Philosophical Foundations of Education Unit 3 দৰ্শনত ভাৰতীয় চিন্তাগোষ্ঠী আৰু শিক্ষাত সেইবোৰৰ প্রভাৱ Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Philosophical Foundations of Education Unit 3 দৰ্শনত ভাৰতীয় চিন্তাগোষ্ঠী আৰু শিক্ষাত সেইবোৰৰ প্রভাৱ Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Philosophical Foundations of Education Unit 3 দৰ্শনত ভাৰতীয় চিন্তাগোষ্ঠী আৰু শিক্ষাত সেইবোৰৰ প্রভাৱ Question Answer can be of great value to excel in the examination.
Philosophical Foundations of Education Unit 3 দৰ্শনত ভাৰতীয় চিন্তাগোষ্ঠী আৰু শিক্ষাত সেইবোৰৰ প্রভাৱ
Philosophical Foundations of Education Unit 3 দৰ্শনত ভাৰতীয় চিন্তাগোষ্ঠী আৰু শিক্ষাত সেইবোৰৰ প্রভাৱ Notes cover all the exercise questions in UGC Syllabus. Philosophical Foundations of Education Unit 3 দৰ্শনত ভাৰতীয় চিন্তাগোষ্ঠী আৰু শিক্ষাত সেইবোৰৰ প্রভাৱ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
Indian Schools of Philosophy and Their Influences in Education
PHILOSOPHICAL FOUNDATIONS OF EDUCATION
অতি চমু প্রশ্নোত্তৰঃ
১। যোগ দৰ্শনৰ প্ৰবৰ্তক কোন? (Who was the founder of yoga philosophy?)
উত্তৰঃ মহৰ্ষি পতঞ্জলি।
২। যোগ সূত্ৰৰ ৰচক কোন? (Who is the author of Yoga Sutra?)
উত্তৰঃ মহৰ্ষি পতঞ্জলি।
৩। যোগ দৰ্শনৰ মূল গ্রন্থ কি? (What is the main book of yoga philosophy?)
উত্তৰঃ যোগসূত্র।
৪। যোগ বাৰ্তিকৰ ৰচক কোন? (Who is the author of Yogabaritika?)
উত্তৰঃ বিজ্ঞানভিক্ষু।
৫। ‘যোগ’ শব্দৰ ব্যুৎপত্তিগত মূল শব্দ কি? (What is the derivative root of ‘yoga’?)
উত্তৰঃ যোগ শব্দটি মূল সংস্কৃত শব্দ ‘যোজ’ (Yuja)ৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে সংযোজন কৰা। ইয়াৰ অৰ্থ হ’ল ধ্যানৰ যোগেৰে ঈশ্বৰৰ লগত নিজকে একত্ৰিতকৰণ কৰা।
৬। যমত কেইটা নীতি থাকে? (How many principles are there in yoma?)
উত্তৰঃ পাঁচটা – অহিংসা, সত্য, অস্তেয়, ব্রহ্মচর্য আৰু অপৰিগ্ৰহ।
৭। বেদান্ত দৰ্শনৰ প্ৰৱৰ্তক কোন? (Who is the founder of Vedanta philosophy?)
উত্তৰঃ ঋষি বাদৰায়ণ।
৮। বেদান্ত দৰ্শনৰ মূল গ্ৰন্থখন কি? (What is the main text of Vedanta philosophy?)
উত্তৰঃ ব্ৰহ্মসূত্র।
৯। বিশিষ্টা দ্বৈতবাদৰ প্ৰৱৰ্তক কোন? (Who is the founder of qualified monism in Indian philosophy?)
উত্তৰঃ ৰামানুজাচার্য।
১০। অদ্বৈত বেদান্ত দৰ্শনৰ প্ৰৱৰ্তক কোন? (Who is the founder of unqualified monism of Indian philosophy?)
উত্তৰঃ শংকৰাচাৰ্য।
১১। ব্ৰহ্মসূত্ৰৰ গ্ৰন্থকাৰ কোন? (Who is the author of Brahmasutra?)
উত্তৰঃ ঋষি বাদৰায়ণ।
১২। বেদান্তৰ অৰ্থ কি? (What is the meaning of Vedanta?)
উত্তৰঃ বেদান্ত শব্দৰ অৰ্থ হ’ল বেদৰ অন্ত।
১৩। বেদৰ অৰ্থ কি? (What is the meaning of Veda?)
উত্তৰঃ ‘বেদ’ শব্দটো সংস্কৃত ‘বিদ’ ধাতুৰ পৰা আহিছে। ‘বিদ’ শব্দৰ অৰ্থ হৈছে জনা, হোৱা, আহৰণ কৰা, বিবেচনা কৰা, অনুভৱ কৰা, কোৱা আৰু কাম কৰা। বেদ হ’ল এক শ্রেণীৰ বিশাল, অনাদি, অনন্ত আৰু অপৌৰুষেয় জ্ঞানসমৃদ্ধ গ্রন্থমালা। বেদৰ অৰ্থ হৈছে জ্ঞান।
১৪। বেদৰ অংশকেইটা কি কি? (What are the parts of Veda?)
উত্তৰঃ বেদৰ অংশকেইটা হ’ল—
(ক) সংহিতা।
(খ) ব্রাহ্মণ।
(গ) আৰণ্যক।
(ঘ) উপনিষদ।
১৫। সামবেদৰ আন এটা নাম কি? (What is the another name of Sama-Veda?)
উত্তৰঃ সুৰীয়া বেদ।
১৬। বৌদ্ধ দৰ্শনৰ প্ৰৱৰ্তক কোন? (Who is the founder of Buddhism?)
উত্তৰঃ গৌতম বুদ্ধ।
১৭। বেদাংগ কি? (What is Vedanga?)
উত্তৰঃ বেদত অন্তৰ্ভুক্ত হৈ থকা শব্দৰ উচ্চাৰণৰ সহায়ক পুথি হ’ল বেদাংগ।
১৮। ‘আর্য’ মানে কি? (What does ‘Arya’ mean?)
উত্তৰঃ ‘আৰ্য’ শব্দৰ আভিধানিক অর্থ উৎকৃষ্ট বা মহৎ।
১৯। ‘ত্রিপিটক’ কি? (What is ‘Tripitaka?)
উত্তৰঃ বুদ্ধদেৱৰ শিষ্যসকলে তেওঁৰ উপদেশাৱলীক পালি ভাষাৰ তিনিখন গ্ৰন্থত নিবদ্ধ কৰি ৰাখিছিল, যি কেইখনক ‘ত্রিপিটক’ বোলা হয়।
চমু প্রশ্নোত্তৰঃ
১। ভাৰতীয় দৰ্শনৰ প্ৰধান দুটা বৈশিষ্ট্য উল্লেখ কৰা। (Mention two major characteristics of Indian Philosophy.)
উত্তৰঃ তলত ভাৰতীয় দৰ্শনৰ দুটা প্ৰধান বৈশিষ্ট্য উল্লেখ কৰা হ’ল—
(ক) দৰ্শনৰ প্ৰধান শাখা তিনিটা— জ্ঞানবিদ্যা, অধিবিদ্যা আৰু প্ৰমূল্যবিদ্যা। ভাৰতীয় দৰ্শন উক্ত শাখা তিনিটাৰ সৈতে সম্বন্ধযুক্ত।
(খ) ভাৰতীয় দর্শনসমূহ আধ্যাত্মিকতাৰ ওপৰত প্রতিষ্ঠিত। কেৱল চার্বাক দর্শনেহে বস্তুগত দৰ্শনত বিশ্বাসী।
২। ভাৰতীয় দৰ্শনৰ দুটা ভাগ কি কি? (What are the two types of Indian Philosophy?)
উত্তৰঃ ভাৰতীয় দৰ্শন প্রধানতঃ আস্তিক আৰু নাস্তিক দুটা প্ৰকাৰৰ। আস্তিক দর্শনে বেদ সম্পৰ্কীয় জ্ঞানৰ ওপৰত বিশ্বাসী আৰু নাস্তিক দৰ্শন বেদৰ পৰিপন্থী।
৩। উপনিষদ কি? (What is Upanishad?)
উত্তৰঃ বেদৰ একেবাৰে অন্তিম পৰিণতি হৈছে উপনিষদ। শব্দগত দিশত উপনিষদ শব্দটো সংস্কৃত উপ + নি আৰু সদ শব্দৰ পৰা আহিছে। উপ + নি মানে ‘বহা’ কাম আৰু সদ মানে জ্ঞান বা সত্য। উপনিষদ মানে শিষ্যই গুৰুৰ ওচৰত বহি লাভ কৰা জ্ঞান। মুঠ উপনিষদৰ সংখ্যা ১০৮খন যদিও ১২খনকহে প্ৰধান বুলি ধৰা হয়।
৪। বেদৰ প্ৰকাৰ কেইটা কি কি? (What are the types of Veda?)
উত্তৰঃ বেদ প্রধানতঃ চাৰি প্ৰকাৰৰ।
সেই চাৰি প্ৰকাৰ হ’ল—
(ক) ঋক বেদ (Rig Veda).
(খ) সাম বেদ (Sama Veda).
(গ) যজুৰ বেদ (Yajur Veda).
(ঘ) অথর্ব বেদ (Atharva Veda).
৫। উপবেদ চাৰিখনৰ নাম লিখা।।(Write the names of four Upaveda.)
উত্তৰঃ উপবেদ চাৰিখন হ’ল—
(ক) আয়ুৰবেদ।
(খ) ধনুৰবেদ।
(গ) গন্ধর্ব বেদ।
(ঘ) শিল্প বেদ।
৬। বৈদিক যুগৰ শিক্ষাৰ দুটা লক্ষ্য উল্লেখ কৰা। (Mention two aims of education in Vedic period.)
উত্তৰঃ বৈদিক যুগৰ শিক্ষাৰ লক্ষ্যবোৰৰ ভিতৰত দুটা তলত উল্লেখ কৰা হ’ল—
(ক) ধর্মীয় আৰু সত্যপৰায়ণতাৰ গুণৰ প্ৰশিক্ষণ প্ৰদান কৰা (Inculcation of a spirit of piety and Righteousness): বৈদিক যুগত ঋষি-মুনিসকলে পার্থিব মায়ামোহ ত্যাগ কৰি ধৰ্ম আৰু সত্যৰ পথত ব্ৰতী হৈছিল। গতিকে ধৰ্মীয় আৰু সত্যৰ ওপৰত প্ৰশিক্ষণ প্ৰদানেই বৈদিক যুগৰ শিক্ষাৰ লক্ষ্য।
(খ) প্রাচীন সংস্কৃতিৰ সংৰক্ষণ আৰু প্ৰসাৰ সাধন (Preservation and spread of Ancient culture): বৈদিক যুগত সভ্যতা আৰু সংস্কৃতিৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছিল। গতিকে, প্রাচীন সংস্কৃতি আৰু সভ্যতা নতুন পুৰুষলৈ শিক্ষাৰ জৰিয়তে প্ৰদান কৰি সংৰক্ষণ আৰু বিকাশ সাধন কৰাই শিক্ষাৰ লক্ষ্য আছিল।
৭। যোগৰ প্ৰকাৰ কেইটা কি কি? (What are the types of yoga?)
উত্তৰঃ যোগৰ প্ৰকাৰ চাৰিটা হ’ল—
(ক) জ্ঞানযোগ (Jnana Yoga).
(খ) ভক্তিযোগ (Bhakti Yoga).
(গ) কর্মযোগ (Karma Yoga).
(ঘ) ৰাজ যোগ (Raja Yoga).
৮। বৌদ্ধ দৰ্শনৰ প্ৰকাৰ দুটা কি কি? (What are two types of Buddhist philosophy?)
উত্তৰঃ বৌদ্ধ দৰ্শনৰ প্ৰধান দুটা ভাগ হ’ল—
(ক) হীনযান।
(খ) মহাযান।
৯। যোগ দৰ্শনৰ শিক্ষাৰ দুটা লক্ষ্য উল্লেখ কৰা। (Mention two aims of education of Yoga philosophy.)
উত্তৰঃ যোগ দৰ্শনৰ শিক্ষাৰ দুটা লক্ষ্য হ’ল—
(ক) শাৰীৰিক বিকাশৰ লক্ষ্য।
(খ) মানসিক, নৈতিক, আধ্যাত্মিক আৰু বৈদিক দিশৰ বিকাশ সাধন।
১০। বৌদ্ধ শিক্ষাৰ স্তৰ দুটাৰ নাম লিখা। (Write the name of two stages of Buddhist Education.)
উত্তৰঃ বৌদ্ধ শিক্ষাৰ স্তৰ দুটা হ’ল—
(ক) প্রাথমিক শিক্ষা।
(খ) উচ্চ শিক্ষা।
১১। বৌদ্ধ দৰ্শনৰ শিক্ষাৰ দুটা লক্ষ্য উল্লেখ কৰা। (Mention two aims of education of Buddhist philosophy.)
উত্তৰঃ বৌদ্ধ দৰ্শনৰ শিক্ষাৰ দুটা লক্ষ্য হ’ল—
(ক) বৌদ্ধ ধৰ্মৰ নৈতিক মূল্যবোধ সকলোৰে মাজত বিয়পাই দিয়া।
(খ) অহিংসাৰ পথেৰে সৎ চৰিত্ৰ গঠন কৰা।
১২। বৈদিক দর্শনত তিনিটা মূল ঋণ কি কি? (What are the main Ram (obligation) according to vedic thought?)
উত্তৰঃ বৈদিক দৰ্শনৰ তিনিটা মূল ঋণ হ’ল—
(ক) দেৱ ঋণ।
(খ) ঋষি ঋণ।
(গ) পিতৃ ঋণ।
১৩। ‘নিৰ্বাণ’ শব্দৰ অৰ্থ কি? (What is the meaning of the word ‘Nirvana’?)
উত্তৰঃ নিৰ্বাণ শব্দৰ আক্ষৰিক অৰ্থ হ’ল ‘নুমাই যোৱা’। বৌদ্ধ দৰ্শনত দুখৰ পৰা চিৰ মুক্তিক অর্থাৎ দুখ নিবৃত্তিক নির্বাণ বোলা হয়। বৌদ্ধ দৰ্শনৰ তৃতীয় আৰ্যসত্য হ’ল দুঃখ নিৰোধ অর্থাৎ দুখৰ অৱসান।
১৪। বৌদ্ধ দৰ্শনৰ চাৰিটা আৰ্যসত্য কি কি? (What are the four noble truth of Buddhist philosophy?)
