Class 11 Sociology Chapter 3 সামাজিক সংস্থাবোধ

Class 11 Sociology Chapter 3 সামাজিক সংস্থাবোধ Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter AHSEC Class 11 Sociology Chapter 3 সামাজিক সংস্থাবোধ and select needs one.

Class 11 Sociology Chapter 3 সামাজিক সংস্থাবোধ

Join Telegram channel

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC Class 11 Sociology Chapter 3 সামাজিক সংস্থাবোধ Solutions for All Subject, You can practice these here.

সামাজিক সংস্থাবোধ

পাঠ: 3

প্ৰথম খণ্ড

অতি চমু প্ৰশ্নোত্তৰ

১। পৰিয়াল শব্দটো ক’ৰ পৰা আহিছে?

উত্তৰঃ পৰিয়াল শব্দটো ইংৰাজী ‘Family’ শব্দৰ ৰোমান ভাষাৰ  ‘Famulus’ শব্দৰ পৰা আহিছে । ইয়াৰ অৰ্থ হ’ল Servant। 

২। ধৰ্ম শব্দৰ অৰ্থ কি? 

উত্তৰঃ ধৰ্ম শব্দটো সংস্কৃত ‘ধৃ’ ধাতুৰ পৰা উৎপত্তি হৈছে আৰু ইয়াৰ অৰ্থ হৈছে ধাৰণ কৰা। 

৩। বৈবাহিক স্বজন কি ? 

উত্তৰঃ বৈবাহিক সম্বন্ধৰ যোগেদি পোৱা স্বজনক বৈবাহিক স্বজন বোলা হয়। 

৪। স্বজনীয়তা মানে কি ?

উত্তৰঃ জন্ম আৰু বিবাহৰ সূত্ৰে একেলগে বান্ধি ৰখা সম্বন্ধকেই স্বজনীয়তা বোলা হয়।

৫। পৰিয়াল কি ? 

উত্তৰঃ পৰিয়াল হৈছে সমাজ স্বতঃস্ফূৰ্তভাৱে অস্তিত্ব লাভ কৰা এটা আনুষ্ঠানিক বিশ্বজনীন সামাজিক সংস্থা য’ত স্বামী আৰু স্ত্ৰীয়ে পুত্ৰ, কন্যা আৰু ঘনিষ্ঠ লোকৰ সৈতে একেলগে বসবাস কৰে। পৰিয়ালৰ আকাৰ সৰু বা ডাঙৰ হ’ব পাৰে। 

৬। বিবাহ কেই প্ৰকাৰৰ আৰু কি কি ? 

উত্তৰঃ বিবাহ দুই প্ৰকাৰৰ —

(ক) এক পতি-পত্নী বিবাহ। আৰু

(খ) বহু পতি-পত্নী বিবাহ।

আনহাতে জীৱন সংগী নিৰ্বাচিতৰ নিয়ম অনুসৰি বিবাহক আকৌ দুটা ভাগত ভাগ কৰিব পাৰি—

(ক) আন্তঃবিবাহ। আৰু 

(খ) বহিঃবিবাহ।

৭। এক পতি-পত্নী বিবাহ  মানে কি ? 

 উত্তৰঃ এক পতি-পত্নী বিবাহ মানে এজন পুৰুষ আৰু এগৰাকী নাৰীৰ মাজত  অনুষ্ঠিত হোৱা বিবাহ পদ্ধতিয়ে হ’ল এক পতি-পত্নী ।

৮। বহু পতি-পত্নী বিবাহ কি ?

উত্তৰঃ বহু পতি-পত্নী বিবাহে একে সময়তে এগৰাকীতকৈ বেছি জীৱন সংগী থকাটো বুজায়। বহু বিবাহক আৰু দুটা ভাগত ভগাব পাৰি। বহু পতি বিবাহ আৰু বহু পত্নী বিবাহ। 

৯। বিবাহ কি ? 

উত্তৰঃ বিবাহ এক সমাজিক সংস্থা যাৰ দ্বাৰা পুৰুষ আৰু মহিলাই একেলগে থাকি সন্তান জন্ম দি সন্তানৰ প্ৰতিপালন কৰিব পাৰে । বিবাহৰ দ্বাৰা একোটি নতুন পৰিয়ালৰ সূচনা কৰি বংশাণুক্ৰম  ৰক্ষা কৰিবলৈ সকলো সময়েই নিয়মানুসাৰে পুৰুষ আৰু নাৰীৰ অধিকাৰ প্ৰদান কৰি আহিছে।

১০। ক্ষমতা কি ?

