Class 11 Anthropology Chapter 5 প্ৰাগৈতিহাসিক নৃতত্ত্ব

Class 11 Anthropology Chapter 5 প্ৰাগৈতিহাসিক নৃতত্ত্ব Solutions, HS 1st year Anthropology Notes, Class 11 Anthropology Chapter 5 প্ৰাগৈতিহাসিক নৃতত্ত্ব Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Anthropology Chapter 5 প্ৰাগৈতিহাসিক নৃতত্ত্ব and select needs one.

Class 11 Anthropology Chapter 5 প্ৰাগৈতিহাসিক নৃতত্ত্ব

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. Class 11 Anthropology Question Answer These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC Class 11 Anthropology Chapter 5 প্ৰাগৈতিহাসিক নৃতত্ত্ব Notes for All Subject, You can practice these here.

প্ৰাগৈতিহাসিক নৃতত্ত্ব

Chapter – 5

 ১। চমু উত্তৰ দিয়াঃ

(ক) ‘Old Stone Age’ নামৰ পুথিখনৰ লিখক কোন?

উত্তৰঃ M.C.Burkitt

(খ) ‘Prehistory’ শব্দটো কোনে পোনপ্ৰথম ব্যৱহাৰ কৰিছিল?

উত্তৰঃ ডেনিয়েল উইলছন।

(গ) ‘Primitive Culture’ কিতাপখনৰ লিখক কোন?

উত্তৰঃ এডৱাৰ্ড টাইলৰ।

(ঘ) তেজ’স্ক্ৰিয় এঙাৰ পদ্ধতিৰ আৱিষ্কাৰক কোন?

উত্তৰঃ ড° লিবিয়ে।

(ঙ) বৃক্ষবলয় পদ্ধতি কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰঃ ড° ডগলাছে।

২। পটাছিয়াম আৰ্গৰ পদ্ধতিটো বৰ্ণনা কৰা।

উত্তৰঃ পটাছিয়াম আৰ্গৰ পদ্ধতিৰ সহায়ত তেজ’স্ক্ৰিয় এঙাৰ পদ্ধতিতকৈ অনেক পুৰণি  সামগ্ৰীৰ বয়স নিৰূপণ কৰিব পাৰি। ইয়াৰ মৌলিক তথ্য হ’ল এই যে নানা ৰকমৰ ধাতৱ পদাৰ্থত থকা তেজ’স্ক্ৰিয় পটাছিয়াম ৪০ (k40) এটা নির্দিষ্ট অনুপাতত আৰগেন গেছ (A40) লৈ ৰূপান্তৰিত হয়।  গণনা কৰি দেখা গৈছে যে তেজ’স্ক্ৰিয় পটাছিয়াম  (k40) ১৩.০ কোটি বছৰত অৰ্ধ তেজ’স্ক্ৰিয়তা লোপ পাই আৰগণ গেছলৈ ৰূপান্তৰিত হয়।

যি শিলত পটাছিয়াম জাতীয় পদাৰ্থৰ পৰিমাণ বা ছাঁই বেছি থাকে তেনেকুৱা শিলৰ বয়স এই পদ্ধতিৰ দ্বাৰা নিৰূপণ কৰা সহজ হৈ পৰে। যদি কোনো প্ৰাগৈতিহাসিক বাসস্থান আগ্নেয়গিৰিৰ পৰা নিৰ্গত হোৱা পদাৰ্থৰে গঠিত শিলেৰে আবৃত হৈ থাকে তেতিয়া পটাছিয়াম আৰগণ পদ্ধতিৰে সেই শিলৰ বয়স নিৰূপণ কৰি তাৰ দ্বাৰা আবৃত প্ৰাগৈতিহাসিক কৃষ্টিৰ বয়স জানিব পাৰি। 

৩। প্লায়-প্লেষ্ট’চিন সিমাৰেখা কি? ইয়াক কেনেদৰে নিৰ্ধাৰণ কৰা হয়?

