Class 12 Accountancy Chapter 9 বিবৃতিৰ বিশ্লেষণ

Class 12 Accountancy Chapter 9 বিবৃতিৰ বিশ্লেষণ Question Answer in Assamese Medium, AHSEC Class 12 Accountancy Chapter 9 বিবৃতিৰ বিশ্লেষণ Solutions to each chapter is provided in the list so that you can easily browse throughout different chapters Class 12 Accountancy Chapter 9 বিবৃতিৰ বিশ্লেষণ Notes and select needs one.

Class 12 Accountancy Chapter 9 বিবৃতিৰ বিশ্লেষণ

Join Telegram channel

Also, you can read the SCERT book online in these sections Class 12 Accountancy Chapter 9 বিবৃতিৰ বিশ্লেষণ Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 12 Accountancy Chapter 9 বিবৃতিৰ বিশ্লেষণ Solutions for All Subjects, You can practice these here.

বিবৃতিৰ বিশ্লেষণ

ACCOUNTANCY

Chapter: 9

PART – II

I. উদ্দেশ্যধর্মী প্রশ্নঃ

A. খালী ঠাই পূৰণ কৰাঃ

(i) বিশ্লেষণে সাধাৰণতে ______ ক বুজায়। (সৰলীকৰণ / বর্ণনা)

উত্তৰঃ বৰ্ণনা।

(ii) বিত্তীয় বিশ্লেষণত _______ আৰু _______ অন্তর্ভুক্ত হয়। (বিশ্লেষণ, ব্যাখ্যা/সৰলীকৰণ, বর্ণনা)

উত্তৰঃ বিশ্লেষণ, ব্যাখ্যা।

(iii) ব্যাখ্যা কৰা হৈছে ______ (বর্ণনা/বিশ্লেষণ)

উত্তৰঃ বিশ্লেষণ।

(vi) মূল টকাৰ অহা আৰু যোৱাৰ বিশ্লেষণক ______ বোলে। (পুঁজি প্রবাহ/নগদ প্রবাহ)

উত্তৰঃ নগদ প্রবাহ।

(v) উমৈহতীয়া বিশ্লেষণক _______ বিশ্লেষণো বোলা হয়। (অনুভূমিক/উলম্ব)

উত্তৰঃ উলম্ব।

(iv) ব্যৱসায়ৰ বিত্তীয় বিবৃতিত ______ অন্তর্ভুক্ত হয়। (উদ্বৃত্ত পত্র, আয় বিবৃতি / জাবেদি আৰু খতিয়ান)

উত্তৰঃ উদ্বৃত্তপত্ৰ, আয় বিবৃতি।

(vii) কোম্পানীয়ে ইয়াৰ বাৰ্ষিক বৃত্তান্ত ______ ক প্ৰেৰণ কৰে। (অংশধাৰক/পাওনাদাৰ)

উত্তৰঃ অংশধাৰক।

(viii) তুলনামূলক বিশ্লেষণ হৈছে ______ বিশ্লেষণ। (উলম্ব /অনুভূমিক)

উত্তৰঃ অনুভূমিক।

(ix) তুলনামূলক বিশ্লেষণ হৈছে _____ বিশ্লেষণ। (উলম্ব / অনুভূমিক)

উত্তৰঃ অনুভূমিক।

(x) উমৈহতীয়া বিবৃতি আৰু বিত্তীয় অনুপাতসমূহ হৈছে (উলম্ব / অনুভূমিক)

উত্তৰঃ উলম্ব।

(xi) বিত্তীয় বিশ্লেষণ হৈছে ______।(বার্ষিক / ছমহীয়া)

উত্তৰঃ বাৰ্ষিক।

(xii) বিত্তীয়ে বিশ্লেষণত মুদ্ৰা মূল্য স্তৰ সলনিৰ প্ৰতি সহাৰি ______। (জনায়/নজনায়)

উত্তৰঃ নজনায়।

(xiii) _______ বিশ্লেষণ মানে এটা কোম্পানীৰ বিভিন্ন বৰ্ষৰ তথ্যসমূহৰ তুলনা। (উলম্ব/অনুভূমিক)

উত্তৰঃ অনুভূমিক।

(xiv) ব্যৱসায়ৰ কাম-কাজৰ ফলাফল ______ বিবৃতিয়ে দিয়ে। (স্থিতি/আয়)

উত্তৰঃ আয়।

II. চমু প্রশ্নোত্তৰঃ

1. বিত্তীয় বিশ্লেষণ কি?

উত্তৰঃ এটা প্ৰতিষ্ঠানৰ কাম কাজসমূহৰ বিষয়ে বুজিবলৈ আৰু ইয়াৰ বাবে সিদ্ধান্ত ল’বলৈ বিত্তীয় প্রতিবেদনসমূহত থকা বিত্তীয় তথ্যৰ পুংখানুপুংখ মূল্য নিৰ্ধাৰণ কৰা প্রক্রিয়াকেই বিত্তীয় প্রতিবেদনৰ বিশ্লেষণ বোলা হয়। বিত্তীয় বিশ্লেষণ হৈছে উদ্ধৃত্তপত্ৰ আৰু লাভ-লোকচান হিচাপৰ বিভিন্ন পদৰ মাজত যথাযথভাৱে সম্বন্ধ স্থাপনৰ দ্বাৰা প্ৰতিষ্ঠানৰ বিত্তীয় সবলতা আৰু দুর্বলতা চিনাক্ত কৰা এক প্ৰক্ৰিয়া।

2. বিত্তীয় বিশ্লেষণৰ কৌশলসমূহ কি কি?

