Class 12 Anthropology Chapter 5 অৰ্থনৈতিক নৃতত্ত্বৰ ধাৰণা

Class 12 Anthropology Chapter 5 অৰ্থনৈতিক নৃতত্ত্বৰ ধাৰণা Solutions, HS 2nd year Anthropology Notes, Class 12 Anthropology Chapter 5 অৰ্থনৈতিক নৃতত্ত্বৰ ধাৰণা Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 12 Anthropology Chapter 5 অৰ্থনৈতিক নৃতত্ত্বৰ ধাৰণা and select needs one.

Class 12 Anthropology Chapter 5 অৰ্থনৈতিক নৃতত্ত্বৰ ধাৰণা

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 12 Anthropology Question Answer These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC Class 12 Anthropology Chapter 5 অৰ্থনৈতিক নৃতত্ত্বৰ ধাৰণা Notes for All Subject, You can practice these here.

অৰ্থনৈতিক নৃতত্ত্বৰ ধাৰণা

Chapter – 5

অনুশীলনী

(ক) অতি চমু প্রশ্নঃ

১। জীৱিকা প্ৰৱৰ্তনৰ প্ৰণালীৰ ভিতৰত আটাইতকৈ প্ৰাচীন পদ্ধতিটো কি?

উত্তৰঃ জীৱিকা প্ৰৱৰ্তনৰ প্ৰণালীৰ ভিতৰত আটাইতকৈ প্ৰাচীন পদ্ধতিটো হ’ল: সংগ্ৰহ জীৱিকা।

২। মানুহে পোন প্ৰথমে কি জন্তু গৃহীকৰন কৰিছিল?

উত্তৰঃ মানুহে পোন প্ৰথমে গৃহীকৰন জন্তু হৈছে কুকুৰ।

৩। মৎস্যজীৱিকা কোন প্ৰস্তৰ যুগত আৰম্ভ হৈছিল?

উত্তৰঃ মৎস্যজীৱিকা উচ্চ প্ৰত্ন প্ৰস্তৰ যুগত আৰম্ভ হৈছিল।

৪। নিলগিৰি পাহাৰত বাস কৰা টোভাসকলৰ মুখ্যজীৱিকা কি?

উত্তৰঃ নিলগিৰি পাহাৰত বাস কৰা টোভাসকলৰ মুখ্যজীৱিকা হ’ল— পশুপালন।

৫। ভাৰতত বাস কৰা পশুপালন সম্প্ৰদায় এটাৰ নাম লিখা?

উত্তৰঃ ভাৰতত বাস কৰা পশুপালন সম্প্ৰদায় এটাৰ নাম হ’ল— ছেৰদুকপেন।

৬। কৃষিজীৱিকা কোন প্ৰস্তৰ যুগত আৰম্ভ হৈছিল?

উত্তৰঃ কৃষিজীৱিকা নৱ প্ৰস্তৰ যুগত আৰম্ভ হৈছিল।

৭। আদিম কৃষি সঁজুলি বিধৰ নাম লিখা।

উত্তৰঃ আদিম কৃষি সঁজুলি বিধৰ নাম হ’ল নাঙল, যুঁৱলি, দলিমাৰি, মৈ, কোৰ।

৮। কোনটো প্ৰস্তৰ যুগৰপৰা মানুহে জন্তুৰ গৃহীকৰণ প্ৰথা আৰম্ভ কৰে?

উত্তৰঃ নৱপ্ৰস্তৰ যুগৰপৰা মানুহে জন্তুৰ গৃহীকৰণ প্ৰথা আৰম্ভ কৰে।

৯। উৎপাদনজীৱি অৰ্থনীতিক কি দুটা ভাগত ভগাব পাৰি?

