Class 11 Finance MCQ Chapter 16 যথাবিহীন পৰিশোধ, ধাৰক আৰু যথাবিহীন ধাৰক Question Answer in Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters AHSEC Class 11 Finance Multiple Choice Solutions and select need one. Class 11 Finance MCQ Chapter 16 যথাবিহীন পৰিশোধ, ধাৰক আৰু যথাবিহীন ধাৰক Notes Download PDF. AHSEC Class 11 Banking Objective Type Solutions.
Class 11 Finance MCQ Chapter 16 যথাবিহীন পৰিশোধ, ধাৰক আৰু যথাবিহীন ধাৰক
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Finance Objective Type Solutions are part of All Subject Solutions. Here we have given HS 1st Year Banking Multiple Choice Question and Answer, HS First Year Banking MCQ Solutions in Assamese Medium for All Chapters, You can practice these here.
যথাবিহীন পৰিশোধ, ধাৰক আৰু যথাবিহীন ধাৰক
Chapter: 16
MCQ |
১। পৰিশোধকাৰী বেংকে ৮৫ নং ধাৰাৰ অধীনত প্ৰদান কৰা বিধিবদ্ধ সুৰক্ষা কেতিয়া হেৰোৱাৰ সম্ভাৱনা থাকে?
(ক) যদি বেংক দুৰ্বল অৱস্থাত থাকে।
(খ) যদি বেংক লাভবান নাথাকে।
(গ) যদি বেংকৰ অৱহেলা/হেমাহি প্রমাণিত হয়।
(ঘ) যদি বেংক ঋণ প্ৰদান কৰে।
উত্তৰঃ (গ) যদি বেংকৰ অৱহেলা/হেমাহি প্রমাণিত হয়।
২। পৰিশোধকাৰী বেংকে কাকহে সম্প্রদেয় দলীলৰ ধনৰ পৰিমাণ পৰিশোধ কৰিব লাগে?
(ক) যে কোনো ব্যক্তিক।
(খ) দলীলখন দখলত থকা ব্যক্তিক।
(গ) দলীলখন দাখিল কৰা ব্যক্তিক।
(ঘ) সম্প্রদেয় পত্ৰৰ ধনৰ পৰিমাণ গ্ৰহণ কৰাৰ অধিকাৰ থকা ব্যক্তিজনক।
উত্তৰঃ (ঘ) সম্প্রদেয় পত্ৰৰ ধনৰ পৰিমাণ গ্ৰহণ কৰাৰ অধিকাৰ থকা ব্যক্তিজনক।
৩। ১৮৮১ চনৰ হস্তান্তৰযোগ্য দলীল আইনৰ ৮ নং ধাৰা অনুসৰি, যি ব্যক্তিয়ে দলীল নিজৰ নামত ধাৰণ কৰে আৰু আনপক্ষৰ পৰা টকা আদায় কৰিবলৈ অধিকাৰ লাভ কৰে, তেওঁক কি বোলে?
(ক) আৱশ্যকী অধিকাৰী।
(খ) ধাৰক।
(গ) দলীলকাৰী।
(ঘ) সাক্ষৰকাৰী।
উত্তৰঃ (খ) ধাৰক।
৪। ১৮৮১ চনৰ হস্তান্তৰযোগ্য দলীল আইনৰ কিমান নং ধাৰা অনুসৰি যথাবিহিত ধাৰক হৈছে যি ব্যক্তি প্রতিদানৰ বিনিময়ত দলীল ধাৰণ কৰে আৰু গৰাকীস্বত্ব ত্রুটিমুক্ত বুলি সন্দেহ কৰিবলৈ যথেষ্ট অৱকাশ নাথাকে?
(ক) ৭ নং ধাৰা।
(খ) ৮ নং ধাৰা।
(গ) ৯ নং ধাৰা।
(ঘ) ১০ নং ধাৰা।
উত্তৰঃ (গ) ৯ নং ধাৰা।
৫। যথাবিহিন পৰিশোধৰ অত্যাৱশ্যকীয় বৈশিষ্ট্যসমূহ কেইটা?
(ক) তিনিটা।
(খ) চাৰিটা।
(গ) পাঁচটা।
(ঘ) ছয়টা।
উত্তৰঃ (ক) তিনিটা।
৬। ১৮৮১ চনৰ হস্তান্তৰযোগ্য দলীল আইনৰ ৯ নং ধাৰা অনুসৰি, ‘যথাবিহিত ধাৰক, হ’বলৈ কোনটো শর্ত পূৰণ কৰাটো আৱশ্যক?
(ক) হস্তান্তৰযোগ্য পত্ৰখন যথাবিহিত ধাৰকৰ দখলত থাকিব লাগিব।
(খ) হস্তান্তৰযোগ্য পত্ৰখন অসম্পূর্ণ হ’ব লাগিব।
(গ) হস্তান্তৰযোগ্য পত্ৰখন অবৈধ হ’ব লাগিব।
(ঘ) হস্তান্তৰযোগ্য পত্ৰখন সম্পূর্ণ মূল্য বিনা পৰিশোধেই গ্ৰহণ কৰিব পাৰিব।
উত্তৰঃ (ক) হস্তান্তৰযোগ্য পত্ৰখন যথাবিহিত ধাৰকৰ দখলত থাকিব লাগিব।
৭। যথাবিহিত ধাৰক হ’বলৈ, হস্তান্তৰযোগ্য পত্রখন কিদৰে হ’ব লাগিব?
