Class 12 Accountancy Chapter 5 অংশীদাৰী ব্যৱসায়ৰ অৱসায়ন

Class 12 Accountancy Chapter 5 অংশীদাৰী ব্যৱসায়ৰ অৱসায়ন Question Answer in Assamese Medium, AHSEC Class 12 Accountancy Chapter 5 অংশীদাৰী ব্যৱসায়ৰ অৱসায়ন Solutions to each chapter is provided in the list so that you can easily browse throughout different chapters Class 12 Accountancy Chapter 5 অংশীদাৰী ব্যৱসায়ৰ অৱসায়ন Notes and select needs one.

Class 12 Accountancy Chapter 5 অংশীদাৰী ব্যৱসায়ৰ অৱসায়ন

Join Telegram channel

Also, you can read the SCERT book online in these sections Class 12 Accountancy Chapter 5 অংশীদাৰী ব্যৱসায়ৰ অৱসায়ন Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 12 Accountancy Chapter 5 অংশীদাৰী ব্যৱসায়ৰ অৱসায়ন Solutions for All Subjects, You can practice these here.

অংশীদাৰী ব্যৱসায়ৰ অৱসায়ন

ACCOUNTANCY

Chapter: 5

PART – I

I. অতি চমু প্রশ্নোত্তৰঃ

A. ‘শুদ্ধ’ নে ‘অশুদ্ধ’ লিখাঃ

(a) অৱসায়নৰ সময়ত, সকলো সম্পত্তি (নগদকলৈ) মূল্য-আদায়কৰণ হিচাপত স্থানান্তৰ কৰা হয়।

উত্তৰঃ অশুদ্ধ।

(b) অংশীদাৰী ব্যৱসায়ৰ অৱসায়ন আৰু অংশীদাৰত্বৰ অৱসায়নৰ মাজত পার্থক্য আছে।

উত্তৰঃ শুদ্ধ।

(c) ব্যৱসায়ৰ সম্পত্তি প্ৰথমতে ব্যৱসায়ৰ দেনা পৰিশোধত ব্যৱহাৰ হয়।

উত্তৰঃ শুদ্ধ।

(d) অংশীদাৰী আইন, ১৯৩২ অংশীদাৰী ব্যৱসায়ৰ অৱসায়নৰ বিভিন্ন কাৰণসমূহৰ বিষয়ে নিমাত।

উত্তৰঃ অশুদ্ধ।

B. খালী ঠাই পূৰ কৰাঃ

(a) মূল আদায়কৰণ হিচাপ প্ৰস্তুত কৰা হয় ______ ৰ সময়ত।

উত্তৰঃ অংশীদাৰী ব্যৱসায়ৰ অৱসায়ন।

(b) যেতিয়া অলিপিবদ্ধ সম্পত্তি বিক্ৰী কৰা হয়, তেতিয়া _______ হিচাপ ক্রেডিট কৰা হয়। 

উত্তৰঃ মূল্য আদায়কৰণ।

(c) যেতিয়া ব্যৱসায়টো চলিত হিচাপত বিক্ৰী কৰা হয়, তেতিয়া নগদ হিচাপ _______ হিচাপত স্থানান্তৰ কৰা হয়।

উত্তৰঃ মূল্য আদায়কৰণ।

(d) যদি কোনো অলিপিবদ্ধ সম্পত্তি অংশীদাৰে গ্ৰহণ কৰে, ইয়াক হিচাপৰ বহীত লিপিবদ্ধ কৰা _______।

উত্তৰঃ হয়।

(e) সকলো অংশীদাৰৰ মাজৰ অংশীদাৰত্বৰ অৱসায়ন হোৱাক ______ বোলা হয়। 

উত্তৰঃ অংশীদাৰী ব্যৱসায়ৰ অৱসায়ন।

(f) মূল্য-আদায়কৰণ হিচাপৰ উদ্ধৃত্ত অংশীদাৰৰ মূলধন হিচাপত _______ অনুপাতত স্থানান্তৰ কৰা হয়।

