Class 12 Anthropology Chapter 4 প্ৰাগৈতিহাসিক সংস্কৃতিৰ ভাগসমূহ

Class 12 Anthropology Chapter 4 প্ৰাগৈতিহাসিক সংস্কৃতিৰ ভাগসমূহ Solutions, HS 2nd year Anthropology Notes, Class 12 Anthropology Chapter 4 প্ৰাগৈতিহাসিক সংস্কৃতিৰ ভাগসমূহ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 12 Anthropology Chapter 4 প্ৰাগৈতিহাসিক সংস্কৃতিৰ ভাগসমূহ and select needs one.

Class 12 Anthropology Chapter 4 প্ৰাগৈতিহাসিক সংস্কৃতিৰ ভাগসমূহ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 12 Anthropology Question Answer These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC Class 12 Anthropology Chapter 4 প্ৰাগৈতিহাসিক সংস্কৃতিৰ ভাগসমূহ Notes for All Subject, You can practice these here.

প্ৰাগৈতিহাসিক সংস্কৃতিৰ ভাগসমূহ

Chapter – 4

অনুশীলনী

১। মানুহে ব্যৱহাৰ কৰা সৰ্বপ্ৰথম ধাতু কি?

উত্তৰঃ মানুহে ব্যৱহাৰ কৰা সৰ্বপ্ৰথম ধাতু তাম।

২। মূল শিলাখণ্ডৰ পৰা তৈয়াৰ কৰা সজুঁলিক কি বোলে?

উত্তৰঃ মূল শিলাখণ্ডৰ পৰা তৈয়াৰ কৰা সজুঁলিক আঘাত স্ফীতি শূণ্যাঞ্চল বোলে।

৩। মানুহে ব্যৱহাৰ কৰা প্ৰথম সজুঁলি কি?

উত্তৰঃ মানুহে ব্যৱহাৰ কৰা প্ৰথম সজুঁলি হ’ল শিল।

৪। হস্তকুঠাৰ কোন সংস্কৃতিৰ পৰা আৰম্ভ হয়?

উত্তৰঃ হস্তকুঠাৰ নিম্ন প্ৰত্নপ্ৰস্তৰ সংস্কৃতিৰ পৰা আৰম্ভ হয়।

৫। ঘঁহি-পিহি মিহি কৰা পদ্ধতি কোন সাংস্কৃতিক যুগত আৱিস্কাৰ হয়?

উত্তৰঃ ঘঁহি-পিহি মিহি কৰা পদ্ধতি নৱ প্ৰস্তৰ সাংস্কৃতিক যুগত আৱিস্কাৰ হয়।

৬। ক্ষুদ্ৰাকৃতিৰ সজুঁলিসমূহ কোন যুগৰ?

উত্তৰঃ ক্ষুদ্ৰাকৃতিৰ সজুঁলিসমূহ মধ্য প্ৰস্তৰ যুগৰ।

৭। প্ৰাকইতিহাসৰ ভাগসমূহ লিখা।

উত্তৰঃ প্ৰাকইতিহাসৰ ভাগসমূহ হ’ল— প্ৰস্তৰ যুগ আৰু ধাতুৰ যুগ।

৮। হাড়ৰ বেজি কোন সাংস্কৃতিক যুগত তৈয়াৰ কৰা হৈছিল?

উত্তৰঃ হাড়ৰ বেজি উচ্চ প্ৰত্নপ্ৰস্তৰ সাংস্কৃতিক যুগত তৈয়াৰ কৰা হৈছিল।

৯। মুছটেৰিয়ান সংস্কৃতিৰ সৃষ্টিকৰ্তা কোন?

উত্তৰঃ মুছটেৰিয়ান সংস্কৃতিৰ সৃষ্টিকৰ্তা হ’ল— লা মুছটেৰ।

১০। নৱ প্ৰস্তৰ যুগৰ বিপ্লৱ” আখ্যা দিয়া ব্যক্তিগৰাকী কোন?

উত্তৰঃ নৱ প্ৰস্তৰ যুগৰ বিপ্লৱ” আখ্যা দিয়া ব্যক্তিগৰাকী হ’ল ডি. গৰ্ডন ছাইল্ড।

১১। স্থূল সজুঁলি কাক বোলে?

