Class 12 Biology Chapter 3 মানৱ প্ৰজনন

Class 12 Biology Chapter 3 মানৱ প্ৰজনন Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 12 Biology Chapter 3 মানৱ প্ৰজনন and select needs one.

Class 12 Biology Chapter 3 মানৱ প্ৰজনন

Join Telegram channel

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. These solutions are part of AHSEC All Subject Solutions. Here we have given Assam Board Class 12 Biology Chapter 3 মানৱ প্ৰজনন Solutions for All Subject, You can practice these here.

মানৱ প্ৰজনন

Chapter: 3

চমু প্রশ্নোত্তৰ

প্ৰশ্ন ১। স্ত্ৰী আৰু পুৰুষৰ প্ৰজননকালৰ বয়সৰ তাৰতম্য লিখা ।

উত্তৰঃ পুৰুষদেহত বৃদ্ধকাললৈকে শুক্ৰাণু জনন কাৰ্য্য চলি থাকে যদিও পঞ্চাশ বছৰ বয়সৰ ওচৰ পালেই স্ত্ৰীদেহত ডিম্বাণুজনন ক্ৰিয়া কমি আহে। 

প্ৰশ্ন ২। মূত্ৰপথিয় কুহৰ কি ? 

উত্তৰঃ মূত্ৰাশয়ৰ পৰা উৎপত্তি হোৱা মূত্ৰপথ পুষাংগ বা শিশ্নৰ মাজেৰে বাঢ়ি গৈ বাহিৰলৈ যিটো পথত মুকলি হয় তাক মূত্ৰপথিয় কুহৰ বোলে ।

প্ৰশ্ন ৩। দুটা অতিৰিক্ত পুংলৈংগিক গ্ৰন্থিৰ নাম লিখা ।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ এযোৰ শুক্ৰস্থলী আৰু এযোৰ কন্দমেত্ৰপথিয় গন্থি ।

প্ৰশ্ন ৪। শুক্ৰীয় জীৱদ্ৰব‍্য গঠন হোৱা পদাৰ্থ সমূহ লিখা । 

উত্তৰঃ অতিৰিক্ত পুংলৈংগিক গ্ৰন্থিভবোৰে ক্ষৰণ কৰা পদাৰ্থসমূহক লৈ শুক্ৰীয় জীৱদ্ৰব‍্য গঠিত হয় । ইয়াত যথেষ্ট পৰিমাণে ফ্ৰুক্ট’জ , কেলচিয়াম আৰু কেতবোৰ বিশেষ উৎসেচক পোৱা যায় ।

প্ৰশ্ন ৫। শুক্ৰক্ষৰণ মানে কি ? 

উত্তৰঃ স্পাৰ মিঅ’জেনেচিছ প্ৰক্ৰিয়াৰে প্ৰাক শুক্ৰাণুবোৰ শুক্ৰাণুত পৰিণত হোৱাৰ পিছত পৈণত শুক্ৰাণুবোৰে মূৰবোৰ চাৰ্টলী কোষবোৰত গুজি দিয়ে । ইয়াৰ পিছত শুক্ৰজনি নলীকাবোৰৰ পৰা শুক্ৰাণুবোৰ উলিয়াই দিয়া হয় যাক শুক্ৰক্ষৰণ বোলে ।

প্ৰশ্ন ৬। এক্ৰ’জমৰ কাম কি ? 

উত্তৰঃ এক্ৰ’জমটো উৎসেচকেৰে পৰিপূৰ্ণ হৈ থাকে আৰু ইহঁত ডিম্বাণু নিষেচনত সহায় কৰে । 

প্ৰশ্ন ৭। শুক্ৰাণুত মাইট’কন্দ্ৰিয়া কিয় থাকে ? 

উত্তৰঃ শুক্ৰাণুৰ মধ‍্যখণ্ডত অসংখ‍্য মাইট’কন্দ্ৰিয় থাকে , যিবোৰে নিষেচনৰ সময়ত পুচ্ছ সঞ্চালনৰ বাবে শুক্ৰাণুক আৱশ‍্যক হোৱা শক্তিৰ সৃষ্টি কৰে ।

প্ৰশ্ন ৮।অতিৰিক্ত পুংজনন নলী আৰু গ্ৰন্থিবোৰৰ কাৰ্য্য পৰিচালিত কৰা হ’ৰ্মনৰ নাম লিখা । 

উত্তৰঃ এন্ড্ৰ’জেন ।

প্ৰশ্ন ৯। বীৰ্য্য কি ? 

উত্তৰঃ শুক্ৰাণুৰে সৈতে শুক্ৰীয় জীৱদ্ৰব‍্য লগ হৈ গঠন হোৱা পদাৰ্থ খিনিক বীৰ্য্য বোলে । 

প্ৰশ্ন ১০। নাৰীৰ ডিম্বাশয়ত কিয় এক সীমিত সংখ্যাক প্ৰাথমিক ফলকূল থাকে ?

উত্তৰঃ এটা বৃহৎ সংখ্যাৰ প্ৰাথমিক ফলিকূল নাৰীৰ জন্মৰ পৰা যৌবন প্ৰাপ্তিলৈকে , এই কালছোৱাত ক্ৰমে অৱক্ষয় হয় । সেয়ে যৌৱন প্ৰাপ্তিৰ সময়ত নাৰীদেহত এক সীমিত সংখ্যাক প্ৰাথমিক ফলিকূলহে (৬০,০০০ ৰ পৰা ৮০,০০০) ৰৈ যায় ।

প্ৰশ্ন ১১। ডিম্বক্ষৰণ বুলিলে কি বুজা ? 

উত্তৰঃ গ্ৰেফিয়ান ফলিকূলটো ফাটি ডিম্বাশয়ৰ পৰা দ্বিতীয়ক অণ্ডকোষটো ওলাই অহা প্ৰক্ৰিয়াটোক ডিম্বক্ষৰণ বোলে ।

প্ৰশ্ন ১২। ৰজঃচক্ৰ মানে কি ? 

উত্তৰঃ প্ৰাইমেট গ্ৰুপৰ প্ৰাণী যেনে ― বান্দৰ , গৰিলা , মানুহ আদিত  স্ত্ৰীদেহত চলি থকা প্ৰজনন চক্ৰটোক ৰজঃচক্ৰ বোলে ।

প্ৰশ্ন ১৩। কপাৰ্চ লিউটিয়াম কেনেদৰে গঠন হয় ? 

উত্তৰঃ ডিম্বাণুক্ষৰণৰ ঠিক পিছতেই আৰম্ভ হোৱা পীত দশাত ডিম্বাণুক্ষৰপৰ পিছত ৰৈ যোৱা গ্ৰেফিয়ান ফলিকূলৰ বাকী অংশই পীতপিণ্ড বা কপাৰ্চ লিউটিয়ামৰ গঠন কৰে ।

প্ৰশ্ন ১৪। ডিম্বাণুৰ নিষেচন নহ’লে পীতপিণ্ডৰ কি হয় ?

উত্তৰঃ ডিম্বাণুৰ নিষেচন নহ’লে পীতপিণ্ড নষ্ট হৈ যায় আৰু লগতে এণ্ডমেট্ৰিয়ামৰ ভংগনৰ ফলত ঋতুস্ৰাৱ হয় ।

প্ৰশ্ন ১৫। ৰজঃঅৱসান কি ? 

উত্তৰঃ এটা নিৰ্দিষ্ট বয়সৰ পিছত ঋতুচক্ৰ বন্ধ হৈ যোৱা প্ৰক্ৰয়াটোক ৰজঃঅৱসান বোলে ।

প্ৰশ্ন ১৬। পীতপিণ্ডই ক্ষৰণ কৰা পদাৰ্থবিধৰ নাম লিখা । 

উত্তৰঃ পীতপিণ্ডই প্ৰজেষ্টেৰণ নামৰ হ’ৰ্মণ ক্ষৰণ কৰে ।

প্ৰশ্ন ১৭। নিষেচন কি ?

উত্তৰঃ শুক্ৰাণু এটাৰ ডিম্বাণু এটাৰ সৈতে হোৱা মিলনকে নিষেচন বোলে।

প্ৰশ্ন ১৮। তুমি মানুহৰ ক্ৰম’জ’ম অধ‍্যয়ন কৰি আছা আৰু দুডাল সাইলাখ একে ক্ৰম’জ’ম পালা । মানুহটোৰ লিংগ কি হ’ব ?

