Class 11 Anthropology Chapter 4 সাংস্কৃতিক নৃতত্ত্ব

Class 11 Anthropology Chapter 4 সাংস্কৃতিক নৃতত্ত্ব, HS 1st year Anthropology notes, সাংস্কৃতিক নৃতত্ত্ব class 11 Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Anthropology Chapter 4 সাংস্কৃতিক নৃতত্ত্ব and select needs one.

AHSEC Class 11 Anthropology Chapter 4 সাংস্কৃতিক নৃতত্ত্ব

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. Class 11 Anthropology Chapter 4 সাংস্কৃতিক নৃতত্ত্ব Question Answer is part of AHSEC All Subject Solutions. Here we have given Assam Board Class 11 Anthropology Chapter 4 সাংস্কৃতিক নৃতত্ত্ব Notes for All Subject, You can practice these here.

সাংস্কৃতিক নৃতত্ত্ব

Chapter – 4

নৃতত্ত্ব

অতি চমু প্রশ্নোত্তৰ


১। সংস্কৃতিৰ নৃতাত্ত্বিক ধাৰণা লিখা । 

উত্তৰঃ মার্কিন নৃতত্ত্ববিদ আলফ্রেদ ক্ৰোবাৰ আৰু ক্লাইড ক্লাকহনে সংস্কৃতিৰ বিষয়ে বিভিন্ন মত দাঙি ধৰিছে । তেওঁলোকে সংস্কৃতিৰ সংজ্ঞা 160 প্ৰকাৰৰ পাইছিল । এই আটাইবোৰ সংজ্ঞা ফঁহিয়াই চালে দেখা যায় যে সকলো নৃতাত্ত্বিকৰে ব্যাখ্যা মোটামুটিভাৱে একেই । অর্থাৎ কোনো এক মানৱ সম্প্ৰদায়ৰ সমগ্ৰ জীৱনধাৰাকে সংস্কৃতি বোলে । ভাষা , ধর্ম , লৌকিক বিশ্বাস , ৰীতি – নীতি , আইন – কানুন , আচাৰ – ব্যৱহাৰ , শিল্পকলা , খোৱা – বোৱা , পিন্ধন – ওৰণ , খেলা – ধূলা , নৃত্য – গীত , সামাজিক চিন্তাধাৰা , সামাজিক অনুষ্ঠান প্রতিষ্ঠান , সা – সঁজুলি , আ – অলংকাৰ বিভিন্ন হাতিয়াৰ ইত্যাদি লৈ এটা পূর্ণ সংস্কৃতি গঢ় লয় । এনে পূর্ণ সাংস্কৃতিক পৰিৱেশ এটাৰ মাজত ব্যক্তি এজন জন্মে আৰু প্ৰতিপালিত হয় । ইয়াৰ পিছত পৰিয়াল তথা ওচৰ – চুবুৰীয়া , সমাজৰ পৰা সংস্কৃতিৰ বিভিন্ন দিশৰ লগত পৰিচিত হয় ৷ ভৌগোলিক পৰিৱেশ, কাৰিকৰী দক্ষতা আৰু সমাজৰ নিজস্ব সা – সুবিধাৰ বাবে বিভিন্ন সংস্কৃতিৰ মাজত তাৰতম্য দেখিবলৈ পোৱা যায় । 

২। ডেভিড বিডনীৰ সংস্কৃতিৰ সংজ্ঞা আৰু অৰ্থ লিখা ? 

