Class 12 Anthropology Chapter 2 আনুবংশিক বিজ্ঞান

Class 12 Anthropology Chapter 2 আনুবংশিক বিজ্ঞান Solutions, HS 2nd year Anthropology Notes, Class 12 Anthropology Chapter 2 আনুবংশিক বিজ্ঞান Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 12 Anthropology Chapter 2 আনুবংশিক বিজ্ঞান and select needs one.

Class 12 Anthropology Chapter 2 আনুবংশিক বিজ্ঞান

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 12 Anthropology Question Answer These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC Class 12 Anthropology Chapter 2 আনুবংশিক বিজ্ঞান Notes for All Subject, You can practice these here.

আনুবংশিক বিজ্ঞান

Chapter – 2

অনুশীলনী

১। আনুবংশিক বিজ্ঞানৰ পিতৃ বুলি কাক জনা যায়?

উত্তৰঃ আনুবংশিক বিজ্ঞানৰ পিতৃ বুলি গ্ৰেগৰ জোহান মেণ্ডেলক জনা যায়।

২। বংশগতি কি?

উত্তৰঃ We will update the answer very soon.

৩। মেণ্ডেলে তেওঁৰ বংশগতি গৱেষণা কেতিয়াৰ পৰা কেতিয়ালৈ চলাইছিল?

উত্তৰঃ মেণ্ডেলে তেওঁৰ বংশগতি গৱেষণা ১৮৫৭ পৰা ১৮৬৫ লৈ চলাইছিল।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। মেণ্ডেলে তেওঁৰ গৱেষণাৰ জ্ঞাত ক’ত প্ৰকাশ কৰিছিল?

উত্তৰঃ মেণ্ডেলে তেওঁৰ গৱেষণাৰ জ্ঞাত ‘বনে’ৰ নেচাৰেল হিষ্ট’ৰী চোচাইটি’ৰ আলোচনীত প্ৰকাশ কৰিছিল।

৫। মেণ্ডেলৰ বংশগতিৰ সূত্ৰসমূহ পুনৰ কোনে কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰঃ মেণ্ডেলৰ বংশগতিৰ সূত্ৰসমূহ পুনৰ হলেণ্ডৰ হিউগো ডা ভাইজ, অষ্ট্ৰিয়াৰ ভ’ন চেৰমাক আৰু জাৰ্মানিৰ কাৰ্ল ক’ৰেনছে আৱিষ্কাৰ কৰিছিল।

৬। মেণ্ডেলৰ একসংকৰ অনুপাতটো কি?

উত্তৰঃ প্ৰথম পৰীক্ষাৰ বাবে মেণ্ডেলে এক প্ৰকাৰ চৰিত্ৰৰ দুটা বিপৰীত ধৰ্মী লক্ষণৰ গছৰ মাজত সংকৰণ ঘটাই কি অনুপাতত বিপৰীত ধৰ্মী লক্ষণ দুটা পোৱা যায় সেইটো নিৰ্ধাৰণ কৰিলে। ইয়াকে মেণ্ডেলৰ একসংকৰ অনুপাত কোৱা হয়।

৭। জিন কি?

উত্তৰঃ জিন হ’ল ক্ৰ’ম’জমত থকা বংশগতি নিয়ন্ত্ৰণ কৰা ক্ষুদ্র পদাৰ্থ।

৮। মেণ্ডেলৰ দ্বিসংকৰ অনুপাতটো কি?

উত্তৰঃ একসংকৰ পৰীক্ষাত মেণ্ডেলে মাত্ৰ এটা লক্ষণৰ ওপৰত ভিত্তি কৰিছিল। পিছত তেওঁ দুই বা ততোধিক প্ৰকাৰৰ লক্ষণ একেলগে লৈ পৰীক্ষা কৰি দেখিলে যে বেলেগ বেলেগ লক্ষণৰ বাবে বেলেগ বেলেগ গোট আছে। প্ৰতিটো গোটেই স্বতন্ত্ৰভাৱে এটা পুৰুষৰ পৰা আনটো পুৰুষলৈ গতি কৰে। তাৰদ্বাৰা তেওঁ আন এটা সিদ্ধান্তত উপনীত হয় যাক স্বতন্ত্ৰ বিবিধকৰণ সূত্ৰ বোলে। এই সূত্ৰটোকে দ্বি-সংকৰ অনুপাত নামেৰে জনা যায়।

৯। সু-প্ৰজনন বিজ্ঞান কাক বোলে?

