Class 11 Anthropology Chapter 4 মানৱ বিৱৰ্তন

Class 11 Anthropology Chapter 4 মানৱ বিৱৰ্তন Solutions, HS 1st year Anthropology Notes, Class 11 Anthropology Chapter 4 মানৱ বিৱৰ্তন Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Anthropology Chapter 4 মানৱ বিৱৰ্তন and select needs one.

Class 11 Anthropology Chapter 4 মানৱ বিৱৰ্তন

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. Class 11 Anthropology Question Answer These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC Class 11 Anthropology Chapter 4 মানৱ বিৱৰ্তন Notes for All Subject, You can practice these here.

মানৱ বিৱৰ্তন

Chapter – 4

১। চমু উত্তৰ দিয়া:

(ক) কোনটো ভূ- তাত্ত্বিক যুগত মানুহৰ আৱিৰ্ভাৱ হৈছিল?

উত্তৰঃ প্লিষ্টছিন যুগত মানুহৰ আৱিৰ্ভাৱ হৈছিল।

(খ) জাভা মানুহৰ জীৱাশ্ম কোনে আৱিষ্কাৰ কৰিছিল? জাভা মানুহ কোন ভূতাত্ত্বিক যুগত বাস কৰিছিল?

উত্তৰঃ জাভা মানুহৰ জীৱাশ্ম ডুবিয়ে জাভায়ে আবিষ্কাৰ কৰিছিল। জাভা মানুহে মানৱ মধ্য প্লিষ্ট’ছিন ভূতাত্ত্বিক যুগত বাস কৰিছিল।

(গ) চাৰ্লচ ডাৰউইনৰ দুখন গ্ৰন্থৰ নাম লিখা।

উত্তৰঃ চাৰ্লচ ডাৰউইনৰ গ্ৰন্থৰ নাম হল ―

(১) ‘Origin of Species’

(২) ‘Descent of Man’s

(ঘ) ‘অষ্ট্ৰেল’পিথেকাচ আফ্ৰিকানাচ’ৰ জীৱাশ্ম কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰঃ ৰেমণ্ড ডাৰ্টৈ।

(ঙ) প্লিষ্ট’ছিন ভূ- তাত্ত্বিক যুগক কেইটা ভাগত বিভক্ত কৰা হৈছে? এই ভাগসমূহ কি কি?

উত্তৰঃ প্লিষ্ট’ছিন ভূ- তাত্ত্বিক যুগক তিনিটা ভাগত বিভক্ত কৰা হৈছে ভাগ কেইটা হল― 

১। আৰম্ভণি প্লিষ্ট’ছিন যুগ।

২। মধ্য প্লিষ্ট’ছিন যুগ।

৩। শেষ প্লিষ্ট’ছিন যুগ।

২। জৈৱিক বিৱৰ্তন সম্পৰ্কে এটা চমুটোকা লিখা।

উত্তৰঃ জৈৱিক বিৱৰ্তন সম্পৰ্কে তলত আলোচনা কৰা হৈছে―

আৱয়বিক বা জৈৱিক নৃতত্ত্বৰ এটা প্ৰধান বিষয়বস্তু হৈছে মানৱ বিৱৰ্তনৰ ৰহস্য উদ্’ঘাটন কৰা। ক্ৰমবিকাশৰ বিভিন্ন স্তৰৰ মাজেৰে আহি মানুহে কিদৰে বৰ্তমান অৱস্থাত উপনীত হৈছে, সেই সম্পৰ্কে জৈৱিক নৃতাত্ত্বিক সকলে বিশদভাৱে অধ্যয়ন কৰে। 

মানুহৰ উৎপত্তি তথা বিৱৰ্তনৰ ৰহস্য উদ্’ঘাটনৰ বাবে প্ৰাচীন কালৰে পৰা বিভিন্ন পণ্ডিতে বিশেষকৈ গ্ৰীক তথা ৰোমান দর্শনিকসকলে ভিন্ ভিন্ মতবাদ আগবঢ়াই আহিছে।

প্ৰখ্যাত প্ৰত্নতাত্বিক আৰ. এচ. লালে (R.S.Lull) এ জীৱৰ উৎপত্তি তথা  বিৱৰ্তন সম্পৰ্কে থকা বিভিন্ন মতবাদসমূহৰ প্ৰধানকৈ চাৰিটা ভাগত বিভক্ত কৰিছে। যেনে―

