Class 11 Anthropology Chapter 7 সামাজিক নৃতত্ত্ব

Class 11 Anthropology Chapter 7 সামাজিক নৃতত্ত্ব Solutions, HS 1st year Anthropology Notes, Class 11 Anthropology Chapter 7 সামাজিক নৃতত্ত্ব Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Anthropology Chapter 7 সামাজিক নৃতত্ত্ব and select needs one.

Class 11 Anthropology Chapter 7 সামাজিক নৃতত্ত্ব

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. Class 11 Anthropology Question Answer These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC Class 11 Anthropology Chapter 7 সামাজিক নৃতত্ত্ব Notes for All Subject, You can practice these here.

সামাজিক নৃতত্ত্ব

Chapter – 7

১। চমু উত্তৰ দিয়াঃ

(ক) ‘ফেমিলি’ শব্দটো কোনটো মূল শব্দৰ পৰা উৎপত্তি হৈছে?

উত্তৰঃ ‘ফেমিলি’ শব্দটো‘ ফেমুলাচ’ শব্দৰ পৰা আহিছে।

(খ) ‘ফেমুলাচ’ মানে কি?

উত্তৰঃ ‘ফেমুলাচ’ মানে হ’ল- ভৃত্য। পূৰ্বতে পৰিয়াল বুলি কওঁতে ভৃত্যসকলৰ সমষ্টিক বুজা হৈছিল।

(গ) অবৰোহন গোষ্ঠী বুলিলে কি বুজা?

উত্তৰঃ We will update the answer Very Soon.

(ঘ) দুটা সামাজিক সংস্থাৰ উদাহৰণ দিয়া।

উত্তৰঃ নীতি- নিয়ম আৰু বিধি-বিধান।

২। সমাজবিজ্ঞানীসকলে আগবঢ়োৱা সমাজৰ সংজ্ঞাক কি কি ভাগত ভাগ কৰিব পাৰি?

উত্তৰঃ সমাজবিজ্ঞানীসকলে আগবঢ়োৱা সমাজৰ সংজ্ঞাক ছাত্ৰ সমাজ, শিক্ষক সমাজ, বৈজ্ঞানিক সমাজ, বৈষ্ণৱ সমাজ আদি ভাগত ভাগ কৰিব পাৰি।

৩। সামাজিক সংস্থা বুলিলে কি বুজা?

উত্তৰঃ সামাজিক প্ৰয়োজনসমূহ পূৰণ তথা উৎকৰ্ষ সাধনৰ বাবে সমাজৰ ব্যক্তিসকলে যিবোৰ সংগঠিত উপায় অৱলম্বন কৰে সেইবোৰকে সামাজিক সংস্থা বুলি কোৱা হয়। কোনো সংগঠনৰ স্বীকৃতি আৰু প্ৰতিষ্ঠিত নীতি-নিয়ম, বিধি-বিধান আৰু আচাৰ-ব্যৱহাৰকে সংস্থা বোলা হয়।

মেকাইভাৰ আৰু পেজৰ (Maclver and Page) ৰ মতে সামাজিক সংস্থা হৈছে কোনো ব্যক্তিসমষ্টি কাৰ্যপ্ৰণালীৰ প্ৰতিষ্ঠিত ৰূপ বা অৱস্থা।

৪। একপাৰ্শ্বিক বংশানুক্ৰম গোষ্ঠী চাৰিটাৰ উদাহৰণ দিয়া।

উত্তৰঃ একপাৰ্শ্বিক বংশানুক্ৰম গোষ্ঠী চাৰিটাৰ উদাহৰণ হৈছে― বংশগোষ্ঠী, গোত্ৰ দ্বৈতদল বা ম’ইটি আৰু ভাতৃদল বা ফেট্ৰী।

৫। মুখ্য আৰু গৌণ গোট কাক বোলে?