উত্তৰঃ যিহেতু দুডাল সাইলাখ একে ক্ৰম’জ’ম পোৱা গৈছে গতিকে মানুহটো স্ত্ৰী লিংগ হ’ব ।

প্ৰশ্ন ১৯। শুক্ৰাণুত কিমান যৌন ক্ৰম’জ’ম থাকে ?

উত্তৰঃ শুক্ৰাণু এগুণ ক্ৰম’জ’মযুক্ত অৰ্থাৎ দেহকোষৰ (2n) আধা (n) সংখ্যক ক্ৰম’জ’ম থাকে ।

প্ৰশ্ন ২০। ব্লাষ্টচিষ্ট বা বীজপুটীত পোৱা কোষৰ দুটা ওৰপ কি কি ?

উত্তৰঃ ট্ৰ’ফ’ব্লাষ্ট হৈছে বীজপুটীৰ বাহ‍্যিক আৱৰণ আৰু আভ‍্যন্তৰীণ কোষ সমষ্টি হৈছে ভিতৰুৱা কোষ সমষ্টি ।

প্ৰশ্ন ২১। এনে এটা অংগৰ নাম লিখা যি দুটা ভিন্ন প্ৰাণীৰ কলাৰ পৰা গঠন হয় ?

উত্তৰঃ অমৰা বা প্লেচেন্টা ।

প্ৰশ্ন ২২। ঋতুচক্ৰৰ লিউটেল দশা বা ক্ষৰণ স্তৰৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ ক্ষৰণ স্তৰ : এই স্তৰৰ সময়কাল ১২ -১৪ দিন অৰ্থাৎ এই স্তৰ ঋতুচক্ৰৰ ষোল্ল দিনৰ পৰা আৰম্ভ হৈ ১৪ দিনলৈকে থাকে । এই স্তৰত জৰায়ুৰ এণ্ডোমেট্ৰিয়েল স্তৰৰ বৃদ্ধি হয় । আৰু ই ভ্ৰূণ উপস্থাপনৰ কাৰণে সাজু হয় । গ্ৰান্থকোষবোৰৰ ক্ষৰণ বাঢ়ি যায় । কপাছ লুটিয়ামৰ বৃদ্ধি হয় আৰু ই অধিক প্ৰ’জেষ্টেৰণ হৰম’ন ক্ষৰণ কৰে । তেজত প্ৰ’জেষ্টেৰণ হৰম’নৰ মাত্ৰা অতিবৃদ্ধিৰ ফলত পিটুইটাৰী গ্ৰন্থিয়ে উদ্দীপক হৰম’নৰ FSH বা LH ক্ষৰণ বন্ধ কৰি দিয়ে । ফলস্বৰূপে ডিম্বৰ পৰিপক্কত বা ডিম্ব নিঃসৰণ বন্ধ হয় ।

প্ৰশ্ন ২৩। ইচক্ৰম সহকৰ্মী স্ক্ৰ’টাম বা বৃষণকোষৰ ভিতৰত শুক্ৰাশয় থকাৰ ফলত কি সুবিধা হয় ?

উত্তৰঃ স্ক্ৰ’টাম বা বৃষম কোষে শুক্ৰাশয়ত শুক্ৰাণুজননৰ বাবে আৱশ‍্যকীয় নিম্ন উষ্ণতা ৰক্ষা কৰাত সহায় কৰে , যিটো দেহৰ স্বাভাৱিক উষ্ণতাতকৈ ২ ― ২.৫° ছেঃ কম ।

প্ৰশ্ন ২৪। শুক্ৰজনি নলীকাত পোৱা দুই ধৰণৰ কোষৰ কাম লিখা ।

উত্তৰঃ শুক্ৰাজনি নলীকাত দুই প্ৰকাৰৰ কোষ পোৱা যায় ―

(ক) পুংজনন কোষ আৰু 

(খ) চাৰ্টলী কোষ 

(ক) পুংজননকোষ বা শুক্ৰাণুজনন কোষৰ পৰা শুক্ৰাণুৰ সৃষ্টি হয় আৰু 

(খ) চাৰ্টলী কোষে জননকোষবোৰক পুৰিপুষ্টি যোগায় ।

প্ৰশ্ন ২৫। মানুহৰ জনন কাৰ্য্যৰ লগত জড়িত থকা বিভিন্ন প্ৰক্ৰিয়াসমূহৰ নাম লিখা ।

উত্তৰঃ মানুহৰ জনন কাৰ্য্যৰ লগত জড়িত বিভিন্ন প্ৰক্ৰিয়াসমূহ হ’ল ―

(১) পুং আৰু স্ত্ৰী জননকোষৰ উৎপত্তি ।

(২) স্ত্ৰীজনন নলীলৈ শুক্ৰাণুৰ স্থানান্তৰ বা শুক্ৰনিক্ষেপ । 

(৩) নিষেচন ।

(৪) যোজন কোষৰ পৰা বীজপুটীৰ গঠন আৰু বিকাশ ।

(৫) আৰোপণ । 

(৬) আৰোপণ ।

(৭) গৰ্ভাৱধি আৰু ।

(৮) সন্তান প্ৰসৱ ।

প্ৰশ্ন ২৬। লেইডিগ কোষ কি ? ইয়াৰ কাম লিখা ।

উত্তৰঃ লেইডিগ কোষবোৰ হৈছে শুক্ৰজনি নলীকাবোৰৰ বাহিৰে বাহিৰে থকা অন্তৰ্বীত স্থানত পোৱা কিছুমান অন্তৰ্বতী কোষ । এই লেইডিগ কোষবোৰে এণ্ড’জেন নামৰ শুক্ৰাশয়ৰ হ’ৰ্মন সংশ্লেষন আৰু ক্ষৰণ কৰে।

প্ৰশ্ন ২৭। ফলিকূল উদ্দীপক হ’ৰ্মণ ( FSH) আৰু লিউটেনাইজিং হ’মণ (LH) ৰ কাম লিখা ।

উত্তৰঃ FSH হ’মৰ্ণে চাৰ্টলী কোষবোৰৰ ওপৰত ক্ৰিয়া কৰি স্পাৰমিওজেনেছিছ প্ৰক্ৰিয়াত সহায় কৰা কিছুমান কাৰকৰ ক্ষৰম ঘটায়।আনহাতে LH হ’মৰ্ণে শুক্ৰাশয়ৰ লেইডিগ্ কোষবোৰক উদ্দীপ্ত কৰি এই কোষবোৰত এন্ড্ৰ’জেন নামৰ হ’মৰ্ণবিধৰ সংশ্লেষণ আৰু ক্ষৰণ ঘটায় , যিয়ে শুক্ৰাজনি নলীত শুক্ৰাণুজনন হোৱাৰ উদ্দীপনা যোগায় । 

প্ৰশ্ন ২৮। শুক্ৰাণু এটাৰ শিৰৰ গঠন লিখা ।

উত্তৰঃ শুক্ৰাণুৰ শিৰত এটা দীঘলীয়া আৰু এগুণাত্মক ক্ৰম’জ’মযুক্ত কোষকেন্দ্ৰ থাকে । ইয়াকে অগ্ৰভাগক এক্ৰ’জ’ম নামৰ টুপীসদৃশ অংশ এটাই আগুৰি থাকে । এই ক্ৰম’জ’মটো উৎসেচকেৰে পৰিপূৰ্ণ হৈ থাকে আৰু এই উৎসেচকবোৰে ডিম্বাণু নিষেচনত সহায় কৰে ।

প্ৰশ্ন ২৮। অণ্ডকোষৰ সৃষ্টিৰ সময়ত কোষপ্ৰৰসত অসমান বিভাজন কিয় হয় লিখা ।

উত্তৰঃ ডিম্বজনন প্ৰক্ৰিয়াত তৃতীয়ক ফলিকূলৰ ভিতৰত থকা প্ৰাথমিক অণ্ডকোষটো আকাৰত বৃদ্ধি পায় আৰু প্ৰথম মিঅ’ছিছ বিভাজন সম্পূৰ্ণ কৰে । ই এটা অসমান বিভাজন কিয়নো , ইয়াৰ অন্তত এগুণাত্মক দুটা কোষ সৃষ্টি হয় , যাৰ এটা ডাঙৰ – দ্বিতীয়ক আণ্ডকোষ আৰু আনটো ক্ষুদ্ৰ আকৃতিৰ মেৰুকায় ।

প্ৰশ্ন ৩০। ৰজঃচক্ৰৰ ফলিকূলীয় দশাত স্ত্ৰীৰ দেহৰ কেনেকুৱা পৰিৱৰ্তন হয় ?