(১) অবিনশ্বৰ সূত্ৰ (Theory of eternity of the present condition):  এই মতবাদৰ পৃষ্ঠপোষক সকলৰ মতে, সৃষ্টিৰ আদি অথবা অন্ত নাই। বিশ্বব্ৰহ্মাণ্ড  অপৰিৱৰ্তনশীল। অনন্তকাল ধৰি এই সৃষ্টি তথা ইয়াৰ জীৱসমূহৰ কোনো পৰিৱৰ্তন হোৱা নাই আৰু ভৱিষ্যতও নহয়।

(২) বিশেষ সৃষ্টি সূত্ৰ (Theory of creationism or special creation): খ্ৰীষ্টীয়ান ধৰ্মগুৰুসকল আছিল বিশেষ সৃষ্টি সূত্ৰৰ প্ৰধান পৃষ্ঠপোষক। ধৰ্মীয় বিশ্বাসেই হৈছে এই মতবাদৰ আধাৰ। আৰ্কবিশ্বপ উশ্বাৰে, ৪০০৪ চনৰ ২৩ অক্টোবৰ মানুহৰ আবিৰ্ভাৱৰ সঠিক সময় বুলি কাল্পনিক অভিমত আগবঢ়াইছিল। এক দৈৱিক অলৌকিক শক্তিক এই সূত্ৰই ঈশ্বৰ বুলি অভিহিত কৰিছে।

(৩) সংহাৰ সূত্ৰ (Theory of catastrophism) : জীৱাশ্ম বিজ্ঞানী জৰ্জ কুভিয়াৰে (১৭৬১-১৮৩২) লুপ্তপ্ৰায় বিভিন্ন জীৱৰ জীৱাশ্মৰ অৱশেষ অধ্যয়ন কৰি সংহাৰ সূত্ৰটো উপস্থাপন কৰিছিল। এই মতবাদ অনুসৰি, সময়ে-সময়ে পৃথিৱীত বিভিন্ন প্রাকৃতিক দুৰ্যোগ সংঘটিত হয়, যেনে― আগ্নেয়গিৰি উদ্’গিৰণ, দূৰ্ভিক্ষ, মহামাৰী, বানপানী ইত্যাদি জীৱকূল বিনষ্ট হয়।

(৪) জৈৱ বিৱৰ্তন সূত্ৰ (Theories of organic evolution): বিশ্বৰ পৰিৱৰ্তনশীল ঘটনা প্ৰৱাহত, পৰিৱৰ্তিত পৰিস্থিতিৰ লগত খাপ খাব পৰাকৈ প্ৰাণী তথা উদ্ভিদৰ শাৰীৰিক গঠনৰ পৰিৱৰ্তন হয়। ক্ৰমবিকাশৰ এই প্ৰক্ৰিয়াকে জৈৱ বিৱৰ্তন বোলে।

৩। মানৱ বিৱৰ্তন সম্বন্ধে চমুকৈ বৰ্ণনা কৰা।

উত্তৰঃ মানৱ বিৱৰ্তন সম্বন্ধে চমুকৈ তলত আলোচনা কৰা হৈছে―

মানৱ বিৱৰ্তনৰ বিষয়ে বিশদভাৱে জানিবলৈ হ’লে ভূ-স্তৰ বিন্যাসৰ বিন্যাসৰ বিষয়ে সম্যক জ্ঞান থকা আৱশ্যক। তদুপৰি ভূ-স্তৰবোৰৰ পৰা আৱিষ্কৃত হোৱা বিভিন্ন জীৱৰ জীৱাশ্মৰ অৱশেষ অধ্যয়ন কৰি ভূতত্ত্ববিদ, জীৱাশ্মবিদ তথা নৃতাত্ত্বিকসকলে জীৱৰ উৎপত্তি তথা বিৱৰ্তনৰ ৰহস্য উদ্’ঘটন কৰিবলৈ সক্ষম হৈছে। ভূপৃষ্ঠৰ বিভিন্ন স্তৰৰ শিলৰ গঠন, গছ-গছনি আৰু জীৱাশ্মৰ অৱশেষ অধ্যয়ন কৰি নৃতাত্ত্বিকসকলে ভূ-স্তৰবোৰৰ কাল নিৰ্ণয় কৰিবলৈ সক্ষম হৈছে। তদুপৰি সেই তথ্য অনুসৰি পণ্ডিতসকলে ভূ-কালানুক্ৰমৰ বিভিন্ন তথ্য দাঙি ধৰিছে। এই তথ্যৰ ওপৰত ভিত্তি কৰি ভূ-তাত্ত্বিকসকলে ভূ-পৃষ্ঠৰ স্তৰবোৰৰ কাল নিৰ্ণয় কৰি এইবোৰক একাদিক্ৰমে পাঁচটা মহাযুগত বিভক্ত কৰিছে। যেনে―(১) আৰ্কিয়’জইক, (২) প্ৰটেৰ’জইক, (৩) পেলিয়’জইক , (৪) মেছ’জইক, (৫) ছেন’জইক উক্ত পাঁচটা মহাযুগৰ পঞ্চমটো মহাযুগত অৰ্থাৎ ছেন’জইক ৭৫ নিযুত বছৰ পুৰণি বুলি নিৰ্ধাৰণ কৰা হৈছে।