উত্তৰঃ ক্ষমতা হৈছে আনে বাধা দিয়া স্বত্বেও ব্যক্তি বা সমূহে নিজৰ ইচ্ছাক আগুৱাই নিয়াৰ সামৰ্থ্য। 

১১। ৰাষ্ট্ৰ কি ? 

উত্তৰঃ কোনো এক নিৰ্দিষ্ট জনসমষ্টি, নিৰ্দিষ্ট ভূখণ্ডত স্থায়ীভাৱে বসবাস কৰাৰ জৰিয়তে গঠন হোৱা সৰ্বভৌমিক সংগঠনে হ’ল ৰাষ্ট্ৰ।

১২। কৰ্তৃত্ব কি?

উত্তৰঃ ক্ষমতাক যুক্তি সংগতাৰে গ্ৰহণ কৰা ৰূপেই হৈছে কৰ্তৃত্ব। ইয়াক বৈধ ক্ষমতা বুলিও ক’ব পাৰি।

১৩। শ্ৰম বিভাজন কি ?

উত্তৰঃ শ্ৰম বিভাজন হ’ল কৰ্মক বিশেষভাৱে বিভাজন কৰা এক প্ৰক্ৰিয়া। আধুনিক সমাজত ব্যক্তিৰ বিশেষ অৰ্হতাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন সংস্থাপনাৰ ভিত্তিত কৰ্মক এক বুজন সংখ্যক বিভাগত ভাগ কৰা হয় আৰু ইয়াকে শ্ৰম বিভাজন বোলে।

১৪। বহিঃবিবাহ মানে কি ?

উত্তৰঃ একে কুল বা বংশ, গোষ্ঠী, ওচৰ সম্বন্ধীয় ব্যক্তিৰ বাহিৰত হোৱা বিবাহ পদ্ধতিক বহিঃবিবাহ বোলা হয়। অৱশ্যে স্থান আৰু প্রচলিত ৰীতি অনুসৰি বহিঃবিবাহৰ ক্ষেত্ৰত পাৰ্থক্য থকা দেখা যায়।

১৫। আন্তঃবিবাহ মানে কি ? 

উত্তৰঃ কেৱল নিজৰ সম্প্ৰদায় বা জাতিৰ ভিতৰত বিবাহ হোৱাটোকে আন্তঃবিবাহ বুলি কোৱা হয়। 

১৬। একক পৰিয়াল কি ?

উত্তৰঃ পিতৃ-মাতৃ আৰু তেওঁলোকৰ অবিবাহিত সতি-সন্তানক লৈ গঠিত হোৱা পৰিয়ালক একক পৰিয়াল বোলে। 

১৭। যুটীয়া পৰিয়াল মানে কি ? 

উত্তৰঃ যুটীয়া পৰিয়াল হৈছে বৃহৎ আকাৰৰ পৰিয়াল। যি পৰিয়ালত ককা-আইতা, পিতৃ-মাতৃ আৰু তেওঁলোকৰ সতি-সন্ততি একেলগে একে বাসগৃহত বসবাস কৰে তাকে যুটীয়া পৰিয়াল বোলে। 

১৮। সমগোত্ৰীয় স্বজন কি ?

উত্তৰঃ তেজৰ সম্পৰ্কৰ যোগেদি পোৱা স্বজনক সমগোত্ৰীয় স্বজন বোলে।

১৯। সামাজিক সংস্থা এটাৰ উদাহৰণ দিয়া।

উত্তৰঃ পৰিয়াল। 

২০। অৰ্থনীতি এক সামাজিক সংস্থা হয় নে?

