Class 11 Banking Chapter 3 বিভিন্ন প্ৰকাৰৰ বেংক

Class 11 Banking Chapter 3 বিভিন্ন প্ৰকাৰৰ বেংক Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board Class 11 Banking Chapter 3 বিভিন্ন প্ৰকাৰৰ বেংক and select needs one.

Class 11 Banking Chapter 3 বিভিন্ন প্ৰকাৰৰ বেংক

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 Banking Chapter 3 বিভিন্ন প্ৰকাৰৰ বেংক Solutions for All Subject, You can practice these here.

বিভিন্ন প্ৰকাৰৰ বেংক 

Chapter : 3

পাঠভিত্তিক অতি চমু প্রশ্নোত্তৰ

১ । কেন্দ্রীয় বেংকৰ ব্যৱসায় নীতি কি ? 

উত্তৰঃ কেন্দ্রীয় বেংকে চৰকাৰী অর্থনীতিৰ পৰিপূৰক হিচাপে মৌদ্রিক নীতি পৰিচালনা কৰে । ই দেশৰ মুদ্ৰাৰ প্ৰচলন আৰু নিয়ন্ত্রণ কৰে । দেশৰ অৰ্থব্যৱস্থাৰ স্বাৰ্থপূৰণৰ হেতু ই বেংক ব্যৱস্থা নিয়ন্ত্রণ কৰে । অর্থাৎ অর্থব্যৱস্থাৰ সুপৰিচালনাৰ সহায়ক হিচাপেহে কেন্দ্রীয় বেংকে ব্যৱসায় নীতি ৰচনা কৰে । 

২ । কেন্দ্রীয় বেংক গঠনৰ ঘাই উদ্দেশ্য কি ? 

উত্তৰঃ কেন্দ্ৰীয় বেংক গঠন কৰা হৈছে দেশত মুদ্ৰাৰ প্ৰৱৰ্তন আৰু নিয়ন্ত্রণ , বেংক ব্যৱস্থাৰ নিয়ন্ত্রণ কৰা , মৌদ্রিক নীতি ৰচনা কৰা , দেশৰ স্বৰ্ণ আৰু মুদ্রা ভাণ্ডৰ পৰিচালনা কৰা আৰু চৰকাৰ আৰু বাণিজ্যিক বেংকৰ বেংকাৰ হিচাপে কাম কৰা । 

৩। বাণিজ্যিক বেংকে কিয় দীর্ঘম্যাদী ঋণ অধিক পৰিমাণে নিদিয়ে ? 

উত্তৰঃ বাণিজ্যিক বেংকে প্রদান কৰা মুঠ ঋণৰ সৰহ ভাগেই হ্রস্বম্যাদী । ব্যৱসায় উদ্যোগৰ প্ৰৱাহী বা হ্রস্বম্যাদী ঋণৰ চাহিদা বাণিজ্যিক বেংকে পুৰণ কৰে । কিন্তু বাণিজ্যিক বেংকে দীর্ঘম্যাদী ঋণ অধিক পৰিমাণে প্রদান নকৰাৰ কাৰণ হ’ল – বাণিজ্যিক বেংকে গ্রহণ কৰা আমানতৰ বেছি ভাগেই স্বকালীন । জমা দাতাই চেক দিলে বা তাগিদা দিলে তাক পৰিশােধ কৰিব লাগে । কিন্তু দীর্ঘম্যাদী ঋণ সাধাৰণতে দীর্ঘসময়ৰ বাবে ( ৫ ৰ পৰা ২০ বছৰ ) প্রদান কৰা হয় আৰু দীর্ঘম্যাদী ঋণৰ পৰিমাণ অধিক হােৱা দেখা যায় যাৰ ফলত বেংকৰ তাৰল্যতাত প্রভাৱ পৰে । দীর্ঘ সময়ৰ বাবে পুঁজি আবদ্ধ হৈ থাকিলে তাৰল্যতা ৰক্ষা কৰা আৰু জমাদাতাক আমানতৰ ধন ঘুৰাই দিয়াত অসুবিধা হয় । 

৪। বাণিজ্যিক বেংকৰ কার্যাৱলীৰ নাম উল্লেখ কৰা ? 

উত্তৰঃ বাণিজ্যিক বেংকৰ কার্যাৱলীক মূলতঃ দুই ধৰণে ভগাব পাৰি –

( ক ) প্রাথমিক কাৰ্যৱলী । আৰু 

( খ ) গৌণ কাৰ্যৱলী ।

( ক ) প্রাথমিক কাৰ্যৱলী :- বাণিজ্যিক বেংকৰ প্রাথমিক কাৰ্য্যাৱলী সমূহ হ’ল – 

( a ) আমানত গ্রহণ । 

( b ) ঋণ প্রদান ।

( C ) মুদ্ৰাৰ সৃষ্টি । আৰু

( d ) বিল বাট্টাকৰণ ।

( খ ) গৌণ কাৰ্যৱলী :- বাণিজ্যিক বেংকৰ গৌণ কাৰ্য্য দুবিধ –

( a ) এজেন্সি বা প্রতিনিধিমূলক কার্য্য । আৰু 

( b ) জনােপযােগী সেৱা কাৰ্য্য ।

৫ । আন্তজাতিক বেংকিং মানে কি ? 

উত্তৰঃ এটা বেংকৰ ব্যৱসায় পৰিসৰ বিভিন্ন দেশলৈ বিস্তাৰিত কৰিলে , সাধাৰণতে তাক আন্তজাতিক বেংকিং বা বেংকৰ ব্যৱসায় বােলে । আকৌ বহু জাতি মিলিত হৈ সেইবােৰৰ উমৈহতীয়া সুবিধাৰ কাৰণে আন্তর্জাতিক বেংকৰ প্রতিষ্ঠা হয় । 

৬। বিনিয়ােগ বেংকে কি কাৰণে অধিক দীর্ঘম্যাদী ঋণ দিয়া সুবিধা পায় ? 

উত্তৰঃ উদ্যোগৰ দীর্ঘকালীন আৰু মধ্যকালীন ঋণৰ যােগান ধৰিবলৈ মূলতঃ উদ্যোগিক বা বিনিয়ােগ বেংক প্রতিষ্ঠা কৰা হয় । বিনিয়ােগ বেংকে দীর্ঘকালীন আমানত সংগ্রহ কৰে আৰু প্রয়ােজনমতে উদ্যোগৰ অংশ পত্র , ঋণপত্র আদি ক্রয় কৰি উদ্যোগ প্রতিষ্ঠানক সহায় কৰে । বিনিয়ােগ বেংক সমূহে দীর্ঘকালীন ঋণ প্রদানৰ বাবে বিশেষ পুঁজি লাভ কৰে । 

৭। সমবায় বেংক গঠনৰ ঘাই উদ্দেশ্য কি ? 

