Class 11 Sociology Chapter 7 গ্ৰামীণ আৰু নগৰীয়া সমাজত সামাজিক পৰিৱৰ্তন আৰু সামাজিক শৃংখলা

Class 11 Sociology Chapter 7 গ্ৰামীণ আৰু নগৰীয়া সমাজত সামাজিক পৰিৱৰ্তন আৰু সামাজিক শৃংখলা Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter AHSEC Class 11 Sociology Chapter 7 গ্ৰামীণ আৰু নগৰীয়া সমাজত সামাজিক পৰিৱৰ্তন আৰু সামাজিক শৃংখলা and select needs one.

Class 11 Sociology Chapter 7 গ্ৰামীণ আৰু নগৰীয়া সমাজত সামাজিক পৰিৱৰ্তন আৰু সামাজিক শৃংখলা

Join Telegram channel

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC Class 11 Sociology Chapter 7 গ্ৰামীণ আৰু নগৰীয়া সমাজত সামাজিক পৰিৱৰ্তন আৰু সামাজিক শৃংখলা Solutions for All Subject, You can practice these here.

গ্ৰামীণ আৰু নগৰীয়া সমাজত সামাজিক পৰিৱৰ্তন আৰু সামাজিক শৃংখলা

পাঠ: 7

দ্বিতীয় ভাগ

চমু প্ৰশ্নোত্তৰ

১। সামাজিক পৰিৱৰ্তন মানে কি ?

উত্তৰঃ সামাজিক পৰিৱৰ্তন মুলতঃ সামাজিক সম্বন্ধ আৰু সামাজিক সংৰচনাৰ পৰিৱৰ্তনকে বুজোৱা হৈছে । অৰ্থাৎ যিবোৰ উপাদানৰ দ্বাৰা সামাজিক সংৰচনা গঠিত হয় সেই উপাদানবিলাকৰ পৰিৱৰ্তন হ’লেই সমাজৰ পৰিৱৰ্তন হয় । কিন্তু যিকোনো পৰিৱৰ্তনকে সামাজিক পৰিৱৰ্তন নুবুজায় । সমাজত বৃহৎ অংশলৈ অহা গভীৰ আৰু ব্যাপক পৰিৱৰ্তনকে সামাজিক পৰিৱৰ্তন বোলা হয়।

২। সামাজিক ডাৰউইনিজম মানে কি ? 

উত্তৰঃ চাৰ্লচ ডাৰউইনে আগবঢ়োৱা বিৱৰ্তনবাদ আৰু ইয়াৰ লগত জড়িত হৈ থকা যোগ্যজন বর্তী থকা নীতি মূলতঃ জীৱৰ বিৱৰ্তন আৰু প্ৰাকৃতিক প্ৰক্ৰিয়াৰ লগত জড়িত যদিও পিছৰ পৰ্যায়ত এই নীতিৰ জৰিয়তে সামাজিক জীৱনৰ পৰিৱৰ্তনো আলোচনা কৰা হয়। ইয়াকে সামাজিক ডাৰউইনিজম বোলা হয়। এই নীতি মতে সমাজত চলি থকা পৰিবৰ্তনৰ লগত খাপ খাব নোৱাৰা চামটোক পৃথিৱীৰ পৰা নিশ্চিহ্ন কৰিব বুলি ভাবে ।

৩। বিৱৰ্তন মানে কি ? 

উত্তৰঃ এক দীৰ্ঘ সময় জুৰি গতিত হোৱা পৰিৱৰ্তনক বিৱৰ্তন বুলি কোৱা হয়। প্ৰকৃতি বিজ্ঞানী চাৰ্লচ ডাৰউইনে এই অৱধৰণাটো আগবঢ়াইছিল। জীৱিত প্ৰাণীৰ বিকাশ সমন্ধে আলোচনা কৰোঁতে ডাৰউইনে মত প্ৰকাশ কৰিছিল যে জীৱিত প্ৰাণীয়ে  কেতিয়াবা হাজাৰ বছৰ ধৰি ধীৰ গতিত প্ৰকৃতিৰ সৈতে খাপ খুৱাকৈ নিজকে পৰিৱৰ্তিত কৰে। ডাৰউইনে এই প্ৰক্ৰিয়াটোক বিৱৰ্তন আখ্যা দিছিল। 

৪। সামাজিক শৃংখলা মানে কি ?