উত্তৰঃ বৌদ্ধ দৰ্শনৰ আৰ্যসত্য চাৰিটা তলত সংক্ষেপে উল্লেখ কৰা হ’ল—
(ক) মানুহৰ জীৱনত দুখ আছে।
(খ) দুখৰ কাৰণ আছে।
(গ) দুখৰ নিবৃত্তি বা দুখ নিৰোধৰ উপায় আছে।
(ঘ) দুখ নিবৃত্তি বা নিৰোধ মাৰ্গ বা কিছুমান পথ আছে।
১৫। শঙ্কৰাচাৰ্যৰ অদ্বৈত বেদান্তৰ মায়াৰ ক্ৰিয়া দুটা কি কি? (What are two functions of Maya in Sankari Advaita Vedanta?)
উত্তৰঃ শংকৰাচাৰ্যৰ অদ্বৈত বেদান্তত মায়াৰ ক্ৰিয়া দুটা হ’ল—
নঞর্থক ক্ৰিয়া আৰু সদৰ্থক ক্রিয়া। সত্তাক আবৃত্ত কৰা (নঞৰ্থক ক্রিয়া) আৰু অসত্তাক অভিব্যক্ত কৰাই (সদর্থক ক্রিয়া) মায়া শক্তিৰ দুটা মুখ্য কাম।
১৬। অদ্বৈত বেদান্তত ব্রহ্ম কি? (What is Brahman in Advaita Vedanta?)
উত্তৰঃ শংকৰাচাৰ্যই গোটেই বিশ্বব্ৰহ্মাণ্ডত এটা পৰম সত্তাৰ কথা কৈছে যাৰ দ্বিতীয়টো নাথাকে। এই একমাত্ৰ পাৰমাৰ্থিক সত্তাটোক শংকৰে ব্ৰহ্ম বুলি আখ্যা দিছে। অদ্বৈত বেদান্তত আত্মা আৰু ব্ৰহ্মক অভিন্ন বুলি উপস্থাপন কৰা হৈছে। এই আত্মাই হৈছে বিশ্ব আত্মা যাক ব্ৰহ্ম বুলি কোৱা হৈছে, যি সর্ব্বোচ্চ, অদ্বিতীয় সত্তা।
ৰচনাধর্মী প্রশ্নোত্তৰঃ
১। ভাৰতীয় দৰ্শনৰ বিভিন্ন সম্প্রদায়বোৰ কি কি? (What are the various schools of Indian philosophy?)
উত্তৰঃ ভাৰতীয় দৰ্শনক সাধাৰণতে দুটা শ্ৰেণীত ভাগ কৰা হয়— আস্তিক দর্শন আৰু নাস্তিক দর্শন। যি দার্শনিক সম্প্রদায় বেদক স্বতঃসিদ্ধ প্রামাণিক গ্ৰন্থ হিচাপে স্বীকাৰ কৰে তাক আস্তিক বা বৈদিক দর্শন বোলা হয়। ন্যায়, বৈশেষিক, সাংখ্য, যোগ, মীমাংসা আৰু বেদান্ত- এই ষড়দর্শন হ’ল বেদ বিশ্বাসী আস্তিক দর্শন। আনহাতে যি দার্শনিক সম্প্রদায় বেদক স্বতঃসিদ্ধ প্ৰামাণিক গ্ৰন্থ হিচাপে স্বীকাৰ নকৰে, তাক অবৈদিক বা নাস্তিক দর্শন বোলে। নাস্তিক দর্শন হ’ল ‘বেদ নিন্দুক’ দর্শন। চার্বাক, বৌদ্ধ আৰু জৈন— এই ত্রয়ীদর্শন হ’ল নাস্তিক বা অবৈদিক দর্শন। তলত ভাৰতীয় দৰ্শনৰ আস্তিক-নাস্তিক সম্প্রদায়সমূহক সংক্ষেপে তালিকাত প্ৰকাশ কৰা হ’ল—
২। ভাৰতীয় দৰ্শনৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা। (Discuss the characteristics of Indian philosophy.)
উত্তৰঃ ভাৰতীয় দৰ্শন আস্তিক-নাস্তিক বা বৈদিক-অবৈদিক সম্প্রদায়ত বিভক্ত। বিভিন্ন সম্প্ৰদায়ৰ মাজত মতপার্থক্য থাকিলেও এই সম্প্রদায়বোৰৰ মাজত কিছুমান সাধাৰণ বিষয়ত সাদৃশ্য আছে। বিভিন্নতাৰ মাজত ঐক্য, পাৰ্থক্যৰ মাজত সাদৃশ্য— এইবোৰেই ভাৰতীয় দৰ্শনৰ সাধাৰণ বৈশিষ্ট্য। তলত ভাৰতীয় দৰ্শনৰ সাধাৰণ বৈশিষ্ট্যসমূহ চমুকৈ আলোচনা কৰা হ’ল—
(ক) বেদ সম্পৰ্কীয় আলোচনা (Discussion on the Veda): ভাৰতীয় দৰ্শনৰ উৎস হ’ল বেদ আৰু উপনিষদ। বেদৰ বিৰোধিতা কৰিয়েই হওক বা বেদক সমৰ্থন কৰিয়েই হওক ভাৰতীয় দৰ্শন প্রত্যক্ষভাৱে বা পৰোক্ষভাৱে বেদৰ পৰা উৎপত্তি হৈছে।
(খ) ব্যৱহাৰিক প্ৰয়োজনবোধ (Practical Necessity): ভাৰতীয় দৰ্শনৰ উৎপত্তি হয় জীৱনৰ প্ৰয়োজনীয়তাত। ভাৰতীয় দৰ্শনত কেৱল তাত্ত্বিক আলোচনা কৰাই নহয়, সেই তত্ত্বক ব্যৱহাৰিক জীৱনত প্ৰয়োগ কৰাই ভাৰতীয় দৰ্শনৰ মূল উদ্দেশ্য।
(গ) আধ্যাত্মিক অতৃপ্তি (Spiritual disquiet): ভাৰতীয় দৰ্শনৰ জড়বাদী চার্বাকৰ বাহিৰে আন সকলো দার্শনিক সম্প্ৰদায়ৰ দৰ্শন আৰম্ভ হৈছে আধ্যাত্মিক অতৃপ্তিৰ পটভূমিত। ভাৰতীয় দার্শনিকসকলে উপলব্ধি কৰিছে যে, সমগ্ৰ জগতেই অস্থিৰ, সমগ্ৰ জগতেই দুঃখময়। মানুহৰ জীৱন এক অপূৰ্ণ জীৱন। মানুহে জৰা, মৰণ, ব্যাধি, আদিৰ পৰা পৰিত্ৰাণ পাব নোৱাৰে। এইদৰে ভাৰতীয় দার্শনিকৰ মনত আধ্যাত্মিক অতৃপ্তিৰ সৃষ্টি হয় আৰু এই আধ্যাত্মিক অতৃপ্তিৰ পৰাই দৰ্শনৰ উদ্ভৱ হয়।
(ঘ) আত্মাৰ সনাতন সত্ত্বাত বিশ্বাস (Belief in the existence of eternal soul): চাৰ্বাক আৰু বৌদ্ধ দৰ্শনৰ বাহিৰে বাকী সকলো দার্শনিক সম্প্রদায় এক সনাতন অবিনাশী আত্মাৰ সত্ত্বাত বিশ্বাস কৰে। উপনিষদৰ পৰা আৰম্ভ কৰি বেদান্ত দর্শন পর্যন্ত আত্মাৰ যথাৰ্থ স্বৰূপ অনুসন্ধানত জোৰ দিয়া হৈছে। ভাৰতীয় দৰ্শনৰ মূল মন্ত্ৰই হৈছে “আত্মনং বিধি”(know thyself)। আত্মাৰ অস্তিত্বত বিশ্বাস কৰাৰ বাবে ভাৰতীয় দৰ্শনৰ যথাৰ্থ স্বৰূপ আধ্যাত্মিক বুলি কোৱা হয়।
(ঙ) সনাতন নৈতিক নিয়মত বিশ্বাস (Faith in moral order): ভাৰতীয় দৰ্শনৰ আন এটি প্রধান বৈশিষ্ট্য হৈছে-ভাৰতীয় দৰ্শনে এক সনাতন নৈতিক নিয়ম-শৃংখলাত বিশ্বাস কৰে। এই নৈতিক নিয়মক ঋক্বেদত ‘ঋত’ বুলি অভিহিত কৰিছে৷ ঋত হ’ল জাগতিক আৰু নৈতিক নিয়ম (cosmic and moral order)। এই নিয়মৰ দ্বাৰা সমগ্ৰ বিশ্বব্রহ্মাণ্ড পৰিচালিত হৈছে আৰু মানুহৰ নৈতিক জগতো এই নিয়মৰ দ্বাৰা পৰিচালিত হৈছে।
(চ) কর্মবাদ আৰু জন্মান্তৰবাদত বিশ্বাস (Belief in the Transmigration of the soul): ভাৰতীয় দৰ্শনৰ এটি সাধাৰণ লক্ষণ হ’ল যে চার্বাক দৰ্শনৰ বাহিৰে ইয়াৰ প্রত্যেকটো সম্প্রদায়ে কর্মবাদ আৰু জন্মান্তৰবাদত বিশ্বাস কৰে। জন্মান্তৰবাদ বুলিলে সেই মতবাদক বুজায় যি মতবাদ অনুসৰি জীৱই মৃত্যুৰ পিছত পুনঃ পুনঃ জন্মগ্ৰহণ কৰিব লগা হয়। জন্মান্তৰবাদ অনুসৰি আত্মাৰ কেতিয়াও মৃত্যু নহয়। মৃত্যুৰ পিছত জীৱৰ পুনৰ জন্ম হয় আৰু তেতিয়া আত্মাই এক নতুন দেহ ধাৰণ কৰে। কৰ্মবাদৰ লগত জন্মান্তৰবাদ ঘনিষ্ঠভাৱে সম্পর্কিত হৈ আছে। কর্মবাদ অনুসৰি মানুহে তেওঁৰ কৃতকৰ্মৰ ফল ভোগ কৰিবই লাগিব। কর্মবাদৰ এই নিয়ম চিৰন্তন আৰু অলংঘনীয়।
(ছ) সম্যক জ্ঞান (Right knowledge): ভাৰতীয় দৰ্শনৰ প্ৰায় সকলো সম্প্রদায়ে বিশ্বাস কৰে যে সম্যক বা শুদ্ধ জ্ঞান অর্জনৰ দ্বাৰা আমাৰ অজ্ঞানতা বা অবিদ্যা আঁতৰ কৰিব পাৰি। অবিদ্যা ক্ষন্তেকীয়া, সম্যক জ্ঞানেহে স্থায়ী। সম্যক জ্ঞান হ’ল বিষয়ৰ স্বৰূপ জ্ঞান।
(জ) আত্মসংযম আৰু সাধনা (Self control of meditation): ভাৰতীয় দৰ্শনৰ প্রায় সকলো সম্প্রদায়ে (চার্বাকৰ বাহিৰে) জগত জীৱনৰ সত্যক উপলব্ধি কৰিবলৈ আত্মসংযম আৰু সাধনা বা ধ্যানৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ভাৰতীয় দার্শনিকসকলে বিশ্বাস কৰে যে, ইন্দ্ৰিয় সংযম আৰু অন্তৰৰ শুচিতা আনিব পাৰিয়ে যথার্থ জ্ঞানৰ অধিকাৰী হোৱা যায়। আত্মাৰ স্বাভাৱিক জৈৱিক প্ৰবৃত্তিক, বুদ্ধিবৃত্তি আৰু চিত্তশুদ্ধিৰ দ্বাৰা যথাযথভাৱে নিয়ন্ত্ৰণ কৰি সৎপথেৰে পৰিচালিত জীৱন যাপন কৰাই হ’ল আত্মসংযম। স্থিতপ্রজ্ঞ অৱস্থা প্রাপ্ত হ’বলৈ ইন্দ্ৰিয় সংযম আৰু ধ্যানত গুৰুত্ব দিব লাগে।
(ঝ) জ্ঞান সম্পৰ্কীয় আলোচনা (Epistemological Account): ভাৰতীয় দৰ্শনত জ্ঞানতত্ত্বৰ (Epistemology) ওপৰতো দার্শনিকসকলে আলোচনা কৰিছে। ভাৰতীয় দৰ্শনৰ নটা সম্প্ৰদায়ৰ প্ৰতিটো সম্প্রদায়ে যথার্থ জ্ঞান আৰু যথার্থ জ্ঞানৰ উপায় সন্দৰ্ভত আলোচনা কৰিছে। ভাৰতীয় দৰ্শনত যথার্থ জ্ঞানক ‘প্রমা’ আৰু যাৰ দ্বাৰা যথার্থ জ্ঞান উৎপন্ন হয় তাক ‘প্ৰমাণ’ বুলি কোৱা হয়।
(ঞ) মুক্তি বা মোক্ষ (Mukti or Liberation): মোক্ষ ভাৰতীয় দৰ্শনৰ অন্যতম সাধাৰণ বৈশিষ্ট্য। জড়বাদী চার্বাক সম্প্ৰদায়ৰ বাহিৰে আটাইবোৰ সম্প্ৰদায়ে মোক্ষকে জীৱনৰ চৰম আৰু একমাত্র লক্ষ্য বুলি ভাবে। তেওঁলোকৰ মতে, ‘ধৰ্ম, অর্থ, কাম, মোক্ষ’ এই চাৰি পুৰুষাৰ্থৰ ভিতৰত মোক্ষই হ’ল সর্বোত্তম। অন্য তিনি পুৰুষাৰ্থই মোক্ষ লাভৰ পথ প্রশস্ত কৰে। জীৱই মোক্ষ লাভ কৰিলে এই জগতৰ দুঃখ-যন্ত্ৰণাৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হয়। মোক্ষপ্রাপ্ত জীৱই পুনৰ সংসাৰত জন্ম ল’ব নালাগে।
৩। বৈদিক যুগৰ শিক্ষাৰ লক্ষ্যবোৰ কি কি আছিল? (What were the aims of education in Vedic period?)
