Philosophical Foundations of Education Unit 4 দৰ্শনৰ পশ্চিমীয়া চিন্তাগোষ্ঠী আৰু সেইবোৰৰ শিক্ষাত প্ৰভাৱ

Philosophical Foundations of Education Unit 4 দৰ্শনৰ পশ্চিমীয়া চিন্তাগোষ্ঠী আৰু সেইবোৰৰ শিক্ষাত প্ৰভাৱ Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Philosophical Foundations of Education Unit 4 দৰ্শনৰ পশ্চিমীয়া চিন্তাগোষ্ঠী আৰু সেইবোৰৰ শিক্ষাত প্ৰভাৱ Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Philosophical Foundations of Education Unit 4 দৰ্শনৰ পশ্চিমীয়া চিন্তাগোষ্ঠী আৰু সেইবোৰৰ শিক্ষাত প্ৰভাৱ Question Answer can be of great value to excel in the examination.

Philosophical Foundations of Education Unit 4 দৰ্শনৰ পশ্চিমীয়া চিন্তাগোষ্ঠী আৰু সেইবোৰৰ শিক্ষাত প্ৰভাৱ

Join Telegram channel

Philosophical Foundations of Education Unit 4 দৰ্শনৰ পশ্চিমীয়া চিন্তাগোষ্ঠী আৰু সেইবোৰৰ শিক্ষাত প্ৰভাৱ Notes cover all the exercise questions in UGC Syllabus. Philosophical Foundations of Education Unit 4 দৰ্শনৰ পশ্চিমীয়া চিন্তাগোষ্ঠী আৰু সেইবোৰৰ শিক্ষাত প্ৰভাৱ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Western Schools of Philosophy and Their Influences in Education

PHILOSOPHICAL FOUNDATIONS OF EDUCATION

অতি চমু প্রশ্নোত্তৰঃ

১। আদর্শবাদৰ পিতৃ কোন? (Who is the father of Idealism?)

উত্তৰঃ প্লেটো (Plato).

২। প্লেটোৰ বিখ্যাত গ্ৰন্থখনৰ নাম কি? (What is the name of the Plato’s famous book?)

উত্তৰঃ ৰিপাব্লিক (Republic).

৩। আদর্শবাদ শব্দটো কি কি শব্দৰ পৰা উৎপত্তি হৈছে? (From which words the term Idealism has derived?)

উত্তৰঃ Idealism শব্দটো গ্ৰীক ভাষাৰ Idea আৰু Idealৰ পৰা উৎপত্তি হৈছে।

৪। ‘মন’ আৰু ‘পদাৰ্থ’ কোনটোৰ ওপৰত আদৰ্শবাদ অধিক গুৰুত্ব দিয়ে? (Whom does Idealism give more priority, “Mind” or “Matter”?)

উত্তৰঃ ‘মন’ক।

৫। প্ৰকৃতিবাদ দৰ্শনৰ মুখ্য পৃষ্ঠপোষক কোন?(Who are the Chief exponent of Naturalism Philosophy?)

উত্তৰঃ ৰুছো।

৬। ভৌতিক প্ৰকৃতিবাদৰ মুখ্য পৃষ্ঠপোষক কোন? (Who are the Chief exponents of Physical Naturalism?)

উত্তৰঃ ৰুছো।

৭। জৈৱিক প্ৰকৃতিবাদৰ মুখ্য পৃষ্ঠপোষক কোন?(Who is the Chief exponent of Biological Naturalism?)

উত্তৰঃ ডাউইন।

৮। যান্ত্ৰিক প্ৰকৃতিবাদৰ মুখ্য সমর্থক কোন আছিল? (Who are the Chief supporter of Mechanical Naturalism?)

উত্তৰঃ লিউচিপিয়াচ আৰু ডেমোত্ৰিন্টাচ।

৯। প্ৰয়োগবাদৰ মুখ্য পৃষ্ঠপোষক কোন? (Who are the Chief exponent of pragmatism?)

উত্তৰঃ জন ডিউই।

১০। কি শব্দৰ পৰা ‘pragmatism’ অনা হৈছে? (From which the word pragmatism derived?)

উত্তৰঃ গ্ৰীক শব্দ ‘pragmatus’।

১১। গ্রীক শব্দ ‘pragmatus’ৰ অৰ্থ কি? (What is the meaning of Greek word ‘pragmatus’?)

উত্তৰঃ গ্রীক শব্দ ‘pragmatus’ৰ অৰ্থ হ’ল ‘ক্ৰিয়া কৰা’ বা ‘ক্রিয়া সম্পাদন কৰা’।

চমু প্রশ্নোত্তৰঃ

১। আদর্শবাদৰ দুজন দার্শনিকৰ নাম লিখা। (Write two name of the philosophers of Idealism.)

উত্তৰঃ দুগৰাকী আদর্শবাদী দার্শনিক হ’ল –

(ক) প্লেটো।

(খ) এৰিষ্টটল।

২। প্ৰকৃতিবাদৰ দুজন দার্শনিকৰ নাম লিখা। (Write two name of the philosophers of Naturalism.)

উত্তৰঃ দুগৰাকী প্ৰকৃতিবাদী দার্শনিক হ’ল—

(ক) ভল্টেয়াৰ।

(খ) কছো।

৩। প্রয়োগবাদৰ দুজন দার্শনিকৰ নাম লিখা। (Write two name of the philosophers of pragmatism.)

উত্তৰঃ দুগৰাকী প্ৰয়োগবাদী দার্শনিক হ’ল—

(ক) উইলিয়াম জেমছ।

(খ) জন ডিউই।

৪। আদৰ্শবাদৰ দুটা বৈশিষ্ট্য লিখা। (Write two characteristics of Idealism.)

উত্তৰঃ আদর্শবাদৰ দুটা বৈশিষ্ট্য সংক্ষেপে তলত উল্লেখ কৰা হ’ল—

(ক) আদর্শবাদে সদায় মনোজগতত বিশ্বাস কৰে। বস্তুবাদী জগত হৈছে বাহ্যিক। মানুহে অন্তৰ আত্মাৰ লাভ কৰা আধ্যাত্মিক জ্ঞান চূড়ান্ত বাস্তৱ আৰু সত্য।

(খ) আদর্শবাদে আধ্যাত্মিকতাৰ ওপৰত বিশ্বাসী, ই যান্ত্ৰিক নহয়। ই চেতনা পৰিপূৰ্ণ মনৰ দ্বাৰা লাভ কৰা সত্যই হৈছে প্ৰকৃত জ্ঞান।

৫। আদৰ্শবাদৰ দুটা নীতি লিখা। (Write two principles of Idealism.)

উত্তৰঃ আদৰ্শবাদৰ দুটা নীতি তলত চমুকৈ উল্লেখ কৰা হ’ল—

(ক) আধ্যাত্মিক জগতৰ ওপৰত গুৰুত্ব (Importance on Spiritual World): আদর্শবাদী দার্শনিকসকলে আধ্যাত্মিক জগতৰ ওপৰত গভীৰ গুৰুত্ব প্ৰদান কৰে। আধ্যাত্মিক জ্ঞানেহে চৰম সত্য লাভত সহায় কৰে। ভৌতিক জগত সদায় ক্ষণস্থায়ী।

(খ) চূড়ান্ত মূল্যবোধক গুৰুত্ব (Importance on Supreme Values): আদর্শবাদ দৰ্শনে বিশ্বাস কৰে যে বিশ্বব্রহ্মাণ্ডত এক আত্মিক শক্তি বিদ্যমান, যাৰ কেতিয়াও মৃত্যু বা বিনাশ নহয়। জীৱনৰ চূড়ান্ত মূল্যবোধ এই আত্মিক শক্তিৰ অনুভৱৰ দ্বাৰাই পাব পাৰি আৰু এই মূল্যবোধৰ উপলব্ধি ব্যক্তিৰ আত্ম-বিশ্বাস আৰু আত্ম-আনুসন্ধানৰ যোগেদিহে সম্ভৱ হ’ব পাৰে বুলি আদর্শবাদীসকলে বিশ্বাস কৰে।

৬। আদৰ্শবাদৰ প্ৰকাৰবোৰ কি কি? (What are the types of Idealism?)

উত্তৰঃ আদর্শবাদৰ প্ৰধান প্ৰকাৰ তিনিটা হ’ল—

(ক) আত্মগত আদর্শবাদ (Subjective Idealism).

(খ) বস্তুগত আদর্শবাদ (Objective Idealism).

(গ) অৱভাষিক বা পৰিদৃশ্যমান আদর্শবাদ (Phenomenalistic Idealism).

৭। আত্মগত আদর্শবাদ কি? (What is Subjective Idealism?)

উত্তৰঃ বৃটিছ দার্শনিক জৰ্জ বাৰ্কলি আত্মগত আদৰ্শবাদৰ সমৰ্থক। আত্মগত আদৰ্শবাদৰ মতে, মন বা আত্ম হ’ল জগতৰ মূলসত্তা। আমি যি বস্তু প্ৰত্যক্ষ কৰো সি হৈছে মন আৰু মনৰ ধাৰণা। বাকলিৰ মতে, অস্তিত্ব সদায় প্রত্যক্ষ।

৮। বস্তুগত আদর্শবাদ কি? (What is Objective Idealism?)

উত্তৰঃ বস্তুগত আদৰ্শবাদৰ প্ৰধান সমৰ্থক হ’ল— জর্জ উইলহেম, হেগেল। হেগেলৰ মতে, পৰম সত্তাই জগতৰ মূল তত্ত্ব। জীৱাত্মা জীৱজগত সকলো পৰমাত্মাৰ বাহ্যিক প্রকাশ। এই জগতখন প্ৰকৃততে বাস্তৱ আৰু ই পৰম আদর্শ। সেয়েহে, হেগেলে মন্তব্য কৰিছে যে “The real is rational and the rational is real”— অর্থাৎ বাস্তৱ যুক্তিসংগত আৰু যুক্তিযুক্ততাই প্রকৃত বাস্তৱ।

৯। অৱভাষিক আদর্শবাদ কি? (What is Phenomenalistic Idealism?)

উত্তৰঃ অৱভাষিক আদৰ্শবাদৰ প্ৰধান সমৰ্থক হ’ল ইমুৱেল কাণ্ট।

অৱভাষিক আদর্শবাদে কয় যে— “অববোধে প্ৰকৃতিৰ সৃষ্টি কৰে।” অববোধ হ’ল আমাৰ মনৰ এক ক্ষমতা। কাণ্টৰ মতে, “অৱভাষ” (Phenomena) আমাৰ জ্ঞানৰ ওপৰত নিৰ্ভৰশীল।

১০। শিক্ষাত আদৰ্শবাদৰ দুটা সুস্থ প্ৰভাৱ উল্লেখ কৰা। (Mention two good effects of Idealism in education.)

উত্তৰঃ শিক্ষাত আদৰ্শবাদৰ দুটা সুস্থ প্ৰভাৱ তলত অতি সংক্ষেপে উল্লেখ কৰা হ’ল—

(ক) বৰ্তমান সময়ৰ বস্তুবাদী, প্রয়োগমুখী আৰু যান্ত্ৰিক যুগৰ তৎকালীন শিক্ষাৰ লক্ষ্যত থকা সীমাবদ্ধতা আদর্শবাদ দৰ্শনে গুচাবলৈ সক্ষম হ’ব পাৰে। ইয়াৰ পৰিৱৰ্তে আধ্যাত্মিক দিশৰ এক বহল আৰু মানৱীয় নীতিৰ ওপৰত শিক্ষাৰ লক্ষ্য-আদৰ্শ স্থিৰ কৰিব পাৰে।

(খ) আদর্শবাদৰ ধৰ্মীয় শিক্ষাৰ যোগেদি ছাত্ৰই নৈতিক জীৱন শক্তিশালী কৰি তোলাৰ আঁচনি শিক্ষাৰ আদৰণীয় নীতিস্বৰূপে বিবেচনা কৰিব পাৰি।

১১। শিক্ষাত আদর্শবাদৰ দুটা অসুস্থ প্ৰভাৱ উল্লেখ কৰা। (Write two bad effects Idealism in education.)

উত্তৰঃ শিক্ষাত আদৰ্শবাদৰ দুটা অসুস্থ প্ৰভাৱ তলত উল্লেখ কৰা হ’ল—

(ক) বর্তমান বিজ্ঞান প্রযুক্তিবিদ্যাৰ প্ৰায়োগিক চিন্তাধাৰাই আধ্যাত্মিকতা আৰু ইয়াৰ প্ৰভাৱক মানিবলৈ নিবিচাৰে। আধ্যাত্মিকতাৰ চিন্তাধাৰাই শিক্ষাত শিক্ষাৰ্থীসকলক তেওঁলোকৰ বাস্তৱ জ্ঞান অধ্যয়ন আৰু অনুভৱ কৰাত সহায় কৰিব নোৱাৰে।

(খ) আদৰ্শবাদ দৰ্শনৰ নীতিয়ে শিক্ষাৰ্থীসকলক তেওঁলোকৰ বাস্তৱ পৰিৱেশ আৰু পৰিস্থিতিত সুস্থ সমাযোজনতো সহায় কৰিব নোৱাৰে।

১২। আদর্শবাদৰ সংজ্ঞা দিয়া। (Define ‘Idealism’.)

উত্তৰঃ দার্শনিক ‘Home ৰ মতে, “শিক্ষাৰ আদৰ্শবাদী দৰ্শন হৈছে মানুহৰ এক খতিয়ান যি নিজকে মনোজগতৰ এটা গুৰুত্বপূৰ্ণ অংশ হিচাপে বিচাৰি পাইছে।” (According to Home- “An idealistic philosophy of education is an integral part of universe of mind.)।

১৩৷ প্ৰকৃতিবাদৰ সংজ্ঞা দিয়া। (Define Naturalism.)

উত্তৰঃ থমাচ আৰু লেঙৰ মতে, “প্ৰকৃতিবাদৰ মতে, চৰম বাস্তৱ হৈছে বস্তুজগতহে, আধ্যাত্মিক জগত নহয়।” (Naturalism holds that ultimate reality is material world not spiritual world.)

১৪৷ প্ৰকৃতিবাদৰ বিভিন্ন প্ৰকাৰবোৰ কি কি? (What are the different forms of Naturalism.)

উত্তৰঃ প্রকৃতিবাদৰ বিভিন্ন প্ৰকাৰবোৰ হ’ল—

(ক) ভৌতিক বা শাৰীৰিক প্ৰকৃতিবাদ (Physical Naturalism)।

(খ) জৈৱিক প্ৰকৃতিবাদ (Biological Naturalism)।

(গ) যান্ত্ৰিক প্ৰকৃতিবাদ (Mechanical Naturalism)।

১৫৷ প্ৰকৃতিবাদৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। (Mention two characteristics of Naturalism.)

উত্তৰঃ প্রকৃতিবাদৰ দুটা বৈশিষ্ট্য তলত উল্লেখ কৰা হ’ল–

(ক) প্ৰকৃতিবাদৰ মতে, এই বিশ্বব্রহ্মাণ্ডখন বস্তুবাদী। ইয়াত কোনো আধ্যাত্মিকতাৰ স্থান নাই।

(খ) শিশুক প্ৰকৃতিৰ নিয়মৰ মাজত মুক্ত স্বাধীনতাৰে বিকশিত কৰাত প্ৰকৃতিবাদীসকল গভীৰ বিশ্বাসী।

১৬। প্রকৃতিবাদৰ দুটা নীতি উল্লেখ কৰা। (Mention two principles of Naturalism.)

উত্তৰঃ প্রকৃতিবাদৰ দুটা নীতি তলত চমুকৈ উল্লেখ কৰা হ’ল–

(ক) প্ৰকৃতি হৈছে চূড়ান্ত বাস্তব (Nature is the final reality): প্রকৃতিবাদৰ মতে, চূড়ান্ত বাস্তৱ হৈছে প্রকৃতি। মানুহ প্ৰকৃতিৰ নিয়মৰ দ্বাৰা পৰিচালিত।

(খ) ‘প্রকৃতি অনুসৰণ কৰা’ প্রকৃতিবাদৰ সৰ্বশ্ৰেষ্ঠ শ্লোগান (“Follow Nature is the greatest slogan of Naturalism): প্রকৃতিক অনুসৰণ কৰাই হৈছে প্ৰকৃতিবাদৰ মূল উক্তি। মুক্ত পৰিৱেশত স্বাধীন আৰু আনন্দ মনেৰে শিশুৰ বিকাশত গুৰুত্ব প্ৰদান কৰাই হৈছে প্ৰকৃতিবাদৰ মূল বিষয়।

১৭। ভৌতিক প্রকৃতিবাদ কি? (What is Physical Naturalism?)

উত্তৰঃ ভৌতিক প্ৰকৃতিবাদীসকলে বিশ্বাস কৰে যে মানুহ সম্পূৰ্ণভাৱে প্ৰকৃতিৰ মাজত থাকি প্ৰকৃতিৰ নিয়মৰ দ্বাৰা পৰিচালিত হয়। সত্য, সুন্দৰ আৰু মূল্যবোধৰ ওপৰত ভৌতিক প্ৰকৃতিবাদে বিশ্বাস নকৰে। তেওঁলোকৰ মতে, সকলো পাৰ্থিৱ বস্তুৱে প্ৰকৃতিৰ নিয়মৰ মাজত পৰিচালিত। সেয়েহে, ভৌতিক প্রকৃতিবাদহে প্রকৃত প্রকৃতিবাদ।

১৮৷ জৈৱিক প্ৰকৃতিবাদ কি? (What is Biological Naturalism?)

উত্তৰঃ জৈৱিক প্ৰকৃতিবাদৰ মুখ্য পৃষ্ঠপোষক হ’ল ডাউইন। এইবিধ প্রকৃতিবাদে জীৱজগতৰ ক্রমবিৱৰ্তনবাদত বিশ্বাস কৰে। সকলো জীৱৰেই এক গতি প্ৰৱণতা আৰু বিকাশ প্ৰৱণতা নিহিত থাকে আৰু তাৰ ফলত জীৱ নিম্নতাৰ পৰা উচ্চতাৰ পৰ্যায়লৈ গতি কৰে। জৈৱিক প্রকৃতিবাদে বিশ্বাস কৰে যে জীৱৰ এই ক্ৰমবিৱৰ্তনৰ সৰ্বোচ্চ পৰ্যায়ত মানুহ অৱস্থিত। ইয়াৰ ফলত উৎকৃষ্ট জীৱই বিকাশৰ সুবিধা পায় আৰু নিকৃষ্ট জীৱৰ জৈৱিক অস্তিত্ব বিলুপ্ত হৈ পৰে। এই জৈৱিক প্ৰকৃতিবাদ “যোগ্য ভোগ্য বসুন্ধৰা” নীতিত বিশ্বাসী।

১৯। যান্ত্রিক প্রকৃতিবাদ কি? (What is Mechanical Naturalism.)

উত্তৰঃ যান্ত্ৰিক প্ৰকৃতিবাদী দার্শনিকসকলৰ মতে, সমগ্র বিশ্ব এক যান্ত্রিক বহিঃশক্তিৰ দ্বাৰা নিয়ন্ত্ৰিত আৰু পৰিচালিত হৈছে। তেওঁলোকে ক’ব খোজে যে মানুহ, পশুপক্ষী আদি কৰি ইতৰ প্ৰাণীবোৰো একো-একোটা যন্ত্র। যন্ত্ৰৰ দৰে সকলোৱে পৰিৱেশৰ লগত সংগতি ৰাখি আচৰণসমূহ প্ৰদৰ্শন কৰে। মুঠতে তেওঁলোকে যান্ত্ৰিকতাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা।

২০। শিক্ষাত প্ৰকৃতিবাদৰ দুটা সুস্থ প্ৰভাৱ উল্লেখ কৰা। (Write two good effect of naturalism in education.)

উত্তৰঃ শিক্ষাত প্ৰকৃতিবাদৰ দুটা সুস্থ প্ৰভাৱ তলত সংক্ষেপে উল্লেখ কৰা হ’ল—

(ক) প্ৰকৃতিবাদ দর্শনে শিক্ষাক বিজ্ঞানৰ পৰ্যায়লৈ উন্নীত কৰি তুলিছে। ইয়াৰ ফলত শিক্ষাৰ সকলোবোৰ দিশ বস্তুনিষ্ঠভাৱে পুনৰ মূল্যায়নৰ প্ৰৱণতা শিক্ষক আৰু শিক্ষাবিদসকলৰ মাজত পৰিলক্ষিত হৈছে।

(খ) প্ৰকৃতিবাদ দৰ্শনে শিশুক শিক্ষাৰ কেন্দ্ৰবিন্দু স্বৰূপে পতিষ্ঠা কৰিছে।

২১। শিক্ষাত প্ৰকৃতিবাদৰ দুটা অসুস্থ প্ৰভাৱ উল্লেখ কৰা। (Write two bad effects of naturalism in education?)

উত্তৰঃ শিক্ষাত প্ৰকৃতিবাদৰ দুটা অসুস্থ প্ৰভাৱ তলত উল্লেখ কৰা হ’ল—

(ক) প্ৰকৃতিবাদ দৰ্শনৰ চৰম দৃষ্টিভংগীয়ে প্রচলিত শিক্ষাত এক নেতিবাচক মনোভাৱ গঢ় দি তোলে।

(খ) অনুশাসনৰ ক্ষেত্ৰত এই দর্শনে ছাত্রক দিয়া অনিয়ন্ত্রিত স্বাধীনতা বাস্তৱ ক্ষেত্ৰত কাৰ্যকৰী বিধৰ নহয়।

২২। প্রয়োগবাদৰ এটা সংজ্ঞা দিয়া। (Give a suitable definition of pragmatism.)

উত্তৰঃ জেমছ বি. প্রীটৰ (James B. Preet) মতে, “প্রয়োগবাদে আমাক এটা অৰ্থৰ তত্ত্ব, সত্যৰ তত্ত্ব, জ্ঞানৰ তত্ত্ব আৰু বাস্তৱতাৰ তত্ত্ব প্রদান কৰে।” (Pragmatism offers us a theory of meaning, a theory of truth, a theory of knowledge and a theory of reality.)।

২৩। প্রয়োগবাদৰ দুটা বৈশিষ্ট্য লিখা। (Write two characteristics of pragmatism.)

উত্তৰঃ প্ৰয়োগবাদৰ দুটা বৈশিষ্ট্য সংক্ষেপে তলত উল্লেখ কৰা হ’ল—

(ক) প্ৰয়োগবাদ দৰ্শন সদায় সত্যৰ ওপৰত প্ৰতিষ্ঠিত। ই পূৰ্ব-নিৰ্ধাৰিত সত্যত বিশ্বাস নকৰে।

(খ) প্ৰয়োগবাদ দৰ্শন পৰীক্ষণ, প্রায়োগিকতা, উপযোগিতা আৰু মানৱতাৰ ওপৰত প্ৰতিষ্ঠিত দর্শন।

২৪। প্রয়োগবাদৰ দুটা নীতি উল্লেখ কৰা। (Write two principles of pragmatism.)

উত্তৰঃ প্ৰয়োগবাদৰ দুটা নীতি তলত চমুকৈ উল্লেখ কৰা হ’ল–

(ক) ক্রিয়া নীতি (Principle of Activity): প্রয়োগবাদ হৈছে এক ক্রিয়াভিত্তিক দর্শন। চিন্তা আৰু ক্ৰিয়াৰ মাজত আপেক্ষিক গুৰুত্ব বিবেচনা কৰি এই দৰ্শনে বিশ্বাস কৰে যে ক্রিয়া প্রথমেই উদ্ভৱ হয় আৰু এই ক্ৰিয়াই আমাৰ মনত চিন্তাৰ অৱতাৰণা কৰে।

(খ) পৰিৱৰ্তনশীলতাৰ নীতি (Principle of Change): প্রয়োগবাদ দর্শনে সদায় পৰিৱৰ্তনৰ নীতিক গ্ৰহণ কৰে। মানুহে সদায় নতুনত্ব বা পৰিৱৰ্তনশীলতাক আঁকোৱালি লৈ নতুন পৰিস্থিতিৰ সন্মুখীন হ’বলৈ চেষ্টা কৰে।

২৫। শিক্ষাত প্ৰয়োগবাদৰ দুটা সুস্থ প্ৰভাৱ উল্লেখ কৰা। (Write two good effects of pragmatism in education.)