উত্তৰঃ কৃষিখণ্ডৰ হ্রস্বকালীন আৰু মধ্যকালীন ঋণৰ অভাৱ পূৰণার্থে সমবায় বেংক স্থাপন কৰা হয় ।

৮ । আঞ্চলিক গ্রাম্য বেংক কিয় গঠন কৰিবলগীয়া হ’ল ? 

উত্তৰঃ ভাৰতৰ বাণিজ্যিক বেংক আৰু সমবায় বেংকৰ সম্প্ৰসাৰণ ঘটিলেও এইবােৰ গ্রাম্য ঋণৰ চাহিদা পূৰণ কৰিব পৰা নাই । কিন্ত বিশাল গ্রাম্য অর্থনীতিৰ বিকাশ সাধনত ঋণ তথা বেংক বিষয়ক সেৱা অপৰিহাৰ্য্য । এনে গুৰুত্ব উপলব্ধি কৰিয়ে 1975 চনৰ অক্টোবৰ মাহত ভাৰতত আঞ্চলিক গ্রাম্য বেংক নামেৰে এক শ্রেণী সুকীয়া বাণিজ্যিক বেংকৰ স্থাপন কৰা হয় । এই বেংক স্থানীয় বা অঞ্চল ভিত্তিত প্রতিষ্ঠিত । এইবােৰ বাণিজ্যিক বেংকৰ দৰে সংগঠিত কিন্তু গ্রাম্যমুখী ।

৯। উন্নয়নী বেংক কি কাৰণে সৃষ্টি কৰিবলগীয়া হ’ল ? 

উত্তৰঃ দেশৰ অৰ্থব্যৱস্থা আৰু উন্নয়নৰ তথা অর্থনৈতিক প্রগতিৰ দুটা ঘাই খণ্ড হ’ল— উদ্যেগ খণ্ড আৰু কৃষি খণ্ড । এই দুটা খণ্ডৰ প্ৰভুত উন্নয়ন অবিহনে অর্থনৈতিক উন্নতি সাধন সম্ভৱ নহয় । সেয়ে এই দুই খণ্ডৰ বিশেষ আৰু ফলপ্রসু উন্নয়নৰ বাবে ভাৰত চৰকাৰে উন্নয়নী বেংকৰ জন্ম দিয়ে । এই বিত্তীয় প্রতিষ্ঠানবােৰ হ’ল উন্নয়নমুখী বেংক আৰু ই একহাতে বেংকৰ দৰে উদ্যোগ আৰু কৃষি খণ্ডলৈ মধ্য আৰু দীর্ঘকালীন বিত্তৰ যােগান ধৰে , আনহাতে আর্থিক উন্নয়ন লক্ষ্য আগত ৰাখি বহুতো প্রৱর্তনমূলক বা উন্নয়নমূলক কাম কৰে । 

১০। উন্নয়নী বেংকে কি কি প্রধান কাম কৰে সেইবােৰৰ নাম উল্লেখ কৰা । 

উত্তৰঃ উন্নয়নী বেংকে মধ্য আৰু দীর্ঘকালীন ঋণ যােগান ধৰাৰ উপৰিও উদ্যোগৰ অংশ মূলধনৰ সংগ্রহ , অৱলেখন কার্য , বৈদেশিক ঋণৰ দিহা কৰা , বিনিয়ােগ প্রকল্প চিনাক্তকৰণ , নতুন প্রকল্পৰ প্রতিবেদন প্রস্তুত আৰু মূল্যায়ণ , কাৰিকৰী দিহা – পৰামর্শ , বজাৰ সম্পর্কীয় তথ্যপাতিৰ সংগ্ৰহ আৰু প্ৰচাৰ , পৰিচালনা বিষয়ক সেৱা আদিৰ যোগান ধৰে । 

১১। ভাৰতৰ চাৰিটা উন্নয়নী বেংকৰ নাম লিখা । 

উত্তৰঃ ভাৰতৰ চাৰিটা উন্নয়নী বেংকৰ নাম হ’ল– 

( ক ) ভাৰতীয় ঔদ্যোগিক উন্নয়ক বেংক ( IDBI ). 

( খ ) ভাৰতীয় বিত্তীয় নিগম ( IFCI ) , ভাৰতৰ 

( গ ) ঔদ্যোগিক ঋণ আৰু বিনিয়োগ নিগম ( ICICI ) আৰু

( ঘ ) ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক ( NABARD ).

১২। বিভিন্ন প্ৰকাৰৰ সমবায় বেংকৰ নাম লিখা । 

উত্তৰঃ সমবায় বেংক ঘাইকৈ দুই প্রকাৰৰ সেইবোৰ হ’ল–

( ক ) নগৰীয়া সমবায় বেংক । আৰু 

( খ ) গ্ৰাম্য সমবায় বেংক । 

এই দুবিধৰ বিভিন্ন বেংকসমূহৰ গাঠনি তলত দিয়া হ’ল — 

১৩। খুচুৰা বেংকিং কাক বােলে ? 

উত্তৰঃ খুচুৰা বেংকিং এটা বেংকিং কার্য্য কৰা পদ্ধতি । এটা ডাঙৰ বেংকৰ কিছুমান ক্ষুদ্র শাখা গ্রাম্য অঞ্চলত মুকলি কৰি বিশাল গ্রাম্য খণ্ডত সিঁচৰিত হৈ থকা ক্ষুদ্রা সঞ্চয় সংগ্রহ কৰি , কুটিৰ শিল্প , কৃষি কাৰিক , শিল্পী আদিক কম টকাৰ ঋণপ্রদান কাৰ্যক খুচুৰা বেংকিং বুলি কোৱা হয় । খুচুৰা বেংকিংক কেতিয়াবা ব্যক্তিগত বেংকিং বুলিও কোৱা হয় কাৰণ ইয়াৰ দ্বাৰা বেংকে ব্যক্তি বিশেষ বা খুচুৰা গ্ৰাহকক বিভিন্ন সেৱা সুবিধা প্রদান কৰে । 

১৪। এক্সিম ( EXIM ) বেংক কি ? 