উত্তৰঃ ডেভিড বিডনীয়ে কয় যে সংস্কৃতি হ’ল কৃষিজাত সামগ্রী , উদ্যোগজাত বিভিন্ন সা – সঁজুলি আৰু মানসিক ভাবনা , ভাষা – ধৰ্ম , কলা আৰু অনন্য ৷ গতিকে কৃষি উদ্যোগ , সমাজ গঠন আৰু মানসিক প্ৰক্ৰিয়া আদিৰ সমন্বয়ত এটা সংস্কৃতি গঢ়ি উঠে । তেওঁ আগবঢ়োৱা এই সংজ্ঞাটোৰ অৰ্থ হ’ল এনেধৰণৰ— কৃষি উৎপাদিত বস্তু বীন , সৰিয়হ , ঘেঁহু , মৰাপাট ইত্যাদি আৰু কৃষিৰ সাধন হ’ল নাঙল , যুৱলি , নৈ , দলি মাৰি ইত্যাদি । সেইদৰে উদ্যোগজাত সামগ্ৰী হ’ল— দা , কটাৰী , কোৰ, জোং , যাঠী ইত্যাদি । সামাজিক সংগঠনৰ অন্তৰ্ভুক্ত হ’ল বিবাহ , পৰিয়াল , জ্ঞাতি – কুটুম , গোত্র , মিত্র – গোষ্ঠী , আত্মীয়তা , বিভিন্ন সামাজিক গোট ইত্যাদি অৰ্থাৎ এই সকলোবোৰ বস্তুৰ সমন্বয়ত এটা সংস্কৃতিয়ে গঢ় লৈ উঠে ।

৩। ই বি টাইলৰে আগবঢ়োৱা সংস্কৃতিৰ সংজ্ঞা লিখা আৰু সংজ্ঞাটো বিশ্লেষণ কৰি দেখুওৱা । 

উত্তৰঃ 1871 চনত ইংৰাজ পণ্ডিত ই বি টাইলাৰে সংস্কৃতিৰ বিষয়ে প্রথম নৃতাত্ত্বিক সংজ্ঞা দাঙি ধৰিছিল । টাইলৰৰ মতে সংস্কৃতি বুলিলে কোনো মানৱ সম্প্ৰদায়ৰ সকলো চিন্তা , কার্যকলাপ আৰু আচৰণসমূহৰ সমষ্টিক বুজায় । জ্ঞান , বিশ্বাস , শিল্পকলা , নৈতিকতাবোধ , আইন – কানুন , আচাৰ – ব্যৱহাৰ আৰু সমাজৰ এজন ব্যক্তি হিচাপে অৰ্জন কৰা আন সকলো ক্ষমতা আৰু স্বভাৱেই সংস্কৃতিৰ অন্তৰ্গত । 

টাইলৰৰ সংজ্ঞাটো সবল যদিও ইয়াৰ অৰ্থ বিস্তৃত । কাৰণ সংস্কৃতিয়ে মানুহৰ সমগ্ৰ জীৱনধাৰাকে বুজায় । দ্বিতীয়তে সামাজিক প্রাণী হিচাপে আহৰণ কৰা ক্ষমতা আৰু স্বভাৱবোৰকহে সংস্কৃতিৰ অন্তৰ্ভুক্ত কৰা হৈছে।ব্যক্তিগত বা জৈৱিক গুণ আৰু সমাজেই অনুমোদন নকৰা কাৰ্যকলাপবোৰ সংস্কৃতিৰ ভিতৰত নপৰে । প্ৰকৃতাৰ্থত কেনো এক মানৱ সম্প্ৰদায়ৰ বাবে সংস্কৃতি হৈছে জীৱন ধাৰণৰ বাবে নিজে তৈয়াৰ কৰি লোৱা এখন আঁচনি আৰু তাৰ সম্পাদন কৰা কাৰ্যাৱলী । 

৪। সংস্কৃতিৰ বিভিন্ন প্রকৃতিসমূহ চমুকৈ আলোচনা কৰা ? 

উত্তৰঃ সংস্কৃতি হ’ল কোনো এক মানৰ সম্প্ৰদায়ৰ সমগ্ৰ জীৱনধাৰাকে সূচায় । সংস্কৃতিৰ প্রকৃতি বা স্বৰূপসমূহ হ’ল— 

( i ) সংস্কৃতি উপার্জিত :- অৰ্থাৎ এজন ব্যক্তিয়ে জন্মৰ পিছত প্ৰথমতে মাক – বাপেক আৰু পৰিয়ালৰ অন্যান্য লোকৰ পৰা , পিছত আত্মীয় – কুটুম আৰু সমাজৰ পৰা সংস্কৃতিৰ বিভিন্ন দিশৰ লগত অৱগত হয় ৷ এইদৰে তেওঁ পুৰুষানুক্ৰমে সন্তান – সন্ততিলৈ সংস্কৃতিৰ ধাৰা প্ৰেৰণ কৰে। 

