Class 11 History Chapter 7 পৰিৱৰ্ত্তিত সাংস্কৃতিক পৰম্পৰা

Class 11 History Chapter 7 পৰিৱৰ্ত্তিত সাংস্কৃতিক পৰম্পৰা The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 11 History Chapter 7 পৰিৱৰ্ত্তিত সাংস্কৃতিক পৰম্পৰা and select needs one.

Class 11 History Chapter 7 পৰিৱৰ্ত্তিত সাংস্কৃতিক পৰম্পৰা

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 History Chapter 7 পৰিৱৰ্ত্তিত সাংস্কৃতিক পৰম্পৰা Solutions for All Subject, You can practice these here…

ৰচনাধৰ্মী প্ৰশ্ন :

প্ৰশ্ন(১): নৱজাগৰণৰ কাৰণসমূহ আলোচনা কৰা ।

উত্তৰ: তলত উল্লেখ কৰা এই কাৰণসমূহৰ কাৰণেই নৱজাগৰণ বা ৰেনেচাৰ সৃষ্টি আৰু বিস্তাৰ লাভ হৈছিল । কিছুমান কাৰণত নৱজাগৰণ আন্দোলন আৰম্ভ হৈছিল । ভালেমান দিন স্থৱিৰ হৈ থকা ইউৰোপত সংঘটিত হোৱা ধৰ্মযুদ্ধই ইউৰোপত কৰ্ম  চাঞ্চল্য আৰু উদ্দীপনা বৃদ্ধি কৰে । এই ধৰ্মযুদ্ধ হৈছিল খৃষ্টান শক্তি তুৰ্কী মুছলমান সকলৰ মাজত । তুৰ্কী মুছলমান সকলৰ সৈতে যুদ্ধ কৰিবলৈ গৈ ইউৰোপীয় সকলে আৰৱ দেশৰ সভ্যতা আৰু সংস্কৃতিৰ স্পৰ্শলৈ আহিবলৈ সুবিধা পায় । সেই সময়ত আৰৱ দেশৰ সভ্যতা উচ্চশিখৰত আছিল । এই আৰৱ সভ্যতাৰ সংস্পৰ্শলৈ আহি ইউৰোপীয়সকলে জ্যোৰ্তিবিদ্যা, গণিত, ৰসায়ন শাস্ত্ৰ আৰু অন্যান্য বিজ্ঞানৰ জ্ঞান লাভ কৰে । এই বৈজ্ঞানিক জ্ঞান বিশেষকৈ ইটালীত আৰু লগতে অন্যান্য ঠাইতো বিয়পি পৰিব আৰু সেই জ্ঞানৰ বিকাশৰ কাৰণে স্কুল-বিশ্ববিদ্যালয় আদি স্থাপিত হ’ল । এই সংস্কৃতিক যোগাযোগৰ ফলস্বৰূপে বাণিজ্য সম্পৰ্কও স্থাপন হ’ল । ইটালীৰ চহৰ ফ্লোৰেন্স, মিলান, ভেনিচ আদি ব্যৱসায়ৰ কেন্দ্ৰস্থল হৈ পৰিল । আৰৱ দেশৰ সভ্যতাৰ সৈতে সংস্পৰ্শলৈ অহাৰ কাৰণে ইউৰোপৰ সাহিত্য জগতত আলোড়নৰ সৃষ্টি হৈছিল আৰু সৃজনী শক্তিৰ উন্মেষণ হৈছিল । উদাহৰণস্বৰূপে “চীড” নামৰ কবিতা, ” ডিভাইন কমেডী” আৰু চচাৰৰ “কেন্টাৰবেৰী টেলচৰ” কথা উল্লেখ কৰিব পাৰি ।

(১) চহৰবোৰৰ অৱদান : মধ্যযুগৰ ইটালীৰ চহৰবোৰ যেনে ফ্লোৰেন্স, মিলান, ভেনিচ আদিয়ে নৱজাগৰণ বা ৰেনেচা সৃষ্টিৰ ক্ষেত্ৰত বিশেষ বৰঙণি আগবঢ়াইছিল । সকলো ঠাইতে সকলো যুগতে চহৰবোৰ নতুন চিন্তাৰ বাৰ্তা বাহক হোৱাৰ দৰে ইটালীৰ এই প্ৰসিদ্ধ বাণিজ্যিক কেন্দ্ৰ চহৰবোৰে নৱজাগৰণৰ চিন্তাৰ বাৰ্তাবাহক আছিল । এই চহৰবোৰত এই সুস্থ ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক পৰিৱেশ থকাৰ কাৰণে নৱজাগৰণৰ বিস্তাৰণত এই চহৰবোৰে মুখ্য ভূমিকা গ্ৰহণ কৰিব পাৰিছিল । সাংস্কৃতিক অৱদানৰ কাৰণে ইটালীৰ ফ্লোৰেন্স চহৰক “দ্বিতীয় এথেন্স” বুলি কোৱা হৈছিল ।