উত্তৰঃ ভাৰতৰ ৰপ্তানি আৰু আমদানি বাণিজ্যৰ সুবিধার্যে 1982 চনৰ পহিলা জানুৱাৰীত এক্সিম বেংক বা এক্সপর্ট – ইমপর্ট বেংক প্রতিষ্ঠা কৰা হয় । ইয়াৰ মূল লক্ষ্য হৈছে ভাৰতৰ আমদানিকাৰী আৰু ৰপ্তানিকাৰী সকলক বিত্তীয় সাহায্য দিয়া । লগতে আমদামি – ৰপ্তানি বাণিজ্যৰ লগত জড়িত প্ৰতিষ্ঠানৰ অংশপত্র , ঋণপত্র বিক্ৰীৰ ক্ষেত্ৰতাে সেৱা যােগায় । 

( খ ) দীঘলীয়া প্রয়ােত্তৰ :

১।  কেন্দ্রীয় বেংক বুলিলে তুমি কি বুজা ? বিভিন্ন প্রকাৰৰ বেংকৰ নাম উল্লেখ কৰা ।

উত্তৰঃ আন্তজাতিক বেংক দেশৰ বেংক পদ্ধতি তথা বিত্তীয় ব্যৱস্থাৰ শীর্ষস্থানীয় বেংকেই হৈছে কেন্দ্রীয় বেংক । ৰিজার্ভ বেংক অৱ ইণ্ডিয়া বা ভাৰতীয় ৰিজাভ বেংক হৈছে ভাৰতৰ কেন্দ্রীয় বেংক । 

বিভিন্ন প্রকাৰৰ বেংকসমূহ হল – 

( i ) কেন্দ্রীয় বেংক ।

( ii ) বাণিজ্যিক বেংক ।

( ii ) বিনিয়ােগ বেংক । 

( iv ) আঞ্চলিক গ্রাম্য বেংক । 

( v ) উন্নয়নী বেংক ।

( vi ) বৈদেশিক বেংক ।

( vii ) সমবায় বেংক ।

( vii ) দেশীয় বা খিলঞ্জীয়া বেংকাৰ ।

( ix ) কৃষি বেংক ।

( x ) সঞ্চয় বেংক । আৰু 

( xi ) আন্তজাতিক বেংক ।

কেন্দ্রীয় বেংকৰ সংগঠন , পৰিচালনা , কাৰ্য্য পদ্ধতি আদি অন্যান্য বেংকৰ পৰা পৃথক হয় । প্রায়বােৰ দেশৰ কেন্দ্ৰীয় বেংকেই চৰকাৰী খণ্ডত পৰিচালিত হয় । সেই হিচাপে ই চৰকাৰী অর্থনীতিৰ পৰিপূৰক হিচাপে মৌদ্রিক নীতি পৰিচালনা কৰে । ই দেশৰ মুদ্ৰাৰ প্ৰচলন আৰু নিয়ন্ত্রণ কৰে । দেশৰ অৰ্থব্যৱস্থাৰ স্বাৰ্থপূৰণৰ হেতু ই বেংক ব্যৱস্থা নিয়ন্ত্রণ কৰে । দেখা যায় ইয়াৰ মূল কাৰ্যপন্থা মুনাফা লাভৰ বাবে পাৰিচালিত নহয় । অর্থব্যৱস্থাৰ সুপৰিচালনাৰ সহায়ক হিচাপেহে ইয়াৰ ব্যৱসায় নীতি ৰচিত । ই দেশত মুদ্রা প্রৱর্তনৰ একচেতিয়া অধিকাৰ পায় । লগতে দেশৰ স্বৰ্ণ আৰু বৈদেশিক মুদ্রা ভাণ্ডাৰ পৰিচালনা কৰে । ই চৰকাৰ আৰু বাণিজ্যিক বেংকৰ বেংকাৰ হিচাপে কাম কৰে । আনহাতে বাণিজ্যিক বেংকৰ লগত ই প্রতিযােগিতাত অৱতীৰ্ণ নহয় । কেন্দ্রীয় বেংক দেশৰ বিহিত আৰু ঋণগত মুদ্রা নিয়ন্ত্রণ কৰে । মুঠতে ই বেংক ব্যৱস্থাৰ উপদেষ্টা , দার্শনিক আৰু বন্ধুৰ দৰে কাম কৰে ।

Sl. No.সূচী-পত্ৰ
Chapter 1বেংকৰ প্ৰকৃতি আৰু সংগঠন ।
Chapter 2সহযােগী ধাৰণা কেইবিধমান ।
Chapter 3বিভিন্ন প্রকাৰৰ বেংক ।
Chapter 4কেন্দ্রীয় বেংক ।
Chapter 5বেংকাৰ আৰু গ্রাহক ।
Chapter 6বিভিন্ন প্ৰকাৰৰ গ্রাহক ।

 

২। বাণিজ্যিক বেংক কাক বােলে ? কেন্দ্রীয় বেংকৰ লগত ইয়াৰ পার্থক্য দেখুওৱা । 

উত্তৰঃ সাধাৰণ অৰ্থত বেংক বুলি কলে বাণিজ্যিক বেংককে বুজোৱা হয় । যিবিলাক বেংকে সকলাে ধৰণৰ বেংকিং কাম-কাজত লিপ্ত থাকে আৰু সচৰাচৰ ব্যৱসায় বাণিজ্যত বিত্তৰ যােগান ধৰে , তেনেবােৰ বেংককে বাণিজ্যিক বেংক বােলা হয় । 

বাণিজ্যিক বেংক মূল ব্যৱসায় হৈছে সেৱা কাৰ্য্য যােগান ধৰি মুনাফা উপার্জন কৰা । বাণিজ্যিক বেংকৰ প্ৰধান কাম হ’ল আমানত গ্রহণ আৰু ঋণ প্রদান । ই গ্রাহকৰ বিভিন্ন হিচাপৰ যােগেদি জনসাধাৰণৰ জমা গ্রহণ কৰে । এনেধৰণৰ হিচাপ সমূহক প্রধানতঃ তিনি ভাগত ভাগ কৰা হয় । স্থায়ী জমা হিচাপ , চলিত জমা হিচাপ আৰু সঞ্চয়ী জমা হিচাপ । আন এবিধ পৌণঃ পৌণিক হিচাপক এখ প্রকাৰ স্থায়ী হিচাপ বুলি বিবেচনা কৰা হয় । বাণিজ্যিক বেংকে গ্রাহকৰ পৰা সংগ্ৰহ কৰা পুঁজিৰ প্ৰায়ভাগে গ্রাহকৰ তাগিদা বা চাহিদা অনুসাৰে পৰিশােধ যােগ্য । 

সেয়ে বেংকে গ্রাহকৰ পৰা সংগ্ৰহ কৰা জমাৰ পৰা বেহা – বেপাৰ , ব্যৱসায় বাণিজ্য , শিল্প , উদ্যোগ আদিত হ্রস্বম্যাদী ঋণ হিচাপে আগবঢ়ায় । বেংকৰ জমাৰ অধিকাংশই গ্রাহকৰ তাগিদা মতে পৰিশােধ যােগ্য হােৱা বাবে বাণিজ্যিক বেংকে সাধাৰণতে মধ্যম্যাদী আৰু দীর্ঘম্যাদী ঋণ নিদিয়ে বেংকে বিভিন্ন প্রকাৰে যেনেঃনগদ ঋণ , তলবী ঋণ , বিল বাট্টাকৰণ , অধিবিকর্ষ আদিৰ মাধ্যমত ঋণৰ যােগান ধৰে । বাণিজ্যিক বেংকে এনেধৰণৰ ঋণৰ জৰিয়তে ব্যৱসায় , উদ্যোগ প্রতিষ্ঠান আদিলৈ তেওঁলােকৰ প্ৰয়ােজনীয় কাৰ্য্যকৰী পুঁজিৰ এটা বৃহৎ অংশ যােগান ধৰে । বেংক ৰাষ্ট্ৰীয়কৰণৰ পিছৰে পৰা বাণিজ্যিক বেংকে কৃষি ক্ষুদ্র উদ্যোগ , ৰপ্তানি আদি অগ্রাধিকাৰী খণ্ডসমূহলৈ ঋণৰ সম্প্ৰসাৰণ কৰিছে । 

