Class 11 Sociology Chapter 10 ভাৰতীয় সমাজতত্ত্ববিদসকল Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter AHSEC Class 11 Sociology Chapter 10 ভাৰতীয় সমাজতত্ত্ববিদসকল and select needs one.
Class 11 Sociology Chapter 10 ভাৰতীয় সমাজতত্ত্ববিদসকল
Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC Class 11 Sociology Chapter 10 ভাৰতীয় সমাজতত্ত্ববিদসকল Solutions for All Subject, You can practice these here.
ভাৰতীয় সমাজতত্ত্ববিদসকল
পাঠ: 10
দ্বিতীয় ভাগ
চমু প্ৰশ্নোত্তৰ
১। ভাৰতবৰ্ষৰ ক’ত আৰু কেতিয়া সমাজতত্ত্বই জন্ম লাভ কৰিছিল?
উত্তৰঃ ভাৰতবৰ্ষত ১৯১৯ চনত বম্বে বিশ্ববিদ্যালয়ত প্ৰথম সমাজতত্ত্বই জন্ম লাভ কৰিছিল।
২। জি. এছ. ঘূৰীৰ পূৰ্ণাঙ্গ নাম কি?
উত্তৰঃ গোবিন্দ সদাশিৱ ঘূৰী।
৩। এম. এন. শ্ৰীনিবাসৰ জীৱনজোৰা অধ্যয়নৰ কেন্দ্ৰবিন্দু কি আছিল?
উত্তৰঃ ভাৰতীয় গাঁও আৰু গ্ৰাম্য সমাজৰ অধ্যয়ন কৰা।
৪। এ.আৰ. দেশাইৰ পূৰ্ণাঙ্গ নাম কি?
উত্তৰঃ অক্ষয় ৰমনলাল দেশাই।
৫। ডি. পি. মুখাৰ্জীৰ পূৰ্ণাঙ্গ নাম কি?
উত্তৰঃ ধূৰ্জতি প্ৰসাদ মুখাৰ্জী।
৬। ভাৰতত ঘটনাক্ৰমে হোৱা সমাজতত্ত্ববিদ দুজনৰ নাম কি?
উত্তৰঃ (১) অগ্ৰণী পুৰুষ এল. কে. অনন্থকৃষ্ণআয়াৰ।
(২) আইনবিদ শৰৎ চন্দ্ৰ ৰায়।
৭। ভাৰতীয় বিখ্যাত সমাজতত্ত্ববিদ এম.এন. শ্ৰীনিবাসৰ সম্পূৰ্ণ নাম কি?
উত্তৰঃ মহীশূৰ নৰসিংহচাৰ শ্ৰীনিবাস।
৮। ‘Man in India’ নামৰ আলোচনীৰ প্ৰকাশ কোনে কেতিয়া কৰিছিল?
উত্তৰঃ সমাজতত্ত্ববিদ শৰৎ চন্দ্ৰ ৰায়ে ১৮২২ চনত ‘Man in India’ নামৰ আলোচনীখন প্ৰকাশ কৰে।
৯। হাৰ্বাৰ্ট ৰিজলীৰ মতে জাতি মানে কি?
উত্তৰঃ ৰিজলীয়ে জাতি আৰু প্ৰজাতিৰ আলোচনা মানুহৰ শাৰীৰিক বৈশিষ্ট্য যেনে— মূৰৰ আকাৰ, নাকৰ দৈৰ্ঘ্য, হনু, ওঁঠ, চকুৰ পঁতা আদিৰ গঠন, চুলিৰ গঠন, কাণৰ গঠন ইত্যাদিৰ ওপৰত নিৰ্ভৰ কৰি আলোচনা কৰিছিল।
১০। ভাৰতত চাৰিগৰাকী মহান সমাজতত্ত্ববিদৰ নাম কি?
