Class 11 Sociology Chapter 6 সামাজিক সংৰচনা, স্তৰীকৰণ আৰু সমাজত সামাজিক প্ৰক্ৰিয়াসমূহ

Class 11 Sociology Chapter 6 সামাজিক সংৰচনা, স্তৰীকৰণ আৰু সমাজত সামাজিক প্ৰক্ৰিয়াসমূহ Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter AHSEC Class 11 Sociology Chapter 6 সামাজিক সংৰচনা, স্তৰীকৰণ আৰু সমাজত সামাজিক প্ৰক্ৰিয়াসমূহ and select needs one.

Class 11 Sociology Chapter 6 সামাজিক সংৰচনা, স্তৰীকৰণ আৰু সমাজত সামাজিক প্ৰক্ৰিয়াসমূহ

Join Telegram channel

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC Class 11 Sociology Chapter 6 সামাজিক সংৰচনা, স্তৰীকৰণ আৰু সমাজত সামাজিক প্ৰক্ৰিয়াসমূহ Solutions for All Subject, You can practice these here.

সামাজিক সংৰচনা, স্তৰীকৰণ আৰু সমাজত সামাজিক প্ৰক্ৰিয়াসমূহ

পাঠ: 6

দ্বিতীয় ভাগ

চমু প্ৰশ্নোত্তৰ

১। সামাজিক সংৰচনা মানে কি ?

উত্তৰঃ সমাজত বৰ্তি থকা বিভিন্ন সমূহৰ কাৰ্য পদ্ধতিকে সামাজিক সংৰচনা বুলি কোৱা হয় । যিদৰে মানৱ দেহ গঠনত বিভিন্ন অংগ-প্ৰতংগৰ প্ৰয়োজন ঠিক তেনেদৰে এখন সমাজত ৰাজনৈতিক, অৰ্থনৈতিক, ধৰ্মীয় আদি বিভিন্ন ধৰণৰ সামাজিক পদ্ধতিৰ সংমিশ্ৰণকে সমাজিক সংৰচনা বুলি কোৱা হয়। 

২। সংঘৰ্ষ মানে কি ? 

উত্তৰঃ সাধাৰণতে আনৰ বিৰুদ্ধাচৰণ কৰা, আনৰ ওপৰত আক্ৰোশ ভাব লোৱা, কাৰোবাক দমন কৰিবলৈ বিচৰা আৰু অসহযোগ  কৰা প্ৰক্ৰিয়াই হ’ল সংঘৰ্ষ। কেতিয়াবা এটা মতবাদে আন এটা মতবাদৰ বিৰুদ্ধে প্ৰতিষ্ঠা লাভ কৰিবলৈ যত্ন কৰে আৰু আনটো মাতবাদে বাধা দিবলৈ বিচাৰে তেতিয়াই দুয়োটা মতবাদৰ মাজত বিৰোধ সৃষ্টি হয় আৰু এই বিৰোধ অৱস্থাই হৈছে সংঘৰ্ষ।

৩। প্ৰতিযোগিতা মানে কি ? 

উত্তৰঃ সাধাৰণ অৰ্থত সহজতে পাবলৈ নোহোৱা কোনো বস্তু নিজৰ যোগ্যতাৰে লাভ কৰিবলৈ একাধিক মানুহে কৰা প্রচেষ্টাকেই প্ৰতিযোগিতা বুলি কোৱা হয়।

৪। সহযোগিতা মানে কি ? 

উত্তৰঃ সাধাৰণ অৰ্থত দুই বা ততোধিক ব্যক্তি লগ হৈ কাম কৰাকে সহযোগিতা বোলা হয়। এই এনে এক প্ৰক্ৰিয়া য’ত কোনো কাম সমাধা কৰিবলৈ এজনে আন এজনক সহযোগ কৰে।

৫। সামাজিক প্ৰক্ৰিয়া মানে কি ?