(২) মানৱতাবাদী সকলৰ বৰঙণি : হিউমেনিষ্ট সকলে বা মানৱ প্ৰকৃতিবিদসকলে গ্ৰীচ আৰু ৰোমৰ ক্লাচিকেল সভ্যতাৰ মানুহৰ উপকাৰত অহা সকলো প্ৰকাৰৰ …………… বিতৰণ কৰি নৱজাগৰণ বা ৰেনেচাৰ বিকাশ আৰু বিস্তাৰৰ ক্ষেত্ৰত সকলোতকৈ বেছি বৰঙণি যোগাইছিল । এইক্ষেত্ৰত পেট্ৰাক বোক্কাচ, মেকিয়াভেলী, ৰাফেল, লিওনাৰ্ড-দা-ভিন্স, মাইকেল এঞ্জেল আদি মানৱতাবাদী সকলৰ কথা উল্লেখ কৰিব পাৰি । এই সকল মানৱতাবাদীয়ে এটা ধৰ্মনিৰপেক্ষ দৃষ্টিভঙ্গী গঢ়ি তুলিছিল আৰু তেওঁলোকৰ কৰ্মৰ মাজেদি নতুন চিন্তাৰ সূত্ৰপাতৰ ঘোষণা কৰিছিল । তেনেকৈ বিজ্ঞানৰ ক্ষেত্ৰটি  কপাৰনিকাচ, গেলিলিঅ’, আইজাক নিউটন, কেপেলাৰ আদিয়ে তেওঁলোকৰ আবিষ্কাৰত যুক্ত মানৱ মনৰ পৰিচয় দিছিল ।

(৩) কনষ্টানটিনোপলৰ পতন : মুছলমান শক্তি আৰু খৃষ্টান শক্তিৰ মাজত চৈধ্য শতিকাৰ পৰাই চলি থকা যুদ্ধৰ ফলত অৱশেষত বাইজনটাহৰ্ণ সাম্ৰাজ্যৰ ৰাজধানী কনষ্টানটিনোপলৰ ভালেমান মানৱতাবাদী আছিল আৰু এইখন চহৰৰ পতন হোৱাৰ পিছত মানৱতাবাদীসকল ইউৰোপলৈ গুচি আহে আৰু বিভিন্ন অঞ্চলত বসবাস কৰিবলৈ লয় । বিশেষকৈ তেওঁলোক ইটালীত থাকিবলৈ লয় । এই মানৱতাবাদী সকলে তেওঁলোকৰ লগত গ্ৰীচ আৰু ৰোমৰ সভ্যতাৰ বিষয়ে লিখা ভালেমান পাণ্ডুলিপি লগত লৈ আহিছিল । তেওঁলোকৰ আগমনত ইটালীত গ্ৰীচ আৰু ৰোমৰ সভ্যতাৰ প্ৰতি গভীৰ অনুৰাগৰ সৃষ্টি হৈছিল ।

(৪) ছপাশালৰ আবিষ্কাৰ : গ্ৰীচ আৰু ৰোমৰ সাহিত্য আলোচনাৰ জৰিয়তে এটা ধৰ্মনিৰপেক্ষ মনোভাৱৰ উদ্ভৱ হ’ল । মানুহৰ মনে গতানুগতিক ধৰ্মৰ বান্ধোনৰ পৰা মুক্তি পালে । সেই সময়তে জাৰ্মানীত গুটেনবাৰ্গ নামৰ এজন লোকে ছপাশাল আবিষ্কাৰ কৰিলে আৰু ইয়াৰ ফলত পাণ্ডুলিপি সমূহ ছপা কৰিব পৰা ব্যৱস্থা হ’ল । সস্তাতে পুথি ছপা হ’ল আৰু ইয়াৰ ফলত পণ্ডিত সকলৰ উপৰিও জনসাধাৰণেও গ্ৰীচ আৰু ৰোমৰ সভ্যতাৰ বিষয়ে জানিবলৈ সুবিধা পালে । সাধাৰণ লোকে পুথি পঢ়ি নিজস্ব চিন্তাৰে বিচাৰ কৰি ভাল-বেয়া, শুদ্ধ-অশুদ্ধ নিৰ্ণয় কৰিবলৈ সুবিধা পালে । বাইবেল পুথিখন প্ৰথমে মুদ্ৰিত হ’ল ।

(৫) পাণ্ডুলিপি সংগ্ৰহ, জ্ঞানৰ ভঁৰাল মুকলি : পুৰণি গ্ৰীক আৰু লেটিন 

পুথিসমূহৰ পাণ্ডুলিপি সংগ্ৰহৰ এটা প্ৰচেষ্টা আৰম্ভ হ’ল । অনতিপলমে পাণ্ডুলিপি সংগ্ৰহৰ কামটো এটা ব্যৱসায়ত পৰিণত হ’ল । শিক্ষানুষ্ঠান, চহকী পৰিয়াল সকলোৱে পাণ্ডুলিপি সংগ্ৰহ কৰা প্ৰচেষ্টাক পৃষ্ঠপোষকতা কৰিলে । পাণ্ডুলিপিবোৰ সংগ্ৰহ কৰি আনি নতুন নতুন পুথি ভঁৰালত ৰখা হ’ল । ইয়াৰ ফলত নতুন জ্ঞানৰ ভঁৰাল সকলোৰে কাৰণে মুকলি হ’ল ।

