Class 11 Sociology Chapter 9 পাশ্চাত্য সমাজতত্ত্ববিদসকলৰ পৰিচয়

Class 11 Sociology Chapter 9 পাশ্চাত্য সমাজতত্ত্ববিদসকলৰ পৰিচয় Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter AHSEC Class 11 Sociology Chapter 9 পাশ্চাত্য সমাজতত্ত্ববিদসকলৰ পৰিচয় and select needs one.

Class 11 Sociology Chapter 9 পাশ্চাত্য সমাজতত্ত্ববিদসকলৰ পৰিচয়

Join Telegram channel

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC Class 11 Sociology Chapter 9 পাশ্চাত্য সমাজতত্ত্ববিদসকলৰ পৰিচয় Solutions for All Subject, You can practice these here.

পাশ্চাত্য সমাজতত্ত্ববিদসকলৰ পৰিচয়

পাঠ: 9

দ্বিতীয় ভাগ

চমু প্ৰশ্নোত্তৰ 

১। তিনিটা সামাজিক বিপ্লৱ কি কি ? 

উত্তৰঃ তিনিটা সামাজিক বিপ্লৱ হ’ল—

(ক) জ্ঞানোদয় যুগ।

(খ) ফৰাচী বিপ্লৱ।

(গ) শিল্প বিপ্লৱ।

২। সামাজিক ঘটনা কি ?

উত্তৰঃ সামূহিক আচৰণ আৰু বিশ্বাস পদ্ধতিৰ লগত জড়িত থকা সামাজিক বাস্তৱৰ অংশবিশেষ এইবোৰ ব্যক্তিসকলৰ দ্বাৰা সৃষ্টি কৰা হোৱা নাই; কিন্তু তেওঁলোকক মানিবলৈ বাধ্য কৰোৱা যায় আৰু ইয়াৰ দ্বাৰা তেওঁলোকৰ আচৰণক প্ৰভাৱান্বিত কৰা হয় সেয়েহে হ’ল সমাজ ।

৩। মাৰ্ক্সৰ মতে সমাজে অতিক্রম কৰি অহা স্তৰবোৰ কি কি ?

উত্তৰঃ মাৰ্ক্সৰ মতে সমাজে অতিক্রম কৰি অহা স্তৰবোৰ হ’ল—

(ক) আদিম সাম্যবাদ।

(খ) দাস ব্যৱস্থা।

(গ) সামন্তবাদী।

(ঘ) পুঁজিবাদী ব্যৱস্থা।

৪। জ্ঞানোদয় যুগৰ মানে কি ?

উত্তৰঃ ১৭ শ শতিকাৰ শেষভাগৰপৰাই ইউৰোপৰ বৌদ্ধিক মহলত এক মৌলিক ভাৱধাৰাৰ উন্মেষ ঘটিছিল। তেওঁলোকে এই ভাৱধাৰা বা দৃষ্টিভংগীৰ সহায়েৰে সমগ্ৰ বিশ্বক নতুনকৈ চোৱাৰ প্ৰয়াস কৰিছিল। এই কালছোৱাকে জ্ঞানোদয় যুগ বুলি কোৱা হয়।

৫। শ্ৰমবিভাজন ওপৰত দুৰখেইমে সমাজক কেইটা ভাগত ভাগ কৰিছে আৰু কি কি ?

উত্তৰঃ শ্ৰমবিভাজন ওপৰত দুৰখেইমে সমাজক দুটা ভাগত ভাগ কৰিছে । সেইকেইটা হ’ল—

(ক) যান্ত্ৰিক সমাজ।

(খ) জৈৱিক সমাজ।

৬। কাৰ্ল মাৰ্ক্সৰ মুখ্য কিতাপখন কি আৰু কেতিয়া প্ৰকাশ পাইছিল ?

