Class 11 Accountancy Chapter 14 হিচাপকৰণৰ বাবে ডাটাবেচগঠন

Class 11 Accountancy Chapter 14 হিচাপকৰণৰ বাবে ডাটাবেচগঠন Question Answer in Assamese Medium, AHSEC Class 11 Accountancy Chapter 14 হিচাপকৰণৰ বাবে ডাটাবেচগঠন Solutions to each chapter is provided in the list so that you can easily browse throughout different chapters Class 11 Accountancy Chapter 14 হিচাপকৰণৰ বাবে ডাটাবেচগঠন Notes and select needs one.

Class 11 Accountancy Chapter 14 হিচাপকৰণৰ বাবে ডাটাবেচগঠন

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Solutions for All Subjects, You can practice these here.

হিচাপকৰণৰ বাবে ডাটাবেচগঠন

ACCOUNTANCY

Chapter: 14

PART – II

১। ডাটাবেচ বুলিলে কি বুজা?

উত্তৰঃ কম্পিউটাৰ হিচাপকৰণত পদ্ধতিত লেন-দেনৰ হিচাপ চিনাক্তকৰণ। জমাকৰণ আৰু তথ্যসমূহৰ উপযুক্ত সংযোগীকৰণ জড়িত। ইয়াৰ বাবে এনে এটা কৌশলৰ প্ৰয়োজন হয় যাতে যেতিয়াই কোনো তথ্যৰ প্ৰয়োজন হয় তাক চাব পৰা যায়। এই কাম হিচাপকৰণৰ তথ্য বহীৰ সহায়ত সম্ভৱপৰ হ’ব। এনে তথ্য বহীত কিছুমান আভ্যন্তৰীণভাৱে জড়িত টেবুল থাকে যিয়ে তথ্যৰ ধ্ৰুৱকীয়তা আৰু সংযোগশীলতা ৰক্ষা কৰে। এই পদ্ধতিক ডাটবেচ বোলে।

২। এনটিটি বুলিলে কি বুজা?

উত্তৰঃ পৃথিৱীৰ সুকীয়া অস্তিত্ব যেনে ভৌতিক অস্তিত্ব থকা সকলো বস্তু নতুবা ধাৰণামূলক অস্তিত্ব থকা আদিকেই এনটিট বোলে। হিচাপ সম্পৰ্কীয় পাঁচ প্ৰকাৰৰ এনটিট আছে— হিচাপ বহীবোৰ, ৰচিদবোৰ, কৰ্মচাৰীসকল, হিচাপৰ ধৰণ আৰু সংশ্লিষ্ট তথ্যসমূহ।

৩। এট্ৰিবিউট বুলিলে কি বুজা?

উত্তৰঃ এট্ৰিবিউট হ’ল কিছুমান মনকৰিবলগীয়া ধর্ম যাতে ই উচ্চতা, ওজন, ব্যক্তিৰ জন্ম তাৰিখ আৰু হিচাপৰ গম আৰু কোড আদি ব্যাখ্যা কৰে।

৪। ডাটাবেচ প্রযুক্তি বুলিলে কি বুজা?

উত্তৰঃ ডাটাবেচ প্রযুক্তি হ’ল ডাটাবেচ প্রস্তুতিত ব্যৱহৃত হোৱা কৌশলৰ সংহতি। এই কৌশলবোৰে এনে কিছুমান ধাৰণাৰ ব্যৱহাৰ কৰে যি ইয়াক গঠন আৰু উন্নত কৰাত সহায় কৰে।

৫। ডাটাবেচ পৰিচালনা পদ্ধতি বুলিলে কি বুজা?

উত্তৰঃ ডাটাবেচ পৰিচালনা পদ্ধতি হ’ল কিছুমান প্ৰগ্ৰামৰ সংগ্ৰহ যিয়ে ব্যৱহাৰকাৰীক ডাটাবেচ প্রস্তুত আৰু চলাই নিবলৈ কার্যক্ষম কৰে। ইয়াৰ কিছুমান সাধাৰণ উদ্দেশ্যৰ ছফটৱেৰ পদ্ধতি বুলি সংজ্ঞা দিব পাৰি যিয়ে বিভিন্ন ডাটাবেচ প্ৰয়োগৰ সংজ্ঞা দিব পাৰি যিয়ে বিভিন্ন ডাটাবেচ প্রয়োগৰ সংজ্ঞা দিয়ে, গঠন কৰে আৰু ফলৱৰ্তী কৰে।

৬। সম্পৰ্কীয় ডাটা নমুনা বুলিলে কি বুজা?

