Class 12 Anthropology Chapter 1 কোষ জীৱতত্ত্ব

Class 12 Anthropology Chapter 1 কোষ জীৱতত্ত্ব Solutions, HS 2nd year Anthropology Notes, Class 12 Anthropology Chapter 1 কোষ জীৱতত্ত্ব Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 12 Anthropology Chapter 1 কোষ জীৱতত্ত্ব and select needs one.

Class 12 Anthropology Chapter 1 কোষ জীৱতত্ত্ব

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 12 Anthropology Question Answer These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC Class 12 Anthropology Chapter 1 কোষ জীৱতত্ত্ব Notes for All Subject, You can practice these here.

কোষ জীৱতত্ত্ব

Chapter – 1

অনুশীলনী

১। কোষবোৰ পোন প্ৰথমে কোনে লক্ষ্য কৰিছিল?

উত্তৰঃ কোষবোৰ পোন প্ৰথমে ৰ’বাৰ্ট হুকে লক্ষ্য কৰিছিল।

২। কোষৰ দুটা প্ৰধান অংশ কি কি?

উত্তৰঃ কোষৰ দুটা প্ৰধান অংশ হ’ল— ছাইট’পাজম আৰু নিউক্লিয়াছ বা কোষকেন্দ্ৰ।

৩। মানৱ কোষৰ দুটা প্ৰধান প্ৰকাৰ কি কি?

উত্তৰঃ মানৱ কোষৰ দুটা প্ৰধান প্ৰকাৰ হ’ল— 

(ক) জনন কোষ।

(খ) দৈহিক কোষ।

৪। কোষৰ সংজ্ঞা দিয়া।

উত্তৰঃ কোষৰ সংজ্ঞা হ’ল সকলো জীৱৰ মৌলিক গঠন আৰু কাৰ্য্যৰ আটাইতকৈ সৰু একক যিয়ে স্বতন্ত্ৰ অস্তিত্ব আৰু উপযুক্ত পৰিৱেশৰ আত্মপ্ৰজনন কৰিবলৈ সক্ষম হয়।

৫। কোষৰ বিভাজন বুলিলে কি বুজা?

উত্তৰঃ যি প্ৰক্ৰিয়াৰে জীৱদেহৰ কোষ বিভাজিত হৈ সিহঁতৰ অনুৰূপ অপত্য কোষৰ সৃষ্টি কৰে তাকে কোষ বিভাজন বুলি কোৱা হয়।

৬। কোষ বিভাজনৰ ধাৰণা পোন প্ৰথমে কোনে দাঙি ধৰিছিল।

উত্তৰঃ কোষ বিভাজনৰ ধাৰণা পোন প্ৰথমে হ’ফমেষ্টাৰে দাঙি ধৰিছিল।

৭। মাইট’ছিছ কোষ বিভাজনৰ স্তৰ কেইটা?

উত্তৰঃমাইট’ছিছ কোষ বিভাজনৰ স্তৰ চাৰিটা।

৮। ক্ৰ’মজ’ম শব্দটো প্ৰথমে কোনে বৰ্ণনা কৰিছিল?

উত্তৰঃ ক্ৰ’মজ’ম শব্দটো প্ৰথমে ষ্টেউচবাৰজাৰে বৰ্ণনা কৰিছিল।

৯। মানৱ শৰীৰত থকা ক্ৰ’ম’জমৰ সংখ্যা কিমান?

উত্তৰঃ মানৱ শৰীৰত থকা ক্ৰ’ম’জমৰ সংখ্যা ৪৬ ডাল।

১০। ক্ৰ’মজ’ম থকা প্ৰটিন দুই প্ৰকাৰৰ নাম লিখা?

উত্তৰঃ ক্ৰ’মজ’ম থকা প্ৰটিন দুই প্ৰকাৰৰ নাম হ’ল–

(ক) হিষ্টন প্ৰটিন।

(খ) অহষ্টিন প্ৰটিন।

১১। জিন শব্দটো কি শব্দৰ পৰা আহিছে?

