Class 11 Banking Chapter 6 বিভিন্ন প্ৰকাৰৰ গ্ৰাহক

Class 11 Banking Chapter 6 বিভিন্ন প্ৰকাৰৰ গ্ৰাহক Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board Class 11 Banking Chapter 6 বিভিন্ন প্ৰকাৰৰ গ্ৰাহক and select needs one.

Class 11 Banking Chapter 6 বিভিন্ন প্ৰকাৰৰ গ্ৰাহক

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 Banking Chapter 6 বিভিন্ন প্ৰকাৰৰ গ্ৰাহক Solutions for All Subject, You can practice these here…

বিভিন্ন প্ৰকাৰৰ গ্ৰাহক

Chapter : 6

পাঠভিত্তিক অতি চমু প্রশ্নোত্তৰ

১। নাবালক কাক বােলে ? 

উত্তৰঃ ভাৰতীয় প্রাপ্তবয়স্ক আইনৰ ( ধাৰা ৩ ) মতে যি লােকৰ বয়স ১৮ বছৰ পূর্ণ হােৱা নাই তেওঁক নাবালক ৰূপে গণ্য কৰা হয় । অৱশ্যে ১৮ বছৰ পূৰ হােৱাৰ পূর্বে কোনাে নাবালকৰ তত্বাৱধান ল’বলৈ অভিভাৱক নিযুক্ত কৰিলে , তেনে নাবালকে ২১ বছৰ সম্পূর্ণ হােৱাতহে সাবালক হয় । 

২। যৌথ হিচাপ মানে কি ? 

উত্তৰঃ একাধিক ব্যক্তিৰ নামত খােলা হিচাপক যৌথ হিচাপ বােলে । যেনে একেলগে দুজন ব্যক্তিয়ে ব্যৱসায় বা অন্য কাৰণত খােলা হিচাপ , স্বামী – স্ত্রীৰ মাজত খােলা হিচাপ ইত্যাদি হ’ল যৌথ হিচাপ । 

৩। অংশীদাৰী প্রতিষ্ঠানে কিদৰে হিচাপ খােলে ? 

উত্তৰঃ অংশীদাৰী প্রতিষ্ঠানে ব্যৱসায়ৰ সুবিধাৰ কাৰণে বেংকত হিচাপ খােলে । সাধাৰণতে বেংকে প্রতিষ্ঠানৰ নামত হিচাপ খুলিব লাগে । অৱশ্যে সকলােবােৰ অংশীদাৰৰ নাম , ঠিকনা , অংশীদাৰসকলৰ স্বাক্ষৰ আদি ৰাখিব লাগে । হিচাপত কোন অংশীদাৰে লেন – দেন কৰিব তাৰ কতৃত্ব সকলাে অংশীদাৰৰ পৰা বেংকে লয় । অংশীদাৰৰ মৃত্যু , দেউলীয়া বা অৱসৰৰ –

সময়ত আৰু নতুন অংশীদাৰ ভৰ্ত্তি কৰা সময়ত প্ৰতিষ্ঠানৰ সাল – সলনি হ’লে বেংকে সেই মতে হিচাপ পৰিচালনা কৰিব লাগে । 

৪। স্কুল এখনে বেংকত হিচাপ খুলিব পাৰেনে ? 

উত্তৰঃ শিক্ষানুষ্ঠান অর্থাৎ বিদ্যালয় বা স্কুল আদিৰ বাবে বেংক সেৱা অতি আৱশ্যকীয় কাৰণ এইবােৰৰ টকা – পইচা আৰু চেকৰ লেনদেন হিচাপ অবিহনে সম্ভৱ নহয় । গতিকে স্কুল এখনে অৱশ্যেই বেংকত হিচাপ খুলিব লাগে । 

৫। বেংকিং লােকপাল কাক বােলে ? 