উত্তৰঃ ভাৰতত চাৰিগৰাকী মহান সমাজতত্ত্ববিদৰ নাম হ’ল—
(ক) গোবিন্দ সদাশিৱ ঘূৰী।
(খ) ধূৰ্জতি প্ৰসাদ মুখাৰ্জী।
(গ) অক্ষয় ৰমনলাল দেশাই।
(ঘ) মহীশূৰ নৰসিংহচাৰ শ্ৰীনিবাস।
অনুশীলনী (Exercise)
১। অনন্থকৃষ্ণ আয়াৰ আৰু শৰৎ চন্দ্ৰ ৰয়ে কেনেকৈ সামাজিক নৃতত্ত্ব অধ্যয়ন কৰিবলৈ আগবাঢ়ি আহিছিল আলোচনা কৰা।
উত্তৰঃ ভাৰতবৰ্ষৰ সমাজতত্ত্ববিদসকলৰ সৰহ সংখ্যকেই ঘটনাক্ৰমেহে সমাজতত্ত্ব চৰ্চাৰ বিষয়টোৰ লগত জড়িত হৈ পৰে। উদাহৰণস্বৰূপে নৃতত্ত্ববিদ এল. কে. অনন্থকৃষ্ণ আয়াৰে ইতিহাসৰ প্ৰথমজন স্ব-শিক্ষিত নৃতত্ত্ববিদ যিয়ে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰ গৱেষক তথা শিক্ষাবিদ হিচাবে স্বীকৃতি লাভ কৰে। তেওঁ কলকাতা বিশ্ববিদ্যালয়তে স্নাতকোত্তৰ পৰ্যায়ত নৃতত্ত্ব বিভাগ স্থাপনত সহায় কৰিছিল। নৃতত্ত্ববিজ্ঞানত কোনো ধৰণৰ আনুষ্ঠানিক ডিগ্ৰী নোহোৱা স্বত্বেও ভাৰতীয় বিজ্ঞান অধিৱেশনৰ নৃজাতীয় বিজ্ঞান শাখাৰ সভাপতি ৰূপে নিৰ্বাচিত হৈছিল।
ভাৰতৰ অন্য এজন অপৰিকল্পিত তথা অগ্ৰণী নৃতত্ত্ববিদ আছিল অধিবক্তা শৰৎ চন্দ্ৰ ৰয়। আইনৰ ডিগ্ৰী গ্ৰহণ কৰাৰ উপৰি তেওঁ ইংৰাজী বিষয়ত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰীৰো অধিকাৰী। তেওঁ জীৱনৰ ৪৪ বছৰ ঝাৰখণ্ডৰ চোটনাগপুৰ জনজাতীয় সংস্কৃতি আৰু সমাজ অধ্যয়ন বিভাগৰ মুখ্য বিষয়ববীয়া ৰূপে অৱদান আগবঢ়ায় আৰু নৃতাত্ত্বিক অধ্যয়নৰ প্ৰতি তেওঁৰ আগ্ৰহ বৃদ্ধি পাবলৈ ধৰে যেতিয়া তেওঁ শিক্ষকতাৰ চাকৰি কৰি ৰাঁচি কোৰ্টৰ এজন অনুবাদক হিচাপে যোগদান কৰে।
ভাৰতৰ নৃতাত্ত্বিক অধ্যয়নৰ ক্ষেত্ৰখনত অনন্থকৃষ্ণ আয়াৰ তথা শৰৎ চন্দ্ৰ ৰয় দুয়োজনকেই সঁচা অৰ্থত একো একোজন অগ্ৰহী পুৰুষ হিচাবে গণ্য কৰিব পাৰি।
২। জনজাতীয় সম্প্ৰদায়সমূহৰ মাজত সম্পৰ্কৰ ক্ষেত্ৰত থকা যুক্তিসমূহ আলোচনা কৰা।
উত্তৰঃ We will update the answer very soon.