উত্তৰঃ  মুখ্য গোট:-  যি সামাজিক গোষ্ঠীৰ সদস্যসকলৰ সম্পৰ্ক খুব ঘনিষ্ঠ আৰু তেওঁলোকৰ মাজত পত্যক্ষ সম্পৰ্ক থাকে তাকে মুখ্য গোট বুলি কোৱা হয়।

গৌণ গোট:-  যি সামাজিক গোট আপেক্ষিকভাৱে সাময়িক আৰু যাৰ সদস্যসকলৰ মাজত পাৰস্পৰিক সম্পৰ্ক প্ৰত্যক্ষ বা মুখামুখি নহয় তেনে সামাজিক গোটক গৌণ গোট বুলি কোৱা হয়।

৬। পৰিয়ালৰ বিভিন্ন লক্ষণৱালী লিখা।

উত্তৰঃ পৰিয়ালৰ বিভিন্ন লক্ষণৱালী:

(১) পুৰুষ-মহিলাৰ মাজত স্থাপন হোৱা সামাজিক স্বীকৃতি যৌন সম্পৰ্কৰ ফলত পৰিয়ালৰ গঠন হয়।

(২) সমাজত প্ৰতিটো পৰিয়ালৰ  নিজস্ব পৰিচয় থাকে। প্ৰতিটো পৰিয়ালে সাধাৰণতে বংশানুক্ৰমে নাম আৰু উপাধি গ্ৰহণ কৰি আছে। সেই পৰিয়ালৰ সদস্যসকলক সেই নাম আৰু উপাধিৰ দ্বাৰা কোন পৰিয়ালৰ সদস্য জানিবলৈ সুবিধা হয়। পিতৃপ্ৰধান পৰিয়ালত পিতৃৰ উপাধি আৰু মাতৃপ্ৰধান পৰিয়ালত মাতৃৰ উপাধি গ্ৰহণ কৰা হয়।

(৩) উমৈহতীয়া বাসস্থান পৰিয়ালৰ এক উল্লেখনীয় বৈশিষ্ট্য। পৰিয়ালৰ সদস্যসকলে একেটা বাসস্থানত থাকে আৰু একেটা ৰান্ধনিশালত ৰন্ধা-বঢ়া কৰি খায়। পৰিয়ালৰ সদস্যসকলে সাময়িকভাৱে অন্য ঠাইত গৈ থাকিলেও সময়ত তেওঁলোকে একেটা বাসগৃহতে থাকে।

(৪) পৰিয়ালৰ সদস্যসকলৰ অৰ্থনৈতিক নির্ভশীলতা দেখা যায়। পৰিয়ালৰ সদস্যসকলৰ উপাৰ্জনৰ ধন পৰিয়ালৰ অভাৱ পূৰণৰ বাবে ব্যৱহাৰ কৰা হয়।

৭। জন্ম পৰিয়াল আৰু প্ৰজনন পৰিয়াল কি চিত্ৰৰ সহায়ত বুজাই লিখা 

উত্তৰঃ জন্ম পৰিয়ালঃ যি পৰিয়ালত এজন ব্যক্তিয়ে জন্মগ্ৰহণ কৰে আৰু লালিত-পালিত হয়, সেইটোৱেই তেওঁৰ জন্ম পৰিয়াল।

প্ৰজনন পৰিয়ালঃ বিবাহৰ মাধ্যমেৰে এজন ব্যক্তিয়ে যিটো পৰিয়াল জন্ম দিয়ে আৰু সন্তান-সন্ততিৰ জন্ম দিয়ে সেইটা তেওঁৰ প্ৰজনন পৰিয়াল। অৰ্থাৎ কোনো এজন ব্যক্তিৰ যিটো জন্ম পৰিয়াল সেইটো আন এজনৰ বাবে প্ৰজনন পৰিয়াল।

৮। ভাৰতবৰ্ষৰ যৌথ পৰিয়াল সমূহত দেখা দিয়া পৰিৱৰ্তনসমূহৰ বিষয়ে লিখা।

উত্তৰঃ ভাৰতবৰ্ষৰ যৌথ প্ৰিয়ালসমূহত দেখা দিয়া পৰিৱৰ্তনসমূহৰ তলত উল্লেখ কৰা হৈছে―

১। শিক্ষাৰ প্ৰভাৱ (Influence of Education):