উত্তৰঃ প্ৰত্ন প্ৰস্তৰ যুগৰ মানুহে শিলাখণ্ড, শিলগুটি, ফ্লিণ্ট জাতীয় শিলাখণ্ডৰ টেমুকা এটাক সঁজুলি তৈয়াৰী কৰা কাৰণে আৱশ্যকীয় গঢ় দিবলৈ চলিয়ান প্ৰক্ৰিয়াৰে চলি নিৰ্গত কৰি অনাৱশ্যকীয় অংশবোৰ এৰুৱাই পেলায় অৰ্থাৎ এনেদৰে চকলা একৱাৰ ফলত শিলাখণ্ডৰ মাজৰ বা মধ্য অংশৰ পৰা তৈয়াৰ কৰা সজুঁলিকে স্থূল সজুঁলি বোলে।

১২। মুছটেৰিয়ান সংস্কৃতিৰ দুবিধ আহিলাৰ নাম লিখা?

উত্তৰঃ মুছটেৰিয়ান সংস্কৃতিৰ দুবিধ আহিলাৰ নাম হ’ল—

(ক) এচুলিয় মুছটেৰিয়ান।

(খ) প্ৰকৃত মুছটেৰিয়ান।

১৩। ক্ষুদ্ৰাস্ত্ৰ কি? ক্ষুদ্ৰাস্ত্ৰবোৰ কিদৰে ব্যৱহাৰ কৰা হৈছিল?

উত্তৰঃ মধ্যপ্ৰস্তৰ যুগৰ এক বিশেষ বৈশিষ্ট্যপূৰ্ণ সঁজুলিৰ নাম হৈছে ক্ষুদ্ৰাস্ত্ৰ। 

ক্ষুদ্ৰাস্ত্ৰসমূহ ইমানেই সৰু যে অকল এটা সঁজুলি হাতেৰে ধৰি অথবা নাল লগাই ব্যৱহাৰ কৰিছিল নোৱাৰি। প্ৰত্নতাত্ত্বিক সমল আৰু গৱেষণাৰ জৰিয়তে এই ক্ষুদ্ৰাস্ত্ৰসমূহ যুগ্ম সঁজুলি হিচাপে ব্যৱহাৰ কৰা বুলি অনুমান কৰা হৈছে। অৰ্থাৎ কেইবাটাও ক্ষুদ্ৰাস্ত্ৰ শাৰী পাতি এডাল কাঠৰ বা হাঁড়ৰ নালত ‘লা’ জাতীয় আঠাৰে সংযুক্ত কৰি ব্যৱহাৰ কৰা হয়। মধ্যপ্ৰস্তৰ যুগৰপৰা তাম্ৰ-ব্ৰঞ্জৰ যুগলৈকে এক সূদীৰ্ঘ কালত এই ক্ষুদ্ৰাস্ত্ৰসমূহ প্ৰচলিত আছিল। ইয়াৰপৰা ক্ষুদ্ৰাস্ত্ৰসমূহৰ কাৰ্যকাৰিতা আৰু প্ৰয়োজনীয়তাৰ বিষয়ে অনুমান কৰিব পাৰি।

১৪। প্ৰস্তৰ যুগৰ হাতিয়াৰ বুলিলে কি বুজা?

উত্তৰঃ প্ৰকৃতিৰ বুকুৰ পৰা কোনো সামগ্ৰী ইচ্ছাপ্ৰণোদিতভাৱে আনি যেতিয়া তাক বিশেষভাৱে গঢ় দি কোনো প্ৰয়োজন সমাধা বা পূৰণ কৰা হয়, তেতিয়া তাক প্ৰস্তৰ যুগৰ হাতিয়াৰ বোলে।

১৫। প্ৰত্নপ্ৰস্তৰ যুগত সজুঁলি নিৰ্মাণৰ বাবে ব্যৱহৃত হোৱা পদাৰ্থসমূহ কি কি?

উত্তৰঃ প্ৰত্নপ্ৰস্তৰ যুগত সজুঁলি নিৰ্মাণৰ বাবে ব্যৱহৃত হোৱা পদাৰ্থসমূহ হ’ল— হাড়, শিং, শিল আৰু হাতীদাঁত।

১৬। নৱপ্ৰস্তৰ যুগৰ কেইপ্ৰকাৰমান সঁজুলিৰ নাম লিখা।

উত্তৰঃ নৱপ্ৰস্তৰ যুগৰ কেইপ্ৰকাৰমান সঁজুলিৰ নাম হ’ল— শিলৰ কুঠাৰ, বাচলা, কোৰ, খন্তি, বটালী, কাচি।

১৭। প্ৰত্নপ্ৰস্তৰ যুগৰ কেইপ্ৰকাৰ মান প্ৰধান সঁজুলিৰ নাম লিখা।

উত্তৰঃ প্ৰত্নপ্ৰস্তৰ যুগৰ কেইপ্ৰকাৰ মান প্ৰধান সঁজুলিৰ নাম হ’ল— হাড়ৰ বেজী, শেল, যাঠি, বল্লম, জেং, নিৰপেক্ষক, শিঙিৰে তৈয়াৰী ৰাজদণ্ড।