উত্তৰঃ আনুবংশিক ব্যৱহাৰিক বিজ্ঞানৰ এটা শাখা যাৰ অন্তৰ্গত আনুবংশিক সিদ্ধান্তৰ সহায়েৰে মানুহৰ ভৱিষ্যৎ বংশধৰসকলৰ বংশগতিৰ লক্ষণসমূহ নিয়ন্ত্ৰিত কৰি আৰু শুধৰনি কৰি মানৱ জাতিৰ কল্যাণ সাধন কৰিব পাৰি তাকে সু-প্ৰজনন বিজ্ঞান বোলে।

১০। সু-প্ৰজনন বিজ্ঞান কোনে আৰম্ভ কৰিছিল?

উত্তৰঃ সু-প্ৰজনন বিজ্ঞান চাৰ ফ্ৰান্সিচ গেল্টনে আৰম্ভ কৰিছিল।

১১। সু-প্ৰজনন বিজ্ঞান কেইপ্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ সু-প্ৰজনন বিজ্ঞান দুই প্ৰকাৰৰ-

(ক) ঋণাত্মক।

(খ) ধনাত্মক।

১২। ডাউনছ চিনড্ৰমৰ আন এটা নাম কি?

উত্তৰঃ ডাউনছ চিনড্ৰমৰ আন এটা নাম হ’ল মঙ্গোলীয় মূঢ়তা।

১৩। টাৰ্নাৰছ চিনড্ৰম মহিলাৰ শৰীৰত থকা ক্ৰ’মজ’মৰ সংখ্যা কিমান?

উত্তৰঃ টাৰ্নাৰছ চিনড্ৰম মহিলাৰ শৰীৰত থকা ক্ৰ’মজ’মৰ সংখ্যা ৪৬ ডাল ।

১৪। ক্লাইনফেল্টাৰ চিনড্ৰম কিহৰ বাবে হয়?

উত্তৰঃ  ক্লাইনফেল্টাৰ চিনড্ৰম ব্যাধি মানুহৰ লিংগ ক্ৰ’ম’জমৰ অবিসন্ধিৰৰ ফলত হয়।

১৫। ক্লাইনফেল্টাৰ চিনড্ৰম প্ৰথমে কোনে উদ্ভাৱন কৰিছিল?

উত্তৰঃ ক্লাইনফেল্টাৰ চিনড্ৰম প্ৰথমে হেৰি ফিটছ ক্লাইনিফেল্টাৰে উদ্ভাৱন কৰিছিল।

১৬। ডাইনছ চিনড্ৰমৰ বিষয়ে এটি টোকা লিখা?

উত্তৰঃ ডাউনছ চিনড্ৰম ভয়ানক ৰোগ হয় ২১ নং ক্ৰ’ম’জমৰ ত্ৰিসমসূত্ৰতাৰ বাবে। এই ৰোগ মহিলা বা পুৰুষ সকলোৰে হ’ব পাৰে। এই ৰোগত আক্ৰান্ত ৰোগীসকলৰ প্ৰজনন ক্ষমতা নাথাকে আৰু শাৰীৰিক বৃদ্ধি বা বিকাশ সকলোতে বাধাগ্ৰস্ত হয়। হাতৰ তালুৱাৰ আৰু আঙুলিমূৰৰ ৰেখাসমূহ স্বাভাৱিক নহয়। চকুৰ আকাৰো বেলেগ হ’ব পাৰে অৰ্থাৎ চকুৰওপৰৰ পল্লৱ ওমলি থকা হয়। মানসিক বাধাগ্ৰস্ততা থকা দেখা যায়। এইসমূহ ব্যক্তিৰ লিউকেমিয়া ৰোগৰ প্ৰবণতা অধিক। এই ব্যক্তি সকলৰ উচ্চতাও কম হোৱা দেখা যায়। এনে ব্যক্তিৰ মুখৰ অৱয়ব একে হ’ব পাৰে। ১৮৬৬ চনত বৃটিছ চিকিৎসকে প্ৰথমতে এই ৰোগ উদ্ভাৱন কৰিছিল আৰু তেওঁৰ নাম আছিল জন লনডম ডাউন। তেওঁৰ নাম অনুসৰিয়েই ইয়াক ইংৰাজীত ডাউনৰ ৰোগ বোলা হৈছিল। এই ত্ৰিসমসূত্ৰতা সাধাৰণতে কোষ বিভাজনৰ সময়ত অবিসন্ধি পৰিঘটনাৰ ফলত সৃষ্টি হয়।