যৌথ পৰিয়াল ভাঙোনৰ অন্যতম কাণৰ হ’ল ভাৰতবৰ্ষৰ শিক্ষাৰ প্ৰসাৰ প্ৰধানকৈ নাৰী শিক্ষাৰ প্ৰসাৰতা বৃদ্ধি। শিক্ষাৰ প্ৰসাৰতা বৃদ্ধি পোৱাত শিক্ষিত হাৰ বৃদ্ধি পাইছে আৰু পুৰুষ-মহিলা উভয়ে চাকৰিমুখী হৈছে আধুনিক শিক্ষাধাৰাই মানুহৰ বিশ্বাস, মনোভাৱ, মূল্যবোধ আৰু মতাদৰ্শৰ পৰিৱৰ্তন ঘটাইছে। শিক্ষাৰ প্ৰসাৰতাই নাৰী শিক্ষাকো সামৰি লৈছে। সেয়াহে ব্যক্তি সচেতনতা অধিক হৈছে আৰু শিক্ষিত লোকসকলে চাকৰিত নিযুক্তিৰ জৰিয়তে স্বাৱলম্বী হৈ উঠিছে। অৰ্থনৈতিক স্বাধীনতা লাভ কৰাৰ বাবে মহিলাসকল পৰিয়ালটোত স্বাধীন সত্ত্বাৰ দাবীদাৰ হৈ উঠিছে আৰু আনসকলৰ আধিপত্য তেওঁলোকে নিবিচাৰে। সেয়েহে তেওঁলোকে যৌথ পৰিয়ালত নাথাকি প্ৰাথমিক পৰিয়ালত থাকিব বিচাৰে।

২। পশ্চিমীয়া সভ্যতাৰ প্ৰভাৱ (Influence of Western Civilization): যুক্তিবাদ, স্বাধীন, জীৱন, নাৰী স্বাধীনতা, বৈজ্ঞানিক ভাৱধাৰা ইত্যাদিৰ দৰে পাশ্চাত্য সভ্যতাৰ মতাদৰ্শৰ প্ৰভাৱে যৌথ পৰিয়ালৰ সংখ্যা কমোৱাত বৰঙণি যোগাইছে। বিশেষকৈ পশ্চিমীয়া দেশবোৰত সৰু পৰিয়াল পছন্দ কৰে। আমাৰ ভাৰতবৰ্ষতো ইয়াৰ প্ৰভাৱ পৰিছে, বিশেষকৈ যুৱক-যুৱতীসকলৰ ওপৰত। যিসকল শিক্ষিত ভাৰতীয় যুৱক-যুৱতীয়ে এই মূল্যবোধক অনুকৰণ কৰিছে তেওঁলোকে কম সদস্য সংখ্যাৰ একক পৰিয়ালক সমৰ্থন কৰে।

৩। জনসংখ্যা বৃদ্ধি (Increase of Population): যৌথ পৰিয়াল ভিঙোনমুখী হোৱাৰ এক অন্যতম কাৰণ হ’ল জনসংখ্যা বৃদ্ধি। জনসংখ্যা বৃদ্ধিৰ ফলত যৌথ পৰিয়ালৰ কৃষি মাটিত হেঁচা পৰিছে অৰ্থাৎ কৃষি মাটিৰ নাটনি হৈছে। ফলত পৰিয়ালৰ সংখ্যা অনুযায়ী মাটিৰ অভাৱ হ’লে পৰিয়ালৰ কিছুমান সদস্যই অন্য ঠাইলৈ গৈ খেতি কৰাৰ লগতে পত্নী আৰু সন্তানক লৈ স্থায়ীভাৱে বসবাস কৰিবলৈ ধৰে। গতিকে জনসংখ্যা বৃদ্ধি যৌথ পৰিয়ালৰ ধাৰণা দুৰ্বল হোৱাৰ এক মুখ্য কাৰণ।

৪। বাসস্থানৰ অভাৱ (Scarcity of Residence): জনসংখ্যা বৃদ্ধিৰ লগে লগে কৃষি মাটিৰ অভাৱৰ দৰেই যৌথ পৰিয়ালত বাসস্থানৰ অভাৱ পৰিলক্ষিত হয়। পৰিয়ালৰ সংখ্যা অনুযায়ী বাসগৃহত থকা ঠাইৰ নাটনি হ’লে ঘৰৰপৰা আঁতাৰত বাসস্থানৰ ব্যৱস্থা কৰিবলগীয়া হয়। এনেদৰেও যৌথ পৰিয়ালৰ সংখ্যা কমি যায়।

৫। ব্যক্তিবাদী মনোভাৱ (Individualistic view):  সাম্প্ৰতিক কালৰ মানুহৰ ব্যক্তিবাদী মনোভাৱেও যৌথ পৰিয়াল কমি অহাত সহায়ক হৈছে। যৌথ পৰিয়ালৰ সদস্যসকলে ব্যক্তিবাদী মনোভাৱেৰে নিজৰ কথা চিন্তা কৰা বাবে সদস্য কিছুমানে স্বাধীনভাৱে ঘৰ বনাই থাকিবলৈ ভাল পায়।

