Class 11 Banking Chapter 2 সহযোগী ধাৰণা কেইবিধমান

Class 11 Banking Chapter 2 সহযোগী ধাৰণা কেইবিধমান Qustion answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 11 Banking Chapter 2 সহযোগী ধাৰণা কেইবিধমান and select needs one.

Class 11 Banking Chapter 2 সহযোগী ধাৰণা কেইবিধমান

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 Banking Chapter 2 সহযোগী ধাৰণা কেইবিধমান Solutions for All Subject, You can practice these here…

সহযোগী ধাৰণা কেইবিধমান

Chapter : 2

পাঠভিত্তিক অতি চমু প্রশ্নোত্তৰ

১। পণ্য বিনিময় প্রথা মানে কি ? 

উত্তৰঃ এজন ব্যক্তিয়ে নিজৰ বস্তুৰ সলনি আন এজনৰ বস্তু সলাই লােৱাকে বা এজন ব্যক্তিয়ে অন্য এজন ব্যক্তিৰ সৈতে বস্তুৰ সালসলনি কৰি লােৱাকে বিনিময় প্রথা বােলে । বিনিময় প্রথাত এবিধ বস্তু পােনে পােনে আন এবিধ বস্তুৰ লগত সলাই লােৱা হয় । অর্থাৎ বস্তুৰ সলনি প্রত্যক্ষভাৱে বস্ত সলাই আদান – প্রদান কৰা হয় । 

২ । বিনিময় প্রথাৰ অসুবিধাবােৰ কি কি ? 

উত্তৰঃ বিনিময় প্রথাৰ প্ৰধান অসুবিধাবােৰ হ’ল— 

( ক ) অভাৱৰ সংগতিহীনতা ।

( খ ) মূল্যৰ উমৈহতীয়া ( বা সাধাৰণ ) জোখৰ অভাৱ ।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

( গ ) বিভাজনৰ অসুবিধা ।

( ঘ ) সঞ্চয়ৰ অসুবিধা ।

৩। প্রত্যক্ষ বিনিময়ৰ অর্থ লিখা । 

উত্তৰঃ কোনাে বস্তু পােনে পােনে আন কোনাে বস্তুৰ পৰিৱর্তে সলনি কৰি লােৱা ব্যৱস্থাকে প্রত্যক্ষ বিনিময় বা পন্য বিনিময় প্রথা বােলে । এই প্রথা অনুযায়ী কোনাে ব্যক্তিয়ে তেওঁৰ অতিৰিক্ত পন্যবস্তু অইন এজন ব্যক্তিক দি তেওঁৰ পৰা অন্য কোনাে পন্য বস্তু সলনি কৰি লয় । উদাহৰণস্বৰূপে , কৃষকে ধান বা চাউলৰ বিনিময়ত শিপিনীৰ কাপােৰ , কামাৰৰ দা কুঠাৰ , কপাহ খেতিয়কৰ পৰা কপাহ ইত্যাদি বস্তু প্রত্যক্ষভাৱে সলাই লােৱা ব্যৱস্থাকে প্রত্যক্ষ বিনিময় প্রথা বােলে । 

৪। অভাৱৰ সংগতিহীনতা বুজাই লিখা । 

উত্তৰঃ বিনিময় প্রথাৰে বস্তুৰ সাল – সলনি কৰিবলৈ হ’লে বিনিময়কাৰী ব্যক্তি দুজনৰ অভাৱৰ মিল বা সংগতি থাকিব লাগিব । তেতিয়াহে বিনিময় সম্ভৱ হ’ব । এটা উদাহৰণৰ দ্বাৰা এই কথাটো বুজিব পাৰি – ধৰা হ’ল – ‘ক’ নামৰ কৃষক ব্যক্তি জনৰ কাপােৰৰ অভাব । তেওঁ নিজৰ ধান বা চাউলৰ সলনি কাপােৰে ল’ব বিচাৰে ‘ক’ নামৰ কৃষকজনৰ অভাৱ মােচন হ’ব যদিহে কাপােৰ দিব পৰা এগৰাকী শিপিনীক লগ পায় যিজনীৰ কাপােৰে ‘ক’ কৃষকৰ অভাৱ দূৰ কৰিব পাৰে আকৌ , শিপিনীয়ে নিজৰ কাপােৰ চাউলৰ সলনি বিনিময় কৰিবলৈ ইচ্ছা কৰে । বা শিপিনীৰ চাউলৰ অভাৱ থাকে । যেতিয়ালৈকে ‘ক’ কৃষক আৰু শিপিনীৰ প্রয়ােজনৰ মিল নহয় , তেতিয়ালৈকে বিনিময় সম্পূর্ণ হ’ব নােৱাৰে । 

৫। মূল্যৰ উমৈহতীয়া জোখৰ অভাৱ কিদৰে দূৰ হয় ? 