উত্তৰঃ বেংকিং লােকপাল হৈছে বেংক আৰু গ্ৰাহকৰ মাজত বেংক সেৱাৰ আঁসােৱাহ থাকিলে সেই আঁসােৱাহ মােকা বিলা কৰাৰ কাৰণে ৰিজার্ভ বেংকে নিযুক্তি দিয়া কিছুমান ব্যক্তি । সাধাৰণতে এই নিযুক্ত ব্যক্তিসকল আইন , বেংকিং বা বিত্তীয় সেৱা , প্রশাসন আদি সম্পর্কীয় বিষয়ত বুৎপত্তি থকা হ’ব লাগে ।

( খ ) চমু প্ৰশ্নোত্তৰ :

১। বিভিন্ন প্রকাৰৰ বেংকৰ গ্ৰাহকৰ নাম লিখা । যিকোনাে এক প্রকাৰ গ্ৰাহকৰ বিষয়ে লিখা। 

উত্তৰঃ বিভিন্ন প্রকাৰৰ বেংকৰ গ্ৰাহকসমূহ হ’ল– 

( ক ) ব্যক্তি গ্রাহক ।

( খ ) নাবালক ।

( গ ) বিবাহিত মহিলা । 

( ঘ ) যৌথ হিচাপ ।

( ঙ ) অংশীদাৰী প্রতিষ্ঠান । 

( ছ ) কোম্পানী ।

( জ ) একজিকিউটব বা পৰিচালক আৰু প্রশাসক ।

( ঝ ) অৱসায়ক ।

( ঞ ) ন্যাসৰক্ষী বা ট্ৰাষ্ট্ৰী ।

( ট ) নিৰক্ষৰ গ্রাহক ।

( ঠ ) স্কুল আৰু কলেজ ।

( ড ) ক্লাব বা সংঘ , ইত্যাদি ।

( ক ) ব্যক্তি গ্রাহকঃ বেংকত হিচাপ খুলি সকলাে যােগ্য ব্যক্তি বেংকৰ গ্ৰাহক হ’ব পাৰে । বেংকত হিচাপ খােলােতে বেংক আৰু গ্ৰাহকৰ মাজত এক প্রকাৰ চুক্তি সম্পাদিত কৰা হয় । গতিকে সাম্ভাব্য গ্রাহকক ব্যক্তিজন ব্যক্তি চুক্তি সম্পাদনৰ যোগ্য ব্যক্তি হ’ব লাগিব । অর্থাৎ সুস্থ মস্তিষ্কৰ সাবালক ব্যক্তিয়ে বিহিত উদ্দেশ্যৰ কাৰণে চুক্তি কৰিব লাগিব । সাধাৰণ ক্ষেত্ৰত প্রায় সকল প্রাপ্তবয়স্ক লোকৰ নামত বেংক হিচাপ খােলা হয় । জাতি , ধর্ম , বর্ণ নির্বিশেষ সকলাে লােকে হিচাপ খুলিব পাৰে । 

২। বেংকে নাবালকৰ নামত হিচাপ খােলেনে ? এনে হিচাপৰ ক্ষেত্ৰত বেংকে কেনে ধৰণৰ সতর্কতা অবলম্বন কৰিব লাগে ? 

উত্তৰঃ বেংকে নাবালকৰ নামত হিচাপ খােলে । প্রায় সকলাে বেংকতে নাবালকৰ হিচাপ খােলা আৰু পৰিচালনা কৰা হয় । নাবালকৰ হিচাপৰ ক্ষেত্ৰত বেংকে বিশেষ সতর্কতা অবলম্বন কৰিব লাগে । এইবােৰ হ’ল— 

( ক ) বেংকে সদায় মনত ৰাখিব লাগিব নাবালকক অতিৰিক্ত ধন দিলে তাক আদায় কৰা অতি জটিল সমস্যা ।