( ii ) সংস্কৃতি উদ্দেশ্যধর্মী :- প্রত্নপ্রস্তৰ যুগত মানুহে আহাৰ সংগ্ৰহ কৰিবলৈ বিভিন্ন শিলৰ সঁজুলি তৈয়াৰ কৰিছিল ৷ লগতে আত্মৰক্ষাৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন অস্ত্র – শস্ত্ৰ তৈয়াৰ কৰিছিল । প্ৰত্ন প্রস্তৰ যুগৰ পৰা লৌহ যুগলৈকে মানুহৰ সংস্কৃতিৰ যথেষ্টখিনি পৰিৱৰ্তন ঘটিল৷ঠিক সেইদৰে সমাজ ব্যৱস্থাৰ তথা শাসন ব্যৱস্থাৰ বাবে কিছুমান ৰীতি – নীতি , আচাৰ ব্যৱহাৰ , ধর্মীয় অনুষ্ঠান , ৰাজনৈতিক তন্ত্ৰ আদিৰ ৰচনা কৰা হৈছে । এইবোৰ ভৌগোলিক উদ্দেশ্য থাকে ৷ ‘ পৰিস্থিতি আৰু জলবায়ু অনুযায়ী বেলেগ বেলেগে হয় ৷ গতিকে সকলো সংস্কৃতিৰে এটা উদ্দেশ্য থাকে ।

( iii ) সংস্কৃতি গতিশীল আৰু পৰিৱৰ্তনশীল :- অর্থাৎ কোনো মানৱ সংস্কৃতিয়ে স্থিতিশীল নহয় অতীত কালত সংস্কৃতিৰ যি স্বৰূপ আছিল সেই স্বৰূপ আজি যথেষ্টখিনি পৰিৱৰ্তন হৈছে ৷ মানুহৰ জীৱনধাৰাৰ বিভিন্ন সমলসমূহ যেনে— খাদ্য সংগ্ৰহৰ প্রক্রিয়া , সামাজিক ৰীতি – নীতি , জীৱনধাৰা , আত্ম ৰক্ষাৰ বিভিন্ন কৌশল আৰু পদ্ধতি আদি সকলো ক্ষেত্ৰতে যথেষ্ট পৰিৱৰ্তন ঘটিছে । এই উদ্দেশ্যে বিভিন্ন মানৱ গোষ্ঠীরে বিভিন্ন সময়ত বিভিন্ন সংস্কৃতিৰ উদ্ভাৱন কৰে । ইয়াৰ পৰা এইটোকে ক’ব পাৰি যে সংস্কযতি গতিশীল আৰু পৰিৱৰ্তনশীল ৷ 

( iv ) সংস্কৃতি বৈচিত্রময় :- যিকোনো একেধৰণৰ উদ্দেশ্য পূৰণ কৰোঁতে বিভিন্ন সম্প্রদায়ে বিভিন্ন পন্থা অৱলম্বন কৰা দেখা যায় । উদাহৰণস্বৰূপে আহাৰ সংগ্ৰহ কৰিবৰ কাৰণে বিভিন্ন সম্প্রদায়ে বিভিন্ন পদ্ধতি অৱলম্বন কৰে । কোনো কোনো সম্প্রদায়ে প্রকৃতিক পৰিৱেশৰ পৰা ফলমূল , গছৰ গুটি , আলু – কচু আদি সংগ্ৰহ কৰি জীৱন নিৰ্বাহ কৰে । আনহাতে কিছুৱে শস্য উৎপাদন কৰি জীৱন নিৰ্বাহ কৰে । মাছ চিকাৰ , অন্যান্য জন্তু চিকাৰ , পশুপালন আদি আহাৰ সংগ্ৰহৰ বিভিন্ন পন্থা বিভিন্ন সম্প্ৰদায়ৰ মাজত প্ৰচলিত । উদাহৰণস্বৰূপে নীলগিৰি পৰ্বতৰ টোডাসকলে ম’হৰ গাখীৰৰ পৰা জীৱন নিৰ্বাহ কৰে । ঠিক সেইদৰে সামাজিক প্ৰথাৰ ক্ষেত্ৰতো বিচিত্রতা দেখিবলৈ পোৱা যায় ৷ উদাহৰণস্বৰূপে মৃতদেহ সৎকাৰৰ ক্ষেত্ৰত , বিবাহ , পৰিয়াল গঠন , সম্পত্তিৰ উত্তৰাধিকাৰী ইত্যাদি । এইদৰে মানৱ সমাজৰ বিভিন্ন ধৰণৰ সাংস্কৃতিক পৰম্পৰা দেখিবলৈ পোৱা যায় । 

