Class 12 Anthropology Chapter 3 মানৱৰ জৈৱিক বিভিন্নতা আৰু প্ৰজাতিৰ ধাৰণা

Class 12 Anthropology Chapter 3 মানৱৰ জৈৱিক বিভিন্নতা আৰু প্ৰজাতিৰ ধাৰণা Solutions, HS 2nd year Anthropology Notes, Class 12 Anthropology Chapter 3 মানৱৰ জৈৱিক বিভিন্নতা আৰু প্ৰজাতিৰ ধাৰণা Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 12 Anthropology Chapter 3 মানৱৰ জৈৱিক বিভিন্নতা আৰু প্ৰজাতিৰ ধাৰণা and select needs one.

Class 12 Anthropology Chapter 3 মানৱৰ জৈৱিক বিভিন্নতা আৰু প্ৰজাতিৰ ধাৰণা

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 12 Anthropology Question Answer These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC Class 12 Anthropology Chapter 3 মানৱৰ জৈৱিক বিভিন্নতা আৰু প্ৰজাতিৰ ধাৰণা Notes for All Subject, You can practice these here.

মানৱৰ জৈৱিক বিভিন্নতা আৰু প্ৰজাতিৰ ধাৰণা

Chapter – 3

অনুশীলনী

১। প্ৰজাতিৰ সংজ্ঞা দিয়া।

উত্তৰঃ প্ৰজাতি মানে এটা মানৱ গোট, গোটটোৰ মানুহৰ মাজত কিছুমান ঊমৈহতীয়া শাৰীৰিক বৈশিষ্ট্য আছে যিবোৰ বংশগতিৰ দ্বাৰা নিয়ন্ত্ৰিত হয়।

২। প্ৰজাতীয় নিকষ বুলিলে কি বুজা?

উত্তৰঃ প্ৰজাতীয় নিকষ বুলিলে  প্ৰজাতি শ্ৰেণীকৰণত বা বংশগতিৰ দ্বাৰা নিয়ন্ত্ৰিত যিবোৰ আৱয়বিক চৰিত্ৰ বা লক্ষণৰ ব্যৱহাৰ কৰা হয়। 

৩। ঋজুকেশী কোন প্ৰজাতিৰ মাজত দেখা যায়?

উত্তৰঃ ঋজুকেশী মংগোলীয় প্ৰজাতিৰ মাজত দেখা যায়।

৪। উলকেশী কোন প্ৰজাতিৰ লক্ষণ?

উত্তৰঃ উলকেশী নিগ্ৰ প্ৰজাতিৰ লক্ষণ।

৫। মুখমণ্ডল আনুপাতিক সূচনা কেনেকৈ নিৰ্ধাৰণ কৰা হয়?

উত্তৰঃ মানুহৰ মুখমণ্ডলৰ আকৃতি বিভিন্ন ধৰণৰ হোৱা দেখা যায়। কিছুমানৰ মুখমণ্ডল ঘূৰণীয়া, কিছুমানৰ চাৰিকোণীয়া,  কিছুমান দীঘলীয়া। মূৰৰ দৰে মুখমণ্ডলৰো আনুপাতিক সূচনা উলিয়াই মানুহৰ মুখমণ্ডলক বিভিন্ন ভাগত ভাগ কৰা হৈছে।

মুখমণ্ডলৰ আনুপাতিক সূচনা = মুখমণ্ডলৰ দৈর্ঘ‍্য× ১০০/ মুখমণ্ডলৰ প্ৰস্থ

মুখমণ্ডলৰ দৈর্ঘ‍্য নেছিয়নৰ পৰা নেথিয়নলৈ আৰু প্ৰস্থ কপোলাস্থিৰ ভাঁজৰ দুয়োফালে জুখি লোৱা হয়।

৬। মুখমণ্ডলীয় প্ৰক্ষিপ্ততা কি?

উত্তৰঃ মুখমণ্ডলীয় প্ৰক্ষিপ্ততা হ’ল মানুহৰ মুখমণ্ডলত অংশবোৰ সন্মুখৰ পিনে ওলোৱা।

৭। হস্তাংগুলি অনুৰেখাকৃতিবোৰ প্ৰথমে কোনে শ্ৰেণীকৰণ কৰিছিল?

উত্তৰঃ হস্তাংগুলি অনুৰেখাকৃতিবোৰ প্ৰথমে গেল্টনে  শ্ৰেণীকৰণ কৰিছিল।

৮। ত্ৰিত্ৰিজ্যা কি?