উত্তৰঃ বিত্তীয় বিশ্লেষণৰ কৌশলসমূহ হ’ল–

(ক) তুলনামূলক বিশ্লেষণ।

(খ) উমৈহতীয়া বিশ্লেষণ।

(গ) গতিধাৰা বিশ্লেষণ।

(ঘ) অনুপাত বিশ্লেষণ।

(ঙ) পুঁজি প্রবাহ বিশ্লেষণ।

(চ) নগদ প্রবাহ বিশ্লেষণ।

3. উলম্ব আৰু অনুভূমিক বিশ্লেষণত পার্থক্য লিখা।

উত্তৰঃ উলম্ব আৰু অনুভূমিক বিশ্লেষণৰ পাৰ্থক্য—

(ক) উলম্ব বিশ্লেষণত প্রতিবেদনসমূহ মাত্ৰ এটা বছৰৰ বাবে বিশ্লেষণ কৰা হয়, আনহাতে অনুভূমিক বিশ্লেষণত প্রতিবেদনসমূহ দুটা বা অধিক পৰ্যায়কালৰ বাবে বিশ্লেষণ কৰা হয়।

(খ) উলম্ব বিশ্লেষণক উমৈহতীয়া আকাৰৰ বিশ্লেষণ আৰু অনুভূমিক বিশ্লেষণক তুলনামূলক বিশ্লেষণ বুলিও জনা যায়।

4. তুলনামূলক বিত্তীয় বিবৃতি কি?

উত্তৰঃ তুলনামূলক আৰ্হিত দুটা বা অধিক পর্যায়কালৰ অৱস্থাৰ বিষয়ে ধাৰণা দিবৰ বাবে এখন প্ৰতিষ্ঠানৰ বিভিন্ন পৰিব্যাপ্তি কালৰ বাবে লাভ যোগ্যতা আৰু বিত্তীয় অৱস্থা দেখুওৱা প্রতিবেদন সমূহেই হ’ল তুলনামূলক বিত্তীয় প্রতিবেদন। ই সাধাৰণতে দুখন গুৰুত্বপূর্ণ বিত্তীয় প্রতিবেদন— উদ্ধৃত্তপত্ৰ আৰু আয়ৰ প্ৰতিবেদনৰ ক্ষেত্ৰত প্ৰযোজ্য হয়। বিত্তীয় তথ্যসমূহ তুলনামূলক হ’ব যদিহে তুলনামূলক প্রতিবেদনসমূহ প্ৰস্তুত কৰোতে কিছুমান হিচাপৰক্ষণৰ নীতি ব্যৱহাৰ কৰা হয়। তুলনামূলক সংখ্যাই বিত্তীয় অৱস্থা আৰু পৰিচালন ফলাফলৰ গতিধাৰা আৰু দিশ নিদৰ্শন কৰে। এই অনুভূমিক বিশ্লেষণ বুলিও জনা যায়।

5. বিত্তীয় বিশ্লেষণৰ গুৰুত্ব লিখা।

উত্তৰঃ বিত্তীয় বিশ্লেষণৰ গুৰুত্ব—

(ক) বিত্তীয় পৰিচালকঃ বিত্তীয় বিশ্লেষণে পৰিচালনাৰ কাৰ্য সম্পাদন, নিগমৰ দক্ষতা বিত্তীয় সবলতা আৰু দুর্বলতা আৰু কোম্পানীৰ ধাৰ গ্ৰহণযোগ্যতাৰ লগত জড়িত তথ্য আৰু সম্বন্ধসমূহ আলোকপাত কৰে।

(খ) ব্যৱসায়িক পাওনাদাৰসকলঃ এজন ব্যৱসায়িক পাওনাদাৰে বিত্তীয় প্রতিবেদন বিশ্লেষণৰ জৰিয়তে কোম্পানীয়ে ইয়াৰ দায়বদ্ধতাসমূহ জৰুৰীভাৱে পৰিপূৰণ কৰাৰ মূল্য ধাৰণ কৰে আৰু ইয়াৰ ভৱিষ্যতৰ সকলোবোৰ দায়বদ্ধতাসমূহ পূৰণ কৰাৰ ধাৰাবাহিক ক্ষমতাৰ সম্ভাৱনীয়তা বিচাৰ কৰে।

(গ) ধাৰ দিওঁতাসকলঃ দীৰ্ঘকালীন ধাৰ দিওঁতাসকল প্ৰতিষ্ঠানৰ দীৰ্ঘকালীন শোধক্ষমতা আৰু তিষ্ঠি থকাৰ সৈতে জড়িত হয়। তেওঁলোকে প্ৰতিষ্ঠানৰ লাভযোগ্যতা, সুত আৰু মূল পৰিশোধ কৰিবৰ বাবে ইয়াৰ নগদ ধন সৃষ্টি কৰা আৰু বিভিন্ন পুঁজিৰ উৎসৰ মাজত সম্বন্ধ আদি বিশ্লেষণ কৰে।

6. উমৈহতীয়া আকাৰৰ প্ৰতিবেদন বুলিলে কি বুজা?

উত্তৰঃ যিবোৰ প্রতিবেদনে বিত্তীয় প্রতিবেদনৰ বিভিন্ন পদৰ সৈতে কিছুমান উমৈহতীয়া পদৰ সম্বন্ধ প্ৰতিটো উমৈহতীয়া পদৰ শতকৰা হিচাপে প্ৰকাশ কৰে তেনেবোৰ প্ৰতিবেদনক উমৈহতীয়া আকাৰৰ প্ৰতিবেদন বোলে। এইদৰে গণনা কৰা শতকৰা হাৰ আগৰ বছৰৰ বা আন প্ৰতিষ্ঠানৰ অনুৰূপ শতকৰা হাৰৰ লগত সহজে তুলনা কৰিব পাৰি যিহেতু সংখ্যাসমূহ উমৈহতীয়া ভিত্তিলৈ ৰূপান্তৰ কৰা হয়। উমৈহতীয়া আকাৰৰ প্ৰতিবেদন হৈছে মূল পার্থক্যসমূহৰ আৰু এটা কোম্পানীৰ বিত্তীয় অৱস্থা আৰু পৰিচালন ফলাফলৰ গতিধাৰা অধ্যয়নৰ এক বিত্তীয় আহিলা। ইয়াত প্রতিবেদনৰ প্ৰতিটো পদ মুঠ পৰিমাণৰ উক্ত পদটো এটা অংশ হিচাপে শতকৰা হাৰত উল্লেখ কৰা হয়। এই বিশ্লেষণক উলম্ব বিশ্লেষণ বুলিও জনা যায়।

7. গতিধাৰা বিশ্লেষণ কি?

