Class 11 Sociology Chapter 8 পৰিৱেশ আৰু সমাজ

Class 11 Sociology Chapter 8 পৰিৱেশ আৰু সমাজ Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter AHSEC Class 11 Sociology Chapter 8 পৰিৱেশ আৰু সমাজ and select needs one.

Class 11 Sociology Chapter 8 পৰিৱেশ আৰু সমাজ

Join Telegram channel

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC Class 11 Sociology Chapter 8 পৰিৱেশ আৰু সমাজ Solutions for All Subject, You can practice these here.

পৰিৱেশ আৰু সমাজ

পাঠ: 8

দ্বিতীয় ভাগ

চমু প্ৰশ্নোত্তৰ

১। পৰিৱেশ শব্দটো ক’ৰ পৰা আহিছে ?

উত্তৰঃ পৰিৱেশ ইংৰাজী প্ৰতিশব্দ ‘Environment ‘. ই ফৰাচী ভাষাৰ ‘Environer’ শব্দৰ পৰা আহিছে । যাৰ অৰ্থ হৈছে চৌপাশে থকা জৈৱ বা অজৈৱ সকলো ধৰণৰ বস্তু।

২। MIC ৰ সম্পূৰ্ণ অৰ্থ লিখা।

উত্তৰঃ মিথাইল আইছ’ চায়েনেট।

৩। গোলকীয় উষ্ণতা বৃদ্ধিৰ মূল কাৰণ কি ?

উত্তৰঃ বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইড, মিথেন আদি গেছৰ পৰিমাণ বৃদ্ধিয়েই গোলকীয় উষ্ণতা বৃদ্ধিৰ মূল কাৰণ।

৪। পৰিৱেশৰ ভাগ দুটা কি কি ? 

উত্তৰঃ পৰিৱেশৰ ভাগ দুটা হ’ল— 

(ক) ভৌতিক পৰিৱেশ।

(খ) সামাজিক পৰিৱেশ।

৫। মানৱ সৃষ্ট পৰিৱেশৰ দুটা উদাহৰণ দিয়া ।

উত্তৰঃ ঘৰ-দুৱাৰ আৰু যান-বাহন।

৬। ভৌতিক পৰিৱেশৰ ভাগ দুটা কি কি ? 

উত্তৰঃ ভৌতিক পৰিৱেশৰ ভাগ দুটা হ’ল — 

(ক) প্ৰাকৃতিক পৰিৱেশ।

(খ) মানৱ সৃষ্ট পৰিৱেশ।

৭। সামাজিক পৰিৱেশৰ ভাগ কেইটা আৰু কি কি ?

উত্তৰঃ সামাজিক পৰিৱেশৰ ভাগ তিনিটা। সেইকেইটা হ’ল—

(ক) অৰ্থনৈতিক পৰিৱেশ।

(খ) ৰাজনৈতিক পৰিৱেশ।

(গ) সাংস্কৃতিক পৰিৱেশ।

৮। পৰিস্থিতি বিজ্ঞান বুলিলে কি বুজা ?

উত্তৰঃ পৰিস্থিতি বিজ্ঞান শব্দটোৱে ভৌতিক আৰু জৈৱিক পদ্ধতি আৰু প্ৰক্ৰিয়াৰ জালখনৰ অৰ্থ প্ৰকাশ কৰে, যিখন জালৰ মানুহো এটা উপাদান। পৰ্বত, পাহাৰ, নৈ, সমতল, গছ-গছনি, জীৱ-জন্তু এই সকলোবোৰ পৰিস্থিতি বিজ্ঞানৰ অন্তৰ্ভুক্ত।

৯। শব্দ প্ৰদূষণৰ দুটা উদাহৰণ দিয়া।

উত্তৰঃ শব্দ প্ৰদূষণৰ দুটা উদাহৰণ হ’ল —

(ক) ফটকা।

(খ) যান-বাহনৰ হৰ্ণ।

১০। প্ৰাকৃতিক পৰিৱেশ বুলিলে কি বুজা ?

উত্তৰঃ প্ৰাকৃতিক পৰিৱেশ বুলিলে প্ৰকৃতিৰ বিভিন্ন উপাদানসমূহৰ সমষ্টিকে বুজায়। যেনে– ৰ’দ, বৰষুণ, বায়ু, পানী, সূৰ্যৰ শক্তি ইত্যাদি।

১১। ভৌতিক পৰিৱেশ বুলিলে কি বুজা ?