১৯৯২ চনত হগ (Haug) নামৰ এজন ভোতাত্ত্বিকে আগবঢ়োৱা সূত্ৰ অনুসৰি এটা বা ততোধিক হাতী, ঘোঁৰা আৰু গৰুৰ বংশগোষ্টীৰ জীৱাশ্ম সন্নিৱিষ্ট থকা স্তৰটোক প্লিষ্ট’ছিন বুলি চিনাক্ত কৰিব পৰা যায়। প্লিষ্ট’ছিন ভূ-স্তৰত বৰ্তমান সময়লৈকে আৱিষ্কৃত হোৱা বিভিন্ন জীৱাশ্ম মানৱৰ আৱশেষ সমূহ অধ্যয়ন কৰি বিভিন্ন নৃতাত্ত্বিকে ক্ৰমবিকাশৰ স্তৰ অনুযায়ী মানৱ বিৱৰ্তনক কিছুমান পৰ্যায়ত বিভক্ত কৰিছে। ক্ৰমবিকাশৰ এই বিভিন্ন স্তৰ পাৰ হৈ আহি মানুহে বৰ্তমান অৱস্থাত উপনীত হৈছে।

৪। নিয়েন্’ডাৰথেল মানৱৰ বিষয়ে লিখা।

উত্তৰঃ ১৮৫৬ চনত জাৰ্মানীৰ ডাছেলডৰ্ফৰ ওচৰৰ নিয়ানডাৰ্থেল  উপত্যকাৰ গুহা এটাত, লাওখোলা এটাৰ ওপৰৰ অংশ আৰু কংকালৰ হাড় কিছুমানৰ অৱশেষ আৱিষ্কাৰ হয়। সেই সময়ত জোহান কাৰ্ল ফুলৰট নামৰ এজন শিক্ষকে নিয়ানডাৰ্থেল উপত্যকাত ভূ-তাত্বিক সমল আৰু জীৱাশ্মৰ অৱশেষ কিছুমান সংগ্ৰহ কৰিছিল। তেখেতে সংগ্ৰহ কৰা উক্ত সমলসমূহ, বন বিশ্ববিদ্যালয়ৰ শৰীৰতন্ত্ৰৰ অধ্যাপক হেৰমান স্কাফ হাউছেচক  প্ৰদান কৰে। স্কাফ হাউছেনে নিয়ানডাৰ্থেল গুহাত আৱিষ্কাত হোৱা এই অৱশেষবোৰ এক প্ৰাচীন মানৱৰ বুলি মত প্ৰদান কৰে আৰু কেইবাখনো বৈজ্ঞানিক চ’ৰাত এইবোৰৰ প্ৰদৰ্শন কৰে। হাস্কেলিয়ে এই জীৱাশ্মৰ অৱশেষ আধুনিক মানৱ বুলি মত প্ৰকাশ কৰে । বিভিন্ন শৰীৰতত্ত্ববিদে হাস্কেলিক সমৰ্থন কৰিছিল যদিও আয়াৰলেণ্ডৰ কুইনছ কলেজৰ শৰীৰতত্ত্বৰ অধ্যাপক উইলিয়াম কিঙে(William King) ১৮৬৪ চনত আৱিষ্কৃত হোৱা লাওখোলা এটা অধ্যয়ন কৰি ইয়াক এবিধ প্ৰাচীন মানৱ বুলি মত প্ৰকাশ কৰি জিনাছ হ’মৰ এবিধ স্বতন্ত্ৰ প্ৰজাতি নিয়ানডাৰ্থেলেন্ছিছৰ অন্তৰ্ভুক্ত কৰে আৰু শাৰীৰিতত্ত্ববিদসকলে এই নামকৰণ সমৰ্থন কৰে।

পৃথিৱীৰ বিভিন্ন ঠাইত আৱিষ্কৃত হোৱা নিয়ানডাৰ্থেল মানৱৰ জীৱাশ্মসমূহ তালিকাভুক্ত কৰি তলত দিয়া হ’ল।