উত্তৰঃ গতিধাৰাৰ বিশ্লেষণ হৈছে এক ধাৰাবাহিক বছৰ কিছুমানৰ পৰিচালন ফলাফল আৰু বিত্তীয় অৱস্থা অধ্যয়ন কৰা এটা কৌশল। এটা ব্যৱসায় প্ৰতিষ্ঠানৰ আগত কেইবছৰমানৰ তথ্য ব্যৱহাৰ কৰি কিছুমান নিৰ্বাচিত তথ্যৰ শতকৰা পৰিৱৰ্তন পৰ্যবেক্ষণ কৰিবৰ বাবে গতিধাৰা বিশ্লেষণ কৰা হয়। গতিধাৰা শতকৰা হাৰ হৈছে বিভিন্ন বছৰৰ প্ৰতিটো পদ ভিত্তি বছৰৰ একে পদৰ কিমান অংশ বহন কৰে তাৰ শতকৰা সম্বন্ধ।

৪. বিত্তীয় বিশ্লেষণৰ সীমাবদ্ধতা লিখা।

উত্তৰঃ বিত্তীয় বিশ্লেষণৰ সীমাবদ্ধতাসমূহতঃ

বিত্তীয় বিশ্লেষণৰ সীমাবদ্ধতাসমূহ তলত উল্লেখ কৰা হ’ল—

(i) বিত্তীয় বিশ্লেষণে ক্ষুদ্ৰাক্তৰৰ পৰিৱৰ্তন বিবেচনাত নলয়।

(ii) বিত্তীয় বিশ্লেষণ কেৱলমাত্র এক মধ্যকালীন বিবৃতিসমূহৰ অধ্যয়নহে।

(iii) প্রতিষ্ঠানে অনুসৰণ কৰা হিচাপৰক্ষণৰ কাৰ্যপ্রণালীত হোৱা পৰিৱৰ্তনৰ বিষয়ে জ্ঞান নাথাকিলে বিত্তীয় বিশ্লেষণে ভুল পথে পৰিচালিত কৰিব পাৰে।

(iv) বিত্তীয় বিশ্লেষণত কেৱল মুদ্ৰাগত তথ্যহে বিবেচনাত লোৱা হয়। আনহাতে, অনামুদ্রাগত দিশটো অৱজ্ঞা কৰা হয়।

(v) বিত্তীয় প্রতিবেদনসমূহ চলি থকা ধাৰণাৰ ভিত্তিত প্ৰস্তুত কৰা হয়। গতিকে, ই চলিত অৱস্থা প্রতিফলিত কৰিব নোৱাৰে।

9. বিত্তীয় বিশ্লেষণৰ প্ৰকাৰবোৰ কি কি?

উত্তৰঃ বিত্তীয় বিশ্লেষণৰ প্ৰকাৰবোৰ হ’ল—

(ক) আভ্যন্তৰীণ বিশ্লেষণ।

(খ) বাহ্যিক বিশ্লেষণ।

(গ) উলম্ব বিশ্লেষণ।

(ঘ) অনুভূমিক বিশ্লেষণ।

III. ৰচনাধৰ্মী প্রশ্নোত্তৰঃ

1. বিত্তীয় বিবৃতি বুলিলে কি বুজায়? ইয়াৰ উদ্দেশ্য আৰু সীমাবদ্ধতা লিখা।

উত্তৰঃ এটা প্ৰতিষ্ঠানৰ কাম কাজসমূহৰ বিষয়ে বুজিবলৈ আৰু ইয়াৰ বাবে সিদ্ধান্ত ল’বলৈ বিত্তীয় প্রতিবেদনসমূহত থকা বিত্তীয় তথ্যৰ পুংখানুপুংখ মূল্য নিৰ্ধাৰণ কৰা প্ৰক্ৰিয়াকেই বিত্তীয় প্রতিবেদনৰ বিশ্লেষণ বোলা হয়। বিত্তীয় বিশ্লেষণ হৈছে উদ্ধৃত্তপত্ৰ আৰু লাভ-লোকচান হিচাপৰ বিভিন্ন পদৰ মাজত যথাযথভাৱে সম্বন্ধ স্থাপনৰ দ্বাৰা প্ৰতিষ্ঠানৰ বিত্তীয় সবলতা আৰু দুর্বলতা চিনাক্ত কৰা এক প্ৰক্ৰিয়া।

ইয়াৰ উদ্দেশ্য হ’ল—

(ক) প্ৰতিষ্ঠানৰ বিভিন্ন উপাদানৰ বিত্তীয় অৱস্থাৰ আপেক্ষিক গুৰুত্ব নিৰ্ধাৰণ কৰা।

(খ) ব্যৱসায় পৰিচালনাত সিদ্ধান্ত গ্ৰহণত সহায় কৰা।

(গ) ঋণৰ সুতসমূহ সময়মতে পৰিশোধ কৰিবলৈ এটা প্ৰতিষ্ঠানৰ উপযুক্ত লাভাংশৰ পৰিমাণ বিবেচনা কৰা।

