Class 11 Political Science Important Chapter 18 ধৰ্মনিৰপেক্ষতাবাদ

Class 11 Political Science Important Chapter 18 ধৰ্মনিৰপেক্ষতাবাদ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Political Science Important Chapter 18 ধৰ্মনিৰপেক্ষতাবাদ Solutions in Assamese and select need one. Class 11 Political Science Additional Solutions Assamese Medium Download PDF. HS 1st Year Political Science Important Question Answer in Assamese.

Class 11 Political Science Important Chapter 18 ধৰ্মনিৰপেক্ষতাবাদ

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Political Science Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Political Science Important Solutions in Assamese for All Chapters, You can practice these here.

Chapter: 18

দ্বিতীয় খণ্ড
IMPORTANT QUESTION AND ANSWER

খালী ঠাই পূৰ কৰা-

১। ভাৰতীয় সংবিধানত ‘ধৰ্মনিৰপেক্ষ’ শব্দটো _________ চনত সন্নিৱিষ্ট কৰা হৈছিল।

উত্তৰঃ ভাৰতীয় সংবিধানত ‘ধৰ্মনিৰপেক্ষ’ শব্দটো ১৯৭৬ চনত সন্নিৱিষ্ট কৰা হৈছিল।

২। ________ অনুসৰি ৰাষ্ট্ৰই কোনো ধৰ্মৰ প্রতি পক্ষপাত নকৰে।

উত্তৰঃ ধৰ্মনিৰপেক্ষতা অনুসৰি ৰাষ্ট্ৰই কোনো ধৰ্মৰ প্রতি পক্ষপাত নকৰে।

৩। সংবিধানৰ _________ সংখ্যক অনুচ্ছেদত ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ প্ৰদান কৰা হৈছে।

উত্তৰঃ সংবিধানৰ ২৫ ৰ পৰা ২৮ সংখ্যক অনুচ্ছেদত ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ প্ৰদান কৰা হৈছে।

৪। ভাৰতত ধৰ্মনিৰপেক্ষতা হৈছে এক _________ ধৰণৰ মডেল।

উত্তৰঃ ভাৰতত ধৰ্মনিৰপেক্ষতা হৈছে এক ইতিবাচক ধৰণৰ মডেল।

৫। _________ ৰ নেতৃৃত্বত ভাৰতত ধৰ্মনিৰপেক্ষতাৰ আধুনিক গঠন গঢ়ি উঠিছিল।

উত্তৰঃ জৱাহৰলাল নেহৰুৰ নেতৃৃত্বত ভাৰতত ধৰ্মনিৰপেক্ষতাৰ আধুনিক গঠন গঢ়ি উঠিছিল।

সত্য/অসত্য-

১। ভাৰতৰ সংবিধান অনুসৰি ভাৰতত কোনো ৰাষ্ট্ৰীয় ধৰ্ম নাই।

উত্তৰঃ সত্য।

২। পশ্চিমীয়া ধৰ্মনিৰপেক্ষতাত ৰাষ্ট্ৰই ধৰ্মীয় ক্ষেত্ৰত সহায় আগবঢ়ায়।

উত্তৰঃ অসত্য।

৩। সংবিধানৰ ১৫ নং অনুচ্ছেদত জাতি, ধৰ্মৰ ভিত্তিত বৈষম্যক নিষিদ্ধ কৰা হৈছে।

উত্তৰঃ সত্য।

৪। ধৰ্মনিৰপেক্ষতা মানে সকলো ধৰ্মৰ প্রতি ঘৃণা কৰা।

উত্তৰঃ অসত্য।

৫। ভাৰতীয় ধৰ্মনিৰপেক্ষতা সমতা আৰু স্বতন্ত্রতাৰ ওপৰত আধাৰিত।

উত্তৰঃ সত্য।

চুটি প্রশ্ন-উত্তৰ-

১। ধৰ্মনিৰপেক্ষতাৰ অৰ্থ কি?

উত্তৰঃ ধৰ্মনিৰপেক্ষতা হৈছে এনে নীতি য’ত ৰাষ্ট্ৰই কোনো ধৰ্মৰ প্রতি পক্ষপাত নকৰে আৰু সকলো ধৰ্মক সমান দৃষ্টিৰে চায়।

২। ভাৰতীয় সংবিধানত ‘ধৰ্মনিৰপেক্ষ’ শব্দটো কেতিয়া অন্তর্ভুক্ত কৰা হৈছিল?

উত্তৰঃ ভাৰতীয় সংবিধানত ‘ধৰ্মনিৰপেক্ষ’ শব্দটো ১৯৭৬ চনৰ ৪২তম সংশোধনৰ জৰিয়তে অন্তর্ভুক্ত কৰা হৈছিল।

৩। সংবিধানৰ কোন অনুচ্ছেদসমূহত ধৰ্মীয় স্বাধীনতা উল্লেখ কৰা আছে?

উত্তৰঃ সংবিধানৰ ২৫ ৰ পৰা ২৮ নং অনুচ্ছেদত ধৰ্মীয় স্বাধীনতা উল্লেখ কৰা আছে।

৪। পশ্চিমীয়া ধৰ্মনিৰপেক্ষতাৰ মূল বৈশিষ্ট্য কি?

উত্তৰঃ পশ্চিমীয়া ধৰ্মনিৰপেক্ষতাৰ মূল বৈশিষ্ট্য হৈছে- ৰাষ্ট্ৰ আৰু ধৰ্মৰ সম্পূৰ্ণ পৃথকীকৰণ।

৫। ভাৰতীয় ধৰ্মনিৰপেক্ষতাৰ একোটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ ভাৰতীয় ধৰ্মনিৰপেক্ষতাৰ একোটা বৈশিষ্ট্য হৈছে- সকলো ধৰ্মৰ প্রতি সমান সন্মান।

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top