( v ) সংস্কৃতিৰ ওপৰত প্ৰকৃতিৰ প্ৰভাৱ :- প্রাকৃতিক পৰিৱেশে মানুহৰ কার্যকলাপ বহু পৰিমাণে নিৰ্ধাৰণ কৰে ৷ সংস্কৃতিৰ সকলো দিশ আৰু উপাদান সৃষ্টিৰ মূলতে হৈছে পৰিৱেশ ৷ সংস্কৃতি পৰিৱেশৰে উপাদান আৰু পাৰিপাৰ্শ্বিক অৱস্থাই মানুহৰ জীৱন যাপনৰ মান নিৰ্ণয় কৰে । প্রাকৃতিক সম্পদ , জলবায়ু আৰু ভৌগোলিক অৱস্থানে বস্তুগত সংস্কৃতিমূলক কার্যকলাবোৰ নিয়ন্ত্ৰণ কৰাৰ উপৰি শিল্প – বাণিজ্য ধৰ্মীয় জীৱন , ৰীতি – নীতি আৰু সভ্যতাৰ বিকাশো নিৰ্ধাৰণ কৰে । কিন্তু উন্নত সংস্কৃতিৰ বিকাশে বহু পৰিমাণে মানুহক পৰিৱেশৰ কবলৰ পৰা মুক্ত কৰে । 

( vi ) সংস্কৃতি বিশ্বজনীন :- সংস্কৃতিয়ে বিশ্বৰ সকলো ঠাইতে আৰু সকলো সমাজতে বিৰাজ কৰি আছে ৷ সহজ – সৰল জীৱনৰ বাবে সংস্কৃতিও সবল । কিন্তু উন্নত জীৱনৰ ক্ষেত্ৰত সংস্কৃতি উন্নত বা জটিল। পৃথিৱীৰ বিভিন্ন জনজাতিৰ মাজত বৰ্তি থকা সংস্কৃতি কম – বেছি পৰিমাণে সৰল প্ৰকৃতিৰ কিন্তু উন্নত মানৰ সমাজৰ সংস্কৃতিয়ে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সহায়ত জীৱন যাপন অধিক জটিল কৰি তুলিছে । বৈজ্ঞানিক উন্নতিৰ বাবে পৃথিৱীখন তেনেই সৰু হৈ আহিছে আৰু লগে লগে এটা বিশ্বজনীন সংস্কৃতি গঢ় লৈ উঠিছে ।

( vii ) সংস্কৃতি সমাজভিত্তিক , ব্যক্তিভিত্তিক নহয় । অর্থাৎ সমাজত সকলো ব্যক্তিক সংস্কৃতিয়ে সামৰি লয় । 

( viii ) সংস্কৃতি আদর্শবাদ ভিত্তিতো হ’ব পাৰে । ভাৰতীয় সংস্কৃতি আদর্শবাদৰ ওপৰত প্রতিষ্ঠিত । 

( ix ) সংস্কৃতি আদান – প্ৰদানৰ কৰাত প্ৰৱৰ্তিত হয় । 

( x ) সংস্কৃতি কেৱল জৈৱিক ধাৰাই নহয় । ই তাতোকৈ অধিক ব্যাপক জীৱনধাৰা । 

( xi ) সংস্কৃতি সমাজৰ বিভিন্ন সামাজিক অনুষ্ঠান প্রতিষ্ঠান , ৰীতি – নীতি , বিশ্বাস , ভাষা আৰু ব্যৱহৃত সা – সঁজুলিৰ মাজেৰে পৰিস্ফুট হয়৷ 