উত্তৰঃ সম্পৰ্কীয় ডাটা নমুনাই ডাটবেচৰ বিভিন্ন তালিকা সমূহৰ মাজত সম্পৰ্কৰ সৃষ্টি কৰে। সেয়েহে তালিকাৰ প্ৰতিটো শাৰীয়ে জড়িত তথ্যৰ মান নির্দেশ কৰে যি প্ৰকৃতাৰ্থত ই. আৰ. সম্পৰ্কৰ্ক দোহৰায়। তালিকাৰ নাম আৰু স্তম্ভৰ নামে প্ৰতিটো শাৰীত থকা মানৰ অৰ্থ বহন কৰে।

৭। তথ্য প্ৰস্তুতকাৰী চক্ৰ বুলিলে কি বুজা?

উত্তৰঃ ডাটাবেচ পদ্ধতি গঠনৰ গতিশীলতা বুজিবলৈ প্ৰথমতে হিচাপ সম্পৰ্কীয় তথ্য প্রস্তুতকাৰী চক্ৰৰ বিষয়ে জানিব লাগিব। এই চক্ৰত তথ্যৰ সংগ্ৰহণকৰণ, সজ্জিতকৰণ, তুলনাকৰণ, হস্তক্ষেপকৰণ, তথ্যৰ গণনাকৰণ এনেদৰে কৰিব লাগিব যাতে সিদ্ধান্ত গ্রহণ কৰাৰ ক্ষেত্ৰত ই উপযুক্ত ভূমিকা গ্ৰহণ কৰে। ডাটা প্ৰচেচিং চক্ৰত ডাটা গ্ৰহণ, ইনপুট দিয়া, প্ৰচেচিং আৰু ব্যৱহাৰকাৰীৰ বাবে ডাটা যোগান ধৰা। হিচাপকৰণৰ ক্ষেত্ৰত ডাটা প্ৰচেচিং চক্ৰৰ কথা চিন্তা কৰিবলৈ হ’লে তলত দিয়া চাপ সমূহৰ মাজেৰে হয়।

(ক) উৎস তথ্যঃ প্রথমতে এটা লেন-দেনৰ তথ্য বুজোৱা ৰচিদ প্ৰস্তুত কৰিবলৈ হ’লে লেনে-দেনৰ হিচাপৰ তথ্য লাগিব। সকলো নিৰ্ভৰযোগ্য তথ্য এখন ৰচিদত উল্লেখ থাকে। উক্ত তথ্য এনেকুৱাকৈ বনোৱা হয় যাতে ই হিচাপৰ তথ্য পৰিপাতিকৈ দেখুওৱাব পাৰে।

(খ) ডাটা ইনপুটঃ এখন ৰচিদত থকা তথ্যসমূহ কম্পিউটাৰৰ ষ্টোৰেজ সজুলিত ভৰাব লাগিব৷ ইয়াৰ বাবে আগতীয়াকৈ বনোৱা এখন প্ৰ-পত্ৰ ব্যৱহাৰ কৰা হয়। এই প্র-পত্ৰখন এখন ৰচিদৰ নিচিনাকৈ হুবহু বনোৱা হয়। এই প্ৰ-পত্ৰখন কম্পিউটাৰৰ ছফটৱেৰ ব্যৱহাৰ কৰি সজোৱা হয় আৰু ডাটা সোমাবলৈ মনিটৰত প্ৰদৰ্শন কৰা হয়।

(গ) ডাটা ষ্টোৰেজ বা তথ্যৰ জমাকৰণঃ এটা উপযুক্ত ডাটা ষ্টোৰেজৰত খালী ডাটা ৰেকৰ্ড থাকিব লাগে। ডাটা ষ্টোৰেজত হিচাপৰ কোৰ্ড, হিচাপৰ নাম থাকে। ডাটা ষ্টোৰেজ গঠন হিচাপকৰণত ডাটাবেচ গঠন কৰিবলৈ গঠন কৰা হয়।

(ঘ) ডাটাৰ হস্তচালনাঃ সংগ্ৰহিত তথ্যখিনিৰ পৰা চূড়ান্ত সংবাদলৈ ৰূপান্তৰিত কৰাৰ বাবে তথ্যখিনি প্রথমতে হস্তচালনা কৰি ল’ব লাগে। এনেকৈ পৰিৱৰ্তিত তথ্য পৃথককৈ সঞ্চয় কৰি চূড়ান্ত সংবাদ প্রস্তুতৰ বাবে ব্যৱহাৰ কৰা হয়।

(ঙ) তথ্যৰ আউটপুটঃ হিচাপকৰণৰ প্ৰতিবেদন যেনে খতিয়ন, উদ্বৃত্ত মিলন পত্ৰ আদি আগতীয়াকৈ ৰখা পৰিৱৰ্ত্তিত তথ্যৰ পৰা পোৱা যায়।

৮। হিচাপকৰণত ডাটাবেচ প্রস্তুতি ব্যাখ্যা কৰা?

