Class 11 Banking Chapter 4 কেন্দ্ৰীয় বেংক

Class 11 Banking Chapter 4 কেন্দ্ৰীয় বেংক Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board Class 11 Banking Chapter 4 কেন্দ্ৰীয় বেংক and select needs one.

Class 11 Banking Chapter 4 কেন্দ্ৰীয় বেংক

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 Banking Chapter 4 কেন্দ্ৰীয় বেংক Solutions for All Subject, You can practice these here.

কেন্দ্ৰীয় বেংক

Chapter : 4

পাঠভিত্তিক অতি চমু প্রশ্নোত্তৰ

১। কেন্দ্রীয় কাক বােলে ? 

উত্তৰঃ দেশৰ বেংক পদ্ধতি তথা বিত্তীয় ব্যৱস্থাৰ শীর্ষস্থানীয় বেংকেই হৈছে কেন্দ্রীয় বেংক । ই চৰকাৰী অর্থনীতিৰ পৰিপূৰক হিচাপে মৌদ্রিক নীতি পৰিচালনা কৰে । ই দেশত মুদ্ৰাৰ প্রচলন আৰু নিয়ন্ত্রণ কৰাৰ উপৰিত্ত বেংক ব্যৱস্থা নিয়ন্ত্রণ কৰে । 

ড° এম , এইচ , ডিবাকৰে মতে “কেন্দ্রীয় বেংক দেশৰ মুদ্ৰা আৰু বেংকিং গাঁঠনিৰ মূল ভিত্তি হিচাপে আৰু জাতীয় অর্থনৈতিক উন্নয়নৰ বাবে কাম কৰে ।” 

২। কেন্দ্রীয় বেংকৰ কাৰ্যবােৰৰ নাম লিখা । 

উত্তৰঃ কেন্দ্ৰীয় বেংকৰ কাৰ্যবােৰ হ’ল –

( ক ) মুদ্ৰাৰ প্ৰৱৰ্তন আৰু নিয়ন্ত্রণ । 

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

( খ ) চৰকাৰৰ বেংকাৰ , এজেন্ট আৰু বিত্তীয় উপদেষ্টা ।

( গ ) বেংকৰ বেংক ।

( ঘ ) অন্তিম মুহুর্ত ঋণদাতা ।

( ঙ ) দেশৰ স্বৰ্ণ আৰু বৈদেশিক মুদ্রা ভাণ্ডাৰৰ তত্ত্বাৱধায়ক ।

( চ ) বৈদেশিক মুদ্রা নিয়ন্ত্রক । 

( ছ ) পৰিশােধ ভৱনৰ কাৰ্য্য । আৰু 

( জ ) ঋণ নিয়ন্ত্রণ ।

৩। চৰকাৰৰ বেংক বুলিলে কি বুজা ? 

উত্তৰঃ কেন্দ্ৰীয় বেংকে চৰকাৰৰ বেংক হিচাপে কাৰ্য্য কৰে । চৰকাৰে ইয়াৰ পুঁজি জমা ৰাখিবলৈ আৰু আয় ব্যয় কাৰ্য্যত লিপ্ত হ’বলৈ কেন্দ্রীয় বেংকত হিচাপ খােলে । বেংক হিচাপৰ যােগেদি চৰকাৰে খৰচ কৰে । প্রয়ােজনমতে চৰকাৰে কেন্দ্ৰীয় বেংকৰ পৰা ঋণো লয় । চৰকাৰৰ সাময়িক ঋণৰ প্রয়ােজন পূৰাবলৈ ট্রেজাৰী বিলৰ বেচা কিনা কাম কৰে । চৰকাৰৰ হকে ই বৈদেশিক মুদ্রা লেনদেনো কৰে । সেয়ে কেন্দ্রীয় বেংকক চৰকাৰৰ বেংক বুলি কোৱা হয় । 

৪। বেংকাৰ বেংক মানে কি ? 

উত্তৰঃ কেন্দ্ৰীয় বেংকে দেশৰ বাণিজ্যিক বেংকসমূহৰ বেংকাৰ হিচাপে কার্য সম্পন্ন কৰে । বাণিজ্যিক বেংকে গ্রাহকৰ বাবে আমানত ৰাখে , ঋণ দিয়ে , অর্থ স্থানান্তৰ আৰু প্ৰেৰণ আদিৰ কাম কৰে । সেইদৰে কেন্দ্রীয় বেংকে অনুৰূপ কার্য বাণিজ্যিক বেংকৰ বাবে সম্পন্ন কৰে । সেয়ে কেন্দ্রীয় বেংকক বেংকাৰ বেংক বােলা হয় । 

৫। অন্তিম মুহূর্ত ঋণদাতা মানে কি ? 

উত্তৰঃ কেন্দ্ৰীয় বেংকে দেশৰ মুদ্রা বজাৰ আৰু বেংক ব্যৱস্থাৰ অন্তিম মুহূৰ্তৰ ঋণদাতা হিচাপে কাম কৰে । অধিক লেনদেন নিষ্পত্তি কৰিবৰ জোখাৰে মুদ্ৰাৰ প্ৰচলন হলেহে অর্থব্যৱস্থাত তৰলতা আহে । বাণিজ্যিক বেংকে গ্রাহকক ঋণ প্রদান কৰি আৰু গ্ৰাহকক বিল ভঙাই দি মুদ্রা বজাৰৰ তৰলতা ৰক্ষা কৰে । কিন্তু বাণিজ্যিক বেংকৰ অৰ্থৰ অভাৱ ঘটিব পাৰে । তেনে পৰিস্থিতিত কেন্দ্রীয় বেংকে দেশৰ বাণিজ্যিক বেংকক ঋণ দি বা বাণিজ্যিক বেংকৰ বিলবােৰ পুনৰ বাট্টা কৰি মুদ্রা বজাৰৰ তৰলতা ৰক্ষা কৰে । অর্থাৎ মুদ্রা বজাৰত তৰলতাৰ অভাৱ হ’লে অৱশেষত কেন্দ্রীয় বেংকে তৰলতা আনি দিয়ে । সেই হিচাপে কেন্দ্রীয় বেংকে তৰলতাৰ ক্ষেত্ৰত মুদ্রা বজাৰত অন্তিম মুহূৰ্তৰ এানকর্তা হিচাপে কাম কৰে । 

৬। পৰিবর্তনশীল নগদ সংৰক্ষণ অনুপাতৰ অর্থ লিখা । 

উত্তৰঃ বাণিজ্যিক বেংকসমূহে কেন্দ্রীয় বেংকত নির্দিষ্ট পৰিমাণৰ নগদ মুদ্রা জমা ৰাখিব লাগে । এই জমা বা সংৰক্ষণৰ অনুপাত পৰিবৰ্ত্তন শীল আৰু কেন্দ্রীয় বেংকে প্রয়ােজন অনুসৰি ইয়াক সলনি কৰিব পাৰে । আইনত স্থিৰ কৰি দিয়া নিম্নতম আৰু উৰ্দ্ধৰ্তম অনুপাতৰ ভিতৰত কেন্দ্রীয় বেংকে সংৰক্ষণৰ পৰিমাণ স্থিৰ কৰি দিয়ে । বাণিজ্যিক বেংকৰ আমানত । শতাংশ হিচাপে এই পৰিমাণ স্থিৰ কৰা হয় । সেইকাৰণে ইয়াক পৰিবৰ্তন শীল সংৰক্ষণ অনুপাত বােলে ।

৭। ঋণৰ মার্জিন নিয়ন্ত্রণ মানে কি ? 