উত্তৰঃ জিন শব্দটো জিনম শব্দৰ পৰা আহিছে।

১২। মানৱ কোষ এটাৰ চিত্ৰ অংকন কৰি ইয়াৰ বিভিন্ন অংশসমূহ দেখুওৱা।

উত্তৰঃ 

১৩। মাইট’ছিছ কোষ বিভাজনটো বৰ্ণনা কৰা।

উত্তৰঃ যি কোষ বিভাজন বহুকোষী জীৱৰ দেহ কলাবোৰৰ বুদ্ধি আৰু বিকাশৰ লগত জড়িত তেনে কোষ বিভাজনক মাইট’ছিছ বোলা হয়। জীৱৰ দেহকোষৰ সংঘটিত হোৱা এই বিভাজন বিশ্বজনীন আৰু ক্ষুদ্ৰাকৃতিৰ জীৱৰ পৰা আৰম্ভ কৰি বৃহদাকৃতিৰ যিকোনো প্ৰাণীৰ দেহকোষত একে বিভাজন পোৱা যায়। এই প্ৰক্ৰিয়াত প্ৰথনে নিউক্লিয়াছৰ আৱৰণখন নাইকিয়া হয়। তাৰ পাছত ক্ৰ’মজমবোৰ স্পষ্ট হৈ পৰে আৰু সমানে দুটা ভাগত বিভক্ত হৈ দুটা অপত্য নিউক্লিয়াছ গঠন কৰে। নতুনকৈ সৃষ্টি হোৱা নিউক্লিয়াছ দুটাৰ মাজত এখন কোষ প্ৰাচীৰ গঠিত হয়। এই প্ৰাচীৰে ছাইট’পাজমখিনিও সমানে দুভাগ কৰে। এই প্ৰক্ৰিয়াক ছাইটোকাইনেছিছ বোলে।

মাইট’ছিছ প্ৰণালীৰে কোষ বিভাজিত হওঁতে কোষ কেন্দ্ৰটোৰ ধাৰাবাহিকভাৱে যিবোৰ পৰিৱৰ্তন হয় সেই পৰিৱৰ্তনখিনিক চাৰিটা স্তৰত ভগোৱা হয়।

(ক) আদ্যস্তৰ।

(খ) মধ্যস্তৰ।

(গ) উপান্ত‍্যস্তৰ।

(ঘ) অন্ত‍্যস্তৰ।

(ক) আদ্যস্তৰ: কোষকেন্দ্ৰ বিভাজনৰ প্ৰথম স্তৰ হ’ল আদ্যস্তৰ। কোষ বিভাজনৰ আৰম্ভণিৰ কোষটো স্থিতাৱস্থাত থাকে। এই স্তৰ আৰম্ভ হোৱাৰ লগে লগে কোষকেন্দ্ৰ আকাৰত কিছু ডাঙৰ হয় আৰু কোষকেন্দ্ৰ জালিকা লোপ পায়। কোষকেন্দ্ৰ জালিকাত থকা ক্ৰমোটিনবোৰ সূতাৰ আকৃতিৰ ক্ৰ’ম’জমলৈ পৰিৱৰ্তিত হয়। এই বিভাজনৰ আৰম্ভণিতে ক্ৰ’ম’জমবোৰে কে’কোৰ কেঁকুৰি সূতাৰ আকাৰ ধাৰণ কৰি নিউক্লিঅ’পাজমৰ পদ্ধতিৰে প্ৰত্যেকডাল ক্ৰ’ম’জমেই দীঘে দীঘে দুভাগত বিভক্ত হয়।

(খ) মধ্যস্তৰ: এই স্তৰ আৰম্ভ হোৱাৰ লগে লগে নিউক্লিয়াছ আৰু কোষকেন্দ্ৰৰ নিউক্লিয়াৰ আৱৰণীখন একেবাৰে অদৃশ্য হৈ পৰে। চাইটোপাজম জাতীয় তন্তুসমূহ কোষৰ দুই মেৰুৰ পৰা মাজলৈ গতি কৰে আৰু মহুৰা বা টাকুৰীৰ দৰে অৰ্থাৎ মাজডোখৰ শকত আৰু দুয়োকাষে ক্ৰমান্বয়ে সৰু আকৃতি ধাৰণ কৰে। ইয়াক কেন্দ্ৰীয় মহুৰা বোলে। এই টাকুৰীটো কোষৰ মাজভাগলৈ ইমূৰৰ পৰা সিমূৰলৈ বিস্তৃত হৈ থাকে।