উত্তৰঃ কাৰ্ল মাৰ্ক্সৰ মুখ্য কিতাপখন হ’ল– Das Capital. কাৰ্ল মাৰ্ক্সৰ মুখ্য কিতাপখন ১৮৬৭ চনত প্ৰকাশ পাইছিল।

৭। শিল্প বিপ্লৱ ক’ত আৰু কেতিয়া হৈছিল ?

উত্তৰঃ ১৭ শ শতিকাত ইংলেণ্ডত হৈছিল।

৮। আমোলাতন্ত্ৰ কি ? 

উত্তৰঃ ব্যক্তিয়ে নিজৰ কৰ্তব্য আৰু দায়িত্ব পালন কৰা এক শক্তিশালী আৰু বিজ্ঞানসন্মত প্ৰশাসনিক ব্যবস্থাক আমোলাতন্ত্ৰ বুলি কোৱা হয়।

৯। ফৰাচী বিপ্লৱৰ আদর্শ তিনিটা কি কি ?

উত্তৰঃ ফৰাচী বিপ্লৱৰ আদর্শ তিনিটা হ’ল–

(ক) স্বাধীনতা।

(খ) সমতা।

(গ) ভাতৃত্ব।

১০। পাশ্চাত্যৰ তিনিজন সমাজতত্ত্ববিদ নাম লিখা

উত্তৰঃ পাশ্চাত্যৰ তিনিজন সমাজতত্ত্ববিদ নাম হ’ল–

(ক) কাৰ্ল মাৰ্ক্স।

(খ) ইমাইল দুৰখেইম।

(গ) মেক্স ৱেবাৰ।

অনুশীলন (Exercise)

১। সমাজৰ বিকাশত জ্ঞানোদয়ৰ গুৰুত্ব কি?

উত্তৰঃ ১৭ শ শতিকাৰ শেষাৰ্ধৰ পৰা ১৮ শতিকাৰ কালছোৱাত পশ্চিম ইউৰোপৰ বৌদ্ধিক মহলত এক মৌলিক ভাৱধাৰাৰ উন্নেষ ঘটিছিল। এই কালছোৱাকে জ্ঞানোদয় যুগ বুলি অভিহিত কৰা হৈছে। জ্ঞানোদয়ৰ নতুন চিন্তাধাৰা আৰু দৰ্শনে মানৱ প্ৰাণীক বিশ্বব্ৰহ্মাণ্ডৰ কেন্দ্ৰৰূপে গণ্য কৰিছিল। কেৱল সেয়ে নহয়,  যুক্তিবাদী অথবা বৈজ্ঞানিক চিন্তা-চৰ্চাৰ সমস্ত আঁত ধৰিব পৰা যি শক্তি, সেয়া মানৱ প্ৰাণীৰ প্ৰধান বৈশিষ্ট্যৰূপে গণ্য কৰা হৈছিল। 

এই ভাৱধাৰা মতে মানুহে যুক্তিৰ আধাৰত তথা বিশ্লেষণাত্মক মানোভাৱেৰে সকলোধৰণৰ চিন্তা-চর্চা কৰিব পাৰে। এই সামৰ্থ থকাৰ বাবে মানুহক সকলো প্ৰকাৰৰ জ্ঞানৰ স্ৰষ্টা আৰু অধিকাৰীৰূপে স্থান দিয়া হৈছে।  যিসকল এই ক্ষমতা আৰু সামৰ্থৰ পৰা বিৰত থাকিলে, তেওঁলোকৰ ‘প্ৰকৃত মানুহ’ ৰূপে কম গণ্য কৰা হ’ল, যেনে —আদিম ‘বৰ্বৰ’ সমাজৰ থলুৱা বাসিন্দাসকল। মানৱ সমাজখনক এনেদৰে জ্ঞান আয়ত্তলৈ আনিবলৈ সহজ হৈ পৰিল। এই জ্ঞান শক্তিৰ সহায়েৰে আদিম কালৰে পৰা প্ৰচলিত হৈ অহা ধৰ্মীয় বিশ্বাস, সম্প্ৰদায় তথা দেৱ-দেৱীৰ মাহাত্ম্য আদি শক্তিবোৰক ক্ৰমান্বয়ে হ্ৰাস কৰাটো অনিবাৰ্য হৈ পৰিল। ইয়াৰ অৰ্থ এইটোৱেই যে  জ্ঞানোদয়ৰ ফলত মানুহৰ চিন্তাশক্তি আৰু মনোভাৱৰ উৎকৰ্ষ সাধন হৈছিল আৰু তাৰ লগে লগে সমাজলৈ নতুন চিন্তা চেতনা প্ৰৱাহিত হৈছিল, যাক আমি আজিৰ যুগত ধৰ্ম নিৰপেক্ষতা, বৈজ্ঞানিক চিন্তাধাৰা আৰু মানৱতাবাদ বুলি আখ্যা দিওঁ।