উত্তৰঃ সমাজিজ শৃংখলা হৈছে এটা প্ৰতিষ্ঠিত সামাজিক ব্যৱস্থাৰ ভিতৰত থকা বাধা দিয়া বা নিয়ন্ত্ৰণ কৰাৰ প্ৰৱণতা। সামাজিক শৃংখলা অবিহনে কোনো সামাজিক ব্যৱস্থাই চলি থাকিব নোৱাৰে। ই সমাজক স্থায়িত্ব প্ৰদান কৰে । 

৫। সংৰচনাত্মক পৰিৱৰ্তন মানে কি ?

উত্তৰঃ সমাজৰ সংস্থা বা সংস্থাক পৰিচালিত কৰা নীতি নিয়মৰ পৰিৱৰ্তন কৰি সমাজৰ গাঁথনিৰ পৰিৱৰ্তন ঘটোৱা প্ৰক্ৰিয়াটোক সংৰচনাত্মক পৰিৱৰ্তন বুলি কোৱা হয়।

৬। সংস্কৃতি মানে কি ?

উত্তৰঃ সংস্কৃতি শব্দটোৰ অৰ্থ ব্যাপক আৰু ই সকলো ধৰণৰ মানৱীয় কাৰ্যকে সামৰি লয়। সাধাৰণতে সংস্কৃতি বুলিলে জ্ঞান, বিশ্বাস, ধাৰণা, মূল্যবোধ, ধৰ্ম, আচাৰ-ব্যৱহাৰ, নীতি-নিয়ম আদি সকলোকে বুজায় । 

৭। ভাৰতবৰ্ষৰ গ্ৰাম্য সমাজৰ পৰিৱৰ্তনৰ দুটা কাৰণ লিখা।

উত্তৰঃ ভাৰতবৰ্ষৰ গ্ৰাম্য সমাজৰ পৰিৱৰ্তনৰ দুটা কাৰণ হ’ল —

(ক) উদ্যোগীকৰণ। আৰু

(খ) আধুনিক শিক্ষা।

৮। যোগ্যজন বর্তী থকা নীতি কি ? 

উত্তৰঃ ডাৰউইনৰ বিৱৰ্তনবাদে যোগ্যজন বর্তী থকা নীতিৰ ওপৰত জোৰ দিছিল । ডাৰউইনৰ মতে প্ৰাকৃতিক পৰিৱেশৰ  লগত যিবোৰ জীৱই খাপ খুৱাই ল’ব পাৰে সেইবাৰহে জীয়াই থাকে আৰু যিবোৰ জীৱই পৰিৱেশৰ লগত খাপ খাব নোৱাৰে সেইবোৰ প্ৰকৃতিৰ পৰা  নিশ্চিহ্ন হৈ যায়। এয়েই হ’ল যোগ্যজন বর্তী থকা নীতি।

৯। বৈপ্লৱিক পৰিৱৰ্তন মানে কি ?

উত্তৰঃ বিৱৰ্তনাত্মক পৰিৱৰ্তনৰ বিপৰীতে তুলনামূলকভাৱে ক্ষিপ্ৰতাৰে আৰু কেতিয়াবা আকস্মিকভাৱে হোৱা পৰিৱৰ্তনক বৈপ্লৱিক পৰিৱৰ্তন বোলা হয়। 

১০। আইন মানে কি ?

উত্তৰঃ আইন হৈছে ৰাষ্ট্ৰৰ দ্বাৰা অনুমোদিত আৰু প্ৰয়োগ কৰা বিধিগত বিধি-বিধান যিবিলাক পালন কৰা প্ৰয়োজন আৰু পালন নকৰিলে বা ভংগ কৰিলে ৰাষ্ট্ৰ ব্যৱস্থাৰ দ্বাৰা শাস্তিৰ সন্মুখীন হ’ব লগা হয়।

 অনুশীলনী (Exercise)

১। মানৱ ইতিহাসত দ্ৰুত সামাজিক পৰিৱৰ্তন তুলনামূলকভাৱে এক নতুন পৰিঘটনা — তুমি এই ফাঁকি কথাৰ সৈতে একমত নে? তোমাৰ উত্তৰৰ সপক্ষে যুক্তি দাঙি ধৰা ।

উত্তৰঃ We will update the answer very soon.