আমানত গ্রহণ আৰু ঋণ প্রদান এই দুটা মুখ্য কাম – কাজৰ উপৰিও ই আন ভালেমান আনুসংগিক কামত জড়িত থাকে । ই গ্রাহকৰ প্রতিনিধি হিচাপেও কাম-কাজ কৰি দিয়ে । সেইদৰে আধুনিক বাণিজ্যিক বেংকে বিভিন্ন জনােপযােগী সেৱাত আগবঢ়ায় । মূল্যবান সা – সামগ্ৰী নিৰাপদে ৰখাৰ ব্যৱস্থা , ভ্ৰমণকাৰীৰ বাবে চেক প্রদান কৰা , উপহাৰ চেক প্রদান কৰা , বিভিন্ন পৰিসংখ্যা সংগ্রহ কৰি প্ৰকাশ কৰা আদি জনােপযােগী কাম-কাজ কৰে । 

কেন্দ্রীয় বেংক আৰু বাণিজ্যিক বেংক উভয়ে বিত্তীয় প্রতিষ্ঠান হলেও ইহঁতৰ মাজত যথেষ্ট প্রভেদ আছে । এই পার্থক্যসমূহ তলত বর্ণনা কৰা হ’ল— 

( ক ) কেন্দ্রীয় বেংক সাধাৰণতে দেশৰ এক সুকীয়া আইন যােগে সংগঠন কৰা হয় । দেশৰ সাধাৰণ বেংক আইনৰ ব্যৱস্থা অনুসৰি বাণিজ্যিক বেংক গঠন আৰু পৰিচালনা কৰা হয় । 

( খ ) কেন্দ্রীয় বেংকে স্বাভাৱিকতে মুনাফা উপার্জনক ঘাই লক্ষ্য হিচাপে ব্যৱসায় নকৰে । ইয়াৰ মূল উদ্দেশ্য হৈছে দেশৰ অৰ্থনীতিৰ পৰিপূৰক ব্যৱস্থা হিচাপে দেশৰ মুদ্রা আৰু ঋণ নীতি কাৰ্যকৰী কৰা । 

( গ ) দেশৰ মুদ্ৰা আৰু বিত্ত ব্যৱস্থাৰ শীর্ষস্থানীয় প্রতিষ্ঠান হৈছে কেন্দ্রীয় বেংক । কিন্তু বাণিজ্যিক বেংক দেশৰ বহুতাে প্রকাৰ বিত্তীয় অনুষ্ঠান এটা বিশেষ সংগঠন মাত্র । 

( ঘ ) মুদ্ৰা প্ৰৱর্তনৰ একচেতীয়া অধিকাৰ সাধাৰণতে প্রত্যেক দেশৰ কেন্দ্ৰীয় বেংককে দিয়া হয় । বাণিজ্যিক বেংকে কিন্তু ঋণগত মুদ্রাৰহে সৃষ্টি কৰে । 

( ঙ ) কেন্দ্রীয় বেংকে সাধাৰণতে সর্বসাধাৰণক গাইগুটীয়া বেংক সেৱাৰ যােগান নধৰে । 

( চ ) প্রধানকৈ চৰকাৰ আৰু অন্যান্য বেংকক বেংকিং সেৱা দিয়ে । 

( ছ ) বাণিজ্যিক বেংকে যিদৰে ব্যৱসায় প্রতিষ্ঠান আৰু ব্যক্তিক গ্রাহক হিচাপে ঋণ দিয়ে আৰু সেইবােৰৰ পৰা আমানত গ্রহণ কৰে , কেন্দ্রীয় বেংকে সেইদৰে চৰকাৰ , ইয়াৰ বিভিন্ন বিভাগ আৰু বাণিজ্যিক বেংকক ঋণ প্রদান কৰে আৰু সেইবােৰৰ আমানত গ্রহণ কৰে ।

( জ ) বাণিজ্যিক বেংকে গ্রাহকৰ ধন – সােণ জমা ৰাখে আৰু সেইদৰে কেন্দ্রীয় বেংকে চৰকাৰ আৰু বাণিজ্যিক বেংকৰ ধন – সােণ জমা ৰাখে । 

( ঝ ) বাণিজ্যিক বেংকে ঋণ সৃষ্টি কৰে আৰু কেন্দ্রীয় বেংকে সেই ঋণ নিয়ন্ত্রণ কৰে । 

 ( ঞ ) কেন্দ্রীয় বেংকে দেশৰ বেংক – নীতি নির্ধাৰণ কৰে আৰু বাণিজ্যিক বেংকে সেই বেংক নীতি অনুসৰি ব্যৱসায় চলাব লাগে । 

( ট ) কেন্দ্রীয় বেংক হৈছে বাণিজ্যিক বেংকৰ নিয়ন্ত্রক , অভিভাৱক আৰু দার্শনিক , আনহাতে বাণিজ্যিক বেংক হৈছে কেন্দ্রীয় বেংকৰ নিয়ন্ত্রিত বেংক । 

৩। বৈদেশিক বেংক কাক বােলে ? দেশীয় বাণিজ্যিক বেংকৰ লগত ইয়াৰ পার্থক্য কত ? 

উত্তৰঃ বৈদেশিক বেংক এক প্রকাৰৰ বাণিজ্যিক বেংক বা যথার্থতে বৈদেশিক বেংকে বাণিজ্যিক বেংকৰ সকলাে কাৰ্য্য কৰে । আন্তর্জাতিক বাণিজ্যৰ লেনদেনৰ সুবিধার্থে বিভিন্ন দেশৰ বেংকে অন্যদেশত শাখা খােলে । সেই কাৰণে এইবােৰক বৈদেশিক বেংক বােলে । এই বেংকবােৰ বিদেশত পঞ্জীভূক্ত । আমদানি-ৰপ্তানি বাণিজ্যৰ বিত্ত যােগান আৰু বৈদেশিক মুদ্ৰাৰ লেনদেন এই বেংকৰ বাৰে অধিক পৰিমাণে কৰে । বৈদেশিক বেংক যথার্থতে বাণিজ্যিক বেংক হ’লেও ইয়াৰ বাণিজ্যিক লগত কিছুমান প্রভেদ আছে । এইবােৰ হ’ল— 

( ক ) বাণিজ্যিক বেংক সমূহৰ এখন দেশত কাৰ্য্য পৰিক্ৰমা সীমাবদ্ধ থাকে । আনহাতে , বৈদেশিক বেংকবােৰ বহু দেশত একেলগে কাৰ্য্য সম্পাদন কৰে । 

