Class 11 Accountancy Chapter 15 ডাটাবেচ পৰিচালনা পদ্ধতি ব্যৱহাৰেৰে হিচাপকৰণ পদ্ধতি

Class 11 Accountancy Chapter 15 ডাটাবেচ পৰিচালনা পদ্ধতি ব্যৱহাৰেৰে হিচাপকৰণ পদ্ধতি Question Answer in Assamese Medium, AHSEC Class 11 Accountancy Chapter 15 ডাটাবেচ পৰিচালনা পদ্ধতি ব্যৱহাৰেৰে হিচাপকৰণ পদ্ধতি Solutions to each chapter is provided in the list so that you can easily browse throughout different chapters Class 11 Accountancy Chapter 14 হিচাপকৰণৰ বাবে ডাটাবেচগঠন Notes and select needs one.

Class 11 Accountancy Chapter 15 ডাটাবেচ পৰিচালনা পদ্ধতি ব্যৱহাৰেৰে হিচাপকৰণ পদ্ধতি

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Solutions for All Subjects, You can practice these here.

ডাটাবেচ পৰিচালনা পদ্ধতি ব্যৱহাৰেৰে হিচাপকৰণ পদ্ধতি

ACCOUNTANCY

Chapter: 15

PART – II

১। হিচাপৰ প্ৰতিবেদন বুলিলে কি বুজা?

উত্তৰঃ এটা প্রতিবেদনে প্ৰণালীবদ্ধ তথ্য সূসংগত পৰিৱৰ্তিত তথ্য প্ৰদৰ্শন কৰে। প্রতিবেদনে সিদ্ধান্ত গ্ৰহণ কৰোতাৰ অনিশ্চয়তা কিছু পৰিমাণে কমায় আৰু ধন দিশত কিছু প্ৰভাৱান্বিত কৰে ৷ হিচাপ প্ৰণালীৰ আউটপুটবোৰ হ’ল হিচাপৰ প্ৰতিবেদন।

২। সৰল অনুসদ্ধান বুলিলে কি বুজা?

উত্তৰঃ কোনো অনুসন্ধান ফলন ব্যৱহাৰ নকৰাকৈ কৰা Select অনুসন্ধান কৰি তথ্য সাৰাংশ উলিয়ালে তাক সৰল অনুসন্ধান বোলে।

৩। পেৰামিটাৰ অনুসন্ধান বুলিলে কি বুজা?

উত্তৰঃ যি অনুসন্ধানত কোনো পেৰামিটাৰ ইনপুট বাকচত কোনো উদ্ধৃতি দি অনুসন্ধান কৰা হয় আৰু যি অনুসন্ধানে বেলেগ বেলেগ চর্ত প্রয়োগ কৰি কোনো একেধৰণৰ অনুসন্ধান কৰিবলৈ উপযোগী তাক পেৰামিটাৰ অনুসন্ধান বোলে।

৪। সময়সূচী প্রতিবেদন বুলিলে কি বুজা?

উত্তৰঃ যি প্রতিবেদন কোনো নির্দিষ্ট সময় সূচীমতে প্ৰস্তুত কৰা হয় তাক সময়সূচী প্রতিবেদন বোলে।

৫। দাবী অনুসৰি কৰা প্ৰতিবেদন বুলিলে কি বুজা?

উত্তৰঃ কিছুমান ঘটনা ঘটাৰ লগত সংগতি ৰাখি প্ৰস্তুত কৰি উলিওৱা প্ৰতিবেদনক দাবী অনুসৰি কৰা প্ৰতিবেদন বোলে।

৬। অনানুস্থানিক প্রতিবেদন বুলিলে কি বুজা?

উত্তৰঃ কিছুমান এনে প্রতিবেদন আছে য’ত থকা তথ্য দৰকাৰী কিন্তু নিৰ্দিষ্ট সময়ৰ আগত প্ৰয়োজন নহবও পাৰে বা মাজে সময়ে প্রয়োজন হবও পাৰে। এইবোৰই অনানুস্থানিক প্রতিবেদন।

৭। স্বয়ংক্রিয় প্রতিবেদন কাক বোলে?

উত্তৰঃ স্তম্ভকৃত বা তালিকাকৰণ পদ্ধতিত প্রতিবেদন প্রস্তুতিত প্ৰাৰম্ভিক পদ্ধতি সূত্ৰ ৰে আৰম্ভ কৰিবলৈ, অনুসন্ধান সৃষ্টি কৰি জমা কৰা হয়। ই প্ৰতিবেদনৰ তথ্যৰ উৎস হিচাপে নথিসমূহ যোগায়। অন্যথায়, ইয়াত সন্নিবিষ্ট তথ্যবোৰ ডাটাবেচৰ এখন তালিকা হিচাপে থাকিব লাগে। একাধিক তালিকাৰ ওপৰত নিৰ্ভৰ কৰি অনুসন্ধান কৰা পদ্ধতিক স্বয়ংক্রিয় প্রতিবেদন বোলা হয়।

৮। একচেচ বুলিলে কি বুজা আৰু ইয়াৰ বস্তু শ্ৰেণীবোৰ কি কি?

উত্তৰঃ একচেচ হ’ল ডাটাবেচৰ উপাংশবোৰ জমাকৰা আৰু পৰিচালনাত ব্যৱহাৰ হোৱা এক অতি জনপ্রিয় ডাটাবেচ মেনেজমেন্ট প্রক্রিয়া।

একচেচ ব্যৱহাৰ কৰি প্ৰস্তুত কৰা প্ৰতিটো উপাংশকেই এটি বস্তু বুলি কোৱা হয় আৰু এনেবহুতো একেধৰণৰ বস্তু লগ হৈ এটি বস্তু শ্ৰেণী গঠন হয়। একচেচত মূলত সাতটা বস্তু শ্ৰেণী আছে।

(ক) তালিকাঃ এই বস্তু শ্রেণীয়ে ডাটাবেচত তালিকা প্রস্তুতি, সিহতৰ ক্ষেত্ৰনাম দিয়া, মূলসূত্ৰৰ প্ৰকাৰ আৰু ধৰ্ম প্ৰদান কৰাত সহায় কৰে।

(খ) অনুসন্ধানঃ এই বস্তু শ্ৰেণীয়ে ডাটাবেচত ব্যৱহাৰ যোগ্য অনুসন্ধান উক্তিৰ প্ৰস্তুতি, গ্রাফিক ব্যৱহাৰকাৰী অনুপ্ৰবেশৰ সহায়ত বা সহয় অবিহনে তালিকাৰ সংজ্ঞা দিবলৈ, তথ্য জমা ৰাখিবলৈ আৰু মূলসূত্ৰ আৰু তথ্য পুনঃ সংস্থাপন কৰিবলৈ সহায় কৰে।