২। সমাজতত্ত্বৰ উৎপত্তিত শিল্প বিপ্লৱ কেনেদৰে জড়িত আছিল, আলোচনা কৰা।

উত্তৰঃ আধুনিক যুগৰ উদ্যোগসমূহৰ ভেটি স্থাপন কৰিছিল শিল্প বিপ্লৱে। ১৮ শতিকাৰ শেষ ভাগত আৰু ১৯ শতিকাৰ আগভাগত ব্ৰিটেইন উদ্যোগিক বিপ্লৱৰ সূচনা হৈছিল। এই বিপ্লৱৰ দুটা প্ৰধান দিশ আছিল বিজ্ঞান আৰু কাৰিকৰী শিক্ষাক উদ্যোগিক উৎপাদনত পদ্ধতিভাৱে প্ৰয়োগ কৰা, বিশেষকৈ নতুন যন্ত্ৰপাতিৰ আবিষ্কাৰ আৰু শক্তিৰ নতুন উৎসৰ সন্ধান কৰা। দ্বিতীয়তে, উদ্যোগিক বিপ্লৱে শ্ৰম তথা বজাৰসমূহক নতুন পদ্ধতিৰে অধিকভাৱে সংগঠিত কৰাৰ ব্যৱস্থা অধিক খৰতকীয়া কৰি তোলে। সূতা কটা যন্ত্ৰ আৰু ভাপ ইঞ্জিনৰ আবিষ্কাৰে নতুন যুগৰ সূচনা কৰিলে। বৃহৎ মাত্ৰাত উৎপাদন আৰম্ভ হোৱাৰ বজাৰ ব্যৱস্থাৰ উন্নতি ঘটিল। 

উৎপাদন ব্যৱস্থাৰ আমূল পৰিৱৰ্তনৰ ফলত মানুহৰ সামাজিক জীৱনলৈ বিশাল পৰিৱৰ্তন নামি আহিল। নতুন নতুন নগৰৰ সৃষ্টি হ’ল আৰু গ্ৰাম্যাঞ্চলৰ পৰা নগৰ অঞ্চললৈ শ্ৰমিককে ধৰি বহু লোকৰ প্ৰবজন ঘটিল। শ্ৰমিকৰ শ্ৰমৰ মূল্য বৃদ্ধি হ’ল আৰু নগৰত জনসংখ্যা বৃদ্ধিৰ লগে লগে স্বাস্থ্য, অপৰাধ, অসমাজিক ব্যৱসায়, পৰিষ্কাৰ পৰিচ্ছন্নতা, যুৱ উচ্ছৃংখলতা আদিকে ধৰি বহুতো সামাজিক সমস্যাৰ সৃষ্টি হ’ল। আধুনিক উদ্যোগসমূহৰ সহায়ত নগৰ আৰু চহৰবোৰে গাঁও অঞ্চলত আধিপত্য বিস্তাৰ কৰি ক্ষমতা লাভ কৰিলে। লগে লগে নগৰ-চহৰবোৰত গঢ় লৈ উঠা মানুহৰ বসতিস্থানবোৰ প্ৰভাৱশালী কেন্দ্ৰৰূপে পৰিগণিত হৈ পৰিল।

৩। উৎপাদনৰ ধৰণৰ বিভিন্ন উপাদানবোৰ কি কি ?