১৮। ইউৰোপৰ মধ্যপ্ৰস্তৰ যুগৰ সংস্কৃতিবোৰৰ চমু বিৱৰণী দিয়া।

উত্তৰঃ ইউৰোপৰ মধ্যপ্ৰস্তৰ যুগৰ সংস্কৃতিবোৰ হ’ল—

(ক) আজিলিয়ান।

(খ) টাৰডেনুছিয়ান।

(গ) এছটুৰিয়ান সংস্কৃতি।

(ঘ) মেগলেম’ছিয়ান সংস্কৃতি।

(ঙ) কেমপিগনিয়ান সংস্কৃতি।

(চ) কিটছেন মিডেন সংস্কৃতি।

(ক) আজিলিয়ান: ইউৰোপত আৱিষ্কাৰ হোৱা মধ্যপ্ৰস্তৰ যুগৰ সংস্কৃতিসমূহৰ ভিতৰত আজিলিয়ান সংস্কৃতি আটাইতকৈ পুৰণি বুলি জনা যায়। এই সংস্কৃতিৰ অৱশেষ পোন প্ৰথমে পোৱা যায় দক্ষিণ ফ্ৰান্সৰ মাছ ডি এজিল নামেৰে গুহা এটিত। ফ্ৰান্সৰ বাহিৰেও স্পেইন, ছুইজাৰলেণ্ড বেলজিয়াম আৰু ইংলেণ্ডৰ স্কটলেণ্ডতো একে সাংস্কৃতিক অৱশেষ উদ্ধাৰ হয়। উচ্চ প্ৰত্ন প্ৰস্তৰ যুগৰ মেগডেলেনিয়ান সংস্কৃতি আৰু টাৰডেনুছিয়ান সংকৃতিৰ মাজৰ স্তৰত এই সংকৃতিৰ অৱশেষ উদ্ধাৰ হয়।

(খ) টাৰডেনুছিয়ান: ১৮৯৬ চনত জি ডি মৰটিলেট এ আজিলিয়ান সংস্কৃতিৰ লগত বহুখিনি সাদৃশ্য থকা আন এক সাংস্কৃতিক অৱশেষ আৱিষ্কাৰ কৰে উত্তৰ ফ্ৰান্সৰ ফেৰে-এন-টাৰডেনু নামে এক গুহাৰ পৰা আৰু সেই গুহাৰ নামেৰে ইয়াৰ নামকৰণ কৰা হয় টাৰডেনুছিয়ান সংস্কৃতি হিচাবে।

(গ) এছটুৰিয়ান সংস্কৃতি: স্পেইনৰ উত্তৰ-পশ্চিম অঞ্চলত অৱস্থিত এছটুৰিয়া নামৰ ঠাইত পোনপ্ৰথমে এই সংস্কৃতিৰ অৱশেষ উদ্ধাৰ হয়। সেই ঠাইৰ নাম অনুসৰি ইয়াৰ নাম এছটুৰিয়ান সংস্কৃতি ৰখা হয়। স্পেইন আৰু পৰ্তুগালৰ সাগৰীয় উপকূল অঞ্চলৰ শৈল আবাস আৰু গুহাত আজিলিয়ান সংস্কৃতিৰ ওপৰৰ স্তৰত এছটুৰিয়ান সংস্কৃতিৰ অৱস্থিতি পোৱা গৈছে।

(ঘ) মেগলেম’ছিয়ান সংস্কৃতি: মেগলেম’ছিয়ান সংস্কৃতিৰ সমল পোৱা গৈছে উত্তৰ ইউৰোপৰ স্কাণ্ডিনেভিয়া অঞ্চলত অৱস্থিত বাল্টিক সাগৰৰ উপকূল অঞ্চলৰপৰা। ডেনিচ ভাষাত ‘মেগলেম’চ শব্দৰ অৰ্থ পিটনি বা জলাশয় অঞ্চল। ডেনমাৰ্কৰ জিলেন্দৰ ওপৰৰ মূলেৰূপ নামৰ দ্বীপ এটিৰ পিটনিত এই সংস্কৃতি আৱিষ্কাৰ হয়; যাৰ বাবে সংস্কৃতিটোৰ নাম মেগলেম’ছিয়ান হয়।

