Philosophical Foundations of Education Unit 1 শিক্ষাত দৰ্শনৰ ভূমিকা

Philosophical Foundations of Education Unit 2 শিক্ষাত দৰ্শনৰ ভূমিকা Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Philosophical Foundations of Education Unit 2 শিক্ষাত দৰ্শনৰ ভূমিকা Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Philosophical Foundations of Education Unit 2 শিক্ষাত দৰ্শনৰ ভূমিকা Question Answer can be of great value to excel in the examination.

Philosophical Foundations of Education Unit 2 শিক্ষাত দৰ্শনৰ ভূমিকা

Join Telegram channel

Philosophical Foundations of Education Unit 2 শিক্ষাত দৰ্শনৰ ভূমিকা Notes cover all the exercise questions in UGC Syllabus. Philosophical Foundations of Education Unit 2 শিক্ষাত দৰ্শনৰ ভূমিকা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Role of Philosophy in Education

PHILOSOPHICAL FOUNDATIONS OF EDUCATION

অতি চমু প্রশ্নোত্তৰঃ

১। ‘দর্শন’ (Philosophy) শব্দটো কোনটো ভাষাৰ পৰা উৎপত্তি হৈছে? (From which language the term ‘Philosophy’ has been derived?)

উত্তৰঃ Philosophy শব্দটো গ্ৰীক (Greek) ভাষাৰ পৰা উৎপত্তি হৈছে।

২। ‘শিক্ষা’ (Education) শব্দটো কোনটো ভাষাৰ পৰা উৎপত্তি হৈছে? (From which language the term ‘Education’ has been derived?)

উত্তৰঃ লেটিন (Latin) ভাষাৰ পৰা।

৩। দৰ্শনৰ এটা উপযুক্ত সংজ্ঞা দিয়া। (Give a suitable definition of philosophy.)

উত্তৰঃ ৰাধাকৃষ্ণণৰ মতে – “দৰ্শন হৈছে বাস্তৱিকতাৰ চৰিত্ৰ অধ্যয়নৰ এক তাৰ্কিক অনুসন্ধান।” (“Philosophy is a logical enquiry into the nature of reality”- Radhakrishnan)

8। শিক্ষাৰ এটা উপযুক্ত সংজ্ঞা দিয়া। (Give a suitable definition of education.)

উত্তৰঃ পেষ্টাল’জিৰ মতে— “মানুহৰ অন্তর্নিহিত শক্তিসমূহৰ স্বাভাৱিক, সংগতিপূর্ণ, প্রগতিশীল বিকাশেই শিক্ষা।” (“Education is a natural harmonious and progressive development of man’s innate power”- Pestalozzi )

৫। চিচেৰো (Cisero) এ দৰ্শনৰ সংজ্ঞা কেনেকৈ দিছিল? (How did Cisero define philosophy?)

উত্তৰঃ চিচেৰোৰ মতে— “দর্শন হৈছে সকলো কলা বিষয়ৰ মাতৃস্বৰূপ।” (“Philosophy is the mother of all arts”-Cisero)

৫। কান্নাড়াৰ শিক্ষাৰ সংজ্ঞাটো কেনেকৈ দিছিল? (How did Kannada define education?)

উত্তৰঃ কান্নাড়াৰ মতে– “শিক্ষাই ব্যক্তিৰ মনত আত্মসন্তুষ্টি আনে।” (“Education means development of self-contentment” – Kannada)

৭। দর্শন শব্দটো কোনটো শব্দৰ পৰা উৎপত্তি হৈছিল? (From which words the term philosophy’ has been derived?)

উত্তৰঃ গ্ৰীক ভাষাৰ ‘philos’ আৰু ‘sophia’ শব্দ দুটাৰ পৰা।

৮। দৰ্শন শব্দটোৰ ব্যুৎপত্তিগত অর্থ কি? (What is the derivative meaning of the term ‘philosophy’?)

উত্তৰঃ গ্ৰীক ভাষাৰ ‘philos’ শব্দৰ অৰ্থ হৈছে ভালপোৱা (to love) আৰু ‘sophia’ শব্দৰ অৰ্থ হৈছে জ্ঞান (wisdom)। ব্যুৎপত্তিগত দিশৰ পৰা দৰ্শনৰ অৰ্থ হ’ল জ্ঞানৰ প্ৰতি অনুৰাগ বা ভালপোৱা (love of wisdom)।

চমু আৰু ৰচনাধৰ্মী প্রশ্নোত্তৰঃ

১। দৰ্শনৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। (Mention two characteristics of philosophy.)

উত্তৰঃ তলত দৰ্শনৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা হ’ল—

(ক) জীৱ, আত্মা, জগত ইত্যাদি সম্বন্ধে দর্শনে অধ্যয়ন কৰে।

(খ) মানুহৰ অনুসন্ধিৎসু মনৰ পৰা দৰ্শনে ব্যাপ্তি লাভ কৰে।

২। দৰ্শনৰ দুটা প্ৰকৃতি উল্লেখ কৰা। (Mention two nature of philosophy.)

উত্তৰঃ তলত দৰ্শনৰ দুটা প্ৰকৃতি উল্লেখ কৰা হ’ল—

(ক) জীৱন আৰু জগতৰ লগত জড়িত চিৰন্তন সমস্যাসমূহক সমাধানৰ প্ৰচেষ্টাই হ’ল দর্শন।

(খ) দর্শন যুক্তিপূর্ণ ব্যাখ্যা আৰু মূল্য নির্বাচন। দার্শনিক চিন্তাসমূহ নিৰ্বিচাৰে কৰিবলৈ চেষ্টা কৰা নহয়। এইবোৰ সম্পূর্ণ যুক্তিপূর্ণ। কোনো এটা মতবাদ প্রতিষ্ঠা কৰিবৰ কাৰণে দার্শনিকজনে উপযুক্ত প্রমাণ যুক্তি দিবলগীয়া হয়।

৩। দৰ্শনৰ দুটা প্ৰধান কাৰ্য উল্লেখ কৰা। (Mention two major functions of philosophy.)

উত্তৰঃ দৰ্শনৰ দুটা প্রধান কার্য হ’ল—

(ক) ব্যাখ্যা। 

(খ) মূল্যাংকন।

৪। শিক্ষাদৰ্শনৰ দুটা প্রকৃতি উল্লেখ কৰা। (Mention two nature of educational philosophy.)

উত্তৰঃ শিক্ষাদৰ্শনৰ বিভিন্ন প্ৰকৃতিৰ ভিতৰত দুটা তলত সংক্ষেপে উল্লেখ কৰা হ’ল –

(ক) শিক্ষাদর্শন হৈছে শৈক্ষিক অভিজ্ঞতাৰ এক অতি প্রয়োজনীয় পদ্ধতি, যিটোৱে শিক্ষকে দৰ্শনভিত্তিক কৰি তোলাত সহায় কৰে ৷

(খ) শিক্ষাৰ তাত্ত্বিক আৰু প্ৰায়োগিক দিশত দার্শনিক চিন্তা আৰু পদ্ধতিৰ প্ৰয়োগেই শিক্ষাদৰ্শন।

৫। শিক্ষা দৰ্শনৰ ধাৰণা ব্যাখ্যা কৰা। (Explain the concept of Educational philosophy.)

উত্তৰঃ সহজ অৰ্থত দৰ্শনৰ কাৰ্যকৰী অথবা ব্যৱহাৰিক দিশটোকেই শিক্ষাদর্শন বুলি কোৱা হয়। শিক্ষাদর্শন হ’ল শিক্ষা প্ৰক্ৰিয়া আৰু ইয়াৰ লগত জড়িত সমস্যাসমূহৰ দৰ্শনভিত্তিক অধ্যয়ন। শিক্ষাদৰ্শনৰ মূল বিষয়বস্তু হ’ল শিক্ষা আৰু ইয়াৰ পদ্ধতি হ’ল দার্শনিক দৰ্শনৰ ব্যৱহাৰিক দিশ হিচাপে শিক্ষাদর্শনে তত্ত্বদর্শন, জ্ঞান, মীমাংসা, প্রমূল্যবিদ্যা আদিৰ পৰা ইয়াৰ বিষয়বস্তু আহৰণ কৰে আৰু দৰ্শনত চিন্তনশীল, নিৰ্দেশাত্মক আৰু বিশ্লেষণাত্মক পদ্ধতিৰে শিক্ষাৰ বিভিন্ন সমস্যাৰ ওপৰত আলোকপাত কৰে। শিক্ষাৰ তাত্ত্বিক আৰু ব্যৱহাৰিক দিশত দার্শনিক পদ্ধতিসমূহৰ প্রয়োগেই শিক্ষাদর্শন। শিক্ষাৰ প্রকৃতি, উদ্দেশ্য, বিষয়বস্তু, পদ্ধতি আৰু শিক্ষকৰ ভূমিকাৰ বিষয়ে দার্শনিক চিন্তাৰ আধাৰত শিক্ষাদর্শনে সিদ্ধান্ত গ্ৰহণত সহায় কৰে। শিক্ষাৰ বিভিন্ন ব্যৱহাৰিক দিশত নিৰ্দেশনা প্ৰদান কৰা আৰু তাত্ত্বিক জ্ঞানৰ বিকাশৰ ক্ষেত্ৰত শিক্ষাদর্শনে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।

দৰ্শনৰ অধ্যয়নে আমাক জ্ঞানৰ ব্যাপকতাৰ প্ৰতি আকৰ্ষিত কৰি তুলি তাৰ প্ৰতি গভীৰ অনুভৱ প্ৰদান কৰে। এনে অনুভৱ আমাৰ জীৱনত বাস্তৱ ৰূপদান কৰাত শিক্ষাই প্রয়োজনীয় ভূমিকা পালন কৰে। দৰ্শনৰ যোগেদি স্থিৰ কৰা জীৱনৰ লক্ষ্য আদর্শ বাস্তৱত সম্ভৱ কৰি তুলিবৰ বাবে শিক্ষাৰ নীতি আৰু পদ্ধতি গ্রহণ কৰিব লাগে। সেয়েহে জীৱনৰ দৰ্শন কাৰ্যকৰী কৰাৰ ব্যৱস্থাৰে শিক্ষাদর্শনে গঢ় লৈ উঠিছে। শেষত ইয়াকে ক’ব পাৰি যে শিক্ষাদৰ্শন হ’ল এক দার্শনিক প্রক্রিয়া, যি প্রক্রিয়াই দার্শনিক দৃষ্টিভংগী আৰু দার্শনিক পদ্ধতিৰ সহায়ত শৈক্ষিক সমস্যাৰ সমাধান আৰু দার্শনিক সিদ্ধান্তত উপনীত হোৱাৰ প্ৰয়াস কৰে।

৬। শিক্ষা আৰু বিজ্ঞানৰ বিষয়ে চমুকৈ লিখা। (Write briefly about education and science.)