উত্তৰঃ সামাজিক প্ৰক্ৰিয়া হ’ল এক আন্তঃক্ৰিয়া যি বাৰে বাৰে সংঘটিত হৈ সমাজত কিছুমান দিশৰ সৃষ্টি কৰে । সামাজিক প্ৰক্ৰিয়া হৈছে এক পদ্ধতিগত সমন্ধৰ দ্বাৰা হোৱা আন্তঃক্ৰিয়া যি সমাজত পৰিৱৰ্তনৰ সূচনা কৰিব পাৰে।

৬। সামাজিক প্ৰক্ৰিয়াৰ প্ৰকাৰ কেইটা আৰু কি কি ?

উত্তৰঃ সামাজিক প্ৰক্ৰিয়াৰ প্ৰকাৰ পাঁচটা। সেইকেইটা হ’ল—-

(ক) সহযোগিতা।

(খ) প্ৰতিযোগিতা।

(গ) সংঘৰ্ষ।

(ঘ)উপযোগীকৰণ।

(ঙ) সদৃশীকৰণ।

৭। উপযোগীকৰণ মানে কি ? 

উত্তৰঃ সমাজত এনে বহু পৰিস্থিতি দেখা পোৱা যায় য’ত গভীৰ সংঘৰ্ষময় পৰিস্থিতিৰ মাজতো সহযোগিতা বিৰাজ কৰে। যি প্ৰক্ৰিয়াৰ দ্বাৰা সংঘর্ষক দমন কৰি সামাজিক সুস্থিৰতা ৰক্ষা কৰা হয় সেই প্ৰক্ৰিয়াকে উপযোগীকৰণ বোলা হয়।

৮। সামাজিক স্তৰীকৰণ মানে কি ?

উত্তৰঃ সামাজিক স্তৰীকৰণ হৈছে এটা সামাজিক প্ৰক্ৰিয়া য’ত সমাজখনৰ জনসাধাৰণৰ পদানুক্ৰম অনুসৰি উচ্চ-নীচ হিচাপে কিছুমান সামাজিক স্থানত ভাগ কৰা হয় যাৰ ফলত কিছুমান লোকে আন কিছুমানৰ তুলনাত অধিক সন্মান, সুবিধা বা ক্ষমতা লাভ কৰে । অৰ্থাৎ সামাজিক স্তৰীকৰণে  সমাজত তথা ব্যক্তি বা গোটবোৰৰ মাজত থকা অসমতা বা বৈষম্যক বুজায়। 

৯। আন্তঃক্ৰিয়া কি ?

উত্তৰঃ আন্তঃক্ৰিয়া হৈছে সামাজিক জীৱনৰ বান্ধোনৰ মূল। কোনো মানুহেই সম্পূৰ্ণৰূপে আত্মনিৰ্ভৰশীল নহয়। সমাজত প্ৰত্যেজন লোকেই বিভিন্ন কাৰণত এজনে আনজনৰ আগত মিলামিছা কৰিব লগা হয়। এই পাৰস্পৰিকভাৱে সম্পাদন কৰা কাৰ্যকেই আন্তঃক্ৰিয়া বোলে।

১০। শ্ৰম বিভাজন কি ?

উত্তৰঃ শ্ৰমৰ ওপৰত নিৰ্ভৰ কৰি সমাজত বিভাজনৰ সৃষ্টি হয়। সমাজত সৃষ্টি হোৱা এনে বৃত্তিগত বিভাজনকে শ্ৰম বিভাজন বোলে। পূৰ্বতে লিংগ, বয়স আদিৰ ওপৰত ভিত্তি কৰি সমাজত শ্ৰম বিভাজন দেখা গৈছিল। কিন্তু আধুনিক সমাজত জ্ঞান, দক্ষতা আদিৰ ভিত্তিতহে শ্ৰম বিভাজন ঘটে।

অনুশীলন (Exercise)