প্ৰশ্ন(২) : নৱজাগৰণ ইটালীত কিয় আৰম্ভ হৈছিল ? (২০১৫) 

উত্তৰ: ভালেকেইটামান কাৰণত নৱজাগৰণ ইটালীত আৰম্ভ হৈছিল ।

তলত সেইসমূহ আলোচনা কৰা হ’ল –

(১) ইটালীৰ ভৌগোলিক অৱস্থান : ইটালীৰ ভৌগোলিক অৱস্থানৰ কাৰণে নৱজাগৰণ ইটালীত আৰম্ভ হ’বলৈ সুচল হৈছিল । ইটালীৰ ভৌগোলিক অৱস্থানে ইটালীক ইউৰোপ, আফ্ৰিকা আৰু এছিয়াৰ বাণিজ্যিক আৰু সাংস্কৃতিক সংযোগ স্থল হিচাপে গঢ়ি তুলিছিল । ইয়াৰ ফলত বিভিন্ন ঠাইৰ সভ্যতা, সংস্কৃতিৰ প্ৰভাৱ ইটালীৰ চহৰবোৰত পৰিছিল । উন্নত আৰু সংস্কৃতিৰ প্ৰভাৱত ইটালীৰ চহৰবোৰত বিয়পি পৰিছিল । এই বাণিজ্যিক চহৰবোৰ আৰু ইটালীত স্থাপন হোৱা শিক্ষা অনুষ্ঠানবোৰ নৱজাগৰণৰ বিন্তাৰিক আগভাগ লৈছিল ।

(২) গ্ৰীক মনিষিসকলৰ প্ৰভাৱ : ১৪৫৩ চনত তুৰ্কীসকলে বাইজেনটিয়ান সাম্ৰাজ্যৰ ৰাজধানী কনষ্টানটিনোপল অধিকাৰ কৰি লোৱাৰ ফলত তাত বাস কৰা গ্ৰীক পণ্ডিতসকলে তেওঁলোকৰ হাতত থকা পাণ্ডু লিপিবোৰ লৈ ইটালীলৈ গুচি আহে । এই পাণ্ডুলিপিবোৰ গ্ৰীক দাৰ্শনিক আৰু সাহিত্যিক সকলে ৰচনা কৰিছিল । গ্ৰীক মনীষী সকলৰ আগমনে ইটালী, গ্ৰীক আৰু লেটিন দৰ্শন চৰ্চাৰ এটা পৰিৱেশ সৃষ্টি কৰিছিল আৰু মানুহৰ মাজত গ্ৰীক আৰু ৰোমান সভ্যতাৰ বিষয়ে জানিবলৈ আগ্ৰহ, উদ্দীপনা বৃদ্ধি পাইছিল । ৰেনেচা সৃষ্টিৰ ক্ষেত্ৰত ই প্ৰভাৱ বিস্তাৰ কৰিছিল ।

(৩) ইটালীৰ চহৰবোৰৰ বৰঙণি : ইটালীৰ চহৰবোৰেও নৱজাগৰণৰ বিস্তাৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল । ইটালীৰ এই চহৰবিলাক আছিল স্বাধীন আৰু প্ৰজাতান্ত্ৰিক । প্ৰত্যেকখন চহৰৰ নাগৰিক সমান ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক অধিকাৰৰ অধিকাৰী আছিল । ৰাজ্যবোৰ প্ৰজাতান্ত্ৰিক হোৱাৰ কাৰণে এটা উদাৰ মনোভাৱৰ সৃষ্টি হৈছিল । আৰু ৰাজ্যবোৰে ধৰ্মীয় সংকীৰ্ণতা পৰিহাৰ কৰি এটা নতুন সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক ব্যৱস্থাক আদৰি লৈছিল । মধ্যযুগৰ ধৰ্মীয় চিন্তাৰ গৰাহৰ পৰা মুক্তি লাভকৰাৰ কাৰণে মানুহে মানুহৰ মৰ্যাদা লাভ কৰিছিল । মধ্যযুগৰ সংকীৰ্ণতা আৰু অৱচেতনাৰ পৰা মানুহৰ মন মুক্ত কৰাত ইটালীৰ চহৰবোৰে বিশেষ অৰিহণা যোগাইছিল মানৱ মুক্তি ৰেঁনেচাৰ মূল কথা ।

