Class 11 Banking Chapter 5 বেংকাৰ আৰু গ্ৰাহক Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 11 Banking Chapter 5 বেংকাৰ আৰু গ্ৰাহক and select needs one.
Class 11 Banking Chapter 5 বেংকাৰ আৰু গ্ৰাহক
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 Banking Chapter 5 বেংকাৰ আৰু গ্ৰাহক Solutions for All Subject, You can practice these here…
বেংকাৰ আৰু গ্ৰাহক
Chapter : 5
পাঠভিত্তিক অতি চমু প্রশ্নোত্তৰ
১ । বেংকাৰ কাক বােলে ?
উত্তৰঃ বহুল অর্থত যি প্রতিষ্ঠান বা ব্যক্তিয়ে বেংকিং ব্যৱসায় চলায় সিয়ে বেংকাৰ । ১৯৪৯ চনৰ বেংকিং নিয়ন্ত্রণ আইনৰ ধাৰা মতে “ ঋণদান বা বিনিয়ােগৰ উদ্দেশ্যে জনসাধাৰণৰ পৰা গৃহীত আমানত জমাদাতা গ্রাহকৰ তাগিদা মতে বা অন্য প্রকাৰে পৰিশােধ কৰা আৰু চেক , ড্রাফট বা অন্য উপায়ে তাক উলিয়াই দিয়া কার্যকে বেংকিং বােলে । অর্থাৎ বেংকাৰ হ’বলৈ হ’লে তেওঁ –
( ক ) জনসাধাৰণৰ পৰা বিভিন্ন হিচাপত আমানত গ্রহণ কৰিব লাগিব ।
( খ ) সেই আমানতৰ ধন কিছু পৰিমাণে হ’লেও জমাদাতাই দাবী কৰা মতে পৰিশােধ যােগ্য হ’ব লাগিব ।
( গ ) লগতে আমানতৰ ধন জমাদাতাই চেক দি বা আদেশ পত্র লিখি বেংকৰ পৰা উলিয়াই নিব পৰা সুবিধা থাকিব লাগিব ।
( ঘ ) এই আমানতৰ ধন বেংকে ব্যক্তি বা প্রতিষ্ঠানক দিব আৰু বিনিয়ােগ কৰিব ।
২ । বেংকিং মানে কি ?
উত্তৰঃ ঋণদান বা বিনিয়ােগৰ উদ্দেশ্যে জনসাধাৰণৰ পৰা আমানত গ্রহণ ; যি নেকি জমাদাতাৰ তলৰ মতে বা অন্য প্রকাৰে পৰিশােধ্য আৰু যি আমানত চেক , ড্রাফট , নির্দেশমতে বা অন্য প্ৰকাৰে উলিয়াই নিব পাৰে তাকে বেংকিং বা বেংকিং ব্যৱসায় বােলে ।
৩। গ্রাহক কাক বােলে ?
উত্তৰঃ সাধাৰণ অৰ্থত যি ব্যক্তি বা প্রতিষ্ঠানে বেংকৰ লগত লেনদেন কৰিবলৈ বেংকত হিচাপ খােলে তাকে বেংকৰ গ্রাহক বােলে । বেংক গ্রাহক হােৱাৰ ক্ষেত্ৰত অন্ততঃ দুটা চর্ত থাকিব লাগে ।
( ক ) তেওঁৰ নামত সঞ্চয় , চলিত অথবা ম্যাদী হিচাপ থাকিব লাগিব । আৰু
( খ ) বেংক আৰু গ্ৰাহকৰ মাজত হােৱা লেনদেনবােৰ বেংকিং সম্পর্কীয় হ’ব লাগিব ।
৪। বেংকত আমানত হােৱা চাৰিবিধ হিচাপৰ নাম লিখা ।
উত্তৰঃ বেংকত আমানত থােৱা হিচাপ চাৰিবিধ হল –