( খ ) যেতিয়ালৈ নাবালকৰ হিচাপত জমা ধন থাকে , বেংকৰ অসুবিধা নাই । কিন্তু অজ্ঞতা বশতঃ ভূল – ত্রুটিৰ হাত সাৰিবলৈ বেংকে নাবালকৰ হিচাপ তেওঁৰ অভিভাৱকৰ নামত খুলিলে কোনাে অসুবিধা নাথাকে । 

( গ ) নাবালকে জমা দিয়া প্রতিভূতি যে বেংকৰ কামত নাহিব পাৰে তাকে মনত ৰাখিব লাগে । গতিকে নাবালকক তেনে প্রতিভূতিৰ জিম্মাত ঋণ দিব নালাগে । আনকি নাবালকৰ ঋণৰ হ’কে সাবালক প্রতিভূত বা গ্যাৰাণ্টৰ থাকিলেও ঋণ দিব নালাগে । অৱশ্যে নাবালকে এজেন্ট , অংশীদাৰ হিচাপে বেংকৰ লগত লেনদেন কৰিলে অসুবিধা নহয় ।

৩। বিবাহিত মহিলাৰ নামত হিচাপ খােলোতে বেংকে কেনে ধৰণৰ সতর্কতা লব লাগে ? 

উত্তৰঃ ভাৰতীয় আইন মতে বিবাহিতা মহিলাই নিজ নামত চুক্তি সম্পাদন কৰিব পাৰে , আৰু সেই চুক্তিৰ দ্বাৰা মহিলাৰ নিজ নামত সম্পত্তি আৰু স্ত্রী ধন দাবী কৰিব পাৰে । গতিকে বিবাহিত মহিলাই নিজা নামত বেংকত হিচাপ খুলিব পাৰে । কিন্তু মহিলা গ্রাহকক ঋণ প্ৰদানৰ পূর্বে বেংকে মহিলাৰ সম্পত্তি পৰিদৰ্শন কৰি লব লাগে । কাৰণ মহিলাৰ ঋণ যদি তেওঁৰ স্বামীৰ অসন্মতিত দিয়া হয় তাৰ কাৰণে স্বামী বা স্বামীৰ সম্পত্তি দায়ী নহয় । 

আনহাতে স্বামীয়ে জীৱন – নির্বাহৰ খােৰাক নিদিয়া কাৰণে মহিলাই ঋণ যােগে জীৱনৰ অপৰিহার্য বস্তু সংগ্রহ কৰিলে , সেই ঋণৰ বাবে স্বামী দায়ী হ’ব । 

৪। এখন কলেজে কি দৰে বেংকত হিচাপ খুলিব পাৰে লিখা । 

উত্তৰঃ এখন কলেজে বেংকত হিচাপ খুলিব পাৰে । পঞ্জীভূত নহ’লেও কলেজৰ নাম হিচাপ খুলি টকা – পইচাৰ লেনদেন কৰিব পাৰি । কিয়নাে ৰাজহুৱা অনুষ্ঠান হিচাপে চৰকাৰ স্থিৰ কৰি দিয়া নীতি – নিয়মৰ মাজেৰে এনেবােৰ অনুষ্ঠান পৰিচালিত হয় । কলেজ পৰিচালনাৰ কাৰণে পৰিচালনা সমিতি গঠন কৰা হয় । কিছুমান বিধি – বিধানৰ মাজেৰে সমিতিয়ে এইবােৰৰ ব্যৱস্থা কৰে । সমিতিত এজন সভাপতি আৰু এজন সচিব থাকে । 