৯। চমুটোকা লিখা ― একপাৰ্শ্বিক স্বজনতা।

উত্তৰঃ একপাৰ্শ্বিক স্বজনতা: এই অৱৰোহ গোষ্ঠীৰ সদস্যসকলে এজন মাথোন পূৰ্বপুৰুষৰ দ্বাৰা নিজৰ বংশানুক্ৰম ধাৰা গণ্য কৰে। দ্বীপাৰ্শ্বিক স্বজনতাত পিতৃ আৰু মাতৃ দুয়ো ধাৰাৰ স্বজনেই স্বীকৃতি পায়। কিন্তু, একপাৰ্শ্বিক স্বজনতা পিতৃ বা মাতৃ যিকোনো এটা দিশৰ স্বজনবোৰক বংশানুক্ৰম ধাৰাত অন্তৰ্ভুক্ত কৰা হয়। পিতৃতান্ত্ৰিক অথবা মাতৃতান্ত্ৰিক বংশানুক্ৰম দুয়োটাই একপাৰ্শ্বিক স্বজনতাৰ অন্তৰ্গত।

১০। সামাজিক গোট গঠনৰ ৰীতিসমূহ উল্লেখ কৰা।

উত্তৰঃ সামাজিক গোট গঠনৰ ৰীতিসমূহ তলত উল্লেখ কৰা হৈছে―

(ক) লিংগৰ আধাৰত প্ৰতিষ্ঠিত গোটঃ নাৰী আৰু পুৰুষ ভেদে বেলেগ বেলেগ সমাজত বেলেগ বেলেগ গোট গঠন হোৱা দেখা যায় অৰ্থাৎ লিংগৰ আধাৰত প্ৰতিষ্ঠিত গোট বুলি কলে তেনে গোটৰ সদস্যপদ পুৰুষ বা মহিলা যিকোনো একলিংগৰ বাবে হ’ব পাৰে। প্ৰায়বোৰ সৰল সমাজত মাথোঁ পুৰুষৰ আধাৰত প্ৰতিষ্ঠিত গোট দেখা যায়। তেনেবোৰ সমাজত পুৰুষক কেন্দ্ৰ কৰি কিছুমান সামাজিক গোটৰ সৃষ্টি হোৱা দেখা যায়। উত্তৰ-পূব ভাৰতৰ বহুতো জনজাতীয় সমাজত ডেকা চাং আছে। পাহাৰীয়া, গাৰো, নগা, ৱাংচু আদি জনজাতিৰ মাজত এনেকুৱা ডেকা চাং আছে। 

বৰ্তমান ঔদ্যোগিক বা জটিল সমাজতো লিংগৰ ভিত্তিত প্ৰতিষ্ঠিত গোট দেখা যায়। যেনে ― মহিলা গোট।

(খ) আত্মীয়তা বা স্বজনতাৰ আধাৰত প্ৰতিষ্ঠিতঃ পৰিয়াল, বংশ, গোত্ৰ, ম’ইটি আদিৰ সদস্যবোৰ ইজনে সিজনৰ লগত আত্মীয় বা স্বজন, সেয়েহে এনে সামাজিক গোটবোৰ আত্মীয়তা বা স্বজনতাৰ আধাৰত প্ৰতিষ্ঠিত গোট। তেনেদৰে গোত্ৰও আত্মীয়তাৰ ওপৰত প্ৰতিষ্ঠিত সংঘ।

(গ) সামাজিক স্তৰৰ আধাৰত প্ৰতিষ্ঠিত গোটঃ হিন্দুসকলৰ জাতিপ্ৰথাৰ মাজেৰে সমাজত যেনেদৰে উচ্চ- নীচৰ স্তৰত ভাগ হয়, তেনেদৰে পশ্চিমীয়া দেশবোৰত সম্পত্তিৰ  আধাৰত ধনী, মধ্যবিত্ত, দুখীয়া আদিৰ গোটবোৰ প্ৰকট।

(ঘ) জীৱিকা বৃত্তিৰ আধাৰত প্ৰতিষ্ঠিত গোটঃ একেধৰণৰ জীৱিকা বৃত্তিৰ লগত জড়িত লোকসকলৰ দ্বাৰা সামাজিক গোট গঠন হোৱা দেখা যায়। যেনেঃ অসমীয়া সমাজত মাটিৰ বাচন বনোৱা লোকসলক বাচন নিৰ্মাণৰ পদ্ধতিৰ ভিত্তিত কুমাৰ আৰু হীৰা ― এই দুই গোটত ভাগ কৰিব পাৰি।