উত্তৰঃ শিক্ষাত প্ৰয়োগবাদ দৰ্শনৰ দুটা সুস্থ প্ৰভাৱ তলত উল্লেখ কৰা হ’ল–

(ক) প্রয়োগবাদ দর্শনে শিক্ষাৰ সামাজিক দিশৰ প্ৰতি আমাৰ দৃষ্টি আকর্ষণ কৰে। ইয়াৰ ফলত শিক্ষাৰ গণতান্ত্রিক মূল্যবোধ বর্তমান বহলভাৱে অনুভৱ কৰি উঠা হৈছে।

(খ) বৰ্তমান সময়ৰ লগত খাপ খোৱাকৈ শিক্ষাৰ উৎপাদনমুখিতাৰ দিশ বিবেচনা কৰাটো অতি প্রয়োজন। এই দর্শনে সেয়েহে বৰ্তমানৰ সময়োপযোগিকৈ শিক্ষাৰ অৰ্থনৈতিক মূল্যবোধ শিক্ষাৰ্থীসকলৰ মনত জগাই তুলিব পাৰিছে।

২৬। শিক্ষাত প্ৰয়োগৰাদৰ দুটা অসুস্থ প্ৰভাৱ উল্লেখ কৰা। (Write two bad effects of pragmatism in education.)

উত্তৰঃ শিক্ষাত প্ৰয়োগবাদ দৰ্শনৰ দুটা অসুস্থ প্ৰভাৱ সংক্ষেপে তলত উল্লেখ কৰা হ’ল—

(ক) প্রয়োগবাদ দর্শনে শিশুৰ স্বাভাৱিক খেলা প্রৱণতাৰে ক্ৰিয়া সম্পাদনৰ বাস্তৱতাত অধিক গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ ফলত শিশু শিক্ষাৰ স্বতঃস্ফূৰ্ততা ক্ষতিগ্ৰস্ত হৈ উঠাৰ আশংকা থাকে।

(খ) অতি কম বয়সতে শিশুক শিক্ষাৰ উপযোগিতা আৰু উৎপাদনশীলতাৰ ধাৰণা দিয়াটো এক সুস্থ আৰু গ্ৰহণযোগ্য শিক্ষানীতি স্বৰূপে বিবেচিত হ’ব নোৱাৰে।

২৭। প্রয়োগবাদ দর্শনে আগবঢ়োৱা শিক্ষাৰ লক্ষ্য দুটা লিখা। (Write two aims of education as advocate by pragmatism.)

উত্তৰঃ প্রয়োগবাদী দার্শনিকে প্রধানতঃ শিক্ষাৰ দুটা লক্ষ্যৰ কথা উল্লেখ কৰিছে। 

সেই দুটা হ’লঃ

(ক) তাৎক্ষণিক লক্ষ্য (Proximate Aim): শিক্ষাৰ তাৎক্ষণিক লক্ষ্যই শিশুক নিজৰ সুবিধা অনুসৰি পৰিৱেশৰ লগত সমাযোজন ঘটাই জীৱনটোক সমৃদ্ধিশালী কৰিবলৈ সক্ষম কৰি তুলি ভৱিষ্যতৰ বাবে মূল্যবোধ সৃষ্টি কৰিব পাৰে।

(খ) চূড়ান্ত লক্ষ্য (Ultimate Aim): প্রয়োগবাদীসকলৰ মতে, শিক্ষাৰ লক্ষ্য চূড়ান্ত হোৱা উচিত। চূড়ান্ত লক্ষ্য মানে হ’ল ব্যক্তিয়ে শিক্ষাৰ জৰিয়তে চূড়ান্ত শিখৰত উপনীত হ’ব লাগে আৰু উন্নতি কৰিব লাগে।

২৮। প্রয়োগবাদ দৰ্শনৰ দুটা শিক্ষণ পদ্ধতি উল্লেখ কৰা। (Mention two methods of teaching of pragmatic philosophy.)

উত্তৰঃ প্ৰয়োগবাদ দৰ্শনৰ বিভিন্ন শিক্ষণ পদ্ধতিৰ ভিতৰত তলত দুটা পদ্ধতি উল্লেখ কৰা হ’ল—

(ক) প্রকল্প পদ্ধতি (Project method): এটা প্রকল্প হৈছে আন্তৰিকতাপূর্ণ আৰু উদ্দেশ্যধর্মী ক্রিয়া যি এক সামাজিক পৰিৱেশত অগ্রগতি লাভ কৰে। প্ৰকল্প পদ্ধতিত শিশুসকলক এক সুস্থ পৰিৱেশত নিজস্ব বুদ্ধিৰে কিছুমান সমস্যাৰ সমাধান কৰিবলৈ শিক্ষকে উদ্‌গনি তথা পৰামৰ্শ আগবঢ়ায়।

(খ) কর্মকেন্দ্রিক শিক্ষা (Learning by Doing method): কর্মকেন্দ্রিক শিক্ষা পদ্ধতিত শিশুক পুথিগত শিক্ষাৰ পৰিৱৰ্তে কৰ্মৰ জৰিয়তে জ্ঞান আহৰণ কৰাৰ কথা প্ৰয়োগবাদ দর্শনে পৰামৰ্শ আগবঢ়ায়।

২৯। প্রয়োগবাদ দর্শনে আগবঢ়োৱা দুটা অনুশাসনৰ প্ৰকাৰৰ নাম লিখা। (Write two types of discipline as advocated by pragmatism philosophy.)

উত্তৰঃ প্ৰয়োগবাদ দৰ্শনে আগবঢ়োৱা দুবিধ অনুশাসন হ’ল–

(ক) সামাজিক অনুশাসন (Social discipline): কিছুমান সামাজিক কার্যত অংশগ্ৰহণৰ দ্বাৰা সামাজিক অনুশাসন সৃষ্টি কৰাৰ কথা প্রয়োগবাদ দৰ্শনে উল্লেখ কৰে।

(খ) আত্ম-অনুশাসন (Self-discipline): আত্ম-অনুশাসনৰ ওপৰত প্ৰয়োগবাদ দর্শনে মত পোষণ কৰি কয় যে শিক্ষাৰ্থীয়ে নিজৰ ইচ্ছা অনুসৰি কাৰ্যসম্পাদনৰ জৰিয়তে আত্ম-অনুশাসন লাভ কৰে আৰু সামাজিক দায়বদ্ধতাৰ মনোভাৱ বৃদ্ধি কৰিব পাৰে।

ৰচনাধৰ্মী প্রশ্নোত্তৰঃ

১। আদৰ্শবাদৰ পাঁচটা প্রধান বৈশিষ্ট্য উল্লেখ কৰা। (Write briefly five chief characteristics of Idealism.)

উত্তৰঃ আদর্শবাদৰ বিভিন্ন বৈশিষ্ট্যৰ ভিতৰত প্ৰধান পাঁচটা বৈশিষ্ট্য তলত উল্লেখ কৰা হ’ল—

(ক) আদর্শবাদ দর্শনে সদায় মনোজগতত বিশ্বাস কৰে। বস্তুবাদী জগত হৈছে বাহ্যিক। মানুহে অন্তৰ আত্মাৰ লাভ কৰা আধ্যাত্মিক জ্ঞান চূড়ান্ত বাস্তৱ আৰু সত্য।

(খ) আদর্শবাদে আধ্যাত্মিকতাবাদৰ ওপৰত বিশ্বাসী; ই যান্ত্রিক নহয়। ই চেতনা পৰিপূৰ্ণ। মনৰ দ্বাৰা লাভ কৰা সত্যই হৈছে প্ৰকৃত জ্ঞান।

(গ) আদর্শবাদীসকলৰ মূল উদ্দেশ্য হৈছে আত্মাৰ গভীৰ উপলব্ধি লাভ কৰা।

(ঘ) আদর্শবাদীসকলে আধ্যাত্মিক দিশৰ বিকাশৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰে। ইন্দ্ৰিয়সমূহৰ বিকাশ অন্য জীৱৰ ক্ষেত্ৰতো হোৱা দেখা যায়। সেয়েহে মানুহ অন্যান্য জীৱতকৈ শ্রেষ্ঠ।

(ঙ) আদর্শবাদৰ মতে, সত্য, শিৱ, সুন্দৰৰ সাধনাই মানুহক প্ৰমূল্য ৰক্ষাৰ বাবে উপলব্ধি কৰায়।

২। আদৰ্শবাদৰ প্ৰধান পাঁচটা নীতি উল্লেখ কৰা। (Mention five major principles of Idealism.)

উত্তৰঃ আদৰ্শবাদৰ প্ৰধান নীতি পাঁচটা তলত উল্লেখ কৰা হ’ল—

(ক) আদর্শবাদীসকলে প্ৰথমে মনক সকলোৰে ওপৰত স্থান দিয়ে। তেওঁলোকে বিশ্বাস কৰে যে চৰম সত্য মানুহৰ মনোজগততহে নিহিত হৈ থাকে; ই বস্তুবাদী জগতত নহয়। ব্যক্তিয়ে অন্তৰাত্মাৰ যোগেদি পোৱা আধ্যাত্মিক জ্ঞানহে চৰম সত্য আৰু ইয়াকেই চূড়ান্ত বাস্তৱ স্বৰূপে আদর্শবাদীসকলে বিবেচনা কৰে।

(খ) আদর্শবাদ দর্শনে বিশ্বাস কৰে যে বিশ্বব্ৰহ্মাণ্ডত এক আত্মিক শক্তি চিৰ বিদ্যমান, যাৰ কেতিয়াও মৃত্যু বা বিনাশ নহয়। জীৱনৰ চূড়ান্ত মূল্যবোধ এই আত্মিক শক্তিৰ অনুভৱৰ দ্বাৰাই পাব পাৰি আৰু এই মূল্যবোধৰ উপলব্ধি ব্যক্তিৰ আত্মবিশ্বাস আৰু আত্ম-অনুসন্ধানৰ যোগেদিহে সম্ভৱ হ’ব পাৰে বুলি আদর্শবাদীসকলে বিশ্বাস কৰে।

(গ) আদর্শবাদীসকলৰ বিশ্বাসৰ আন এটি ধাৰণা হ’ল আত্মাৰ মুক্তি। তেওঁলোকে তেজ-মঙহৰ শৰীৰৰ ওপৰত তেনেই গুৰুত্ব দিয়া নাই। তেওঁলোকে প্ৰধানকৈ আত্মাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। আদর্শবাদীসকলৰ মতে, আধ্যাত্মিক জগতত প্রতিযোগিতা, ভন্ডামি আৰু ঈৰ্ষাৰ স্থান নাই, আছে মাথোন মানুহৰ মাজত ভ্রাতৃত্ববোধ আৰু ভগৱানেই সকলোৰে পিতৃভাৱ।

(ঘ) আদর্শবাদ দৰ্শনৰ মতে, “ক্ৰমবিৱৰ্তন” কেৱল মাথোন জৈৱিক দিশতেই নহয়, ইমানসিক আৰু আত্মিক দিশতো সম্ভৱ হৈ উঠিব পাৰে। আদর্শবাদী সকলে কৈছে যে মানুহৰ প্ৰগতিশীল মনেই হ’ল বিশ্বৰ প্ৰগতিৰ মূল চাবিকাঠি। মানুহৰ মনৰ পূৰ্ণ বিৱৰ্তনে ভুলবোৰ আঁতৰাই সত্য আৰু শুদ্ধবোৰ বাছি ল’বলৈ অসুন্দৰক দলিয়াই সুন্দৰক সাৱটি ল’বলৈ শিকায় আৰু সত্য, শিৱ, সুন্দৰৰ সাধনাত ব্ৰতী কৰোৱায়।

(ঙ) আদর্শবাদ দর্শনে বিশ্বাস কৰে যে মানহৰ বিকাশত প্ৰভাৱ বিস্তাৰ কৰা বাস্তব জগতৰ দৈহিক পৰিৱেশতকৈ মনোজগতৰ আত্মিক পৰিৱেশ অধিক গুৰুত্বপূৰ্ণ।

৩। শিক্ষাত প্ৰকৃতিবাদ বুলিলে কি বুজা? (What is meant by Naturalism in education?)

উত্তৰঃ শিক্ষাত প্ৰকৃতিবাদ বুলিলে প্ৰকৃতিৰ মুক্ত পৰিৱেশৰ মাজত শিশুৰ নিজ জন্মগত প্রকৃতি অনুসৰি দিয়া শিক্ষাদানৰ কথাকেই বুজোৱা হয়। শিক্ষাত প্ৰকৃতিবাদ দৰ্শনৰ প্ৰভাৱ স্পষ্ট কৰি তুলিবৰ বাবেও প্রকৃতি সম্বন্ধে থকা মৌলিক ধাৰণা আমাৰ মনত স্পষ্ট কৰি তুলিবৰ বাবে প্রকৃতি সম্বন্ধে থকা মৌলিক ধাৰণা আমাৰ মনত স্পষ্ট হৈ উঠাটো প্রয়োজন। প্রকৃতিবাদ দৰ্শনৰ দৃষ্টিকোণৰ পৰা বৰ্তমান শিক্ষাত শিশু প্ৰকৃতিৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হয়। শিশুৰ নিজ আগ্রহ-অভিৰুচি আৰু প্ৰয়োজন আদিৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষাৰ আঁচনি প্ৰস্তুত কৰা হয়। ইয়াৰ ফলত শিক্ষাৰ পুৰণি মূল্যবোধৰ ঠাইত এক নতুন মূল্যবোধৰ নৱজাগৰণৰ সৃষ্টি হৈছে। কোৱা হয় যে শিক্ষকৰ দায়িত্ব হৈছে শিশু প্রকৃতি অধ্যয়ন কৰা আৰু সেই প্রকৃতি অনুসৰি শিক্ষাদানৰ ব্যৱস্থা কৰা। শিক্ষা-শিশু প্ৰকৃতিৰ অনুকূলে এনেদৰে প্ৰস্তুত কৰি তুলিব লাগে যাতে শিশুৰ অন্তর্নিহিত শক্তি আৰু সম্ভাৱনীয়তা সমূহৰ মুক্ত আৰু স্বতঃস্ফূর্ত বিকাশ সম্ভৱ হৈ উঠিব পাৰে।

৪। শিক্ষাত প্ৰকৃতিবাদ দৰ্শনৰ পাঁচটা মূল বৈশিষ্ট্য আলোচনা কৰা। (Discuss five salient features of naturalism in education.)

উত্তৰঃ শিক্ষাত প্ৰকৃতিবাদৰ মূল পাঁচটা বৈশিষ্ট্য তলত সংক্ষেপে আলোচনা কৰা হ’ল—

(ক) প্ৰকৃতিবাদ দৰ্শনৰ মতে, পদাৰ্থই হৈছে চূড়ান্ত সত্য আৰু মূল বিবেচ্য বিষয়; যাৰ দ্বাৰা সকলো বস্তুৰ সৃষ্টি হয় আৰু শেষত তাতেই (পদাৰ্থত) বিলীন হ’ব লগা হয়।

(খ) ‘প্ৰকৃতিক অনুসৰণ কৰা’ — ইয়েই হ’ল শিক্ষাত প্ৰকৃতিবাদৰ প্ৰধান ধ্বনি। কৃত্রিমভাৱে

সজোৱা শিক্ষানুষ্ঠানৰ পৰিৱেশৰ পৰিৱৰ্তে শিশুৰ প্ৰাকৃতিকভাৱে বিকাশ, প্রাকৃতিক পৰিৱেশৰ মাজতহে সম্ভৱ হৈ উঠে। শিশুৰ প্ৰকৃতি স্থবিৰ নহয়, ই গতিশীল তথা চিৰ বিকাশশীল। গতিকে, গতিশীল শিক্ষা প্ৰক্ৰিয়াইহে শিশুৰ গতিশীলতাৰ সৈতে সম্পৰ্ক ৰাখি বিকাশ আৰু বৰ্ধনত সহায় কৰিব পাৰে।

(গ) শিশুক প্ৰকৃতিৰ নিয়মৰ মাজত মুক্ত স্বাধীনতাৰে বিকশিত কৰাত প্ৰকৃতিবাদী সকল বিশ্বাসী।

(ঘ) প্রকৃতিবাদে পঞ্চ ইন্দ্ৰিয়ৰ দ্বাৰা লাভ কৰা প্ৰকৃত অভিজ্ঞতাকেই প্রকৃত শিক্ষা বুলি আখ্যা দিছে।

(ঙ) প্রকৃতিবাদে বাস্তৱ জীৱন আৰু বৰ্তমানক গুৰুত্ব দিয়ে। সেয়েহে, মানুহে নিজৰ জীৱনটোক বৰ্তমানৰ লগত খাপ খুৱাই আনন্দৰে ৰাখিব লাগে।

৫। প্ৰকৃতিবাদৰ প্ৰধান পাঁচটা নীতি উল্লেখ কৰা। (Mention five main principles of Naturalism.)

উত্তৰঃ প্রকৃতিবাদৰ প্ৰধান পাঁচটা নীতি তলত চমুকৈ উল্লেখ কৰা হ’ল—

(ক) প্রকৃতি হৈছে চূড়ান্ত বাস্তব (Nature is the final reality): প্রকৃতিবাদৰ মতে, চূড়ান্ত বাস্তৱ হৈছে প্ৰকৃতি। মানুহ প্ৰকৃতিৰ নিয়মৰ দ্বাৰা পৰিচালিত।

(খ) বস্তুবাদী জগত প্রকৃত জগত (Material world is the real world): প্রকৃতিবাদী দার্শনিকৰ মতে, বস্তুবাদী জগতখনেই প্রকৃত জগত বুলি বিশ্বাস কৰে। ই আধ্যাত্মিক জগতৰ সম্পূৰ্ণ বিৰোধী।

(গ) ‘প্ৰকৃতি অনুসৰণ কৰা’ প্রকৃতিবাদৰ সৰ্বশ্রেষ্ঠ শ্লোগান (‘Follow nature’ is the greatest slogan of Naturalism): প্রকৃতিক অনুসৰণ কৰাই হৈছে প্ৰকৃতিবাদৰ মূল উক্তি। মুক্ত পৰিৱেশত স্বাধীন আৰু আনন্দ মনেৰে শিশুৰ বিকাশত গুৰুত্ব প্ৰদান কৰাই হৈছে প্ৰকৃতিবাদৰ মূল বিষয়।

(ঘ) শিশু হৈছে শিক্ষা আহৰণৰ মূল কেন্দ্ৰ বিন্দু (Child occupies the central position in the educative process): প্রকৃতিবাদে সদায় শিশুক কেন্দ্ৰ কৰি শিক্ষা দিয়াৰ পক্ষপাতী, শিশুক সেই প্ৰকৃতিৰ ওপৰত ভিত্তি কৰি শিক্ষা দিয়াৰ কথা প্ৰকৃতিবাদে উল্লেখ কৰে। শিশুৰ শিক্ষাত পৰিৱেশ বা জ্যেষ্ঠজনে হস্তক্ষেপ কৰিব নালাগে।

(ঙ) বিজ্ঞানসন্মত নীতি (Scientific principle): প্রকৃতিবাদে প্ৰকৃতিৰ ৰহস্য উদ্ঘাটন কৰিবলৈ বিজ্ঞানসন্মতভাৱে জ্ঞান অর্জনত গুৰুত্ব আৰোপ কৰে।

৬। প্ৰয়োগবাদৰ পাঁচটা বৈশিষ্ট্য লিখা। (Write five characteristics of pragmatism.)

উত্তৰঃ তলত প্ৰয়োগবাদৰ পাঁচটা প্রধান বৈশিষ্ট্য তলত উল্লেখ কৰা হ’ল—

(ক) প্রয়োগবাদ দর্শন হৈছে এক ক্রিয়াভিত্তিক দৰ্শন। চিন্তা আৰু ক্ৰিয়াৰ মাজত আপেক্ষিক গুৰুত্ব বিবেচনা কৰি এই দৰ্শনে বিশ্বাস কৰে যে ক্রিয়া প্রথমেই উদ্ভৱ হয় আৰু এই ক্রিয়াই আমাৰ মনত চিন্তাৰ অৱতাৰণা কৰে।

(খ) প্রয়োগবাদ দর্শন মতে এই পৃথিৱীত কোনো কথা বা বিষয়েই চিৰদিনৰ বাবে সত্য, সুন্দৰ আৰু গ্ৰহণযোগ্য স্বৰূপে বৰ্তি থাকিব নোৱাৰে। সত্য আৰু সুন্দৰ সময় সাপেক্ষ আৰু মানুহৰ অভিজ্ঞতা সাপেক্ষ। মানুহৰ প্ৰয়োজন, মূল্যবোধ আৰু মনোভাৱৰ পৰিৱৰ্তনৰ লগে লগে সত্য, সুন্দৰৰ ধাৰণাও পৰিৱৰ্তন হয়।

(গ) প্রয়োগবাদীসকলে বিশ্বাস কৰে যে বাস্তৱতাক মানুহৰ বাবে থকা তাৰ প্ৰয়োজনীয়তা আৰু উপযোগিতাৰ ভিত্তিতহে বিচাৰ কৰিব পাৰি। যি কথা মানুহৰ বাস্তৱ জীৱনত কোনো কামত নাহে, তাক সত্য আৰু সুন্দৰ ৰূপে গণ্য কৰা নহয়।

(ঘ) প্রয়োগবাদে সকলো কথা বাস্তৱ অভিজ্ঞতা আৰু পৰীক্ষাৰ যোগেদি পোৱা প্ৰমাণ সাপেক্ষতাতহে বিশ্বাস কৰে। সত্য হৈছে সেয়ে, যি আমাৰ বাবে প্ৰমাণ সাপেক্ষ হৈ উঠে। সুন্দৰতা হৈছে সেয়ে, যি মানুহৰ বিচাৰ-বিবেচনাৰে সুন্দৰ বুলি পৰিগণিত হৈ উঠিব পাৰে। পৰীক্ষা অবিহনে মানুহৰ কোনো কথা বা বিষয়েই এই দৰ্শনৰ বাবে গ্রহণযোগ্য নহয়।

(ঙ) প্ৰয়োগবাদী সকলৰ মতে, তিনিটা প্রধান বিষয়ক ইটোৰ পৰা সিটোক আঁতৰাই ৰাখিব নোৱাৰি। যেনে—

১। মানুহ আৰু প্ৰকৃতি।

২। ব্যক্তি আৰু সমাজ।

৩। চিন্তা আৰু কৰ্ম বা মন আৰু শৰীৰ।

মানুহ প্রাথমিকভাৱে জৈৱিক আৰু সামাজিক জীৱ। মানুহে উপযুক্তভাৱে জৈৱিক আৰু সামাজিক উত্তেজনাৰ প্ৰতিহে প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰে। গতিকে মানুহ মনোজগত আৰু সামাজিক জগতখন বেছি প্ৰয়োজনীয়।

৭। প্ৰয়োগবাদৰ পাঁচটা নীতি লিখা। (Write five principles of pragmatism.)