উত্তৰঃ শিক্ষকসকলে পৰিৱৰ্তনশীল সমাজত উপযুক্তভাৱে নিজকে খাপ খুৱাই ল’বৰ বাবে শিক্ষাৰ আঁচনিসমূহ আৱিস্কৃত হৈছে। এই আঁচনিসমূহ আৱিস্কাৰ কৰোঁতে শিক্ষাৰ বিভিন্ন সূত্ৰসমূহক ভেটিস্বৰূপে লৈ বিভিন্ন পৰীক্ষা-নিৰীক্ষা চলোৱা হৈছিল। ই পৰ্যবেক্ষণ আৰু প্ৰমাণৰ জৰিয়তে এক সত্যক আৱিস্কাৰ কৰি উপযুক্ত নির্দেশনাসহ শ্রেণী পৰিৱেশত প্ৰয়োগ কৰি সমাজব্যৱস্থা অনুযায়ী শিক্ষাৰ্থীৰ আচৰণ সংশোধিত কৰে। আধুনিক শিক্ষা জগতত শিক্ষাৰ বিভিন্ন তত্ত্বসমূহক বিজ্ঞানসন্মতভাৱে বিচাৰ কৰা হয়। বর্তমান শিক্ষা ব্যৱস্থাত যি বৈপ্লৱিক পৰিৱৰ্তন সাধন হৈছে তাৰ মূল বস্তু বিজ্ঞান। শিক্ষাত বিজ্ঞানৰ প্ৰভাৱ গভীৰভাৱে পৰা হেতুকে ইয়াক বিজ্ঞান বুলি ধৰিব পাৰি। শিক্ষাবিদসকলে মত পোষণ কৰিছে যে শিক্ষাৰ ক্ষেত্ৰত শিক্ষকসকলে বিজ্ঞানসন্মত দৃষ্টিভংগী ল’ব লাগিব।

মুক্তভাৱে ক’বলৈ হ’লে বিজ্ঞান হ’ল, কোনো সত্যত উপনীত হ’বৰ বাবে বিভিন্ন ধৰণৰ পৰীক্ষাৰে ইয়াৰ উপাদানসমূহ একত্ৰিত কৰি এক শ্রেণীভুক্ত কৰা আৰু ইয়াৰ উপযুক্ততা প্রমাণ কৰা। শিক্ষাৰ ক্ষেত্ৰত বিজ্ঞানে সামাজিক পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি পুৰণি জ্ঞান আৰু অভিজ্ঞতাসমূহ পৰীক্ষাৰ জৰিয়তে বর্তমান সমাজ ব্যৱস্থাৰ প্ৰয়োজনীয়তাৰ ভিত্তিত প্ৰণালীবদ্ধভাৱে প্ৰস্তুত কৰে। ইয়াৰ ফলস্বৰূপে শিক্ষানুষ্ঠানসমূহৰ ছাত্ৰৰ আচৰণ নিৰীক্ষণ কৰি শিক্ষকে ছাত্ৰৰ মাজত সোমাই আচৰণ সংশোধন কৰিব পৰাকৈ পাঠদান আৱিস্কাৰ কৰে।

সাধাৰণতে ক’বলৈ গ’লে বিজ্ঞান দুটা ভাগত বিভক্ত। বস্তুনিষ্ঠ আৰু আদৰ্শনিষ্ঠ বিজ্ঞান। শিক্ষা সম্বন্ধীয় সমস্যা সমাধানত পুৰণি জ্ঞান আৰু অভিজ্ঞতাসমূহ যেতিয়া বর্তমান সমাজ ব্যৱস্থাৰ উপকাৰীকৰণৰ ক্ষেত্ৰত ভালদৰে পৰ্যবেক্ষণ, পৰীক্ষণ, সংগ্ৰহকৰণ, শ্রেণীকৰণ আৰু প্ৰমাণৰ জৰিয়তে প্ৰণালীবদ্ধভাৱে সজাই শিক্ষা ব্যৱস্থাৰ নতুন পদ্ধতি আৱিস্কাৰ কৰে, তেতিয়া শিক্ষাক বস্তুনিষ্ঠ বিজ্ঞান হিচাপে নামাকৰণ কৰিব পৰা হয়। শিক্ষাৰ পদ্ধতিসমূহ আৱিস্কাৰ কৰোঁতে এটা লক্ষ্য ঠিৰাং কৰা হয়। এই লক্ষ্যত উপনীত হ’বৰ বাবে শিক্ষাৰ বিভিন্ন সূত্ৰৰ আদৰ্শৰ জৰিয়তেহে নতুন শিক্ষা পদ্ধতি আৱিস্কাৰ কৰা হয়। আমি শিক্ষাৰ ক্ষেত্ৰত আদৰ্শ আৰু মানদণ্ডৰ কথা বিবেচনা কৰোঁ। সেইবাবে ইয়াক আদর্শনিষ্ঠ বিজ্ঞান বুলি কোৱা হয়।

৭। দৰ্শন আৰু শিক্ষাৰ বিষয়ে চমুকৈ লিখা।  (Write briefly about philosophy and education.)

উত্তৰঃ দৰ্শন শব্দটোৰ প্ৰকৃত অৰ্থ হ’ল জ্ঞানৰ প্ৰতি স্পৃহা বা “বিজ্ঞতাৰ প্ৰতি থকা মোহ”। বিজ্ঞতা অকল জ্ঞান নহয়। এজন ব্যক্তিৰ জ্ঞান থাকিব পাৰে কিন্তু তেওঁ বিজ্ঞ নহ’বও পাৰে। মানৱ অভিজ্ঞতাৰ পৰিধিৰ ভিতৰত অহা সকলো বস্তুকেই বুজাত দর্শনেই সহায় কৰে। ইয়াৰ লক্ষ্য হ’ল বস্তুসমূহক বুজি পোৱা। দর্শনেই মানুহক পাৰ্থিৱ জগত, প্রকৃতি আৰু ব্যক্তিত্বৰ লগত কাৰ্য কৰে লগতে মানুহ আৰু অনুষ্ঠানৰ বুজ লয়। এইক্ষেত্ৰত আমি Weber Alfred ৰ এষাৰ কথা বিশেষভাৱে উল্লেখ কৰিব পাৰোঁ। তেওঁৰ মতে দৰ্শন হ’ল – “search for a comprehensive view of nature an attempt at universal explanation of the nature of things.”

আধুনিক দর্শনে আমাক মূল্যবোধ আৰু শিক্ষাৰ বিষয়ে গভীৰ তত্ত্ব দিবলৈ সক্ষম হৈছে। সেয়েহে দৰ্শনৰ সীমাবদ্ধতা অতি পার্থিৱ লোকাতীত জগতৰ পৰা বাহিৰ হৈ বাস্তৱধর্মী মৌলিক তত্ত্ব আৰু নীতি উদ্ভাৱন কৰি সেই নীতি আৰু সুচিন্তিত তত্ত্ব মানুহৰ কল্যাণৰ অৰ্থে ব্যৱহৃত হ’ব ধৰিছে। মনীষীসকলে স্বীকাৰ কৰিছে যে, দৰ্শনক বাদ দিলে শিক্ষাৰ কল্পনা তেনেই অসম্ভৱ, কাৰণ শিক্ষা আৰু দৰ্শন এটি বস্তুৰ দুটা ভাগ। ইটোৱে সিটোৰ লগত অংগাংগীভাবে জড়িত। জীৱ জগতৰ ইতিহাসৰ বিভিন্ন দিশত শিক্ষাৰ ক্ষেত্ৰত জীৱন দৰ্শনৰ প্ৰভাৱ পৰিলক্ষিত হৈছে। শিক্ষাৰ সকলো পৰ্যায়তে দৰ্শনৰ প্ৰভাৱ পৰিছে। শিক্ষাৰ সংগঠন, শিক্ষাৰ বিষয়বস্তু, শিক্ষা পদ্ধতি আদি দৰ্শনৰ প্ৰভাৱত পৰি নতুন ৰূপ ধৰিছে আৰু প্ৰকৃত দৰ্শনৰ প্ৰভাৱত শিক্ষাৰ দিশত একাধিক নতুন দৰ্শনৰ সৃষ্টি হৈছে। ইয়াক শিক্ষা দৰ্শন (Educational philosophy) বুলি কোৱা হয়।

৮। দৰ্শনৰ বৈশিষ্ট্যসমূহ কি কি? (What are the characteristics of philosophy?)

