Class 11 Anthropology Chapter 6 সাংস্কৃতিক নৃতত্ত্ব Solutions, HS 1st year Anthropology Notes, Class 11 Anthropology Chapter 6 সাংস্কৃতিক নৃতত্ত্ব Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Anthropology Chapter 6 সাংস্কৃতিক নৃতত্ত্ব and select needs one.
Class 11 Anthropology Chapter 6 সাংস্কৃতিক নৃতত্ত্ব
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. Class 11 Anthropology Question Answer These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC Class 11 Anthropology Chapter 6 সাংস্কৃতিক নৃতত্ত্ব Notes for All Subject, You can practice these here.
সাংস্কৃতিক নৃতত্ত্ব
Chapter – 6
১। চমু উত্তৰ দিয়াঃ
(ক) ‘কালচাৰ’ (Culture) শব্দটো কোনটো মূল শব্দৰ পৰা উদ্ভৱ হৈছে?
উত্তৰঃ লেটিন শব্দ ‘কলৰে’(Colere)ৰ পৰা উদ্ভৱ হৈছে।
(খ) ক্লাইড ক্লাক্’হন আৰু আলফ্ৰেদ ক্ৰোবাৰে সংস্কৃতিৰ সংজ্ঞা সম্পৰ্কে আলোচনা আগবঢ়োৱা কিতাপখনৰ নাম লিখা।
উত্তৰঃ ‘‘কালচাৰঃ এ ক্ৰিটকেল ৰিভিও অফ কনচেপ্তছ এণ্ড ডেফিনেচন’।
(গ) টাইলৰে কোনখন গ্ৰন্থত সংস্কৃতিৰ সংজ্ঞা আগবঢ়াইছিল?
উত্তৰঃ ‘প্ৰিমিটিভ কালচাৰ’।
(ঘ) সাংস্কৃতিক ঐতিহ্যক কোন দুটা ভাগত ভাগ কৰিছিল?
উত্তৰঃ ১। স্পৰ্শসম্ভৱ ।
২। আৰু অনুভৱসম্ভৱ সাংস্কৃতিক।
(ঙ) সংস্কৃতিৰ পৰিৱৰ্তনৰ দুটা কৰক লিখা।
উত্তৰঃ ১। নতুনৰ প্ৰচলন। আৰু
২। সাংস্কৃতিক প্ৰসাৰণ।
২। সংস্কৃতি মানে কি বুজা?
উত্তৰঃ নৃতাত্ত্বিক দৃষ্টিভংগীৰে সংস্কৃতিৰ অৰ্থ বহল। মানুহৰ মৌখিক বা অমৌখিক সকলোধৰণৰ ব্যৱহাৰ আৰু ইয়াৰ বস্তুগত আৰু অবস্তুগত সৃষ্টিয়েই হৈছে সংস্কৃতি। এটা জনগোষ্ঠীৰ নিজস্ব জীৱনধাৰণাকে সংস্কৃতি বুলি কব পাৰি।
৩। সাংস্কৃতায়ন বুলিলে কি বুজা?
উত্তৰঃ যেতিয়া দুখন ভিন্ন সংস্কৃতিৰ জনগোষ্ঠী ওচৰ সংস্পৰ্শত আহে তেতিয়া এটা জনগোষ্ঠীৰ মানুহৰ মাজত আনটো জনগোষ্ঠীৰ সাংস্কৃতিক উপাদান বিচ্ছুৰিত বা প্ৰসাৰণ হয়। যেতিয়া সংস্কৃতিক উপাদান গ্ৰহণ কৰাৰ এই প্ৰক্ৰিয়া অধিক মাত্ৰাত আৰু অবধাৰিত বা অবিচ্ছিন্নভাৱে হৈ থাকে তেতিয়া তেনে পৰিস্থিতিক সাংস্কৃতায়ন বুলি কোৱা হয়।
৪। আত্মনৃগোষ্ঠীকেন্দ্ৰিক আৰু আত্মনৃগোষ্ঠীকেন্দ্ৰিকতা বুলিলে কি বুজা?