( ক ) সঞ্চয়ী জমা হিচাপ ।
( খ ) চলিত জমা হিচাপ ।
( গ ) ম্যাদী জমা হিচাপ । আৰু
( ঘ ) আৱর্ত বা পৌনঃপুনিক বা ৰেকাৰিং জমা হিচাপ ।
৫। চলিত হিচাপৰ অর্থ প্রকাশ কৰা ।
উত্তৰঃ সাধাৰণতে দৈনিক ধনৰ লেনদেন কৰা মানুহ যেনে উদ্যোগিক প্রতিষ্ঠান , ব্যৱসায়ী , ব্যক্তি ইত্যাদিৰ কাৰণে অতি জনপ্রিয় আৰু দৰকাৰী হিচাপ হ’ল চলিত জমা হিচাপ । বর্তমান যুগত এনে কোনাে ব্যৱসায়ী বা ব্যৱসায়ী প্রতিষ্ঠান নাই যাৰ নেকি বেংকত এটা চলিত হিচাপ নাই । অর্থাৎ বেংকৰ চলিত হিচাপ ব্যৱসায়ীৰ বাবে বিশেষভাৱে উপযােগী । এনে হিচাপৰ যােগেদি এদিনত দুবাৰ বা তিনিবাৰ পর্যন্ত টকা আহৰণ কৰিব পাৰি আৰু এনে হিচাপৰ বিপৰীতে বেংকে কোনাে সুত প্রদান নকৰে । গতিকে বেংকে গ্রাহকৰ চাহিদা পুৰণ কৰিবৰ কাৰণে সমুদায় ধন ৰাখি থ’ব লাগে । সেয়ে ইয়াৰ পৰা বেংকে কোনাে বৰণৰ উপার্জন কৰিব নােৱাৰে কাৰণে বেংকে গ্রাহকলৈ সুত প্ৰদান কৰিব নােৱাৰে ।
৬। সঞ্চয়ী আমানত হিচাপ বুলিলে কি বুজা ?
উত্তৰঃ স্থিৰ তথা কম উপার্জনক্ষম ব্যক্তিৰ মাজত বেংকিং অভ্যাস গঢ়ি তুলি সঞ্চয় বৃদ্ধি কৰাৰ উদ্দেশ্যেৰেই সঞ্চয়ী বেংক হিচাপ আৰম্ভ কৰা হৈছিল যদিও বর্তমান সকলাে শ্রেণীৰে লােকেই এই হিচাপ খুলিব পাৰে । বেংকৰ নির্দিষ্ট প্র-পত্র বা চেকৰ দ্বাৰা এনে হিচাপৰ বিপৰীতে গ্রাহকে ধন উলিয়াব পাৰে ।
৭। ম্যাদী হিচাপ কাক বােলে ?
উত্তৰঃ ম্যাদী জমা হিচাপত নির্দিষ্ট সময় বা ম্যাদৰ কাৰণে টকা জমা লােৱা হয় । ইয়াত টকা জমা থােৱাৰ মূল উদ্দেশ্য সুত উপার্জন কৰা । ক্ষুদ্র সঞ্চয়কাৰীক ই বিনিয়ােগৰ সুবিধা দিয়ে । এই আমানত যিহেতু বেংকে নির্দিষ্ট সময়ৰ কাৰণে পায় , ইয়াক তেনে সময়ৰ কাৰণে লাভজনকভাৱে কামত খটাব পাৰে । সেয়ে ম্যাদী হিচাপত বেংকে দিয়া সুতৰ হাৰ সঞ্চয় জমা হিচাপতকৈ অধিক । ম্যাদৰ সময় অনুসৰি সুদৰ হাৰ কম বেছি হয় ।
৮। আৱর্ত হিচাপৰ অর্থ ব্যাখ্যা কৰা ।
উত্তৰঃ আৱর্ত বা পৌনঃপুনিক জমা হিচাপ এক প্ৰকাৰ ম্যাদী হিচাপ । এই হিচাপত নির্দিষ্ট পৰিমাণৰ টকা নির্দিষ্ট সময়ৰ ( মাহ , পষেক , সপ্তাহ আদি ) অন্তৰে অন্তৰে ম্যাদৰ সময়ছােৱাত জমা দিয়া হয় । কিন্তু ম্যাদ সম্পূর্ণ সময় উকলি যােৱাতহে সমুদায় জমাৰ টকা ঘুৰাই ল’ব পাৰি । আৱর্ত হিচাপৰ মাধ্যমেদি নিয়মীয়া কম উপার্জনৰ লােকে সঞ্চয়ৰ ধন বিনিয়োগ কৰি তুলনামূলকভাৱে উচ্চহাৰৰ সুদ লাভ কৰিব পাৰে ।