উত্তৰঃ উৎপাদনজীৱি অৰ্থনীতিক কৃষক আৰু পশুপালন দুটা ভাগত ভগাব পাৰি।

১০। উত্তৰ-পূৰ্বাঞ্চলৰ বেদিকা কৃষি কৰা এটা সম্প্ৰদায়ৰ নাম লিখা।

উত্তৰঃ উত্তৰ-পূৰ্বাঞ্চলৰ বেদিকা কৃষি কৰা এটা সম্প্ৰদায়ৰ নাম হ’ল– আপাটানী।

(খ) চমু প্রশ্নঃ

১। উত্তৰ-পূৰ্বাঞ্চলৰ এটা ঝুম কৃষক সম্প্ৰদায়ৰ নাম লিখা?

উত্তৰঃ উত্তৰ-পূৰ্বাঞ্চলৰ এটা ঝুম কৃষক সম্প্ৰদায়ৰ নাম হ’ল– নগা।

২। অসমৰ গ্ৰাম্য অঞ্চলত ব্যৱহাৰ কৰা ছয়বিধ কৃষি সঁজুলিৰ নাম লিখা?

উত্তৰঃ অসমৰ গ্ৰাম্য অঞ্চলত ব্যৱহাৰ কৰা ছয়বিধ কৃষি সঁজুলিৰ নাম হ’ল— 

(ক) নাঙল যুঁৱলি।

(খ) মৈ।

(গ)  দলিমাৰি।

(ঘ) খাবণি।

(ঙ)  কোৰ।

(চ) কান্ধমাৰি।

৩। অসমৰ গ্ৰাম্য অঞ্চলত ব্যৱহাৰ কৰা মাছ মৰা সঁজুলিৰ নাম লিখা।

উত্তৰঃ অসমৰ গ্ৰাম্য অঞ্চলত ব্যৱহাৰ কৰা মাছ মৰা সঁজুলিৰ নাম হ’ল—

(ক) সঁজুলি ব্যৱহাৰ কৰি খুঁচি মাছ মাৰি পদ্ধতি।

(খ) খান্দ পাতি মাছ ধৰা পদ্ধতি।

(গ) সঁজুলি ব্যৱহাৰ নকৰাকৈ মাছ ধৰা কৌশল।

(ঘ) পানী সিঁচি মাছ ধৰা পদ্ধতি।

(ঙ) পানীত বিহ দি মাছ ধৰা পদ্ধতি।

(চ) পোহনীয়া পশু-পক্ষীৰ দ্বাৰা মাছ ধৰা পদ্ধতি।

৪। আদিম অৰ্থনীতি বুলিলে কি বুজা?

উত্তৰঃ যিসকল জনগোষ্ঠীয়ে কৃষি আৰু পশুপালনৰ দ্বাৰা খাদ্যসম্ভাৰ আহৰণ নকৰি আদিম কালৰপৰা এতিয়ালৈকে অকল অন্বেষণ জীৱিকা অৰ্থাৎ নিজ পৰিৱেশত প্ৰাপ্ত প্ৰাকৃতিক আহার্য সামগ্ৰীৰ আহৰণ আৰু ব্যৱহাৰকে মূল জীৱিকা বৃত্তি হিচাপে গ্ৰহণ কৰি আছে তেনেকুৱা জনগোষ্ঠীৰ অৰ্থনীতিকে আদিম অৰ্থনীতি বোলে।

৫। আদিম অৰ্থনীতিৰ বৈশিষ্ট্যবোৰ লিখা।

উত্তৰঃ আদিম অৰ্থনীতিৰ বৈশিষ্ট্যসমূহ—

(ক) আদিম মানৱৰ দৈনন্দিন জীৱনৰ প্ৰয়োজনবোৰ সীমিত। তেওঁলোকে জীৱন ধাৰণৰ বাবে আৱশ্যকীয় সামগ্রীসমূহ নিজে আহৰণ কৰি লয়।

(খ) প্ৰাকৃতিকভাৱে উপলব্ধ আহার্য সামগ্ৰীৰ আহৰণ আৰু ব্যৱহাৰতে আদিম অৰ্থনীতি সীমাবদ্ধ।