(৪) প্ৰাচীন সভ্যতাৰ সৈতে অবিৰত সম্পৰ্ক : ইটালীৰ জনগণ সদায়েই প্ৰাচীন ৰোমৰ সভ্যতাৰ প্ৰতি শ্ৰদ্ধাশীল আছিল । আনকি মধ্যযুগত যেতিয়া প্ৰাচীন গ্ৰীক আৰু ৰোমান সভ্যতাৰ কথা সম্পূৰ্ণৰূপে পাহৰি পেলোৱা হৈছিল আৰু গ্ৰীচ আৰু ৰোমান সভ্যতাৰ অধ্যয়ন কৰাটো অধৰ্মৰ কাম বুলি বিবেচনা কৰা হৈছিল তেতিয়াও ইটালীৰ মানুহৰ মনৰ পৰা প্ৰাচীন গ্ৰীক আৰু ৰোমান সভ্যতাৰ প্ৰতি শ্ৰদ্ধা হ্ৰাস পোৱা নাছিল । প্ৰাচীন সভ্যতাৰ পৰা ইটালিবাসী সম্পূৰ্ণৰূপে বিছিন্ন হৈ পৰা নাছিল আৰু সেই কাৰণেই ইটালিবাসীৰ মাজত নৱজাগৰণ সৃষ্টি হোৱাত সহজ হৈছিল ।

(৫) গীৰ্জাৰ অৱদান : ইটালীত সৰ্বপ্ৰথম ৰেঁনেচা সৃষ্টি হোৱাত কেথলিক গীৰ্জা অনুষ্ঠানেও বৰঙণি যোগাইছিল । এসময়ত গথ,ভান্তাল আদি বৰ্বৰ জাতিবিলাকৰ আক্ৰমণত ৰোমান সাম্ৰাজ্য ভাঙি পৰিছিল । তেতিয়া গীৰ্জা অনুষ্ঠানে খ্ৰীষ্টান ধৰ্মাৱলম্বী মানুহৰ ঐক্য বজাই ৰাখি লেটিন ভাষাৰ চৰ্চা অব্যাহত ৰাখিছিল । পৰোক্ষভাৱেই নৱজাগৰণ সৃষ্টিত সহায় কৰিছিল ।

প্ৰশ্ন(৩) নৱজাগৰণ বুলিলে কি বুজা ?

উত্তৰ: নৱজাগৰণৰ অৰ্থ হ’ল গ্ৰীচ আৰু ৰোমৰ ধ্ৰুপদী সভ্যতাৰ পুনৰ আবিষ্কাৰ আৰু পুনৰ অধ্যয়ন । মধ্যযুগ আৰু আধুনিক যুগৰ মধ্যৱৰ্তী সময়ছোৱাকে নৱজাগৰণৰ আৰম্ভণিৰ সময় বুলি ধৰিব পাৰি । ১৬ শ শতিকাৰ পৰা নৱজাগৰণ আৰম্ভ হৈছিল । প্ৰাচীনকালত গ্ৰীচত আৰু ৰোমৰ সভ্যতাৰ চৰ্চা কৰা হৈছিল । এই দুই ঠাইৰ সভ্যতাৰ ধ্যান-ধাৰণাই মানুহৰ মনবোৰ আৱৰি আছিল । আনকি প্ৰাচীন গ্ৰীচ আৰু ৰোমৰ প্ৰখ্যাত ব্যক্তিসকলৰ নাম অনুসৰি পিতৃ-মাতৃয়ে নিজৰ ল’ৰা-ছোৱালীৰ নাম ৰাখি গৌৰৱবোধ কৰিছিল । কিন্তু মধ্যযুগত গ্ৰীচ আৰু ৰোমৰ ধৰ্মনিৰপেক্ষ সভ্যতাৰ চিন্তা চৰ্চা পৰিহাৰ কৰা হৈছিল । কিন্তু নৱজাগৰণৰ যুগত গ্ৰীচ আৰু ৰোমৰ সভ্যতাৰ বিষয়ে পুনৰ অধ্যয়ন কৰিবলৈ লোৱা হৈছিল ।

প্ৰশ্ন(৪): গ্ৰীক আৰু ৰোমান যুগৰ ইটালীয়ান স্থাপত্যৰ লগত ইছলামিক স্থাপত্যৰ তুলনা কৰা ।  