উত্তৰঃ পৰ্বত-পাহাৰ, জান-জুৰি, নদ-নদী, হাবি-বন, মাটি, পানী, বায়ু, সূৰ্যৰ শক্তি, জীৱ-জন্তু, ঘৰ-দুৱাৰ, গাড়ী-মটৰ, ৰাস্তা-ঘাট, উদ্যোগ আৰু বিভিন্ন আচবাব আদিৰ সমষ্টিৰে গঠিত পৰিৱেশক ভৌতিক পৰিৱেশ বুলি ক’ব পাৰি ।

অনুশীলন ( Exercise)

১। পৰিস্থিতি বিজ্ঞান বুলিলে তুমি কি বুজা তোমাৰ নিজৰ ভাষাত বৰ্ণনা কৰা।

উত্তৰঃ পৰিস্থিতি বিজ্ঞান শব্দটোৱে ভৌতিক আৰু জৈৱিক পদ্ধতি আৰু প্ৰক্ৰিয়াৰ জালখনৰ অৰ্থ প্ৰকাশ কৰে, যিখন জালৰ মানুহো এটা উপাদান। পৰ্বত, পাহাৰ, নৈ, সমতল, গছ-গছনি, জীৱ-জন্তু এই সকলোবোৰ পৰিস্থিতি বিজ্ঞানৰ অন্তৰ্ভুক্ত।

২। পৰিস্থিতি বিজ্ঞান কেৱল প্ৰাকৃতিক শক্তিবোৰতেই সীমিত নহয় কিয় ?

উত্তৰঃ We will update the answer very soon.

৩। সামাজিক পৰিৱেশ উদ্ভৱৰ উভমুখী প্ৰক্ৰিয়াটো বৰ্ণনা কৰা।

উত্তৰঃ সামাজিক পৰিৱেশ এটা উভয়মুখী প্ৰক্ৰিয়া। অৰ্থাৎ যিদৰে প্ৰকৃতিয়ে সমাজক গঢ় দিয়ে। উদাহৰণস্বৰূপে নদী কাষৰীয়া অঞ্চলবোৰ কৃষিকৰ্মৰ উপযোগী বাবেই নদী আৰু সাগৰৰ তীৰত ব্যৱসায়িক নগৰবিলাক গঢ় লৈ উঠিছিল। আনহাতে সমাজে প্ৰাকৃতিক গঢ় দিয়াৰ উদাহৰণো যথেষ্ট আছে।

আধুনিক যুগৰ বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত হোৱা অকল্পনীয় বিকাশে প্ৰাকৃতিক ওপৰত মানুহৰ নিয়ন্ত্ৰণ সাব্যস্ত কৰিছে। বিদ্যুৎ শক্তি উৎপাদনৰ বাবে সৃষ্টি কৰা বৃহৎ নদীবান্ধে প্ৰাকৃতিক পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলাইছে।

গতিকে দেখা যায় যে যেনেকৈ প্ৰকৃতিয়ে মানৱ সমাজৰ প্ৰভাৱ পেলায় ঠিক তেনেকৈ সমাজেও প্ৰকৃতিৰ  ওপৰত প্ৰভাৱ পেলায়। সেয়েহে ই এটা উভয়মুখী প্ৰক্ৰিয়া।

৪। সামাজিক সংগঠনে কিয় আৰু কেনেকৈ পৰিৱেশ আৰু সমাজৰ মাজত সম্বন্ধক গঢ় দিয়ে। 

উত্তৰঃ সামাজিক সংগঠনৰ দ্বাৰা পৰিৱেশ আৰু সমাজৰ আন্তঃক্ৰিয়াক আকাৰ প্ৰদান কৰা হয়। সম্পত্তিৰ সম্বন্ধই কেনেকৈ আৰু কাৰ দ্বাৰা প্ৰাকৃতিক সম্পদবোৰ ব্যৱহাৰ কৰা হ’ব সেইয়া নিৰ্ধাৰণ কৰে । 

পৰিৱেশ আৰু সমাজৰ মাজত থকা বিভিন্ন সম্বন্ধই বিভিন্ন সামাজিক মূল্যবোধ আৰু প্ৰতিমানৰ লগতে জ্ঞান ব্যৱস্থাও প্ৰতিফলিত কৰে। পুঁজিবাদৰ অন্তৰালত থকা মূল্যবোধে প্ৰাকৃতিক পণ্য দ্ৰব্যত পৰিণতি কৰিছে। পৰিৱেশ আৰু সমাজৰ সম্পর্ক ভিন্ন পৰিপ্ৰেক্ষিতত লক্ষ্য কৰিব পাৰি। এই বিভিন্নতাৰ ভিতৰত আছে— ‘প্ৰকৃতি-পোষণ’ বিকৰ্ত। উদাহৰণস্বৰূপে মানুহ দৰিদ্ৰ হোৱাৰ কাৰণ জন্মগত বা সহজাতভাৱে কম প্ৰতিভাসম্পন্ন নে তেওঁলোকে অৰ্থনৈতিকভাৱে সবল হ’ব পৰা কৰ্মত নিয়োগ হ’ব পৰা নাই, নে অৰ্থনৈতিকভাৱে সবল হ’ব নোৱাৰে প্ৰতিকূল প্ৰাকৃতিক পৰিৱেশত জন্ম লাভ কৰিছে? এনে প্ৰশ্নবোৰৰ উত্তৰ পৰিৱেশ আৰু সমাজৰ ওপৰত থকা সিদ্ধান্তবোৰৰ মাজেৰে পোৱা যায়। পৰিৱেশ আৰু সমাজৰ মাজৰ সিদ্ধান্তবোৰ সমাজবোৰ কেনে প্ৰাকৃতিক পৰিৱেশৰ মাজত আছে, তাৰ ওপৰত ভিত্তি কৰি গ্ৰহণ কৰা হয়।

৫। কিয় পাৰিপাৰ্শ্বিক ব্যৱস্থা সমাজৰ কাৰণে এক জটিল আৰু বিশাল কাম ?

