Class 11 Advance Assamese Important Chapter 7 শঙ্কৰদেৱৰ বাল্যকাল

Class 11 Advance Assamese Important Chapter 7 শঙ্কৰদেৱৰ বাল্যকাল Question Answer As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters AHSEC Class 11 Advance Assamese Important Chapter 7 শঙ্কৰদেৱৰ বাল্যকাল Solutions and select need one. Class 11 Advance Assamese Additional Solutions Download PDF. HS 1st Year Advance Important Question Answer in Assamese.

Class 11 Advance Assamese Important Chapter 7 শঙ্কৰদেৱৰ বাল্যকাল

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Advance Assamese Important Notes are part of All Subject Solutions. Here we have given HS 1st Year Advance Assamese Important Solutions for All Chapters, You can practice these here.

Chapter: 7

গোট – ২: নিৰ্বাচিত গদ্যসমূহ
IMPORTANT QUESTION AND ANSWER

১। পাচে মহাপুৰুষ বুলি কাক বুজোৱা হৈছে?

উত্তৰঃ পাচে মহাপুৰুষ বুলি শ্ৰীমন্ত শংকৰদেৱক বুজোৱা হৈছে।

২। গুৰুজনে কোনবোৰ শিশুৰ সৈতে লীলা কৰিছিল?

উত্তৰঃ জইৰাম, বিতোপন, চান্দ, তিতাৰাম, ভেকুৰি, কেতাই, সনাতন, হৰিবৰ, সতানন্দ, ৰাম ৰাম, বাম বাই আৰু আন বহু শিশুৰ সৈতে গুৰুজনে লীলা কৰিছিল।

৩। “ৰিচ” শব্দৰ অৰ্থ কি?

উত্তৰঃ “ৰিচ” শব্দৰ অৰ্থ হ’ল- মন্ত্র।

৪। ৰাই বনগঞা কিয় কান্দিছিল?

উত্তৰঃ ৰাই বনগঞা শিশুবোৰ নোলোৱাৰ বাবে কান্দিছিল।

৫। “হৰিচন্দ্রোপাখ্যান”ত কাক শ্রেষ্ঠ বুলি প্ৰতিপন্ন কৰা হৈছে?

উত্তৰঃ “হৰিচন্দ্রোপাখ্যান” বিষ্ণুক শ্ৰেষ্ঠ বুলি প্ৰতিপন্ন কৰা হৈছে।

৬। “হৰিচন্দ্রোপাখ্যান” কিহৰ আধাৰত ৰচিত?

উত্তৰঃ “হৰিচন্দ্রোপাখ্যান” মার্কণ্ডেয় পুৰাণৰ ৭ম আৰু ৮ম অধ্যায়ৰ আধাৰত ৰচিত।

৭। “হৰিচন্দ্রোপাখ্যান” কাৰ দ্বাৰা ৰচিত?

উত্তৰঃ “হৰিচন্দ্রোপাখ্যান” শংকৰদেৱৰ দ্বাৰা ৰচিত।

৮। পঞ্চদশ মাহত গুৰুজনে কি খাইছিল?

উত্তৰঃ পঞ্চদশ মাহত গুৰুজনে চাঙ্গৰ চিৰা আৰু শিকিয়াৰ দধি খাইছিল।

৯। “বাৰ ভূঞা” বুলি কাক কোৱা হৈছিল?

উত্তৰঃ “বাৰ ভূঞা” বুলি উজনিৰ উত্তৰ ভাগৰ বাৰটা খণ্ডৰ অধিপতিসকলক কোৱা হৈছিল।

১০। কুসুমদেউ কোন বংশৰ অন্তৰ্গত আছিল?

উত্তৰঃ কুসুমদেউ বাৰ ভূঞাৰ বংশধৰ অন্তৰ্গত আছিল।

১১। কুসুমদেউৰ সম্পূৰ্ণ নাম কি?

উত্তৰঃ কুসুমদেউৰ সম্পূৰ্ণ নাম হ’ল- কুসুম্বৰ শিৰোমনি ভূঞা।

১২। গুৰুজনে গছোৰ ঢোকত কি কৰিছিল?

উত্তৰঃ গুৰুজনে গছোৰ ঢোকত অনেক লীলা কৰিছিল।

১৩। ভেকুৰিৰ হাত কেনেকৈ ভাগিল?

উত্তৰঃ ভেকুৰিৰ হাত ডুগডুগলি খেদোতে ভাগিল।

১৪। চান্দৰ পিতাৰ নাম কি?

উত্তৰঃ চান্দৰ পিতাৰ নাম হ’ল- কেতাই খাঁ ভূঞা।

১৫। কুসুমদেউ কোন আছিল?

উত্তৰঃ কুসুমদেউ শংকৰদেৱৰ পিতৃ আছিল।

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top