Philosophical Foundations of Education Unit 1 শিক্ষাৰ ধাৰণা

Philosophical Foundations of Education Unit 1 শিক্ষাৰ ধাৰণা Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Philosophical Foundations of Education Unit 1 শিক্ষাৰ ধাৰণা Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Philosophical Foundations of Education Unit 1 শিক্ষাৰ ধাৰণা Question Answer can be of great value to excel in the examination.

Philosophical Foundations of Education Unit 1 শিক্ষাৰ ধাৰণা

Join Telegram channel

Philosophical Foundations of Education Unit 1 শিক্ষাৰ ধাৰণা Notes cover all the exercise questions in UGC Syllabus. Philosophical Foundations of Education Unit 1 শিক্ষাৰ ধাৰণা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Concept of Education

PHILOSOPHICAL FOUNDATIONS OF EDUCATION

অতি চমু প্রশ্নোত্তৰঃ

১। ‘শিক্ষা’ (Education) শব্দটো কোনটো ভাষাৰ পৰা উৎপত্তি হৈছে? (From which language the term Education has been originated?)

উত্তৰঃ লেটিন (Latin) ভাষাৰ পৰা।

২। “শিক্ষা হ’ল এক জীৱন ব্যাপী চলা অন্তহীন প্রক্রিয়া।” কোনে কৈছিল? (“Education is a life-long process of development.” Who said this?)

উত্তৰঃ জন ডিউই (John Dewey)।

৩। “আত্ম উপলব্ধিৰ বিকাশ কৰাই হৈছে শিক্ষাৰ লক্ষ্য।” উক্তিটো কাৰ? (“Education is the realisation of the self.” Who said this?)

উত্তৰঃ শংকৰাচাৰ্য্যৰ।

৪। “শিক্ষাই ব্যক্তিক সু-চৰিত্ৰবান আৰু সমাজৰ বাবে উপযোগী কৰি তোলে।”— উক্তিটো কাৰ? (“Education is that which makes a man of good character and useful to the society.” Who said this?)

উত্তৰঃ উক্তিটো যাজ্ঞবল্কৰ।

৫। “শিক্ষাই ব্যক্তিৰ মনত আত্মসন্তুষ্টি আনে।”— এইটো কাৰ উক্তি? (“Education means development of self-contentment.” Who said this?)

উত্তৰঃ এইটো কান্নাড়াৰ উক্তি।

৬। “শিক্ষাই দেহ-মন আৰু আত্মাৰ সৰ্বোৎ প্ৰকাৰৰ বিকাশ সাধন কৰে।” কোনে কৈছিল?  (“Education makes all-round development of body, mind and spirit.” Who said this?)

উত্তৰঃ মহাত্মা গান্ধীয়ে।

৭। “শিক্ষা জীৱনৰ বাবে এক এৰাব নোৱাৰা প্ৰয়োজনীয়তা।” (শুদ্ধ / অশুদ্ধ) (“Education is indispensable for normal life.” True / False.)

উত্তৰঃ শুদ্ধ (True )।

৮। “শিক্ষা স্কুলৰ পৰাই আৰম্ভ হয়।” (শুদ্ধ/অশুদ্ধ) (“Education starts with schooling.” True / False.)

উত্তৰঃ অশুদ্ধ (False)।

৯। ব্যাপক অর্থত, শিক্ষাই সমগ্ৰ জীৱন আগুৰি থাকে। (শুদ্ধ / অশুদ্ধ) (In wide sense, education covers the whole life. (True / False.)

উত্তৰঃ শুদ্ধ (True)।

১০। জন ডিউইৰ মতে – শিক্ষা এক দ্বিপাক্ষিক প্রক্রিয়া। (শুদ্ধ / অশুদ্ধ) (According to John Dewey, education is a bipolar process. (True / False.)

উত্তৰঃ অশুদ্ধ (False)।

১১৷ শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ মুখ্য সমৰ্থক কোন আছিল? (Who is the chief supporter of individual aim of education?)

উত্তৰঃ চাৰ পাৰ্ছিনান।

১২। সমাজকেন্দ্রিক শিক্ষাৰ লক্ষ্যৰ মুখ্য সমর্থক কোন? (Who is the chief supporter of social aim of education?)

উত্তৰঃ জন ডিউই (John Dewey)।

১৩। “Education: Its data and first principle” নামৰ গ্ৰন্থখন কোনে লিখিছিল? (Who wrote the famous book, “Education: Its data and first principle”?)

উত্তৰঃ চাৰ পাৰ্চিনান (Sir Percy Nunn).

১৪। “Democracy and Education” নামৰ গ্ৰন্থখন কোনে লিখিছিল? (Who wrote the book “Democracy and Education”?)

উত্তৰঃ জন ডিউই (John Dewey).

১৫। আন্তর্জাতিক শিক্ষা আয়োগৰ ডেল’ৰ প্ৰতিবেদনৰ শিৰোনাম কি আছিল? (What is the title of Delors Report of International Education Commission?)

উত্তৰঃ ডেল’ৰ প্ৰতিবেদনৰ শিৰোনাম হ’ল “Learning: The Treasure Within”.

শুদ্ধ উত্তৰটো নিৰ্বাচন কৰাঃ (Choose the correct Answer:)

১৬। শিক্ষা শব্দটো কোনটো সংস্কৃত ধাতুৰ পৰা পোৱা গৈছে? (From which Sanskrit root the word Shiksha is taken?)

(ক) Educare (এডুকেয়াৰ)।

(খ) Knowledge (জ্ঞান)।

(গ) Vidya (বিদ্যা)।

(ঘ) Shas (শ্বাস)।

উত্তৰঃ (ঘ) Shash (শ্বাস)।

১৭। “শিক্ষা হ’ল ব্যক্তিৰ শৈশৱ কালৰ পৰা পৰিণত বয়স ব্যাপ্ত এক জীৱন বিকাশৰ প্ৰক্ৰিয়া, যি প্ৰক্ৰিয়াই তেওঁক শাৰীৰিক, সামাজিক আৰু আধ্যাত্মিক পৰিৱেশৰ লগত সংগতি বিধানত ক্ৰমশঃ সমৰ্থৱান কৰি তোলে।” – উক্তিটো কোনে কৰিছিল? (“Education is a process of development from infancy to maturity, the process by which he adopts himself gradually in various ways of his physical social and spiritual environment.” Who said this?)

(ক) John Dewey (এডুকেয়াৰ)।

(খ) T. Raymont (এডুকেয়াৰ)।

(গ) T. P. Nunn (এডুকেয়াৰ)।

(ঘ) Ross (এডুকেয়াৰ)।

উত্তৰঃ (খ) T. Raymont (এডুকেয়াৰ)।

১৮। “অভিজ্ঞতাৰ অবিৰত পুনৰ নিৰ্মাণেই শিক্ষা”— উক্তিটো কাৰ? (“Education is a continuous reconstruction of experience”-who said this?)

(ক) Gandhiji (গান্ধীজী)।

(খ) Raymont (ৰেমণ্ট)।

(গ) John Dewey (জন ডিউই)।

(ঘ)Adams (আদামচ্)।

উত্তৰঃ (গ) জন ডিউই (John Dewey).

১৯। “মানুহৰ অন্তর্নিহিত শক্তিসমূহৰ স্বাভাৱিক, সংগতিপূর্ণ, প্রগতিশীল বিকাশেই হ’ল শিক্ষা”— উক্তিটো কাৰ? (“Education is natural, harmonious, and progressive development of man’s innate powers” – who said this?)

(ক) Pestalozzi (পেষ্টাল’জি)।

(খ) Plato (প্লেটো)।

(গ) Gandhiji (গান্ধীজী)।

(ঘ) Butler (বাটলাৰ)।

উত্তৰঃ (ক) Pestalozzi (পেষ্টাল’জি)।

২০। “শিক্ষা হ’ল মানুহৰ সুপ্ত অন্তৰ্নিহিত প্ৰতিভা বা সম্পূর্ণতাৰ পৰিপূৰ্ণ বিকাশ সাধন।”— উক্তিটো কোনে কৰিছিল? (“Education is the manifestation of divine perfection already existing in man.” Who said this?)

(ক) Tagore (ঠাকুৰ)।

(খ) Swami Vivekananda (স্বামী বিবেকানন্দ)।

(গ) Guru Nanak (গুৰু নানক)।

(ঘ) Nunn (নান)।

উত্তৰঃ (খ) Swami Vivekananda (স্বামী বিবেকানন্দ)।

২১। “শিক্ষাৰ দ্বাৰাই মই শিশুৰ দেহ-মন আৰু আত্মাৰ সৰ্বতোমুখী বিকাশকে বুজো।” উক্তিটো কাৰ? (“By education, I mean an all-round development of the child his body, mind and spirit.” – Who said this?)

(ক) Nunn (নান)।

(খ) Gandhiji (গান্ধীজী)।

(গ) Dewey (ডিউই)।

(ঘ) Pestalozzi (পেষ্টাল’জি)।

উত্তৰঃ (খ) Gandhiji (গান্ধীজী)।

২২। শিক্ষা এটা দ্বি-পক্ষীয় প্ৰক্ৰিয়া বুলি কোনে কৈছিল? (Education is a bipolar process was propound by-)

(ক) Sir John Adams (চাৰ জন আদামচ্‌)।

(খ) Nunn (নান)।

(গ) John Dewey (জন ডিউই)।

(ঘ) Raymont (ৰেমণ্ট)।

উত্তৰঃ (ক) Sir John Adams (চাৰ জন আদামচ্)।

২৩। শিক্ষা এটা ত্রি-পক্ষীয় প্ৰক্ৰিয়া বুলি কোনে কৈছিল? (Education as a Tripolar process was propound by-)

(ক) Adams (আদামচ্)।

(খ) John Dewey (জন ডিউই)।

(গ) Butler (বাটলাৰ)।

(ঘ) Nunn (নান)।

উত্তৰঃ (খ) John Dewey (জন ডিউই)।

২৪৷ শিক্ষাৰ মাধ্যম হ’ল — (Agencies of education are of —)

(ক) Two types (দুই প্ৰকাৰৰ)।

(খ) Three types (তিনি প্ৰকাৰৰ)।

(গ) Four types (চাৰি প্ৰকাৰৰ)।

(ঘ) Five types (পাঁচ প্ৰকাৰৰ)।

উত্তৰঃ (খ) Three types (তিনি প্ৰকাৰৰ)।

২৫। আদামচে কৈছিল যে শিক্ষাই গুৰুত্ব দিয়া উচিত — (Adams says that education should give importance to—)

(ক) Political freedom (ৰাজনৈতিক স্বাধীনতা)।

(খ) Individual freedom (ব্যক্তি স্বাধীনতা)।

(গ) Social freedom (সামাজিক স্বাধীনতা)।

(ঘ) None of these (এটাও নহয়)।

উত্তৰঃ ব্যক্তি স্বাধীনতা (Individual freedom)।

২৬। শিক্ষাৰ অধিক গুৰুত্বপূৰ্ণ কাৰ্য হ’ল – (The most important function of education is —)

(ক) Economic development (অর্থনৈতিক বিকাশ)।

(খ) Industrial development (উদ্যোগিক বিকাশ)।

(গ) Political development (ৰাজনৈতিক বিকাশ)।

(ঘ) Human Resource development (মানৱ সম্পদ বিকাশ)।

উত্তৰঃ (ঘ) Human Resource Development (মানৱ সম্পদ বিকাশ)।

২৭। জন ডিউই _____________ বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল? (John Dewey has emphasised on development of—)

(ক) Individual efficiency (ব্যক্তিগত দক্ষতা)।

(খ) Social efficiency (সামাজিক দক্ষতা)।

(গ) Political efficiency (ৰাজনৈতিক দক্ষতা)।

(ঘ) Economic efficiency (অর্থনৈতিক দক্ষতা)।

উত্তৰঃ (খ) Social efficiency (সামাজিক দক্ষতা)।

২৮। তলৰ কোনজন দার্শনিক শিক্ষাৰ সমাজকেন্দ্ৰিক লক্ষ্যৰ সমৰ্থক? (Who among the following philosophers is the supporter of socialistic aim of education?)

(ক) Rousseau (কছো)।

(খ) Pestalozzi (পেষ্টাল’জি)।

(গ) Percy Nunn (পার্টি নান)।

(ঘ) Ross (ৰ’ছ)।

উত্তৰঃ (ঘ) Ross (ৰ’ছ)।

২৯। ‘Democracy and Education’ লিখিছিল — (‘Democracy and Education’ was written by—)

(ক) M. K. Gandhi (এম. কে. গান্ধী)।

(খ) J. J. Rousseau (জে. জে. ৰুছো)।

(গ) John Dewey (জন ডিউই)।

(ঘ) Froebel (ফ্র’ৱেল)।

উত্তৰঃ (গ) John Dewey (জন ডিউই)।

৩০। শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ উদ্দেশ্য হ’ল এটি শিশুৰ _____________ প্ৰস্তুত কৰা। (Individual aim of education aim at making a child—)

(ক) Isolated individual (অকলশৰীয়া ব্যক্তি)।

(খ) Co-operative individual (সহযোগী ব্যক্তি)।

(গ) Self-realised individual (আত্ম-উপলব্ধি ব্যক্তি)।

(ঘ) Self-central individual (আত্মকেন্দ্রিক ব্যক্তি)।

উত্তৰঃ (গ) Self-realised individual (আত্ম-উপলব্ধি ব্যক্তি)।

৩১। “Education: Its data and first principles” গ্ৰন্থখন লিখিছিল — (“Education: Its data and first principles” was written by—)

(ক) John Dewey (জন ডিউই)।

(খ) T. P. Nunn (টি. পি. নান)।

(গ) J. J. Roussaeu (জে. জে. ৰুছো)।

(ঘ) Froebel (ফ্ৰ’বেল)।

উত্তৰঃ (খ) T. P. Nunn (টি. পি. নান)।

চমু প্রশ্নোত্তৰঃ

১। শিক্ষাৰ এটা উপযুক্ত সংজ্ঞা লিখা। (Give a suitable definition of education.)

উত্তৰঃ পাণিনিৰ মতে, “শিক্ষাৰ দ্বাৰা ব্যক্তিৰ প্ৰকৃতি প্রদত্ত গুণসমূহৰ প্ৰশিক্ষণ দিয়া হয়। (Human education means the training which one gets from nature.)

২। ‘Education’ শব্দটোত ‘E’ আৰু ‘Duco’ শব্দৰ অৰ্থ কি? (What is the meaning of ‘E’ and ‘Duco’ in the term education?)

উত্তৰঃ ‘Education’ শব্দটোত ‘E’ আৰু ‘Duco’ শব্দ দুটাৰ অৰ্থ ক্ৰমে ‘E’- Out of – ঘ’ৰ পৰা আৰু ‘Duco শব্দৰ অৰ্থ I lead – মই আগুৱাই যাও। অৰ্থাৎ য’ৰ পৰা মোৰ বিকাশ হয়।

৩। বিদ্যালয়ৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। (Mention two characteristics of school.)

উত্তৰঃ বিদ্যালয়ৰ দুটা বৈশিষ্ট্য তলত সংক্ষেপে উল্লেখ কৰা হ’ল—

(ক) বিদ্যালয় হৈছে এক অনুষ্ঠান য’ত শিক্ষক আৰু শিক্ষাৰ্থীৰ প্ৰত্যক্ষ যোগাযোগ সম্ভৱ হয়।

(খ) বিদ্যালয়ে শিক্ষাৰ্থীৰ জীৱনৰ মানদণ্ড গুনগত ৰূপে গঢ়ি তোলাৰ বাবে জীৱনৰ সৈতে জড়িত কাৰ্যসূচী আৰু অভিজ্ঞতা প্ৰদান কৰে।

৪। সংকীর্ণ অৰ্থত শিক্ষা কি? (What is narrow meaning of education?)

উত্তৰঃ বৰ্তমান বিদ্যালয়, মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ চাৰিবেৰৰ মাজত আৱদ্ধ হৈ যি পুথিগত জ্ঞান লাভ কৰা হয় তাকে সংকীৰ্ণ অৰ্থত শিক্ষা বুলি বিবেচনা কৰা হয়। কাৰণ ইয়াৰ

যোগেদি আমি কোনো বিশেষ বিষয়ত জ্ঞান বা দক্ষতা আয়ত্ব কৰো। সহজ অৰ্থত এই বিধ শিক্ষাৰ নিৰ্দ্দিষ্ট আৰম্ভণি আৰু পৰিসমাপ্তি আছে।

৫। ব্যাপক অৰ্থত শিক্ষা কি? (What is wider meaning of education?)

উত্তৰঃ ব্যাপক অৰ্থত শিক্ষাক সমগ্ৰ জীৱন জুৰি চলা এক ধাৰাবাহিক প্ৰক্ৰিয়া বুলি কোৱা হয়। এই প্ৰক্ৰিয়া মানৱ শিশুৰ জন্মৰ লগে লগে আৰম্ভ হয় আৰু অবিৰত ভাৱে মৃত্যুৰ আগমূহুৰ্তলৈকে চলি থাকে। সেইবাবে জীৱন মানেই শিক্ষা আৰু শিক্ষাই জীৱন বুলি কোৱা হয়।

৬। আনুষ্ঠানিক শিক্ষা কি? (What is formal education?)

উত্তৰঃ আনুষ্ঠানিক শিক্ষা হ’ল নিৰ্দ্দিষ্ট শিক্ষানুষ্ঠানৰ ভিতৰত থাকি বিধি বিধানৰ মাজেৰে নিৰ্দ্দিষ্ট পাঠ্যক্ৰমৰ যোগেদি লাভ কৰা শিক্ষা। চমুকৈ ক’বলৈ হ’লে— বিদ্যালয়, মহাবিদ্যালয়ৰ চাৰিসীমাৰ ভিতৰত থাকি লাভ কৰা শিক্ষাইহ’ল আনুষ্ঠানিক শিক্ষা।

৭। অনানুষ্ঠানিক শিক্ষা কি? (What is informal education?)

উত্তৰঃ অনানুষ্ঠানিক শিক্ষা হ’ল কোনো আনুষ্ঠানিক নীতি-নিয়ম নমনাকৈ সামাজিক পৰিৱেশৰ পৰা পোৱা জীৱনৰ প্ৰয়োজনভিত্তিক শিক্ষা। ব্যক্তিয়ে দৈনন্দিন জীৱনৰ প্ৰতিটো মূহুৰ্ততে নিজে ক’ব নোৱাৰাকৈয়ে এই শিক্ষা লাভ কৰে। উদাহৰণস্বৰূপে পৰিয়াল, বাতৰি কাকত, চিনেমা, ৰেডিঅ’, ইত্যাদিয়ে দিয়া শিক্ষাৰ কথা উল্লেখ কৰিব পাৰো।

৮। অগতানুগতিক শিক্ষা কি? (What is Non-formal education?)

উত্তৰঃ অগতানুগতিক শিক্ষা হ’ল আনুষ্ঠানিক শিক্ষাৰ বাহিৰত কিছু প্রয়োজনীয় বিষয়ৰ ওপৰত কম সময়ৰ ভিতৰত ব্যক্তিৰ নিজৰ শৈক্ষিক প্রয়োজন পূৰণ কৰিব পৰা এক শিক্ষা ব্যৱস্থা। অগতানুগতিক শিক্ষা অত্যন্ত ব্যাপক, সমাজমুখী আৰু গণতান্ত্রিক। ব্যৱহাৰিক দিশৰ পৰা আনুষ্ঠানিক শিক্ষাতকৈ অগতানুগতিক শিক্ষা অধিক ফলপ্রসূ।

৯। আনুষ্ঠানিক শিক্ষাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।  (Mention two characteristics of formal education.)

উত্তৰঃ আনুষ্ঠানিক শিক্ষাৰ দুটা বৈশিষ্ট্য তলত সংক্ষেপে উল্লেখ কৰা হ’ল—

(ক) আনুষ্ঠানিক শিক্ষা পূর্ব পৰিকল্পিত আৰু সু-পৰিচালিত শিক্ষা ব্যৱস্থা।

(খ) আনুষ্ঠানিক শিক্ষাৰ অন্তত ডিগ্ৰী, ডিপ্ল’মা আৰু ছাৰ্টিফিকেট লাভ কৰা হয়।

১০। আনুষ্ঠানিক শিক্ষাৰ দুটা প্রধান মাধ্যম উল্লেখ কৰা। (Mention two major agencies of formal education.)

উত্তৰঃ আনুষ্ঠানিক শিক্ষাৰ দুটা প্ৰধান মাধ্যম হ’ল—

(ক) বিদ্যালয়। আৰু

(খ) মহাবিদ্যালয়।

১১। সংকীৰ্ণ অৰ্থৰ শিক্ষাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। (Mention two characteristics of narrow meaning of education.)

উত্তৰঃ সংকীৰ্ণ অৰ্থৰ শিক্ষাৰ দুটা বৈশিষ্ট্য হ’ল—

(ক) সংকীৰ্ণ অৰ্থত শিক্ষা নিৰ্দ্দিষ্ট স্থান, কাল-পাত্ৰ আৰু সীমিত পাঠ্যক্ৰমৰ মাজত সীমাবদ্ধ।

(খ) এইবিধ শিক্ষাৰ নিৰ্দ্দিষ্ট আৰম্ভনি আৰু পৰিসমাপ্তি আছে।

১২। ব্যাপক অৰ্থৰ শিক্ষাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। (Mention two characteristics of wider meaning of education.)

উত্তৰঃ ব্যাপক অৰ্থৰ শিক্ষাৰ দুটা বৈশিষ্ট্য হ’ল—

(ক) ব্যাপক অর্থত শিক্ষা এক জীৱন জোৰা বিৰামহীন প্ৰক্ৰিয়া।

(খ) ব্যাপক অৰ্থৰ শিক্ষাই আচৰণৰ পৰিৱৰ্তন সাধনত গুৰুত্ব দিয়ে।

১৩। অনানুষ্ঠানিক শিক্ষাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। (Mention two characteristics of informal education.)

উত্তৰঃ অনানুষ্ঠানিক শিক্ষাৰ দুটা বৈশিষ্ট্য হ’ল—

(ক) অনানুষ্ঠানিক শিক্ষা পূর্ব পৰিকল্পিত আৰু নিৰ্ধাৰিত নহয়।

(খ) এই শিক্ষাৰ কোনো আৰম্ভণি নাইবা শেষ নাই। আনুষ্ঠানিক শিক্ষাতকৈ ই অধিক বিস্তৃত।

১৪। অগতানুগতিক শিক্ষাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। (Mention two characteristics of Non-formal education.)

উত্তৰঃ অগতানুগতিক শিক্ষাৰ দুটা বৈশিষ্ট্য হ’ল—

(ক) অগতানুগতিক শিক্ষা শিক্ষার্থী কেন্দ্রিক আৰু শিক্ষাৰ্থীৰ প্ৰয়োজন তথা গুৰুত্বৰ প্ৰতি অধিক মনোযোগ দিয়া হয়।

(খ) অগতানুগতিক শিক্ষা এক পৰিকল্পিত আৰু পদ্ধতিগত কাৰ্য ব্যৱস্থা।

১৫। ব্যক্তি সন্দৰ্ভত শিক্ষাৰ দুটা কাৰ্য উল্লেখ কৰা।  (Mention two functions of education towards the individual.)

