Class 11 Advance Assamese Important Chapter 9 অংকীয়া নাটৰ ৰস-বিচাৰ

Class 11 Advance Assamese Important Chapter 9 অংকীয়া নাটৰ ৰস-বিচাৰ Question Answer As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters AHSEC Class 11 Advance Assamese Important Solutions and select need one. Class 11 Advance Assamese Additional Solutions Download PDF. HS 1st Year Advance Important Question Answer in Assamese.

Class 11 Advance Assamese Important Chapter 9 অংকীয়া নাটৰ ৰস-বিচাৰ

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Advance Assamese Important Notes are part of All Subject Solutions. Here we have given HS 1st Year Advance Assamese Important Solutions for All Chapters, You can practice these here.

Chapter: 9

গোট – ২: নিৰ্বাচিত গদ্যসমূহ
IMPORTANT QUESTION AND ANSWER

১। নাটকৰ ক্ষেত্ৰত কি বিষয়টো প্ৰয়োজনীয় বুলি কোৱা হৈছে?

উত্তৰঃ নাটকৰ ক্ষেত্ৰত ৰস-বিচাৰ বিষয়টো প্ৰয়োজনীয় বুলি কোৱা হৈছে।

২। আটাইতকৈ পুৰণি আলঙ্কাৰিক কোন আছিল?

উত্তৰঃ আটাইতকৈ পুৰণি আলঙ্কাৰিক ভৰতমুনি আছিল।

৩। ভৰতমুনিয়ে কেইধৰণৰ ৰস উল্লেখ কৰিছে?

উত্তৰঃ ভৰতমুনিয়ে আঠ ধৰণৰ ৰস উল্লেখ কৰিছে।

৪। ক্ষন্তেকীয়া ভাবক কি বোলে?

উত্তৰঃ ক্ষন্তেকীয়া ভাবক সঞ্চাৰী ভাব বোলে।

৫। ‘কেলিগোপাল’ নাটত কোন ৰসৰ প্ৰাধান্য পোৱা যায়?

উত্তৰঃ ‘কেলিগোপাল’ নাটতভশৃঙ্গাৰ ৰসৰ প্ৰাধান্য পোৱা যায়।

৬। ‘ৰামবিজয়’ নাটকত কিহৰ ৰস প্ৰধান বুলি কোৱা হৈছে?

উত্তৰঃ ‘ৰামবিজয়’ নাটকত বীৰ ৰস প্ৰধান বুলি কোৱা হৈছে।

৭। গোপীসকলে কৃষ্ণক কেনেধৰণে দৰ্শন কৰিছিল?

উত্তৰঃ গোপীসকলে কৃষ্ণক জগতৰ স্বামীৰূপে দৰ্শন কৰিছিল।

৮। মহাপুৰুষসকলে কৃষ্ণক কি ৰূপত গ্ৰহণ কৰিছে?

উত্তৰঃ মহাপুৰুষসকলে কৃষ্ণক ভগৱানৰ ৰূপত গ্ৰহণ কৰিছে।

৯। বৈষ্ণৱৰ ৰতি কিমান প্ৰকাৰৰ হয়?

উত্তৰঃ বৈষ্ণৱৰ ৰতি পাঁচ প্ৰকাৰৰ।

১০। বৈষ্ণৱৰ বাবে আটাইতকৈ প্ৰিয় বস্তু কি?

উত্তৰঃ বৈষ্ণৱৰ বাবে আটাইতকৈ প্ৰিয় বস্তু ভগৱান কৃষ্ণ ।

১১। ভক্ত মাক-পুতেকৰ সম্পৰ্কৰ নাট কোন ধৰণৰ ভক্তিৰসত পৰিণত হয়?

উত্তৰঃ ভক্ত মাক-পুতেকৰ সম্পৰ্কৰ নাট বাৎসল্য-ভক্তিৰসত পৰিণত হয়।

১২। মাধৱদেৱৰ কোন নাটত সখ্যভক্তি দেখা যায়?

উত্তৰঃ মাধৱদেৱৰ ভোজন-বিহাৰ আৰু কোটোৰা-খেলা নাটত সখ্যভক্তি দেখা যায়।

১৩। ভগৱানক বন্ধু হিচাপে গ্ৰহণ কৰা ভক্তিৰ নাম কি?

উত্তৰঃ ভগৱানক বন্ধু হিচাপে গ্ৰহণ কৰা ভক্তিৰ নাম হ’ল- সখ্যভক্তি।

১৪। গৌড়ীয় বৈষ্ণৱ আলঙ্কাৰিকসকলে কিমান ধৰণৰ ভক্তিৰসক স্বীকৃতি দিছে?

উত্তৰঃ গৌড়ীয় বৈষ্ণৱ আলঙ্কাৰিকসকলে পাঁচ ধৰণৰ ভক্তিৰসক স্বীকৃতি দিছে।

১৫। ‘কালিয়দমন’ নাট কেনেধৰণৰ ভক্তিৰসত অন্তর্ভুক্ত হব পাৰে?

উত্তৰঃ ‘কালিয়দমন’ নাট শান্ত-ভক্তিৰসত অন্তর্ভুক্ত হব পাৰে।

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top