উত্তৰঃ সামগ্ৰীবোৰ উৎপাদন কৰা এক পদ্ধতি, যিবোৰ পদ্ধতি দীৰ্ঘদিনৰ বাবে বৰ্তি থাকে। উৎপাদনৰ প্ৰতিটো ধাৰাৰ লগত উৎপাদনৰ উপায়সমূহ যেনে– যন্ত্ৰপাতি আৰু উৎপাদন সংগঠন প্ৰকাৰবোৰ আৰু উৎপাদনৰ সম্পৰ্ক যেনে– দাসত্ব, গোমালি প্ৰথা, দিন হাজিৰা কৰা লোক আদিবোৰ ভিন্ন ভিন্ন ৰূপত জড়িত থাকে।

৪। মাৰ্ক্সৰ মতে শ্ৰেণীবোৰ কিয় সংঘৰ্ষলৈ আহে ?

উত্তৰঃ কাৰ্ল মাৰ্ক্স শ্ৰেণী সংগ্ৰামৰ প্ৰবল সমৰ্থক আছিল। তেওঁ বিশ্বাস কৰিছিল যে শ্ৰেণী সংগ্ৰাম হৈছে সামাজিক পৰিৱৰ্তনৰ প্ৰধান শক্তিস্বৰূপ। The Community Manifesto নামৰ গ্ৰন্থখনত মাৰ্ক্স আৰু এঞ্জেলচে তেওঁলোকৰ চিন্তাধাৰা আৰু কার্যক্রমণিকাৰ বিষয়ে স্পষ্টকৈ আৰু সংক্ষেপ ৰূপত দাঙি ধৰিছে। তেওঁলোকে লিখিছিল— ‘Free man and slave, patrician and plebeian, lord and serf, guildmaster and journeyman, in a word, oppressor and oppressed, stood in constant opposition to one another, carried out an uninterrupted, now hidden, now open fight.’ অৰ্থাৎ ‘মুক্ত নাগৰিক আৰু দাসসকল, সম্ভ্ৰান্ত আৰু সাধাৰণ শ্ৰেণী, মালিক আৰু বহতীয়ালৈকে, জমিদাৰ আৰু বিৰোধিতা চলি আহিছে — কেতিয়াবা একেলেথাৰিকৈ, কেতিয়াবা গোপনে বা কেতিয়াবা মুকলি যুদ্ধত অৱতীৰ্ণ হৈছে। প্ৰতিটো পৰ্যায়তে দুটা মূল বিপৰীতে শ্ৰেণীৰ লোক থাকে আৰু দুয়োটা শ্ৰেণীৰ মাজত অহৰহ মতানৈক্য বিৰাজ কৰে। উৎপাদন প্ৰক্ৰিয়াক কেন্দ্ৰ কৰিয়েই এনেধৰণৰ মতানৈক্যৰ সৃষ্টি হয়।

কাৰ্ল মাৰ্ক্সৰ মতবাদ অনুসৰি সমাজৰ অৰ্থনৈতিক প্ৰক্ৰিয়াবোৰে মতানৈক্যৰ সৃষ্টি কৰে। যি মতানৈক্যই অৱশেষত শ্ৰেণী সংঘাত সৃষ্টি কৰে।

৫। কোনবোৰক সামাজিক ঘটনা বুলি ক’ব পাৰি ? আমি সেইবোৰক কেনেকৈ চিনাক্ত কৰিম।

উত্তৰঃ সামাজিক ঘটনা হৈছে ব্যক্তি বিশেষৰ ঊদ্ধৰ্ত অৱস্থিত এক নৈতিক সম্প্ৰদায়স্বৰূক। সামাজিক ঘটনা ব্যক্তিৰ সীমাৰ বাহিৰত থাকে আৰু সামূহিকভাৱে প্ৰতিনিধিত্ব কৰে যিবোৰ ব্যক্তিসকলৰ সহযোগিতাৰ দ্বাৰা সম্ভৱ হয়।