 বিভিন্ন দেশত পোৱা নিয়ানডাৰ্থেল মানৱৰ অৱশেষ

ক্ৰ.নংস্থান আৰু জীৱাশ্মআৱিষ্কৃত অৱশেষআৱিষ্কাৰৰ চন
জাৰ্মানীঃ নিয়ানডাৰ্থেলএটা লাওখোলোৱাৰ ওপৰৰ অংশ আৰু জঁকাৰ হাড়১৮৫৫


এহৰিংফৰ্ডএটা লাওখোলাৰ অংশ, দুটা অধঃহনু 
 কম বয়সীয়া এজনৰ জঁকা এটা
১৯১৪-১৬
১৯২৫
ষ্টেইন্’হেইম্লাওখোলা এটা১৯৩৩
ফ্ৰান্সঃ লা-ছেপেল অক্স-ছেইন্ট

লাওখোলাৰ সৈতে প্ৰায় সম্পূৰ্ণ
কংকাল


১৯০৮
লা-ফৰাছিছয়জনৰ  জঁকাৰ হাড়১৯০৯-২১
লা-মুছটিয়াৰজঁকাৰ অৱশেষ১৯০৮
লা-কুইনালাওখোলা, জঁকা আৰু আন হাড়ৰ 
অংশ
১৯০৮-২১


       ৮
বেলজিয়ামঃ এঙ্’গিছ

জঁকাৰ হাড়


১৮২৯
লা-লুনেটঅধঃহনু, কুকুৰ দাঁত, গুলফাস্থি১৮৬৫
১০স্পাইদুটা লাওখোলা আৰু জঁকাৰ অংশ১৮৮৬
১১ইটালিঃ ছেৰ্কপেছ্টৰ

লাওখোলাৰ অৱশেষ


১৯২৯-৩৫
১২মন্ট্’ছৰছিঅ’অধঃহনুৰ বাহিৰে সম্পূৰ্ণ লাওখোলা১৯২৯-৩৫


১৩
যুগ’শ্লাভিয়াঃ ক্রেপিনা

প্ৰায় ২০ জনৰ কংকালৰ অৱশেষ


১৮৯৯-১৯০৫



      ১৪
ছেক’শ্লাভিয়ামোৰভিয়ঃ ছিপকা


অধঃহনুৰ অংশ



১৮৮০


১৫
জিৱাল্টৰঃ জিৱাল্টৰ-১

অধঃহনুৰ বাহিৰে লাওখোলাৰ অৱশেষ


১৮৪৮
১৬জিৱাল্টৰ-২লাওখোলাৰ অৱশেষ১৮২৬



১৭
এছিয়া,পেলেষ্টাইনঃ গেলিল


লাওখোলাৰ অৱশেষ



১৯২৫
১৮মাউন্ট কাৰমেলপ্ৰায় ২০ জনৰ জঁকাৰ অৱশেষ১৯৩১-৩২


১৯
ইৰাকঃ ছানিদাৰ

সাত আঠজনৰ কংকালৰ অৱশেষ


১৯৫৩-৬৫
  
২০
চীনঃ মা-পা

লাওখোলাৰ ওপৰৰ অংশ


১৯৫৮


২১
আফ্ৰিকা, মৰক্কোঃ টাইজিয়াৰছ

ঊৰ্ধ্বহনু


১৯৩৯



২২
ৰাছিয়া,উজবেকিস্তানঃ টেছিক্’টাছ


লাওখোলা



১৯৩৯

শেষ প্লিষ্ট’ছিন উপযুক্তৰ চতুৰ্থ তুষাৰ কাল অৰ্থাৎ উৰম্ তুষাৰ কালত নিয়ানডাৰ্থেল মানৱে পৃথিৱীত বসবাস কৰিছিল। প্রচণ্ড শীতৰপৰা ৰক্ষা পাবলৈ ইহঁতে গুহা বা শৈল আৱাসত আশ্ৰয় লৈছিল।

এই জীৱাশ্ম মানৱৰ লগত কিছুমান সংস্কৃতিক সমল আৱিষ্কৃৰ হৈছিল। প্ৰথমতে এই সমল দক্ষিণ-পশ্চিম ফ্ৰান্সৰ ডৰড’গনে (Dordogne) অঞ্চলৰ লা-মুছটেৰ নামৰ গুহা এটাত পোৱা গৈছিল। সেয়েহে এই সংস্কৃতিক মুছটেৰিয়ান সংস্কৃতি বোলা হয়। এই সাংস্কৃতিক সমলসমূহ মধ্য প্ৰত্নপ্ৰস্তুৰ যুগৰ সংস্কৃতি। নিয়ানডাৰ্থেল মানৱে বাস কৰা গুহাত জুইহাল থকাৰ প্ৰমাণ পোৱা গৈছে। ইয়াৰপৰা অনুমান কৰিব পাৰি যে, সিহঁতে আহাৰ পুৰি বা সিজাই খাইছিল আৰু ঠাণ্ডাৰ পৰা ৰক্ষা পাবলৈ জুইৰ ব্যৱহাৰ কৰিছিল।