(ঙ) কেমপিগনিয়ান সংস্কৃতি: এই সংস্কৃতিৰ প্ৰথম নিদৰ্শন পোৱা যায় আজিলিয়ান সংস্কৃতিৰ সমসাময়িক বেলজিয়ামৰ এক স্তৰবিন্যাসত। এই সংস্কৃতিৰ মানুহবোৰ গৰ্ত আবাসত থকাৰ প্ৰমাণ পোৱা যায়। শিলেৰে বনোৱা মসৃণ কুঠাৰ, জোঙাল অস্ত্ৰ আৰু আড়াগ্ৰ, কেমপিগনিয়ান সংস্কৃতিৰ বৈশিষ্ট্যপূৰ্ণ সজুঁলি। চলি আৰু স্থূলেৰে তৈয়াৰী শিলৰ ভোঁহৰ আৰু ৰোকনীবোৰ কেমপিগনিয়ান সংস্কৃতিত প্ৰায় পোৱা যায়। 

(চ) কিটছেন মিডেন সংস্কৃতি: মেগলেম’ছিয়ান সংস্কৃতিৰ দৰে এই সংস্কৃতিও বাল্টিক আৰু উত্তৰ সাগৰৰ উপকূলীয় অঞ্চলত পৰিব্যাপ্ত হৈ আছিল। বৃটেইন, স্কাৰ্তিনেভিয়া আৰু জুটলেণ্ডতো এই সংস্কৃতিৰ সমল পোৱা গৈছে। অৱশ্যে ডেনমাৰ্ক অঞ্চলৰপৰাই এই সংস্কৃতিৰ বিকাশ ঘটা বুলি জনা যায়।

১৯। হস্তকুঠাৰ মানে কি? চিত্ৰৰ সহায়ত ইয়াৰ ব্যৱহাৰিক দিশসমূহ দেখুওৱা।

উত্তৰঃ হস্তকুঠাৰ মানে নিম্ন প্ৰত্নপ্ৰস্তৰ যুগৰ সংস্কৃতিৰ লগত সততে সন্নিবিষ্ট হোৱা এবিধ স্থূল সজুঁলি।

২০। উচ্চ প্ৰত্নপ্ৰস্তৰ সাংস্কৃতিক বিশেষত্বসমূহ কি কি?

উত্তৰঃ উচ্চ প্ৰত্নপ্ৰস্তৰ সাংস্কৃতিক বিশেষত্বসমূহ হ’ল—

(ক) সঁজুলি উদ্যোগ: ইউৰোপৰ উচ্চ প্ৰত্নপ্ৰস্তৰ যুগৰ সঁজুলি উদ্যোগটো কাৰিকৰী দিশত বিশেষভাৱে উন্নত। ‘ফলক আৰু খোদনাস্ত্ৰ উদ্যোগ’ বুলিয়েই ইয়াক জনা যায়। সাধাৰণ ‘চলি’ৰ পৰিৱৰ্তনে মানুহে ফলক ৰপৰা নানান তৰহৰ সঁজুলি নিৰ্মাণ কৰি লৈছিল। ইয়াৰ ফলক চলিৰে তৈয়াৰী বিভিন্ন ছুৰী-কটাৰীসমূহ এই যুগৰ বৈশিষ্ট্যপূৰ্ণ সঁজুলি।

(খ) সঁজুলি নিৰ্মাণ কৌশল: শিলৰ সঁজুলি নিৰ্মাণ কৰিবলৈ তেওঁলোকে ‘ফলক কৌশল নামৰ এক উন্নত কৌশল অৱলম্বন কৰিছিল। তদুপৰি শিলক শিলেৰে আঘাত কৰাৰ সলনি তেওঁলোকে সঁজুলি নিৰ্মাণত চাপ চলিয়ন নামৰ আন অভিনব কৌশল প্ৰয়োগ কৰি অতি সৰু সৰু চলি নিৰ্গত কৰি বেছি কাৰ্য্যক্ষম সঁজুলি নিৰ্মাণ কৰি লৈছিল।

(গ) সঁজুলি নিৰ্মাণৰ কেচা সামগ্রী: শিলৰ উপৰি মানুহে জন্তুৰ হাঁড়, শিং বিশেষকৈ বল্গা হৰিণৰ ফেৰেঙনী থকা শিং, হাতীৰ দাঁত আদি কেচা সামগ্ৰী হিচাবে সেই সময়ত ব্যৱহাৰ কৰিছিল। ইয়াৰ ফলস্বৰূপে শিলৰ সঁজুলি উদ্যোগৰ উপৰি এটা ‘অস্থি সঁজুলি’ উদ্যোগ গঢ়ি উঠিছিল।

(ঘ) চিত্ৰ কলাৰ আর্ৱিভাৱ: উচ্চ প্ৰত্নপ্ৰস্তৰ যুগৰ হ’ম’ছেপিয়েন্স গোষ্ঠীৰ মানুহে পোন প্ৰথমবাৰৰ বাবে চিত্ৰকলাৰ জন্ম দিয়ে। তেওঁলোকে বসবাস কৰা আবাস আৰু গুহাসমূহত ইয়াৰ স্পষ্ট প্ৰতিফলন পোৱা যায়।

২১। নৱপ্ৰস্তীয় বিপ্লৱ কি? নৱপ্ৰস্তৰ যুগৰ মানৱ সমাজৰ হোৱা পৰিৱৰ্তনসমূহ কি কি?