উত্তৰঃ লাভ বিতৰণ।

(g) সকলো সম্পত্তি (নগদ, বেংক আৰু কাল্পনিকৰ বাহিৰে) ______ হিচাপৰ ______ দিশত স্থানান্তৰ কৰা হয়।

উত্তৰঃ মূল্য আদায়কৰণ হিচাপৰ, ডেবিট।

(h) সকলো _______ দেনা _______ হিচাপৰ _______ দিশত স্থানান্তৰ কৰা হয়।

উত্তৰঃ বাহ্যিক, মূল্য আদায়কৰণ, ক্রেডিট।

(i) যদি অংশীদাৰে কোনো সম্পত্তি গ্ৰহণ কৰে, তেন্তে সেইজন অংশীদাৰৰ মূলধন হিচাপ _______ কৰা হয়।

উত্তৰঃ ডেবিট।

(j) যদি কোনো দেনাৰ দায়িত্ব অংশীদাৰে লয়, তেন্তে সেইজন অংশীদাৰৰ মূলধন ______ কৰা হয়।

উত্তৰঃ ক্রেডিট।

II. চমু প্রশ্নোত্তৰঃ

1. অংশীদাৰী ব্যৱসায়ৰ অৱসায়ন বুলিলে কি বুজায়?

উত্তৰঃ ১৯৩২ চনৰ ভাৰতীয় অংশীদাৰী আইনৰ ৩৯ নম্বৰ ধাৰা অনুসৰি কোনো অংশীদাৰী ব্যৱসায়ৰ সকলো অংশীদাৰৰ মাজত থকা অংশীদাৰিত্বৰ সম্পৰ্ক ভংগ হোৱাকেই অংশীদাৰী ব্যৱসায়ৰ বিলোপসাধন হোৱা বুলি কোৱা হয়। চমুকৈ, অংশীদাৰী ব্যৱসায়ৰ সম্পূর্ণ পৰিসমাপ্তি ঘটাকে বিলোপসাধন বোলা হয়। অংশীদাৰী ব্যৱসায়ৰ বিলোপসাধন হ’লে ব্যৱসায়ৰ সম্পত্তিবোৰ বিক্ৰী কৰা হয় আৰু দেনাসমূহ পৰিশোধ কৰা হয়। ব্যৱসায়ৰ হিচাপপত্ৰ সমূহো বন্ধ কৰা হয়। আন কথাত অংশীদাৰী ব্যৱসায় সম্পূৰ্ণৰূপে বন্ধ হোৱাকেই অংশীদাৰী ব্যৱসায়ৰ বিলোপ সাধন বোলে।

2. অংশীদাৰী ব্যৱসায়ৰ অৱসায়ন হোৱাৰ দুটা কাৰণ উল্লেখ কৰা?

উত্তৰঃ (ক) চুক্তিসন্মত অৱসায়ন।

(খ) বাধ্যতামূলক অৱসায়নঃ।

3. মূল্য আদায়কৰণ হিচাপ আৰু পূৰ্ণমূল্যায়ন হিচাপৰ মাজৰ এটা পার্থক্য লিখা?

উত্তৰঃ মূল্য আদায়কৰণ হিচাপ আৰু পূৰ্ণমূল্যায়ন হিচাপৰ মাজৰ এটা পার্থক্য হ’ল—

ভিত্তিমূল্যাদায়কৰণ হিচাপপুনর্মূল্যায়ণ হিচাপ
(ক) সময়(ক) ব্যৱসায়ৰ বিলোপ সাধনৰ সময়ত এই হিচাপ প্রস্তুত কৰা হয়।(ক) কোনো অংশীদাৰৰ অন্তর্ভূক্তি, অৱসৰ বা মৃত্যুৰ সময়ত এই হিচাপ প্রস্তুত কৰা হয়। 

4. ব্যৱসায়ৰ অৱসায়নৰ সময়ত থকা সাধাৰণ পুঁজি আৰু লাভ বা লোকচান ক’ত স্থানান্তৰ হয়?