( খ ) বাণিজ্যিক বেংক সমূহৰ মূল লক্ষ্য হৈছে আমানত গ্ৰহণ কৰা , ঋণ প্রদান , ঋণ সৃষ্টি , প্রতিনিধিমূলক কাৰ্য্য আৰু বিভিন্ন জনােপযােগী সেৱা প্ৰদান কৰি মুনাফা অর্জন কৰা । আনহাতে , বৈদেশিক বেংক সমূহে বাণিজ্যিক বেংকৰ কাৰ্য্যসমূহ সম্পাদন কৰাৰ উপৰিত্ত আন্তর্জাতিক বাণিজ্যৰ লেনদেনৰ সুবিধার্থে বিত্ত যােগান ধৰে । 

( গ ) বাণিজ্যিক বেংকসমূহ কাৰ্য্য সম্পাদন কৰা দেশখনতে পঞ্জীয়নভুক্ত হয় , কিন্তু বৈদেশিক বেংকসমূহ ইয়াৰ উৎপত্তি হােৱা দেশখনৰ বাদে অন্য কাৰ্য্য সম্পাদিত দেশত পঞ্জীয়নভুক্ত নহয় ।

( ঘ ) বাণিজ্যিক বেংকৰ কাম – কাজ জনসাধাৰণক সেৱা প্ৰদান কৰি মুনাফা অর্জনতে সীমাবদ্ধ । কিন্তু বৈদেশিক বেংকে আন্তর্জাতিক বাণিজ্যৰ লেনদেনত বিত্তৰ যােগান ধৰি মুনাফা অর্জন কৰাত গুৰুত্ব আৰােপ কৰে । 

( ঙ ) বৈদেশিক বেংকে আমদানি ৰপ্তানি বাণিজ্যৰ বিত্ত যােগান আৰু বৈদেশিক মুদ্রাৰে লেনদেন অধিক পৰিমাণে কৰে বাণিজ্যিক বেংকৰ তুলনাত । 

৪। আঞ্চলিক গ্রাম্য বেংক কি ? ইয়াৰ লক্ষ্য আৰু বৈশিষ্ট্য আলােচনা কৰা । 

উত্তৰঃ ভাৰতত বাণিজ্যিক বেংক আৰু সমবায় বেংকৰ সম্প্ৰসাৰণ ঘটিলেও এইবােৰ গ্ৰাম্য ঋণৰ চাহিদা পূৰণ কৰিব পৰা নাই । কিন্তু বিশাল গ্রাম্য অর্থনীতিৰ বিকাশ সাধনত ঋণ তথা বেংক বিষয়ক সেৱা অপৰিহাৰ্য্য । এনে গুৰুত্ব উপলব্ধি কৰিয়ে 1975 চনৰ অক্টোবৰ মাহত ভাৰতত আঞ্চলিক গ্রাম্য বেংক নামেৰে একশ্রেণীৰ সুকীয়া বাণিজ্যিক বেংকৰ সূচনা কৰা হয় । আঞ্চলিক গ্রাম্য বেংক স্থানীয় বা আঞ্চলিক ভিত্তিত প্রতিষ্ঠিত । এইবােৰ বাণিজ্যিক বেংকৰ দৰে সংগঠিত কিন্তু গ্রাম্যমুখী । আঞ্চলিক বেংকবােৰ একোটা বাণিজ্যিক বেংকৰ সৌজন্যত স্থাপন কৰা হৈছে । ইয়াৰ অনুমােদিত মূলধনৰ পৰিমাণ হ’ল 1 কোটি টকা আৰু বিলিকৃত মূলধনৰ পৰিমাণ যথাক্রমে 5 কোটি আৰু 1 কোটি টকালৈ বৃদ্ধি কৰা হয় । এই মূলধনৰ 50 % কেন্দ্রীয় চৰকাৰে , 15 % বেংকটো স্থাপন হােৱা সংশ্লিষ্ট ৰাজ্য চৰকাৰে আৰু বাকী থকা 35 % পৃষ্ঠপােষকতা কৰা বেংকটোৱে যােগান ধৰে । আঞ্চলিক গ্রাম্য বেংকৰ প্ৰতিষ্ঠাৰ কিছুমান উদ্দেশ্য বা লক্ষ আছে । এইবােৰ হল – 

( ক ) গাঁও অঞ্চললৈ উপযুক্ত ঋণ প্রৱাহৰ লগতে অন্যান্য সেৱাৰ সম্প্ৰসাৰণ ঘটাই কৃষি আৰু অন্যান্য কার্যৰ প্রগতি সাধন কৰিব লাগে । বিশেষকৈ ক্ষুদ্র আৰু উপান্ত কৃষক , কৃষক শ্রমিক , কাৰিকৰ , ক্ষুদ্র উদ্যোক্তা আদিক এনে সুবিধা প্রদান কৰিব লাগে । 

( খ ) গাঁৱৰ দুখীয়া লােকসকলক মহাজনৰ কৱলৰ পৰা মুক্ত কৰাৰ উদ্দেশ্যে ঋণৰ বিকল্প ব্যৱস্থাত ইয়াৰ লক্ষ্য ।

( গ ) সমাজৰ দুখীয়া আৰু অনুন্নত সম্প্রদায়ৰ লােকসকলৰ ঋণ আৰু বেংক সেৱাৰ ক্রমবর্ধমান চাহিদা পুৰণ কৰা । 

( ঘ ) একশ্রেণীৰ নবীন উদোক্তাৰ সৃষ্টি কৰি কর্মসংস্থানৰ দিহা কৰা ।

বৈশিষ্ট্যঃ আঞ্চলিক গ্রাম্য বেংকৰ বৈষ্ট্যিসমূহ হ’ল– 

( ক ) আঞ্চলিক গ্রাম্য বেংকৰ ভৌগােলিক পৰিসীমা সীমিত । এইবােৰ এক বা একাধিক জিলাত সীমাবদ্ধভাবে শাখা কার্যালয় খােলে । 

( খ ) ঋণ প্রদানৰ ক্ষেত্ৰত এইবােৰ ক্ষুদ্ৰ আৰু উপান্ত খেতিয়কক , কৃষি শ্রমিক , কুটাৰ শিল্পী কাৰিকৰ , ক্ষুদ্র উদ্যোক্তা , ব্যৱসায়ী আদিক প্রাধান্য দিয়ে । 

( গ ) এইবােৰে সমবায় বেংকৰ সমান বা তাতকৈ কম হাৰ সুতত ঋণ প্রদান কৰে । কিন্তু আমানতৰ ওপৰত 0.5 শতাংশ অধিক সুত দিয়ে । 

( ঘ ) আঞ্চলিক গ্রাম্য বেংকৰ কৰ্মচাৰী স্থানীয়ভাৱে নিযুক্তি দিয়াত গুৰুত্ব আৰােপ কৰা হয় । ইয়াৰ কৰ্মচাৰীৰ দৰমহাৰ নিৰিখ ৰাজ্য চৰকাৰৰ সমপর্যায়ত স্থিৰ কৰা হয় । 

( ঙ ) আঞ্চলিক গ্রাম্য বেংকে ৰিজাৰ্ভ বেংকৰ সাহায্য লাভ কৰে । 

( চ ) ঋণদানৰ নীতি আৰু চৰ্তাৱলী যথেষ্ট শিথিলতা অৱলম্বন কৰি কাৰ্যকৰী কৰে । 

( ছ ) মধ্যস্থতাকাৰীৰ হাত সাৰিবলৈ আঞ্চলিক বেংকৰ ফর্ম , প্ৰ – পত্ৰ আদি স্থানীয় ভাষাত প্রস্তুত কৰা হয় । 

৫ । বিনিয়ােগ বেংক কাক বােলে ? বাণিজ্যিক বেংকৰ লগত ইয়াৰ প্রভেদ বুজাই লিখা ? 