উত্তৰঃ বিশ্বজগতৰ লগত মানৱ জীৱনৰ সংগ্ৰাম এক অবিৰত যাত্রা। প্লেটোৱে মন্তব্য প্রকাশ কৰিছিল যে- বিশ্বজগতৰ বিষয়ে জ্ঞান লাভ কৰা আৰু বিষয়সমূহৰ প্ৰয়োজনীয় ধাৰণা অধ্যয়ন কৰাটো দৰ্শনৰ বিষয়। তলত দৰ্শনৰ প্ৰধান বৈশিষ্ট্যসমূহ অতি সংক্ষেপে আলোচনা কৰা হ’ল—

(ক) জীৱ, আত্মা, জগত ইত্যাদিৰ সম্বন্ধে দর্শনে অধ্যয়ন কৰে।

(খ) মানুহৰ অনুসন্ধিৎসু মনৰ পৰা দৰ্শনে ব্যাপ্তি লাভ কৰে।

(গ) দৰ্শনৰ পৰা বিভিন্ন বিজ্ঞান আৰু কলাই জন্মলাভ কৰে।

(ঘ) প্ৰাকৃতিক পৰিঘটনা আৰু অদৃশ্য শক্তিৰ অধ্যয়ন দৰ্শনৰ অন্তৰ্ভুক্ত।

(ঙ) দর্শনে মানৱ জীৱনৰ তাৎপৰ্য বুজি পোৱাত সহায় কৰে আৰু সত্য, শিৱ, সুন্দৰৰ আৰাধনাত ব্ৰতী হ’বলৈ অনুপ্ৰেৰণা যোগায়।

(চ) জ্ঞান আৰু জ্ঞান সম্পৰ্কীয় সমালোচনাৰ অৰ্থই হ’ল দর্শন।

(ছ) পৰিৱৰ্তনশীল পৰিৱেশ তথা সমাজত সামাজিক আন্তঃক্ৰিয়াৰ যোগেদি মানুহ সমাযোজিত হোৱাত দৰ্শনৰ চিন্তা-চৰ্চাৰ প্ৰতিফলন ঘটে।

৯। দৰ্শনৰ পৰিসৰৰ বিষয়ে আলোচনা কৰা। (Discuss the scope of philosophy.)

উত্তৰঃ দৰ্শনৰ পৰিসৰ যথেষ্ট ব্যাপক। দর্শনে জীৱজগতৰ অস্তিত্ব, জীৱনৰ স্বৰূপ আদি সম্বন্ধীয় তথ্য লাভ কৰিবলৈ অহৰহ চেষ্টা চলায়। জ্ঞান লাভৰ বাবে দার্শনিক জ্ঞানৰ যথেষ্ট প্রয়োজনীয়তা আছে। দার্শনিক জন কেয়াৰ্ডৰ মতে, “মানুহৰ অভিজ্ঞতাৰ এনে কোনো ক্ষেত্র নাই, সমগ্র বিশ্বজগতৰ এনে কোনো বস্তু নাই যি দৰ্শনৰ পৰিসৰৰ বাহিৰত বা যিটো দিশৰ বিষয়ে দার্শনিক অনুসন্ধানত ব্যাপ্ত নহয়।” (There is no province of human experience, there is nothing in the whole realm of reality, which lies beyond the domain of philosophy, or to which philosophical investigation does not extend.)

দর্শনে বহলভাৱে তিনিটা দিশক সামৰি লয়। যেনে— 

(ক) জ্ঞানবিদ্যা বা জ্ঞান মীমাংসা (Epistemology).

(খ) অধিবিদ্যা (Metaphysics).

(গ) মূল্যবিদ্যা (Axiology).

তলত দৰ্শনৰ পৰিসৰৰ অন্তৰ্গত এই তিনিটা শাখাৰ বিষয়ে চমুকৈ আলোচনা কৰা হ’ল –

(ক) জ্ঞান বিদ্যা (Epistemology): জ্ঞানবিদ্যাৰ ইংৰাজী প্ৰতিশব্দ ‘Epistemology গ্ৰীক ভাষাৰ ‘Episteme’ আৰু ‘Logos’ শব্দ দুটাৰ পৰা আহিছে। ‘Episteme’ শব্দৰ অৰ্থ হ’ল জ্ঞান আৰু ‘Logos শব্দৰ অৰ্থ হ’ল আলোচনা বা বিদ্যা। গতিকে ব্যুৎপত্তিগত দিশৰ পৰা Epistemology শব্দৰ অৰ্থ হ’ল জ্ঞান-বিজ্ঞান বা জ্ঞান সম্বন্ধীয় বিজ্ঞানসন্মত আলোচনা। জ্ঞানবিদ্যা বা জ্ঞানুমীমাংসাক দৰ্শনৰ প্ৰৱেশদ্বাৰ বুলি কোৱা হয়। কিয়নো যিকোনো দার্শনিক অনুসন্ধানৰ কাৰণে জ্ঞানবিদ্যাৰ দুৱাৰেদি প্ৰৱেশ কৰা হয়। অনুসন্ধান কৰিবলগীয়া বিষয়টোক জ্ঞানবিদ্যাই দেখাই দিয়ে যে উপযুক্তভাৱে তাক অনুসন্ধান কৰিব পাৰি নে নোৱাৰি। যদি নোৱাৰি, কিয় নোৱাৰি। আৰু যদি পাৰি কি পদ্ধতি অৱলম্বন কৰিব পাৰি। গতিকে জ্ঞানবিদ্যাৰ দুৱাৰেদি প্ৰৱেশ নকৰাকৈ দৰ্শনত প্ৰৱেশ কৰিব নোৱাৰি।

জন ল’ক (John Locke), কাণ্ট (Kant) আদি দার্শনিকে জ্ঞানবিদ্যাক দৰ্শনৰ অপৰিহাৰ্য অংগ হিচাপে ব্যাখ্যা কৰিছে। জ্ঞানবিদ্যা দৰ্শনৰ এক অপৰিহাৰ্য অংগ। দুয়োটাৰ মাজত এক এৰাব নোৱাৰা সম্পর্ক আছে।

(খ) অধিবিদ্যা বা তত্ত্ববিদ্যা (Metaphysics): অধিবিদ্যাৰ ইংৰাজী প্রতিশব্দ ‘Metaphysics’ শব্দটো গ্ৰীক শব্দ ‘Meta’ আৰু ‘Physika’ শব্দ দুটাৰ পৰা আহিছে।‘Meta’ মানে পিছত আৰু ‘Physika’ মানে হ’ল ‘পদার্থ বিদ্যা’। অধিবিদ্যাৰ ব্যুৎপত্তিগত অৰ্থ হ’ল যি পদার্থবিদ্যাৰ পিছত আহে বা যি পদার্থবিদ্যাৰ বাহিৰত। গ্রীক দার্শনিক এৰিষ্টটল আৰু তেওঁৰ শিষ্যসকলে ‘Metaphysics’ শব্দটো প্ৰথম ব্যৱহাৰ কৰিছিল।

অধিবিদ্যাই সত্তা (reality), ঈশ্বৰ, আত্মা, মন, দিক্, কাল আদি বিষয়ৰ ওপৰত বিস্তৃত আলোচনা কৰে। অধিবিদ্যাক সেয়েহে, সত্তাৰ বিদ্যা বা অধ্যয়ন বুলিও কোৱা হয়। 

অধিবিদ্যাৰ প্ৰধান ভাগ পাঁচটা তলত উল্লেখ কৰা হ’ল—

১। অনাদি তত্ত্ব (Cosmology): অনাদি তত্ত্বই সৃষ্টিৰ প্ৰকৃতি আৰু ইয়াৰ ধাৰণাকৃত আকাৰৰ ওপৰত আলোচনা কৰে।

২। সৃষ্টিতত্ত্ব (Cosmogony): ই বিশ্বৰ উৎপত্তি আৰু সৃষ্টিৰ বিষয়ে আলোচনা কৰে।

৩। তত্ত্ববিদ্যা (Ontology): এই অংশই চূড়ান্ত বাস্তৱ সম্বন্ধে আলোচনা কৰে।

8। জীৱন দর্শন (Philosophy of Life): আত্মা কি? আত্মাৰ লগত দেহৰ সম্বন্ধ, ই একক নে বহুতো আদিৰ প্ৰশ্নৰ উত্তৰ জীৱন দৰ্শনে অধ্যয়ন কৰে।

৫। ধর্মমত (Eschatology): এই অংশই মৃত্যুৰ পৰৱৰ্তী পৰ্যায়ত আত্মাৰ অৱস্থাৰ বিষয়ে বা বিশ্বৰ প্রকৃতি সম্বন্ধে আলোচনা কৰে।

(গ) প্রমল্যবোধ (Axiology): প্ৰমূল্যবোধৰ ইংৰাজী প্রতিশব্দ ‘Axiology’ শব্দটো গ্ৰীক ভাষাৰ ‘Axios’ শব্দৰ পৰা আহিছে। ‘Axios’ শব্দৰ অৰ্থ হ’ল- প্ৰমূল্য (value), গতিকে ‘Axiology’ হ’ল প্ৰমূল্যবোধৰ আলোচ্য বিষয় বা বিজ্ঞান। প্ৰমূল্যবোধ জীৱনৰ আদৰ্শৰোধ, মানৱ জীৱনৰ উদ্দেশ্য সম্বন্ধে মূল্য নিৰ্দ্ধাৰণ কৰে। ই প্ৰধানতঃ সত্য (truth), শিৱ (goodness) আৰু সুন্দৰ (beauty)। এই তিনিটা প্ৰমূল্যবোধৰ লগত জড়িত।