৩। ভাৰতবৰ্ষৰ জাতি আৰু প্ৰজাতিসমূহৰ মাজত থকা সম্পৰ্কৰ বিষয়ে হাৰ্বাট ৰিজলী আৰু জি. এছ. ঘূৰীয়ে কেনেদৰে বক্তব্য আগবঢ়াইছে, আলোচনা কৰা।
উত্তৰঃ জি. এছ. ঘূৰীয়ে সমাজতত্ত্বীয় অৱদানসমূহৰ ভিতৰত জাতি আৰু প্ৰজাতি সম্বন্ধীয় আলোচনা অতি গুৰুত্বপূৰ্ণ। ১৯৩২ চনত এই বিষয়ত ‘Caste and Race in India’ নামেৰে গ্ৰন্থ প্ৰকাশ পায়। এই গ্ৰন্থখনত তেওঁ সেইসময়ত প্ৰচলিত জাতি আৰু প্ৰজাতিৰ সম্বন্ধে কেতবোৰ উল্লেখযোগ্য দিশ আলোকপাত কৰা এনে দিশ বা সিদ্ধান্তসমূহৰ এজন উল্লেখযোগ্য চিন্তাবিদ আছিল হাৰ্বাৰ্ট ৰিজলী। ঘূৰীয়ে তেওঁৰ জাতি আৰু প্ৰজাতি সম্বন্ধীয় আলোচনাত হাবাৰ্ট ৰিজলীৰ প্ৰসংগৰ সঘনাই আলোকপাত কৰিছে। কিয়নো ৰিজলীয়ে ভাৰতীয় জাতি আৰু প্ৰজাতি সম্বন্ধে গভীৰ অধ্যয়ন চলাইছিল। হাবাৰ্ট ৰিজলীয়ে উপলব্ধি আৰু বিশ্বাস কৰিছিল যে বিভিন্ন প্ৰজাতিৰ জন্ম তথা উৎপত্তি সম্বন্ধে অধ্যয়ন কৰিবৰ বাবে সমগ্ৰ ভাৰতবৰ্ষৰ হ’ল এক উপযুক্ত স্থল বা গৱেষনাগাৰ । ৰিজলীয়ে উল্লেখ কৰিছিল যে জাতি ব্যৱস্থাই ইয়াৰ ভিন্ন ভিন্ন গোটৰ মাজত আন্তঃবিবাহৰ প্ৰচলনত বহু যুগ ধৰি বাধাস্বৰূপ হৈ আহিছে। ৰিজলীৰ মতে প্ৰজাতিয়েহে জাতিৰ উৎপত্তিৰ সহায় কৰে। কিয়নো বেলেগ বেলেগ জাতিৰ প্ৰজাতিৰ কেতবোৰ গুণ উপলব্ধ হয়।
ভাৰতৰ জাতি আৰু প্ৰজাতিৰ সম্বন্ধে হাবাৰ্ট ৰিজলীয়ে যিখিনি মতামত আগবঢ়াইছিল সেইখিনি মতামতক ঘূৰীয়ে সম্পূৰ্ণৰূপে গ্ৰহণ কৰিব পৰা নাই। ঘূৰীৰ মতে আৰ্য প্ৰজাতিৰ পৰা উৎপত্তি হোৱা উচ্চ জাতি আৰু অনাৰ্য প্ৰজাতিৰ পৰা উৎপত্তি হোৱা নিম্নজাতিৰ ভাৱধাৰটো কেৱল উত্তৰ ভাৰতৰ ক্ষেত্ৰতহে প্ৰযোজ্য। ভাৰতৰ আন আন অঞ্চলবোৰত এনে ধৰণৰ নিৰিখেৰে গোটবোৰৰ মাজত ব্যৱধান বিস্তৃত বা- পদ্ধতিগতভাৱে পাব নোৱাৰি।
৪। জাতি সম্পৰ্কে থকা সামাজিক নৃতাত্ত্বিক সংজ্ঞাসমূহ চমুকৈ আলোচনা কৰা।
উত্তৰঃ We will update the answer very soon.