বিত্তীয় বিশ্লেষণৰ সীমাবদ্ধতাসমূহ তলত উল্লেখ কৰা হ’ল—

(i) বিত্তীয় বিশ্লেষণে ক্ষুদ্ৰাস্তৰৰ পৰিৱৰ্তন বিবেচনাত নলয়।

(ii) বিত্তীয় বিশ্লেষণ কেৱলমাত্র এক মধ্যকালীন বিবৃতিসমূহৰ অধ্যয়নহে।

(iii) প্রতিষ্ঠানে অনুসৰণ কৰা হিচাপৰক্ষণৰ কাৰ্যপ্রণালীত হোৱা পৰিৱৰ্তনৰ বিষয়ে জ্ঞান নাথাকিলে বিত্তীয় বিশ্লেষণে ভুল পথে পৰিচালিত কৰিব পাৰে।

(iv) বিত্তীয় বিশ্লেষণত কেৱল মুদ্রাগত তথ্যহে বিবেচনাত লোৱা হয়। আনহাতে, অনামুদ্রাগত দিশটো অৱজ্ঞা কৰা হয়।

(v) বিত্তীয় প্রতিবেদনসমূহ চলি থকা ধাৰণাৰ ভিত্তিত প্ৰস্তুত কৰা হয়। গতিকে, ই চলিত অৱস্থা প্রতিফলিত কৰিব নোৱাৰে।

2. বিত্তীয় বিশ্লেষণ কি আৰু ইয়াৰ গুৰুত্ব প্ৰকাশ কৰা।

উত্তৰঃ এটা প্ৰতিষ্ঠানৰ কাম কাজসমূহৰ বিষয়ে বুজিবলৈ আৰু ইয়াৰ বাবে সিদ্ধান্ত ল’বলৈ বিত্তীয় প্রতিবেদনসমূহত থকা বিত্তীয় তথ্যৰ পুংখানুপুংখ মূল্য নিৰ্ধাৰণ কৰা প্ৰক্ৰিয়াকেই বিত্তীয় প্রতিবেদনৰ বিশ্লেষণ বোলা হয়। বিত্তীয় বিশ্লেষণ হৈছে উদ্ধৃত্তপত্ৰ আৰু লাভ-লোকচান হিচাপৰ বিভিন্ন পদৰ মাজত যথাযথভাৱে সম্বন্ধ স্থাপনৰ দ্বাৰা প্ৰতিষ্ঠানৰ বিত্তীয় সবলতা আৰু দুর্বলতা চিনাক্ত কৰা এক প্ৰক্ৰিয়া।

বিত্তীয় বিশ্লেষণৰ গুৰুত্ব—

(ক) বিত্তীয় পৰিচালকঃ বিত্তীয় বিশ্লেষণে পৰিচালনাৰ কাৰ্য সম্পাদন, নিগমৰ দক্ষতা বিত্তীয় সবলতা আৰু দুর্বলতা আৰু কোম্পানীৰ ধাৰ গ্ৰহণযোগ্যতাৰ লগত জড়িত তথ্য আৰু সম্বন্ধসমূহ আলোকপাত কৰে।

(খ) ব্যৱসায়িক পাওনাদাৰসকলঃ এজন ব্যৱসায়িক পাওনাদাৰে বিত্তীয় প্রতিবেদন বিশ্লেষণৰ জৰিয়তে কোম্পানীয়ে ইয়াৰ দায়বদ্ধতাসমূহ জৰুৰীভাৱে পৰিপূৰণ কৰাৰ মূল্য ধাৰণ কৰে আৰু ইয়াৰ ভৱিষ্যতৰ সকলোবোৰ দায়বদ্ধতাসমূহ পূৰণ কৰাৰ ধাৰাবাহিক ক্ষমতাৰ সম্ভাৱনীয়তা বিচাৰ কৰে।

(গ) ধাৰ দিওঁতাসকলঃ দীর্ঘকালীন ধাৰ দিওঁতাসকল প্ৰতিষ্ঠানৰ দীৰ্ঘকালীন শোধক্ষমতা আৰু তিষ্ঠি থকাৰ সৈতে জড়িত হয়। তেওঁলোকে প্ৰতিষ্ঠানৰ লাভযোগ্যতা, সুত আৰু মূল পৰিশোধ কৰিবৰ বাবে ইয়াৰ নগদ ধন সৃষ্টি কৰা আৰু বিভিন্ন পুঁজিৰ উৎসৰ মাজত সম্বন্ধ আদি বিশ্লেষণ কৰে।

3. বিত্তীয় বিশ্লেষণ কিয় লাগে? ইয়াৰ বিভিন্ন কৌশলবোৰ কি কি?

উত্তৰঃ এটা প্ৰতিষ্ঠানৰ কাম কাজসমূহৰ বিষয়ে বুজিবলৈ আৰু ইয়াৰ বাবে সিদ্ধান্ত ল’বলৈ বিত্তীয় প্রতিবেদনসমূহত থকা বিত্তীয় তথ্যৰ পুংখানুপুংখ মূল্য নিৰ্ধাৰণ কৰা প্ৰক্ৰিয়াকেই বিত্তীয় প্রতিবেদনৰ বিশ্লেষণ বোলা হয়। বিত্তীয় বিশ্লেষণ হৈছে উদ্ধৃত্তপত্ৰ আৰু লাভ-লোকচান হিচাপৰ বিভিন্ন পদৰ মাজত যথাযথভাৱে সম্বন্ধ স্থাপনৰ দ্বাৰা প্ৰতিষ্ঠানৰ বিত্তীয় সবলতা আৰু দুর্বলতা চিনাক্ত কৰা এক প্ৰক্ৰিয়া।

বিত্তীয় প্রতিবেদন বিশ্লেষণৰ কৌশলসমূহ—

(ক) তুলনামূলক প্রতিবেদনসমূহঃ তুলনামূলক আৰ্হিত দুটা বা অধিক পৰ্যায়কালৰ অৱস্থাৰ বিষয়ে ধাৰণা দিবৰ বাবে এখন প্ৰতিষ্ঠানৰ বিভিন্ন পৰিব্যাপ্তি কালৰ বাবে লাভযোগ্যতা আৰু বিত্তীয় অৱস্থা দেখুওৱা প্ৰতিবেদনসমূহেই হ’ল তূলনামূলক প্রতিবেদন।