উত্তৰঃ ঋণৰ জামিন স্বৰূপে দিয়া প্রতিভূতিৰ বজাৰ মূল্য আৰু প্ৰদানিত ঋণৰ মাজৰ পাৰ্থক্যই মার্জিন । এই মার্জিনৰ পৰিমাণ কেন্দ্রীয় বেংকে কম বা বেছি কৰিব পাৰে । আনকি কোনাে কোনাে পণ্য বা প্রতিভূতিৰ জামিনত ঋণ প্রদান বন্ধও কৰিব পাৰে । পণ্য দ্ৰবৰ মজুতকৰণ ৰোধ কৰিবলৈ বা ষ্টক বিনিময় কেন্দ্ৰৰ দালান , ব্যৱসায়ী আদিৰ ব্যৱসায় নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এই ব্যৱস্থা যথেষ্ট কাৰ্যকৰী হয় ।

( খ ) চমু প্রশ্নৰ উত্তৰ :

১। কেন্দ্রীয় বেংকৰ নােট প্ৰৱৰ্তন ক্ষমতাৰ আভাষ দিয়া ?

 উত্তৰঃ বর্তমান কালত বিশ্বৰ সকলাে দেশৰ কেন্দ্ৰীয় বেংকেই নােট প্রবর্তন মুদ্ৰাৰ প্ৰচলন আৰু নিয়ন্ত্ৰণৰ অধিকাৰ লাভ কৰে । আইন অনুযায়ী কেন্দ্রীয় বেংকৰ বাহিৰে আন কোনাে বেংকে নােট ছপা কৰিব নােৱাৰে ।

কেন্দ্রীয় বেংকৰ হাতত নােট ছপা কৰাৰ দায়িত্ব দিয়াৰ কাৰণবিলাক হ’ল— 

( i ) যেতিয়া বাণিজ্যিক বেংকৰ আমানতৰ সৃষ্টি বৃদ্ধি পায় , তেতিয়া ইয়াক নিয়ন্ত্রণ কৰাৰ প্রয়ােজন হৈ পৰে । বাণিজ্যিক বেংকৰ এনে প্রয়ােজনীয় ঋণ সৃষ্টিত বাধা দিবলৈ নাইবা নিয়ন্ত্রণ কৰিবলৈ কেন্দ্রীয় বেংকক মুদ্রা ছপা কৰাৰ একচেটীয়া দায়িত্ব প্রদান কৰিব লগা হয় । 

( ii ) যদি মুদ্রা ছপা কৰাৰ দায়িত্ব চৰকাৰৰ দ্বাৰা কেৱল এটা বেংককে দিয়া হয় , তেন্তে নির্দিষ্ট গুণ থাকে । আনহাতে বিভিন্ন বেংকে এই দায়িত্ব ললে তাৰ গুণৰ বিভিন্নতা আহি পৰে । 

( iii ) কেৱল এটা বেংক যেনে কেন্দ্রীয় বেংকে মুদ্রা ছপা কৰাৰ সমজাতীয়তা থাকে । আনহাতে অন্যবিলাক বেংকে ছপা কৰা মুদ্রা এই সহ জাতীয়তা নাথাকে , আৰু তাৰ ফলত জনসাধাৰণৰ মুদ্ৰাৰ প্রতি বিশ্বাস হেৰুওৱাৰ সম্ভাৱনা থাকে । মুদ্ৰাৰ প্ৰতি জনসাধাৰণৰ বিশ্বাস অটুট ৰাখিবলৈ কেন্দ্রীয় বেংকক নােট ছপা কৰাৰ দায়িত্ব দিয়া হব । 

( iv ) কেন্দ্রীয় বেংকৰ হাতত নােট ছপাৰাৰ দায়িত্ব অর্পণ কৰাৰ পাছত, ইয়াৰ অনিয়মীয়তা নাইবা অন্যান্য দুর্নীতি মূলক কাৰ্য্যৰ পৰিদৰ্শন কৰা আৰু সিবিলাকৰ শুধৰণি কৰাৰ বাবে চৰকাৰৰ সুবিধা হয় । বিভিন্ন বেংকক এই দায়িত্ব দিলে চৰকাৰৰ এই কামত যথেষ্ট অসুবিধাৰ সৃষ্টি হয় । 

( v ) যিহেতু কেন্দ্রীয় বেংকেই মুদ্রাগত পৰিচালনাৰ দায়িত্ব লয় , সেইবাবে নােট ছপা কৰাৰ ক্ষেত্ৰত উদ্ভৱ হােৱা সমস্যা সমাধানৰ ক্ষেত্ৰত বেছি কাৰ্যকৰীভাৱে সম্পন্ন কৰিবলৈ এই বেংককে দায়িত্ব দিয়া প্রয়ােজন । 

২। পৰিশােধভৱনৰ কাৰ্য আলােচনা কৰা । 

উত্তৰঃ বিভিন্ন বাণিজ্যিক বেংক আৰু সেইবােৰৰ গ্ৰাহকৰ মাজত অহৰহ চেক লেনদেন হয় । ফলত প্রত্যেক বেংকে আন বেংকক টকা দিবলগীয়া হয় , আনহাতে আন বেংকৰ পৰা পাব লগীয়া হয় । বেংকবােৰৰ মাজত আটাইবােৰ আদান – প্রদান নগদ টকাৰ মাধ্যমত কৰিব লাগিলে বহুত টকাৰ প্রয়ােজন হয় । এনে অসুবিধাৰ হাত সাৰিবলৈ পৰিশােধ ভৱনব উদ্ভাৱন কৰা হৈছে । প্রত্যেক দিনে পৰিশােধ ভৱনত বিভিন্ন বেংকৰ কৰ্মচাৰী সমবেত হৈ সেইবােৰৰ মাজত হ’বলগীয়া আদান – প্রদান নিস্পত্তি কৰা হয় । অৱশেষত যি বেংকে দিবলগীয়া হয় , সেই বেংকে কেন্দ্রীয় বেংকত থকা হিচাপত চেক দি পাবলগীয়া বেংকক পৰিশােধ কৰে । কেন্দ্রীয় বেংকে দেনাদাৰ বেংকৰ হিচাপত ডেবিট দি পাওনাদাৰ বেংকৰ হিচাপত ক্রেডিট দিয়ে । এইদৰে কেন্দ্ৰীয় বেংকে পৰিশােধন ভৱনৰ সুবিধা দি বেংক ব্যৱস্থাক সহায় কৰে । 