পৃথিৱীৰ বিভিন্ন ঠাইত আৱিষ্কৃত নিয়ানডাৰ্থেলৰ শৰীৰিক লক্ষণসমূহ একে নহয় যদিও কিন্তু হুটনে উল্লেখ কৰা প্ৰগতিশীল নিয়ানডাৰ্থেল তথা ৰক্ষণশীল নিয়ানডাৰ্থেল এই আটাইবোৰৰে কিছুমান উমৈহতীয়া লক্ষণ থকাৰ কাৰণে ইহঁতক একে নামকৰণ কৰা হৈছে। যেনে― জেনাছ হ’ম’ আৰু স্পেছিছ নিয়ানডাৰ্থেলেনছিছ। এইখিনিতে দুয়ো প্ৰকাৰ নিয়ানডাৰ্থেল মানৱৰ বিষয়ে তলত শ্ৰেণীকৰণ কৰি তালিকা প্ৰস্তুত কৰি দেখুওৱা হ’ল―

ক্ৰমিক  নংপ্ৰগতিশীল নিয়ানডাৰ্থেলৰক্ষণশীল নিয়ানডাৰ্থেল
এহৰিংফৰ্ডলা-চেপেল এক্সছেণ্ট
ছেকপেষ্টৰলা- ফৰাছি
মাউন্ট কাৰমেললা- মুছটেৰ
গেলিললা- কুইনা
ক্ৰেপিনাস্পি মন্ট চাৰছিঅ’

৫। লেমাৰ্ক কোন? লেমাৰ্কৰ মতবাদটো বৰ্ণনা কৰা।

উত্তৰঃ  জৈৱ বিৱৰ্তনৰ মতবাদ আগবঢ়োৱা প্ৰথমজন ফৰাচী বিজ্ঞানী লেমাৰ্ক। লেমাৰ্কে আগবঢ়োৱা মতবাদটো তলত বৰ্ণনা কৰা হৈছে―

১। জীৱৰ অন্তৰ্নিহিত আভ্যন্তৰীণ শক্তিৰ বলত সিহঁতৰ আকাৰ বৃদ্ধি হোৱাৰ প্ৰৱণতা থাকে। (ক্ৰমান্বয়ে জীৱৰ আকাৰৰ বৃদ্ধি হয়) অৰ্থাৎ জীৱৰ অন্তৰ্নিহিত শক্তিয়ে সিহঁতৰ শৰীৰৰ অংগ-প্ৰত্যংগ বৃদ্ধি তথা পৰিচালনা কৰে।

২। নতুন প্ৰয়োজনত জীৱদেহত নতুন আৱশ্যকীয় অংগৰ সৃষ্টি হয়।(নতুন প্ৰয়োজনত নতুন অংগৰ সৃষ্টি হয়)।

৩। যদি শৰীৰৰ কোনো অংগ অবিৰতভাৱে বা সঘনাই ব্যৱহাৰ হয়, তেতিয়া সেই অংগৰ অধিক বৃদ্ধি তথা বিকাশ হয়। আনহাতে অব্যৱহৃত হোৱা অংগ ক্ৰমশঃ নিশকতীয়া হৈ আকাৰত হ্রাস হয় আৰু কেতিয়াবা অকামিলা বা অপ্ৰয়োজনীয় অংগ লুপ্ত হৈ যাব পাৰে। এনেদৰে নতুন নতুন জীৱৰ উদ্ভৱ হয়।

৪। জীৱদেহত যি নতুন আৱশ্যকীয় অংগৰ সৃষ্টি, বৃদ্ধি বা বিকাশ হয়; তাকেই আৰ্জিত লক্ষণ বোলা হয়। এই আৰ্জিত লক্ষণ পিতৃ-মাতৃৰ পৰা সন্তানলৈ বংশানুক্ৰমে গতি কৰে। এনেদৰে নতুনকৈ সৃষ্টি হোৱা একোটা লক্ষণ স্থায়ী হৈ পৰে আৰু পুৰুষাণুক্ৰমে চলি থাকে।