(খ) উমৈহতীয়া আকাৰৰ প্ৰতিবেদনসমূহঃ যিবোৰ প্ৰতিবেদনে বিত্তীয় প্রতিবেদনৰ বিভিন্ন পদৰ সৈতে কিছুমান উমৈহতীয়া পদৰ সম্বন্ধ প্ৰতিটো উমৈহতীয়া পদৰ শতকৰা হিচাপে প্ৰকাশ কৰে, সেইবোৰেই হ’ল উমৈহতীয়া আকাৰৰ প্ৰতিবেদন।

(গ) গতিধাৰাৰ বিশ্লেষণঃ এটা ব্যৱসায় প্রতিষ্ঠানৰ আগৰ কেইবছৰমানৰ তথ্য ব্যৱহাৰ কৰি কিছুমান নিৰ্বাচিত তথ্যৰ শতকৰা পৰিৱৰ্তন পৰ্যবেক্ষণ কৰিবৰ বাবে গতিধাৰা বিশ্লেষণ কৰা হয়। 

(ঘ) অনুপাত বিশ্লেষণঃ ই এখন প্ৰতিষ্ঠানৰ উদ্ধৃত্তপত্ৰ আৰু লাভ-লোকচান হিচাপৰ বিভিন্ন পদসমূহৰ মাজত থকা তাৎপর্যপূর্ণ সম্বন্ধকে বর্ণনা কৰে।

(ঙ) নগদ ধন প্ৰবাহৰ বিশ্লেষণঃ ই এটা সংগঠনৰ ধন হাতলৈ অহা আৰু হাতৰ পৰা ওলাই যোৱা প্ৰকৃত চলাচলৰ বিষয়ে বিশ্লেষণ কৰে। ব্যৱসায়ৰ ভিতৰলৈ অহা নগদ ধনৰ প্ৰবাহক নগদ ধনৰ আন্তঃপ্রবাহ বা নগদ ধন প্ৰৱাহ আৰু ব্যৱসায়ৰ পৰা ওলাই যোৱা ধনৰ প্ৰবাহক নগদ ধনৰ বহিঃপ্রবাহ বা নগদধনৰ ঋণাত্মক প্রবাহ বোলা হয়।

4. পৰিচালনাত তুলনামূলক বিবৃতিৰ গুৰুত্ব কি? এই বিবৃতি কেনেদৰে প্ৰস্তুত কৰা হয়? 

উত্তৰঃ তুলনামূলক আৰ্হিত দুটা বা অধিক পৰ্যায়কালৰ অৱস্থাৰ বিষয়ে ধাৰণা দিবৰ বাবে এখন প্ৰতিষ্ঠানৰ বিভিন্ন পৰিব্যাপ্তি কালৰ বাবে লাভ যোগ্যতা আৰু বিত্তীয় অৱস্থা দেখুওৱা প্রতিবেদন সমূহেই হ’ল তুলনামূলক বিত্তীয় প্রতিবেদন। ই সাধাৰণতে দুখন গুৰুত্বপূর্ণ। বিত্তীয় প্রতিবেদন— উদ্ধৃত্তপত্ৰ আৰু আয়ৰ প্ৰতিবেদনৰ ক্ষেত্ৰত প্ৰযোজ্য হয়। বিত্তীয় তথ্যসমূহ তুলনামূলক হ’ব যদিহে তুলনামূলক প্রতিবেদনসমূহ প্ৰস্তুত কৰোতে কিছুমান হিচাপৰক্ষণৰ নীতি ব্যৱহাৰ কৰা হয়। তুলনামূলক সংখ্যাই বিত্তীয় অৱস্থা আৰু পৰিচালন ফলাফলৰ গতিধাৰা আৰু দিশ নিদৰ্শন কৰে। এই অনুভূমিক বিশ্লেষণ বুলিও জনা যায়।

(i) দুটা তাৰিখৰ লগত জড়িত টকাৰ শুদ্ধ সংখ্যাসমূহ তালিকাভুক্ত কৰিব লাগে। (2 আৰু 3 স্তম্ভত দেখুৱাৰ দৰে)

(ii) প্ৰথম বছৰৰ পৰা দ্বিতীয় বছৰৰ সংখ্যা বিয়োগ কৰি পৰিৱৰ্তনৰ শুদ্ধ সংখ্যা নিৰ্ধাৰণ কৰিব লাগে আৰু এই পৰিবৰ্তন বৃদ্ধি আৰু হ্ৰাস ৰ দ্বাৰা নিদৰ্শন কৰিব লাগে।

(iii) পছন্দ অনুসৰি, নিম্নলিখিত ধৰণেৰে পৰিবৰ্তনৰ শতকৰা হাৰ গণনা কৰিব লাগে আৰু পঞ্চম স্তম্ভত পাতিব লাগে।

দ্বিতীয় বছৰৰ শুদ্ধ সংখ্যা / প্ৰথম বছৰৰ শুদ্ধ সংখ্যা x 100

5. উমৈহতীয়া আকাৰৰ প্ৰতিবেদনসমূহ কি? এই প্রতিবেদনসমূহ কেনেদৰে প্ৰস্তুত কৰা হয়?

