Class 11 Education Important Chapter 6 মানসিক জীৱনৰ শাৰীৰিক ভিত্তি Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Education Important Chapter 6 মানসিক জীৱনৰ শাৰীৰিক ভিত্তি Solutions in Assamese and select need one. Class 11 Education Additional Solutions Assamese Medium Download PDF. HS 1st Year Education Important Question Answer Assamese Medium.
Class 11 Education Important Chapter 6 মানসিক জীৱনৰ শাৰীৰিক ভিত্তি
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Education Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Education Important Solutions in Assamese for All Chapters, You can practice these here.
মানসিক জীৱনৰ শাৰীৰিক ভিত্তি
Chapter: 6
| IMPORTANT QUESTION AND ANSWER |
১। আমাৰ মানসিক জীৱনৰ মূলভিত্তি কি?
উত্তৰঃ আমাৰ মানসিক জীৱনৰ মূলভিত্তি হৈছে স্নায়ুসমূহৰ ক্রিয়া প্রক্রিয়া।
২। স্নায়ুতন্ত্র কি?
উত্তৰঃ স্নায়ুতন্ত্র হৈছে দেহৰ প্ৰধান আৰু প্রয়োজনীয় অংশ।
৩। মানসিক জীৱনৰ মূল ভেটি কি?
উত্তৰঃ মানসিক জীৱনৰ মূল ভেটি হ’ল- স্নায়ুতন্ত্রৰ কার্যকলাপ।
৪। স্নায়ুকোষৰ সংখ্যা কিমান কোটিমান হয় বুলি অনুমান কৰা হৈছে।
উত্তৰঃ স্নায়ুকোষৰ সংখ্যা আনুমানিক ১২ লক্ষ কোটিমান হয় বুলি অনুমান কৰা হৈছে।
৫। স্নায়ুকোষ কি?
উত্তৰঃ স্নায়ুকোষ হ’ল স্নায়ুতন্ত্ৰৰ এক ক্ষুদ্রতম বিভাজ্য অংশ বা একক (Unit)।
৬। কোষদেহৰ কেইটা অংশ আছে?
উত্তৰঃ কোষদেহৰ চাৰিটা অংশ আছে।
৭। ৰাজহাড়ভাল কেইটা পৃথক খণ্ড অস্থিৰে গঠিত।
উত্তৰঃ ৰাজহাড়ভাল ৩৩/৩৪ টা পৃথক খণ্ড অস্থিৰে গঠিত।
৮। স্বয়ংক্রিয় স্নায়ুতন্ত্র কেইটা ভাগত ভগোৱা হৈছে আৰু কি কি?
উত্তৰঃ স্বয়ংক্রিয় স্নায়ুতন্ত্রৰ দুটা প্রধান ভাগত ভগোৱা হৈছে যেনে-
(ক) সমবেদী (Sympathetic)।
(খ) পৰাসমবেদী (Parasympathetic)।
৯। লঘুমস্তিষ্ক বুলিলে কি বুজা?
উত্তৰঃ আধঃ মস্তিষ্কৰ ঠিক ওপৰভাগত আৰু প্ৰমস্তিষ্কৰ পিছপিনে থকা অংশটোকে লঘুমস্তিষ্ক বোলে।
১০। মানৱ শৰীৰক কেইটা ভাগত ভগাব পাৰি।
উত্তৰঃ মানৱ শৰীৰক তিনিটা প্রধান ভাগত ভগাব পাৰি।
১১। কেন্দ্রীয় স্নায়ুতন্ত্ৰৰ ভাগ দুটা লিখা?
উত্তৰঃ কেন্দ্রীয় স্নায়ুতন্ত্ৰৰ দুটা প্রধান ভাগ হ’ল- মেৰুমজ্জা (Spinal Cord) আৰু মস্তিষ্ক (Brain)।
১২। প্রান্তীয় স্নায়ুতন্ত্ৰৰ দুটা ভাগ লিখা?
উত্তৰঃ প্রান্তীয় স্নায়ুতন্ত্ৰৰ দুটা ভাগ হ’ল- মস্তিষ্ক স্নায়ু আৰু মেৰুস্নায়ু।
১৩। মেৰুমজ্জা কি?
উত্তৰঃ মেৰুমজ্জা হ’ল দেহৰ স্নায়ুসমূহৰ প্ৰধান গতিপথ।
১৪। মানৱ শৰীৰক তিনিটা প্রধান ভাগত ভগোৱা ভাগসমূহ লিখা?
উত্তৰঃ মানৱ শৰীৰক তিনিটা প্রধান ভাগত ভগোৱা ভাগসমূহ হ’ল-
(i) গ্রহনেন্দ্রিয় (Receptors)।
(ii) সাধক (Effectors)। আৰু
(iii) স্নায়ুতন্ত্র (Nervous System)।
১৫। কোষদেহৰ অংশসমূহৰ নাম লিখা?
উত্তৰঃ কোষদেহৰ অংশসমূহৰ নাম হ’ল- কোষপ্রাচীৰ (Cell Wall), আৱৰণৰ ভিতৰত থকা প্রটোপ্লাজম বা প্রাণকোষ (Protoplasm), স্নায়ুকেন্দ্র (Nucleus) আৰু স্নায়ুকেন্দ্রৰ ভিতৰত থকা অনুস্নায়ু (Nucleoli)

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.