৫। সাংস্কৃতিক পৰিৱৰ্তনৰ কাৰণসমূহ চমুকৈ লিখা । 

উত্তৰঃ ( i ) সৃষ্টি , আৱিষ্কাৰ , আৰু প্ৰসাৰৰ বাবে নতুন প্ৰথাৰ অৱতাৰণা হয় ৷ 

( ii ) ভূমিকম্প , বান পানী , দুর্ভিক্ষ , যুদ্ধ – বিগ্ৰহ , বেমাৰ , মহামাৰী , জনসংখ্যা , বিস্ফোৰণ , বিদেশীৰ আক্ৰমণ আৰু সান্নিধ্য আদিয়ে সাংস্কৃতিক পৰিৱৰ্তনত যথেষ্ট বৰঙণি যোগায় । 

( iii ) উন্নত প্রযুক্তিবিদ্যাই সাংস্কৃতিক পৰিৱৰ্তন আনে । 

( iv ) ঔদ্যোগীকৰণ , নানান সা – সঁজুলিৰ ব্যৱহাৰৰ আধুনিকীকৰণ , উন্নত ৰাস্তা – ঘাট বা পৰিবহণ ব্যৱস্থাৰ কাৰণে সমাজত নানা পৰিৱৰ্তন হ’বলৈ ধৰিছে । নতুন নতুন বৈজ্ঞানিক সাধনবিলাকৰ কাৰণে সমাজত দ্রুত পৰিৱৰ্তন সংঘটিত হ’বলৈ ধৰিছে । 

৬। সংস্কৃতিৰ ওপৰত প্ৰাকৃতিক পৰিৱেশৰ প্ৰভাৱ ৷ ’ ব্যাখ্যা কৰা ৷ 

উত্তৰঃ সংস্কৃতি হৈছে মানৱৰ সমগ্ৰ জীৱন ধাৰণৰ প্ৰক্ৰিয়া । হাৰস্কভিটেৰ মতে সংস্কৃতি হৈছে মানুহৰ দ্বাৰা তৈয়াৰী প্ৰকৃতিৰ এটা অংশ ৷ জীয়াই থাকিবলৈ আনপ্ৰাণীৰ দৰে মানুহেও প্রাকৃতিক পৰিৱেশৰ লগত খাপ খুৱাই চলিব লাগে । সকলো প্ৰাণীৰ ভিতৰত মানুহহে কেৱল সংস্কৃতি সম্পন্ন প্রাণী । প্রতিকূল পৰিৱেশতো মানুহে নিজৰ বুদ্ধি আৰু প্ৰযুক্তিবিদ্যাৰ সহায়ত অতি অনায়াসে জীৱন ধাৰণ কৰিব পাৰিছে । পৃথিৱীৰ বিভন্নি প্রাকৃতিক পৰিৱেশত মানুহে বাসবাস কৰে ৷ মানহে সংস্কৃতিৰ বলত প্রাকৃতিক অৱস্থাৰ কিছু সাল সলনি কৰি নানান বাধা বিপত্তিবোৰ আঁতৰাই নিজৰ সুবিধাজনক পৰিৱেশ এটা গঢ় দি ল’ব পাৰে৷উদাহৰণস্বৰূপে পাহাৰত থকা মানুহে হালবোৱাৰ অসুবিধাৰ কাৰণে কোৰৰ সহায়ত মাটিত খাজ কাটি ঝুম খেতি কৰে ৷ ৰ’দ , বৰষুণ আৰু প্ৰাকৃতিক দুৰ্যোগৰ পৰা নিজকে ৰক্ষা কৰিবলৈ প্ৰাকৃতিক পৰিৱেশত থকা নানা সামগ্রী যেনে— খে , বাঁহ , বেত , গছ – গছনি আদিৰে থকা ঘৰ সাজিব পাৰে ৷ 