উত্তৰঃ বিনিময়কাৰীৰ মাজত অভাৱৰ সংগতি থাকিলেও বিনিময় কাৰ্য্য সম্পন্ন কৰাত অসুবিধাই দেখা দিয়ে । কাৰণ পণ্যবস্তু সমূহৰ কোনাে উমৈহতীয়া জোখৰ অভাৱ ৷ উদাহৰণস্বৰূপে কৃষকৰ চাউলৰ প্রয়ােজন থকা শিপিনী বিচাৰি পাইছে আৰু সেই শিপিনীয়েও চাউল – লবলৈ ইচ্ছা প্রকাশ কৰিলেও চাউল আৰু কাপােৰৰ মাজত নির্দিষ্ট কোনাে অনুপাত নথকাত বিনিময় কৰাত অসুবিধাই দেখা দিয়ে । কিয়নাে কিমান পৰিমাণৰ চাউলৰ সলনি বা কেনে ধৰণৰ কাপােৰ সলনি কৰিব ইয়াক লৈ সমস্যাৰ সৃষ্টি হােৱা দেখা যায় । ইয়াৰ ফলত দুবিধ বস্তুৰ বিনিময় অনুপাত একে ঠাইতে একে সময়তে ভিন ভিন বিনিময় কাৰীৰ মাজত ভিন ভিন হােৱা দেখা যায় । কিন্তু মুদ্রা প্রচলন হােৱাত এই অসুবিধা আঁতৰ হ’ল কাৰণ মুদ্রাই সকলাে মূল্যৰ উমৈহতীয়া জোখৰ কাম কৰে । 

৬। বিনিময় প্রথাত সঞ্চয় কৰাৰ অসুবিধা কি ? 

উত্তৰঃ পন্য বিনিময় প্রথাৰ অন্য এক প্রধান অন্তৰায় হৈছে সঞ্চয়ৰ অসুবিধা । মানুহে আয় উপার্জন কেৱল ত্যকালীন ব্যৱহাৰৰ বাবেই নকৰি ভবিষ্যতে দেখা দিব পৰা আপদৰ কাৰণেও কিছু অংশ সঞ্চয় কৰিব বিচাৰে । কিন্তু বিনিময় প্রথাত এইটো সম্ভৱ হােৱা নাছিল । এই প্রথাত সঞ্চয় কৰিবলৈ হ’লে জীৱ জন্তু , ধান , সৰিয়হ , শাক – পাচলি ইত্যাদি পণ্য সমূহ সঞ্চয় কৰি ৰাখিব লাগিব । কিন্তু এইবােৰ সঞ্চয় কৰি ৰখাটো অসুবিধাজনক । জীৱ জন্তু বেমাৰ আজাৰ হৈ মৰে , শাক – পাচলি আদি অতি সােনকালে নষ্ট হয় । ধান সৰিয়হ আদি পােকে খাই নষ্ট কৰে । অথাৎ ভবিষ্যত বিপদ আপদৰ কাৰণে , দীর্ঘ কালীন সময়ৰ কাৰণে সঞ্চয় কৰিব নােৱাৰি । কিন্তু মুদ্রা প্রচলন হােৱাত সঞ্চয়ৰ অসুবিধা দূৰ হয় । 

৭। অবিভাজ্যৰ অসুবিধা বিনিময়ত অন্তৰায় কি দৰে হয় লিখা । 

উত্তৰঃ বিনিময় প্রথাত বিনিময়কাৰী দুজনৰ অভাৱৰ মিল হ’ব পাৰে । ইপিনে সলনি অনুপাত স্থিৰ হ’ব পাৰে । তথাপি বিনিময়ত অসুবিধা হ’ব পাৰে । ধৰা হ’ল – পশুপালকে এটা ছাগলীৰ সলনি শ্রী কৃষকৰ চাউল আৰু শ্রীমতি শিপিনীৰ গামােচা ল’ব ইচ্ছা কৰে । কিন্তু ছাগলী দুভাগ কৰি এজনৰ পৰা চাউল আৰু আন এজনীৰ পৰা কাপােৰ লােৱা বৰ জটিল । কাৰণ ছাগলী কাটি দুভাগ কৰিলে মাংসহে দিব পাৰি , জীৱিত ছাগলী দিব নােৱাৰি । ছাগলী ল’ব খােজা মানুহে মাংস ল’ব ইচ্ছা নকৰিব । গতিকে পশুপালকে ছাগলীৰ বিভাজন কৰি চাউল আৰু গামােচা ল’ব নােৱাৰে । ছাগলী অবিভাজ্য হােৱা হেতুকে বিনিময় সম্পন্ন নহ’ব । কিন্তু ছাগলীটো মুদ্ৰাৰ বাবে বিক্ৰী কৰি , সেই মূল্যৰে কাপােৰ আৰু চাউল সহজে সংগ্রহ কৰিব পাৰি । 

৮ । মুদ্রাস্ফীতি কাক বােলে ? 

উত্তৰঃ সাধাৰণ অর্থত প্রায় সকলাে বস্তু বাহিনীৰ দৰ কম বেছি পৰিমাণে অবিৰতভাৱে উর্ধ্বমুখী হৈ থাকিলে তেনে পৰিস্থিতিক মুদ্রাস্ফীতি বুলিব পাৰি । অর্থনীতিবিদ ক্রাউমাৰৰ মতে , “ মুদ্রামুল্য কমি গৈ দৰস্তুৰ বৃদ্ধি পােৱা পৰিস্থিতিয়ে হ’ল মুদ্রাস্ফীতি । ” অধ্যাপক পিণ্ডৰ মতে বস্তুগত আয় উপার্জনৰ অনুপাত মুদ্রাগত আয়ৰ সম্প্ৰসাৰণ অধিক হলে মুদ্রাস্ফীতি বিৰাজ কৰে । 

৯। মুদ্রাস্ফীতিৰ মূল কাৰণ কি ? 