উত্তৰঃ অংশীদাৰৰ মূলধন হিচাপত স্থানান্তৰ হয়।

5. ব্যৱসায়ৰ অৱসায়নৰ সময়ত অংশীদাৰৰ ব্যক্তিগত – সম্পত্তিৰ পৰা প্ৰথমতে কি পৰিশোধ কৰা হয়?

উত্তৰঃ ব্যক্তিগত সম্পত্তিৰ পৰা প্ৰথমে ব্যক্তিগত দেনা পৰিশোধ হয়।

6. যদি মূল-আদায়কৰণ হিচাপে লোকচান দেখুৱায়, তেন্তে কেনেকৈ এই হিচাপ সমাপ্ত কৰা হয়?

উত্তৰঃ মূল-আদায়কৰণ হিচাপৰ লোকচান অংশীদাৰৰ মূলধন হিচাপত স্থানান্তৰ কৰি সমাপ্ত কৰা হয়।

7. ব্যৱসায়ৰ অৱসায়নৰ সময়ত প্ৰথমে কি হিচাপ প্ৰস্তুত কৰা হয়?

উত্তৰঃ অৱসায়নৰ সময়ত প্রথমে মূল্য-আদায়কৰণ হিচাপ প্ৰস্তুত কৰা হয়।

8. কি ভিত্তিত ব্যৱসায়ৰ অৱসায়নৰ সময়ত অংশীদাৰক চূড়ান্ত পৰিশোধ কৰা হয়?

উত্তৰঃ অংশীদাৰৰ মূলধন হিচাপত যি পৰিমাণৰ উদ্ধৃত্ত ওলায় সেই পৰিমাণেৰে পৰিশোধ কৰা হয়।

9. যদি অংশীদাৰৰ মূলধন হিচাপে ডেবিট উদ্ধৃত্ত দেখুৱায়, তেতিয়া ইয়াৰ বাবে কি কৰিব লাগিব?

উত্তৰঃ মূলধনৰ মাটি পূৰাবলৈ অংশীদাৰে ব্যৱসায়ক টকা পৰিশোধ কৰিব লাগিব।

III. ৰচনাধৰ্মী প্রশ্নোত্তৰঃ

1. অংশীদাৰী ব্যৱসায়ৰ অৱসায়ন বুলিলে কি বুজায়? ব্যৱসায়ৰ অৱসায়নৰ কাৰণসমূহ বর্ণনা কৰা।

উত্তৰঃ অংশীদাৰী ব্যৱসায়ৰ অৱসায়ন ন্যায়ালয়ৰ হস্তক্ষেপৰ অবিহনে নাইবা ন্যায়ালয়ৰ নিৰ্দেশ মর্মেও হ’ব পাৰে অথবা এই দফাত উল্লেখ কৰা যিকোনো ব্যৱস্থাৰে হ’ব পাৰে। এই কথা মন কৰিব লাগিব যে অংশীদাৰী ব্যৱসায়ৰ অৱসায়নৰ ফলত অংশীদাৰীৰ অৱসায়ন নিশ্চিত। অংশীদাৰী ব্যৱসায়ৰ অৱসায়ন তলত দিয়া ধৰণে হ’ব পাৰে—

(ক) চুক্তিসন্মত অৱসায়নঃ এখন ফাৰ্মৰ অৱসায়ন

(i) অংশীদাৰসকলৰ সন্মতিক্রমে। বা

(ii) অংশীদাৰসকলৰ মাজৰ চুক্তি মতে হ’ব পাৰে।

(খ) বাধ্যতামূলক অৱসায়নঃ এখন ফার্ম বাধ্যতামূলকভাৱে তলত দিয়া কাৰণসমূহৰ বাবে অৱসয়ান হ’ব পাৰে—