উত্তৰঃ নৱপ্ৰস্তীয় বিপ্লৱ হ’ল নৱপ্ৰস্তৰ যুগত পৰিলক্ষিত হোৱা সামাজিক আৰু সাংস্কৃতিক মৌলিক পৰিৱৰ্তন।

মধ্য প্ৰস্তৰ যুগৰপৰাই হোৱা জলবায়ুৰ পৰিৱৰ্তন আৰু তাৰ লগে লগে হোৱা সাংস্কৃতিক পৰিৱৰ্তনৰ ফলতেই মানুহে কৃষি পদ্ধতি আৱিষ্কাৰ কৰিব পাৰিলে। মধ্য প্ৰস্তৰ যুগত আৰম্ভ হোৱা পশুপালন প্ৰথা নৱপ্ৰস্তৰ যুগত স্পষ্ট ৰূপত দেখিবলৈ পোৱা গ’ল।

কৃষি আৰু পশুপালনৰ উৎপত্তি কিছুমান বিশেষ অঞ্চল ভিত্তিতহে গঢ়ি উঠিছিল। জলবায়ু পৰিৱৰ্তনৰ ফলস্বৰূপেই মধ্য প্ৰাচ্য বা পশ্চিম এচিয়া, দক্ষিণ-পূব এচিয়া বা মধ্য আমেৰিকা এই অঞ্চলসমূহত বনৰীয়া ভাবে কিছুমান শস্য গজি উঠিছিল।

২২। স্থূল সঁজুলি আৰু চলি সঁজুলিৰ মাজত পাৰ্থক্য লিখা।

উত্তৰঃ স্থূল সজুঁলি আৰু চলি সঁজুলিৰ মাজত পাৰ্থক্য হ’ল— 

(ক) স্থূল সঁজুলিত আঘাত স্ফীতি শূণ্যাঞ্চল থাকে। আনহাতে চলি সঁজুলি আঘাত স্ফীতি শূণ্যাঞ্চল নাথাকে।

(খ) স্থূল সঁজুলিৰ আকৃতি ডাঙৰ আৰু গধুৰ। আনহাতে আকৃতি সৰু আৰু পাতল।

(গ) স্থূল সঁজুলি মূল শিলাখণ্ডৰ পৰা নিৰ্মাণ কৰা হয়। আনহাতে চলি সঁজুলি মূল শিলাখণ্ডৰ পৰা নিৰ্গত হোৱা চলিৰ পৰা নিৰ্মাণ কৰা হয়।

(ঘ) স্থূল সঁজুলি সাধাৰণতে দুপিঠিয়া হয়। আনহাতে চলি সঁজুলি সাধাৰণতে এপিঠিয়া হয়।

২৩। প্ৰত্নপ্ৰস্তৰ আৰু নৱপ্ৰস্তৰ জীৱনধাৰাৰ মাজত পাৰ্থক্যবোৰ উল্লেখ কৰা।

উত্তৰঃ প্ৰত্নপ্ৰস্তৰ আৰু নৱপ্ৰস্তৰ জীৱনধাৰাৰ মাজত পাৰ্থক্যবোৰ হ’ল—

(ক) প্ৰত্নপ্ৰস্তৰ যুগ চতুৰ্থ ভূতাত্ত্বিক যুগৰ প্লাইষ্ট’চিন উপযুগৰ অন্তৰ্গত। আনহাতে নৱপ্ৰস্তৰ যুগ চতুৰ্থ ভূতাত্ত্বিক যুগৰ হ’লচিন উপযুগৰ অন্তৰ্গত।

(খ) প্ৰত্নতাত্ত্বিক সংস্কৃতি বৃহৎ তুষাৰ যুগীয়া জলবায়ুৰ  দ্বাৰা বিশেষভাবে প্রভাবিত। এই যুগৰ বিভিন্ন সংস্কৃতিসমূহ ঠাই ভেদে তুষাৰ আৰু অন্তৰা তুষাৰ অথবা জলাহ আৰু অন্তৰা জলাহ যুগৰ সমসাময়িক। আনহাতে তুষাৰ যুগৰ জলবায়ুৰ সলনি নৱপ্ৰস্তৰ বৰ্তমানৰ দৰে উষ্ম জলবায়ুৰ প্ৰভাৱ দেখা যায়। এই জলবায়ুক কোনো কোনোৱে এক অন্তৰা তুষাৰ যুগ বুলিও অভিহিত কৰে।