উত্তৰঃ প্ৰয়োগবাদৰ পাঁচটা নীতি তলত সংক্ষেপে উল্লেখ কৰা হ’ল—

(ক) পৰিৱৰ্তনশীলতাৰ নীতি (Principle of change): প্রয়োগবাদ দর্শনে সদায় পৰিৱৰ্তনৰ নীতিক গ্ৰহণ কৰে। মানুহে সদায় নতুনত্ব বা পৰিৱৰ্তনশীলতাক আঁকোৱালি লৈ নতুন পৰিস্থিতিৰ সম্মুখীন হ’বলৈ চেষ্টা কৰে।

(খ) উপযোগিতাৰ নীতি (Principle of utility): ব্যৱহাৰিক উপযোগিতাইহে সকলো বস্তুৰ মূল্য নিৰ্ধাৰণ কৰে। গতিকে, পয়োগবাদ দৰ্শনে আমাৰ উপযোগী বস্তুকহে সত্য আৰু শুদ্ধ বুলি বিবেচনা কৰে।

(গ) ক্রিয়া নীতি (Principle of activity): প্রয়োগবাদ দর্শনে চিন্তা আৰু আদৰ্শতকৈ ক্ৰিয়াত বেছি গুৰুত্ব দিয়ে। প্রয়োগবাদ দৰ্শনৰ মতে, ক্রিয়া বা কাৰ্যৰ পিছতহে চিন্তাৰ সৃষ্টি হয়।

(ঘ) মূল্যবোধ গতিশীল (Value of dynamic): প্রয়োগবাদ দৰ্শনৰ মতে মূল্যবোধ চিৰন্তন বা পূৰ্বনিৰ্ধাৰিত বিধৰ নহয়। মূল্যবোধসমূহ ব্যক্তিৰ, সমাজৰ প্ৰয়োজন অনুসৰি পৰিৱৰ্তনশীল।

(ঙ) মানৱতাবাদী নীতি (Humanistic principle): প্রয়োগবাদী দর্শনে সদায় মানুহৰ কল্যাণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বিজ্ঞানৰ প্ৰয়োগৰ দ্বাৰাহে মানৱ কল্যাণ সাধন কৰিব পাৰি। অৰ্থাৎ মানুহৰ সমস্যাসমূহ বিজ্ঞানৰ প্ৰয়োগৰ দ্বাৰা সমাধান কৰা হয়।

৮। আদৰ্শবাদ দৰ্শনৰ শিক্ষাৰ লক্ষ্য আলোচনা কৰা। (Discuss the aims of education of Idealism Philosophy.)

উত্তৰঃ আদৰ্শবাদ দৰ্শন হৈছে দৰ্শনৰ এক অতি পুৰণি চিন্তাধাৰা। আদর্শবাদী সকলৰ বাবে বস্তু আৰু শৰীৰতকৈ মন আৰু আত্মা (Mind and Soul) বেছি গুৰুত্বপূৰ্ণ। ৰুছোৰ মতে, “মানৱ ব্যক্তিত্বই হ’ল সর্বমূল্যবান আৰু ভগৱানৰ সকলো সৃষ্টিৰ ভিতৰত এইয়ে হ’ল সর্বোৎকৃষ্ট।” আদৰ্শবাদে বিশ্বাস কৰে যে আধ্যাত্মবাদৰ যোগেদিহে জীৱনৰ চৰম সত্য অনুভৱ কৰিব পৰা যায়। এই দর্শন সেয়েহে আধুনিক শিক্ষাৰ বাবেও প্ৰেৰণাদায়ক। 

আদর্শবাদ দৰ্শনে শিক্ষাৰ লক্ষ্য সম্বন্ধে আগবঢ়োৱা মন্তব্যখিনি তলত চমুকৈ উল্লেখ কৰা হ’ল—

মানুহৰ জৈৱিক প্ৰয়োজনৰ মাজত অন্তর্নিহিত হৈ থকা আত্মাক মুক্ত কৰাই হৈছে আদর্শবাদ দৰ্শনৰ মূল লক্ষ্য। এনে আত্মিক উদ্ঘাটনৰ যোগেদিহে ব্যক্তিৰ আত্ম-উপলব্ধি কৰিব পাৰে আৰু আত্ম-মুক্তি লাভ কৰিব পাৰে। শিক্ষাৰ যোগেদিহে ব্যক্তিয়ে জীৱাত্মা আৰু পৰমাত্মাৰ মাজত থকা সম্বন্ধে বুজি উঠিব পাৰে। আদর্শবাদীসকলে বিশ্বাস কৰে যে ঈশ্বৰৰ এটা প্ৰধান সৃষ্টিধর্মী কৰ্ম হ’ল মানুহৰ পূৰ্ণাংগ ব্যক্তিত্ব গঠন কৰা। সেয়েহে, আদর্শবাদ দৰ্শনৰ মতে শিক্ষাৰ মূল লক্ষ্য হোৱা উচিত শিক্ষাৰ্থীৰ বৌদ্ধিক, সাংস্কৃতিক, আধ্যাত্মিক আৰু নৈতিক গুণবিশিষ্ট প্রধান আৰু পূৰ্ণাংগ ব্যক্তিত্ব গঠনত সহায় কৰা শিক্ষাৰ লক্ষ্য নিৰ্ণয়ৰ ক্ষেত্ৰত আদৰ্শবাদ দৰ্শনৰ মূল ধাৰণা হ’ল ‘আত্মনুভৱতা’। এই আত্মনুভৱতাৰ মূল অৰ্থ হ’ল অনুভূতিৰ জৰিয়তে আত্মাৰ লগত অদৃশ্যভাৱে থকা বিশেষ ক্ষমতাসমূহ পৰিচিত হ’ব লাগে। আদর্শবাদী সকলৰ মতে, আত্মাই নিজৰ আত্মা আৰু ধৰণীৰ আত্মাৰ লগত সমন্বয় স্থাপন কৰিব পাৰে। সেইবাবেই ধৰণীৰ আত্মাৰ জ্ঞানৰ আৱশ্যক। ধৰণীৰ আত্মা হ’ল চূড়ান্ত সত্য। এইটো ভাল আৰু সৌন্দর্যশালী। সেইটোৱে শিশুসকলক সত্যম, শিৱম আৰু সুন্দৰমৰ জ্ঞান দিব লাগিব, তাৰ ফলতেই তেওঁলোকে দেখিবলৈ পাব চূড়ান্ত সত্য, উপভোগ কৰিব পাৰিব চূড়ান্ত সৌন্দৰ্য আৰু চৰম ভালপোৱাৰ লগতে ঐশ্বৰিক শক্তিৰ লগত সংহতি স্থাপন কৰিব পাৰিব।

আদর্শবাদীসকলৰ মতে, শিক্ষাই শিক্ষাৰ্থীৰ মনত এই ধাৰণা দিব লাগে যে পার্থিব বিষয়-বাসনাৰ মূল্যবোধ হৈছে ক্ষন্তেকীয়া বিধৰ। ই স্থায়ী সুখ আৰু শান্তি আমাক দিব নোৱাৰে, আনহাতে আধ্যাত্মিক জীৱনৰ মূল্যবোধ হৈছে স্থায়ী আৰু সুদুৰপ্ৰসাৰী বিধৰ যি আমাক স্থায়ী সুখ-শান্তি দিব পাৰে৷ শিক্ষাই শিক্ষাৰ্থীৰ মনত চিৰন্তন মূল্যবোধসমূহ জগাই তুলিব লাগে। এই চিৰন্তন মূল্যবোধ হৈছে সত্য-শিৱ-সুন্দৰৰ গভীৰ অনুভৱ। শিক্ষাৰ লক্ষ্য সম্বন্ধে আদৰ্শবাদৰ বক্তব্যক সংক্ষেপে ক’ব পাৰি যে পশুত্বৰ পৰা মনুষ্যত্বলৈ উন্নীতকৰণ কৰি মানুহৰ অন্তৰাত্মাৰ বিকাশ সাধন কৰা আৰু তাৰ যোগেদি এক আদৰ্শ মানৱ গঢ় দি তোলাই হৈছে শিক্ষাৰ বাঞ্চিত লক্ষ্য।

ওপৰৰ আলোচনাৰ পৰা আদর্শবাদ দৰ্শনৰ শিক্ষাৰ লক্ষ্য সম্বন্ধে তলৰ কথাকেইটা চমুকৈ ক’ব পাৰি—

(ক) শিক্ষাই ব্যক্তিৰ আধ্যাত্মিক জীৱনৰ বিকাশ সাধন কৰিব লাগে।

(খ) ব্যক্তিৰ আত্ম-উপলব্ধি আৰু আত্ম-মুক্তি লাভত সহায় কৰিব লাগে।

(গ) শিক্ষাই ব্যক্তিৰ জীৱাত্মাক পৰমাত্মাৰ লগত মিলিত কৰিব লাগে।

(ঘ) দেহ-মন আৰু আত্মাৰ সামগ্ৰিক ব্যক্তিত্ব শিক্ষাই বিকাশ সাধন কৰিব লাগে।

(ঙ) ব্যক্তিৰ মনত সত্য-শিৱ-সুন্দৰৰ চিৰন্তন মূল্যবোধ জগাই তুলিব লাগে।

(চ) শিক্ষাই মানৱতাৰ সাংস্কৃতিক পৰম্পৰা ৰক্ষা কৰিব আৰু তাৰ সৃজনাত্মক বিকাশ সাধন কৰিব লাগে।

৯। পাঠ্যক্ৰমৰ প্ৰস্তুতকৰণ সন্দৰ্ভত আদৰ্শবাদীসকলৰ মতামত বৰ্ণনা কৰা৷ (State the view of an Idealist as regards on Curriculum Construction.)

উত্তৰঃ আদর্শবাদী দার্শনিকসকলে পাঠ্যক্রম সম্বন্ধে গভীৰ মত প্ৰকাশ কৰে। তেওঁলোকে কৈছে যে পাঠ্যক্রমসমূহ মানৱ জাতিৰ সম্পূৰ্ণ অভিজ্ঞতাৰ প্ৰতিনিধিত্ব কৰিব লাগিব আৰু ই জড়িত হ’ব লাগিব প্রাকৃতিক আৰু সামাজিক পৰিবেশৰ লগত। আদর্শবাদ দৰ্শনৰ ওপৰত ভিত্তি কৰি কোৱা হয় যে পাঠ্যক্ৰমে শিক্ষাৰ্থীৰ মনত আধ্যাত্মিক চেতনা জগাই তুলি চৰম সত্য ভগৱানৰ উপলব্ধিত সহায় কৰিব লাগে। ইয়াৰ বাবে মানৱীয় অনুভূতি আৰু অভিজ্ঞতা দান কৰিব পৰা বিষয়সমূহ পাঠ্যক্ৰমে সামৰি ল’ব লাগে। দার্শনিক প্লেটোৱে বিশ্বাস কৰিছিল যে উচ্চ ধাৰণা বা চিন্তাৰ দ্বাৰা ব্যক্তি অনন্ত সত্য উপলব্ধি কৰি মানৱত্ব লাভ কৰিব পাৰে। তেওঁৰ মতে, আধ্যাত্মিক গুণসমূহ হ’ল সত্য, সুন্দৰ আৰু পৱিত্ৰতা। এই তিনিওটা গুণৰ বেলেগ বেলেগ অধ্যয়নৰ জৰিয়তে বিকাশ লাভ কৰিব পাৰে বুলি প্লেটোৱে বিশ্বাস কৰিছিল। তেওঁৰ মতে, বৌদ্ধিক বিকাশৰ বাবে পাঠ্যক্ৰমত ভাষা, সাহিত্য, বিজ্ঞান, অংক, ইতিহাস আৰু ভূগোল বিষয় অন্তর্ভুক্ত কৰিব লাগে। সৌন্দর্যবোধক বিকাশ, সুকুমাৰ কলা, সংস্কৃতি, কবিতা আৰু নৈতিকতা বিকাশৰ বাবে ধৰ্মীয় বিষয়ত নীতিশাস্ত্ৰ আৰু অৰ্থবিদ্যা সম্বন্ধীয় বিষয়সমূহ পাঠ্যক্ৰমত অন্তর্ভুক্ত কৰিবলৈ পৰামৰ্শ আগবঢ়ায়, লগতে শৰীৰ চৰ্চাৰ বিষয়ো সন্নিৱিষ্ট কৰিবলৈ আদর্শবাদীসকলে মন্তব্য কৰে।

আদর্শবাদীসকলৰ মতে, শিক্ষাৰ্থীৰ দেহ, মন, আত্মাৰ সামগ্রিক বিকাশৰ বাবে বহল পৰিসৰৰ অভিজ্ঞতা ইয়াত অন্তর্ভুক্ত কৰিব লাগে। ইয়াৰ বাবে মানৱ অভিজ্ঞতাক তিনিটা বহল দিশত বিভক্ত কৰিব পাৰি। এই কেইটা হৈছে সংজ্ঞানাত্মক (cognitive), আনুভূতিক (affective) আৰু ক্ৰিয়াত্মক (conative)। সংজ্ঞানাত্মক দিশৰ বিকাশ সাধনৰ বাবে বিজ্ঞানৰ বিষয়সমূহ গণিত, ভূগোল, মনোবিজ্ঞান, সমাজবিজ্ঞান আদি বিষয় পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগে। আনুভূতিক দিশৰ বিকাশ সাধনৰ বাবে সাহিত্য, কলা, সংগীত, সংস্কৃতি আদি বিষয়ৰ অন্তৰ্ভুক্ত কৰিব লাগে। আকৌ ক্ৰিয়াত্মক দিশৰ বিকাশ সাধনৰ বাবে কৃষি, বাণিজ্য, প্ৰযুক্তিবিদ্যা আৰু হস্তশিল্পৰ বিষয়বোৰ পাঠ্যক্ৰমত স্থান পাব লাগে।

পাঠ্যক্ৰমৰ প্ৰস্তুতি সম্বন্ধে আদর্শবাদৰ দৃষ্টিভংগীক তলত অতি চমুকৈ উল্লেখ কৰা হ’ল—

(ক) পাঠ্যক্ৰমে শিক্ষাৰ আধ্যাত্মিক মূল্যবোধ শিক্ষাৰ্থীৰ মনত জগাই তুলিব লাগে।

(খ) মানৱতাৰ মহান অনুভূতি আৰু অভিজ্ঞতা দান কৰা সাংস্কৃতিক বিষয়সমূহ পাঠ্যক্ৰমত অন্তর্ভুক্ত কৰিব লাগে।

(গ) শিক্ষাৰ্থীৰ দেহ-মন আৰু আত্মাৰ সামগ্ৰিক বিকাশ পাঠ্যক্ৰমে সাধন কৰি তুলিব লাগে।

(ঘ) সংজ্ঞানাত্মক, আনুভূতিক আৰু ক্ৰিয়াত্মক এই তিনিটা দিশৰ অভিজ্ঞতা পাঠ্যক্ৰমত অন্তর্ভুক্ত হ’ব লাগে।

১০। শিক্ষাদান পদ্ধতি সন্দৰ্ভত আদৰ্শবাদৰ মন্তব্য আলোচনা কৰা। (Discuss the view of Idealism as regards on methods of teaching.)

উত্তৰঃ আদর্শবাদ কোনো পূর্ব নিৰ্ধাৰিত শিক্ষণ পদ্ধতিত বিশ্বাস নকৰে। তেওঁলোকৰ মতে, ধাৰণাই হৈছে মূল মন্ত্ৰ। সেয়েহে শিক্ষাৰ যোগেদি শিক্ষাৰ্থীক বিভিন্ন ধাৰণা আয়ত্ব কৰিবলৈ শিকাব লাগে। আদর্শবাদীসকলে পাঠ্যক্ৰমৰ বিষয়বস্তু আয়ত্বকৰণৰ বাবে কোনো নির্দিষ্ট শিক্ষণ পদ্ধতিৰ কথা উল্লেখ কৰা নাই। ইয়াত প্ৰত্যেক শিক্ষকে নিজস্ব শিক্ষণ পদ্ধতিৰে শিক্ষাৰ্থীক শিক্ষা আহৰণত সহায় কৰাৰ কথাহে উল্লেখ কৰিছে। সেইবাবে শিক্ষকে তেওঁৰ নিজ ব্যক্তিত্বৰ প্ৰভাৱৰ যোগেদি এক নিজস্ব শিক্ষণ পদ্ধতি গঢ় দি তুলিব লাগে। শিক্ষকে তেওঁৰ আদৰ্শ আৰু অনুকৰণীয় ব্যক্তিত্ব, অনুশাসন ক্ষমতা আৰু ব্যক্তিগত জীৱন দৰ্শনৰ স্বকীয় বৈশিষ্ট্যৰ প্ৰভাৱে শিক্ষাৰ্থীৰ ওপৰত শিক্ষাৰ এক পৰোক্ষ প্রভাৱ পেলাব পাৰে। এই দৰ্শনে বিশ্বাস কৰে যে শিক্ষাদান কার্য হৈছে এক বিশেষ কলা আৰু শিক্ষকে এই কলাৰ অধিকাৰী হোৱা উচিত। তেওঁৰ এনে কলাত্মক প্রভাৱৰ যোগেদিয়ে শিক্ষাদানৰ উপযুক্ত পদ্ধতি বা প্রক্রিয়া নিজস্ব ৰূপত গঢ় দি তুলিব লাগে।

আদর্শবাদ দর্শনে বিশ্বাস কৰে যে প্ৰতিজন আদর্শ শিক্ষকৰেই একো একোটা নিজস্ব শিক্ষা পদ্ধতি থাকে আৰু ই শিক্ষাৰ্থীৰ শিক্ষা আহৰণত নিজস্বভাৱে প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। প্লেটোৱে প্ৰশ্ন আৰু উত্তৰ পদ্ধতিৰ পৰিৱৰ্তন সাধন কৰি কথোপকথন পদ্ধতিৰ ব্যৱহাৰ কৰিছিল আৰু ইয়াক যুক্তিযুক্ত কৰি তুলিছিল। আকৌ প্লেটোৰ শিষ্য এৰিষ্টটলে শিক্ষা বিস্তাৰ কৰিবলৈ বিচাৰিছিল ‘অৱৰোহী প্ৰণালী’ আৰু ‘আৰোহী প্ৰণালী’ৰ মাধ্যমেৰে। ঠিক সেইদৰে ডেকার্টে ‘সৰলতাৰ পৰা জটিলতা’, হেগেলে ‘যুক্তিবাদ’ পদ্ধতিক প্ৰতিষ্ঠা কৰিব বিচাৰিছিল। আদর্শবাদে উল্লেখ কৰা বিভিন্ন শিক্ষণ পদ্ধতিৰ বিষয়ে তলত উল্লেখ কৰা হ’ল— বক্তৃতা পদ্ধতি (Lecture method), স্মৰণ পদ্ধতি (Memorization method), প্রশ্নকৰণ পদ্ধতি (Questioning method), আলোচনা পদ্ধতি (Discussion method), আত্ম-অধ্যয়ন পদ্ধতি (Self-Study method), কথোপকথন পদ্ধতি (Dialectic method), আৰোহী পদ্ধতি (Inductive method), অৱৰোহী পদ্ধতি (Deductive method), অনুকৰণ পদ্ধতি (Imitation method), দলীয় পদ্ধতি (Group method), গঠনাত্মক পদ্ধতি (Creative method), খেলাধূলা পদ্ধতি (Play Way method), একক পদ্ধতি (Individual method)। সাধাৰণতে আদর্শবাদ দর্শনে প্রতিজন শিক্ষকক একোজন দার্শনিক ৰূপে বিবেচনা কৰে আৰু প্ৰতিজন শিক্ষকে নিজ দার্শনিক চিন্তাৰ ভিত্তিত শিক্ষণ পদ্ধতিৰ উদ্ভাৱন আৰু ব্যৱহাৰ কৰাৰ ওপৰত বিশ্বাস কৰে। 

শিক্ষণ পদ্ধতি সম্বন্ধে আদর্শবাদৰ দৃষ্টিভংগীৰ মূল দিশসমূহ তলত চমুকৈ উল্লেখ কৰা হ’ল—

(ক) আদর্শবাদে শিশুক কোনো নতুন জ্ঞান প্রদানত বিশ্বাস নকৰে।

(খ) শিক্ষা হৈছে শিক্ষকৰ ব্যক্তিত্বৰ দ্বাৰা শিক্ষাৰ্থীৰ ব্যক্তিত্ব প্ৰভাৱিত কৰি তোলাৰ পৰিণতি।

(গ) আদৰ্শবাদ দৰ্শনৰ মতে শিক্ষাদান কার্য হৈছে এক বিশেষ কলা আৰু শিক্ষকে এই কলাৰ অধিকাৰী হোৱা উচিত।

(ঘ) আদৰ্শবাদ শিক্ষাৰ কোনো পূর্ব-নিৰ্ধাৰিত আৰু পূর্ব-পৰিকল্পিত শিক্ষণ পদ্ধতিত বিশ্বাস নকৰে।

(ঙ) প্ৰতিজন শিক্ষকৰেই নিজস্ব বৈশিষ্ট্যৰ দ্বাৰা প্ৰভাৱিত নিজ নিজ শিক্ষণ পদ্ধতিত এই দর্শনে বিশ্বাস কৰে।

১১। আদর্শবাদৰ অনুশাসন সম্পৰ্কীয় ধাৰণা চমুকৈ লিখা। (Write briefly about discipline according to Idealism.)

উত্তৰঃ আদর্শবাদ দৰ্শনে কঠোৰ অনুশাসনৰ ওপৰত বিশ্বাসী। কঠোৰ অনুশাসনেহে শিশুৰ নৈতিক আৰু আধ্যাত্মিক দিশৰ জ্ঞান লাভ কৰাত সহায় কৰে। আদর্শবাদী দার্শনিকসকলে বাহ্যিক অনুশাসনৰ পৰিপন্থী। আদর্শবাদে সদায় আভ্যন্তৰীণ অনুশাসন মানি চলাত গুৰুত্ব আৰোপ কৰে। শিক্ষাৰ্থীয়ে আত্ম-অনুশাসনৰ জৰিয়তেহে জীৱনৰ সৰ্ব্বোচ্চ মূল্যবোধ লাভ কৰিব পাৰে।

আদর্শবাদ দর্শনে শিক্ষাত স্বাধীনতা প্ৰদানৰ পোষকতা কৰে। এই দৰ্শনে মুক্তভাবে চিন্তা-চৰ্চা কৰি উৎকর্ষ সাধনৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শিশুৱে আত্মপ্রকাশ আৰু আত্ম-উপলব্ধি লাভ কৰিবৰ বাবে স্বাধীনতাৰ প্ৰয়োজন। কিন্তু এই স্বাধীনতা হোৱা উচিত আত্ম-নিয়ন্ত্রিত আৰু বিবেকৰ দ্বাৰা পৰিচালিত। আদর্শবাদৰ মতে সম্পূৰ্ণ অনুশাসনৰ পৰিৱেশতহে শিশুৰ বিকাশ সম্ভৱ হয়। অনুশাসিত জীৱনে অনুশাসিত মনৰ জন্ম দিয়ে, যি আত্ম-উপলব্ধি আৰু আধ্যাত্মিক লক্ষ্য আহৰণত সহায়ক হয়। অৱশ্যে এই দর্শনে বাহ্যিক অনুশাসন অথবা শাৰীৰিক শাস্তিৰ পোষকতা নকৰে। আদর্শবাদীসকলৰ মতে অনুশাসন আভ্যন্তৰীণ, আত্ম- নিয়ন্ত্রণমূলক আৰু আত্ম-আৰোপিত বিধৰ হ’ব লাগে। নৈতিক আৰু সাংস্কৃতিক মানদণ্ডৰ আধাৰত আত্মাৰ পৰিশোধন কৰিব পাৰিলে আভ্যন্তৰীণ অনুশাসন সম্ভৱ হয়। আত্ম-অনুশাসন শিক্ষাৰ্থীসকলৰ বাবে অতি প্ৰয়োজন৷ ইয়াৰ যোগেৰে শিক্ষাৰ্থীয়ে নিয়মানুবর্তিতা, সময়নিষ্ঠা, নম্রতা, বাধ্যতা আদি নৈতিক গুণবোৰৰ অধিকাৰী হয়। এই ধৰণৰ অনুশাসনক সাধাৰণতে মর্মস্পর্শী বা হৃদয়স্পর্শী অনুশাসন আখ্যা দিয়া হয়। এই অনুশাসনেহে শিক্ষার্থীক নৈতিকভাৱে শক্তিশালী কৰি তোলে।

আদর্শবাদ দৰ্শনত বিশ্বাস কৰা হয় যে শিক্ষার্থীসকলে আত্ম-নিয়ন্ত্ৰণৰ এক কঠোৰ অনুশাসন ব্যৱস্থাৰ যোগেদিহে অনুশাসিত হ’ব লাগে। তেওঁলোকে সমাজৰ নীতি-নিয়ম, বিধি-বিধান আৰু আইন-কানুন আদিৰে জীৱন যাপন কৰিব লাগে। ই হৈছে আত্ম-আৰোপিত আৰু স্বতঃপ্রণোদিত বিধৰ, বাহ্যিকভাৱে প্ৰভাৱিত নহয়।

ওপৰৰ আলোচনাৰ পৰা অনুশাসন সম্বন্ধে আদর্শবাদ দৰ্শনৰ মূল দৃষ্টিভংগীক অতি চমুকৈ নিম্নলিখিত ভাৱে উল্লেখ কৰিব পাৰিঃ

(ক) অনুশাসন কার্যকাৰিতাৰ বাবে স্বাধীনতাৰ প্ৰয়োজন, কিন্তু সি অবাধ আৰু সম্পূৰ্ণৰূপে মুক্ত হ’ব নালাগে।

(খ) অনুশাসন আভ্যন্তৰীণ, আত্ম-নিয়ন্ত্রণমূলক আৰু আত্ম-আৰোপিত বিধৰ হ’ব লাগে।

(গ) শিক্ষকৰ আদৰ্শ ব্যক্তিত্বৰ সুস্থ প্ৰভাৱৰ দ্বাৰা শিক্ষাৰ্থীৰ অনুশাসন’ বিনীত আৰু পৰিমাৰ্জিতভাৱে পৰিচালিত হ’ব লাগে।

(ঘ) অনুশাসনে শিক্ষাৰ্থীক প্ৰচলিত নীতি-নিয়মৰ প্ৰতি আনুগত্যৰ ভাৱ শিকাব লাগে।

(ঙ) নৈতিক আৰু ধৰ্মীয় শিক্ষাই শিক্ষাৰ্থীৰ মনত অনুশাসনৰ ভাৱ জগাই তুলিব পাৰে।

১২। আদর্শবাদৰ মতে শিক্ষাত শিক্ষকৰ ভূমিকা আলোচনা কৰা। (Discuss the role of a teacher in education according to Idealism.)