বেংকত হিচাপ খুলিবলৈ হ’লে কলেজৰ পৰিচালনা সমিতিৰ সভাত সেই বিষয়ে এটা প্রস্তাৱ গৃহীত হ’ব লাগে । কোন বেংকত হিচাপ খুলিব আৰু কোন ব্যক্তি বা ব্যক্তিবােৰ কলেজৰ হৈ লেনদেন কৰিব সেই বিষয়ে প্রস্তাৱত স্পষ্টকৈ উল্লেখ থাকিব লাগে । যিহেতু সচৰাচৰ । কলেজ অধ্যক্ষজন পৰিচালনা সমিতিৰ পদেন সচিব হয় আৰু কলেজৰ হৈ টকা পইচাৰ আদান প্রদান কৰে , সেই ক্ষেত্ৰত সচিব স্বাক্ষৰ সভাপতিয়ে প্রমাণিত কৰিব লাগে । ইয়াৰ পিচত সচিবে বেংকৰ হিচাপ খােলাৰ প্ৰ – পত্ৰ পূৰণ কৰিব লাগে । ইয়াত সচিবৰ চহী / স্বাক্ষৰৰ নমুনা যথাস্থানত দিব লাগে । 

Sl. No.সূচী-পত্ৰ
Chapter 1বেংকৰ প্ৰকৃতি আৰু সংগঠন ।
Chapter 2সহযােগী ধাৰণা কেইবিধমান ।
Chapter 3বিভিন্ন প্রকাৰৰ বেংক ।
Chapter 4কেন্দ্রীয় বেংক ।
Chapter 5বেংকাৰ আৰু গ্রাহক ।
Chapter 6বিভিন্ন প্ৰকাৰৰ গ্রাহক ।

প্ৰপত্ৰৰ লগত পঞ্জীয়নকৃত অনুষ্ঠানৰ ক্ষেত্ৰত পঞ্জীয়নৰ প্রমাণ পত্ৰৰ নকল আৰু পৰিচালনা সমিতিৰ হিচাপ খােলা প্রস্তাৱৰ প্ৰমাণিত নকল গাঁথি দিব লাগে । যদি কলেজখন পঞ্জীয়নকৃত নহয় , তেতিয়া হ’লে পৰিচালনা সমিতিৰ সভাপতিয়ে স্বাক্ষৰিত কৰা প্ৰস্তাৱৰ নকল আবেদন প্ৰপত্ৰৰ লগত গাঁথি বেংকত জমা দিব লাগে । বেংকে এইবােৰ পৰীক্ষা কৰি চাই সন্তোষজনক হলে হিচাপ খুলিবলৈ বেংকত টকা জমা দিব দিয়ে তেতিয়া বেংকে হিচাপ খােলে । ইয়াৰ পাছ বুক , পে – ইন – শ্লিপ বুক , চেক বহী আদি গ্রাহকক দিয়ে । 

( গ ) দীঘলীয়া প্রশ্নোত্তৰ :

১। কোম্পানীৰ নামত হিচাপ খোলা প্রক্রিয়া বুজাই লিখা । 

উত্তৰঃ কেইজনমান লােকৰ সংস্থা এটা কোম্পানীৰ আইনৰ বিধান মতে পঞ্জীভুক্ত কৰিলে তাক কোম্পানী বােলে । এনে কোম্পানীৰ স্বকীয় সত্বা থাকে । গতিকে কোম্পানীয়ে নিজ নামত বেংকত হিচাপ খুলি লেনদেন কৰিব পাৰে । কোম্পানী ঘৰুৱা বা ৰাজহুৱা যিয়েই নহওঁক , বেংক হিচাপ খােলাৰ পূর্বে বেংকে কিছুমান ব্যৱস্থা অৱলম্বন কৰে । কোম্পানীৰ হিচাপ খুলিবলৈ ইয়াৰ সঞ্চালক পৰিষদৰ সিদ্ধান্ত অপবিহার্য ।সঞ্চালক পৰিষদৰ সিদ্ধান্ত ক্রমে কোনে হিচাপ খুলিব , কোনে হিচাপত লেনদেন কৰিব , তেওঁ বা তেওঁলােকৰ ক্ষমতা আদি বেংকে জানিব পাৰে । তদুপৰি কোম্পানী নিগম পত্র , স্মাৰক লিপি , অন্তলিপি আদিৰ প্রমাণিত নকল চাই – চিতি বেংকে হিচাপ খােলে ৷ ইয়াৰ লগতে পুৰণি কোম্পানী হ’লে ইয়াৰ বার্ষিক লাভ – ক্ষতি হিচাপ , উদ্ধৃত পত্ৰ আদি বেংকে অধ্যয়ন কৰি চাই কোম্পানীৰ বিত্তীয় অৱস্থাৰ আভাষ পায় । কোম্পানীৰ লগত লেনদেন কৰোঁতে ইয়াৰ ঋণ গ্রহণ ক্ষমতা , ঋণ গ্ৰহণৰ মাত্রা আদি জানি থব লাগে । 