উত্তৰঃ ব্যক্তি সন্দৰ্ভত শিক্ষা দুটা কাৰ্য হ’ল—

(ক) শিক্ষাই ব্যক্তিক পৰিৱেশৰ লগত সুস্থ ভাৱে সমাযোজন কৰাৰ ক্ষেত্ৰত সহায় কৰে।

(খ) শিক্ষাই শিশুৰ জন্মগত বুদ্ধি বৃত্তি, চিন্তা-মুক্তি, শক্তি ক্ষমতাৰ উপযুক্ত বিকাশ সাধন কৰে।

১৬। সামাজিক ক্ষেত্ৰত শিক্ষাই সম্পন্ন কৰা দুটা কাৰ্য উল্লেখ কৰা। (Mention two major functions of education towards the society.)

উত্তৰঃ সামাজিক ক্ষেত্ৰত শিক্ষাই সম্পন্ন কৰা দুটা প্ৰধান কাৰ্য তলত সংক্ষেপে উল্লেখ কৰা হ’ল—

(ক) মানৱ শিশু এটি জন্মৰ পিছৰে পৰা সমাজত বাস কৰে যদিও সিহঁতে ব্যক্তিমুখী হৈ থাকে ৷ শিক্ষাই এই ব্যক্তিমুখী শিশুসকলক সমাজমুখী কৰি তোলে।

(খ) সামাজিক ক্ষেত্ৰত শিক্ষাই সম্পন্ন কৰা আন এটি প্রধান কাম হ’ল সমাজ সংৰক্ষণ আৰু সম্প্ৰসাৰণ কৰা ৷

১৭। শিক্ষাৰ মূল লক্ষ্য দুটা কি কি? (What are the two main aims of education?)

উত্তৰঃ শিক্ষাৰ মূল লক্ষ্য দুটা হ’লঃ

(ক) ব্যক্তিকেন্দ্রিক লক্ষ্য (Individual aim).

(খ) সামাজিক লক্ষ্য (Social aim).

১৮। শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ দুটা সবলতা উল্লেখ কৰা। (Mention two merits of individual aim of education.)

উত্তৰঃ শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ দুটা সবলতা তলত সংক্ষেপে উল্লেখ কৰা হ’ল—

(ক) শিক্ষাৰ দ্বাৰা ব্যক্তিৰ পূৰ্ণ বিকাশ আৰু সম্ভাবনীয়তা সমূহ পূর্ণ উপযোগিতা অবিহনে সমাজৰ উন্নতি আশা কৰিব নোৱাৰি। সমাজৰ উন্নতি ব্যক্তিৰ বিকাশৰ ওপৰত নিৰ্ভৰশীল আৰু কেইজনমান যোগ্য ব্যক্তিয়েহে ইয়াক সম্ভৱ কৰি তুলিব পাৰে।

(খ) ব্যক্তি সম্বন্ধে বিবেচনা সমাজ সম্বন্ধীয় বিবেচনাতকৈ অধিক গুৰুত্বপূৰ্ণ বিষয়। সেইবাবে সমাজৰ বাবে ব্যক্তি আহিলা স্বৰূপ নহৈ ব্যক্তিৰ বাবেহে সমাজ আহিলা স্বৰূপ হোৱা উচিত।

১৯। ব্যক্তিকেন্দ্রিক শিক্ষাৰ লক্ষ্যৰ দুটা দোষ উল্লেখ কৰা। (Mention two demerits of Individual aim of education.)

উত্তৰঃ শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ দুটা দোষ তলত সংক্ষেপে উল্লেখ কৰা হ’ল—

(ক) শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্যই ব্যক্তিৰ নিজস্ব সত্ত্বাৰ বিকাশৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছে। এই লক্ষ্যই অৰ্থ সামাজিক আৰু সাংস্কৃতিক দিশ সম্পূৰ্ণৰূপে আওকাণ কৰি কেৱল জন্মগত, বংশগত গুণাৱলীৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

(খ) শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ ধাৰণাই ব্যক্তিক আত্মকেন্দ্ৰিক, স্বাৰ্থপৰ, বিশৃংখল আদি কৰি তুলিব পাৰে। সামাজিক স্বার্থক আওকাণ কৰি ব্যক্তিয়ে নিজৰ স্বাৰ্থপূৰণৰ বাবে অধিক মনোনিৱেশ কৰিব পাৰে।

২০। শিক্ষাৰ সমাজকেন্দ্ৰিক লক্ষ্যৰ সমৰ্থনত দুটা যুক্তি দিয়া। (Mention two views in favour of socialistic aim of education.)

উত্তৰঃ শিক্ষাৰ সমাজকেন্দ্ৰি লক্ষ্যৰ সমৰ্থনকাৰী শিক্ষাবিদসকলে বিভিন্ন দিশৰ পৰা যুক্তিৰ অৱতাৰণা কৰিছিল।

তাৰ ভিতৰত দুটা তলত উল্লেখ কৰা হ’ল—

(ক) সমাজপ্ৰিয়তা হৈছে, মানুহৰ এক সহজাতপ্রবৃত্তি। সমাজ অবিহনে মানুহ জীয়াই থাকিব নোৱাৰে। সেয়েহে শিক্ষাৰ লক্ষাই মানুহৰ এই সমাজমুখী স্বভাৱ বা প্রবৃত্তি অৱহেলা কৰিব নোৱাৰে৷

(খ) সামাজিক পৰিৱেশ অবিহনে ব্যক্তিৰ ক্ষমতা বা বিকাশ যোগ্যতা উদ্ভাৱন কৰিব নোৱাৰি। সেয়েহে ব্যক্তিৰ যোগ্যতা উদ্ভাৱন কৰিবৰ বাবে এক বিশেষ সামাজিক পৰিৱেশৰ প্ৰয়োজন।

২১। শিক্ষাৰ সমাজকেন্দ্ৰিক লক্ষ্যৰ দুটা দুৰ্বলতা উল্লেখ কৰা। (Mention two demerits of social aim of education.)

উত্তৰঃ শিক্ষাৰ সমাজকেন্দ্ৰিক লক্ষাৰ দুৰ্বলতা দুটা তলত সংক্ষেপে উল্লেখ কৰা হ’ল—

(ক) শিক্ষাৰ সমাজকেন্দ্ৰিক লক্ষ্যৰ অমনোবিজ্ঞানিক বুলি কোৱা হয়, কিয়নো এই লক্ষ্যই ব্যক্তিৰ আগ্ৰহ আৰু সামৰ্থৰ ওপৰত কোনো গুৰুত্ব নিদিয়ে।

(খ) এই লক্ষ্যই নিজৰ দেশৰ প্ৰতি অত্যাধিক প্রেম জগাই তোলাৰ ফলস্বৰূপে চুবুৰীয়া দেশৰ প্ৰতি হিংসা আৰু বিদ্বেষৰ ভাৱ সৃষ্টি হোৱাৰ আশাংকা থাকে।

২২। মূল্যবোধ কি? (What is value?)

উত্তৰঃ যিবিলাক সংলক্ষণ সমাজে গ্রহণযোগ্য, প্ৰয়োজনীয় আৰু তাৎপৰ্যপূৰ্ণ বুলি বিবেচনা কৰে, সেইবোৰেই হৈছে মূল্যবোধ। আলপর্ট (Allport) ৰ মতে মূল্যবোধ হৈছে এনে এক বিশ্বাস যাৰ ওপৰত নিৰ্ভৰ কৰিয়েই এজন ব্যক্তিয়ে নিজৰ ৰুচি অনুযায়ী কার্য সম্পাদন কৰে। তেওঁ আকৌ কৈছে যে যিটো বস্তুৰ পৰা বা যাৰ মাধ্যমেৰে আমি সন্তুষ্টি লাভ কৰো, সেইটোৱেই হৈছে মূল্যবোধ।

২৩। মূল্যবোধৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। (Mention two characteristics of value.)

উত্তৰঃ তলত মূল্যবোধৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা হ’ল –

(ক) ব্যক্তিয়ে মূল্যবোধসমূহ আহৰণ কৰে, ই জন্মগত নহয়।

(খ) মূল্যবোধসমূহৰ ব্যক্তিনিষ্ঠ আৰু বস্তুনিষ্ঠ দুটা দিশ আছে।

২৪। মূল্যবোধৰ দুটা উৎস উল্লেখ কৰা। (Mention two sources of value.)

উত্তৰঃ মূল্যবোধৰ দুটা উৎস তলত চমুকৈ উল্লেখ কৰা হ’ল —

(ক) ধর্ম (religion).

(খ) দর্শন (philosophy).

২৫। সামাজিক মূল্যবোধ কি? (What is social values?)

উত্তৰঃ সমাজত আনৰ লগতে মিলা-মিচাৰে বসবাস কৰিবৰ বাবে যিবিলাক মূল্যবোধৰ প্রয়োজন সেইবিলাকক সামাজিক মূল্যবোধ বুলি কোৱা হয়। সহযোগিতা, সহনশীলতা, পৰোপকাৰ, কৃতজ্ঞতা, ভ্রাতৃত্ববোধ, সেৱাৰ মনোভাৱ, আত্মীয়তাবোধ, সামাজিক দায়িত্ব, শালীনতাবোধ, সহানুভূতি ইত্যাদি সামাজিক মূল্যবোধৰ উদাহৰণ।

২৬। নৈতিক মূল্যবোধ কি? (What is moral values?)

উত্তৰঃ নৈতিক মূল্যবোধ ব্যক্তি সত্ত্বাৰ এনে কিছুমান সংলক্ষণ বুজায় যিবিলাকে ব্যক্তিৰ আভ্যন্তৰীণ ঐক্য স্থাপনত সহায় কৰে আৰু যিবিলাক সংলক্ষণৰ লগত সামাজিক আদর্শ বা মানৱ সমাঞ্জস্য আছে। সহজভাৱে ক’বলৈ হ’লে যিবিলাক বিষয়ে আমাক আনৰ প্ৰতি যথার্থ আচৰণ কৰাত সহায় কৰে তাকে নৈতিক মূল্যবোধ বুলি অভিহিত কৰিব পৰা যায়।

২৭। সৌন্দর্যবোধক মূল্যবোধ কি? (What is aesthetic value?)

উত্তৰঃ যিবিলাক মূল্যবোধে ব্যক্তিৰ অন্তৰত সুখ আৰু আনন্দ প্ৰদান কৰিব পাৰে তাকেই সৌন্দর্যবোধক মূল্যবোধ বুলি অভিহিত কৰিব পাৰি। সৃষ্টিশীল তথা কল্পনাশীল মনোভাৱৰ দ্বাৰা উদ্বুদ্ধ হোৱাকে সৌন্দর্যবোধক মূল্যবোধ বুলি অভিহিত কৰিব পাৰি। মানৱ জীৱনৰ সংকীর্ণ মনোভাৱ পৰিহাৰ কৰি উদাৰ দৃষ্টিভংগী গ্ৰহণ কৰাৰ ক্ষেত্ৰত সৌন্দৰ্যবোধক মূল্যবোধে সহায় কৰে।

ৰচনাধৰ্মী প্রশ্নোত্তৰঃ

১। শিক্ষাৰ সংজ্ঞা দিয়া। (Define Education.)

উত্তৰঃ সময় আৰু সমাজৰ পৰিৱৰ্তনৰ লগত সংগতি ৰাখি বিভিন্ন শিক্ষাবিদে বিভিন্ন পৰিৱেশত ভিন্ন সংজ্ঞা প্ৰদান কৰা পৰিলক্ষিত হয়।

তলত আধুনিক ভাৰতীয় চিন্তাবিদ আৰু পাশ্চাত্য চিন্তাবিদসকলৰ কেইটামান সংজ্ঞা উল্লেখ কৰা হ’ল—

আধুনিক ভাৰতীয় চিন্তাবিদসকলৰ সংজ্ঞাঃ

(ক) মহাত্মা গান্ধীয়ে কৈছিল— “শিক্ষাৰ দ্বাৰা মই শিশুৰ দেহ, মন আৰু আত্মাৰ সৰ্বতোমুখী বিকাশকে বুজো”। (By education, I mean an all round development of the child, his body, mind and spirit.)

(খ) স্বামী বিবেকানন্দৰ মতে, “শিক্ষা হ’ল মানুহৰ সুপ্ত অন্তনিৰ্হিত প্রতিভা বা সম্পূর্ণতাৰ পৰিপূৰ্ণ বিকাশ সাধন কৰা।” (Education is the manifestation of divine perfection, already existing in man)

(গ) স্বামী অৰবিন্দৰ মতে, “শিক্ষাৰ দ্বাৰা আত্মাৰ অন্তনিৰ্হিত শক্তিক পূর্ণ বিকাশত সহায় কৰাকে বুজায়।” (Education means helping the growing soul to draw out that is in it self.)

(ঘ) শংকৰাচাৰ্যৰ মতে, “ব্যক্তিৰ নিজস্ব সত্ত্বাক গঢ়ি তোলাটোৱেই শিক্ষা।” (Education is the realization of the self.)

পাশ্চাত্য চিন্তাবিদসকলৰ মতে—

(ক) এৰিষ্ট’টলৰ মতে, “সুস্থ দেহত সুস্থমনৰ সৃষ্টি কৰাটোৱেই শিক্ষা।” (Education is the creation of a sound mind in a sound body.)

(খ) পেষ্টালজিৰ মতে, “শিক্ষা হ’ল মানুহৰ অন্তনিৰ্হিত শক্তিৰ স্বাভাৱিক, ঐক্যবদ্ধ আৰু প্রগতিশীল বিকাশ।” (Education is natural, harmonious and progressive development of man’s innate powers.)

(গ) ৰুছোৰ মতে, “গছ পুলি এটাক যিদৰে আপডাল কৰি ডাঙৰ কৰা হয়, মানুহকো শিক্ষাৰ দ্বাৰা বৃদ্ধি কৰাত সহায় কৰা হয়।” (Plants are developed by cultivation and men by education.)

(ঘ) ডামভিলৰ মতে, “নিচেই কেঁচুৱা অৱস্থা পৰা মৃত্যুলৈকে ব্যক্তিৰ ওপৰত পেলোৱা প্ৰভাৱৰ সমস্ত অভিজ্ঞতাই শিক্ষাৰ অন্তৰ্ভুক্ত।” (Education includes all the influences which act upon on individual during his passage from credle to grave.)

২। শিক্ষাৰ বৈশিষ্ট্যসমূহ / প্রকৃতি উল্লেখ কৰা। (Mention the characteristics / nature of education.)

উত্তৰঃ শিক্ষাৰ সংজ্ঞাসমূহ বিশ্লেষণ কৰি শিক্ষা সংক্রান্ত কেইটামান বিশেষ বৈশিষ্ট্য তলত উল্লেখ কৰা হ’ল—

(ক) শিক্ষা হ’ল এক সু-সংগঠিত আৰু সচেতন প্ৰক্ৰিয়া।

(খ) শিক্ষা হ’ল এক সামঞ্জস্যপূর্ণ বিকাশৰ প্ৰক্ৰিয়া।

(গ) শিক্ষা এক জীবন ব্যাপী প্রক্রিয়া।

(ঘ) শিক্ষা অভিজ্ঞতাৰ পূৰ্ণ গঠনৰ প্ৰক্ৰিয়া।

(ঙ) শিক্ষাই ব্যক্তি আৰু সমাজৰ চাহিদা পুৰণ কৰে।

(চ) শিক্ষাই হ’ল জীৱন।

(ছ) শিক্ষা অন্তনির্হিত শক্তি সম্ভাৱনাৰ বৰ্হি প্ৰকাশ।

৩। “শিক্ষা এটা দ্বিপক্ষীয় প্ৰক্ৰিয়া” চমুকৈ লিখা। (Write briefly about “Education as a bipolar process”)

উত্তৰঃ দ্বি-পক্ষীয় প্ৰক্ৰিয়াত শিক্ষা হৈছে শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজৰ পাৰস্পৰিক কাৰ্যবিশেষ। তই শিক্ষক-শিক্ষার্থী কেন্দ্রীভূত শিক্ষাত শিক্ষকক এটা মূৰত আৰু শিক্ষাৰ্থীক আন এটা মূৰত স্থান দিয়া হয়।

দ্বি-পক্ষীয় প্রক্রিয়া

পাঠনীয় বিষয়বস্তুৰ ওপৰত থকা যথার্থ জ্ঞানৰ দ্বাৰা শিক্ষকে শিক্ষাৰ্থীক প্ৰভাৱান্বিত কৰে। চাৰ জন আদামচৰ মতে (Sir John Adams), শিক্ষকে বিষয়বস্তুৰ যথাৰ্থভাৱে উপস্থাপন কৰি তেওঁলোকৰ ব্যক্তিত্বৰ দ্বাৰা শিক্ষাৰ্থীৰ আচৰণৰ পৰিৱৰ্তন কৰি বিকাশৰ ক্ষেত্ৰত সহায় কৰে। শিক্ষকৰ ব্যক্তিত্বই শিক্ষার্থীৰ ব্যক্তিত্বৰ ওপৰত নিয়ন্ত্রণ কৰিব লাগে (The teacher’s possonality should dominate the pupils personality) চাৰ জন আদামচে তেখেতৰ বিখ্যাত গ্রন্থ ‘Evolution of Educational theory’ ত শিক্ষা এক দ্বি-পক্ষীয় প্ৰক্ৰিয়া বুলি মন্তব্য কৰে। ৰ’ছৰ ভাষাত, “চুম্বকৰ দৰে শিক্ষাৰো দুই মেৰু থাকিব লাগে” (Like a magnet education must have two poles) শিক্ষকে শিক্ষাৰ্থীৰ ব্যক্তিত্ব দুই ধৰণে সংস্কাৰ সাধন কৰিব পাৰে – শিক্ষকৰ ব্যক্তিত্ব প্রত্যক্ষ প্ৰভাৱৰ জৰিয়তে আৰু বিভিন্ন প্ৰকাৰৰ জ্ঞানৰ পৰোক্ষ প্ৰভাৱৰ জৰিয়তে। সেয়েহে শেষত ইয়াকে ক’ব পাৰি যে শিক্ষক আৰু শিক্ষাৰ্থীৰ পাৰস্পৰিক আন্তঃক্ৰিয়াৰ প্ৰভাৱত শিক্ষা কাৰ্যটো সম্পন্ন হয়।

৪। শিক্ষা এটা ত্রিপক্ষীয় প্ৰক্ৰিয়াৰ ওপৰত এটা চমুটোকা লিখা। (Write short note on “Education as a Tripolar process”.)

উত্তৰঃ আমেৰিকাৰ বিখ্যাত প্ৰয়োগবাদী শিক্ষাবিদ জন ডিউইৰ মতে শিক্ষা প্রক্রিয়া একমাত্র শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজৰ আন্তঃপ্ৰক্ৰিয়াতে সীমাবদ্ধ হৈ নাথাকে। শিক্ষাৰ বাবে সামাজিক পৰিৱেশৰো প্ৰয়োজন। উপযুক্ত পৰিৱেশৰ অভাৱত শিক্ষা কার্য সফল হ’ব নোৱাৰে। (All education proceeds by the participation of the individual is the social consciousness of the race.)। ইয়াৰ পৰিপ্ৰেক্ষিতত শিক্ষক আৰু শিক্ষাৰ্থীৰ উভয়ৰে আচৰণৰ পৰিৱৰ্তন হয়।

জন ডিউইৰ ভাষাত ‘ব্যক্তিৰ সামাজিক সচেতনতা, কার্যত অংশ গ্ৰহণৰ দ্বাৰাই শিক্ষাৰ কাৰ্য আগবাঢ়ে। গতিকে শিক্ষক, শিক্ষার্থী আৰু সামাজিক পৰিৱেশৰ দ্বাৰা ত্রিপাক্ষিক পদ্ধতি পৰিচালিত।

জন ডিউই অনুভৱ কৰিছিল যে এটি শিশুৰ সকলো প্ৰকাৰৰ শিক্ষাৰ ক্ষেত্ৰত সামাজিক পৰিৱেশে বিশেষ ভূমিকা পালন কৰে। শিশুৱে য’ত বাস কৰে আৰু যি সামাজিক পৰিৱেশত জন্ম গ্রহণ কৰে, তাতেই তাৰ বিকাশ আৰম্ভ হয়। শিক্ষকে সামাজিক পৰিৱেশ অনুসৰি শৈক্ষিক ক্রিয়া কলাপৰ পৰিকল্পনা কৰে আৰু সামাজিক দাবী অনুসৰি শিশুৰ ব্যক্তিত্ব গঠনৰ চেষ্টা কৰে।

শিক্ষাই ব্যক্তিগত আৰু সামাজিক প্ৰয়োজনত ইন্ধন যোগায়। এইটো সম্ভৱপৰ হয় যেতিয়া শিশুৱে সামাজিক অনুষ্ঠান সমূহত সক্রিয় অংশ গ্ৰহণ কৰে। অৰ্থাৎ সামাজিক পৰিৱেশে শিক্ষাৰ বিষয় নিৰ্ধাৰণ কৰে যিয়ে শিক্ষক আৰু শিক্ষাৰ্থীৰ পাৰস্পৰিক প্ৰভাৱক কাৰ্যকৰী ৰূপ দিব পাৰে।

৫। শিক্ষাৰ ধাৰণা ব্যাখ্যা কৰা। (Explain the Concept of education.)