উত্তৰঃ আদর্শবাদ দৰ্শনত শিক্ষকৰ স্থান অতি উচ্চ। এই দর্শনে শিক্ষা ব্যৱস্থাত শিক্ষকক সর্বাধিক দায়িত্ব আৰু কৰ্তৃত্ব প্ৰদান কৰিছে। শিক্ষক অবিহনে শিক্ষাদান পদ্ধতি অসম্ভৱ। শিক্ষকসকল এক আদৰ্শবাদী, সৰল ব্যক্তিত্বসম্পন্ন, ধীৰ, স্থিৰ, জ্ঞানী, চৰিত্ৰবান হ’ব লাগে, যাৰ দ্বাৰা অনুপ্রাণিত হৈ শিক্ষার্থীসকলেও একো একোজন আদর্শ ব্যক্তি হ’বলৈ যত্নবান হ’ব। তেওঁলোকৰ মতে শিক্ষাৰ্থীৰ বৌদ্ধিক বিকাশ সাধন কৰিবলৈ ভাব আৰু চিন্তাধাৰাক পৰিচালনা কৰিবলৈ আৰু মানসিক শক্তিসমূহৰ বিকাশ সাধন কৰিবলৈ শিক্ষকৰ প্ৰয়োজনীয়তা তাৎপর্যপূর্ণ। সেয়ে, শিক্ষকে শিক্ষাৰ্থীৰ এনে দিশবোৰৰ বিকাশ সাধন কৰিব পৰাকৈ শিক্ষাৰ্থীৰ মনত শ্ৰদ্ধা আৰু ভক্তিভাৱৰ সৃষ্টি কৰিব লাগিব।

আদর্শবাদ দর্শনে শিক্ষাক অকল আদর্শকেন্দ্রিক, শিশুকেন্দ্রিক অথবা বিষয়কেন্দ্রিক’ বুলি ক’ব নোখোজে। এই দর্শনে শিক্ষাৰ্থীৰ শিক্ষা আৰু অনুশাসন ব্যৱস্থাত শিক্ষকৰ ব্যক্তিত্বৰ চাপৰ ওপৰত বিশ্বাস কৰে। শিক্ষাৰ মূল উদ্দেশ্য হৈছে শিক্ষাৰ্থীৰ ব্যক্তিত্ব গঠন কৰি তোলা আৰু এই ব্যক্তিত্ব মূলতেই শিক্ষকৰ ব্যক্তিত্বৰ সুস্থ আৰু সামগ্ৰিক প্ৰভাৱৰ পৰিণতিস্বৰূপ। আদর্শবাদৰ মতে, শিক্ষকে শিক্ষার্থীসকলক বিপথ, ভুল আৰু শক্তিৰ অপচয়ৰ পৰা ৰক্ষা কৰে। সেই কাৰণে শিক্ষকক শিক্ষাৰ্থীৰ দিগ-দৰ্শক বুলি কোৱা হয়। শিক্ষকসকলে শিক্ষার্থীক অন্ধকাৰৰ পৰা পোহৰলৈ কঢ়িয়াই লৈ যায়। শিক্ষাৰ্থীৰ ওপৰত শিক্ষকৰ ব্যক্তিত্বৰ প্ৰভাৱ পৰে আৰু তেওঁলোকে শিক্ষকৰ আচৰণ অনুকৰণ কৰে। আদর্শবাদী দার্শনিক তথ্য শিক্ষাবিদ ফ্ৰ’বেলে শিক্ষকক সেয়েহে ফুলনি বাগিছাৰ যতনকাৰী মালীস্বৰূপে বৰ্ণনা কৰিছে। তেখেতৰ মতে, বিদ্যালয় হ’ল এখন বাগিছা। বাগিছাত যেনেকৈ মালীয়ে গছপুলিবোৰ লিৰিকি-বিদাৰি ডাঙৰ-দীঘল কৰে, ঠিক তেনেকৈ বিদ্যালয়ত শিক্ষকেও শিক্ষাৰ্থীৰ ব্যক্তিত্ব পূর্ণ প্রস্ফূটিত কৰি তুলিবৰ বাবে যতন ল’ব লাগে। এনে ভূমিকা গ্ৰহণৰ বাবে শিক্ষকে ব্যক্তিগত উচ্চ আদর্শ গুণসম্পন্ন ব্যক্তিৰ অধিকাৰী হ’ব লাগিব। তাৰ প্ৰভাৱেৰে তেওঁ ছাত্ৰক বন্ধু, দার্শনিক আৰু পথপ্ৰদৰ্শক স্বৰূপে যোগ্যতাৰে পৰিচালিত কৰিব লাগে।

শিক্ষা ক্ষেত্ৰত শিক্ষকৰ ভূমিকা সম্বন্ধে আদর্শবাদৰ দৃষ্টিভংগী তলত অতি চমুকৈ উল্লেখ কৰা হ’ল—

(ক) আদর্শবাদ দর্শনে শিক্ষাত শিক্ষকৰ ব্যক্তিত্বৰ চাপ বা (impression)ৰ ধাৰণা প্ৰদান কৰে।

(খ) শিক্ষকেই শিক্ষা পৰিৱেশ ৰচনা আৰু পৰিচালনা কৰিব লাগে।

(গ) শিক্ষকৰ ব্যক্তিত্বৰ প্ৰভাৱেহে শিক্ষাৰ্থীৰ ব্যক্তিত্ব পূর্ণ প্রস্ফূটিত কৰি তুলিব পাৰে।

(ঘ) শিক্ষক হৈছে ছাত্ৰৰ আধ্যাত্মিক দিশৰ বিকাশৰ বন্ধু, দার্শনিক আৰু পথপ্ৰদৰ্শক স্বৰূপ।

১৩। আদর্শবাদৰ প্ৰধান নীতিসমূহ আলোচনা কৰা। (Discuss the major principles of Idealism in Education.)

উত্তৰঃ শিক্ষাত আদৰ্শবাদ দৰ্শনৰ মূল নীতিসমূহ তলত সংক্ষেপে আলোচনা কৰা হ’ল—

(ক) আদর্শবাদীসকলে প্রথমে মনক সকলোৰে ওপৰত স্থান দিয়ে। তেওঁলোকে বিশ্বাস কৰে যে চৰম সত্য মানুহৰ মনোজগততহে নিহিত হৈ থাকে; ই বস্তুবাদী জগতত নহয়। ব্যক্তিয়ে অন্তৰাত্মাৰ যোগেদি পোৱা আধ্যাত্মিক জ্ঞানহে চৰম সত্য আৰু ইয়াকেই চূড়ান্ত বাস্তৱ স্বৰূপে আদর্শবাদীসকলে বিবেচনা কৰে।

(খ) আদর্শবাদ দর্শনে বিশ্বাস কৰে যে বিশ্বব্ৰহ্মাগুত এক আত্মিক শক্তি চিৰ বিদ্যমান, যাৰ কেতিয়াও মৃত্যু বা বিনাশ নহয়। জীৱনৰ চূড়ান্ত মূল্যবোধ এই আত্মিক শক্তিৰ অনুভৱৰ দ্বাৰাই পাব পাৰি আৰু এই মূল্যবোধৰ উপলব্ধি ব্যক্তিৰ আত্মবিশ্বাস আৰু আত্ম-অনুসন্ধানৰ যোগেদিহে সম্ভৱ হ’ব পাৰে বুলি আদর্শবাদীসকলে বিশ্বাস কৰে।

(গ) আদর্শবাদীসকলৰ বিশ্বাসৰ আন এটি ধাৰণা হ’ল আত্মাৰ মুক্তি। তেওঁলোকে তেজ-মঙহৰ শৰীৰৰ ওপৰত তেনেই গুৰুত্ব দিয়া নাই। তেওঁলোকে প্ৰধানকৈ আত্মাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। আদর্শবাদীসকলৰ মতে, আধ্যাত্মিক জগতত প্রতিযোগিতা, ভন্ডামি আৰু ঈৰ্ষাৰ স্থান নাই, আছে মাথোন মানুহৰ মাজত ভ্ৰাতৃত্ববোধ আৰু ভগৱানেই সকলোৰে পিতৃভাৱ।

(ঘ) আদৰ্শবাদ দৰ্শনৰ মতে, “ক্ৰমবিৱৰ্তন” কেৱল মাথোন জৈৱিক দিশতেই নহয়, ই মানসিক আৰু আত্মিক দিশতো সম্ভৱ হৈ উঠিব পাৰে। আদর্শবাদী সকলে কৈছে যে মানুহৰ প্ৰগতিশীল মনেই হ’ল বিশ্বৰ প্ৰগতিৰ মূল চাবি-কাঠি। মানুহৰ মনৰ পূৰ্ণ বিৱৰ্তনে ভুলবোৰ আঁতৰাই সত্য আৰু শুদ্ধবোৰ বাছি ল’বলৈ অসুন্দৰক দলিয়াই সুন্দৰক সাৱটি ল’বলৈ শিকায় আৰু সত্য, শিৱ, সুন্দৰৰ সাধনাত ব্ৰতী কৰোৱায়।

(ঙ) আদৰ্শবাদ দৰ্শনে বিশ্বাস কৰে যে মানুহৰ বিকাশত প্ৰভাৱ বিস্তাৰ কৰা বাস্তৱ জগতৰ দৈহিক পৰিৱেশতকৈ মনোজগতৰ আত্মিক পৰিৱেশ অধিক গুৰুত্বপূৰ্ণ।

(চ) আদর্শবাদ দর্শনে বিশ্বাস কৰে যে মানুহৰ আত্মা হৈছে অবিনাশী আৰু চিৰন্তন, যাৰ কেতিয়াও ধ্বংস বা মৃত্যু নহয়। দেহ এটা পদার্থ হোৱা বাবে ইয়াৰ ধ্বংস বা বিনাশ হয়। কিন্তু মন যিহেতু এটা পদার্থ নহয়, সেইবাবে ইয়াৰ কেতিয়াও ধ্বংস বা মৃত্যু হ’ব নোৱাৰে।

(ছ) আদর্শবাদ দৰ্শনে ব্যক্তিৰ অংগৰ বাহ্যিক বিশ্বাসতকৈ আত্মিক দিশৰ ভাৱ-অনুভূতি আদিৰ বিকাশৰ প্ৰতি অধিক গুৰুত্ব প্ৰদান কৰে।

(জ) আদর্শবাদ দর্শনে জীৱনৰ চিৰন্তন মূল্যবোধ থকাৰ কথা বিশ্বাস কৰে। এই চিৰন্তন মূল্যবোধ থকাৰ কথা বিশ্বাস কৰে। এই চিৰন্তন মূল্যবোধ হৈছে সত্য, শিৱ, সুন্দৰৰ অনুভৱ। যি কথা সত্য সি সদায় সত্য, যি সুন্দৰ সি সদায় সুন্দৰ আৰু চিৰন্তন। এই সত্য, শিৱ, সুন্দৰ হৈছে স্বৰ্গীয়, ইয়াক মানুহৰ প্ৰয়োজনীয়তাৰ পৰ্যায়লৈ অৱনমিত কৰিব নোৱাৰি।

(ঝ) আদর্শবাদীসকলৰ মতে, মানুহৰ আত্মা দেহ-বন্ধনৰ মাজত অথবা দেহৰ প্ৰয়োজনৰ মাজত আৱদ্ধ থাকে। এনে বন্ধনৰ পৰা আত্মাক মুক্ত কৰি পৰমাত্মা স্বৰূপ ভগৱানৰ লগত মিলিত কৰিব পৰাটোৱেই হৈছে ব্যক্তিৰ জীৱনৰ চূড়ান্ত লক্ষ্য।

(ঞ) আদর্শবাদী সকলৰ মতে ভগৱানৰ উপলব্ধিয়ে হৈছে ব্যক্তিৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ জ্ঞান। এই জ্ঞান ব্যক্তিৰ আত্ম-উপলব্ধিৰ যোগেদিহে পাব পৰা যায়।

ওপৰৰ আলোচনাৰ পৰা এইটো স্পষ্টভাৱে ক’ব পাৰি যে আদর্শবাদ দৰ্শনৰ প্ৰধান নীতি হ’ল আত্মাৰ মুক্তি৷ তেওঁলোকে বিশ্বাস কৰে যে সত্য, শিৱ, সুন্দৰৰ আৰাধনাৰ জৰিয়তে আত্মাক দেহ বন্ধনৰ পৰা মুক্ত কৰি পৰমাত্মাৰ লগত মিলিত কৰাটোৱেই হৈছে ব্যক্তি জীৱনৰ প্ৰধান লক্ষ্য।

১৪। আধুনিক শিক্ষা ব্যৱস্থাত আদৰ্শবাদৰ প্ৰভাৱ সম্পর্কে আলোচনা কৰা। (Discuss the impact of Idealism in modern Education System.)

উত্তৰঃ আধুনিক শিক্ষা ব্যৱস্থাত আদর্শবাদৰ প্ৰভাৱ অতি তাৎপর্যপূর্ণ। বর্তমান সময়ত বিজ্ঞান আৰু কাৰিকৰী বিষয়ৰ লগতে বৃত্তিমূলক দিশত শিক্ষাৰ্থীসকলক সুদক্ষ কৰি তোলাত যথেষ্ট গুৰুত্ব আৰোপ কৰিলেও আদর্শবাদৰ দৃষ্টিভংগীয়ে ভাল-বেয়া, ন্যায়-অন্যায়ৰ বিচাৰ কৰিব পৰা ক্ষমতাৰ যথেষ্ট প্ৰয়োজনীয়তা আহি পৰিছে। 

আদর্শবাদে শিক্ষাৰ বিভিন্ন ক্ষেত্ৰত পালন কৰা ভিন্ন ধৰণৰ ভূমিকাৰ বিষয়ে তলত চমুকৈ আলোচনা কৰা হ’লঃ

(ক) শিক্ষাৰ নীতি (Principles of education): আধুনিক শিক্ষা ব্যৱস্থাত আদর্শবাদৰ নীতিসমূহ তলত উল্লেখ কৰা হ’ল—

১। আধুনিক সময়ৰ শিক্ষাৰ নীতি আদর্শবাদৰ নীতিৰ ওপৰত প্ৰতিষ্ঠিত। আদর্শবাদে ব্যক্তিৰ ব্যক্তিত্বৰ পৰিপূৰ্ণ বিকাশৰ ওপৰত গুৰুত্ব দিয়াৰ বাবেই বর্তমান পাঠ্যক্ৰম আৰু সহ-পাঠ্যক্রমিক কাৰ্যৰ ওপৰত সমানে গুৰুত্ব প্ৰদান কৰা হৈছে।

২। আদর্শবাদে আধ্যাত্মিক দিশৰ বিকাশৰ ওপৰত গুৰুত্ব দিয়াৰ দৰে বৰ্তমান শিক্ষাব্যৱস্থাতো নৈতিক আৰু আধ্যাত্মিক দিশৰ বিকাশত গুৰুত্ব প্ৰদান কৰিছে।

৩। আদর্শবাদৰ দৰে বৰ্তমান শিক্ষা ব্যৱস্থাই আত্ম কৰ্মৰ যোগেদি আত্মজ্ঞান লাভ কৰি ব্যক্তিত্বৰ পূৰ্ণ বিকাশত গুৰুত্ব দিয়া হৈছে।

৪। “বৈচিত্র্যতাৰ মাজত ঐক্য ভাৱ” আদর্শবাদৰ আদৰ্শ বৰ্তমান শিক্ষা ব্যৱস্থাত প্রতিফলিত হোৱা দেখা যায়।

(খ) শিক্ষাৰ লক্ষ্য (Aims of education): আদর্শবাদৰ শিক্ষাৰ লক্ষ্যৰ ওপৰত পৰা প্ৰভাৱসমূহ তলত চমুকৈ উল্লেখ কৰা হ’ল—

১। বর্তমান শিক্ষা ব্যৱস্থাত চিন্তা, যুক্তি, কল্পনা আৰু সৃজনীশীলতাৰ বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

২। বর্তমান শিক্ষা ব্যৱস্থাৰ জৰিয়তে এটা পুৰুষৰ পৰা অন্য এটা পুৰুষলৈ সংস্কৃতি আৰু জ্ঞানৰ হস্তান্তৰ কৰাই ব্যক্তিৰ উৎকৰ্ষ সাধনৰ ওপৰত গুৰুত্ব দিয়া হয়।

৩। বর্তমান শিক্ষা ব্যৱস্থাত শিক্ষাৰ্থীৰ ইচ্ছাশক্তিৰ বিকাশৰ ওপৰত গুৰুত্ব দিয়া হৈছে।

(গ) বৃত্তিমূলক শিক্ষা (Vocational education): আধুনিক শিক্ষা ব্যৱস্থাৰ পাঠ্যক্ৰমত বৃত্তিমূলক শিক্ষাৰ লগতে প্ৰায়োগিক বিষয়ৰ জ্ঞান প্ৰদানত গুৰুত্ব প্ৰদান কৰা হয়।

(ঘ) পাঠ্যক্রম (Curriculum): আধুনিক শিক্ষা ব্যৱস্থাৰ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত বিষয়সমূহ হ’ল ভাষা, সাহিত্য, সমাজ অধ্যয়ন, ইতিহাস, ভূগোল, নীতিশাস্ত্র, গণিত, বিজ্ঞান, নৈতিক জ্ঞান, দৰ্শন, সংগীত আৰু আধ্যাত্মিক বিষয়সমূহ যিবোৰ বিষয় আদর্শবাদৰ সন্নিৱিষ্ট বিষয়।

(ঙ) শিক্ষণ পদ্ধতি (Methods of teaching): আদর্শবাদত ব্যৱহৃত শিক্ষণ পদ্ধতিসমূহ যেনে— বক্তৃতা, তর্ক, আলোচনা, কথোপকথন, প্রশ্নকৰণ, আৰোহী, অৱৰোহী পদ্ধতিসমূহ বর্তমান শিক্ষা ব্যৱস্থাত ব্যৱহাৰ কৰা হয়।

(চ) অনুশাসন (Discipline): বর্তমান শিক্ষাত শিক্ষার্থীক আত্ম-অনুশাসন গঢ়ি তোলাত গুৰুত্ব দিয়া হৈছে যিটো আদর্শবাদী দার্শনিকে কঠোৰ আৰু আত্ম-অনুশাসন মানি চলি নৈতিক আৰু আধ্যাত্মিক জ্ঞানৰ বিকাশত গুৰুত্ব দিয়া হৈছিল।

(ছ) শিক্ষক (Teacher): আধুনিক শিক্ষা ব্যৱস্থাত শিক্ষকৰ স্থান অতি গুৰুত্বপূৰ্ণ, শিক্ষকক বন্ধু, দার্শনিক আৰু পথপ্ৰদৰ্শকৰূপে উচ্চ আসন প্ৰদান কৰা হয়। ঠিক একেদৰে, আদর্শবাদীসকলে শিক্ষকক অতি উচ্চ আসন প্ৰদান কৰি আহিছে।

(জ) শিক্ষাৰ সৰ্বজনীনকৰণ (Universalization of Education): আদৰ্শবাদৰ শিক্ষাৰ সাৰ্বজনীনকৰণ নীতিৰ লগত একমত হিচাপে বর্তমান জাতি, বর্ণ, ধর্ম, নির্বিশেষে সমগ্ৰ দেশত সার্বজনীন শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।

(ঝ) বিদ্যালয় (School): আদর্শবাদী দার্শনিকসকলৰ মতে, শিক্ষাৰ্থীক প্ৰকৃত নাগৰিক হিচাপে গঢ়ি তোলাত বিদ্যালয়ৰ ভূমিকা হোৱাৰ দৰে বৰ্তমান বিদ্যালয়সমূহতো প্রকৃত নাগৰিক হিচাপে সাংস্কৃতিকভাৱে সমৰ্থবান ব্যক্তি গঢ় দিবলৈ চেষ্টা কৰা হয়।

১৫। শিক্ষাত আদৰ্শবাদৰ সবলতা আৰু দুর্বলতাসমূহ আলোচনা কৰা। (Discuss the strength and weakness of Idealism in Education.)