(গ) প্ৰত্নপ্ৰস্তৰ যুগৰ অঘৰী মানুহে পাচি-খৰাহী নিৰ্মাণ কৰিব নাজানিছিল। আনহাতে নৱপ্ৰস্তৰ যুগৰ কৃষিজীৱি মানুহে খাদ্য-শস্য সংৰক্ষণৰ বাবে পাচি-খৰাহী আদি তৈয়াৰ কৰিবলৈ লৈছিল।

২৪। চমুটোকা লিখা

(ক) অলড’ৱান সংস্কৃতি

উত্তৰঃ আফ্ৰিকাত পোৱা নিম্ন প্ৰত্নপ্ৰস্তৰ যুগৰ আটাইতকৈ পুৰণি সংস্কৃতিৰ নাম হ’ল অলড’ৱান সংস্কৃতি। আফ্ৰিকা মহাদেশৰ পুবে অৱস্থিত টানজানিয়া দেশৰ বিখ্যাত অলডুভাই খাদত পোন প্ৰথমে এই সংকৃতিৰ অৱশেষ উদ্ধাৰ কৰে বিখ্যাত প্ৰত্নতত্ত্ববিদ লুইচ লিকি আৰু তেওঁৰে পত্নী মেৰী লিকিয়ে। খাদটিৰ নামেৰে তেওঁলোকে এই সংস্কৃতিৰ নাম অ’লড’ৱান ৰাখে। এপিঠিয়া বা দুপিঠিয়া শিলগুটি সঁজুলিৰ বাহিৰেও বহুতো চলি, চলি সঁজুলি, ৰোকনী আদি অ’লড’ৱান সংস্কৃতিৰ বৈশিষ্ট্যপূৰ্ণ সঁজুলি। এই সঁজুলিসমূহ অলডুভাই খাদৰ একেবাৰে নিম্নতম স্তৰত অৰ্থাৎ বেডওৱানত পোৱা গৈছে। অলডুভাই খাদৰ উপৰি আফ্ৰিকাৰ আন আন অঞ্চল যেনে— ইথিওপিয়া, অ’ম’ নদী উপত্যকা অঞ্চল ইজিপ্ত আদিতো এই সংস্কৃতিৰ সমল পোৱা গৈছে। এই সংস্কৃতিৰ বিস্তাৰ ঘটে ২.৬ ৰ পৰা ১.৫ নিযুত বছৰৰ ভিতৰত। এই সংস্কৃতি নিম্ন প্লাইষ্ট’চিন ভূতাত্ত্বিক সময়ৰ অন্তৰ্গত।

১৯৬০ চনত লিকি পৰিয়ালে অলডুভাই খাদৰ আৱিষ্কাৰ কৰা হ’ম’হেবিলিচ গোষ্ঠীৰ মানুহ অলডুৱান সংস্কৃতিৰ সৈতে জড়িত বুলি কোৱা হয়। এই খাদৰ পোৱা বহুতো জীৱজন্তুৰ জীৱাষ্ম অৱশেষৰ ওপৰত ভিত্তি কৰি গৱেষকসকলে কয় যে হ’ম’হেবিলিচ মানুহবোৰে মৃত জন্তুৰ মাংস ভক্ষণ কৰিছিল আৰু মানুহবোৰে ঋতুকালীন যাতায়াত কৰিছিল।

অলড’ৱান সংস্কৃতিত স্থূল সঁজুলিতলৈ চলি বা চলি সঁজুলিৰ সংখ্যা বেছি আছিল। সঁজুলিসমূহ ৰূদ্ৰভাৱে নিৰ্মিত আৰু নিম্নতম স্তৰ আৰু ইয়াৰ পৰৱৰ্তী স্তৰলৈ লৈ পৰিব্যাপ্ত হৈ আছিল। শিলগুটিৰে তৈয়াৰী অলড’ৱান সংস্কৃতিৰ সঁজুলিসমূহক চপৰা-চপিঙ সঁজুলি বুলি জনা যায়।