উত্তৰঃ কম্পিউটাৰকৃত আৰু কম্পিউটাৰ নিৰ্ভৰশীলতা AIS হিচাপৰ তথ্য সঞ্চয় কৰিবলৈ নিৰ্দিষ্ট ডাটা গঠনৰ প্ৰয়োজন। হিচাপ সম্পৰ্কীয় ডাটা সঞ্চয় কৰিবলৈ ডাটাবেচ ব্যৱহাৰ কৰা হয়। কনচেপচনেল ডাটা মডেলৰ সহায়ত হিচাপ সম্পৰ্কীয় ডাটাবেচ বনোৱা হয়। ইয়াৰ প্ৰণালীটো তলত দিয়া হ’ল—

(ক) বাস্তৱীয়তাঃ ই পৃথিৱীৰ কিছুমান বাস্তৱ পৰিস্থিতি সূচায় যাৰ বাবে ডাটাবেচ প্রস্তুত কৰা হয়, হিচাপৰ তথ্য সম্পূর্ণ শুদ্ধভাৱে বর্ণিত হ’ব লাগিব।

(খ) E-R সজ্জাঃ এইটো কিছুমান ছবিৰ উপস্থাপনৰ সহায়ত বনোৱামূল জকা, য’ত E-R মডেল ব্যৱহাৰ কৰি বৰ্ণনা দিয়া হয়।

(গ) ৰিলেচনেল ডাটা মডেলঃ এইটো ডাটা মডেলৰ প্ৰতিনিধিত্বমূলক, যাৰ সহায়ত E-R মডেলটো কিছুমান আভ্যন্তৰীনভাবে জড়িত টেবুললৈ পৰিবৰ্তিত কৰা হয়। ইয়াত সঞ্চিত তথ্যৰ ধ্ৰুৱকীয়তা আৰু অখণ্ডতা ৰক্ষাৰ প্ৰতি লক্ষ্য কৰা হয়।

(ঘ) নৰ্মেলাইজেচনঃ এই পদ্ধতিত ডাটাবেচ প্রস্তুতিৰ কোনো ডাটা দুবাৰ বা তাতোধিক অহাৰ পৰিশোধন কৰা হয়।

(ঙ) শোধনঃ নর্মেলাইজেচনৰ পিছত প্ৰস্তুত হোৱা ফলাফল। ইয়াৰ পিছতেই ডাটাবেচ প্রস্তুতিৰ শেষ হোৱা বুলি কোৱা হয়।

৯। মডেলৰ প্ৰাথমিক ধাৰণাৰ বিষয়ে আলোচনা কৰা। কেনেকৈ E-R মডেলৰ আৰ্হিৰ চিত্ৰাংকন কৰা হয় ব্যাখ্যা কৰা।

উত্তৰঃ এন্টিটি ৰিলেচনছিপ মডেল এটা জনপ্রিয় আৰু বোধগম্য ডাটা মোডেল, যাক ডাটাবেচ সম্পৰ্কীয় প্রয়োগ কৰা হয়, ই আৰ মডেলৰ মূখ্য উপাংশসমূহ হ’ল এন্টিটি, এট্ৰিবিউট, চিনাক্তকাৰী আৰু সম্পৰ্ক, এইবোৰ ডাটাবেচ প্রস্তুতিত প্রয়োগ হয়। তলত দিয়া চিহ্নসমূহ এন্টিটি, এট্রিবিউট, চিনাক্তকাৰী আৰু সম্পৰ্ক বুজাবলৈ ব্যৱহাৰ কৰা হয়।

প্ৰকৃততে হিচাপ সম্পর্কে ব্যাখ্যা কৰিবলৈ ই আৰ মডেলৰ উপাংশসমূহ বর্ণনা কৰা হয়।

১০। E-R মডেলৰ মুখ্য উপাংশসমূহ বর্ণনা কৰা।

উত্তৰঃ E-R মডেলৰ মুখ্য উপাংশসমূহ হ’ল—

(ক) এন্টিটিঃ পৃথিৱীৰ সুকীয়া অস্তিত্ব যেনে ভৌতিক অস্তিত্ব থকা সকলো বস্তু নতুবা ধাৰণামূল অস্তিত্ব থকা আদিকেই এন্টিটি বোলে। হিচাপ সম্পৰ্কীয় পাচ প্ৰকাৰৰ এন্টিটি আছে হিচাপ বহীবোৰ, ৰচিদবোৰ, কৰ্মচাৰীসকল হিচাপৰ ধৰণ আৰু সংশ্লিষ্ট তথ্যসমূহ।