১। সামাজিক সংৰচনাৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ সামাজিক সংৰচনাৰ অৰ্থ হ’ল সমাজ ব্যৱস্থা সংৰচনাত্মক। অৰ্থাৎ সমাজ সংগঠিত অথবা প্ৰণালীবদ্ধ – এটা নিৰ্দিষ্ট দিশত। সামাজিক সংৰচনা মানৱীয় ক্ৰিয়া আৰু সম্বন্ধৰ দ্বাৰা গঢ় লয়। স্থান আৰু সময়ৰ ব্যৱধানৰ বাবে নিৰন্তৰ সংঘটিত হোৱা বাবে এটা আৰ্হি গঠিত হয়। সেইকাৰণে সামাজিক অনুকৰণ আৰু সামাজিক সংৰচনাৰ মাজত থকা ওতঃপ্ৰোত সম্পৰ্কৰ বিষয়ে সমাজতাত্ত্বিক ব্যাখ্যাত আলোচনা কৰা হয়। উদাহৰণস্বৰূপে, এখন বিদ্যালয় আৰু পৰিয়ালৰ সংৰচনাক বিবেচনা কৰিব পাৰি। এখন বিদ্যালয়ে কিছুমান নিৰ্দিষ্ট কার্যৱলী বছৰ বছৰ ধৰি কৰি থকাৰ বাবে ই সংস্থালৈ পৰ্যবসিত হয়। সেইদৰে পৰিয়ালৰ ক্ষেত্ৰতো বিশেষ ধৰণৰ ব্যৱহাৰ, বৈবাহিক নীতিৰ আচৰণ, সম্পৰ্কৰ ধাৰাৰ, দায়িত্ব আৰু প্ৰত্যাশিত কার্যৱলী আদিও চলি থাকে। পৰিয়ালৰ পুৰণি সদস্য আৰু বিদ্যালয়ৰ পুৰণি সদস্য আঁতৰি গ’লেও নতুন সদস্যৰ অন্তৰ্ভুক্তি হয় আৰু সংস্থা বৰ্তি থাকে। 

সামাজিক স্তৰীকৰণে সমাজ ব্যৱস্থাত প্ৰচলিত সমূহবোৰৰ মাজত সংৰচনাত্মক অসমতাৰ কথা বুজায় আৰু ই বস্তু বা প্ৰতীকীভাৱে পুৰস্কৃত কৰে। সকলো ধৰণৰ সমাজত ভিন্ন প্ৰকাৰৰ স্তৰীকৰণ পৰ্যবেক্ষণ কৰা হয়। আধুনিক সমাজ সম্পত্তি আৰু ক্ষমতাৰ ভিত্তিত স্তৰীকৃত। 

সামাজিক সংৰচনাত সামাজিক আচৰণৰ এটা আৰ্হি পৰিলক্ষিত হয়। সামাজিক সংৰচনা এটা বিস্তৃত অৱধৰণা, ইয়াৰ এটা অংশ স্বৰূপে সামাজিক স্তৰীকৰণত অসমতাৰ আৰ্হিবোৰ বিশেষভাৱে মন কৰিব লাগে। সামাজিক অসমতাৰ স্বৰূপ যাদৃচ্ছিকভাৱে ব্যক্তিৰ মাজত বিতৰণ কৰা নহয়। ই পদ্ধতিগতভাৱে বিভিন্ন সমূহৰ সদস্যৰ সৈতে সংপৃক্ত হৈ থাকে। 

২। সামাজিক প্ৰক্ৰিয়াৰ সংজ্ঞা দিয়া।

উত্তৰঃ সমাজ অবিহনে মানুহে সুস্থ সামাজিক জীৱন-যাপন কৰিব নোৱাৰে। ব্যক্তিয়ে সামাজিক জীৱন-যাপন কৰোঁতে কিছুমান নিৰ্দিষ্ট পদ্ধতি বা ৰীতি-নীতিৰে পৰিচালিত হয়। এই ৰীতি-নীতিবোৰৰ লগত মানুহৰ মনোবৃত্তি, চিন্তা-চৰ্চা, নিৰ্দিষ্ট লক্ষ্য সাধন আদিৰ সম্বন্ধ আছে। অৰ্থাৎ সামগ্ৰিকভাৱে কি শক্তিয়ে সামাজিক জীৱন-যাপনত অৰিহণা যোগায় সেই শক্তিকে প্ৰক্ৰিয়া বুলি জনা যায়। সেয়েহে সামাজিক প্ৰক্ৰিয়া হৈছে সামাজিক আন্তঃক্ৰিয়াৰ ৰূপ।