উত্তৰঃ শিক্ষাৰ তাত্ত্বিক আৰু ব্যৱহাৰিক দিশত প্ৰভাৱ পেলোৱা এক পুৰণি চিন্তা দৰ্শন স্বৰূপে আদৰ্শবাদৰ এক বস্তুনিষ্ঠ মূল্যায়নৰ প্ৰয়োজন। বৰ্তমান সময়ত মানুহৰ মনত এক নতুন মূল্যবোধ জগাই তুলিবৰ বাবে আৰু শিক্ষা ক্ষেত্ৰত তাক কাৰ্যকৰী কৰি তুলিবৰ বাবে আদর্শ বাদ দৰ্শনৰ গ্রহণযোগ্যতা সমূলি অস্বীকাৰ কৰিব নোৱাৰি। 

আদর্শবাদৰ সবলতা আৰু দুৰ্বলতাসমূহ তলত চমুকৈ উল্লেখ কৰা হ’লঃ

(ক) সবলতা বা সুস্থ প্ৰভাৱসমূহঃ

১। বৰ্তমান সময়ৰ বস্তুবাদী, প্ৰয়োগমুখী আৰু যান্ত্ৰিক যুগৰ তৎকালীন শিক্ষাৰ লক্ষ্যত থকা সীমাবদ্ধতা আদর্শবাদ দর্শনে গুচাবলৈ সক্ষম হ’ব লাগে। ইয়াৰ পৰিৱৰ্তে আধ্যাত্মিক দিশৰ এক বহল আৰু মানৱীয় নীতিৰ ওপৰত শিক্ষাৰ লক্ষ্য আদৰ্শ স্থিৰ কৰিব পাৰে।

২। আদর্শবাদ দর্শনে মানৱ সংহতিৰ অধ্যয়নত বিশেষ গুৰুত্ব আৰোপ কৰিছে।

৩। আদর্শবাদৰ ধৰ্মীয় শিক্ষাৰ যোগেদি শিক্ষাৰ্থীয়ে নৈতিক জীৱন শক্তিশালী কৰি তোলাৰ আঁচনি শিক্ষাৰ আদৰণীয় নীতিস্বৰূপে বিবেচনা কৰিব পাৰি।

৪। আদর্শবাদ দৰ্শনৰ মতে, শিক্ষাৰ মূল উদ্দেশ্য হৈছে শিক্ষাৰ্থীৰ আধ্যাত্মিক দিশত দেহ-মন আৰু আত্মাৰ এক সুসামঞ্জস্যপূর্ণ ব্যক্তিত্ব গঢ় দি তোলে।

৫। আদর্শবাদ দর্শনে শিক্ষকক এক উচ্চ স্থানত অধিষ্ঠিত কৰিছে। শিক্ষকৰ সুস্থ, সুন্দৰ আৰু শক্তিশালী ব্যক্তিত্বৰ প্ৰভাৱ অবিহনে শিক্ষাৰ্থীৰ শিক্ষা সম্ভৱ হৈ উঠিব নোৱাৰে-এই কথা বর্তমান শিক্ষাবিদসকলেও স্বীকাৰ কৰিছে।

৬। শিক্ষাৰ ব্যৱহাৰিক দিশত আদর্শবাদ দৰ্শনে কোনো সুস্পষ্ট আৰু কাৰ্যকৰী শিক্ষা পদ্ধতি আমাক দিব নোৱাৰিলেও শিক্ষাৰ তাত্ত্বিক দিশত ইয়াৰ বৰঙণি অস্বীকাৰ কৰিব নোৱাৰি। বিশেষকৈ শিক্ষাৰ লক্ষ্য, পাঠ্যক্ৰম, অনুশাসন আৰু শিক্ষকৰ ব্যক্তিত্বৰ ভূমিকা সম্বন্ধে এই দৰ্শনৰ দৃষ্টিভংগী আমাৰ বাবে প্ৰেৰণাদায়ক।

(খ) দুর্বলতা বা অসুস্থ প্ৰভাৱসমূহঃ

১। বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰায়োগিক চিন্তাধাৰাই আধ্যাত্মিকতা আৰু ইয়াৰ প্ৰভাৱক মানিবলৈ নিবিচাৰে। আধ্যাত্মিকতাৰ চিন্তাধাৰাই শিক্ষাত শিক্ষাৰ্থীসকলক তেওঁলোকৰ বাস্তৱ জ্ঞান, অধ্যয়ন আৰু অনুভৱ কৰাত সহায় কৰিব নোৱাৰে।

২। আদৰ্শবাদ দৰ্শনৰ নীতিয়ে শিক্ষাৰ্থীসকলক তেওঁলোকৰ বাস্তৱ পৰিৱেশ আৰু পৰিস্থিতিত সুস্থ সমাযোজনতো সহায় কৰিব নোৱাৰে।

৩। আদৰ্শবাদৰ শিক্ষা আদৰ্শই শিক্ষাৰ্থীক পুৰণি সভ্যতা-সংস্কৃতিৰ অন্ধ অনুকৰণশীল কৰি তুলিব পাৰে। ইয়াৰ ফলত তেওঁলোকৰ নতুন চিন্তা, ডদ্ভাৱন ক্ষমতা আৰু অন্যান্য সমস্যা সমাধান ক্ষমতাৰ বিকাশ বাধাগ্ৰস্ত হৈ উঠিব পাৰে আৰু গতিশীলতাৰ পৰিৱৰ্তে তেওঁলোকৰ মন ৰক্ষণশীল হৈ উঠিব পাৰে।

৪। আদৰ্শবাদ দৰ্শনে বৰ্তমানৰ প্ৰয়োজন সাপেক্ষ, ক্রিয়াভিত্তিক আৰু ব্যৱহাৰিক জীৱনৰ বিষয়সমূহৰ অধ্যয়নত শিক্ষার্থীক উৎসাহ যোগাব নোৱাৰে। আধ্যাত্মিক আৰু সাংস্কৃতিক বিষয়ৰ অধ্যয়নমুখিতাই তেওঁলোকক বিজ্ঞান আৰু কাৰিকৰী বিজ্ঞানৰ বিষয়সমূহ অধ্যয়নৰ প্ৰতি উদাসীন কৰি তুলিব পাৰে।

১৬। শিক্ষাত প্ৰকৃতিবাদৰ মূল নীতিসমূহ কি কি? (What are the main principles of Naturalism in education?)

উত্তৰঃ শিক্ষাত প্ৰকৃতিবাদ দৰ্শনৰ মূল নীতিসমূহ হ’ল—

(ক) প্ৰকৃতিবাদ দৰ্শনৰ মতে, পদার্থই হৈছে চূড়ান্ত সত্য আৰু মূল বিবেচ্য বিষয়, যাৰ দ্বাৰা সকলো বস্তুৰ সৃষ্টি হয় আৰু শেষত তাতেই (পদাৰ্থত) বিলীন হ’ব লগা হয়।

(খ) প্রকৃতিক অনুসৰণ কৰাঃ ইয়েই হ’ল শিক্ষাত প্ৰকৃতিবাদৰ প্ৰধান ধ্বনি। কৃত্রিমভাৱে সজোৱা শিক্ষানুষ্ঠানৰ পৰিৱেশৰ পৰিৱর্তে শিশুৰ প্ৰাকৃতিক পৰিৱেশৰ মাজতহে সম্ভৱ হৈ উঠে। শিশুৰ কৃতি স্থবিৰ নহয়; ই গতিশীল তথা চিৰ বিকাশশীল। গতিকে, গতিশীল শিক্ষা প্ৰক্ৰিয়াইহে শিশুৰ গতিশীলতাৰ সৈতে সম্পৰ্ক ৰাখি বিকাশ আৰু বৰ্ধনত সহায় কৰিব পাৰে।

(গ) শিশুৱেই হ’ল শিক্ষা প্ৰক্ৰিয়াৰ মূল কেন্দ্ৰ, যাৰ প্ৰকৃতি সম্পূৰ্ণৰূপে বুজিব লাগিব আৰু তাৰ পিছতে শিশুক প্রাকৃতিকভাৱে ধীৰে ধীৰে আৰু পৰিপাটিকৈ বিকাশৰ ক্ষেত্ৰত সহায় কৰিব লাগিব। শিশুক সদায় শিশু হিচাপেই ব্যৱহাৰ কৰিব লাগে। শিশুৰ জীৱন আৰু অভিজ্ঞতাৰ মাজতেই শিক্ষাই ইয়াৰ পৱিত্ৰতা উদ্দেশ্য আৰু অৰ্থৰ পৱিত্ৰতা বিচাৰি পায়। শিশুৰ ওপৰত বয়স্কসকলৰ ধ্যান-ধাৰণা জাপি দিয়াৰ পৰিৱৰ্তে তেওঁলোকে নিজে লাভ কৰা জ্ঞান আৰু অভিজ্ঞতাৰ জৰিয়তে নিজাববীয়াকৈ ধ্যান-ধাৰণা ল’বলৈ সুযোগ প্রদান কৰিব লাগে।

(ঘ) শিশুৰ আটাইতকৈ প্ৰয়োজনীয় বিষয় হ’ল সুখানুভৱ। শিক্ষা সুখানুভৱৰ মূল আহিলা হ’ব লাগে। এই সুখানুভৱ শিশুৰ সতৰ্কৰ্তা আৰু আনন্দ অনুভৱ শক্তি আদি শিশুৰ স্বাভাৱিক গুণাৱলীৰ পৰা উদ্ভৱ হ’ব লাগিব। এনে ভাৱে লাভ কৰা সুখানুভৱেহে দীৰ্ঘম্যাদী আৰু চিৰস্থায়ী।

(ঙ) প্ৰকৃতিবাদ দৰ্শনৰ আন এক মূল চিন্তাধাৰা বা মূলনীতি হৈছে বিজ্ঞানমুখী আৰু পৰীক্ষণভিত্তিক। তেখেত সকলৰ মতে, বিজ্ঞানেহে প্ৰকৃতিৰ বুকুত লুকাই থকা গোপন ৰহস্য উদ্ঘাটন কৰে বাবে বিজ্ঞানৰ পৰা আহৰণ কৰা জ্ঞানেই হৈছে প্ৰকৃতপক্ষে সভ্যতাৰ ওপৰত প্রতিষ্ঠিত জ্ঞান যি ব্যক্তিৰ বাবে গ্রহণযোগ্য।

(চ) প্ৰকৃতিবাদীসকলে ব্যক্তিৰ ওপৰত আধ্যাত্মিক দিশৰ প্ৰভাৱক সমূলি মানি ল’বলৈ নিবিচাৰে। তেওঁলোকৰ মতে আত্মিক শক্তি, স্বর্গীয় প্ৰেৰণা আদি শব্দসমূহ ভ্রান্তিমূলক যিয়ে ব্যক্তি মনক বিপথে পৰিচালিত কৰে।

(ছ) প্রকৃতিবাদ দর্শনে মনোবিজ্ঞান বিষয়ক বিজ্ঞানৰ মৰ্যাদা দান কৰে, যিয়ে মানসিক ক্রিয়াকলাপসমূহ বিজ্ঞানসন্মত দৃষ্টিভংগীৰে অধ্যয়ন আৰু বিশ্লেষণ কৰিব পাৰে।

(জ) প্রকৃতিবাদী দর্শনে জীৱনৰ কোনো পূর্ব-নিৰ্ধাৰিত মূল্যবোধ অথবা চিৰন্তন মূল্যবোধ থকাৰ কথা বিশ্বাস নকৰে। তেওঁলোকৰ মতে, জীৱনৰ মূল্যবোধ ব্যক্তিৰ বাস্তৱ প্ৰয়োজনসমূহৰ পৰা সৃষ্টি হয় যাৰ উৎপত্তি পৰিৱেশৰ লগত কৰা সমাযোজনৰ ফলস্বৰূপ বুলি ক’ব পাৰি।

(ঝ) প্রকৃতিবাদ দর্শনে ব্যক্তিসত্ত্বাক সর্বাধিক গুৰুত্ব আৰোপ কৰে যি নেকি ব্যক্তিৰ জৈৱিক উপাদান আৰু সম্ভাৱনীয়তাৰ দ্বাৰা গঢ় লৈ উঠে। প্রকৃতিবাদী দার্শনিকসকলে সমাজৰ কোনো অতি মানৱীয় শক্তি থকাৰ কথা মানি নলয়। তেওঁলোকৰ মতে, মানুহৰ নিজস্ব প্রয়োজন পূৰণৰ বাবেহে সমাজ গঠন কৰে।

(ঞ) শিক্ষাৰ মূল আহিলা হ’ব লাগে শিশুৰ প্ৰবৃত্তি। জন্মসদৃশ মানুহৰ আদিম আচৰণ সংশোধন কৰি মানৱীয় আচৰণ প্ৰদানৰ মাজেৰে মানুহক শিক্ষিত কৰাৰ উদ্দেশ্যেৰে শিশুৰ প্ৰবৃত্তিক পূৰ্ণৰূপত ব্যৱহাৰ কৰিব লাগে।

(ট) জ্ঞানেন্দ্ৰিয় সমূহেই হ’ল জ্ঞান আহৰণৰ দুৱাৰ-খিৰিকি। সেইবাবে প্ৰকৃতিবাদী শিক্ষাবিদসকলে উপযুক্ত শিক্ষাৰ বাবে জ্ঞানেন্দ্ৰিয়সমূহৰ উপযুক্ত ব্যৱহাৰ হ’ব লাগে বুলি মত পোষণ কৰে।

সামৰণিত ক’ব পাৰি যে প্রকৃতিবাদীসকলে “শিশুৰ বাবে স্বাধীনতা প্ৰদান” কৰিবলৈ সকলোৰে দৃষ্টি আকর্ষণ কৰে আৰু শিশুক শিক্ষণৰ সকলো ধৰণৰ অত্যাচাৰৰ পৰা মুক্ত কৰিবলৈ সমৰ্থ হয়। প্রকৃতিবাদীসকলৰ মূল মন্ত্ৰ হ’ল “হকাবধা নকৰিব”, “জোৰ-জুলুম নকৰিব”,“আত্মপ্ৰকাশৰ বাবে সুযোগ দিব”, “প্রকৃতিলৈ উভতি যোৱা” ইত্যাদি। শিশুৰ বাবে শিক্ষা, শিক্ষাৰ বাবে শিশু নহয়, এয়ে আছিল প্রকৃতিবাদীৰ মূল কথা।

১৭৷ প্ৰকৃতিবাদ দর্শন অনুসৰি শিক্ষাৰ লক্ষ্য আলোচনা কৰা। (Discuss the aims of education according to naturalism.)

উত্তৰঃ প্ৰকৃতিবাদ দৰ্শনে যান্ত্ৰিক আৰু জৈৱিক দৃষ্টিকোণৰ পৰা শিক্ষাৰ লক্ষ্য ভিন-ভিন ধৰণে ব্যাখ্যা কৰে। শিশুৰ ব্যক্তিসত্ত্বাৰ আত্মপ্রকাশ আৰু বিকাশেই এই দৰ্শনৰ মতে শিক্ষাৰ প্ৰধান লক্ষ্য। প্রকৃতিবাদী দৰ্শনৰ মতে শিক্ষাৰ লক্ষ্য হ’ব লাগে ‘self expression and self presentation’। ৰুছোৰ প্ৰকৃতিবাদ চিন্তাধাৰা মতে শিশু প্ৰকৃতিৰ মুক্ত প্রাকৃতিক পৰিৱেশত স্বাভাৱিক বিকাশ সাধন হৈছে শিক্ষাৰ লক্ষ্য। জৈৱিক প্ৰকৃতিবাদৰ দৃষ্টিকোণৰ পৰা ভিন ভিন দার্শনিকে শিক্ষাৰ লক্ষ্য সম্বন্ধে বিভিন্ন ব্যাখ্যা প্ৰদান কৰিছে। জীৱ বিজ্ঞানী ডাউইনে শিক্ষাৰ যোগেদি মানুহৰ দৈহিক ক্ৰমবিৱৰ্তন হোৱাটো বিচাৰে। তেওঁৰ মতে, ব্যক্তিয়ে নিজ জীৱনৰ সংঘৰ্ষত জৈৱিক শক্তিসমূহৰ ক্ৰমবিৱৰ্তন সাধন কৰি জীৱনৰ স্থিতি (survival) সুনিশ্চিত কৰাটোৱেই শিক্ষাৰ লক্ষ্য হ’ব লাগে।

মুঠতে, প্রকৃতিবাদীসকলে বিশ্বাস কৰে যে আনন্দযুক্ত, যুক্তিসংগত, ভাৰসাম্যপূর্ণ ব্যৱহাৰিক প্ৰক্ৰিয়াৰ মাজেদি শিশুৰ প্ৰকৃতিৰ বিকাশ হ’ব লাগে। সামান্যতম শক্তি আৰু স্পৃহাৰ বিকাশ ঘটোৱাটোৱেই প্রকৃত শিক্ষা। এই দৰ্শন অনুসৰি শিশুৰ প্ৰকৃতিৰ মাজত স্বাভাৱিক গতি প্ৰকাশৰ সুবিধা দিলে শিশুৱে উপযুক্ত বিকাশ হোৱাত আৰু আত্মপ্রকাশ কৰোতে সুবিধা পায়। 

প্রকৃতিবাদীসকলে শিক্ষাৰ লক্ষ্য সম্বন্ধে প্ৰদান কৰা দৃষ্টিভংগীসমূহক তলত চমুকৈ উল্লেখ কৰা হ’ল—

(ক) আত্মবিকাশ আৰু আত্মসংৰক্ষণ (Self expression and self preservation): প্রকৃতিবাদীসকলৰ মতে, আত্মবিকাশৰ অৰ্থ হৈছে শিশুসকলক প্রাকৃতিক পৰিৱেশত এৰি দিব লাগে যাতে তেওঁলোকে নিজ প্রয়োজন অনুসৰি জ্ঞান আহৰণ কৰিব পাৰে আৰু কোনো ধৰণৰ হস্তক্ষেপ নোহোৱাকৈ নিজৰ আগ্ৰহ আৰু প্ৰয়োজন পূৰণ কৰিব পাৰে। আত্মসংৰক্ষণ হৈছে মন আৰু শৰীৰৰ সংৰক্ষণ।

(খ) প্ৰবৃত্তিসমূহৰ পৰিশোধন (Sublimation of instincts): প্রকৃতিবাদীসকলৰ মতে, প্রবৃত্তিসমূহ হৈছে সকলো মানৱীয় কাৰ্যৰ ভিত্তি। সেইবাবে শিক্ষাৰ লক্ষ্যই প্রবৃত্তিসমূহক সামাজিকভাৱে গ্রহণযোগ্য কৰি তুলিব পাৰে।

(গ) প্রকৃতি অনুসৰি শিক্ষা প্রদান (Education according to the nature): পাৰ্থিৱ পৰিৱেশৰ লগত সংগতি প্ৰদানৰ লগে লগে শিশুৰ প্ৰকৃতিৰ প্ৰতিও গুৰুত্ব প্ৰদান কৰিব লাগে। শিশুৰ ইচ্ছা, আকাংক্ষা, অনুৰাগ, প্ৰৱণতা ইত্যাদিৰ প্ৰতি লক্ষ্য ৰাখি স্বাভাৱিক প্ৰতিভাসমূহৰ বিকাশ সাধনৰ বাবে প্ৰয়োজনীয় সকলো সা-সুবিধা প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

(ঘ) ব্যক্তিত্ব বৰ্তাই ৰখা (Survival of the individual): প্রকৃতিবাদী সকলৰ মতে, যোগ্যসকলেহে বৰ্তি থকা উচিত। শিক্ষাই শিশুসকলক নিজৰ অস্তিত্ব বৰ্তাই ৰাখিবৰ বাবে সংগ্ৰাম কৰিবলৈ শিকাব লাগে। পৰিৱৰ্তনশীল পৃথিৱীৰ সৈতে শাৰীৰিক আৰু মানসিকভাৱে খাপ খাবলৈ শিক্ষাই সহায় কৰিব লাগে।

(ঙ) ব্যক্তিত্বৰ স্বয়ংক্রিয় বিকাশ (Autonomous development of individuality): প্রকৃতিবাদীসকলৰ মতে, ব্যক্তিত্বৰ বিকাশ হৈছে শিক্ষাৰ প্ৰধান লক্ষ্য। সেয়েহে, শিক্ষাৰ জৰিয়তে প্ৰতিজন শিশুকে ভাৰসাম্য, সুস্থ, আনন্দময় আৰু পৰিপক্ক ব্যক্তিত্বৰ অধিকাৰী হিচাপে গঢ়ি তুলিবলৈ যত্নপৰ হ’ব লাগে।

(চ) অৱসৰ সময়ৰ শিক্ষা (Education for leisure): অৱসৰ সময়ৰ সদ্-ব্যৱহাৰেও প্রকৃতিবাদী শিক্ষাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অৱসৰ সময়ত ছবি অঁকা, গান গোৱা, কবিতা লিখা, আবৃত্তি আদি কৰিব লাগে। এনেবোৰ কলাৰ বিকাশ শিক্ষাৰ জৰিয়তে কৰিব পাৰি।

১৮। প্রকৃতিবাদ আৰু পাঠ্যক্ৰমৰ বিষয়ে চমুকৈ লিখা। (Write briefly about the naturalism and curriculum.)

উত্তৰঃ বিদ্যালয়সমূহত শিক্ষাদান কৰাৰ বাবে প্ৰস্তুত কৰা পাঠ্যক্ৰমত প্ৰকৃতিবাদীসকলৰ নিজস্ব মতবাদৰ কথা উল্লেখ কৰিছে। তেওঁলোকে অপৰিৱৰ্তনীয় বা স্থিৰ পাঠ্যক্ৰমৰ বিৰোধিতা কৰি নমনীয় বা গতিশীল পাঠ্যক্ৰমৰ পোষকতা কৰিছে। শিশুৰ প্ৰকৃতি মুক্তভাৱে প্ৰকাশ আৰু বিকাশৰ বাবে এই দৰ্শনে নেতিবাচক শিক্ষা প্রদানত বিশ্বাস কৰে। এই দর্শনে গতানুগতিক পাঠ্যক্রম, পাঠ্যপুথি, সামাজিক, সাংস্কৃতিক আদি শিক্ষাৰ্থীৰ বাবে পাঠ্যক্ৰমত জাপি দি সমাজৰ কেতবোৰ আওপুৰণি শিক্ষা আৰু অভ্যাস গঠন কৰাটো নিবিচাৰে। প্ৰকৃতিবাদীসকলে পদার্থবিদ্যা, উদ্ভিদবিদ্যা আদি বিষয়ৰ ওপৰত প্ৰধানকৈ গুৰুত্ব দিয়ে। তেওঁলোকে পাঠ্যপুথি, শিক্ষাপ্রণালী, বিষয়বস্তু সকলোবিলাক বিজ্ঞানভিত্তিক হোৱাটো বিচাৰে। প্ৰকৃতিবাদীসকলৰ মতে, পাঠ্যক্ৰমৰ বিষয় নির্বাচন কৰোতে বৰ্তমান অভিজ্ঞতা, মনৰ অভিৰুচি মতে কামবোৰ কৰিব পৰাৰ ব্যৱস্থা থাকিব লাগিব। শিক্ষা প্রক্ৰিয়াৰ মাধ্যমেৰে আমি শিশুসকলক বৃত্তিমূলক শিক্ষা দিব লাগিব, আত্মৰক্ষাৰ বাবে স্কাউট, গাইড, বিজ্ঞানৰ শিক্ষা দিব লাগিব।

ৰুছোৱে কৈছিল যে, শিশুৰ জন্মজ প্রবৃত্তি, ইচ্ছা, খেলা-ধূলা, নৃত্য-গীত আৰু জ্ঞান সহ-পাঠ্যক্রমিক কার্যাবলীক পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগে। শিশুক স্বাধীনতা প্ৰদান কৰি প্ৰকৃত জগতক ইন্দ্ৰিয় অনুভূতিৰ যোগেদি জানিবৰ বাবে প্ৰকৃতি অধ্যয়নৰ বিষয়বোৰ পাঠ্যক্ৰমত অন্তর্ভুক্ত কৰিব লাগে। হাবৰ্টি স্পেনচাৰে কৈছিল যে, পাঠ্যক্রমে জীৱনৰ কৰ্মপ্ৰৱাহক নিৰ্ধাৰণ কৰে। সেই কৰ্মপ্ৰৱাহক পাঁচটা ভাগত ভাগ কৰিছে। যেনে, প্রথম পৰ্যায়ত স্বাস্থ্য, শাৰীৰিক শিক্ষা, ৰসায়ন বিজ্ঞান আৰু পদার্থ বিজ্ঞানৰ জ্ঞান প্ৰদান ইত্যাদিৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। দ্বিতীয় পৰ্যায়ৰ কাৰ্যাৱলীৰ ভিতৰত বিভিন্ন বিজ্ঞানৰ বিষয়বস্তু সম্পর্কে শিকোৱাৰ ব্যৱস্থা কৰা। তৃতীয় পর্যায়ৰ কাৰ্যাৱলীয়ে জীৱনৰ উপযোগী কাৰ্যসমূহক অন্তৰ্ভুক্ত কৰিব লাগে। যেনে, স্বাস্থ্য, শিক্ষা মনোবিজ্ঞান, গার্হস্থ্য বিজ্ঞান আদি বিষয়সমূহ পাঠ্যক্রমত অন্তর্ভুক্ত কৰিব লাগে। চতুর্থ পৰ্যায়ত সুনাগৰিকত্ব শিক্ষাপ্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু তাৰ বাবে বুৰঞ্জী, অর্থনীতি আৰু সমাজতত্ত্বৰ শিক্ষা প্ৰদান কৰিব লাগে। পঞ্চম পৰ্যায়ৰ শিক্ষা প্ৰদানৰ বাবে বিভিন্ন বিষয় সন্নিৱিষ্ট কৰিব লাগে বুলি পৰামৰ্শ আগবঢ়ায়। যেনে, অৱসৰ বিনোদনৰ বাবে সংগীত, কলা, কবিতা, স্থাপত্য বিদ্যা ইত্যাদি পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ পোষকতা কৰে।

পাঠ্যক্রম প্রস্তুতি সম্বন্ধে প্রকৃতিবাদী দৰ্শনৰ মূল দিশসমূহ তলত চমুকৈ উল্লেখ কৰা হ’ল—

(ক) প্রকৃতিবাদ দর্শনে শিশুক নেতিবাচক শিক্ষা দিয়াৰ ওপৰত গুৰুত্ব দিয়ে।

(খ) এই দর্শনে পাঠ্যক্ৰমত বিজ্ঞান বিষয়সমূহৰ অন্তৰ্ভুক্ত কৰাত গুৰুত্ব আৰোপ কৰে।

(গ) প্রকৃতিবাদ দর্শনে শিশু প্রকৃতি উদ্ঘাটনৰ বাবে সহ-পাঠ্যক্ৰমৰ প্ৰয়োজন অনুভৱ কৰে।

(ঘ) এই দৰ্শনৰ মতে, শিশু পাঠ্যক্ৰমত প্রকৃতি অধ্যয়নৰ বিষয় অন্তর্ভুক্ত কৰাৰ ওপৰত বিশেষ গুৰুত্ব দিয়ে।

(ঙ) এই দৰ্শনৰ পাঠ্যক্ৰম প্ৰস্তুত কৰোতে গতিশীলতা আৰু পৰিৱৰ্তনশীলতাৰ নীতি গ্রহণ কৰে।

১৯। প্রকৃতিবাদ দর্শন অনুসৰি শিক্ষাদানৰ পদ্ধতি সম্পর্কে আলোচনা কৰা। (Discuss the methods of teaching according to Naturalism.)