(খ) এট্রিবিউটঃ এন্ট্রিবিউটবিলাক কিছুমান মনকৰিবলগীয়া। ধর্ম যাতে উচ্চতা, ওজন, ব্যক্তিৰ জন্ম তাৰিখ আৰু হিচাপৰ নাম আৰু কোড আদি ব্যাখ্যা কৰে। এটা এন্ট্ৰিটিৰ প্ৰতিটো এট্ৰিবিউটৰ বাবে এটা মান থাকে, যি তথ্য ডাটাবেচত জমা ৰখা হয়।

(গ) চিনাক্তকাৰীঃ প্রায় সকলোবোৰ এন্টিটি প্ৰকাৰৰ এটি এট্ৰিবিউট থাকে, যি একক মান বিশিষ্ট হয় আৰু ইয়াৰ সহায়ত এন্টিটি সময় চিনাক্ত কৰিব পাৰে, উদাহৰণস্বৰূপে ছাত্ৰ নামৰ এন্টিটি প্ৰকাৰৰ ক্ষেত্ৰত ৰোল নং নামৰ এট্ৰি বিউউটৰ একক মান আছে। সেইদৰে হিচাপ নামৰ এন্টিটোৰ ক্ষেত্ৰত সূচাংক এনেধৰণৰ একক মান বিশিষ্ট এট্রিবিউট।

(ঘ) দুই বা ততোধিক এন্টিটিৰ মাজৰ সমন্ধ সিঁহতৰ মাজত থকা পৰস্পৰ কাৰ্যৰ দ্বাৰা বুজোৱা হয়৷ তেতিয়া কোনো এটা এট্ৰিবিউটৰ ক্ষেত্ৰত এটা এন্টিটি প্ৰকাৰৰ আন এটা এন্টিটি প্ৰৱাহৰ বুজায়, তেতিয়া এই এন্টিটি দুটাৰ মাজত এটা সম্বন্ধ আছে।

১১। দূর্বল এন্টিটি প্রবাৰ বুলিলে কি বুজা?

উত্তৰঃ যিবিলাক এন্টিটি প্ৰবাৰৰ নিজ স্তৰ কোনো চিনাক্তকাৰী নাথাকে তেনে এন্টিটিক দূর্বল এন্টিটি বোলে৷ এনে এন্টিটি বিলাকক সিঁহতৰ লগত জড়িতঅন্য এন্টিটিৰ কিছুমান বিশেষ এট্ৰিবিউটৰ সময়ত চিনাক্তকৰণ কৰা হয়। এই প্ৰকাৰ এন্টিটিক চিনাক্তকাৰী এন্টিটি বোলে। যি সম্বন্ধই এটি দূৰ্বল এন্টিটি প্ৰকাৰক তাৰ চিনাক্তকাৰীৰ লগত জড়িত কৰে তাক চিনাক্তকাৰী সম্বন্ধ বোলে। দূৰ্বল এন্টিটি প্রকাৰৰ সদায় চিনাক্তকাৰী সম্বন্ধ সাপেক্ষে এটি মুঠ অংশ গ্ৰহণকাৰী বাধা আছে কাৰণ চিনাক্তকাৰী এন্টিটি অবিহনে ইয়াক চিনাক্ত কৰিব নোৱাৰি। উদাহৰণস্বৰূপে, লেনদেনৰ ৰচিদ এখনৰ বেলিকা ইয়াৰ লগত জড়িত বহু তথ্য যেনে, কোনোৱে প্ৰাপ্তিৰ বাবে দিয়া বিল আদি।

১২। ডাটাবেচ প্রযুক্তি বুলিলে কি বুজা আৰু ইয়াৰ ধাৰণাবোৰ উল্লেখ কৰা।

উত্তৰঃ ডাটাবেচ প্রযুক্তি হ’ল ডাটাবেচ প্ৰস্তুতিত ব্যৱহৃত হোৱা কৌশলৰ সংহতি। এই কৌশলবোৰে এনে কিছুমান ধাৰণাৰ ব্যৱহাৰ কৰে যি ইয়াক গঠন আৰু উন্নত কৰাত সহায় কৰে। ইয়াৰ ধাৰণাবোৰ হ’ল—