সামাজিক ঘটনা সামাজিক ব্যৱহাৰৰ যোগেদি নিৰীক্ষণ কৰিব পৰা যায়। সামাজিক ব্যৱহাৰৰ একত্ৰীকৰণৰ আৰ্হিত এইবোৰ চিনাক্ত কৰিব পাৰি। দুৰখেইমৰ মতে আত্মহত্যাৰ দৰে ঘটনাবোৰ যদিও ব্যক্তিগত কাৰণবশত ঘটে তথাপিও এনে ঘটনাবোৰৰ পুঞ্জীভূত ৰূপটোৱেই সামাজিক ঘটনা বুলি ক’ব পাৰি।

৬। ‘যান্ত্ৰিক’ আৰু ‘আংগিক’ একতাৰ মাজত পার্থক্য কি? 

উত্তৰঃ ‘যান্ত্ৰিক’ আৰু ‘আংগিক’ একতাৰ মাজত পার্থক্যবোৰ হ’ল—

 আদিম  সমাজ যান্ত্ৰিক একতাৰ ওপৰত আধাৰিত আছিল আৰু আনহাতে বৰ্তমান আধুনিক সমাজৰ আধাৰ হৈছে আংগিক একতা। 

যান্ত্ৰিক একতা নিৰ্ভৰ কৰে সমাজৰ ব্যক্তিসকলৰ সাদৃশ্যতাৰ ওপৰত আৰু এইবোৰ সমাজ কম সংখ্যক জনসংখ্যাৰ দ্বাৰা গঠিত। এইবোৰ সমাজ বিভিন্ন আত্মনিৰ্ভৰশীল গোটৰ দ্বাৰা গঠিত হয় আৰু গোটৰ প্ৰতিজন ব্যক্তিয়ে সাধাৰণতে একেধৰণৰ কাম-কাজত আবদ্ধ থাকে। সেইদৰে ব্যক্তিসকলৰ মাজত সামাজিক সম্বন্ধবোৰৰ আধাৰ হৈছে সকলো ব্যক্তিয়ে এনেধৰণৰ কাম-কাজত লিপ্ত হৈ ইজনে সিজনৰ মাজত সাদৃশ্যতা বজাই ৰখা। এই সমাজ ব্যৱস্থাত অৱদমিত আইন প্ৰয়োগ কৰা হয়, যি আইনৰ ভিত্তিত সাম্প্ৰদায়িক প্ৰতিমান উলংঘা কৰাত বাধা দিয়ে। 

আনহাতে, আধুনিক সমাজৰ প্ৰধান বৈশিষ্ট্য হৈছে ইয়াৰ ‘আংগিক একতা’। ইয়াৰ আধাৰ হৈছে সদস্যসকলৰ বিষমতা গুণ। বৃহৎ সংখ্যক জনসাধাৰনেৰে গঠিত সমাজত আংগিক একতা দেখা যায়, য’ত ব্যক্তিৰ সামাজিক সম্বন্ধ দৰাচলতে নৈৰ্ব্যক্তিক হোৱা বাঞ্ছনীয় হৈ পৰে। এই সমাজবোৰৰ আধাৰ হৈছে সামাজিক সংস্থাবোৰৰ আৰু সংগঠিত প্ৰতিটো গোট বা একক দৰাচলতে আত্মনিৰ্ভৰশীল নহয়, বৰং জীৱন নির্বাহৰ বাবে এটা আনটোৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিব লাগে।  পাৰস্পৰিক নিৰ্ভৰশীলতাই হৈছে আংগিক একতাৰ মূলমন্ত্ৰ। আংগিক একতাই ব্যক্তিক প্ৰাধান্য দিয়ে। এই ব্যৱস্থাৰ আইন ‘দমনকাৰী’ নহৈ ক্ষতিপূৰক প্ৰবৃত্তিৰ হয়। এই ব্যৱস্থাত ব্যক্তিক কিছু পৰিমাণে স্বায়ত্ব শাসনৰ অধিকাৰ বা ক্ষমতা দিয়া হয়।