উত্তৰঃ প্রকৃতিবাদ দর্শনে শিক্ষাদান পদ্ধতিৰ ওপৰত সৰ্বাধিক নতুনত্ব প্ৰদান কৰি শিক্ষাৰ এক বৈপ্লৱিক পৰিবৰ্তনৰ সূচনা কৰে। শিশুৱে আহৰণ কৰা সকলো শিক্ষা বাস্তৱ পৰিস্থিতিৰ পৰা প্রত্যক্ষ অভিজ্ঞতাৰ যোগেদি লাভ কৰাৰ ওপৰত এই দর্শনে গুৰুত্ব দিয়ে। প্রকৃতিবাদ দর্শনে বক্তৃতা, মৌখিক শিক্ষা, স্মৰণ আদি শিক্ষাদান পদ্ধতিক সমৰ্থন নকৰে। প্ৰকৃতিবাদীসকলে মত পোষণ কৰে যে শিশুৰ শিক্ষা আত্ম-প্রণোদিত আৰু ইচ্ছাকৃত হ’ব লাগে। শিশুৱে ইচ্ছাকৃতভাৱে যাতে কোনো কর্মত মনোনিবেশ কৰে তাৰ ওপৰত গুৰুত্ব দিব লাগে। সেয়েহে শিশুৰ শিক্ষাত প্রত্যক্ষ নিৰীক্ষণ, পৰীক্ষণ আৰু নিজ ক্ৰিয়াৰ যোগে ভুল সংশোধন কৰি আত্ম-সংশোধিত কৰাৰ ওপৰত গুৰুত্ব দিব লাগে।

প্ৰকৃতিবাদ দৰ্শন মতে, কামৰ মাজেৰে শিকা (Learning by doing) হৈছে প্ৰকৃত শিক্ষণ পদ্ধতি। তেওঁলোকে বস্তুৰ প্ৰত্যক্ষ অভিজ্ঞতাৰ লগতে কামৰ ক্ষেত্ৰত শিক্ষা প্ৰদান কৰাৰ নীতিত বিশ্বাস কৰে। ভাষা শিকাৰ বাবে প্ৰত্যক্ষ পদ্ধতি অৱলম্বন কৰা উচিত। বিজ্ঞান আৰু অংকৰ জ্ঞান প্ৰদানৰ বাবে হিউৰিষ্টিক পদ্ধতিৰ ওপৰত প্ৰাধান্য দিব লাগে। ভূগোল বিষয়ৰ শিক্ষা প্ৰদানৰ বাবে ব্যৱহাৰিক অনুশীলনৰ প্ৰয়োজন।

প্রকৃতিবাদ দর্শনে শিক্ষা পদ্ধতিৰ ওপৰত প্ৰভাৱ পেলোৱা আন এটা গুৰুত্বপূৰ্ণ ধাৰণা হৈছে খেলা বা ক্রীড়া নীতি। খেলা হৈছে শিক্ষাৰ মুক্ত আৰু স্বতঃস্ফূর্ত আত্মপ্ৰকাশৰ স্বাভাৱিক মাধ্যম। এই স্বভাৱসুলভ প্ৰৱণতাক প্ৰকৃতিবাদীসকলে শিশু শিক্ষাত গঠনাত্মকভাৱে প্ৰয়োগ কৰাৰ বিবিধ উন্নত পদ্ধতি উদ্ভাৱন কৰে, যাক ক্রীড়াভিত্তিক পদ্ধতি (Playing method) নামে জনা যায়। প্রকৃতিবাদীসকলে গ্ৰহণ কৰা এই খেলানীতিয়ে শিক্ষণ পদ্ধতি ব্যক্তিকেন্দ্রিক আৰু স্বতঃপ্রণোদিত বিধৰ কৰি তোলাটো ইয়াৰ আন এটা মন কৰিবলগীয়া বৈশিষ্ট্য।

প্রকৃতিবাদীসকলে শিক্ষাদানৰ বাবে এক মুক্ত আৰু বাধাহীন পৰিৱেশৰ প্ৰয়োজনীয়তা অনুভৱ কৰে। এই প্রয়োজনসমূহ খেলা পদ্ধতিৰ শিক্ষাই পূৰণ কৰি তুলিব পাৰে।

শিক্ষণ পদ্ধতি সন্দৰ্ভত প্রকৃতিবাদ দৰ্শনৰ মূল দৃষ্টিভংগীসমূহ তলত চমুকৈ উল্লেখ কৰা হ’ল—

(ক) প্রকৃতিবাদ দর্শন মতে পৰিস্থিতিৰ প্ৰত্যজ্ঞ অভিজ্ঞতাৰ মাধ্যমত শিক্ষা দিব লাগে।

(খ) এই দর্শন মতে, শিক্ষণ পদ্ধতিত ক্ৰিয়াৰ যোগেদি শিক্ষাৰ্থীয়ে শিক্ষা গ্ৰহণ কৰিব লাগে।

(গ) প্রকৃতিবাদীসকলে শিশুৰ শিক্ষাদানৰ মাধ্যম স্বৰূপে খেলাক প্ৰয়োগ কৰাৰ দৃঢ় মত পোষণ কৰে।

(ঘ) এই দর্শন মতে, শিক্ষা ব্যক্তিকেন্দ্ৰিক আৰু স্বতঃপ্রণোদিত বিধৰ কৰি তুলিব লাগে।

(ঙ) প্ৰকৃতিবাদীসকলৰ মতে, শিক্ষাৰ বাবে এক মুক্ত পৰিৱেশ গঢ় দি তুলিব লাগে।

২০। প্রকৃতিবাদৰ অনুশাসনৰ ওপৰত এটি চমু টোকা লিখা। (Write short note on discipline of naturalism.)

উত্তৰঃ প্রকৃতিবাদী দার্শনিকসকলে অনুশাসনকে শিক্ষা ব্যৱস্থাৰ মূল বুলি অভিহিত কৰিছে। অনুশাসন শিশুৰ সৰ্বাংগীন বিকাশত সহায়ক হয়। প্রকৃতিবাদী দার্শনিকসকলে চেকনিৰ আগত বিদ্যাৰ নীতি পৰিহাৰ কৰি মুক্ত অনুশাসনৰ নীতি গ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। তেওঁলোকে বাহ্যিক অনুশাসন নীতিক বিৰোধিতা কৰি শিশুক প্রাকৃতিকভাৱে অনুশাসিত হ’বৰ বাবে পূর্ণ স্বাধীনতা প্ৰদানৰ ওপৰতহে গুৰুত্ব দিয়ে।

এই দৃষ্টিকোণৰ পৰা কোৱা হয় যে প্ৰকৃতিৰ স্বাভাৱিক আৰু বাধাহীন অনুশাসন ব্যৱস্থাৰ প্ৰয়োজন। শিশুক সেয়েহে সকলো ধৰণৰ দমন, পীড়ন আৰু শাস্তি প্ৰদানৰ পৰা মুক্ত কৰি তুলিব লাগে। শিক্ষক-অভিভাৱক আদি কোনো কর্তৃপক্ষই শিশুৰ এনে মুক্ত অনুশাসনত হস্তক্ষেপ কৰিব নালাগে। প্রকৃতিয়ে শিশুক তাৰ নিজ ক্ৰিয়াৰ স্বাভাৱিক পৰিণতি অনুসৰি শাস্তি প্রদান কৰে আৰু সংশোধনৰ পথ দেখুৱায়। সেইবাবে প্ৰকৃতিৰ এনে প্ৰভাৱৰ দ্বাৰা শিশু অনুশাসিত হোৱাৰ প্ৰতিহে লক্ষ্য ৰাখিব লাগে। প্ৰকৃতিয়ে হৈছে শিশুৰ শিক্ষক আৰু প্ৰশাসক। স্পেনচাৰৰ মতে, নিজ কাৰ্যৰ স্বাভাৱিক পৰিণতিৰ ফলাফলেই অনুশাসন। যেতিয়া শিশুৱে ভুল পথেৰে পৰিচালিত হ’ব, তেওঁৰ বাবে প্ৰাকৃতিক প্রতিক্রিয়াই প্রকৃত শাস্তি হ’ব। শিশুৰ আচৰণৰ ক্ষেত্ৰত বেয়া কৰ্মৰ পৰা লাভ কৰা বেয়া অভিজ্ঞতাই প্রধান শাস্তি হ’ব। ইয়াত কোনো বাহ্যিক নিয়ন্ত্রণ বা বাধ্যবাধকতা আৰোপ কৰাৰ ব্যৱস্থা নাই। আত্ম অনুশাসনেই অনুশাসনৰ মূল ভেটি। অনুশাসন হৈছে স্বাভাৱিক প্ৰতিক্ৰিয়াৰ ফল। এই নীতিমতে, প্ৰকৃতিয়েই কোনো কাৰ্যৰ প্ৰতিফল নিৰ্ধাৰণ কৰি যিটো বেদনাদায়ক অথবা আনন্দদায়ক হ’ব পাৰে। গতিকে দেখা যায় যে প্রকৃতিবাদী দার্শনিকসকলে অনুশাসনৰ ক্ষেত্ৰত তলত উল্লেখিত দিশসমূহৰ ওপৰত প্ৰাধান্য দিয়ে।

(ক) প্রকৃতিবাদ দর্শনে শিশু প্রকৃতি স্বাভাৱিক পৱিত্ৰতা আৰু নিষ্কলুষতাত বিশ্বাস কৰে।

(খ) এই দর্শনে মুক্ত অনুশাসন নীতিৰ জৰিয়তে শিশু আত্ম-পৰিচালিত আৰু আত্ম-অনুশাসিত হোৱাটো বিচাৰে।

(গ) প্রকৃতিবাদ দর্শনে নিজ ভুল স্বাভাৱিক পৰিণতিৰে পোৱা শাস্তিৰ দ্বাৰা শিশু সংশোধিত হ’ব লাগে।

(ঘ) এই দর্শন মতে, প্ৰকৃতিৰ মুক্ত, সুন্দৰ আৰু সাৱলীল প্ৰভাৱেৰে শিশুক অনুশাসিত কৰিব লাগে।

২১। প্রকৃতিবাদ দর্শন মতে শিক্ষকৰ ভূমিকা কেনে হোৱা উচিত? (What is the role of a teacher according to Naturalism?)

উত্তৰঃ প্রকৃতিবাদ দার্শনিকসকলে শিক্ষকৰ কৰ্তব্যৰ ওপৰত অলপ সুকীয়া মত পোষণ কৰা দেখা যায়। তেওঁলোকৰ মতে, শিক্ষকে সকলো ক্ষেত্ৰতে সাৱধানতা অৱলম্বন কৰা উচিত। ছাত্ৰসকল কৰ্মৰত হৈ থকা অৱস্থাত শিশুকে আধিপত্য বিস্তাৰ কৰাৰ অধিকাৰ নাই। তেওঁলোকে শিশুৰ বিকাশ স্বাভাৱিকভাৱে হ’বলৈ এৰি দিব লাগে। প্রকৃতিবাদী দার্শনিকসকলৰ মতে, শিশুৰ শিক্ষাৰ ক্ষেত্ৰত শিক্ষকৰ ভূমিকা পৰোক্ষ আৰু প্ৰয়োজনভিত্তিক হোৱাহে উচিত। শিক্ষকে শিক্ষাৰ্থীক প্ৰয়োজনীয় পৰিৱেশ আৰু শিক্ষামূলক উপাদানৰ নিৰ্বাচন কৰি দিব লাগে, যাতে সেইবোৰে উদ্দীপকৰ দৰে কাম কৰি শিক্ষাৰ্থীৰ আচৰণৰ সংশোধন সাধন কৰিব পাৰে। শিক্ষকে এনে পৰিৱেশত প্ৰদৰ্শন কৰা ক্রিয়াকলাপ আৰু শিক্ষা অগ্রগতি সাৱধানে নিৰীক্ষণ কৰিব লাগে। শিক্ষাৰ্থীৰ প্ৰয়োজন হ’লেহে শিক্ষকে উপযুক্ত নির্দেশনা দিব লাগে। ৰুছোৱে কৈছিল যে, “শিশু এখন কিতাপ যাৰ প্ৰতিটো পৃষ্ঠাই শিক্ষকে পঢ়িব লাগিব। শিক্ষকে শিশুক অকৃত্ৰিমভাৱে ভাল পাব লাগিব আৰু শিশুৰ কৰ্মত হস্তক্ষেপ কৰিব নালাগিব।”

প্রকৃতিবাদৰ মতে শিক্ষকৰ ভাৱ আৰু আদৰ্শ প্রত্যক্ষভাৱে শিশুৰ ওপৰত পৰিব নালাগে। শিশুৰ চৰিত্ৰ গঠনৰ ক্ষেত্ৰত শিক্ষকৰ আদৰ্শৰ আৱশ্যক নাই। শিশুৱে নিজৰ অভিৰুচি আৰু মনোযোগেৰে মুক্তভাৱে কেনেকৈ শিকিব পাৰে এইটো শিক্ষকৰ ওপৰত নিৰ্ভৰশীল। ইয়াত কৃত্ৰিম আদৰ্শৰ ভাৱ বা পৰামৰ্শৰ আৱশ্যক নাই, মাথোন বিকাশৰ উপযুক্ত সুযোগ আগবঢ়াব লাগে। তেওঁ শিশুৰ মুক্ত আৰু স্বাভাৱিক শিক্ষা সম্ভৱ কৰি তুলিবৰ বাবে প্ৰয়োজন হোৱা শিক্ষা মঞ্চ প্রস্তুত কৰি তুলিব লাগে। শিশুৰ আত্মশিক্ষাৰ সকলো সা-সঁজুলি আৰু সুযোগ-সুবিধা তেওঁক প্ৰদান কৰিব লাগে। শিক্ষা মঞ্চত তেওঁ নিজকে প্রত্যক্ষভাৱে প্ৰদৰ্শন নকৰাকৈয়ে আঁৰ কাপোৰৰ পৰা শিক্ষা পৰিচালনাৰ সকলো দায়িত্ব পালন কৰিব লাগে। এনে এক জটিল দায়িত্ব পালনৰ বাবে শিক্ষকসকলে বিশেষভাৱে প্ৰশিক্ষণপ্রাপ্ত হোৱাটোও প্রকৃতিবাদীসকলে কামনা কৰে। ৰুছোৱে এই সন্দৰ্ভত উপদেশ দিছিল যে— “তোমাৰ শিক্ষার্থীজনক কোনো যৌগিক পাঠ নিদিবা। সি তাৰ নিজৰ অভিজ্ঞতাৰে শিকক। তুমি যদি পাৰা কৰ্মৰ জৰিয়তে শিকোৱা। পাঠ্যবিষয়ৰ জ্ঞান নিদিয়াই ভাল।”

শিক্ষা ক্ষেত্ৰত শিক্ষকৰ ভূমিকা সম্বন্ধে প্ৰকৃতিবাদ দৰ্শনৰ মূল চিন্তাধাৰা তলত সংক্ষেপে উল্লেখ কৰা হ’ল—

(ক) প্রকৃতিবাদী দার্শনিক সকলৰ মতে, শিক্ষকে শিক্ষাৰ্থীৰ আত্মশিক্ষাত কোনো ধৰণৰ হকাবধা কৰিব নালাগে।

(খ) শিশুৱে নিজস্বভাৱে সমস্যা সমাধানত অসমৰ্থ হ’লেহে শিক্ষকে নিজৰ সহায় আগবঢ়াব লাগে।

(গ) শিক্ষকে পৰিচালক স্বৰূপে প্ৰত্যেকজন শিক্ষার্থীৰে শিক্ষা অগ্রগতি নেপথ্যৰ পৰা সাৱধানে প্রত্যক্ষ কৰিব লাগে।

(ঘ) প্ৰকৃতিবাদীসকলৰ মতে, স্বাভাৱিক আৰু প্ৰাকৃতিক শিক্ষাৰ প্ৰয়োজনীয় পৰিৱেশ সৃষ্টি কৰি তোলাটো শিক্ষকৰ প্ৰধান কৰ্তব্য।

(ঙ) শিক্ষকসকলে নিজ দায়িত্ব সুচাৰুৰূপে পালন কৰিবৰ বাবে প্ৰশিক্ষণপ্রাপ্ত হ’ব লাগে।

২২। প্রকৃতিবাদৰ নেতিবাচক শিক্ষাৰ বিষয়ে চমুকৈ লিখা। (Write briefly about Negative education of Naturalism.)

উত্তৰঃ বিখ্যাত প্ৰকৃতিবাদী দার্শনিক তথা শিক্ষাবিদ কছোৱে সাধাৰণতে গতানুগতিক আনুষ্ঠানিক শিক্ষাৰ ওপৰত মুঠেই গুৰুত্ব দিয়া নাছিল। যি শিক্ষা শিশুক অপৈনত বা অপৰিপক্ক অৱস্থাতে বিষয় জ্ঞানেৰে ভাৰাক্ৰান্ত কৰি তোলে, যি শিক্ষাই শিশুক বয়স্কসকলে কৰাৰ দৰে দায়িত্ব আৰু কৰ্তব্য পালন কৰিবলৈ বাধ্য কৰে, তাকেই ইতিবাচক শিক্ষা (positive education) বোলা হয়। ৰুছোৱে এনে ধাৰণাৰ তীব্ৰ প্ৰতিবাদ কৰি নেতিবাচক শিক্ষাক (negative education) প্ৰয়োগ কৰিছিল। তেওঁৰ মতে, নেতিবাচক শিক্ষা মানে শিক্ষাবিহীন শিক্ষাক বুজোৱা নাই। তেওঁ গতানুগতিক শিক্ষাৰ পৰিৱৰ্তন বিচাৰিছিল। নেতিবাচক শিক্ষাৰ অৰ্থ হ’ল প্ৰচলিত শিক্ষাৰ সম্পূর্ণ বিপৰীত শিক্ষা। ৰুছোৰ এই নেতিবাচক শিক্ষাৰ মূল উদ্দেশ্য হ’ল শিশুৰ সহজাত প্ৰবৃত্তিসমূহৰ সম্যক বিকাশ সাধন কৰা, সমাজ মুক্ত স্বাধীন প্রকৃতি বা পৰিৱেশৰ মাজত মনৰ বিকাশ সাধন কৰা আৰু আত্ম উপলব্ধিৰ দ্বাৰা প্ৰকৃত শিক্ষা লাভ কৰা। প্রকৃতিবাদী দার্শনিক ৰুছোৰ দৃষ্টিভংগী অনুযায়ী নেতিবাচক শিক্ষাৰ বৈশিষ্ট্যসমূহ তলত সংক্ষেপে উল্লেখ কৰা হ’ল—

(ক) কোনো সময় বচাব নালাগে (Do not save time): ৰুছোৱে ভাবে যে শিশুকালছোৱাত ল’ৰা-ছোৱালীয়ে নিজৰ ইচ্ছামতে লৰি-ঢাপলি খেলা-ধূলা কৰি সময় কটাব লাগে, সময় বচাবলৈ কোনো চেষ্টা কৰিব নালাগে।

(খ) কোনো কিতাপ পঢ়িব নালাগে (No book reading): কছোৰ মতে, শিশুসকলে কোনো কিতাপৰ জ্ঞান লাভ কৰিবলৈ যত্ন কৰিব নালাগে। বৰং নিজৰ যত্ন আৰু চেষ্টাৰ দ্বাৰা লাভ কৰা অভিজ্ঞতাৰ জৰিয়তে বেছি প্ৰয়োজনীয় জ্ঞান লাভ কৰিব পাৰে।

(গ) আনুষ্ঠানিক পাঠদান কৰিব নালাগে (No formal lesson): আনুষ্ঠানিক শিক্ষা ব্যৱস্থাত শিশুৱে শ্রেণীকোঠাত নিষ্ক্রিয় ভূমিকা পালন কৰি শিক্ষকৰ বক্তৃতা শুনি শিকিবলগীয়া পদ্ধতিক ৰুছোৱে বিৰোধিতা কৰিছে। তেওঁৰ মতে, ১২ বছৰ বয়সলৈ শিশুৰ সামৰ্থৰ পূৰ্ণ বিকাশ ঘটিব নোৱাৰে। সেয়ে বিভিন্ন পাঠৰ মাজত সমন্বয় সাধন কৰিব পৰা ক্ষমতা সিহঁতৰ নাথাকে। সেয়ে ১২ বছৰৰ পিছতহে শিশুক আনুষ্ঠানিক শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰিব লাগে।

(ঘ) কোনো অভ্যাস গঢ়ি তুলিব নালাগে (No habit formation): ৰুছোৱে ভাৱে যে শিশুৱে গতানুগতিক কিছুমান অভ্যাস গঠন কৰি নিজৰ ইচ্ছাৰ বিৰুদ্ধে বিভিন্ন কাম কৰাটো প্ৰয়োজনীয় নহয় ৷ তেওঁৰ মতে, শিশুৱে লাভ কৰিবলগীয়া প্ৰয়োজনীয় অভ্যাস হ’ল “কোনো অভ্যাস নকৰাৰ প্ৰচেষ্টা” (The only habit the child should develop is no habit).