(গ) ফর্মঃ এই বস্তু শ্ৰেণীয়ে তালিকা আৰু অনুসন্ধানত সংজ্ঞা দিয়াৰ ধৰণে ডাটাবেচ প্রস্তুতকাৰীক ইয়াৰ ভিতৰত প্ৰৱেশ কৰি বহুত কাম কৰাৰ অনুমতি প্রদান কৰে।

(ঘ) প্রতিবেদনঃ এই বস্তু শ্রেণীয়ে বিভিন্ন ধৰণৰ প্ৰতিবেদন প্রস্তুতি, অন্তৰ্ভূক্ত তথ্যৰ উৎস হ’ল তালিকা অনুসন্ধান আৰু উভয়ে হ’ব পাৰে।

(ঙ) পৃষ্ঠাঃ এই বস্তুশ্রেণী ডাটা একচেচ পৃষ্ঠা প্ৰস্তুত কৰিবলৈ ইন্টাৰনেটৰ সহায়ত কোনো প্রতিস্থাপনৰ ৱেৱ চাইটত মুক্ত কৰি বা ই-মেইলৰ জৰিয়তে অইন কোনো প্ৰতিস্থানলৈ পঠিয়াবলৈ ব্যৱহাৰ কৰা হয়।

(চ) মেক্রোঃ এই ধৰণৰ প্ৰগ্ৰামিঙত মেক্ৰোৰ আদেশ ব্যৱহাৰ কৰি বস্তুবোৰ মিলোৱা হয়।

(ছ) উপভোগঃ যিকোনো প্রয়োগৰে ইয়েই হ’ল মূল আধাৰ। ই সৃষ্টিকাৰীক প্ৰগ্ৰাম সংহতি প্ৰস্তুত কৰিবলৈ অনুমতি দিয়ে, যাক ফলন বা চাবৰুটিন বুলি কোৱা হয়।

৯। উইজার্ড ব্যৱহাৰ কৰি প্ৰ-পত্ৰ প্ৰস্তুত কৰাৰ দোষসমূহ ব্যাখ্যা কৰা।

উত্তৰঃ উইজার্ড ব্যৱহাৰ কৰি প্ৰ-পত্ৰ প্ৰস্তুত কৰিবলৈ তলত উল্লেখিত চাপসমূহ প্রয়োগ কৰা হয়।

(ক) ক্রিয়েট ফর্ম বাই ইউজিং উইজাৰ্ডত দুবাৰ টিপিয়াব লাগে। লগে লগে ‘ফর্ম উইজার্ড’ শিৰোনামৰ এখন উইন্ডো ওলায় যিয়ে বহুতো ক্ষেত্ৰৰ পৰা দৰকাৰী ক্ষেত্ৰ সমূহ নিৰ্বাচন কৰাত সহায় কৰে। পিছত প্ৰয়োজনীয় ক্ষেত্ৰবোৰ নিৰ্বাচন কৰিব লাগে।

(খ) পিছৰ কাৰ্যক্ৰমনিকা নিৰ্বাচনৰ পিছত ‘নেক্রট’ বুটামত টিপিয়াব লাগে। প্ৰ-পত্র উইজাৰ্ভটোৱে 10 টা পৃথক নিৰ্বাচনৰ পৰা উপস্থানৰ ধৰণ নিৰ্ণয় কৰে।

(গ) পুনৰ আগ বাঢ়িবলৈ ‘নেক্রট’ টিপিয়াব লাগে। একচেলে প্ৰ-পত্ৰৰ শিৰোনামা বিচাৰি সহাৰি দিয়ে। প্রস্তুতকাৰীয়ে প্ৰ-পত্ৰৰ উদ্দেশ্যৰ লগত সংগতি ৰাখি নাম দিয়ে। প্ৰ-পত্র খোলা বা কিঞ্চিত পৰিবৰ্তনৰ হকে বাচনি নির্বাচন কৰে।

(ঘ) শেষত ‘ফিলিছ’বুটামত টিপি প্ৰ-পত্ৰৰ সজ্জা শেষ কৰিব লাগে। ইয়াক ৰাণ মোদত দিব লাগে যদিহে ডাটা সোমাবৰ বাবে বিকল্প নির্বাচন কৰা হয়।

১০। উইছার্ড প্রয়োগ কৰি কৰা অনুসন্ধানৰ দোষসমূহ চমুকৈ ব্যাখ্যা কৰা।

উত্তৰঃ উইছাৰ্ড প্ৰয়োগেৰে অনুসন্ধান কৰিবলৈ তলৰ চাপসমূহ মানি চলা হয়।

(ক) জাটাবেচ উইন্ডোৰ বাওঁফালে থকা বস্তুৰ অনুসন্ধান বাচি লোৱা হয়।

(খ) সোঁফালে ওলোৱা Create querrcy by uSing wizard ত দুবাৰ টিপিলে Simple Query Wizard নামেৰে এখন উইন্ডো ওলাব ইয়ে ব্যৱহাকাৰী ক্ষেত্ৰ নিৰ্বাচনত আগভাগ লব। তথ্যৰ প্ৰয়োজনীয়তা অনুসাৰে ক্ষেত্ৰ সমূহ নির্বাচন কৰিব পাৰি। যিখন তালিকা বাচি লোৱা হয় সিয়ে ডাটাৰ উৎস হৈ পৰে।

(গ) ক্ষেত্ৰ নিৰ্বাচন কৰি ‘Next’ ত টিপিব লাগে। ইয়াৰ সাৰাংশ নে বিতং লাগে, তাৰ বিকল্প নির্বাচন কৰিব লাগে।

(ঘ) ইয়াৰ পিছত ‘Next’ টিপিলে শেষ হোৱা দৰ্শায় আৰু অনুসন্ধান জমা কৰি ফলৱতী কৰে। ফলাফল data Sheet হিচাপে প্রদর্শিত হয়।

১১। এম. এছ. একচেচত ডিজাইন ভিউ পদ্ধতিৰে কিদৰে অনুসন্ধান প্ৰস্তুত কৰিব পাৰি তাৰ চাপসমূহ বৰ্ণনা কৰা।

উত্তৰঃ ডিজাইন ভিউ পদ্ধতিত অনুসন্ধান প্রস্তুত কৰিবলৈ তলৰ চাপবোৰ প্ৰয়োগ কৰা হয়।

(ক) বাওঁফালৰ বস্তু তালিকাৰ পৰা Query বাচনি কৰি সোঁফালত দিয়া Create query by uSing ত দুবাৰ টিপিব লাগে।