১৭। চমুটোকা লিখা

(ক) টাৰ্নাৰছ চিনড্ৰম

উত্তৰঃ টাৰ্নাৰছ চিনড্ৰম ব্যাধি মহিলাৰ হোৱা দেখা যায়। ইয়াত ক্ৰ’ম’জমত এডাল X ক্ৰ’ম’জম কম হোৱা দেখা যায়। ই XO ধৰণৰ হয়। এই ব্যক্তিসকল দেখাত চাপৰ হয়। সাধাৰণতে বন্ধ্যা হয়। ই এক প্ৰকাৰৰ চেক্স ক্ৰ’ম’জমৰ অবিসন্ধিৰ সৃষ্টি হোৱা ব্যাধি। এনে স্ত্ৰী দেখিবলৈ পুৰুষৰ দৰে হয়। এনে মহিলাৰ স্তন গঠন নহয়। কান্ধবোৰ পুৰুষৰ দৰে বহল আৰু নিতম্ব ঠেক হয়। গাত বহুত নোম থাকে।

এইবিধ ব্যাধি প্ৰথমতে হেনৰী টাৰ্নাৰ নামৰ অখাহমাৰ এজন চিকিৎসকে ১৯৩৮ চনত উদ্ভাৱন কৰে।

(খ) ক্লাইনফেল্টাৰ চিনড্ৰম

উত্তৰঃ ক্লাইনফেল্টাৰ চিনড্ৰম বিধ ব্যাধি মানুহৰ লিংগ ক্ৰ’ম’জমৰ অবিসন্ধিৰৰ ফলত হয়। ই পুৰুষৰ ক্ষেত্ৰত দেখা যায়। এই ব্যাধি হোৱা পুৰুষ কিছু মহিলা লক্ষণৰ অধিকাৰী হয় আৰু এই ব্যাধি আক্ৰান্ত পুৰুষসমূহ বন্ধ্যা হয়। ক্ৰ’ম’জমৰ সংখ্যা এনে ক্ষেত্ৰত XXY বা XXXY হয়। এনে ব্যক্তিৰ শুক্ৰকীট নাথাকে। হাড়বোৰ থুনুকা হয়। মুখমণ্ডল আৰু শৰীৰৰ চুলি কম হয়। প্ৰথমতে ১৯৪২ চনত হেৰি ফিটছ ক্লাইনিফেল্টাৰে এই ৰোগ উদ্ভাৱন কৰিছিল।

(গ) সু-প্ৰজনন বিজ্ঞান

উত্তৰঃ সু-প্ৰজনন বিজ্ঞান আনুবংশিক ব্যৱহাৰিক বিজ্ঞানৰ এটা শাখা যাৰ অন্তৰ্গত আনুবংশিক সিদ্ধান্তৰ সহায়েৰে মানুহৰ ভৱিষ্যৎ বংশধৰসকলৰ বংশগতিৰ লক্ষণসমূহ নিয়ন্ত্ৰিত কৰি আৰু শুধৰণি কৰি মানৱ জাতিৰ কল্যাণ সাধন কৰিব পাৰি।

সুপ্ৰজনন বিজ্ঞান ১৮৮৩ চনত চাৰ ফ্ৰান্সিচ গেল্টনে আৰম্ভ কৰিছিল। কুৰি শতিকাৰ ১৯৩০ আৰু ১৯৪০ দশকত ই এক বিজ্ঞানৰ ৰূপত বিফল হৈছিল যেতিয়া জাৰ্মানীত ‘সামাজিক ৰূপত হীন’ বুলি গণ্য কৰি ‘নাজি’ সকলক মাৰি পেলোৱা হৈছিল আৰু ইউজেনিকচৰ ভুল প্ৰয়োগ হৈছিল। প্ৰথম বিশ্বযুদ্ধৰ সময়ত বহুতো বৈজ্ঞানিক আৰু ৰাজনীতিকে এই সুপ্ৰজনন বিজ্ঞানৰ সমৰ্থন কৰিছিল।