৫। ডি. পি. মুখাৰ্জীয়ে ‘জীৱন্ত পৰম্পৰা’ মানে কি পৰম্পৰাক বুজাব বিচাৰিছে? তেওঁৰ মতে কিয় ভাৰতীয় সমাজতত্ত্ববিদসকল এইধৰণৰ পৰম্পৰাৰ সৈতে একাত্ম হ’ব লাগে?
উত্তৰঃ ডি. পি. মুখাৰ্জীৰ মতে পৰম্পৰা হৈছে সমাজত পুৰুষাণুক্ৰমে বাগৰি অহা কেতবোৰ ৰীতি-নীতি। তেওঁৰ মতে ভাৰতীয় সমাজৰ পৰম্পৰা হৈছে কেতবোৰ ঐতিহাসিক প্ৰক্ৰিয়াৰ ফলশ্ৰুতি। এই পৰম্পৰা সমূহেই ভাৰতীয় সাংস্কৃতিক সংৰচনা গঢ়ি তুলিছে। বৌদ্ধ ধৰ্ম, ইছলাম ধৰ্ম, খ্ৰীষ্টান ধৰ্ম, জনজাতীয় জীৱন-প্ৰণালী পাশ্চাত্যৰ আধুনিকতা ইত্যাদি কেতবোৰ আদর্শবোধৰ লগত ভাৰতীয় সমাজৰ পৰম্পৰা অন্তৰ্ভুক্ত হৈ আছে।
তেওঁ ভাৰতীয় পৰম্পৰাক প্ৰাথমিক, দ্বিতীয়ক, আৰু তৃতীয়ক এই তিনিটা শ্ৰেণীত ভাগ কৰিছে। প্ৰাথমিক পৰম্পৰা হৈছে অতীতৰে পৰা প্ৰচলিত হৈ অহা প্ৰকৃত বা নিভাজ পৰম্পৰা। ভাৰতবৰ্ষত মুছলমান সকলৰ আগমনৰ সময়ছোৱাত দ্বিতীয় শ্ৰেণীৰ পৰম্পৰাক নিৰূপণ কৰিছে।
ডি. পি. মুখাৰ্জীৰ মতে জীৱন্ত পৰম্পৰা হৈছে এনে এক পৰম্পৰা যি পৰম্পৰাই অতীতৰ লগত যোগসূত্ৰ ৰক্ষা কৰি অতীতৰ পৰা কিছু গ্ৰহণ কৰে আৰু একে সময়তে নতুনত্বকো আদৰি লৈ নতুনৰ পৰাও কিছু গ্ৰহণ কৰে। সেয়েহে ক’ব পাৰি যে জীৱন্ত পৰম্পৰা হৈছে নতুন আৰু পুৰণি সংমিশ্ৰণত গঢ়ি উঠা পৰম্পৰা।
৬। ভাৰতীয় সমাজ আৰু সংস্কৃতিৰ বিশেষত্বসমূহ কি কি? সেইবোৰে কেনেকৈ পৰিৱৰ্তনৰ আৰ্হিত প্ৰভাৱ পেলায়।
উত্তৰঃ ভাৰতীয় সমাজতত্ত্ববিদ ডি. পি. মুখাৰ্জীৰ মতে ভাৰতৰ সমাজব্যৱস্থাই ভাৰতৰ প্ৰধান বৈশিষ্ট্যসমূহ নিৰ্ণয় কৰি আহিছে। তেওঁৰ মতে পশ্চিমীয়া দেশৰ তুলনাত ভাৰতৰ ইতিহাস চর্চা, ৰাজনীতি তথা অৰ্থনীতি তুলনামূলকভাৱে পিছ পৰা যদিও ভাৰতৰ সামাজিক পৰিধিবোৰ অধিক উন্নত আৰু আগবঢ়া। ডি. পি. মুখাৰ্জীৰ মতে ভাৰতৰ সমাজ সংস্কৃতিৰ কিছুমান বিশেষত্ব আছে। সেইবোৰ হ’ল—