৩ । মুকলি বজাৰৰ লেনদেন কি বুজাই লিখা । 

উত্তৰঃ কেন্দ্ৰীয় বেংকে বজাৰত হ্রস্বম্যাদী প্রতিভূতি বেচা – কিনা কৰাকে মুকলি বজাৰৰ লেন – দেন বােলে । ইয়াৰ ফলত মুদ্রা বজাৰৰ তৰলতা প্রত্যক্ষ ভাৱে কম – বেছি কৰিব পাৰি । বেংকসমূহৰ হাতত অধিক পৰিমাণে তৰল সম্পদ থাকিলে ঋণৰ পৰিমাণ বেছি হয় ফলত মুদ্রাস্ফীতি হয় । এনে ক্ষেত্ৰত মুদ্রা বজাৰৰ তৰলতা হ্রাস কৰাৰ কাৰণে কেন্দ্রীয় বেংকে হস্বম্যাদী প্রতিভূতি বিক্ৰী কৰে । এই প্রতিভূতি বিভিন্ন ব্যক্তি , প্রতিষ্ঠান , বিত্তীয় অনুষ্ঠানে ক্রয় কৰে । ক্রেতাসকলে বাণিজ্যিক বেংকৰ হিচাপত চেক দি প্রতিভূতিৰ মূল্য আদায় দিয়ে । ফলত বাণিজ্যিক বেংকে কেন্দ্রীয় বেংকত জমা ৰখা আমানত হ্রাস পায় । আনহাতে বাণিজ্যিক বেংকে গ্রাহকক দিবলগীয়া আমানত দেনাৰ পৰিমাণ কমে । তেতিয়া মুদ্রা বজাৰৰ তলতাকমে । গতিকে বাণিজ্যিক বেংকৰ ঋণ সৃষ্টি ক্ষমতা কমে । 

আনহাতে বজাৰত মুদ্রা যােগান বেছি কৰিবলৈ হ’লে , কেন্দ্রীয় বেংকে আগতে বিক্ৰী কৰা প্ৰতিভূতি ক্রয় কৰে । তেতিয়া প্রতিভূতি বিক্রেতাসকলে সেইবােৰৰ মূল্য পায় । তেওঁলােকে পােৱা নগদ মূল্য সাধাৰণতে বাণিজ্যিক বেংকত জমা হয় । নতুবা কেন্দ্রীয় বেংকে বাণিজ্যিক বেংকৰ হিচাপত ক্রেডিট দেখুৱাই প্রতিভূতি মূল্য আদায় দিয়ে । 

৪। আন্তর্জাতিক মুদ্ৰাৰ সংৰক্ষণ বুলিলে কি বুজা ? 

উত্তৰঃ আন্তর্জাতিক মুদ্রা বা বৈদেশিক মুদ্ৰাৰ সংৰক্ষণ কেন্দ্রীয় বেংকে নােট প্ৰৱর্তনৰ বিধিগত ব্যৱস্থা অনুসৰি কৰে । তদুপৰি আন্তর্জাতিক বাণিজ্যিৰ ফলত দেশৰ নাগৰিক , প্রতিষ্ঠান আৰু চৰকাৰৰ বাহি স্বর্ণ ও বৈদেশিক মুদ্রা কেন্দ্রীয় বেংকত জমা হয় । মুদ্ৰাৰ আভ্যন্তৰীণ মূল্য স্থিৰে ৰাখিবলৈ স্বর্ণ আৰু বৈদেশিক মুদ্রা সংৰক্ষণ কৰা হয় । ঠিক সেইদৰে মুদ্ৰাৰ বৰ্হিমূল্য বা বিণিময় মূল্য স্থিৰে ৰাখিবলৈ স্বর্ণ আৰু বৈদেশিক মুদ্রা জমা ৰাখিব লাগে । মুদ্ৰাৰ উভয় প্রকাৰ মূল্য স্থিৰে ৰখাৰ সুবিধার্থে কেন্দ্রীয় বেংকে দেশৰ স্বৰ্ণভাণ্ডাৰ আৰু বৈদেশিক মুদ্রা ভাণ্ডাৰ সংৰণ কৰে । 

৫। ঋণ ৰেচনিং মানে কি লিখা ? 

উত্তৰঃ সাধাৰণতে কেন্দ্রীয় বেংকে সকলােবােৰ প্ৰতিষ্ঠানৰ পৰা যি পৰিমাণ ঋণ বা বাট্টাকৰণৰ বিল পায় তাতকৈ কম পৰিমাণৰ সাহায্য দিয়ে । ফলত প্রত্যেক আবেদনকাৰীয়ে বিচৰা ঋণ বা বাট্রাকৰণৰ একাংশহে কেন্দ্রীয় বেংকে মুদ্রা বজাৰক ঋণৰ যােগান ধৰে , অর্থাৎ মুদ্রা বজাৰৰ ঋণ চাহিদা আংশিকভাৱে পূৰণ কৰে । তেতিয়া মুদ্রা বজাৰ বা বাণিজ্যিক বেংকৰ তৰলতা কমি থাকে । ফলত ঋণ সম্প্রসাৰণ কম হয় । ইয়েই ঋণ ৰেচনিং বা ঋণৰ যথােপযুক্ততা । 

৬ । ঋণ নিয়ন্ত্রণ কি বুজাই লিখা । 

উত্তৰঃ দেশৰ ঋণ নিয়ন্ত্রণ কৰাটো কেন্দ্রীয় বেংকৰ অন্যতম মুখ্য কাৰ্য । ঋণ নিয়ন্ত্রণ বুলিলে সাধাৰণভাৱে বাণিজ্যিক বেংকৰ ঋণ নীতিৰ ওপৰত নিয়ন্ত্রণ তথা পৰিচালনা কৰাকে বুজায় । ঋণ নিয়ন্ত্ৰণৰ উদ্দেশ্যে কেন্দ্রীয় বেংকে দুটা উপায় অৱলম্বন কৰে । বেংক ৰেট , মুকলি বজাৰৰ লেনদেন আৰু পৰিবর্তনশীল সংৰক্ষণৰ অনুপাতৰ প্ৰভাৱ সাধাৰণতে সকলাে বেংকৰ ওপৰত প্ৰায় একে ধৰণে প্রতিফলিত হয় । এইবােৰৰ সহায়ত কেন্দ্রীয় বেংকে মুদ্রা যােগানৰ তাৰতম্য কৰি বাণিজ্যিক বেকৰ তৰলতাৰ ওপৰত প্ৰভাৱ পেলায় । তেতিয়া বাণিজ্যিক বেংকৰ ঋণদান ক্ষমতা হ্রাস বৃদ্ধি হয় । এইবােৰকে ঋণ নিয়ন্ত্ৰণৰ সাধাৰণ বা পৰিমাণগত  প্রণালী বােলে । 