উত্তৰঃ বৈদিক যুগৰ শিক্ষাৰ লক্ষ্যবোৰ তলত চমুকৈ উল্লেখ কৰা হ’ল—
(ক) ধৰ্মীয় আৰু সত্যপৰায়ণতাৰ গুণৰ প্ৰশিক্ষণ প্ৰদান কৰা (Inculcation of a spirit of piety and Righteousness): বৈদিক যুগৰ ঋষি-মুনিসকলে পাৰ্থিৱ মায়ামোহ ত্যাগ কৰি ধৰ্ম আৰু সত্যৰ পথত ব্ৰতী হৈছিল। গতিকে ধৰ্মীয় আৰু সত্যৰ ওপৰত প্ৰশিক্ষণ প্ৰদানেই বৈদিক যুগৰ শিক্ষাৰ লক্ষ্য।
(খ) প্রাচীন সংস্কৃতিৰ সংৰক্ষণ আৰু প্ৰসাৰ সাধন (Preservation and spread of ancient culture): বৈদিক যুগৰ সভ্যতা আৰু সংস্কৃতিৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছিল। গতিকে প্রাচীন সংস্কৃতি আৰু সভ্যতা নতুন পুৰুষকৈ শিক্ষাৰ জৰিয়তে প্ৰদান কৰি সংৰক্ষণ আৰু বিকাশ সাধন কৰাই শিক্ষাৰ লক্ষ্য আছিল।
(গ) ব্যক্তিত্বৰ বিকাশ সাধন কৰা (Development of personality): বৈদিক যুগত শিক্ষাৰ লক্ষ্য আছিল ব্যক্তিত বিকাশ সাধন কৰা। গতিকে গুৰুগৃহত শিষ্যৰ ব্যক্তিত্বৰ বিকাশৰ বাবে গুৰুৱে আলোচনা চক্র, তর্ক, আকস্মিক বক্তৃতা প্রতিযোগিতাও অনুষ্ঠিত কৰিছিল।
(ঘ) চৰিত্ৰ গঠন (Formation of character): শিশুৰ চৰিত্ৰ গঠনত গুৰুৱে আদর্শ হিচাপে ভূমিকা পালন কৰিছিল। চৰিত্ৰ গঠন বৈদিক যুগৰ শিক্ষাৰ এক গুৰুত্বপূৰ্ণ লক্ষ্য।
(ঙ) নাগৰিকত্ব আৰু সামাজিক কৰ্তব্যসমূহৰ বিষয়ে শিক্ষা দিয়া (Inculcation of civis and social duties): জাতীয় আৰু সামাজিক জীৱনত উৎকর্ষ সাধনৰ বাবে নাগৰিকক সামাজিক কর্তব্যসমূহৰ জ্ঞান দিয়াটো বৈদিক যুগৰ শিক্ষাৰ এক গুৰুত্বপূৰ্ণ লক্ষ্য।
(চ) বৃত্তীয় দক্ষতা বৃদ্ধি (Promotion of vocational efficiency): শিষ্যসকলক বৃত্তীয় দিশৰ মৌলিক জ্ঞান প্ৰদান কৰাৰ উপৰিও বৃত্তীয় দক্ষতা বৃদ্ধিৰ লগতে শ্ৰমৰ মৰ্যাদা উপলব্ধি কৰোৱাটোৱেও বৈদিক শিক্ষাৰ অন্য এক গুৰুত্বপূৰ্ণ লক্ষ্য।
৪। বৈদিক দৰ্শনৰ মতে যন্ত্ৰণাৰ কাৰণ পাঁচটা কি কি? (What are the five causes of suffering according to Vedic philosophy?)
উত্তৰঃ বৈদিক দৰ্শনৰ মতে যন্ত্রণা ভোগৰ পাঁচটা কাৰণ তলত সংক্ষেপে উল্লেখ কৰা হ’ল–
(ক) অতা (Ignorance): অজ্ঞতা চাৰি প্ৰকাৰৰ—
১। ভ্রান্ত বিশ্বাস।
২। অপবিত্রক পৱিত্র জ্ঞান কৰা।
৩। দুখৰ কাৰণবোৰ সুখৰ কাৰণ আৰু সুখৰ কাৰণবোৰ দুখৰ কাৰণ বুলি ভবা।
৪। জীৱক জড় আৰু জড়ক জীৱন্ত বুলি ভবা।
(খ) দাম্ভিকতা (Arrogance): মানৱ মনত যেতিয়া ঐশ্বৰ্য্যই মহত্ব পায় তেতিয়াই অহংকাৰে স্থান পায়। নিজকে মহৎ আৰু দাম্ভিক বুলি ভাবিলে যন্ত্রণা পোৱা যায়।
(গ) মোহ (Attachment): মোহে মানৱ মনক মায়াজালত বন্দি কৰি ৰাখে। ই ব্যক্তিক বস্তুবাদী কৰি তোলে।
(ঘ) ঈর্ষ (Jealousy): ঈর্ষাই ব্যক্তিক শুদ্ধ চিন্তা কৰাত বাধা জন্মায়। ঈৰ্ষাৰ ফলত ক্ৰোধৰ সৃষ্টি হয়।
(ঙ) মৃত্যুভয (Fear of Death): সকলো মানুহ মৰণশীল। ই এক চিৰন্তন সত্য কথা। তথাপি এই সংসাৰত সকলো জীৱই মৃত্যুক ভয় কৰে।
৫। বৈদিক দর্শন মতে সামাজিক আৰু আত্ম-উত্তৰণৰ দহটা নীতি কি কি? (What are the ten principles of for self and social uplift to Vedic philosophy?)
উত্তৰঃ বৈদিক দৰ্শনৰ মতে সামাজিক আৰু আত্ম উত্তৰণৰ দহটা নীতি তলত সংক্ষেপে উল্লেখ কৰা হ’ল–
(ক) ধৈর্য্য (Patience): সুখ-দুখ বা বিপদৰ সময়ত ধৈৰ্য্যচ্যুত নোহোৱা।
(খ) সহিষ্ণুতা (Tolerance): অন্যায়ৰ প্ৰতি সহিষ্ণু হৈ থাকিব লাগে। সকলো প্রাণী বা ব্যক্তিৰ প্ৰতি সহিষ্ণুতাৰ ভাৱ থকা।
(গ) মনৰ নিয়ন্ত্ৰণ (Control of Mind): মনৰ নিয়ন্ত্ৰণ কৰিব পাৰিলে সকলো বেয়া চিন্তাৰ পৰা মনক আঁতৰাই ভাল চিন্তাত প্ৰবৃত্ত কৰাব লাগে।
(ঘ) চুৰিকাৰ্য পৰিহাৰ কৰা (Refrain from Stealing): চুৰি, ডকাইতি বা অন্য কোনো দুর্নীতিত লিপ্ত হ’ব নালাগে।
(ঙ) পৰিষ্কাৰ-পৰিচ্ছন্নতা (Cleanliness): পৰিষ্কাৰ-পৰিচ্ছন্নতাই মনক পৰিস্কাৰ কৰাৰ কথা বুজাইছে। বাহ্যিক মন পৰিষ্কাৰ থাকিলেহে আভ্যন্তৰীণ মন পৰিস্কাৰ থাকিব। শুদ্ধ চিন্তাই, শুদ্ধ খাদ্যই মন পৰিস্কাৰ কৰে।
(চ) শৰীৰৰ সঠিক প্রয়োগ (Proper use of Body): শৰীৰৰ প্ৰত্যেকটো অংগ ভাল কামত প্ৰয়োগ কৰিব লাগে। শৰীৰৰ অংগৰ সঠিক প্রয়োগেহে ব্যক্তিক শৃংখলাবদ্ধ কৰি তোলে।
(ছ) বুদ্ধি (Intelligence): ভাল খাদ্য গ্রহণ, ভাল কিতাপ পঢ়ি আৰু ভাল সংগৰ দ্বাৰা বুদ্ধি বিকাশ কৰি মানসিক ক্ষমতাৰ বিকাশ ঘটাব লাগে।
(জ) জ্ঞান (Knowledge): জ্ঞান আহৰণৰ কোনো সীমা নাথাকে। জ্ঞানৰ পৰিধি বহল। গতিকে, মানুহে জ্ঞান আহৰণ কৰিবলৈ চেষ্টা কৰিব লাগে।
(ঝ) সত্য (Truth): সত্যৰ পৰা বিচলিত হ’ব নালাগে, সদায় সৎ পথত থাকিব লাগে।
(ঞ) খং দমন কৰা (Avoid anger): খং কৰিলে মানুহে হিতাহিত জ্ঞান হেৰুৱাই পেলায়। যিকোনো পৰিস্থিতিত খং দমন কৰি চলিব লাগে।
৬। যোগ দৰ্শনৰ প্ৰকাৰসমূহ আলোচনা কৰা। (Discuss the various types of yoga.)
উত্তৰঃ যোগ দৰ্শন হৈছে ভাৰতীয় আস্তিক দৰ্শনৰ এক গুৰুত্বপূৰ্ণ শাখা। মহর্ষি পতঞ্জলি এই দৰ্শনৰ প্ৰতিষ্ঠাপক হোৱা বাবে এই দর্শনক পতঞ্জলি দর্শন বুলিও কোৱা হয়। আস্তিক দর্শন হিচাপে যোগ দৰ্শনক মূলতঃ চাৰিটা প্ৰকাৰত বিভক্ত কৰা হয়। সেইবোৰ তলত চমুকৈ আলোচনা কৰা হ’ল—
(ক) জ্ঞান যোগ (Jnana Yoga): জ্ঞান যোগৰ প্ৰধান কাম হৈছে মানৱ জীৱনৰ অশুদ্ধ আৰু অসৎ চিন্তাবোৰ ধ্যানৰ যোগেদি নিৰাময় কৰি ভাল শিক্ষাৰে জীৱনটো সুস্থ পথেৰে প্ৰতিফলিত কৰা। ইয়াৰ লগত বুদ্ধিবৃত্তি, জ্ঞানী ব্যক্তিৰ সমৰ্পৰ্ক জড়িত হৈ থাকে। এই যোগৰ তিনিটা অংশ হ’ল শিক্ষা, প্রতিফলন আৰু ধ্যান।
(খ) ভক্তিযোগ (Bhakti Yoga): এই যোগৰ প্ৰধান কাম হৈছে ঈশ্বৰৰ প্ৰতি ভক্তি বা ধ্যান কৰা। ভক্তিযোগত ভক্তিভাৱেৰে ঈশ্বৰৰ প্ৰতি সমর্পিত কৰি ৰীতি, নীতি, আচাৰ-ব্যৱহাৰ পালন কৰা।
(গ) কর্মযোগ (Karma Yoga): কর্মযোগত ব্যক্তিয়ে কৰ্ম-সম্পাদনৰ যোগেদি ঈশ্বৰৰ প্ৰতি ভক্তি প্ৰদৰ্শন কৰে। এই যোগৰ মাজেৰে ব্যক্তিয়ে মানসিক আনন্দ লাভ কৰি ভগৱানৰ নির্দেশ পালনৰ ওপৰত গুৰুত্ব দিয়ে।
(ঘ) ৰাজযোগ (Raja Yoga): ৰাজযোগ হৈছে যোগৰ সৰ্বশ্ৰেষ্ঠ স্তৰ। ৰাজযোৰ মূল লক্ষ্য হৈছে মানুহৰ মানসিক, দৈহিক আৰু আধ্যাত্মিক দিশৰ মাজত ভাৰসাম্য ৰক্ষা কৰি ব্যক্তিক আত্ম-উপলব্ধি কৰা। পৰিৱেশৰ পৰা নিজকে আধ্যাত্মিক স্তৰলৈ গতি কৰা। ৰাজযোগক অষ্টাংগ যোগ বুলিও কোৱা হয়, কিয়নো যোগৰ আঠটা অংগৰ জৰিয়তেহে আত্ম-উপলব্ধি হয়।
৭। অষ্টাংগ যোগ সম্পর্কে চমুকৈ লিখা। (Write briefly about Ashtanga Yoga?)