উত্তৰঃ মানুহে এক সংস্কৃতিকৰণ প্ৰক্ৰিয়াৰে নিজ সংস্কৃতিৰ ধাৰণাক পোষক আৰু লালন-পালন কৰে। মানুহে নিজৰ সংস্কৃতিক মন মগজুত ধাৰণ কৰে আৰু নিজৰ সংস্কৃতিক লৈ গৰ্বিত অনুভৱ কৰে।স্বাভাৱিকভাৱেই নিজস্ব সংস্কৃতিক এক উচ্চখাপৰ বুলি মনোভাৱ গ্ৰহণ কৰে। পৃথিৱীত বিভিন্ন সমাজ আৰু সংস্কৃতি আছে। এখন সমাজৰ সংস্কৃতি গঢ় লৈ উঠে বিভিন্ন কাৰকৰ ওপৰত ভিত্তি কৰি। যি মানুহে আনৰ সংস্কৃতিক নিজৰ সংস্কৃতিৰ লগত তুলনা কৰে আৰু গভীৰতাত প্ৰৱেশ নকৰাকৈ নিজৰ সংস্কৃতিকে উচ্চমানৰ বুলি মনোভাৱ ৰাখে, তেনেহলে এনে ব্যক্তিক আত্মনৃগোষ্ঠীকেন্দ্ৰিক আৰু এনে মনোভাৱক আত্মনৃগোষ্ঠীকেন্দ্ৰিকতা বুলি কোৱা হয়।
৫। নতুনৰ প্ৰচলনৰ বিষয়ে চমুটোকা লিখা।
উত্তৰঃ নতুনৰ প্ৰচলনৰঃ কোনো ব্যক্তি বা ব্যক্তিসমূহে যদি কোনো নতুন চিন্তাৰ দ্বাৰা সমাজৰ কামত অহাকৈ কোনো কোনো বস্তু বা সেৱা প্ৰযোজ্য কৰিব পাৰা কৰি তোলে, তেতিয়া তাক নতুনৰ প্ৰচলন বা নৱ প্ৰচলন বুলি কোৱা হয়।
প্ৰচলন এনে এক প্ৰক্ৰিয়া যিয়ে কোনো পণ্য, সেৱা, চিন্তাধাৰা বা প্ৰক্ৰিয়াত সৰু অথবা ডাঙৰ, মৌলিক বা ক্ৰমবৰ্ধমান পৰিৱৰ্তন সাধন কৰি কোনো কাম- কাজত নতুনত্ব আনে, যাৰ ফলত সেই উৎপাদিত বস্তু বা সেৱাৰ মূল্য বৃদ্ধি পায় আৰু পণ্য বিক্ৰিয়কাৰী বা সেৱা প্ৰদানকাৰী সংগঠনটোৰ কৰ্মদক্ষতা, কামৰ অভিজ্ঞতা, সেৱাৰ মান, বিক্ৰীৰ পৰিমাণ জ্ঞানৰ পৰিসৰ ইত্যাদি উন্নতি হয়। সহজ কথাত ক’বলৈ হলে কোনো এটা বস্তু বা সেৱা বা পদ্ধতিক নতুন চিন্তাৰে উন্নতি সাধন কৰি প্ৰচলন কৰাকে নৱ প্ৰচলন বুলি ক’ব পাৰি। নৱ প্ৰচলনে ইতিমধ্যেই অস্তিত্ব থকা বস্তু এটাৰ উন্নতি সাধন কৰি তাৰ মূল্য বৃদ্ধি কৰে। আনহাতে, উদ্ভাৱন হ’ল সম্পূৰ্ণভাৱে নতুনকৈ এটা বস্তু সাজি উলিওৱা বা কোনো পদ্ধতি বা সেৱাৰ আৰম্ভণি কৰা।
৬। সংস্কৃতিক কি কি ভাগত ভগাব পাৰি উদাহৰণসহ লিখা।
উত্তৰঃ স্পৰ্শসম্ভৱ সংস্কৃতিক আৰু অনুভৱসম্ভৱ সাংস্কৃতিক এই দুটা ভাগত সংস্কৃতিক ভাগ কৰা হৈছে। উদাহৰস্বৰূপে তলত উল্লেখ কৰা হৈছে―