উত্তৰঃ ত্ৰিত্ৰিজ্যা মানে তিনিফালৰ অনুৰেখা আহি লগ লগা অংশ।

৯। চক্ৰত কেইটা ত্ৰিত্ৰিজ্যা থাকে?

উত্তৰঃ চক্ৰত দুটা ত্ৰিত্ৰিজ্যা থাকে।

১০। শংখৰ দুটা ভাগ কি কি?

উত্তৰঃ শংখৰ দুটা ভাগ হ’ল—

(ক) অন্তঃশংখ।

(খ) বহিঃশংখ।

১১। হস্তাংগুলি অনুৰেখাকৃতিৰ প্ৰধান ভাগ কেইটা আৰু কি কি?

উত্তৰঃ হস্তাংগুলি অনুৰেখাকৃতিৰ প্ৰধান ভাগ তিনিটা। 

(ক) চক্ৰ।

(খ) শংখ।

(গ) বৃত্তাখণ্ডাকাৰ।

১২। অনুৰেখাকৃতি আনুপাতিক সূচনা কেইটা আৰু কি কি?

উত্তৰঃ অনুৰেখাকৃতি আনুপাতিক সূচনা তিনিটা। এই সূচনা কেইটা হ’ল—

(ক) ফুৰুহাটাই আনুপাতিক সূচনা।

(খ) ডাংকমেইজাৰ আনুপাতিক সূচনা।

(গ) অনুৰেখাকৃতি প্ৰবলতা আনুপাতিক সূচনা।

১৩। কৰতলৰ প্ৰধান লাইন কেনেকৈ নিৰ্ধাৰণ কৰা হয়?

উত্তৰঃ আঙুলিৰ গুৰিৰ ত্ৰিত্ৰিজ্যাসমূহ কৰতলৰ অনুৰেখাসমূহ মধ্যভাগলৈ মুকলি হৈ পৰে। সেই লাইনসমূহ সম্পূৰ্ণৰূপে ত্ৰিত্ৰিজ্যাৰ পৰা আৰম্ভ কৰি ক’ত শেষ হয় তাক চিহ্নৰে উলিওৱা যায় আৰু সেই অনুৰেখাসমূহ শেষ হোৱা নম্বৰটো নিৰ্ধাৰণ কৰা হয়। এই ৰেখাজালক কৰতলৰ প্ৰধান ৰেখা বোলে। এইদৰে চাৰিডাল প্ৰধান ৰেখা পোৱা যায় আৰু এই ৰেখাসমূহক A, B, C, আৰু D বোলা হয়। এই চাৰিটা ৰেখা শেষ হোৱা অংশৰ পৰা ওলোৱা প্ৰধান ৰেখাই প্ৰধান ৰেখা সূত্ৰ উলিয়াই দিয়ে। এই সূত্ৰটো D.C.B আৰু A অনুক্ৰমে উলিওৱা হয়। 

১৪। চমুটোকা লিখা

(ক) ফুৰুহাটাই আনুপাতিক সূচনা

উত্তৰঃ ১৯২৭ চনত ফুৰুহাটাই জাপানীসকলৰ মাজত হস্তাংগুলি ছাপৰ তথ্য সংগ্ৰহ কৰি এই সূচনা আগবঢ়ায়। কোনো এক আনুবংশিক জনসমষ্টিৰ সংগ্ৰহ কৰা তথ্যৰ মুঠ চক্ৰৰ সংখ্যাক মুঠ শংখৰ সংখ্যাৰে হৰণ কৰি ১০০ ৰে পূৰণ কৰিলে যি সূচনা পোৱা যায়, সেয়েই ফুৰুহাটাই চক্ৰ শংখ আনুপাতিক সূচনা।

অৰ্থাৎ, চক্ৰ/শংখ × ১০০

(খ) ডাংকমেইজাৰ আনুপাতিক সূচনা

উত্তৰঃ ১৯৩৮ আৰু ১৯৪৭ চনত ডাংকমেইজাৰে ডাচদেশীয় নিগ্ৰ’, জাপানী আৰু পিগমিসকলৰ মাজত হস্তাংগুলি ছাপৰ তথ্য সংগ্ৰহ কৰি তেওঁৰ এই সূচনা দাঙি ধৰে। ডাংকমেইজাৰৰ সূচনাই বৃত্তাখণ্ডাকাৰ আৰু চক্ৰৰ সম্বন্ধ দেখুৱায়। তেওঁৰ সূচনাটো হ’ল আনুবংশিক জনসমষ্টি এটাৰ পৰা সংগ্ৰহ কৰা তথ্যৰ মুঠ বৃত্তাখণ্ডাকাৰৰ সংখ্যাক মুঠ চক্ৰৰ সংখ্যাৰে হৰণ কৰি ১০০ ৰে পূৰণ কৰিব লাগে।