উত্তৰঃ শিক্ষা এটি ব্যাপক আৰু জটিল ধাৰণা। পৰিৱেশৰ সংস্পৰ্শত লাভ কৰা অভিজ্ঞতাৰ ফলত ব্যক্তিৰ ব্যৱহাৰৰ যি পৰিৱৰ্তনে তেওঁক উন্নত পথত অগ্ৰসৰ হ’বলৈ সক্ষম কৰে সেয়ে শিক্ষা। সাধাৰণ অৰ্থত কোনো এটা বিষয় বা কামত জ্ঞান বা দক্ষতা আহৰণ কৰাকে শিক্ষা বুলি কোৱা হয়, যদিও ব্যাপক অৰ্থত ইয়াক এটা জীৱনযোৰা ধাৰাবাহিক প্ৰক্ৰিয়া বুলি কোৱা হয়। উৎপতিগত দিশৰ পৰা চালে দেখা যায় যে বৰ্তমান শিক্ষাৰ প্ৰচলিত ইংৰাজী শব্দ ‘Education’ ৰ মূল ‘E’ আৰু ‘Duco’ নামৰ দুটা লেটিন শব্দৰ পৰা লোৱা হৈছে। ‘E’ শব্দৰ অৰ্থ হ’ল ‘Out of’ য’ৰ পৰা আৰু ‘Duco’ শব্দৰ অৰ্থ হ’ল ‘I lead’ অর্থাৎ মই আগুৱাই যাও। এই দৃষ্টিকোনৰ পৰা ক’ব পাৰি যে যি অস্তনিৰ্হিত শক্তিৰ পৰা মানৱ শিশুৰ বিকাশ হয় তাকেই শিক্ষা বুলি কোৱা হয়। আন এচাম শিক্ষাবিদে দাবী কৰে যে Education শব্দটো লেটিন ভাষাৰ ‘Educare’ আৰু Educere ৰ পৰা উৎপত্তি হৈছে, যাৰ অৰ্থ ক্ৰমে তুলি তালি ডাঙৰ কৰা (To bring up) আৰু বিকশাই তোলা (To draw out)। অর্থাৎ শিক্ষাৰ দ্বাৰা ব্যক্তিৰ প্ৰতি পালিত হয় আৰু ব্যক্তিৰ সুপ্ত প্রতিভা বিকাশত হয়। অন্য এক দৃষ্টিভঙ্গী মতে লেটিন শব্দ ‘Educatum’ ৰ পৰা শিক্ষা শব্দটো আহিছে যাৰ অৰ্থ হ’ল শিক্ষাদান কার্য (The act of teaching)। তেনেদৰে শিক্ষাক জ্ঞান আৰু অভিজ্ঞতা আহৰণ আৰু জীৱনত প্ৰয়োজনীয় দক্ষতা, অভ্যাস, ধাৰণা আদিৰ বিকাশৰ এক প্ৰক্ৰিয়া বুলি ক’ব পাৰি।

আধুনিক ভাৰতীয় ভাষাত শিক্ষা হ’ল জ্ঞাননিৰ্হিত বিষয়। এই শব্দটো মূলত সংস্কৃত শব্দ শিক্ষা (Shiksha) ‘শ্বাচ’ ধাতুৰ পৰা উৎপত্তি হোৱা বুলি অনুমান কৰিব পাৰি যাৰ অৰ্থ হৈছে – শিকোৱা (To teach), ‘নিয়ন্ত্ৰণ কৰা’ (To control) নাইবা ‘নির্দেশনা প্রদান কৰা’ (To instruct)। আন এটা সংস্কৃত শব্দ ‘বিদ্যা’ ‘Vidya’ ৰ পৰা উৎপত্তি ‘বিদ’ (Vid) ধাতুৰ পৰা হৈছে। যাৰ অভিধানগত অৰ্থ হৈছে ‘জ্ঞান আহৰণ কৰা’ (To know)।

উক্ত আলোচনাৰ পৰা ক’ব পাৰি যে শিক্ষাক একমাত্ৰ শ্ৰেণীকোঠাত আহৰণ কৰা অভিজ্ঞতাক নুবুজায়। শিশুৱে জন্মগতভাৱে লাভ কৰা অন্তর্নিহিত শক্তিৰ বহিঃপ্ৰকাশৰ মাধ্যমেই হৈছে শিক্ষা।

৬। “শিক্ষা এটা জীৱনজোৰ প্ৰক্ৰিয়া।” ব্যাখ্যা কৰা। (Education as a lifelong process” – Explain.)

উত্তৰঃ ব্যাপক দৃষ্টিকোনৰ পৰা শিক্ষাক এক জীৱনজুৰি চলা বিৰামহীন প্ৰক্ৰিয়া বুলি কোৱা হয়। শিক্ষাই ব্যক্তিৰ সমগ্ৰ জীৱন আগুৰি থাকে। মাতৃদেহত জীৱৰ স্থিতিৰ পৰা আৰম্ভ কৰি মৃত্যুৰ আগমূহুৰ্তলৈ শিক্ষা প্ৰত্ৰিয়া অবিৰামভাৱে চলি থাকে। (From womb to tomb)। শিক্ষাবিদ জন ডিউই, ডামভাইল আদি শিক্ষাবিদে শিক্ষাক জীৱনৰ বাবে প্রস্তুতি বুলি অভির্হিত কৰিছে।

ব্যক্তিয়ে দৈনন্দিন জীৱনৰ প্ৰত্যেকটো মূহুৰ্তত নতুন নতুন অভিজ্ঞতা আহৰণ কৰে। এই ভিন্ন ধৰণৰ অভিজ্ঞতা আহৰণকে বা অভিজ্ঞতাৰ সমষ্টিকে শিক্ষা বুলি কোৱা হয়। এই প্রক্রিয়া গোটেই জীৱনজুৰি ধাৰাবাহিকভাৱে চলি থাকে। অভিজ্ঞতা আহৰণৰ এই প্ৰক্ৰিয়া ব্যক্তি জীৱনত কেতিয়াও শেষ বা সম্পূর্ণ নহয়। এই প্ৰক্ৰিয়া জন্মৰ লগে লগে আৰম্ভ হয় আৰু মৃত্যু মূহুৰ্তলৈ চলি থাকে। আনুষ্ঠানিক শিক্ষাৰ আৰম্ভনি আৰু শেষ আছে কিন্তু প্রকৃত শিক্ষা এটা জীৱনজোৰা প্ৰক্ৰিয়া। ব্যক্তিয়ে নিজৰ ঘৰখন, ধৰ্ম্মীয় অনুষ্ঠান, সমাজখন, বিদ্যালয় আদিৰ জৰিয়তে শৈশৱৰ পৰা বৃদ্ধ অৱস্থালৈকে যি জ্ঞান, অভিজ্ঞতা আহৰণ কৰে সেয়াই শিক্ষা। এই জীৱনব্যাপী চলা শিক্ষা প্ৰক্ৰিয়াৰ যোগেদি ব্যক্তিয়ে নতুন অভিজ্ঞতা আহৰণ কৰে, সমস্যা সমাধান কৰে আৰু ভুলবোৰ শুধৰণি কৰিবলৈ সক্ষম হয়। এই প্ৰক্ৰিয়াৰ যোগেদি ব্যক্তিয়ে জ্ঞান-অভিজ্ঞতাৰ পৰিৱৰ্তন আৰু পুনঃনিৰ্মান কৰিব পাৰে। এই দৃষ্টিকোণৰ পৰা ক’ব পাৰি যে জীৱন মানেই শিক্ষা আৰু শিক্ষাই জীৱন।

৭। “সামাজিক পৰিৱৰ্তনৰ আহিলা হিচাপে শিক্ষা” — ব্যাখ্যা কৰা। (“Education as an instrument of social change” Explain.)

উত্তৰঃ শিক্ষাক সামাজিক বিকাশৰ এক শক্তিশালী আহিলা হিচাপে বর্ণনা কৰা হয়। শিক্ষা আৰু সমাজ উভয়ে ওতঃপ্রোতভাৱে জড়িত। সমাজৰ ভৱিষ্যত উত্তৰাধিকাৰীসকলক শিক্ষিত কৰি তুলিবলৈ সমাজে বিদ্যালয় স্থাপন কৰে। সমাজ এখনৰ নীতি-নিয়ম, ভাব-আদর্শ, সভ্যতা-সংস্কৃতি ইত্যাদিসমূহ এক পুৰুষৰ পৰা আন এক পুৰুষলৈ প্ৰদান কৰিবলৈ আনুষ্ঠানিক শিক্ষাৰ সহায় লোৱা হয়। সেইদৰে আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত হোৱা ব্যক্তিয়ে পৰৱৰ্তী সময়ত সমাজৰ উত্তৰোত্তৰ বিকাশৰ বাবে যৎপৰোনাস্তি চেষ্টা চলায়। পৰিৱৰ্তিত সমাজৰ ধ্যান-ধাৰণা, প্রয়োজনীয় দিশ, বিজ্ঞান-প্রযুক্তিবিদ্যাৰ উন্নতিৰ ফলত সৃষ্টি হোৱা অভূতপূৰ্ব পৰিৱৰ্তনৰ দিশলৈ লক্ষ্য ৰাখি শিক্ষানুষ্ঠানত প্ৰদান কৰা শিক্ষা পাঠ্যসূচী সময়ৰ লগত সংগতি ৰাখি বিধান প্ৰদান কৰিবলৈ চেষ্টা কৰা হয়। শিক্ষা এক গতিশীল ধাৰণা হোৱা হেতুকে সমাজৰ প্ৰচলিত শিক্ষা ব্যৱস্থাত পৰিৱৰ্তনশীল আৰু গতিশীল হোৱাটো বাঞ্ছনীয়।

প্রচলিত শিক্ষা ব্যৱস্থাই সমাজৰ প্ৰাচীন সভ্যতা-সংস্কৃতি সামাজিক প্রমূল্যবোধ ভাষা ইত্যাদিৰ লগত শিশুসকলক পৰিচয় কৰাই দিব লাগে, যাতে প্রাচীন ৰীতি-নীতি, বিশ্বাস পৰম্পৰা, মানদণ্ড ইত্যাদিৰ গ্ৰহণযোগ্য পৰিৱৰ্তন কৰি ভৱিষ্যতে এখন সুস্থ সমাজ গঢ় দি তুলিব পৰা যায়। শিক্ষাই সমাজলৈ পৰিৱৰ্তন আনে লাহে-লাহে, স্থিৰ গতিৰে। শিক্ষাই অনা পৰিৱৰ্তন হয় স্থায়ী আৰু যুগজয়ী। শিক্ষাই মানৱ জীৱনৰ সকলো দিশৰে পৰিৱৰ্তন সাধনত সহায় কৰে। Francis J. Brown ৰ মতে, শিক্ষা এনে এটা প্ৰক্ৰিয়া যাৰ জৰিয়তে সামাজিক আচৰণৰ পৰিৱৰ্তন আনিব পাৰি। শিক্ষাৰ জৰিয়তে সমাজখন সংশোধন কৰিবলৈ চেষ্টা কৰা হয়। সামাজিক অন্ধবিশ্বাস, কু-সংস্কাৰ আদি দূৰ কৰাৰ বাবে চেষ্টা কৰা হয়। তাৰোপৰি মানুহৰ সংকীর্ন ভাবধাৰা, ভূল মনোভাৱ, আদৰ্শ আৰু ধাৰনাৰ সংশোধন কৰি দৃষ্টিভংগীৰ প্ৰসাৰ ঘটায় আৰু আচৰণৰ পুনৰ সংগঠন কৰে। শিক্ষাই পুৰণা পৰম্পৰা, আচাৰ, নীতি-নিয়ম, বিশ্বাস আদিৰ সংস্কাৰ সাধন কৰে। শিক্ষাই শিশুসকলৰ চিন্তা আৰু ক্ৰিয়াক অধিক বিজ্ঞানসন্মত, প্রগতিশীল, প্রয়োজনভিত্তিক আৰু উদ্দেশ্যধৰ্মী কৰাত সহায় কৰে। সেইবাবে শিক্ষাক সামজিক পৰিৱৰ্তনৰ শক্তিশালী মাধ্যম হিচাপে গণ্য কৰা হয়।

৮। ‘আচৰণৰ সংশোধনৰ এক আহিলা হিচাপে শিক্ষা’ — ব্যাখ্যা কৰা। (“Education as an instrument of modification of behaviour.” Explain.)

উত্তৰঃ শিক্ষাক মানৱ আচৰণৰ সংশোধনৰ এক উল্লেখযোগ্য আহিলা হিচাপে অভিহিত কৰা হয়। পৰিৱেশৰ লগত ব্যক্তিৰ সংস্পৰ্শ ঘটাৰ ফলস্বৰূপে আচৰণৰ পৰিৱৰ্তন হয়। আধুনিক পৰিৱৰ্তিত পৰিস্থিতিত বিভিন্ন সমস্যাৰ সন্মুখীন হৈ ক্রিয়া প্রতিক্রিয়া, ভাব আদান-প্ৰদানৰ মাধ্যমত ব্যক্তিৰ পূৰ্বৱৰ্তী আচৰণৰ সংশোধন হোৱা পৰিলক্ষিত হয়। মানৱ শিশুৰ জন্মৰ পৰা মৃত্যুলৈ শাৰীৰিক, বৌদ্ধিক, আৱেগিক, চিন্তা-চর্চ্চা, অনুভৱ আৰু ক্ৰিয়া কলাপৰ ধাৰাবাহিক পৰিৱৰ্তন সংঘটিত হয়।

এই পৰিৱৰ্তন দুই প্ৰকাৰৰ হ’ব পাৰে —

(ক) আভ্যন্তৰিণ পৰিৱৰ্তন। আৰু

(খ) বাহ্যিক পৰিৱৰ্তন, যি পৰিৱেশৰ বিপৰিতে প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰাৰ পৰা সৃষ্টি হয়।

শিক্ষাক সেইবাবে আচৰণৰ সংশোধন বুলি বৰ্ণনা কৰা হয়, যি পৰিৱেশৰ সৈতে ধাৰাবাহিকভাৱে আন্তঃক্ৰিয়াৰ ফলস্বৰূপে সংঘটিত হয়। শিক্ষাই মানৱ শিশুৰ প্ৰবৃত্তিজনিত আচৰণৰ পৰিৱৰ্তন সাধন কৰি সমাজ স্বীকৃত আচৰণ কৰিবলৈ শিকায়। জন্মৰ লগে লগে মানৱ শিশুৰ আচৰণ একান্ত ব্যক্তি কেন্দ্ৰিক হৈ থাকে, এই ব্যক্তি কেন্দ্রিক শিশুক শিক্ষাৰ দ্বাৰাহে সমাজমুখী কৰি তোলা হয়। সেইবাবে শিক্ষাক আচৰণৰ সংশোধনৰ আহিলা হিচাপে অভিহিত কৰা হয়।

৯। প্ৰক্ৰিয়া হিচাপে শিক্ষাৰ প্ৰকৃতি আলোচনা কৰা। (Discuss the nature of Education as a process.)

উত্তৰঃ আধুনিক যুগত শিক্ষাক এক প্রক্রিয়া (Process) হিচাপে বর্ণনা কৰা হয়। ‘শিক্ষা এক বিকাশৰ প্ৰক্ৰিয়া’, ‘শিক্ষা সমাযোজনৰ প্ৰক্ৰিয়া’, ‘শিক্ষা অভিজ্ঞতাৰ পুন গঠনৰ প্ৰক্ৰিয়া’, ‘শিক্ষা এক দ্বিপাক্ষিক প্রক্রিয়া’, ‘শিক্ষা এক ত্রিপাক্ষিক প্রক্রিয়া’ ইত্যাদি হিচাপে শিক্ষাক প্ৰত্যক্ষভাৱে এক প্রক্রিয়া হিচাপে বর্ণনা কৰা হয়। এই দিশৰ পৰা চালে দেখা যায় যে শিক্ষা শিক্ষাৰ্থীৰ আচৰণত তাৎক্ষণিকভাৱে দেখিবলৈ পোৱা বৈশিষ্ট্য নহয়। এই অর্থত শিক্ষা হৈছে এনে এক অন্তর্নিহিত প্ৰক্ৰিয়া যাৰ মাধ্যমেৰে আমি কোনো নিৰ্ধাৰিত বৈশিষ্ট্য অৰ্জন কৰিবলৈ সমৰ্থ হওঁ।

প্ৰক্ৰিয়া হিচাপে শিক্ষাৰ প্ৰকৃতি স্পষ্ট কৰিবলৈ আমি ক’ব পাৰো যে ব্যক্তিৰ অভিযোজন ক্ষমতাৰ বৃদ্ধি পায় সেই প্ৰক্ৰিয়া হৈছে শিক্ষা। সেইদৰেই আদৰ্শ, চৰিত্ৰ গঠন হয় তাক শিক্ষা বুলি কোৱা হয়। প্রক্রিয়া হিচাপে শিক্ষাৰ ধাৰণাটো তলত দিয়া ধৰণে উপস্থাপন কৰিব পাৰি।

অৰ্থাৎ শিক্ষাৰ্থীৰ শিক্ষা প্ৰক্ৰিয়াৰ দ্বাৰা নিৰ্ধাৰিত ফলশ্রুতি লাভ হয়।

১০। ‘ফল’ হিচাপে শিক্ষাৰ প্ৰকৃতি বর্ণনা কৰা। (Discuss the nature of Education as a product.)

উত্তৰঃ বৰ্তমান সময়ত বিশ্বৰ প্ৰায় ভাগ দেশেই শিক্ষাৰ মাধ্যমেৰে উপযুক্ত ভৱিষ্যৎ নাগৰিক উৎপাদনৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা দেখা যায়। শিক্ষা হ’ল এক উৎপাদনমুখী প্রক্রিয়া আৰু শিক্ষা প্রতিষ্ঠানসমূহ হৈছে উৎপাদনৰ মাধ্যম। বর্তমান সামাজিক আৰু উৎপাদনৰ দিশৰ পৰা সুনাগৰিক গঢ়ি তুলিবৰ বাবে সকলো সভ্য দেশেই অনেক শ্ৰম আৰু অৰ্থ বিনিয়োগ কৰে। শিক্ষাই ব্যক্তিৰ এনে কিছুমান গুণৰ বিকাশ সাধন কৰে যি তেওঁক উৎপাদনগত দিশৰ পৰা যোগ্য আৰু দক্ষ কৰি তোলে। সেয়েহে বৰ্ত্তমান ব্যক্তিক মানৱ সম্পদ বুলি আখ্যা দিয়া হয়।

আধুনিক বিজ্ঞান আৰু প্ৰযুক্তি বিজ্ঞানৰ যুগত শিক্ষাক ‘ফল’ বা উৎপাদন (Product) হিচাপে বৰ্ণনা কৰা হয়। কাৰণ বিশ্বায়নৰ যুগত বিশ্বৰ দৰবাৰত অন্যান্য সামগ্ৰীৰ দৰেই ব্যাপক চাহিদাৰ সৃষ্টি হৈছে শিক্ষা আৰু প্ৰযুক্তিৰ। আজি মানুহ শিক্ষাৰ মাধ্যমেৰে হৈ উঠিছে এক প্ৰকাৰৰ উৎপাদন (Product)। যেনে ভোগ বিলাসৰ ক্ষেত্ৰত নানা পন্যই যিদৰে আমাৰ বাসনা পৰিতৃপ্ত  কৰে, তেনেদৰে সমাজৰ অগ্ৰগতিৰ বাবে আজি প্রয়োজন বিজ্ঞানী, দক্ষ কাৰিকৰ, বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞ, ডাক্তৰ ইত্যাদি। শিক্ষা প্ৰক্ৰিয়াৰ মাধ্যমেৰে এই কলা কুশলী আৰু দক্ষ মানুহ উৎপাদন কৰা সম্ভৱ হৈ উঠিছে। গতিকে আধুনিক পৰিস্থিতিত শিক্ষা কেৱল মাত্র এটা প্রক্রিয়া নহয়, বৰং শিক্ষাক এটি Product বা পন্য হিচাপে বিবেচনা কৰিলেহে ইয়াৰ সঠিক মূল্যায়ন হ’ব।

উৎপাদক হিচাপে শিক্ষাই ব্যক্তিৰ অন্তৰ্নিহিত গুণৰ বিকাশ সাধন কৰি এক উৎপাদনশীল আৰু সৃষ্টিশীল ব্যক্তি হিচাপে প্ৰস্তুত কৰি তুলিব পাৰে।

উৎপাদক হিচাপে শিক্ষাই নিম্নলিখিত ভূমিকাসমূহ পালন কৰে—

(ক) শিক্ষাই ব্যক্তিৰ আৰ্থিক নিৰাপত্তা, বৃত্তীয় সুবিধা প্ৰদান কৰে।

(খ) শিক্ষাই দেশৰ অৰ্থনৈতিক বিকাশত প্রত্যক্ষভাৱে সহায় কৰে।

(গ) শিক্ষাই দেশৰ নাগৰিকক সুদক্ষ, দায়িত্বশীল আৰু কামৰ প্ৰতি শুদ্ধ চিন্তন সৃষ্টিত সহায় কৰে।

(ঘ) উৎপাদনৰ চাৰিটা প্রধান উৎস-মাটি, শ্ৰম, মূলধন আৰু সংগঠন আদি বিকাশত শিক্ষাৰ ভূমিকা অনস্বীকার্য।

(ঙ) জীৱিকাৰ সুবিধা প্রদান, নিয়োগৰ ব্যৱস্থা কৰা, বৃত্তীয় শিক্ষা প্ৰদান আদি শিক্ষাৰ জৰিয়তে দিয়া হয়। যাতে দক্ষ লোকৰ অভাৱ পূৰণ কৰিব পাৰি।

(চ) আধুনিক প্রযুক্তি বিজ্ঞান মূলক দিশৰ বিকাশত ব্যক্তিৰ দক্ষতা, মনোভাৱ ব্যক্তিত্ব আদিৰ প্ৰকাশ ঘটোৱা শিক্ষাৰ অন্যতম লক্ষ্য।

১১। ব্যক্তিৰ বিকাশ সন্দৰ্ভত শিক্ষাৰ পাঁচটা কাম উল্লেখ কৰা। (Mention five functions of education towards the individual.)

উত্তৰঃ ব্যক্তিৰ বিকাশ সন্দৰ্ভত শিক্ষাই সম্পন্ন কৰা পাঁচটা কাম তলত উল্লেখ কৰা হ’ল—

(ক) ব্যক্তিৰ বিকাশ সন্দৰ্ভত শিক্ষাৰ প্ৰধান কাম হ’ল ব্যক্তিক পৰিৱেশৰ লগত সুস্থ সমাযোজনত সহায় কৰা।

(খ) ব্যক্তিৰ জীৱনত আবেগিক প্রতিক্রিয়াসমূহে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰে। শিক্ষাৰ কাম হৈছে ব্যক্তিৰ আৱেগিক বিকাশত সহায় কৰি উপযুক্ত আৱেগিক নিয়ন্ত্রণত সক্ষম কৰি তোলা।

(গ) শিক্ষাই শিশুৰ জন্মগত বুদ্ধি-বৃত্তি, চিন্তা-যুক্তি, শক্তি ক্ষমতাৰ উপযুক্ত বিকাশ সাধন কৰে।

(ঘ) শিক্ষাৰ দ্বাৰা ব্যক্তিৰ অন্তর্নিহিত বিভিন্ন জৈৱ-মানসিক প্ৰৱনতাসমূহৰ সমন্বয় সাধন কৰি উপযুক্ত চৰিত্ৰ গঠনৰ প্ৰচেষ্টা কৰা হয়।

(ঙ) শিক্ষাৰ আন এটা গুৰুত্বপূৰ্ণ কাম হৈছে ব্যক্তিৰ বৃত্তিমূলক দক্ষতা বৃদ্ধি কৰা।

১২। সামাজিক বিকাশ সন্দৰ্ভত শিক্ষাৰ পাঁচটা কাম উল্লেখ কৰা। (Mention five functions of education towards society.)

উত্তৰঃ শিক্ষাই সামাজিক বিকাশ সন্দৰ্ভত সম্পন্ন কৰা বিভিন্ন কাৰ্যসমূহৰ ভিতৰত তলত পাঁচটা উল্লেখ কৰা হ’ল—

(ক) শিক্ষাই সমাজৰ সঞ্চিত অভিজ্ঞতাৰ সংৰক্ষণ কৰে। অতীতৰ জ্ঞান অভিজ্ঞতা, ৰীতি-নীতি, সংস্কাৰ আদি নতুন পুৰুষলৈ সঞ্চালিত কৰি সমাজৰ ধাৰাবাহিকতা ৰক্ষা কৰে।

(খ) শিক্ষাই সমাজৰ আধুনিকীকৰণত সহায় কৰে। বিভিন্ন দিশৰ আধুনিকীকৰণৰ বহনকাৰী হিচাপে শিক্ষাই সমাজত অগ্ৰগতিৰ সূচনা কৰে।

(গ) শিক্ষাৰ আন এটা গুৰুত্ব পূর্ণ কাম হ’ল সমাজত ন্যায় স্থাপন কৰা। এই ক্ষেত্ৰত শিক্ষাই ব্যক্তিৰ মনত সুনাগৰিকৰ উপযুক্ত মানসিকতাৰ সৃষ্টি কৰিব লাগে।

(ঘ) শিক্ষাৰ আন এটা কাম হ’ল সামজত মানৱ সম্পদ বিকাশ সাধন কৰা।

(ঙ) শিক্ষাই সমাজৰ দ্বন্দ, সংঘাত আদি দূৰ কৰি সমাজৰ লোকসকলৰ মাজত পাৰস্পৰিক সৌহার্দপূর্ণ সম্পর্ক গঢ়ি তোলাত সহায় কৰে।

১৩। শিক্ষাৰ সংকীৰ্ণ আৰু বহল অৰ্থ আলোচনা কৰা। (Discuss the narrower and broader meaning of education.)