প্ৰমূল্যবিদ্যাৰ প্ৰধান অংশ তিনিটা হ’ল –

১। নীতিবিদ্যা (Ethics): নীতিবিদ্যাইভাল-বেয়া, উচিত-অনুচিত, নৈতিকতা-অনৈতিকতা, পাপ-পুণ্য আদি বিষয়ৰ ওপৰত অধ্যয়ন কৰে। সাধাৰণতে প্ৰমূল্যবিদ্যাই নীতিবিদ্যাক বুজায়।

২। নন্দনতত্ত্ব (Aesthetics): নন্দনতত্ত্বই সাধাৰণতে সৌন্দৰ্য্য আৰু কুৰূপতাৰ বিষয়ে অধ্যয়ন কৰে।

৩। তর্কবিদ্যা (Logic): তর্কবিজ্ঞান হৈছে এক আদর্শনিষ্ঠ বিজ্ঞান। ই যুক্তিৰ বৈধতা-অবৈধতা, বিচাৰ আৰু তাৰ নিয়মসমূহৰ আলোচনাই তর্কবিজ্ঞান।

গতিকে কোৱা হয় যে দৰ্শনৰ পৰিসৰ জ্ঞানৰ অন্য যিকোনো শাখাৰ পৰিসৰতকৈ বহল। সমগ্র জীৱনৰ ক্ষেত্ৰই হৈছে দৰ্শনৰ পৰিসৰ। সকলো ধৰণৰ দিশৰ অধ্যয়নৰ বাবে দৰ্শনৰ পদ্ধতিগত অধ্যয়নৰ প্ৰয়োজন হয়।

১০। শিক্ষাৰ দৰ্শনভিত্তিক দিশসমূহ চমুকৈ আলোচনা কৰা। (Write briefly about the aspects of education based on philosophy.)

উত্তৰঃ শিক্ষাই দৰ্শনৰ ওপৰত নিৰ্ভৰশীল হোৱা বিভিন্ন দিশসমূহ তলত অতি চমুকৈ আলোচনা কৰা হ’ল –

(ক) শিক্ষাৰ লক্ষ্য সময়োপযোগীকৈ স্থিৰ কৰিবৰ বাবে দৰ্শনৰ সহায় ল’ব লাগে। দর্শনেহে জীৱনৰ প্ৰয়োজনক গভীৰভাৱে অনুভৱ কৰি শিক্ষাৰ লক্ষ্য স্থিৰ কৰি দিব পাৰে।

(খ) আমাৰ ভৱিষ্যৎ বংশধৰ সকলক মানৱ সভ্যতাৰ সংস্কৃতিৰ কোনবোৰ উপাদানৰ লগত পৰিচয় কৰাই দিয়া উচিত তাৰ সিদ্ধান্ত আমি দৰ্শনৰ পৰা পাব পাৰো। দৰ্শনেহে অতীত, বৰ্তমান আৰু ভৱিষ্যতক সামৰি ইয়াৰ পাঠ্যক্ৰম প্ৰস্তুতিৰ গ্ৰহণযোগ্য নীতি শিক্ষাক দিব পাৰে।

(গ) শিক্ষাদানৰ বাবে প্ৰস্তুত কৰি তুলিব লগা গ্রহণযোগ্য পদ্ধতিৰ ক্ষেত্ৰতো দৰ্শনৰ চিন্তাধাৰাৰ প্ৰভাৱ পৰে। দার্শনিক বিচাৰ বিবেচনাৰ ভিত্তিতহে শিক্ষাবিদসকলে শিক্ষাৰ নতুন নতুন পদ্ধতি উদ্ভাৱন কৰি তুলিছে।

(ঘ) বিদ্যালয়ত শিক্ষাৰ্থীৰ অনুশাসন ৰক্ষাৰ প্ৰশ্ন মূলতেই হৈছে দর্শনভিত্তিক। শিক্ষাৰ্থীৰ নিয়ন্ত্রণ, আত্ম-প্ৰকাশৰ স্বাধীনতা অথবা মুক্ত অনুশাসন নীতি আদিৰ গ্ৰহণযোগ্যতা দর্শনেহে আমাক স্থিৰ কৰি দিব পাৰে।

(ঙ) শিক্ষাদানৰ বেলিকা আৰু শিক্ষাৰ্থীৰ ব্যক্তিত্ব গঠনৰ দিশত শিক্ষকৰ ভূমিকাৰ প্ৰশ্নই হৈছে দৰ্শনভিত্তিক। শিক্ষকৰ পৰোক্ষ বা প্রত্যক্ষ ভূমিকা স্বৰূপ দর্শনেহে ব্যাখ্যা কৰিব পাৰে আৰু বন্ধু, দার্শনিক তথা পথ-প্ৰদৰ্শক স্বৰূপে নিজকে পৰিচালিত কৰিব পাৰে।

(চ) শিক্ষাৰ লক্ষ্য নিৰ্দ্ধাৰণ, পাঠ্যক্রম প্রস্তুতকৰণ, শিক্ষণ পদ্ধতি গ্রহণ আৰু অনুশাসনৰ নীতি-নিৰ্দ্ধাৰণ এই চাৰিটা দিশৰ বাবেও শিক্ষাবিদসকলক দৰ্শনৰ প্ৰয়োজন হয়। দৰ্শনেহে শিক্ষাৰ কার্যকাৰিতাত এক সামগ্রিক দৃষ্টি দান কৰে।

১১। দৰ্শনৰ প্ৰকৃতিবোৰ কি কি? (What are the nature of philosophy?)

উত্তৰঃ তলত দৰ্শনৰ প্ৰকৃতিবোৰৰ বিষয়ে চমুকৈ উল্লেখ কৰা হ’লঃ

(ক) দর্শন যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত। বৈজ্ঞানিক আৰু লৌকিক তত্ত্বসমূহ দার্শনিকে স্থিৰ কৰি গভীৰ দৃষ্টিভংগীৰে বিচাৰ কৰি চায়। কোনো এটা মতবাদ প্রতিষ্ঠা কৰিবলৈ দার্শনিকে উপযুক্ত যুক্তি আৰু প্ৰমাণ সহকাৰে বিচাৰ আগবঢ়ায়।

(খ) জীৱন আৰু জগতৰ লগত জড়িত সমস্যাসমূহ দৰ্শনে সমাধান কৰিবলৈ প্ৰয়াস কৰে।

(গ) বিজ্ঞানৰ বিভিন্ন বিষয়ৰ লগত দর্শন জড়িত আছে।

যেনে – পদার্থ বিজ্ঞান, প্রাণীবিজ্ঞান, ভূগোল, উদ্ভিদ বিজ্ঞান আদিৰ সমন্বয়ত দার্শনিক জ্ঞান প্রাপ্ত হয়।

(ঘ) দর্শনে সদায় আত্মা আৰু ভগৱানৰ মাজত অস্তিত্বৰ বিষয়ে অনুসন্ধান কৰে।

(ঙ) দৰ্শনৰ উৎপত্তিৰ উৎস হ’ল জ্ঞানলাভৰ প্ৰতি স্পৃহা, অনুসন্ধিৎসা, বিস্ময়, অনন্ত জিজ্ঞাসা আৰু উপযোগিতা। জ্ঞানৰ প্ৰতি স্পৃহাই দৰ্শনৰ এক প্ৰকৃতি।

(চ) দর্শনে বাস্তৱতাৰ বিষয়ে সামগ্রিক ধাৰণা প্ৰদান কৰে। দৰ্শনে জীৱনৰ এক সমালোচনাত্মক অধ্যয়ন আগবঢ়ায়।

(ছ) দর্শনে জটিল সমস্যাসমূহক সৰল উপাদানলৈ ৰূপান্তৰ কৰি বিষয়টো জ্ঞানৰ পোহৰলৈ আনিব পাৰে। দৰ্শন বৈজ্ঞানিক সত্যৰ ওপৰত প্ৰতিষ্ঠিত।

(জ) দৰ্শনৰ লগত শিক্ষাৰ ওতঃপ্রোত সম্বন্ধ আছে। দৰ্শনৰ কাৰ্যসূচী দিশটোক শিক্ষা দর্শন বুলি কোৱা হয়।

(ঝ) দর্শন বাস্তৱৰ লগত জড়িত। দর্শনে বিশ্বব্রহ্মাণ্ডৰ বস্তুগত জগত, ভগৱানৰ সৃষ্টি আদি সম্বন্ধে যুক্তিগত চিন্তা আগবঢ়ায়।

(ঞ) দর্শন কলা আৰু বিজ্ঞান উভয়ৰে সমাহাৰ।

(ট) বিভিন্ন অভিজ্ঞতাৰ সমাহাৰৰ ভিত্তিত দৰ্শনে মৌলিক সত্য উদ্ঘাটনৰ প্ৰচেষ্টা চলায়।

১২। শিক্ষাৰ দৰ্শনৰ অৰ্থ কি? শিক্ষাৰ দৰ্শন বা শিক্ষাদৰ্শনৰ প্ৰকৃতি চমুকৈ লিখা। (What is the meaning of philosophy of education? Write briefly the nature of philosophy of education or educational philosophy.)