উত্তৰঃ ফলিকূলীয় দশা হৈছে ৰজঃচক্ৰৰ দ্বিতীয় দশা । এই দশাত ডিম্বাশয় থকা প্ৰাথমিক ফলিকূলবোৰ লাহে লাহে পৈনত হৈ গ্ৰেফিয়ান ফলিকূললৈ ৰূপান্তৰিত হয় । একে সময়তে জৰায়ুৰ ভিতৰত আগতে ভাঙি যোৱা এণ্ডোমেট্ৰিয়াম তৰপটোৰ প্ৰচুৰোদ্ভৱন প্ৰক্ৰিয়াৰে পুনৰ গঠন হয় আৰু এই গোটেই বোৰ পিটুইটাৰী আৰু ডিম্বাশয়ৰ পৰা ক্ষৰণ হোৱা কেতবোৰ হ’মৰ্ণৰ মাত্ৰাৰ দ্বাৰা আবেশিত আৰু পৰিচালিত হয় ।

প্ৰশ্ন ৩১। ৰজঃআগমন আৰু ৰজঃঅৱসানৰ মাজৰ পাৰ্থক্য লিখা ।

উত্তৰঃ ৰজঃআগমন :-

(ক) যৌৱন প্ৰাপ্তিৰ সময়ত নাৰীৰ প্ৰথম ঋতুস্ৰাৱ আৰম্ভ হোৱা প্ৰক্ৰিয়াকে ৰজঃআগমন বোলে ।

(খ) ই প্ৰায় ১০ – ১২ বছৰত আৰম্ভ হয় ।

ৰজঃঅৱসান :-

(ক) এটা বয়সত ৰজঃচক্ৰ বন্ধ হৈ যোৱা প্ৰক্ৰিয়াটোকে ৰজঃঅৱসান বোলে ‌।

(খ) ই প্ৰায় ৫০ – ৫৫ বছৰত বন্ধ হয় ।

প্ৰশ্ন ৩২। প্ৰজেষ্টেৰণৰ কামসমূহ বৰ্ণনা কৰা ।

উত্তৰঃ পীতপিণ্ড বা কপাৰ্চ লুটিয়ামৰ পৰা ক্ষৰণ হোৱা প্ৰজেষ্টেৰণ নামৰ হ’ৰ্মন বিধে জৰায়ুৰ এণ্ড’মেট্ৰিয়ামক ৰক্ষণাবেক্ষণ দিয়ে । এই সক্ৰিয় এণ্ডোমেট্ৰিয়াম নিষিক্ত ডিম্বাণুৰ আৰোপণ আৰু গৰ্ভাৱস্থাৰ অন্যান্য পৰিঘটনাসমূহৰ বাবে আৱশ‍্যকীয় ।

প্ৰশ্ন ৩৩। ভ্ৰূণৰ আৰোপণ মাতৃৰ জৰায়ুৰ কেনেদৰে হয় ? 

উত্তৰঃ বীজপুটীৰ কোষবোৰে সৃষ্টি কৰা ট্ৰ’ফব্লাষ্ট তৰপটো জৰিয়ুৰ এণ্ডমেট্ৰিয়ামৰ লগত সংলগ্ন হয় আৰু আভ‍্যন্তৰীণ কোষ সমষ্টিটো ভ্ৰূণলৈ ৰূপান্তৰিত হোৱাৰ পিছত জৰায়ুৰ কোষবোৰৰ দ্ৰুত বিভাজন হয় আৰু ক্ৰমে ব্লাষ্টচিষ্টটোক আৱৰি ধৰে ফলত ব্লাষ্টচিষ্টটো জৰায়ুৰ এণ্ড’মেট্ৰিয়ামৰ ভিতৰত আবদ্ধ হৈ পৰে যাক আৰোপণ বোলে ।ইয়াৰ পিছতেই গৰ্ভাৱস্থা আৰম্ভ হয় ।

প্ৰশ্ন ৩৪। অমৰাৰ কাৰ্য্য লিখা ।

উত্তৰঃ গৰ্ভাৱস্থাৰ সময়ত সৃষ্টি হোৱা অমৰাৰ ভূমিকা উল্লেখযোগ‍্য ― 

এই অমৰাৰ জৰিয়তে মাতৃদেহৰ পৰা ভ্ৰূণদেহলৈ পুষ্টিদ্ৰব‍্য আৰু অক্সিজেনৰ যোগান ধৰা হয় । ইয়াৰ উপৰিও অমৰাই ভ্ৰূণদেহত উৎপন্ন হোৱা বৰ্জিত পৰ্দাথ যেনে , কাৰ্বন – ডাই – অক্সাইড আদি উলিয়াই দিয়ে আৰু লগতে ই বিভিন্ন ধৰণৰ হ’ৰ্মন গৰ্ভাৱস্থাত ক্ষৰণ কৰি অন্তঃস্ৰাবী কলা হিচাপেও কাম কৰে ।

প্ৰশ্ন ৩৫। অমৰাৰ কেনেদৰে গঠন হয় ? 

উত্তৰঃ আৰোপণৰ পিছত ট্ৰ’ফ’ব্লাষ্ট তৰপৰ পৰা জৰায়ু অংকুৰিকা নামৰ অসংখ্য আঙুলি সদৃশ প্ৰৱৰ্ধ ওলায় , যিবোৰ জৰায়ুৰ কলা আৰু ৰক্ত নলীকাৰে আবৃত হৈ পৰে ।জৰায়ু কণা আৰু জৰায়ু অংকুৰিকা ক্ৰমান্বয়ে একীভূত হৈ পৰে আৰু ইয়ে মাতৃদেহ আৰু বিকশিত ভ্ৰূণদেহৰ মাজৰ গঠনাত্মক আৰু কাৰ্য্যকৰী অংশত পৰিণত হয় যাক অমৰা বা প্লেচেন্টা বোলে ।

প্ৰশ্ন ৩৬। ষ্টেম বা স্তম্ভ কোষ কি ? 

উত্তৰঃ স্তম্ভকোষসমূহ হৈছে এনে কিছুমান বিশেষ ক্ষমতাসম্পন্ন কোষ যিবোৰ দেহৰ সকলো কলা আৰু অংগৰ সৃষ্টি কৰিব পাৰে ।

ইহঁতক বীজপুটীৰ আভ‍্যন্তৰীণ কোষসমষ্টিৰ ভিতৰত পোৱা যায় ।

প্ৰশ্ন ৩৭। শিশুৰ জন্মৰ পিছতেই প্ৰথম অৱস্থাত মাতৃদুগ্ধ পান কৰোৱাটো জৰুৰী বুলি কিয় কোৱা হয় ? 