উত্তৰঃ মহৰ্ষি পতঞ্জলিৰ মতে মানসিক অস্থিৰতা নিৰাময়ৰ বাবে ‘যোগ’ অতিশয় প্রয়োজনীয়। এই মন বা চিত্তক কিছুমান নীতি-নিয়মৰ মাজেৰে বা আসনৰ জৰিয়তে নিৰাময় কৰিব পাৰি।
এই আসন সমূহ আঠ প্ৰকাৰৰ। এই আঠপ্ৰকাৰৰ আসন বা যোগসমূহক যোগাংগে বা অষ্টাংগিকা যোগ বুলি কোৱা হয়।
তলত অষ্টাংগ যোগৰ বিষয়ে চমুকৈ আলোচনা কৰা হ’ল—
(ক) যম (Restraint): যম হৈছে সর্বজনস্বীকৃত সনাতন নৈতিক শৃংখলা। অষ্ট যোগাংগৰ প্রথম ভাগটো হ’ল যম। যমত পাঁচটা আচৰণ সন্নিৱিষ্ট হৈ আছে। যেনে—
১। অহিংসাঃ আনৰ প্ৰতি হিংসা, অন্যায় সমালোচনা, খং আদি নকৰাটোৱেই হৈছে অহিংসা। গতিকে শাৰীৰিক বা মানসিক কাৰ্যৰ দ্বাৰা আনৰ অনিষ্ট সাধন নকৰাকে অহিংসা বুজাইছে।
২। সত্যঃ সদায় সৎ পথত চলিব লাগে। সত্যতা যোগৰ সৰ্বশ্ৰেষ্ঠ পথ। সদায় সৎপথত চলা আৰু সৎ কথা আলোচনা কৰিব লাগে।
৩। অর্জ্ঞেয়ঃ চুৰিকাৰ্য কৰিব নালাগে। যি বস্তু নিজৰ নহয় তেনে বস্তু বা বিষয়ৰ পৰা নিজক আঁতৰত ৰাখিব লাগে।
8। ব্রহ্মচর্যঃ ব্রহ্মচর্য হ’ল বিষয়-বাসনাৰ পৰা আঁতৰি থকা। ব্ৰহ্মচর্য গুণে কোনো মায়া-মোহ বা আসক্তিৰ পৰা আঁতৰত ৰাখে।
৫। অপৰিগ্ৰহঃ বৈষয়িক আসক্তিৰ পৰা নিজকে আঁতৰাই অনা। লোভৰ বশৱৰ্তী হৈ আনৰ বস্তুৰ প্ৰতি মোহ কৰিব নালাগে।
(খ) নিয়ম (Niyama): দেহ, মন, ইন্দ্ৰিয় শুদ্ধ কৰাৰ বাবে যিবিলাক নিত্য-নৈমিত্তিক আচাৰ-ব্যৱহাৰ পালন কৰা হয়, তাকেই নিয়ম বোলে। নিয়মৰ অন্তৰ্ভূক্ত বিষয়সমূহ হ’লঃ
১। শৌচঃ শৌচৰ দ্বাৰা দেহ-মন শুদ্ধিকৰণ কৰা হয়। ই দুই প্ৰকাৰৰ। আভ্যন্তৰীণ আৰু বাহ্যিক। আভ্যন্তৰীণ শৌচ হ’ল বন্ধুত্ব, মৰম, আনন্দ আদি আৰু বাহ্যিক শৌচ হ’ল স্নান কৰা, ভোজন কৰা, ঘৰ-দুৱাৰ পৰিস্কাৰ কৰা আদি।
২। সন্তোষঃ ব্যক্তিয়ে জীৱনত লাভ কৰি সন্তুষ্টি থকাটোকেই সন্তোষ বুজায়।
৩। তপঃ তপ হ’ল সহ্য কৰা গুণ। তপস্যাৰ যোগেদি সহনশীল হৈ আত্ম-শুদ্ধিকৰণ কৰিব পৰা যায়।
৪। স্বাধ্যায়ঃ স্বাধ্যায় হ’ল আত্মজ্ঞান বা ঐশ্বৰিক শক্তিৰ স্বৰূপ উপলব্ধি কৰা।
৫। ঈশ্বৰৰ প্ৰণিধানঃ ঈশ্বৰৰ প্ৰতি নিৰন্তৰ চিন্তা কৰি বা ধ্যান কৰি নিজকে ঈশ্বৰ ভক্ত কৰি তোলা।
(গ) আসন (Asana): অষ্টাংগ যোগৰ তৃতীয় ভাগ হ’ল আসন। আসনৰ জৰিয়তে ব্যক্তিয়ে সুস্থ দেহত, সুস্থ মনৰ বিকাশ সাধন কৰিব পাৰে আৰু নিজকে নিৰোগী কৰি ৰাখিব পাৰে।
(ঘ) প্রাণায়াম (Breath Control): মনৰ একাগ্ৰতা বৃদ্ধিৰ বাবে প্ৰাণায়াম অতি অপৰিহাৰ্য। কিন্তু প্ৰাণায়ামৰ উচিত প্ৰশিক্ষণৰ অভাৱত ইয়াৰ প্ৰতিক্ৰিয়া বিপৰীত হ’ব পাৰে। শ্বাস-প্রশ্বাস প্ৰক্ৰিয়া নিয়মিতভাৱে কৰিবলৈ প্ৰাণায়াম কৰা হয়। ইয়াৰ জৰিয়তে দেহ আৰু মন স্থিৰ কৰি ৰাখিব পাৰি।
(ঙ) প্রত্যাহাৰ (Withdrawal of the senses/pratyashare): বাহ্যিক বিষয়বস্তুৰ পৰা ইন্দ্ৰিয়সমূহক আঁতৰাই মনটোক একাগ্ৰ কৰাকে প্রত্যাহাৰ বুলি কোৱা হয়। প্রত্যাহাৰৰ ওপৰত নিয়ন্ত্ৰণ কৰিব পাৰিলে শৰীৰৰ বিসংগতিও ধ্যানক প্ৰভাৱিত কৰিব নোৱাৰে।
(চ) ধাৰণা (Attention): ধাৰণা হ’ল অভিপ্রেত বিষয়বস্তুৰ ওপৰত চিত্ত নিবদ্ধ কৰা।
(ছ) ধ্যান (Dhyana / Meditation): ধ্যান হ’ল ধাৰণাৰ গভীৰ অৱস্থা। ধ্যানৰ দ্বাৰা ধাৰণা গভীৰ হয়।
(জ) সমাধি (Samadhi / Concentration): অষ্টাংগ যোগৰ শেষৰ পৰ্যায় হ’ল সমাধি। ই হৈছে সর্ব্বোচ্চ প্রাপ্তি। ইয়াত ঐকান্তিক সাধনা, সর্ব্বোচ্চ সাধনা থাকে য’ত ব্যক্তিয়ে নিজকে বিশ্বব্রহ্মাণ্ডৰ লগত একাত্মতাত নিমগ্ন হ’ব পাৰে। সৰ্ব্বোচ্চ শক্তিৰ লগত আত্মাৰ বিলীন কৰাই হৈছে সমাধি।
শেষত, ইয়াকে ক’ব পাৰি যে যোগ দর্শনেই শিক্ষাৰ্থীৰ শাৰীৰিক, নৈতিক, আধ্যাত্মিক আৰু সামাজিক বিকাশক বাস্তৱমুখী কৰি তোলে। তাৰোপৰি যোগবলৰ যোগেদি শিক্ষাৰ্থীৰ একাগ্ৰতা আৰু ইন্দ্ৰিয়সমূহ নিয়ন্ত্ৰণৰ কৌশলসমূহ আয়ত্ত্ব কৰাত সহায় কৰে।
৮। শিক্ষাত যোগ দৰ্শনৰ প্ৰভাৰ সম্পৰ্কে আলোচনা কৰা। (Explain the impact of yoga philosophy on education.)
উত্তৰঃ ভাৰতীয় আস্তিক দৰ্শনৰ এটি উল্লেখযোগ্য শাখা হৈছে যোগ দৰ্শন। ইয়াৰ প্ৰধান উদ্দেশ্য হৈছে মানৱ ব্যক্তিত্বৰ সৰ্বাংগীণ বিকাশ সাধন কৰা। যোগ দর্শন মতে, প্রকৃতি, পুৰুষ আৰু ঈশ্বৰ অভিন্ন সত্ত্বা। ঈশ্বৰৰ প্ৰায়োগিক আৰু তাত্ত্বিক উভয় দিশেই যোগত স্বীকাৰ কৰি লোৱা হয়। এই দৰ্শনমতে শিক্ষাৰ দ্বাৰা সকলোকে প্রকৃতি, পুৰুষ আৰু ঈশ্বৰৰ প্ৰকৃত স্বৰূপৰ বিষয়ে ধাৰণা দিব লাগে। গতিকে ঈশ্বৰক আৰাধনা কৰি তেওঁৰ লগত একাত্ম হ’ব পাৰিলেহে কৰ্মৰ বন্ধনৰ পৰা মুক্ত হৈ পৰমাত্মাৰ লগত বিলীন হ’ব পাৰি।
তলত শিক্ষাৰ বিভিন্ন দিশত যোগ দৰ্শনৰ প্ৰভাৱ সম্পৰ্কে চমুকৈ আলোচনা কৰা হ’ল—
(ক) যোগ দৰ্শন আৰু শিক্ষাৰ লক্ষ্য (Yoga Philosophy and Aims of Education): যোগ দৰ্শনৰ মতে, জীৱনৰ লগত বিশ্বব্ৰহ্মাণ্ডক একীকৰণ কৰাই হৈছে শিক্ষাৰ মূল লক্ষ্য। এই দৰ্শনৰ মতে শিক্ষাৰ মূল লক্ষ্য হৈছে জীৱনৰ পৰা মুক্তি লাভ কৰা। জীৱনৰ পৰা অজ্ঞানতা দূৰ কৰা আৰু জ্ঞান লাভ কৰি আত্মাৰ মুক্তি সম্ভৱপৰ কৰিব পৰা যায়। যোগ দৰ্শনৰ মতে শিক্ষাৰ মূল লক্ষ্যসমূহ নিম্নলিখিত বিধৰ হোৱা উচিত—
১। শাৰীৰিক বিকাশৰ লক্ষ্য।
২। মানসিক, নৈতিক. আধ্যাত্মিক আৰু বৌদ্ধিক দিশৰ বিকাশ সাধন কৰা।
৩। সৎ গুণ আহৰণৰ লক্ষ্য।
৪। সামাজিক কল্যাণৰ বাবে নিয়োজিত হোৱাৰ লক্ষ্য।
(খ) যোগ দৰ্শন আৰু পাঠ্যক্ৰম (Yoga Philosophy and Curriculum): যোগ দৰ্শনৰ শিক্ষাৰ আধাৰত যোগ দৰ্শনৰ পাঠ্যক্ৰম নিৰ্ভৰশীল হোৱা দেখা যায়। এই দৰ্শনৰ মতে পাঠ্যক্ৰমত চাৰি প্ৰকাৰৰ বিষয়বস্তু অন্তৰ্ভুক্ত কৰা হয়।
সেইবোৰ হ’ল—
১। সমাধি পদঃ যোগৰ লক্ষ্য আৰু পালনৰ নিয়মসমূহ সমাধিপদৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হয়।
২। সাধনা পদঃ সাধনা পদত যোগৰ প্ৰকাৰ আৰু উদ্দেশ্যসমূহৰ বিষয়ে অন্তর্ভুক্ত কৰা হয়।
৩। বিভূতি পদঃ ব্যক্তিৰ জীৱনৰ দৈনন্দিন কৰ্তব্য আৰু সাধনাৰ পথসমূহৰ বিষয়ে বিভূতি পদত ব্যাখ্যা কৰা হয়।
8। কৈৱল্য পদঃ সাধনা বা জ্ঞানৰ যোগেদি আত্মমুক্তিৰ পথ গ্ৰহণৰ বিষয়ে কৈৱল্য পদত ব্যাখ্যা কৰা হয়।
ইয়াৰ উপৰিও যোগ দৰ্শনৰ শিক্ষাৰ পাঠ্যক্ৰমত আধ্যাত্মবাদ, দর্শন, নীতিশাস্ত্র, মনোবিজ্ঞান, জীৱবিদ্যা, যোগ, ভাষা, বেদ-বেদান্ত, পুৰাণ, চিকিৎসা, ন্যায়, জ্যামিতি, বুৰঞ্জী ইত্যাদি বিষয় অন্তৰ্ভুক্ত কৰা উচিত।
(গ) যোগ দৰ্শন আৰু শিক্ষাদান পদ্ধতি (Yoga Philosophy and Methods of Teaching): যোগ দর্শন মতে, শিক্ষাদানৰ পদ্ধতিসমূহ নিম্নলিখিত ধৰণৰ হোৱা উচিত—
১। সূত্র পদ্ধতিঃ সূত্ৰ পদ্ধতিৰ মাধ্যমত শিক্ষাৰ্থীসকলক সহজে যোগ দৰ্শনৰ নিয়মৰ বিষয়ে শিক্ষাদান কৰা হয়।
২। বক্তৃতা পদ্ধতিঃ পতঞ্জলিৰ মতে, জ্ঞান প্ৰদানৰ প্ৰধান মাধ্যম হ’ল বক্তৃতা। বক্তৃতাৰ জৰিয়তে যোগ দৰ্শনৰ জ্ঞান ব্যাখ্যা কৰা হয়।
৩। কর্মভিত্তিক শিক্ষা পদ্ধতিঃ যোগ শিক্ষা লাভ কৰিবলৈ হ’লে ব্যৱহাৰিক জ্ঞান বা কর্মভিত্তিক শিক্ষাৰে শিক্ষাৰ্থীক শিক্ষা দিয়া হয়।
৪। অনুশীলন পদ্ধতিঃ যোগৰ বিষয়ে শিক্ষা অনুশীলন অবিহনে সম্ভৱ নহয়। গতিকে যোগৰ জ্ঞান প্ৰাপ্তি অনুশীলনৰ পদ্ধতিৰ ওপৰত ভিত্তি কৰি প্ৰাপ্ত হয়।
৫। প্রত্যক্ষ পদ্ধতিঃ যোগৰ বিষয়ে প্রত্যক্ষ অভিজ্ঞতাৰ ভিত্তিতহে জ্ঞান প্রাপ্ত হয়। সেয়েছে, প্রত্যক্ষ পদ্ধতি যোগ দৰ্শনৰ জ্ঞান লাভৰ উপযুক্ত পদ্ধতি।
৬। শ্ৰৱণ, ধ্যান আৰু একাত্মকৰণ পদ্ধতিঃ যোগ দৰ্শনৰ শিক্ষা লাভৰ বাবে শ্ৰৱণ, ধ্যান অতি প্রয়োজনীয়। শ্ৰৱণ আৰু ধ্যানৰ দ্বাৰাহে ব্যৱহাৰিক জীৱনত একাত্মক হ’বলৈ ব্যক্তি সক্ষম হয়।
৭। সংশ্লেষণ-বিশ্লেষণ পদ্ধতিঃ যোগ দৰ্শনৰ সংশ্লেষণ আৰু বিশ্লেষণ পদ্ধতিৰ জৰিয়তে জ্ঞান অনুধাৰণ কৰিব পাৰি। জ্ঞানৰ সৰলীকৰণ কৰিবলৈ বিশ্লেষণ অতি প্রয়োজনীয়। তদুপৰি সংশ্লেষণ পদ্ধতিৰ জৰিয়তে প্রাপ্ত জ্ঞান সামৰণিৰ জৰিয়তে উচিত সিদ্ধান্তত উপনীত হ’ব পৰা যায়।
(ঘ) যোগ দৰ্শন আৰু অনুশাসন (Yoga Philosophy and Discipline): যোগ দৰ্শনত শিক্ষাৰ্থীৰ আভ্যন্তৰীণ আৰু আত্মনুশাসনত বেছি গুৰুত্ব দিয়া হয়। ব্যক্তিয়ে অনুশাসনৰ জৰিয়তে দেহ আৰু মন শৃংখলিত কৰিবলৈ সক্ষম হয়। এই দর্শনমতে, মনৰ চঞ্চলতা আৰু দ্বিধাগ্ৰস্ততা আঁতৰ কৰাই হৈছে অনুশাসন। অষ্টাংগ যোগৰ জৰিয়তে সঠিক অনুশাসন বৰ্তাই ৰাখিব পাৰি। অনুশাসন অবিহনে শিক্ষা সম্ভৱ নহয় বুলি এই দর্শনে মত প্রকাশ কৰে।
(ঙ) যোগ দৰ্শন আৰু শিক্ষক (Yoga Philosophy and Teacher): যোগ দর্শনত শিক্ষকসকলক অতি উচ্চ স্থান দিয়া হৈছিল। শিক্ষকে যোগৰ প্ৰশিক্ষণৰ জৰিয়তে শিক্ষার্থীক তাত্ত্বিক আৰু ব্যৱহাৰিক জ্ঞান প্রদান কৰে। শিক্ষার্থীয়ে আধ্যাত্মিক অনুশাসনেৰে নিজকে অনুশাসিত কৰি নিজকে ঈশ্বৰৰ প্ৰতি সমর্পিত কৰে। শিক্ষাৰ্থীৰ অন্তর্নিহিত গুণৰ বিকাশ একমাত্র শিক্ষকজনেহে কৰিব পাৰে। সেই বাবে যোগ দর্শনত শিক্ষকক উচ্চ স্থান দি কোৱা হয় যে শিক্ষক অবিহনে যোগ দৰ্শনত শিক্ষা সম্ভৱ নহয়।
৯। ব্ৰহ্ম সম্পর্কে শঙ্কৰাচাৰ্যৰ মতবাদ ব্যাখ্যা কৰা। (Elucidate Sankaracharya’s conception of Brahman.)