উত্তৰঃ দৰ্শনৰ কাৰ্যকৰী বা ব্যৱহাৰিক দিশটোক শিক্ষাৰ দৰ্শন বুলি কোৱা হয়। শিক্ষাৰ দৰ্শন হ’ল এক ব্যাপক ধাৰণা। ই হ’ল শিক্ষা প্ৰক্ৰিয়া আৰু ইয়াৰ লগত জড়িত সমস্যাসমূহৰ দর্শনভিত্তিক অধ্যয়ন। দৰ্শনৰ প্ৰায়োগিক দিশ হিচাপে শিক্ষা দর্শনে তত্ত্বদর্শন, জ্ঞান মীমাংসা, প্রমূল্যবোধ বিদ্যা আদিৰ পৰা ইয়াৰ বিষয়বস্তু আহৰণ কৰে আৰু দৰ্শনৰ চিন্তনশীল নির্দেশনাত্মক আৰু বিশ্লেষণাত্মক পদ্ধতিৰে শিক্ষাৰ বিভিন্ন সমস্যাৰ ওপৰত আলোকপাত কৰে। শিক্ষাৰ তাত্ত্বিক আৰু প্ৰায়োগিক দিশত দার্শনিক পদ্ধতিসমূহৰ প্ৰয়োগেই শিক্ষা দর্শন। শিক্ষাৰ বিভিন্ন দিশত নিৰ্দেশনা প্ৰদান কৰা আৰু তাত্ত্বিক জ্ঞানৰ বিকাশৰ ক্ষেত্ৰত শিক্ষা দৰ্শনে গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। সাধাৰণ অৰ্থত ক’ব পাৰি যে শিক্ষা দর্শন হ’ল এক দার্শনিক প্রক্রিয়া, যি প্রক্রিয়াই দার্শনিক দৃষ্টিভংগী, আৰু দার্শনিক পদ্ধতিৰ সহায়ত শৈক্ষিক সমস্যাৰ সমাধান আৰু দার্শনিক সিদ্ধান্তত উপনীত হোৱাৰ প্ৰয়াস কৰে। 

তলত শিক্ষা দৰ্শনৰ প্ৰকৃতি সম্পৰ্কে চমুকৈ উল্লেখ কৰা হ’লঃ

(ক) শিক্ষা দৰ্শন হৈছে শৈক্ষিক অভিজ্ঞতাৰ এক অতি প্রয়োজনীয় পদ্ধতি, যিটোৱে শিক্ষাক দর্শনভিত্তিক কৰি তোলাত সহায় কৰে।

(খ) শিক্ষাৰ তাত্ত্বিক আৰু প্ৰায়োগিক দিশত দার্শনিক চিন্তা আৰু পদ্ধতিৰ প্ৰয়োগেই শিক্ষা দর্শন।

(গ) শিক্ষাৰ দৰ্শন হৈছে শিক্ষাৰ সাধাৰণ তত্ত্বৰ সমালোচনা। ই শিক্ষাৰ সাধাৰণ তত্ত্বৰ ওপৰত পদ্ধতিগত আৰু জটিল মূল্যায়ন ব্যৱস্থাক প্রতিফলিত কৰে।

(ঘ) সাধাৰণ দৰ্শনৰ দৰেই শিক্ষা দৰ্শন এক আদর্শনিষ্ঠ বা মান নির্ণায়ক বিষয়।

(ঙ) শিক্ষা দর্শন যদিও দৰ্শনৰ এটি শাখা, ইয়াৰ উদ্দেশ্য সাধাৰণ দৰ্শনৰ মৌলিক উদ্দেশ্যৰ দৰে নহয়। দৰ্শনৰ সাধাৰণ প্ৰশ্নসমূহৰ বিবেচনা কৰাৰ পৰিৱৰ্তে শিক্ষা দর্শনে শৈক্ষিক সমস্যাসমূহৰ ওপৰত দার্শনিক দৃষ্টি দান কৰে।

(চ) শিক্ষা দৰ্শনৰ প্ৰকৃতি মুক্ত বিধৰ, অৰ্থাৎ ইয়াৰ বিষয়বস্তু অথবা পৰিধি কেনে হোৱা উচিত সেই সম্পর্কে সার্বজনীন মত দেখা নাযায়।

(ছ) শিক্ষা দর্শন কিছুমান বিষয়বস্তুৰ সমষ্টি নহয়, ই হ’ল শিক্ষা প্ৰক্ৰিয়াক বিশ্লেষণ আৰু নির্দেশনা প্রদান কৰাৰ এক পদ্ধতিহে।

(জ) শিক্ষা দৰ্শনে শিক্ষাৰ লক্ষ্য, উদ্দেশ্য, পাঠ্যক্রম আদি নিৰ্দ্ধাৰণত সহায় কৰে আৰু শিক্ষা ব্যৱস্থাৰ সামগ্ৰিক দিশ দৰ্শন কৰে।

১৩। শিক্ষা দৰ্শনৰ পৰিসৰৰ বিষয়ে আলোচনা কৰা। (Discuss the scope of educational philosophy.)

উত্তৰঃ শিক্ষা দৰ্শনৰ পৰিসৰ যথেষ্ট ব্যাপক। গতিকে তলত শিক্ষা দৰ্শনৰ পৰিসৰৰ অন্তৰ্গত মূল দিশসমূহ চমুকৈ আলোচনা কৰা হ’ল—

(ক) শিক্ষাৰ সাধাৰণ সমস্যাসমূহৰ লগত জড়িতঃ শিক্ষা দৰ্শন শিক্ষাৰ ক্ষেত্ৰত দেখা দিয়া বিভিন্ন সমস্যাবিলাকৰ লগত জড়িত। যেনে— শিক্ষাৰ লক্ষ্য আৰু আদৰ্শ, মানৱ প্ৰকৃতিৰ বিশ্লেষণ, ৰাষ্ট্ৰ আৰু শিক্ষাৰ মাজৰ সম্বন্ধ, শৈক্ষিক মূল্য, জ্ঞান আহৰণৰ তত্ত্ব আৰু শিক্ষাৰ লগত ইয়াৰ সম্বন্ধ, শিক্ষা আৰু অৰ্থ ব্যৱস্থা, শিক্ষাত বিদ্যালয়ৰ ভূমিকা, শিক্ষা প্ৰক্ৰিয়া আৰু পাঠ্যক্ৰম, শিক্ষা আৰু সামাজিক প্ৰক্ৰিয়াৰ সম্বন্ধ ইত্যাদি।

(খ) শিক্ষাৰ লক্ষ্য-আদৰ্শসমূহৰ বিশ্লেষণঃ শিক্ষাৰ লক্ষ্য, যেনে— চৰিত্ৰ গঠন, সু-নাগৰিক গঢ়ি তোলা, অৱসৰ সময়ৰ সৎব্যৱহাৰ কৰা, আন্তর্জাতিক বুজাবুজিৰ বাবে সমাজৰ মূল্যায়ন কৰা, সামাজিক পৰিৱৰ্তন সম্পর্কে বুজি উঠা, সামাজিক আৰু ব্যক্তিকেন্দ্ৰিক লক্ষ্য, আধ্যাত্মিক দিশৰ বিকাশ সাধন কৰা, দার্শনিকসকলে বিভিন্ন সময়ত আগবঢ়োৱা শিক্ষাৰ লক্ষ্য, আদৰ্শসমূহৰ বিশ্লেষণাত্মক মূল্যায়ন শিক্ষা দৰ্শনৰ পৰিসৰৰ অন্তৰ্গত।

(গ) মানৱ প্ৰকৃতিৰ ব্যাখ্যাঃ কলা আৰু বিজ্ঞানৰ বিভিন্ন বিষয়ৰ অধ্যয়ন আৰু সংশ্লেষণৰ আধাৰত মানৱ প্ৰকৃতিৰ ব্যাপক আৰু দার্শনিক চিত্র উপস্থাপনৰ ক্ষেত্ৰ শিক্ষা দৰ্শনৰ পৰিসৰৰ অন্তর্গত।

(ঘ) শিক্ষাৰ বিভিন্ন ক্ষেত্ৰত দার্শনিক চিন্তাৰ প্ৰভাৱ আলোচনাঃ শিক্ষাৰ লক্ষ্য, উদ্দেশ্য, পাঠ্যক্রম, শিক্ষা পদ্ধতি, অনুশাসন, শিক্ষকৰ ভূমিকা আদি বিভিন্ন তাত্ত্বিক আৰু প্ৰায়োগিক দিশত ভিন ভিন দার্শনিক চিন্তাৰ প্ৰভাৱসমূহৰ আলোচনা শিক্ষা দৰ্শন পৰিসৰৰ অন্তৰ্গত।

(ঙ) শৈক্ষিক প্ৰমূল্যৰ অধ্যয়নঃ প্ৰমূল্যসমূহৰ অধ্যয়ন স্বাভাৱিকতে বিমূর্ত আৰু দর্শনভিত্তিক/শিক্ষা দর্শনে প্রমূল্যসমূহৰ আলোচনাত্মক বিশ্লেষণ কৰাৰ লগতে প্ৰমূল্যসমূহক পদানুক্রমিক ৰূপত সজায়। কাৰণ দার্শনিক প্ৰমূল্যসমূহৰ পৰাই শৈক্ষিক প্ৰমূল্যসমূহ উদ্ভৱ হয়। পমূল্যবিদ্যাৰ তিনিটা ভাগ শিক্ষাৰ লগত জড়িত হৈ থাকে। 

সেই তিনিটা ভাগ হ’ল—

১। তর্কবিজ্ঞান (Logic).

২। নীতিবিজ্ঞান (Ethics).

৩। নন্দনতত্ত্ব (Aesthetics).