উত্তৰঃ প্লায়’চিন আৰু প্লাইষ্ট’চিন যুগক কাল্পনিকভাৱে ভাগ কৰাকে প্লায়-প্লেষ্ট’চিন সিমাৰেখা’ বোলা হয় আৰু ইয়াক নিৰ্ধাৰণ কৰিবৰ বাবে ‘কেলিব্রিয়ান’-সমুদ্ৰিক জীৱ দ্বীপদ শামুকজাতীয় প্ৰাণীৰ জীৱাশ্ম অথবা ‘ভিল্লাফ্ৰেংকিয়া’ বুলি অভিহিত কৰা স্থলচৰ প্ৰাণী ষাড়গৰু, হাতী আৰু ঘোঁৰাৰ সমষ্টিৰ সহায় লোৱা হয়।

৪। খনন কার্য বুলিলে কি বুজা ? খনন কাৰ্যত ব্যৱহৃত সঁজুলি দুটামানৰ নাম লিখা।

উত্তৰঃ খনন কাৰ্য বুলিলে কব পাৰি যে- প্ৰাগৈতিহাসিক মানুহৰ বাসস্থানৰ ধ্বংসাৱশেষবোৰ খনন কাৰ্যৰ দ্বাৰা মুকলি কৰিলে সেইযুগৰ কৃষ্টিমূলক অৱশেষ অনেক পোৱা যায়। সেই সামগ্ৰীসমূহ হল প্ৰস্তৰযুগত পোৱা শিল, হাড়, ফলমূলৰ গুটি, জন্তু-চৰাই আদিৰ হাড়-মূৰ ইত্যাদি। খনন কার্য কৰি যে প্ৰাক্ইতিহাস  অধ্যয়ন কৰিব পাৰি।

খনন কাৰ্যত ব্যৱহৃত সঁজুলি দুটামানৰ নাম হল:- শিল, হাড়।

৫। প্ৰাক্ইতিহাস অধ্যয়নৰ সমলসমূহক কেইটা ভাগত ভগাব পাৰি? সমলসমূহ বৰ্ণনা কৰা।

উত্তৰঃ প্ৰাগৈতিহাসিক অধ্যয়নৰ সমলসমূহক তিনিটা ভাগত ভাগ কৰিব পাৰি।

সমলসমূহ হৈছে―

১। প্ৰস্তুৰ যুগ।

২। ব্ৰঞ্জ যুগ। আৰু

৩। লৌহ যুগ।

৬। বৃহৎ তুষাৰ যুগ প্ৰৱৰ্তনৰ কাৰকসমূহ বৰ্ণনা কৰা।

উত্তৰঃ বৃহৎ তুষাৰ যুগ প্ৰৱৰ্তনৰ কাৰকসমূহ তলত বৰ্ণনা কৰা হৈছে― 

বিভিন্ন দিশৰ পৰা বৈজ্ঞানিকসকলে এই বিষয়ে বিভিন্ন মতামত দাঙি ধৰিছে। এই মতামতসমূহক দুটা ভাগত ভাগ কৰিব পাৰি―

(১) ভৌগোলিক তথ্য। আৰু

(২) নৈসৰ্গিক তথ্য।

ভৌগোলিক তথ্য তিনিটা ধাৰণাৰ ওপৰত প্ৰতিষ্ঠিত―

(ক) দেশ-মহাদেশসমূহৰ ভৌগোলিক অৱস্থান।

(খ) সামুদ্ৰিক সোঁতৰ পৰিৱৰ্তন।

(গ) Plate tectonics ৰ ফলত হোৱা তিব্বত মালভূমিৰ উত্থান।

বৈজ্ঞানিকসকলৰ মতে ইউৰোপৰ উত্তৰ-পশ্চিম অঞ্চলৰ জলবায়ু বহু পৰিমানে উষ্ম উপসাগৰীয় সোঁতৰ ওপৰত নিৰ্ভৰশীল। এই সোঁতে গৰম সোঁত আটলাণ্টিক মহাসাগৰৰ পৰা আৰ্কটিক অঞ্চললৈ বোৱাই নিয়ে। উত্তৰ আটলাণ্টিকত এই পানী ঠাণ্ডা হৈ তললৈ সোমাই যায়। দক্ষিণ আটলাণ্টিকৰ পৰা অহা আন এক উষ্ম সোঁতে ইয়াক উপসাগৰীয় অঞ্চললৈ পুনৰ লৈ আহে।