উত্তৰঃ কোনো এখন ঠাইৰ পাৰিপাৰ্শ্বিক কাৰকবোৰৰ লগত মানুহৰো এক গুৰুত্বপূৰ্ণ সম্পৰ্ক আছে । মানুহে কোনো এখন ঠাইৰ বসবাস কৰোঁতে সেই ঠাইৰ পৰিৱেশ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি বসবাস কৰাৰ লগতে সেই ঠাইখনৰ সমাজে পৰিৱেশৰ উপাদানৰ ওপৰত ভিত্তি কৰি কিছুমান সাংস্কৃতিক কাৰ্য-সম্পাদন কৰে। মানুহৰ কাৰ্যকলাপৰ দ্বাৰা পাৰিপাৰ্শ্বিক অৱস্থাৰ পৰিৱৰ্তন ঘটিছে। উদাহৰণস্বৰূপে বানপানী, অনাবৃষ্টি, অ’জন স্তৰৰ ক্ষতি ইত্যাদি পৰিৱেশজনিত সমস্যাবোৰৰ সৃষ্টিৰ ক্ষেত্ৰত দৰাচলতে প্ৰকৃতি-পৰিৱেশৰ ওপৰত মানুহে কৰা কাৰ্যকলাপো দায়ী।

৬। প্ৰদূষণৰ সৈতে জড়িত কেইটামান গুৰুত্বপূৰ্ণ পাৰিপাৰ্শ্বিক শংকা কি কি ?

উত্তৰঃ সাম্প্ৰতিক সময়ত সমগ্ৰ বিশ্বৰে এটা জলন্ত সমস্যা হৈছে প্ৰদূষণ। বিশেষকৈ বায়ুমণ্ডল আৰু জলমণ্ডলৰ প্ৰদূষণে সমগ্ৰ বিশ্বতে এক উদ্ধেগজনক পৰিস্থিতিৰ সৃষ্টি কৰিছে । কল-কাৰখানা, যান-বাহন আদিৰ পৰা নিৰ্গত হোৱা ধোঁৱাই বায়ুমণ্ডল প্ৰদূষিত কৰি তুলিছে। কৃষিক্ষেত্ৰত ব্যৱহাৰ হোৱা ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্যই ভূমিজল দূষিত কৰি পেলাইছে। ঘৰুৱা আৰু নিৰ্মাণ কাৰ্যত ব্যৱহাৰ হোৱা সামগ্ৰী যেনে–-

প্লাষ্টিক আদিয়ে ভূমি প্ৰদূষণ কৰি তুলিছে। প্ৰদূষণে লগত মানুহৰ ছাল, চকুৰ লগতে শ্বাস-প্ৰশ্বাসজনিত ৰোগো বৃদ্ধি পাইছে। লগতে এই প্ৰদূষণে জৈৱ-বৈচিত্ৰতাৰ ওপৰতো কু-প্ৰভাৱ পেলাই বহু জীৱকুল বিলুপ্তপ্ৰায় কৰি তুলিছে।

৭। প্ৰাকৃতিক সম্পদৰ হ্রাসৰ হৈছে জড়িত মুখ্য পাৰিপাৰ্শ্বিক সমস্যাবোৰ কি কি ?

উত্তৰঃ We will update the answer very soon.

৮। পাৰিপাৰ্শ্বিক সমস্যাবোৰ একে সময়তে সামাজিক সমস্যা কিয় হয় ব্যাখ্যা কৰা।

উত্তৰঃ We will update the answer very soon.

৯। সামাজিক পৰিস্থিতি বিজ্ঞানে কি বুজায় ?

উত্তৰঃ সামাজিক পৰিস্থিতি বিজ্ঞানৰ চিন্তাধাৰাই বিশেষকৈ সম্পত্তি আৰু উৎপাদন সংগঠনৰ কিছুমান সম্বন্ধ দেখুৱাইছে যিবোৰে পৰিৱেশ সম্বন্ধীয় চেতনা আৰু প্ৰচলিত ৰীতিক গঢ় দিয়ে। ভিন ভিন সামাজিক সমূহে পৰিৱেশৰ সৈতে ভিন ভিন সম্বন্ধত স্থিতি লয় আৰু দৃষ্টিভংগীও বেলেগ বেলেগ হয়। 

১০। তুমি জনা নাইবা পঢ়া পৰিৱেশৰ সৈতে জড়িত কেইটামান মতভেদ বৰ্ণনা কৰা। ( পাঠ্যপুথিত থকা উদাহৰণৰ বাহিৰে অন্যান্য )

উত্তৰঃ We will update the answer very soon.

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top