উত্তৰঃ শিক্ষা শব্দটো কোনো এক নিৰ্দ্দিষ্ট সংজ্ঞাৰ ভিতৰত আৱদ্ধ কৰি ৰাখিব নোৱাৰি। ইয়াৰ অর্থ যথেষ্ট ব্যাপক। শিক্ষাৰ পৰিসৰৰ ব্যাপকতাকৰ প্ৰতি লক্ষ্য ৰাখি আৰু বিভিন্ন চিন্তাবিদৰ সংজ্ঞাসমূহ বিশ্লেষণ কৰিলে দেখা যায় যে শিক্ষৰ অৰ্থক প্ৰধানকৈ দুটা ভাগত আলোচনা কৰিব পাৰি-বহল অৰ্থত শিক্ষা আৰু সংকীৰ্ণ অৰ্থত শিক্ষা।

তলত দুয়ো প্ৰকাৰৰ সিক্ষা অৰ্থ চমুকৈ আলোচনা কৰা হ’ল—

(ক) সংকীর্ণ অৰ্থত শিক্ষা (Narrower meaning of education): সংকীর্ণ অৰ্থত শিক্ষা হৈছে শিক্ষানুষ্ঠানৰ চাৰিবেৰৰ মাজত আৱদ্ধ হৈ গতানুগতিক জ্ঞান আহৰণ কৰা কাৰ্য। এই দিশৰ পৰা শিক্ষা অপৰিবৰ্তনীয় আৰু গতিহীন হয়। নিৰ্ধাৰিত পাঠ্যক্ৰমৰ মাজেৰে পূৰ্ব পৰিকল্পিতভাৱে নিৰ্দ্দিষ্ট উদ্দেশ্য, সময় সাপেক্ষ আৰু এক নিৰ্ধাৰিত গণ্ডীৰ ভিতৰত আৱদ্ধ শিক্ষানুষ্ঠানত এই শিক্ষা প্ৰদান কৰা হয়। এইবিধ শিক্ষা সুপৰিচালিত আৰু সুপৰিকল্পিত। সংকীর্ণ অৰ্থত শিক্ষা বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠান, শিক্ষক-নিৰ্দেশক, পাঠ্যক্ৰম আৰু পৰীক্ষা পদ্ধতিৰ মাজেৰে প্ৰদান কৰা হয়। ইয়াত শিক্ষক আৰু শিক্ষাৰ্থীৰ সম্বন্ধ মাত্র পাঠদান আৰু গ্ৰহণৰ মাজতে সীমাবদ্ধ হৈ থাকে। শিক্ষানুষ্ঠানৰ অনুশাসন আৰু নিৰ্ধাৰিত পাঠ্যক্ৰমৰ ভিত্তিত নিৰ্ধাৰিত সময় সীমাৰ মাজতে এই শিক্ষা প্ৰদান কৰা হয়। পাঠ্যক্ৰমৰ নিৰ্ধাৰিত সময়ৰ অন্তত পৰীক্ষা ব্যৱস্থাৰ ফলাফলৰ ওপৰত ভিত্তি কৰি শিক্ষাৰ্থীক ডিগ্ৰী, ডিপ্লমা বা চার্টিফিকেট প্রদান কৰাৰ ব্যৱস্থা আছে। সংকীৰ্ণ অৰ্থত শিক্ষাৰ নিৰ্দ্দিষ্ট আৰম্ভণি আৰু পৰিসমাপ্তি আছে। এইবিধ শিক্ষা সমাজৰ দ্বাৰা স্বীকৃতি প্রাপ্ত। কিন্তু নিজৰ জীৱনৰ সমস্যা সমাধানত এইবিধ শিক্ষা বিশেষ সহায়কাৰী নহয়।

সেইবাবে সংকীর্ণ অৰ্থত শিক্ষাৰ কেইটামান প্রধান বৈশিষ্ট্য চমুকৈ উল্লেখ কৰা হ’ল—

১। পূৰ্ব পৰিকল্পিত আৰু সুপৰিচালিত (Deliberate and well planned): এনে শিক্ষা কোনো নির্দিষ্ট লক্ষ্য আগত ৰাখি শিক্ষাৰ্থীৰ আচৰণৰ পৰিৱৰ্তন কৰিবলৈ স্বতঃস্ফূর্তভাৱে আৰু পৰিকল্পিতভাৱে প্ৰদান কৰা হয়।

২। বিদ্যালয় আৰু শিক্ষানুষ্ঠানৰ জৰিয়তে প্ৰদান কৰা শিক্ষা (Confined to school and institutional education): সংকীর্ণ অৰ্থত শিক্ষা হৈছে বিদ্যালয় আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ মাজত আৱদ্ধ হৈ প্ৰদান কৰা শিক্ষা নির্দেশনা।

৩। সামাজিকভাৱে স্বীকৃত (Socially recognised): এইবিধ শিক্ষা সমাজে স্বীকৃতি দিয়ে যাতে সমাজৰ বাবে ভৱিষ্যতৰ উপযুক্ত নাগৰিক তৈয়াৰ কৰিব পাৰি।

৪। শিক্ষা আনুষ্ঠানিক পৰিসৰৰ মাজত আৱদ্ধ (Education is formal in nature): সংকীর্ণ অৰ্থত শিক্ষা আনুষ্ঠানিক নীতি নিয়মৰ মাজেৰে প্ৰদান কৰা হয়। শিক্ষা সমাপ্ত হোৱাৰ পিছত পৰীক্ষা অনুষ্ঠিত কৰা হয় আৰু শিক্ষাৰ্থীসকলক ডিগ্রী, ডিপ্ল’মা বা চার্টিফিকেট প্রদান কৰা হয়।

(খ) বহল অৰ্থত শিক্ষা (Broader meaning of education): বহল অৰ্থত শিক্ষাই সমগ্ৰ জীৱন জুৰি চলা এটা বিৰামহীন প্ৰক্ৰিয়া বুলি অভিহিত কৰা হয়। অর্থাৎ মানৱ জীৱনত লাভ কৰা বিভিন্ন অভিজ্ঞতাৰ সমষ্টিয়েই হ’ল শিক্ষা। ই হৈছে অভিজ্ঞতাৰ সংমিশ্ৰণ আৰু পুনঃগঠন যাৰ সহায়ত ব্যক্তিৰ আচৰণৰ সংশোধন সম্ভৱ হৈ উঠে। জন ডিউইৰ মতে, ‘শিক্ষা কেলৱ মানুহৰ জীৱনৰ এক নিৰ্দ্দিষ্ট কাল বা সময়ত লাভ কৰা নিৰ্দ্দিষ্ট অভিজ্ঞতা বা প্রশিক্ষণ নহয়, ই একমাত্র ভৱিষ্যত জীৱনৰ বাবে প্রস্তুতিও নহয়। শিক্ষা হৈছে অবিৰামভাৱে গোটেই জীৱনজুৰি চলা এক ধাৰাবাহিক প্রচেষ্টা।’ শিক্ষাবিদ ল’জৰ মতে (Lodge), ‘জীৱনেই শিক্ষা আৰু শিক্ষাই জীৱন’। (Life is education and education is life)। হোৱাইট হেড (White Head) ৰ মতে, ‘শিক্ষাৰ একমাত্ৰ বিষয়বস্তু হৈছে জীৱনৰ সৰ্বদিশৰ প্ৰকাশ’ (There is only one subject matter of education, that is life in all manifestations.) গতিকে ব্যক্তিৰ জীৱনৰ প্ৰয়োজনীয় শিক্ষা জীৱনৰ পৰা আহৰণ কৰিব পাৰি। এই জীৱনব্যাপী চলা শিক্ষাৰ যোগেদি ব্যক্তিয়ে জ্ঞান অভিজ্ঞতাৰ পৰিৱৰ্তন আৰু পুনৰ নিৰ্মাণ কৰিব পাৰে ৷

তলত বহল অৰ্থত শিক্ষাৰ কেইটামান বৈশিষ্ট উল্লেখ কৰা হ’ল–

১। জীৱন যোৰা প্ৰক্ৰিয়া (Life long process): শিক্ষাই ব্যক্তিৰ সমগ্ৰ জীৱন সামৰি লয়। ই মাতৃদেহত জীৱৰ স্থিতিৰ পৰা আৰম্ভ কৰি মৃত্যুৰ আগমুহুৰ্তলৈ অবিৰামভাৱে চলি থাকে।

২। শিক্ষাই জীৱন (Education is life): বহল অৰ্থত শিক্ষাই জীৱন আৰু জীৱনেই শিক্ষা। প্রত্যেক ব্যক্তিয়ে জীৱন যাপনৰ বাবে কৰা প্ৰস্তুতিৰ বাবে জীৱনৰ পৰা অভিজ্ঞতা আহৰনেই শিক্ষা।

৩। অভিজ্ঞতাৰ সমষ্টিয়েই শিক্ষা (All experience is education): ব্যাপক অৰ্থত প্রত্যেক ব্যক্তিৰ জীৱনৰ প্ৰত্যক্ষ অভিজ্ঞতাসমূহ, সমাজৰ বিভিন্ন ব্যক্তিৰ এজন আনজনৰ লগত হোৱা পাৰস্পৰিক ক্ৰিয়া, ভাবৰ আদান-প্রদান, অভিজ্ঞতাৰ উপলব্ধি আৰু আচৰণৰ এই সকলোবোৰ শিক্ষাৰ অন্তৰ্গত।

৪। শিক্ষা হৈছে আচৰণৰ পৰিৱৰ্তন (Modification of behaviour): ব্যাপক অৰ্থত শিক্ষাৰ আন এটা প্রধান বৈশিষ্ট্য হ’ল মানৱ আচৰণৰ বাঞ্চনীয় পৰিৱৰ্তন সাধন কৰা।

১৪। শিক্ষাৰ পৰিসৰ সম্পৰ্কে আলোচনা কৰা। (Discuss about the scope of education.)

উত্তৰঃ প্ৰত্যেকটো সুসংগঠিত বিষয়ৰে অধ্যয়ন আৰু ক্ৰিয়াকলাপৰ এক নিৰ্দ্দিষ্ট এলেকা থাকে  যাক পৰিসৰ বুলি কোৱা হয়। শিক্ষা এক জীৱন ব্যাপী চলা বিৰামহীন প্ৰক্ৰিয়া হোৱা বাবে ইয়াৰ পৰিসৰ অতি বিস্তৃত আৰু বহল। ই ব্যক্তিৰ বিভিন্ন দিশ, বিভিন্ন অভিজ্ঞতা, সামাজিক পৰিৱেশৰ লগতে হোৱা ব্যক্তিৰ বিভিন্ন আদান প্রদান আৰু আন্তঃক্ৰিয়াৰ সমষ্টি। ইয়াৰ প্ৰতিটো দিশৰ বস্তুনিষ্ঠ অধ্যয়ন আৰু ক্ৰিয়া সম্পাদন শিক্ষাৰ পৰিসৰে সামৰি লৈছে।

তলত শিক্ষাৰ পৰিসৰৰ অন্তৰ্গত মূল দিশসমূহ চমুকৈ আলোচনা কৰা হ’ল—

(ক) শিক্ষা দর্শনঃ শিক্ষা আৰু দৰ্শনৰ মাজত এক ঘনিষ্ট সম্পৰ্ক চিৰবিৰাজমান। শিক্ষাৰ আদৰ্শগত দিশটো দৰ্শনৰ দ্বাৰা নিৰ্ধাৰিত হয়। শিক্ষা দৰ্শনৰ আলোচ্য বিভিন্ন শিক্ষা সম্পর্কীয় ভাবধাৰা সমূহৰ আলোচনা শিক্ষাৰ পৰিসৰৰ অন্তৰ্গত।

(খ) শিক্ষা মনোবিজ্ঞানঃ আধুনিক শিক্ষাক মনোবিজ্ঞান ভিত্তিক শিক্ষা বুলি কোৱা হয়। এই শিক্ষা হৈছে শিশুকেন্দ্ৰিক। শিশুকেন্দ্রিক শিক্ষাত মনোবিজ্ঞান সন্মত পদ্ধতি, পর্যবেক্ষণ আদিৰ ওপৰত গুৰুত্ব দিয়া হয়, যাৰ বাবে শিক্ষা মনোবিজ্ঞান গঢ় লৈ উঠিছে। শিক্ষা মনোবিজ্ঞান শিক্ষা পৰিসৰৰ অন্তৰ্ভুক্ত এক গুৰুত্বপূৰ্ণ দিশ।

(গ) শিক্ষা সমাজ শাস্ত্রঃ শিক্ষা এক সামাজিক প্রক্রিয়া। সমাজ বিৱৰ্জিত শিক্ষাৰ কথা আমি কল্পনা কৰিব নোৱাৰো। সামাজিক জীৱনৰ লগত জড়িত নানা দিশ, সমাজতাত্ত্বিক সূত্ৰ আদি দিশবোৰ শিক্ষাৰ ক্ষেত্ৰত বিশ্লেষণ কৰি চোৱাৰ প্ৰয়োজন। সমাজ শিক্ষাৰ এক অবিচ্ছেদ্য অংশ। সেয়েহে শিক্ষাৰ বহল পৰিসৰৰ মাজত সমাজশাস্ত্ৰৰ এক গুৰুত্বপূৰ্ণ স্থান আছে। সেইবাবেই বৰ্তমান শিক্ষাৰ অংশ হিচাপে এক বিষয় স্বৰূপে শিক্ষা সমাজশাস্ত্ৰৰ জন্ম হৈছে।

(ঘ) শিক্ষা অর্থনীতিঃ শিক্ষা সমাজৰ অৰ্থনৈতিক বিকাশৰ লগত জড়িত। সামজিক প্রক্রিয়া স্বৰূপে শিক্ষাৰ অৰ্থনীতি, সামাজিক অৰ্থনীতিৰ লগত সম্পর্কযুক্ত। মানৱ সম্পদৰ কেনেদৰে উপযুক্ত ব্যৱহাৰ কৰিব পৰা যায় আদি বিষয়সমূহ শিক্ষাৰ ক্ষেত্ৰত প্ৰাথমিক হৈ পৰিছে। ফলত শিক্ষা বিষয়ক অর্থনীতি এক নতুন বিষয় হিচাপে গঢ়লৈ উঠিছে আৰু ই শিক্ষাৰ পৰিসৰ ব্যাপক আৰু বিস্তৃত কৰি তুলিছে।

(ঙ) শিক্ষাৰ ইতিহাসঃ ঐতিহাসিক পটভূমিৰ বিশ্লেষণৰ মাধ্যমেৰেহে নতুন শিক্ষানীতি ব্যৱস্থা গঢ় দি তুলিব লাগে। সেইবাবেই ভৱিষ্যতৰ বাবে কোনো শৈক্ষিক পৰিকল্পনা কৰোতে সমাজৰ ইতিহাসৰ লগত সংগতি ৰাখি তৈয়াৰ কৰিব লাগে। সেইবাবেই শিক্ষাৰ পৰিসৰত শিক্ষাৰ ঐতিহাসিক বিৱৰ্তন অন্তর্ভূক্ত।

(চ) শৈক্ষিক প্রশাসনঃ শিক্ষাৰ পৰিসৰত আন এক উল্লেখনীয় সংযোজন হ’ল শৈক্ষিক প্রশাসন। শিক্ষাৰ প্ৰশাসনিক গাঁথনি কেনে হোৱা উচিত, প্ৰশাসনৰ দক্ষতা কেনেকৈ বৃদ্ধি কৰিব পাৰি ইত্যাদি দিশসমূহ শৈক্ষিক প্ৰশাসনৰ অন্তৰ্ভূক্ত।

(ছ) মানসিক স্বাস্থ্যঃ শিক্ষাৰ সফলতা, শিক্ষাৰ্থীৰ মানসিক স্বাস্থ্যৰ ওপৰত নিৰ্ভৰ কৰে। শিক্ষাৰ্থীৰ সুস্থ সামাজিক বিকাশৰ বাবে সুস্থ মানসিক স্বাস্থ্যৰ প্ৰয়োজন। সেয়েহে শিক্ষা বিজ্ঞানৰ পৰিসৰত মানসিক স্বাস্থ্যত এক অন্তর্ভূক্ত বিষয়।

(জ) তুলনামূলক শিক্ষাঃ তুলনামূলক শিক্ষা, শিক্ষাবিজ্ঞানৰ এনে এক বিষয় যি বিভিন্ন দেশৰ শিক্ষা ব্যৱস্থা, কৌশল আৰু অন্যান্য দিশসমূহৰ তুলনামূলকভাৱে অধ্যয়ন কৰে। এই তুলনামূলক শিক্ষাই পৰোক্ষবাৱে বিভিন্ন সমাজৰ প্ৰচলিত ৰীতি-নীতি সম্পর্কে জ্ঞান প্রদান কৰে।

(ঝ) শিক্ষাৰ সমস্যা আৰু সাম্প্ৰতিক ধাৰাঃ বর্তমান পৰিৱৰ্তিত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত নতুন নতুন সমস্যাৰ সৃষ্টি হৈছে। সেয়ে এই সমস্যাসমূহক কেন্দ্ৰ কৰি শিক্ষাৰ নতুন নতুন ভাবধাৰাৰ সৃষ্টি হৈছে। যেনে— পৰিৱেশ শিক্ষা, জনসংখ্যা শিক্ষা, আন্তর্জাতিক বুজাপৰা, শিক্ষাৰ ব্যক্তিগতকৰণ, প্রতিবন্ধী আৰু সমাজৰ দুৰ্বল শ্ৰেণীৰ শিক্ষা আদি বিষয়সমূহৰ সংযোজনে স্বাভাৱিকতেই শিক্ষাৰ পৰিসৰ বিস্তৃত কৰি তুলিছে।

(ঞ) মূল্যায়নঃ শিক্ষাৰ ক্ষেত্ৰত মূল্যায়ন এক গুৰুত্বপূৰ্ণ দিশ। উপযুক্ত মূল্যায়ন ব্যৱস্থাৰ ওপৰত শিক্ষাৰ সফলতা নিৰ্ভৰ কৰে। এই মূল্যায়নৰ লগত জড়িত বিভিন্ন বিষয়সমূহো শিক্ষা বিজ্ঞানৰ পৰিসৰৰ অন্তৰ্গত।

সামৰণিত ইয়াকে ক’ব পাৰি যে শিক্ষা জ্ঞানৰ এক বিস্তৃত ক্ষেত্র। শিক্ষা প্ৰক্ৰিয়াৰ সামগ্ৰিকভাৱে উৎকর্ষ সাধন কৰা আৰু ইয়াৰ লগত জড়িত বিভিন্ন সমস্যা সমূহৰ সুস্থ সমাধান কৰাই ইয়াৰ মূল উদ্দেশ্য। এই উদ্দেশ্যত উপনীত হ’বৰ বাবে ইয়াৰ পৰিসৰত বিভিন্ন প্রয়োজনীয় জ্ঞানৰ সমন্বয় ঘটিছে।

১৫। আনুষ্ঠানিক শিক্ষা কি? ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ আলোচনা কৰা। (What is formal Education? Discuss its major characteristics.)

উত্তৰঃ শিক্ষা প্ৰক্ৰিয়াৰ মূল উপাদান-শিক্ষার্থী, শিক্ষক, পাঠ্যক্ৰম আৰু শৈক্ষিক প্রতিষ্ঠান। শিক্ষাৰ যিটো সাংগঠনিক ৰূপৰ ক্ষেত্ৰত এই উপাদানসমূহৰ প্ৰত্যেকটোৱেই সুনিয়ন্ত্রিত সেই ৰূপটোক আনুষ্ঠানিক বা নিয়ন্ত্রিত শিক্ষা (Formal education) বুলি কোৱা হয়। আনুষ্ঠানিক শিক্ষা হ’ল নিৰ্দ্দিষ্ট শিক্ষানুষ্ঠানৰ ভিতৰত থাকি বিধি-বিধানৰ মাজেৰে নিৰ্দ্দিষ্ট পাঠ্যক্ৰমৰ যোগেদি লাভ কৰা শিক্ষা। এই আনুষ্ঠানিক শিক্ষাক বিশ্ববাসীৰ পৰস্পৰৰ মাজত সংস্কৃতিৰ আদান-প্ৰদানৰ এক গ্রহণযোগ্য উপায় বুলি ক’ব পাৰি। এটা নিৰ্দ্দিষ্ট লক্ষ্য আগত ৰাখি আনুষ্ঠানিক শিক্ষা আৰম্ভ হয় আৰু পৰীক্ষাৰ ফলাফলৰ ওপৰত ভিত্তি কৰি ব্যক্তিৰ শিক্ষাৰ অৰ্হতা স্থিৰ কৰা হয়। এই শিক্ষাৰ জৰিয়তে শিক্ষার্থীয়ে ডিগ্রী, ডিপ্ল’মা, চাৰ্টিফিকেট আদি লাভ কৰিবলৈ সক্ষম হয়। উদাহৰণ স্বৰূপে বিদ্যালয়, মহাবিদ্যালয়ৰ পৰা লাভ কৰা শিক্ষাৰ কথা উল্লেখ কৰিব পাৰি।

তলত আনুষ্ঠানিক শিক্ষাৰ প্ৰধান বৈশিষ্ঠ্য সমূহ চমুকৈ উল্লেখ কৰা হ’ল—

(ক) সুনিৰ্ধাৰিত লক্ষ্য অনুযায়ী পৰিকল্পিতঃ আনুষ্ঠানিক শিক্ষা নিৰ্ধাৰিত লক্ষ্য অনুযায়ী পূর্ব পৰিকল্পিত।

(খ) নিৰ্ধাৰিত সময়সীমাঃ আনুষ্ঠানিক শিক্ষা ব্যৱস্থাত নিৰ্দ্দিষ্ট পাঠ্যক্রম অনুশীলন কৰাৰ সময়সীমা পূৰ্ব নিৰ্ধাৰিত।

(গ) সুপৰিকল্পিত আৰু সুনিৰ্দ্দিষ্ট পাঠ্যক্ৰমঃ আনুষ্ঠানিক শিক্ষাৰ এক সুনিৰ্দ্দিষ্ট আৰু পদ্ধতিগত পাঠ্যক্রম থাকে। ব্যক্তি আৰু সমাজৰ চাহিদাৰ পৰিপ্ৰেক্ষিতত পাঠ্যক্ৰম নিৰ্ধাৰণ কৰা হয়।

(ঘ) যোগ্যতাসম্পন্ন শিক্ষকৰ দ্বাৰা প্ৰদত্তঃ আনুষ্ঠানিক শিক্ষাৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে এই শিক্ষা বিশেষভাৱে যোগ্যতা সম্পন্ন শিক্ষকৰ দ্বাৰা প্ৰদান কৰা হয়।

(ঙ) নিৰ্দ্দিষ্ট স্থানঃ আনুষ্ঠানিক শিক্ষাৰ ক্ষেত্ৰত শিক্ষক-শিক্ষার্থী সমবেত হোৱাৰ স্থান পূর্ব নিৰ্ধাৰিত।

(চ) কঠোৰ শৃংখলাঃ আনুষ্ঠানিক শিক্ষা কঠোৰ অনুশাসন ব্যৱস্থাৰ মাধ্যমত পৰিচালিত হোৱা দেখা যায়।

(ছ) শিক্ষাৰ্থীৰ নিয়মিত উপস্থিতিঃ আনুষ্ঠানিক শিক্ষাত শিক্ষাৰ্থীৰ বিদ্যালয়ত নিয়মিত উপস্থিতি বাধ্যতামূলক।

(জ) নিৰ্দ্দিষ্ট প্ৰৱেশ পথঃ আনুষ্ঠানিক শিক্ষা ব্যৱস্থাত শিক্ষার্থী হিচাপে প্রবেশ পথ এটা। নিৰ্দ্দিষ্ট বয়সত শিক্ষার্থীয়ে এই নিৰ্দ্দিষ্ট প্ৰৱেশ পথেৰে শিক্ষা ব্যৱস্থাত প্ৰৱেশ কৰিব পাৰে।

(ঝ) শিক্ষক শিক্ষাৰ্তীৰ সম্পৰ্কঃ আনুষ্ঠানিক শিক্ষাত শিক্ষার্থী আৰু শিক্ষক উভয়ে পৰস্পৰ মুখামুখি আলোচনাত অংশ ল’ব পাৰে। সেইবাবে এই শিক্ষা ব্যৱস্থাত শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত এক ঘনিষ্ট সম্পর্ক গঢ় লৈ উঠে।

(ঞ) আৱশ্যিক পৰীক্ষা ব্যৱস্থাঃ আনুষ্ঠানিক শিক্ষা ব্যৱস্থাৰ লগত এটি সংগঠিত পৰীক্ষা ব্যৱস্থা সকলো সময়তে যুক্ত হৈ থাকে। বিশেষ পাঠ্যক্রম অনুশীলনৰ শেষত প্রত্যেক শিক্ষার্থীয়ে তেওঁলোকৰ যোগ্যতাৰ পৰীক্ষা দিব লাগে।

১৬। অনানুষ্ঠানিক শিক্ষা বুলিলে কি বুজা? ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ আলোচনা কৰা। (What do you mean by informal education? Discuss its major characteristics.)

