Class 11 Education Important Chapter 5 শিক্ষামনোবিজ্ঞান আৰু ইয়াৰ অধ্যয়নৰ গুৰুত্ব Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Education Important Chapter 5 শিক্ষামনোবিজ্ঞান আৰু ইয়াৰ অধ্যয়নৰ গুৰুত্ব Solutions in Assamese and select need one. Class 11 Education Additional Solutions Assamese Medium Download PDF. HS 1st Year Education Important Question Answer Assamese Medium.
Class 11 Education Important Chapter 5 শিক্ষামনোবিজ্ঞান আৰু ইয়াৰ অধ্যয়নৰ গুৰুত্ব
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Education Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Education Important Solutions in Assamese for All Chapters, You can practice these here.
(খ) শিক্ষামনোবিজ্ঞান আৰু ইয়াৰ অধ্যয়নৰ গুৰুত্ব
Chapter: 5
| IMPORTANT QUESTION AND ANSWER |
১। শিক্ষামনোবিজ্ঞান কি?
উত্তৰঃ শিক্ষামনোবিজ্ঞান প্রয়োগিক মনোবিজ্ঞানৰ এক গুৰুত্বপূর্ণ শাখা।
২। শিক্ষামনোবিজ্ঞানৰ জন্মদাতা পিতৃস্বৰূপ বুলি কাক গণ্য কৰিব পাৰি?
উত্তৰঃ জে. এইচ পেস্তালজী, ছুইজাৰলেণ্ডৰ বিখ্যাত দার্শনিক, শিক্ষাবিদক (J.H. Pestalozzi) শিক্ষামনোবিজ্ঞানৰ জন্মদাতা পিতৃস্বৰূপ বুলি গণ্য কৰিব পাৰি।
৩। শিক্ষামনোবিজ্ঞান কেইটা শব্দৰ সমষ্টি আৰু কি কি?
উত্তৰঃ শিক্ষামনোবিজ্ঞান দুটা শব্দৰ সমষ্টি ‘শিক্ষা’ আৰু ‘মনোবিজ্ঞান’।
৪। শিক্ষণৰ মনোবিজ্ঞান বুলিলে কি বুজা?
উত্তৰঃ মনোবিজ্ঞানৰ শাখা যাৰ শিক্ষাৰ লগত ওতঃপ্রোত সম্বন্ধ আছে। মনোবিজ্ঞানৰ দ্বাৰা সৃষ্ট শিক্ষাৰ বিভিন্ন তত্ত্ব, নীতিসমূহ, শিক্ষণ কার্যত প্রয়োগ কৰাৰ ফলস্বৰূলে শিক্ষামনোবিজ্ঞান নামৰ শাখাটোৰ উৎপত্তি হৈছে। সেয়েহে শিক্ষামনোবিজ্ঞানক শিক্ষণৰ মনোবিজ্ঞান (Psychology of learning) বুলি কোৱা হয়।
৫। যিকোনো শিক্ষাব্যৱস্থাৰ ঘাই কাম কি?
উত্তৰঃ যিকোনো শিক্ষাব্যৱস্থাৰ ঘাই কাম হৈছে- শিক্ষণ আৰু শিক্ষাদান।
৬। যিকোনো শিক্ষাব্যৱস্থাৰ কেন্দ্রবিন্দু কি?
উত্তৰঃ যিকোনো শিক্ষাব্যৱস্থাৰ কেন্দ্রবিন্দু হ’ল- শিক্ষার্থীসকল।
৭। শিক্ষাক কি প্রক্রিয়া বুলি কোৱা হয়?
উত্তৰঃ শিক্ষাক এক ত্রিপক্ষীয় প্রক্রিয়া বুলি কোৱা হয়।
৮। পৰিৱেশৰ বিভিন্ন প্রকাৰসমূহ লিখা?
উত্তৰঃ পৰিৱেশ বিভিন্ন প্রকাৰৰসমূহ হ’ল- গৃহ পৰিৱেশ, শ্রেণী-পৰিৱেশ, সামাজিক পৰিৱেশ আদি।
৯। শিক্ষাৰ প্ৰক্ৰিয়াসমূহ কি কি?
উত্তৰঃ শিক্ষাৰ প্ৰক্ৰিয়াসমূহ হ’ল- শিক্ষার্থী, শিক্ষক আৰু পৰিৱেশ।
১০। কাৰ মতে মানৱ জীৱনৰ ঘাইকৈ চাৰিটা স্তৰ আছে?
উত্তৰঃ বিখ্যাত ফৰাচী দার্শনিক আৰু শিক্ষাবিদ জে.জে. ৰুচোৰ মতে মানৱজীৱনৰ ঘাইকৈ চাৰিটা স্তৰ আছে।
১১। বিখ্যাত ফৰাচী দার্শনিক আৰু শিক্ষাবিদ জে.জে. ৰুচোৰ মতে মানৱজীৱনৰ চাৰিটা স্তৰসমূহ কি কি?
উত্তৰঃ বিখ্যাত ফৰাচী দার্শনিক আৰু শিক্ষাবিদ জে.জে. ৰুচোৰ মতে মানৱজীৱনৰ চাৰিটা স্তৰসমূহ হ’ল- শৈশৱ কাল, ল’ৰালি কাল, কৈশোৰ কাল আৰু প্ৰাপ্তবয়স্কৰ কাল।
১২। কিমান বছৰৰ পৰা কিমান বছৰলৈ কৈশোৰ কাল আৰু প্রাপ্তবয়স্ক কাল বুলি কোৱা হয়?
উত্তৰঃ বাৰ বা তেৰ বছৰৰ পৰা ওঠৰ বছৰলৈ কৈশোৰ কাল আৰু জীৱনৰ বাকী কালছোৱা প্রাপ্তবয়স্ক কাল বুলি কোৱা হয়।
১৩। আমাৰ মনৰ তিনিটা দিশকেইটা কি কি?
উত্তৰঃ আমাৰ মনৰ তিনিটা দিশকেইটা হৈছে- সচেতন, অৱচেতন আৰু অচেতন দিশ।
১৪। মনোগৱেষকসকলৰ মতে শিক্ষার্থীসকলে বহুসময়ত কেতবোৰ অস্বাভাৱিক আচৰণ প্রদর্শন কৰে এনে আচৰণৰ কেন্দ্রস্থল কি?
উত্তৰঃ মনোগৱেষকসকলৰ মতে শিক্ষার্থীসকলে বহুসময়ত কেতবোৰ অস্বাভাৱিক আচৰণ প্রদর্শন কৰে এনে আচৰণৰ কেন্দ্রস্থল হৈছে মনৰ অচেতন দিশ।
১৫। শিক্ষামনোবিজ্ঞানৰ পৰিসৰ অন্তর্ভুক্ত আন এটি বিষয় কি?
উত্তৰঃ শিক্ষামনোবিজ্ঞানৰ পৰিসৰ অন্তর্ভুক্ত আন এটি বিষয় হৈছে শিক্ষণ।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.