তেনেদৰে মাছমৰীসকলৰ সংগঠন থাকে। আফ্ৰিকাৰ কোনো কোনো সমাজত লোৰ অস্ত্ৰ-শস্ত্ৰ তৈয়াৰ কৰা লোকসকলৰ গাৱঁত আন লোকসকল লগত থাকিবলৈ দিয়া নহয়।

জটিল সমাজতো বিভিন্ন ব্যৱসায়ৰ লগত জড়িত গোট দেখা যায়। চিটিবাছ সন্থা, অট’ৰিক্সা সন্থা, কেবল টিভি সন্থা আদি তেনেকুৱাই সামাজিক গোট।

(ঙ) ধৰ্ম আৰু যাদুবিদ্যা বা মেজিক বিদ্যাৰ আধাৰত প্ৰতিষ্ঠিত গোটঃ একে ধর্ম গ্ৰহণ, প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে কাম কৰা লোকসকলক সংগঠিত হৈ গোট স্থাপন কৰা দেখা যায়। যেনেঃ শংকৰ সংঘ, খ্ৰীষ্টিয়ান মিছনেৰী সংঘ, বৌদ্ধ সংঘ ইত্যাদি। তদুপৰি যাদুবিদ্যা বা মেজিক জনা লোকৰ ভিত্তিতো সামাজিক গোট গঠন হোৱা দেখা যায়। এই গোটবোৰৰ সদস্যবোৰে কিছুমান নীতি-নিয়ম মানি চলা দেখা যায়।

১১। সম্প্ৰদায়ৰ নির্দিষ্ট লক্ষণসমূহৰ বিষয়ে লিখা।

উত্তৰঃ সম্প্ৰদায়ৰ নির্দিষ্ট লক্ষণসমূহ হৈছে―

(১) জনসমষ্টি (Group of people): জনসমষ্টি সম্প্ৰদায়ৰ এক উপাদান। যেতিয়া কিছুমান মানুহে একেধৰণৰ জীৱনধাৰাক আশ্ৰয় কৰি নিজৰ মাজত এক সম্পৰ্ক স্থাপনৰ মাধ্যমেৰে  এটা এলেকাত বসবাস কৰে তেতিয়াই সম্প্ৰদায় গঢ়ি উঠে।

(২) নিৰ্দিষ্ট এলেকা (Definite territory): সম্প্ৰদায়ৰ কিছুমান লক্ষণ হল― এটা নিৰ্দিষ্ট অঞ্চলত বাস কৰা। কিছুমান কোনো এটা নিৰ্দিষ্ট এলেকাত স্থায়ীভাৱে বসবাস কৰিবলৈ ললে সম্প্ৰদায়ৰ সৃষ্টি হয়।

(৩) সাম্প্ৰদায়িক মানসিকতা (Community sentiment): একত্ৰিত হৈ বসবাস কৰাৰ প্ৰৱণতাই হ’ল সাম্প্ৰদায়িক মানসিকতা। কোনো সম্প্ৰদায়ভুক্ত মানুহৰ এটা ভাষা, একেধৰণৰ জীৱনদৰ্শ, মূল্যবোধ আৰু উদ্দেশ্য থকা বাঞ্ছনীয়।’আমি’ ভাব বা ‘We feeling’ নাথাকিলে ওচৰা-উচৰিকৈ বসবাস কৰি থকা মানুহকো একে সম্প্ৰদায়ৰ বুলি ক’ব নোৱাৰি।

(৪) সাদৃশ্য (Likeness): এটা সম্প্ৰদায়ৰ লোকৰ মাজত ৰীতি-নীতি, ভাষা, সংস্কৃতি, আচাৰ-ব্যৱহাৰ, চিন্তাধাৰাৰ মাজত সাদৃশ্য দেখা যায়। এই সাদৃশ্যৰ অভাৱ হ’লে তাক সম্প্ৰদায় হিচাপে গণ্য কৰিব পৰা নাযায়।

(৫) স্থায়িত্ব (Permanency): কোনো বিশেষ ভূখণ্ডত সম্প্ৰদায় এটাই স্থায়ীভাৱে জীৱন-যাপন কৰে। কোনো নিৰ্দিষ্ট উদ্দেশ্যেৰে সমবেত হোৱা বহু জনসমষ্টিৰ দৰে সম্প্ৰদায় অস্থায়ী নহয়।

