Class 11 Education Important Chapter 7 মানৱ আচৰণৰ ভিত্তিসমূহ আৰু দিকদর্শন

Class 11 Education Important Chapter 7 মানৱ আচৰণৰ ভিত্তিসমূহ আৰু দিকদর্শন Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Education Important Chapter 7 মানৱ আচৰণৰ ভিত্তিসমূহ আৰু দিকদর্শন Solutions in Assamese and select need one. Class 11 Education Additional Solutions Assamese Medium Download PDF. HS 1st Year Education Important Question Answer Assamese Medium.

Class 11 Education Important Chapter 7 মানৱ আচৰণৰ ভিত্তিসমূহ আৰু দিকদর্শন

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Education Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Education Important Solutions in Assamese for All Chapters, You can practice these here.

Chapter: 7

IMPORTANT QUESTION AND ANSWER

১। আচৰণ বুলিলে কি বুজা?

উত্তৰঃ এটা মানৱ প্ৰাণীৰ চাৰিওফালে থকা নানা ধৰণৰ উদ্দীপকৰ প্ৰতি মানুহে যি দেহ-মানসিক প্রতিক্রিয়া প্রদর্শন কৰে তেনে প্রতিক্রিয়াব ফলাফলকে আচৰণ বুলি কোৱা হয়।

২। আচৰণবাদ কিমান চনত আৰু কোনে প্ৰতিষ্ঠা কৰিছিল?

উত্তৰঃ আচৰণবাদ ১৯১৩ চনত প্রখ্যাত মনোবিজ্ঞানী ৱাটছনে প্রতিষ্ঠা কৰিছিল।

৩। কিমান চনত আৰু কোনে বিখ্যাত গ্রন্থ ‘আচৰণ: তুলনামূলক মনোবিজ্ঞানৰ এটা প্রস্তাৱনা’ (Behaviour: An Introduction to Comparative Psychology) শীর্ষক গ্রন্থখন প্রকাশ কৰি উলিয়ায়?

উত্তৰঃ ১৯১৪ চনত ৱাটছনে তেওঁৰ বিখ্যাত গ্রন্থ ‘আচৰণ: তুলনামূলক মনোবিজ্ঞানৰ এটা প্রস্তাৱনা’ (Behaviour: An Introduction to Comparative Psychology) শীর্ষক গ্রন্থখন প্রকাশ কৰি উলিয়ায়।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। প্রয়োজন শব্দটোৰ অৰ্থ কি?

উত্তৰঃ প্রয়োজন শব্দটোৰ অৰ্থ হৈছে আৱশ্যক। অর্থাৎ জীয়াই থকাৰ বাবে প্ৰাণীয়ে দৰকাৰী বুলি অনুভৱ কৰা সকলো বস্তু সামগ্রী, চিন্তা-চেতনা, ভাৱ-অনুভূতি ইত্যাদি সকলোবোৰকে প্রয়োজন হিচাপে ব্যাখ্যা কৰিব পাৰি।

৫। মানুহে অনুভৱ কৰা দৈহিক প্রয়োজনীয়তাসমূহ পূৰণৰ বাবে মানুহক কি কি লাগে?

উত্তৰঃ মানুহে অনুভৱ কৰা দৈহিক প্রয়োজনীয়তাসমূহ পূৰণৰ বাবে মানুহক লাগে খাদ্য, পানী, বায়ু।

৬। বায়ুৰ অভাৱত কি হয়?

উত্তৰঃ বায়ুৰ অভাৱ হ’লে আমাৰ উশাহ-নিশাহ লোৱাত কষ্ট অনুভৱ হয়।

৭। শিশুসকলৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ন দিশ কি?

উত্তৰঃ শিশুসকলৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ন দিশ হ’ল শাৰিৰীক গঠন আৰু বিকাশ।

৮। প্ৰেৰণা শব্দটোৰ অৰ্থ কি?

উত্তৰঃ প্ৰেৰণা শব্দটোৰ অৰ্থ হৈছে উদগনি বা উৎসাহ।

৯। অভিপ্রায় (motive) কি?

উত্তৰঃ ব্যক্তিসকলক কাম কাজত প্রবৃত্ত কৰাৰ উদ্দেশ্যটোৱেই হ’ল অভিপ্রায় (motive)।

১০। আমাৰ প্রবৃত্তিসমূহ কিহৰ লগত সংযুক্ত হৈ আছে?

উত্তৰঃ প্রয়োজন, প্ৰেৰণা, অভিপ্রায় এই সকলোবোৰৰ লগত সংযুক্ত হৈ আছে আমাৰ প্রবৃত্তিসমূহ।

১১। প্রবৃত্তি শব্দটোৰ ইংৰাজী প্রতিশব্দ কি?

উত্তৰঃ প্রবৃত্তি শব্দটোৰ ইংৰাজী প্রতিশব্দ হৈছে ‘Instinct’।

১২। মনোবিজ্ঞানী ভেলেনটাইনৰ মতে ‘প্রবৃত্তি কি?

উত্তৰঃ মনোবিজ্ঞানী ভেলেনটাইনৰ মতে ‘প্রবৃত্তি হ’ল এক জৈৱিক উদ্দেশ্য পূৰণৰ বাবে কৰা ক্রিয়া আচৰণ।’

১৩। আৱেগৰ ইংৰাজী প্রতিশব্দ কি আৰু এই শব্দটো কোনটো শব্দৰ পৰা আহিছে?

উত্তৰঃ আৱেগৰ ইংৰাজী প্রতিশব্দ হৈছে ‘Emotion’। এই ‘Emotion’ শব্দটো লেটিন ভাষাৰ ‘Emovare’ শব্দটোৰ পৰা আহিছে।

১৪। খং বা ক্রোধ কি?

উত্তৰঃ খং বা ক্রোধ হ’ল এটা সচৰাচৰ প্ৰদৰ্শন কৰা দুখদায়ক মানসিক অভিজ্ঞতা।

১৫। প্ৰেৰণা কি?

উত্তৰঃ শৰীৰৰ ভিতৰৰ যিবিলাক অৱস্থাই প্রাণীক একোটা বিশেষ কাম কৰিবলৈ প্ৰস্তুত কৰায়, তেনে অৱস্থাটোৱেই হ’ল প্ৰেৰণা।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top