(খ) লগে লগে একচেচে Select Query আৰু Show table বুলি উইন্ডো দুখন দেখুৱায়। Select query design view উইন্ডোখন উলম্বভাবে দুটা অংশত ভাগ কৰা থাকে। ওপৰৰ অংশ আৰু তলৰ অংশ, ওপৰ অংশই ডাটাৰ উৎস আৰু তলৰ অংশই উদাহৰণসহ অনুসন্ধান যাক জালিকা বুলিও কোৱা হয় তাক দেখুৱায়।

(গ) মেন্থবাৰৰ View item ত টিপি % Total আৰু % তালিকা নাম QBE তালিকাৰ প্রথম স্তম্ভৰ ক্ষেত্ৰশাৰীত টিপি অনুসন্ধানত অন্তর্ভূক্ত হ’বলগীয়া ক্ষেত্ৰবোৰ নির্বাচন কৰা হয়।

(ঘ) সেইমর্মে তালিকা বা অনুসন্ধানৰ নাম দেখুৱায়। SQL উক্তিৰ From এ নির্দেশ দিয়াৰ পৰা ডাটাৰ উৎস গ্ৰাহ্য কৰে।

(ঙ) Group by উক্তিৰে নিৰ্দেশ কৰা জালিকাৰ শাৰীত টিপি দিয়া আৰু aggregate ফলন যাতে অনসন্ধান সাৰাংশ দেখুৱায়।

(চ) সজোৱা ক্ৰম Ascending or discending স্পষ্ট কৰিবলৈ জালিকাৰ শাৰীত টিপিব লগে এই বাচি দিয়া ক্ষেত্ৰবোৰ নিৰ্দেশ দিয়া মতে ক্ৰমত ওলায়।

(ছ) অনুসন্ধানৰ ফলাফলত দেখুৱাব লগা শাৰীত টিপি নির্বাচন কৰা হয়। সজোৱা ক্ৰম বা চৰ্ত দিবলৈ ক্ষেত্ৰবোৰ নিৰ্বাচন কৰিব পাৰি।

১২। অনুসন্ধান প্রস্তুতিৰ SQL ভিউ পদ্ধতিৰ আলোচনা কৰা।

উত্তৰঃ একচেচৰ তালিকাত সোঁহতীয়াকৈ টিপিয়াই Select Query name ত% SQL view দি পোনপটীয়াকৈ অনুসন্ধান কৰিব পাৰি। SQL উক্তিৰে ওপৰ আৰু তল অংশত কিবোৰ্ডৰ সহায়ত নিৰ্দেশ দি ইয়াক কৰিব পাৰি। বিচৰা SQL উক্তিটো এই অংশত স্থিৰ কৰি জমা ৰখা হয়। তলৰ উক্তিৰে এই কাম সমাধা কৰা হয়।

(i) SELECT: এই উক্তিৰে তথ্য বিচাৰিব লগা ক্ষেত্ৰবোৰ নিৰ্দেশ কৰা হয়।

(ii) FROM: এই উক্তিৰে বিচৰা তথ্যৰ উৎস দেখুৱাই দিয়া হয়।

(iii) INNER: যুক্তকৰণ উক্তিয়ে দুটা মিলা উৎসৰ মাজত যুক্ত কৰে।

(iv) বাওঁঃ এই যুক্তকৰণেৰে প্ৰমাণিক তালিকাৰ নথি জড়িত তালিকাৰ লগত মিলক বা নিমিলক ইয়াত অন্তর্ভূক্ত নথিসমূহ দর্শায়।

(v) সোঁঃ মিল থকা বা নথকা সকলো প্ৰকাৰৰ সম্পৰ্কত জড়িত তালিকাৰ সকলো নথি এই জড়িতকৰণৰ দ্বাৰা দেখুৱাব পাৰি।

(vi) WHERE: অনুসন্ধানৰ ফলাফল চৰ্তসাপেক্ষে তথ্য পাবলৈ এই উক্তিৰে চৰ্ত দিয়া হয়। 

(vii) ORDER BY: অনুসন্ধানৰ ফলাফল কি ক্ৰমত দেখুৱাব লাগে তাক ঠিৰাং কৰিবলৈ এই উক্তি ব্যৱহাৰ হয়।

(viii) GROUP BY: সাৰাংশ অনুসন্ধান প্রস্তুতিৰ বাবে এই SQL উক্তিয়ে নথিবোৰক লাভাকৰণ কৰে। এই উক্তিৰ পিছত উল্লেখ কৰা ক্ষেত্ৰ হিচাপে ইয়াৰ শাখাকৰণ হয়। 

১৩। একচেচত প্রস্তুত কৰা এটি ভাল প্রতিবেদনৰ গঠন ব্যাখ্যা কৰা।

উত্তৰঃ সাতটো ছেদ ব্যৱহাৰ কৰি একচেচত প্রতিবেদনৰ গাঁঠনি প্ৰস্তুত কৰা হয়। প্ৰতিটো প্রতিবেদনেই সাতটো অংশ নাথাকিলেও হয়। কিন্তু ভাল এটা প্রতিবেদন গঠন কৰিবলৈ হ’লৈ সাতটো অংশ দিব লাগে। এইবোৰ হ’ল—

(ক) প্রতিবেদনৰ ওপৰত শিৰোনামাঃ এই শিৰোনামা প্রতিবেদনৰ একেবাৰে ওপৰত ওলায় আৰু ইয়াত প্রতিবেদনৰ লগত প্ৰাসংগিক তথ্য থাকে।

(খ) পৃষ্ঠৰ ওপৰত শিৰোনামঃ প্ৰতিটো পৃষ্ঠাৰ ওপৰত শিৰোনামা ওলায়। ইয়াত একে শিৰোনামা দি নির্দিষ্ট প্রতিবেদনৰ অন্তৰ্ভূক্তিৰ সাদৃশ্যতা দর্শায় দিয়া হয়।

(গ) গোট শিৰোনামঃ সজোৱা ক্ৰম আৰু গোটৰ স্তৰ ক্ষেত্ৰৰ ডাটা উৎসৰ ওপৰত সংজ্ঞাবদ্ধ হ’লে গোটৰ ওপৰ শিৰোনামা আৰু তলৰ শিৰোনামা দিয়া হয়। যি ক্ৰমত ক্ষেত্ৰ বোৰ সজোৱা হৈছে তাৰ ধৰ্মটো গোটটোৰ শিৰোনাম হয়।