১। স্পৰ্শসম্ভৱ সংস্কৃতিকঃ সংস্কৃতিৰ যিবোৰ বস্তু আমাৰ চকুত দৃশ্যমান হয়। আৰু আমি যাক স্পৰ্শ কৰিব পাৰোঁ; তেনে সামগ্ৰীসমূহক মূৰ্ত বা স্পৰ্শসম্ভৱ অথবা বস্তুগত সংস্কৃতি বুলি কোৱা হয়। অৰ্থাৎ, আকৃতিগত বস্তু, যিবোৰ আমাৰ চকুত মূৰ্তহৈ দেখা দিয়া আৰু আমি স্পৰ্শ কৰিব পাৰো সেইবোৰকেই বস্তুগত বা স্পৰ্শসম্ভৱ সংস্কৃতি বুলি ক’ব পাৰি। উদাহৰণস্বৰূপে― কমল, কাঠপেঞ্চিল, গ্ৰন্থ, সাজ-পোছাক, খাদ্যবস্তু, চকী, মেজ, ঘৰ -দূৱাৰ ইত্যাদি।
২। অনুভৱসম্ভৱ সংস্কৃতিকঃ অবস্তুগত বা অনুভৱসম্ভৱ সংস্কৃতি বুলি কওঁতে যিবোৰ বস্তু দৃশ্যমান নহয় বা প্ৰত্যক্ষ কৰিব নোৱাৰি আৰু চুই চাব নোৱাৰি, মাথো অনুভৱ কৰিব পাৰি তাকে বুজায়। এই মূৰ্ত বস্তুবোৰ স্পৰ্শ কৰিব নোৱাৰিলেও ইয়াৰ জ্ঞান আহৰণ আৰু অনুভৱ কৰিব পাৰি। এনে সংস্কৃতিক অনুভৱসম্ভৱ সংস্কৃতি বুলি কোৱা হয়। উদাহৰণ সহায়ত অনুভৱসম্ভৱ সংস্কৃতিৰ ধাৰণা অধিক স্পষ্ট হৈ উঠে। মানুহৰ ধ্যান-ধাৰণা, চিন্তা-ভাৱনা, ৰীতি-নীতি, মূল্যবোধ, আদৰ্শ ইত্যাদি অবস্তুগত সংস্কৃতিৰ অন্তৰ্গত।
৭। সংস্কৃতিকৰণৰ বিষয়ে লিখা।
উত্তৰঃ আমি জানো যে আমি যেতিয়া জন্ম লাভ কৰিছিলো ইতিমধ্যেই আমাৰ পৰিয়াল, ওচৰ-চুবুৰীয়া, আত্মীয়-স্বজন আদিৰ মাজত এক সামাজিক পৰিৱেশ আছিল অৰ্থাৎ মানৱ শিশু এটাই এক বিশিষ্ট সামাজিক পৰিৱেশত জন্মলাভ কৰে। এই বিশিষ্ট সামাজিক পৰিৱেশৰ সংস্কৃতিৰ নিজস্ব নীতি-নিয়ম, মূল্যবোধ, আচাৰ-ব্যৱহাৰ আদি থাকে। জন্মৰ পিছৰে পৰা শিশুটি সেই সংস্কৃতিৰ ধাৰাত লালিত-পালিত হয়। সেই সামাজিক-সাংস্কৃতিক ৰীতি-নীতি আদিৰ ভিক্তিতেই শিশুটিক শিক্ষাদান কৰা হয়। এনেদৰে শিশু অৱস্থাৰ পৰা কোনো এক বিশেষ সাংস্কৃতিক পৰিৱেশত শিক্ষা গ্ৰহণ কৰা পদ্ধতিটোক সংস্কৃতিকৰণ বুলি কোৱা হয়।
আমি সমাজৰ পৰৱৰ্তী প্ৰজন্মক যি বিশেষ পথৰ বা শিক্ষাৰ মাধ্যমেৰে নিজৰ সংস্কৃতিৰ লগত পৰিচয় আৰু লালিত-পালিত কৰো সেই পদ্ধতিকে সংস্কৃতিকৰণ বুলি কওঁ। সমাজৰ সংস্কৃতিকৰণ প্ৰক্ৰিয়া স্বাভাৱিকভাৱে আৰু অবিৰতভাৱে হৈ থাকে। সমাজত পিতৃ-মাতৃ আৰু আন বয়োবৃদ্ধ লোকসকলে সংস্কৃতিকৰণ পদ্ধতিৰে শিশু এটাক সামাজিক শিক্ষা প্ৰদান কৰে। বেছি সময়তেই মানুহে এই সংস্কৃতিকৰণ পদ্ধতিৰে নিজৰ অজ্ঞাতেই শিক্ষা গ্ৰহণ কৰি থাকে। এই শিক্ষাধাৰাৰ বিভিন্ন উপাদান নিজৰ মনৰ গহনত নিঃশব্দে প্ৰৱেশ কৰে আৰু ইয়াৰ উৎকৰ্ষ সাধন হয়।
৮। সাংস্কৃতিক আপেক্ষিকতাবাদৰ ধাৰণা বিশ্লেষণ কৰা।