উত্তৰ: গ্ৰীক আৰু ৰোমান যুগৰ ইটালীয়ান স্থাপত্যৰ লগত ইছলামিক স্থাপত্যৰ বহু ক্ষেত্ৰত পাৰ্থক্য দেখিবলৈ পোৱা যায় বুলি ঐতিহাসিকসকলে বিভিন্ন সময়ত মত পোষণ কৰা দেখা যায় । চতুৰ্দশ-পঞ্চদশ শতিকাত উদ্ধাৰ আৰু নিৰ্মাণ হোৱা চিত্ৰকলা, ভাস্কৰ্য তথা স্থাপত্যবোৰৰ লগত ইছলামিক স্থাপত্যৰ কিছু মিল দেখা যায় যদিও বহুক্ষেত্ৰত পাৰ্থক্যও দেখিবলৈ পোৱা কথা বুৰঞ্জীবিদসকলে প্ৰকাশ কৰিছে । ফ্লোৰেন্স আৰু ভেনিচ চহৰত আৱিষ্কৃত স্থাপত্যবোৰে ইছলামিয় স্থাপত্যৰ লগত পাৰ্থক্য দেখিবলৈ পোৱা যায় বুলি মন্তব্য কৰিছে । বহু স্থাপত্য আৰু চীনৰ নক্সাত চীন, পাৰ্চিয়ান কলাৰ প্ৰভাৱ প্ৰমাণ পোৱা যায় । মংগোলসকলে শিল্পীসকলক দেহবিজ্ঞান, জ্যামিতি, পদাৰ্থ বিজ্ঞান আদিত নতুন গুণৰ সমাবেশ ঘটা কথাও প্ৰমাণ পোৱা গৈছে । ষষ্ঠদশ শতিকাত ইটালীয়ান স্থাপত্যবিদ্যাই পুৰণি ৰোমৰ অট্টালিকাবিলাকৰ পৰা বহু উপাদান আহৰণ কৰিবলৈ সক্ষম হৈছে । চিত্ৰশিল্পী, ভাস্কৰ্যসকলে বিভিন্ন চিত্ৰ, ভাস্কৰ্য আৰু শিল বা ধাতু নিৰ্মিত মূৰ্তিৰ অট্টালিকাবোৰ সুন্দৰভাৱে সজাই তুলিছিল ।

প্ৰশ্ন(৫): মানৱতাবাদৰ ধাৰণাটো প্ৰথমে ইটালীৰ নগৰবিলাকলৈ কিয় আহিল ।

উত্তৰ:  মানৱতাবাদৰ ধাৰণাটো ইটালীত প্ৰথম ব্যৱহাৰ বা প্ৰয়োগ হোৱাৰ মূলতে আছিল শিক্ষা-সংস্কৃতি, ব্যৱসায়-বাণিজ্যৰ কেন্দ্ৰ হিচাপে পৰিচিত আছিল । তাৰোপৰি ইটালীতেই ইউৰোপৰ আটাইতকৈ প্ৰাচীন তথা পুৰণি বিশ্ববিদ্যালয়ো গঢ় লৈ উঠিছিল । একাদশ শতিকাত পাদুৱা, বলগনা বিশ্ববিদ্যালয় অধ্যয়নৰ কেন্দ্ৰ হৈ পৰিছিল । আইন শিক্ষাৰ এই শিক্ষানুষ্ঠানৰ লগত ব্যৱসায় চুক্তি আদিৰো চাহিদা বৃদ্ধি পাইছিল । ইটালীত আইনৰ ধৰ্মীয় শিক্ষাৰ লগতে ঊনবিংশ শতিকাৰ আৰম্ভণিতে বুৰঞ্জীবিদ সকলো মানৱতাবাদ নামেৰে এক সভ্যতা গঢ়ি তুলি ব্যৱহাৰ কৰিলে । ইয়াৰ ব্যৱহাৰ যিসকলে ব্যাকৰণবাগ্মিতা,কবিতা, ইতিহাস, নৈতিক দৰ্শনৰ শিক্ষা দিছিল তাত ব্যৱহাৰ হৈছিল । মানৱতাবাদ ইটালীত প্ৰথম ব্যৱহাৰৰ মূলতে আছিল ইটালীত জনগণৰ শিক্ষা-সংস্কৃতিত আগৰণুৱা আৰু শিক্ষাকেন্দ্ৰৰ লগতে ব্যৱসায় বাণিজ্যৰ প্ৰধান কেন্দ্ৰ হিচাপে বিবেচিত হোৱা বাবেই ব্যৱহাৰ হৈছিল ।

প্ৰশ্ন(৬): প্ৰিন্টিং প্ৰেছৰ আবিষ্কাৰক কোন ? ইউৰোপৰ প্ৰথম ছপা কিতাপখনৰ নাম কি ?

উত্তৰ: প্ৰিন্টিং প্ৰেছৰ আবিষ্কাৰক হ’ল জোহান্স গুটেনবাৰ্গ । ইউৰোপৰ প্ৰথম ছপা কিতাপখনৰ নাম হ’ল বাইবেল ।