বিভিন্ন বৈজ্ঞানিক বিশ্লেষণৰ পৰা দেখা গৈছিল যে প্লাইষ্ট’চিন যুগত তুষাৰ কাল প্ৰৱৰ্তনত এই প্ৰক্ৰিয়াটোৰ প্ৰভাৱ পৰিছিল। বৈজ্ঞানিকসকলে  মতপোষণ কৰে যে আমেৰিকাৰ ফ্ল’ৰিডা অঞ্চলৰ ভূ-ভাগৰ পৰিৱৰ্তনৰ ফলত এই উপসাগৰীয় সোঁত উত্তৰ-পশ্চিম ইউৰোপৰ সলনি আটলাণ্টিক মহাসাগৰৰ মাজেৰে প্ৰবাহিত হোৱাৰ ফলত তুষাৰ কালৰ প্ৰৱৰ্তন হৈছিল। 

নৈসৰ্গিক তথ্যঃ

১৯৪০ চনত মিলুটিন মিলাঙ্ক’ভিটচ (Milutin Milankovitch) নামৰ এজন জ্যোৰ্তি বিজ্ঞানীয়ে পৃথিৱীৰ গতিৰ ওপৰত এক সূত্ৰ দাঙি ধৰে যিটোক ‘মিলানঙ্ক’ভিটচ চাইকল’ বুলি জনা যায়। এই সূত্ৰটোৱে প্লাইষ্ট’চিন যুগৰ জলবায়ু পৰিৱৰ্তন কাৰণ দর্শৱাত বহুল পৰিমানে সক্ষম হয়।

  মিলাঙ্ক’ভিটচে পৃথিৱীৰ কক্ষপথৰ তিনিটা পৰিৱৰ্তন দাঙি ধৰিছিল যাৰ ওপৰত সূৰ্যৰ বিকিৰণ কিমান পৰিমাণে পৃথিৱীৰ ওপৰত পৰিব সেয়া নিৰ্ভৰ কৰে। সেয়া হৈছে―

● পৃথিৱীৰ কক্ষপথৰ আকৃতি ৯৬,০০০ বছৰত এবাৰকৈ পৰিৱৰ্তন ঘটে। বৃহস্পতিৰ মাধ্যাকৰ্ষণৰ ফলত এই পৰিৱৰ্তন ঘটে আৰু পুনৰ আগৰ অৱস্থালৈ ঘূৰি যায়।

● পৃথিৱীৰ মেৰুদণ্ড কিছু হেলনীয়া বাবে ঋতুৰ পৰিৱৰ্তন ঘটে। পৃথিৱীৰ মেৰুদণ্ড কিছু হেলনীয়া বাবেই মেৰু দুয়োটাৰ সূৰ্যৰ অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰি জাৰকালি আৰু হজকালীৰ সৃষ্টি হয়।

মিলাঙ্ক’ভিটচৰ মতে এই সমূহ কৰকে প্লাইষ্ট’চিন যুগত তুষাৰযুগ প্ৰৱৰ্তনত অৰিহণা যোগাইছিল।

একেই তথ্যৰ ভিত্তিত আগবঢ়োৱা আন দুটা সূত্ৰ হৈছে―

(১) ক্ৰ’লৰ প্ৰস্তৱনা (Croll’s Hypothesis)

(২) চিমচনৰ থত্য (Simpson’s theory)

ক্ৰ’লৰ প্ৰস্তাৱনা আগবঢ়ায় জেমচ ক্ৰ’ল নামৰ এজন স্কটলেণ্ডৰ বিজ্ঞানীয়ে। তেওঁৰ প্ৰস্তাৱনাক ‘জলবায়ু পৰিৱৰ্তন নৈসৰ্গিক তথ্য’বুলি জনা যায়। কক্ষপথৰ পৰিৱৰ্তন ফলত প্লাইষ্ট’চিন যুগত জলবায়ুৰ পৰিৱৰ্তন ঘটিছিল বুলি প্ৰমাণ কৰি দেখুৱাইছিল। কক্ষপথৰ আকৃতি যেতিয়া দীঘলীয়া হৈ পৰে তেতিয়া পৃথিৱীৰ দূৰত্ব সূৰ্যৰ পৰা বাঢ়ি যায়। ফলত তুষাৰকাল আৰু কক্ষপথ ঘূৰণীয়া হ’লে সূৰ্যৰ তাপ বাঢ়ি উপ- তুষাৰকালৰ সৃষ্টি হয়। 