আনহাতে অর্থ ব্যৱস্থাৰ কোনাে বিশেষ খণ্ডত ঋণ নিয়ন্ত্রণ কার্যকৰী কৰিবলৈ কেন্দ্রীয় বেংকে বাছনিমূলক বা গুণগত উপায় অৱলম্বন কৰে । সাধাৰণতে নৈতিক প্রমােদন , প্রত্যক্ষ নির্দেশ , মার্জিন’ৰ হ্রাস – বৃদ্ধি , ভােক্তা ঋণ নিয়ন্ত্রণ আদিয়ে বাছনিমূলক উপায় । 

৭। কেন্দ্রীয় বেংকে কিদৰে চৰকাৰৰ বেংক হিচাপে কাম কৰে বৰ্ণনা কৰা । 

উত্তৰঃ কেন্দ্ৰীয় বেংকে চৰকাৰৰ বেংক হিচাপে কার্য কৰে । চৰকাৰে তেওঁলােকৰ পুঁজি জমা ৰাখিবলৈ আৰু আয় ব্যয় কার্যত লিপ্ত হ’বলৈ কেন্দ্রীয় বেংকত হিচাপ খােলে । বেংক হিচাপৰ যােগেদি চৰকাৰে খৰচ কৰে । প্রয়ােজন মতে চৰকাৰে কেন্দ্ৰীয় বেংকৰ পৰা ঋণাে লয় । চৰকাৰৰ সাময়িক ঋণৰ প্রয়ােজন পুৰাবলৈ ট্রেজাৰী বিলৰ বেচা কিনা কাম কেন্দ্রীয় বেংকে সম্পন্ন কৰে । চৰকাৰৰ হকে ই বৈদেশিক মুদ্ৰাৰ লেনদেনো কৰে । দেশ বা বিদেশে দীর্ঘম্যাদী ঋণপত্র বিক্ৰী কৰি ঋণ সংগ্রহ কৰাটো কেন্দ্রীয় বেংকে চৰকাৰক সহায় কৰে । এনে ক্ষেত্ৰতে চৰকাৰৰ বিত্তীয় উপদেষ্টা ৰূপে কাম কৰে । তদুপৰি অৰ্থৰ হস্তান্ত , স্থানান্তৰ , প্ৰেৰণ আদি কার্য সম্পন্ন কৰি কেন্দ্ৰীয় বেংকে চৰকাৰৰ এজেন্ট হিচাপেও কাম কৰে । দেশৰ চৰকাৰ আৰু বেংক ব্যৱস্থাৰ বেংকাৰ হিচাপে কাম কৰাৰ কালত মুদ্ৰাৰ বজাৰ নিয়ন্ত্রণ কৰাত কেন্দ্রীয় বেংকৰ সুচল হৈছে । চৰকাৰী আয় ব্যয়ৰ পৰিস্থিতি , ঘাটি বিত্ত, বেংকৰ পদ্ধতিৰ আমানত আদিৰ খবৰ ৰাখি কেন্দ্রীয় বেংকে অর্থ ব্যৱস্থাত মুদ্রাস্ফীতি বা মুদ্রা সংকোচন নিয়ন্ত্রণ কৰিবলৈ সুবিধা পায় । 

৮ । ভাৰতত কোনটো পদ্ধতিত নােট প্ৰৱর্তন কৰা হয় পদ্ধতিটোৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰঃ ভাৰতত নােট প্ৰৱৰ্তন কৰিবলৈ ৰিজাৰ্ভ বেংকে নিম্নতম সংৰক্ষণ পদ্ধতি অবলম্বন কৰে ।

এই পদ্ধতিত নােট প্ৰৱৰ্তন কৰিবলৈ নিৰ্ধাৰিত নিম্নতম স্বর্ণ সংৰক্ষণৰ বাবে আইনৰ ব্যৱস্থা কৰা হয় । সেই নিম্নতম পৰিমাণৰ সোণ সংৰক্ষণ কৰি মুদ্রা কর্তৃপক্ষই যিকোনাে পৰিমাণৰ নােট প্ৰৱৰ্তন আৰু প্ৰচলন কৰিব পাৰে । 

৯। ঋণ নিয়ন্ত্ৰণৰ প্রধান উদ্দেশ্যবােৰ ব্যাখ্যা কৰা । 

উত্তৰঃ ঋণ নিয়ন্ত্ৰণৰ প্রধান উদ্দেশ্যবােৰ হ’ল – 

( ক ) দৰস্তৰৰ স্থিৰতা :- দেশৰ মুদ্ৰা আৰু বেংক পদ্ধতিৰ অধিনায়ক হিচাপে কেন্দ্রীয় বেংকে দস্তৰ সুস্থিৰে ৰাখিবলৈ মুদ্রা আৰু ঋণগত মুদ্রা নিয়ন্ত্রণ কৰে ।

( খ ) অর্থনৈতিক স্থিৰতা :- দেশৰ অর্থনীতি সুস্থিৰে ৰখাটো কেন্দ্রীয় বেংকৰ অন্যতম উদ্দেশ্য । অর্থনৈতিক স্থিৰতা ৰক্ষার্থে মুদ্রাস্ফীতি নিয়ন্ত্রণ কৰিবলৈ আৰু আর্থিক প্রগতি অব্যাহত ৰাখিবলৈ ঋণ নিয়ন্ত্রণ কৰে ।

( গ ) অর্থনৈতিক বিকাশ :- অর্থনৈতিক বিকাশ কৰিবলৈ সাধাৰণ বা সংখ্যাগত , গুণগত বা বাছনিমূলক ঋণ নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণ কৰে । 

( ঘ ) বিনিময় হাৰৰ স্থিৰতা :- ঋণ নিয়ন্ত্ৰণৰ আন এটা উদ্দেশ্য হ’ল বিনিময় হাৰ স্থিৰে ৰখা । দেশৰ আন্তর্জাতিক মুদ্রা ভাণ্ডাৰ নিয়ন্ত্রণ কৰি ৰিজাৰ্ভ বেংকে বিনিময় হাৰ সুস্থিৰকৈ পৰিচালনা কৰাৰ সুবিধা পায় । 

( ঙ ) নিয়ােগৰ সর্বাধিকৰণ :- ঋণ নিয়ন্ত্ৰণৰ আন এটা গুৰুত্বপূৰ্ণ উদ্দেশ্য হ’ল নিয়ােগত সর্বাধিকৰণ কৰা । এই উদ্দেশ্য ফলৱর্তী হােৱাৰ কাৰণে কেন্দ্রীয় বেংকে দেশৰ কৃষি আৰু উদ্যোগ খণ্ডত যথােপযুক্ত ঋণৰ ব্যৱস্থা কৰে । 

১০। বেংকৰ ওপৰত পর্যবেক্ষণ আৰু নিৰীক্ষণ কিদৰে কৰে ? 