(i) যেতিয়া সকলো অংশীদাৰ বা এজন অংশীদাৰ দেউলীয়া হয়, তেওঁলোকে চুক্তিত স্বাক্ষৰ কৰিবলৈ অসমর্থ হয়।

(ii) যেতিয়া ফাৰ্মখনৰ ব্যৱসায় বে-আইনী ঘোষিত হয়।

(iii) যেতিয়া কোনো ঘটনা সংঘটিত হয়, যাৰ দ্বাৰা অংশীদাৰসকলৰ বাবে অংশীদাৰী ব্যৱসায়টো চলাই নিয়া বিধিসন্মত নহয়। যেনে—যেতিয়া এজন অংশীদাৰ যি এখন দেশৰ নাগৰিক আৰু তেওঁ যদি এজন সেই দেশখনৰ স্বভাৱবিৰুদ্ধ শত্ৰু হয়, কাৰণ ভাৰত আৰু সেই দেশখনৰ যুদ্ধ ঘোষণা কৰা হ’ল।

(গ) কোনো নির্দিষ্ট ঘটনা সংঘটিত হোৱাৰ ফলত অৱসায়নঃ অংশীদাৰসকলৰ চুক্তি মৰ্মে তলত দিয়া ধৰণে এখন ফাৰ্মৰ অৱসায়ন হয়।

(i) যদি ফার্মখন এক নিৰ্দিষ্ট সময়ৰ বাবে গঠন কৰা হয় আৰু সেই সময় উকলি গ’লে।

(ii) যদি কোনো নির্দিষ্ট কাম সম্পাদনৰ বাবে ফাৰ্মখন গঠন কৰা হয় আৰু সেই কাম সম্পাদন হ’লে।

(iii) যদি অংশীদাৰ এজনৰ মৃত্যু হয়।

(iv) যদি অংশীদাৰ এজনক ন্যায়লয়ে দেউলীয়া বুলি ঘোষণা কৰে।

(ঘ) জাননীৰ দ্বাৰা অৱসায়নঃ অংশীদাৰৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰশীল অংশীদাৰী ব্যৱসায়ৰ ক্ষেত্ৰত যদি কোনো এজন অংশীদাৰে আন অংশীদাৰক লিখিতভাৱে ফাৰ্মখনৰ অৱসায়ন হ’ব লাগে বুলি তেওঁৰ ইচ্ছা প্ৰকাশ কৰে তেন্তে ফাৰ্মখনৰ অৱসায়ন হ’ব পাৰে।

(ঙ) ন্যায়ালয়ৰ দ্বাৰা অৱসায়নঃ অংশীদাৰৰ সুবিধা অনুযায়ী ন্যায়ালয়ে তলত দিয়া ভেটিকেইটাৰ ওপৰত নিৰ্ভৰ কৰি অংশীদাৰী ব্যৱসায়ৰ অৱসায়নৰ বাবে আদেশ দিব পাৰে—

(i) যেতিয়া এজন অংশীদাৰ বলিয়া হয়।

(ii) যেতিয়া এজন অংশীদাৰে স্থায়ীভাৱে এজন অংশীদাৰ হিচাপে তেওঁৰ দায়িত্ব পালনত অসমর্থ হয়।

(iii) যেতিয়া এজন অংশীদাৰে আইনবিৰুদ্ধ আচৰণৰ জৰিয়তে ব্যৱসায়ৰ স্বাৰ্থৰ বিপৰীতে কাম কৰে।

(iv) যেতিয়া কোনো এজন অংশীদাৰে নিৰৱিচ্ছিন্নভাৱে অংশীদাৰী চুক্তি ভংগ কৰে।

(v) যেতিয়া কোনো এজন অংশীদাৰে তেওঁৰ সম্পূৰ্ণ স্বাৰ্থ তৃতীয় পক্ষলৈ স্থানান্তৰ কৰে।