৩। সহযোগিতাৰ অৰ্থ কি ? সহযোগিতাৰ প্ৰকাৰবোৰ আলোচনা কৰা।

উত্তৰঃ সহযোগিতাৰ ইংৰাজী প্ৰতিশব্দ ‘Co-operation’ এই ‘Co-operation’ শব্দটো লেটিন শব্দ ‘Co’ আৰু ‘Operation’ৰ সংমিশ্ৰণ। ‘Co’ মানে একেলগে আৰু ‘Operation’ মানে কাম , অৰ্থাৎ একেলগে কৰা কামেই সহযোগিতা।

সহযোগিতাক মূলতঃ দুটা ভাগত ভাগ কৰিব পাৰি। সেইকেইটা হ’ল—

(ক) প্ৰত্যক্ষ সহযোগিতা: সামাজিক জীৱনৰ বহুবিলাক কাম-কাজ কৰোতে যেনে – খেলা-ধূলা কৰোতে, খেতি পথাৰত কাম কৰোতে, পৰিয়ালত বসবাস কৰোতে এজন ব্যক্তিয়ে আন এজনৰ লগত প্ৰত্যক্ষভাৱে যোগাযোগ বা সহযোগ কৰে। এনে ধৰণৰ মুখামুখি সম্বন্ধৰে  আৰু ভৌতিক সান্নিধ্যৰে ঐক্যবদ্ধতা ৰক্ষা কৰাকে  প্ৰত্যক্ষ সহযোগ বোলে।

(খ) পৰোক্ষ সহযোগিতা: একে লক্ষ্য বা উদ্দেশ্য পূৰণৰ বাবে ব্যক্তিসকলে অভৌতিকভাৱে বা মুখামুখি সম্বন্ধক উলাই কৰি যি সহযোগ স্থানপ কৰে তাকে পৰোক্ষ সহযোগ বোলে। এই সহযোগিতাত ব্যক্তিসকলে মুখমুখী সম্বন্ধক গুৰুত্ব নিদি একে উদ্দেশ্য সাধকৰ বাবে বৈশাদৃশ্যমূলক ভূমিকা পালন কৰে। 

৪। প্ৰতিযোগিতা বুলিলে কি বুজা ? প্ৰতিযোগিতাক সামাজিক প্ৰক্ৰিয়া হিচাবে আলোচনা কৰা।

উত্তৰঃ প্ৰতিযোগিতা হ’ল প্ৰতিদ্বন্দ্বীসকলক অতিক্ৰম কৰি নিৰ্ধাৰিত লক্ষ্যত উপনীত হ’বলৈ অবিৰতভাৱে কৰা প্রচেষ্টা।

সমসাময়িক পৃথিৱীত প্ৰতিযোগিতা এক প্ৰভাৱশালী প্ৰতিমান আৰু অভ্যাস। ধ্ৰুপদীয় সমাজতাত্বিক ইমাইল দুৰখেইম আৰু কাৰ্ল মাৰ্ক্সে  আধুনিক সমাজত ব্যক্তিবাদ আৰু প্ৰতিযোগিতাৰ একেলগে বিকাশ ঘটাইছে। প্ৰতিযোগিতাৰ ভাবাদৰ্শই হৈছে পুঁজিবাদীৰ প্ৰভাৱশালী ভাবাদৰ্শ এই যুক্তিয়ে কয় যে বজাৰ এনে ভাৱে পৰিচালিত হয় য’ত অধিক দক্ষতাৰ ওপৰত গুৰুত্ব দিয়ে। পুঁজিবাদৰ জন্মৰ লগে লগে প্ৰতিযোগিতা ইচ্ছাকৃতভাৱে বৃদ্ধি হয়।

প্ৰতিযোগিতা আৰু ১৯ শতিকাৰ মুক্ত অৰ্থনীতিৰ নীতিয়ে অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰিছে। আমেৰিকাৰ অৰ্থনৈতিক ব্যৱহাৰ দ্ৰুত বিকাশৰ কাৰক আছিল প্ৰতিযোগিতামূলক বাতাবৰণ।