(গ) আদিম অৰ্থনীতিত উৎপাদনৰ পৰিবর্তে আহৰণহে থাকে। কিন্তু সঞ্চয়ৰ ব্যৱস্থা নাথাকে।

(ঘ) আদিম অৰ্থনীতিত সাধাৰণতে যাদু আৰু ধৰ্মীয় বিশ্বাসৰ দ্বাৰা প্ৰভাৱিত হয়।

৬। অন্বেষণজীৱিসকলৰ বৈশিষ্ট্যসমূহ লিখা।

উত্তৰঃ অন্বেষণজীৱিসকলৰ বৈশিষ্ট্যসমূহ হ’ল—

(ক) অন্বেষণজীৱিসকলৰ বাসভূমিত জনবসতি সেৰেঙা। কাৰণ, বসতি ঘন হ’লে প্ৰাপ্ত প্ৰাকৃতিক সম্পদৰাজিয়ে সকলোকে আহাৰ্য্য যোগান ধৰিব নোৱাৰে।

(খ) অন্বেষণজীৱী সমাজৰ সামাজিক গোটবোৰ সৰু হয়। একোটা দলত ৪০/৫০ জনৰ অধিক সদস্য নাথাকে।

(গ) শ্ৰম বিভাজন অতি সৰল।

(ঘ) মুদ্ৰাৰ প্ৰচলন নাই।

(ঙ) বিনিময় প্ৰথাৰ দ্বাৰা বস্তুৰ আদান-প্ৰদান হয়।

(চ) কাৰিকৰী বিদ্যাত পিছপৰা।

৭। পশুপালন জীৱিকা বুলিলে কি বুজা? ইয়াৰ বৈশিষ্ট্যসমূহ লিখা।

উত্তৰঃ বনৰীয়া জীৱ জন্তু ঘৰতে ৰাখি পোহে মনাই জীৱিত প্ৰৱৰ্তনৰ আহিলা হিচাপে ব্যৱহাৰ কৰে তাকে পশুপালন বোলে।

ইয়াৰ বৈশিষ্ট্যসমূহ হ’ল—

(ক) কৃষিজীৱীসকলৰ মাজত পশুপালন বহুলভাৱে প্ৰচলিত।

(খ) পশুপালকসকলৰ আহাৰ যোগানৰ ঘাই সম্বল হ’ল পোহনীয়া জন্তু। 

(গ) পশুপালকে গৰু, পোহে আৰু গৰুৰ পৰাই মূল জীৱিকা আহৰণ কৰে।

(ঘ) দক্ষিণ আফ্ৰিকাৰ মাছাইসকলে গৰু আৰু ভেড়া পোহে আৰু ভেড়াৰ মাংস আৰু তেজো খাদ্য হিচাপে গ্ৰহণ কৰে।

(ঙ) ভেড়া, ছাগলী, গৰু, ঘোঁৰা, য়াক, উট, বল্গা হৰিণ আদি পশুপালকসকলে  পোহনীয়া জন্তু হিচাপে পালন কৰে।

(চ) টাৰ্কিস্তানত বাস কৰা কাজাগসকলৰ ভেড়া পোহনীয়া জন্তু। তেওঁলোকে ভেড়াৰ দল লৈ ঘূৰি ফুৰে। ভেড়াৰ লগত ছাগলী, গৰু, উট আৰু ঘোঁৰাও পালন কৰে।

৮। বেদিকা কৃষি বুলিলে কি বুজা। উত্তৰ-পূৰ্বাঞ্চলৰ বেদিকা কৃষি কৰা এটা সম্প্ৰদায়ৰ নাম লিখা।

উত্তৰঃ পাহাৰৰ এঢলীয়া অংশত কোৰেৰে খাপ কাটি খেতিপথাৰ উলিয়াই খেতি কৰা পদ্ধতিক বেদিকা কৃষি বোলে।