(ঙ) নৈতিক শিক্ষা দিব নালাগে (No moral education): প্ৰকৃততে কি কৰা উচিত বা অনুচিত, এই সম্বন্ধে উপদেশ শুনাৰ পৰিৱৰ্তে, যিমান দূৰ সম্ভৱ, শিশুৱে নিজ কার্যাৱলীৰ ফলাফলৰ জৰিয়তে এনে উপদেশ শিকিবলৈ ল লৈ, বেছি ভাল হয়। ৰুছোৱে ‘এমিল’ত উল্লেখ কৰা মতে নিজৰ কামৰ স্বাভাৱিক পৰিণতি হিচাপেহে শিশুৱে শাস্তি বা পুৰস্কাৰ লাভ কৰা উচিত।

(চ) প্ৰকৃতিলৈ ঘূৰি যোৱা (Back to nature): প্ৰকৃতিৰ বুকুতহে মানুহে প্রকৃত সুখ-শান্তি উপভোগ কৰিব পাৰে। গতিকে ৰুছোৱে প্ৰকৃতিৰ বুকুলৈ ঘূৰি গৈ প্ৰকৃতিৰ পৰা নিজৰ প্রকৃতি অনুসৰি শিশু তথা মানুহে জ্ঞান লাভ কৰা উচিত বুলিহে মত পোষণ কৰে।

২৩। আধুনিক শিক্ষা ব্যৱস্থাত প্ৰকৃতিবাদৰ প্ৰধান অবদানসমূহ বর্ণনা কৰা। (State the main contribution of naturalism towards modern education.)

উত্তৰঃ প্রকৃতিবাদৰ শিক্ষাই সমগ্ৰ পৃথিৱীৰ বহুতো শিক্ষাবিদক আগ্ৰহী কৰি তুলিছে। ই আধুনিক শিক্ষা জগতলৈ যথেষ্ট অৱদান আগবঢ়াইছে।

সেইবোৰ তলত সংক্ষেপে উল্লেখ কৰা হ’ল—

(ক) আধুনিক শিক্ষা ব্যৱস্থাক শিশুকেন্দ্রিক শিক্ষা হিচাপে গঢ় দি তোলাটো প্রকৃতিবাদ দৰ্শনৰ এটি উল্লেখযোগ্য অৱদান।

(খ) প্রকৃতিবাদী চিন্তাই শিশু মনোবিজ্ঞান অধ্যয়নৰ উদ্‌গনি যোগায়। শিশু মনোবিজ্ঞানক জ্ঞানপূৰ্ণ কৰাৰ বাবে মনোবিজ্ঞানৰ দিশত অনুসন্ধান চলিছিল আৰু শিশুসকলক শিকোৱাৰ বহুকেইটা স্তৰ পাৰ কৰে বুলি মনোবিজ্ঞানীসকলে মত প্ৰকাশ কৰিছিল।

(গ) বৰ্তমান মণ্টেশ্বৰী পদ্ধতি, ফ্ৰবেলৰ কিণ্ডাৰগাৰ্টেন পদ্ধতি আৰু হিউৰিষ্টিক পদ্ধতিসমূহ প্ৰকৃতিবাদৰ শিক্ষাৰ দৰে বৰ্তমান শিক্ষাত পৰিলক্ষিত হোৱা দেখা যায়।

(ঘ) প্রকৃতিবাদী দার্শনিক ৰুছোৱে শিশুৰ মুক্ত স্বাধীনতা আৰু প্ৰাকৃতিক নিয়মৰ মাজত শিশুৰ উৎকৰ্ষ সাধনৰ কথা উল্লেখ কৰাৰ দৰে বৰ্তমান শিক্ষাত শিশুক শাৰীৰিক শাস্তিৰ বিপৰীতে অনুশাসন, আত্ম-নিয়ন্ত্ৰণৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ পোষকতা কৰিছে।

(ঙ) প্রত্যক্ষ অভিজ্ঞতাৰ জৰিয়তে শিশুৰ আচৰণৰ পৰিৱৰ্তনৰ ওপৰত বৰ্তমানৰ শিক্ষা ব্যৱস্থাত প্ৰকৃতিবাদৰ নীতিয়ে স্থান লাভ কৰিছে।

(চ) প্ৰকৃতিবাদৰ দৰে বৰ্তমান শিক্ষাত শিশুৰ ইন্দ্ৰিয়ৰ প্ৰশিক্ষণ আৰু ইন্দ্ৰিয়সমূহৰ দ্বাৰা শিক্ষা প্ৰদান গুৰুত্ব আৰোপ কৰা হয়।

(ছ) প্ৰকৃতিবাদী চিন্তাধাৰাই শিক্ষাত খেলাভিত্তিক পদ্ধতিক অবদান হিচাপে আগবঢ়াইছে। আগতে খেলাসমূহক অদৰকাৰী বুলি ভৱা হৈছিল। প্রকৃতিবাদীসকলে প্রমাণ কৰিছে যে খেলাসমূহ প্রাকৃতিক আৰু প্ৰয়োজনীয়।

২৪। শিক্ষাত প্ৰকৃতিবাদৰ সবলতা আৰু দুর্বলতাসমূহ আলোচনা কৰা। (Discuss the strength and weakness of naturalism in Education.)

উত্তৰঃ আধুনিক শিক্ষা জগতত প্রকৃতিবাদে বিশেষভাৱে প্ৰভাৱিত কৰি তুলিছে। ইয়াৰ ফলত শিক্ষাৰ সকলো দিশ বাস্তৱ আৰু প্ৰত্যক্ষ দৃষ্টিৰে অধ্যয়ন আৰু পৰীক্ষাৰ এক সাধাৰণ প্ৰৱণতা আৰু তৎপৰতা পৰিলক্ষিত হৈ উঠিছে। 

শিক্ষাৰ ক্ষেত্ৰত প্ৰকৃতিবাদ দৰ্শনৰ সুস্থ আৰু অসুস্থ প্ৰভাৱসমূহ তলত চমুকৈ আলোচনা কৰা হ’ল—

(ক) সবলতা বা সুস্থ প্রভাৱঃ

১। প্রকৃতিবাদ দর্শনে শিক্ষাক বিজ্ঞানৰ পৰ্যায়লৈ উন্নীত কৰি তুলিছে। ইয়াৰ ফলত শিক্ষাৰ সকলোবোৰ দিশ বস্তুনিষ্ঠভাৱে পুনৰ মূল্যায়নৰ প্ৰৱণতা শিক্ষক আৰু শিক্ষাবিদসকলৰ মাজত পৰিলক্ষিত হৈছে।

২। শিশুৰ ব্যক্তিসত্ত্বাক সৰ্বাধিক গুৰুত্ব প্ৰদান কৰি ইয়াৰ প্ৰয়োজন পূৰণৰ সকলো শিক্ষা ব্যৱস্থা গঢ় দি তোলা হৈছে। ফলত শিশুক অধিক সক্ষম আৰু কাৰ্যকৰী কৰি তুলিব পৰা হৈছে।

৩। প্রকৃতিবাদ দর্শনে শিশুক কেন্দ্ৰবিন্দু স্বৰূপে আমাৰ সকলোৰে দৃষ্টি আকৰ্ষণ কৰি তুলিছে।

৪। এই দর্শনে শিশু শিক্ষাৰ কাৰ্যকৰী পদ্ধতি আমাৰ আগত দাঙি ধৰিব পাৰিছে। ইয়াৰ ফলত মণ্টেশ্বৰী আৰু কিণ্ডাৰ গাৰ্টেন পদ্ধতিয়ে সমগ্র বিশ্বতে সমাদৰ লাভ কৰি উঠিব পাৰিছে।

৫। শিশু শিক্ষাত প্ৰকৃতি বা পৰিৱেশে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। এই কথাৰ এক বিজ্ঞানসন্মত ব্যাখ্যা প্রকৃতিবাদে আমাৰ আগত দাঙি ধৰিব পাৰিছে।

৬। মুক্ত, স্বাভাৱিক আৰু স্বতঃস্ফূর্ত পৰিৱেশ আৰু অনুশাসন ব্যৱস্থা শিশুৰ শিক্ষা বিকাশৰ বাবে প্রয়োজন। এই কথা শিক্ষক, অভিভাৱক সকলে বহলভাৱে অনুভৱ কৰি উঠাত এই দৰ্শনে সহায় কৰিছে।

৭। প্রকৃতিবাদে শিশুক কৰ্মভিত্তিক পাঠ্যক্ৰমৰ মাজেৰে অভিজ্ঞতা আহৰণৰ ওপৰত গুৰুত্ব প্ৰদান কৰে।

(খ) দুর্বলতা বা অসুস্থ প্রভাৱঃ

১। প্রকৃতিবাদ দৰ্শনৰ চৰম দৃষ্টিভংগীয়ে প্ৰচলিত শিক্ষাত এক নেতিবাচক মনোভাৱ গঢ় দি তোলে।

২। এই দৰ্শনে শিক্ষাৰ পাঠ্যপুথি অধ্যয়নত নিৰুৎসাহ প্রদান কৰিছে। এনে মনোভাৱে বৰ্তমান ছাত্র-শিক্ষকৰ শিক্ষাদানৰ আৰু গ্ৰহণ কাৰ্যত বিভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰে।

৩। অনুশাসনৰ ক্ষেত্ৰত এই দর্শনে শিক্ষার্থীক দিয়া অনিয়ন্ত্রিত স্বাধীনতা বাস্তৱ ক্ষেত্ৰত কাৰ্যকৰী বিধৰ নহয়।

৪। নিজ ক্ৰিয়াৰ স্বাভাৱিক পৰিণতিৰে শিশুক প্রকৃতিয়ে দিয়া শাস্তিৰ বিধান আমাৰ বাবে গ্রহণযোগ্য নহয়।

৫। শিশু শিক্ষাৰ ক্ষেত্ৰত এই দৰ্শনৰ শিক্ষানীতি কাৰ্যকৰী বিধৰ নহয়।

২৫। প্রয়োগবাদ দৰ্শনৰ মূল নীতিসমূহ আলোচনা কৰা। (Discuss the main principles of pragmatism.)

উত্তৰঃ প্ৰয়োগবাদ দৰ্শনৰ মূল নীতিসমূহ তলত চমুকৈ আলোচনা কৰা হ’ল—

(ক) প্রয়োগবাদ দর্শন হৈছে এক ক্রিয়াভিত্তিক দর্শন। চিন্তা আৰু ক্ৰিয়াৰ মাজত আপেক্ষিক গুৰুত্ব বিবেচনা কৰি এই দৰ্শনে বিশ্বাস কৰে যে ক্রিয়া প্রথমেই উদ্ভৱ হয় আৰু এই ক্রিয়াই আমাৰ মনত চিন্তাৰ অৱতাৰণা কৰে।

(খ) প্ৰয়োগবাদ দৰ্শনৰ মতে, এই পৃথিৱীত কোনো কথা বা বিষয়েই চিৰদিনৰ বাবে সত্য, সুন্দৰ আৰু গ্ৰহণযোগ্য স্বৰূপে বৰ্তি থাকিব নোৱাৰে। সত্য আৰু সুন্দৰ সময় সাপেক্ষ আৰু মানুহৰ অভিজ্ঞতা সাপেক্ষ। মানুহৰ প্ৰয়োজন, মূল্যবোধ আৰু মনোভাৱৰ পৰিৱৰ্তনৰ লগে লগে সত্য সুন্দৰৰ ধাৰণাও পৰিৱৰ্তন হয়।

(গ) প্রয়োগবাদীসকলে বিশ্বাস কৰে যে, বাস্তৱতাক মানুহৰ বাবে থকা তাৰ প্ৰায়োগিকতা আৰু উপযোগিতাৰ ভিত্তিতহে বিচাৰ কৰিব পাৰি। যি কথা মানুহৰ বাস্তৱ জীৱনত কোনো কামত নাহে তাক সত্য আৰু সুন্দৰ ৰূপে গণ্য কৰা নহয়।

(ঘ) প্রয়োগবাদে সকলো কথা বাস্তব অভিজ্ঞতা আৰু পৰীক্ষাৰ যোগেদি পোৱা প্ৰমাণ সাপেক্ষতাতহে বিশ্বাস কৰে। সত্য হৈছে সেয়ে, যি আমাৰ বাবে প্ৰমাণ সাপেক্ষ হৈ উঠে। সুন্দৰতা হৈছে সেয়ে, যি মানুহৰ বিচাৰ-বিবেচনাৰে সুন্দৰ বুলি পৰিগণিত হৈ উঠিব পাৰে। পৰীক্ষা অবিহনে মানুহৰ কোনো কথা বা বিষয়েই এই দৰ্শনৰ বাবে গ্রহণযোগ্য নহয়।

(ঙ) প্রয়োগবাদীসকলৰ মতে, তিনিটা প্রধান বিষয়ক ইটোৰ পৰা সিটোক আঁতৰাই ৰাখিব নোৱাৰি। যেনে—

(ক) মানুহ আৰু প্ৰকৃতি।

(খ) ব্যক্তি আৰু সমাজ।

(গ) চিন্তা আৰু কৰ্ম বা মন আৰু শৰীৰ।

মানুহ প্রাথমিকভাৱে জৈৱিক আৰু সামাজিক জীব। মানুহে উপযুক্তভাৱে জৈৱিক আৰু সামাজিক উত্তেজনাৰ প্ৰতিহে প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰে। গতিকে মানুহ মনোজগত আৰু সামাজিক জগতখন বেছি প্ৰয়োজনীয়।

(চ) সকলো কথাৰেই গতিশীল আৰু পৰিৱৰ্তনশীলতাত এই দর্শনে বিশ্বাস কৰে। সময়ৰ লগে লগে মানুহৰ পৰিস্থিতি আৰু প্ৰয়োজনৰ সলনি হয়। প্রয়োগবাদ দর্শনে বিশ্বাস কৰে যে মানুহে নিজৰ পৰিৱেশ অধিক উন্নত কৰি তুলি সুস্থ সমাযোজন কৰিব পৰা ক্ষমতা মানুহৰ আছে।

(ছ) প্রয়োগবাদ দর্শনে বর্তমান কালক অধিক গুৰুত্ব দিয়ে। এই দৰ্শনৰ মতে, অতীতৰ অভিজ্ঞতা বৰ্তমানৰ বাবে সহায়কাৰী নহয়। বৰ্তমানত পোৱা অভিজ্ঞতা আৰু ইয়াৰ সমস্যাসমূহৰ এক নতুনত্ব তথা নিজস্ব বৈশিষ্ট্য থাকে, যাৰ বাবে নতুন প্রচেষ্টা আৰু অভিজ্ঞতাৰ প্ৰয়োজন হয়।

(জ) প্রয়োগবাদ দর্শনে সামাজিক ব্যক্তিত্বৰ ওপৰত বিশ্বাস কৰে। এই দর্শন মতে, এজষ লোকৰ ব্যক্তিত্ব হৈছে তেওঁৰ নিজ গুণসমূহৰ সামগ্ৰিক প্ৰকাশ। ই আন এজন লোকৰ ব্যক্তিত্বতকৈ মূলতে পৃথক।

(ঝ) প্রয়োগবাদ দর্শনে আধ্যাত্মিক প্ৰভাৱৰ পৰিৱৰ্তে মানুহৰ পাৰ্থিৱ প্ৰয়োজনমুখী প্ৰভাৱৰ ওপৰতহে সৰ্বাধিক গুৰুত্ব আৰোপ কৰে।

(ঞ) প্রয়োগবাদ দর্শনে সর্বশক্তিমান ঈশ্বৰৰ আধ্যাত্মিক শক্তি ক্ষমতা আদিৰ কথা সমূলি অস্বীকাৰ নকৰে। ভগৱান সম্বন্ধে কৰা অধ্যয়ন তেওঁলোকৰ মতে ধর্ম বিষয়ৰহে অন্তৰ্ভুক্ত, দৰ্শনৰ নহয়।

২৬। প্রয়োগবাদ দর্শন মতে শিক্ষাৰ লক্ষ্য আলোচনা কৰা। (Discuss the aims of education according to pragmatism.)

উত্তৰঃ প্রয়োগবাদ দৰ্শনক বৰ্তমানৰ সময় সাপেক্ষ এক চিন্তা দৰ্শন স্বৰূপে বর্ণনা কৰিব পাৰি। সেইবাবে বর্তমান সময়ত মানুহৰ চিন্তাজগত, ক্ৰিয়াজগত আৰু শিক্ষাজগত এই দৰ্শনে বহুলভাৱে সামৰি লৈছে। প্রয়োগবাদ দৰ্শনে শিক্ষাৰ লক্ষ্যত এক বাস্তৱ আৰু ব্যৱহাৰিক দৃষ্টি প্রদান কৰিছে। এই দৰ্শনে শিক্ষাৰ কোনো পূৰ্বনিৰ্ধাৰিত আৰু পূর্ব প্রস্তুত লক্ষ্যৰ দ্বাৰা শিক্ষাৰ্থীৰ শিক্ষা পৰিচালিত কৰাটো নিবিচাৰে। গতিশীল আৰু পৰিৱৰ্তনশীল সমাজত মানুহৰ প্ৰয়োজন সলনি হোৱাৰ লগে লগে শিক্ষাৰ লক্ষ্য উদ্দেশ্যৰো পৰিৱৰ্তন হয়। সেইবাবে বৰ্তমানৰ প্ৰয়োজন সাপেক্ষে শিক্ষাৰ উদ্দেশ্য পুনৰ নিৰ্ধাৰণ কৰি ল’ব লাগে। প্ৰয়োগবাদ দৰ্শনৰ মতে শিক্ষাৰ লক্ষ্য উদ্দেশ্য হৈছে শিশুক বর্তমান সমাজত আৰু সামাজিক পৰিৱেশৰ উপযুক্ত কৰি প্ৰস্তুত কৰি তোলে। শিশুৰ সামাজিক যোগ্যতা সাধন কৰি তোলাৰ ওপৰত এই দৰ্শনে বিশেষ গুৰুত্ব আৰোপ কৰে। প্ৰয়োগবাদ দৰ্শন মতে, প্রয়োজনভিত্তিক, সমাজৰ পৰিৱৰ্তনৰ লগত খোজ মিলাই ব্যক্তিয়ে আগবাঢ়ি যাব লাগে। সেয়েহে প্রয়োগবাদী দার্শনিকসকলে প্ৰধানতঃ শিক্ষাৰ দুটা লক্ষ্যৰ কথা উল্লেখ কৰিছে। 

সেই দুটা হ’ল—

(ক) তাৎক্ষণিক লক্ষ্য (Proximate aim).

(খ) চূড়ান্ত লক্ষ্য (Ultimate aim).

(ক) তাৎক্ষণিক লক্ষ্যঃ তাৎক্ষণিক লক্ষ্যই শিশুক নিজৰ সুবিধা অনুসৰি পৰিৱেশৰ লগত সমাযোজন ঘটাই জীৱনটোক সমৃদ্ধিশালী কৰিবলৈ সক্ষম কৰি তুলি ভৱিষ্যতৰ বাবে মূল্যবোধ সৃষ্টি কৰিব পাৰে। শিক্ষাৰ তাৎক্ষণিক লক্ষ্যসমূহ তলত সংক্ষেপে আলোচনা কৰা হ’ল—

১। উপযুক্ত সামাজিক সমাযোজনঃ শিক্ষাৰ দ্বাৰা শিক্ষাৰ্থীসকলক সামাজিক সমাযোজনত সহায় কৰিব লাগে। শিক্ষাই এক উৎসাহী তথা উপযোগী মনৰ সৃষ্টি কৰিব লাগে যাতে ব্যক্তিয়ে জীৱনটোক উপযুক্তভাৱে চলাই নিবলৈ সক্ষম হয়।

২। সামঞ্জস্যপূর্ণ বিকাশঃ শিশুৰ সামঞ্জস্যপূর্ণ বিকাশ হ’লেহে ব্যক্তিত্বৰ বিকাশ হয়। যেনেঃ দৈহিক, মানসিক, আৱেগিক, সামাজিক আদিৰ সামঞ্জস্যপূর্ণ বিকাশেহে শিশুৰ ব্যক্তিত্ব উপযুক্তভাৱে গঢ় লয়।

৩। যাথাসাধ্য বিকাশঃ শিশুৰ যথাসাধ্য বিকাশৰ বাবে ব্যক্তি আৰু সমাজৰ বাবে সা-সুবিধাসমূহ বিদ্যালয়ৰ জৰিয়তে প্ৰদান কৰা উচিত।

8। সামাজিক দক্ষতাৰ বিকাশঃ প্ৰয়োগবাদ দৰ্শনৰ শিক্ষাৰ আন এটা উল্লেখযোগ্য লক্ষ্য হ’ল ব্যক্তিক সামাজিকভাৱে দক্ষ কৰি তোলা। শিশুক এনে ধৰণৰ শিক্ষা দিব লাগে যাতে তেওঁলোকে ভৱিষ্যৎ সমাজৰ একো একোজন উপযুক্ত নাগৰিক হ’ব পাৰে।

৫। মূল্যবোধ সৃষ্টিঃ প্রয়োগবাদী দার্শনিকে মত পোষণ কৰে যে ভৱিষ্যতৰ বাবে নতুন মূল্যবোধ সৃষ্টি কৰাৰ বাবে বিদ্যালয়ত এক উপযুক্ত সামাজিক পৰিৱেশ প্ৰদান কৰিব লাগে।

(খ) চূড়ান্ত লক্ষ্যঃ প্রয়োগবাদী সকলৰ মতে, শিক্ষাৰ লক্ষ্য চূড়ান্ত হোৱা উচিত। চূড়ান্ত লক্ষ্য মানে হ’ল ব্যক্তিয়ে শিক্ষাৰ জৰিয়তে চূড়ান্ত শিখৰত উপনীত হ’ব লাগে আৰু উন্নতি কৰিব লাগে। উন্নতিৰ কোনো সীমা নাথাকে। গতিকে, প্রয়োগবাদ শিক্ষাৰ জৰিয়তে ব্যক্তিয়ে বিভিন্ন ধৰণৰ কাম-কাজ কৰি বিশ্বব্ৰহ্মাণ্ডত খ্যাতি অৰ্জন কৰিব লাগে।

২৭। প্রয়োগবাদ দর্শন মতে শিক্ষাৰ পাঠ্যক্ৰম আলোচনা কৰা। (Discuss the curriculum of education according to pragmatism.)

উত্তৰঃ প্ৰয়োগবাদী দর্শনে পাঠ্যক্ৰম প্ৰস্তুত কৰাৰ ক্ষেত্ৰত কিছুমান আৱশ্যকীয় পৰামৰ্শ আগবঢ়াইছে। পাঠ্যক্রম প্রস্তুতিৰ উপযোগিতাৰ নীতি পালনৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে যদিও প্রয়োগবাদী দার্শনিকসকলে কয় যে বিষয় নির্বাচন কৰোঁতে শিক্ষাৰ্থীসকলৰ ব্যৱহাৰিক জ্ঞান আৰু জ্ঞানৰ প্ৰয়োগ কৌশলৰ ওপৰত গুৰুত্ব আৰোপ কৰিয়ে নির্বাচন কৰিব লাগে। প্রয়োগবাদীসকলে বাৰে বাৰে দোহাৰিছে যে এইটো আমি লক্ষ্য কৰিব লাগিব যাতে ইয়াৰ কাৰ্যকৰী দিশটোৰ ওপৰত অধিক গুৰুত্ব দিয়া হয়। ইয়াৰ উপৰিও ছোৱালীৰ বাবে গার্হস্থ্য বিজ্ঞান আৰু ল’ৰাৰ বাবে কৃষি বিজ্ঞানৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰাৰ কথা কোৱা হয়। শিশুসকলৰ সাধাৰণতে কথোপকথন, অনুসন্ধান, সাজন আৰু শিল্পসুলভ মনোভাৱ প্ৰকাশৰ অনুৰাগী। সেয়েহে, বিজ্ঞান লাভৰ বাবে পঢ়া, লিখন, সংখ্যা গণনা, প্রকৃতি অধ্যয়ন, হাতৰ কাম আৰু চিত্রাঙ্কন আদি বিষয়সমূহ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰিব লাগে। শিশুৰ প্ৰকৃত পৰিৱেশৰ পৰা শিক্ষণ পদ্ধতি কেতিয়াও পৃথক কৰিব নালাগে; লগতে শিশুৰ ইচ্ছা, আগ্রহ আৰু অভিপ্ৰায়ৰ লগত শিক্ষা পদ্ধতিৰ এটা প্রত্যক্ষ সম্বন্ধ গঢ়ি তুলিব লাগে। কিলপেট্রিক (Kilpatrick) নামৰ চিন্তাবিদ গৰাকীয়ে কৈছিল যে, “The most effective learning comes from wholehearted purposeful activities”.