উত্তৰঃ বিনিয়ােগ বেংক হ’ল বিত্তীয় প্রতিষ্ঠান যিয়ে বিনিয়ােগ আৰু বিত্তীয় উপদেষ্টা সেৱা প্রদান কৰে চৰকাৰ , কোম্পানী আৰু অন্য আনুষ্ঠানিক বিনিয়ােগ কাৰীক । বিনিয়ােগ বেংক সমূহে ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ কোম্পানীৰ হৈ প্রতিভূতি বিলি কৰে , ব্যক্তি আৰু আনষ্ঠানিক বিনিয়ােগ কাৰীৰ হৈ প্রাথমিক আৰু প্ৰতিভূত্তি বজাৰত বাণিজ্যিক প্রতিভূতি বিলি কৰে , বিত্তীয় উপদেশ প্রদান কৰে যেনেঃ কোম্পানী , ব্যক্তিগত ইকুইটী গােট , ৰাজহুৱা প্রতিষ্ঠান , অনা লাভকাৰী গ্রাহক আৰু আনুষ্ঠানিক বিনিয়ােগকাৰী আদিক বাণিজ্যিক বেংক আৰু বিনিয়ােগ বেংকৰ মাজত কিছুমান প্রভেদ দেখা যায় । এইবােৰ হ’ল– 

( ক ) বাণিজ্যিক বেংকে আমানত গ্রহণ কৰে । কিন্তু বিনিয়োগ বেংকে নকৰে । 

( খ ) বাণিজ্যিক বেংকে ইয়াৰ গ্ৰাহকক খুচুৰা ঋণ প্রদান কৰে । কিন্তু বিনিয়ােগ বেংকে খুচুৰা ঋণ প্রদান নকৰে । 

( গ ) বাণিজ্যিক বেংকে আমানতৰ মাধ্যমত সঞ্চয় সংগ্ৰহণ কৰি তাক ব্যক্তি , কোম্পানী আৰু চৰকাৰক ঋণ হিচাপে প্ৰদান কৰে কিন্তু বিনিয়ােগ বেংকে ঋণ প্রদান কৰোঁতা আৰু ধৰুৱা দুয়ােকে ওচৰ চপাই আনে আৰু ধৰুৱাৰ ব্যৱসায়ত প্রত্যক্ষভাৱে বিনিয়ােগ কৰাত ঋণ প্রদান কৰােতাক সহায় কৰে । 

( ঘ ) বাণিজ্যিক বেংকৰ সেৱাসমূহ সকললাৰে বাবে সহজলক্ষ্য কিন্তু বিনিয়োগ বেংকৰ সেৱা কেৱল বৃহৎ কোম্পানী আৰু অতি সম্পদশালী ব্যক্তি বিশেষৰ বাবেহে উপভােগ্য । 

( ঙ ) বাণিজ্যিক বেংকে ইয়াৰ গ্ৰাহকক খুচুৰা ঋণ প্রদান আৰু প্রতিনিধিত্ব মূলক সেৱা আগবঢ়ায় কিছু বিনিয়ােগ বেংকে ইয়াৰ গাইগুটীয়া গ্রাহকক পাইকাৰী বেংকিং সেৱা প্রদান কৰে । 

৬। সমবায় বেংক কাক বােলে ? ইয়াৰ সংগঠন আৰু কাৰ্য্য কেনেধৰণৰ আলোচনা কৰা । 

উত্তৰঃ কৃষি খণ্ডৰ হ্রস্বকালীন ঋণৰ অভাৱ পূৰণার্থে সমবায় বেংক স্থাপন কৰা হয় । এইবােৰ বেংক বা সমিতি সমবায় আইনৰ ভিত্তিত খােলা হয় । কৃষকসকলৰ কৃষিকাৰ্যৰ সাৰ , বীজ , সঁজুলি আদিৰ ক্ৰম আৰু কৃষি ফচলৰ বিক্ৰী আদি কাৰ্য্যৰ কাৰণে সমবায় বেংকে হ্রস্বকালীন ঋণ প্রদান কৰে । অৱশ্যে কুটীৰ শিল্পী , গাঁৱলীয়া কাৰিকৰ আদিকো এই বেংকে হ্রস্বম্যাদী ঋণৰ যােগান ধৰে । সমবায় খণ্ডত কৃষি বেংক বা ভূমি উন্নয়ন বেংকো গঠন কৰিব পাৰি । ইয়াৰ যােগেদি কৃষি খণ্ডলৈ দীর্ঘম্যাদী ঋণ দিয়া হয় । ঔদ্যোগিক সমবায় বেংকে উদ্যোগ ব্যৱসায় আদিৰ লগত লেনদেন কৰে । 

সমবায় বেংকৰ সংগঠন আৰু কাৰ্য্য :- দেশৰ সমবায় আইনৰ বিধিবিধান অনুসৰি সমবায় প্রতিষ্ঠান গঢ়ি তােলা হয় । ভাৰতত সর্বপ্রথমে ১৯০৪ চনত সমবায় আইন প্রণয়ণ কৰা হয় । এই আইনৰ নিয়ম মতে অতি কমেও দহজন লােক লগলাগি সমবায় প্রতিষ্ঠান পঞ্জীয়ন কৰিব পাৰি । এই আইনৰ ব্যৱস্থা মতে প্রথমতে অসীমিত দেনাৰ ঋণ সমিতি প্রতিষ্ঠা কৰাৰ দিহা কৰা হয় । পিছত ১৯১২ চনৰ সমবায় আইনমতে ঋণ সমিতিৰ ওপৰিও অন্যান্য কামৰ কাৰণে সমবায় প্রতিষ্ঠান খুলিব পৰা হয় । অর্থাৎ বেংক ব্যৱসায়ৰ ওপৰিও আন উৎপাদন আৰু বিতৰণ কাৰ্য্যৰ কাৰণে সমবায় প্রতিষ্ঠান গঢ়িব পাৰি । 