২। সামাজিক পৰিৱৰ্তনক অন্য ধৰণৰ পৰিৱৰ্তনৰ পৰা কিদৰে পৃথক কৰিব পাৰি — আলোচনা কৰা

উত্তৰঃ সামাজিক পৰিৱৰ্তন হ’ল এনে এক পৰিৱৰ্তন যাৰ দ্বাৰা অৰ্থনৈতিক, ৰাজনৈতিক আদিৰ অৱধৰণাৰ দ্বাৰা পৰিভাষিক নোহোৱা পৰিৱৰ্তনক ৰূপক বুজোৱা হয়।

 কিছুমান পৰিৱৰ্তনক সিহঁতৰ প্ৰকৃতি নতুবা প্ৰভাৱৰ ভিত্তিত চিহ্নিত কৰা হয়। এনেকৈ চিহ্নিত হোৱা পৰিৱৰ্তনৰ প্রকাৰবোৰৰ ভিতৰত সংৰচনাত্মক পৰিৱৰ্তন আৰু ধাৰণা, মূল্যবোধ আৰু পৰিৱৰ্তনে সমাজৰ সংস্থা বা সংস্থাক পৰিচালিত কৰা নীতি-নিয়মৰ পৰিৱৰ্তন সাধি সমাজৰ গাথঁনিক পৰিৱৰ্তন ঘটায়। সমাজত কাগজৰ মুদ্ৰা প্ৰচলন হোৱাৰ ফলত বিত্তীয় বজাৰ আৰু লেনা-দেনা ব্যৱস্থালৈ এক বৃহৎ পৰিৱৰ্তন আহিছিল। কাগজৰ মুদ্ৰা প্ৰচলনৰ পূৰ্বে সমাজত বিনিময় প্ৰথা আছিল কিন্তু বৰ্তমান সময়ত প্ৰচলন থকা কাগজী মুদ্ৰাত কাগজখনৰ মূল্য কোনো সম্পৰ্ক নাই।

সমাজত প্ৰচলিত মূল্যবোধ আৰু বিশ্বাসলৈ অহা পৰিৱৰ্তনৰ বাবেও সামাজিক পৰিৱৰ্তন হ’ব পাৰে। উদাহৰণস্বৰূপে, শিশু আৰু ল’ৰালি কালৰ বিষয়ে থকা আমাৰ পূৰ্বৰ ধাৰণাত হোৱা হোৱা পৰিৱৰ্তনে অতি গুৰুত্বপূৰ্ণ সামাজিক পৰিৱৰ্তন আহিছে। সেই সময়ত শিশুসকলক সাধাৰণভাৱে সৰু প্ৰাপ্তবয়স্ক হিচাপে গণ্য কৰা হৈছিল। একে সময়তে কল-কাৰখানাৰ  পৰিৱৰ্তনে শ্ৰেণীকক্ষলৈ নিবলৈ শিশুসকলৰ বাবে বাধ্যতামূলক শিক্ষা প্ৰদানৰ আইন প্ৰণয়ন কৰা হ’ল । আন আন দেশসমূহৰ দৰে ভাৰতবৰ্ষতো শিশু শ্রমিক বন্ধ কৰাৰ বাবে আইন প্ৰণয়ন কৰি ইয়াক অবৈধ হিচাপে ঘোষণা কৰা হৈছে।

৩। সংৰচনাত্মক পৰিৱৰ্তন মানে কি বুজা ? উদাহৰণসহ ব্যাখ্যা কৰা ।

উত্তৰঃ সমাজৰ সংস্থা বা সংস্থাক পৰিচালিত কৰা নীতি নিয়মৰ পৰিৱৰ্তন কৰি সমাজৰ গাঁথনিৰ পৰিৱৰ্তন ঘটোৱা প্ৰক্ৰিয়াটোক সংৰচনাত্মক পৰিৱৰ্তন বুলি কোৱা হয়। 

৪। পৰিৱেশ সম্পৰ্কীয় সামাজিক পৰিৱৰ্তনৰ কিছুমান প্ৰকাৰ বৰ্ণনা কৰা।

উত্তৰঃ We will update the answer very soon.

৫। প্ৰযুক্তিবিদ্যা আৰু অৰ্থনীতিয়ে অনা কিছুমান পৰিৱৰ্তন কি কি ?