৬। ডাৰউইনৰ প্ৰাক্’তিক নিৰ্বাচনৰ সূত্ৰটো আলোচনা কৰা।

উত্তৰঃ ডাৰউইনৰ প্ৰাক্’তিক নিৰ্বাচনৰ সূত্ৰটো আলোচনা কৰা হ’ল―

(১) অত্যাধিক জন্মহাৰ (Overproduction): সকলো জীৱৰ বংশবৃদ্ধিৰ হাৰ বেছি। প্ৰজননক্ষম অৱস্থালৈকে যিমানবোৰ পোৱালি বাছি থাকে তাতকৈ বহু বেছি সংখ্যক পোৱালি জন্ম হয়। ডাৰউইনে নিজে এই বিষয়ে পৰীক্ষা চলাইছিল। 

আনহাতে, জীৱবিলাকৰ বংশবৃদ্ধিৰ হাৰ বেছি হ’লে সেই অনুপাতে খাদ্য বা বাসস্থান উপলব্ধ নহয়। কিন্তু জীৱবিলাকৰ জন্মৰ হাৰ বেছি হ’লেও পৃথিৱীত প্ৰাণীৰ সংখ্যা প্ৰায় একে থাকে কিন্তু মৃত্যুৰ হাৰ বেছি হোৱা বাবেই নিশ্চয় এটা গোষ্ঠীৰ জীৱৰ সংখ্যা কম – বেছি পৰিমাণে প্ৰায় একে থাকে।

(২) জীৱন সংগ্ৰাম (Struggle for existence): জীয়াই থাকিবলৈ সকলো জীৱই জীৱন সংগ্ৰামত অৱতীৰ্ণ হ’বলগা হয়। প্ৰাকৃতিক পৰিবেশত বৰ্তি থাকিবলৈ জীৱসমূহৰ মাজত প্ৰতিযোগিতা অব্যাহত থাকে। এই প্ৰতিযোগিতাকে ডাৰউইনে সংগ্ৰাম বুলি উল্লেখ কৰিছে। জীৱন সংগ্ৰাম তিনি প্ৰকাৰৰ হ’ব পাৰে। যেনে―

(ক) অন্তঃ প্ৰজাতি সংগ্ৰাম (Intraspecific Struggle): একে প্ৰজাতিৰ অন্তৰ্ভুক্ত ভিন্ ভিন্ প্ৰাণীসমূহৰ মাজত জীয়াই থকাৰ বাবে যি সংগ্ৰাম চলে, তাকে অন্তঃ প্ৰজাতি সংগ্ৰাম বোলা হয়।

(খ) আন্তঃ প্ৰজাতি সংগ্ৰাম (Interspecific Struggle): প্ৰকৃতিত খাদ্য, বাসস্থান আদিৰ বাবে বেলেগ বেলেগ বিভিন্ন প্ৰাণীৰ মাজতে অবিৰতভাৱে  যি সংগ্ৰাম অব্যাহত থাকে, তাকে আন্তঃ প্ৰজাতি সংগ্ৰাম বোলে।

(গ) পৰিবেশৰ সৈতে সংগ্ৰাম (Environmental Struggle): বিভিন্ন পাৰিপাৰ্শ্বিক অৱস্থাৰ লগত খাপ খাবলৈ উদ্ভিদ বা প্ৰাণীয়ে বিভিন্ন পাৰিপাৰ্শ্বিক পৰিস্থিতিত যেনে― শীত, তাপ, জলবায়ু, খাদ্য, জল, বানপানী, দূৰ্ভিক্ষ, মহামাৰী ব্ৰজপাত, ভূমিকম্প, আগ্নেয়গিৰি উদগিৰণ ইত্যাদি বিভিন্ন প্ৰতিকূল পৰিৱেশত জীয়াই থাকিব লগা হয়।

(৩) বিভিন্নতা তথা বংশগতি (Variation and heredity):  একে জৈৱ গোষ্ঠীৰ অন্তৰ্ভুক্ত প্ৰাণীবোৰৰ লক্ষণসমূহ সম্পূৰ্ণৰূপে একে নহয়। ডাৰউইনে লক্ষ্য কৰিছিল একেগোষ্ঠীৰ প্ৰাণীৰ মাজত বিভিন্নতা দেখা যায়। উদ্ভিদ তথা জীৱজগত বৈচিত্ৰ্যময়। ডাৰউইনৰ মতে বিচিত্ৰতা দুই ধৰণৰ হব পাৰে। যেনে―