উত্তৰ-পূৰ্বাঞ্চলৰ বেদিকা কৃষি কৰা এটা সম্প্ৰদায়ৰ নাম হ’ল– আপাটানী।

(গ) দীঘল প্রশ্নঃ

১। ঝুম খেতি বুলিলে কি বুজা? ইয়াৰ সুবিধা আৰু অসুবিধাসমূহ লিখা।

উত্তৰঃ পৃথিৱীৰ বহু কৃষিজীৱী সম্প্ৰদায়ে দুই-তিনি বছৰৰ মূৰে মূৰে খেতি পথাৰ সলাই খেতি কৰে। এইদৰে দুই-তিনি বছৰৰ মূৰে মূৰে খেতি কৰা পদ্ধতিক ঝুমখেতি বোলে।

ঝুম খেতিৰ সুবিধা: 

(ক) ঝুম পথাৰত সামূহিক, দলবদ্ধভাৱে কাম কৰা প্ৰথাৰপৰা ব্যক্তিগত পৰিশ্ৰম বহুখিনি লাঘব হয়। কাম কৰাৰ সময়ত গান গায়, স্ফূৰ্তি কৰি পথাৰত খেতিয়কসকলে বহুখিনি জিৰণি অনুভৱ কৰে।

(খ) ঝুম খেতি অৱলম্বন কৰা সকলে অন্বেষণজীৱীসকলৰ দৰে সম্পূৰ্ণৰূপে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল হ’ব লগা নহয়। তেওঁলোকে নানা ধৰণৰ শস্য আৰু শাক-পাচলি উৎপাদন কৰি আহাৰৰ বাবে বহু পৰিমাণে আত্মনিৰ্ভৰশীল হ’ব পাৰিছে।

(গ) অন্বেষণজীৱীসকলৰ দৰে ঝুমখেতি কৰাসকলে বসতিৰ বাবে ঠাই সলাই ঘূৰি ফুৰিব নালাগে।

ঝুম খেতিৰ অসুবিধাসমূহ: 

(ক) কমসংখ্যক মানুহৰ কাৰণে ডাঙৰ ডাঙৰ এলেকা একোটাৰ প্ৰয়োজন হয়। কাৰণ, এবাৰ খেতি কৰাৰ পিছত পথাৰখন খেতি নকৰালৈকে প্ৰায়ে এনেই পৰি থাকে।

(খ) মাটিৰ স্বাভাৱিক উৰ্বৰতা কমি আহে আৰু মাটি খহনীয়াৰ উৎপত্তি হয়। মুকলি পথাৰত মাটিৰ বৰষুণে ধুই নিয়াৰ সম্ভাৱনা থাকে।

(গ) হাবিত জুই লগাই দিয়াৰ বাবে ঝুমকৃষকসকলে উন্নত ফল-মূলৰ পৰা বঞ্চিত হয়।

২। পশুপালন জীৱিকা মানে কি? ইয়াৰ সুফলসমূহ লিখা।

উত্তৰঃ পশুপালন জীৱিকা মানে উৎপাদন জীৱিকাৰ এটা অংশ।

পশুপালন জীৱিকাৰ সুফলসমূহ হ’ল—

(ক) কৃষি কাৰ্য্যত জন্তু ব্যৱহাৰ কৰা হয়।

(খ) কিছুমান পোহনীয়া জন্তুৰ গাখীৰ পুষ্টিকৰ পানীয় খাদ্য হিচাপে খোৱা যায়।

(গ) জন্তুৰ বিষ্ঠা সাৰ হিচাপে ব্যৱহাৰ কৰা হয়।

(ঘ) যাতায়াত কৰা কামত জন্তুৰ ব্যৱহাৰ হয়।

(ঙ) জন্তুৰ ছালৰ দ্বাৰা তৈয়াৰী চামৰাৰে জোতা, সাজ-পোছাক, তম্বু ইত্যাদি প্ৰস্তুত কৰিব পৰা হয়।