(ক) ডি. পি. মুখাৰ্জীয়ে যুক্তি সহকাৰে দেখুৱাইছে যে পশ্চিমীয়া সমাজ-সংস্কৃতিৰ গঠন প্ৰক্ৰিয়াৰ লগত ভাৰতীয় সমাজ সংস্কৃতিৰ গঠন প্ৰক্ৰিয়া নিমিলে। পশ্চিমীয়া সমাজৰ দৰে ভাৰতৰ সমাজ আৰু সংস্কৃতি কেতিয়াও ব্যক্তিকেন্দ্ৰিক নহয়।
(খ) প্ৰত্যেক সমাজত পৰিৱৰ্তনৰ আভ্যন্তৰীণ আৰু বাহ্যিক উৎস থাকে। ডি. পি. মুখাৰ্জীৰ মতে পশ্চিমীয়া সমাজত পৰিৱৰ্তনৰ উৎস হৈছে ইয়াৰ অৰ্থনীতি। কিন্তু ভাৰতীয় সমাজত জাতিৰ প্ৰাসংগিকতা বেছি। ভাৰতীয় সমাজত শ্ৰেণী সংঘৰ্ষক জাতি ব্যৱস্থাইহে চলাই নাছিল।
৭। কল্যাণকামী ৰাষ্ট্ৰ মানে কি? এ. আৰ. দেশায়ে কল্যাণকামী ৰাষ্ট্ৰৰ বিপক্ষে কিয় প্ৰতিবাদ সাব্যস্ত কৰিছে?
উত্তৰঃ কল্যাণকামী ৰাষ্ট্ৰ ধাৰণাটোৱে এখন আদৰ্শ মানৱ সমাজৰ কথা বুজায়, য’ত মানৱ কল্যান, মানুহৰ উন্নতিমূলক চিন্তা-চৰ্চাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হয়।
কল্যাণকামী ৰাষ্ট্ৰ কেৱল পৰম্পৰাগত উদাৰ ৰাষ্ট্ৰৰ দৰে কেৱল আইন শৃংখলা বজাই ৰাখি নূন্যতম প্ৰয়োজনীয়তাৰে তিস্থি থকাটোকেই নুবুজায়। বৰঞ্চ কল্যাণকামী ৰাষ্ট্ৰই আইন-শৃংখলা আৰু নিৰাপত্তাৰ বাহিৰেও সমাজৰ উন্নতি আৰু সামাজিক নীতি ৰূপায়ণৰ বাবে আৰ্হি প্ৰস্তুত কৰিব লাগে।
গণতন্ত্ৰৰ অবিহনে কল্যাণকামী ৰাষ্ট্ৰ প্ৰতিষ্ঠা হ’ব নোৱাৰে। আনুষ্ঠানিক গণতান্ত্ৰিক প্ৰতিষ্ঠান, বহুদলীন নিৰ্বাচন, চৰকাৰ আদি কল্যাণকামী ৰাষ্ট্ৰৰ বৈশিষ্ট্য। সমাজতান্ত্ৰিক, ৰাজতন্ত্ৰ, আৰু সাম্যবাদী ৰাষ্ট্ৰসমূহ কল্যাণকামী ৰাষ্ট্ৰ নহয়।
কল্যাণকামী ৰাষ্ট্ৰৰ অৰ্থনীতি চৰকাৰী আৰু বে-চৰকাৰী দুয়োধৰণৰ অৰ্থনীতিৰে পৰিচালিত হয়। ইয়াত বে-চৰকাৰী পুঁজিপতিৰ উদ্যোগ প্ৰতিষ্ঠান আৰু চৰকাৰী স্বত্বাধিকাৰী উদ্যোগ প্ৰতিষ্ঠান থাকে।
৮। এম. এন. শ্ৰীনিবাস আৰু লুইচ ডুমন্তে গাঁৱক সমাজতাত্ত্বিক গৱেষণাৰ বিষয়বস্তু হিচাপে লোৱা সপক্ষে আৰু বিপক্ষে কেনেধৰণৰ মত প্ৰকাশ কৰিছে?