উত্তৰঃ বর্তমান সময়ত প্রায় সকলাে দেশৰ কেন্দ্ৰীয় বেংককে দেশৰ বেংক পদ্ধতি সুস্থভাৱে নিয়ন্ত্রিত কৰিবলৈ বহুত ক্ষমতা প্রদান কৰা হয় । কেন্দ্রীয় বেংকে আন বেংকৰ ব্যৱসায় পৰিদৰ্শন আৰু পর্যবেক্ষণ কৰিব পাৰে । বাস্তৱিকতে এনে কার্য কৰে । ইয়াৰ ফলত বেংকে আন বেংকৰ ব্যৱসায় নীতি সুস্থ ভিত্তিত পৰিচালিত হৈছে নে নাই সঠিকভাবে জানিব পাৰে । ইয়াৰ ভিত্তি নানা প্রকাৰৰ দিহা – পৰামর্শ দিব পাৰে । এই ব্যৱস্থা সবাতােকৈ কাৰ্যকৰী হয় । 

১১। বেংকৰেট কি ? 

উত্তৰঃ মুদ্রা বজাৰত অৰ্থৰ নাটনি হলে বাণিজ্যিক বেংকে কেন্দ্রীয় বেংকৰ পৰা ঋণ লয় । নতুবা বাণিজ্যিক বেংকে গ্রাহকক ভঙাই দিয়া বিল কেন্দ্রীয় বেংকত পুনৰ বাট্টা কৰি লয় । কেন্দ্রীয় বেংকে এইদৰে ঋণ দিওঁতে বা বিল পুনৰ বাট্টা কৰোঁতে যি হাৰত সুত লয় , তাকে বেংক ৰেট বা বাট্টাহাৰ বােলে ।

( গ ) দীঘলীয়া প্রশ্নোত্তৰঃ 

১। কেন্দ্রীয় বেংকৰ চাৰি প্ৰকাৰ নােট প্ৰৱর্তন পদ্ধতি আলােচনা কৰা । 

উত্তৰঃ সময়ে সময়ে বা বিভিন্ন সময়ত নােট প্ৰৱৰ্তন পদ্ধতি প্ৰৱৰ্তিত , প্রচলিত আৰু সলনি হৈ আহিছে সময়ৰ লগত খাপ খুৱায় । এইসমূহ হল – 

( ক ) আংশিক আদিষ্ট পদ্ধতি বা নির্দিষ্ট পদ্ধতি :- এই প্রণালীৰে ইংলেণ্ডত ১৮৪৪ চনৰ পৰা নােট প্ৰৱৰ্তন কৰা হয় । আইনৰ ব্যৱস্থা অনুসৰি এক নির্ধাৰিত পৰিমাণৰ নােট চৰকাৰী প্রতিভূতি জামিন হিচাপে ৰাখি কেন্দ্রীয় বেংকে প্রৱর্তন কৰে । এই পৰিমাণতকৈ অতিৰিক্ত নােট মুদ্রণ কৰিবলৈ হ’লে কেন্দ্রীয় বেংকে সমান মূল্যৰ সােণ সংৰক্ষণ কৰিব লাগে । ১৮৬১-১৯২০ চনৰ ভিতৰত ভাৰতত এই প্রণালীৰে নােট প্ৰৱর্তন হয় । 

( খ ) নােট সর্বাধিক সীমা বা সর্বাধিক আদিষ্ট প্রণালীঃ ১৮৭০-১৯২৮ চনত ফ্রান্স এই প্রণালী অৱলম্বন কৰি নােট প্ৰৱর্তন কৰে । আইন প্রণয়ন কৰি কি পৰিমাণৰ নােট প্ৰৱৰ্তন কৰিব তাক সর্বাধিক সীমা স্থিৰ কৰি দিয়া হয় । এই পৰিমাণৰ নােট মুদ্রণ কৰিবলৈ কেন্দ্রীয় বেংকে কোনাে প্রকাৰ ধাতু বা প্রতিভূতি সংৰক্ষণ কৰিব নালাগে । সময়ে সময়ে আইন সংশােধন কৰি নােট মুদ্ৰণৰ মাত্ৰাৰ পৰিৱৰ্তন কৰা হয় । এই প্রণালী ১৯৬৯ চনত ইংলেণ্ডে আৰু ১৯৪১ চনত জার্মানীয়ে কার্যকৰী কৰে । 

( গ ) নিম্নতম শতাংশ পদ্ধতিঃ এই প্রণালী মতে প্ৰৱৰ্তিত নােটৰ বিপৰীতে এক নির্দিষ্ট পৰিমাণৰ সােণ , ৰূপ আৰু আন প্রতিভূতি বা বৈদেশিক মুদ্রা সংৰক্ষণ কৰিব লাগে । ভাৰতত ১৯৫৬ চনৰ ৰিজাৰ্ভ বেংকৰ আইনৰ সংশােধনী ক্রমে সর্বনিম্ন ৪০ কোটি সংৰক্ষণৰ ৪০ শতাংশ সােণ আৰু বাকী ৬০ শতাংশ স্টালিং তহবিল বা বৈদেশিক মুদ্রা সংৰক্ষণ কৰি নােট প্ৰৱর্তন হয় । ১৯৫৭ চনত ইয়াৰ সংশােধনী হয় । 

( ঘ ) নিম্নতম সংৰক্ষণ পদ্ধতিঃ এই পদ্ধতিত নােট প্ৰৱৰ্তন কৰিবলৈ নিৰ্ধাৰিত নিম্নতম স্বর্ণ সংৰক্ষণৰ কাৰণে আইনৰ ব্যৱস্থা কৰা হয় । সেই নিম্নতম পৰিমাণৰ সোণ সংৰক্ষণ কৰি মুদ্রা কর্তৃপক্ষই যিকোনাে পৰিমাণৰ নােট প্ৰৱৰ্তন আৰু প্ৰচলন কৰিব পাৰে । ভাৰতত বর্তমান এনে প্রণালীৰে নােট প্ৰৱৰ্তন হৈ আছে । ১৯৫৭ চনত সংশােধনী ক্রমে সর্বনিম্ন ২০০ কোটি টকাৰ মূল্যৰ সােণ আৰু আন প্রতিভূতি ( ১১৫ কোটি টকাৰ সােণ আৰু ৮৫ কোটি টকাৰ বৈদেশিক মুদ্রা , চৰকাৰী বিল আদি ) সংৰক্ষণ কৰি নােট প্ৰৱর্তন কৰে । 

Sl. No.সূচী-পত্ৰ
Chapter 1বেংকৰ প্ৰকৃতি আৰু সংগঠন ।
Chapter 2সহযােগী ধাৰণা কেইবিধমান ।
Chapter 3বিভিন্ন প্রকাৰৰ বেংক ।
Chapter 4কেন্দ্রীয় বেংক ।
Chapter 5বেংকাৰ আৰু গ্রাহক ।
Chapter 6বিভিন্ন প্ৰকাৰৰ গ্রাহক ।