উত্তৰঃ মুদ্রাস্ফীতি মূলতঃ দুটা কাৰণত সংঘটিত হয় । সেইয়া হৈছে–

( ক ) পণ্যবস্তু আৰু সেৱাৰ চাহিদা বৃদ্ধি । আৰু

( খ ) অর্থনীতিত পণ্যবস্তুৰ যােগান হ্রাস ।

(  খ ) চমু প্রশ্নৰ উত্তৰ :

১। মুদ্রাস্ফীতি হােৱাৰ কাৰণ কি বুজাই লিখা । 

উত্তৰঃ চাহিদা আৰু যােগান ভাৰসাম্যহীনহৈ মুদ্রাস্ফীতি হয় । মুদ্রাস্ফীতি মূলতঃ দুটা কাৰণত সংঘটিত হয় । সেইবোৰ হ’ল–

( ক ) পণ্য বস্তু আৰু সেৱাৰ চাহিদা বৃদ্ধি । আৰু

( খ ) অর্থনীতিত পণ্যবস্তুৰ যােগান হ্রাস । 

অর্থনীতিত চাহিদা বৃদ্ধিৰ কাৰণ হ’ল — 

( ক ) মুদ্ৰাৰ যােগান বৃদ্ধি । 

( খ ) চৰকাৰী ব্যয় বৃদ্ধি ।

( গ ) ৰপ্তানি বৃদ্ধি ।

( ঘ ) জনসংখ্যাৰ দ্রুত বৃদ্ধি । আৰু

( ঙ ) কৰৰ পৰিমাণ হ্রাস ।

যােগান হ্রাসৰ কাৰণসমূহ হ’ল — 

( ক ) উৎপাদনৰ উপাদানসমূহৰ নাটনি ।

( খ ) প্রাকৃতিক দুর্যোগ ।

( গ ) কৃত্রিম নাটনি ।

( ঘ ) ৰূপ্তানি বৃদ্ধি । আৰু 

( ঙ ) যুদ্ধ বা মহাসমৰ । 

২। মুদ্রাস্ফীতিৰ ফলাফলে উৎপাদন কেনেকৈ প্ৰভাৱান্বিত কৰে ? 

উত্তৰঃ অর্থ ব্যৱস্থাৰ ভূমি , শ্রমিক , পুজি আদিৰ পূর্ণ নিয়ােগ পােৱাৰ পূর্বে মৃদুগতিৰ মুদ্রাস্ফীতিয়ে উৎপাদন বৃদ্ধিত অৰিহণা যােগায় । এনে অপূর্ণ নিয়ােগৰ সময়ত দৰস্তৰ লাহে লাহে বাঢ়ি থাকিলে লাভৰ পৰিমাণ বাঢ়ে । কাৰণ আগতে চুক্তি কৰা মজুৰি , সুদ আৰু কেচামাল ব্যৱহাৰ কৰি উৎপাদিত পণ্য পিছত মুদ্রাস্ফীতিৰ সময়ত বর্ধিত দামত বিক্ৰী কৰি অধিক লাভবান হয় । তেওঁলােকৰ আয় আৰু সঞ্চয় বাঢ়ে । তেতিয়া অধিক পুঁজি বিনিয়ােগ কৰিবলৈ অনুপ্ৰেৰণা আহে । ফলত নিয়ােগ ব্যৱস্থা , উৎপন্ন , জাতীয় আয় , জীৱন নির্বাহৰ মান উর্ধ্বমুখী হয় । অর্থ ব্যৱস্থা এইদৰে গতি কৰি থাকিলে আর্থিক প্রগতি বাঢ়ে । এনে ব্যৱস্থা উপাদানবােৰৰ পূর্ণ নিয়ােগ প্রাপ্তিলৈ শুভ ফলদায়ক কিন্তু পূর্ণ নিয়ােগৰ পিছত মুদ্রাস্ফীতি ক্ষতিকাৰক । 

৩। উত্তমর্ণ/পাওনাদাৰ বা অর্ধমর্ণ/দেনাদাৰৰ ওপৰত মুদ্রাস্ফীতিৰ ক্রিয়া লিখা । 

উত্তৰঃ পাওনাদাৰ বা উত্তমর্ণই দীঘলীয়া চুক্তিত ঋণ প্রদান কৰি স্থিৰ হাৰত সুত পায় । পাওনাদাৰে ঋণ দিয়া সময়ত মুদ্ৰাৰ ক্রয়শক্তি অধিক থাকে । কিন্তু অধমর্ণ বা ধৰুৱাই সুত আৰু মূল পৰিশােধ কৰােতে নির্দিষ্ট সংখ্যক মুদ্রা দিলেও সেইবােৰৰ বিনিময়ত পােৱা বস্তুৰ পৰিমাণ আগতকৈ কম হয় । এনে পৰিস্থিতিত অধমর্ণ লাভৱান আৰু উত্তমর্ণ ক্ষতিগ্রস্থ হয় । 

৪। বাণিজ্য চক্ৰৰ অৰ্থ প্ৰকাশ কৰা । 

উত্তৰঃপুজিবাদী অর্থ ব্যৱস্থাত আর্থিক কাম-কাজ সদায় এটা স্থিৰ গতিত নচলে । কোনাে সময়ত অর্থনৈতিক কার্যকলাপৰ একেবাৰে মন্দাৱস্থা হয় আৰু আনহাতে আন সময়ত একেবাৰে সমৃদ্ধ অৱস্থা পায় । এইদৰে অর্থনৈতিক কার্যকলাপ বিলাকৰ সদায় উত্থান – পতন হৈ থাকে । এই উত্থান – পতন বিলাক চক্রাকাৰে পৰিৱৰ্তন হয় । অর্থাৎ কোনাে সময়ত পতন হলে তাৰ পাছতে আকৌ উত্থান হয় । ইয়াকে বাণিজ্য চক্ৰ বুলি কোৱা হয় ।

Sl. No.সূচী-পত্ৰ
Chapter 1বেংকৰ প্ৰকৃতি আৰু সংগঠন ।
Chapter 2সহযােগী ধাৰণা কেইবিধমান ।
Chapter 3বিভিন্ন প্রকাৰৰ বেংক ।
Chapter 4কেন্দ্রীয় বেংক ।
Chapter 5বেংকাৰ আৰু গ্রাহক ।
Chapter 6বিভিন্ন প্ৰকাৰৰ গ্রাহক ।