(vi) যেতিয়া লোকচানৰ বাহিৰে আন কাৰণত ব্যৱসায়টো চলাই নিব নোৱাৰে। বা

(vii) আন যিকোনো ভিত্তিত নিৰ্ভৰ কৰি ন্যায়ালয়ে ন্যায়পূর্ণ অৱসায়ন ঘোষণা কৰিব পাৰে।

2. অংশীদাৰত্বৰ অৱসায়ন আৰু অংশীদাৰী ব্যৱসায়ৰ অৱসায়নৰ মাজৰ পাৰ্থক্য লিখা।

উত্তৰঃ অংশীদাৰী ব্যৱসায়ৰ অৱসায়ন আৰু অংশীদাৰীত্বৰ অৱসায়নৰ মাজত থকা পার্থক্য সমূহ হ’ল—

ভিত্তিঅংশীদাৰীত্বৰ অৱসায়নঅংশীদাৰী ব্যৱসায়ৰ অৱসায়ন।
1. ব্যৱসায়ৰ অৱসানইয়াত ব্যৱসায়টোৰ অৱসান নহয়।ইয়াত ফাৰ্মখনৰ ব্যৱসায় বন্ধ হয়।
2. সম্পত্তি আৰু দেনাৰ মীমাংসাসম্পত্তি আৰু দেনাসমূহৰপুনৰ মূল্যায়ন কৰি নতুন উদ্ধৃত্ত পত্র প্ৰস্তুত কৰা হয়।সম্পত্তিসমূহ বিক্ৰী কৰা হয় আৰ দেনাসমূহ পৰিশোধ কৰা হয়।
3. ন্যায়ালয়ৰ হস্তক্ষেপন্যায়ালয়ে কোনো হস্তক্ষেপ নকৰে কাৰণ, পাৰস্পৰিক চুক্তিৰে অংশী দাৰিত্বৰ অৱসায়ন হয়।এখন ফাৰ্ম ন্যায়ালয়ৰ আদেশত অৱসায়ন হ’ব পাৰে।
4. অর্থনৈতিক সম্পর্কঅংশীদাৰসকলৰ মাজৰ অৰ্থনৈতিক সম্পর্ক এক নতুন প্রক্রিয়াত চলি থাকে।অংশীদাৰসকলৰ মাজৰ অর্থনৈতিক সম্পর্ক বিলুপ্তি হয়।
5. হিচাপৰ সামৰণিযিহেতু অংশীদাৰীত্বৰ বিলুপ্তিয়ে অংশীদাৰী ব্যৱসায়ৰ বিলুপ্তি নুবুজায়, সেয়েহে ইয়াত হিচাপ সামৰাৰ প্ৰয়োজন নাই।হিচাপৰ বহীসমূহৰ সামৰা কৰা হয়।
6. আন অৱসায়নই ফাৰ্মখনৰ অৱসায়নৰ লগত জড়িত হ’ব বা নহ’ব পাৰে।ই অংশীদাৰীত্বৰ অৱসায়নৰ লগত আৱশ্যকীয়ভাবে জড়িত।

3. অংশীদাৰী ব্যৱসায়ৰ বিলোপ সাধনৰ সময়ত হিচাপ মীমাংসা সন্দৰ্ভত অংশীদাৰী আইনৰ 48 ধাৰাৰ বিধি-বিধানসমূহ ব্যাখ্যা কৰা।

উত্তৰঃ অংশীদাৰী ব্যৱসায়ৰ বিলোপ সাধনৰ সময়ত হিচাপ মীমাংসা সন্দৰ্ভত অংশীদাৰী আইনৰ 48 ধাৰাৰ বিধি- বিধানসমূহ তলত ব্যাখ্যা কৰা হ’লঃ

