Class 11 Education Important Chapter 8 ভাৰতবৰ্ষ আৰু অসমৰ প্ৰাথমিক শিক্ষা

Class 11 Education Important Chapter 8 ভাৰতবৰ্ষ আৰু অসমৰ প্ৰাথমিক শিক্ষা Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Education Important Chapter 8 ভাৰতবৰ্ষ আৰু অসমৰ প্ৰাথমিক শিক্ষা Solutions in Assamese and select need one. Class 11 Education Additional Solutions Assamese Medium Download PDF. HS 1st Year Education Important Question Answer Assamese Medium.

Class 11 Education Important Chapter 8 ভাৰতবৰ্ষ আৰু অসমৰ প্ৰাথমিক শিক্ষা

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Education Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Education Important Solutions in Assamese for All Chapters, You can practice these here.

Chapter: 8

IMPORTANT QUESTION AND ANSWER

১। প্ৰাথমিক শিক্ষা কি?

উত্তৰঃ প্রাথমিক শিক্ষা হ’ল সমগ্র শিক্ষা গাঁঠনিটোৰ এক গুৰুত্বপূর্ণ পর্যায়।

২। সত্রানুষ্ঠান বা সত্ৰ কি?

উত্তৰঃ অসমৰ ‘সমাজ’ ব্যৱস্থাত প্ৰচলিত হৈ থকা এটি বিশেষ ধৰণৰ সামাজিক অনুষ্ঠান হ’ল সত্রানুষ্ঠান বা সত্ৰ।

৩। মাদ্ৰাছা কি?

উত্তৰঃ মুছলমান শিক্ষা ব্যৱস্থাৰ উচ্চ পৰ্যায়ৰ পুৰণি শিক্ষানুষ্ঠান হ’ল মাদ্রাছা।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাত মণিটৰিয়েল প্রথা কি?

উত্তৰঃ ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাত মণিটৰিয়েল প্রথা হ’ল মিছনেৰী শিক্ষা ব্যৱস্থাৰ এটি বিশেষ প্রথা।

৫। কোনে মাদ্রাজক কেন্দ্ৰ কৰি ধৰ্ম প্ৰচাৰৰ কাম হাতত লৈছিল?

উত্তৰঃ মিছনেৰীসকলে মাদ্রাজক কেন্দ্ৰ কৰি ধৰ্ম প্ৰচাৰৰ কাম হাতত লৈছিল।

৬। কিহক ভাৰতৰ দুৱাৰমুখ বুলি কোৱা হয়।

উত্তৰঃ বোম্বাইক ভাৰতৰ দুৱাৰমুখ বুলি কোৱা হয়।

৭। বুনিয়াদী শিক্ষা আঁচনিখনৰ জন্মদাতা কোন?

উত্তৰঃ মহামানৱ মহাত্মা গান্ধী বুনিয়াদী শিক্ষা আঁচনিখনৰ জন্মদাতা।

৮। জাকিৰ হুচেইন কমিটিৰ মূল দায়িত্ব কি?

উত্তৰঃ জাকিৰ হুচেইন কমিটিৰ মূল দায়িত্ব হ’ল বুনিয়াদী শিক্ষা সম্প্ৰসাৰণ কৰিবলৈ এখন উপযুক্ত পাঠ্যক্রম প্রস্তুত কৰা।

৯। জাকিৰ হুচেইন কমিটিৰ সভপতিৰ দায়িত্ব কাক দিয়া হৈছিল?

উত্তৰঃ জাকিৰ হুচেইন কমিটিৰ সভপতিৰ দায়িত্ব ড⁰ জাকিৰ হুছেইনক দিয়া হৈছিল।

১০। ১৭শ শতিকাৰ আৰম্ভণিতে ডেনিছ মিছনেৰীসকলে কাৰ নেতৃত্বত মাদ্রাজৰ ট্রানকুৱেবাৰত এটা কেন্দ্ৰ খোলে?

উত্তৰঃ ১৭শ শতিকাৰ আৰম্ভণিতে ডেনিছ মিছনেৰীসকলে ‘জিগেনবার্গ’ (Ziegenbalg) নামৰ পাদুৰী চাহাব এজনৰ নেতৃত্বত মাদ্রাজৰ ট্রানকুৱেবাৰত এটা কেন্দ্ৰ খোলে।

১১। কোনে মাদ্ৰাজৰ ‘ত্ৰেংকোবাৰত’ ছপাশাল, শিক্ষক প্রশিক্ষণ কেন্দ্ৰ আৰু দুখন ছেৰিটি স্কুল স্থাপন কৰিছিল।

উত্তৰঃ ‘জিগেনবার্গ’ নামৰ এজন বিখ্যাত মিছনেৰীয়ে মাদ্ৰাজৰ ‘ত্ৰেংকোবাৰত’ ছপাশাল, শিক্ষক প্রশিক্ষণ কেন্দ্ৰ আৰু দুখন ছেৰিটি স্কুল স্থাপন কৰিছিল।

১২। কিমান চনত শ্ৰীৰামপুৰৰ মিছনেৰী শাখা এটা গুৱাহাটীত স্থাপিত হয়?

উত্তৰঃ ১৮২৯ চনত শ্ৰীৰামপুৰৰ মিছনেৰী শাখা এটা গুৱাহাটীত স্থাপিত হয়।

১৩। কিমান শতিকাৰ আগভাগত হিন্দুসমাজৰ শিক্ষানুষ্ঠান আছিল পাঠশালা আৰু ঢৌল?

উত্তৰঃ ঊনৈশ শতিকাৰ আগভাগত হিন্দুসমাজৰ শিক্ষানুষ্ঠান আছিল পাঠশালা আৰু ঢৌল।

১৪। কিমান চনৰ সদনে ভাৰতীয় শিক্ষাৰ ক্ষেত্ৰত নতুন দিশ সুচনা কৰিলে?

উত্তৰঃ ১৮১৩ চনৰ সদনে ভাৰতীয় শিক্ষাৰ ক্ষেত্ৰত নতুন দিশ সুচনা কৰিলে।

১৫। কোনে নিম্নমুখী পৰিশ্ৰাৱণ নীতিৰ পোষকতা কৰিছিল?

উত্তৰঃ লর্ড মেলে নিম্নমুখী পৰিশ্ৰাৱণ নীতিৰ পোষকতা কৰিছিল।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top