উত্তৰঃ শংকৰাচাৰ্য এগৰাকী অদ্বৈত বেদান্তিন হিচাপে তেওঁৰ অদ্বৈত বেদান্ত দর্শনক এজন এক আৰু অদ্বিতীয় (একমেবাদ্বিতীয়ম) পৰম সত্ত্বাৰ অস্তিত্বক স্বীকাৰ কৰিছে। এই পৰম সত্ত্বা হৈছে ব্ৰহ্ম। শংকৰাচাৰ্যৰ মতে, “ব্ৰহ্ম সত্য, জগত মিথ্যা; জীৱ ব্রহ্মস্বৰূপ” (ব্রহ্ম সত্যং জগত মিথ্যা জীৱো ব্ৰহ্মৈৰ নাপৰ) ব্ৰহ্মাই একমাত্ৰ পাৰমাৰ্থিক সৎ। ব্ৰহ্মৰ বাহিৰে বাকী সকলো বস্তুৱেই মিথ্যা। জীৱাত্মা হ’ল ব্ৰহ্মৰে অংশবিশেষ— জীবাত্ম আৰু ব্ৰহ্ম অভিন্ন। শংকৰাচাৰ্যৰ দর্শনত ব্ৰহ্ম এক, অদ্বিতীয়, অপৰিণামী, নিৰ্গুণ, নির্বিশেষ, নিৰাকাৰ, নিৰূপাক্ষিক, নিৰংশ, নিৰবয়ব, অনির্বচনীয় আৰু ভেদৰহিত। কিন্তু ব্ৰহ্ম সর্বজ্ঞ, সর্বশক্তিমান, সর্বব্যাপক, অসীম, অনন্ত, অনাদি, নিত্য, শাশ্বত, স্বপ্রকাশিত, শুদ্ধ, বুদ্ধ, মুক্ত আৰু সচ্চিদানন্দ স্বৰূপ ৷
শংকৰাচাৰ্যই ব্ৰহ্মৰ বিচাৰ প্ৰধানকৈ দুটা দিশৰ পৰা কৰিছে। সেই দিশ দুটা হ’ল – ব্যৱহাৰিক দিশ আৰু পাৰমাৰ্থিক দিশ। ব্যৱহাৰিক দৃষ্টিকোণৰ পৰা জগতক এওঁ সত্য বুলি ধৰিছে আৰু সগুণ ব্ৰহ্মক এই জগতৰ উপাদান কাৰণ হিচাপে মানি লৈছে। এই সগুণ ব্ৰহ্ম হ’ল সৃষ্টিকর্তা, পালক, সংহাৰক, সর্বজ্ঞ আৰু সৰ্বশক্তিমান। এই সগুণ ব্ৰহ্মক ঈশ্বৰ নামেও জনা যায়। পাৰমাৰ্থিক দিশৰ পৰা ব্ৰহ্ম জগতকৰ্তা নহয়। জগতকৰ্তৃত্ব ব্ৰহ্মাৰ স্বৰূপ লক্ষণ নহয়, জগতৰ সৃষ্টিকর্তা হোৱাটো ব্ৰহ্মাৰ ঔপাধিক গুণহে, বাস্তৱিক স্বৰূপ নহয়। ভাৱৰীয়া এজনৰ যেনেকৈ মঞ্চৰ বাহিৰত এক বেলেগ ৰূপ আছে, ব্ৰহ্মৰো তেনেকৈ জগতৰ বাহিৰত এক বেলেগ ৰূপ আছে। এই ৰূপ পাৰমার্থিক ৰূপ। এই ৰূপত পৰম ব্ৰহ্ম সকলো বিশেষণৰ অতীত, সেই কাৰণেই তেওঁ নিৰ্গুণ। এইটোৱে ব্ৰহ্মৰ যথাৰ্থ বা প্রকৃত স্বৰূপ।
ব্রহ্ম নির্বিশেষ। ই দিক, দেশ আৰু কালৰ ভেদৰহিত। ব্ৰহ্ম জগতখনৰ অতীত, এটা অলৌকিক পাৰমাৰ্থিক সত্তা ব্রহ্মাৰ কোনো স্বজাতিও নাই, বিজাতিও নাই, ই সকলো প্ৰকাৰৰ ভেদা-ভেদ ৰহিত আদাত্মিক সত্তা। ব্রহ্ম এটা পদ বিশেষ নহয়; কাৰণ যিকোনো পদৰ এটা জাতি থাকে, অর্থাৎ কোনো ক্রিয়া, গুণ বা ৰূপ আদিৰ নিৰ্দেশ থাকে। এইবোৰ হৈছে লৌকিক বা ব্যৱহাৰিক বৈশিষ্ট্য। সকলো প্ৰকাৰৰ জাগতিক অস্তিত্বৰ পৰা পৃথক পৰম সত্ত্বা, ব্ৰহ্ম নিষ্ক্রিয়, নিৰ্গুণ, নিৰপেক্ষ আৰু নিৰূপাক্ষিক। প্রশ্ন উপনিষদৰ ভাষ্যত শংকৰাচাৰ্যই কৈছে যে জাগতিক অৰ্থত ব্রহ্ম এটা অস্তিত্বও নহয়, অনস্তিত্বও নহয়, ই সকলোৰে অতীত এটা পাৰমাৰ্থিক শুদ্ধ সত্ত্বা। শংকৰাচাৰ্যই পোন প্ৰথমবাৰৰ বাবে বেদান্ত সূত্ৰ বা ব্ৰহ্মসূত্ৰৰ ওপৰত “শাৰীৰিক ভাষ্য” লিখি বেদান্ত সম্প্ৰদায়ৰ পাতনি মেলে। তেওঁ অদ্বৈতবাদ প্ৰতিষ্ঠা কৰি এই মত পোষণ কৰে যে, “ব্রহ্ম সত্য, জগত মিথ্যা; জীৱ হ’ল ব্ৰহ্মস্বৰূপ।” জগতখন হ’ল ব্ৰহ্মৰ মায়িক ৰূপ। মায়া আঁতৰিলে জীৱ আৰু ব্ৰহ্ম যে অভিন্ন এই জ্ঞান লাভ কৰা যায়।
১০। শঙ্কৰাচাৰ্যৰ মায়াৰ ধাৰণাটো আলোচনা কৰা। (Discuss the Sankara’s concept of Maya.)
উত্তৰং অদ্বৈত বেদান্ত দৰ্শনৰ এটি মুখ্য আলোচ্য বিষয় হৈছে মায়া। মায়াৰ ধাৰণাটো অতি প্রাচীন। অদ্বৈত বেদান্তৰ কেন্দ্ৰীয় বৈশিষ্ট্যটো হৈছে এই মায়াতত্ত্ব। শংকৰাচাৰ্যৰ পূৰ্বে মায়া সম্পর্কে তাত্ত্বিক আলোচনা হোৱা দেখা নাযায়। পোন প্ৰথমবাৰৰ বাবে তেওঁ মায়াক এটা ৰূপ দি জগতখনৰ সম্যক ব্যাখ্যা কৰি কয় যে, ‘ব্ৰহ্ম সত্য, জগত মিথ্যা, জীৱো ব্ৰহ্মৈৰ নাপৰঃ।” ইয়ে অদ্বৈত বেদান্ত দৰ্শনৰ মূল কথা। ইয়াৰ অৰ্থ ব্ৰহ্মাই একমাত্র সত্য, জগতখন অসত্য কিন্তু জীৱ আৰু জগতৰ স্বৰূপটো হৈছে ব্ৰহ্ম।
শংকৰাচাৰ্যৰ মতে, জগতৰ মূলতে আছে মায়া, অবিদ্যা বা অধ্যাস। মায়া জগতৰ ভ্ৰমৰ মূল কাৰণ। কোনো এটা বস্তু অন্য বস্তুৰূপে প্ৰতীত হ’লে তাক কোৱা হয় অধ্যাস। অধ্যাসৰ নামেই মায়া বা অবিদ্যা। মায়া স্বৰূপতঃ ভ্ৰম উৎপাদনকাৰী অজ্ঞানবিশেষ। মায়াৰ কাৰণেই মিথ্যা জগত সত্য বুলি জীৱৰ নিকট প্রতিভাত হয়। কিন্তু বাস্তৱত ব্রহ্মই একমাত্র সত্য আৰু মায়া ব্ৰহ্মত নিবাস কৰে। মায়া ব্ৰহ্মত আশ্ৰয় কৰি থাকিলেও মায়াৰ দ্বাৰা ব্ৰহ্ম কিন্তু প্রভাবিত নহয়।যিদৰে ৰূপহীন আকাশৰ ওপৰত আৰোপিত নীলা ৰঙৰ প্ৰভাৱ আকাশৰ ওপৰত নপৰে, যিদৰে যাদুকৰ এজনৰ যাদুশক্তি দৰ্শকৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিলেও যাদুকৰক প্ৰভাৱিত নকৰে; সেইদৰে ব্ৰহ্মৰ পৰাই মায়াৰ সৃষ্টি হ’লেও মায়াই ব্ৰহ্মক প্রভাৱিত কৰিব নোৱাৰে। মায়া ব্ৰহ্মৰ এক শক্তিবিশেষ, যাৰ ওপৰত ভিত্তি কৰি ব্ৰহ্মই বিশ্বজগত নিৰ্মাণ কৰিছে। যিদৰে যাদুকৰ এজনে যাদুশক্তিৰ দ্বাৰা বিভিন্ন প্ৰকাৰৰ খেলাদি প্ৰদৰ্শন কৰে, সেইদৰে মায়াশক্তিৰ দ্বাৰা ব্ৰহ্মই বিশ্বৰ নানা ৰূপাত্মক ৰূপ উপস্থিত কৰে।
শংকৰাচাৰ্যৰ মতে, মায়াশক্তি যুক্ত ব্ৰহ্মাই ঈশ্বৰ। মায়াৰ কাৰণে নিষ্ক্রিয় আৰু নিৰ্গুণ ব্রহ্ম সক্রিয় আৰু সগুণ হৈ পৰে। মায়াৰ দ্বাৰা উপহিত হৈ নিৰ্গুণ ব্ৰহ্ম কল্যাণ গুণৰ আধাৰ হৈ ঈশ্বৰৰূপী জগত কাৰণ ৰূপ ধাৰণ কৰে। মায়া নিজৰ ক্ৰিয়া ব্ৰহ্মত আৰোপ কৰে বাবেই মায়াক ব্ৰহ্মৰ উপাধি বোলা হয়। মায়াৰ ফলত নিৰাকাৰ, নিৰ্গুণ ব্ৰহ্ম জীৱৰ নিকট সাকাৰ, সগুণ ৰূপত ধৰা দিয়ে। জীৱাত্মা ব্ৰহ্মকে ঈশ্বৰ জ্ঞান কৰি ভুল কৰে। ঈশ্বৰ ব্ৰহ্মাৰ প্ৰতিভাসহে, ব্ৰহ্ম নহয়। সম্যক জ্ঞান লাভ কৰিলে অবিদ্যা আঁতৰি যায় আৰু তেতিয়া ঈশ্বৰ আৰু জগতৰ মিথ্যা ধাৰণাৰ অৱসান ঘটে; অৱশিষ্ট থাকে কেৱল শুদ্ধ, চৈতন্যময় অদ্বিতীয় সত্ত্বা-ব্রহ্ম।
ইয়াত এটা কথা মনত ৰাখিব লাগিব যে, জগতৰ বিলুপ্তি মানে, সকলোবিলাক শূন্যত পৰিণত হোৱা বুলি ধৰাটো ভুল হ’ব। ইয়াৰ প্ৰকৃত অৰ্থ হৈছে জগতৰ কেৱল প্ৰতিভাসিক বা অবিদ্যাজনিত ৰূপটো নাইকীয়া হোৱা। শুদ্ধ জ্ঞানৰ ফলত যেতিয়া অবিদ্যা আঁতৰি যায়, তেতিয়া জগতখনৰ ভিন্নাত্মক বহুধা ৰূপ সলনি হৈ অভিন্ন অদ্বৈত ৰূপটো প্ৰতিভাত হয়।
অদ্বৈত বেদান্তত মায়াৰ দুটা প্ৰক্ৰিয়া দেখা যায়। সেই দুটা হ’ল–
(ক) আৱৰণ।
(খ) বিক্ষেপণ।
আৱৰণ প্ৰক্ৰিয়াৰ ফলত আমি বিষয়ৰ যথাৰ্থ ৰূপ দেখা নাপাওঁ। ইয়াৰ দ্বাৰা মায়াই ব্ৰহ্ম বা পৰম সত্ত্বাক আবৃত কৰি ৰাখে। আনহাতে, বিক্ষেপণৰ দ্বাৰা মায়াই অদ্বৈত ব্ৰহ্মক বহুধা জগতৰূপে বিকৃত কৰি তোলে। বিক্ষেপণৰ ফলতেই মিথ্যা জ্ঞান বা ভ্ৰান্তিহয়, যেনেকৈ ৰছীডালক ভুলবশতঃ সাপ হিচাপে দেখা যায়। শংকৰাচাৰ্যই তেওঁৰ জ্ঞানতত্ত্বত এই বিক্ষেপণ প্রক্রিয়াকেই অধ্যাস বুলি উল্লেখ কৰিছে। গতিকে দেখা যায় যে, মায়া কেৱল যথাৰ্থ জ্ঞানৰ অভাৱেই নহয়, বিষয়ৰ স্বৰূপ বিকৃত কৰাও ইয়াৰ লক্ষণ। ইয়াকেই প্ৰকৃততে অবিদ্যা বুলি কোৱা হয়। ৰাধাকৃষ্ণণৰ মতে, সত্ত্বাক আবৃত কৰা আৰু অসত্ত্বাক অভিব্যক্ত কৰাই মায়াশক্তিৰ দুটা মুখ্য কাম।
১১। শঙ্কৰাচাৰ্যৰ জগতৰ ধাৰণাটো আলোচনা কৰা। (Write briefly about Sankara’s concept of Jagat.)