( গ ) দীঘলীয়া প্ৰশ্নৰ উত্তৰ :

১। মুদ্রাস্ফীতি কাক বােলে ? অর্থ ব্যৱস্থাত ইয়াৰ প্রতিক্রিয়া বর্ণনা কৰা ৷ 

উত্তৰঃ সাধাৰণ অৰ্থত প্রায় সকলাে বস্তুবাহিনীৰ দৰ কম বেছি পৰিমাণে অবিৰতভাৱে উর্ধ্বমুখী হৈ থাকিলে তেনে পৰিস্থিতিক মুদ্রাস্ফীতি বুলিব পাৰি । অর্থনীতিবিদ ক্রাউথাৰৰ মতে , “ মুদ্রামুল্য কমি গৈ দৰস্তৰ বৃদ্ধি পােৱা পৰিস্থিতিয়ে হ’ল মুদ্রাস্ফীতি । ” অধ্যাপক পিণ্ডৰ মতে— “ বস্তুগত আয় উপার্জনৰ অনুপাত মুদ্রাগত আয়ৰ সম্প্ৰসাৰণ অধিক হলে মুদ্রাস্ফীতি বিৰাজ কৰে ।” মুদ্রাস্ফীতিৰ ফলত অর্থ ব্যৱস্থাত পৰিৱৰ্তন ঘটে আৰু ইয়াক মূলতঃ দুটা ভাগত ভাগব পাৰি । যেনে – 

( ক ) উৎপাদনৰ ওপৰত । আৰু 

( খ ) বন্টনত মুদ্রাস্ফীতিৰ ফলাফল ।

( ক ) উৎপাদনৰ ওপৰত মুদ্রাস্ফীতিৰ প্ৰভাৱঃ অর্থ ব্যৱস্থাৰ ভূমি , শ্রমিক , পুঁজি আদিৰ সম্পূর্ণ নিয়ােগ পােৱাৰ পূর্বে মৃদুগতিৰ মুদ্রাস্ফীতিয়ে উৎপাদন বৃদ্ধিত অৰিহণা যােগায় । এনে অপূর্ণ নিয়ােগৰ সময়ত দৰস্তৰ লাহে লাহে বাঢ়ি থাকিলে লাভৰ পৰিমাণ বাঢ়ে । কাৰণ আগতে চুক্তি কৰা মজুৰি , সুদ আৰু কেঁচামাল ব্যৱহাৰ কৰি উৎপাদিত পণ্য পিছত মুদ্রাস্ফীতিৰ সময়ত বর্ধিত দামত বিক্ৰী কৰি অধিক লাভৱান হয় । তেওঁলােকৰ আয় আৰু সঞ্চয় বাঢ়ে । তেতিয়া অধিক পুজি বিনিয়োগ কৰিবলৈ অনুপ্ৰেৰণা আহে । ফলত নিয়ােগ ব্যৱস্থা উৎপন্ন , জাতীয় আয় জীৱন নিবাহৰ মান উর্ধমুখী হয় । আগতে কামত নিয়ােজিত নােহােৱা উপাদান ব্যৱহাৰৰ ফলত সেইবােৰৰ আয় বাঢ়িলে চাহিদাও বাঢ়ে । চাহিদা বাঢ়িলে দাম বাঢ়ে । অর্থব্যৱস্থা এইদৰে গতি কৰি থাকিলে আর্থিক প্রগতি বাঢ়ে । এনে ব্যৱস্থা উপাদানবােৰৰ পূর্ণ নিয়ােগ প্রাপ্তিলৈ শুভ ফলদায়ক । কিন্তু পূর্ণ নিয়ােগৰ পিছত মুদ্রাস্ফীতি ক্ষতিকাৰক । 

( খ ) বন্টনত মুদ্রাস্ফীতিৰ প্ৰভাৱঃ সুদীর্ঘকাল মুদ্রাস্ফীতি চলি থাকিলে তাৰ প্রতিক্রিয়া বিতৰণ ব্যৱস্থাত বাৰুকৈ পৰে । ই বিতৰণ ব্যৱস্থাৰ আমূল পৰিৱৰ্তন কৰে । মুদ্রাস্ফীতিৰ সংঘাতত কিছুমান লােক বিনা কষ্টে ঐশ্বৰ্মশালী হয় । আনহাতে , বিন্না দোষে কিছুমান লােক দুর্দশাৰ দুখ – দুর্গতি বাঢ়ে । মুদ্রাস্ফীতিৰ ফলত সমাজত নৈতিকতাৰ পতন ঘটে আৰু শ্রেণীসংগ্রাম আৰম্ভ হয় । অৱশ্যে এক শ্রেণীৰ লোক মুদ্রাস্ফীতিৰ সময়ত বিশেষ লাভৱান নহয় বা বিশেষ ক্ষতিৰ সন্মুখীন নহয় । বিভিন্ন শ্রেণীৰ লােকৰ ওপৰত মুদ্রাস্ফীতিৰ প্ৰভাৱৰ আভাষ – দাঙি ধৰা হ’ল । 