(ঘ) বিতংঃ এই অংশত প্রতিবেদনৰ মূল তথ্য থাকে। ই প্রতিবেদনৰ নথিৰ উৎস যোগায় সেয়ে এই অংশক প্রতিবেদনৰ দেহ বুলিও কোৱা হয়।

(ঙ) গোটৰ তল শিৰোনামাঃ প্ৰতিটো স্তৰৰ গোটৰ তলতেই এই শিৰোনামা থাকে। ইয়াত গোটৰ সাৰাংশ বা উপমুঠ দেখায়।

(চ) পৃষ্ঠাৰ তল শিৰোনামাঃ প্রতিবেদনৰ প্ৰতিটো পৃষ্ঠাৰ তলত পৃষ্ঠাৰ তল শিৰোনামা থাকে। ইয়াত পৃষ্টা নং প্রতিবেদন প্রস্তুতিৰ তাৰিখ আৰু সময় ওলায়।

(ছ) প্রতিবেদনৰ তল শিৰোনামাঃ প্রতিবেদনৰ শেষত ইয়াৰ সাৰাংশ বা মুঠ দেখুৱাবলৈ প্রতিবেদনৰ তল শিৰোনামা ব্যৱহাৰ কৰা হয়।

১৪। ডুখৰীয়া ছাবি হিচাপে এটি প্রতিবেদন সঞ্চয় কৰা মানে কি বুজা?

উত্তৰঃ প্রতিবেদন এটি একচেচৰ সহায় নোলোৱাকৈ তাৰ পৰ কৈ জমা কৰিব পাৰি। প্রতিবেদনক এটি ডুখৰিয়া ছবি নথি হিচাপে জমা কৰি ইয়াক সম্ভৱপৰ কৰা হয়। ফলত এডোব এক্রোবেট ছফটৱেৰ ব্যৱহাৰ কৰি প্ৰতিবেদনৰ প্ৰতিটো পৃষ্ঠাকে উচ্চ মানদণ্ডৰ চবি প্ৰতিবিম্ব হিচাপে প্ৰস্তুত কৰা হয়। অন্য ব্যৱহাৰকাৰীয়ে এই প্রতিবেদন সহজে ছাব পাৰে আৰু কোনো পৰিবৰ্তন নকৰাকৈ যিকোনা পৃষ্ঠা ছপা কৰিব পাৰি। এম. এছ. অফিচত 2000 কম্পিউটাৰত সূমোৱাৰ সময়ত প্রতিবেদন এটি ডুখৰীয়া ছবি হিচাপে জমা কৰা পৰিঘটনা থকাটো নিশ্চিত কৰিব পাৰো।

১৫। 2 নং আৰ্হি ব্যৱহাৰ কৰি উদ্বৃত্ত মিলনপত্ৰ কেনেকৈ প্ৰস্তুত কৰা হয় তাৰ SQL উক্তিবোৰ ব্যাখ্যা কৰা।

উত্তৰঃ 2 নং আৰ্হিৰে প্ৰস্তুত কৰা ডাটাবেচৰ বাবে উদ্বৃত্ত মিলনপত্ৰ প্ৰস্তুত কৰিবলৈ তলৰ SQL ডাক্তবোৰ ব্যৱহাৰ কৰা হয়। ইয়াৰোপৰি উদ্বৃত্ত মিলনপত্ৰত হিচাপসমূহ শাখা কৰা হৈছেঃ খৰচ, ৰাজহ, মুঠ জমা, মুঠ খৰচ।

(ক) ডেবিট হিচাপৰ মুঠ পৰিমান নির্ণয়ঃ এই আৰ্হিত লেনদেনৰ হিচাপ ৰচিদৰ মূল আৰু ৰচিদৰ বিতংৰ সূচাংকত সঞ্চিত হয়।

(খ) ক্রেডিট হোৱা হিচাপৰ মুঠ পৰিমান নির্ণয়ঃ লেনদেনত ক্রেডিট হোৱা প্ৰতিটো হিচাপৰ মুঠ পৰিমাণ উলিওৱা হয়। ইয়াকে কৰিবলৈ SELECT উক্তিত Debit ৰ সলনি Credit আৰু Group By উক্তিত ক্রেডিট ক্ষেত্র বাচনি কৰি মুঠ পৰিমাণক I ৰে পূৰণ কৰি মুঠ ঘৰটো ঋণ কৰি ৰখা হয়।

(গ) ডেবিট আৰু ক্রেডিট মুঠৰ সহায়ত হিচাপৰ সামগ্রিক নথিসংহতি প্রস্তুতিঃ অনুসন্ধান 101 আৰু 102ৰ মাজত সংহতিলৈ ডেবিট আৰু ক্রেডিট প্ৰতিটো হিচাপেই পিছৰ পৰ্যায়ৰ মুঠ পৰিমান নিৰ্ণয়ৰ সুবিধাৰ অৰ্থেলোৱা হয়।

(ঘ) কোনো এক হিচাপ ডেবিট বা ক্রেডিটৰ সময়ত মুঠ পৰিমাণ নির্ণয়ঃ সমূল পৰিমাণ প্ৰস্তুত কৰিবলৈ অনুসন্ধান 04 ৰ নিচিনা এটি SQL আৰ্হিৰে কৰা হয়।

(ঙ) হিচাপৰ সূচাংক, হিচাপৰ নাম, ডেবিট আৰু ক্ৰেডিট পৰিমানে গঠিত নথি সংহতি নিণয়ঃ এই অনুসন্ধানে উদ্বৃত মিলনপত্র সম্পর্কে তথ্য যোগাব ধৰে।

(চ) শাখা শাখাসূচনাংকৰে সৈতে হিচাপৰ নথিবোৰ উলিয়াবলৈঃ প্ৰকাৰ নাম ক্ষেত্ৰৰ জড়িয়তে হিচাপৰ তালিকা হিচাপৰ প্ৰকাৰৰ তালিকাৰ লগত জড়িত SQL উক্তিত INNER JOIN উক্তি ব্যৱহাৰ কৰি বেলেগ বেলেগ হিচাপৰ লগত জড়িত ভিন ভিন ক্ষেত্ৰ বোৰ পাব পাৰি।

(ছ) হিচাপৰ কোড, হিচাপৰ নাম, ডেবিট আৰু ক্রেডিট পৰিমাণ, শাখাবিতংৰ সৈতে গঠিত নথি সংহতিঃ এই অনুসন্ধানে দুটা অতিৰিক্ত ক্ষেত্ৰ শাখা আৰু শাখাচিনাক্ত কৰি নম্বৰৰ প্ৰাসংগিকতা বুজায়।

১৬। একচেচত এখন প্ৰ-পত্ৰ প্ৰস্তুত কৰাৰ উদ্দেশ্যবোৰ কি?