উত্তৰঃ শংকৰাচাৰ্যই মায়াবাদৰ সহায়ত জগত ব্যাখ্যা কৰিছে। তেওঁৰ মতে, ব্রহ্ম সৎ, এক আৰু অদ্বিতীয়। জীৱজগত ব্ৰহ্মৰ বিৱৰ্ত মাত্ৰ, পৰিণাম নহয়। ‘বিবর্ত’ শব্দৰ অৰ্থ হ’ল কাৰ্যৰ মিছা বা অলীক প্রকাশ। আনহাতে, ‘পৰিণাম’ হ’ল কাৰণৰ পৰা যথার্থ সত্য কার্য সৃষ্টি। উদাহৰণস্বৰূপে গাখীৰৰ পৰা দৈৰ উৎপত্তি হয়। ইয়াত গাখীৰ আৰু দৈ উভয়েই সমানে সত্য। গাখীৰ কাৰণ আৰু দৈ পৰিণাম। কিন্তু বিবৰ্তত কাৰণ আৰু কাৰ্য সমানে সঁচা নহয়। ইয়াৰ কাৰণে কোনো কাৰ্য সৃষ্টি নকৰাকৈ আমি ভ্ৰমৰ বশৱৰ্তী হৈ কাৰ্য সৃষ্টি হোৱা যেন দেখো। যেনেকৈ ৰছীৰ ঠাইত আমি যেতিয়া ভুলবশতঃ সাপ দেখো, তেতিয়া ৰছীডাল সঁচাকৈয়ে সাপলৈ পৰিৱৰ্ত নহয়। ৰছীডাল সাপৰ অলীক প্ৰকাশহে মাত্ৰ। ইয়াত ৰছীডালেই সত্য আৰু ৰছীৰ পৰা কোনো কাৰ্যৰ উৎপত্তি হোৱা নাই। ঠিক সেইদৰেই শংকৰাচাৰ্যৰ মতে ব্যৱহাৰিক জগতখনক ব্ৰহ্মৰ এক অলীক প্ৰকাশ মাত্র, যাৰ প্ৰকৃত সত্যতা নাই। ৰছীত সাপৰ নিচিনাকৈ, ভ্ৰমবশতঃ জগতৰ জ্ঞান হয় যি প্ৰকৃততে মিছা। অদ্বৈত বেদান্তত জগত সৃষ্টিৰ প্ৰক্ৰিয়াক ৰছী সাপৰ ভ্ৰমৰ অনুৰূপ ব্যাখ্যা দিয়া হৈছে।
ৰছীৰ পৰা ভ্রমবশতঃ সাপৰ সৃষ্টি হোৱাৰ নিচিনাকৈ ব্ৰহ্মৰ পৰাও একেদৰেই জগত উদ্ভৱ হয়। ব্রহ্মই একমাত্র সত্য, জগত সত্য নহয়। অজ্ঞানৰ কাৰণে আমি ব্ৰহ্মত জগত আৰোপ কৰি ব্ৰহ্মাকে জগত বুলি ভুল কৰো। জীৱৰ দিশৰ পৰা যাক অজ্ঞান বা অবিদ্যা বুলি কোৱা হয়, ব্ৰহ্মৰ দিশৰ পৰা তাকে ‘মায়া’ বুলি কোৱা হয়। জগতখন ‘মায়া’ৰ সৃষ্টি। উপনিষদতো কোৱা হৈছে যে ব্ৰহ্মই মায়া শক্তিৰে এই জগত সৃষ্টি কৰিছে। শংকৰাচাৰ্যই তেওঁৰ অদ্বৈত বেদান্তত তিনি স্তৰৰ সত্ত্বা স্বীকাৰ কৰিছে— পাৰমাৰ্থিক সত্ত্বা, ব্যৱহাৰিক সত্ত্বা আৰু প্ৰতিভাসিক সত্ত্বা। যি কেতিয়াও অসত্য বুলি প্রমাণিত নহয় সেয়ে পাৰমাৰ্থিক সত্ত্বা অর্থাৎ ব্রহ্ম। দ্বিতীয়তে, যিবোৰ বস্তুৰ জাগ্ৰত অৱস্থাত অভিজ্ঞতা হয়, যিবোৰ বস্তুৰ ওপৰত আমাৰ ব্যৱহাৰিক জীৱন নিৰ্ভৰশীল, আৰু যিবোৰ বস্তু ব্ৰহ্মাজ্ঞানৰ লগে লগে অসত্য বুলি প্রমাণিত হয় সেয়ে ব্যৱহাৰিক সত্ত্বা অর্থাৎ জগত। তৃতীয়তে, যি বস্তুপৰ অলপ সময়ৰ কাৰণে প্ৰত্যক্ষ হয় আৰু অন্য ব্যৱহাৰিক প্রত্যক্ষৰ দ্বাৰা অসত্য বুলি প্ৰমাণিত হয়, সেয়ে প্রতিভাসিক সত্ত্বা, যেনে – ৰছীৰ ঠাইত দেখা সাপ বা সপোনত দেখা বস্তু।
শংকৰাচাৰ্যৰ মতে, জগতৰ ব্যৱহাৰিক অস্তিত্ব আছে কিন্তু পাৰমাৰ্থিক দৃষ্টিত জগতৰ অস্তিত্ব নিত্য নহয়। জগত সপোনত দেখা বস্তুৰ নিচিনা ক্ষণস্থায়ীও নহয় বা ব্ৰহ্মৰ নিচিনা শাশ্বতো নহয়। জগত সৎ নহয়, কাৰণ সৎ কেতিয়াও অসত্য বুলি প্ৰমাণিত হ’ব নোৱাৰে। জগত অসৎ নহয়; কাৰণ, জগতক প্ৰত্যক্ষ কৰা হয়। গতিকে জগতক অনির্বচনীয় বুলিও কোৱা হয়।
১২। শঙ্কৰাচাৰ্যৰ জীৱৰ ধাৰণা চমুকৈ ব্যাখ্যা কৰা। (Write briefly about Sankara’s concept of Jiva.)
উত্তৰঃ শংকৰাচাৰ্যৰ অদ্বৈত বেদান্তই কৈছে যে ব্ৰহ্মই একমাত্র সত্য, এই জগতখন মিথ্যা আৰু জীৱ বা ব্যক্তিবিশেষ সঁচা অৰ্থত ব্ৰহ্মৰ বাদে আন একো নহয়। পাৰমাৰ্থিক অৰ্থত ব্ৰহ্ম আৰু জীৱৰ মাজত কোনো পার্থক্য নাই। ব্ৰহ্মৰ দৰেই জীৱ সৎ-চিৎ আৰু আনন্দ প্ৰকৃতিৰ, যি অনির্বচনীয়, অপৰিৱৰ্তনশীল আৰু অদ্বৈত। ঈশ্বৰ হ’ল অবিদ্যাৰ ফলত হোৱা ব্ৰহ্মৰ প্ৰতিফলন। মায়াৰ স্থিতি ঈশ্বৰৰ মাজত, আনহাতে অবিদ্যাৰ স্থিতি জীৱৰ মাজত। জীৱ আৰু ঈশ্বৰ পৰম আত্মা ব্ৰহ্মৰ অৱভাস মাত্র। গুণবিশিষ্ট ব্ৰহ্মই হৈছে ঈশ্বৰ আৰু অহংকাৰিশ্ৰিত আত্মা হৈছে জীৱ। অদ্বৈত বেদান্তৰ মতে ব্ৰহ্মাস্থিত অনির্বচনীয় শক্তি মায়াত প্রতিফলিত ব্ৰহ্মাই হৈছে ঈশ্বৰ আৰু অবিদ্যাত প্রতিফলিত ব্ৰহ্মই হৈছে জীৱ।
অদ্বৈত বেদান্তৰ মতে আত্মা আৰু শৰীৰৰ সমাহাৰেই জীৱ। জীৱৰ এটি স্থূল শৰীৰ আৰু এটি সূক্ষ্ম শৰীৰ আছে। জীৱৰ স্থূল শৰীৰ পঞ্চমহাভূতৰ সমষ্টি। ই ইন্দ্ৰিয়ৰ দ্বাৰা দৃষ্ট। আনহাতে সূক্ষ্ম শৰীৰ হ’ল অন্তঃকৰণ, প্ৰাণ আৰু ইন্দ্ৰিয়ৰ সমন্বয়। মৃত্যুত স্থূল শৰীৰৰহে নাশ হয়, সূক্ষ্ম শৰীৰ নাশ নহয়। আত্মাৰ লগত সূক্ষ্ম শৰীৰ সংশ্লিষ্ট হৈ থাকে আৰু আত্মাৰ লগতে সূক্ষ্ম শৰীৰ পৰৱৰ্তী স্থূল দেহলৈ যায়। স্থূল আৰু সূক্ষ্ম উভয় শৰীৰেই মায়াৰ দ্বাৰা সৃষ্ট।
অবিদ্যাৰ কাৰণেই আত্মাই নিজকে সূক্ষ্ম আৰু স্থূল শৰীৰৰ লগত একাকাৰ কৰি ভুল কৰে। এয়াই বন্ধন অৱস্থা। এই অৱস্থাত আত্মাই নিজৰ যথাৰ্থ অৱস্থাৰ কথা পাহৰি যায় অর্থাৎ আত্মাই নিজকে ব্ৰহ্ম বুলি পাহৰি যায়। তেতিয়া আত্মাই সীমিত জীৱনৰ দৰে ব্যৱহাৰ কৰে আৰু ক্ষন্তেকীয়া পাৰ্থিৱ বস্তু পোৱাৰ আশাত ব্যগ্ৰ হৈ পৰে-সুখ আৰু দুখ পায়। এনে ধৰণে যেতিয়াই জীৱ শাৰীৰিক অৱস্থাত অৱতীৰ্ণ হয়, তেতিয়াই প্রকৃত আত্মাক চিনি নোপোৱা হয়। দেহৰ প্রতিবন্ধকে আত্মাৰ চৈতন্য সীমাবদ্ধ কৰে।
শংকৰাচাৰ্যৰ মতে, জীৱ ব্ৰহ্মৰ মায়িক প্ৰকাশ। সূর্য এক হ’লেও যেনেকৈ বিভিন্ন পানীৰ পাত্ৰত বহু সূৰ্যৰূপে প্রকাশিত হয়, তেনেকৈয়ে ব্রহ্ম বা আত্মা এক হোৱা সত্ত্বেও বহুৰূপে প্রকাশিত হয়। পানীত সূর্য প্রতিবিম্ব প্রকাশিত হোৱাৰ দৰেই ব্ৰহ্মক মায়াসৃষ্ট অন্তঃকৰণত প্রতিবিম্বিত হয়। এই প্রতিবিম্বই জীৱ।
১৩। বৌদ্ধ দৰ্শনৰ চাৰিটা আৰ্যসত্যৰ বিষয়ে আলোচনা কৰা। (Discuss the four noble truth of Buddhist philosophy.)
উত্তৰঃ বৌদ্ধ দর্শন ভাৰতীয় নাস্তিক দৰ্শনৰ অন্তৰ্গত এক দৰ্শন। গৌতম বুদ্ধৰ চিন্তাৰে বৌদ্ধ দৰ্শনক চিন্তিত কৰা হয়। বৌদ্ধ দর্শন মূলতঃ চাৰিটা নীতিক লৈ গঢ়ি উঠিছে। ১২ বছৰ গভীৰ তপস্যাৰ পিছত বুদ্ধই সত্যৰ সন্ধান লাভ কৰে। সেই কেইবিধ হৈছে বৌদ্ধৰ চাৰিটা নীতি বা চাৰিটা আৰ্যসত্য।
তলত বৌদ্ধ দৰ্শনৰ চাৰিটা আৰ্যসত্যৰ বিষয়ে চমুকৈ আলোচনা কৰা হ’ল—
(ক) প্রথম আর্যসত্য-দুখ আছে (There is suffering): বুদ্ধদেৱৰ প্ৰথম আর্যসত্য হ’ল দুখৰ অস্তিত্বৰ স্বীকৃতি। বুদ্ধদেৱৰ মতে “সৰ্ব্বং দুঃখম” অর্থাৎ সমস্ত জগত দুঃখময়। মানৱ জীৱনৰ জন্মৰ পৰা মৃত্যু পর্যন্ত দুখ আছে। বুদ্ধৰ মতে এই জগতৰ সকলো সুখ আৰু আনন্দৰ মাজত দুখ নিহিত হৈ থাকে। সুখৰ অনুভূতি ক্ষন্তেকীয়া আৰু ই দুখৰ অনুগামী।
(খ) দ্বিতীয় আর্যসত্য – দুঃখৰ কাৰণ আছে (There is causes of suffering): বৌদ্ধ দৰ্শনৰ দ্বিতীয় আর্যসত্য হ’ল ‘দুখ সমুদয়’ অৰ্থাৎ দুখৰ কাৰণ আছে। কাৰণ অবিহনে কোনো ঘটনা ঘটিব নোৱাৰে। জীয়াই থকাৰ দুৰ্বাৰ ইচ্ছাই মানুহৰ জীৱনত মৃত্যুৰ ভয়ে দুখৰ সৃষ্টি কৰে। গতিকে দুখ বিভিন্ন কাৰণত হ’ব পাৰে। যেনে–
১। শৰীৰৰ প্ৰতি মোহ বৃদ্ধি হ’লে দুখ ভোগ কৰিবলগীয়া হয়।
২। অহংভাৱত মগ্ন হ’লে দুখ ভূগিবলগীয়া হয়।
৩। কোনো বিষয়ৰ প্ৰতি আসক্তি হ’লে দুখ হয়।
৪। আৱেগ-অনুভূতিক অধিক গুৰুত্ব দিলেও দুখ হয়।
৫। নিজৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিলেও দুখ হয়।
(গ) তৃতীয় আর্যসত্য-দুখৰ নিবৃত্তি (Relief of suffering): বৌদ্ধ দৰ্শনৰ তৃতীয় আৰ্যসত্য হ’ল দুখ নিৰোধ অৰ্থাৎ দুখ নিবৃত্তি। দুখ নিবৃত্তিক বৌদ্ধ দৰ্শনত ‘নিৰ্বাণ’ বুলি কোৱা হয়। ভাৰতীয় দৰ্শনত দুখৰ পৰা মুক্তি লাভ কৰাকে মোক্ষপ্ৰাপ্তি বোলা হয়। দুখ নিবৃত্তিৰ বাবে মানুহে আত্ম স্বার্থ ত্যাগ কৰি, বিষয় বাসনা বা আসক্তি নোহোৱা কৰিব লাগিব। ব্যক্তিগত স্বাৰ্থক জলাঞ্জলি দি সমাজৰ কল্যাণৰ হকে কাম কৰিব পাৰিলে দুখ-যন্ত্ৰণাৰ পৰা নিবৃত্তি লাভ কৰিব পাৰি।
(ঘ) চতুর্থ আর্যসত্য-দুখ নিবৃত্তিৰ পথ (The way to relieve suffering): বৌদ্ধ দৰ্শনৰ চতৰ্থ আৰ্যসত্যত দুখ নিবৃত্তিৰ উপায় বা মাৰ্গৰ নিৰ্দেশ দিয়া হয়। বুদ্ধদেৱৰ মতে, দুখৰ কাৰণ যিদৰে আছে, সেইদৰে দুখৰ পৰা নিবৃত্তিৰ উপায়ো আছে। তেওঁৰ মতে, ব্যক্তিয়ে যদি দুখ-যন্ত্ৰণাৰ কাৰণ সম্পর্কে জ্ঞাত হয়, তেন্তে মুক্তিলাভৰ আঠটা পথৰ সন্ধান দিছিল। এই আঠটা পথক অষ্টমাৰ্গ বুলি কোৱা হয়।
১৪। বৌদ্ধ দৰ্শনৰ অষ্টমাৰ্গ কেইটা লিখা। (Write the eightfold paths of Buddhist philosophy.)