উত্তৰঃ আধুনিক যুগৰ মানৱ সমাজলৈ অহা ব্যাপক পৰিৱৰ্তনৰ প্ৰধান কাৰণ হৈছে প্ৰযুক্তিবিদ্যা আৰু ব্যৱস্থাৱলী। প্ৰযুক্তিবিদ্যাই সমাজৰ বিভিন্ন ক্ষেত্ৰত ব্যাপক ধৰণেৰে পৰিৱৰ্তন সাধন কৰিছে ।বাষ্প শক্তিৰে আৱিষ্কাৰে বৃহৎ উদ্যোগৰ সূচনা কৰিছিল, য’ত বাষ্পশক্তিক ইন্ধনৰ এক উৎস হিচাপে ব্যৱহাৰ কৰা হৈছিল। এই বাষ্পশক্তি জন্তু বা মানুহৰ তুলনাত কেৱল বহুগুণে শক্তিশালীয়েই নহয়, ই জিৰণি নোলোৱাকৈ অবিৰতভাৱে কম কৰিবও পাৰে । বাষ্পশক্তিক ভাপ চালিত জাহাজ, ৰে’লগাড়ী আদিত ব্যৱহাৰ কৰাৰ লগে লগে সমগ্ৰ পৃথিৱীৰ অৰ্থনীতি আৰু সামাজিক ভূগোল সলনি কৰি দিলে । ১৮৫৩ চনত ভাৰতত ৰেলপথ স্থাপিত হোৱাৰ পাছত ইয়াৰ অৰ্থনীতি উন্নত হোৱাৰ বিশেষ ভূমিকা পালন কৰিছিল। ভাপ চালিত জাহাজে সমুদ্ৰ যাত্ৰা অতি বেগী আৰু নিৰ্ভৰযোগ্য কৰি তুলিছে ; ফলত আন্তৰ্জাতিক বেপাৰ-বাণিজ্য আৰু প্ৰবজনৰ গতি দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে । এই আন্তৰ্জাতিক বাণিজ্য আৰু জনপ্ৰবজনে কেৱল অৰ্থনীতিৰ ক্ষেত্ৰত পৰিৱৰ্তনৰ জোৱাৰ অনা নাই, ইয়াৰ ফলত মানৱ সমাজৰ সামাজিক, সাংস্কৃতিক আৰু জনগাঁঠনিৰো পৰিৱৰ্তন হৈছে ।

৬। সামাজিক শৃংখলাই কি বুজায় আৰু ইয়াক কেনেকৈ ৰক্ষা কৰা হয় ?

উত্তৰঃ সমাজিজ শৃংখলা হৈছে এটা প্ৰতিষ্ঠিত সামাজিক ব্যৱস্থাৰ ভিতৰত থকা বাধা দিয়া বা নিয়ন্ত্ৰণ কৰাৰ প্ৰৱণতা। সামাজিক শৃংখলা অবিহনে কোনো সামাজিক ব্যৱস্থাই চলি থাকিব নোৱাৰে। ই সমাজক স্থায়িত্ব প্ৰদান কৰে।

কোনো সমাজ স্থিতাৱস্থাৰে অ-পৰিৱৰ্তনীয় হৈ থাকিলেহে পৰিৱৰ্তনৰ ধাৰণাই গা কৰি উঠে। আন অর্থত সামাজিক পৰিৱৰ্তনক সামাজিক শৃংখলাৰ সৈতে একেলগে বুজিব লাগিব আৰু সেইটো হৈছে প্ৰতিষ্ঠিত সামাজিক ব্যৱস্থাৰ ভিতৰত থকা বাধা দিয়া আৰু নিয়ন্ত্ৰণ কৰাৰ প্ৰৱণতা ।গতিকে সামাজিক  শৃংখলা হ’ল সামাজিক ব্যৱস্থাক সুসংহত আৰু পৰিশীলতাভাৱে পৰিৱৰ্তন কৰা এক প্ৰৱণতা।

সামাজিক শৃংখলাৰ যোগেদি সামাজিক পৰিৱৰ্তন সম্ভৱ হয়। সমাজ এখন সুস্থিৰভাৱে পৰিচালিত হ’বলৈ হ’লে কিছুমান সামাজিক ব্যৱস্থা অপৰিহাৰ্য। সামাজিক সম্পৰ্ক, ইয়াৰ প্ৰমূল্যসমূহ আৰু নিয়ম-নীতিৰ সুনিৰ্দিষ্ট চানেকি ৰক্ষা কৰিবলৈ সামাজিক শৃংখলাৰ আৱশ্যক। সমাজৰ সদস্যসকলে ইয়াক হয় স্বতঃস্ফূৰ্তভাৱে মানি চলে, নহয় সিবিলাক মানিবলৈ বাধ্য হয়। অৱশ্যে প্ৰত্যেক সমাজেই এই দুয়োবিধ পদ্ধতিৰ সমন্বয় ঘটাই সামাজিক শৃংখলা অক্ষুন্ন ৰাখিব  বিচাৰে।