(ক) বাস্তৱতাঃ ই বাস্তৱ পৃথিৱীৰ কিছুমান দিশ বুজায়। ইয়াৰ মূল উপাদানসমূহ হ’ল প্রতিষ্ঠান, ইয়াৰ বিভিন্ন উপাংশ, ই যি পৰিস্থিতিত থাকে আৰু কাম কৰে, যি কোনো প্রতিস্থানত মানুহ, সা-সুবিধা আৰু অন্যান্য উপাদন থাকে যিয়ে কিবা এটা উদ্দেশ্য আগত ৰাখি কাম কৰে। প্ৰতিটো অনুষ্ঠানে এটি নিৰ্দ্দিষ্ট পৰিবেশত কাম কৰে। কাম কৰোতে ই পৰিবেশৰ লগত সংযোজিত হয় আৰু পৰিবেশে অনুপ্রাণিত কৰে।

(খ) ডাটাঃ ডাটাবোৰ হ’ল এনে কিছুমান ঘটনা যাক নথি কৰিব পৰা যায় আৰু যাৰ একক অর্থ আছে। ডাটাই জড়িত ব্যক্তি, ঠাই, বস্তু, এন্টিটি ঘটনা বা ধাৰণা দিয়ে। ডাটা চাৰিত্ৰিকভাৱে সংখ্যাত্মক বা গুণাত্মক বা বৃত্তীয় বা অ-বৃত্তীয় হ’ব পাৰে।

(গ) ডাটাবেচঃ ডাটাবোৰ সংগ্ৰহ কৰি ৰাইজৰ ব্যৱহাৰৰ বাবে জমাকৰি ৰখা হয়। এইবাবেই ডাটাবেচ প্রস্তুতিৰ প্ৰয়োজন। ডাটাবেচ হ’ল কিছুমান অংশদাৰী, অন্তঃভাৱে জড়িত ডাটাটেবুল, ফাইল বা গঠনৰ সংগ্ৰহ যাক কোনো অনুষ্ঠানৰ তথ্যসমূহৰ প্ৰয়োজন পূৰাবলৈ প্ৰস্তুত কৰা হয়। ইয়াৰ দুটা বিশেষ ধৰ্ম হ’ল প্ৰথমতে ই যোগাত্মক আৰু দ্বিতীয়তে ই অংশদাৰী।

(ঘ) তথাঃ ইয়াৰ দ্বাৰা সিদ্ধান্ত গ্রহণ প্ৰক্ৰিয়াৰ বাবে প্ৰস্তুত আৰু গঠন কৰা বুজায়। উক্ত তথ্যখিনি যেতিয়া পৰিপাতি কৰি সিদ্ধান্ত গ্ৰহণত সুবিধাজনক হ’লে সি তথ্যত পৰিণত হয়। পৰিস্কাৰ আৰু শুদ্ধিকৰণ কৰা তথ্যক ইনফৰমেচন বোলে। ইয়াক এটা নিৰ্দ্দিষ্ট ৰূপ প্ৰদান কৰি সিদ্ধান্ত গ্ৰহণৰ অৰ্থে ব্যৱহাৰ কৰা হয়।

(ঙ) ডাটাবেচ পৰিচালনা পদ্ধতিঃ ডাটাবেচ পৰিচালনা পদ্ধতি হ’ল কিছুমান প্ৰগ্ৰামৰ সংগ্ৰহ যিয়ে ব্যৱহাৰকাৰীক ডাটাবেচ প্ৰস্তুত আৰু চলাই নিবলৈ কার্যক্ষম কৰে। ইয়াৰ কিছুমান সাধাৰণ উদ্দেশ্যৰ ছফটৱেৰ পদ্ধতি বুলি সংজ্ঞা দিব পাৰি যিয়ে বিভিন্ন ডাটাবেচ প্ৰয়োগৰ সংজ্ঞা দিয়ে, গঠন কৰে আৰু ফলৱতী কৰে। সাধাৰণ উদ্দেশ্যৰ ছফটৱেৰ কিছুমান প্ৰগ্ৰেমৰ সংহতি, যাক ৰাইজৰ প্ৰয়োগৰ উদ্দেশ্য কোনো ব্যক্তিৰ দ্বাৰা বিশেষভাৱে প্ৰস্তুত কৰা হয়।

১৩। সম্পৰ্কীয় ডাটা মোডেল বুলিলে কি বুজা?