২। অন্তিম মুহূর্ত ঋণদাতা আৰু বেংকৰ বেংক হিচাপে কেন্দ্রীয় বেংকৰ কার্যাবলী আলােচনা কৰা । 

উত্তৰঃ কেন্দ্ৰীয় বেংকে দেশৰ মুদ্রা বজাৰ আৰু বেংক ব্যৱস্থাৰ অন্তিম মুহূৰ্তৰ ঋণদাতা হিচাপে কাম কৰে । অধিক লেনদেন নিষ্পত্তি কৰিবৰ জোখাৰে মুদ্ৰাৰ প্ৰচলন হ’লেহে অর্থ ব্যৱস্থাত তৰলতা আহে । বাণিজ্যিক বেংকে গ্রাহকক ঋণ প্রদান কৰি আৰু গ্ৰাহকৰ বিল ( বিনিয়ােগ পত্র ) ভঙাই দি মুদ্রা বজাৰৰ তৰলতা ৰক্ষা কৰে । কিন্তু বাণিজ্যিক বেংকৰ অৰ্থৰ অভাৱ ঘটিলে কেন্দ্রীয় বেংকে দেশৰ বাণিজ্যিক বেংকক ঋণ দি বা বাণিজ্যিক বেংকৰ বিলটোৰ পুনৰ বাট্টা কৰি , মুদ্রা বজাৰৰ তৰেলতা ৰক্ষা কৰে । অর্থাৎ মুদ্রা বজাৰত তৰলতাৰ অভাৱ হ’লে অৱশেষত কেন্দ্রীয় বেংকে তৰলতা আনি দিয়ে । সেই হিচাপে কেন্দ্রীয় বেংকে তলতাৰ ক্ষেত্ৰত মুদ্রা বজাৰত অন্তিম মুহূৰ্তৰ ত্রাণকর্তা হিচাপে কাম কৰে । 

কেন্দ্রীয় বেংকে দেশৰ বাণিজ্যিক বেংকসমূহৰ বেংকাৰ হিচাপে কার্যসম্পন্ন কৰে । বাণিজ্যিক বেংকে গ্রাহকৰ বাবে আমানত ৰাখে , ঋণ দিয়ে , অর্থ স্থানান্তৰ আৰু প্ৰেৰণ আদিৰ কাম কৰে । সেইদৰে কেন্দ্ৰীয় বেংকে অনুৰূপ কার্য বাণিজ্যিক বেংকৰ বাবে সম্পন্ন কৰে । অর্থাৎ বাণিজ্যিক বেংকে পৰম্পৰাগতভাৱে বা বিধিগতভাৱে কেন্দ্রীয় বেংকত হিচাপ খােলে । তাত বিধিগত নিম্নতম নগদ মুদ্রা জমা ৰখাৰ উপৰিও বাণিজ্যিক বেংকৰ ৰাহি অর্থ জমা ৰাখে । বাণিজ্যিক বেংকৰ অৰ্থনাটনি হলে , কেন্দ্রীয় বেংকে ঋণ দিয়ে আৰু বিল পুনৰ বাট্টা কৰি সহায় কৰে । তদুপৰি বাণিজ্যিক বেংকেবােৰৰ মাজত হােৱা লেনদেন কেন্দ্রীয় বেংকে হিচাপৰ যােগেদি নিষ্পত্তি কৰে । 

৩। কেন্দ্রীয় বেংকৰ ঋণ নিয়ন্ত্রণ কার্য আলােচনা কৰা । ঋণ নিয়ন্ত্রণ পৰিমাণগত বা সাধাৰণ প্ৰণালী আৰু বাছনিমূলক বা গুণগত উপায়ৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ দেশৰ ঋণ নিয়ন্ত্রণ কৰাটো কেন্দ্রীয় বেংকৰ অন্যতম মুখ্য কাৰ্য । ঋণ নিয়ন্ত্রণ বুলিলে সাধাৰণভাৱে বাণিজ্যিক বেংকৰ ঋণ নীতিৰ ওপৰত নিয়ন্ত্রণ তথা পৰিচালনা কৰাকে বুজায় । ঋণ নিয়ন্ত্ৰণৰ উদ্দেশ্যে কেন্দ্রীয় বেংকে দুটা উপায় অৱলম্বন কৰে । বেংক ৰেট , মুকলি বজাৰৰ লেনদেন আৰু পৰিবর্তনশীল সংৰক্ষণৰ অনুপাতৰ প্ৰভাৱ সাধাৰণতে সকলাে বেংকৰ ওপৰত প্ৰায় একে ধৰণে প্রতিফলিত হয় । এইবােৰৰ সহায়ত কেন্দ্রীয় বেংকে মুদ্রা যােগানৰ তাৰতম্য কৰি বাণিজ্যিক বেকৰ তৰলতাৰ ওপৰত প্ৰভাৱ পেলায় । তেতিয়া বাণিজ্যিক বেংকৰ ঋণদান ক্ষমতা হ্রাস বৃদ্ধি হয় । এইবােৰকে ঋণ নিয়ন্ত্ৰণৰ সাধাৰণ বা পৰিমাণগত  প্রণালী বােলে । 

আনহাতে অর্থ ব্যৱস্থাৰ কোনাে বিশেষ খণ্ডত ঋণ নিয়ন্ত্রণ কার্যকৰী কৰিবলৈ কেন্দ্রীয় বেংকে বাছনিমূলক বা গুণগত উপায় অৱলম্বন কৰে । সাধাৰণতে নৈতিক প্রমােদন , প্রত্যক্ষ নির্দেশ , মার্জিন’ৰ হ্রাস – বৃদ্ধি , ভােক্তা ঋণ নিয়ন্ত্রণ আদিয়ে বাছনিমূলক উপায় । 

কেন্দ্রীয় বেংকৰ ঋণ নিয়ন্ত্রণ উপায়বােৰক ঘাইকৈ দুটা ভাগত ভগােৱা হয় । সেয়া । হ’ল – 

( ক ) পৰিমাণগত বা সাধাৰণ প্ৰণালী । আৰু 

( খ ) বাছনিমূলক বা গুণগত উপায় । 

( ক ) পৰিমাণগত বা সাধাৰণ প্ৰণালীঃ বেংক ৰেট বা বাট্টাহাৰ , মুকলি বজাৰৰ লেনদেন আৰু পৰিবর্তনশীল সংৰক্ষণ অনুপাতৰ প্ৰভাৱ সাধাৰণতে সকলাে বেংকৰ ওপৰত প্রায় একে ধৰণে প্রতিফলিত হয় । এইবােৰৰ সহায়ত কেন্দ্রীয় বেংকে মুদ্রা যােগানৰ তাৰতম্য কৰি বাণিজ্যিক বেংকৰ তৰলতাৰ ওপৰত প্ৰভাৱ পেলায় । তেতিয়া বাণিজ্যিক বেংকৰ ঋণদান ক্ষমতা হ্রাস বৃদ্ধি হয় । এইবােৰকে ঋণ নিয়ন্ত্ৰণৰ সাধাৰণ বা পৰিমাণগত প্রণালী বােলে । এইবােৰ চমুকৈ তলত বর্ণনা কৰা হ’ল — 