(চ) শিক্ষা আৰু জাতীয় জীৱনৰ বিভিন্ন ক্ষেত্ৰসমূহৰ সম্পৰ্ক আলোচনাঃ শিক্ষা আৰু জাতীয় জীৱনৰ বিভিন্ন ক্ষেত্ৰ, যেনে— অর্থনৈতিক আৰু ৰাজনৈতিক ব্যৱস্থাৰ লগত পাঠ্যক্রম, বিদ্যালয় সংগঠন আৰু পৰিচালনা, অনুশাসন আদিৰ সম্পৰ্ক অধ্যয়নৰ ভিত্তি হ’ল শিক্ষাৰ দার্শনিক চিন্তাধাৰাসমূহ। শিক্ষা দৰ্শনে শিক্ষাৰ বিভিন্ন দিশৰ লগত জড়িত জাতীয় জীৱনৰ এই ক্ষেত্ৰসমূহৰ আলোচনা কৰে আৰু শিক্ষা আৰু জাতীয় জীৱনৰ সম্পৰ্ক নিৰ্দ্ধাৰণৰ আধাৰ স্বৰূপে কাম কৰে।

(ছ) জ্ঞান-মীমাংসাৰ তত্ত্বসমূহৰ আলোচনাঃ শিক্ষা হ’ল জ্ঞান অৰ্জনৰ প্ৰক্ৰিয়া, গতিকে শিক্ষা আৰু জ্ঞান ওতঃপ্রোতভাবে জড়িত। জ্ঞানৰ উৎস, সীমা, বৈশিষ্ট্য আৰু জ্ঞান অৰ্জনৰ উপায়সমূহৰ আলোচনা শিক্ষাৰ প্ৰয়োজনীয় বিষয়বস্তু, যিবোৰ আলোচনা দৰ্শনৰ জ্ঞান মীমাংসা শাখাৰ অন্তৰ্ভুক্ত৷ সেইবাবে শিক্ষা দৰ্শনৰ পৰিসৰত জ্ঞান মীমাংসাৰ আলোচনা অন্তর্ভুক্ত হয়।

১৪। শিক্ষা আৰু দৰ্শনৰ মাজৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰা। (Discuss the relationship between philosophy and education.)

উত্তৰঃ শিক্ষা আৰু দৰ্শন দুয়োটা পৃথক বিভাগ যদিও এটা আনটোৰ সৈতে ওতঃপ্রোতভাৱে জড়িত আৰু কেতবোৰ ক্ষেত্ৰত এটা আনটোৰ ওপৰত নিৰ্ভৰশীল। সেইবাবে কোৱা হয় দর্শন আৰু শিক্ষা এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি। শিক্ষা এক কলা কিন্তু দর্শন হৈছে বিজ্ঞান। শিক্ষাৰ

জৰিয়তে দৰ্শন জীৱনৰ লক্ষ্য উদ্দেশ্য নিৰ্দ্ধাৰণ কৰে। সেয়েহে, দৰ্শনক শিক্ষাৰ অবিচ্ছেদ্য অংগ হিচাপে গণ্য কৰা হয়। 

তলত শিক্ষা আৰু দৰ্শনৰ মাজত থকা সম্বন্ধৰ বিষয়ে চমুকৈ আলোচনা কৰা হ’ল–

(ক) দর্শন শিক্ষাৰ পথ প্রদর্শক (Philosophy shows the paths of education): দৰ্শন হৈছে শিক্ষাৰ ভৱিষ্যতৰ পথ প্ৰদৰ্শক। দৰ্শনৰ অবিহনে শিক্ষাৰ কোনো গুৰুত্ব নাথাকে। শিক্ষা হৈছে দৰ্শনৰ মৌলিক নীতিসমূহৰ প্ৰয়োগ। দৰ্শনে পদ্ধতি সম্পর্কে নিৰ্দ্ধাৰণ কৰে; আনহাতে শিক্ষাই ইয়াক অনুকৰণ কৰে।

(খ) মহান দার্শনিকসকল মহান শিক্ষাবিদো (The great Philosophers have been the great Educationist): প্লেটোৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈকে সকলো মহান দার্শনিকেই একো একোজন মহান শিক্ষাবিদ। বিভিন্ন জন শিক্ষাবিদ যেনে— মহাত্মা গান্ধী, ৰবীন্দ্ৰনাথ ঠাকুৰ আদি ব্যক্তিসকল একো একোজন মহান দার্শনিক। এইসকল দার্শনিক শিক্ষাবিদৰ আদৰ্শ সমূহ শিক্ষা সম্বন্ধীয় মতাদৰ্শত গভীৰ প্ৰভাৱ বিস্তাৰ কৰা দেখিবলৈ পোৱা যায়।

(গ) দর্শন শিক্ষাৰ দিশ নিৰ্দ্ধাৰক (Philosophy determines the aspects of education): দর্শন বিমূৰ্ত আৰু শিক্ষা হ’ল মূৰ্ত। শিক্ষাৰ লক্ষ্য, পাঠ্যক্রম, শিক্ষাদান পদ্ধতি, মূল্যায়ন, শিক্ষকৰ ভূমিকা আদিসমূহৰ দিশ দৰ্শনে নিৰ্দ্ধাৰণ কৰে।

(ঘ) শিক্ষা হ’ল দৰ্শনৰ প্ৰায়োগিক দিশ (Education is application of Philosophy): শিক্ষা হৈছে দৰ্শনৰ প্ৰায়োগিক দিশ। দর্শনে নির্দেশনা প্রদান কৰে কিন্তু শিক্ষাই সেই নির্দেশনা মানি চলিবলৈ চেষ্টা কৰে। দার্শনিক চিন্তাক শিক্ষাই ব্যৱহাৰ উপযোগী কৰি তোলে।

(ঙ) দৰ্শনৰ প্ৰচাৰত শিক্ষাই সহায় কৰে (Education helps in propagation of Philosophy): দৰ্শনৰ প্ৰসাৰৰ উপযুক্ত মাধ্যম মাধ্যমস্বৰূপে শিক্ষাই শক্তিশালী ভূমিকা পালন কৰি আহিছে। শিক্ষাৰ লক্ষ্য দৰ্শনৰ লক্ষ্য-উদ্দেশ্যসমূহ সমাজৰ মাজত প্ৰসাৰিত কৰে। দার্শনিকসকলৰ আদৰ্শই ব্যক্তিৰ জীৱনত গভীৰভাৱে প্ৰভাৱ বিস্তাৰ কৰে।

ওপৰৰ আলোচনাৰ অন্তত এইটো স্পষ্টভাৱে ক’ব পাৰি যে, “Education is considered to be the practical aspect of philosophy and philosophy to be the intellectual aspect of education”.

১৫। দৰ্শন আৰু শিক্ষাৰ লক্ষ্য সম্বন্ধে চমুকৈ লিখা। (Write briefly about philosophy and aims of education.)

উত্তৰঃ সকলো শিক্ষা ব্যৱস্থাৰে লক্ষ্য-উদ্দেশ্য স্থিৰ কৰাটো প্ৰথম আৰু প্ৰধান কর্তব্য। একোখন সমাজত বাস কৰা মানুহৰ জীৱনৰ লক্ষ্যসমূহে তেওঁলোকৰ শিক্ষাৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰে। জীৱনৰ লক্ষ্যসমূহ আকৌ সমাজত প্ৰচলিত দৰ্শনৰ দ্বাৰা নিৰ্দ্ধাৰিত হয়। গতিকে শিক্ষাৰ লক্ষ্যসমূহ প্রচলিত জীৱন দৰ্শনৰ দ্বাৰাই নিৰ্দ্ধাৰিত হয়। জন ডিউইৰ মতে শিক্ষাৰ লক্ষ্যসমূহ নিৰ্দ্ধাৰণৰ লগতে দর্শন জড়িত। পৃথিৱীৰ বিভিন্ন দেশৰ শিক্ষা ইতিহাসলৈ লক্ষ্য কৰিলে প্ৰাচীন ৰাষ্ট্ৰসমূহৰ সেই সময়ৰ প্ৰচলিত জীৱন নিৰ দ্বাৰা শিক্ষাৰ লক্ষ্য প্ৰভাৱিত হোৱাৰ প্ৰমাণ পোৱা যায়। উদাহৰণ স্বৰূপে পুৰণি ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থা, গ্ৰীচৰ স্পাৰ্টা, এথেন্স আদি ৰাষ্ট্ৰৰ শিক্ষা ব্যৱস্থাৰ কথা উল্লেখ কৰিব পাৰি। একোখন সমাজ অথবা ৰাষ্ট্ৰত প্ৰচলিত জীৱন দৰ্শনৰ দ্বাৰা শিক্ষাৰ লক্ষ্যসমূহ প্ৰভাৱিত হোৱাৰ বাবেই ভিন ভিন সমাজ আৰু সময়ত শিক্ষাৰ লক্ষ্য বিভিন্ন ধৰণৰ হোৱা দেখা যায়। এনে কাৰণতে গণতান্ত্রিক দৰ্শনত বিশ্বাস কৰা সমাজত শিক্ষাৰ লক্ষ্য, ফেচিবাদী দর্শনত বিশ্বাস কৰা সমাজত শিক্ষাৰ লক্ষ্যৰ পৰা পৃথক হয়।

শিক্ষাৰ লক্ষ্য যদি বহল দার্শনিক ভেটিৰ ওপৰত নিৰ্ণয় কৰি লোৱা হয়, তেনেহ’লে শ্ৰেণীত শিকাওঁতে শিক্ষক আৰু শিক্ষার্থী দুয়োৰে বাবে বিশেষ সহায়ক হ’ব। দৰ্শনৰ সহায়ত শিক্ষাৰ লক্ষ্যৰ বহিৰাকৃতি তেনেই সাধাৰণভাৱে নিৰ্দ্ধাৰণ কৰা নহয়, বৰঞ্চ ইয়াৰ সহায়ত শিক্ষাৰ লক্ষ্য গভীৰ আৰু বহল দৃষ্টিভংগীৰে নিৰ্ণয় কৰা হয়। শিক্ষাৰ লক্ষ্য বৌদ্ধিক হ’ব নে নৈতিক গুণ প্ৰদানৰ বাবে হ’ব সেই বিষয় দর্শনেহে নিৰ্দ্ধাৰণ কৰিব। সমাজৰ মূল সমৃদ্ধিৰ বাবে শিক্ষাৰ লক্ষ্য নিৰ্দ্ধাৰণ হ’ব নে ব্যক্তিৰ সুখ-শান্তিৰ বাবে হ’ব এনে ধৰণৰ জটিল বিষয়ৰ প্ৰশ্নসমূহৰ উত্তৰ দান কৰি দৰ্শনেহে শিক্ষাৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰিব পাৰে।

১৬ ৷ দৰ্শন আৰু পাঠ্যক্ৰমৰ বিষয়ে চমুকৈ লিখা। (Write beifly about philosophy and curriculum.)