উত্তৰঃ তলত উল্লেখিত উদ্দেশ্যসমূহৰ বাবে একচেচত এখন প্ৰ-পত্ৰ প্ৰস্তুত কৰা হয়।

(ক) ডাটা প্রৱেশঃ ডাটা প্ৰৱেশ, সম্পাদনা আৰু প্ৰদৰ্শনৰ বাবে প্ৰ-পত্ৰ ব্যৱহাৰ কৰা হয়।

(খ) প্রায়োগিক প্রবাহঃ কোনো প্রয়োগৰ মাধ্যমত ডাটা চালনা কৰিবলৈ প্ৰ-পত্ৰ ব্যৱহাৰ কৰা হয়।

(গ) সংলাপ বাকচ প্রথাঃ ব্যৱহাৰকাৰীক কোনো বিষয়ৰ জাননী দিবলৈ কোনো নির্দিষ্ট অনুসন্ধান উক্তি নির্ভৰশীল বক্তব্য উক্তি ব্যৱহাৰ হয়।

(ঘ) তথ্য ছপাকৰণঃ প্রবেশ তথ্যৰ ছপাকৰণ কৰি তাৰ এটি বাকচত প্রতিলিপি প্রস্তুত কৰা হয়।

১৭। এটা উদাহৰণেৰে চমুকৈ পেৰামিটাৰ অনুসন্ধানৰ বিষয়ে লিখা।

উত্তৰঃ ইয়াত কোনো পেৰামিটাৰ ইনপুট বাকচত কোনো উদ্ধৃতি দি অনুসন্ধান কৰা হয়। বেলেগ বেলেগ চর্ত প্রয়োগ কৰি কোনো একে ধৰণৰ অনুসন্ধান কৰিবলৈ ই উপযোগী। সৰল অনুসন্ধানৰ বাবে ই ধ্রুকে, যেতিয়া লেজাৰ হিচাপত তুলিবলৈ চৰ্ত দি লেনদেন প্রস্তুত কৰা হয়। বেলেগ বেলেগ হিচাপ সূচাংকৰ বাবে ইয়াক ফলৱৰ্তী কৰাৰ প্ৰয়োজন হয়। তলৰ SQL উক্তিটোৰ কথা ধৰা হ’ল।

PARAMETERSAccount Name Text (255)
SELECTName
FROMAccounts
WHERECode Account No

১৮। এটা প্রতিবেদন প্রস্তুতিৰ পদ্ধতিবোৰ আলোচনা কৰা।

উত্তৰঃ একেচচ প্রতিবেদন প্রস্তুত কৰাৰ তিনিটা পদ্ধতি আছে। প্ৰতিটো পদ্ধতিৰ চমু বিৱৰণ তলত দিয়া হ’ল।

(ক) স্বয়ংক্রিয় প্রতিবেদনঃ স্তম্ভকৃত বা তালিকাকৰণ পদ্ধতিত প্রতিবেদন প্রস্তুতিত প্ৰাৰম্ভিক পদ্ধতি সূত্ৰৰে আৰম্ভ কৰিবলৈ, অনুসন্ধান সৃষ্টি কৰি জমা কৰা হয়। ই প্রতিবেদনৰ তথ্যৰ উৎস হিচাপে নথিসমূহ যোগায়। অন্যথায়, ইয়াত সন্নিবিষ্ট তথ্যবোৰ ডাটাবেচৰ এখন তালিকা হিচাপে থাকিব লাগে। একাধিক তালিকাৰ ওপৰত নিৰ্ভৰ কৰি অনুসন্ধানত বিকল্পবোৰ দিব লাগে।

(খ) উইজার্ভঃ প্রতিবেদন উইজার্ভ প্রস্তুতকাৰীক বেলেগ বেলেগ তালিকাৰ পৰা সমলিত তথ্যৰ গোট, সজ্জা আৰু গঠন বাচি ক্ষেত্ৰ নিৰ্বাচনৰ সুবিধা দিয়ে। ইত্ৰাত স্বয়ং ক্রিয় প্রতিবেদনৰ সীমাবদ্ধতা দূৰ কৰে।

(গ) ডিজাইন ভিউঃ এই প্ৰক্ৰিয়াৰে প্ৰতিবেদন প্রস্তুতিত যথেষ্ট শিথিলতা আছে। ইয়াত সজুলি বাকচৰ পৰা প্ৰতিবেদনৰ উপাংশসমূহ বাচি উঠাই আনি বহুৱাই দিয়া হয়।

১৯। প্রস্তুত কৰি উলিওৱা প্রতিবেদন এটা কেনেদৰে সংশোধন কৰা হয় ব্যাখ্যা কৰা।

উত্তৰঃ তলত দিয়া পদ্ধতিসমূহ প্ৰয়োগ কৰি প্ৰস্তুত কৰা প্ৰতিবেদনটোত যোগ আৰু কিঞ্চিত পৰিবৰ্ত্তন কৰি উন্নত কৰিব পৰা যায়। এই উদ্দেশ্যে ইতিমধ্যে থকা প্রতিবেদন এটা ডিজাইন মোডত খোলা হয়।

(ক) তাৰিখ আৰু পৃষ্ঠা নং যোগকৰণঃ প্রতিবেদন এখন ডিজাইন মোডত খুলিলে পৃষ্ঠাৰ তলৰ শিৰোনামাত দুটা অৰন্ধীকৃত নিয়ন্ত্রিক চলিত তাৰিখ আৰু মুঠ পৃষ্ঠা নম্বৰৰ চলিত পৃষ্ঠা নম্বৰ থাকে। তাৰিখ নিয়ন্ত্রক ফলনটোৱে = Now () ফলন ব্যৱহাৰ কৰি কম্পিউটাৰৰ আৰ. টি. চি. ৰ চলিত তাৰিখ দেখুৱায়। তাৰিখৰ সজ্জাটোৰ ধৰ্ম সাধাৰণ তাৰিখত মধ্য তাৰিখ, ছুটি তাৰিখ বা দীঘলীয়া তাৰিখৰ যিকোনো এটাই নির্বাচন কৰিব পাৰি।