৭। জলাহ যুগ কি? জলাহ যুগসমূহৰ নাম লিখা।

উত্তৰঃ প্লাইষ্ট’চিন যুগৰ জলবায়ুক ‘বৃহৎ তুষাৰ কাল’ বুলি অভিহিত কৰা হৈছে যদিও সমগ্র পৃথিৱীৰ সেইসময়ত তুষাৰে আবৃত কৰি ৰখা নাছিল। উচ্চ ভূ-পৃষ্ঠ আৰু উচ্চ অক্ষাংশৰ ঠাইসমূহতহে হিমপ্ৰবাহৰ প্ৰভাৱ পৰিছিল। আনহাতে গ্ৰীষ্মপ্ৰধান আৰু বিষুব অঞ্চলত আন প্ৰকাৰৰ জলবায়ুৰ প্ৰভাৱ পৰিছিল। তুষাৰ কালৰ সমসাময়িক এই জলবায়ুক জলাহ যুগ বুলি জনা যায়।

জলাহ যুগসমূহৰ নাম হ’ল― কাগেৰান,কামাছিয়ান, কাঞ্জেৰান আৰু গেম্বলিয়ান জলাহ কাল আৰু কাগেৰান-কামাছিয়ান, কামাছিয়ান-কাঞ্জেৰান আৰু কাঞ্জেৰান- গেম্বলিয়ান।

৮। প্লাইষ্ট’চিন যুগৰ জলবায়ু কেনে আছিল? বৰ্ণনা কৰা।

উত্তৰঃ  প্লাইষ্ট’চিন যুগৰ ভূ- তাত্ত্বিক গঠন আৰু জীৱাশ্মসমূহৰ অধ্যয়নৰ পৰা প্লাইষ্ট’চিন যুগত সংঘটিত হোৱা জলবায়ুৰ পৰিৱৰ্তন, জীৱকূল আৰু ক্ৰমবিৱৰ্তনৰ আভাস পোৱা যায়। ইউৰোপৰ বিভিন্ন অঞ্চল বাল্টিক সাগৰৰ উপকূলীয় সমভূমি, চুইজাৰলেণ্ড আৰু স্কটলেণ্ডৰ বহল উপত্যকা আৰু উত্তৰ আমেৰিকাৰ ঠায়ে ঠায়ে য’ত প্ৰস্তুৰ নাই, তেনে ঠাইবোৰত সিঁচৰতি হৈ থকা বৃহৎ শিলাখণ্ডবোৰৰ উৎপত্তি সম্বন্ধে গৱেষণা কৰি ভূ-তত্ত্ববিদসকলৰ একমত হয় যে বৰ্তমান যুগৰ চিৰতুষাৰ ৰেখাৰ পৰা মেৰু অঞ্চললৈ বিস্তৃত স্থায়ী তুষাৰ মণ্ডল প্লাইষ্ট’চিন যুগত বিস্তৃত হৈ পৰিছিল আৰু উপৰোক্ত অঞ্চলসমূহো তুষাৰে আবৃত কৰি ৰাখিছিল।

প্লাইষ্ট’চিন যুগত গ্ৰীষ্ম মণ্ডলৰ ওখ পৰ্বতসমূহৰ চিৰতুষাৰ ৰেখা ৩৫০০ ফুট তললৈ নামি আহিছিল। ইউৰোপ, আমেৰিকা উপৰি এছিয়া মহাদেশৰ মাউন্ট অলিম্পিয়া, লেবানন, প্লাইষ্ট’ইন মাউন্ট হাৰমান ইত্যাদি অঞ্চলো তুষাৰে ঢাকি ৰাখিছিল। অৱশ্যে এছিয়া মহাদেশৰ বৃহৎ অঞ্চলত তুষাৰমুক্ত  আছিল। আফ্ৰিকা মহাদেশৰো উচ্চ পৰ্বতসমূহৰ  বাহিৰে আন অঞ্চলত তুষাৰৰ বিস্তৃত কম আছিল।

৯। কাল নিৰ্ণয় প্ৰণালী কি? যিকোনো এটা প্ৰত্যক্ষ বা পৰোক্ষ কাল নিৰ্ণয় প্ৰণালী বৰ্ণনা কৰা।