(ক) অবৈধ।
(খ) অসম্পূর্ণ আৰু অনিয়মীয়া।
(গ) বিকৃত।
(ঘ) সম্পূর্ণ আৰু নিয়মীয়া।
উত্তৰঃ (ঘ) সম্পূর্ণ আৰু নিয়মীয়া।
৮। যথাবিহিত ধাৰকে হস্তান্তৰযোগ্য পত্ৰ গ্ৰহণ কৰাৰ পূৰ্বে কি কৰিব লাগে?
(ক) মাত্র অংশিক মূল্য দিব লাগে।
(খ) কোনো মূল্য নোপোৱাকৈ গ্ৰহণ কৰিব লাগে।
(গ) পূৰ্ণ মূল্য পৰিশোধ কৰিব লাগে।
(ঘ) পৃষ্ঠাংকণৰ প্ৰমাণ ল’ব লাগে।
উত্তৰঃ (গ) পূৰ্ণ মূল্য পৰিশোধ কৰিব লাগে।
৯। যথাবিহিত ধাৰক হবলৈ, হস্তান্তৰযোগ্য পত্ৰখন আদায়যোগ্য হোৱাৰ আগতে কি কৰা হয়?
(ক) পত্ৰ দখল কৰা হয়।
(খ) পত্ৰক অনুমোদন কৰা হয়।
(গ) পত্ৰ আদায় কৰা হয়।
(ঘ) পত্ৰ অসম্পূর্ণ কৰি তোলা হয়।
উত্তৰঃ (ক) পত্ৰ দখল কৰা হয়।
১০। ১৮৮১ চনৰ হস্তান্তৰযোগ্য দলীল আইনৰ ৯ নং ধাৰাৰ অধীনত হস্তান্তৰযোগ্য পত্ৰখন কি অৱস্থাত ধাৰকক দিয়া হয়?
(ক) বিকৃত অৱস্থাত।
(খ) নিয়মীয়া আৰু সম্পূর্ণ অৱস্থাত।
(গ) সম্পূৰ্ণ পৰিশোধ নোহোৱা অৱস্থাত।
(ঘ) অবৈধ অৱস্থাত।
উত্তৰঃ (খ) নিয়মীয়া আৰু সম্পূর্ণ অৱস্থাত।
১১। “ভাল স্বত্ব” (Better title)ৰ অধীনত যথাবিহিত ধাৰকে কি লাভ কৰে?
(ক) সীমিত অধিকাৰ।
(খ) পূর্বৰ সকলো ত্রুটিৰ পৰা মুক্ত ভাল স্বত্ব।
(গ) দলীল অস্বীকাৰৰ অধিকাৰ।
(ঘ) আংশিক পৰিশোধৰ অধিকাৰ।
উত্তৰঃ (খ) পূর্বৰ সকলো ত্রুটিৰ পৰা মুক্ত ভাল স্বত্ব।
১২। যথাবিহিত ধাৰকৰ বাবে পূৰ্বৰ পক্ষসমূহৰ দায়বদ্ধতা কেতিয়ালৈকে থাকে?
(ক) পত্ৰখন পৰিশোধ হোৱা পৰ্যন্ত।
(খ) পত্ৰখন হস্তান্তৰ হোৱা পৰ্যন্ত।
(গ) পত্ৰখন পৃষ্ঠাংকণ হোৱা পৰ্যন্ত।
(ঘ) পত্ৰখন অবৈধ হোৱালৈকে।
উত্তৰঃ (ক) পত্ৰখন পৰিশোধ হোৱা পৰ্যন্ত।
১৩। যথাবিহিত ধাৰকে কি অধিকাৰ লাভ কৰে?
(ক) সীমিত অধিকাৰ।
(খ) আংশিক পৰিশোধ অধিকাৰ।
(গ) পৃষ্ঠাংকণ পৰ্যন্ত অধিকাৰ।
(ঘ) পূৰ্ণ অধিকাৰ।
উত্তৰঃ (ঘ) পূৰ্ণ অধিকাৰ।
১৪। হস্তান্তৰযোগ্য দলীল আইন কিমান চনত প্রণয়ন কৰা হৈছিল?
(ক) ১৮৮০ চনত।
(খ) ১৮৮১ চনত।
(গ) ১৯৮২ চনত।
(ঘ) ১৯৬৬ চনত।
উত্তৰঃ (খ) ১৮৮১ চনত।
১৫। তলৰ কোনটো যথাবিহিন পৰিশোধৰ বৈশিষ্ট্য নহয়?
(ক) সম্প্রদেয় পত্ৰৰ প্রকাশ্য অভিপ্রায়।
(খ) সৎ বিশ্বাসেৰে আৰু অৱহেলা অবিহনে পৰিশোধ।
(গ) পৰিশোধ গ্রহণ কৰাৰ অধিকাৰ থকা ব্যক্তি এজনক পৰিশোধ।
(ঘ) আদেশমতে বা বাহকক পৰিশোধযোগ্য।
উত্তৰঃ (ঘ) আদেশমতে বা বাহকক পৰিশোধযোগ্য।