চাৰ ফ্ৰান্সিচ গেল্টনে প্ৰথমে বৈজ্ঞানিক স্তৰত মানুহৰ আনুবংশিক লক্ষণসমূহ শুদ্ধ ৰূপত প্ৰয়োগ কৰি মানৱজাতিৰ কল্যাণ সাধন কৰিবলৈকে সুপ্ৰজনন বা ইউজেনিকচ নাম দিছিল। সেই বাবে তেওঁক সুপ্ৰজনন বিজ্ঞানৰ পিতা বুলিছিল।

সুপ্ৰজনন বাস্তৱিক উদ্দেশ্য ব্যক্তিগত মানৱৰ আনুবংশিক লক্ষণসমূহ সলোৱা আৰু উত্তম আনুবংশিক লক্ষণসমূহ বংশগতিত বঢ়াই আৰু বেয়া লক্ষণসমূহ বংশগতিত কমাই নাইকিয়া কৰা হয়। 

সুপ্ৰজনন বিজ্ঞানৰ অৱধাৰণা দুই প্ৰকাৰৰ হ’ব পাৰে— ঋণাত্মক আৰু ধনাত্মক। ধনাত্মক সুপ্ৰজনন বিজ্ঞানৰ মুখ্য উদ্দেশ্য ভাল ভাল গুণসমূহৰে বংশগতি আগবঢ়াই নিয়া আৰু ঋণাত্মক সুপ্ৰজনন বিজ্ঞানৰ মুখ্য উদ্দেশ্য হ’ল শাৰীৰিক, মানসিক বিকাৰগ্ৰস্ততা লক্ষণ সমূহ নাইকিয়া কৰি সুপ্ৰজনন কৰা। তাৰ বাবে বন্ধ্যাকৰণ আৰু পৃথকিকৰণ ব্যৱস্থাৰো প্ৰয়োগ কৰা হয়।

১৮। মেণ্ডেলৰ একসংকৰ অনুপাতটো চিত্ৰৰ সহায়ত বর্ণনা কৰা।

উত্তৰঃ

১৯। মেণ্ডেলৰ দ্বি-সংকৰ অনুপাতটো বৰ্ণনা কৰা।

উত্তৰঃ একসংকৰ পৰীক্ষাত মেণ্ডেলে মাত্ৰ এটা লক্ষণৰ ওপৰত ভিত্তি কৰিছিল। পিছত তেওঁ দুই বা ততোধিক প্ৰকাৰৰ লক্ষণ একেলগে লৈ পৰীক্ষা কৰি দেখিলে যে বেলেগ বেলেগ লক্ষণৰ বাবে বেলেগ বেলেগ গোট আছে। প্ৰতিটো গোটেই স্বতন্ত্ৰভাৱে এটা পুৰুষৰ পৰা আনটো পুৰুষলৈ গতি কৰে। তাৰদ্বাৰা তেওঁ আন এটা সিদ্ধান্তত উপনীত হয় যাক স্বতন্ত্ৰ বিবিধকৰণ সূত্ৰ বোলে। এই সূত্ৰ দ্বি-সংকৰ অনুপাত নামেৰেও জনা যায়।

মেণ্ডেলে পৰীক্ষাৰ বাবে বিশুদ্ধ ঘূৰণীয়া গুটিৰ বিশুদ্ধ ওখ গছ আৰু বিশুদ্ধ শোটোৰা গুটিৰ বিশুদ্ধ চাপৰ গছ বাছি লৈছিল। দুই প্ৰকাৰ চৰিত্ৰৰ চাৰিটা লক্ষণ পোৱা হ’ল। ইয়াৰ পৰা দ্বি-সংকৰ অনুপাত পোৱা হ’ল।