( a ) কৃষকঃ মুদ্রাস্ফীতিৰ সময়ত আঢ্যবস্ত কৃষকসকল কিছু পৰিমাণে হ’লেও লাভন হয় । আঢ্যবস্ত কৃষকে উৎপাদন কাৰ্য্যত ব্যৱহাৰ কৰা পুঁজিৰ সুদ , শ্রমিক বেতন , কেঁচামালৰ দাম আদি আগতে কৰা চুক্তি মতে দিয়ে । ফচল চপােৱা সময়ত দামৰ স্তৰ বেছি হােৱাত পণ্য বিক্ৰী কৰি লাভৱান হয় । অৱশ্যে ঔদ্যোগিক বস্তুৰ দাম মুদ্রাস্ফীতিৰ সময়ত কৃষিজাত দ্রব্যতকৈ অধিক বঢ়া হেতুকে কিছু ক্ষতিৰ সন্মুখীন হয় । অৱশ্যে আঢ্যবস্ত কৃষকৰ লাভৰ তুলনাত লােকচান কম হয় । কিন্তু উপান্ত কৃষকসকলে বিক্ৰী কৰিবলৈ ৰাহি ফচল উৎপাদন কৰিব নােৱাৰে । তেওঁলােকে মুদ্রাস্ফীতিৰ সময়ত অধিক দামত ঔদ্যোগিক পণ্য ক্ৰয় কৰিবলগীয়া হােৱাত কিছু লােকচানৰ সন্মুখীন হয় । 

( b ) উদ্যোক্তা আৰু ব্যৱসায়ী :- মুদ্রাস্ফীতিৰ সময়ত উদ্যোক্তা আৰু ব্যৱসায়ী অধিক লাভৱান হয় দৰস্তৰ কম থকা সময়ত চুক্তি কৰি ব্যৱহাৰ কৰা শ্রমিক , পুঁজি আদিৰ সহায়ত পণ্য উৎপাদন কৰে । কিন্তু সেই পণ্য পিছত বর্ধিত দামত বিক্ৰী কৰি লাভৱান হয় । ব্যৱসায়ীসকলে আগৰ চুক্তিমতে বর্ধিত দামত সেই পণ্য বিক্ৰী কৰি অধিক লাভৱান হয় । পণ্য মজুত কৰণৰ বাবেও তেওঁলোক লাভৱান হয় । 

( c ) বিনিয়ােগকাৰীঃ মুদ্রাস্ফীতিৰ সময়ত উদ্যোগৰ অধিক লাভ হয় । তেতিয়া অংশ পুঁজিত বিনিয়ােগ কাৰীসকলে বেছি পৰিমাণে লভ্যাংশ পাই লাভৱান হয় । আনহাতে , স্থিৰ হাৰ সুদৰ ঋণদাতাসকলে মুদ্রাস্ফীতিৰ সময়ত কম ক্রয় শক্তিযুক্ত সুত পাই লােকচানৰ সন্মুখীন হয় । কাৰণ দৰস্তৰ বৃদ্ধি হলেও ঋণদাতাসকলে পূর্বৰ চুক্তিমতে সুত পায় । 

( d ) মজুৰি – বেতনভােগী :- মুদ্রাস্ফীতিৰ সময়ত দৰস্তৰ বাঢ়ি জীৱন নির্বাহৰ খৰচ বাঢ়ে । আনহাতে মুদ্ৰামুল্য হ্রাস হৈ স্থিৰ আয়ৰ লােকসকলৰ ক্রয়শক্তি কমি পণ্যৰ সংগ্রহ কমে । তেতিয়া শ্ৰমিকৰ প্রকৃত আয় পৰােক্ষভাবে কমি যায় । তেওঁলোক ক্ষতিৰ সন্মুখীন হয় । শ্রমিক সংঘৰ হেঁচাত মজুৰি কিছু বাঢ়িলে তেওঁলােক ক্ষতি পূৰণ নহয় । 

( e ) চৰকাৰ :- দস্থৰ বৃদ্ধি হৈ থকা সময়ত চৰকাৰৰ খৰচ বাঢ়ে । কিন্তু জনসাধাৰণৰ আয় উপার্জন বৃদ্ধি আৰু বস্তুবাহিনীৰ উৎপাদন আৰু বিক্ৰী বৃদ্ধি হেতুকে অধিক কৰ – কাটল সংগ্রহ কৰিব পাৰে । গতিকে চৰকাৰ লাভ লােকচানৰ মধ্যস্থলত থাকে । কিন্তু মুদ্রাস্ফীতি নিয়ন্ত্রণত চৰকাৰ জুৰুলা হয় । 

( f ) উত্তমর্ণ-অধপর্ণ ( পাওনাদাৰ – দেনাদাৰ ) :- পাওনাদাৰ বা উত্তমর্ণই দীঘলীয়া চুক্তিত ঋণ প্রদান কৰি স্থিৰ হাৰত সুত পায় । পাওনাদাৰে ঋণ দিয়া সময়ত মুদ্ৰাৰ ক্রয়শক্তি অধিক থাকে । কিন্তু অধমর্ণই বা ধৰুৱাই সুত আৰু মূল পৰিশােধ কৰোঁতে নির্দিষ্ট সংখ্যক মুদ্রা দিলেও সেইবােৰৰ বিনিময়ত পােৱা বস্তুৰ পৰিমাণ আগতকৈ কম হয় । এনে পৰিস্থিতিত অবমৰ্ণ লাভৱান আৰু উত্তমর্ণ ক্ষতিগ্রস্ত হয় ।

( g ) ভােক্তা সকল :- পণ্যৰ দাম বাঢ়ি থকা অৱস্থাত ভােত্তাই ব্যয় কৰা মুদ্রাই আগৰ তুলনাত কম বস্তু সংগ্রহ কৰে । গতিকে প্রকৃত ভোগ হ্রাস পাই ভােক্তা ক্ষতিগ্রস্থ হয় । আনহাতে মুদ্রাস্ফীতিৰ সময়ত মজুতকৰণ , ভেজালকৰণ আদি কাৰণে ভােক্তা নানা প্রকাৰে জুৰুলা হয় । 