সামাজিক শৃংখলাৰ প্ৰতি মানুহে  স্বতঃস্ফূৰ্ত সন্নতি প্ৰকাশ কৰাৰ মূল কাৰণ হ’ল সমাজিকীকৰণ প্ৰক্ৰিয়া। সমাজৰ সদস্যসকলে সমাজিকীকৰণ প্ৰক্ৰিয়াৰ যোগোদি নিৰ্দিষ্ট প্ৰমূল্য, নিয়ম-নীতিৰ সৈতে একান্ত হৈ পৰে। গতিকে সামাজিক শৃংখলা ৰক্ষাৰ ক্ষেত্ৰত সমাজিকীকৰণৰ গুৰুত্ব অপৰিসীমা।

৭। কৰ্তৃত্ব কি ? আইন আৰু আধিপত্যৰ সৈতে কৰ্তৃত্ব কিদৰে জড়িত আলোচনা কৰা ।

উত্তৰঃ সমাজৰ প্ৰতিটো গোট বা সংগঠনবোৰ পৰিচালনা কৰিবলৈ কিছুমান লোকৰ হাতত কিছু ক্ষমতা থাকে। ৱেবাৰে এই ক্ষমতাকে কৰ্তৃত্ব বুলি অভিহিত কৰিছে। ক্ষমতাৰ দ্বাৰা নিৰ্দেশ মানিবলৈ বাধ্য কৰাব পৰা গুণেই হৈছে কৰ্তৃত্ব। 

আধিপত্য, কৰ্তৃত্ব আৰু আইন — এই তিনিটা এটা আনটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। সামাজিক অৰ্থত সমন্ধৰ সৈতে জড়িত স্বীকৃতি দিয়ে, সিয়ে বৈধ। অৰ্থাৎ, বৈধতাক উচিত, সঠিক আৰু উপযুক্ত বুলি মানি লোৱা হয়। মেক্স ৱেবাৰে কৰ্তৃত্বক বৈধ ক্ষমতা বুলি পৰিভাষিক কৰি কৈছে যে ক্ষমতাক ন্যায়সংগত বা উচিত বুলি গণ্য কৰা হয়। সমাজত কিছুমান এনে ধৰণৰ কৰ্তৃত্ব থাকে যিবোৰ স্পষ্ট ৰূপত পৰিভাষিক হৈ নাথাকে। কিন্তু আইনৰ দৃষ্টিত সুনিৰ্দিষ্ট বিধি আৰু অনানুষ্ঠানিক কৰ্তৃত্বৰ মাজত পাৰ্থক্য প্ৰাসংগিক হয় ।আইন হৈছে সুস্পষ্ট প্ৰতিমান বা নিয়ম। আইনৰ বিধি ব্যৱস্থা সমূহ লিখিত আকাৰত থাকে আৰু ইয়াক কিদৰে বলবৎ কৰা হ’ব বা সলনি  কৰা হ’ব বা আইন ভংগকাৰীক কি বিহিত ব্যৱস্থা ল’ব—এই  সকলোবিলাক স্পষ্ট ৰূপত লিখিত থাকে। ক্ষমতাৰ পৰাহে আধিপত্যৰ জন্ম হয়। কিন্তু এই ক্ষমতা বা কৰ্তৃত্ব যিবোৰ নিৰ্দিষ্ট আইনৰ বিধি-বিধানৰ দ্বাৰা তৈয়াৰী। আস্থাৰ ভিত্তিতহে সন্মতি আৰু সহযোগিতা আয়ত্ব কৰিব পাৰি। কাৰণ আনুষ্ঠানিক সমৰ্থন আৰু বৈধতাক বাবেই আইনে সমাজৰ পৰা সঁহাৰি আদায় কৰে। এনে আস্থাক ক্ষমতাৰ আধিপত্যই নিঃশেষ কৰি নোৱাৰে। সমাজত বৈধতা নাপালেও বহু ধৰণৰ ক্ষমতা সক্ৰিয় হৈ থাকে।