উত্তৰঃ দুগ্ধক্ষৰণৰ প্ৰথম কেইদিনমানতে সৃষ্টি হোৱা দুগ্ধক ফেঁহু বা ক’লষ্ট্ৰাম বোলে । এই ফেঁহু নৱজাতকৰ দেহত বিকাশ হ’বলগীয়া প্ৰতিৰোধ ক্ষমতাৰ বাবে আৱশ‍্যকীয় বহুকেইবিধ এন্টিবডি থাকে । সেয়েহে শিশুদেহৰ বৃদ্ধিৰ প্ৰাথমিক কালছোৱাত মাতৃদুগ্ধ খুৱাইহে একোজন্ স্বাস্থ‍্যবান শিশু পাব পাৰি বুলি চিকিৎসক সকলে কয় ।

ৰচনাধৰ্মী প্ৰশ্নোওৰ

প্ৰশ্ন ১। মানুহৰ অতিৰিক্ত পুংজনন নলীক তন্ত্ৰৰ বৰ্ণনা দিয়া ।

উত্তৰঃ পুৰুষৰ অতিৰিক্ত জনন নলীকাবোৰ হ’ল ― 

বৃষণজাল , শুক্ৰবাহিকা , এপিডিডাইমিছ আৰু শুক্ৰবাহক । শুক্ৰাশয়ৰ শুক্ৰজনি নলীকাবোৰ বৃষণজালৰ মাজেৰে শুক্ৰবাহিকাত মুকলি হয় আৰু এই শুক্ৰবাহিকা এপিডিডাইমিছত মুকলি হয় । এপিডিডাইমিছ গৈ শুক্ৰবাহকৰ লগত মিলি যায় আৰু শুক্ৰবাহক নলীডাল ওপৰলৈ উত্তৰ দিশত বাঢ়ি গৈ মূত্ৰস্থলীৰ চাৰিওফালে পাক খাই যায় । মূত্ৰস্থলীৰ ওচৰতে শুক্ৰবাহী নলীহ লগত শুক্ৰস্থলীৰ নলীকাডাল আহি লগ লাগে আৰু ই সখলনীয় নলীকা হিচাপে মূত্ৰপথত সোমায় । এই নলীকাডালে শুক্ৰাণু জমা কৰি ৰাখে আৰু সময়ত শুক্ৰাশয় পৰা শুক্ৰাণু বহন কৰি মূত্ৰপথেৰে বাহিৰলৈ উলিয়াই দিয়ে । মূত্ৰপথটো মূত্ৰাশয়ৰ পৰা ওলাই পুৰুষাংগৰ মাজেৰে বাঢ়ি গৈ বাহিবলৈ মুকলি হোৱা মূত্ৰপথীয় , কুহৰলে বিস্তৃত হৈ পৰে ।

প্ৰশ্ন ২। এটা শুক্ৰজনি নলীকাৰ অন্তভাগৰ চিত্ৰ আঁকি চিহ্নিত কৰা ।

উত্তৰঃ  

প্ৰশ্ন ৩। স্ত্ৰী জননতন্ত্ৰৰ ছেদ এটাৰ চিত্ৰীয় দৰ্শন আঁকি চিহ্নিত কৰা ।

উত্তৰঃ 

প্ৰশ্ন ৪। মানুহৰ শুক্ৰাণুৰ এটা পৰিষ্কাৰ ছবি আঁকি চিহ্নিত কৰা ।

উত্তৰঃ মানুৰ এটা শুক্ৰাণুৰ গঠন ।

প্ৰশ্ন ৫। জৰায়ুৰ আৱৰণী কলা সমূহৰ তৰপৰ বিষয়ে এটা টোকা লিখা ।

উত্তৰঃ জৰায়ুৰ বেৰ বা আৱৰণ তিনিটা কলাৰ তৰপেৰে গঠিত । একেবাৰে বাহিৰৰ তৰপটো এখন পাতল আৱৰণ সদৃশ যাক পেৰিমেট্ৰিয়াম বোলে । মাজৰ ডাঠ তৰপটো হৈছে মায়’মেট্ৰিয়াম আৰু ই অৰেখিত পেশীৰে গঠিত , যিয়ে প্ৰৱল সংকোচন চাপৰ সৃষ্টি কৰি সন্তান জন্ম দিয়া প্ৰক্ৰিয়াত সহায় কৰে । এণ্ড’মেট্ৰিয়াম হৈছে জৰায়ুৰ একেবাৰে ভিতৰৰ তৰপ । এই তৰপটো গ্ৰন্থিযুক্ত আৰু ইয়ে জৰায়ুৰ ভিতৰৰ গহবৰটো আগুৰি ৰাখে । ৰজঃচক্ৰৰ সময়ছোৱাত এই এণ্ড’মেট্ৰিয়াম তৰপটো এক চক্ৰীয় পৰিৱৰ্তন ঘটে ।

প্ৰশ্ন ৬। শুক্ৰাণুজনন আৰু ডিম্বাণুজননৰ মাজত পাৰ্থক্য লিখা ।

উত্তৰঃ শুক্ৰাণুজনন –

(ক) এই প্ৰক্ৰিয়াৰে শুক্ৰাণু উৎপাদন হয় ।

(খ) ই শুক্ৰাশয়ত হয় ।

(গ) স্ত্ৰী ভ্ৰূণৰ বিকাশৰ পৰ্য্যায়তেই ডিম্বজনন প্ৰক্ৰিয়া আৰম্ভ হয় ।

ডিম্বাণুজনন –

(ক) এই প্ৰক্ৰিয়াৰে ডিম্বৰ গঠন হয় ।

(খ) ই ডিম্বাশয়ত হয় ।

(গ) এই প্ৰক্ৰিয়াটো যৌৱনাৰাম্ভ হোৱাৰ সময়ত হয় ।

প্ৰশ্ন ৭। ৰজঃচক্ৰৰ বিভিন্ন স্তৰবোৰ চিত্ৰৰে দৰ্শোৱা ।

উত্তৰঃ ঋতুচক্ৰৰ বিভিন্ন স্তৰসমূহ 

প্ৰশ্ন ৮। নিষেচনৰ বিভিন্ন পৰ্য্যায় বৰ্ণনা কৰা ।

উত্তৰঃ শুক্ৰাণু এটাৰ ডিম্বাণুৰ সৈতে হোৱা মিলনকেই নিষেচন বোলে ।

এই প্ৰক্ৰিয়াৰ আৰম্ভণিতেই চলনশীল শুক্ৰাণু প্ৰথমে ডিম্বাণুৰ স্বচ্ছ আৱৰণৰ সংস্পৰ্শলৈ আৰু আৱৰণখণ্ডৰ এক বিশেষ পৰিৱৰ্তন সাধন কৰে যাতে এটাতকৈ অধিক শুক্ৰাণু ইয়াৰ ভিতৰলৈ প্ৰৱেশ কৰিব নোৱাৰে । ডিম্বাণুৰ স্বচ্ছ অণ্ডাৱৰণৰ সংস্পৰ্শলৈ অহাৰ পিছৰ শুক্ৰাণুৰ শিৰত থকা এক্ৰ’জ’মে ক্ষৰণ কৰা পদাৰ্থই স্বচ্ছ আৰু কোষাবৰণ ভেদ কৰি শুক্ৰাণুটোক ডিম্বাণুৰ ভিতৰলৈ সোমাই যোৱাত সহায় কৰে । ইয়াৰ পিছত এগুণাত্মক শুক্ৰাণু আৰু ডিম্বাণুৰ কোষকেন্দ্ৰ দুটা লগ হৈ এটা দ্বিগুণাত্মক যোজনকোষৰ সৃষ্টি কৰে যাক নিষেচন বোলে ।

প্ৰশ্ন ৯। মানুহৰ লিংগ কেনেকৈ নিৰ্ণয় কৰা হয় ?

উত্তৰঃ মানুহৰ লিংগ শিশুৰ যোজন কোষ অৱস্থাতেই নিৰূপণ কৰিব পৰা যায় । মানুহৰ স্ত্ৰীদেহত যৌন ক্ৰম’জ’ম XX প্ৰকৃতিৰ আৰু পুৰুষৰ দেহত XY প্ৰকৃতিৰ । যিবোৰ এগুণাত্মক জনন কোষ মিঅ’ছিছ প্ৰক্ৰিয়াৰে সৃষ্টি হয় তাৰে স্ত্ৰীদেহত আটাইবোৰতেই একোডালকৈ X ক্ৰম’জ’ম আৰু পুৰুষৰ ক্ষেত্ৰত X অথবা Y ক্ৰম’জ’ম থাকে । অৰ্থাৎ শুক্ৰাণুৰ 50% X আৰু 50% Y ক্ৰম’জ’ম থাকে । নিষেচনৰ পিছত যি যোজনকোষৰ সৃষ্টি হয় তাত XX অথবা XY লিংগ ক্ৰম’জ’ম থাকিব । ইয়াৰে XX ক্ৰম’জ’ম থকাবোৰ বিকাশৰ অন্তত স্ত্ৰী আৰু XY থকাবোৰ বিকাশৰ অন্তত পুৰুষৰ সৃষ্টি কৰে । সেয়েহে এইটো মন কৰিবলগীয়া যে একোজন শিশুৰ লিংগ নিৰ্ণয় হয় পিতৃৰ পৰাহে ; মাতৃৰ পৰা নহয় । 