(ক) অবিৰত বিভিন্নতা। আৰু

(খ) বিচ্ছিন্ন বিভিন্নতা।

ডাৰউইনৰ মতামত অনুসৰি অবিৰত বিভিন্নতাই ক্ৰমবিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু সকলো প্ৰকাৰৰ বিভিন্নতাই ক্ৰমবিৱৰ্তন প্ৰক্ৰিয়াৰ বাবে উপযোগী নহবও পাৰে। গতিকে ডাৰউইনে বিভিন্নতাক দুটা ভাগত বিভক্ত কৰিছে। যেনে

(ক) উপযোগী বিভিন্নতা (Useful Variation)। আৰু

(খ) অপ্ৰয়োজনীয় (অসাৰ) বিভিন্নতা (Useless Variation)

(ক) উপযোগী বিভিন্নতাঃ যিবোৰ বিভিন্নতাই জীৱন সংগ্ৰামত জীৱবোৰে জীয়াই থাকি প্ৰকৃতিত তিষ্ঠি থাকিবলৈ অৰিহণা যোগায়, তেনেধৰণৰ বিভিন্নতাক উপযোগী বিভিন্নতা বোলা।

(খ) অপ্ৰয়োজনীয় বিভিন্নতাঃ যিবোৰ বিভিন্নতাই জীৱক  জীৱন সংগ্ৰামত জীয়াই থাকিবলৈ বা প্ৰকৃতিত বৰ্তি থাকিবলৈ কোনো ধৰণৰ সহায় নকৰে, তেনে বিভিন্নতাক  অপ্ৰয়োজনীয় (অসাৰ) বিভিন্নতা বোলা।

৭। সংশ্লেষিক সূত্ৰটো ব্যাখ্যা কৰা।

উত্তৰঃ বিভিন্ন পণ্ডিতে আগবঢ়োৱা জীৱবিজ্ঞানৰ ধৰণা, চিন্তা-চৰ্চা তথা অন্যান্য সূত্ৰসমূহ একত্ৰিত কৰি প্ৰাণীৰ ক্ৰমবিকাশ বা বিৱৰ্তন সম্পৰ্কে থকা তথ্যসমূহৰ সংমিশ্ৰণত জৈৱ বিৱৰ্তনৰ যি বিস্তৃত মতবাদ উপস্থাপন কৰা হৈছে, তাকে আধুনিক সংশ্লেষিক সূত্ৰ বোলা হয়।

৮। বিৱৰ্তনৰ প্ৰক্ৰিয়াসমূহ বৰ্ণনা কৰা।

উত্তৰঃ বিৱৰ্তনৰ প্ৰক্ৰিয়াসমূহ তলত বৰ্ণনা কৰা হৈছে―

(১) প্ৰাক্’তিক নিৰ্বাচন (Natural selection)

(২) উৎপৰিৱৰ্তন (Mutation)

(৩) অনুবংশিক সম্প্ৰবাহ (Genetic driff)

(৪) জিন প্ৰৱাহ (Gene flow)

(৫) প্ৰজনন প্ৰক্ৰিয়া (Inbreeding)

(১) প্ৰাক্’তিক নিৰ্বাচন (Natural 

selection):― প্ৰাকৃতিক  নিৰ্বাচন প্ৰক্ৰিয়াই আনুবংশিক বিচিত্ৰতাৰ সৃষ্টি কৰে। ফলস্বৰূপে অনুপযোগী জিন’টাইপৰ ঠাইত উপযোগী জিনৰ আগমন হয়। কাৰণ প্ৰাকৃতিক নিৰ্বাচন প্ৰক্ৰিয়াত 

অনুপযোগী লক্ষণবোৰ নিৰ্বাচনত নহয় আৰু বিলুপ্ত হৈ যায়। কিন্তু প্ৰাকৃতিক নিৰ্বাচনে জিন’টাইপৰ ওপৰত পোনপটীয়া প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম নহয়। কাৰণ জীৱৰ পাৰিপাৰ্শ্বিক অৱস্থাৰ লগত খাপ খাব পৰা অনুকূলনশিলতাৰ ওপৰত নিৰ্বাচন প্ৰক্ৰিয়াই ক্ৰিয়া কৰে।

(২) উৎপৰিৱৰ্তন (Mutation):― প্ৰজাতিৰ উৎপত্তিৰ আন এটা জীৱতাত্বিক প্ৰক্ৰিয়া হ’ল উৎপৰিৱৰ্তন। ১৯০১ চনত হলেণ্ডৰ উদ্ভিদবিদ হুগ’ ডি ভ্ৰাইচে (Hugo de Vries) উল্লেখ কৰিছিল যে হঠাৎ কোনো কাৰণবশত: কেতিয়াবা স্বত:স্ফূৰ্তভাৱে পুৰণি লক্ষণ এটাৰ ঠাইত নতুন লক্ষণৰ সৃষ্টি হ’ব পাৰে। নতুনকৈ আৱি আৰ্ৱিভাৱ হোৱা লক্ষণটোৰ ফলত জীৱদেহত যি বাহ্যিক লক্ষণ বা চৰিত্ৰৰ বহি:প্ৰকাশ হয় তাকে উৎপৰিৱৰ্তন বোলে।

