ট’মেয়াৰ ।

(৬) দুগ্ধক্ষৰণৰ প্ৰথম কেইদিনত সৃষ্টি হোৱা দুগ্ধ ।

উত্তৰঃ ফেঁহু বা ক’ল’ষ্ট্ৰাম ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top