উত্তৰঃ যিবোৰ প্ৰতিবেদনে বিত্তীয় প্রতিবেদনৰ বিভিন্ন পদৰ সৈতে কিছুমান উমৈহতীয়া পদৰ সম্বন্ধ প্ৰতিটো উমৈহতীয়া পদৰ শতকৰা হিচাপে প্ৰকাশ কৰে তেনেবোৰ প্ৰতিবেলনক উমৈহতীয়া আকাৰৰ প্ৰতিবেদন বোলে। এইদৰে গণনা কৰা শতকৰা হাৰ আগৰ বছৰৰ বা আন প্ৰতিষ্ঠানৰ অনুৰূপ শতকৰা হাৰৰ লগত সহজে তুলনা কৰিব পাৰি যিহেতু সংখ্যাসমূহ উমৈহতীয়া ভিত্তিলৈ ৰূপান্তৰ কৰা হয়। উমৈহতীয়া আকাৰৰ প্ৰতিবেদন হৈছে মূল পার্থক্যসমূহৰ আৰু এটা কোম্পানীৰ বিত্তীয় অৱস্থা আৰু পৰিচালন ফলাফলৰ গতিধাৰা অধ্যয়নৰ এক বিত্তীয় আহিলা। ইয়াত প্ৰতিবেদনৰ প্ৰতিটো পদ মুঠ পৰিমাণৰ উক্ত পদটো এটা অংশ হিচাপে শতকৰা হাৰত উল্লেখ কৰা হয়। এই বিশ্লেষণক উলম্ব বিশ্লেষণ বুলিও জনা যায়। 

যিবোৰ প্ৰতিবেদনে বিত্তীয় প্রতিবেদনৰ বিভিন্ন পদৰ সৈতে কিছুমান উমৈহতীয়া পদৰ সম্বন্ধ প্ৰতিটো উমৈহতীয়া পদৰ শতকৰা হিচাপে প্ৰকাশ কৰে, তেনেবোৰ প্ৰতিবেদনেই হ’ল উমৈহতীয়া আকাৰৰ প্ৰতিবেদন। এইদৰে গণনা কৰা শতকৰা হাৰ আগৰ বছৰৰ বা আন প্ৰতিষ্ঠানৰ অনুৰূপ শতকৰা হাৰৰ লগত সহজে তুলনা কৰিব পাৰি যিহেতু সংখ্যা সমূহ উমৈহতীয়া ভিত্তিলৈ ৰূপান্তৰ কৰা হয়। উমৈহতীয়া আকাৰৰ প্ৰতিবেদন হৈছে মূল পার্থক্যসমূহৰ আৰু এটা কোম্পানীৰ বিত্তীয় অৱস্থা আৰু পৰিচালন ফলাফলৰ গতিধাৰা অধ্যয়নৰ এক বিত্তীয় আহিলা। ইয়াত প্রতিবেদনৰ প্ৰতিটো পদ মুঠ পৰিমাণৰ উক্ত পদটো এটা অংশ হিচাপে শতকৰা হাৰত উল্লেখ কৰা হয়। এই বিশ্লেষণক উলম্ব বিশ্লেষণ বুলিও জনা যায়। উদাহৰণস্বৰূপে, এখন উমৈহতীয়া আকাৰৰ উদ্ধৃত্তপত্ৰত মুঠ সম্পত্তিৰ প্ৰতিটো সম্পত্তিৰ শতাংশ আৰু মুঠ দেনাৰ প্ৰতিটো দেনাৰ শতাংশ হিচাপে দেখুওৱা হয়। সেইদৰে উমৈহতীয়া আকাৰৰ আয়ৰ প্ৰতিবেদনত প্ৰতিটো ব্যয় পদ প্রকৃত বিক্ৰীৰ শতকৰা হাৰত দেখুওৱা হয়।

উমৈহতীয়া আকাৰৰ প্ৰতিবেদনসমূহ প্ৰস্তুত কৰিবৰ বাবে নিম্নলিখিত কার্যপ্রণালী প্রয়োগ কৰা হয়।

(i) দুটা সময়ৰ; ধৰাহ’ল প্ৰথম বছৰ আৰু দ্বিতীয় বছৰৰ, লগত জড়িত টকাৰ শুদ্ধ সংখ্যাসমূহ তালিকাভূক্ত কৰিব লাগে।

(ii) উমৈহতীয়া ভিত্তি হিচাপে বাছনি কৰিব লাগে। উদাহৰণস্বৰূপে, আয়ৰ প্ৰতিবেদনৰ ক্ষেত্ৰত বিক্ৰী ৰাজহৰ মুঠ পৰিমাণ ভিত্তি হিচাপে ল’ব পাৰি, আৰু উদ্ধৃত্তপত্ৰৰ ক্ষেত্ৰত মুঠ সম্পত্তি বা মুঠ দেনা ভিত্তি হিচাপে ল’ব পাৰি।

(iii) তলৰ প্ৰতিবেদনৰ 2য় আৰু চতুৰ্থ স্তম্ভৰ সকলোবোৰ পদৰ বাবে মুঠ পৰিমাণৰ শতকৰা হাৰ গণনা কৰিলে 3য় আৰু 5ম স্তম্ভৰ শতাংশসমূহ নিৰ্ণয় কৰা হ’ব।

