Class 11 Education Important Chapter 4 মনোবিজ্ঞান আৰু শিক্ষা

Class 11 Education Important Chapter 4 মনোবিজ্ঞান আৰু শিক্ষা Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Education Important Chapter 4 মনোবিজ্ঞান আৰু শিক্ষা Solutions in Assamese and select need one. Class 11 Education Additional Solutions Assamese Medium Download PDF. HS 1st Year Education Important Question Answer Assamese Medium.

Class 11 Education Important Chapter 4 মনোবিজ্ঞান আৰু শিক্ষা

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Education Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Education Important Solutions in Assamese for All Chapters, You can practice these here.

Chapter: 4

IMPORTANT QUESTION AND ANSWER

১। কোন খৃষ্টাব্দত ৰুডলফ্ গোকেল (Rudolf Goeckel) নামৰ এজন লেখকে মনোবিজ্ঞানৰ ওপৰত প্রথমখন কিতাপ প্রণয়ন কৰিছিল?

উত্তৰঃ ১৫৯০ খৃষ্টাব্দত ৰুডলফ্ গোকেল (Rudolf Goeckel) নামৰ এজন লেখকে মনোবিজ্ঞানৰ ওপৰত প্রথমখন কিতাপ প্রণয়ন কৰিছিল।

২। ‘Logos’ ৰ অৰ্থ লিখা?

উত্তৰঃ ‘Logos’ মানে আলোচনা বা অধ্যয়ন কৰা।

৩। মানসিক প্ৰক্ৰিয়া শব্দই কি কথা বুজাই?

উত্তৰঃ মানসিক প্রক্রিয়া শব্দই এজন ব্যক্তিৰ চেতন অৱস্থা বা সজাগ অৱস্থাৰ কথা বুজাইছে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। মনোবিদসকলৰ মতে আমাৰ অভিজ্ঞতা সমূহ কেই ধৰণৰ অৱস্থাৰ দ্বাৰা প্ৰভাৱিত হয় আৰু কি কি?

উত্তৰঃ মনোবিদসকলৰ মতে আমাৰ অভিজ্ঞতা সমূহ দুই ধৰণৰ অৱস্থাৰ দ্বাৰা প্ৰভাৱিত হয়- বাহ্যিক আৰু আভ্যন্তৰীণ।

৫। আচৰণ বুলিলে কি বুজা?

উত্তৰঃ আমি বিভিন্ন পৰিস্থিতিত যিবিলাক প্রতিক্রিয়া প্রদর্শন কৰো বা ক্রিয়া সম্পাদন কৰো সেয়াই আচৰণ।

৬। আচৰণে এজন ব্যক্তিৰ কি কি ক্রিয়াসমূহ অন্তর্ভুক্ত কৰে?

উত্তৰঃ আচৰণে এজন ব্যক্তিৰ শাৰীৰিক মানসিক, বৌদ্ধিক, আবেগিক ক্রিয়াসমূহ অন্তর্ভুক্ত কৰে।

৭। মনোবিজ্ঞানক আচৰণৰ বিজ্ঞান বুলি ঘাইকৈ কোনে অভিহিত কৰিছিল?

উত্তৰঃ বিখ্যাত মনোবিদ মেক্ ডুগেল আৰু বাট্ চনে মনোবিজ্ঞানক আচৰণৰ বিজ্ঞান বুলি ঘাইকৈ অভিহিত কৰিছিল।

৮। মেক্ ডুগেলৰ মতে মানোবিজ্ঞান কি?

উত্তৰঃ মেক্ ডুগেলৰ মতে মানোবিজ্ঞান হ’ল- মানৱ আচৰণ অধ্যয়নৰ প্রত্যক্ষ বিজ্ঞান।

৯। প্রথমতে কিহক আত্মাৰ বিজ্ঞান বুলি কৈছিল?

উত্তৰঃ প্রথমতে মনোবিজ্ঞানক আত্মাৰ বিজ্ঞান বুলি কৈছিল।

১০। কিমান শতিকাত মনোবিজ্ঞানক মনৰ বিজ্ঞান বোলা হৈছিল?

উত্তৰঃ ১৮ শ শতিকাত মনোবিজ্ঞানক মনৰ বিজ্ঞান বোলা হৈছিল।

১১। মানুহৰ সজ্ঞান মন কেইটা উপাদানেৰে গঠিত আৰু কি কি?

উত্তৰঃ মানুহৰ সজ্ঞান মন তিনিটা উপাদানেৰে গঠিত আৰু সেইবোৰ হ’ল- জ্ঞান, অনুভূতি আৰু ইচ্ছা।

১২। মনোবিজ্ঞানৰ কোনটো শাখাই মানুহৰ শৰীৰৰ ভিন-ভিন অংগ প্রত্যঙ্গ সমূহৰ প্ৰভাৱৰ বিষয়ে আলোচনা কৰে?

উত্তৰঃ মনোবিজ্ঞানৰ জৈৱিক বা শাৰীৰিক মনোবিজ্ঞান শাখাই মানুহৰ শৰীৰৰ ভিন-ভিন অংগ প্রত্যঙ্গ সমূহৰ প্ৰভাৱৰ বিষয়ে আলোচনা কৰে।

১৩। মনোবিজ্ঞানৰ এটি বিশেষ আৰু প্রয়োজনীয় ভাগ কি?

উত্তৰঃ মনোবিজ্ঞানৰ এটি বিশেষ আৰু প্রয়োজনীয় ভাগ হৈছে- শিশুমনোবিজ্ঞান।

১৪। কোনে কৈছিল “A Child is a child, before he is a man” শিশুসকল প্রপ্তবয়স্কসকলতকৈ সম্পূর্ণ পৃথক?

উত্তৰঃ বিখ্যাত ফৰাচী দার্শনিক আৰু শিক্ষাবিদ ৰুচোই (J.J Rousseau) কৈছিল ‘A Child is a child, before he is a man’ শিশুসকল প্রপ্তবয়স্কসকলতকৈ সম্পূর্ণ পৃথক।

১৫। বিকাশসম্বন্ধীয় মনোবিজ্ঞান বুলিলে কি বুজা?

উত্তৰঃ মনোবিজ্ঞানৰ যি শাখাই মানৱ জীৱনৰ বিভিন্ন বয়স আৰু স্তৰত ঘটা শাৰীৰিক, মানসিক, সামাজিক পৰিৱর্তন তথা বৈশিষ্টসমূহ অধ্যয়ন কৰে সেই শাখাকে বিকাশসম্বন্ধীয় মনোবিজ্ঞান বোলে।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top