( a ) বেংকৰেট বা বাট্টাহাৰঃ মুদ্রা বজাৰত অৰ্থৰ নাটনি হলে বাণিজ্যিক বেংকে কেন্দ্রীয় বেংকৰ পৰা ঋণ লয় , নতুবা বাণিজ্যিক বেংকে গ্রাহকক ভঙাই দিয়া বিল কেন্দ্রীয় বেংকত পুনৰ বাট্টা কৰি লয় । কেন্দ্রীয় বেংকে এইদৰে ঋণ দিওঁতে বা বিল পুনৰ বাট্টা কৰোঁতে যিহাৰত সুত লয় , তাকে বেংকৰেট বা বাট্টাহাৰ বােলে । কেন্দ্রীয় বেংকৰ নির্বাচনযােগ্য আৰু অ অনুমােদিত প্রতিভূতি জামিন ৰাখিহে ঋণ দিয়ে বা অনুমােদিত বিল পুনৰ বাট্টা কৰি দিয়ে । কেন্দ্রীয় বেংকে এই বেংকৰেট পৰিবর্তন কৰিব পাৰে । বেংকৰেট বঢ়াই দিয়ে বাণিজ্যিক বেংকে লােৱা ঋণৰ সুত বাঢ়ে । তেতিয়া বাণিজ্যিক বেংকে ঋণ প্রদান কৰোঁতে লােৱা সুতৰ হাৰ বৃদ্ধি কৰে । এইদৰে মুদ্রা বজাৰৰ অন্যান্য সুতৰ হাৰ বৃদ্ধি পায় । সুতৰ হাৰ বৃদ্ধি হ’লে ঋণৰ খৰচ বাঢ়ে । তেতিয়া ধৰুৱা নিৰুৎসাহিত হয় । ফলত ঋণৰ পৰিমাণ হ্রাস হয় । আনহাতে বেংকটে হ্রাস কৰিলে সুতৰ হাৰ কমে । তেতিয়া ঋণৰ খৰচ কম হয় । বিনিয়ােগকাৰীয়ে অধিক ঋণ লয় । গতিকে মুদ্ৰাৰ চাহিদা আৰু যােগান বাঢ়ে । দ্রব্য মূল্যস্তৰ উৰ্দ্ধর্গামী হয় । বিনিয়োগ অধিক হলে আর্থিক কার্য , নিয়ােগ , আয় , বস্তুৰ চাহিদা বাঢ়ে । 

( b ) মুকলি বজাৰৰ লেনদেন :- কেন্দ্ৰীয় বেংকে বজাৰত হ্রস্বম্যাদী প্রতিভূতি বেচা – কিনা কৰাকে মুকলি বজাৰৰ লেন – দেন বােলে । ইয়াৰ ফলত মুদ্রা বজাৰৰ তৰলতা প্রত্যক্ষ ভাৱে কম – বেছি কৰিব পাৰি । বেংকসমূহৰ হাতত অধিক পৰিমাণে তৰল সম্পদ থাকিলে ঋণৰ পৰিমাণ বেছি হয় ফলত মুদ্রাস্ফীতি হয় । এনে ক্ষেত্ৰত মুদ্রা বজাৰৰ তৰলতা হ্রাস কৰাৰ কাৰণে কেন্দ্রীয় বেংকে হস্বম্যাদী প্রতিভূতি বিক্ৰী কৰে । এই প্রতিভূতি বিভিন্ন ব্যক্তি , প্রতিষ্ঠান , বিত্তীয় অনুষ্ঠানে ক্রয় কৰে । ক্রেতাসকলে বাণিজ্যিক বেংকৰ হিচাপত চেক দি প্রতিভূতিৰ মূল্য আদায় দিয়ে । ফলত বাণিজ্যিক বেংকে কেন্দ্রীয় বেংকত জমা ৰখা আমানত হ্রাস পায় । আনহাতে বাণিজ্যিক বেংকে গ্রাহকক দিবলগীয়া আমানত দেনাৰ পৰিমাণ কমে । তেতিয়া মুদ্রা বজাৰৰ তলতাকমে । গতিকে বাণিজ্যিক বেংকৰ ঋণ সৃষ্টি ক্ষমতা কমে । 

আনহাতে বজাৰত মুদ্রা যােগান বেছি কৰিবলৈ হ’লে , কেন্দ্রীয় বেংকে আগতে বিক্ৰী কৰা প্ৰতিভূতি ক্রয় কৰে । তেতিয়া প্রতিভূতি বিক্রেতাসকলে সেইবােৰৰ মূল্য পায় । তেওঁলােকে পােৱা নগদ মূল্য সাধাৰণতে বাণিজ্যিক বেংকত জমা হয় । নতুবা কেন্দ্রীয় বেংকে বাণিজ্যিক বেংকৰ হিচাপত ক্রেডিট দেখুৱাই প্রতিভূতি মূল্য আদায় দিয়ে । 

( C ) পৰিৱৰ্তনশীল নগদ সংৰক্ষণৰ অনুপাতঃ বাণিজ্যিক বেংকসমূহে কেন্দ্রীয় বেংকত নির্দিষ্ট পৰিমাণৰ নগদ মুদ্রা জমা ৰাখিব লাগে । এই জমা বা সংৰক্ষণৰ অনুপাত পৰিবৰ্ত্তন শীল আৰু কেন্দ্রীয় বেংকে প্রয়ােজন অনুসৰি ইয়াক সলনি কৰিব পাৰে । আইনত স্থিৰ কৰি দিয়া নিম্নতম আৰু উৰ্দ্ধৰ্তম অনুপাতৰ ভিতৰত কেন্দ্রীয় বেংকে সংৰক্ষণৰ পৰিমাণ স্থিৰ কৰি দিয়ে । বাণিজ্যিক বেংকৰ আমানত । শতাংশ হিচাপে এই পৰিমাণ স্থিৰ কৰা হয় । সেইকাৰণে ইয়াক পৰিবৰ্তন শীল সংৰক্ষণ অনুপাত বােলে ।

বাণিজ্যিক বেংকে ৰাখিবলগীয়া সংৰক্ষণৰ অনুপাত হ্রাস কৰিলে সেইবােৰৰ ঋণদাতা ক্ষমতা হ্রাস বৃদ্ধি হয় । সেয়ে কেন্দ্রীয় বেংকে ঋণ সম্প্ৰসাৰণ বা সংকোচন কৰিবলৈ হলে নগদ সংৰক্ষণ অনুপাত কম বেছি কৰি দিয়ে । এই অনুপাত বৃদ্ধি কৰিলে ঋণ সৃষ্টি ক্ষমতা কমে আৰু সংৰক্ষণৰ হাৰ হ্ৰাস কৰিলে ঋণ প্রদান ক্ষমতাও বাঢ়ে । 