উত্তৰঃ পাঠ্যক্ৰম হ’ল শিক্ষাৰ লক্ষ্যসমূহত উপনীত হোৱাৰ পথ বা উপায়। স্বাভাৱিকতেই শিক্ষাৰ লক্ষ্যই পাঠ্যক্ৰম নিৰ্দ্ধাৰণ কাৰ্যক প্ৰভাৱিত কৰে। শিক্ষাৰ লক্ষ্যসমূহ যিহেতু দর্শনে নিৰ্দ্ধাৰণ কৰে, গতিকে ক’ব পাৰি যে, পাঠ্যক্ৰম নিৰ্দ্ধাৰণ কাৰ্যও দৰ্শনৰ দ্বাৰাই হয়। প্রচলিত জীৱন দৰ্শনৰ ওপৰত শিক্ষাৰ লক্ষ্য নিৰ্ভৰশীল আৰু শিক্ষাৰ লক্ষ্যৰ ওপৰত পাঠ্যক্রম নিৰ্ভৰশীল। পাঠ্যক্ৰমৰ আঁচনি প্ৰস্তুত কৰোঁতে দৰ্শনৰ প্ৰয়োজনীয়তা আটাইতকৈ বেছি অনুভৱ কৰা যায়। পাঠ্যক্ৰমৰ অন্তৰ্ভুক্তিৰ বাবে অধ্যয়নৰ বিষয়বস্তুৰ নিৰ্বাচন দৰ্শনৰ দ্বাৰা নিৰ্বাচিত হ’ব লাগে। ভাৰতবৰ্ষৰ গ্ৰাম্যবাসী লোকসকলৰ প্ৰতি দৃষ্টি ৰাখি গান্ধীজীয়ে পাঠ্যক্ৰম প্ৰস্তুত কৰিছিল আৰু সূতা কটা, তাঁত বোৱা, গ্রাম্য কলা, হস্তশিল্প আদি পাঠ্যক্ৰমত সন্নিবিষ্ট কৰিছিল। প্রকৃতিবাদী সকলৰ মতে সেইবিলাক বিষয়হে শিক্ষার্থীক অধ্যয়ন কৰিবলৈ দিব লাগে যিবিলাক বিষয়ৰ অধ্যয়ন প্রতি শিশুৰ স্বাভাৱিক প্ৰৱণতা আৰু শক্তি আছে। আদর্শবাদী সকলে জীৱনৰ উচ্চ প্ৰমূল্যৰ বিকাশ সাধন কৰাৰ বাবে নীতি শাস্ত্ৰ, ধৰ্মীয় শাস্ত্র, ন্যায় শাস্ত্র, সাহিত্য অধ্যয়ন কৰিব লাগে বুলি মত পোষণ কৰে। প্ৰয়োগবাদী সকলে কার্যকৰী বিষয় যেনে- ভাষা, সমাজ অধ্যয়ন, সাধাৰণ বিজ্ঞান, প্রায়োগিক গণিত, কলা, শিল্পবিদ্যা আদি বিষয়ৰ অধ্যয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল, যিবোৰৰ বাস্তৱ জীৱনত প্ৰায়োগিক মূল্য আছে।

প্ৰতিটো পৃথক দার্শনিক চিন্তাগোষ্ঠীয়ে কোনবোৰ জ্ঞান, দৃষ্টিভংগী আৰু দক্ষতা শিক্ষাৰ মাজত বিকাশ সাধন কৰিব লাগে সেই সম্পৰ্কীয় মৌলিক নীতিসমূহ নিৰ্দ্ধাৰণ কৰে। কোনো বিষয়ৰ সামাজিক মূল্য আৰু অধ্যয়নৰ যুক্তিযুক্ততা সম্পৰ্কীয় প্ৰশৰ উত্তৰো দৰ্শনে প্ৰদান কৰিব পাৰে। গতিকে দর্শনে কেৱল পাঠ্যক্ৰম নিৰ্দ্ধাৰণ কৰাই নহয়, পাঠ্যক্ৰমৰ প্ৰয়োজনীয়তা পূৰণ কৰা বিষয়সমূহৰো নিৰ্বাচন কৰে।

১৭। দৰ্শন আৰু শিক্ষাদানৰ পদ্ধতিৰ বিষয়ে চমুকৈ লিখা। (Write briefly about philosophy and methods of teaching.)

উত্তৰঃ শিক্ষণ প্ৰণালীৰ ওপৰতো দৰ্শনে বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰে। শিক্ষণ পদ্ধতিসমূহে শিক্ষক, শিক্ষার্থী আৰু শিক্ষণীয় বিষয়বস্তুৰ মাজত যোগসূত্র স্থাপন কৰে। প্ৰতিজন দার্শনিকে নিজ দার্শনিক চিন্তাৰ ভিত্তিত একোটা বিশেষ শিক্ষণ পদ্ধতি আগবঢ়ায় অথবা ব্যৱহাৰৰ পোষকতা কৰে। সেইবাবে দার্শনিক চিন্তাৰ বিভিন্নতাৰ ফলস্বৰূপে শিক্ষণ পদ্ধতিৰ ক্ষেত্ৰত বিভিন্নতা দেখা পোৱা যায়। এনে শিক্ষণ পদ্ধতিসমূহৰ কিছুমান শিক্ষার্থীকেন্দ্ৰিক আৰু কিছুমান শিক্ষককেন্দ্রিক হয়।

প্রয়োগবাদী দার্শনিকসকলে সমাজকেন্দ্ৰিক আৰু প্ৰকল্প পদ্ধতিৰ ব্যৱহাৰত গুৰুত্ব আৰোপ কৰাৰ বিপৰীতে প্রকৃতিবাদী দার্শনিকসকলে শিশুকেন্দ্ৰিক আৰু ক্ৰীড়াপ্ৰৱণ পদ্ধতি ব্যৱহাৰ কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। আদর্শবাদী দার্শনিকসকলে শিক্ষককেন্দ্রিক পদ্ধতিসমূহ ব্যৱহাৰৰ পোষকতা কৰে। দার্শনিক জন ডিউই, ৰুছো, মহাত্মা গান্ধী, ৰবীন্দ্ৰনাথ ঠাকুৰ আদিৰ শিক্ষা আঁচনিসমূহলৈ লক্ষ্য কৰিলে দেখা যায় যে তেওঁলোকৰ ভিন্নমুখী দার্শনিক চিন্তাই বিভিন্ন শিক্ষণ পদ্ধতি ব্যৱহাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। বৰ্তমানৰ দাৰ্শনিকসকলে বিশ্বাস কৰে যে, শিক্ষাৰ্থীসকলৰ স্বাভাৱিক কাৰ্য আৰু আগ্ৰহকে ভিত্তি হিচাপে লৈ শিক্ষার্থীসকলক শিক্ষা প্রদান কৰা উচিত। এনে বিশ্বাসৰ ভিত্তিতে সাম্প্ৰতিক সময়ত দলগত, সহযোগিতামূলক, পাৰস্পৰিকতামূলক আদি শিক্ষণ পদ্ধতিসমূহ এনে পদ্ধতিসমূহ ব্যৱহাৰ কৰা দেখা যায়।

শেষত ইয়াকে ক’ব পাৰি যে, আধুনিক শিশুকেন্দ্ৰিক শিক্ষা ব্যৱস্থাত শিক্ষকে শিশুৰ প্ৰয়োজনীয়তা, আগ্রহ, ৰুচি-অভিৰুচিৰ ওপৰত যথেষ্ট গুৰুত্ব দি শিক্ষাদান পদ্ধতিত অগ্ৰসৰ হয়। আদর্শবাদী দার্শনিকে শিক্ষাদান পদ্ধতিত প্রশ্নোত্তৰ, বক্তৃতা আৰু আলোচনা পদ্ধতিৰ অন্তৰ্ভুক্ত কৰাৰ কথা উল্লেখ কৰে। প্ৰয়োগবাদী দর্শনে প্রকল্প পদ্ধতিৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল। প্রকৃতিবাদী দৰ্শনে মণ্টেছৰী, কিণ্ডাৰ গাৰ্টেন পদ্ধতিৰ ওপৰত মত পোষণ কৰিছিল। সেয়েহে ক’ব পাৰি যে, দৰ্শন আৰু শিক্ষাদান পদ্ধতিৰ মাজত এক এৰাব নোৱাৰা সম্বন্ধ আছে।

১৮। দৰ্শন আৰু শিক্ষকৰ ভূমিকা সম্বন্ধে আলোচনা কৰা। (Write briefly about philosophy and the role of teachers.)