(গ) উপান্ত‍্যস্তৰ: ক্ৰমেটিড সংযোজিত আকর্ষণতন্তু সংকুচিত হৈ দুই বিপৰীতে মেৰুৰ ফাললৈ গতি কৰাৰ লগে লগে এই স্তৰ আৰম্ভ হয়। এই অৱস্থাত ক্র’ম’জমবোৰ এটা আনটোৰ পৰা পৃথক হয়। 

(ঘ) অন্ত‍্যস্তৰ: উপান্ত‍্যস্তৰত হোৱা গতিৰ শেষৰ ক্ৰ’ম’জমবোৰ কোষৰ দুই মেৰুত থুপ খাই থাকে। এই ক্ৰমেটিডবোৰক ক্ৰ’ম’জম বোলে। ক্ৰমান্বয়ে ক্ৰ’ম’জমবোৰে মিহি আৰু দীঘল হৈ পাক খোৱা অৱস্থা এৰি আগৰ আকাৰ ধাৰণ কৰে। অৰ্থাৎ লাহে লাহে অস্পষ্ট হৈ পৰে।

১৪। মাইট’ছিছ আৰু মিঅ’ছিছ কোষ বিভাজনৰ মাজত পার্থক্য দেখুওৱা।

উত্তৰঃ মাইট’ছিছ আৰু মিঅছিছ কোষ বিভাজনৰ মাজত পার্থক্য হ’ল—

(ক) মাইট’ছিছ জীৱৰ দেহকোষত হয়। আনহাতে মিঅ’ছিছ প্ৰজননকোষৰ সৃষ্টি হোৱাৰ সময়ত হয়।

(খ) মাইট’ছিছ এটা কোষ এবাৰ বিভক্ত হৈ দুটা অপত্য কোষৰ সৃষ্টি কৰে। আনহাতে মিঅ’ছিছ এটা কোষৰ দুবাৰ বিভক্ত হৈ চাৰিটা অপত্য কোষৰ সৃষ্টি হয়।

(গ) মাইট’ছিছ সমৰূপী ক্ৰ’ম’জম যোৰা নাপাতে। আনহাতে মিঅ’ছিছ সমৰূপী ক্ৰ’ম’জমে যোৰা পাতে।

(ঘ) মাইট’ছিছ কায়েজমাৰ সৃষ্টি নহয়। আনহাতে মিঅ’ছিছ কায়েজমাৰ সৃষ্টি হয়।

(ঙ) মাইট’ছিছ আদ্যস্তৰ সৰল আৰু উপস্তৰত বিভক্ত নহয়। আনহাতে মিঅ’ছিছ আদ্যস্তৰ দীৰ্ঘস্থায়ী, জটিল আৰু কেইবাটাও উপস্তৰত বিভক্ত।

(চ) মাইট’ছিছ জিন বিনিময় হৈ জিনৰ পূৰ্ণবিন্যাস নহয়। আনহাতে মিঅ’ছিছ জিন বিনিময় এক উল্লেখযোগ্য ঘটনা; যাৰ লগত জীৱৰ প্ৰকাৰণ আৰু বিবৰ্তন জড়িত।

১৫। ক্ৰ’মজ’ম এটাৰ বিভিন্ন অংশবোৰ চিত্ৰৰ সহায়ত দেখুওৱা।

উত্তৰঃ 

১৬। ক্ৰ’মজ’মৰ বিভিন্ন ভাগসমূহ বৰ্ণনা কৰা।

উত্তৰঃ ক্ৰ’মজ’মৰ বিভিন্ন ভাগসমূহ হ’ল—

(ক) পেলিক’ল: প্ৰত্যেক ক্ৰ’ম’জম এখন পাতল আৱৰণেৰে আবৃত হৈ থাকে। এই আৱৰণখনক পেলিক’ল বোলে।