Sl. No.Contents
Chapter 1জীৱৰ প্ৰজনন
Chapter 2সপুষ্পক উদ্ভিদৰ যৌন প্ৰজনন
Chapter 3মানৱ প্ৰজনন
Chapter 4জনন স্বাস্থ‍্য
Chapter 5বংশগতিৰ সূত্ৰ আৰু প্ৰকাৰণ
Chapter 6বংশগতিৰ আণৱিক ভিত্তি
Chapter 7ক্ৰমবিকাশ
Chapter 8মানুহৰ স্বাস্থ‍্য আৰু ৰোগ
Chapter 9খাদ‍্য সামগ্ৰী উৎপাদনৰ উন্নতিকৰণৰ কৌশলসমূহ
Chapter 10মানৱ কল‍্যাণত অণুজীৱ
Chapter 11জীৱ প্ৰযুক্তিবিদ‍্যা
Chapter 12জৈৱ প্ৰযুক্তিবিদ‍্যা আৰু ইয়াৰ প্ৰয়োগ
Chapter 13জীৱ আৰু আবাদী
Chapter 14পৰিস্থিতিতন্ত্ৰ
Chapter 15জৈৱ বৈচিত্ৰতা আৰু সংৰক্ষণ
Chapter 16জীৱ সম্পদ
Chapter 17পৰিৱেশ সংক্ৰান্তীয় বিষয়সমূহ

প্ৰশ্ন ১০। বীজপুটী স্তৰলৈকে ভ্ৰূণৰ বিকাশ চমুকৈ আলোচনা কৰা ।

উত্তৰঃ নিষেচনৰ পিছত সৃষ্টি হোৱা যোজনকোষটো অণ্ডবাহী নলীৰ যোজকৰ মাজেদি জৰায়ুৰ ফালে আগবাঢ়ি গৈ থকাৰ লগে লগে মাইট’ছিছ বিভাজন প্ৰক্ৰিয়াও চলি থাকে যাক বিদলন বোলে । বিদলন দ্বাৰা ২ , ৪ ,৮ আৰু ১৬ টা কোৰকখণ্ড বা ব্লাষ্টমেয়াৰ নামৰ কোষ সৃষ্টি কৰে । এনে ৮ ৰ পৰা ১৬ টা ব্লাষ্টমেয়াৰ যুক্ত ভ্ৰূণাৱস্থাক মৰুলা বোলে । মৰুলাটো যিমানে জৰায়ুৰ কাষ চাপে সিমানে ইয়াৰ কোষ বিভাজনো চলি থাকে আৰু ই বীজপুটী অৱস্থা পায়গৈ । ইয়াক ব্লাষ্ট’চিষ্ট বুলিও কোৱা হয় আৰু ইয়াৰ কোষবোৰক ব্লাষ্টমেয়াৰ বোলা হয় ।

প্ৰশ্ন ১১। প্ৰসৱ কি ? মানুহৰ প্ৰসৱ প্ৰক্ৰিয়াটো বৰ্ণনা কৰা ।

উত্তৰঃ গভাৱস্থাৰ শেষ পৰ্য্যায়ত জৰায়ুৰ হোৱা প্ৰচণ্ড সংকোচন ক্ৰিয়াৰ দ্বাৰা প্ৰৰোচিত ভ্ৰূণ বাহিৰলৈ ওলাই অহা প্ৰক্ৰিয়াটোকে প্ৰসৱ বোলে । এই প্ৰসৱ হৈছে গৰ্ভৱতী নাৰীদেহত এই স্ৰায়ৱিক – অন্তঃস্ৰাৱী প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰৰোচিত ক্ৰিয়া । সন্তান প্ৰসৱৰ সংকেত সম্পূৰ্ণকৈ বিকশিত গৰ্ভস্থ ভ্ৰূণ আৰু অমৰাৰ পৰা উদ্ভৱ হয় য’ত জৰায়ুৰ মৃদু সংকোচনৰ সৃষ্টি হয় । এই সংকোচন বা ৰিফ্লেক্স ক্ৰিয়াই মাতৃদেহৰ পৰা অক্সিট’চিন হৰ্মন ক্ষৰণ কৰে আৰু ইয়ে জৰায়ুৰ পেশীৰ ওপৰত ক্ৰিয়া কৰি তাৰ তীব্ৰ সংকোচন ঘটায় । এইদৰে জৰায়ু আৰু বদ্ধিত অক্সিট’চিনৰ ক্ৰিয়া প্ৰতিক্ৰিয়াৰ ফলত জৰায়ুৰ সংকোচন তীব্ৰতৰ হৈ আহে , যাৰ ফলত জন্মনলীৰ মাজেৰে সন্তান বাহিৰ ওলাই আহে । সন্তান জন্মৰ ক্ষন্তেক পিছতেই জৰায়ুৰ পৰা অমৰাও ওলাই আহে ।

প্ৰশ্ন ১২। “অমৰাই অন্তঃস্ৰাৱী কলা হিচাপে কাম কৰে” ।

উত্তৰঃ অমৰাই কেৱল মাতৃদেহৰ পৰা ভ্ৰূণলৈ পুষ্টিদ্ৰব‍্য আৰু অক্সিজেন যোগান ধৰাই নহয় বিভিন্ন ধৰণৰ হ’ৰ্মনৰ ক্ষৰণ কৰি ই এক অন্তঃস্ৰাৱী কলা হিচাপেও কাম কৰে । অমৰ ক্ষৰণ কৰা হ’ৰ্মনসমূহ হৈছে ― হিউমেন ক’ৰিয়নিক গ’নাড’ট্ৰপিন (hCG) , হিমউমে প্লেচেন্টেল লেক্ট’জেন (hPL) , এষ্ট্ৰ’জেন , প্ৰজেষ্টেৰণ আদি যি গৰ্ভাৱস্থা স্বাভাৱিকতে চলি থকা আৰু ভ্ৰূণৰ বৃদ্ধি আৰু বিকাশৰ বাবে অত‍্যন্ত প্ৰয়োজনীয় ।

ৰচনাধৰ্মী প্ৰশ্নোওৰ

প্ৰশ্ন ১। শুক্ৰাশয়ৰ গঠন চিহ্নিত চিত্ৰ আঁকি বৰ্ণনা কৰা ।

উত্তৰঃ শুক্ৰাশয় হৈছে পুংজননতন্ত্ৰৰ মুখ্য অংশ । পুৰুষৰ দেহত এযোৰ শুক্ৰাশয় পোৱা যায় , যি উদৰ গহবৰৰ বাহিৰত থকা বৃষণ কোষ বা স্কৰ’টাম নামৰ চৰ্মখোটালী এটাৰ ভিতৰত থাকে আৰু যিয়ে শুক্ৰাণুজননৰ বাবে আৱশ‍্যকীয় নিম্ন উষ্ণতা ৰক্ষা কৰাত সহায় কৰে । প্ৰাপ্তবয়স্ক পুৰুষৰ দেহত প্ৰতিটো শুক্ৰাশয় ডিম্বাকৃতিৰ , দৈৰ্ঘ্য ৪ -৫ ছে.মি. আৰু প্ৰস্থ ২ -৩ এৰ একোখন ডাঠ আৱৰণীৰে আবৃত । প্ৰত‍্যেকতে প্ৰায় ২৫০ টা খোটালী থাকে ‌।এই প্ৰত‍্যেকটো খোটালীৰ ভিতৰত ১ – ৩ টালৈ অধিক কুণ্ডলীযুক্ত শুক্ৰজনি নলীকা থাকে যাৰ ভিতৰত শুক্ৰাণুৰ সৃষ্টি হয় । এই নলীকাবোৰৰ ভিতৰফালে এটা দুই প্ৰকাৰৰ কোষ ― চাৰ্টলী আৰু পুংজনন কোষেৰে গঠিত এটা তৰপ থাকে।পুংজনন কোষবোৰৰ মিঅ’ছিছ বিভাজন হৈ শুক্ৰাণুৰ সৃষ্টি হয় যাক চাৰ্টলী কোষে পৰিপুষ্টি যোগায় । শুক্ৰজনি নলীকাবোৰৰ অন্তবৰ্তী স্থানবোৰত ক্ষুদ্ৰ ৰক্তনলী আৰু অন্তৱৰ্তী কোষ বা লেইদিগ কোষৰ সমষ্টি থাকে । 