(খ) প্রতিবেদন নিয়ন্ত্ৰক যোগকৰণ আৰু আতৰোৱাঃ প্ৰ-পত্ৰৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱাৰ নিচিনাকৈ প্ৰতিবেদনৰ ক্ষেত্ৰটো কিছুমান নিয়ন্ত্রক যোগ দিব পাৰি নতুবা আতৰাব পাৰি। সঁজুলি বাকচ আইকণত টিপি প্রতিবেদন প্রস্তুতিৰ সঁজুলি বাৰ খোলা হয়।

(গ) গোট প্রস্তুতিৰ স্তৰ আৰু সজোৱা ক্ৰমঃ প্রতিবেদন এখনত থকা তথ্যবোৰ শাখাত ভাগ কৰাটোৱে গোট প্রস্তুতিৰ উদ্দেশ্য। সজোৱাৰ ক্ৰমমানে হ’ল সংখ্যা বা আখৰৰ ক্ৰমত সজোৱা। গোট প্রস্তুতিৰে প্ৰতিটো স্বয়ংক্রিয় গোটকে সজোৱা হয়। তথ্যৰ গোটকৰণ আৰু সজ্জাকৰণ একেলগে প্রয়োগ কৰিলে প্রতিবেদন এখন বেছি অর্থপূর্ণ আৰু ব্যৱহাৰকাৰীৰ বাবে উপযোগী হয়।

২০। সজ্জাকৰণ আৰু গোটকৰণৰ সৈতে উদ্বৃত্ত মিলন পত্ৰ প্ৰস্তুত কৰা চাপসমূহ ব্যাখ্যা কৰা।

উত্তৰঃ সজ্জাকৰণ আৰু গোটকৰণৰ সৈতে উদ্বৃত্ত মিলনপত্ৰ প্ৰস্তুত কৰাৰ চাপসমূহ হ’ল।

(ক) সবল উদ্বৃত্ত মিলন পত্ৰখনৰ নকল কৰি বেলেগ বেলেগ নাম যেনে “গোট কাৰণেৰে কৰা উদ্বৃত মিলনপত্ৰ” দিয়া হয়।

(খ) গঠন কৰা প্ৰতিবেদনৰ বাওঁফালৰ চূকত সোফালে টিপি, ধৰ্মত টিপি তাৰ পৰা টেব আৰু তথ্যৰ উৎস স্থিৰ ধৰ্ম Query 107 হিচাপে সঞ্চয় কৰা হয়।

(গ) আগৰ ডেবিট আৰু ক্ৰেডিটৰ মুঠৰ বাবে থকা প্ৰকাশটো তলত দিয়া ধৰণে পৰিৱৰ্তন কৰিব লাগে।

Sum ([Query 107]! [Debit]) ডেবিটৰ বাবে

Sum ([Query 107 ] ! [Credit]) ক্রেডিটৰ বাবে

(ঘ) প্ৰস্তুত কৰা প্ৰতিবেদনত টিপি সজ্জাকৰণ আৰু গোটাকৰণত টিপা হয়।

(ঙ) ক্ষেত্ৰৰ গোটকৰণৰ ভিত্তি হিচাপে শাখা চিনাক্তকাৰী সংখ্যক, গোট শিৰোনামা হয় বুলি স্থিৰ কৰা হয়। একচেচে প্রতিবেদনত শাখা চিনাক্তকাৰী শিৰোনামা দি সঁহাৰি দিয়ে।

(চ) ক্ষেত্ৰ তালিকাত টিপি ইয়াক চোচৰাই আনি শাখা শিৰোনামত দিয়া হয়।

২১। 1 নং আৰ্হিৰ SQL উক্তি ব্যৱহাৰ কৰি কেনেকৈ উদ্বৃত্ত মিলন পত্ৰ কৰিব ব্যাখ্যা কৰা।

উত্তৰঃ 1 নং আৰ্হিৰে প্ৰস্তুত কৰা ডাটাবেচৰ বাবে উদ্বৃত্ত মিলন পত্ৰ প্ৰস্তুত কৰিবলৈ তলৰ SQL উক্তিবোৰ ব্যৱহাৰ কৰিব পাৰি।

(ক) দেনা কৰা হিচাপবোৰৰ মুঠ পৰিমাণ নিৰ্ণত্ৰঃ ডেবিট কৰা প্ৰতিটো লেনদেনৰ মুঠ পৰিমাণ উলিয়াবলৈ SELECT উক্তিত দুটা ক্ষেত্র আছে লেনদেনৰ হিচাপৰ কোৰ্ড আৰু মুঠ পৰিমাণ। FROM উক্তিৰ পিছত ৰচিদৰ তালিকা তথ্যৰ উৎস হিচাপে ব্যৱহাৰ কৰা হয়। ডেবিট হিচাপৰ মুঠ বুজাবলৈ ডেবিট হিচাবোৰত গোট কৰা হয়।

(খ) ক্রেডিট থকা হিচাপ, সমূহৰ পৰা মুঠ নিৰ্ণয়ঃ ইয়াৰ সকলো চাপ আগৰ দৰে একে নহয় কেবল ইয়াত SELECT আৰু GROUP BY ত Credit ব্যৱহাৰ হয়।

(গ) ডেবিট আৰু ক্রেডিট হিচাপসমূহৰ পৰা হিচাপৰ সামগ্ৰিক তথ্য প্ৰস্তুতঃ প্ৰতিটো লেনদেনৰ হিচাপ ডেবিটেই হওক বা ক্রেডিটেই হওক সামগ্রিক নথি ও মাথোন এবাৰকৈ ওলাব। দুবাৰকৈ ওলায় এবাৰ ধনাত্মক আৰু এবাৰ ঋণাত্মক চিহ্নৰেও লয়।

(ঘ) ডেবিট বা ক্রেডিট হিচাপৰ পৰা মুঠ পৰিমাণ নির্ণয়ঃ ডেবিট বা ক্রেডিট হিচাপৰ সূচাংক জানিলে এইবোৰৰ পৰা মুঠ পৰিমাণ নির্ণয় কৰিব লাগে। এটি গড় অনুসন্ধানেৰে From query তথ্য উৎস হিচাপে লোৱা হয়, প্ৰতিটো সূচাংকৰ মুঠ পৰিমাণ নিৰ্ণত্ৰ কৰা।

(ঘ) হিচাপৰ সূচাংক, নাম, ডেবিট আৰু ক্রেডিট পৰিমাণেৰে গঠিত নথি সংগতি নির্ণয়ঃ এই অনুসন্ধানে উদ্বৃত্ত মিলন পত্র সম্পর্কে তথ্য যোগাব ধৰে। এইটো 1 নং আৰ্হিৰ প্ৰস্তুত কৰা অনুসন্ধান 05 ৰ দৰে একে।

২২। একচেচত অনুসন্ধান বুলিলে কি বুজা আৰু ই কেই ধৰণৰ?