৯। পে-ইন-শ্লিপৰ অৰ্থ প্ৰকাশ কৰা ।
উত্তৰঃ পে – ইন – শ্লিপ মানে হৈছে বেংকত টকা বা চেক বা ড্রাফট জমা দিবলৈ ব্যৱহাৰ কৰা এক প্ৰকাৰ কাকত । ইয়াক বেংকে বহী আকাৰে নতুবা খােলা ভাৱে গ্ৰাহকক যােগান ধৰে । টকা জমা দিবলৈ ব্যৱহাৰ কৰা এই কাকত খনত তাৰিখ , গ্রাহকৰ নাম , হিচাপৰ নম্বৰ আৰু টকাৰ বিৱৰণ লিখি দিয়াৰ ব্যৱস্থা থাকে । ইয়াত থকা দুটা খণ্ডতে এইবােৰ যথার্থভাৱে লিখি বেংকৰ কৰ্মচাৰীৰ হাতত টকা বা চেক সহকাৰে জমা দিব লাগে । কৰ্মচাৰীয়ে টকা বা চেকৰ লগতে প্রথম খণ্ড কাকত ৰাখি , দ্বিতীয় খণ্ড তেওঁৰ চহী কৰি বেংকৰ ছীল মাৰি গ্ৰাহকক ঘূৰাই দিয়ে । ইয়ে প্রাপ্তি স্বীকাবী ৰেচিদৰ কাম কৰে ।
১০। বেংকৰ পাছ বুক কাক বােলে ?
উত্তৰঃ পাছ বুক বা পাছ বহী হৈছে এক প্রকাৰ ক্ষুদ্র পুস্তিকা । ইয়াত হিচাপ পৰিচালনা কৰা বেংকৰ নীতি – নিয়ম লিখা থাকে । বেংকত হিচাপ খােলা সময়ত বেংকে গ্রাহকক এটা পাছ বুক দিয়ে । প্রত্যেক পাছ বুকৰে সুকীয়া নম্বৰ থাকে । ই প্ৰকৃততে বেংকৰ খতিয়ান বহীৰ নম্বৰ আৰু পৃষ্ঠা সংখ্যাৰে গঠিত নম্বৰ । গ্রাহকৰ সকলাে লেনদেন , জমা , আহৰণ ; তহবিল আদি বেংকে পাছবুকত লিখি তাক ঘূৰাই দিয়ে । ই প্ৰকৃততে বেংকে গ্রাহকৰ নামত ৰখা খতিয়ানৰ প্রতিলিপি মাত্র ।
১১। চেক বহী কি বুজাই লিখা ।
উত্তৰঃ চেক বহী হৈছে বেংকে গ্রাহকক যােগান ধৰা এক প্রকাৰৰ বহী । ইয়াক গ্রাহকে বেংকৰ পৰা টকা আহৰণ কৰাৰ কাৰণে ব্যৱহাৰ কৰে । চেক বহীৰ প্রত্যেক খিলা চেকৰ দুটা খণ্ড থাকে । দুয়াে খণ্ডতে তাৰিখ , হিচাপৰ নম্বৰ , টকাৰ পৰিমাণ আৰু প্ৰাপকৰ নাম লিখিব লাগে । লগতে গ্রাহকে চেকৰ তলৰ বাওঁফালে নিজৰ চহী কৰি দিয়ে । ইয়াৰে প্রথম খণ্ড চেক বেংকত জমা দিয়া হয় । বেংকৰ কৰ্মচাৰীয়ে চেকখন ভালদৰে পৰীক্ষা কৰে । গ্রাহকৰ হিচাপত সেই চেক আদায় দিব পৰা জমা আছেনে নাই চাই লয় । লগতে চেকত দিয়া চহী বেংকত আহি হিচাপে থকা চহীৰ লগত যত্ন সহকাৰে মিলাই চাব । দুয়ােটা চহীৰ মিল থাকিলে চেকৰ টকা আদায় দিব । তাৰ পিছত বেংকৰ খতিয়ান বহীত থকা গ্রাহকৰ হিচাপত ডেবিট দিব ।