তলত শুক্ৰশয়ৰ গঠনৰ চিত্ৰ চিহ্নিত কৰি দেখুওৱা হ’ল ―

প্ৰশ্ন ২। মানুহৰ স্ৰীজননতন্ত্ৰৰ বৰ্ণনা দিয়া ।

উত্তৰঃ স্ত্ৰীজননতন্ত্ৰ নাৰীদেহৰ শ্ৰেণী অঞ্চলত থাকে ; যি এযোৰ ডিম্বাশয়, জৰায়ু , জৰায়ু গ্ৰীৱা , যোনি আৰু বাহ‍্যিক স্ত্ৰীজননেন্দ্ৰিয়ৰে গঠিত ।

ডিম্বাশয় হৈছে প্ৰধান স্ৰীজননাংগ । ই স্ৰীজননকোষৰ সৃষ্টি কৰাৰ লগতে কেইবাবিধো ষ্টেৰইড হ’ৰ্মনৰ উৎপাদন আৰু ক্ষৰণ কৰে । স্ৰীদেহৰ নিম্ন উদৰভাগৰ দুয়োফালে এযোৰ ডিম্বাশয় থাকে , প্ৰতিটো প্ৰায় ২ – ৪ ছেঃ মিঃ দীঘল আৰু লিগামেন্টৰ সহায়ত শ্ৰেণীবেৰ আৰু জৰায়ুৰ লগত সংলগ্ন।ডিম্বাশয়ৰ সাংগঠনিক দ্ৰব্য ডিম্বাশয়ী পিঠিকাক আগুৰি এখন পাতল অধিচ্ছদীয় আৱৰণ থাকে । এই পিঠিকা প্ৰান্তীয় কটেক্স আৰু ভিতৰফালে মেডুলা নামৰ দুটা ভাগত বিভক্ত ।ডিম্বাশয়ৰ ওচৰতে থকা ফেল’পিয়ান নলীৰ চুপী আকৃতিৰ আগভাগটো ইনফাণ্ডিবুলাম বোলে ; যাৰ পিছতো থকা ডিম্ববাহী নলীৰ বহল অংশটোক এম্পুলা আৰু শেষৰ অংশটোক যোজক বোলে । ইয়াৰ ঠেক অৱকাশিকা অংশৰ দ্বাৰা নলীডাল জৰায়ুৰ লগত সংলগ্ন হৈছে । 

জৰায়ুটোক গৰ্ভাশয়ও বোলে আৰু ইয়াৰ আকৃতি ওলোটা নাচপতিৰ দৰে,যাক শ্ৰেণী অঞ্চলৰ বেৰত থকা লিগামেন্টেৰে ধৰি ৰখা হয় । এই এটা ঠেক জৰায়ুৰ গ্ৰীৱাৰ মাজেৰে যোনিত মুকলি হয় ।বাহ‍্যিক স্ত্ৰী জননেন্দ্ৰিয় গঠিত হোৱা বিভিন্ন অংশবোৰ হৈছে মনচ পিউবিচ , গুৰু অধৰোষ্ঠ , লঘু অধৰোষ্ঠ , হাইমেন আৰু ভগশেফ । 

তলত স্ত্ৰীজননতন্ত্ৰৰ চিত্ৰ আঁকি দেখুওৱা হ’ল ―

প্ৰশ্ন ৩। স্তনগ্ৰন্থিৰ গঠন পৰিস্কাৰ চিত্ৰৰে সৈতে বৰ্ণনা কৰা ।

উত্তৰঃ স্তন‍্যপায়ী প্ৰাণী সকলো স্ত্ৰৰ দেহতেই কাৰ্য্যক্ষম স্তনগ্ৰন্থি থাকে । স্তনগ্ৰন্থি হ’ল যুৰীয়া গঠন য’ত গ্ৰন্থীয় কলা আৰু কম – বেছি পৰিমাণে চৰ্বী পোৱা যায় । প্ৰতিটো স্তনৰ গ্ৰন্থীয় কলাবোৰ ১৫ -২০ টা খণ্ডত বিভক্ত , যি কিছুমান কোষ সমষ্টি কুপিকা বা এলভিওলিৰে গঠিত হয় আৰু এই এলভিওলিৰ কোষবোৰে দুগ্ধ ক্ষৰণ কৰে । এই দুগ্ধ এলভিওলি গহবৰত সঞ্চিত হৈ থাকে । এলভিওলিবোৰ স্তন নলীকাত মুকলি হয় আৰু প্ৰতিটো খণ্ডৰ নলীকাবোৰ স্তননলীত লগ লাগে । অসংখ্য স্তননলী একত্ৰিত হৈ বহল স্তন কলশিকা গঠন কৰে যি আকৌ দুগ্ধবাহী নলীৰ লগ লাগে ; যাৰ মাজেৰে গাখীৰ স্তনগ্ৰন্থীৰ পৰা বাহিৰ ওলায় ।

প্ৰশ্ন ৪। শুক্ৰাণুজনন প্ৰক্ৰিয়াটোৰ বৰ্ণনা কৰা ।

উত্তৰঃ যি প্ৰক্ৰিয়াৰে শুক্ৰাশয়ত শুক্ৰাণুৰ উৎপাদন হয় তাকে শুক্ৰাণুজনন বোলে ।শুক্ৰাশয়ৰ শুক্ৰজনি নলীকাবোৰৰ ভিতৰফালৰ বেৰত থকা শুক্ৰাণুজনন কোষবোৰে প্ৰথমে মাইট’চিছ প্ৰক্ৰিয়াৰে বিভাজিত হৈ ইহঁতৰ সংখ্যা সঠিক কৰে , য’ত প্ৰতি ডালতেই দ্বিগুন ক্ৰম’জ’ম থাকে । পিছত এই কোষবোৰৰ আকাৰ বৃদ্ধি হৈ প্ৰাথমিক শুক্ৰকোষলৈ পৰিৱৰ্তন হয় য’ত সময়ে সময়ে মিঅ’চিছ বিভাজিত সম্পূৰ্ণ হয় । ফলত ইয়াত এগুণাত্মক দ্বিতীয়ক শুক্ৰকোষৰ সৃষ্টি হয় , য’ত ২৩ ডাল ক্ৰম’জ’ম থাকে । এতিয়া এই দ্বিতীয়ক শুক্ৰকোষৰ প্ৰতিটোৱে দ্বিতীয় মিঅ’ছিছ বিভাজনৰ দ্বাৰা চাৰিটা সমান এগুণাত্মক প্ৰাকশুক্ৰাণু গঠন কৰে , যি স্পাৰমিওজেনেচিছ প্ৰক্ৰিয়াৰে শুক্ৰাণুত পৰিণত হয় । 

প্ৰশ্ন ৫।যৌৱনপ্ৰাপ্তিৰ বয়সত শুক্ৰাণুজনন প্ৰক্ৰিয়াত হ’ৰ্মনৰ ভূমিকা উল্লেখ কৰা । 

উত্তৰঃ যৌৱনপ্ৰাপ্তিৰ বয়সত শুক্ৰাণুজনন প্ৰক্ৰিয়াত হ’ৰ্মণ – বিমোচনকাৰী হ’ৰ্মণ ক্ষৰণৰ মাত্ৰা যথেষ্ট বৃদ্ধি পায় আৰু ই হাইপ’থেলামাছ অংশৰ পৰা ক্ষৰণ হয় । GnRH ৰ মাত্ৰাধিক পৰিমাণে পিটুইটাৰী গ্ৰন্থিৰ অগ্ৰপিণ্ডক উদ্দীপনা যোগায় ; ফলত ইয়াৰ পৰা লিউটেনাইজিং হ’ৰ্মণ  (LM) আৰু ফলিকূল উদ্দীপক হ’ৰ্মণ (FSH) নামৰ দুবিধ জননকোষৰ উদ্দীপক হ’ৰ্মণ ক্ষৰণ হয় । LH হ’ৰ্মণে শুক্ৰাশয়ৰ লেইদিগ কোষবোৰক উদ্দীপক যোগাই কোষত এণ্ড’জেন।নামৰ হ’ৰ্মণৰ সংশ্লেষণ আৰু ক্ষৰণ ঘটায় যিয়ে শুক্ৰজনি নলীত শুক্ৰাণুজনন হোৱাৰ উদ্দীপনা যোগায় । আনহাতে FSH হ’ৰ্মণে চাটলীকোষবোৰৰ ওপৰত ক্ৰিয়া কৰি স্পাৰমিঅ’জেনেছিছ প্ৰক্ৰিয়াত সহায় কৰা কিছুমান কাৰকৰ ক্ষৰণ ঘটায় । 