উত্তৰঃ সম্পৰ্কীয় ডাটাবেচৰ এটি প্রধান সুবিধা হ’ল ইয়াত বিভিন্ন তালিকাত তথ্যবোৰ ৰাখিব পাৰি য’ত প্ৰায় ডাটাৰ দ্বিগুণতা নাথাকে বা অতি কম কিন্তু SQL উক্তিৰে একেচেচত ইয়াত সম্পূর্ণ দৃশ্যাংশ পাব পাৰি। ইয়াকে অনুসন্ধান বুলি কোৱা হয়। একচেচত তিনি প্ৰকাৰৰ অনুসন্ধান প্ৰয়োগ কৰা হয়। এইবোৰ হ’ল—

(ক) সৰল অনুসন্ধানঃ কোনো অনুসন্ধান ফলত ব্যৱহাৰ নকৰাকৈ কৰা SELECT অনুসন্ধান কৰি তথ্য সাৰাংশ উলিয়ালে তাক সৰল অনুসন্ধান বোলে। উদাহৰণস্বৰূপে ডেবিট হিচাপৰ সূচাংক “>11001” লেন-দেনৰ তাৰিখ আৰু পৰিমাণসহ খতিয়ান পাবলৈ তলৰ SQL উক্তিটো প্ৰয়োগ কৰা হয়।

SELECTVDATE, Amount
FROMVoucherS
WHEREDebit =”>11001″

(খ) পেৰামিটাৰ অনুসন্ধানঃ ইয়াত কোনো পেৰামিটাৰ ইনপুট বাকচত কোনো উদ্ধৃতি দি অনুসন্ধান কৰা হয়। বেলেগ বেলেগ চর্ত প্রয়োগ কৰি কোনো একধৰণৰ অনুসন্ধান কৰিবলৈ ই উপযোগী। সৰল অনুসন্ধানৰ বাবে ই ধ্ৰুৱক যেতিয়া লেজাৰ হিচাপত তুলিবলৈ চৰ্ত দি লেন-দেন প্রস্তুত কৰা হয়। বেলেগ বেলেগ হিচাপ সূচাংকৰ বাবে ইয়াক ফলৱৰ্তী কৰাৰ প্ৰয়োজন হয়। তলৰ SQL উক্তিটোৰ কথা ধৰা হ’ল।

PARAMETERSAccount Name text (255)
SELECTName
FROMAccountS
WHERECode Account No

(গ) সাৰাংশ অনুসন্ধানঃ সাৰাংশ অনুসন্ধানে নথি গোটৰ সন্ধান দিয়ে। হিচাপৰ ক্ষেত্ৰত ই অত্যন্ত দৰকাৰী কাৰণ লেন-দেনৰ হিচাপৰ তথ্যসমূহ সদায় সাৰাংশ নির্ভৰশীল। তলৰ SQL উক্তিটো প্ৰয়োগ কৰা হয়।

SELECTCode, name, Sum (Amount)
FROMVoucher, INNER Join AccountS
ON(AccountS, Code = Voucher Debit)
GROUP BY(Code = Voacher Debit)

২৩। এম. এছ. একচেচত প্ৰ-পত্ৰ প্ৰস্তুতিত ব্যৱহাৰ হোৱা কিছুমান নিয়ন্ত্ৰকৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ একচেচত প্ৰ-পত্র প্রস্তুতিত প্রয়োজনীয় কিছুমান সাধাৰণ নিয়ন্ত্ৰকৰ বিষয়ে তলত আলোচনা কৰা হ’ল—

(ক) লেবেলঃ ডাঠকৈ ছপা আখৰ লিখিবলৈ এই নিয়ন্ত্ৰক ব্যৱহাৰ কৰা হয়। যেনে—ৰচিদ, ৰচিদ নং, পাওনা পৰিমাণ, ব্যাখ্যা, ইয়াত ব্যৱহাৰকাৰীয়ে কি ডাটা সোমাব বা সম্পাদনা কৰিব লাগে এনে ধৰণৰ আইন নিয়ন্ত্ৰক যেনে লিখিত বাকচ, তালিকা বাকচ, কোম্বো বাকচ ইত্যাদি প্ৰ-পত্ৰৰ লগত নিজে নিজে সংলগ্ন হয়।

(খ) পাঠীয় বাকচঃ প্ৰ-পত্ৰত এই নিয়ন্ত্ৰকৰ সহায়ত নোহোৱা মানৰ বা ইয়াৰ অবিহনে ডাটা সোমাবলৈ খালী ঠাই ৰখা হয়। পৰিমাণ সূচক লেবেলৰ পিছত ৰখা খালী ঠাইত ৰচিদৰ পৰিমাণ দিয়া হয়। আনৱাউস্ত পাঠীয় বাকচবোৰ ব্যৱহাৰকাৰীৰ পৰা ডাটা লৈ এটি প্রতিবেদন প্রস্তুতিৰ বাবে ব্যৱহাৰ হয়।

(গ) তালিকা বাকচঃ ইয়াত ব্যৱহাৰকাৰীয়ে এক সীমিত সংখ্যক নির্বাচিত কৰি দিয়া মানৰ পৰা ল’ব লাগে। এই মানৰ আদিক্ষেত্ৰ আগৰ সংজ্ঞা দি লোৱা হয়। সেয়ে সীমিত, সবল লেন-দেনৰ বেলিকা ডেবিট আৰু ক্রেডিট লেবেলৰ তলতে এই নিয়ন্ত্ৰকটো ব্যৱহাৰ কৰিব পাৰি যাতে দিবলগীয়া বা পাবলগীয়া পৰিমাণৰ হিচাপ সহজে পোৱা যায়।

(ঘ) কোম্বো বাকচঃ এই নিয়ন্ত্ৰকৰ বেলিকা তালিকা বাকচ আৰু পাঠীয় বাকচ দুয়োটাতে সন্মতি প্রদান কৰে। ইয়াত তালিকাৰ নিৰ্ধাৰিত মানৰ পৰা বা কি-বোৰ্ডৰ সহায়ত মান সোমাব পাৰি।

(ঙ) উপপ্ৰ-পত্রঃ বহুতো প্ৰ-পত্ৰ একৰ পৰা বহুতো সম্বন্ধৰে একাৰিক তালিকাৰ লগত জড়িত হৈ আছে। এনে তালিকাৰ মান ভৰাবলৈ প্ৰ-পত্ৰৰ ভিতৰত প্ৰ-পত্ৰ প্ৰস্তুত কৰি, নথিবোৰ তালিকাত উপস্থাপন কৰা হয়। প্ৰ-পত্ৰৰ ভিতৰত প্ৰস্তুত কৰা প্ৰ-পত্রক উপ প্ৰ-পত্ৰ বোলে।