১২। বেংকৰ আমানত বীমাৰ অর্থ লিখা ।
উত্তৰঃ বেংকৰ আমানত কাৰীসকলক নিৰাপত্তা প্রদান কৰিবলৈ আৰু বাণিজ্যিক বেংকসমূহ সুস্থভাৱে পৰিচালিত হােৱাত সহায় কৰিবৰ বাবে ১৯৬১ চনত ৰিজাৰ্ভ বেংকে প্ৰৱৰ্তন কৰা এক আঁচনি । বেংক অচল হৈ পৰিলেও ইয়াৰ জমাদাতাসকলে যাতে জমাৰ ধন ঘূৰাই পাব পাৰে তাৰ ব্যৱস্থা কৰাৰ বাবে এই বেংক আমানতৰ বীমা আঁচনি প্ৰৱৰ্তন কৰা হয় ।
১৩। ক্রেডিট কার্ড মানে কি ?
উত্তৰঃ ক্রেডিট কার্ড বা প্লাষ্টিক মুদ্রা বেংকে গ্রাহকলৈ আগবঢ়োৱা এক নতুন সেৱা । ক্রেডিট কার্ডে বিনিময় মাধ্যম হিচাপে কাম কৰে । কাৰণ ক্রেডিট কার্ডৰ ধাৰকে প্রকৃত মুদ্ৰাৰ ব্যৱহাৰ নকৰাকৈ কাৰ্ডৰ মাধ্যমত বস্তু বা সেৱা কাৰ্য ক্রয় কৰিব পাৰে । ক্রেডিট কার্ড সাধাৰণতে বেংকে আঢ্যবন্ত গ্রাহকক দিয়ে । তেনে গ্রাহকৰ উপার্জন ভাল হ’ব লাগিব । সচৰাচৰ ক্রেডিট কাৰ্ডৰ ধাৰকে দীর্ঘস্থায়ী ভােগ্য সামগ্রী , হােটেল , বহু বিভাগ থকা দোকান , নাৰ্ছিং হােম , ৰেলৰ টিকট , এৰােপ্লেনৰ টিকট আদি লব পাৰে ।
১৪। ই – বেংকিং কাক বােলে ?
উত্তৰঃ ই – বেংকিং মানে হ’ল ইলেকট্রনিক বেংকিং । ব্যৱসায় – বাণিজ্যৰ বিকাশৰ লগে লগে বেংক ব্যৱসায়ৰ পৰিৱৰ্তন ঘটিছে । ইলেকট্রনিক প্রযুক্তিবিদ্যাই ব্যৱসায় – বাণিজ্যত প্রৱেশ কৰাৰ বেংকিং কার্যটো ইয়াৰ প্ৰয়ােগ অনিবার্য হৈ পৰে । অর্থাৎ বেংকিং ব্যৱসায়ত ইলেকট্রনিক তথ্য আৰু যােগাযােগ প্রযুক্তিবিদ্যাৰ প্ৰয়ােগৰ ফলত ই – বেংকিং আৰম্ভ হৈছে । ইয়াৰ ফলত বেংকিং ব্যৱসায়ত ক্ষীপ্ৰতা আৰু ইয়াৰ পৰিধি ব্যাপক হৈছে । এতিয়া বেংকৰ এ . টি . এম . সেৱা , ইলেকট্রনিক ফাণ্ড ট্রানফাৰ ৰ যােগেদি টকা – পইচা বা ফাণ্ড স্থানান্তৰ ক্ষীপ্র হৈছে । ঠিক সেইদৰে ইণ্টাৰনেটৰ আৰ্শীবাদত ইণ্টাৰনেট বেংকিং বা অনলাইন বেংকিং আদি নতুন বেংকিং সেৱা আগবঢ়োৱা সম্ভৱ হৈছে । ঠিক সেইদৰে মােবাইল বেংকিং সেৱাও উপলব্ধ হৈছে । ইয়াৰ সহায়ত গ্রাহকে কেৱল নিজৰ মােবাইল বা স্মার্ট ফোনৰ যােগেদিয়েই পুঁজি স্থানান্তৰ , হিচাপৰ পৰা অন্য হিচাপলৈ পুঁজি স্থানান্তৰ কৰা , অনলাইন চপিং কৰা ইত্যাদি নিত্য নতুন সেৱা লাভ কৰিবৰ সক্ষম হৈছে ।
১৫। এ . টি . এম . মানে কি ?