উত্তৰঃ সম্পৰ্কীয় ডাটা মোডেলে ডাটাবেচৰ বিভিন্ন তালিকা সমূহৰ মাজত সম্পৰ্কৰ সৃষিট কৰে। সেয়েহে তালিকাৰ প্ৰতিটো শাৰীয়ে জড়িত তথ্যৰ মান নিৰ্দেশ কৰি যি প্ৰকৃতাৰ্থত ই. আৰ. মোডেলক দোহৰায়। তালিকাৰ নাম আৰু স্তম্ভৰ নামে প্ৰতিটো শাৰীত থকা মানৰ অৰ্থ বহণ কৰে। তালিকা এখনত থকা প্ৰতিটো শাৰীকেই ডাটা নথি বুলি কোৱা হয়। প্ৰতিটো স্তম্ভৰ ভিতৰত থকা তথ্যবোৰ একে প্ৰকাৰৰ হয়। ইয়াত এটা শাৰীক এক টাষুল। এটা স্তম্ভৰ ওপৰত শিৰোনামক এটা এট্ৰিবিউট আৰু এনে এখন তালিকাৰ সম্পৰ্ক বোলে। ডাটা প্ৰকাৰে মানৰ প্ৰকাৰ ত্ৰিবিলাক এটি স্তম্ভত আনিব পাৰে তাক ডোমেই বোলে। ডোমেইন এটা হ’ল অদৃশ্য মানবোৰৰ সংহতি। প্ৰতিটো ডোমেইনৰ লগত জড়িত ডাটা প্ৰবাহৰ যেনে সংখ্যা, টেক্ৰট, মুদ্ৰা, তাৰিখ ইত্যাদি। প্ৰতিটো ডোমেইন নাম দিয়া হয় আৰু মানুহসমূহ ঠিকমতে লব পাৰে।

১৪। সম্পৰ্কীয় ডাটা মোডেলৰ মূখ্য উপাংশসমূহ বর্ণনা কৰা।

উত্তৰঃ সম্পৰ্কীয় ডাটা মোডেলৰ মূখ্য উপাংশসমূহ হ’ল—

(ক) সম্বন্ধঃ এটি সম্বন্ধ জবা এটি সম্বন্ধ নাম আৰু ইয়াৰ এট্ৰিবিউটৰ নামেৰে গঠিত। প্ৰতিটো এট্ৰিবিউট হ’ল সম্বন্ধ জবাত অবদান আগবঢ়োৱা কিছুমান ডইেনৰ নাম। এটি সম্বন্ধক তাৰ নাম আৰু জমা বিৱৰণৰ সহায়ত দিয়া হয়। এটি সম্বন্ধৰ ডিগ্ৰী মানে হ’ল ইয়াত থকা এট্ৰিবিউটৰ সংখ্যা। এটি সম্বন্ধই এটা এন্টিটি প্ৰকাৰক বুজায়। এটা সম্বন্ধ হ’ল টাষুলৰ সংহতি য’ত প্ৰতিটো টাষুলে কিছুমান এট্ৰিবিউটৰ মানক নিৰ্দেশ কৰে।

(খ) টামুলত মানঃ টাষুলত থকা প্ৰতিটো মান এটি অবিভাজ্য মান যাতে প্রাথমিক সম্বন্ধ আৰ্হিৰ সৃষ্টিৰ ভিতৰত ইয়াক কোনো উপাংশলৈ পৰিৱৰ্তন কৰিব নোৱাৰি। ইয়ে বুজায় যে যৌথ বা বহুমানযুক্ত এট্ৰিবিউটবোৰ ইয়াত সন্নিবিষ্ট হ’ব নোৱাৰে। যৌথ এট্রিবিউটবিলাক ইয়াৰ সৰল উপাংশবিলাকৰ সহৃয়ত প্ৰকাশ কৰা হয়। বহুমানযুক্ত এট্রিবিউটবিলাক ৰিক্ত মানৰ সহৃয়ত প্ৰকাশ কৰা হয়। বেলেগ বেলেগ সম্বন্ধৰে বুজোৱা হয়। কোনো টাষুলৰ অজ্ঞাত বা অব্যৱহাৰ্য্য এট্রিবিউটবিলাক ৰিক্ত মানৰ সহায়ত প্ৰকাশ কৰা হয়। বেলেগ বেলেগ ৰিক্ত মান অৱস্থা প্ৰকাশৰ বাবে বেলেগ বেলেগ সূচাংক ব্যৱহাৰ কৰা সম্ভৱপৰ।

১৫। ডাটাবেচ জকাৰ মূল বাধাবোৰ উল্লেখ কৰা?