উত্তৰঃ সাংস্কৃতিক আপেক্ষিকতাবাদৰ ধাৰণাসমূহ― নৃতাত্ত্বিক ফ্ৰেঞ্জ বোৱাজে (Franz Bose) সাংস্কৃতিক আপেক্ষিকতাবাদ যাক ইংৰাজীত কোৱা হয় ‘কালচাৰেল ৰীলেটিভিজিম’(Cultural Relativism)ৰ ধাৰণা পোনপ্ৰথমে আগবঢ়াইছিল। এই ধাৰণা নৃতাত্ত্বিক দৃষ্টিভংগীৰে বিভিন্ন সমাজ অধ্যয়নৰ বাবে মূল সঞ্চালনা শক্তিস্বৰূপ। কিয়নো এই ধাৰণাই নিৰপেক্ষভাৱে আনৰ সংস্কৃতিক অধ্যয়ন কৰাত আৰু নিজৰ সংস্কৃতিক ভালদৰে বুজি উঠাত সহায় কৰে। এই ধাৰণাই আমাক সংস্কৃতিৰ অধ্যয়ন মাথো ৰোমান্টিকভাৱে নকৰি যুক্তিপূৰ্ণভাৱে কৰিবলৈ শিকায়। ইয়াৰ অৰ্থ এইটো নহয় যে আমি সংস্কৃতিসমূহৰ তুলনামূলক অধ্যয়ন নকৰিম। আমি আনৰ সংস্কৃতি অধ্যয়ন কৰোতে ৰোমান্টিকভাৱে নকৰি বাস্তৱমুখী হোৱা উচিত। কিয়নো এইটো মনত ৰখা উচিত যে ৰীতি-নীতিসমূহ সম্ভৱতঃ তেওঁলোকৰ পৰিৱেশৰ দ্বাৰা প্ৰভাৱিত হৈ গঢ় লৈ উঠিছে বা উঠিছিল। সেয়েহে সংস্কৃতিৰ আপেক্ষিকতাবাদে সংস্কৃতিৰ অধ্যয়ন আৰু বিশ্লেষণৰ ক্ষেত্ৰত যাতে অযুক্তিকৰভাৱে আত্মনৃগোষ্ঠীকেন্দ্ৰিক হৈ অবাস্তৱমুখী নহয় তাৰেই শিক্ষা দিয়ে। এই অধ্যয়নৰ ব্যাখ্যা আৰু পৰ্যালোচনা সঠিক, বাস্তৱমুখী, নিৰপেক্ষ যুক্তিসংগত আৰু আন সংস্কৃতিৰ পৰা প্ৰভাৱমুক্ত হোৱা উচিত।
৯। সাংস্কৃতিক প্ৰসাৰণৰ বিষয়ে বহলাই লিখা।
উত্তৰঃ সাংস্কৃতিক প্ৰসাৰণৰঃ সংস্কৃতিৰ উপাদানসমুহ এখন সমাজৰ পৰা আন এখন সমাজলৈ গতি কৰে। অৰ্থাৎ এখন সমাজে আন এখন সমাজৰ পৰা সাংস্কৃতিক উপাদান গ্ৰহণ কৰাকে প্ৰসাৰণ হোৱা বুলি ক’ব পাৰি।
সহজ কথাত ক’বলৈ হলে সাংস্কৃতিক প্ৰসাৰণ বুলি ক’লে একাধিক সংস্কৃতিৰ উপাদানসমুহৰ মাজত বিনিময় হোৱাকে বুজায়। পাৰস্পৰিক আদান-প্ৰদানেৰে সাংস্কৃতিক উপাদানসমূহ বিভিন্ন জনগোষ্ঠীৰ মাজত বিয়পি পৰে; ইয়াকে সাংস্কৃতিক প্ৰসাৰণ বা পৰিব্যপ্তি বুলি কোৱা হয়। পৃথিৱীৰ বিভিন্ন দেশতো এই প্ৰসাৰণৰ নানা উদাহৰণ আছে। আমি যদি আমাৰ নিজ দেশ ভাৰতবৰ্ষৰ কথা কওঁ, আমি গৌৰৱাম্বিত হওঁ যে ভাৰতবৰ্ষৰ পৰাই বৌদ্ধ ধৰ্ম চীন, জাপান, তেতিয়াৰ ব্ৰহ্মদেশ অৰ্থাৎ এতিয়াৰ ম্যানমাৰ আদি দেশসমূহত বিয়পি পৰিছিল। তেনেদৰে ভাৰতীয় দশমিক প্ৰথাৰ আৰব আৰু ইউৰোপৰ বিভিন্ন অঞ্চলত প্ৰসাৰণ ঘটে।