উত্তৰঃ এ . টি . এম . বা অট’মেটেড টেলাৰ মেচিন হ’ল বেংকৰ পৰা গ্ৰাহকক টকা উলিয়াবলৈ সুবিধা দিয়া এক প্রকাৰ ইলেকট্রনিক প্রণালী । বেংকৰ কৰ্মচাৰীয়ে চলােৱা টেলাৰ কাউন্টাৰৰ সলনি এ . টি . এম প্রচলন কৰা হৈছে । এ . টি . এম . থকা গ্রাহকে দিনৰ ভিতৰত যিকোনাে সময়তে টকা উলিয়াব পাৰে । আনহাতে যিবােৰ বেংকৰ কেন্দ্রীভূত কম্পিউটাৰ ব্যৱস্থা থাকে , তেনে বেংকৰ এ . টি . এম থকা গ্রাহকে বেংকৰ যিকোনাে শাখাৰ এ . টি . এমৰ পৰা টকা উলিয়াব পাৰে ।
( খ ) চমু প্ৰশ্নোত্তৰ :
১ । চলিত আৰু সঞ্চয়ী হিচাপৰ পার্থক্য লিখা ।
উত্তৰঃ চলিত জমা হিচাপ আৰু সঞ্চয়ী জমা হিচাপৰ মাজত কিছুমান পার্থক্য দেখা যায় । এই পার্থক্যসমূহ হল –
( ক ) চলিত জমা হিচাপ ব্যৱসায়ী আৰু ব্যৱসায় – প্রতিষ্ঠানৰ বাবে অপৰিহার্য । অর্থাৎ এই দুই শ্ৰেণীৰ বাবে চলিত হিচাপ সুবিধাজনক । আনহাতে , সঞ্চয় জমা হিচাপ সমাজৰ কম আয়ৰ তথা মধ্যবিত্ত আৰু নিম্নবিত্ত শ্ৰেণীৰ বাবে সুবিধাজনক ।
( খ ) চলিত জমা হিচাপত নিম্নতম জমাৰ পৰিমাণ বেছি । সেইদৰে জমা ৰাখিব পৰা আমানতৰ পৰিমাণে বেছি । সঞ্চয়ী জমা হিচাপত নিম্নতম জমাৰ পৰিমাণ কম । সেইদৰে জমা ৰাখিব পৰা আমানতৰ পৰিমাণাে সীমাবদ্ধ ।
( গ ) চলিত জমা হিচাপত জমাকাৰী গ্রাহকে নিজ সুবিধামতে একে দিনতে ইয়াত বাৰ টকা জমা ৰাখিব পাৰে আৰু একে দিনাই বহুবাৰ টকা উলিয়াব পাৰে । কিন্তু সঞ্চয় জমা হিচাপত জমাকাৰী গ্রাহকে নিজ সুবিধা মতে একেদিনাই বাৰে বাৰে টকা জমা ৰখা বা উলিয়াব নােৱাৰে ।
( ঘ ) চলিত জমা হিচাপত বেংকে গ্রাহকক সুত নিদিয়ে কাৰণ এই হিচাপৰ টকা যি কোনাে মুহূর্তত উলিয়াই থাকে গ্রাহকে । সঞ্চয়ী জমা হিচাপত বেংকে গ্রাহকক নির্দিষ্ট পৰিমাণৰ সুত দিয়ে ।
( ঙ ) চলিত জমা হিচাপৰ উদ্দেশ্য হ’ল ইয়াৰ গ্ৰাহকক ব্যৱসায়িক সুবিধাৰ বাবে বেংকত টকা – পইচাৰ লেনদেন কৰা সুচল কৰা । আনহাতে , সঞ্চয়ী জমা হিচাপৰ যােগেদি গ্রাহকে নিজৰ সঞ্চয় জমা কৰাৰ ফলত পুঁজি গঠনৰ সুবিধা লাভ কৰে ।