(খ) লেভাল’ছিয়ান পৰম্পৰা

উত্তৰঃ লেভাল’ছিয়ান সংস্কৃতি প্ৰথমে নিম্ন প্ৰত্নপ্ৰস্তৰ যুগত উৎপত্তি হোৱা এক উন্নতমানৰ চলি সঁজুলি পৰম্পৰাৰ নিদৰ্শন। এই পৰম্পৰাৰ অৱশেষ পোন প্ৰথমে ফ্ৰান্সৰ পেৰিচ চহৰৰ উপকন্ঠ অঞ্চলত অৱস্থিত ‘লেভালোৱা’ নামে ঠাই এডোখৰত পোৱা গৈছিল। সমাপ্ত বা উচ্চ এচুলিয়ান সংস্কৃতিৰ সমসাময়িক কালত উদ্ভৱ হোৱা এই সংস্কৃতিক পৰম্পৰা মধ্য প্লাইছট’চিন ভূ-তাত্ত্বিক যুগৰপৰা উচ্চ প্লাইষ্ট’চিন ভূতাত্ত্বিক যুগলৈ প্ৰবাহিত হৈছিল অৰ্থাৎ নিম্ন প্ৰত্নপ্ৰস্তৰ পৰা মধ্য প্ৰত্নপ্ৰস্তৰ সাংস্কৃতিক কাললৈ বিস্তাৰিত হৈছিল। উত্তৰ-পশ্চিম ইউৰোপৰ এই সংস্কৃতিক ৰিছ বা তৃতীয় তুষাৰ যুগৰ পৰা ৰিছ-উৰম বা তৃতীয় অন্তৰা তুষাৰ যুগৰ আৰু কোনো কোনো অঞ্চলত চতুৰ্থ তুষাৰ যুগ অৰ্থাৎ উৰম তুষাৰ যুগৰ জলবায়ু প্ৰভাৱ পৰা দেখা যায়।

(গ) এজিলিয়ান

উত্তৰঃ ইউৰোপত আৱিষ্কাৰ হোৱা মধ্যপ্ৰস্তৰ যুগৰ সংস্কৃতিসমূহৰ ভিতৰত আজিলিয়ান সংস্কৃতি আটাইতকৈ পুৰণি বুলি জনা যায়। এই সংস্কৃতিৰ অৱশেষ পোন প্ৰথমে পোৱা যায় দক্ষিণ ফ্ৰান্সৰ মাছ ডি এজিল নামেৰে গুহা এটিত। ফ্ৰান্সৰ বাহিৰেও স্পেইন, ছুইজাৰলেণ্ড বেলজিয়াম আৰু ইংলেণ্ডৰ স্কটলেণ্ডতো একে সাংস্কৃতিক অৱশেষ উদ্ধাৰ হয়। উচ্চ প্ৰত্ন প্ৰস্তৰ যুগৰ মেগডেলেনিয়ান সংস্কৃতি আৰু টাৰডেনুছিয়ান সংকৃতিৰ মাজৰ স্তৰত এই সংকৃতিৰ অৱশেষ উদ্ধাৰ হয়। শৈল সঁজুলিৰ ভিতৰত ক্ষুদ্ৰাস্ত্ৰ, ভোটা পিঠিয়া কটাৰী, খোদনাস্ত্ৰ আৰু ৰোকনী জাতীয় সঁজুলি এজিলিয়ান সংকৃতিৰ বৈশিষ্ট্য। হাড়েৰে তৈয়াৰী, চেপেটাশেল, বটালী, ভোঁহৰ আদিও সঁজুলিৰ লগতে পোৱা হৈছে।

উচ্চ প্ৰত্নপ্ৰস্তৰ যুগৰ বিতোপন গুহাকলাৰ এই সময়ত প্ৰায় লুপ্ত। শিলগুটিত গেৰুৱা ৰঙেৰে অঙ্কিত কৰা ৰেখাচিত্ৰ সেই সময়ত চিত্ৰকলাৰ একমাত্ৰ নিদৰ্শন। আজিলিয়ান সংস্কৃতিৰ প্রণেতা মানুহৰ বিলাক চিকাৰজীৱী আছিল যদিও তেওঁলোকে পশুপালন কৰিব শিকিছিল। প্ৰত্নজীৱতাত্ত্বিক সমলৰপৰা তেওঁলোকে কুকুৰ পালন কৰাৰ প্ৰমাণ পোৱা হৈছে। আজিলিয়ান সংস্কৃতিৰ মানুহ সকল গুহাবাসী আছিল আৰু তেওঁলোকে গুহাৰ ভিতৰতেই মৃতকক কবৰ দিছিল।

(ঘ) মুছটেৰিয়ান সংস্কৃতি

উত্তৰঃ ফৰাচী দেশৰ ‘লা মুছটেৰ’ নামৰ গুহাত প্ৰথমে এই সংস্কৃতিৰ সমল উদ্ধাৰ হোৱা বাবে ইয়াক মুছটেৰিয়ান সংস্কৃতি হিচাবে অভিহিত কৰে। 