সমবায় বেংকৰ কাৰ্যৱলীঃ সমবায় বেংক জাতীয় প্রতিষ্ঠানৰ ভিতৰত প্রাথমিক ঋণ সমিতি কেন্দ্রীয় সমবায় বেংক আৰু ৰাজ্যিক সমবায় বেংক আদিয়ে হ্রস্বম্যাদী ঋণৰ আদান – প্রদান কৰে ।

কিন্তু ভূমি উন্নয়ন বেংকে দীর্ঘম্যাদী ঋণৰ আদান – প্রদান কৰে । প্রাথমিক সমিতি গাঁও বা অঞ্চল ভিত্তিত গঠন কৰা হয় । প্রাথমিক সমিতিবােৰ সংগ্ৰহ কৰা কাৰ্য্যকৰী পুঁজি সাধাৰণতে কৃষি কাৰ্য্য পৰিচালনাৰ কাৰণে হ্রস্বম্যাদী ঋণ হিচাপে কৃষকক দিয়ে । কেন্দ্রীয় সমবায় বেংকেও কাৰ্য্যকৰী পুঁজি প্রাথমিক সমিতিক ঋণ প্রদানৰ উপৰিও সেইবােৰৰ কাম – কাজৰ পৰ্যবেক্ষণ কৰে । কেন্দ্রীয় সমবায় বেংকে কিছুমান বাণিজ্যিক বেংকৰ দৰে অন্যান্য কার্য সম্পন্ন কৰে । এপেক্স সমবায় বেংকে অংশ মূলধন , সভ্য আৰু জনসাধাৰণৰ আমানত নাবার্ডে ( ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক ) দিয়া ঋণ আৰু সাহাৰ্য্য আদিৰ যােগেদি কার্যকী পুঁজি সংগ্রহ কৰে । এইবােৰে বাণিজ্যিক বেংকে সম্পাদন কৰা সকলাে কাম কৰে । এপেক্স বেংকে কেন্দ্রীয় সমবায় বেংকৰ আমানত ৰাখে আৰু ঋণ দিয়ে । এপেক্স বেংকে ৰাজ্য চৰকাৰৰ পৰাও সমবায় উন্নয়ন পুঁজি পায় আৰু সমবায় উন্নয়নৰ হকে তাক নিয়োগ কৰে । তদুপৰি ই চৰকাৰৰ পৰা ঋণা সংগ্রহ কৰে । 

৭। বাণিজ্যিক বেংক আৰু সমবায় বেংকৰ প্রভেদ দেখুৱা । উন্নয়নী কাক বােলে ? আন বেংকৰ লগত ইয়াৰ পার্থক্য কেনে ধৰণৰ ? 

উত্তৰঃ যিকোনাে দেশৰ সমবায় আৰু বাণিজ্যিক বেংকৰ মাজত কিছু পার্থক্য আছে । সেইবােৰ হ’ল– 

(ক ) দেশৰ সাধাৰণ বেংক আইনৰ ব্যৱস্থা অনুসৰি বাণিজ্যিক বেংক প্রতিষ্ঠিত আৰু পৰিচালিত হয় । কিন্তু সমবায় আইনৰ বিধি – বিধান মতে সমবায় বেংকৰ সংগঠন আৰু পৰিচালনা হয় । 

( খ ) বাণিজ্যিক বেংকে সাধাৰণতে শাখা মুকলি কৰি ব্যৱসায়ৰ সম্প্ৰসাৰণ ঘটায় । সমবায় বেংকে শাখা মুকলি কৰাৰ ওপৰিও ইয়াৰ সংযুক্ত গােট ( এপেক্স বেংক , কেন্দ্রীয় সমবায় বেংক , প্রাথমিক সমিতি) থাকে । 

( গ ) ভাৰতত অতি কমেও সাতজন ব্যক্তি লগ হৈ ৰাজহুৱা কোম্পানীৰ ভিত্তিত বাণিজ্যিক বেংক আৰু নিম্নতম দহজন সদস্য লগ হৈ সমবায় বেংক গঠন কৰিব পাৰে । 

( ঘ ) সমবায় বেংকে অন্যান্য বেংক ব্যৱসায় কৰিলেও প্রধানকৈ গ্রাম্য আৰু কৃষি কাৰ্য্যৰ ঋণ প্রদানত অধিক মনােনিবেশ কৰে । আনহাতে বাণিজ্যিক বেংকে দেশৰ ব্যৱসায় বাণিজ্যিৰ হ্রস্বম্যাদী ঋণ – প্রদান কৰে । 

( ঙ ) বাণিজ্যিক বেংকে প্রদান কৰা ঋণৰ সৰহভাগ হ্রস্বম্যাদী । কিন্তু সমবায় ভূমি উন্নয়ন  বেংকে দীর্ঘম্যাদী ঋণ দিয়ে । 

( চ ) বাণিজ্যিক বেংকে দেশৰ সকলাে অঞ্চল আনকি বিদেশতো ব্যৱসায় কৰে । আনহাতে সমবায় বেংকে দেশৰ ভিতৰত এক বিশেষ , সীমিত অঞ্চল বা ৰাজ্যত ব্যৱসায় কৰে ।

( গ ) চমুটোকা লিখাঃ 

( ক ) খিলঞ্জীয়া বেংকঃ অতি প্রাচীন কালৰ পৰাই ভাৰতত ব্যক্তিগতভাবে বা পৰিয়ালৰ পৰম্পৰাগতভাবে বেংকে ব্যৱসায় চলি আহিছে এনে ব্যৱসায় আজিও চলি আছে । কিছুমান ব্যক্তি বা যৌথ পৰিয়ালৰ প্রতিষ্ঠানে আমানত গ্রহণ কৰে , মুদ্ৰাৰ সলনি কৰে আৰু হুণ্ডিৰ মাধ্যমত আভ্যন্তৰীণ বাণিজ্যত বিত্তৰ যােগান ধৰে । যিবােৰ ব্যক্তি বা পৰিয়ালে পৰম্পৰাগত দস্তৰ অনুসৰি এই ধৰণৰ বেংকিং ব্যৱসায় চলাই তেওঁলােকক সমূহীয়াকৈ খিলঞ্জীয়া বা দেশীয় বেংকাৰ বােলে । অৱশ্যে দেশৰ ভিন ভিন অঞ্চলত তেওঁলােক শর্ফ , শেঠ , শাহুক, মহাজন , চেত্তি আদি নামেৰে জনাজাত । শেঠ , শর্ফ , শাহুকৰ আদি যিবােৰ ব্যক্তি বা পৰিয়ালৰ প্রতিষ্ঠানে আমানত গ্রহণ , ঋণদান আৰু হুণ্ডিৰ লেনদেন আদি কাম পৰম্পৰাগতভাৱে চলাই আহিছে তেওঁলােকক দেশীয় বেংকাৰ বােলে । দেশীয় বেংকাৰক তিনিটা ভাগত বিভক্ত কৰিব পৰা যায় । যেনেঃ 