ব্যৱহাৰিকতা আৰু উপযোগিতাৰ নীতিত বিশ্বাস কৰা প্ৰয়োগবাদ দৰ্শনৰ পাঠ্যক্রম সম্বন্ধে থকা দৃষ্টিভংগী সহজে অনুমান কৰিব পাৰি। জ্ঞানক শিক্ষণৰ বিভিন্ন বিষয়ত ভাগ কৰাৰ পৰিৱৰ্তে, জীৱনত কোনো এটা সমস্যাক কেন্দ্ৰ কৰি একগোট কৰি শিক্ষা দিয়াৰ ওপৰত প্রয়োগবাদীসকলে গুৰুত্ব আৰোপ কৰিছে। তেওঁলোকৰ মতে, জীৱনটোৱেই শিক্ষাৰ বিষয়বস্তু। ইয়াৰ বিভিন্ন সমস্যাসমূহৰ অবিকল ৰূপৰ অধ্যয়নেই শিক্ষণৰ উপযুক্ত বিষয়বস্তু হৈ পৰে। প্রয়োগবাদীসকলে একগোট কৰি জ্ঞান দিয়াৰ ওপৰত গুৰুত্ব দিছে। 

তলত প্ৰয়োগবাদ দর্শনে পাঠ্যক্ৰম প্ৰস্তুতিৰ বেলিকা অনুসৰণ কৰা মূলনীতিসমূহ তলত সংক্ষেপে উল্লেখ কৰা হলঃ

(ক) শিশুকেন্দ্রিক নীতিঃ আধুনিক শিক্ষা শিশুকেন্দ্ৰিক হোৱা বাবে শিশুৰ আগ্ৰহ, ৰুচি-অভিৰুচিৰ প্ৰয়োগসমূহ পূৰ্ণ কৰাবৰ বাবে পাঠ্যক্ৰমত তেনেধৰণৰ বিষয়সমূহ অন্তৰ্ভুক্ত কৰিব লাগে। যেনে, কথোপকথন, অনুসন্ধান, গঠনাত্মক, কলাত্মক প্রকাশ আদিৰ প্ৰতি শিশুসকল আগ্রহী। সেয়েহে, পাঠ্যক্রমত লিখা, পঢ়া, গণনা, হাতৰ কাম আৰু প্ৰকৃতি পাঠ্যক্রম আদি বিষয়সমূহ অন্তৰ্ভুক্ত কৰিব লাগে।

(খ) উপযোগিতাৰ নীতিঃ প্ৰয়োগবাদ দৰ্শনৰ মতে, পাঠ্যক্ৰমে শিক্ষাৰ্থীৰ বাস্তৱ জীৱনৰ বাবে উপযোগী হোৱাকৈ ভাষা, দৈহিক প্রশিক্ষণ, ভূগোল, বুৰঞ্জী, বিজ্ঞান, কৃষি, গার্হস্থ্য বিজ্ঞাষ আদি বিষয়সমূহ অন্তর্ভুক্ত কৰিব লাগে।

(গ) সংহতিৰ নীতিঃ প্রয়োগবাদ দর্শন মতে, পাঠ্যক্ৰম বিভিন্ন বিষয়ত ভাগ কৰাৰ পৰিৱৰ্তে বিষয়সমূহৰ মাজত সম্বন্ধ ৰাখি শিক্ষাদান কৰিলে শিক্ষাৰ্থীক জ্ঞান আৰু দক্ষতাৰ ওপৰত গুৰুত্ব দিয়ে।

(ঘ) গতিশীলতাৰ নীতিঃ প্রয়োগবাদ দর্শনে পূর্ব নিৰ্ধাৰিত পাঠ্যক্ৰমৰ বিৰোধিতা কৰি সমাজৰ প্ৰয়োজনসাপেক্ষ গতিশীল পাঠ্যক্রম অন্তর্ভুক্ত কৰাৰ পোষকতা কৰে।

(ঙ) অভিজ্ঞতাৰ নীতিঃ শিশুৱে অভিজ্ঞতাৰ জৰিয়তে জ্ঞান আহৰণ কৰাৰ কথা প্রয়োগকাৰী দার্শনিকসকলে গুৰুত্ব আৰোপ কৰে। পাঠ্যক্ৰম অভিজ্ঞতাভিত্তিক আৰু কাৰ্যশীল হোৱাৰ কথা উল্লেখ কৰে।

(চ) ব্যক্তিত্ব বিকাশৰ নীতিঃ প্রয়োগবাদী দার্শনিকসকলৰ মতে পাঠ্যক্ৰমে শিশুৰ ব্যক্তিত্ব বিকাশৰ দৈহিক, মানসিক, বৌদ্ধিক, নৈতিক, আৱেগিক, সামাজিক ইত্যাদি আটাইবোৰ দিশৰ বিকাশ সাধন কৰিব পৰা হ’ব লাগে।

২৮। প্রয়োগবাদ দর্শন মতে শিক্ষাদানৰ পদ্ধতিৰ বিষয়ে আলোচনা কৰা। (Discuss the methods of teaching of education according to pragmatism.)

উত্তৰঃ প্ৰয়োগবাদ দৰ্শৱে সদায় বাস্তৱ আৰু অভিজ্ঞতাভিত্তিক শিক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰি শিক্ষা জীৱনৰ বাবে উপযোগী আৰু শিশুৰ প্ৰয়োজনৰ আধাৰত প্ৰতিষ্ঠিত কৰাৰ কথা উল্লেখ কৰে। প্ৰয়োগ পদ্ধতিত বিশ্বাস কৰা প্ৰয়োগবাদ দৰ্শনে শিক্ষাদানৰ গতানুগতিক পদ্ধতিৰ বিৰুদ্ধে এক নতুন দৃষ্টিদান কৰিছে। প্ৰয়োগবাদী শিক্ষণ প্ৰণালীত কিতাপ, শিক্ষক আৰু বিষয়বস্তুক বাদ দি শিশুৰ ওপৰত সমস্ত গুৰুত্ব আৰোপ কৰিছে। প্ৰয়োগবাদীসকলৰ আটাইতকৈ লেখত ল’বলগীয়া বিষয়টো হ’ল যে “বিদ্যালয় সামাজিক কর্ম আৰ্হি স্বৰূপ”। শ্ৰেণীত বক্তৃতা শুনাই শিক্ষার্থীক বহুৱাই ৰখাতকৈ কিবা এটা হাতে-কামে কৰোৱাই থকাটোহে প্রয়োগবাদীসকলে বিচাৰে। সেয়েহে প্ৰয়োগবাদীসকলে হিউৰিষ্টিক প্ৰণালীৰ পোষকতা কৰা দেখা যায়। মহান প্রয়োগবাদী শিক্ষাবিদ জন ডিউইৱে কৈছিল যে, “হাত, চকু, কাণ মুঠতে সমগ্ৰ শৰীৰ শিক্ষা আৰু বিকাশৰ বেলিকা প্রয়োগ হ’ব লাগে।” তেওঁ শিক্ষাৰ্থীয়ে শিক্ষকৰ পৰা আনৰ চিন্তাবোৰক মূৰত সোমোৱাই লোৱাটো বিচৰা নাই। ইয়াৰ পৰিৱৰ্তে শিক্ষার্থীয়ে নিজে জ্ঞান আৰু দক্ষতা অৰ্জন কৰি লোৱাৰ ওপৰত গুৰুত্ব দিছে যিয়ে তেওঁলোকৰ ভৱিষ্যত জীৱনৰ বাস্তৱ পৰিস্থিতিত উদ্ভৱ হোৱা সমস্যাসমূহ কৃতকার্যতাৰে সমাধান কৰিব পাৰে।

প্রয়োগবাদ দর্শনে শিক্ষণ পদ্ধতি নিষ্ক্রিয়, পুথিগত আৰু মৌখিক হোৱাৰ পৰিৱৰ্তে শিশুকেন্দ্রিক আৰু সমাজকেন্দ্ৰিক হোৱাৰ পোষকতা কৰে। তলত প্ৰয়োগবাদ দর্শনে শিক্ষাক্ষেত্ৰত প্রাধান্য দিয়া মূল শিক্ষণ পদ্ধতিকেইটা সংক্ষেপে উল্লেখ কৰা হ’লঃ

(ক) প্রকল্প পদ্ধতি (Project method): কিলপেট্ৰিক নামৰ দাৰ্শনিকজনে প্রকল্প পদ্ধতি উদ্ভাৱন কৰে। তেওঁৰ মতে, এটা প্রকল্প হ’ব আন্তৰিকতাপূৰ্ণ আৰু উদ্দেশ্যধর্মী ক্রিয়া, যি এক সামাজিক পৰিৱেশত অগ্রগতি লাভ কৰে। প্ৰকল্প পদ্ধতিত শিশুসকলক এক সুস্থ পৰিৱেশত নিজস্ব বুদ্ধিৰে কিছুমান সমস্যাৰ সমাধান কৰিবলৈ শিক্ষকে উদ্‌গনি তথা পৰামৰ্শ আগবঢ়ায়।

(খ) কর্মকেন্দ্রিক শিক্ষা (Learning by doing method): কর্মকেন্দ্রিক শিক্ষা পদ্ধতিত শিশুক পুথিগত শিক্ষাৰ পৰিৱৰ্তে কৰ্মৰ জৰিয়তে জ্ঞান আহৰণ কৰাৰ কথা প্ৰয়োগবাদ দৰ্শনে পৰামৰ্শ আগবঢ়ায়।

(গ) পৰীক্ষণ পদ্ধতি (Experimental method): প্রয়োগবাদী দার্শনিকসকলে পৰীক্ষাৰ জৰিয়তেহে সত্যৰ সন্ধান লাভ কৰিব পাৰি বুলি মত পোষণ কৰে। গতিকে, পৰীক্ষা পদ্ধতিৰ যোগেদি শিক্ষা লাভ কৰাৰ কথা প্রয়োগবাদ দৰ্শনত উল্লেখ আছে।

(ঘ) আলোচনা পদ্ধতি (Discussion method): শিক্ষণ পদ্ধতিত প্রয়োগবাদ দর্শনে আলোচনা পদ্ধতিত গুৰুত্ব আৰোপ কৰি কয় যে আলোচনা কাৰ্যৰ সক্রিয় অংশগ্রহণে শিক্ষাৰ্থীৰ আত্মবিশ্বাস আৰু আত্ম-অনুশাসন বিকাশ কৰাৰ সুবিধা প্ৰদান কৰে।

(ঙ) সমন্বয় পদ্ধতি (Integration method): এই নীতিৰ মতে, শিক্ষণ পদ্ধতিয়ে বিষয়বস্তু কাৰ্য আৰু অভিজ্ঞতাৰ মাজত সমন্বয় গঢ়ি তুলিব পৰা শিক্ষাদান কৰিব লাগে।

(চ) অন্বেষণ পদ্ধতি (Heuristic method): প্রয়োগবাদ দৰ্শনে হিউৰিষ্টিক শিক্ষাদান পদ্ধতিত বিশ্বাস কৰে। ই শিক্ষাৰ্থীৰ গুণ, সামৰ্থ, দক্ষতা বিকাশ আদিৰ প্ৰকাশ কৰে। হিউৰিষ্টিক শব্দৰ অৰ্থ আৱিষ্কাৰ। কৌতূহলপূর্ণ মনোভাৱেৰে আৰু আৱিষ্কাৰৰ দ্বাৰা সিহঁতে নিজৰ সামৰ্থৰ বিকাশ সাধন কৰিব বিচাৰে।

২৯। প্রয়োগবাদ দর্শন মতে শিক্ষাৰ অনুশাসনৰ বিষয়ে আলোচনা কৰা। (Discuss the discipline of education according to pragmatism.)

উত্তৰঃ শিক্ষাৰ্থীৰ অনুশাসন ৰক্ষা ব্যৱস্থা সম্বন্ধে প্রয়োগবাদী দার্শনিকসকলৰ দৃষ্টিভংগীত এক নতুনত্ব পৰিলক্ষিত হয়। তেওঁলোকে শিক্ষকৰ ব্যক্তিগত প্ৰভাৱৰ দ্বাৰা অথবা শিক্ষাৰ্থীৰ মুক্ত অনুশাসন ইয়াৰ কোনোটোৱেই পক্ষপাতী নহয়। ব্যক্তিগতভাৱে বাহ্যিক আচৰণ নিয়ন্ত্ৰণৰ পৰিৱৰ্তে শিক্ষাৰ্থীৰ দলগত ক্ৰিয়াৰ যোগেদি আভ্যন্তৰীণভাৱে গঢ়ি উঠা আত্ম-নিয়ন্ত্ৰণতহে তেওঁলোকে বিশ্বাস কৰে। শিক্ষাৰ্থীসকলে দলগত ক্রিয়াত অংশগ্ৰহণ কৰি সক্রিয় সহযোগিতাৰে ক্ৰিয়াৰ আৰু ভাৱ অনুভূতিৰ আদান-প্রদান কৰি উঠিব পাৰে। উদ্দেশ্যপ্রণোদিত ক্ৰিয়াত এনে সহযোগিতাপূর্ণ সামাজিক পৰিস্থিতিৰ যোগেদি শিক্ষাৰ্থীসকলৰ মনত আত্ম-অনুশাসনৰ ভাৱ গঢ়ি উঠিব পাৰে।

প্রয়োগবাদী দার্শনিকসকলে সামাজিক নিয়মানুবর্তিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। জন ডিউইয়ে কয় যে অনুশাসন হৈছে এবিধ মানসিক গুণৰ সমষ্টি। এই মানসিক গুণসমূহৰ বিকাশ সাধন সম্ভৱ হ’ব পাৰে সামাজিক কার্য পদ্ধতিৰ জৰিয়তেহে। প্রায়োগিক পদ্ধতিটো এনেকুৱা সামাজিক অনুশাসনেৰে পৰিপুষ্ট বুলি কোৱা হয়। সামাজিক পৰিৱেশত থাকি প্রায়োগিক পদ্ধতিৰ কৌশলসমূহ আয়ত্ব কৰাৰ লগতে নিজকে সুশৃংখলিত কৰিবলৈ শিক্ষাৰ্থীসকলক অনুপ্ৰেৰণা যোগাব লাগে। প্রয়োগবাদী দার্শনিকসকলে বিশ্বাস কৰে যে খেলা আৰু কৰ্মৰ সমন্বয় সাধনৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ মানসিক অনুভূতি অনুশাসনলৈ ৰূপান্তৰিত হ’ব পাৰে। আভ্যন্তৰীণ অনুশাসন কোনো শাস্তি বা শক্তি প্ৰয়োগ কৰি বাস্তৱায়িত কৰিব নোৱাৰি। সেয়েহে, প্রয়োগবাদীসকলে বাহ্যিক শক্তিসমূহৰ জৰিয়তে অনুশাসন প্ৰৱৰ্তন কৰাটোত বিশ্বাস নকৰে। তেওঁলোকে বিশ্বাস কৰে যে শিক্ষাৰ্থীসকল স্বতঃপ্রণোদিতভাৱে তেওঁলোকৰ প্ৰয়োজন পূৰ্ণ আৰু সমস্যা সমাধানত ক্ৰিয়াৰত হৈ উঠিব পাৰিলে তেওঁলোকৰ মাজত অনুশাসনৰ কোনো সমস্যাই সৃষ্টি হ’ব নোৱাৰে। ইয়াৰ পৰিৱৰ্তে তেওঁলোকৰ মনত আত্মকেন্দ্ৰিতাৰ সলনি সামাজিক অনুশাসনৰ কেতবোৰ প্ৰয়োজনীয় গুণ বিকাশ লাভ কৰি উঠিব পাৰে। সেইবাবে এই দর্শনে শিক্ষাৰ্থীৰ দলীয় ক্ৰিয়াৰ যোগে অনুশাসন ৰক্ষাৰ মত প্ৰকাশ কৰে। কোনো শিক্ষার্থীকেই ব্যক্তিগতভাৱে পুৰস্কাৰ অথবা শাস্তি প্ৰদানৰ পক্ষপাতমূলক ব্যৱস্থা প্রয়োগবাদীসকলে সমর্থন নকৰে।

অনুশাসন সম্বন্ধে প্রয়োগবাদী দার্শনিকসকলৰ দৃষ্টিভংগীক অতি চমুকৈ নিম্নলিখিত ভাৱে উল্লেখ কৰিব পাৰি—

(ক) প্ৰয়োগবাদ দর্শনে বাহ্যিক আচৰণ নিয়ন্ত্ৰণৰ যোগে অনুশাসন ৰক্ষা কৰাত বিশ্বাস কৰে।

(খ) দলগতভাৱে সামাজিক ক্ৰিয়াত অংশগ্রহণেৰে স্বতঃপ্রণোদিতভাৱে আত্ম-অনুশাসিত হোৱাৰ ওপৰত প্ৰয়োগবাদ দর্শনে গুৰুত্ব দিয়ে।

(গ) অনুশাসনৰ বাবে শাস্তি আৰু পুৰস্কাৰ প্ৰয়োগৰ ব্যৱস্থা গ্রহণযোগ্য নহয়।

(ঘ) শিক্ষার্থীক স্বাধীনতা প্ৰদান কৰাত প্ৰয়োগবাদ দর্শন পক্ষপাতী যদিও পূর্ণ স্বাধীনতা প্ৰদানৰ পক্ষপাতী নহয়।

(ঙ) শিক্ষাৰ্থীৰ মনৰ আগ্ৰহ অভিৰুচিক ক্ৰিয়াৰ যোগেদি কৰা উপযোগিতাই হৈছে অনুশাসনৰ ভিত্তি।

৩০। প্রয়োগবাদ দর্শন মতে শিক্ষাত শিক্ষকৰ ভূমিকা বৰ্ণনা কৰা। (State the role of the teacher in education according to pragmatism.)

উত্তৰঃ প্ৰয়োগবাদ দৰ্শনৰ মতে, শিক্ষকৰ স্থান বন্ধু, দার্শনিক আৰু পথপ্ৰদৰ্শক স্বৰূপ। শিক্ষকৰ গতানুগতিক পাঠদানৰ ওপৰত এই দৰ্শনে গুৰুত্ব আৰোপ কৰে। ছাত্ৰই শিক্ষকৰ পৰা জনাতকৈ নিজে ক্ৰিয়াৰ যোগে উপলব্ধি কৰি উঠা অৱস্থাক অধিক গুৰুত্ব দিয়া হয়। ক্ৰিয়াৰ যোগেদি শিক্ষাগ্ৰহণৰ উপযুক্ত পৰিৱেশ শিক্ষকে গঢ়ি তুলিব লাগে। তেওঁ ছাত্রক অধ্যয়নৰ বিষয়বস্তু নিৰ্বাচনত সহায় কৰিব লাগে, আৰু তেওঁলোকৰ আত্ম-ক্রিয়া সম্পাদনৰ বাবে উপযুক্ত পদ্ধতিৰ পৰামৰ্শ দিব লাগে। ক্রিয়া কাৰ্যকৰীকৰণৰ কালছোৱাত উদ্ভৱ হোৱা ছাত্ৰসকলৰ কঠিনতা তেওঁ লাঘৱ কৰিব লাগে।

প্রয়োগবাদী দার্শনিকসকলৰ মতে, শিক্ষক জ্ঞানৰ অসীম ভাণ্ডাৰ হ’ব লাগিব। শিক্ষক তীক্ষ্ণবুদ্ধিসম্পন্ন সামৰ্থৱান আৰু ব্যৱহাৰিক হ’ব লাগিব। শিক্ষকসকল শিশুজ্ঞানৰ আগ্ৰহী আৰু সমাজৰ পৰিৱৰ্তনীয় প্রয়োজনৰ প্ৰতি সদায় সজাগ হ’ব লাগিব। প্রয়োগবাদ দর্শন মতে, শিক্ষকসকলে শিশু মনোবিজ্ঞানৰ জ্ঞান আহৰণ কৰাৰ লগতে অন্যান্য বিষয়সমূহৰ জ্ঞানো আহৰণ কৰিব লাগিব আৰু সেই জ্ঞানেৰে শিশু আৰু সমাজৰ বিকাশত সহায় কৰিব লাগিব। শিক্ষকসকল সদায় তেওঁলোকৰ কৰ্তব্যৰ প্ৰতি সজাগ হৈ থকা দৰকাৰ। প্ৰয়োগবাদী দৰ্শনৰ মতে, শিক্ষকসকল সদায় সহানুভূতিশীল হৈ শিশুসকলৰ ব্যক্তিগত জীৱনৰ লগত জড়িত হৈ পৰিব লাগিব। তেওঁলোকৰ কাম হ’ল শিশুক দিগ্‌-দৰ্শাই জীৱনৰ প্ৰকৃত অৱস্থাত উপনীত কৰোৱা তেতিয়াহে তেওঁলোকৰ জীৱনৰ সমস্যাৰ উপলব্ধি কৰিব আৰু সমাধানৰ উপায়ৰ বিষয়ে বুজিব। শিক্ষকসকলে প্ৰতিফলনতকৈ কৰ্মতহে গুৰুত্ব দিব লাগিব। প্রয়োগবাদী শিক্ষকসকলে বিচাৰে “his pupils to think and act for themselves to do rather than to know, to originate rather than to repeat”। তেওঁলোকৰ শিক্ষণ প্ৰণালীয়ে অকল বক্তৃতা আৰু পুনৰ অনুশীলনত ভিত্তি কৰিব নোৱাৰে। প্ৰয়োগবাদী শিক্ষকসকলে ছাত্ৰসকলক এনে ধৰণেৰে অভিপ্ৰেত কৰি তুলিব লাগিব যাতে তেওঁলোকৰ সমস্যা সমাধান, সামাজিক আগ্রহ, নৈতিক অভ্যাস আৰু সামাজিক মনোভাৱৰ বিকাশত সহায়ক হয়।

শিক্ষকৰ ভূমিকা সম্বন্ধে প্রয়োগবাদে গ্ৰহণ কৰা দৃষ্টিভংগীসমূহ তলত চমুকৈ উল্লেখ কৰা হ’ল—

(ক) প্রয়োগবাদ দর্শনে শিক্ষকৰ গতানুগতিক পাঠদানত বিশ্বাস নকৰে।

(খ) ছাত্ৰই জনাতকৈ ক্ৰিয়া কৰাৰ নীতি আৰু পদ্ধতি শিক্ষকে গ্ৰহণ কৰিব লাগিব।

(গ) ছাত্ৰৰ আত্মশিক্ষাৰ পৰিৱেশ শিক্ষকে প্রস্তুত কৰি তুলিব লাগে।

(ঘ) ছাত্ৰৰ ক্ৰিয়া সম্পাদনৰ সকলো পৰ্যায়তে শিক্ষকে প্রয়োজনীয় নির্দেশনা দিব লাগে, কিন্তু আত্মপ্ৰকাশ কৰিব নালাগে।

(ঙ) ক্ৰিয়াৰ যোগেদি ছাত্ৰৰ ব্যক্তিপ্রতিভা বিকাশৰ সুযোগ দিব লাগে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top