মুছটেৰিয়ান সংস্কৃতিৰ লগত জড়িত মানৱ গোষ্ঠী আছিল নিয়েনডাৰথেৰ মানৱ যাক প্ৰাক হ’ম’ ছেপিয়েন্স বুলি জনা কোৱা হয়। উন্নত শাৰীৰিক গঠন আৰু মগজুৰ এই মানুহসকলে ফ্লিন্টৰ উপৰি অবচিডিয়ান, এগেট, জেচপাৰ, চেলচিডনি আদি নানান ধৰণৰ শিলেৰে চলি সঁজুলি তৈয়াৰ কৰি লৈছিল। তুষাৰ কালৰ প্ৰচুৰ ঠাণ্ডা জলবায়ুৰ বাবে মানুহবোৰ গুহাবাসী আছিল অথবা জন্তুৰ ছালেৰে নিৰ্মিত এক প্ৰকাৰৰ শিলৰ ঘৰত বাস কৰিছিল। সেই সময়ত পোৱা নোমাল গড়, মেমথ, গৰু আদি জন্তুৰ প্ৰত্নজীৱতাত্ত্বিক সমলৰপৰা শীল প্ৰধান জলবায়ুৰ কথা জানিব পাৰি। নিয়েনডাৰথেল মানুহসকল চিকাৰজীৱি আছিল। মুছটেৰিয়ান সংস্কৃতিৰ চাৰিটা সঁজুলি নিৰ্মাণ কৌশল বা পৰম্পৰা চিনাক্ত কৰা হৈছে।

সেইকেইটা হৈছে—

(ক) অচুলিয় মুছটেৰিয়ান।

(খ) প্ৰকৃত মুছটেৰিয়ান। 

(গ) ডেন্টিকুলেট মুছটেৰিয়ান।

(ঘ) চেৰন্টেয়ান মুছটেৰিয়ান।

(ঙ) কিটছেন মিডেন

উত্তৰঃ মেগলেম’ছিয়ান সংস্কৃতিৰ দৰে এই সংস্কৃতিও বাল্টিক আৰু উত্তৰ সাগৰৰ উপকূলীয় অঞ্চলত পৰিব্যাপ্ত হৈ আছিল। বৃটেইন, স্কাৰ্তিনেভিয়া আৰু জুটলেণ্ডতো এই সংস্কৃতিৰ সমল পোৱা গৈছে। অৱশ্যে ডেনামাৰ্ক অঞ্চলৰপৰাই এই সংস্কৃতিৰ বিকাশ ঘটা বুলি জনা যায়। উপকূল অঞ্চলত বাস কৰা সেই সময়ৰ মানুহে শামুক ভক্ষণ কৰিছিল আৰু সেয়েহে শামুকৰ খোলাৰে বৃহৎ দ’ম বা আৱৰ্জনাৰ সৃষ্টি হৈছিল। কিটছেন মিডেন শব্দৰ অৰ্থ হ’ল ৰান্ধনি শালৰ আৱৰ্জনাৰ দ’ম। এই আৱৰ্জনাৰ দ’মৰ মাজত শিল আৰু হাঁড়েৰে তৈয়াৰী নানান সঁজুলি পোৱাৰ উপৰি মৃৎ পাত্ৰৰ টুকুৰাও পোৱা গৈছিল। 

(চ) কেমপিগনিয়ান

উত্তৰঃ এই সংস্কৃতিৰ প্ৰথম নিদৰ্শন পোৱা যায় আজিলিয়ান সংস্কৃতিৰ সমসাময়িক বেলজিয়ামৰ এক স্তৰবিন্যাসত। এই সংস্কৃতিৰ মানুহবোৰ গৰ্ত আবাসত থকাৰ প্ৰমাণ পোৱা যায়। শিলেৰে বনোৱা মসৃণ কুঠাৰ, জোঙাল অস্ত্ৰ আৰু আড়াগ্ৰ, কেমপিগনিয়ান সংস্কৃতিৰ বৈশিষ্ট্যপূৰ্ণ সজুঁলি। চলি আৰু স্থূলেৰে তৈয়াৰী শিলৰ ভোঁহৰ আৰু ৰোকনীবোৰ কেমপিগনিয়ান সংস্কৃতিত প্ৰায় পোৱা যায়।  ৰূঢ়ভাৱে নিৰ্মিত মাটিৰ পাত্ৰ আৰু কমলৈ পোৱা ঘৰচীয়া জন্তুৰ অৱশেষৰপৰা নৱপ্ৰস্তৰ সংস্কৃতিৰ লগত এই সংস্কৃতিৰ মিল থকা কথা ক’ব পাৰি। উত্তৰ পশ্চিম ইউৰোপৰ বহু অঞ্চলত এই কৃষ্টি বিস্তৃত হৈ আছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top