অৰ্থাৎ, বৃত্তাখণ্ডাকাৰ/চক্ৰ × ১০০

(গ) অনুৰেখাকৃতি প্ৰবলতা আনুপাতিক সূচনা

উত্তৰঃ ১৯৪৩ চনত কামিনছ আৰু মিডলোই প্ৰকাশ কৰা আনুপাতিক সূচনা হ’ল—

অৰ্থাৎ, (চক্ৰ x ২) + শংখ/n × ১০০

ইয়াত, n = মানুহৰ মুঠ সংখ্যা।

যিহেতু চক্ৰত দুটাকৈ আৰু শংখত এটাকৈ ত্ৰিত্ৰিজ্যা থাকে, এই আনুপাতিক সূচনাই আণুবিংশক জনসমষ্টি এটাৰ সংগ্ৰহ কৰা তথ্যখিনিয়ে ত্ৰিত্ৰিজ্যাৰ অনুপাত নিৰূপণ কৰে। 

(ঘ) চৰ্মবৰ্ণ

উত্তৰঃ গাৰ ছালৰ বৰণ অনুযায়ী মানুহৰ প্ৰধানকৈ তিনিভাগ কৰিব পাৰি।

(ক) শ্বেত বৰ্ণ।

(খ) পীত বৰ্ণ।

(গ) কৃষ্ণ বৰ্ণ।

(ক) শ্বেত বৰ্ণ : ইউৰোপীয়াসকল শ্বেতবৰ্ণৰ মানুহ। এওঁলোকৰ বাহিৰেও পশ্চিম এছিয়াৰ বেছিভাগ মানুহ, উত্তৰ আফ্ৰিকা আৰু পলিনেছিয়াৰ লোকসকলৰ গাৰ বৰণ শেঁতা ৰঙচুৱা শ্বেতৰ পৰা পাতল কপিল।

(খ) পীত বৰ্ণ : এছিয়াৰ মংগোলীয়সকল পীত বৰ্ণৰ, আমেৰিকাৰ আমেৰিণ্ড, দক্ষিণ আফ্ৰিকাৰ বুছমেন আৰু হটেণ্টৰ সকলৰ গাৰ ৰং পীত।

(গ) কৃষ্ণ বৰ্ণ : নিগ্ৰ’সকল কৃষ্ণ বৰ্ণৰ। মেলানেছিয়া, পাপুৱান, অষ্ট্ৰেলিয় আদিৰো চৰ্ম বৰ্ণ কৃষ্ণ বা ক’লা। 

১৫। কৃষ্ণবৰ্ণ কোন প্ৰজাতিৰ লক্ষণ?

উত্তৰঃ কৃষ্ণবৰ্ণ নিগ্ৰ প্ৰজাতিৰ লক্ষণ।

১৬। নেত্রচ্ছেদ ভাঁজ কি?

উত্তৰঃ চকুৰ ওপৰত পল্লবৰ পৰা এডোখৰ চৰ্ম ওপৰত ওলমি থাকি চকুটো ঢাকি ৰাখে। ফলত চকু বহলকৈ মেলিব নোৱাৰি। মংগোলীয়সকল প্ৰায় সকলো মানুহৰে চকুত এনেকুৱা ভাঁজ থকা কাৰণে ইয়াক মংগোলীয় ভাজ বোলে। এই ভাঁজক নেত্রচ্ছেদ ভাঁজ বুলিও কোৱা হয়।

১৭। কোন প্ৰজাতিৰ মাজত নেত্রচ্ছেদ ভাঁজ দেখিবলৈ পোৱা যায়?