(৬) স্বাভাৱিক গঠন প্ৰক্ৰিয়া (Spontaneous growth): সম্প্ৰদায় এটা স্বাভাৱিকভাৱে গঠন হয়, ই কোনো বিশেষ উদ্যোগৰ ভিত্তিত সৃষ্টি নহয়। কোনো এজন ব্যক্তি সম্প্ৰদায়ৰ মাজতে জন্মগ্ৰহণ কৰে আৰু স্বাভাৱিকতে সম্প্ৰদায়ৰ সদস্য হৈ জীৱন নিৰ্বাহ কৰে।

(৭) বিশেষ নাম (Particular Name): প্ৰতিটো সম্প্ৰদায়ৰ এটা বিশেষ নাম থাকে আৰু সেই নামেৰে সম্প্ৰদায়টো চিহ্নিত হয়। যেনেঃ অসমীয়া, পাঞ্জাৱী, গুজৰাটী ইত্যাদি।

এক কথাত সম্প্ৰদায় হৈছে এক কৰ্মময় একক। ই আইন-কানুন, ৰীতি-নীতিৰ মাজেৰে নিজৰ কাম কৰি যায়। এটা সম্প্ৰদায়ৰ মানুহৰ মাজত অসমতা থাকিলেও প্ৰয়োজনত কৰ্ম আৰু চিন্তাধাৰাৰ ঐক্যতাৰে সকলো একত্ৰিত হয়।

১২। সামাজিক সংস্থাৰ লক্ষণসমূহ লিখা।

উত্তৰঃ সামাজিক সংস্থাৰ লক্ষণসমূহ―

১। সংস্থা সাৰ্বজনীন। সকলো সমাজতে নিৰ্দিষ্ট কিছুমান লোকাচাৰ আৰু লোকনীতি থাকে, গতিকে সামাজিক সংস্থা সকলো সমাজতে বিদ্যমান।

২। সমাজৰ মানুহৰ সামূহিক উদ্দেশ্য পালনৰ অৰ্থে সংস্থাৰ প্ৰকাশ হয়।

৩। প্ৰতিটো সংস্থাৰ কিছুমান বিশিষ্ট আচৰণ পদ্ধতি থাকে যিবোৰ ৰীতি-নীতি আৰু মতবাদৰ ভি ভিত্তিত সৃষ্টি হয়।

৪। ব্যক্তিসমূহে নিজৰ সংস্থাৰ নীতি-নিয়মবোৰ বাধ্যতামূলকভাৱে মানি চলে।

৫। সংস্থাসমূহ ব্যক্তিসমূহৰ সন্মিলিত কাৰ্যৱলীৰ ওপৰত নিৰ্ভৰশীল।

৬। সংস্থা ব্যক্তিসমূহৰ নিয়ন্ত্ৰণৰ প্ৰধান উপায়। সংস্থাই মানুহৰ সামাজিক আচৰণ নিয়ন্ত্ৰণ কৰি সমাজত শান্তি, শৃংখলা বজাই ৰাখে।

৭। মানুহৰ প্ৰাথমিক প্ৰয়োজন পূৰণ কৰাত সংস্থাই ভূমিকা লয়। সংস্থাৰ জৰিয়তে সমাজৰ সদস্যসকলে নিজৰ ব্যক্তিত্ত্ব প্ৰকাশ কৰিব পাৰে।

৮। সমাজত প্ৰয়োজন সাপেক্ষে সংস্থাৰ বৃদ্ধি হব পাৰে। যেনে ― শিক্ষাৰ প্ৰসাৰৰ বাবে প্ৰয়োজন সাপেক্ষে বিদ্যালয়, মহাবিদ্যালয়ৰ সংখ্যা বৃদ্ধি হয়।

১৩। পৰিয়ালৰ ঐতিহ্যগত বা পৰম্পৰাগত কামসমূহৰ বিষয়ে লিখা।

উত্তৰঃ পৰিয়ালৰ ঐতিহ্যগত বা পৰম্পৰাগত কামসমূহক নিম্নলিখিতভাৱে উল্লেখ কৰিব পাৰিঃ

(i) অৰ্থনৈতিক কামঃ অৰ্থনৈতিক কামৰ ভিতৰত উপাৰ্জনৰ ব্যৱস্থাপনা, শ্ৰমবিভাজন, সম্পত্তিৰ পৰিচালনা আৰু ৰক্ষণাবেক্ষণ আদি প্ৰধান।