দুজোপা গছৰ মাজত নিষেচন হ’বলৈ দিয়াত প্ৰথম পিৰিৰ গছবোৰ ৯ : ৩ : ৩ : ১ : অনুপাতত পোৱা গ’ল অৰ্থাৎ ৯ ঘূৰণীয়া ওখ : ৩ শোটোৰা ওখ : ৩ ঘূৰণীয়া চাপৰ : ১ শোটোৰা চাপৰ। মেণ্ডেলৰ দ্বি-সংকৰ অনুপাতৰ পৰীক্ষা এনে ধৰণে ব্যাখ্যা কৰিব পাৰি। প্ৰভাৱী ঘূৰণীয়াক R আৰু অপ্ৰভাৱী শোটোৰাক r, প্ৰভাৱী ওখক T আৰু তাৰ বিপৰীতে অপ্ৰভাৱী চাপৰক t আখৰেৰে নামকৰণ কৰিলে। বিশুদ্ধ ঘূৰণীয়া গুটিৰ গছ হ’ল RRTT আৰু বিশুদ্ধ শোটোৰা গুটিৰ চাপৰ গছ হ’ব rrtt । প্ৰথমবিধ RT আৰু দ্বিতীয় বিধ rt জননকোষৰ সৃষ্টি কৰিব। গতিকে প্ৰথম পিৰিৰ গছবোৰ হ’ব Rt Tr । এই সংকৰ গছৰ পৰা চাৰি প্ৰকাৰৰ জনন কোষ পোৱা যায়। এই চাৰি প্ৰকাৰৰ জননকোষ হৈছে— RT, Rt, rT, rt.

২০। চমুটোকা লিখা

(ক) জিন আৰু এলিলি

উত্তৰঃ ক্ৰ’ম’জমত থকা বংশগতি নিয়ন্ত্ৰণ কৰে ক্ষুদ্ৰ পদাৰ্থক জিন বোলে। ইয়েই হ’ল বংশগতিৰ বাহক। জীৱদেহত জিনবোৰ যোৰা পাতি থাকে। একেস্থানত থকা জিনক এলিলি বোলে। মেণ্ডেলৰ পৰীক্ষাত পোৱা বিশুদ্ধ ওখ গছৰ কাৰণে TT দুটা জিন থাকে। এই TT জিনৰ এটাক আনটোৰ এলিলি বোলে। সেইদৰে tt জিনৰ এটা আনটোৰ এলিলি। মানৱদেহৰ ক্ৰ’ম’জমৰ সংখ্যা ৪৬ ডাল।

(খ) জিনটাইপ আৰু ফিনটাইপ

উত্তৰঃ কোনো জীৱৰ জিনৰ সমষ্টিয়েই হৈছে জিন’টাইপ। গছৰ ওপৰত কৰা মেণ্ডেলৰ একসংকৰ পৰীক্ষাৰ ফলস্বৰূপে পোৱা ১ : ২ : ১ অনুপাতটো জিন’টাইপৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। TT, Tt, tt এইকেইটা হ’ল জিন’টাইপ। অৰ্থাৎ জিনৰ উপস্থিতি অনুসৰি যি প্ৰকাৰ বিভাগ কৰা হয় তাক জিন’টাইপ বোলে।

জিন’টাইপ আৰু পৰিবেশৰ প্ৰভাৱত সংঘটিত জীৱৰ বহিঃআকৃতি হ’ল ফিন’টাইপ। ৩ : ১ অনুপাতটো ফিন’টাইপ অনুসৰি কৰা হৈছে। TT আৰু Tt জিন’টাইপ বেলেগ, কিন্তু ফিন’টাইপ একে। কাৰণ দুয়োবিধ গছেই ওখ বাহ্যিকৰূপ বা লক্ষণ বা উচ্চতা চাই দুয়োটাৰে পার্থক্য বিচাৰি উলিওৱা টান। গতিকে জিন’টাইপ আৰু বাহ্যিক প্ৰতিক্ৰিয়াৰ ফলত যি বাহ্যিক ৰূপ দেখা যায় সেয়ে ফিন’টাইপ। 

(গ) সমযুগ্মনজী আৰু বিষমযুগ্মজনী

উত্তৰঃ এযোৰ এলিলিৰ দুয়োটা জিন যদি একে হয় তেতিয়া সমযুগ্মনজী বোলা হয়। আৰু যদি দুয়োটা জিন বেলেগ হয় তাক বিষমযুগ্মজনী বোলা হয়। উদাহৰণস্বৰূপে TT আৰু tt দুয়ো প্রকাৰেই সমযুগ্মনজী বা হ’মযাইগছ। TT দুয়োটা জিন ওখ আৰু tt দুয়োটা জিন চাপৰ লক্ষণৰ বাবে Tt এই দুয়োটা জিন বিষমযুগ্মনজী বা হেটাৰ’যাইগছ। কাৰণ ইয়াৰ এটা জিন T ওখ লক্ষণৰ বাবে t জিনটো চাপৰ লক্ষণৰ বাবে। গতিকে ই হেটাৰ’যাইগছ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top