উত্তৰঃ মংগোলীয় প্ৰজাতিৰ মাজত নেত্রচ্ছেদ ভাঁজ দেখিবলৈ পোৱা যায়।

১৮। বিভিন্ন প্ৰকাৰৰ নেত্রচ্ছেদ ভাঁজসমূহ বৰ্ণনা কৰা।

উত্তৰঃ বিভিন্ন প্ৰকাৰৰ নেত্রচ্ছেদ ভাঁজসমূহ হ’ল– মংগোলীয়সকলৰ চকুৰ ওপৰত ওলমি থাকি চকুটো ঢাকি ৰাখে। ফলত চকু বহলকৈ মেলিব নোৱাৰি। মংগোলীয়সকল প্ৰায় সকলো মানুহৰে চকুত এনেকুৱা ভাঁজ থকা কাৰণে ইয়াক মংগোলীয় ভাজ বোলে। এই ভাঁজক নেত্রচ্ছেদ ভাজো বোলা হয়। চকুৰ পল্লবৰ এই ভাজ কেইবাবিধৰো দেখা যায়। এই ভাজ যেতিয়া কেৱল মাত্ৰ নাকৰ পিনে থাকে ইয়াক অন্তঃনেত্রচ্ছেদ ভাঁজ চকুৰ পল্লবৰ বাহিৰৰ পিনে থাকিলে মধ্য নেত্রচ্ছেদ ভাঁজ আৰু মাজৰ থাকিলে মধ্য নেত্রচ্ছেদ ভাঁজ বোলে। অন্যান্য প্ৰজাতিৰ মানুহৰ মাজত সাধাৰণতে এই ভাঁজ দেখা নাযায়।

১৯। ৰক্ত সমষ্টিৰ আৱিস্কাৰক কোন?

উত্তৰঃ ৰক্ত সমষ্টিৰ আৱিস্কাৰক আছিল কাৰ্ল লেণ্ডষ্টেইনৰ।

২০। মানুহৰ প্ৰধান ৰক্ত সমষ্টি প্ৰকাৰ কি কি?

উত্তৰঃ মানুহৰ প্ৰধান ৰক্ত সমষ্টি প্ৰকাৰ হ’ল— এ, বি, এবি আৰু অ ।

২১। ৰক্ত সমষ্টিক প্ৰজাতীয় নিকষ হিচাপে গণ্য কৰাৰ যুক্তি আগবঢ়োৱা।

উত্তৰঃ আধুনিক বৈজ্ঞানিকসকলে যেনে কাৰ্ল লেণ্ডষ্টেইনৰ নামৰ এজন বিজ্ঞানীয়ে মানুহৰ প্ৰধান চাৰিটা তেজৰ প্ৰকাৰ আৱিষ্কাৰ কৰে ১৯০০-১৯০২ চনত। এই ৰক্ত সমষ্টিক এ. বি.অ ৰক্ত সমষ্টি বোলে। ইয়াত সাধাৰণতে এ, বি, এবি, আৰু অ চাৰিটা তেজৰ প্ৰকাৰ থাকে। এই এ, বি, অ’ৰ ৰক্ত সমষ্টি প্ৰজাতি শ্ৰেণীকৰণৰ এটা বিশ্বাসযোগ্য নিকষ।

২২। সার্বিকদাতা কাক কোৱা হয়?

উত্তৰঃ ৰক্ত সমষ্টিৰ মানুহৰ পৰস্পৰৰ মাজত ৰক্ত বিনিময় কৰাত কোনো বাধা নাই। তদুপৰি অ’ ৰক্ত সমষ্টিৰ মানুহৰ পৰা যিকোনো ৰক্ত সম্পন্ন মানুহে ৰক্ত গ্ৰহণ কৰিব পাৰি। সেই কাৰণে ইয়াক সার্বিকদাতা বুলি কোৱা হয়।

২৩। সার্বিক গ্ৰাহিতা কোন ৰক্ত সমষ্টিক কোৱা হয়?

উত্তৰঃ সার্বিক গ্ৰাহিতা এ বি ৰক্ত সমষ্টিক কোৱা হয়।

২৪। নেত্র বৰ্ণ কি?

উত্তৰঃ চক্ষুমনিৰ ৰঙকেই নেত্র বৰ্ণ বোলে।

২৫। চুলি বা কেশৰ প্ৰধান প্ৰকাৰ কেইটা আৰু কি কি?

উত্তৰঃ চুলি বা কেশৰ প্ৰধান প্ৰকাৰ পাঁচটা।

এই কেইটা হ’ল—

(ক) চুলি বা কেশৰ আকৃতি।

(খ) চুলি বা কেশৰ বৰণ।

(গ) চুলি বা কেশৰ বিন্যাস।

(ঘ) চুলি বা কেশৰ ঘনত্ব।

(ঙ) চুলিৰ চক্ৰ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top