উত্তৰঃ হয়।

অনুশীলন (Exercise)

১। তোমাৰ সমাজখনত বিবাহকাৰ্যত প্ৰচলিত হৈ থকা নীতি-নিয়মসমূহ উল্লেখ কৰা। লগত, তোমাৰ সহপাঠীসকলে লাভ কৰা তথ্যৰাজিও তুলনা কৰা।

উত্তৰঃ সমাজভেদে বিবাহৰ ক্ষেত্ৰত ভিন ভিন নীতি-নিয়ম পালন কৰা দেখা যায়। বেছিভাগ সমাজতে বিবাহৰ বাবে দৰা-কইনাৰ  নিৰ্বাচন তেওঁলোকৰ পিতৃ-মাতৃ বা সম্পৰ্কীয় লোকসকলে কৰে আৰু কিছু কিছু সীমিত ক্ষেত্ৰতহে পাত্ৰ-পাত্ৰীসকলে নিজৰ পচন্দমতে জীৱন-সংগী বাছি লয়। এই ক্ষেত্ৰত সাধাৰণতে দুই ধৰণৰ সমাজিক ব্যৱস্থা দেখিবলৈ পোৱা যায়। এবিধ হৈছে আন্তঃবিবাহ আৰু আনবিধ হৈছে বহিঃবিবাহ। আন্তঃবিবাহ ব্যৱস্থাত একেই গাঁৱৰে জাত-ধৰ্মৰ পাত্ৰ-পাত্ৰীৰ মাজতহে বিবাহ অনুষ্ঠিত হয় । ইয়াৰ বিপৰীতে বহিঃবিবাহ ব্যৱস্থাত নিজৰ গাঁৱৰ বাহিৰৰ সমাজৰ পৰা পাত্ৰ-পাত্রী নিৰ্বাচন কৰা হয় । বিশেষ কিছুমান গোট, জাতি, বৰ্ণ, ধৰ্ম, আদিৰ  মাজতহে এই ধৰণৰ বিবাহ ব্যৱস্থা থাকে । প্ৰধানকৈ, পাত্ৰীগৰাকী বিবাহ কোনো দূৰণিবটিয়া গাঁৱৰ পাত্ৰৰ লগতে সম্পন্ন কৰা হয় যাতে কন্যাগৰাকীৰ সাম্প্ৰত্য জীৱনত তেওঁৰ পৰিয়ালে কোনো ধৰণৰ প্ৰভাৱ পেলাব নোৱাৰে। সেয়েহে বিবাহ-বাহৰত আয়তীসকলে কিছুমান দুখলগা বিয়ানাম গোৱা শুনিবলৈ পোৱা যায়। 

২। যিসমূহ পৰিয়ালে অৰ্থনৈতিক, ৰাজনৈতিক আৰু সাংস্কৃতিক ক্ষেত্ৰত পৰিবৰ্তনৰ মুখ দেখিছে, সেইসমূহ পৰিয়ালৰ সদস্য, গৃহ-নিৰ্মাণৰ ধৰণ আৰু আন্তঃব্যক্তি সম্পৰ্কত কি কি পৰিৱৰ্তন আহিছে, উল্লেখ কৰা। 

উত্তৰঃ We will update the answer very soon

৩। কৰ্মৰ বিষয়ে এখনি ৰচনা লিখা আৰু লগতে জীৱিকাৰ বিভিন্ন পথ আৰু পৰিধিৰ পৰিবৰ্তনৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ We will update the answer very soon.

৪। তোমাৰ সমাজখনৰ সদস্যসকলক কি কি অধিকাৰ প্ৰদান কৰা হৈছে আৰু সেইবোৰে তোমাৰ জীৱনত কেনেদৰে প্ৰভাৱ পেলাইছে, উল্লেখ কৰা।

উত্তৰঃ We will update the answer very soon.

৫। সমাজশাস্ত্ৰত ধৰ্মৰ আলোচনা কেনেদৰে কৰে, লিখা।

উত্তৰঃ ধৰ্ম হৈছে এক পৱিত্ৰ জগতৰ বিষয়ে আমাৰ মনত জাগি উঠা কৌতূহলখিনিৰ নিবৃত্তিৰ বাবে কৰা প্ৰচেষ্টাৰে এক প্ৰতিফলন। ধৰ্মীয় দৃষ্টিকোণৰ পৰা কোনো এটা ধৰ্মক বিশ্লেষণ কৰা আৰু সমাজশাস্ত্ৰৰ দৃষ্টিকোণৰ পৰা ধৰ্ম এটিক বিশ্লেষণ কৰাৰ মাজত এক আদর্শগত পাৰ্থক্য আছে। মানুহৰ গাৰ্হস্থ্য  জীৱন, অৰ্থনৈতিক জীৱন আৰু ৰাজনৈতিক জীৱনৰ লগত সম্পৰ্কিত কৰি  অধ্যয়ন কৰিলেহে  ধৰ্মীয় কথাবোৰ আমাৰ বাবে সহজবোধগম্য হয়।  সমাজৰ সকলো স্তৰৰ সমাজত ধৰ্মৰ  উপস্থিতি আৰু প্ৰভাৱ লক্ষ্য কৰা হয় যদিও সংস্কাৰ-সংস্কৃতি ভেদে ধৰ্মীয় আচাৰ-অনুষ্ঠানসমূহ বেলেগ বেলেগ হয়। যেনে–