৭। নৈতিক নিয়মাৱলীবোৰ কেনেকৈ সামাজিক একতাৰ পৰিচায়ক, উদাহৰণসহ দেখুওৱা।

উত্তৰঃ নৈতিক নিয়মাৱলীবোৰ সদায়েই সামাজিক একতাৰ পৰিচায়ক হৈ আহিছে। যান্ত্ৰিক একতা থকা আদিম সমাজত ব্যক্তি আৰু তেওঁৰ সম্প্ৰদায় উভয়ে এক শক্তিশালী বান্ধোনত বান্ধ খাই থাকে। সেইবাবে ব্যক্তিয়ে সামাজিক বা সাম্প্ৰদায়িক প্ৰতিমানবোৰ ভংগ কৰিলে সম্প্ৰদায়টো ভাঙোনমুখী হোৱাৰ সম্ভাৱনা থাকে, যাৰ বাবে প্ৰতিমান ভংকাৰীৰ কঠোৰ শাস্তি দিয়া হয়। এনে শাস্তিৰ ভয়ত ব্যক্তিয়ে সামাজিক প্ৰতিমানসমূহ মানি চলে, যাৰ বাবে এইবোৰ সামাজিক একতাৰ পৰিচায়ক হৈ পৰে।

৮। আমোলাতন্ত্ৰৰ মূল বৈশিষ্ট্যবোৰ কি কি ?

উত্তৰঃ আমোলাতন্ত্ৰৰ মূল বৈশিষ্ট্যবোৰ হ’ল—

(i) বিষয়াসকলৰ কাৰ্যপ্ৰণালী।

(ii) স্থিতিৰ পদানুক্ৰমিক ব্যৱস্থা।

(iii) লিখিত নথিপত্ৰৰ ওপৰত আস্থা।

(iv) কাৰ্যালয়ৰ ব্যৱস্থাপনা। আৰু

(v) কাৰ্যালয়ৰ আচৰণ-বিধি।

(i) বিষয়াসকলৰ কাৰ্যপ্ৰণালী:- আমোলাতন্ত্ৰৰ অন্তৰ্গত বিষয়াসকলৰ বাবে নিৰ্দিষ্ট কৰি ৰখা ‘কাৰ্যালয় ক্ষেত্ৰিক অধিকাৰ’ থাকে। এইবোৰ বিধিসংগত নীতি, আইন আৰু প্ৰশাসনিক বিধানৰ দ্বাৰা পৰিচানলা কৰা হয়। আমোলাতান্ত্রিক সংগঠনৰ নিয়মিত কাম-কাজবোৰ অফিচিয়েল কাম ৰূপে নিৰ্ধাৰণ কৰা থাকে। তদুপৰি উচ্চপদস্থ বিষয়াসকলৰ দ্বাৰা অধীনস্থ নিম্নবৰ্গলৈ আদেশ জাৰি কৰা হয়; কিন্তু বিষয়াসকলৰ দায়িত্ব তেওঁলোকৰ অধিকাৰ অনুসাৰে সীমিতকৰণ কৰি ৰখা হয়। যিহেতু কৰ্তব্য নিয়মিতৰূপে পালন কৰিব লাগে, সেয়েহে উপযুক্ত যোগ্যতাসম্পন্ন ব্যক্তিকহে পদবীত নিয়োগ কৰা হয়। আমোলাতান্ত্রিক ব্যৱস্থাত কাৰ্যালয়ৰ পদবীসমূহ পদাধিকাৰৰ পৰা স্বতন্ত্ৰ হৈ থাকে, সেইবাবে এজন কাৰ্যকাল অন্ত পৰা পিছতো অব্যাহত থাকে।