(খ) ক্ৰমনিমা: পেলিক’লে আৱৰি থকা আধাৰ দ্ৰব্যত দীঘে দীঘে পাক খাই থকা কিছুমান মিহি সূতা সদৃশ গঠন দেখা যায়। এইবোৰ সাধাৰণতে দ্বি-সূত্ৰাকাৰ DNA-ৰ পাক খাই থকা কুণ্ডলী। এইবিলাকক ক্ৰমনিমা বোলা হয়। ক্ৰমনিমা কুণ্ডলী দুই প্ৰকাৰৰ যেনে—

পেৰানেমিক কুণ্ডলী আৰু পেক্টনেমিয়া কুণ্ডলী।

(গ) চেণ্ট্ৰমিয়েৰ: প্ৰত্যেক ক্ৰ’ম’জমত কোনো এটা বিন্দুত স্পষ্ট অৰঞ্জিত সংকীৰ্ণ অংশ এটা পোৱা যায়। এই অংশক চেণ্ট্ৰমিয়েৰ বা প্ৰাথমিক সকীৰ্ণ বোলে। চেণ্ট্ৰমিয়েৰৰ ছুয়োফালে থকা অংশক ক্ৰ’ম’জম বাহু বোলে। ক্ৰ’ম’জমভেদে চেণ্ট্ৰমিয়েৰৰ স্থান বেলেগ বেলেগ হয়।

(ঘ) গৌণ সংকোচন: চেণ্ট্ৰমিয়েৰৰ বাহিৰে ক্ৰ’ম’জমৰ যিকোনো স্থানত থকা সংকোচনক গৌণ সংকোচন বোলা হয়।

(ঙ) ছেটেলাইট: ছেটেলাইট ক্ৰ’ম’জমৰ সেই শেষ আংশটোক কোৱা হয় যিটো অংশ মূল ক্ৰ’ম’জমৰ পৰা গৌণ সংকোচনৰ দ্বাৰা পৃথক হৈ থাকে।

(চ) টেল’মিয়েৰ: ক্ৰ’ম’জমৰ একেবাৰে শেষৰ প্ৰান্তটোক টেল’মিয়েৰ বোলা হয়। ইয়াৰ এটা গুণ এই যে ই কেতিয়াও ব্যাহত নহয়।

১৭। নিউক্লিক এচিড কেইপ্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ নিউক্লিক এচিড দুই প্ৰকাৰৰ। সেই প্ৰকাৰ সমূহ হ’ল–

(ক) ডিঅক্সিৰাইবে নিউক্লিক এচিড।

(খ) এচিড ৰাইবোনিউক্লিক এচিড।

১৮। কোষৰ আকাৰ কেনেধৰণৰ উল্লেখ কৰা।

উত্তৰঃ বেছিভাগ কোষেই খালি চকুৰে মনিব নোৱাৰি। ইয়াক অণুবীক্ষণ যন্ত্ৰৰেহে দেখা পোৱা যায়। কিন্তু ইয়াৰ আকাৰ বিভিন্ন ধৰণৰ হয়। যেনে-৮০mu ৰ পৰা ১ মিটাৰ পৰ্য্যন্ত হয়। কিছুমান কোষ বহুত ডাঙৰ হয় আৰু খালি চকুৰে চাব পাৰি স্নায়ু কোষবিলাক সকলোতকৈ দীঘল বুলি কোৱা যায়। মানুহৰ শৰীৰত কোষৰ আকাৰ ৩-৪ M ৰ পৰা ৯০ ছে. মি. থকা দেখা যায়।

কোষৰ আকাৰ কোষবিলাকৰ কার্যক্রমণিকাৰ লগত জড়িত। কিছুমান কোষ যেনে তেজৰ লিউকোচাইট আৰু এমিবা ইত্যাদিৰ কোষৰ আকাৰ বদলি হব পাৰে কিন্তু কিছুমানৰ আকাৰ একেই থাকে। কোষসমূহ সাধাৰণতে গোলাকাৰ, ডিম্বাকাৰ, ঘূৰণীয়া বা দীঘলীয়া, ঘনকাকৃতি, চুঙা আকৃতিৰ, নলী আকৃতিৰ, বহুভূজাকৃতিৰ, অসমান মণ্ডলাকাৰ ইত্যাদি আকৃতিৰ হ’ব পাৰে। প্ৰট’পাজমৰ সান্দ্ৰিক আৰু পৃষ্ঠ চালৰ প্ৰভাৱতো কোষৰ গঠনত প্ৰভাৱ পৰে। কোষৰ চাৰিওফালে সামূহিক চাপ কোষাবৰণৰ দৃঢ়তা আৰু আন্ত পৰিবেশ আৰু কোষৰ কাৰ্য্যৰ ফলতো আকাৰ বিলাকৰ গঠন হয়।

১৯। মাইট’ছিছ আৰু মিঅ’ছিছ শব্দ দুটা কোনে প্ৰথমে ব্যৱহাৰ কৰিছিল?