(চ) শীতল পৰা ৰক্ষা পাবলৈ জন্তুৰ নোমৰপৰা প্ৰস্তুত কৰা ঊলেৰে পোছাক তৈয়াৰ কৰা হয়।

(ছ) জন্তুৰ শিঙৰ পৰা ফণি আৰু অন্যান্য লাগতিয়াল সামগ্ৰী প্ৰস্তুত কৰা হয়।

৩। আদিম অৰ্থনীতিক কিয় উৎপাদন ব্যৱহাৰ মূলক অৰ্থনীতি বোলা হয়।

উত্তৰঃ পূৰ্ণ অৰ্থনৈতিক সংগঠন এটিত উৎপাদন, বিতৰণ আৰু ব্যৱহাৰ এই তিনিটা ব্যৱস্থা থকাৰ দৰকাৰ। আদিম মানৱৰ অৰ্থনৈতিক জীৱন অধ্যয়ন কৰিলে দেখা যায় যে আদিম মানৱে নিজৰ জীৱনধাৰণাৰ বাবে অতি আৱশ্যকীয় সমগ্ৰীসমূহহে সংগ্ৰহ বা চিকাৰৰ জৰিয়তে আহৰণ কৰিছিল। অতিৰিক্ত আহৰণৰ বাবে আদিম মানৱ আগ্ৰহী নাছিল। সেয়েহে আদিম মানৱৰ অৰ্থনৈতিক প্ৰক্ৰিয়াত বিশেষকৈ উৎপাদন বা আহৰণ আৰু ব্যৱহাৰৰ স্পষ্ট প্ৰমাণ পোৱা যায়। সেয়ে প্ৰায়বোৰ আদিম সমাজতে বিতৰণ ব্যৱস্থা স্পষ্ট নোহোৱাৰ বাবে আদিম মানৱৰ অৰ্থনীতিক মুখ্যতঃ উৎপাদন-ব্যৱহাৰ মূলক বোলা হয়।

৪। অন্বেষণ জীৱিকা বুলিলে কি বুজা? ইয়াৰ বৈশিষ্ট্যসমূহ আৰু প্ৰকাৰসমূহ বৰ্ণনা কৰা।

উত্তৰঃ নিজ প্ৰাকৃতিক পৰিবেশত প্ৰাপ্ত প্ৰাকৃতিক আহাৰ্য্য সামগ্ৰীৰ আহণৰ আৰু ব্যৱহাৰ পদ্ধতিকে অন্বেষণ জীৱিকা বোলা হয়। 

অন্বেষণ জীৱিকাৰ  বৈশিষ্ট্যসমূহ হ’ল—

(ক) অন্বেষণজীৱিসকলৰ বাসভূমিত জনবসতি সেৰেঙা। কাৰণ, বসতি ঘন হ’লে প্ৰাপ্ত প্ৰাকৃতিক সম্পদৰাজিয়ে সকলোকে আহাৰ্য্য যোগান ধৰিব নোৱাৰে।

(খ) অন্বেষণজীৱী সমাজৰ সামাজিক গোটবোৰ সৰু হয়। একোটা দলত ৪০/৫০ জনৰ অধিক সদস্য নাথাকে।

(গ) শ্ৰম বিভাজন অতি সৰল।

(ঘ) মুদ্ৰাৰ প্ৰচলন নাই।

অন্বেষণ জীৱিকাৰ প্ৰকাৰসমূহ হ’ল—

(ক) সংগ্ৰহ জীৱিকা: সংগ্ৰহ জীৱিকাই হ’ল মানৱৰ প্ৰাচীনতম জীৱিকা পদ্ধতি। প্ৰকৃতিৰ বুকুৰপৰা নানাধৰণৰ গছৰ গুটি, ফল-মূল, শিপা, আলু, শাক-পাচলি আনকি বিভিন্ন ধৰণৰ সৰু সৰু জীৱ-জন্তু, মৌ-কীট-পতংগ ইত্যাদি আহাৰ্য্য হিচাপে বিচাৰি গোটোৱাটোকে সংগ্ৰহ জীৱিকা বোলা হয়।