(ii) স্থিতিৰ পদানুক্ৰমিক ব্যৱস্থা:- আমোলাতন্ত্ৰ ব্যৱস্থাত বিষয়া তথা ক্ষমতাবোৰ মান অনুক্ৰমে সজোৱা হয়, য’ত উচ্চ পৰ্যায়ৰ বিষয়াসকলে তেওঁলোকৰ নিম্ন পৰ্যায়ৰ বিষয়াসকলক তদাৰক কৰিব পাৰি । নিম্ন পৰ্যায়ৰ বিষয়াসকলৰ সিদ্ধান্ত সন্তোষজনক ন’হলে সেই সন্দৰ্ভত উচ্চ পৰ্যায়ৰ বিষয়াসকললৈ আপীল কৰা থল থাকে।

(iii) লিখিত নথিপত্ৰৰ ওপৰত আস্থা:- আমোলাতন্ত্ৰ ব্যৱস্থাৰ সকলো কাম-কাজ লিখিত নথি-পত্ৰৰ আধাৰত পৰিচালনা কৰা হয়, যিবোৰ নথি-পত্ৰ বা ফাইল ৰেকৰ্ড ৰূপে সযতনে কৰা হয়। কাৰ্যালয় অথবা ‘ব্যুৰো’ত এইদৰে গ্ৰহণ কৰা সিদ্ধান্তবোৰ বা নথিবোৰ একগোট কৰি ৰখা হয়। এই সকলোবোৰ ৰাজহুৱা জীৱনৰ অংশস্বৰূপ, যিবোৰ বিষয়াসকলৰ ব্যক্তিগত জীৱনৰ পৰা পৃথক।

(iv) কাৰ্যালয়ৰ ব্যৱস্থাপনা:- কাৰ্যালয় ব্যৱস্থাপনা হৈছে এটা আধুনিক আৰু বিশেষ ধৰণৰ কাম, গতিকে এইবোৰ  বিয়াৰিকৈ চলাই নিবৰ বাবে বিশেষ দক্ষতাসম্পন্ন আৰু প্ৰশিক্ষণপ্ৰাপ্ত কৰ্মচাৰীৰ আৱশ্যক হয়।

(v) কাৰ্যালয়ৰ আচৰণ-বিধি:- কাৰ্যালয়ৰ কাম-কাজবোৰে ইয়াৰ বিষয়াবৰ্গৰ পৰা পূৰ্ণ সহযোগ বিচাৰে। সেইবাবে কাৰ্যালয়ৰ কামৰ বাবে সময় নিৰ্দিষ্ট কৰিলেও কৰ্মচাৰীসকলে বিধি আৰু নিয়ম অনুযায়ী দায়িত্ব পালন কৰিব লাগে।

৯। সামাজিক বিজ্ঞান বস্তুনিষ্টতাৰ সুকীয়া বৈশিষ্ট্য কি বুলি ভাবা ?

উত্তৰঃ We Will Update the Answer very soon.

১০। সাম্প্ৰতিক কালত ভাৰতত সামাজিক আন্দোলন গা কৰি উঠাৰ কোনো ধাৰণা বা সূত্ৰৰ বিষয়ে ইংগিত দিব পাৰেনে ?

উত্তৰঃ We Will Update the Answer very soon.

১১। ভাৰতৰ বিষয়ে মাৰ্ক্স আৰু ৱেবাৰে কি লিখিছিল বিচাৰি উলিওৱা।

উত্তৰঃ We Will Update the Answer very soon.

১২। বহু আগতেই যিসকলৰ মৃত্যু হৈছে, সেইসকলৰ লিখিনিসমূহ আমি কিয় পঢ়িব লাগে, যুক্তি প্ৰদৰ্শন কৰিব পাৰেনে ? সেইসকলৰ বিষয়ে কিয় পঢ়িব নালাগে তাৰ যুক্তিবোৰ কি কি ?

উত্তৰঃ We Will Update the Answer very soon.

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top