( h ) স্থিৰ উপার্জনকাৰী :- ঘৰভাৰা , পেন্সন , সুত আদি স্থিৰ আয়ৰ লােক মুদ্রাস্ফীতিৰ সময়ত ক্ষতিগ্রস্থ হয় । 

২। বিনিময় প্রথাৰ প্ৰধান অসুবিধাবােৰ আলােচনা কৰা । 

উত্তৰঃ বিনিময় প্রথা তথা প্রত্যক্ষ বিনিময় প্রথাৰ প্ৰধান অসুবিধাবােৰ তলত আলােচনা কৰা হ’ল — 

( ক ) অভাৱৰ সংগতিহীনতা :- অভাৱৰ সংগতিহীনতা বিনিময় প্রথাৰ এক প্রধান অন্তৰায় , কিয়নাে দুজন ব্যক্তিৰ মাজত বস্তুৰ বিনিময় হ’বলৈ হ’লে পৰস্পৰ এজনৰ বস্তু আনজনৰ অভাৱ পূৰণ কৰিব পৰা হ’ব লাগিব অথাৎ অভাৱৰ সংগতি থাকিব লাগিব । তেতিয়াহে তেওঁলােকৰ মাজত বিনিময় সম্ভৱ হ’ব । উদাহৰণস্বৰূপে কৃষকে নিজৰ চাউলৰ সলনি কাপােৰ বিনিময় কৰিব বিচাৰিলে তেওঁৰ অভাৱ পূৰণ কৰিব পৰা কাপােৰ বােৱা শিপিনী বিচাৰি পাব লাগিব আৰু সেই শিপিনীয়েও নিজৰ কাপােৰৰ সলনি কৃষকৰ চাউল পছন্দ কৰি বিনিময় কৰিবলৈ ইচ্ছা প্রকাশ কৰিব লাগিব তেতিয়াহে সম্ভৱ হ’ব । বস্তুৰ সংখ্যা, বজাৰৰ পৰিসৰ আৰু বিনিয়ােগকাৰীৰ সম্প্ৰসাৰণৰ কাৰণে অভাৱৰ সংগতিহীনতাই লেনদেন নিস্পত্তি কৰাত বহুত অসুবিধাৰ সৃষ্টি কৰিছিল । কিন্তু মুদ্রা প্রৱর্তনৰ ফলত বিনিময় প্রথাৰ অভাৱৰ সংগতিহীনতাৰ অসুবিধা আঁতৰ হয় । 

( খ ) মূল্যৰ উমৈহতীয় জোখৰ অভাৱঃ বিনিময় কাৰীৰ মাজত অভাৱৰ সংগতি থাকিলেও বিনিময় কার্য সম্পন্ন কৰাত অসুবিধাই দেখা দিয়ে । কাৰণ পণ্যবস্তু সমূহৰ কোনাে উমৈহতীয়া জোখৰ অভাৱ । উদাহৰণস্বৰূপে কৃষকৰ চাউলৰ প্ৰয়ােজন থকা শিপিনী বিচাৰি পাইছে আৰু সেই শিপিনীয়েও চাউল ল’বলৈ ইচ্ছা প্রকাশ কৰিলেও চাউল আৰু কাপােৰৰ মাজত নির্দিষ্ট কোনাে অনুপাত নথকাত বিনিময় কৰাত অসুবিধাই দেখা দিয়ে কিয়নাে কিমান পৰিমাণৰ চাউলৰ সলনি কিমান পৰিমাণৰ বা কেনে ধৰণৰ কাপােৰ সলনি কৰিব ইয়াক লৈ সমস্যা সৃষ্টি হােৱা দেখা যায় । ইয়াৰ ফলত দুবিধ বস্তুৰ বিনিময় অনুপাত একে ঠাইতে একে সময়তে ভিন ভিন বিনিময় কাৰীৰ মাজত ভিন ভিন হােৱা দেখা যায় । কিন্তু মুদ্রা প্রচলন হােৱাত অসুবিধা আঁতৰ হ’ল । কাৰণ মুদ্রাই সকলাে মূল্যৰ উমৈহতীয়া জোখৰ কাম কৰে । 

( গ ) অবিভাজ্যৰ অসুবিধা :- বিনিময়কাৰীৰ মাজত অভাৱৰ সংগতি আৰু সলনি অনুপাত স্থিৰ হ’লেও কিছুমান বস্তুৰ ক্ষেত্ৰত আন অসুবিধাই দেখা দিয়ে । যেনেঃ গৰু , ছাগলী , গাহৰি আদি কিছুমান বস্তু ভাগ বিভাগ কৰা অসুবিধা । কিয়নাে পশু পালক এজনে ছাগলী এটাৰ বিনিময়ত কৃষকৰ ধান বা শিপিনীৰ কাপােৰ ল’বলৈ হ’লে গৰু ছাগলী বা গাহৰি ইত্যাদি ভাগ কৰি কৃষক বা শিপিনীক দিয়া অসুবিধাজনক , কাৰণ এইবােৰক ভাগ কৰিলে সি জন্তু হৈ নাথাকে , বৰং মাংস পিণ্ডত পৰিণত হ’ব । কৃষক বা শিপিনীয়ে ছাগলী বা গৰু গাহৰি ল’বলৈ ইচ্ছা কৰিলেও মাংস অনিচ্ছুক হ’ব ফলত বিনিময় সম্ভৱ নহ’ব । অর্থাৎ অবিভাজ্যতা বিনিময় প্রথাৰ এক বৃহৎ অন্তৰায় । কিন্তু মুদ্ৰাৰ প্ৰৱৰ্ত্তনৰ ফলত এই অসুবিধা আঁতৰ হয় । 