২৪। প্রতিবেদন এটাক কেনেকৈ ই-মেইলেৰ প্ৰেৰণ কৰিব পৰা যায়।

উত্তৰঃ যদি কম্পিউটাৰ প্ৰণালীটোত ইন্টাৰনেটৰ সুবিধা আৰু ইন্টাৰনেট চাৰ্ভিচ প্রভাইডৰৰ মেইল ছাৰ্ভাৰৰ লগত সংযুক্ত থাকে, প্রস্তুত কৰি উলিওৱা প্ৰতিবেদনটো ই-মেইল হিচাপে প্ৰেৰণ কৰিব পাৰি। ইয়াক তলৰ চাপ সমুহৰ মাজেৰে কৰা হয়।

(ক) ডাটাবেচ উইণ্ডোত প্রতিবেদন নির্বাচন কৰি উৎপন্ন কৰা।

(খ) একচেচৰ মেনুবোৰৰ পৰা ফইল চেন্ত টু মেইল বিচিপিত্ৰেন্টত টিপি দিয়া। সজ্জা বাচনিৰ বাবে বহুতো বিকল্পসহ পঠাবলৈ এটি উক্তি বাকচ ওলায়। এই বিকল্পবোৰ হ’ল মাইক্ৰছফট এক্ৰেল, এইচ. টি. এম. এল. স্নেপচট ফৰমেট, ৰিচ টেক্ৰট ফৰমেট ইত্যাদি।

(গ) উপযুক্ত প্রফর্মণ এটি কৰি ok টিপা, একচেচ ইমেইল সংযোজন উইন্ডোৰে সহাৰি জনাব।

(ঘ) প্রতিবেদনটো যিজন ব্যক্তিলৈ পঠাব লাগে তেওঁৰ ই-মেইল ঠিকনা লগতে তেওঁৰ অন্যান্য তথ্য-সমূহ, ই মেইলৰ বিষয় বস্তু সম্পৰ্কে দিয়া হয়, ইয়াৰ পিছত Send বুটাম টিপি দিয়া হয়। ই-মেইল প্ৰেৰণ কৰিবলগীয়া ব্যক্তিজনৰ মেইল বক্ৰত মেইলটো সোমাই যাব।

২৫। হিচাপৰ প্ৰতিবেদনৰ ধাৰণাটো আলোচনা কৰা, এনে প্রতিবেদনবোৰক কেইটা ভাগত ভাগ কৰিব পৰা যায়।

উত্তৰঃ প্ৰতিটো প্রতিবেদন কিছুমান তথ্যৰ দ্বাৰা গঠিত। তথ্য আৰু ডাটা বেলেগ বেলেগ। যেতিয়া উপযুক্ত প্ৰথাৰে উপযুক্ত ধাৰণা ডাটাৰ ওপৰত প্ৰক্ৰিয়া প্ৰয়োগেৰে ৰূপান্তৰণ বা সালসলনি কৰি এটা সিদ্ধান্ত দিব পৰা হয়, তাকে তথ্য বোলে তথ্য প্ৰস্তুত কৰিবলৈ দিয়া আৰু ব্যৱহাৰকাৰীৰ ওচৰত উপস্থাপন কৰা। এক নিৰ্দিষ্ট উদ্দেশ্য ৰাখি প্ৰতিবেদন প্রস্তুত কৰা হয়। কোনো এক নিৰ্দিষ্ট প্ৰয়োজনত আৰু উদ্দেশ্যত, সম্বন্ধিত তথ্যসমূহৰ সংগ্ৰহৰ প্রতিবেদন প্রস্তুত কৰা হয়, যেতিয়া ব্যৱসায়ৰ হিচাপৰ তথ্যসমূহৰ প্ৰতিবেদন প্রস্তুত কৰা হয় তথ্যৰ ভৌতিক ৰূপ। হিচাপৰ প্ৰতিবেদনক দুটা বহল ভাগত ভগোৱা হৈছে। এইবোৰ তলত আলোচনা কৰা হ’ল—

(ক) তথ্যৰাশি যুগুতাই কৰা প্রতিবেদনঃ যেতিয়া ব্যৱহাৰকাৰীয়ে উচিত সময়ৰ পূর্বে কোনো কাৰ্য্য কৰা উচিত সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত এই প্রতিবেদনে যথাপযুক্ত তথ্য বহন কৰে। ইয়াত দুই প্ৰকাৰৰ প্ৰতিবেদন থাকে।

১। সময়সূচী প্রতিবেদনঃ যি প্রতিবেদন কোনো নির্দিষ্ট সময়সূচীমতে প্রস্তুত কৰা হয় তাক সময়সূচী প্রতিবেদন বোলে। সময়সূচী সদায় সাপ্তাহিক, মাহেকীয়া, তিনিমাহীয়া, বছৰেকীয়া হ’ব পাৰে। ইয়াৰ কেইটামান উদাহৰণ হ’ল উদ্বৃত্ত মিলনপত্র, নগদ বহী, লাভ-লোকচান হিচাপ ইত্যাদি।

২। দাবী অনুসৰি কৰা প্ৰতিবেদনঃ কিছুমান ঘটনা ঘটাৰ লগত সংগতি ৰাখি প্রস্তুত কৰা প্ৰতিবেদনক দাবী অনুসৰি কৰা প্রতিবেদন বোলে। কিছুমান উদাহৰণ হ’ল ক্ৰেতাৰ হিচাপৰ অনুপস্থিত, কিছুমান নিৰ্ধাৰিত বস্তুৰ হাতেজমাৰ প্ৰতিবেদন আদি।

(খ) অনানুস্থানিক প্রতিবেদনঃ কিছুমান এনে প্রতিবেদন আছে য’ত থকা তথ্য দৰকাৰী কিন্তু নিৰ্দিষ্ট সময়ৰ আগত প্ৰয়োজন নহ’বও পাৰে বা মাজে সময়ে প্রয়োজন হ’ব ও পাৰে। এইবোৰেই অনানুস্থানিক বা তদর্থ প্রতিবেদন। অতি সাধাৰণ অনুসন্ধানেৰে বেছি বুদ্ধিমত্তা প্রয়োগ নকৰাকৈ যেতিয়াই প্ৰয়োজন উলিয়াই দিয়া হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top