উমৈহতীয়া আকাৰৰ প্ৰতিবেদন—

বিৱৰণপ্ৰথম বছৰশতকৰা হাৰদ্বিতীয় বছৰশতকৰা হাৰ
12345

6. বিত্তীয় কার্যকলাপৰ বিশ্লেষণত গতিধাৰা শতকৰা হাৰৰ ব্যৱহাৰসমূহ লিখা।

উত্তৰঃ গতিধাৰাৰ বিশ্লেষণ হৈছে এক ধাৰাবাহিক বছৰ কিছুমানৰ পৰিচালন ফলাফল আৰু বিত্তীয় অৱস্থা অধ্যয়ন কৰা এটা কৌশল। এটা ব্যৱসায় প্ৰতিষ্ঠানৰ আগৰ কেইবছৰমানৰ তথ্য ব্যৱহাৰ কৰি কিছুমান নিৰ্বাচিত তথ্যৰ শতকৰা পৰিৱৰ্তন পৰ্যবেক্ষণ কৰিবৰ বাবে গতিধাৰা বিশ্লেষণ কৰা হয়। গতিধাৰা শতকৰা হাৰ হৈছে বিভিন্ন বছৰৰ প্ৰতিটো পদ ভিত্তি বছৰৰ একে পদৰ কিমান অংশ বহন কৰে তাৰ শতকৰা সম্বন্ধ। গতিধাৰাৰ বিশ্লেষণে উর্দ্ধমুখী বা অধোমুখী গতিপথ নিৰ্ধাৰণ কৰে আৰু ভিত্তি বছৰৰ পদৰ লগত বৰ্তমান বছৰৰ সেই একে পদৰ শতকৰা সম্বন্ধ গণনা কৰে। গতিধাৰা বিশ্লেষণত এটা পৰ্যায়কালৰ ওপৰত, একেটা পদৰ আচৰণৰ বিষয়ে জানিব পাৰি। উদাহৰণস্বৰূপে, প্রশাসনিক খৰচসমূহ তুলনা কৰা এটা নিৰ্দিষ্ট সময়ৰ ওপৰত বৃদ্ধিৰ গতি দেখুৱাইছে নে হ্ৰাসৰ গতি দেখুৱাইছে নে একে থকাৰ ইঙ্গিত দিছে তাক প্রদৰ্শন কৰে। সাধাৰণতে গতিধাৰা বিশ্লেষণ যুক্তিসন্মতভাৱে দীৰ্ঘকালৰ বাবে কৰা হয়।

7. বিত্তীয় বিশ্লেষণৰ বিভিন্ন কৌশলসমূহ কি কি? ইয়াৰ সীমাবদ্ধতাসমূহ লিখা।

উত্তৰঃ বিত্তীয় বিশ্লেষণ হৈছে উদ্ধৃত্তপত্ৰ আৰু লাভ-লোকচান হিচাপৰ বিভিন্ন পদৰ মাজত যথাযথভাৱে সম্বন্ধ স্থাপনৰ দ্বাৰা প্ৰতিষ্ঠানৰ বিত্তীয় সবলতা আৰু দুর্বলতা চিনাক্ত কৰা এক প্রক্রিয়া।

বিত্তীয় বিশ্লেষণৰ বিভিন্ন কৌশলসমূহ তলত উল্লেখ কৰা হ’ল—

(i) তুলনামূলক প্রতিবেদনসমূহঃ তুলনামূলক আৰ্হিত দুটা বা অধিক পৰ্যায়কালৰ অৱস্থাৰ বিষয়ে ধাৰণা দিবৰ বাবে এখন প্ৰতিষ্ঠানৰ বিভিন্ন পৰিব্যাপ্তি কালৰ বাবে লাভযোগ্যতা আৰু বিত্তীয় অৱস্থা দেখুওৱা প্রতিবেদন সমূহেই হ’ল তুলনামূলক বিত্তীয় প্রতিবেদন। ই সাধাৰণতছ্ন দুখন গুৰুত্বপূৰ্ণ বিত্তীয় প্রতিবেদন—উদ্ধৃত্তপত্ৰ আৰু আয়ৰ প্ৰতিবেদনৰ ক্ষেত্ৰত প্ৰযোজ্য হয়।বিত্তীয় তথ্যসমূহ তুলনামূলক হ’ব যদিহে তুলনামূলক প্রতিবেদনসমূহ প্ৰস্তুত কৰোতে কিছুমান হিচাপৰক্ষণৰ নীতি ব্যৱহাৰ কৰা হয়। তুলনামূলক সংখ্যাই বিত্তীয় অৱস্থা আৰু পৰিচালন ফলাফলৰ গতিধাৰা আৰু দিশ নিদৰ্শন কৰে। এই বিশ্লেষণক অনুভূতিক বিশ্লেষণ বুলিও জনা যায়।

(ii) উমৈহতীয়া আকাৰৰ প্ৰতিবেদনসমূহঃ যিবোৰ প্ৰতিবেদনে বিত্তীয় প্রতিবেদনৰ বিভিন্ন পদৰ সৈতে কিছুমান উমৈহতীয়া পদৰ সম্বন্ধ প্ৰতিটো উমৈহতীয়া পদৰ শতকৰা হিচাপে প্ৰকাশ কৰে তেনেবোৰ প্ৰতিবেদনক উমৈহতীয়া আকাৰৰ প্ৰতিবেদন বোলে। এইদৰে গণনা কৰা শতকৰা হাৰ আগৰ বছৰৰ বা আন প্ৰতিষ্ঠানৰ অনুৰূপ শতকৰা হাৰৰ লগত সহজে তুলনা কৰিব পাৰি যিহেতু সংখ্যাসমূহ উমৈহতীয়া ভিত্তিলৈ ৰূপান্তৰ কৰা হয়।

(iii) গতিধাৰাৰ বিশ্লেষণঃ গতিধাৰাৰ বিশ্লেষণ হৈছে এক ধাৰাবাহিক বছৰ কিছুমানৰ পৰিচালন ফলাফল আৰু বিত্তীয় অৱস্থা অধ্যয়ন কৰা এটা কৌশল। এই ব্যৱসায় প্রতিষ্ঠানৰ আগৰ কেইবছৰমানৰ তথ্য ব্যৱহাৰ কৰি কিছুমান নিৰ্বাচিত তথ্যৰ শতকৰা পৰিবৰ্তন পর্যবেক্ষণ কৰিবৰ বাবে গতিধাৰা বিশ্লেষণ কৰা হয়।

(iv) অনুপাত বিশ্লেষণঃ ই এখন প্ৰতিষ্ঠানৰ উদ্ধৃত্ত পত্ৰ আৰু লাভ-লোকচান হিচাপৰ বিভিন্ন পদসমূহৰ মাজত থকা তাৎপর্যপূর্ণ সম্বন্ধকে বর্ণনা কৰে। অনুপাত বিশ্লেষণ কৌশলৰ জৰিয়তে এখন প্ৰতিষ্ঠানৰ লাভযোগ্যতা, শোধক্ষমতা আৰু দক্ষতাৰ মূল্য নির্ণয় কৰা হয়।