উত্তৰঃ কাল নিৰ্ণয় প্ৰণালী ―

(১) পৰোক্ষ কাল নিৰ্ণয় প্ৰণালী।

(২) প্ৰত্যক্ষ কাল নিৰ্ণয় প্ৰণালী।

কাল নিৰ্ণয় কৰা প্ৰণালীৰ তলত বৰ্ণনা কৰা হৈছে―

(১) পৰোক্ষ কাল নিৰ্ণয় প্ৰণালী (Relative Dating Method): – প্ৰাগৈতিহাসিক যুগৰ কোনো কৃষ্টি বা সভ্যতাক সেই সময়ত সংঘটিত প্ৰাকৃতিক ঘটনাৰ লগত সম্বন্ধ দেখুৱাই বৈজ্ঞানিক উপায়ে নিৰ্ণয় কৰা কালক পৰোক্ষকাল বোলা হয়। পৰোক্ষ কাল নিৰ্ণয় পদ্ধতিক কেইটামান ভাগত ভাগ কৰা হৈছে,

সেই ভাগকেইটা হ’ল―

(ক) ভূতাত্বিক স্তৰীয় বিদ্যা (Stratigraphical methods)

(খ) ফ্লৰিণ বিশ্লেষণ প্ৰণালী (Flourine analysis)

(গ) আনুষংগিক সামগ্ৰী (Associated Finds)

(ক) ভূতাত্বিক স্তৰীয় বিদ্যা :- ভূতাত্বিক স্তৰবিলাক গঠিত হয় গেদীয় শিলৰ (Sedimentary rock) দ্বাৰা। এই স্তৰবিলাকত প্ৰাগৈতিহাসিক যুগৰ সাংস্কৃতিক সমল তৰপে তৰপে সঞ্চিত হৈ থাকে। সেইকাৰণে ভূ-তাত্ত্বিক স্তৰবিলাক প্ৰত্নতাত্ত্বিকসকলৰ কাৰণে এক কিতাপৰ নিচিনা। যি স্তৰত কোনো কৃষ্টি বা আহিলাৰ অৱশেষ পোৱা নাযায়, সেই স্তৰক উকা স্তৰ বোলা হয়। ইয়াৰ পৰা ধাৰণা কৰিব পাৰি যে প্ৰাকৃতিক ক্ৰিয়াৰ দ্বাৰা সেই স্তৰ গঠিত হোৱাৰ সময়ত সেই ঠাইত কোনো মানুহৰ বসবাস নাছিল।

ইউৰোপৰ ফৰাচী, স্পেইন আদিত, এছিয়াৰ পেলেষ্টাইন, চীন, ভাৰতবৰ্ষ আদি দেশত প্ৰত্নপ্ৰস্তৰ যুগৰ বহু মানুহ গুহাত বাস কৰিছিল। ইয়াৰ ফলত গুহাবোৰত কৃত্ৰিম সাংস্কৃতিক স্তৰ সৃষ্টি হৈছিল।

(খ) ফ্লৰিণ বিশ্লেষণ প্ৰণালী:- হাড় আৰু দাঁত মাটিত পোত গৈ থাকিলে ভূগৰ্ভৰ পানীৰ পৰা লাহে ফ্ল’ৰিণ এছিড আহৰণ কৰে। এইদৰে আহৰণ কৰা ফ্ল’ৰিণৰ পৰিমান বৈজ্ঞানিক প্ৰাণালীৰে নিৰূপণ কৰিব পাৰি। মাটিত পোত গৈ থকা হাড় আৰু দাঁতৰ বয়স অনুপাতে এইবিলাকে আহৰণ কৰা ফ্ল’ৰিণৰ পৰিমাণ কম-বেছি হয়। ইয়াৰ সহায়ত হাড় আৰু দাঁতবোৰৰ আনুপাতিক বয়স নিৰ্ণয় কৰিব পাৰি। কোনো কোনো ঠাইত প্ৰাগৈতিহাসিক মানুহৰ জীৱাশ্ম জন্তুৰ জীৱাশ্মৰ লগত পোৱা যায়।