উত্তৰঃ প্ৰত্যেকজন শিক্ষকেই একো একোজন দার্শনিক। শিক্ষা প্ৰক্ৰিয়াত শিক্ষকৰ ভূমিকা অতি গুৰুত্বপূর্ণ। শিক্ষকেহে শিক্ষাৰ্থীৰ ব্যক্তিত্ব গঠনত সহায় কৰিব পাৰে। সেয়েহে, শিক্ষকৰ জীৱন দৰ্শন শিক্ষা ব্যৱস্থাৰ দৰ্শনৰ লগত মিলিব লাগিব। এজন সফল শিক্ষক হ’বলৈ বিষয়বস্তু, শিক্ষার্থী, সমাজ আৰু শিক্ষার্থী, সমাজ আৰু শিক্ষা দৰ্শনৰ বিষয়ে জনাটো প্রয়োজনীয়। শিক্ষক এজনৰ সকলো দিশ তেওঁৰ আচাৰ-ব্যৱহাৰ, আশা-নিৰাশা, তেওঁৰ ইতিবাচক বা নেতিবাচক পদ্ধতি, তেওঁৰ আদৰ্শ দৃষ্টিভংগী সকলোবোৰ নিৰ্ভৰ কৰে তেওঁৰ দার্শনিক দৃষ্টিভংগীৰ ওপৰত। শিক্ষকজনৰ ভূমিকা বিদ্যালয়ৰ লগতে সমাজত অতি গুৰুত্বপূর্ণ। শিক্ষকে পাঠদান কৰাৰ লগতে শিশুৰ সংবাংগীন বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেখা যায়। শিক্ষকজন কেৱল বিদ্যালয় বা অনুষ্ঠানৰ মাজত সীমাবদ্ধ নাথাকি সমাজৰ বিভিন্ন ধৰণৰ কামত মনোনিবেশ কৰা দেখা যায়।

শিক্ষা দৰ্শনৰ ভিন ভিন চিন্তাগোষ্ঠীৰ নীতি-আদৰ্শৰ ভিত্তিত শিক্ষকৰ ভিন্ন ধৰণৰ ভূমিকা নিৰ্দ্ধাৰিত হয়। আদর্শবাদ দর্শনে শিক্ষাৰ্থীৰ আধ্যাত্মিক বিকাশত সহায় কৰাৰ বাবে তেওঁলোকক উৎসাহিত আৰু প্ৰভাৱিত কৰিব পৰাকৈ শিক্ষকৰ শক্তিশালী ভূমিকা পালনৰ ওপৰত জোৰ দিয়ে। তেওঁলোকৰ মতে, শিক্ষকজন হ’ল আধ্যাত্মিকতাৰ নিৰ্দেশনা প্রদানকাৰী ব্যক্তি। প্রকৃতিবাদ দৰ্শনে শিক্ষকৰ পৰোক্ষ ভূমিকা আৰু তেওঁৰ দ্বাৰা শিক্ষাৰ বাবে প্ৰয়োজনীয় পৰিবেশ ৰচনা কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। তেওঁলোকৰ মতে, শিক্ষকে শিশুৰ মুক্ত কার্যকলাপৰ ওপৰত ভিত্তি কৰি সৰ্বাংগীণ বিকাশৰ ওপৰত গুৰুত্ব দিয়া উচিত। প্রয়োগবাদ দৰ্শনৰ মতে, শিক্ষকৰ ভূমিকা বন্ধু, দার্শনিক আৰু পথ-প্ৰদৰ্শক (Friend, philosopher and guide)ৰ দৰে হ’ব লাগে। গতিকে শিক্ষকে সদায় এক নিৰ্দিষ্ট শিক্ষা দৰ্শনৰ চিন্তাৰ দ্বাৰা প্ৰভাৱিত হৈ নিজ ভূমিকা পালন কৰা দেখা যায়।

১৯। দৰ্শন আৰু অনুশাসনৰ বিষয়ে চমুকৈ লিখা। (Write briefly about philosophy and discipline.)

উত্তৰঃ বৰ্তমান সময়ত বিদ্যালয়সমূহত অনুশাসনৰ যথেষ্ট গুৰুত্ব আছে। দৰ্শনে অনুশাসন সম্পৰ্কীয় সমস্যাসমূহ সমাধানৰ বাবে নির্দেশনা আগবঢ়ায়। প্রত্যেক গৰাকী ব্যক্তি তথা প্ৰতিখন সমাজত প্ৰচলিত দার্শনিক চিন্তাই সেই সময় আৰু সমাজৰ শিক্ষাৰ ক্ষেত্ৰত অনুশাসনৰ প্ৰকৃতি কেনে হ’ব, তাক নিৰ্দ্ধাৰণ কৰাত দৰ্শনে প্ৰভাৱশালী ভূমিকা পালন কৰে। শিক্ষানুষ্ঠানত শিক্ষাৰ্থীৰ মাজত অনুশাসন বজাই ৰাখি শিক্ষা ব্যৱস্থাক শৃংখলাবদ্ধ কৰি তোলাটো শিক্ষাৰ এক অতি তাৎপর্যপূর্ণ দিশ। কিন্তু শিক্ষাত অনুশাসনৰ প্ৰয়োজন আছে নে নাই, কেনে ধৰণৰ অনুশাসনৰ প্ৰয়োজন ইত্যাদিবোৰ সিদ্ধান্ত গ্ৰহণত দৰ্শনে সহায় কৰে।

অনুশাসনৰ ক্ষেত্ৰত তিনিটা প্ৰধান তত্ত্ব – অৱদমনবাদ (Repressionism), প্ৰভাৱবাদ (Impressionism) আৰু মুক্তিবাদ (Emancipationism) দার্শনিক চিন্তাৰ প্ৰতিফলন। এই দার্শনিক তত্ত্বসমূহৰ ভিত্তিতে শিক্ষানুষ্ঠানত অনুশাসন সম্পৰ্কীয় সিদ্ধান্তসমূহ গ্ৰহণ কৰা হয়। ভাৰতবৰ্ষ এখন গণতান্ত্রিক দেশ। গণতান্ত্রিক দেশৰ নাগৰিক হিচাপে শিক্ষানুষ্ঠানত শিক্ষাৰ্থীসকলক নিয়ন্ত্রিত স্বাধীনতা প্ৰদান কৰা হয়। অনুশাসন সম্পৰ্কীয় দিশত দর্শনে বিভিন্ন ধৰণৰ মতবাদ আগবঢ়োৱা দেখা যায়। আদর্শবাদী দার্শনিক সকলে বিদ্যালয়ত কঠোৰ অনুশাসনৰ পোষকতা কৰাৰ বিপৰীতে প্রকৃতিবাদী সকলে মুক্ত অনুশাসন আৰু অবাধ স্বাধীনতা প্ৰদানৰ পোষকতা কৰে। প্ৰয়োগবাদ দৰ্শনে মুক্ত আৰু কঠোৰ অনুশাসনৰ ভাৰসাম্য বজাই অনুশাসন প্ৰদান কৰাৰ পোষকতা কৰিছিল। তেওঁলোকে শিশুৰ মনত সমাজৰ নীতি-নিয়মসমূহ মানি চলিবলৈ মনত স্পৃহা আৰু অন্তৰত ধাউতি জগাই তুলিব বিচাৰে।

আনহাতে, অনুশাসনৰ প্ৰধান তত্ত্ব তিনিটাও নিম্নলিখিতভাৱে অনুশাসন প্রদানৰ ব্যৱস্থা কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। দমনমূলক অনুশাসনৰ সমৰ্থকসকলে ভীতি প্রদর্শন, জোৰ-জুলুম, হেঁচা প্ৰয়োগ বা আতংক সৃষ্টি কৰি হ’লেও সম্পূৰ্ণ নীৰৱতা আৰু শৃংখলা ৰক্ষা কৰাটো আশা কৰা হয়। তেওঁলোকৰ অনুশাসন প্ৰণালী পুলিচৰ নিয়ন্ত্রণ পদ্ধতিৰ দৰে।

প্ৰভাৱবাদ বা বিশ্বাসমূলক অনুশাসনৰ সমৰ্থকসকলে শিক্ষকৰ ব্যক্তিত্বৰ জৰিয়তে অনুশাসন চলোৱাটো বিচাৰে। তেওঁলোকৰ মতে, শিক্ষাৰ্থীসকল স্বাভাৱিকতে বিনীত আৰু সেয়েহে শিক্ষকৰ শক্তিশালী ব্যক্তিত্বৰ জৰিয়তে তেওঁলোকক সহজতে বিনয়ী কৰি তুলিব পাৰি।

মুক্তিবাদী অনুশাসনৰ সমৰ্থকসকলে শিশুৰ আভ্যন্তৰিক সুন্দৰতাৰ বিকাশৰ ওপৰত বিশ্বাস কৰে আৰু ইয়াৰ যোগেদি নীতি-নিয়ম, আইন-শৃংখলাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবলৈ আভ্যন্তৰিক মনোভাৱ জগাই তোলাৰ ওপৰত বিশ্বাস ৰাখে৷ গতিকে অনুশাসনৰ বিষয়টো প্রধানত দার্শনিক বিষয় আৰু সেয়ে ইয়াত দৰ্শনৰ শক্তিশালী তথা স্পষ্ট প্ৰভাৱ পৰা দেখা যায়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top