১। মূলধনৰ ঘাটিকে ধৰি সকলোবোৰ লোকচান বা ক্ষতি, প্রথমতে লাভৰ পৰা আৰু তাৰ পাছত মূলধনৰ পৰা আৰু সৰ্বশেষত প্রয়োজন হ’লে অংশীদাসকলে লাভ-বণ্টনৰ অনুপাতত তেওঁলোকৰ নিজস্ব ব্যক্তিগত সম্পত্তিৰ পৰা পূৰণ কৰিব লাগিব।

২। মূলধনৰ ঘাটি পূৰাবৰ বাবে অংশীদাৰীসকলে আদায় দিয়া ধন অন্তর্ভুক্ত কৰাৰ পাছত প্ৰতিষ্ঠানৰ যাৱতীয় সম্পত্তি তলত উল্লেখ কৰাৰ দৰে আৰু তলৰ ক্ৰম অনুসাৰে প্ৰয়োগ কৰিব লাগিব।

(ক) মূল্যাদায়কৰণৰ খৰছসমূহ।

(খ) তৃতীয়পক্ষক দিবলগীয়া প্ৰতিষ্ঠানৰ দেনা পৰিশোধ কৰা।

(গ) মূলধনৰ উপৰিও কোনো অংশীদাৰে প্ৰতিষ্ঠানলৈ অগ্রিম ধন বা ঋণ আগবঢ়ালে তেনে অগ্রিম ধন বা ঋণ পৰিশোধ কৰা।

(ঘ) মূলধনৰ বাবদ অংশীদাৰসকলৰ ধন সমানুপাতিক হাৰত পৰিশোধ কৰা। আৰু

(ঙ) ইয়াৰ পাছতো কিবা ৰাহি থাকিলে, তেনে ৰাহি অংশীদাৰসকলৰ মাজত লাভ বণ্টনৰ অনুপাত ভাগ কৰিব লাগিব।

4. হিচাপৰ নিস্পত্তিৰ লগত জড়িত লোকচানৰ প্ৰতিবাদন আৰু সম্পত্তিৰ প্ৰয়োগৰ বিষয়ে লিখা।

উত্তৰঃ অংশীদাৰী ব্যৱসায়ৰ অৱসায়নৰ ক্ষেত্ৰত যিহেতু ফাৰ্মখনৰ ব্যৱসায়ৰ অন্ত পৰে সেয়েহে ইয়াত হিচাপৰ নিস্পত্তি কৰিব লাগে। এই উদ্দেশ্যে, ইয়াৰ সকলো দেনা পৰিশোধ কৰাৰ বাবে সম্পত্তিসমূহ বিক্ৰী কৰিব লাগে। ফলত লোকচানৰ প্ৰতিবাদন আৰু সম্পত্তিৰ প্ৰয়োগ জড়িত হৈ পৰে—

(a) লোকচানৰ প্ৰতিবাদনঃ মূলধনৰ ঘাটিকে ধৰি আন লোকচানসমূহৰ তলত দিয়া ধৰণে দিহা কৰিব লাগিব—

(i) প্ৰথমতে লাভৰ অংশৰ পৰা।

(ii) অংশীদাৰৰ মূলধনৰ অংশৰ পৰা। আৰু

(iii) শেষত, যদি প্রয়োজন হয়, অংশীদাৰসকলে গাইপতি তেওঁলোকৰ ‘লাভ বিভাজন অনুপাত’ত বহন কৰিব।

(b) সম্পত্তিৰ প্ৰয়োগঃ অংশীদাৰী ব্যৱসায়ৰ সম্পত্তিসমূহ আৰু অংশীদাৰসকলে নিজৰ অংশৰ মূলধনৰ ঘাটি পূৰণ কৰিবলৈ প্ৰদান কৰা নগদ ধন তলত দিয়া ধৰণে প্ৰয়োগ কৰিব লাগিব। মূলধনৰ ঘাটি পূৰণ কৰিবলৈ অংশীদাৰসকলে বৰঙণি যোগোৱা ধন সমন্বিত ফাৰ্মখনৰ সম্পত্তিসমূহ তলত দিয়া ধৰণে ক্রমানুসৰি প্ৰয়োগ কৰা হয়ঃ