(ক) পূজা-পাৰ্বনৰ বাবে ব্যৱহৃত হোৱা প্ৰতীকসমূহ।

(খ) ধৰ্মীয় উপাসনাৰ অনুষ্ঠানসমূহ। আৰু

(গ) কোনো ধৰ্মবিশ্বাসীসকলৰ নিৰ্দিষ্ট গোটসমূহ।

সমাজভেদে ধৰ্মীয় ৰীতি-নীতিসমূহ বেলেগ বেলেগ হয়। ধৰ্মীয় ৰীতি-নীতিসমূহ যিহেতু বিশেষ কিছু সংখ্যক প্ৰতীকৰ লগত সম্পৰ্কিত, সেয়ে সেইবোৰ আমাৰ দৈনন্দিন কাৰ্যাৱলীৰ পৰা যথেষ্ট পৃথক হয়। ইমাইল দুৰখেইমৰ মতে অনুকৰণত ধৰ্মৰ সমাজশাস্ত্ৰবিদসকলে ধৰ্মৰ এই পৱিত্ৰ জগতখনৰ বিষয়ে অধ্যয়ন কৰিছে যিখন জগত সাধাৰণ বস্তুবাদী জগতখনৰ পৰা যথেষ্ট পৃথক হয়। এই পৱিত্ৰতাৰ ধাৰণাটোৰ লগত অতি-প্ৰাকৃত বিষয় কিছুমান সংপৃক্ত হৈ থাকে। সমাজশাস্ত্ৰৰ দিশৰ পৰা ধৰ্মক আলোচনা কৰিবলৈ যাওঁতে সমাজখনৰ অন্যান্য অনুষ্ঠান-প্ৰতিস্থানসমূহৰ লগত ধৰ্মক সম্পৰ্ক আৰু প্ৰাসঙ্গিকতাও আলোচনা কৰা হয়। ধৰ্ম কোনো বিশেষ ব্যক্তিৰ ব্যক্তিগত ধ্যান-ধাৰণা আৰু বিশ্বাসৰ বিষয় হৈ নাথাকি এক ৰাজহুৱা বিষয় হৈ পৰে। সেই কাৰণে অন্যান্য ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠানসমূহৰ বিষয়তে ধৰ্মৰ প্ৰাসঙ্গিকতা আহি পৰে। ক্লাছিকেল সমাজশাস্ত্ৰবিদসকলে বিশ্বাস কৰে যে যেতিয়া সমাজ এখনৰ আধুনিকীকৰণ হয়, জীৱনৰ বেছিভাগ দিশতে ধৰ্মৰ প্ৰভাৱ কৰি অহা দেখা যায়। ইয়াকে ধৰ্ম নিৰপেক্ষতা বুলি কোৱা হয়। বৰ্তমান সময়ত কিছু সমাজখনত এক ধৰ্মীয় আৱেগ-অনুভূতিৰ উত্থান হোৱাৰ লগতে সমাজখন ধৰ্মীয় মেৰুকৰণৰ দিশতো আগবাঢ়ি যোৱা দেখিবলৈ পোৱা গৈছে। পৰম্পৰাগত সমাজ এখনত ধৰ্মই হৈছে প্ৰধান চালিকাশক্তি। সেয়ে, সমাজখনৰ  সাংস্কৃতিক ক্ষেত্ৰখনত ব্যৱহাৰ কৰা বেছিভাগ প্ৰতীক-চিহ্নই ধৰ্মৰ পৰা আহৰণ কৰা দেখা যায়।

৬। এটি সামাজিক অনুষ্ঠান হিচাপে তোমাৰ বিদ্যালয়খনিৰ বিভিন্ন দিশ আলোচনা কৰা।

উত্তৰঃ We will update the answer very soon.

৭। বিভিন্ন সামাজিক অনুষ্ঠানে পৰস্পৰে পৰস্পৰৰ লগত কিদৰে সহযোগিতা কৰে, আলোচনা কৰা।

উত্তৰঃ We will update the answer very soon.

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top