( খ ) বাছনিমূলক বা গুণগত ঋণ নিয়ন্ত্ৰণৰ উপায়ঃ অর্থ ব্যৱস্থাৰ কোনাে বিশেষ খণ্ডত যেনে –কৃষি , উদ্যোগ আদিত ঋণ নিয়ন্ত্রণ কার্যকৰী কৰিবলৈ কেন্দ্রীয় বেংকে বাছনিমূলক বা গুণগত উপায় অৱলম্বন কৰে । সাধাৰণতে নৈতিক প্রণােদন , প্রত্যক্ষ নির্দেশ , মার্জিন ’ হাস বৃদ্ধি , ভােক্তা ঋণ নিয়ন্ত্রণ আদিয়ে বাছনিমূলক উপায় । তলত এইবােৰৰ চমু আভাষ দাঙি ধৰা হ’ল — 

( a ) ঋণৰ ৰেচনিং ব্যৱস্থা :- সাধাৰণতে কেন্দ্রীয় বেংকে সকলােবােৰ প্ৰতিষ্ঠানৰ পৰা যি পৰিমাণ ঋণ বা বাট্টাকৰণৰ বিল পায় তাতকৈ কম পৰিমাণৰ সাহায্য দিয়ে । ফলত প্রত্যেক আবেদনকাৰীয়ে বিচৰা ঋণ বা বাট্রাকৰণৰ একাংশহে কেন্দ্রীয় বেংকে মুদ্রা বজাৰক ঋণৰ যােগান ধৰে , অর্থাৎ মুদ্রা বজাৰৰ ঋণ চাহিদা আংশিকভাৱে পূৰণ কৰে । তেতিয়া মুদ্রা বজাৰ বা বাণিজ্যিক বেংকৰ তৰলতা কমি থাকে । ফলত ঋণ সম্প্রসাৰণ কম হয় । ইয়েই ঋণ ৰেচনিং বা ঋণৰ যথােপযুক্ততা । 

( b ) প্রত্যক্ষ ব্যৱস্থা :- ঋণ নিয়ন্ত্রণ অধিক কার্যকৰী কৰিবলৈ কেন্দ্রীয় বেংকৰ ইচ্ছা বা নির্দেশৰ বিৰুদ্ধে কাম কৰা বাণিজ্যিক বেংকৰ ক্ষেত্ৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰে । এনে শাস্তিমূলক ব্যৱস্থা হিচাপে বাণিজ্যিক বেংকক কেন্দ্রীয় বেংকৰ বাট্টাকৰণ বা ঋণ গ্রহণৰ সুবিধাৰ পৰা বঞ্চিত কৰিব পাৰে । কোনাে কোনাে ক্ষেত্ৰত শাস্তিমূলক ব্যৱস্থা হিচাপে কেন্দ্রীয় বেংকৰ নির্দেশ আওকাণ কৰা বেংকক ঋণ প্রদান কৰিলেও তাৰ বাবে বাট্টা হাৰতকৈ অধিক সুত ল’ব পাৰে । 

( C ) নৈতিক প্রণােদনঃ অর্থ ব্যৱস্থাৰ মূল লক্ষ্য সাধনৰ হকে কেন্দ্রীয় বেংকে মুদ্রানীতি কার্যকৰী কৰে । এই উদ্দেশ্যে কেন্দ্রীয় বেংকে সময়ে সময়ে বেংকৰ ব্যৱসায় নীতি সম্পর্কে দিহা পৰামর্শ দিয়ে । অর্থাৎ বেংক ব্যৱস্থাৰ ঋণৰ গতিধাৰা , তাৰ পৰিমাণ , সুদৰ হাৰ আদি নানা দিশত কেন্দ্রীয় বেংকে সময়ে সময়ে উপদেশ আৰু সতর্কবাণী  শুনায় । ইয়াৰ দ্বাৰা বেংক ব্যৱস্থাক নৈতিকভাৱে প্ৰভাৱান্বিত কৰে । বেংক ব্যৱস্থাৰ বন্ধু , উপদেষ্টা আৰু দার্শনিক ৰূপে কেন্দ্রীয় বেংকে যথেষ্ট প্রভাৱ বিস্তাৰ কৰি নৈতিকভাৱে সেইবােৰক উদ্বুদ্ধ কৰে । নৈতিক প্রণােদন ব্যর্থ হলে কেন্দ্রীয় বেংকে হুমকি দি সর্তক বাণী প্রচাৰ কৰি বিপথে ব্যৱসায় পৰিচালনা কৰা বেংকক সুপথলৈ আনিব পাৰে । কেন্দ্রীয় বেংকে দেশৰ কোনাে বিশেষ খণ্ডলৈ ঋণ সম্প্ৰসাৰণৰ প্রয়ােজনীয়তাৰ ইচ্ছা প্রকাশ কৰিব পাৰে । 

আনহাতে পণ্যৰ মজুতকৰণত ঋণ নিদিবলৈ পৰামর্শ দিব পাৰে । কোনাে বিধ ঋণৰ মাত্রা বা জামিন সম্পর্কেও পৰামর্শ দিব পাৰে । 

( d ) ভােক্তাৰ ঋণ নিয়ন্ত্রণ :- মটৰগাড়ী , টি.ভি. , ফ্রীজ আদি দীর্ঘদিন ব্যৱহাৰ্য ডােক্তাৰ পণ্যও বেংক ঋণৰ যােগেদি সংগ্রহ কৰিব পৰা ব্যৱস্থা আছে । এনে পণ্যও বেংক ঋণৰ চতাৱলী , কিস্তি আদি কেন্দ্রীয় বেংকে নিয়ন্ত্রণ কৰিব পাৰে । ইয়াৰ সহায়ত সেইবােৰ পণ্যৰ বজাৰ চাহিদাৰ ওপৰত প্ৰভাৱ পেলাব পাৰি । বিশেষকৈ মুদ্রাস্ফীতি আৰু দ্ৰব্যৰ নাটনিৰ সময়ত ভােক্তা ঋণ নিয়ন্ত্রণ কৰি অর্থ ব্যৱস্থাত স্থিৰতা আনিব পাৰি । অর্থাৎ মুদ্রাস্ফীতিৰ সময়ত ভােক্তা ঋণ কঠোৰ কৰি নতুবা বন্ধ কৰি আৰু মুদ্রা সংকোচনৰ সময়ত ইয়াৰ শিথিল কৰি অর্থ ব্যৱস্থাৰ স্থিৰতা ৰক্ষা কৰিব পাৰি ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top