উত্তৰঃ ফ্লেমিংএ মাইট’ছিছ শব্দ ব্যৱহাৰ কৰিছিল। আৰু জে. বি. ফাৰমাৰ আৰু ম’ৰ এ মি’অছিছ শব্দ ব্যৱহাৰ কৰিছিল।

২০। ক্ৰ’মজ’ম শব্দটোৰ অৰ্থ কি?

উত্তৰঃ ক্ৰ’মজ’ম শব্দটোৰ অৰ্থ হ’ল— ‘ক্ৰোমা’ মানে ৰঙ আৰু ‘চোমা’ মানে শৰীৰ।

২১। উৎসেচক শব্দটো পোন প্ৰথমে কোনে প্ৰয়োগ কৰিছিল?

উত্তৰঃউৎসেচক শব্দটো পোন প্ৰথমে ফ্ৰিডৰিখ উইথেলম কুহনে প্ৰয়োগ কৰিছিল।

২২। উৎসেচকৰ কাৰ্য্যসমূহ বৰ্ণনা কৰা।

উত্তৰঃ উৎসেচক বিলাকক সকলো পৰিস্থিতিতে দেখা পোৱা যায়। সুচাৰুৰূপে চলিবৰ বাবে সকলো জীৱিত জীৱ সমূহক উৎসেচকৰ প্ৰয়োজন হয়। ৰাসায়নিক গুণসমূহ জানিবৰ বাবে দেখা যায় যে উৎসেচকসমূহ প্ৰাকৃতিক ভাবেৰে উৎপাদিত এবিধ প্ৰটিন আৰু ইয়াৰ মূল কাৰ্য্য হ’ল ৰাসায়নিক প্ৰক্ৰিয়াটো দ্ৰুত গতিলৈ ৰূপান্তৰ কৰা। এইটো এটা প্ৰ’টিনযুক্ত অনুঘটন। উৎসেচকৰ প্ৰধান কাৰ্য্যসমূহ হ’ল সকলো ৰাসায়নিক প্ৰক্ৰিয়াত অনুঘটন হিচাবে কাম কৰা যেনে— পাচনক্ৰিয়া, জনন প্ৰক্ৰিয়া, উশাহ-নিশাহ লোৱা, বিকাশ, তেজ ঘণীভূত, বেমাৰ সংৰোহন আদি বহুতো জৈৱিক কাৰ্য্যত। উৎসেচক সমূহ সাধনভূত পদাৰ্থ যিয়ে জৈৱিক কাৰ্য্যত জীৱিত জীৱৰ সকলো কার্যতে সহায় কৰে।

(ক) সংকেত পৰিবৰ্তক: সাংকেটিক পৰিবৰ্তকত উৎসেচক সমূহে ৰাসায়নিক বা দৈহিক সংকেট হিচাবে কোষৰ দ্বাৰা পৰিবৰ্তিত হৈ এক আণবিক ক্ৰমৰ সৃষ্টি কৰে। সংকেত পৰিবৰ্তনৰ উৎসেচকৰ আটাইতকৈ প্ৰয়োজনীয় অনুঘটন হ’ল প্ৰটিন ফলফৰিলেচন।

(খ) স্থল অনু অৱনমন: মানৱৰ শৰীৰত উৎসেচকে ভাঙি সৰু কৰা ডাঙৰ অনুসমূহ সহজে অৱশোষণ কৰে। মানৱ শৰীৰে বহু ৰাসায়নিক উপকৰণ যিসমূহৰ আকাৰ বৃহৎ অনু যেনে— শৰ্কৰা প্ৰটিন আৰু চৰ্বী এইবোৰ গ্ৰহণ কৰিব নোৱাৰে। উৎসেচকে এই উপকৰণ সমূহ অৱশোষণ কৰাৰ আগতেই সৰু সৰু টুকুৰা কৰি পেলায় আৰু এই পদ্ধতিক কোৱা হয় অপচয়।