প্ৰশ্ন(৭): অত্যাধুনিক বিজ্ঞানৰ প্ৰতি ৰেঁনেচাই অৱদান আলোচনা কৰা ।

উত্তৰ: নৱজাগৰণ বা ৰেঁনেচাই আধুনিক বিশ্বৰ বাবে উল্লেখযোগ্য অৱদান আগবঢ়ায় । সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, বিজ্ঞান তথা আন আন সকলো দিশতে ৰেঁনেচাই অৱদান আগবঢ়োৱা কথাটো মনকৰিবলগীয়া । আধুনিক বিজ্ঞানৰ ক্ষেত্ৰত ৰেঁনেচা বা নৱজাগৰণে বিশেষ বৰঙণি আগবঢ়াই এক নতুন পথৰো সন্ধান দিয়ে । ৰেঁনেচা যুগত প্ৰাকৃতিক বিজ্ঞান, অংক, জ্যোৰ্তিবিদ্যা, ঔষধ আৰু ৰসায়ন বিজ্ঞানত উন্নতি সাধন কৰিছিল । 

টলেমি, কপাৰনিকাছ, গুটেনবাৰ্গৰ নাম বিজ্ঞানৰ অৱদানৰ বাবে আজিও বিশ্ববিখ্যাত হৈ আছে । বিখ্যাত চিত্ৰশিল্পী লিঅ’ নাৰ্ড দ্য ভিন্সিয়েও বিজ্ঞানৰ উন্নয়ন সাধনৰ বাবে যথেষ্ট অৱদান আগবঢ়াইছিল । জোহান্স গুটেনবাৰ্গে ছপাশাল আবিষ্কাৰ কৰি আধুনিক শাসক সমতাৰ বাবে আপুৰুগীয়া সম্পদৰ উপহাৰ দিয়াৰ লগতে বহু অভাৱ দূৰ কৰিছিল । কপাৰনিকাছে বিজ্ঞানৰ ক্ষেত্ৰত নতুন পথৰ মুকলি কৰে । তেওঁ সূৰ্য্যৰ চাৰিওফালে পৃথিৱী তথা গ্ৰহবোৰ ঘুৰি থকাৰ কথা প্ৰথম ঘোষণা কৰিছিল যদিও ধৰ্ম যাজকসকলৰ ভয়ত মুকলিকৈ প্ৰকাশ কৰা নাছিল । বিখ্যাত জ্যোৰ্তিবিদজন কেপলাৰ, গেলিলিঅ’ আবিষ্কাৰ লিখনি তথা গৱেষণাৰ আধুনিক বিজ্ঞানৰ গতি অধিক ক্ষীপ্ৰ কৰি তুলিলে । ৰেনেচা যুগৰ অৱমাননক কেন্দ্ৰ কৰিয়েই আজি বহু ক্ষেত্ৰত গৱেষণা আৰু সৃষ্টি অব্যাহত থকাৰ কথা সকলোৱে স্বীকাৰ কৰে ।

প্ৰশ্ন(৮): কপাৰনিকাচ আৰু গেলিলিঅ’ৰ আৱিষ্কাৰ আলোচনা কৰা ।

উত্তৰ: বিশ্ববিখ্যাত জ্যোৰ্তিবিদ কপাৰনিকাচৰ মৃত্যুৰ প্ৰায় পঞ্চাশ বছৰৰ পাছত যি কেইগৰাকী বিজ্ঞানীয়ে নিজৰ সৃষ্টি কৰ্মৰ জৰিয়তে সমগ্ৰ বিশ্বকে চমকিত কৰিছিল তেওঁলোকৰ ভিতৰত গেলিলিঅ’ অন্যতম । ১৪৭৩ খ্ৰীষ্টাব্দত কপাৰনিকাচৰ জন্ম হৈছিল । এইগৰাকী বিজ্ঞানীয়ে বহু গৱেষণাৰ অন্তত পৃথিৱীখন যে সূৰ্য্যৰ চাৰিওফালে ঘূৰি থাকে সেই কথা প্ৰমাণ কৰিছিল । খ্ৰীষ্টানসকলে বিশ্বাস কৰাৰ দৰে সূৰ্যৰ চাৰিওফালে সৌৰজগতৰ গ্ৰহবিলাক প্ৰদক্ষিণ কৰি নাথাকে । 

খ্ৰীষ্টধৰ্মৰ যাজকসকলে তেওঁৰ এই গুৰুত্ব মানি ল’বলৈ টান পাব বুলি ভয় কৰিছিল আৰু ‘দি ৰিভিলিউছনিয়াচ’ নামৰ গ্ৰন্থখন প্রকাশৰ পৰা বিৰত থাকিল । তেওঁ মৃত্যুৰ পাছতে এইখন গ্ৰন্থ প্ৰকাশ কৰা হৈছিল । এইগৰাকী বিশ্ববিখ্যাত বিজ্ঞানীৰ মৃত্যু হয় ১৫৪৩ খ্ৰীষ্টাব্দত । ১৫৬৪ খ্ৰীষ্টাব্দত জন্মগ্ৰহণ কৰা গেলিলিঅ’ আন গৰাকী বিখ্যাত বিজ্ঞানী । তেওঁ দি মচন নামৰ গ্ৰন্থত পৃথিৱীখন যে ঘূৰি থাকে তাক নিশ্চিত কৰি প্ৰমাণ কৰিলে । এইগৰাকী বিজ্ঞানীৰ মৃত্যু হয় ১৬৪২ খ্ৰীষ্টাব্দত । এই দুগৰাকী বিজ্ঞানীৰ অৱদানক কেন্দ্ৰ কৰিয়েই আধুনিক বিজ্ঞানৰ ন ন চৰ্চা আৰম্ভ হোৱাৰ কথাটো সকলোৱেই    জ্ঞাত ।

প্ৰশ্ন(৯): ১৪-১৫ শতিকাৰ সমাজত মহিলাসকলৰ অৱস্থা কেনে আছিল ?