(খ) চিকাৰা জীৱিকা: চিকাৰজীৱীসকলে বনৰীয়া পশু-পক্ষী চিকাৰ কৰি জীৱন নিৰ্বাহ কৰে। চিকাৰজীৱীসকল কঠোৰ পৰিশ্ৰমী হ’ব লাগে। এওঁলোকৰ জীৱন ধাৰণ পদ্ধতি মানেই প্ৰকৃতিৰ লগত সংগ্ৰাম। চিকাৰজীৱীসকল বসবাস কৰিবলৈ এটি ডাঙৰ এলেকাৰ প্ৰয়োজন হয়। চিকাৰজীৱীসকল সমাজ, সংস্কৃতি আৰু চিকাৰ কৰা কৌশল, চিকাৰ কৰা জন্তুৰ প্ৰকাৰ আৰু বিচৰণ স্বভাৱ অনুযায়ী বেলেগ হোৱা দেখা যায়।

৫। ‘উৎপাদনজীৱিকা অন্বেষণ জীৱিকাতকৈ  শ্ৰেয়’ — আলোচনা কৰা।

উত্তৰঃ উৎপাদন জীৱিকাৰ বিশেষত্ব হ’ল— মানুহে অন্বেষণ জীৱিকাৰ ওপৰতে নিৰ্ভৰ নকৰি নিজৰ আৱশ্যকীয় আহাৰ্য্য তথা অন্যান্য সামগ্ৰীসমূহ নিজ হাতে তৈয়াৰ কৰি ল’ব পৰা হ’ল। উৎপাদনজীৱীসকলক মুখত দুটা ভাগত ভগাব পাৰি। যেনে— কৃষক আৰু পশুপালক। মূল জীৱিকা হিচাপে পশুপালকৰ প্ৰসাৰ কৃষিৰ দৰে বিস্তাৰিত নহয়। উৎপাদনজীৱিসকলে কৃষি আৰু পশুপালনৰ যোগেদি  অন্বেষণজীৱি সকলতকৈ অধিক পৰিমাণৰ খাদ্যসম্ভাৰ আহৰণ কৰিব পাৰে। উৎপাদন জীৱিকা অৱলম্বন কৰাৰ লগে লগে মানৱ সমাজৰ স্থায়িত্ব আহিল আৰু সংস্কৃতিৰ বিকাশ দ্ৰুততৰ হ’ল। সেয়েহে উৎপাদন জীৱিকাক অন্বেষণ জীৱিকাতকৈ শ্ৰেয় বোলা হয়।

৬। স্থানান্তৰিত খেতিৰ বিকল্প স্বৰূপে স্থায়ী খেতি গ্ৰহণ কৰিব পাৰি। ব্যাখ্যা কৰা।

উত্তৰঃ স্থানান্তৰিত খেতিৰ বিকল্প স্বৰূপে স্থায়ী খেতি গ্ৰহণ কৰিব পাৰি। 

(ক) স্থানান্তৰিত খেতি অস্থায়ী আৰু যথেষ্ট পৰিশ্ৰমসাধ্য। বেদিকা কৃষি পৰিশ্ৰমযুক্ত হ’লেও স্থায়ী খেতি পদ্ধতি।

(খ) ঝুম খেতি স্থানান্তৰিত কৃষি, এবাৰ কৃষিকাৰ্য্য চলোৱাৰ পিছত সেই ঠাই পৰিত্যাগ কৰি আকৌ অন্য ঠাইত কৃষিকাৰ্য্য কৰিব লগা হোৱাৰ বাবদ খেতিৰ বাবে যথেষ্ট ডাঙৰ এলেকা একোটাৰ প্ৰয়োজন। কিন্তু, বেদিকা কৃষি স্থায়ী হোৱাৰ বাবে সৰু এডোখৰ ঠাইত বছৰৰ পিছত বছৰ ধৰি কৃষিকাৰ্য্য চলাব পাৰি।

(গ) ঝুম খেতিত পৰিশ্ৰম অনুযায়ী যথেষ্ট কম পৰিমাণৰ খাদ্য দ্ৰব্য উৎপাদন হয় কিন্তু বেদিকা কৃষিত পৰিশ্ৰম অনুযায়ী বহু বেছি পৰিমাণৰ খাদ্য উৎপাদন হোৱা দেখা যায়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top