(ক) উপাৰ্জনৰ ব্যৱস্থাপনাঃ পৰিয়ালক অৰ্থনৈতিক ক্ৰমধাৰাৰ কেন্দ্ৰ বুলি কোৱা হয়; কিয়নো পৰিয়ালে পৰিয়ালৰ সদস্যসকলক অৰ্থ উপাৰ্জনৰ উপযুক্ত কৰি গঢ়ি তোলাৰ উপৰিও খোৱা, থকা, পোছাক-পৰিচ্ছদ আদি প্ৰযোজনীয়বোৰৰ পূৰণৰ ব্যৱস্থা হয় পৰিয়ালতেই।

(খ) শ্ৰম বিভাজনঃ পৰিয়াল এটাৰ শ্ৰম বিভাজন অৰ্থাৎ কামৰ বিভাজন দেখা যায়। সাধাৰণতে পুৰুষসকলে ঘৰৰ বাহিৰৰ আৰু মহিলাসকলে ঘৰুৱা কাম-কাজ কৰা দেখা যায়। তথাপি এটা পৰিয়ালত বয়স আৰু লিংগভেদে  শ্ৰমৰ বিভাজন কৰি লোৱা হয়।

(গ) সম্পত্তিৰ পৰিচালনা আৰু ৰক্ষণাবেক্ষণঃ প্ৰতিটো পৰিয়ালৰ কিছুমান সম্পত্তি থাকে। যেনেঃ ঘৰ, খেতি, খেতিৰ যন্ত্ৰপাতি, অলংকাৰ, কাপোৰ-কানি, ঘৰুৱা আচবাব, টকা-পইচা ইত্যাদি। এই সকলো সম্পত্তিৰ ৰক্ষণাবেক্ষণ আৰু প্ৰয়োজন সাপেক্ষে এই সম্পত্তিবোৰ সদস্যসকলৰ মাজত বিতৰণৰ ক্ষেত্ৰত পৰিয়ালৰ এক বিশেষ কৰ্তব্য আছে।

(ii) সামাজিক কামঃ পৰিয়াল এক সামাজিক সংস্থা হিচাপে কিছুমান সামাজিক কাম-কাজৰ দ্বাৰা নিজৰ ভূমিকা পালন কৰি আহিছে। এনেধৰণৰ কেইটামান প্ৰয়োজনীয় সামাজিক কাম হ’ল―

(ক) মৰ্যাদা প্ৰতিষ্ঠা নিৰ্ণয়ৰ কামঃ পৰিয়াল এটাই সমাজত নিজ পৰিয়ালৰ সদস্যসকলৰ সমাজত মৰ্যাদা নিৰ্ণয় তথা প্ৰতিষ্ঠা কৰে। ব্যক্তি এজন কোন জাতিৰ বা শ্ৰেণীৰ বা ধৰ্মৰ ইয়াক নিৰ্ণয় কৰা হয় পৰিয়ালটোৰ জাতি, শ্ৰেণী বা ধৰ্মৰ ভিত্তিত। অৱশ্যে নিজৰ ইচ্ছা তথা চেষ্টাত মানুহে নিজৰ শ্ৰেণী বা ধৰ্মৰ পৰিৱৰ্তন কৰিব পাৰি।

(খ) ধৰ্মীয় কাজঃ পৰিয়ালৰ সদস্যসকলক ধৰ্মীয় শিক্ষাদান কৰাও পৰিয়ালৰ আন এক গুৰুত্বপূৰ্ণ কাম। পিতৃ-মাতৃৰ ধৰ্মই সন্তানৰ ধর্ম হয়। পৰিয়ালৰ বয়োজ্যেষ্ঠ লোকসকলৰ পৰা কণিষ্ঠসকলে ধৰ্মীয় নীতি-নিয়ম, আচাৰ-ব্যৱহাৰ আদিৰ উপৰি নৈতিক শিক্ষা লাভ কৰে। ঘৰুৱা ধৰ্মীয় কাম – কাজৰ বাহিৰেও সমাজৰ ধৰ্মীয় কাম-কাজত অংশগ্ৰহণ কৰিবৰ বাবে পৰিয়ালে সদস্যসকলক উদ্বুদ্ধ কৰে।

(গ) সাংস্কৃতিক কামঃ ব্যক্তিসকলৰ প্ৰচেষ্টাতে এখন সমাজৰ সাংস্কৃতিক ঐতিহ্যৰ ধাৰাবাহিকতা ৰক্ষা হয়। পৰিয়ালে সদস্যসকলক নিজ সংস্কৃতিৰ শিক্ষা প্ৰদান কৰি সমাজৰ সাংস্কৃতিক ধাৰা অক্ষুন্ন ৰখাত সহায় কৰে।