ঠিক সেইদৰে উত্তৰ মেৰৰ এস্কিম’সকলৰ জীৱন ধাৰণৰ প্ৰক্ৰিয়াৰ ওপৰত পৰিৱেশৰ প্ৰভাৱ বাৰুকৈ পৰিলক্ষিত হয় । মেৰু অঞ্চল বৰফেৰে আবৃত । ইয়াত গছ – গছনি নাই । সেই কাৰণে এস্কিম’সকলে ( Eglu ) বৰফৰ টুকুৰাৰে ঘৰ সাজি তাত থাকিবলৈ লয় ৷ জাৰকালি 6 মাহ ধৰি সিহঁতে ঘৰৰ ভিতৰতে কটায় । গ্রীষ্মকালৰ 6 মাহৰ কাৰণে খোৱা বস্তু যোগাৰ কৰি লয় ৷ তেওঁলোকে চিকাৰৰ কাৰণে হাড়ৰ পৰা সা – সঁজুলি তৈয়াৰ কৰি লয় । জন্তুৰ ছাল আৰু নোমৰ পৰা পোছাক – পৰিচ্ছদ তৈয়াৰ কৰে । অষ্ট্রেলিয়াৰ কোনো কোনো আদিম জাতিয়ে হাবিৰ পৰা আলু – কচু গোটাই বা চিকাৰ কৰিয়েই জীৱন ধাৰণ কৰে । ঠিক সেইদৰে নদী আৰু সাগৰৰ পাৰত বাস কৰা বহুতো লোকে মাছ মাৰি জীৱন ধাৰণ কৰে । ভৈয়ামত মানুহে হালবাই খেতি কৰে । এইদৰে প্ৰকৃতিক পৰিৱেশে মানুহৰ সাংস্কৃতিৰ ওপৰত যথেষ্ট প্রভাৱ বিস্তাৰ কৰে৷ 

৭। পাৰিপাৰ্শ্বিক অৱস্থা কি ? মানৱ সংস্কৃতিৰ ওপৰত ইয়াৰ প্ৰভাৱ সম্পর্কে আলোচনা কৰা ? 

উত্তৰঃ পৰিৱেশ বা পাৰিপাৰ্শ্বিক অৱস্থা বুললে সকলো ধৰণৰ প্ৰাকৃতিক আৰু সামাজিক বহিঃঅৱস্থাৰ সমষ্টিক বুজায় । প্রাকৃতিক বহিঃ অৱস্থা বুলিলে কোনো এক অঞ্চলৰ বিভিন্ন বৈশিষ্ট্য যেনে— জলবায়ু , জান – জুৰি , নদ – নদী , বিল , সাগৰ , ভৈয়াম , পাহাৰ – পৰ্বত , গছ গছনি , বিভিন্ন প্রাকৃতিক সম্ভাৰ , খনিজ দ্রব্য , মৰুভূমি , মাটিৰ প্ৰকাৰ , উৰ্বৰতা ইত্যাদিক বুজায় ৷ জীয়াই থাকিবৰ বাবে সকলো জীৱই প্রাকৃতিক পৰিৱেশৰ লগত খাপ খুৱাই চলিব লাগে । আন জীৱ সামাজিক পৰিৱেশৰ বিভিন্ন সংগঠন যেনে— পৰিয়াল , বংশগোষ্ঠী , গোত্র , বিভিন্ন সংঘ ইত্যাদি । সমাজ হ’ল ব্যক্তিসকলৰ সমষ্টি অর্থাৎ সমাজ হ’ল মকৰাৰ জালৰ নিচিনা ৷ ইয়াৰ ভিতৰত নানা সামাজিক সম্বন্ধ ইটোৰ লগত সিটো জড়িত হৈ থাকে । সমাজত পাৰ্যমানে ব্যক্তিগত স্বার্থ হানি নোহোৱাকৈ সামাজিক স্বাৰ্থৰ ৰক্ষাৰ বাবে চেষ্টা কৰা হয় । 

সংস্কৃতি হ’ল কোনো এক মানৱ সম্প্ৰদায়ৰ সমগ্ৰ জীৱনধাৰা । অর্থাৎ মানুহৰ সম্যক চিন্তা চৰ্চা আৰু কৰ্মৰাজি আৰু আচৰণেই হ’ল সংস্কৃতি । প্রত্যেক ব্যক্তিয়েই পূর্ণ সাংস্কৃতিক পৰিৱেশ এটাৰ মাজত জন্মে আৰু জ্যেষ্ঠসকলৰ দ্বাৰা লালিত – পালিত হৈ ডাঙৰ – দীঘল হয় । প্রত্যেক সম্প্ৰদায়ৰে সংস্কৃতি আছে আৰু এই সংস্কৃতি পৰিৱেশৰ লগত খাপ খুৱাই গঢ় লয় ৷ পৰিৱেশৰ লগত খাপ খুৱাই চলিবলৈ প্রত্যেক সম্প্রদায় কিছুমান নিজস্ব কাৰিকৰী পদ্ধতি উদ্ভাৱন কৰে । ইয়াকে কাৰিকৰী বিদ্যা বোলা হয় । এই কাৰিকৰী বিদ্যাত উন্নতিৰ লগে লগে মানুহৰ সংস্কৃতিৰো উন্নতি হয় ৷ প্রত্যেক সম্প্ৰদায়ৰ সংস্কৃতিৰ মূল উপাদানবোৰ দুভাগত ভাগ কৰিব পাৰি ৷ বস্তু সংস্কৃতি আৰু আধ্যাত্মিক , সামাজিক সংস্কৃতি , এইদৰে সংস্কৃতিৰ ওপৰত পৰিৱেশৰ প্ৰভাৱ দেখিবলৈ পোৱা যায় । 