উত্তৰঃ অনানুষ্ঠানিক শিক্ষা হ’ল কোনো আনুষ্ঠানিক নীতি-নিয়ম নমনাকৈ সামাজিক পৰিৱেশৰ পৰা পোৱা জীৱনৰ প্ৰয়োজনভিত্তিক শিক্ষা। বৃহৎ সমাজৰ বিভিন্ন অভিজ্ঞতাৰ সহায়ত এই শিক্ষা আহৰণ কৰা হয়। অনানুষ্ঠানিক শিক্ষা পূর্ব পৰিকল্পিত আৰু পূৰ্ব নিৰ্ধাৰিত নহয়। ব্যক্তিয়ে দৈনন্দিন জীৱনৰ প্ৰতিটো মুহুৰ্ত্ততে নিজে ক’ব নোৱাৰাকৈয়ে এই শিক্ষা লাভ কৰে। আনুষ্ঠানিক শিক্ষা প্ৰদান কৰা অনুষ্ঠানৰ বাহিৰেও এনে কিছুমান সামাজিক অনুষ্ঠান প্রতিষ্ঠান আছে, যি বৰ্তমান আমাৰ দৈনন্দিন জীৱনৰ ক্ৰিয়া অভিজ্ঞতাৰ অপৰিহাৰ্য অংশ বিশেষত পৰিণত হৈছে। এনেবোৰ অনুষ্ঠানৰ সংস্পৰ্শত আমি এনে কেতবোৰ শিক্ষা অভিজ্ঞতা লাভ কৰো, যি বিধিগত শিক্ষানুষ্ঠানৰ অভিজ্ঞতাতকৈ অধিক তাৎপর্যপূর্ণ। উদাহৰণস্বৰূপে শিক্ষাৰ মাধ্যম স্বৰূপে পৰিগণিত পৰিয়াল, বাতৰি-কাকত, চিনেমা, ৰেডিঅ’, পুথিভঁৰাল ইত্যাদিয়ে দিয়া শিক্ষাৰ কথা উল্লেখ কৰিব পাৰো। অনানুষ্ঠানিক শিক্ষা অনুষ্ঠানৰ লগত সংগতিবিহীন, অৱস্থানগত আৰু ঘটনা প্ৰৱাহৰ লগত জড়িত।

তলত অনানুষ্ঠানিক শিক্ষাৰ প্ৰধান বৈশিষ্ট্যসমূহ অতি সংক্ষেপে উল্লেখ কৰা হ’ল—

(ক) অনানুষ্ঠানিক শিক্ষাৰ পৰিসৰ অতি ব্যাপক। ব্যক্তিৰ সমগ্ৰ জীৱনৰ অভিজ্ঞতা ইয়াৰ পৰিসৰৰ অন্তৰ্গত।

(খ) অনানুষ্ঠানিক শিক্ষা স্বতঃস্ফূর্ত আৰু ঘটনাক্ৰমৰ ফলত সংঘটিত হয়। এই শিক্ষা সচেতনভাৱে লোৱা নহয়।

(গ) এইবিধ শিক্ষাৰ কোনো নিৰ্দ্দিষ্ট আৰম্ভণি আৰু শেষ নাই।

(ঘ) অনানুষ্ঠানিক শিক্ষা আনুষ্ঠানিক শিক্ষাৰ দৰে পূৰ্ব পৰিকল্পিত আৰু পৰ্ব নিৰ্ধাৰিত নহয়।

(ঙ) এইবিধ শিক্ষাৰ বাবে নিৰ্ধাৰিত সময় আৰু পাঠ্যক্ৰম নাই। পৰিয়াল, সমাজ, সমনীয়া আদিৰ পৰা লাভ কৰা অভিজ্ঞতাই ইয়াৰ সমল আৰু যিকোনো সময়তে ইয়াক গ্রহণ কৰিব পাৰি।

(চ) শিক্ষা প্ৰদানৰ বাবে কোনো নিৰ্দ্দিষ্ট পদ্ধতিৰ সহায় লোৱা নহয়। এনে শিক্ষা সকলোৰে বাবে মুক্ত।

(ছ) এই বিধ শিক্ষাৰ বাবে কোনো নিৰ্দ্দিষ্ট অনুষ্টান নাই, গতিকে শিক্ষা প্রদান কৰিবলৈও কোনো নিৰ্দ্দিষ্ট শিক্ষকৰ প্ৰয়োজন নাই।

(জ) অনানুষ্ঠানিক শিক্ষাত কোনো অনুশাসন মানি চলা নহয়।

(ঝ) অনানুষ্ঠানিক শিক্ষা পৰীক্ষা পদ্ধতিৰ প্ৰভাৱৰ পৰা মুক্ত।

(ঞ) অনানুষ্ঠানিক শিক্ষা জন্ম মূহুৰ্তৰ পৰা আৰম্ভ হয় আৰু জীৱনৰ শেষ মূহুৰ্তলৈ চলি থাকে।

১৭। অগতানুগতিক শিক্ষা বুলিলে কি বুজা? ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ আলোচনা কৰা। (What do you mean by Non-formal Education? Discuss its major characteristics.)

উত্তৰঃ পৰিবৰ্তিত সামাজিক সংগঠনৰ বাবে আৰু আনুষ্ঠানিক শিক্ষাৰ অত্যধিক বাধ্যবাধকতাৰ ফলত, অনেকেই আনুষ্ঠানিক শিক্ষাৰ সুযোগৰ পৰা বঞ্চিত হ’ব লগা হয়। এই বঞ্চিত লোকৰ প্রয়োজনীয় জ্ঞানৰ অভাৱ পূৰণৰ বাবে প্ৰণালীবদ্ধ নিৰ্দ্দিষ্ট বিষয়ত, কম সময়ৰ ভিতৰত গতিশীলভাৱে অগতানুগতিক শিক্ষা প্ৰদান কৰা হয়। বিশিষ্ট শিক্ষাবিদ জে, পি, নায়কৰ (J.P. Naik) মতে আনুষ্ঠানিক শিক্ষাৰ বাহিৰত সুপৰিকল্পিতভাৱে যি শিক্ষা ব্যৱস্থাৰ প্ৰচলন কৰা হয় তাকে অগতানুগতিক শিক্ষা বুলি কোৱা হয় (Non-formal Education is education intertionally given outside the formal system.) কম্বচ (Coombs) ৰ মতে, ‘পৰিকল্পিত আনুষ্ঠানিক শিক্ষাৰ বাহিৰত যিকোনো সংগঠিত, পদ্ধতিগতভাৱে শৈক্ষিক কাৰ্যৰ ব্যৱস্থাকৰনেই হ’ল অগতানুগতিক শিক্ষা’ (Any organised systematic educational activity carried on outside the framework of established formal system.) মুঠতে অগতানুগতিক শিক্ষা এক পৰিকল্পিত শিক্ষা ব্যৱস্থা। ই বিদ্যালয়ৰ চাৰিবেৰৰ মাজত আৱদ্ধ নহয়, কিন্তু কোনো শিক্ষা প্রতিষ্ঠানৰ আংশিক নিয়ন্ত্রন থাকে।

তলত অগতানুগতিক শিক্ষাৰ প্ৰধান বৈশিষ্ট্যসমূহ চমুকৈ আলোচনা কৰা হ’ল—

(ক) অগতানুগতিক শিক্ষাত আনুষ্ঠানিক শিক্ষাতকৈ অধিক স্বাধীনতা পোৱা যায়।

(খ) এইবিধ শিক্ষাৰ মূল ভেটি হ’ল-শিক্ষা এক জীৱনজোৰা প্ৰক্ৰিয়া।

(গ) এনে শিক্ষা শিক্ষার্থিকেন্দ্ৰিক। শিক্ষাৰ্থীৰ প্ৰয়োজন আৰু গুৰুত্বৰ প্ৰতি অধিক মনোযোগ দিয়া হয়।

(ঘ) অগতানুগতিক শিক্ষা এক পৰিকল্পিত আৰু পদ্ধতিগত কাৰ্য ব্যৱস্থা।

(ঙ) এইবিধ শিক্ষাত শিক্ষাদানতকৈ শিক্ষা গ্রহনত অধিক গুৰুত্ব দিয়া হয়।

(চ) অগতানুগতিক শিক্ষা নমনীয়। গতানুগতিক শিক্ষা ব্যৱস্থাৰ এক বিকল্প ব্যৱস্থা।

(ছ) এইবিধ শিক্ষা সম্প্ৰদায়ৰ সামাজিক, অর্থনৈতিক, সাংস্কৃতিক প্ৰয়োজনৰ লগত জড়িত।

(জ) অগতানুগতিক শিক্ষা আত্ম অভিপ্রায়মূলক। এনে শিক্ষাই ব্যক্তিক আত্ম সজাগতা আৰু সমালোচনাত্মক মনোভাৱ গঢ়ি তোলাত সহায় কৰে।

(ঝ) অগতানুগতিক শিক্ষা অত্যন্ত ব্যাপক, সমাজমুখী আৰু গণতান্ত্রিক।

(ঞ) অগতানুগতিক শিক্ষা বহু বিকল্পমুখী। এনে শিক্ষাই শিকাৰসকলক নতুন-নতুন বিষয়ৰ জ্ঞান প্ৰদান কৰাৰ উপৰিও বিভিন্ন চাকৰি বা জীৱিকাৰ সুবিধা কৰিব পাৰে।

১৮। ব্যক্তিৰ প্ৰতি শিক্ষাৰ প্ৰধান কাৰ্যসমূহ কি কি? (What is the main functions of Education towards the individual?)

উত্তৰঃ ব্যক্তিৰ বৰ্তমান জীৱনৰ সম্ভাৱনীয়তা আৰু সামৰ্থসমূহ তেওঁলোকৰ ভৱিষ্যত জীৱন গঢ় দি তোলাৰ বাবে সম্পূৰ্ণকৈ ব্যৱহাৰ কৰিব লাগে। শিক্ষা ব্যৱস্থাৰ মাধ্যমেৰে শিশুৰ জীৱনৰ জ্ঞান অভিজ্ঞতা যিমানেই চহকী আৰু সমৃদ্ধ কৰি তোলা হয়, সিমানেই তেওঁলোকৰ ভৱিষ্যত জীৱন মুখময় আৰু আশব্যঞ্জক কৰি তুলিব পাৰি। ইয়াৰ দ্বাৰাই শিশু দুৰদৃষ্টিসম্পন্ন হোৱাৰ লগতে জীৱন সম্পর্কে অধিক আশাবাদী হৈ উঠি এক সম্ভাৱনাপূর্ণ ভৱিষ্যতৰ দিশে অগ্ৰসৰ হ’ব পাৰে। আধুনিক সামজত ব্যক্তিৰ প্ৰতি থকা শিক্ষাৰ কাৰ্যাৱলীক নিম্নলিখিতভাৱে মুলমূলকৈ আলোচনা কৰিব পৰা যায়।

(ক) ব্যক্তিৰ ব্যক্তিত্বৰ বিকাশ সাধন কৰিবলৈ তেওঁলোকৰ মাজত নিহিত হৈ থকা সম্ভাৱনীয়তাসমূহৰ বহিঃপ্রকাশৰ সুবিধা প্ৰদান কৰিব লাগে।

(খ) বিভিন্ন বিষয়ত ব্যক্তিৰ সজাগতাৰ সৃষ্টি কৰিব লাগে, তাৰ ভিতৰত—

১। স্বাস্থ্যমূলক সজাগতা বৃদ্ধি কৰি বিভিন্ন ৰোগ নিৰাময় কৰাৰ লগতে সুস্থ আৰু স্বাভাৱিক বিকাশৰ পথ প্ৰশস্ত কৰা।

২। পৰিৱেশৰ প্ৰতি সজাগতাৰ সৃষ্টি কৰি পৰিৱেশ প্ৰদূষণ ৰোধ কৰা আৰু প্ৰাকৃতিক সম্পদৰ সংৰক্ষণৰ প্ৰতি আগ্ৰহী কৰা।

৩। অর্থনৈতিক সজাগতাৰ সৃষ্টি কৰি ব্যক্তিৰ অৰ্থনৈতিক আৰু জীৱিকা নিৰ্বাহৰ ক্ষেত্ৰত সু-সিদ্ধান্ত গ্ৰহণ কৰিবলৈ সহায় কৰা।

৪। সামাজিক সজাগতা বৃদ্ধি কৰিবলৈ বোধগম্যতাৰ বিকাশ, সামাজিক সমস্যাৰ নিয়ন্ত্ৰণৰ বাবে কৌশলসমূহ আহৰণ কৰাৰ দিশত সাহয় কৰা।

৫। ৰাজনৈতিকভাৱে সচেতন ব্যক্তিত পৰিণত কৰিবলৈ গণতান্ত্রিক মূল্যবোধৰ প্ৰশিক্ষণৰ লগতে দেশৰ ৰাজনৈতিক পৰিস্তিতিৰ লগত সংগতি ৰাখি নাগৰিক হিচাপে দায়িত্ব আৰু কৰ্ত্তব্য সম্পর্কে জ্ঞান দিয়াৰ লগতে দেশৰ সৰ্বাংগীন বিকাশৰ বাবে বৰঙণি যোগাবলৈ উদ্বুদ্ধ কৰি তোলা হয়।

৬। উপভোক্তা হিচাপে গ্ৰাহক সুৰক্ষাৰ বিভিন্ন আইন আৰু উপভোক্তা এজনৰ কৰ্তব্যৰ বিষয়ে অৱগত কৰা।

৭। বৈজ্ঞানিক ভাবধাৰা জাগ্ৰত কৰি যুক্তিপূর্ণ চিন্তাৰে বিচাৰ বিবেচনা আৰু অনুসন্ধিৎসু ভাবধাৰা জাগ্ৰত কৰাত সহায় কৰা।

(গ) বৃত্তিমূলক যোগ্যতাৰ বিকাশ কৰিবলৈ ব্যক্তিৰ বৃত্তিগত দক্ষতাৰ বিকাশ সাধন কৰি আত্ম নিৰ্ভৰশীল হোৱাৰ সুবিধা প্ৰদান কৰা।

(ঘ) সঠিক সিদ্ধান্ত গ্রহণ কৰিবলৈ শিক্ষা নিৰ্দেশনা প্ৰদান কৰা যাতে জীৱনৰ অপ্ৰয়োজনীয় আৰু অলাগতিয়াল দিশ আঁতৰাই সঠিক কাৰ্যপন্থা গ্ৰহণ কৰি জীৱন সম্বন্ধিত দিশসমূহৰ প্ৰতি আগ্ৰহী কৰি তোলা।

(ঙ) মানসিক দিশত প্ৰসাৰ কৰিবলৈ গতিশীল, অ-ৰক্ষণশীল আৰু মননীয় মনোভাৱৰ গঠন কৰি ব্যক্তিৰ ভাবধাৰা আৰু মূল্যবোধ গঠন কৰা।

১৯। সমাজৰ প্ৰতি শিক্ষাৰ প্ৰধান কাৰ্যসমূহ কি কি? (What are the main functions of education towards the society?)

উত্তৰঃ মানুহ সামাজিক জীৱ। প্রত্যেক ব্যক্তি একোখন সমাজত আৰু সমাজৰ বাবে জীয়াই থাকে। গতিকে সামাজিক পৰিৱেশৰ ভিতৰত শিশুৰ ব্যক্তিত্ব উৎকৃষ্টভাৱে গঢ় দি তুলিব পাৰি। সমাজৰ পৰিৱেশৰ মাজত শিশুৰ গঠন আৰু বিকাশ সম্পূৰ্ণৰূপে গঢ় লৈ উঠে। বিশেষকৈ সামাজিক সংস্পর্শত বিভিন্ন ব্যক্তিৰ লগত ভাৱৰ আদান-প্রদান হোৱাৰ ফলত এজন ব্যক্তিৰ ব্যক্তিত্বই পূর্ণ মাত্রা পায়। সমাজৰ জ্যেষ্ঠ সদস্যসকলে কনিষ্ঠসকলক তেওঁলোকৰ নিজ জ্ঞান-অভিজ্ঞতাৰ লগতে তেওঁলোকৰ পূৰ্ণপুৰুষৰ ধ্যান-ধাৰণা, আচাৰ ব্যৱহাৰ সমূহ প্ৰদান কৰে।সামাজিক পৰিৱেশত ইজনে-সিজনৰ লগত ভাৱ বিনিময় কৰোতে আৰু কেতিয়াবা জ্যেষ্ঠজনক অনুকৰণ কৰিহে এই নীতি নিয়মবোৰ আয়ত্ব কৰে। সমাজৰ বিভিন্ন সমস্যা সমাধান কৰিবলৈ ব্যক্তিৰ প্ৰয়োজন হোৱা উপযুক্ত কৌশলসমূহ শিক্ষাইহে প্ৰদান কৰে। সেইবাবে শিক্ষাৰ প্ৰধান কাম হ’ল ব্যক্তি আৰু পৰিৱেশ, ব্যক্তি আৰু সমাজৰ মাজত যোগসূত্র স্থাপন কৰা। জন্মৰ পিছৰে পৰা মানৱ শিশু সামাজিক জীব হিচাপে সমাজত বাস কৰে যদিও সিহঁতে ব্যক্তিমুখী হৈ থাকে। শিক্ষাই এই ব্যক্তিমুখী শিশুসকলক সমাজমুখী কৰি তোলে।

শিক্ষাৰ জ্ঞান এটি উল্লেখযোগ্য কাম হ’ল হিহে সমাজ সংস্কাৰ সাধনৰ কাম কৰিব পাৰে।সেইবাবে সমাজৰ সংস্কাৰ সাধন কৰাটো শিক্ষাৰ এটি উল্লেখযোগ্য কাম বুলি চিহ্নিত হৈছে। শিক্ষাৰ আন এটি উল্লেখযোগ্য কাম হ’ল বিজ্ঞান আৰু কাৰিকৰী বিজ্ঞানৰ নতুন নতুন উদ্ভাৱনসমূহৰ লগত নৱ প্ৰজন্মক পৰিচয় কৰাই সমাজৰ উন্নতি আৰু বিকাশত সহায় কৰা। শেষত ইয়াকে ক’ব পাৰি যে শিক্ষাই নতুন প্ৰজন্মৰ প্ৰয়োজনীয় জ্ঞান আৰু দক্ষতা প্ৰদান কৰি একো একোজন সুনাগৰিক হিচাপে গঢ়ি তুলি এখন আদর্শ সমাজ গঢ়ি তোলাৰ কাম সম্পাদন কৰিব লাগিব। তেতিয়াহে নতুন প্ৰজন্মই পুৰণিকৃষ্টি সংস্কৃতিৰ লগত সুস্থ সমাযোজন কৰি সুনাগৰিক হিচাপে নিজকে প্রতিষ্ঠিত কৰিবলৈ সক্ষম হ’ব।

২০। ৰাষ্ট্ৰৰ প্ৰতি শিক্ষাৰ প্ৰধান কাৰ্যসমূহ কি কি? (What is the main functions of Education towards the Nation?)