৮। গাঁও, নগৰ আৰু মহানগৰ পৰস্পৰে পৰস্পৰৰ পৰা কিদৰে পৃথক ? আলোচনা কৰা।

উত্তৰঃ অধিকাংশ মানৱ সমাজকেই গ্ৰাম্য আৰু নগৰীয়া অঞ্চলত  বিভক্ত কৰিব পাৰি। সমাজতত্ত্বৰ দৃষ্টিত, চিকাৰ আৰু অৰণ্যত খাদ্য সংগ্ৰহ কৰা অঘৰী লোকে কৃষিকৰ্মৰ যোগেদি খিতাপ লোৱাৰ পিছত এক সামাজিক গাথঁনিৰ সৃষ্টি হ’ল। এনে গাঁথনি পৰিৱৰ্তনৰ এক অংশস্বৰূপে গাঁওৰ উৎপত্তি হৈছিল। স্থায়ী কৃষিব্যৱস্থাৰ বিকাশৰ লগে লগে সামাজিক সংৰচনাও সলনি হৈছিল।

অৰ্থনৈতিক আৰু প্ৰশাসনীয় দৃষ্টিকোণৰ পৰা গাঁও আৰু নগৰৰ মাজত পার্থক্য দুটা মূল কাৰকৰ ভিত্তিত কৰা হয়। সেই দুটা হ’ল—জনসংখ্যাৰ ঘনত্ব আৰু কৃষি সম্বন্ধীয় অৰ্থনৈতিক ক্ৰিয়া-কলাপৰ অনুপাত। নগৰ মহানগৰ সমূহত জনসংখ্যাৰ ঘনত্ব গাঁও অঞ্চলতকৈ অত্যাধিক বেছি। গাঁও অঞ্চলক নগৰ-মহানগৰৰ পৰা পৃথক কৰাৰ অন্য এক উপায় হ’ল কৃষি সম্বন্ধীয় অৰ্থনৈতিক ক্ৰিয়া-কলাপ। গাঁওৰ জীৱৰ ধাৰা বিশেষকৈ কৃষিভিত্তিক। অন্য অৰ্থত, গাওঁবোৰত জনসংখ্যাৰ এক তাৎপৰ্যপূৰ্ণ অংশ কৃষিভিত্তিক জীৱিকাৰ সৈতে সংযোজিত হৈ থাকে। 

এখন নগৰ আৰু মহানগৰৰ পাৰ্থক্য ঘাইকৈ প্রশাসনিক সংজ্ঞাই ধার্য কৰে। আধুনিক সমাজৰ বিকাশৰ দিশবোৰলৈ চালে নাগৰীকৰণ প্ৰক্ৰিয়া বেছিভাগ দেশতেই পৰিলক্ষিত হয়। এই প্রক্রিয়াৰ বাবেই দেশৰ জনসংখ্যাৰ অধিকৰ পৰা অধিকতৰ অনুপাত নগৰীয়া অঞ্চলত বাস কৰিবলৈ লৈছে। বেছিভাগ উন্নত দেশেই নগৰীকৰণতো আগবঢ়া। এনেদৰে, উন্নয়নশীল দেশবোৰতো নগৰীকৰণ প্ৰক্ৰিয়া চলি আছে । 

৯। গ্ৰাম্য অঞ্চলৰ সামাজিক শৃংখলাৰ বৈশিষ্ট্যবোৰ কি কি ?

উত্তৰঃ গাঁৱৰ পৰিসৰ আপেক্ষিকভাৱে সৰু হোৱাৰ কাৰণে গাঁৱলীয়া লোকসকলৰ দৰে মুক্তভাৱে পাৰিবাৰিক সম্বন্ধবোৰ সামাজিকভাৱে স্বীকৃত আৰু সৰ্বজন গ্রহণযোগ্য। 

গাঁও অঞ্চলৰ পদদলিত শ্ৰেণীয়ে নগৰ মহানগৰৰ লোকসকলৰ দৰে মুক্তভাৱে জীৱন-যাপন কৰিব নোৱাৰে। শ্ৰেণী বৈষম্যৰ বলি হোৱা সকল উচ্চ শ্ৰেণীৰ ওপৰত শিৰণত কৰি থাকিবলৈ বাধ্য। কাৰণ প্ৰতিপত্তিশালী উচ্চ শ্ৰেণীৰ হাতত বিয়োগ আৰু অন্যান্য সম্পদসমূহ নিয়ন্ত্ৰিত হৈ থাকে। 