উত্তৰঃ ডাটাবেচ জকাত মূল চাৰি প্ৰকাৰৰ বাধা আছে।

(ক) ড’মেইন বাধাঃ কোনো এক সম্বন্ধৰ প্ৰতিটো এট্ৰিবিউটৰ মান এটি অবিভাজ্য মানযুক্ত আৰু ইয়াৰ ডমেইনৰ লগত যুক্ত সম্ভাব্য মান হ’ব লাগে। সেয়েহে ই ডমেইনৰ লগত জড়িত ডাটা প্ৰকাৰ নিৰ্দিষ্ট কৰিব লাগে।

(খ) ছাবিয় বাধা আৰু ৰিক্তমানঃ কোনো তালিকাত সন্নিবিষ্ট কোনো এক সম্বন্ধৰ টাষুল সাপেক্ষে প্ৰতিটো লিপিবদ্ধ ছটা সম্পর্ক সুস্পষ্ট হব লাগে। ইয়াৰ অৰ্থ হ’ল কোনো সম্বন্ধৰ যি কোনো দুটা টাষুলৰ যাকে ডাটা মান যুক্ত নহয়। ইয়াৰ কাৰণ হ’ল সভ্যতা অনুসৰি টাষুলৰ সংহতি হিচাপে এটি সম্বন্ধত প্ৰতিটো টাষুল স্পষ্ট। প্ৰতিটো সম্বন্ধত কমপক্ষে ও এটা ছাবি থাকিব যি তাৰ সকলো এট্ৰিবিউটৰ সমাহাৰ। ইয়াক চুপাৰ ছাবি বোলে। এনে চুপাৰ ছাবিয়ে তাৰ ঐকত্য বাধা বুজায়। এনে সংযুক্তি যিয়ে চুপাৰ চাবি বুজায়, একাধিক এট্রবিউট থাকিব পাৰে। বেছি উপযোগী ধাৰণাটো হ’ল ইয়াত দ্বৈততা থাকিব নোৱাৰে।

(গ) এন্টিটি যোগাত্মক বাধাঃ কোনো প্রাইমাৰী ছাবিৰ মান ৰিক্ত হ’ব নোৱাৰে কাৰণ ইয়াৰ সহায়ত বেলেগ বেলেগ টাপুলসমূহ চিনাক্ত কৰা হয়। ৰিক্ত মানৰ অৰ্থ যে আমি টাষুল চিনাক্ত কৰিব নোৱাৰিম। আৰু চিনাক্ত কৰিব নোৱাৰা মানে এইবোৰ দ্বিগুণাত্মক।

(ঘ) সংগত যোগাত্মক বাধাঃ যেতিয়া প্ৰতিটো সম্পৰ্কত ছবি আৰু এন্টিতি বাধা দর্শেৱা হয়, তেতিয়া দুই বা তাতোধিক সম্বন্ধৰ মাজত সংগত যোগাত্মক বাধা দেখা যায়। এনে সম্বন্ধত টাষুলৰ অৱস্থিতি ৰক্ষা কৰিবলৈ এই বাধা দর্শোৱা হয়। সেইদৰে কোনো সম্বন্ধত থকা টাষুলে অন্য সম্পর্ক এটা বুজালে অন্য সম্বন্ধত ইতিমধ্যে থকা টাষুলক বুজাব লাগিব। হিচাপৰ প্ৰকাৰ সন্দৰ্ভত হিচাপৰ সম্পৰ্কই ইয়াৰ ব্যৱহৃত এট্ৰিবিউত প্ৰবাৰ। যি বাহিৰাগত ছবি হিচাপে কাম কৰে তাৰ প্ৰাথমিক ছাবি কেই আই ডিৰ জড়িয়তে। প্ৰকাৰৰ মান ৰিক্ত হ’ব নোৱাৰে কাৰণ শ্ৰেণীকৰণ সম্পৰ্কত হিচাপৰ মুঠ অংশগ্রহণ হ’ব লাগে।

১৬। ডাটাবেচৰ জবাত কি যোগাত্মক কৰাৰ উল্লেখ কৰা হৈছে, আৰু যোগাত্মক বাধাবিলাক কি নিয়ম মানি চলে।