প্ৰশ্ন ৬। গৰ্ভধাৰণৰ সময়ত এক মাহৰ পৰা ভ্ৰূণটোৰ বিকাশ হোৱা প্ৰক্ৰিয়াটো বৰ্ণনা কৰা ।

উত্তৰঃ গৰ্ভাৱস্থাৰ ন – মাহ কালৰ বিভিন্ন মাহত ভ্ৰূণটোৰ বিভিন্ন ধৰণে বিকাশ হোৱা দেখা যায় । মানুহৰ গৰ্ভাৱস্থাৰ প্ৰথম মাহৰ অন্তত ভ্ৰূণটোৰ হৃদযন্ত্ৰ গঠিত হয় । দ্বিতীয় মাহৰ অন্তত হাত , ভৰি আৰু আঙুলিৰ বিকাশ হয় । বাৰ সপ্তাহৰ অন্তত প্ৰায়বোৰ প্ৰধান অংগৰ গঠন হয় । উদাহৰণস্বৰূপে , এই সময়ছোৱাত হাত , ভৰি আৰু বাহ‍্যিক জননাংগ সম্পূৰ্ণৰূপে বিকশিত হয় । ভ্ৰূণৰ প্ৰথম চলন আৰু মূৰত চুলিৰ প্ৰথম প্ৰকাশ ঘটে পাঁচমাহৰ ভিতৰত । চাবি বছ সপ্তাহৰ শেষত সমস্ত ভ্ৰূণদেহ মিহি নোমেৰে অবৰা হয় , চকুৰ পতা মেখ খায় আৰু চকুৰ পতাৰ নোম গজি উঠে । গৰ্ভাৱস্থাৰ নমাহৰ অন্তত গৰ্ভস্থ ভ্ৰূণটোৰ বিকাশ সম্পূৰ্ণ হয় আৰু প্ৰসৱৰ কাৰণে উপযুক্ত হয় ।

প্ৰশ্ন ৭। ঋতুচক্ৰত হৰ্ম’নৰ ভূমিকা আলোচনা কৰা ।

উত্তৰঃ ঋতুচক্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা হৰম’ন সমূহ হ’ল ― 

(ক) হাইপ’থেলামাছৰ পৰা নিঃসৰিত FSH – RF হৰম’নে অগ্ৰ পিটুইটাৰীৰ পৰা FSH নিঃসৰণত সহায় কৰে ।

(খ) FSH য়ে প্ৰাথমিক থলীবিলাকক ডিম্বাশয়ত গ্ৰাফিয়ান থলীলৈ ৰূপান্তৰ কৰে ।

(গ) FSH ৰ নিঃসৰণ কমাই LH ৰ নিঃসৰণ বঢ়াই দিয়ে ।

(ঘ) তেজত LH ৰ যাত্ৰা বাঢ়ি গৈ ডিম্বক্ষৰণ প্ৰক্ৰিয়াটো নিয়ন্ত্ৰন কৰে ।

(ঙ) অগ্ৰপিটুইটাৰীৰ পৰা FSH আৰু LH ৰ নিঃসৰণ হ্ৰাস পালে থলীৰ পৈণতা হ্ৰাস পায় আৰু ডিম্বক্ষৰণ প্ৰক্ৰিয়া মন্থৰ হয় ।

(চ) তেজত প্ৰ’জেষ্টেৰণ আৰু ইষ্ট্ৰ’জেনৰ মাত্ৰা হ্ৰাস পালে হাইপ’থেলামাছ আৰু অগ্ৰপিটুইটাৰীক যথাক্ৰমে FSH – RF আৰু  FSH নিঃসৰণত সহায় কৰে । FSH য়ে পুনৰ ফলিকুলাৰ অৱস্থাক নিয়ন্ত্ৰণ কৰে । 

প্ৰশ্ন ৮। মানুহৰ দেহ নিষেচন প্ৰক্ৰিয়া আলোচনা কৰা ।

উত্তৰঃ পুৰুষৰ পুংজনন কোষ বা শুক্ৰাণু আৰু স্ত্ৰীৰ ডিম্বৰ মিলন ঘটি যোজন কোষ গঠন কৰা প্ৰক্ৰিয়াটোকে নিষেচন বোলে । মানৱদেহত নিষেচন প্ৰক্ৰিয়া স্ত্ৰীৰ দেহৰ ভিতৰত হয় কাৰণে ইয়াক অন্তঃনিষেচন বোলে । স্ত্ৰীৰ ডিম্বাশয়ত হোৱা নিষেচন প্ৰক্ৰিয়া কেইবাটাও জটিল অৱস্থাৰ মাজেৰে সম্পন্ন হয় ―

(ক) শুক্ৰাণু আৰু ডিম্বাণু পৰস্পৰ কাষ চপা :- নিষেচনৰ কাৰণে শুক্ৰাণু আৰু ডিম্বাণু পৰস্পৰে ওচৰ চপা নিত‍্যান্ত প্ৰয়োজন । অন্তঃনিষেচনৰ কাৰণে শুক্ৰাণু স্ত্ৰীৰ প্ৰজনন নলীৰ ভিতৰত নিক্ষেপ কৰা হয় । শুক্ৰাণুৰ লগত শুক্ৰধাৰ ৰসে মাধ‍্যমৰ কাৰ্য্য কৰে । মানুহৰ ক্ষেত্ৰত প্ৰতিবাৰ সংগমত প্ৰায় ২০০ – ৩০০ মিলিয়ন (নিযুত) শুক্ৰাণু স্ত্ৰীৰ জনন নলীত নিক্ষিপ্ত হয় । ইয়াৰে সৰহ সংখ্যক শুক্ৰাণু স্ত্ৰী জনন নলীকাৰ অম্লতাৰ কাৰণে বাচি থাকিব নোৱাৰে । প্ৰায় ১০০ টা মান শুক্ৰাণুৰে ডিম্বৰ কাৰ্য্য চাপে । প্ৰজনন নলীকাত শুক্ৰাণুবোৰে প্ৰতি মিনিটত একৰ পৰা চাৰি মি. মি. দ্ৰুতিৰে সাঁতোৰে । স্ত্ৰীৰ প্ৰজনন নলীকাত শুক্ৰাণুবোৰে প্ৰায় পাঁচৰ পৰা ছয় ঘন্টা থকাৰ পিছত পৈনতা লাভ কৰে । ইয়াকে কেপচিটেছন বোলে । দেখা যায় যে স্ত্ৰীৰ প্ৰজনন নলীকাত শুক্ৰাণুবোৰ প্ৰায় ১২ – ২৪ ঘন্টালৈকে জীয়াই থাকিব পাৰে আৰু খুব বেছি তিনি দিনলৈ বাছি থাকে । কিন্তু ডিম্বকৰ নিষেচন গুণ মাত্ৰ ২৪ ঘন্টাৰ পৰা ৭২ ঘন্টালৈহে । ২৪ ঘন্টাৰ ভিতৰত ডিম্বাণুৰ নিষেচন নহ’লে ই কাৰ্য্যহীন হৈ পৰে । 

(খ) জননকোষৰ সংযোগ :- জননকোষ দুটাৰ অৰ্থাৎ শুক্ৰাণুৰ আৰু ডিম্বাণুৰ সংযোগ বিশেষধৰণৰ ৰাসায়নিক পদাৰ্থৰ ওপৰত নিৰ্ভৰ কৰে। শুক্ৰাণুত থকা এন্টিফাৰটিলিজিন আৰু ডিম্বাণুত থকা ফাটিলিজিনৰ মাজত ৰাসায়নিক বিক্ৰিয়া ঘটি ৰাসায়নিক বন্ধনৰ সৃষ্টি কৰে যাৰ কাৰণে শুক্ৰাণুবোৰে অনিষিদ্ধ ডিম্বাণুৰ চাৰিওফালে সংলগ্ন হয় । ডিম্বাণুৰ চাৰিওফালে শুক্ৰাণুবোৰে এনেদৰে গোট খোৱা প্ৰক্ৰিয়াটোক এগ্লুটিনেশ্চন বোলে ।