( ঘ ) সঞ্চয়ৰ অসুবিধা :- পণ্য বিনিময় প্রথাৰ অন্য এক প্রধান অন্তৰায় হৈছে সঞ্চয়ৰ অসুবিধা । মানুহে আয় উপার্জন কেৱল উৎকালীন ব্যৱহাৰৰ বাবেই নকৰি ভবিষ্যতে দেখা দিব পৰা আপদৰ কাৰণেও কিছু অংশ সঞ্চয় কৰিব বিচাৰে । কিন্তু বিনিময় প্রথাত এইটো সম্ভৱ হােৱা নাছিল । এই প্রথাত সঞ্চয় কৰিবলৈ হ’লে জীৱ – জন্তু , ধান , সৰিয়হ , শাক পাচলি ইত্যাদি পণ্য সমূহ সঞ্চয় কৰি ৰাখিব লাগিব । কিন্তু এইবােৰ সঞ্চয় কৰি ৰখাটো অসুবিধাজনক । জীৱ – জন্তু বেমাৰ আজাৰ হৈ মৰি যায় , শাক পাচলি আদি অতি সােনকালে নষ্ট হয় । ধান, সৰিয়হ আদি পােকে খাই নষ্ট কৰে । অর্থাৎ ভবিষ্যত বিপদ – আপদৰ কাৰণে , দীর্ঘকালীন সময়ৰ কাৰণে সঞ্চয় কৰিব নােৱাৰি । কিন্তু মুদ্রা প্রচলন হােৱাত সঞ্চয়ৰ অসুবিধা দূৰ হয় । 

৩। বাণিজ্য চক্র কাক বােলে ? বাণিজ্য চক্ৰৰ পৰ্য্যায়বােৰৰ চমু আভাষ দিয়া । 

উত্তৰঃ পুঁজিবাদী অর্থব্যৱস্থাত আর্থিক কাম – কাজ সদায় এটা স্থিৰ গতিত নচলে । কোনাে সময়ত অর্থনৈতিক কার্যকলাপৰ একেবাৰে মন্দাবস্থা হয় আৰু আনহাতে আনসময়ত একেবাৰে সমৃদ্ধ অৱস্থা পায় । এইদৰে অর্থনৈতিক কার্যকলাপ বিলাকৰ সদায় উত্থান – পতন হৈ থাকে । এই উত্থান – পতন বিলাক চক্রাকাৰে পৰিৱর্তন হয় । অর্থাৎ কোনাে সময়ত পতন হলে তাৰ পাছতে আকৌ উত্থান হয় । ইয়াকে বাণিজ্য চক্ৰ বুলি কোৱা হয় । 

লক্ষণঃ ( ক ) ই সর্বব্যাপক অর্থাৎ সমৃদ্ধি বা মন্দাৱস্থা অর্থব্যৱস্থাৰ এক খণ্ডত আৰম্ভ হলে , ই আন খণ্ডবােৰলৈ বিয়পি পৰে । 

( খ ) বাণিজ্য চক্ৰ ঢৌৰ দৰে বিয়পি পৰে । এটা বাণিজ্য চক্ৰ আন এটাৰ লগত প্রায় মিল দেখা যায় । 

( গ ) সকলাে উদ্যোগ বাণিজ্য চক্ৰৰ প্ৰভাৱত পৰিলেও সমৃদ্ধি আৰু মন্দা পৰ্য্যায়ত ভিন , ভিন শ্রেণীৰ উদ্যোগত হােৱা সংঘাত ভিন ভিন হয় । 

( ঘ ) বাণিজ্য চক্র এখন দেশতে সীমিত হৈ নাথাকে । ইয়াৰ প্ৰভাৱ এখন দেশৰ পৰা আন দেশলৈ বিয়পি যায় । 

( ঙ ) সমৃদ্ধি পৰ্য্যায়ত মন্দাৱস্থাৰ অংকুৰণ হ’লেও সাধাৰণতে সমৃদ্ধি পৰ্য্যায়ৰ সময় মন্দাৱস্থাৰ দুগুণ হয় । 

বাণিজ্য চক্ৰৰ পৰ্য্যায় বা স্তৰ সমূহ হল – 

( i ) পুনৰুত্থানঃ মন্দাৱস্থাত আর্থিক কাম-কাজৰ গতি অধিক নিম্নমুখী হােৱাৰ সম্ভাৱনা নাইকীয়া হােৱাত নিশকতীয়া অর্থ ব্যৱস্থাত আশাৰ সঞ্চাৰ হয় । অর্থাৎ কিছুমান লােক – ক্ৰমাৎ আশাবাদী হ’বলৈ ধৰে । মন্দাৱস্থাত নিবনুৱা হৈ থকা শ্রমিক , কেঁচামাল , পুঁজি আদিৰ প্ৰাছৰ্য্য ঘটে । এনে পৰিস্থিতি বিনিয়ােগৰ কাৰণে সুচল হয় । এক শ্রেণীৰ উদ্যোক্তাই এনে সুযােগ গ্রহণ কৰে । তেওঁলােকে পুৰণি উদ্যোগৰ মেৰামতি বা নতুন উদ্যোগৰ কাম হাতত লয় । তেতিয়া ধীৰে ধীৰে আর্থিক উদ্যোক্তা কর্মমুখৰ হৈ পৰে । এনে পৰিস্থিতিকে পুনৰত্থান বােলে । এই ব্যৱস্থাত কিছুমান খণ্ডৰ উৰ্দ্ধমুখী গতি দেখি , অন্যান্য উদ্যোক্তাই তাক অনুসৰণ কৰে , ফলত নিয়ােগ , উৎপাদন , চাহিদা , দৰস্তৰ , আয় , মুনাফা , সঞ্চয় , বিনিয়ােগ , সুতৰ হাৰ আদি বাঢ়ি সমৃদ্ধি পৰ্য্যয়লৈ গতি কৰে । 