সাংস্কৃতিক উপাদানৰ প্ৰসাৰণৰ ফলত এখন সমাজৰ সংস্কৃতিত পৰিৱৰ্তন ঘটে। সাধাৰণতে প্ৰসাৰণ তিনিধৰণেৰে ঘটে―
(১) প্ৰত্যক্ষ প্ৰসাৰণ।
(২) পৰোক্ষ প্ৰসাৰণ। আৰু
(৩) উদ্দীপকমূলক প্ৰসাৰণ।
প্ৰত্যক্ষভাৱে হোৱা প্ৰসাৰণৰ ফলত এটা সংস্কৃতিয়ে আন এক সাংস্কৃতিৰ লগত প্ৰত্যক্ষ সংস্পৰ্শত আহে আৰু সাংস্কৃতিক উপাদানৰ বিনিময় ঘটে।
পৰোক্ষভাৱে হোৱা প্ৰসাৰণত এটা সংস্কৃতিৰ পৰা আন এক সাংস্কৃতিলৈ পৰোক্ষভাৱে সাংস্কৃতিক উপাদানে গতি কৰে বা বিনিময় হয়।
উদ্দীপকমূলক প্ৰসাৰণৰ ক্ষেত্ৰত কোনো এখন সংস্কৃতিৰ উপাদানৰ প্ৰতি আন এখন সংস্কৃতিয়ে আকৃষ্ট হৈ একেধৰণৰ উপাদান নিজ সংস্কৃতিত সংযোজন কৰিলে সাংস্কৃতিক প্ৰসাৰণ ঘটে।
১০। সাংস্কৃতায়নৰ বিষয়ে বহলাই লিখা।
উত্তৰঃ যেতিয়া দুখন ভিন্ন সংস্কৃতিৰ জনগোষ্ঠী ওচৰ সংস্পৰ্শত আহে তেতিয়া এটা জনগোষ্ঠীৰ মানুহৰ মাজত আনটো জনগোষ্ঠীৰ সাংস্কৃতিক উপাদান বিচ্ছুৰিত বা প্ৰসাৰণ হয়। যেতিয়া সংস্কৃতিক উপাদান গ্ৰহণ কৰাৰ এই প্ৰক্ৰিয়া অধিক মাত্ৰাত আৰু অবধাৰিত বা অবিচ্ছিন্নভাৱে হৈ থাকে তেতিয়া তেনে পৰিস্থিতিক সাংস্কৃতায়ন বুলি কোৱা হয়। এই প্ৰক্ৰিয়াত সংস্কৃতিৰ পৰিৱৰ্তন ঘটে।
১৯৩৬ চনত ৰেড্’ফিল্ড, লিন্টন আৰু হাৰস্ক’ভিট আদি নৃতত্ত্ববিদে ইংৰাজীত Acculturation ৰ সাংস্কৃতায়ন ধাৰণাটো আগবঢ়াইছিল। তেওঁলোকৰ মতে যেতিয়া দুটা জনগোষ্ঠী পোনপটীয়া সম্পৰ্কলৈ আহে, তেতিয়া তাৰে যিকোনো এখন বা দুয়োখন সমাজতে সাংস্কৃতিক পৰিৱৰ্তন হয়।
সাংস্কৃতায়নৰ দ্বাৰা যিহেতু এখন সমাজৰ প্ৰভাৱত আন এখন সমাজৰ পৰিৱৰ্তন হয় সেয়েহে দুয়োখন সমাজৰ মাজত মিলৰ পৰিমাণো বৃদ্ধি পায়। স্বইচ্ছাই হোৱা সাংস্কৃতায়নত শক্তিশালী জনগোষ্ঠীৰ পৰা দুৰ্বল জনগোষ্ঠীয়ে পৰিস্থিতিৰ লগত খাপ খাবলৈ বা পৰিস্থিতি বা আন সংস্কৃতিৰ উপাদানৰ সুবিধাসমূহ গ্ৰহণ কৰিবৰ বাবে সাংস্কৃতিক উপাদান সমুহ গ্ৰহণ কৰে। এনে সাংস্কৃতায়নৰ অন্তৰালত আধুনিকতা গ্ৰহণৰ উদ্দেশ্য, পদমৰ্যাদা বৃদ্ধিৰ উদ্দেশ্য ইত্যাদি কাৰণ থাকে। উদাহৰণস্বৰূপে দেখা যায় যে অনুন্নত আৰু উন্নয়নকাৰী সমাজে উন্নত সমাজৰ পৰা বহু সাংস্কৃতিক উপাদান গ্ৰহণ কৰা পৰিলক্ষিত হয়।
বাহ্যিক চাপৰ ফলত হোৱা সাংস্কৃতিক প্ৰসাৰণৰ দ্বাৰা বিশেষকৈ সাংস্কৃতায়নৰ সূচনা হয়।