উত্তৰঃ ব্যক্তিক এটা জাতিৰ পৰা পৃথক কৰিব নোৱাৰি। ব্যক্তি, সমাজ আৰু জাতি সকলো একেটা ডোলেৰে বদ্ধা। এটাক বাদ দি আনটোৰ অস্তিত্ব কল্পনা কৰিব নোৱাৰি। দেশৰ প্ৰত্যেকজন নাগৰিকৰ নিজস্ব কৰ্ম, সংস্কৃতি, শক্তি, স্বার্থত্যাগ আৰু ব্যক্তিৰ প্ৰতি প্ৰদৰ্শন কৰা শ্ৰদ্ধাৰ মনোভাৱে দেশৰ সৰ্বাংগীন উন্নতি নিৰ্ভৰ কৰে। সেইবাবে ১৯৬৪-৬৬ চনৰ কোঠাৰী আয়োগে মত প্ৰকাশ কৰিছিল যে “বৰ্তমান ভাৰতৰ ভাগ্য শ্ৰেণী কোঠাসমূহত গঢ় লয়।”

তলত ৰাষ্ট্ৰৰ প্ৰতি শিক্ষাৰ মূখ্য কাৰ্যসমূহ চমুকৈ উল্লেখ কৰা হ’ল—

(ক) সামাজিক আৰু নাগৰিক জীৱনৰ দায়িত্ববোধ সংৰোপন কৰাঃ শিক্ষাৰ প্ৰধান কাৰ্য হৈছে ভাৰতবৰ্ষৰ দৰে গণতান্ত্রিক দেশ এখনৰ উঠি অহা প্ৰজন্মক নাগৰিক হিচাপে তেওঁলোকৰ দায়িত্ব আৰু কৰ্তব্যসমূহৰ বিষয়ে বুজাই দিয়া। এখন দেশৰ ভৱিষ্যতৰ বিকাশ আৰু স্থায়িত্ব ভৱিষ্যত নাগৰিকসকলক প্ৰদান কৰা সঠিক শিক্ষা ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে। শিক্ষাৰ সহায়ত কোনো সমাজৰ পৰম্পৰা, আদৰ্শ, মূল্যবোধ আৰু ৰীতি-নীতিসমূহ এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ সৰবৰাহ কৰিব পাৰি। এই আদৰ্শ আৰু মূল্যবোধসমূহে গণতান্ত্রিক ভাবধাৰা শক্তিশালী কৰি সমাজখন পুনঃগঠন কৰাত সহায় কৰে।

(খ) নেতৃত্ব প্ৰদানৰ প্ৰশিক্ষণ দিয়াঃ এখন গণতান্ত্রিক দেশৰ সাফল্য সামাজিক, ৰাজনৈতিক, ধৰ্মীয় আৰু শৈক্ষিক এই সকলোবোৰ দিশত উপযুক্ত নেতৃত্ব প্ৰদানৰ ওপৰত নিৰ্ভৰ কৰে। দেশ এখনক সঠিকভাৱে পৰিচালনা কৰিবলৈ দেশখনৰ উঠি অহা চামৰ উপযুক্ত নেতৃত্ব প্ৰদানৰ গুণৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে শিক্ষাই নেতৃত্ব প্ৰদানৰ প্ৰশিক্ষণ প্ৰদান কৰিব লাগে।

(গ) আবেগিক সংহতি ৰক্ষা কৰাঃ ভাৰতবৰ্ষ এখন বিচিত্র দেশ। ইয়াত বসবাস কৰা লোকসকলৰ মাজত জাতি, দৰ্ম, ভাষা, খাদ্য-পৰম্পৰা আচৰণ, পোছাক-পৰিচ্ছদ আৰু ভৌগলিক পৰিৱেশৰ ক্ষেত্ৰত নানান ধৰণৰ বিচিত্ৰতা লক্ষ্য কৰা যায়। এই বৈচিত্ৰসমূহৰ মাজত ঐক্য ৰক্ষা কৰাৰ ক্ষেত্ৰত শিক্ষাৰ প্ৰধান ভূমিকা আছে ইয়াৰ দ্বাৰাই দেশ আৰু জাতিৰ সৰ্বোৎকৃষ্ট লক্ষ্য আৰু উদ্দেশ্যসমূহ পূৰণ কৰাৰ লগতে সমাজ এখনৰ প্ৰতি সেৱা আগবঢ়াই জাতীয় স্বার্থ সংৰক্ষিত কৰিব পাৰি।

(ঘ) জাতীয় সংহতিঃ শিক্ষাৰ দ্বাৰা আৱেগিক সংহতি ৰক্ষা কৰাৰ লগতে জাতীয় সংহতিৰ ভাবধাৰাও অক্ষুন্ন ৰাখিব পাৰি। আমি এনে এখন দেশত বাস কৰোঁ য’ত বিভিন্ন জাতি, বর্ণ, ধৰ্ম, ভাষাৰ ক্ষেত্ৰত প্ৰভেদ আছে। শিক্ষাই এই প্রভেদসমূহ আঁতৰাই বন্ধুত্ব, ভ্রাতৃত্ববোধ আৰু সহযোগিতা পূর্ণ মনোভাৱ গঢ়ি তোলে। ড° ৰাধাকৃষ্ণণৰ ভাষাত— “ভাৰতবর্ষ স্বাধীন আৰু এক হ’বলৈ হ’লে ভাৰতীয় লোকসকলক আঞ্চলিকতাবাদৰ ঠেক ভাবধাৰা পৰিহাৰ কৰি বৃহৎ গমতান্ত্ৰিক ভাবেৰে একতাৰ প্ৰশিক্ষণ দিব লাগিব। গণতান্ত্রিক শিক্ষা বাদ দি একনায়কত্ববাদী মনোভাব আতৰ কৰিব লাগিব।” গতিকে শিক্ষা হৈছে জাতীয় চৰিত্ৰ ৰক্ষাৰ এক শক্তিশালী মাধ্যম।

২১। লক্ষ্য বুলিলে কি বুজা? (What do you mean by an aim?)

উত্তৰঃ লক্ষ্য হৈছে এক বহল পৰিসৰৰ তাৎপৰ্যপূৰ্ণ শব্দ। ইয়াক কোনো ক্ৰিয়াৰ কেৱল ফল লাভ কৰা অথবা সমাপ্তি লাভ কৰাকেই মাথোন বুজোৱা নহয়। লক্ষ্যৰ প্ৰধান বৈশিষ্ট্য হৈছে কোনো ক্ৰিয়াৰ সমাপ্তি অথবা সম্ভাব্য পৰিণতি সম্বন্ধে আগতীয়াকৈ পৰিনাম-দৰ্শিতা (Foresight in advance of the end or possible termination.)

লক্ষ্যত সকলো চিন্তা আৰু ক্ৰিয়া সুসংযত, সু পৰিকল্পিত আৰু তাৰ পৰিণতি সম্বন্ধে আমি আত্মসচেতন হওঁ। এনে কার্য ক্রমাগতভাৱে উন্নতিশীল, সময় সাপেক্ষ আৰু ইয়াৰ পৰিনাম আশানুৰূপ হৈ উঠে। ক্ৰিয়াৰ কেনে ফল লাভ হয় তাক এই ক্ষেত্ৰত আমি আগতীয়াকৈ অনুমান কৰি উঠিব পাৰো। সেইবাবে ব্যক্তিৰ এনে পূর্ণ বিবেচনা আৰু নিয়ন্ত্ৰণৰ দ্বাৰা পৰিচালিত ক্ৰিয়াই হৈছে লক্ষ্য। ইয়াৰ অভাৱ হোৱা কাৰ্যই হৈছে লক্ষ্য বিহীন আৰু উদ্দেশ্যবিহীন। লক্ষ্যত ব্যক্তিয়ে আগতীয়াকৈ ফলানুমান কৰিব পৰা হেতুকে ভবিষ্যত কাৰ্যপন্থা আৰু আঁচনি আদিৰো বিবেচনা তথা প্রস্তুত কৰা হয়।

২২। শিক্ষাৰ লক্ষ্যৰ প্ৰয়োজনীয়তা কি? (What is the necessity of aims of education?)

উত্তৰঃ শিক্ষাৰ লক্ষ্য আমাৰ মনত সুস্পষ্ট হ’লেহে শিক্ষা আঁচনিৰ সাৰ্থকতা আৰু নির্ভুলভাৱে কাৰ্যকৰী কৰিব পৰা যায়। শিক্ষাৰ কাৰ্যকাৰী আঁচনি হাতত লোৱাৰ আগে শিক্ষাৰ লক্ষ্য উদ্দেশ্য স্থিৰ কৰাটো অতি প্ৰয়োজনীয় কথা। সাগৰৰ মাজত লক্ষ্যবিহীন জাহাজ যেনেকৈ বিপদৰ সন্মুখীন হ’বলগীয়া হয় ঠিক তেনেদৰে আমাৰ শিক্ষা লক্ষ্যবিহীন হলেও গতি অনিৰ্দ্দিষ্ট আৰু খেলি-মেলি হৈ পৰে। শিক্ষাৰ নিৰ্দ্দিষ্ট আৰু স্থিৰ লক্ষ্যইহে বিকাশৰ গতি শুদ্ধ আৰু সফল কৰি তোলে। লক্ষ্যৰ প্ৰতি সচেতন হলেহে যাত্ৰা পথৰ বিভিন্ন বিপদ অতি সহজে অতিক্ৰম কৰিব পাৰি। লক্ষ্যৰ সচেতনতাইহে আমাৰ ক্ৰিয়া অৰ্থপূৰ্ণ কৰি তোলে, লক্ষ্যৰ আশা আকাংক্ষাই আমাক কৰ্ম প্ৰেৰণা যোগায়। ছাত্ৰসকলে শিক্ষাৰ প্ৰতি সচেতন আৰু আশাবাদী হোৱা বাবেহে শিক্ষা আহৰণৰ কঠিন প্ৰচেষ্টাৰ প্ৰতি নিজক দেহ মানসিক ভাৱে প্রস্তুত কৰি তুলিব পাৰে। সৰ্বসাধাৰণৰ বাবে শিক্ষা আহৰণৰ কাৰ্যৰ লগত সময়, টকা-পইচা, দেহ-মানসিক কষ্ট আৰু ভৱিষ্যতৰ আশা-আকাংক্ষা আদি জড়িত হৈ থাকে। গতিকে এনেবোৰ কথাই শিক্ষাৰ লক্ষ্যৰ প্রয়োজনীয়তাকে বুজায়। শিক্ষাত লক্ষ্যৰ প্ৰয়োজনীয়তা সম্বন্ধে নিম্নলিখিত কথা কেইটা বিশেষভাবে প্রনিধানযোগ্য—

(ক) শিক্ষাৰ কৰ্ম আঁচনি যুগুত কৰিবলৈ আৰু তাৰ পৰ্যায়ক্রমে ব্যৱস্থা কৰিবলৈ লক্ষ্যৰ অতি প্রয়োজন। শিক্ষক আৰু শিক্ষাবিদসকলে শিক্ষাৰ লক্ষ্য স্থিৰ কৰিহে পাঠ্যক্রম প্রস্তুতি, পাঠদান পদ্ধতি, সামগ্রী, পৰীক্ষা ব্যৱস্থা আৰু শিক্ষা কাল আদি স্থিৰ কৰিব পাৰে।

(খ) শিক্ষাৰ লক্ষ্যই ক্ৰিয়াৰ নির্ভুল অগ্রগতি সম্বন্ধে নিৰীক্ষণ আৰু পৰীক্ষণত সহায় কৰে। শিক্ষাৰ উদ্দেশ্য কি পৰিমানে সাৰ্থক হৈছে, কোন কোন ক্ষেত্ৰত ব্যৰ্থ হৈছে, এনে ব্যর্থতা গুচাব কেনে ব্যৱস্থা কৰিব লাগে আদি লক্ষ্যৰ প্ৰতি বিশেষ দৃষ্টি ৰাখিব লগা হয়। সেইবাবে লক্ষ্যক ক্রিয়া অগ্রগতি পৰিমাপ কৰাৰ মাপকাঠি বুলি কোৱা হয়।

(গ) শিক্ষাৰ্থীৰ ব্যক্তিগত দেহ মানসিক ক্ষমতা, যোগ্যতা, সম্ভাৱনীয়তা আদি আশানুৰূপ বিকাশ সাধনৰ বাবেও শিক্ষাৰ লক্ষ্যৰ প্ৰয়োজন।

(ঘ) জীৱন যাত্ৰাৰ পথত সন্মুখীন হ’ব লগা সমস্যা আৰু বাধা বিঘিনি আদিৰ প্ৰতি সচেতন হ’বলৈ শিক্ষাত লক্ষ্যৰ প্ৰয়োজন হয়।

(ঙ) শিক্ষাৰ লক্ষ্য অনুসৰি শিক্ষাৰ তাত্ত্বিক আৰু ব্যৱহাৰিক দিশৰ জ্ঞান অভিজ্ঞতা প্রস্তুত কৰি তোলা হয়।

(চ) শিক্ষাৰ প্ৰচেষ্টাত লাভ কৰা সফলতা আৰু বিফলতা আদিও লক্ষ্য প্রতি দৃষ্টি ৰাখিহে বিচাৰ কৰা হয়।

(ছ) এখন দেশ বা সমাজৰ সামূহিক বিকাশৰ বাবেও শিক্ষাৰ এটা নিৰ্দ্দিষ্ট লক্ষ্যৰ প্ৰয়োজন। দেশৰ ৰাজনৈতিক আদৰ্শ, অর্থনৈতিক পৰিস্থিতি আৰু ধৰ্মীয় অনুভূতি আদিৰ ওপৰত ভিত্তি কৰি শিক্ষাৰ সামূহিক লক্ষ্য স্থিৰ কৰা হয়।

উক্ত আলোচনাৰ অন্তত এইটো স্পষ্ট হৈ উঠিছে যে শিক্ষাত লক্ষ্যৰ অতি প্রয়োজন। শিক্ষাৰ সুনিৰ্দ্দিষ্ট লক্ষ্যইহে ক্ৰিয়াৰ নিৰ্ভুল অগ্রগতি সম্বন্ধে নিৰীক্ষণ আৰু পৰীক্ষণত সহায় কৰিব পাৰে।

২৩। শিক্ষাৰ উদ্দেশ্য বুলিলে কি বুজা? (What do you mean by objectives of education?)

উত্তৰঃ শিক্ষা এক লক্ষ্য অভিমুখী প্রক্রিয়া। শিক্ষাৰ উদ্দেশ্যসমূহ হৈছে এনে কিছুমান দিশ, যি দিশত শিক্ষাৰ্থীৰ অগ্ৰগতি পৰিচালিত হয়। গতিকে শিকনৰ প্ৰভাৱত শিক্ষাৰ্থীৰ যি লক্ষ্য অভিমুখী অগ্রগতি হয়, তাকে শিক্ষাৰ উদ্দেশ্য বুলি কোৱা হয়। শিক্ষাৰ দ্বাৰা শিক্ষাৰ্থীৰ যি আচৰণগত পৰিৱৰ্তন সংঘটিত হয়। সেই পৰিৱৰ্তনৰ প্ৰাৰম্ভিক পৰ্যায়ত থাকে শিক্ষাৰ লক্ষ্য আৰু শিকনৰ পৰৱৰ্তী পৰ্যায়ত থাকে ফলশ্ৰুতি বা ফল। শিক্ষাৰ লক্ষ্যসমূহ যেতিয়া ফলশ্ৰুতিৰ মাধ্যমেৰে প্রকাশ হয় তেতিয়া তাক শিক্ষাৰ উদ্দেশ্য বুলি কোৱা হয়।

শিক্ষাৰ উদ্দেশ্য প্ৰসংগত নিম্নলিখিত কথা কেইটা সংক্ষেপে উল্লেখ কৰিব পাৰি—

(ক) শিক্ষাৰ উদ্দেশ্যসমূহ শিক্ষাৰ ব্যাপক লক্ষ্যৰ অংশ।

(খ) শিক্ষাৰ উদ্দেশ্যসমূহ শিক্ষাৰ্থীৰ আচৰণৰ পৰিৱৰ্তনৰ লগত প্ৰত্যক্ষভাৱে জড়িত।

(গ) শিক্ষাৰ উদ্দেশ্যসমূহ একো একোটা শিকন ফলশ্রুতি।

(ঘ) শিক্ষাৰ উদ্দেশ্যসমূহ শিক্ষাৰ্থীৰ প্ৰত্যাশিত আচৰণৰ পৰিপ্ৰেক্ষিতত বস্তুধর্মী।

(ঙ) শিক্ষাৰ উদ্দেশ্যসমূহ বিশেষধর্মী।

(চ) শিক্ষাৰ উদ্দেশ্যসমূহ, শিক্ষাৰ লক্ষ্যৰ পথত শিক্ষাৰ্থীৰ অগ্ৰগতিৰ নিৰ্দেশক।

শেষত ইয়াকে ক’ব পাৰি যে শিক্ষাৰ উদ্দেশ্য হ’ল— শিক্ষণ শিকন পৰিস্থিতিৰ অন্তৰ্গত এনে কিছুমান বিশেষধৰ্মী আচৰণমূলক শিকন ফলশ্ৰুতি যি শিক্ষাৰ লক্ষ্য অভিমুখী অগ্রগতি নিৰ্ধাৰণ কৰে।

২৪। শিক্ষাৰ লক্ষ্যৰ প্ৰধান নিৰ্ধাৰকসমূহ কি কি?(What are the major determinants of aims of education?)

উত্তৰঃ সমগ্ৰ বিশ্বৰ দেশবোৰৰ শিক্ষাৰ লক্ষ্য মাত্ৰ এটা হ’ব নোৱাৰে। প্ৰত্যেকখন দেশে নিজস্ব প্রয়োজন অনুসৰি শিক্ষাৰ লক্ষ্য নিৰ্ধাৰণ কৰে। এখন দেশৰ শিক্ষাৰ লক্ষ্য নিৰ্ধাৰণৰ ক্ষেত্ৰত কিছুমান উপাদানে বিশেষ ভূমিকা পালন কৰা পৰিলক্ষিত হয়।

তলত শিক্ষাৰ লক্ষ্য নিৰ্ধাৰণকাৰী উপাদানসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা হ’ল—

(ক) দার্শনিক দিশঃ শিক্ষা আৰু দৰ্শন – এই দুয়োটা একেটা মুদ্ৰাৰে দুটা পিঠি। চাৰ জন আদামচে কৈছিল যে দৰ্শনৰ গতিশীল দিশটোৱেই হৈছে শিক্ষা (Education is the dynamic side of philosophy)। শিক্ষা দার্শনিক বিশ্বাসৰ বাস্তৱ ৰূপ। সেয়েহে প্রত্যেক মহৎ শিক্ষাবিদো। গতিকে শিক্ষাৰ লক্ষ্য নিৰ্ধাৰণ দার্শনিক চিন্তাধাৰাৰ দ্বাৰা প্ৰভাৱিত হয়। সেয়েহে বিভিন্ন শিক্ষা দৰ্শন অনুযায়ী শিক্ষাৰ লক্ষ্য পৃথক পৃথক হোৱা দেখা যায় ৷

প্ৰকৃতিবাদ দৰ্শনৰ মতে শিক্ষাৰ লক্ষ্য হৈছে শিশুৰ স্বাভাৱিক বিকাশত সহায় কৰা। এই দৰ্শনৰ মতে শিক্ষাৰ মুখ্য উদ্দেশ্য হৈছে ব্যক্তিক আত্ম প্ৰকাশৰ সুযোগ প্রদান কৰা। শিক্ষাৰ লক্ষ্য নিৰ্ধাৰণৰ ক্ষেত্ৰত ভাববাদী দৰ্শনৰ মূল ধাৰণা হ’ল “আত্মানুভৱতা”। প্রয়োগবাদীসকলে শিক্ষাৰ লক্ষ্যৰ ক্ষেত্ৰত সামাজিক দিশটোৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰে। এই দৰ্শনৰ মতে শিক্ষাৰ লক্ষ্যসমূহ গতিশীল আৰু প্ৰয়োজনভিত্তিক হোৱা উচিত। এনেদৰে দার্শনিক দৃষ্টিভংগীৰ ভিন্নতা অনুসৰি শিক্ষাৰ লক্ষ্য ভিন ভিন হোৱা দেখা যায়।

(খ) মনোবৈজ্ঞানিক দিশঃ শিক্ষাৰ লক্ষ্য নিৰ্ধাৰণৰ ক্ষেত্ৰত মনোবৈজ্ঞানিক দিশটোৱে গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। মনোবিজ্ঞানিক দিশৰ পৰা বিচাৰ কৰিলে দেখা যায় যে শিক্ষাৰ মুখ্য উদ্দেশ্য হৈছে শিক্ষাৰ্থীসকলৰ ব্যক্তিগত চাহিদা বা পার্থক্য অনুসৰি জীৱনৰ সৰ্বতো প্ৰকাৰৰ বিকাশ সাধন কৰা। শিক্ষাৰ দ্বাৰা শিক্ষাৰ্থীৰ ভিন্নমুখী চাহিদাৰ পৰিতৃপ্তিৰ ব্যৱস্থা হাতত ল’ব লাগে। ফলত এই ভিন্নমুখী চাহিদাৰ পৰিপ্ৰেক্ষিতত শিক্ষাৰ লক্ষ্য ভিন ভিন হয়।

(গ) সামাজিক দিশঃ শিক্ষাৰ লক্ষ্য নিৰ্ধাৰণৰ ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰা আন এটা উল্লেখযোগ্য উপাদান হ’ল সামাজিক দিশ। সমাজতত্বৰ দিশৰ পৰা শিক্ষাৰ লক্ষ্য হ’ল সমাজ জীৱনৰ সংৰক্ষণ আৰু সমাজ জীৱনক গতিশীল কৰা। শিক্ষা হ’ল এক সামাজিক প্রক্রিয়া। শিক্ষাৰ জৰিয়তে সমাজৰ উন্নয়ন আৰু কল্যাণ সাধন হয়। সেয়েহে শিক্ষাৰ লক্ষ্য নিৰ্ধাৰণৰ ক্ষেত্ৰত সমাজৰ প্ৰচলিত মূল্যবোধ আৰু সামাজিক চাহিদাসমূহে বিশেষ গুৰুত্ব লাভ কৰে।

(ঘ) অর্থনৈতিক দিশঃ এখন দেশৰ আৰ্থ-সামাজিক অৱস্থাৰ দ্বাৰাও শিক্ষাৰ লক্ষ্য প্ৰভাৱিত হয়। শিক্ষা হ’ল এনে এক বিনিয়োগ যাৰ জৰিয়তে মানৱ সম্পদ তৈয়াৰ কৰি দেশৰ অৰ্থনৈতিক উন্নয়ন সুনিশ্চিত কৰিব পাৰি। দেশৰ অৰ্থনৈতিক উন্নয়ন আৰু শিক্ষা গভীৰভাৱে জড়িত। গতিকে এখন দেশৰ অর্থনৈতিক অৱস্থা বা অর্থনৈতিক নীতিসমূহ দেশৰ শিক্ষাৰ লক্ষ্যক প্রত্যক্ষভাৱে প্ৰভাৱিত কৰে। সেইবাবে এখন দেশৰ শিক্ষাৰ লক্ষ্য নিৰ্ধাৰণৰ ক্ষেত্ৰত আৰ্থিক দিশত শিক্ষাৰ বৰঙণি, শিক্ষাত বিনিয়োগৰ উপকাৰিতা, আর্থিক উন্নতিত শিক্ষিত জনশক্তিৰ ভূমিকা, ভৱিষ্যৎ আৱশ্যকীয় জনশক্তি নিৰ্ধাৰণ, শিক্ষা বয় ইত্যাদি দিশসমূহ বিবেচনা কৰা হয়। সেইবাবেই উন্নত, অনুন্নত আৰু উন্নয়নশীল দেশসমূহৰ মাজত শিক্ষাৰ লক্ষ্যৰ ক্ষেত্ৰত ভিন্নতা পৰিলক্ষিত হয়।

(ঙ) ৰাজনৈতিক আদৰ্শঃ দেশ এখনৰ চৰকাৰৰ ৰাজনৈতিক আদৰ্শৰ দ্বাৰা শিক্ষাৰ লক্ষ্য নিৰ্ধাৰিত হয়। প্ৰতিটো ৰাজনৈতিক দলৰে নিজস্ব লক্ষ্য বা উদ্দেশ্য কাৰ্যকৰী কৰিবৰ বাবে দেশৰ শিক্ষা আঁচনি গ্ৰহণ কৰে। এখন গণতান্ত্রিক দেশত চৰকাৰে জনসাধাৰণৰ উন্নতিৰ বাবে কাম কৰে। সেইবাবে তেনে দেশত সকলো নাগৰিকে শিক্ষাৰ ক্ষেত্ৰত সম-সুবিধা লাভ কৰে। বৰ্তমান বিশ্বৰ বিভিন্ন দেশত চলি থকা ৰাজনৈতিক, ধনতন্ত্রবাদ, সমাজবাদ, সাম্যবাদ আদি ৰাজনৈতিক আদৰ্শবোৰে সেই দেশৰ শিক্ষাৰ আদর্শ গঢ় দি তুলিছে।

(চ) ভৌগোলিক অৱস্থাঃ বিশ্বৰ বিভিন্ন প্ৰান্তৰত থকা অঞ্চল, দেশ বা সমাজৰ লোকৰ জীৱনধাৰা ভৌগোলিক অৱস্থিতিয়ে শিক্ষাৰ লক্ষ্য বহু পৰিমানে নিৰ্ধাৰণ আৰু নিয়ন্ত্ৰণ কৰে। মানুহৰ জীৱন ধাৰণৰ মানদণ্ড বহু পৰিমানে তেওঁৰ ভৌগোলিক পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল।

(ছ) গতিশীলতাঃ সময়ৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ চাহিদা, মূল্যবোধ, চিন্তাধাৰা আদিৰ পৰিৱৰ্তন হয়। শিক্ষাই মানৱ মনৰ ক্ৰমবিকাশ তথা গতিশীলতাৰ চিৰন্তন প্রবাহ আনি দিয়ে। যাৰ ফলস্বৰূপ শিক্ষাৰ লক্ষ্যৰ পৰিৱৰ্তন হয়।

২৫। শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক আৰু সমাজকেন্দ্ৰিক লক্ষ্যৰ বিষেয় চমুকৈ লিখা? (Write briefly about Individual and social aims of Education.)