( ii ) সমৃদ্ধি বা প্ৰাচুৰ্য্য :- পুনৰুত্থান পৰ্য্যায়ৰ পৰা ক্রম্যৎ আর্থিক কাম – কাজ সম্প্রসাৰিত হৈ থাকে । অর্থাৎ মন্দাৱস্থাৰ পৰা আৰােগ্য লাভ হােৱাৰ পিছৰ পৰাই অর্থব্যৱস্থাৰ যি উর্ধ্বমুখী সম্প্রসাৰণ আৰম্ভ হয় তাকে সমৃদ্ধিৰ আৰম্ভণি বুলিব পাৰি । এই পৰ্যয়ত বিনিয়ােগ আৰু উৎপাদন সর্বাধিক হয় । জনসম্বল পূর্ণ নিয়ােগ হয় । আয় বঢ়াৰ লগে লগে চাহিদা বৃদ্ধি হয় । দৰস্তৰ উৰ্দ্ধমুখী হয় । লগতে মুনাফা বাড়ে । ফলত বিনিয়ােগ , নিয়ােগ , উৎপাদন , আয় , চাহিদা পুনৰ বৃদ্ধি হয় । এইদৰে আর্থিক কাম – কাজত দ্রুত গতিত সম্প্রসাৰিত হয় । এনে সম্প্ৰসাৰণ এটা সীমালৈ চলিব পাৰে । এই সীমা অতিক্রম কৰিলে অহেতুক প্রতিযােগিতা আৰম্ভ হয় , ফলত অর্থব্যৱস্থাত সংকট অংকুৰিত হয় । 

( iii ) অৱনতি বা স্থবিৰতা :- সমৃদ্ধিৰ সময়ছােৱাত বিনিয়োগ , উৎপাদন , নিয়ােগ আদিয়ে সর্বোচ্চ সীমা পায় । তেতিয়া কেঁচামাল , শ্রমিক , মূলধন আদিৰ বাবে তীব্র প্রতিযেগিতা চলে । এনে পৰিস্থিতিত উৎপাদন ব্যয় বাঢ়ে । ফলত মুনাফাৰ পৰিমাণ হ্রাস হয় । আনহাতে পণ্যবস্তুৰ উভৈনদী হােৱা বজাৰত আৰু অধিক পণ্য বিক্ৰীৰ সম্ভাৱনা নাইকীয়া হয় । তেতিয়া উদ্যোগপতি আৰু ব্যৱসায়ীয়ে নিজৰ ভূল বুজিব পাৰে । নতুন বিনিয়ােগৰ সুচলতা বন্ধ হয় । তেতিয়াই নৈশ্যই দেখা দিয়ে । নিৰাশাবাদী ব্যৱসায়ীয়ে ক্ৰমাৎ উৎপাদন কমাবলৈ আৰম্ভ কৰে । উৎপাদনৰ লগে লগে নিয়ােগ , আয় , চাহিদা আদি হ্রাস হৈ স্থৱিৰতা আহি পৰে । দৰস্তৰ দ্রুতগতিত নিম্নমুখী হয় । পৰিস্থিতি কিছুদিন চলাৰ পিছত ব্যৱসায় বাণিজ্য সংকোচন আৰম্ভ হয় । লগে লগে মন্দাৱস্থাই বিৰাজ কৰে । 

( iv ) মন্দাৱস্থাঃ ব্যৱসায় – বাণিজ্যত কিছুদিন স্থবিৰতা চলি থকাৰ পিছত সংকোচন আৰম্ভ হয় । তেতিয়া আর্থিক কার্যকলাপ পূৰ্বৰ স্বাভাৱিক অৱস্থাৰ পৰা ক্ৰমে অস্বাভাৱিক ভাৱে নিম্নমুখী হয় । এনে মন্দাৱস্থাৰ আৰম্ভণি । ক্ৰমাৎ উৎপাদন কর্তন হয় । বিনিয়ােগ হ্রাস পায় । নিবনুৱা সমস্যাৰ সৃষ্টি আৰু বৃদ্ধি হয় । ভােক্তাৰ উপার্জন কম হােৱা কাৰণে সক্রিয় চাহিদা হ্রাস হয় । তেতিয়া দৰস্তৰে নিম্নমুখী গতি কৰে । ফলত মুনাফা কমি যায় । অর্থ ব্যৱস্থাৰ নিয়ােগ , বিনিয়ােগ , উৎপাদন, সুতৰ হাৰ , চাহিদা , বিক্রী আয় , মুনাফা চক্রাকাৰ গতিত হ্রাস হয় । ব্যৱসায় বাণিজ্যত নৈৰাশ্যই ছানি ধৰে । মন্দাৱস্থা প্রথমে উদ্যোগ খণ্ডত আৰম্ভ হৈ কৃষিখণ্ডলৈ বিয়পি পৰে । নিবনুৱা সমস্যাই প্রকট ৰূপ ধাৰণ কৰে । অৱশ্যে মুদ্রামূল্য বৃদ্ধি হয় । এই মন্দাৱস্থা কিছুদিন চলাৰ পিছত , পুনৰুত্থান বীজৰ অংকুৰণ হয় ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top