(গ) এক্ৰ’ছ’ম বিক্ৰিয়া আৰু অনুপ্ৰৱেশ :- শুক্ৰাণু এটা ডিম্বাণুৰ গাত লাগি থকা কালত ইয়াৰ চলন ক্ষমতা হ্ৰাস পায় । শুক্ৰাণুত থকা এক্ৰ’ছ’মৰ ভৌত ৰাসায়নিক বিক্ৰিয়াৰ দ্বাৰা শুক্ৰাণু ডিম্বাণুৰ ভিতৰত প্ৰৱেশ কৰে । শুক্ৰাণুৰ এক্ৰ’ম’জমে হায়ালুৰ ‘ নিডেজ নামৰ এক বিশেষ উৎসেচক নিঃসৰণ কৰে , যিয়ে ডিম্বাণুৰ ক’ৰ’না ৰেডিয়াটা আৱৰণীক ভেদ কৰি শুক্ৰাণুক ডিম্বাণুৰ ভিতৰত প্ৰৱেশ কৰাত সহায় কৰে । ইয়াৰ পিছত এক্ৰ’জ’মৰ অন্তঃ আৱৰণৰ পৰা নিঃসৃত এক্ৰঃ’ছিন উৎসেচকৰ প্ৰভাৱত থ’লা পেলুচিতা আৱৰণ দ্ৰৱীভূত হয় ।

(ঘ) ডিম্বাণুৰ সক্ৰিয়তা অৰ্জন :- শুক্ৰাণুৰ কোষকেন্দ্ৰ ডিম্বাণুৰ ভিতৰত প্ৰৱেশ কৰাৰ লগে লগে ডিম্বৰ চাইট’প্লাজমৰ নানা পৰিৱৰ্তন পৰিলক্ষিত হয় । এই সকলোবোৰ পৰিৱৰ্তনক ডিম্বাণুৰ সক্ৰিয়তা বোলে । 

শুক্ৰাণু ডিম্বাণুৰ যিটো অংশত লাগি থাকে তাত ডিম্ববেৰখন উখহি উঠে আৰু এটা নিষেচন শংকু গঠন কৰে । ইয়াৰ মাজেদি শুক্ৰাণুৰ কোষকেন্দ্ৰ আৰু মাধ‍্যাংশ ডিম্বৰ ভিতৰত প্ৰৱেশ কৰে । নিষেচন শংকু সৃষ্টিৰ পিছতেই ডিম্বাণু চাইট’প্লাজমৰ কটেক্স অংশত কিছুমান ৰাসায়নিক বিক্ৰিয়া ঘটে । এই বিক্ৰিয়াবোৰক কাটিকেল বিক্ৰিয়া বোলে । ডিম্বৰ ভিতৰত শুক্ৰাণুৰ কোষকেন্দ্ৰৰ প্ৰৱেশ ঘটাৰ পিছত নিষেচন আৱৰণ গঠন হয় আৰু এই আৱৰণখনে অতিৰিক্ত শুক্ৰাণুৰ প্ৰৱেশত বাধা দিয়ে ।

(ঙ) কোষকেন্দ্ৰৰ সঞ্চালন আৰু এম্ফিমিক্সিছ : শুক্ৰাণু ডিম্বাণুৰ কোষ প্ৰৰসৰ ভিতৰলৈ প্ৰৱেশ কৰাৰ পিছত ইয়াৰ কোষকেন্দ্ৰটো স্ফীত হৈ পৰে আৰু ১৮০ ত আৱৰ্তিত হয় । এই সময়ত কোষকেন্দ্ৰক পুৰুষ প্ৰকোষকেন্দ্ৰ বোলে । যি নিৰ্দিষ্ট পথেৰে শুক্ৰাণু প্ৰকোষকেন্দ্ৰ ডিম্বাণু প্ৰকোষকেন্দ্ৰৰ ওচৰ চাপে তাকে কপুলেছন পথ বোলে । শুক্ৰাণু আৰু ডিম্বাণুৰ প্ৰকোষকেন্দ্ৰৰ মিলনক এম্ফিমিক্সিছ বোলে । পিছত এইদৰে যোজন কোষৰ গঠন হয় ।

প্ৰশ্ন ৯। মানুহৰ ক্ষেত্ৰত গৰ্ভধাৰণ কালত আৰু ভ্ৰূণীয় বিকাশ সমূহ আলোচনা কৰা ।

উত্তৰঃ গৰ্ভধাৰণ কালত ভ্ৰূণৰ ক্ষেত্ৰত দেখা দিয়া বিকাশৰ পৰিৱৰ্তনসমূহ হ’ল ―

(ক) প্ৰথম মাহৰ শেষত :- ভ্ৰূণত হৃদযন্ত্ৰটোৰ স্পন্দৰ আৰম্ভ হয় আৰু হৃদস্পন্দন শুনা যায় । হাত আৰু ভৰিৰ গঠনৰ কাৰণে মুকুলোদগম ঘটে।যকৃত আৰু অগ্ন‍্যাশয়ৰ মুকুলোদগম ঘটে ।

(খ) দ্বিতীয় মাহৰ শেষত :- পেডেলৰ নিচিনা ভৰি গঠন হয় । আঠু আৰু কিলাকুটিৰ গঠন স্পষ্ট হয় । বহিস্তকখন একতৰপীয়া । পাকস্থলীলৈ মূলাকৃত যদিও খাদ‍্যনলীত পাক খায় । বৃক্ক স্পষ্ট হয় ।

(গ) তৃতীয় মাহৰ শেষত :- বহিঃস্তক কেইবা তৰপীয়া হয় । খাদ‍্যনলী পাক লগা হয় । অগ্ন‍্যাশয়ত লেংগাৰহেন্সৰ দ্বীপপুঞ্জ দেখা যায় , থাইমাছ , থাইৰয়দ আৰু পেৰাথাইৰয়েড গ্ৰন্থি বিকাশ প্ৰাপ্ত হয় । যৌনাংগৰ গঠন স্পষ্ট হৈ পৰে । চেৰিবেলাম সম্পূৰ্ণ হৈ পৰে ‌।

(ঘ) চতুৰ্থ মাহৰ শেষত :- মেডুলেটেড স্নায়ু প্ৰৱদ্ধসমূহ গঠন সম্পূৰ্ণ হয় ।

এটা ব‍্যৱহাৰিক শব্দত উওৰ দিয়া বিশেষ এক নম্বৰৰ প্ৰশ্ন : 

(১) প্ৰাক শুক্ৰাণুবোৰ শুক্ৰাণুলৈ পৰিৱৰ্তিত হোৱা প্ৰক্ৰিয়া ।

উত্তৰঃ স্পাৰমিওজেনেছিছ ।

(২) ডিম্বাশয়ৰ ফলিকূলৰ ভিতৰত থকা তৰল পদাৰ্থৰ গহবৰ ।

উত্তৰঃ কোটৰ ।

(৩) দ্বিতীয়ক অণ্ডকোষটোৱে ইয়াৰ চাৰিওফালে সৃষ্টি কৰা আৱৰণ ।

উত্তৰঃ স্বচ্ছ অণ্ডাৱৰণ ।

(৪) যৌৱনপ্ৰাপ্তিৰ সময়ত আৰম্ভ হোৱা প্ৰথম ঋতুস্ৰাৱ ।

উত্তৰঃ ৰজঃ আগমন ।

(৫) বিদলন দ্বাৰা সৃষ্টি হোৱা অপত কোষবোৰ ।

উত্তৰঃ কোৰক খণ্ড বা ব্লাষ্ট’মেয়াৰ ।

(৬) দুগ্ধক্ষৰণৰ প্ৰথম কেইদিনত সৃষ্টি হোৱা দুগ্ধ ।

উত্তৰঃ ফেঁহু বা ক’ল’ষ্ট্ৰাম ।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

This will close in 0 seconds

error: Content is protected !!
Scroll to Top