২। অংশীদাৰী প্ৰতিষ্ঠানৰ হিচাপ খোলােতে বেংকে কি কি সর্তকতা অৱলম্বন কৰে ? 

উত্তৰঃ অংশীদাৰী প্রতিষ্ঠানবােৰ সাধাৰণতে ব্যৱসায়ী প্রতিষ্ঠান । অংশীদাৰী প্রতিষ্ঠান পঞ্জীয়নকৃত হ’ব বা নহ’ব পাৰে । অংশীদাৰী প্রতিষ্ঠানে ব্যৱসায়ৰ সুবিধাৰ কাৰণে বেংকত হিচাপ খােলে । সাধাৰণতে বেংকে প্রতিষ্ঠানৰ নামত হিচাপ খুলিব লাগে । হিচাপত কোন অংশীদাৰে লেনদেন কৰিব তাৰ কর্তৃত্ব সকলাে অংশীদাৰৰ পৰা বেংকে লয় । অংশীদাৰৰ মৃত্যু দেউলীয়া বা অৱসৰৰ সময়ত আৰু নতুন অংশীদাৰ ভৰ্তি কৰা সময়ত প্ৰতিষ্ঠানৰ নামত বেংকত হিচাপ খােলোতে বেংকে কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগে । যেনে– 

( ক ) অংশীদাৰী প্ৰতিষ্ঠানৰ আটাইকেইজন অংশীদাৰৰ হৈ যিজন অংশীদাৰে বেংকলৈ হিচাপ খােলাৰ বাবে আবেদন কৰে তেওঁৰ তেনে আবেদন কৰাৰ কর্তৃত্ব আছে নে নাই সেইটো ভালদৰে পৰীক্ষা কৰি ল’ব লাগে । 

( খ ) হিচাপ খুলিবলৈ দিয়াৰ আগে আগে বেংকে অংশীদাৰী চুক্তি পত্ৰৰ বিভিন্ন দফাসমূহ ভালদৰে পৰীক্ষা কৰি লব লাগে । 

( গ ) বেংকে অংশীদাৰী প্ৰতিষ্ঠানৰ পৰা এখন পত্ৰত আটাইকেইজন অংশীদাৰৰ স্বাক্ষৰ , ব্যৱসায়ৰ নাম , ঠিকনা তথা ব্যৱসায়ৰ প্রকৃতি সম্বন্ধে লিখিতভাৱে ৰাখি থব লাগে । 

( ঘ ) যিজন অংশীদাৰে প্ৰতিষ্ঠানৰ হৈ বেংকৰ হিচাপৰ লেনদেন কৰিব তেওঁৰ কর্তৃত্ব উল্লেখিত আৰু স্বাক্ষৰ যুক্ত এখন পৰিপত্ৰ বেংকে নিজৰ অধীনত ৰাখিব লাগে । 

( ঙ ) বেংকে কোনাে অংশীদাৰৰ ব্যক্তিগত নামত অংশীদাৰী প্ৰতিষ্ঠানৰ হিচাপ খুলিবলৈ দিব নালাগে । হিচাপ খুলিলে একমাত্র প্রতিষ্ঠানটোৰ নামতহে খুলিবলৈ অনুমতি দিব লাগে । 