নগৰ আৰু মহানগৰ সমূহৰ দৰে গাঁওসমূহ পৃথিৱীৰ অন্য অংশৰ সৈতে প্ৰত্যক্ষভাৱে সংযুক্ত হৈ নথকা গাঁও অঞ্চলত পৰিৱৰ্তনৰ গতি মন্থৰ হোৱাৰ অন্য এটা কাৰণ। 

গাঁও অঞ্চলত কৃষি ব্যৱস্থাত হোৱা পৰিৱৰ্তনে গ্ৰাম্য সমাজক বিশেষভাৱে প্ৰভাৱিত কৰিছে। উদাহৰণস্বৰূপে, ভূমি সংস্কাৰৰ দৰে ব্যৱস্থাৱলীয়ে ভূমিস্বত্ব আৰু জমিদাৰী পৰম্পৰা সলনি কৰিলে। কৃষিক্ষেত্ৰত প্ৰযুক্তিবিদ্যাৰ আগমনৰ ঘটনা গ্ৰাম্য সমাজৰ পৰিৱৰ্তনৰ অন্য এক কাৰণ।নতুন প্ৰযুক্তি কৌশল আৰু যন্ত্ৰই শস্য উৎপাদনৰ ক্ষেত্ৰত শ্ৰমিকৰ নিয়োগ হ্রাস কৰিলে।

১০। নগৰীয়া অঞ্চলৰ সামাজিক শৃংখলালৈ অহা প্ৰত্যাহ্বানসমূহ কি কি? আলোচনা কৰা।

উত্তৰঃ নগৰ আৰু মহানগৰৰ সামাজিক শৃংখলাৰ বেছিভাগ গুৰুত্বপূৰ্ণ বিষয় আৰু সমস্যা ঠাইৰ পৰিমাণৰ সৈতে জড়িত। জনসংখ্যাৰ উচ্চ ঘনত্বই ঠাইডোখৰ অত্যাধিক গুৰুত্ব দিয়ে আৰু বিতৰণৰ  অতি জটিল সমস্যাৰ সৃষ্টি কৰে। নগৰত আৱাসৰ প্ৰশ্নৰ সৈতে বহুবোৰ সমস্যা আহি পৰে। দৰিদ্ৰ শ্ৰেণীৰ লোকসকলৰ বাসস্থানৰ অভাৱে, ‘গৃহহীন’ আৰু ‘পথত বাস কৰা লোক’ৰ বিস্ময়কৰ দৃশ্যৰ জন্ম দিয়ে – এই লোকসকল পথ আৰু পদপথ, দলং  আৰু উৰণীয়া সেতুৰ তলত, পৰিত্যক্ত ঘৰ আৰু অন্যান্য খালী ঠাইত বসবাস কৰি জীয়াই থাকে। 

বস্তি এলেকাৰ উদ্ভৱৰ এইটো প্ৰধান কাৰণ। বস্তি বুলিলে এক ঠেক, ঠাই খোৱা অৱস্থাত থকা চুবুৰীক বুজায়, য’ত নাগৰিকৰ সা-সুবিধাৰ অভাৱ আৰু গৃহ নিৰ্মাণত প্লাষ্টিকৰ চাদৰ আৰু ডাঠ কাগজৰ পৰা আৰম্ভ কৰি বহুমহলীয়া গৃহত ব্যৱহাৰ হোৱা কংক্ৰীয়টৰগাঁথনি ব্যৱহাৰ কৰা হয়।

মহানগৰত মানুহ ক’ত আৰু কেনেকৈ বাস কৰিব এই প্ৰশ্নটো সামাজিক-সাংস্কৃতিক পৰিচয়ৰ ওপৰত আধাৰিত। সমগ্ৰ বিশ্বত মহানগৰবোৰৰ আৱাসিক অঞ্চলবোৰ প্ৰায়েই শ্ৰেণী, প্ৰজাতি, নৃগোষ্ঠী, ধৰ্ম আৰু অন্যান্য কাৰকৰ দ্বাৰা বিভাজিত হৈ আহিছে। এন পৰিচয়বোৰৰ মাজত থকা মানসিক অস্থিৰতাই পৃথকীকৰণ কাম কৰে আৰু ফলাফলো পৰিলক্ষিত।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top