(v) নগদ ধন প্ৰবাহৰ বিশ্লেষণঃ এটা সংগঠনৰ নগদ ধন হাতলৈ অহা আৰু হাতৰ পৰা ওলাই যোৱা প্ৰকৃত চলাচলৰ বিষয়ে বিশ্লেষণ কৰে। ব্যৱসায়ৰ ভিতৰলৈ অহা নগদ ধনৰ প্রবাহক নগদ ধনৰ আন্তঃপ্রবাহ বা নগদ ধন প্ৰবাহ আৰু ব্যৱসায়ৰ পৰা ওলাই যোৱা ধনৰ প্ৰবাহক নগদ ধনৰ বহিঃপ্রবাহ বা নগদ ধনৰ ঋণাত্মক প্রবাহ বোলা হয়। নগদ ধনৰ আনঃপ্রবাহ আৰু বহিঃপ্ৰবাহৰ পাৰ্থ্যই হৈছে প্ৰকৃত নগদ ধনৰ প্ৰবাহ।

বিত্তীয় বিশ্লেষণৰ সীমাবদ্ধতাসমূহতঃ

বিত্তীয় বিশ্লেষণৰ সীমাবদ্ধতাসমূহ তলত উল্লেখ কৰা হ’ল—

(i) বিত্তীয় বিশ্লেষণে ক্ষুদ্ৰাস্তৰৰ পৰিৱৰ্তন বিবেচনাত নলয়।

(ii) বিত্তীয় বিশ্লেষণ কেৱলমাত্র এক মধ্যকালীন বিবৃতিসমূহৰ অধ্যয়নহে।

(iii) প্রতিষ্ঠানে অনুসৰণ কৰা হিচাপৰক্ষণৰ কাৰ্যপ্রণালীত হোৱা পৰিৱৰ্তনৰ বিষয়ে জ্ঞান নাথাকিলে বিত্তীয় বিশ্লেষণে ভুল পথে পৰিচালিত কৰিব পাৰে।

(iv) বিত্তীয় বিশ্লেষণত কেৱল মুদ্ৰাগত তথ্যহে বিবেচনাত লোৱা হয়। আনহাতে, অনামুদ্রাগত দিশটো অৱজ্ঞা কৰা হয়।

(v) বিত্তীয় প্রতিবেদনসমূহ চলি থকা ধাৰণাৰ ভিত্তিত প্ৰস্তুত কৰা হয়। গতিকে, ই চলিত অৱস্থা প্রতিফলিত কৰিব নোৱাৰে।

৪. বিত্তীয় বিশ্লেষণ কি? ইয়াৰ গুৰুত্ব ব্যাখ্যা কৰা।

উত্তৰঃ এটা প্ৰতিষ্ঠানৰ কাম কাজসমূহৰ বিষয়ে বুজিবলৈ আৰু ইয়াৰ বাবে সিদ্ধান্ত ল’বলৈ বিত্তীয় প্রতিবেদনসমূহত থকা বিত্তীয় তথ্যৰ পুংখানুপুংখ মূল্য নিৰ্ধাৰণ কৰা প্ৰক্ৰিয়াকেই বিত্তীয় প্রতিবেদনৰ বিশ্লেষণ বোলা হয়। বিত্তীয় বিশ্লেষণ হৈছে উদ্ধৃত্তপত্ৰ আৰু লাভ-লোকচান হিচাপৰ বিভিন্ন পদৰ মাজত যথাযথভাৱে সম্বন্ধ স্থাপনৰ দ্বাৰা প্ৰতিষ্ঠানৰ বিত্তীয় সবলতা আৰু দুর্বলতা চিনাক্ত কৰা এক প্ৰক্ৰিয়া।

বিত্তীয় বিশ্লেষণৰ গুৰুত্ব—

(ক) বিত্তীয় পৰিচালকঃ বিত্তীয় বিশ্লেষণে পৰিচালনাৰ কাৰ্য সম্পাদন, নিগমৰ দক্ষতা বিত্তীয় সবলতা আৰু দুর্বলতা আৰু কোম্পানীৰ ধাৰ গ্ৰহণযোগ্যতাৰ লগত জড়িত তথ্য আৰু সম্বন্ধসমূহ আলোকপাত কৰে।

(খ) ব্যৱসায়িক পাওনাদাৰসকলঃ এজন ব্যৱসায়িক পাওনাদাৰে বিত্তীয় প্রতিবেদন বিশ্লেষণৰ জৰিয়তে কোম্পানীয়ে ইয়াৰ দায়বদ্ধতাসমূহ জৰুৰীভাৱে পৰিপূৰণ কৰাৰ মূল্য ধাৰণ কৰে আৰু ইয়াৰ ভৱিষ্যতৰ সকলোবোৰ দায়বদ্ধতাসমূহ পূৰণ কৰাৰ ধাৰাবাহিক ক্ষমতাৰ সম্ভাৱনীয়তা বিচাৰ কৰে।

(গ) ধাৰ দিওঁতাসকলঃ দীর্ঘকালীন ধাৰ দিওঁতাসকল প্ৰতিষ্ঠানৰ দীৰ্ঘকালীন শোধক্ষমতা আৰু তিষ্ঠি থকাৰ সৈতে জড়িত হয়। তেওঁলোকে প্ৰতিষ্ঠানৰ লাভযোগ্যতা, সুত আৰু মূল পৰিশোধ কৰিবৰ বাবে ইয়াৰ নগদ ধন সৃষ্টি কৰা আৰু বিভিন্ন পুঁজিৰ উৎসৰ মাজত সম্বন্ধ আদি বিশ্লেষণ কৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top