(৩) অনুবংশিক সম্প্ৰবাহ (Genetic drift):― 

উৎপৰিৱৰ্তনৰ ফলত নতুন প্ৰকাৰৰ সৃষ্টি হয়। প্ৰাকৃতিক নিৰ্বাচনৰ ফলত তাৰে কোনোবা এটা প্ৰকাৰ, সেই গোষ্ঠীৰ বৈশিষ্ট্য হৈ পৰে। কিন্তু কোনো অনুকূলন ক্ষমতা নাথাকিলেও কেতিয়াবা কোনো এটা লক্ষণ ঘটনাক্ৰমে এটা গোষ্ঠীৰ বৈশিষ্ট্য হৈ পৰিব পাৰে।এনে পৰিঘটনাকে অনুবংশিক সম্প্ৰবাহ বোলে।। অনুবংশিক সম্প্ৰবাহৰ ফলত জিনৰ বাৰংবাৰতাৰ পৰিৱৰ্তন ঘটি বিৱৰ্তন হ’ব পাৰে। এই প্ৰক্ৰিয়াৰ ফলত কোনো এটা দল বা সমষ্টিত কোনো নিজৰ লক্ষণে ঘটনাক্ৰমে স্থিতি লাভ কৰিব পাৰে, অথবা লুপ্ত হৈ যাব পাৰে।

(৪) জিন প্ৰৱাহ (Gene flow):―  কোনো কাৰণবংশত: বেলেগ বেলেগ প্ৰজাতিৰ মাজত আন্তঃপ্ৰজনন হ’ব পাৰে। এনেকৈ যেতিয়া দুটা বা ততোধিক প্ৰজাতিৰ মাজত আন্তঃপ্ৰজনন সংঘটিত হয়, তেতিয়া আন্তঃপ্ৰজনন সংঘটিত হোৱা সেই প্ৰজাতিসমূহৰ মাজত জিনৰ আদান-প্ৰদান হয়। জিনৰ এই পাৰস্পৰিক আদান-প্ৰদান প্ৰক্ৰিয়াৰ ফলত জৈৱ বিভিন্নতাৰ সৃষ্টি হয়। প্ৰব্ৰজনৰ ফলত জিন প্ৰৱাহ সংঘটিত হব পাৰে।

বিৱৰ্তন প্ৰক্ৰিয়াত জিন প্ৰৱাহৰ ভূমিকা বৈশিষ্ট্যপূৰ্ণ। উদাহৰণস্বৰূপে দুটা ভিন্ন প্ৰজাতি যেনে- ক’কেছীয় আৰু নিগ্ৰ’সকলৰ বিষয়ে উল্লেখ কৰিব পাৰি। সাধাৰণতে শ্বেতাংগসকলৰ মাজত বৈবাহিক সম্বন্ধ সীমাবদ্ধ থাকিলে তেওঁৰলোকৰ বৈশিষ্ট্যসমূহ মেণ্ডেলৰ বংশগতি সূত্ৰ অনুসৰি তেওঁৰলোকৰ মাজতেই বৰ্তি থাকিব। জিন প্ৰৱাহৰ ফলত সৃষ্টি হোৱা লক্ষণবোৰ বংশনুক্ৰমে প্ৰবাহিত হৈ জীৱবোৰৰ মাজত বিবিধতাৰ সৃষ্টি কৰে।

(৫) প্ৰজনন প্ৰক্ৰিয়া (Inbreeding):― প্ৰত্যেক জীৱৰে এটা নিৰ্দিষ্ট জীৱনকাল থাকে। জীৱন ধাৰণ কালৰ পৰা আৰম্ভ কৰি মৃত্যু পৰ্যন্ত মাজৰ এই  সময়ছোৱাক জীৱন বোলে। বিভিন্ন প্ৰজাতিৰ আয়ুস কাল ভিন ভিন হয়। এই বৈচিত্ৰ্যময় জগতখন যি প্ৰক্ৰিয়াৰ দ্বাৰা নিৰৱচ্ছিন্নভাৱে জীৱৰ দ্বাৰা পৰিবেষ্টিত হৈ থাকে, সেই প্ৰক্ৰিয়াকে প্ৰজনন বোলে হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top