( i ) যিয়ে কেৱল মাত্ৰ বেংকিং ব্যৱসায় কৰে । 

( ii ) যিয়ে বেংকিং ব্যৱসায়ৰ লগত আন বেহা – বেপাৰাে কৰে । আৰু 

( iii ) যিবােৰ প্ৰধানকৈ বেপাৰী কিন্তু নিজৰ ৰাহি ধনেৰে বেংকিং ব্যৱসায় চলায় । 

কাৰ্যৱলী :- দেশীয় বেংকাৰে সম্পাদান কৰা মুখ্য কাৰ্যৱলীবােৰ হ’ল — 

( i ) আমানত গ্রহণ :- দেশীয় বেংকাৰে তেওঁলােকৰ ব্যৱসায়ত নিজা পুঁজি ব্যৱহাৰ কৰাৰ লগে লগে জনসাধাৰণৰ পৰা আমানতাে গ্রহণ কৰে । এনে আমানত 

( a ) চাহিদা মানেই পৰিশােধনীয় আৰু 

( b ) ম্যাদৰ অন্তত পৰিশােধনীয় । 

( ii ) অর্থ হস্তান্তৰ :- দেশীয় বেংকাৰ সকলেই হ’ল হুণ্ডিৰ উদ্ভাৱনকাৰী আৰু ইয়াৰ প্রচলনকাৰী । এঠাইৰ পৰা আন এঠাইলৈ অথবা এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ ধন প্রেৰণ কৰাৰ ক্ষেত্ৰত হুণ্ডিৰ ব্যৱহাৰ ব্যাপকভাৱে কৰা দেখা যায় ।

( iii ) অনাবেংকিং কাৰ্য্যবলীঃ প্রায়বােৰ দেশীয় বেংকাৰে তেওঁলােকৰ বেংকিং ব্যৱসায়ৰ লগতে আন ভালেমান অনাবেংকিং কার্যকলাপাে সম্পাদন কৰা দেখা যায় । সেইবােৰহ’ল— 

( a ) খুচুৰা বেহা – বেপাৰ যেনে :- পণ্য দ্রব্য , সােণ ৰূপ , কৃষিজাত সামগ্রী ইত্যাদিৰ ক্রয় – বিক্রয় কৰা । 

( b ) কমিচনৰ বিপৰীতে বৃহৎ আকাৰৰ ব্যৱসায়ীক প্রতিষ্ঠান প্রতিনিধি হিচাপে কাৰ্য্য সম্পাদন কৰি আয় উপার্জন কৰা তথা ।

( c ) ফালেঙী ব্যৱসায়ত অংশ গ্রহণেৰে লাভ উপার্জন কৰা ইত্যাদি । 

( iv ) ঋণ প্রদানঃ ধন ধাৰলৈ দিয়াটোৱেই হ’ল দেশীয় বেংকাৰৰ মুখ্য ব্যৱসায় । দেশৰ কৃষক , কাৰিকৰ , বাঢ়ৈ কুটীৰ শিল্পী তথা ব্যৱসায়ী তােক প্রত্যক্ষ অথবা পৰােক্ষভাৱে যিকোনাে জামিনৰ বিপৰীতে ঋণ প্রদান কৰে । ব্যক্তিগত জামিন , স্থাৱৰ অস্থাৱৰ সম্পত্তিৰ জিম্মা , মাটি বন্ধকী , প্রতিভূতি ইত্যাদি ৰাখি ইয়াৰ বিপৰীতে ঋণ প্রদান কৰে । ইয়াৰ উপৰিও বাণিজ্যিক বেংকৰ ঋণ প্রদানৰ জটিল প্রক্রিয়াৰ বিপৰীতে ইয়াৰ ঋণৰ চৰ্তসমূহ সহজ হয় । সঞ্চয় বেংক  যিবিলাক বেংকৰ জৰিয়তে জনসাধাৰণক সঞ্চয় কৰিবলৈ প্ৰেৰণা যােগায় , তেনেবােৰ বেংকক সঞ্চয় বেংক বুলি কোৱা হয় । 

সর্বসাধাৰণৰ ক্ষুদ্র সঞ্চয় নিৰাপদে ৰাখিবলৈ আৰু এই ক্ষুদ্র সঞ্চয় সংগ্রহ কৰি পুঁজি গঠন কৰি দেশৰ আর্থিক উন্নয়নত সহায় কৰা আদি কাৰ্য্যৰ প্রতি লক্ষ্য কৰিলে স্বীকাৰ কৰিব লাগিব যে সঞ্চয় বেংকৰ অৰিহণা  অদ্বিতীয় । এনে বেংকৰ প্রধান লক্ষ্য হৈছে ক্ষুদ্র ও মধ্যমীয়া আয়ৰ ব্যক্তিৰ পৰা তেওঁলােকৰ ৰাহি ধন সংগ্রহ কৰি পুঁজি গঠন কৰা এই পুঁজি আৰু সুত প্ৰদান কৰা হয় । ইয়ে সঞ্চয়কাৰীক সঞ্চয় কৰাৰ প্ৰেৰণা যােগায় । আজিকালি প্রায়বােৰ বাণিজ্যিক বেংকতে সঞ্চয় বেংক হিচাপ খােলাৰ সুবিধা থাকে । আদিতে জনসাধাৰণৰ সঞ্চয় নিৰাপদে ৰখা আৰু বিনিয়ােগ সুবিধা দিয়াৰ উদ্দেশ্যে সঞ্চয় বেংক খােলা হৈছিল । কিন্তু কালক্ৰমত সঞ্চয় বেংকৰ কাৰ্য ডাকঘৰৰ ওপৰত ন্যস্ত কৰা হয় । দেশৰ চুকে – কোনে ডাকঘৰৰ কাৰ্যালয় সিঁচৰিত হৈ থাকে কাৰণে সেইবােৰত সঞ্চয় বেংক খুলি কাৰ্য্য কৰাটো সুবিধাজনক । 

( গ ) আন্তজাতিক বেংকঃ কুৰি শতিকাৰ তৃতীয় দশকৰ পৰা এক শ্রেণীৰ বেংকৰ সৃষ্টি হয় । এই বেংকবােৰৰ পৰিসৰ বিশ্বজোৰা এইবােৰে আন্তর্জাতিক বিত্তীয় সমস্যা সমাধানত সহায় কৰে । আন্তর্জাতিক লেনদেন নিষ্পত্তি বেংক , আন্তর্জাতিক পুনৰ নিৰ্মাণ আৰু উন্নয়ন বেংক , আন্তর্জাতিক মুদ্রানিধি , বিশ্ব বেংক , আন্তর্জাতিক উন্নয়ন সংস্থা , আন্তর্জাতিক বিত্তীয় নিগম আদি এই শ্রেণীৰ বেংক । এই আন্তর্জাতিক বেংকসমূহ বহু জাতি বা দেশ মিলিত হৈ সেইবােৰৰ উমৈহতীয়া সুবিধাৰ কাৰণে আন্তর্জাতিক বেংকৰ প্রতিষ্ঠা হয় ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top