উত্তৰঃ আধুনিক সমাজ ব্যৱস্থাত মানৱ সম্পদৰ উপযুক্ত বিকাশ সাধানৰ উদ্দেশ্যে ইয়াৰ দুটা প্ৰধান দিশ নিৰ্ধাৰণ কৰা হৈছে। তাৰ এটা হ’ল ব্যক্তিকেন্দ্ৰিক লক্ষ্য আৰু আনটো সমাজকেন্দ্ৰিক লক্ষ্য।

তলত শিক্ষাৰ দুয়োটা লক্ষ্যৰ বিষয়ে চমুকৈ আলোচনা কৰা হ’ল—

(ক) শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্যঃ শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ মুখ্য পৃষ্ঠপোষক ইংলেণ্ডৰ শিক্ষাবিদ চাৰ পাৰ্চিনানে তেখেতৰ বিখ্যাত গ্রন্থ ‘Education: Its data and first principles’ ত মন্তব্য কৰে যে ব্যক্তিত্বৰ সৰ্বোচ্চ বিকাশেই শিক্ষাৰ অন্যতম লক্ষ্য। ব্যক্তিকেন্দ্রিক লক্ষ্যৰ আন এগৰাকী সমর্থক হার্বাট স্পেনচাৰৰ মতে, “সমাজতকৈ ব্যক্তিৰ অস্তিত্ব আৰু গুৰুত্ব অধিক। গতিকে ব্যক্তিৰ কাৰ্যাৱলীৰ দ্বাৰাইহে সমাজৰ সমস্যাসমূহ সমাধান কৰিব পাৰি। শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ মতবাদ অনুসৰি প্ৰত্যেক ব্যক্তিক এজন স্বয়ং সম্পূর্ণ সত্বা বুলি ধৰা হয় আৰু প্ৰতিজন ব্যক্তিৰ স্বাধীনতা, মর্যাদা, নিজস্ব চাহিদা আৰু গুনাৱলী শিক্ষা ব্যৱস্থাত বিশেষ প্রাধান্য দিয়া হয়। ব্যক্তিৰ অন্তনিৰ্হিত গুণ আৰু সম্ভাৱনীয়তা সমূহৰ চৰম উৎকর্ষ সাধনেই শিক্ষাৰ লক্ষ্য হোৱাটো ইয়াত বিশ্বাস কৰা হয়। এই মতবাদে শিশুৰ ব্যক্তিত্ব গঢ়ি তুলিবৰ বাবে তাৰ দেহ মানসিক ক্ষমতাসমূহৰ আশানুৰূপ বিকাশসমূহত সর্বাধিক গুৰুত্ব দিব লাগে।

শিক্ষাৰ ব্যক্তিকেন্দ্ৰি লক্ষ্যই এজন ব্যক্তিৰ মানসিক ক্ষমতা, আৱেগ, অনুভূতি, আশা-আকাংক্ষা, দৈহিক গঠনৰ ওপৰত ভিত্তি কৰি শিক্ষা দিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সমাজৰ কল্যাণক অগ্ৰাধিকাৰ দি জন্মগত গুনাৱলীৰ বিকাশত বাধা দিলে ব্যক্তিৰ সৃজনীশক্তি আৰু কৰ্মশক্তিৰ আশানুৰূপ পূর্ণ বিকাশ সম্ভৱ নহয়। এই লক্ষ্য গণতান্ত্রিক আদৰ্শৰ সমপৰ্যায়ৰ। কিয়নো গণতান্ত্রিক ভাবধাৰাত ব্যক্তি স্বাধীনতাত অধিক গুৰুত্ব আৰোপ কৰা হয়। গণতন্ত্ৰৰ আদৰ্শ হৈছে নিজৰ ৰুচি-অভিৰুচি, সামৰ্থৰ লগত খাপ খুৱাই বিকাশ লাভ কৰা।

জৈৱিক দৃষ্টিকোণৰ পৰা ক’ব পাৰি যে প্ৰতিজন লোকৰেই নিজ নিজ দেহ মানসিক গুণ বা ক্ষমতা থাকে, যি আনজন লোকতকৈ মূলতে পৃথক হয়। এই জন্মগত গুণবোৰ স্বাভাৱিক ৰূপত তাৰ পূৰ্ণ বিকাশ কৰি তুলিবৰ বাবে ব্যক্তিকেন্দ্ৰিক শিক্ষাৰ ব্যৱস্থা কৰি তুলিব লাগে। মনোবৈজ্ঞানিক ধাৰণামতে, শিক্ষা হৈছে এক ব্যক্তিগত প্ৰক্ৰিয়া। মানুহৰ দেহ মানসিক অৱস্থা, বুদ্ধি-বৃত্তি আদিৰ ক্ষেত্ৰত ব্যক্তি পাৰ্থক্যৰ প্ৰশ্ন বিশেষভাৱে বিবেচনা কৰা হয়। সেইবাবে ব্যক্তিৰ নিজ নিজ মনোদৈহিক অৱস্থা আৰু ক্ষমতাৰ বুজ লৈ শিক্ষা ব্যৱস্থা কৰাৰ ওপৰত মনোবৈজ্ঞানিকসকলে গুৰুত্ব আৰোপ কৰে। আধ্যাত্মিক দৃষ্টিকোণৰ পৰা কোৱা হয় যে ব্যক্তিকেন্দ্ৰিক শিক্ষাৰ যোগেদিহে ব্যক্তিৰ আত্ম-উপলব্ধি আৰু আধ্যাত্মিক পূর্ণতা প্রাপ্ত হ’ব পাৰে।

শিক্ষাবিদ চাৰ পাৰ্চিনানেও বৈজ্ঞানিক দৃষ্টিভংগীৰে শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ যুক্তি যুক্ততা প্রতিপন্ন কৰে। তেওঁৰ মতে সমাজত প্ৰতিজন ব্যক্তিয়েই নিজৰ স্বকীয় অভিজ্ঞতাৰ দ্বাৰা গঠিত। সেইবাবে ব্যক্তিসত্ত্বাৰ পূৰ্ণবিকাশৰ বাবে আৱশ্যকীয় শিক্ষাৰ বাতাবৰণৰ সৃষ্টি কৰাই হৈছে শিক্ষাৰ লক্ষ্য।

উক্ত আলোচনাৰ পৰা ক’ব পাৰি যে শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষাই ব্যক্তিৰ দেহ-মানসিক সম্ভাৱনীয়তাৰ পূৰ্ণ বিকাশ সাধন কৰাত গুৰুত্ব আৰোপ কৰে। ব্যক্তিকেন্দ্ৰিক লক্ষ্যত ব্যক্তিৰ স্থান মুখ্য আৰু সমাজৰ স্থান গৌন।

(খ) শিক্ষাৰ সমাজকেন্দ্রিক লক্ষ্য (Social aims of education): শিক্ষাৰ সমাজকেন্দ্ৰিক লক্ষ্যৰ মতে, সমাজ বা ৰাষ্ট্ৰ ব্যক্তিতকৈ বেছি গুৰুত্ব পূৰ্ণ। শিক্ষাৰ সমাজকেন্দ্রিক লক্ষ্যৰ প্ৰধান পৃষ্ঠপোষক আছিল জন ডিউই। ডিউইৰ পুথি “স্কুল আৰু সমাজ” (School and Society) আৰু “গণতন্দ্ৰ আৰু শিক্ষা” (Democracy and Educational) ত মন্তব্য কৰে যে সমাজ হৈছে ব্যক্তিৰ সকলো দিশ বিকাশৰ প্ৰধান অংগ। ব্যক্তিৰ জীৱনৰ সকলো মূহুৰ্ত্তত সমাজে প্ৰভাৱ বিস্তাৰ কৰে। ঠিক তেনেকৈ ব্যক্তিয়ে নিজৰ প্ৰয়োজন পূৰণ কৰিবলৈ সমাজ বিচাৰে। সমাজ অবিহনে ব্যক্তিৰ অস্তিত্ব বিচাৰি পোৱা নাযায়। সামাজিক পৰিৱেশত নিজৰ দ্বাৰাই ব্যক্তিয়ে নিজৰ অন্তনিৰ্হিত গুণৰ বিকাশ সাধন কৰিব লাগে।

শিক্ষাৰ সমাজকেন্দ্ৰিক লক্ষ্যৰ মূল ধাৰণাটো অনুযায়ী শিশুক সমাজৰ উপযোগী কৰি গঢ় দি তোলাই শিক্ষাৰ লক্ষ্য হোৱা উচিত। তেওঁলোকৰ মতে, সামাজিক লক্ষ্য মানে সামাজিক যোগ্যতা। সামাজিক লক্ষ্যই এজন ব্যক্তিক কেৱল সমাজৰ অহিলা হিচাপে মনোনিৱেশ কৰে আৰু ব্যক্তিৰ দায়িত্ব ৰাষ্ট্ৰৰ হাতত ন্যক্ত কৰিবলৈ চেষ্টা কৰে। সহজ অর্থত সামাজিক লক্ষ্য মানে ব্যক্তিৰ মাজত সামাজিক জ্ঞান, ধ্যান তথা সহায় সহযোগিতা বৃদ্ধি কৰা। ৰে’মণ্ট (Raymont) ৰ মতে, “The isolated individual is a figment of the imagination.” দার্শনিক হেগ্‌লৰ (Hegel) মতে, ৰাষ্ট্ৰৰ নৈতিক আৰু ৰাজনৈতিক দায়িত্ব হৈছে ব্যক্তিতকৈ ঊৰ্ধত। ৰাষ্ট্ৰৰ সৰ্বাংগীন বিকাশ সাধন কৰিলেহে ব্যক্তিৰ বিকাশ হ’ব। গতিকে শিক্ষাৰ উন্নতি ব্যক্তিগত হোৱাতকৈ সামাজিক হোৱা উচিত।

শিক্ষাৰ সামাজিক লক্ষ্যৰ উদ্দেশ্যবোৰ হ’ল—

(ক) সামাজিক সমতা আৰু ন্যায় স্থাপন কৰা।

(খ) সামাজিক আচৰণ আৰু সমাযোজনৰ ব্যৱস্থা কৰা।

(গ) স্বতঃস্ফূর্ত সামাজিক কাৰ্যৰ সুবিধা প্ৰদান কৰা ৷

(ঘ) সহযোগিতামূলক শিক্ষা ব্যৱস্থাৰে শিক্ষাৰ্থীৰ ভিন্নমুখী আগ্রহ পূৰণ কৰা।

(ঙ) স্বতন্ত্ৰ আৰু গঠনমূলক চিন্তাৰ বিকাশ সাধন কৰা।

(চ) সকলো স্তৰৰ লোকৰ বাবে সমান শিক্ষাৰ সুবিধা দিয়া।

(ছ) ব্যক্তিৰ গুণ, আদর্শ, ভাৱধাৰা আদিৰ প্ৰতি লক্ষ্য কৰি সামাজিক শিক্ষা প্ৰদান কৰা।

ওপৰৰ আলোচনাৰ পৰা আমি ক’ব পাৰে যে শিক্ষাৰ সমাজকেন্দ্ৰিক লক্ষ্যই সমাজক অধিক প্রাধান্য দিছে। এই লক্ষ্য মতে সমাজৰ স্থান মুখ্য আৰু ব্যক্তিৰ স্থান গৌন।

২৬। শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক আৰু সামাজিক লক্ষ্যৰ সম্পৰ্ক আলোচনা কৰা। (Discuss the relation between individual and social aims of education.)

উত্তৰঃ শিক্ষাৰ ব্যক্তিকেন্দ্ৰি আৰু সমাজকেন্দ্ৰিক লক্ষ্য দুটা ইটো সিটোৰ পৰা পৃথক নহয়, বৰং পৰিপূৰক বুলি ক’ব পাৰি। শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্য সমাজকেন্দ্ৰিক লক্ষ্যৰ ওপৰত নিৰ্ভৰশীল, ঠিক তেনেকৈ সমাজকেন্দ্ৰিক লক্ষ্যৰ ওপৰত নিৰ্ভৰশীল, ঠিক তেনেকৈ সমাকেন্দ্রিক লক্ষ্য ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ আধাৰত প্ৰস্তুত কৰা হয়। শিক্ষাৰ এই দুয়োটা লক্ষ্য এটা আনটোৰ লগত ওতঃপ্রোতভাৱে জড়িত। কিয়নো মানৱ শিশুৰ ক্ৰমবিকাশত দুয়োটা মতবাদে গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। ব্যক্তি আৰু সমাজ ইয়াৰ কোনো এটা দিশৰেই যথার্থ মূল্য অৱহেলা কৰিব নোৱাৰি। ব্যক্তিৰ প্ৰয়োজন পূৰণৰ বাবেই সমাজ গঠিত হয় আৰু সামাজিক পৰিৱেশেই ব্যক্তিৰ যোগ্যতা বিকশাই তোলে। এই দুয়োটা দিশকেই পৃথকভাৱে বিবেচনা কৰিলে শিক্ষাৰ সামূহিক ৰূপটোৰ প্ৰকৃত মূল্যায়ন কৰিব পৰা নাযায়।

ব্যক্তি আৰু সমাজৰ কাৰোৰে স্বাধীন অস্তিত্ব নাই। ব্যক্তি সদায় সমাজমুখী আৰু সমাজৰ ওপৰত নিৰ্ভৰশীল। ব্যক্তিৰ আশা আকাংক্ষা, আদর্শ, শিক্ষা-সংস্কৃতি সকলোটি সামাজিক জীৱনৰ মাজেদিহে বিকশিত হ’বলৈ সুবিধা পায়। সেইদৰে সমাজখনো ব্যক্তিকলৈহে বিকশিত হ’বলৈ সুবিধা পায়। সমাজখনো ব্যক্তিকলৈহে গঠিত হৈছে। সেইবাবে শিক্ষাৰ লক্ষ্য নির্ণয় কৰোতে ব্যক্তি আৰু সমাজ উভয়ৰ প্ৰাধান্য স্বীকাৰ কৰিব লাগবি। সমাজৰ এজন নাগৰিক হিচাপে ব্যক্তিৰ ব্যক্তিত্ব বিকাশেই হ’ল শিক্ষাৰ মূল উদ্দেশ্য। চিন্তাবিদ নানৰ দৃষ্টিভংগীত ব্যক্তি আৰু সমাজ এই দুটা দিশৰ সমন্বয়ৰ ভাৱ পৰিলক্ষিত হয়। তেওঁ মত প্ৰকাশ কৰি কয় যে ব্যক্তিগত মুনিহ তিৰোতাৰ মুক্ত আদান-প্রদান অহিবনে মানৱ জগতলৈ কোনো মঙ্গল আহিব নোৱাৰে। সৰ্বসাধাৰণ লোকৰ জীৱনৰ সৈতে মুক্তভাৱে সামাজিক পৰিৱেশত সহযোগিতা লাভ কৰাটো ব্যক্তিৰ শিক্ষা বিকাশৰ দিশত প্ৰয়োজনীয় চৰ্ত্ত স্বৰূপ, এই কথা নানে স্বীকাৰ কৰিছে। আকৌ ব্যক্তিত্ব বিকাশৰ বাবে প্ৰয়োজন হোৱা স্বাধীনতাৰ কথা জন ডিউইয়েও সমর্থন কৰে। তেওঁৰ মতে প্রগতিশীল সমাজ গঠন কৰিবলৈ হ’লে মানুহক বৌদ্ধিক স্বাধীনতা দিয়া উচিত। এনে স্বাধীনতা গণতান্ত্রিক সমাজ ব্যৱস্থাৰ যোগেদিহে লাভ কৰিব পাৰি বুলিও তেওঁ উল্লেখ কৰিছে।

উক্ত লক্ষ্য দুটাৰ মাজত এটি নিখুঁট বুজা বুজিৰ সম্পৰ্ক স্থাপন কৰিবলৈ হ’লে এক আদর্শ সমাজ ব্যৱস্থাৰ প্ৰয়োজন হ’ব। এই আদর্শ সমাজ ব্যৱস্থা হ’ল গণতান্ত্রিক সমাজ ব্যবস্থা। তেনে এখন সমাজেহে এই দুই মতবাদৰ ভিতৰত বৈষম্য দূৰ কৰি সমতা আনিবলৈ সক্ষম হ’ব। আধুনিক মতবাদে সেই কাৰণেই এই দুই দৃষ্টিভংগীৰ ভিতৰত এটি সংহতি স্থাপন কৰিবলৈ চেষ্টা কৰিছে৷ কাৰণ সামাজিক জীৱ হিচাপে ব্যক্তিৰ ব্যক্তিত্ব বিকাশ কৰাটোৱে হ’ল শিক্ষাৰ ঘাই উদ্দেশ্য (The aim of education is the highest development of the individuality as a member of the society).

২৭৷ শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক আৰু সমাজকেন্দ্ৰিক লক্ষ্যৰ পাৰ্থক্য দেখুওৱা। (Show the difference between individual and social aims of education.)

উত্তৰঃ শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক আৰু সমাজকেন্দ্ৰিক লক্ষ্যৰ মাজত বিৰাজ কৰা পাৰ্থক্য কেইটামান তলত উল্লেখ কৰা হ’ল—

(ক) শিক্ষাৰ সমাজকেন্দ্রিক লক্ষ্য মতে সমাজ প্রিয়তা হৈছে মানুহৰ এক সহজাত প্রবৃত্তি। সামাজিক পৰিৱেশ অবিহনে মানুহ অকলশৰে জীৱন যাপন কৰিব পাৰিলেও সামাজিক আৰু বৌদ্ধিক বিকাশ সম্ভৱ হৈ নুঠে। আনহাতে ব্যক্তিকেন্দ্ৰিক লক্ষ্য মতে শিক্ষাৰ দ্বাৰা ব্যক্তিৰ পূৰ্ণবিকাশ আৰু তেওঁৰ সম্ভাৱনীয়তাসমূহৰ পূৰ্ণ উপযোগিতা অবিহনে সমাজৰ বিকাশ আশা কৰিব নোৱাৰি।

(খ) শিক্ষাৰ সমাজকেন্দ্রিক লক্ষ্য মতে ব্যক্তিৰ অৱস্থিতি কেৱল সমাজৰ বাবেহে, সমাজ নহ’লে কোনো অস্তিত্ব নাথাকে। কিন্তু শিক্ষাৰ ব্যক্তিকেন্দ্রিক লক্ষ্য মতে সমাজে ব্যক্তিৰ প্ৰয়োজনীয় অভিজ্ঞতা আহৰণত মাথোন সহায়হে কৰে। তেওঁলোকৰ মতে সমাজৰ স্থান গৌন।

(গ) শিক্ষাৰ সমাজকেন্দ্ৰিক লক্ষ্য মতে ব্যক্তিৰ নিজ নিজ প্রয়োজন সমাজৰ প্ৰয়োজনতকৈ পৃথক হ’ব পাৰে। আনহাতে শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্য মতে ব্যক্তিৰ নিজ প্রয়োজন পূৰণৰ বাবেহে সমাজৰ প্ৰয়োজন অনুভৱ কৰা হয়। সেয়েহে সমাজৰ বাবে ব্যক্তি আহিলা স্বৰূপ নহৈ, ব্যক্তিৰ বাবেহে সমাজ আহিলা স্বৰূপ হোৱা উচিত।

(ঘ) শিক্ষাৰ সমাজকেন্দ্রিক লক্ষ্য প্রয়োগবাদ দৰ্শনৰ ওপৰত প্ৰতিষ্ঠিত। আনহাতে শিক্ষাৰ ব্যক্তিকেন্দ্রিক লক্ষ্য প্রকৃতিবাদ দৰ্শনৰ ওপৰত প্ৰতিষ্ঠিত।

(ঙ) শিক্ষাৰ সমাজকেন্দ্ৰিক লক্ষ্যই ৰাষ্ট্ৰক ক্ষমতা আৰু কৰ্তৃত্ব প্ৰদান কৰে। ইয়াৰ বিপৰীতে শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্যই ব্যক্তি বিকাশৰ বাবে স্বাধীনতা প্ৰদান কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

(চ) শিক্ষাৰ সমাজকেন্দ্ৰিক লক্ষ্য মনোবৈজ্ঞানিক নীতিৰ দ্বাৰা সমৰ্থিত নহয়, এই লক্ষ্যই সমাজবিজ্ঞানৰ নীতি আৰু আদৰ্শ সমৰ্থন কৰে। কিন্তু শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্য মনোবৈজ্ঞানিক নীতি আৰু আদৰ্শৰ দ্বাৰা সমৰ্থিত। প্রত্যেক গৰাকী ব্যক্তিৰে একো একোটা সুকীয়া বৈশিষ্ট্য থাকে আৰু এই বৈশিষ্ট্যসমূহ অধ্যয়ন কৰাত ব্যক্তিকেন্দ্ৰিক লক্ষ্যই গুৰুত্ব দিয়ে।

(ছ) শিক্ষাৰ সমাজকেন্দ্ৰিক লক্ষ্যই সামাজিক বংশগতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ বিপৰীতে শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্যই শিশুৰ জৈৱিক বংশগতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁলোকে সামাজিক বংশগতিৰ ওপৰত কোনো গুৰুত্ব দিয়া দেখা নাযায়।

(জ) শিক্ষাৰ সমাজকেন্দ্ৰিক লক্ষ্য আমেৰিকাৰ দাৰ্শনিক জন ডিউই জনপ্ৰিয় কৰি তোলে, আনহাতে ব্যক্তিকেন্দ্রিক লক্ষ্য ইংলেণ্ডৰ দার্শনিক চাৰ পাৰ্চিনানে জনপ্ৰিয় কৰি তোলে।

(ঝ) শিক্ষাৰ সমাজকেন্দ্রিক লক্ষ্যই সকলো ব্যক্তিকে সমানে সু-নাগৰিক কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে, আনহাতে ব্যক্তিকেন্দ্রিক লক্ষ্যই সকলোৰে বাবে একে মানদণ্ডৰ কৰি তুলিব নালাগে বুলি মন্তব্য কৰে।

২৮। সম্পূর্ণ জীৱন-যাপন শিক্ষাৰ এটা লক্ষ্য হিচাপে চমুকৈ লিখা। (Write briefly about complete living as an aim of education.)