(গ) আনুষংগিক সামগ্ৰী :- কোনো এটা প্ৰাগৈতিহাসিক ঠাইত খনন কার্য চলালে এনেকুৱা আনুসংগিক সামগ্ৰী অনেক পোৱা যায়। আনুসংগিক সামগ্ৰীবিলাকৰ ভিতৰত জৈৱিক অৱশেষবোৰ অতি মূল্যবান। মানুহে জীৱৰ ধাৰণৰ কাৰণে উদ্ভিদ আৰু প্ৰাণীৰ ওপৰত নিৰ্ভৰশীল। জলবায়ু ভেদে ফুলৰেণুবীলাকৰো আকৃতি আৰু  গঠন বেলেগ । উদ্ভিদতত্ত্ববিদ সকলে অণুবীক্ষণ যন্ত্ৰৰ সহায়ত ফুলৰেণু পৰীক্ষা কৰি বিভিন্ন যুগৰ বৃক্ষগোষ্ঠী বিলাকৰ লক্ষণ নিৰূপণ কৰিব পাৰে।

১০। প্ৰত্ন-জীৱতাত্বিক প্ৰণালীয়ে প্ৰাক্ইতিহাস অধ্যয়নত কেনেদৰে সহায় কৰে?

উত্তৰঃ প্ৰায় দুহেজাৰ নিযুত বছৰ আগতে পৃথিৱীত জন্ম হোৱা এককোষী জীৱ বোৰৰ পৰা কেনেকৈ নানা তৰহৰ উদ্ভিদ আৰু প্ৰাণীৰ আবিৰ্ভাৱ হ’ল এই বিষয়ে জানিবলৈ আমাৰ প্ৰধান আহিলা হ’ল জীৱাশ্মবোৰ। প্ৰাক্ইতিহাসকালৰ মানুহবোৰ কোন আছিল আৰু সেইসময়ত কেনেধৰণৰ জলবায়ু, প্ৰাণী, উদ্ভিদ আদি বৰ্তি আছিল তাক নাজানিলে প্ৰাক্ইতিহাসৰ অধ্যয়ন অসম্পূৰ্ণ  হ’ব। প্ৰত্নজীৱতাত্বিক প্ৰণালীয়ে সেইকালৰ জলবায়ু, প্ৰাণী-উদ্ভিদবোৰৰ শাৰীৰিক আৰু আৱয়বিক গঠন প্ৰক্ৰিয়াৰ বিষয়েও অনুসন্ধান কৰে। পৃথিৱীত প্লাইষ্টচিন যুগত মুঠতে সাতবাৰ জলবায়ুৰ পৰিৱৰ্তন হৈছিল, য’ত চাৰিবাৰ তুষাৰযুগ আৰু তিনিবাৰ অন্তৰাতুষাৰ যোগ আছিল। তেতিয়া ইউৰোপত ভিন্ন ভিন্ন শাৰীৰিক গঠনৰ জন্তুৱে বাস কৰিছিল।বৰ্তমান যুগৰ নাতিশীতোষ্ণ মণ্ডলৰ অন্তৰ্ভুক্ত ইউৰোপ মহাদেশত প্ৰাগৈতিহাসিক যুগত এসময়ত গ্ৰীষ্ম মণ্ডলৰ প্ৰধান জন্তু যেনে― হাতী, গড়, হিপ’প’টেমাছ আদিয়ে বাস কৰিছিল। প্ৰাগৈতিহাসিক যুগৰ অইন এছোৱা সময়ত ইউৰোপত মেমথ, নোমাল গড়, গুহা ভালুক আদি তুন্দ্ৰাজল বায়ুসেৱী প্ৰাণীবিলাকে বাস কৰিছিল। সেইবোৰ প্ৰাণীয়ে ইউৰোপত সেইযুগৰ তীব্ৰ শীতকালৰ জলবায়ুৰ সাক্ষী দিয়ে। আধুনিক যুগৰ লগত খাপ খুৱাই লবলৈ অসমৰ্থ হোৱা বাবে প্ৰাগৈতিহাসিক যুগৰ অনেক স্তন্যপায়ী প্ৰাণী বিলুপ্ত হৈছে আৰু কিছুমান প্ৰাণীৰ বংশগোষ্টী ৰূপান্তৰিত হৈ আধুনিক স্তন্যপায়ী প্ৰাণীবিলাকৰ জন্ম হৈছে। 

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top