উত্তৰঃ এম.এন. শ্ৰীনিবাসৰ সমাজতত্ত্বীয় অন্যান্য অৱদানবিলাকৰ ভিতৰত গাঁও সমন্ধীয় অধ্যয়ন অতি গুৰুত্বপূৰ্ণ। শ্ৰীনিবাসে ভাৰতীয় সমাজৰ গাঁও সম্বন্ধে অধ্যয়নৰ বাবে কেতবোৰ অতি গুৰুত্বপূৰ্ণ অঞ্চল ভ্ৰমণ কৰিছিল আৰু সেই অঞ্চল সমূহৰ জনসংখ্যাৰ পৰা সাক্ষাৎকাৰৰ ভিত্তিত বিভিন্ন তথ্য সংগ্ৰহ কৰিছিল।
শ্ৰীনিবাসে গাঁও সম্বন্ধে যিবোৰ অধ্যয়ন কৰিছিল সেইবোৰ আছিল দুই ধৰণৰ বৈশিষ্ট্য সম্পন্ন । প্ৰথম বিশেষত্বত পৰে তেওঁ ক্ষেত্ৰ অধ্যয়নৰ ভিত্তিত প্ৰস্তুত কৰা গাঁৱৰ নৃগোষ্ঠীয় বিৱৰণ তথা আলোচনা সমূহ। দ্বিতীয় প্ৰকাৰৰ বিশেষত্বত পৰে।লিখা ভাৰতীয় গাঁৱৰ ঐতিহাসিক তথা অৱধাৰণিক আলোচনা, যিবোৰৰ যোগেদি গাঁৱক সামাজিক বিশেষণৰ এটা গোট হিচাবে ধৰা হৈছিল। এই ক্ষেত্ৰত লুইচ ডুমণ্টএ কৈছিল যে সামাজিক সংস্থাৰূপে জাতি অধ্যয়নৰ তাৎপৰ্য গাঁও অধ্যয়নতকৈ অধিক বিবেচনাধীনহোৱা উচিত। কিয়নো গাঁও কৈছে কোনো বিশেষ অঞ্চলত একেলগে বসবাস কৰা জনসংখ্যাহে মাথোন। গাঁও সৃষ্টিও হ’ব পাৰে, জীৱই থাকিবও পাৰে আৰু কেতিয়াবা নিশ্চিহ্নও হৈ যাব পাৰে। ইয়াৰ উপৰিও এখন গাঁৱৰ মানুহ আন গাঁৱলৈও যাব পাৰে। এনেবোৰ যুক্তিৰ আধাৰতে লুইছ ডুমন্টে বিশ্বাস কৰিছিল যে ‘গাঁৱ’ক এটি অধ্যয়নৰ গোট হিচাপে অধিক গুৰুত্ব দিয়াতো বিপথে পৰিচালনা কৰাৰ দৰেই হ’ব। এনে দৃষ্টিভংগীৰ বিৰুদ্ধে গৈ শ্ৰীনিবাস উপলব্ধি কৰিছিল যে ‘গাঁৱ’ক এটি সামাজিক ‘সত্তা’ হিচাপে বিবেচনা কৰিব পৰা যায়।
৯। ভাৰতীয় সমাজতত্ত্বৰ ইতিহাসত গাঁও অধ্যয়নৰ তাৎপৰ্য ব্যাখ্যা কৰা । এইক্ষেত্ৰত এম. এন. শ্ৰীনিবাসে কেনে ভূমিকা পালন কৰিছিল উল্লেখ কৰা।