৫। সংঘৰ্ষ বুলিলে কি বুজা ? সামাজিক প্ৰক্ৰিয়া হিচাবে সংঘৰ্ষক আলোচনা কৰা।

উত্তৰঃ সাধাৰণতে আনৰ বিৰুদ্ধাচৰণ কৰা, আনৰ ওপৰত আক্ৰোশ ভাব লোৱা, কাৰোবাক দমন কৰিবলৈ বিচৰা আৰু অসহযোগ  কৰা প্ৰক্ৰিয়াই হ’ল সংঘৰ্ষ। সংঘৰ্ষই স্বাৰ্থ সিদ্ধিৰ বাবে ব্যক্তিৰ মাজত হোৱা সংঘাতক বুজায়। সংঘৰ্ষৰ ভিত্তি ভিন্ন ভিন্ন। ই শ্ৰেণী বা জাতি, জনজাতি, লিংগ, নৃগোষ্ঠী বা ধৰ্মীয় সম্প্ৰদায় হ’ব পাৰে।

এক বহল সাধাৰণ জ্ঞানৰ দৃষ্টিৰে মানৱ সমাজত সংঘৰ্ষবোৰৰ স্থিতি সদায় নতুন নতুন হয়। সমাজতত্ত্ববিদ সকলে মতপোষণ কৰিছে যে সমাজৰ উন্নয়নৰ বিভিন্ন স্তৰত সংঘৰ্ষ প্ৰকৃতি আৰু স্বৰূপ পৰিৱৰ্তন হৈ থাকে। সামাজিক পৰিৱৰ্তন আৰু গণতান্ত্ৰিক অধিকাৰৰ পৰা বঞ্চিত আৰু বিদ্ধেষৰ সন্মুখীন হোৱা সমূহবোৰ এই সংঘর্ষক অধিক দৃশ্যমান কৰে।

৬। সামাজিক স্তৰীকৰণ কি ? উদাহৰণসহ আলোচনা কৰা।

উত্তৰঃ সামাজিক স্তৰীকৰণ হৈছে এটা সমাজিক প্ৰক্ৰিয়া য’ত সমাজখনৰ জনসাধাৰণৰ পদানুক্ৰম অনুসৰি উচ্চ-নীচ হিচাপে কিছুমান সামাজিক স্থানত ভাগ কৰা হয় যাৰ ফলত কিছুমান লোকে আন কিছুমানৰ তুলনাত অধিক সন্মান, সুবিধা বা ক্ষমতা লাভ কৰে। অৰ্থাৎ সামাজিক স্তৰীকৰণে  সমাজত তথা ব্যক্তি বা গোটবোৰৰ মাজত থকা অসমতা বা বৈষম্যক বুজায়। 

সমাজত সকলো ব্যক্তিৰ সামাজিক স্থান একে নহয়। ব্যক্তিৰ জন্মগত ভিত্তি বা স্ব-উপাৰ্জিত গুণৰাশি আৰু কৰ্ম বা ভূমিকাৰ ওপৰত নিৰ্ভৰ কৰি সামাজিক প্ৰস্থিতি নিৰূপণ কৰা হয়। সমাজত প্ৰস্থিতি ওপৰত ভিত্তি কৰি ব্যক্তিসকলক শাসক, ন্যায়াধীশ, চিকিৎসক, অভিযন্তা, শিক্ষক, খেতিয়ক , ধৰ্মগুৰু, ব্যৱসায়ী আদি বিভিন্ন স্তৰৰ সৃষ্টি হৈছে। এই স্তৰবোৰৰ পদমৰ্যাদা বা কৰ্মপদ্ধতিয়ে এটা স্তৰৰ লগত আন এটা স্তৰৰ পাৰ্থক্য আনিছে। উদাহৰণস্বৰূপে, সমাজত খেতিয়ক এজনৰ পদমৰ্যাদাতকৈ চিকিৎসক বা অভিযন্তা এজনৰ পদমৰ্যাদা বহু ওপৰত বুলি ভাৰতীয়সকলে ভাবে। ফলত সমাজত বিভিন্ন স্তৰৰ সৃষ্টি হৈছে। এইদৰেই সমাজক উচ্চ নিম্ন আদি ভাগত বিভক্ত কৰা ব্যবস্থাটোৱেই হৈছে সামাজিক স্তৰীকৰণ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top