(i) ফাৰ্মখনৰ তৃতীয় পক্ষৰ দেনা পৰিশোধ কৰোতে।

(ii) অংশীদাৰসকলে অংশ মূলধনৰ উপৰিও যি নগদ ধন ব্যৱসায়ত আগধন হিচাপে যোগান ধৰে উক্ত আগধন তেওঁলোকৰ মাজত আনুপাতিকভাৱে ঘুৰাই দিয়া হয়। অংশীদাৰসকলক আনুপাতিকভাৱে তেওঁক দিব থকা আগধন যি মূলধনৰ পৰা পৃথক হয়, সেইটো পৰিশোধ কৰা (যেনে— অংশীদাৰৰ ঋণ)।

(iii) অংশীদাৰসকলৰ অংশ মূলধন আনুপাতিকভাৱে তেওঁলোকক ঘূৰাই দিয়া।

(iv) যদি কিবা অৱশিষ্ট থাকে, তেন্তে সেইখিনি অংশীদাৰসকলৰ মাজত লাভ বিভাজন অনুপাতত ভগোৱা হ’ব।

সকলো লাভ-লোকচান নিস্পত্তি কৰাৰ পিছত যদি অৱশিষ্ট থাকে, তেন্তে সেই টকা অংশীদাৰৰ মূলধনৰ হিচাপৰ নিস্পত্তি কৰাত ব্যৱহাৰ কৰা হ’ব।

5. অৱসায়নৰ সময়ত হিচাপৰ বহীসমূহ বন্ধ কৰিবলৈ দিবলগা জাবেদা প্রবৃষ্টিসমূহ লিখা।

উত্তৰঃ অৱসায়নৰ সময়ত দিবলগা সৃষ্টিসমূহ হ’ল—

(i) সম্পত্তিৰ হিচাপ বন্ধ কৰিবলৈ

Realisation A/c Dr.

To Assets A/c

(ii) দেনাৰ হিচাপ বন্ধ কৰিবলৈ

Liabilities A/c Dr.

To Realisation A/c

(iii) যেতিয়া সম্পত্তিৰ বিক্ৰী হয়

Bank A/c Dr.

To Realisation A/c

(iv) অংশীদাৰে সম্পত্তি গ্ৰহণ কৰিলে

Partner’s capital A/c Dr.

To Realisation A/c

(v) দেনা পৰিশোধৰ বাবে

Realisation A/c Dr.

To Bank A/c

(vi) অংশীদাৰে দেনাৰ দায়িত্ব ললে

Realisation A/c Dr.

Ro partner’s capital A/c

(vii) আদায়কাৰণত খৰচ হ’লে

Realisation A/c Dr.

To Bank A/c

(viii) আদায়কৰণত লাভ হ’লে

Realisation A/c Dr.

To partner’s capital A/c

(ix) আদায়কৰণত লোকচান হ’লে

Partner’s capital A/c Dr.

Ro Realisation A/c

(x) সঞ্চিত পুঁজি বা লাভ স্থানান্তৰ হ’লে

Reserve A/c Dr.

Profits Loss capital A/c

To partner’s capital A/c

(xi) লোকচান স্থানান্তৰ কৰিলে

Partner’s capital A/c Dr.

To profits Loss A/c

(xii) অংশীদাৰৰ মূলধন পৰিশোধ কৰিলে

Partner’s Capital A/c Dr.

To Bank A/c

(xiii) অংশীদাৰে মূলধনৰ ঘাটি পূৰালে

Bank A/c Dr.

To Partner’s capital A/c

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top