উত্তৰঃগৱেষণাৰ বিশেষ ঠাই ৰূপে গাওঁবোৰে ভাৰতীয় সমাজতত্ত্বত বহু সুবিধা আগবাঢ়ইছিল। নৃজাতীয় গৱেষণা পদ্ধতিবোৰ আগুৱাই নিয়াত গাঁও অধ্যয়নে বিশেষভাৱে সহায় কৰে। স্বাধীন ভাৰতত হোৱা পৰিৱৰ্তনৰ চাক্ষুষ দৃষ্টান্ত গাঁৱৰ জৰিয়তে পাব পাৰি। গাঁৱৰ বিস্তৃত অধ্যয়নৰ ফলত দেশৰ নীতি নিৰ্ধাৰণকাৰীসকলে উন্নয়নমূলক নীতি গ্ৰহণৰ ক্ষেত্ৰতো সুবিধা হৈছে।
ভাৰতীয় গ্ৰাম্য সমাজৰ অধ্যয়ন আছিল শ্ৰীনিবাসৰ অধ্যয়নৰ কেন্দ্ৰবিন্দু। তেওঁ জৰীপ আৰু সাক্ষাৎকাৰ পদ্ধতিৰ জৰিয়তে ভালেমান ঠাইৰ বিভিন্ন গাঁও অধ্যয়ন কৰিছিল।
শ্ৰীনিবাসে গাঁও সম্পৰ্কীয় অধ্যয়নবোৰ নৃজাতীয় বিৱৰণ আৰু সামাজিক বিশ্লেষণৰ ভিত্তিত আগবাঢ়ইছিল। তেওঁ গাঁৱৰ অধ্যয়নক সামাজিক বিশ্লেষণৰ এটা গোট হিচাপে ধৰি লৈছিল। তেওঁৱেই পোনপ্ৰথমে গাঁৱক সামাজিক বিশ্লেষণৰ গোট হিচাপে মানি লোৱা নাছিল।
নৃতত্ত্ববিদ লুইছ ডুমন্টয়ে গাঁৱৰ অধ্যয়নতকৈ জাতিৰ অধ্যয়নৰ ওপৰত অধিক গুৰুত্ব দিছিল। তেওঁৰ মতে গাঁৱৰ সৃষ্টি আৰু পৰিৱৰ্তন সঘনে হ’ব পাৰে। কিন্তু শ্ৰীনিবাসে এই মতক বিৰোধিতা কৰিছে। তেওঁৰ মতে গাঁও হৈছে ঐক্য সংহতিৰ বাহক আৰু এক সামাজিক সত্তা। এওঁৰ মতে গাঁৱৰ সংহতিয়েই গ্ৰাম্য জীৱনৰ গুৰুত্বপূৰ্ণ দিশ। শ্ৰীনিবাসৰ মতে গ্ৰাম্য সমাজৰ পৰিৱৰ্তনেহে সমাজৰ প্ৰকৃত পৰিৱৰ্তন আনে। গাঁৱৰ বিস্তৃত বিৱৰণৰ ওপৰতহে দেশৰ উন্নয়নৰ নীতি নিৰ্দেশনাও প্ৰস্তুত কৰিব পাৰি। শ্ৰীনিবাসৰ মতে অধ্যয়নবোৰ কেৱল আদিবাসী বা জনজাতি সমাজৰ মাজতে আৱদ্ধ নাৰাখি সকলো ধৰণৰ গাঁও অধ্যয়ন কৰিব লাগে। তেহে আধুনিকতাৰ পোহৰ গ্ৰাম্যাঞ্চললৈও আহিব। অৰ্থাৎ ক’ব পাৰি যে শ্ৰীনিবাস অধ্যয়নৰ প্ৰাণকেন্দ্ৰ হৈছে গাঁও।