উত্তৰ: পুৰুষ আৰু মহিলাৰ দ্বাৰাই এখন সমাজ গঢ় লৈ উঠে । কিন্তু পুৰুষসকলে লাভ কৰা সা-সুবিধা তথা সন্মান মহিলাসকলে লাভ কৰা নাছিল । এক কথাত ক’বলৈ গ’লে মহিলাসকল পুৰুষসকলৰ ভৃত্য আছিল আৰু তেওঁলোকৰ সমাজত স্থান একেবাৰে নিম্ন আছিল । পুৰুষসকলৰ নিজা কোনো ভাল-বেয়া অনুভৱক গুৰুত্ব প্ৰদান কৰা নাছিল । গীৰ্জাত মহিলাসকলক সহযোগ কৰা, ব্যৱসায়-বাণিজ্যত সহায় কৰা আদিত মহিলাসকলে কাম কৰিব লাগিছিল । ব্যৱসায়ী-বনীকসকলৰ পত্নীয়ে কাম-কাজত সহায় কৰিছিল । মুঠৰ ওপৰত ১৪ আৰু ১৫ শতিকাত মহিলাসকলৰ স্থান অতিকৈ তল খাপৰ আছিল । 

প্ৰশ্ন(১০): মানৱতাবাদী আৰু পিছৰ পণ্ডিতসকলে যুগৰ ভাগ কেনেদৰে কৰিছিল ?

উত্তৰ: মানৱতাবাদী আৰু পিছৰ পণ্ডিতসকলে যুগৰ ভাগটো তলত দিয়া ধৰণে কৰিছে –

৫০ ৰ পৰা ১৪ শতিকা ― মধ্যযুগ

৫০ ৰ পৰা ৯ শতিকা ― অন্ধকাৰ যুগ

৯ ৰ পৰা ১১ শতিকা ― আদি মধ্যযুগ

১১ ৰ পৰা ১৪ শতিকা ― পৰৱৰ্তী মধ্যযুগ

১৫ শতিকাৰ পৰা আৰম্ভ কৰি ― আধুনিক  যুগ

প্ৰশ্ন(১১): ডান্টে আৰু গিঅ’টৰ ওপৰত চমু টোকা লিখা ।

উত্তৰ: পঞ্চদশ শতিকাত ফ্লোৰেন্সকো যিকেইজনমান ব্যক্তিয়ে বিখ্যাত কৰি তুলিলে সেই সকলৰ ভিতৰত ডান্টে এলিঘিয়েৰী (Dante Alighieri) আৰু গিঅ’ট (Giotto) আছিল অন্যতম । তেওঁ আছিল অতি সাধাৰণ ব্যক্তি আৰু তেওঁ ধৰ্মীয় বিষয়বস্তু ওপৰত লিখিছিল ।

গিঅ’ট আছিল এজন শিল্পী । তেওঁ বিভিন্ন চিত্ৰ ৰঙেৰে বুলাই জীৱন্ত ৰূপ দিছিল আৰু এইবিলাক পুৰণি শিল্পীসকলৰ স্থিৰ চিত্ৰতকৈ বেলেগ আছিল । তেতিয়াৰে পৰা ফ্লোৰেন্স এখন বৌদ্ধিক নগৰ আৰু শিল্পকলাৰ কেন্দ্ৰ হৈ পৰিছিল । 

প্ৰশ্ন(১২): বিজ্ঞান আৰু দৰ্শনৰ ক্ষেত্ৰত আৰৱসকলৰ অৰিহণা সম্পৰ্কে লিখা ।

উত্তৰ: মধ্যযুগত গ্ৰীক আৰু ৰোমানসকলৰ লিখনিসমূহৰ সৰহভাগেই

সন্ন্যাসী আৰু পুৰোহিতসকলৰ পৰিচিত আছিল । কিন্তু এইবিলাক তেওঁলোকে ৰাজহুৱা কৰি দিয়া নাছিল । চতুৰ্দশ শতিকাত বহুতো পণ্ডিতে প্লেটো, এৰিষ্ট’টল আদি গ্ৰীক লিখকসকলৰ লিখনিৰ অনুবাদসমূহ পাঢ়িবলৈ আৰম্ভ কৰিলে । এই কামৰ বাবে তেওঁলোকে নিজৰ পণ্ডিত সকলতকৈও ……………. অনুবাদসকলৰ প্ৰতি বেছি ঋণী আছিল যিসকলে অতি সাৱধানতাৰে পৌৰাণিক হাতে লিখা পুথিবোৰ অনুবাদ আৰু সংৰক্ষণ কৰিছিল । আৰৱ ভাষাত প্লেটো আছিল আলফাটুন(Alfatun) আৰু এৰিষ্ট’টল আছিল আৰিষ্টু (Aristu)।