 (গ) শক্তি উৎপাদন: জীৱিত জীৱৰ শক্তি উৎপাদন এই উৎসেচকবোৰৰ দ্বাৰা হয়। এই জীৱিত জীৱসমূহত ATP বা এডেনচাইন ট্ৰাইফচেফেটয়েই হল ৰাসায়নিক শক্তিৰ ভড়াল। শাৰীৰিক কার্যক্রমণিকাৰ বাবেই  এ.টি.পি. ৰ পৰাই শক্তি আহৰণ কৰে। এ.টি.পি. অনু বিলাকত শক্তিৰ ভাণ্ডাৰ কৰিবৰ বাবে উৎসেচক বিলাকে শক্তি উৎপাদনৰ ৰূপান্তৰক হিচাবে কাৰ্য্য কৰে যাতে ই সঠিক ৰাসায়নিক ৰূপ পায়। এনেধৰণৰ উৎসেচকবোৰক এ.টি. পি. সংশেষক বোলে।

(ঘ) আয়ন পাম্প: এক সক্ৰিয় পৰিবহন কাৰ্য্যৰ বাবে কিছুমান উৎসেচকে কোষ আৱৰণত গাঢ়তা অনুযায়ী আয়ন সমূহক প্লাজমা আবৰণলৈ লৈ যাবলৈ আয়ন পাম্পৰ কাৰ্য কৰে। এই প্ৰাথমিক আয়ন পৰিবহন অৱস্থান ইয়াক শক্তিলৈ ৰূপান্তৰিত কৰে আৰু এই কাৰ্য্য কৰে বিভিন্ন উৎসৰ পৰা সেই উৎসসমূহ হ’ল, এ.টি. পি. সূৰ্য্যৰ পোহৰ আৰু জাজৰণ ক্ৰিয়া ইত্যাদি য’ৰ পৰা প্ৰৱল শক্তি বিদ্যুৎ ৰাসায়নিক প্ৰৱণতাত গোটাই ৰাখিব পাৰে।

(ঙ) প্ৰতিৰক্ষা আৰু নির্মলন: যিকোনো জীৱদেহত বাহ্যিক পৰিৱেশৰ পৰা সদায় কিছুমান পোষক পদাৰ্থ পৰিৱেশন পৰা দেহে উৎপাদন কৰে যিবোৰ কোষৰ গঠনকাৰক বা শক্তি উৎপাদনৰ উৎস হব নোৱাৰে। সেইসমূহ উৎপাদিত দ্ৰব্য হিচাবে ৰূপান্তৰ কৰিব লাগিব যিবোৰ শৰীৰ ক্ৰিয়াত্মক ৰোগবিজ্ঞান বিষয়ক বা জৈৱবিষজনক ঘটক হিচাবে ক্ৰিয়া কৰে। এই ধৰণৰ প্ৰক্ৰিয়াত উৎসেচকে অকলে বা বহুতো উৎসেচকে একেলগে বা উৎসেচক পদ্ধতিয়ে জৈৱ ৰাসায়নিক প্ৰক্ৰিয়া কৰিব জাৰণ উপ-অপচয়ন আৰু জলাপঘটন।

(চ) কোষ নিয়ন্ত্ৰণ: কোষৰ কাৰ্যসমূহ নিয়ন্ত্ৰণ কৰিবৰ বাবে উৎসেচকসমূহে কোষৰ আভ্যন্তৰীণ অংশলৈ গৈ চিনাক্ত কৰিব পাৰে। কোষৰ আভ্যন্তৰীণ অংশৰ পৰা আন অংশলৈ গৈ ক্ৰ’ম’জমবোৰ আন অংশলৈ টানি মাইটছিছৰ সময়ত কোষৰ চলনৰ বাবে বা কোষৰ শেসমা চাফা কৰি কোষক চলনত সহায় কৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top