উত্তৰঃ এটি সম্বন্ধীয় ডাটাবেচ জবা হ’ল সম্বন্ধ জবাবোৰৰ সংহতি আৰু যোগাত্মক বাধাবোৰৰ সংহতি। এটি সম্বন্ধীয় ডাটাবেচ অৱস্থা হ’ল সম্বন্ধ অৱস্থাৰ সংহতি যাতে প্ৰতিটো সম্বন্ধীয় ডাটাবেচ অৱস্থাই তাৰ যোগাত্মক বাধাবোৰক নিৰ্দিষ্ট জবাৰ বাবে মানি চলে। এই ক্ষেত্ৰত তলত উল্লেখিত বিশেষ নিয়মবোৰ মানি চলে—

(ক) কোনো নির্দিষ্ট এট্রিবিউট এটা প্রকৃত ক্ষেত্ৰত একে বা বেলেগ নামেৰে একাধিক সম্বন্ধৰ লগত জড়িত হ’ব পাৰে। যেনে ৰচিদ নামৰ সম্বন্ধত হিচাপ নং ডেবিট বা ক্রেডিট উভয় ক্ষেত্ৰত প্রযোজ্য। সেইদৰে কৰ্মচাৰী নামৰ সম্বন্ধত অনুমোদনকাৰী আৰু প্ৰস্তুতকাৰক দুইটাৰ ক্ষেত্ৰত কৰ্মচাৰী প্ৰযোজ্য হ’ব।

(খ) এনে ক্ষেত্ৰত প্ৰতিটো সম্বন্ধক বেলেগ বেলেগ নামেৰে দেখুৱাব লাগে। উদাহৰণস্বৰূপে, কৰ্মচাৰী সম্পৰ্কত কৰ্মচাৰীয়ে তলতীয়া কৰ্মচাৰীক বুজায় য’ত কৰ্মচাৰী আইডিৰে ব্যৱহাৰ কৰা হয় আৰু ওপৰৰ কৰ্মচাৰীজনক চুপাৰ আই ডিৰে সূচোৱা হয়।

(গ) ডাটাবেচৰ জবাত দেখুওৱা যোগাত্মক বাধা সেই জবাৰ প্ৰতিটো ডাটাবেচৰ অৱস্থা সাপেক্ষে হ’ব লাগে।

১৭। সম্পর্কীয় ডাটাবেচ আৰ্হিত উল্লেখিত আপডেট অপাৰেচনৰ ভিন্ন প্ৰকাৰবোৰ আলোচনা কৰা।

উত্তৰঃ সম্পৰ্কীয় ডাটাবেেচ আৰ্হিত আপদেট অপাৰেচনৰ মূল তিনিটা আপদেট তলত দিয়া হ’ল—

(ক) ইনচার্টঃ কোনো সম্বন্ধত নতুন টাষুল যোগ দিবলৈ এই অপাৰেচন ব্যৱহাৰ হয়। উদাহৰণস্বৰূপে, কোনো হিচাপত নতুন মূলসূত্র যোগ কৰিবলৈ তাৰ মান সাপেক্ষে সূচাংক নাম, প্ৰকাৰ আদি ইনচাৰ্ট অপাৰেচনৰ সহায়ত কৰা হয়।

(খ) ডিলিটঃ এই অপাৰেচনৰ সহায়ত এটা সম্বন্ধৰ পৰা এটা টাযুল আতৰ কৰিব পাৰি। ইয়াৰ সহায়ত তালিকাৰ পৰা নিৰ্দিষ্ট মূলসূত্ৰ এটা আতৰাব পাৰি। এই অপাৰেচনেৰে প্ৰাসংগিক যোগাত্মক বাধা আতৰাব পাৰি যদিহে ডাটাবেচৰ বহিঃৰাগত ছাবি প্ৰসংগৰ টাষুল হয়।

(গ) মেদিয়াঃ টাষুলত থকা কিছুমান এট্ৰিবিউটৰ মানৰ পৰিৱৰ্তন কৰিবলৈ এই অপাৰেচন ব্যৱহাৰ কৰা হয়। মূলসূত্ৰ তালিকাত হিচাপৰ কোনো তথ্য পৰিৱৰ্তন কৰিবলৈ ব্যৱহাৰ কৰা হয়। সচৰাচৰ এই পৰিৱৰ্তনে কোনো সমস্যাৰ সৃষ্টি নকৰে কাৰণ হয়াত প্ৰাথমিক ছবি বা বহিঃৰাগত ছাহিৰ ক্ষেত্ৰত কোনো পৰিৱৰ্তন কৰা নহয়। যেতিয়াই ইয়াৰ প্ৰয়োগ কৰা হয় তেতিয়াই এই অপাৰেচনে সম্বন্ধ ডাটাবেচ জ বাৰ যোগাত্মক বাধাৰ ওপৰত প্ৰভাৱ পেলায়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top