৮। সাংস্কৃতিক সংস্পর্শ আৰু সাংস্কৃতিক পৰিৱৰ্তনৰ সংজ্ঞা লিখা । 

উত্তৰঃ প্রত্যেক জনগোষ্ঠীৰে এটা নিজস্ব সংস্কৃতি আছে । কোনো কোনো এলেকাত ভিন ভিন জনগোষ্ঠীয়ে একেলগে বসবাস কৰাৰ উপৰি কাম কৰা দেখা যায় ৷ গতিকে বিভিন্ন জনগোষ্ঠীৰ সংস্পৰ্শত সাংস্কৃতিক সংস্পর্শও সংঘটিত হয় । ইয়াৰ ফলত প্রত্যেক জনগোষ্ঠীৰে মানসপটত কিছু প্রতিক্ৰিয়াৰ সৃষ্টি হয় । যাৰ ফলত তেওঁলোকৰ মাজত সাংস্কৃতিক আদান প্রদান হয় । কেৱল সংস্পৰ্শই সাংস্কৃতিক পৰিৱৰ্তন আনিব নোৱাৰে । উভয় পক্ষৰে মানসিক প্রস্তুতিতহে পৰিৱৰ্তন হ’ব পাৰে । উচ্চমানৰ সংস্কৃতিৰ প্ৰভাৱলৈ যদি নিম্নমানৰ সংস্কৃতি আহে তেস্তে ইয়াৰ প্ৰভাৱ নিম্ন মাননৰ সংস্কৃতিটোৰ ওপৰত যথেষ্ট পৰিমাণে পৰে ৷ উদাহৰণস্বৰূপে ব্ৰিটিছসকলৰ আগমনৰ ফলস্বৰূপে ভাৰতীয় সংস্কৃতিৰ ওপৰত যথেষ্ট পৰিমাণে প্রভাৱ পৰিলে । ব্ৰিটিছসকলৰ বহুতো সাংস্কৃতিক সমল যেনে— অর্থনৈতিক ব্যৱস্থা , ধৰ্ম , সামাজিক ব্যৱস্থা , সাজপাৰ , কাৰিকৰী বিদ্যা আদিৰ ক্ষেত্ৰত ভাৰতীয় সংস্কৃতিৰ ওপৰত গভীৰ প্ৰভাৱ বিস্তাৰ কৰিলে । 

সাংস্কৃতিক সংস্পৰ্শত যি পৰিৱৰ্তন হয় তাকেই সাংস্কৃতিক পৰিৱৰ্তন বোলে । এই পৰিৱৰ্তন নিৰ্ভৰ কৰে মানুহৰ সা – সুবিধা বা লাভালাভৰ ওপৰত । উদাহৰণস্বৰূপে কুর্তা – পায়জামা বা পেণ্টে ভাৰতবৰ্ষত প্ৰসাৰ লাভ কৰাৰ কাৰণ হ’ল— খোজ কঢ়াত সুবিধা হয় । বাৰম্বাৰ সংঘটিত সাংস্কৃতিক সংস্পৰ্শত পৰিৱৰ্তন ঘনীভূত হয় । কোনো এটা জনগোষ্ঠীয়ে সময়ে সময়ে বিভিন্ন জনগোষ্ঠীৰ সংস্পৰ্শত আহিলে সেই সংস্কৃতিৰ দ্ৰুত সাংস্কৃতিক পৰিৱৰ্তন হ’ব পাৰে ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top