উত্তৰঃ ইংলেণ্ডৰ বিখ্যাত দার্শনিক পণ্ডিত হার্বাট স্পেনচাৰৰ (Herbert Spencer) মতে এটি সম্পূর্ণ জীৱন যাপনৰ বাবে কুমলীয়া শিশুটিক প্রস্তুত কৰি তোলাটোৱে হ’ল শিক্ষাৰ একমাত্র লক্ষ্য। তেওঁৰ মতে এজন ব্যক্তিয়ে জীৱনৰ সকলো দায়িত্ব আৰু কৰ্তব্য সুচাৰুৰূপে আৰু সম্পূর্ণভাবে পালন কৰিব পৰাৰ ওপৰতহৈ শিক্ষাৰ সাৰ্থকতা নিৰ্ভৰ কৰে। ব্যক্তিয়ে সম্পূৰ্ণ জীৱন-যাপনৰ বাবে নিম্নলিখিত চাৰিত্ৰিক গুনাৱলীৰ প্ৰয়োজনীয়তাৰ ওপৰত স্পেনচাৰে বিশেষ গুৰুত্ব আৰোপ কৰে। সেই চাৰিত্ৰিক গুণাৱলীসমূহ হ’ল—

(ক) আত্মৰক্ষাৰ ক্ষমতাঃ স্পেন্‌চাৰে ব্যক্তিয়ে প্রত্যক্ষভাৱে আত্মৰক্ষা সম্বন্ধীয় জ্ঞান-অভিজ্ঞতাৰ ওপৰত সৰ্বপ্ৰথম গুৰুত্ব দিয়াৰ ওপৰত জোৰ দিয়ে। দৈহিকভাৱে আত্মৰক্ষা কৰিবলৈ শৰীৰ বিজ্ঞান, স্বাস্থ্য বিজ্ঞান, ৰসায়ন বিজ্ঞান আদি বিষয়ৰ অধ্যয়নত তেওঁ অধিক গুৰুত্ব আৰোপ কৰা দেখা যায়। ইয়াৰ উপৰিও পৰোক্ষভাৱে ব্যক্তিৰ আত্মৰক্ষা সম্বন্ধীয় জ্ঞান আহৰণৰ বাবে গণিত, জীৱ বিদ্যা, সমাজ বিদ্যা, পদার্থ বিদ্যা আদি বিষয়ৰ অধ্যয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

(খ) সন্তান পালনৰ ক্ষমতাঃ স্পেন্‌চাৰৰ মতে ব্যক্তিৰ আত্মৰক্ষা সম্বন্ধীয় জ্ঞানৰ প্ৰয়োজন পূৰণ হোৱাৰ পিছত শিশু কল্যাণ আৰু বিকাশ সম্বন্ধীয় জ্ঞান আহৰণ কৰিব লাগে। ইয়াৰ বাবে মনোবিজ্ঞান, শৰীৰ বিদ্যা, নীতিশাস্ত্র আদি বিষয় অধ্যয়নৰ প্ৰয়োজন।

(গ) সুনাগৰিক হোৱাৰ ক্ষমতাঃ স্পেন্‌চাৰৰমতে সমাজৰ প্ৰয়োজন ব্যক্তি প্রয়োজন পূৰণৰ পিছতহে বিবেচনাযোগ্য। ইয়াৰ বাবে অর্থনীতি, ৰাজনীতি, বুৰঞ্জী, পৌৰ বিদ্যা আদি বিষয় অধ্যয়ন কৰা উচিত।

(ঘ) কলা সন্মত জীৱন যাপনৰ ক্ষমতা ইত্যাদি।

শেষত শিক্ষাৰ্থীয়ে অৱসৰ সময়খিনি সাৰ্থকভাৱে কটাবলৈ আৰু তাৰ যোগেদি জীৱনৰ বিশুদ্ধতা লাভ কৰিবলৈ কেতবোৰ বিভিন্ন ধৰণৰ মনোৰঞ্জনকাৰী মানৱীয় বিষয় অধ্যয়নৰ ওপৰত স্পেন্‌চাৰে গুৰুত্ব দিছিল। তেওঁৰ মতে সম্পূৰ্ণ জীৱন যাপনৰ বাবে শিক্ষাৰ লক্ষ্যই ওপৰোক্ত বিষয়সমূহ তাৰ প্ৰাধান্য অনুযায়ী বিবেচনা কৰিব লাগে। প্রচলিত শিক্ষাই এনেবোৰ অভিজ্ঞতা প্ৰদান কৰিব পাৰিলেই ব্যক্তিয়ে সম্পূর্ণ জীৱন-যাপন কৰিবলৈ সমৰ্থ হ’ব পাৰে।

২৯। সামাজিক মূল্যবোধ কি? সামাজিক মূল্যবোধ আহৰণ কৰাৰ কৌশলসমূহ আলোচনা কৰা। (What is Social Values? Discuss the strategies for inculcating social values.)

উত্তৰঃ সমাজত আনৰ লগতে মিলা-মিচাৰে বসবাস কৰিবৰ বাবে যিবিলাক মূল্যবোধৰ প্রয়োজন সেইবিলাকক সামাজিক মূল্যবোধ বুলি কোৱা হয়। এই মূল্যবোধসমূহে ব্যক্তিক সমাজত পাৰস্পৰিক মিলা-মিচাৰে শান্তিপূর্ণভাৱে বসবাসত অনুপ্ৰেৰণা যোগায়। সহযোগিতা, সহনশীলতা, পৰোপকাৰ, কৃতজ্ঞতা, ভ্রাতৃত্ববোধ, সেৱাৰ মনোভাৱ, আত্মীয়তাবোধ, সামাজিক দায়িত্ব, শালীনতাবোধ, সহানুভূতি ইত্যাদি সামাজিক মূল্যবোধৰ উদাহৰণ।

সমাজৰ এজন যোগ্য ব্যক্তি হিচাপে নিজ দায়িত্ব পালনৰ বাবে এই সামাজিক মূল্যবোধসমূহৰ প্রয়োজন। সুখ-স্বাচ্ছন্দ্যৰে সমাজত বসবাস কৰাত সহায় কৰাই সামাজিক মূল্যবোধৰ উদ্দেশ্য।

তলত সামাজিক মূল্যবোধসমূহ আহৰণৰ কৌশলসমূহ চমুকৈ আলোচনা কৰা হ’ল –

(ক) বিদ্যালয়ত সুস্থ সামাজিক পৰিৱেশ সৃষ্টি কৰিঃ সুস্থ সামাজিক পৰিৱেশত সামাজিক মূল্যবোধ গঢ় লৈ উঠে। শিক্ষাৰ উদ্দেশ্য আগত ৰাখি সকলোৱে সমূহীয়া ভাৱে উদ্দেশ্য পূৰণৰ পথত অগ্ৰসৰ হ’ব লাগিব।

(খ) বিদ্যালয়ত গণতান্ত্রিক ভাৱধাৰা গঠনঃ ছাত্র-ছাত্রী, শিক্ষক-শিক্ষয়িত্ৰী তথা আন-আন সদস্যসকলে গণতান্ত্রিক ভাৱধাৰাৰে পৰিচালিত হ’ব পাৰিলেহে সুস্থ-সামাজিক মূল্যবোধ গঠনৰ সহায়ক হ’ব। তেওঁলোকৰ মতাদৰ্শ তথা ব্যক্তিত্বত গণতান্ত্রিক ধাৰণাৰ প্ৰকাশ পালেহে আকাংক্ষিত মূল্যবোধ সৃষ্টি কৰে।

(গ) পাঠ্যক্ৰমৰ জৰিয়তে মূল্যবোধ পোষণঃ বিদ্যালয়ত কিছুমান পাঠ্যক্রমিক বিষয় যেনে- সমাজ অধ্যয়ন, ৰাজনীতি বিজ্ঞান, অর্থনীতি, সমাজ বিজ্ঞান, ইত্যাদিৰ মাজেৰে সামাজিক মূল্যবোধৰ ওপৰত শিক্ষা প্ৰদান কৰিব পাৰি।

(ঘ) শিক্ষাৰ্থীৰ স্বায়ত্ব শাসনঃ বিদ্যালয়ৰ বিভিন্ন কাৰ্যসূচীত শিক্ষাৰ্থীৰ স্বায়ত্ব শাসন অধিক গ্রহণযোগ্য। ইয়াৰ দ্বাৰা তেওঁলোকৰ মাজত দায়িত্ব বৃদ্ধি পায়।

(ঙ) শিক্ষাৰ্থীৰ মাজত সমাজসেৱাৰ মনোভাৱ পোষণ কৰিঃ বিদ্যালয়ত ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠানসমূহত প্রত্যেক শিক্ষার্থীৰে সমাজ-সেৱাৰ কাৰ্যসূচী বাধ্যতামূলক কৰিব লাগে। ইয়াৰ জৰিয়তে সামাজিক প্ৰমূল্যবোধ গঠন কৰিব পাৰি।

(চ) দলীয় কাৰ্যসূচীৰ ব্যৱস্থা কৰিঃ বিভিন্ন দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰি সামাজিক মূল্যবোধৰ জন্ম দিব পাৰি। সহযোগিতা, সহ্যগুণ, সহানুভূতি, সত্যবাদিতা, সাধুতা, ন্যায় আৰু কৰুণাৰ গুণ এই কাৰ্যসূচীয়ে বৃদ্ধি কৰে।

(ছ) সামাজিক অনুষ্ঠানসমূহৰ দায়বদ্ধতাঃ সামাজিক অনুষ্ঠান যেনে – পৰিয়াল, সংঘ, বিদ্যালয়, ধর্মীয় উৎসৱ আদিত যোগদানে ব্যক্তিক সামাজিক জীৱনৰ প্ৰতি দায়বদ্ধ কৰি তোলে। ইয়াৰ দ্বাৰাই যুৱক-যুৱতীসকলে সমাজৰ প্ৰতি দায়িত্ববোধ তথা কর্তব্যশীল হোৱাৰ লগতে সামাজিক মূল্যবোধক জীৱনত স্থান দিয়ে।

(জ) ৰাতিপুৱা সভাৰ যথোচিত ব্যৱহাৰঃ বিদ্যালয় আৰু আন শিক্ষানুষ্ঠানত শ্ৰেণীৰ পাঠদান হোৱাৰ পূৰ্বে আয়োজন কৰা ৰাতিপুৱা সভাসমূহত ধৰ্মীয় নাইবা নৈতিক দিশৰ ওপৰত কিছু বক্তৃতা নাইবা সমূহীয়া প্রার্থনা কৰা হয়, যিয়ে সামাজিক মূল্যবোধ সৃষ্টিত সহায় কৰে।

(ঝ) সামাজিক নেতাসকলৰ দায়িত্বঃ এখন দেশৰ সামাজিক পৰম্পৰাৰ উপৰিও বিশ্বৰ আন আন দেশৰ সামাজিক পৰম্পৰা আৰু মূল্যবোধৰ ওপৰত নেতাসকলে সাধাৰণ লোকক তেওঁলোকৰ বক্তৃতাৰ দ্বাৰা এক চমু আভাস দিব পাৰে। ইয়াৰ বাবে সময়ে সময়ে তেওঁলোকক নিমন্ত্ৰণ কৰি আনি সামাজিক জীৱনৰ ৰূপৰেখাৰ ওপৰত আলোকপাত কৰিবলৈ সুবিধা দি ব্যক্তিৰ মনত সামাজিক মূল্যবোধ সৃষ্টি কৰিব পাৰি।

(ঞ) যোগাযোগৰ গণ মাধ্যমসমূহৰ ব্যৱহাৰৰ যোগেৰেঃ যোগাযোগৰ গণ মাধ্যমসমূহ যেনে – বাতৰি কাকত, আলোচনী, পত্রিকা, ৰেডিঅ’, টেলিভিছন, কথাছবি আদিৰ ব্যৱহাৰ কৰি জনসাধাৰণৰ মাজত সুস্থ সামাজিক প্রমূল্যবোধসমূহ জাগ্ৰত কৰাৰ চেষ্টা চলাব লাগে। এনে ধৰণৰ যোগাযোগ মাধ্যমৰ দ্বাৰা সমাজৰ ব্যক্তিসকলৰ মাজত আকাংক্ষিত সামাজিক মূল্যবোধ আৰু চিন্তা-চৰ্চা জাগ্ৰত কৰিব পাৰি।

৩০। নৈতিক মূল্যবোধ কি? নৈতিক শিক্ষা প্ৰদানৰ উপায়বোৰ আলোচনা কৰা। (What is moral values? Discuss the ways to provide moral education.)

উত্তৰঃ নৈতিক মূল্যবোধ বুলিলে আমি ব্যক্তিসত্বাৰ এনে কিছুমান সংলক্ষণ বুজো যিবিলাকে ব্যক্তিৰ আভ্যন্তৰীণ ঐক্য স্থাপনত সহায় কৰে আৰু যিবিলাক সংলক্ষণৰ লগত সামাজিক আদর্শ বা মানৰ সামঞ্জস্য আছে। ভাৰত চৰকাৰৰ দ্বাৰা গঠিত ধৰ্মীয় আৰু নৈতিক নির্দেশনা বিষয়ক কমিটিয়ে (১৯৫৯-৬০) নৈতিক মূল্যবোধৰ ব্যাখ্যা আগবঢ়াই কৈছিল- যিবোৰ বিষয়ে আমাক আনৰ প্ৰতি যথার্থ আচৰণ কৰাত সহায় কৰে তাকে নৈতিক মূল্যবোধ বুলি অভিহিত কৰিব পৰা যায়।

নৈতিক মূল বাধে কোনো বিষয়ত ব্যক্তিক বিভিন্ন বিচার্য বিষয়ৰ মাজৰ পৰা শুদ্ধ আৰু ভাল দিশ কেনেদৰে বাছি উলিয়াব পাৰি সেই সম্পৰ্কে সুস্থিৰ সিদ্ধান্ত লোৱাত সহায় কৰে। ব্যক্তি জীৱনত নৈতিক শিক্ষা নিম্নলিখিতভাবে প্রদান কৰিব পাৰি—

(ক) পুৱা একগোট হোৱাঃ শ্ৰেণীকোঠৰ পাঠদান কাৰ্যসূচী আৰম্ভ হোৱাৰ পূৰ্বে শিক্ষক-শিক্ষার্থী একগোট হৈ প্ৰাৰ্থনা কৰাটো অপৰিহাৰ্য। ইয়াৰ জৰিয়তে শিক্ষার্থীৰ মনত নৈতিক মনোভাৱ জাগ্রত হয়।

(খ) ধর্মীয় দিৱস পালনঃ শিক্ষানুষ্ঠানত মহাপুৰুষৰ জন্মদিন তথা ধৰ্মীয় গুৰুৰ জন্মদিৱস পালন কৰি শিক্ষাৰ্থীসকলক ধৰ্মীয় মনোভাৱৰ শিক্ষা প্ৰদান কৰিব পাৰি। ইয়াৰ জৰিয়তে তেওঁলোকৰ নৈতিক গুণৰ বিকাশ হয়।

(গ) ধর্মীয় গুৰুৰ দ্বাৰা ভাষণ প্রদানঃ বিভিন্ন সম্প্ৰদায়ৰ ধৰ্মীয় গুৰু আৰু নেতাসকলক মাজে সময়ে আধ্যাত্মবাদৰ ওপৰত ভাষণ দিবলৈ স্কুললৈ নিমন্ত্ৰণ কৰি আনিব পাৰি। এইবোৰৰ দ্বাৰাই শিক্ষাৰ্থীয়ে নৈতিক দিশত প্ৰভাৱান্বিত হয়। তেওঁলোকৰ ব্যক্তিত্বয়ো এইক্ষেত্ৰত প্রভাৱ বিস্তাৰ কৰে।

(ঘ) আদর্শ শিক্ষকঃ শিক্ষাৰ্থীৰ মনত শিক্ষকৰ ব্যক্তিত্বই প্ৰভাৱ বিস্তাৰ কৰে। শিক্ষকৰ নৈতিক আৰু আদৰ্শবাদী আচৰণে শিক্ষাৰ্থীৰ মনত গভীৰভাৱে ক্ৰিয়া কৰে।

(ঙ) দলীয় সাংগঠনিক কার্যঃ শিক্ষানুষ্ঠানত বিভিন্ন ধৰণৰ দলীয় সাংগঠনিক ক্রিয়া অনুষ্ঠিত কৰিব পাৰি। সহযোগিতামূলক আচৰণে শিক্ষাৰ্থীৰ নৈতিক দিশ জাগ্রত কৰে।

(চ) শিক্ষক-অভিভাৱকৰ সন্মিলনঃ নৈতিক শিক্ষা প্ৰদান কৰাটো একমাত্র বিদ্যালয়ৰ কাম নহয়, এইক্ষেত্ৰত পিতৃ-মাতৃ তথা অভিভাৱকসকলৰো কৰণীয় থাকে। বিদ্যালয়ত মাজে সময়ে শিক্ষক-অভিভাৱক সন্মিলন আয়োজন কৰি শিক্ষাৰ্থীৰ অনৈতিক আৰু অশালীন কাৰ্যৰ ওপৰত চকু ৰাখি তেওঁলোকক সৎপথলৈ আনিব পাৰি।

(ছ) নৈতিক পৰিৱেশ প্ৰদানঃ বিদ্যালয় আৰু গৃহ উভয় ক্ষেত্ৰতে শিশু তথা শিক্ষার্থীক এক নৈতিক পৰিৱেশ প্ৰদান কৰিব লাগে। নৈতিক গুণ শিকোৱাতকৈও আহৰণ কৰাটোহে সহজ। পৰিয়ালৰ সকলোৱে যদি নৈতিক আচৰণ প্ৰদৰ্শন কৰে তেন্তে শিশুসকলো তাৰ দ্বাৰা প্ৰভাৱান্বিত হ’ব।

৩১। সৌন্দর্যবোধক মূল্যবোধ বুলিলে কি বুজা? সৌন্দর্যবোধক মূল্যবোধ কেনেকৈ পোষণ কৰিব পাৰি চমুকৈ লিখা। (What do you mean by Aesthetic values? Write briefly how।to inculcate aesthetic values.)

উত্তৰঃ যিবিলাক মূল্যবোধে ব্যক্তিৰ অন্তৰত দুখ আৰু আনন্দ প্ৰদান কৰিব পাৰে তাকেই সৌন্দর্যবোধক মূল্যবোধ বুলি অভিহিত কৰিব পাৰি। যাৰ দ্বাৰা ব্যক্তি কোনো সৌন্দৰ্যৰ প্ৰতি আকর্ষিত হয়। সৌন্দর্যবোধক মূল্যবোধে ব্যক্তিৰ সৃষ্টিশীল ভাৱধাৰাক জাগ্রত কৰি তোলে। সৌন্দর্যবোধে নান্দনিক বোধ সৃষ্টিত সহায় কৰে। সৌন্দৰ্যবোধে ব্যক্তিৰ মনক সু-সংস্কৃত কৰি তোলে। সাধাৰণতে সুকুমাৰ কলা, নৃত্য, সংগীত, ছবি অঁকা ইত্যাদি এই মূল্যবোধৰ অন্তৰ্গত। এই মূল্যবোধে সৃষ্টিশীল ভাৱধাৰাক জাগ্রত কৰি ব্যক্তিক ৰুচি আৰু আদৰ্শৱান কৰি গঢ় দি তোলে। বিদ্যালয়ত পাঠ্যক্ৰমৰ লগতে সহ-পাঠ্যক্ৰমিক ব্যৱস্থা প্ৰদান কৰি শিক্ষাৰ্থীক ৰুচিবোধ আৰু সৃষ্টিশীল মনোভাৱক জাগ্রত কৰি সৌন্দৰ্যবোধক মূল্যবোধ পোষণ কৰাত শিক্ষক আৰু আন আন ব্যক্তিয়ে সহায়-সহযোগ কৰিব লাগে। তলত দিয়া ধৰণে সৌন্দৰ্যবোধক মূল্যবোধ পোষণ কৰাত সহায় কৰিব পাৰি—

(ক) পাঠ্যক্রমিক বিভিন্নতা প্ৰদান কৰিঃ কলাসুলভ বিষয় যেনে – ছবি অঁকা, সংগীত, অভিনয়, নাচ-গান, চিলাই ইত্যাদি পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰি শিক্ষাৰ্থীৰ সৃজনাত্মক দিশ শক্তিশালী কৰাত গুৰুত্ব দিব লাগে। ইয়াৰ দ্বাৰাই শিক্ষাৰ্থীৰ সৌন্দৰ্যবোধ বিকাশৰ দিশ প্ৰশক্ত কৰিব পাৰি।

(খ) সহ-পাঠ্যক্ৰমৰ অন্তৰ্ভুক্তকৰণঃ বিদ্যালয়ত পাঠ্যক্ৰমৰ লগতে সহ-পাঠ্যক্রমিক কাৰ্যসূচী যেনে– খেল-ধেমালি, শৰীৰচৰ্চা, মানসিক বিকাশৰ কাৰ্যসূচীসমূহৰ প্ৰৱৰ্তন কৰিব লাগে। ই শিক্ষাৰ্থীক সুখী আৰু আনন্দময় কৰি তুলিব পাৰে। যাৰ ফলত শিক্ষার্থীসকলৰ আন্তৰিক সৌন্দর্য বিকশিত কৰি সুসংস্কৃত মনৰ অধিকাৰী হোৱাৰ সুযোগ প্রদান কৰে।

(গ) অনানুষ্ঠানিক শিক্ষা ব্যৱস্থাৰ প্ৰয়োগঃ অনানুষ্ঠানিক শিক্ষা ব্যৱস্থাৰ জৰিয়তে শিক্ষার্থীক বিভিন্ন পদ্ধতিৰ সহায়ত এক সুন্দৰ জীৱনৰ অধিকাৰী হোৱাত সহায় কৰিব পৰা যায়। বাধ্যবাধকতাৰ সলনি মুক্ত মনেৰে তেওঁলোকে দৈনন্দিন জীৱনৰ বিভিন্ন সৃজনীশীল দিশত অংশগ্ৰহণ কৰিলে মানসিক শান্তিৰ লগতে এক সৌন্দর্যপিপাসু মনৰ অধিকাৰী হ’ব পাৰে।

(ঘ) পৰিয়ালৰ ভূমিকাঃ পৰিয়ালৰ এক সুন্দৰ আৰু ৰুচিপূৰ্ণ বাতাবৰণে শিশুৰ মন সৌন্দর্য অনুভূতিৰ দিশলৈ আকৰ্ষিত কৰে। এক সাংস্কৃতিক আৰু আদৰ্শবান পৰিয়ালৰ সন্তান ভৱিষ্যতে এক সংস্কৃত আৰু ৰুচিশীল ব্যক্তি হিচাপে পৰিগণিত হোৱা দেখা যায়।

(ঙ) সামাজিক পৰিৱেশৰ ভূমিকাঃ সামাজিক পৰিৱেশত ল’ৰা-ছোৱালী সমাজৰ বিভিন্ন গঠনমূলক আৰু সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰোৱাই সেই দিশত উত্তৰোত্তৰ বিকাশৰ বাবে সমাজে এক সাংস্কৃতিক পৰিৱেশৰ সৃষ্টি কৰিব লাগে। তদুপৰি ব্যক্তিৰ ন ন দিশ উন্মোচন কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ সৃজনীশীল প্রতিভাৰ বিকাশৰ বাবে উপযুক্ত পৰিৱেশৰ প্ৰদান কৰি তেওঁলোকক সুখী আৰু আনন্দময় জীৱনযাপনৰ অধিকাৰী কৰি তুলিব লাগে। ইয়াৰ দ্বাৰাই সৌন্দৰ্যবোধ মনোভাৱৰ সৃষ্টি হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top