যেতিয়া কিছুমান ইউৰোপয়ান পণ্ডিতে আৰবিকলৈ অনুদিত গ্ৰীক পুথি পঢ়িছিল, গ্ৰীকসকলে আন আন ইউৰোপীয়সকলক দিবলৈ আৰৱিক আৰু পাৰ্চিয়ান পণ্ডিতৰ লেখাসমূহ অনুবাদ কৰিছিল । এই লেখাবোৰ আছিল প্ৰাকৃতিক বিজ্ঞান, অংক, জ্যোৰ্তিবিদ্যা, ঔষধ আৰু ৰসায়ন । টলেমিৰ আলমাগেটে (১৪০ CE আগতে জ্যোৰ্তিবিদ্যাৰ ওপৰত লিখা এখন গ্ৰীক কিতাপ যিখন পিছলৈ আৰবিকলৈ অনুবাদ কৰা হৈছিল) আৰবিক ‘এল (al) টো উল্লেখ কৰিছে যিটোৱে আৰবিকৰ লগত সম্পৰ্কটো ফঁহিয়াই দেখুৱাইছে । মুছলমান লোকসকলৰ ভিতৰত যিসকলক ইটালীয়ান জগতত জ্ঞানী পুৰুষ হিচাপে গণ্য কৰা হয় সেইসকলৰ ভিতৰত মধ্য এছিয়াৰ বুথাৰাৰ আৰৱ চিকিৎসক আৰু দাৰ্শনিক ইবনচিনা (Avicenna inlatin,৯৮০-১০৩৭)আৰু চিকিৎসা বিষয়ক বিশ্বকোষৰ প্ৰণেতা হ’ল ৰাজি (Rhazes) প্ৰধান । 

স্পেইনৰ এজন আৰৱী দাৰ্শনিক ইবন ৰুচদে (Averroes in Latin; ১১২৬-৯৮)দাৰ্শনিকবিজ্ঞান (faylasuf) আৰু ধৰ্মীয় বিশ্বাসৰ মাজৰ দ্বন্দ্বটোৰ সমাধান কৰাৰ চেষ্টা চলাইছিল । এওঁৰ পদ্ধতিক খ্ৰীষ্টিয়ান  চিন্তাবিদসকলে গ্ৰহণ কৰিছিল ।

প্ৰশ্ন(১৩): ৰেঁনেচা যুগত বেহা-বেপাৰ আৰু নগৰৰ বিকাশ বৰ্ধনৰ গুৰুত্ব কি ?

উত্তৰ: চতুৰ্দশ শতিকাৰ পৰা সপ্তদশ শতিকাৰ ভিতৰত ইউৰোপত বহু নগৰ গঢ় লৈ উঠিছিল । চতুৰ্দশ শতিকাৰ পৰা ইউৰোপত হোৱা সাংস্কৃতিক পৰিৱৰ্তনক বুজাবলৈ ইতিহাসবিদসকলে ৰেঁনেচা শব্দ ব্যৱহাৰ কৰিছিল । ইয়াৰ অর্থ পুনৰ জনম । ইউৰোপত ৰেঁনেচা যুগত সকলো দিশতে পৰিৱৰ্তন সাধন হোৱা দেখিবলৈ পোৱা যায় বুলি ঐতিহাসিকসকলে মত পোষণ কৰা দেখা যায় ।

ৰেঁনেচা যুগত সকলো ক্ষেত্ৰতে পৰিৱৰ্তন হোৱা দেখিবলৈ পোৱা গৈছিল । ব্যৱসায়, বাণিজ্য, সাহিত্য, সংস্কৃতি, কলা, ভাস্কৰ্য, নৃত্য-গীত, নগৰ, শিক্ষা, বিজ্ঞান আদি সকলো দিশতে হোৱা এই পৰিবৰ্তনবোৰে আধুনিক মানৱ ইতিহাসৰ বাবে গুৰুত্বপূৰ্ণ অৱদান হোৱাৰ লগতে এৰাব নোৱাৰা সম্পদ হিচাপে পৰিগণিত হৈ আছে ।

প্ৰশ্ন(১৪): বৰ্তমান কোনকেইখন দেশক লৈ ইউৰোপীয়সকলে ‘নতুন পৃথিৱী’ নামে নামকৰণ কৰিছিল ?

উত্তৰ: নতুন পৃথিৱীৰ অন্তৰ্গত দেশকেইখন হ’ল ক্ৰমে আমেৰিকা কানাডা, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top