( চ ) চলিত জমা হিচাপত গ্রাহকে অভাৰড্রাফট বা অধিবিকৰ্যৰ সুবিধা ভােগ কৰে । অর্থাৎ হিচাপত থকা জমা আমানতকৈ অধিক টকা উলিয়াব পাৰে । আনহাতে , সঞ্চয়ী জমা হিচাপৰ গ্ৰাহকে এই সুবিধা নাপায় ।
২। চলিত আৰু ম্যাদী হিচাপৰ পার্থক্য লিখা ।
উত্তৰঃ চলিত জমা হিচাপ আৰু ম্যাদী জমা হিচাপৰ মাজত প্রভেদ আছে । এইবােৰ হ’ল —
( ক ) ম্যাদী জমা হিচাপৰ দ্বাৰা ক্ষুদ্র সঞ্চয়কাৰীয়ে ভৱিষ্যৎ সুৰক্ষা তথা বিনিয়ােগৰ বাবে পুঁজি গঠনৰ সুবিধা পায় । আনহাতে , চলিত জমা হিচাপ হ’ল ব্যৱসায়ী আৰু ব্যৱসায় প্রতিষ্ঠানৰ বাবে সুবিধাজনক আৰু অপৰিহার্য হিচাপ ।
( খ ) ম্যাদী জমা হিচাপত নির্দিষ্ট সময় বা ম্যাদৰ কাৰণে টকা জমা থােৱা হয় । আনহাতে চলিত জমা হিচাপত কোনাে নির্দিষ্ট সময় বা ম্যাদৰ বাবে টকা জমা নকৰে । জমাদাতাৰ সুবিধামতে যেতিয়াই টকা উলিয়াব পাৰে এই হিচাপত ।
( গ ) ম্যাদী জমা হিচাপত জমাদাতাই এবাৰ এক নির্দিষ্ট সময়ৰ বা ম্যাদৰ বাবে টকা জমা – কৰিলে তাক যেতিয়াই ইচ্ছা তেতিয়াই উলিয়াব নােৱাৰে । কিন্তু চলিত জমা হিচাপত জমাদাতাই এদিনতে বহু বৰ টকা জমা কৰিব পাৰে আৰু উলিয়াব পাৰে ।
( ঘ ) ম্যাদী জমা হিচাপত টকা জমা থােৱাৰ মূল উদ্দেশ্য সুদ উপার্জন কৰা । কিন্তু চলিত জমা হিচাপত টকা জমা থােৱা হয় জমাকাৰীৰ সুবিধামতে উলিয়াবৰ বা লেনদেন সম্পন্ন কৰিবৰ বাবে ।
( ঙ ) ম্যাদী জমা হিচাপত যিহেতু টকা এক নির্দিষ্ট সময়ৰ বাবে জমা ৰখা হয় , সেয়ে ইয়াৰ সুদৰ হাৰ অধিক হয় চুতা ) আনহাতে চলিত জমা হিচাপত ৰখা টকা জমাকাৰীয়ে নিজ ইচ্ছামতে জমা কৰে বা উলিয়াই নিয়ে , সেয়ে এই হিচাপত সুত বেংকে প্রায় নিদিয়েই ।
৩। পাছবুকৰ গুৰুত্ব লিখা ।
উত্তৰঃ পাছবুক হ’ল এক প্রকাৰ ক্ষুদ্র পুস্তিকা । যেয়ে বেংকত হিচাপ খােল , সিয়ে একো একোখন পাছবহী লাভ কৰে । পাছবুকত হিচাপ পৰিচালনা কৰা বেংকৰ নীতি – নিয়ম লিখা থাকে । বেংকত হিচাপ খােলা সময়তে একোটা পাছবুক গ্রাহকক দিয়ে । গ্রাহকে যত্ন সহকাৰে ইয়াক ৰাখিব লাগে আৰু প্ৰয়ােজন মতে বেংকত দাখিল কৰিব লাগে । প্রত্যেক পাহবুকৰে সুকীয়া নম্বৰ থাকে । ই প্ৰকৃততে বেংকৰ খতিয়ান বহীৰ নম্বৰ আৰু পৃষ্ঠা সংখ্যাৰে গঠিত নম্বৰ । টকা জমা দিওঁতে আৰু উয়িয়াবৰ সময়ত প্ৰপত্র বা পে – ইন -শ্লিপ বা চেক লিখিলে তাত হিচাপৰ নম্বৰ অর্থাৎ পাছবুকৰ নম্বৰ লিখি দিব লাগে । গ্রাহকৰ সকলাে লেনদেন , জমা , আহৰণ , তহবিল আদি বেংকে পাছবুকত লিখি , তাক ঘূৰাই দিয়ে । ই প্ৰকৃততে বেংকে গ্রাহকৰ নামত ৰখা খতিয়ন প্রতিলিপি মাত্র । পাছবুক ঘূৰাই লােৱা সময়ত ইয়াৰ প্রবৃষ্টি গ্রাহকে চাই বুজি লব লাগে । কিবা আসোঁৱাহ থাকিলে বেংকৰ নজৰত আনিব লাগে । পাছবুকৰ প্রত্যেক প্রবিষ্টি শুদ্ধ বুলি সাব্যস্ত কৰিবলৈ বেংকৰ বিষয়াৰ চহী থাকিব লাগে ।
৪। চলিত হিচাপৰ সুবিধা অসুবিধা লিখা ।
উত্তৰঃ চলিত জমা হিচাপৰ সুবিধাসমূহ হ’ল –
( ক ) গ্রাহকে এই হিচাপৰ যােগেদি লেনদেন নিষ্পত্তি কৰিব পাৰে । বিশেষত অধিক মূল্যৰ ব্যৱসায়িক লেনদেন চেকৰ মাধ্যমত নিস্পত্তি কৰা হয় । ইয়াৰ ফলত ব্যৱসায়ীয়ে । নগদ টকাৰ ব্যৱহাৰৰ পৰা উদ্ভৱ হ’ব পৰা অসুবিধাৰ হাত সাৰে ।
( খ ) দ্বিতীয়তে , নগদ টকা জমা লােৱা বা আদায় দিয়াৰ উপৰিও বিনিময় পত্র , বেংক ড্রাফট , চেক আদি চলিত হিচাপত গ্ৰাহকৰ হকে বেংকে জমা লয় আৰু এইবােৰ গ্রাহকৰ হকে আদায় কৰে ।
( গ ) তৃতীয় পক্ষৰ চেক বা পৃষ্ঠাংকন কৰা চেক চলিত হিচাপৰ যােগেদিহে সংগ্রহ কৰিব পাৰি ।
( ঘ ) গ্রাহকে বেংকৰ পৰা অধিবিকর্ষ বা অভাৰ ড্রাফট কেৱল চলিত হিচাপৰ যােগেদিহে ল’ব পাৰে ।
( ঙ ) বেংকে কোনাে গ্রাহকক ঋণ বা অগ্রিম মঞ্জুৰ কৰিলে তাৰ টকা চলিত হিচাপতহে জমা দেখুৱায় ।
চলিত হিচাপৰ অসুবিধাসমূহ হ’ল —
( ক ) চলিত জমা হিচাপ কেৱল এক শ্রেণীৰ ব্যক্তি তথা ব্যৱসায়ী , ব্যৱসায় প্রতিষ্ঠানৰ বাবেহে ।
( খ ) চলিত জমা হিচাপত সুত প্রদানৰ নিয়ম নাই ।
( গ ) চলিত জমা হিচাপত সঞ্চয় কৰি টকা জমা ৰখা নহয় ।
( ঘ ) চলিত জমা হিচাপত ৰাখিবলগীয়া নিম্নতম জমাৰ পৰিমাণ বেছি হয় ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.