উত্তৰঃ বৌদ্ধ দৰ্শনৰ অষ্টাংগিক মার্গসমূহ তলত সংক্ষেপে উল্লেখ কৰা হ’ল—
(ক) সম্যক জ্ঞানঃ দুখমোচন সম্ভৱ হৈ উঠে সম্যক জ্ঞান আৰু যথার্থ জ্ঞান লাভ কৰি অজ্ঞানতা আৰু অবিদ্যা আঁতৰোৱাৰ ফলস্বৰূপে। সত্য জ্ঞানৰ প্ৰভাৱে বাস্তৱ জীৱনটোক উদ্ভাসিত কৰিব পাৰিলেহে প্ৰকৃত নৈতিক জীৱন যাপন কৰা হয়।
(খ) সম্যক সংকল্পঃ বুদ্ধ আদৰ্শত তিনিটা সংকল্পৰ কথা কোৱা হৈছে। যেনে—
১। সংসাৰৰ প্ৰতি আসক্তি বৰ্জনৰ সংকল্প।
২। পৰদ্বেষ বৰ্জনৰ সংকল্প।
৩। আনৰ অনিষ্ট নকৰি অহিংস হ’বলৈ সংকল্প।
সংকল্পকেইটা বাস্তৱ জীৱনত যথাযথভাৱে প্রতিপন্ন কৰিব পাৰিলেহে নৈতিক জীৱন পোৱাটো সম্ভৱ।
(গ) সম্যক বাকঃ ভগৱান বুদ্ধই প্ৰথমতে অনুগামী সকলক কথা-বতৰা কোৱাত সংযমতা অৱলম্বন কৰাৰ উপদেশ দিছে। বুদ্ধ দৰ্শনত তাকেই সম্যক বাক বুলি কোৱা হয়।
(ঘ) সম্যক কর্মান্তঃ বৌদ্ধ দৰ্শনত সংযত আচৰণকে সম্যক কমান্ত বোলা হয়। সৎবাক্য আৰু সৎ কৰ্মই হৈছে সৎ সংকল্পৰ চূড়ান্ত স্তৰ। মানুহ সম্যক কৰ্মান্ত হ’ব লাগে।
(ঙ) সম্যক আজীৱঃ বৌদ্ধ দর্শন মতে সৎ উপায়েৰে জীৱন নিৰ্বাহ কৰা আৰু অসৎ উপায় পৰিত্যাগ কৰাই হৈছে সম্যক আজীৱ। কোনো পৰিস্থিতিতেই অসৎ উপায়েৰে জীৱন নিৰ্বাহ কৰা অনুচিত। বৌদ্ধ দর্শনত কোৱা হৈছে যে জীৱ হত্যা, পৰদ্ৰব্য অপহৰণ, অবৈধ ইন্দ্ৰিয় ভোগ আদিৰ দৰে কুকৰ্মবোৰৰ পৰা আঁতৰি থাকিব লাগিব।
(চ) সম্যক ব্যায়ামঃ বৌদ্ধ দর্শন মতে, সম্যক ব্যায়ামৰ ক্ৰমাগত অনুশীলন অতি প্রয়োজনীয়।
সমক ব্যায়াম চাৰিবিধ হ’ল—
১। মনৰ পৰা অসৎ চিন্তা দূৰ কৰা।
২। সৎ চিন্তাৰ দ্বাৰা সদায় মনটোক পূৰ্ণ কৰা।
৩। অসৎ চিন্তাৰ উদয় ৰোধ কৰা।
৪। সদায় সৎ চিন্তা মনত ধাৰণ কৰা।
(ছ) সম্যক স্মৃতিঃ নৈতিক জীৱনৰ বিকাশ কৰিবলৈ হ’লে সদাজাগ্রত মানসিক অৱস্থা এটাৰ প্ৰয়োজন হয়। যিকোনো সত্যজ্ঞান সম্পর্কে বিভুক্ত নহৈ সচেতন হৈ থকাটোকে সম্যক স্মৃতি বোলা হয়।
(জ) সম্যক সমাধিঃ বৌদ্ধ দর্শনত কোৱা হৈছে যে যিবিলাকে অবিদ্যাৰ পৰা মুক্ত হৈ জ্ঞানৰ বিশাল জ্যোতিৰে উদ্ভাসিত হয়, সেই ব্যক্তিহে অষ্টাংগিক মাৰ্গৰ শেষ স্তৰত উপনীত হ’ব পাৰে। সেই স্তৰটোৱে হ’ল বৌদ্ধ দৰ্শনৰ সমাধি স্তৰ। সমাধি স্তৰত ব্যক্তি উপনীত হ’লে ব্যক্তিৰ জীৱনলৈ শুদ্ধ চেতনা আহে।
১৫। শিক্ষাত বৌদ্ধ দৰ্শনৰ প্ৰভাৱ সম্পর্কে আলোচনা কৰা। (Discuss the impact of Buddhist philosophy on education.)
উত্তৰঃ গৌতম বুদ্ধৰ আদৰ্শৰে বৌদ্ধ দর্শন গঢ় লৈ উঠিছিল। বৌদ্ধ দর্শন ভাৰতীয় চিন্তা আৰু দৰ্শনৰ এক প্ৰধান ভাগ। বৌদ্ধ শিক্ষাই জাতি, বর্ণ, ধর্ম, বর্ণ নির্বিশেষে সকলো লোককে শিক্ষা প্ৰদানৰ পোষকতা কৰিছিল। তলত বৌদ্ধ দর্শনে শিক্ষা ব্যৱস্থাত প্ৰভাৱ পেলোৱা মূল দিশসমূহ সংক্ষেপে উল্লেখ কৰা হ’ল—
(ক) শিক্ষাৰ লক্ষ্য (Aims of Education): বৌদ্ধ শিক্ষাৰ মূল উদ্দেশ্য আছিল সকলোকে শিক্ষাৰে শিক্ষিত কৰা। সৰ্বাংগীণ বিকাশেই বৌদ্ধ শিক্ষাৰ মূল লক্ষ্য।
তলত বৌদ্ধ শিক্ষাৰ মূল লক্ষ্যসমূহ সংক্ষেপে উল্লেখ কৰা হ’ল—
১। বৌদ্ধ ধৰ্মৰ নৈতিক মূল্যবোধ সকলোৰে মাজত বিয়পাই দিয়া।
২। অহিংসাৰ পথেৰে সৎ চৰিত্ৰ গঠন কৰা।
৩। অষ্টমাৰ্গৰ নীতি পালন কৰি নিৰ্বাণ লাভ কৰা, বৌদ্ধ ধৰ্মৰ প্ৰসাৰ আৰু প্ৰচাৰ কৰা।
৪। জ্ঞান লাভৰ কাৰণে জীৱনৰ মায়া-মোহ পৰিত্যাগ কৰা।
৫। সকলো লোককে সমান দৃষ্টিৰে চাই এখন শ্রেণীহীন সমাজ গঠন কৰা।
৬। ব্যক্তিগত বিকাশতকৈ সামাজিক বিকাশৰ পথ মুকলি কৰা।
(খ) পাঠ্যক্রম (Curriculum): বৌদ্ধ দৰ্শনৰ মূল পাঠ্যক্ৰম ‘ত্রিপিটক’ হিচাপে জনা যায়। তিনিটা পিটকত বৌদ্ধ ধৰ্মৰ শিক্ষাৰ বিষয়ে বর্ণনা কৰা আছে। ইয়াৰ উপৰিও শিক্ষার্থীক বোৱা-কটা, কৃষি, হস্তশিল্প, চিলাই, ৰং কৰা, ছপা কৰা, বাণিজ্য, কুটীৰ শিল্প আদিৰ প্ৰায়োগিক শিক্ষা প্ৰদান কৰা হৈছিল। বৌদ্ধ শিক্ষাৰ মাধ্যম প্ৰথম অৱস্থাত মাতৃভাষা আছিল যদিও পিছলৈ পালি, প্ৰাকৃত আৰু সংস্কৃত ভাষাত শিক্ষা প্ৰদানৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। বৌদ্ধ শিক্ষাক প্ৰাথমিক আৰু উচ্চ শিক্ষাৰ স্তৰত বিভক্ত কৰা হৈছিল। প্রাথমিক শিক্ষা অনুষ্ঠানত ব্যাকৰণ, তর্ক বিজ্ঞান, যুক্তি বিজ্ঞান, দর্শন, শিল্পস্থান আৰু চিকিৎসা বিদাৰ জ্ঞান প্ৰদানৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। উচ্চশিক্ষাৰ অনুষ্ঠানত প্ৰায়োগিক আৰু তাত্ত্বিক দুয়ো প্ৰকাৰৰ জ্ঞান প্ৰদানৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। ইয়াৰোপৰি বুদ্ধ দৰ্শন, হিন্দু, জৈন দর্শন, ধর্ম বিদ্যা, দর্শন, অধিবিদ্যা, তর্কবিদ্যা, সংস্কৃত, পালি, জ্যোতিবিজ্ঞান, চিকিৎসা বিদ্যা, আইন, ৰাজনীতি, প্রশাসন আদি পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত বিষয় আছিল।
(গ) শিক্ষাদান পদ্ধতি (Methods of Teaching): বৌদ্ধ শিক্ষা ব্যৱস্থাত প্রথম অৱস্থাত মৌখিক পদ্ধতিৰে শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰিছিল। পিছত সাধুকথা, আলোচনা, প্রশ্নোত্তৰ পদ্ধতি, তর্ক, বক্তৃতা, সন্মিলন আৰু আলোচনা চক্ৰ ইত্যাদি পদ্ধতিৰ প্ৰয়োগ কৰা হৈছিল। ইয়াৰোপৰি মনিটৰিয়েল পদ্ধতি, চিন্তা, ধ্যান, আত্মশিক্ষা, প্রকৃতি অধ্যয়ন আৰু ভ্ৰমণৰ জৰিয়তেও শিক্ষা প্ৰদান কৰা হৈছিল।
(ঘ) অনুশাসন (Discipline): বৌদ্ধ শিক্ষা ব্যৱস্থাত কঠোৰ অনুশাসনৰ ব্যৱস্থা কৰা হৈছিল। কঠোৰ অনুশাসনৰ মাজত ৰাখি শিক্ষাৰ্থীসকলক অনুশাসন লাভৰ চেষ্টা বৌদ্ধ শিক্ষাৰ আছিল। শিক্ষার্থীসকলে সংঘসমূহত যিবিলাক ৰীতি-নীতি কঠোৰভাৱে পালন কৰিবলৈ বাধ্য হৈছিল। কিন্তু নীতি-নিয়মবোৰ দমনমূলক নহৈ আত্মজ্ঞানৰ মাধ্যমেৰে পালন কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল।
(ঙ) শিক্ষক (Teacher): বৌদ্ধ শিক্ষা ব্যৱস্থাত শিক্ষক আৰু ছাত্ৰৰ মাজত অতি মধুৰ সম্পর্ক বিৰাজ কৰিছিল। শিক্ষকৰ আদেশ পালন কৰি শিক্ষাৰ্থীসকলে দৈনন্দিন কাম-কাজ সম্পন্ন কৰিবলগীয়া হৈছিল। শিক্ষকেই শিক্ষাৰ্থীৰ প্ৰতিটো ক্ষেত্ৰতে সহায় আগবঢ়াই দৈনন্দিন অধ্যয়নত শিক্ষার্থীসকলক লিপ্ত কৰাইছিল। শিক্ষকে নৈতিক শিক্ষাৰ লগতে শিক্ষাৰ্থীৰ চৰিত্ৰ গঠনতো গুৰুত্ব প্ৰদান কৰিছিল। জাতি, ধর্ম, বর্ণৰ ওপৰত ভেদ-ভাৱ আঁতৰাই সকলোকে সমানে শিক্ষা দিয়াটো বৌদ্ধ দর্শনে গুৰুত্ব দিছিল। ইয়াত শিক্ষাৰ্থীৰ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক দিশৰ লগতে ব্যক্তিত্বৰ সৰ্বাংগীণ বিকাশক গুৰুত্ব দিয়া হৈছিল। এই শিক্ষাত অষ্টমাৰ্গৰ জৰিয়তে মুক্তিলাভৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছিল।
বৌদ্ধ শিক্ষাই সমাজত এক আমূল পৰিৱৰ্ত আনিবলৈ সক্ষম হৈছিল। এখন শ্রেণীহীন সমাজ স্থাপনৰ যোগেদি সকলো গোড়ামি, উচ্চ-নীচৰ ভাৱ আঁতৰাই মানুহৰ মাজত ঐক্য-সম্প্ৰীতিৰ ভাৱ জাগ্ৰত কৰি তুলিবলৈ সক্ষম হৈছিল।
১৬। বৈদিক দৰ্শনৰ শৈক্ষিক তাৎপর্য আলোচনা কৰা। (Discuss the educational implication of Vedic philosophy.) বৈদিক দৰ্শনৰ শৈক্ষিক তাৎপর্য আলোচনা কৰা।
উত্তৰঃ প্রাচীন কালত বেদক তৃতীয় নয়ন হিচাপে গণ্য কৰা হৈছিল। ভাৰতীয় শিক্ষা ব্যৱস্থাৰ আধাৰস্বৰূপ বেদৰ পৰাই লোৱা হৈছিল।
বৈদিক যুগৰ শিক্ষাৰ কেতবোৰ দিশৰ শৈক্ষিক তাৎপর্য তলত উল্লেখ কৰা হ’ল—
(ক) বৈদিক যুগৰ শিক্ষাৰ প্ৰধান লক্ষ্যঃ
১। ধর্মীয় আৰু সত্যপৰায়ণতাৰ গুণৰ প্ৰশিক্ষণ প্ৰদান কৰাঃ বৈদিক যুগত ঋষি মুনিসকলে পাৰ্থিৱ মায়ামোহ ত্যাগ কৰি ধৰ্ম আৰু সত্যৰ পথত ব্ৰতী হৈছিল। গতিকে, ধৰ্মীয় আৰু সত্যৰ ওপৰত প্ৰশিক্ষণ প্রদানেই বৈদিক যুগৰ শিক্ষাৰ লক্ষ্য।