১৪। যৌথ পৰিয়ালৰ তিনিটাকৈ সুবিধা আৰু অসুবিধা লিখা।

উত্তৰঃ যৌথ পৰিয়ালৰ তিনিটাকৈ সুবিধা আৰু অসুবিধা তলত উল্লেখ কৰা হৈছে―

যৌথ পৰিয়ালৰ সুবিধা:-

 ১। সুস্থিতি (Stability): প্ৰাথমিক পৰিয়ালৰ সদস্যৰ সংখ্যা যিহেতু কম হয়, বিবাহ বিচ্ছেদৰ বা মৃত্যু আদিৰ দৰে কাৰণত এনে পৰিয়ালৰ অস্তিত্ব হঠাতে নাইকিয়া হৈ যাব পাৰে; কিন্তু যৌথ পৰিয়ালত কোনো সদস্য পৰিয়ালৰ পৰা বিয়োগ হলেও আন আন সদস্যসকলৰ বাবে পৰিয়ালৰ অস্তিত্ব বৰ্তি থাকে।

২। মিতব্যয়িতা (Frugality) : যৌথ পৰিয়ালত সদস্যসকলে মিতব্যয়িতাৰে ব্যয় কৰা দেখা যায়। যিহেতু যৌথ পৰিয়ালত প্ৰয়োজনীয় সামগ্ৰীৰ খৰচ অধিক সেয়েহে এনে পৰিয়ালত প্ৰত্যেকেই মিতব্যয়ী হোৱাৰ প্ৰশিক্ষণ লাভ কৰে। পৰিয়ালৰ মূৰব্বীজনে কাকো আবাবতে খৰচ কৰিবলৈ অনুমিত নিদিয়ে।

৩। অৱসৰৰ সুযোগ (Opportunity for Leisure):  কামৰ বিভাজন থকা হেতুকে যৌথ পৰিয়ালৰ সদস্যসকলে অৱসৰৰ সুযোগ পায়। বহুকেইজন মানুহৰদ্বাৰা কামবোৰ সম্পাদিত হয় বাবে সদস্যসকলে আজৰি সময় পায়।

যৌথ পৰিয়ালৰ অসুবিধা (Demerits of joint Family):

১। বিবাদৰ কেন্দ্ৰ (The centre of quarrels): যৌথ পৰিয়ালত বিভিন্ন কাৰণত বিবাদ হোৱাৰ সম্ভাৱনা থাকে। এই কাৰণবোৰৰ ভিতৰত সম্পত্তিৰ বিতৰণ এক অন্যতম কাৰণ। পৰিয়ালৰ সদস্যসকলৰ মাজত সম্পত্তিৰ ভাগ-বিতৰণৰ বিষয়ত মতানৈক্য হৈ বিবাদৰ সৃষ্টি হ’ব পাৰে। তদুপৰি বয়োজ্যেষ্ঠসকলৰ মনোভাৱৰ লগত ডেকা লোকসকলৰ মতভেদ হব পাৰে।

২। অধিক সন্তানৰ জন্ম (More Child birth):  যৌথ পৰিয়ালে পৰিয়ালটোৰ সকলো সন্তানৰ লালন-পালন কৰে বাবে সদস্যসকলে জন্ম নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বিশেষ আৱশ্যকতা অনুভৱ নকৰে। সেয়েহে যৌথ পৰিয়ালৰ দম্পতীসকলৰ অধিক সন্তান জন্ম হোৱা পৰিলক্ষিত হয়।

৩। সঞ্চয় আৰু বিনিয়োগৰ প্ৰতিকূলতা (Unfavourable for savings and Investment): যিহেতু উপাৰ্জিত ব্যক্তিয়ে বৃহৎ সংখ্যক ব্যক্তিৰ পোহ -পাল দিবলগীয়া হয় সেয়েহে তেওঁৰ ব্যক্তিগত সঞ্চয় আৰু বিনিয়োগ কৰাত অসুবিধাৰ সৃষ্টি হয়। তদুপৰি আন সদস্যসকলৰো মৌলিক চাহিদা পূৰণ হৈ থকাৰ ফলত সঞ্চয়ৰ কথা বিশেষভাৱে মনলৈ নাহে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top