৩। নিৰক্ষৰ লােকৰ বেংক হিচাপ খােলা প্রক্রিয়া বহলাই লিখা । 

উত্তৰঃ লিখাপঢ়া কৰিব নােৱাৰা বা অশিক্ষিত বা নিৰক্ষৰ লােকেও বেংকত হিচাপ খুলি গ্রাহক হ’ব পাৰে । নিৰক্ষৰ লােকে হিচাপ খােলাৰ আগতে বেংকৰ নীতি – নিয়ম আন লােক যােগেদি বুজি ল’ব লাগে । তেনে লােকে আক্ষৰিক চহীৰ পৰিৱর্তে বাওঁহাতৰ বুঢ়া আঙুলিৰ হেঁচা বা ছাপ দি স্বাক্ষৰ দিব পাৰে । টিপ চহী সদায় বেংকৰ দায়িত্বশীল বিষয়াৰ উপস্থিতিত দিব লাগে । তাৰােপৰি নিৰক্ষৰ লােকে হিচাপ খােলােতে নিজৰ পাছ প’র্ট আকাৰৰ ছবি হিচাপ খােলা আবেদনৰ লগত দিব লাগে । হিচাপত টকা জমা দিওঁতে যি কোনাে মানুহৰ দ্বাৰা দিব পাৰে । কিন্তু টকা উলিয়াবলৈ নিজে পাচ বুক সহকাৰে বেংকৰ বিষয়াৰ ওচৰত টকা উলিওৱা ফর্মত টিপচহী দিব লাগে । 

৪। একজিকিউট বা পৰিচালক আৰু প্রশাসক কোন ? 

উত্তৰঃ কোনাে লােকে মৃত্যুৰ আগতে তেওঁৰ সম্পত্তি কিদৰে পৰিচালিত হ’ব তাৰ উইল বা ইচ্ছাপত্র কৰিব পাৰে । যদি তেনে ইচ্ছাপত্ৰত সম্পত্তি পৰিচালনাৰ কাৰণে কোনাে লােকৰ নাম দিয়া থাকে , তেনেলােকক একজিকিউট বা পৰিচালক বােলে । 

যদিহে ইচ্ছাপত্ৰত পৰিচালকৰ নাম উল্লেখ নাথাকে নতুন নাম থকা ব্যক্তিজনে সম্পত্তি পৰিচালনা কৰিবলৈ অমান্তি হয় , তেতিয়াহ’লে অইন এজন ব্যক্তিক মৃতকৰ ইচ্ছাপত্র অনুসৰি সম্পত্তি পৰিচালনা কৰিবলৈ নিযুক্ত কৰে । এনেদৰে নিযুক্ত ব্যক্তিকে প্রশাসক বােলে । 

৫। ন্যাসৰক্ষী বা ট্রাষ্টীৰ অৰ্থ লিখা । 

উত্তৰঃ ন্যাসৰক্ষী এনে ব্যক্তি যিয়ে আনৰ সম্পত্তি এক তৃতীয় পক্ষৰ সুবিধার্থে পৰিচালনা কৰে । কিছুমান লােকে , মৃত্যুৰ পিছত তেওঁৰ সম্পত্তি পৰিচালনা কৰাৰ ন্যাসপত্র লিখি থৈ যায় আৰু ন্যাসৰক্ষীয়ে ইয়াক পৰিচালনা কৰিব লাগে ।

৬। অৱসায়ক কোন ? 

উত্তৰঃ কোম্পানী অৱসায়ন কৰাৰ সময়ত ইয়াৰ সম্পত্তি আদায় আৰু ঋণ পৰিশােধ কৰিবলৈ আদালতে নিযুক্ত কৰা ব্যক্তিক অৱসায়ক বােলে । কেতিয়াবা কোম্পানীৰ অংশধাৰক সকলেও অৱসায়ক নিযুক্তি দিয়ে । অৱসায়কে লেনদেনৰ সুবিধাৰ বাবে বেংকত হিচাপ খুলিব পাৰে ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top