২। প্রাচীন সংস্কৃতিৰ সংৰক্ষণ আৰু প্ৰসাৰ সাধনঃ বৈদিক যুগত সভ্যতা আৰু সংস্কৃতিৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছিল। গতিকে, প্রাচীন সংস্কৃতি আৰু সভ্যতা নতুন পুৰুষলৈ শিক্ষাৰ জৰিয়তে প্ৰদান কৰি সংৰক্ষণ আৰু বিকাশ সাধন কৰাই শিক্ষাৰ লক্ষ্য আছিল।
৩। ব্যক্তিত্ব বিকাশ সাধন কৰাঃ বৈদিক যুগত শিক্ষাৰ লক্ষ্য আছিল ব্যক্তিত্বৰ বিকাশ সাধন কৰা। গতিকে, গুৰুগৃহত শিষ্যৰ ব্যক্তিত্বৰ বিকাশৰ বাবে গুৰুৱে আলোচনা চক্র, তর্ক, আকস্মিক বক্তৃতা প্রতিযোগিতাও অনুষ্ঠিত কৰিছিল।
৪। চৰিত্ৰ গঠনঃ শিশুৰ চৰিত্ৰ গঠনত গুৰুৱে আদর্শ হিচাপে ভূমিকা পালন কৰিছিল। চৰিত্ৰ গঠন বৈদিক যুগৰ শিক্ষাৰ এক গুৰুত্বপূৰ্ণ লক্ষ্য।
৫। নাগৰিক আৰু সামজিক কৰ্তব্যসমূহৰ বিষয়ে শিক্ষা দিয়াঃ জাতীয় আৰু সামাজিক জীৱনত উৎকৰ্ষ সাধনৰ বাবে নাগৰিকক সামাজিক কৰ্তব্যসমূহৰ জ্ঞান দিয়ালৈ বৈদিক যুগৰ শিক্ষাৰ এক গুৰুত্বপূৰ্ণ লক্ষ্য।
৬। বৃত্তীয় দক্ষতা বৃদ্ধিঃ শিষ্যসকলক বৃত্তীয় দিশৰ মৌলিক জ্ঞান প্ৰদান কৰাৰ উপৰিও বৃত্তীয় দক্ষতা বৃদ্ধিৰ লগতে শ্ৰমৰ মৰ্যাদা উপলব্ধি কৰোৱাটোও শিক্ষাৰ অন্য এক গুৰুত্বপূৰ্ণ লক্ষ্য।
(খ) পাঠ্যক্ৰমঃ বৈদিক যুগৰ শিক্ষাৰ পাঠ্যক্ৰমত অন্তৰ্গত বিষয়সমূহ হ’ল চাৰি বোদৰ উপৰিও উপনিষদ, পুৰাণ, দেৱবিদ্যা, ব্ৰহ্মবিদ্যা আদি। ইয়াৰ উপৰিও বুৰঞ্জী, আয়ুৰ্বেদ, অৰ্থবিজ্ঞান, জ্যোতির্বিজ্ঞান, পদার্থবিজ্ঞান, উদ্ভিদ বিজ্ঞান, ৰসায়ন বিজ্ঞান, কল্পবিদ্যা, ভূতবিদ্যা আদি।
(গ) শিক্ষাদান পদ্ধতিঃ বৈদিক যুগত প্রধানতঃ মৌখিকভাৱে শিক্ষা প্ৰদান কৰা হৈছিল। বৈদিক মন্ত্ৰসমূহ গুৰুৰ লগত শিষ্যসকলে আঁওৰাবলগীয়া হৈছিল। বৈদিক যুগত শিক্ষাদান কার্য শ্ৰৱণ, মনন আৰু নিধিধ্যাসন এই কাৰ্য তিনিটাৰ মাজেৰে সম্পাদন কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল।
(ঘ) শিক্ষাৰ ব্যৱস্থাঃ বৈদিক যুগৰ শিক্ষা ব্যৱস্থাৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল “গুৰকুল শিক্ষা”। এই ব্যৱস্থাত শিষ্যই গুৰৰ ঘৰত থাকি যাৱতীয় কামকাজ কৰি শিক্ষা লাভ কৰিছিল। ৮ বছৰৰ পৰা ১২ বছৰ বয়সৰ শিশুক উপনয়ন অনুষ্ঠানৰ জৰিয়তে গুৰুকুলত প্ৰৱেশৰ অনুমতি দিয়া হৈছিল আৰু সমাৱৰ্তন অনুষ্ঠানৰ জৰিয়তে আনুষ্ঠানিক শিক্ষাৰ সমাপ্তি ঘটিছিল।
(ঙ) অনুশাসনঃ বৈদিক যুগত শিষ্যসকলক আত্ম-অনুশাসনৰ ওপৰত গুৰুত্ব দিয়া হৈছিল যদিও কিছুমান ক্ষেত্ৰত অনুশাসন কঠোৰ নিয়মৰ মাজত পালন কৰিবলগীয়া হৈছিল। যেনে— আত্ম-অনুশাসনৰ ওপৰত শিষ্যক অনুশাসনৰ জ্ঞান প্ৰদান কৰা। বৈদিক যুগৰ শিক্ষাই শিক্ষাৰ্থীৰ অনুশাসন তলত দিয়া ধৰণৰ হ’ব লাগিব বুলি উল্লেখ কৰিছিল—
১। শিষ্যসকলে গুৰুকুলত কিছুমান কঠোৰ নীতি-নিয়মৰ মাজত শিক্ষালাভ কৰিব লাগিছিল।
২। জীৱনত আৰামদায়ক বস্তু পৰিহাৰ কৰি সহজ-সৰল জীৱন অতিবাহিত কৰিব লাগিছিল।
৩। শিষ্যসকলক কম শাস্তি প্ৰদানৰ জৰিয়তে অনুশাসনৰ জ্ঞান প্ৰদান কৰা।
৪। মার্জিত সাজ-পোছাক পৰিধানৰ ওপৰত গুৰুত্ব দিয়া হৈছিল।
(চ) শিক্ষকঃ বৈদিক যুগত শিক্ষকৰ স্থান সুকীয়া আছিল। তেওঁলোকক ভগৱান স্বৰূপে জ্ঞান কৰা হৈছিল। শিক্ষকসকলক “গুৰু” নামেৰে সম্বোধন কৰা হৈছিল। শিক্ষকেই শিক্ষাৰ মূল কেন্দ্ৰবিন্দু আছিল আৰু শিক্ষকৰ অবিহনে শিক্ষাৰ কোনো অস্তিত্ব নাছিল। গুৰুকুল ব্যৱস্থাত শিষ্যই গুৰুক পিতৃ জ্ঞান কৰিছিল আৰু গুৰুৱেও শিষ্যক পুত্ৰ জ্ঞান কৰি শিক্ষা প্ৰদান কৰিছিল। গুৰুগৃহ ত্যাগ কৰাৰ পিছতো শিষ্যই গুৰুক সাক্ষাৎ কৰি উপহাৰ প্ৰদান কৰাৰ অভ্যাস ৰাখিছিল আৰু গুৰুসকলে শিষ্যৰ উজ্জ্বল ভৱিষ্যতৰ বাবে আশীর্বাদ তথা উপদেশ প্রদান কৰিছিল।
১৭। বৌদ্ধ দর্শনত নিৰ্বাণৰ স্বৰূপ সম্পৰ্কীয় কি কি মতবাদ পোৱা যায়? (What kind of views are there in Buddhism about ‘Nirvana’?)
উত্তৰঃ বৌদ্ধ দৰ্শনত নিৰ্বাণৰ স্বৰূপ সম্পৰ্কীয় চাৰিটা মতবাদ পোৱা যায়—
(ক) নির্বাণ হ’ল অস্তিত্বৰ চিৰ বিলুপ্তি।
(খ) নিৰ্বাণ এক চিৰন্তন আনন্দৰ অৱস্থা।
(গ) নির্বাণ অচিন্তনীয় অৱস্থা।
(ঘ) নির্বাণ এক অপৰিৱৰ্তনীয় অৱস্থা।
(ক) নির্বাণ হ’ল অস্তিত্বৰ চিৰবিলুপ্তিঃ নির্বাণ শব্দৰ আক্ষৰিক অৰ্থ হ’ল নুমাই যোৱা। এই অৰ্থত নির্বাণ বুলিলে বহুতে সত্তাৰ অত্যান্তিক বিনাশক বুজায়। নির্বাণ লাভ কৰিলে ভোগ তৃষ্ণৰ বিলোপ হয়, কামনা-বাসনাক জয় কৰা হয়। কিন্তু ভোগ তৃষ্ণাৰ নিৰোধ, কামনা বাসনাৰ বিনাশ মানে জীৱনৰে বিনাশ। কামনা বাসনা বিহীন জীৱন আৰু প্ৰকৃত জীৱন হৈ নাথাকে। আকৌ কামনা-বাসনাৰ বিলোপ হ’লে যিহেতু পুৰ্নজন্ম ৰুদ্ধ হয়, গতিকে পুনর্জন্ম ৰুদ্ধ হোৱাৰ অৰ্থই সত্তাৰ অত্যান্তিক বিনাশ বুদ্ধ দেৱৰ মতে শাশ্বত আত্মা বুলি একো নাই। গতিকে নির্বাণ বুলিলে সত্তাৰ চিৰবিলুপ্তিকেই বুজিব লাগিব।
কিন্তু নির্বাণ সম্পৰ্কীয় এই নেতিবাচক মন্তব্য গ্রহণযোগ্য নহয়। কাৰণ কামনা বাসনাৰ বিলুপ্তি আৰু মানৱসত্তাৰ বিলুপ্তি একে নহয়। নির্বাণ লাভ কৰিলে কামনা-বাসনাৰ বিনাশ ঘটে, মানৱ অস্তিত্বৰ বিলোপ নঘটে। বুদ্ধদেৱে সাধনাৰ বলত নিৰ্বাণ লাভ কৰি ৮০ বছৰ পৰ্যন্ত অহিংসা আৰু মৈত্ৰীৰ বাণী সমগ্ৰ বিশ্বজুৰি প্ৰচাৰ কৰিছিল। গতিকে নির্বাণ মানে অস্তিত্বৰ চিৰবিলুপ্তি নহয়।
(খ) নিৰ্বাণ এক চিৰন্তন আনন্দৰ অৱস্থাঃ নির্বাণ হ’ল এক চিৰন্তন আনন্দৰ অৱস্থা। নির্বাণ কামনাহীন চিত্তৰ অনির্বচনীয় প্রশান্তি। নির্বাণ অৱস্থাত কোনো ৰাগ নাই, দ্বেষ নাই, মোহ নাই, তৃষ্ণা নাই। নির্বাণত এক দিব্য আনন্দৰ ৰাজ্যত উত্তৰণ কৰা হয়, যি আনন্দ বিশুদ্ধ আৰু প্ৰশান্ত। ৰাধাকৃষ্ণণৰ মতেও নির্বাণ হ’ল পূৰ্ণতাৰ গন্তব্য। মুঠতে এই অৱস্থাত নির্বাণক সদর্থক বা ভাৱাত্মক অৱস্থা হিচাপে দেখা যায়।
এই মতবাদৰ বিৰুদ্ধে অভিযোগ হ’ল শাশ্বত আনন্দৰ অৱস্থা স্বীকাৰ কৰিলে পৰোক্ষভাৱে এই শাশ্বত আত্মাৰ অস্তিত্ব স্বীকাৰ কৰিবলগীয়া হয়। কিন্তু বৌদ্ধ দর্শনত কোনো শাশ্বত আত্মাৰ অস্তিত্ব স্বীকৃত হোৱা নাই।
(গ) নির্বাণ অচিন্তনীয় অৱস্থাঃ নির্বাণ এক অচিন্তনীয় বা অবর্ণনীয় অৱস্থা। এই মতানুসাৰে নির্বাণ বাক্য, মন আৰু বুদ্ধিৰ অতীত। নির্বাণক ভাবাত্মক বা অভাবাত্মক কোনো ৰূপতে চিন্তা বা বৰ্ণনা কৰা নাযায়। নিৰ্বাণৰ ক্ষেত্ৰত কোনো বিশেষ উক্তি কৰা সম্ভৱ নহয়। নির্বাণ বিশেষণহীন। নির্বাণ কি, তাক ভাষাত ব্যক্ত কৰিব নোৱাৰি, নির্বাণক কেৱল অনুভূতিত উপলব্ধি কৰিব পাৰি।
(ঘ) নিৰ্বাণ এক অপৰিৱৰ্তনীয় অৱস্থাঃ নিৰ্বাণ হ’ল এক অপৰিবৰ্তনীয় অৱস্থা। এই অৱস্থাৰ উৎপত্তি আৰু বিনাশ নাই, এই অৱস্থা মৃত্যুৰ অধীনত নাই। ই শাশ্বত, অসংস্কৃত আৰু মৌলিক। ৰাধাকৃষ্ণণৰ মতে নিৰ্বাণ হ’ল পৰমাত্মাৰ লগত একৰ অভিন্নতাত লীন হৈ যোৱা। নির্বাণ উৎপন্ন নহয়।
নিৰ্বাণৰ অৱস্থা ভাবাত্মক নে অভাবাত্মক তাক নিশ্চিত কৰি কোৱা নাযায়। কিন্তু নিৰ্বাণক সত্তাৰ অত্যাম্ভিক বিনাশ বা শাশ্বত আনন্দৰ অৱস্থা বুলি বৰ্ণনা কৰিব নোৱাৰি। গতিকে নির্বাণক দুখ নিৰোধ অৱস্থা বুলি স্বীকাৰ কৰাই অধিক যুক্তিযুক্ত। সেইকাৰণে বুদ্ধদেৱে নিৰ্বাণক অভবাত্মক বা নঞর্থক ভাবে ব্যাখ্যা কৰিছে। যিয়ে নির্বাণ লাভ কৰা নাই তেওঁ নিৰ্বাণক বুজিব নোৱাৰে। কেৱল নিৰ্বাণ লব্ধ ব্যক্তিয়েই নিৰ্বাণৰ যথাৰ্থ স্বৰূপ উপলব্ধি কৰিব পাৰে। গতিকে ক’ব পাৰি যে নিৰ্বাণ অবর্ণনীয় আৰু অনির্বচনীয়।